Class 8 Assamese Chapter 6 – প্ৰগতিৰ সোণালী বাট (Pragotir Sonali Bat) – All Textual Solutions | ASSEB Assam (English Medium)
Class 8 Assamese Chapter 6 – প্ৰগতিৰ সোণালী বাট (Pragotir Sonali Bat) Complete Textual Question Answers and Solutions (ASSEB / SEBA Assam – English Medium)
The sixth chapter of the Class 8 Assamese curriculum, ‘প্ৰগতিৰ সোণালী বাট’ (Pragotir Sonali Bat), is a highly informative lesson focused on modern development, self-reliance, and the pathways to socioeconomic progress. These complete textual question answers (Class 8 Assamese Chapter 6 Textual Question Answer) have been meticulously prepared based on the new ASSEB (Assam State School Education Board) syllabus and the latest guidelines of the National Education Policy (NEP). This comprehensive collection includes very short answer questions (VSA), short questions, long answers, and detailed grammar solutions. At Ospin Academy, these solutions are provided in an easy, accurate, and completely exam-oriented manner.
In the lesson ‘প্ৰগতিৰ সোণালী বাট’ (Pragotir Sonali Bat), students learn about the importance of scientific advancement, hard work, modern agricultural and industrial practices, and how these elements pave the golden path to a nation’s progress. For students, understanding the core concepts, developmental themes, and vocabulary of this chapter is highly essential. Our textual solutions cover not only the textbook exercise questions but also additional important question-answers likely to appear in examinations, helping students prepare thoroughly.
What you will learn and get from these textual solutions:
- Detailed summary highlighting the significance of self-reliance, modern education, and technological progress.
- Word meanings, flawless answers for 1-mark very short questions (VSA objective type), and 2-3 mark short questions.
- Comprehensive thematic explanations and standard, easy-to-understand solutions for 4-5 mark long questions.
- Textual grammar, sentence construction, opposite words, synonyms, and proper linguistic comprehension.
- Important questions based on the new syllabus pattern along with solutions for the latest model MCQ questions.
Special advantages of these Ospin Academy Question Answers:
- Complete textual solutions prepared strictly on the basis of the latest ASSEB new syllabus.
- 100% accurate and high-quality notes written in clear, simple language, making it easy for English Medium students to understand and memorize (Class 8 Assamese Notes).
- Specially compiled simple answers for quick revision before school and board examinations.
- A special collection of additional important text-based questions from ‘Pragotir Sonali Bat’ that may appear in exams.
Keeping in mind the academic upliftment of students, Ospin Academy has brought forward these special textual solutions. Start your exam preparation today and move towards scoring maximum marks in the Assamese subject.
Class 8 Assamese (অংকুৰণ) PDF Solutions 2026-27 | SCERT Assam
Download Class 8 Assamese (অংকুৰণ) PDF with textbook solutions, MCQs, and additional practice questions for SCERT Assam 2025-26.
Class 8 Assamese
Chapter – 6 (Ospin Academy)
প্ৰগতিৰ সোণালী বাট
|
পাঠভিত্তিক ক্ৰিয়াঃ |
|---|
১। পাঠটো শুদ্ধ উচ্চাৰণেৰে কেইবাবাৰো পঢ়া।
২। উত্তৰ দিয়া।
(ক) হাইস্কুলৰ প্ৰকাণ্ড খেলপথাৰখন লোকে-লোকাৰণ্য হোৱাৰ কাৰণ কি?
উত্তৰঃ হাইস্কুলৰ প্ৰকাণ্ড খেলপথাৰখন লোকে-লোকাৰণ্য হোৱাৰ কাৰণটো হ’ল- অঞ্চলটোৰ মহিলাসকলে আত্মসহায়ক গোটৰ প্ৰদৰ্শনী এখন পাতিছে।
(খ) প্ৰদৰ্শনীখন কোনে পাতিছিল?
উত্তৰঃ প্ৰদৰ্শনীখন অঞ্চলটোৰ মহিলাসকলে পাতিছিল।
(গ) মানুহে ভিৰ কৰা বিপণিখনত কি প্ৰদৰ্শন কৰা হৈছিল?
উত্তৰঃ মানুহে ভিৰ কৰা বিপণিখনত এড়ি-পলু পোহাৰ পদ্ধতি প্ৰদৰ্শন কৰা হৈছিল।
(ঘ) অঞ্চলটোৰ মহিলাসকলে সৰু সৰু গোটত ভাগ হৈ কি উদ্যোগ গঢ়ি তুলিছে?
উত্তৰঃ অঞ্চলটোৰ মহিলাসকলে সৰু সৰু গোটত ভাগ হৈ ক্ষুদ্ৰ ক্ষুদ্ৰ উদ্যোগ গঢ়ি তুলিছে।
(ঙ) স্বাৱলম্বনৰ কাৰণে গঠন কৰা গোটবোৰক কি বুলি জনা যায়?
উত্তৰঃ স্বাৱলম্বনৰ কাৰণে গঠন কৰা গোটবোৰক আত্মসহায়ক গোট বুলি জনা যায়।
(চ) এই গোটবোৰে উৎপাদন কৰা সামগ্ৰীসমূহ কি কৰা হয়?
উত্তৰঃ এই গোটবোৰে উৎপাদন কৰা সামগ্ৰীসমূহ সুলভ মূল্যৰ বিনিময়ত গ্ৰাহকৰ চাহিদা পূৰ কৰা হয়।
(ছ) ২০০১ চনটো কি বৰ্ষ হিচাপে ঘোষণা কৰা হৈছিল?
উত্তৰঃ ২০০১ চনটো আন্তৰ্জাতিক নাৰী সবলীকৰণ আৰু সমমৰ্যাদাৰ বৰ্ষ হিচাপে ঘোষণা কৰা হৈছিল।
(জ) উত্তৰ-পূৰ্বাঞ্চলত উল্লেখযোগ্য স্থান দখল কৰা কুটীৰ শিল্পটোৰ নাম কি?
উত্তৰঃ উত্তৰ-পূৰ্বাঞ্চলত উল্লেখযোগ্য স্থান দখল কৰা কুটীৰ শিল্পটোৰ নাম হ’ল বয়ন শিল্প।
(ঝ) প্ৰাক্-স্বাধীন কালতেই নাৰীক অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰাৰ বাবে কোনে চিন্তা কৰিছিল?
উত্তৰঃ মহাত্মা গান্ধীয়ে চিন্তা কৰিছিল।
৩। চমুকৈ বৰ্ণনা কৰা।
(ক) আত্মসহায়ক গোটবোৰে দুখীয়া পৰিয়ালৰ মহিলাসকলক কেনেকৈ সহায় কৰে?
উত্তৰঃ আত্মসহায়ক গোটবোৰে স্থানীয় সহজলভ্য সম্পদবিলাকক লৈ এই গোটবোৰে অতি সহজ-সৰল পদ্ধতিৰে নানা আকৰ্ষণীয় সামগ্ৰী উৎপাদন কৰে আৰু সুলভ মূল্যৰ বিনিময়ত গ্ৰাহকৰ চাহিদা পূৰ কৰে। এনেকৈয়ে দুখীয়া পৰিয়ালৰ কিছু মহিলা আৰ্থিক দিশত টনকিয়াল হৈ স্বাৱলম্বী হোৱাৰ পথত আগবাঢ়িছে।
(খ) পাঠত থকা প্ৰাচীন কালৰ জ্ঞানৰ অধিকাৰিণী মহিলা দুগৰাকীৰ বিষয়ে চমুকৈ লিখা।
উত্তৰঃ প্ৰাচীন কালৰ জ্ঞানৰ অধিকাৰিণী মহিলা দুগৰাকী নাম হল গাৰ্গী আৰু মৈত্ৰেয়ী।
গাৰ্গী, মৈত্ৰেয়ীৰ নিচিনা প্ৰচুৰ জ্ঞানৰ অধিকাৰিণী মহিলাই ধৰ্ম-আলোচনা, সভা-সমিতি আদিত পুৰুষৰ সমানেই অংশ গ্ৰহণ কৰাৰ কথা ইতিহাসে ৰিঙিয়াই কয়। কিন্তু এইবোৰ ভাৰতৰ নাৰী সমাজৰ সুদীৰ্ঘ ইতিহাসত এক জিলিঙনিহে মাথোন। বিভিন্ন কাৰণত নাৰী সমাজলৈ ধীৰগতিত আমানিশাৰ অন্ধকাৰ নামি আহিল আৰু এটা সময়ত তেওঁলোকৰ কাম-কাজ ঘৰৰ চাৰিবেৰৰ মাজত সীমাবদ্ধ হৈ পৰিল।
(গ) মহিলাক স্বাৱলম্বী কৰাৰ ক্ষেত্ৰত মহাত্মা গান্ধীৰ প্ৰথম পদক্ষেপ কি আছিল?
উত্তৰঃ মহিলাক স্বাৱলম্বী কৰাৰ ক্ষেত্ৰত মহাত্মা গান্ধীৰ প্ৰথম পদক্ষেপ আছিল খাদী উদ্যোগ।
(ঘ) মহাত্মা গান্ধীয়ে কাৰ কাৰ সহায়ত সৱৰমতী আশ্ৰমত উৎপাদনৰ পাতনি মেলিছিল?
উত্তৰঃ মহাত্মা গান্ধীয়ে গংগাবেন মজুমদাৰ নামৰ এগৰাকী বিধৱা মহিলাৰ দ্বাৰা গুজৰাটৰ সৱৰমতী আশ্ৰমত খাদী কাপোৰ উৎপাদনৰ পাতনি মেলিছিল।
৪। নাৰী সৱলীকৰণৰ বিভিন্ন আচঁনিসমূহৰ নাম লিখা। তাৰে এখন আঁচনিৰ বিষয়ে বহলাই লিখা।
উত্তৰঃ নাৰী সৱলীকৰণৰ বিভিন্ন আচঁনিসমূহৰ নাম হ’ল ‘উত্তৰ-পূৱ উন্নয়ন আৰু বিত্তীয় নিগম,’ কেন্দ্ৰীয় সমাজ কল্যাণ পৰিষদ ‘ৰাষ্ট্ৰীয় মহিলা আয়োগ’ আদিয়ে প্ৰধান। এই সংস্থাসমূহে নাৰীৰ শিক্ষা, বৃত্তিমূলক প্ৰশিক্ষণ, আৰ্থ-সামাজিক উন্নয়নৰ আঁচনি আৰু নাৰীৰ অধিকাৰৰ প্ৰতি চকু ৰাখে। ‘ইন্দিৰা মহিলা যোজনা’ই জিলা আৰু নিম্ন পৰ্যায়ৰ গোটসমূহক শক্তিপ্ৰদান কৰি জীৱন্ত কৰি তুলিছে। এই যোজনাই মহিলাসকলক চৰকাৰে আগবঢ়োৱা ঋণ আৰু অন্যান্য সা-সুবিধাসমূহ গ্ৰহণ কৰি সেইবোৰৰ উপযুক্ত ব্যৱহাৰৰ বাবে পৰামৰ্শ আগবঢ়ায়।
৫। তলৰ শব্দবোৰৰ অৰ্থ শব্দ সম্ভাৰ আৰু অভিধানৰ পৰা বিচাৰি উলিয়াই লিখা।
উত্তৰঃ বিপণী – দোকান।
ক্রেতা – কিনোতা।
সুপ্ত – লুকাই থকা।
অফুৰন্ত – যাৰ শেষ নাই।
টনকিয়াল — আর্থিকভাৱে সবল।
সমমৰ্যাদা — সমান অধিকাৰ।
প্ৰদৰ্শন — দেখুওৱা কাৰ্য।
স্বাৱলম্বী — স্ব-নিৰ্ভৰশীল।
গঠনাত্মক — গঠনমূলক।
পদমৰ্যাদা — বিষয় ভাৰ গৌৰৱ।
পদক্ষেপ —- ব্যৱস্থা গ্ৰহণ কৰা।
আন্তৰ্জাতিক — বহু জাতিৰ মাজত থকা, সকলো ৰাষ্ট্ৰৰ মাজত থকা।
৬। ‘অসমীয়া শিপিনীয়ে কাপোৰত সপোন ৰচিব পাৰে’ — এই কথাষাৰ কোনে কেতিয়া আৰু কিয় কৈছিল?
উত্তৰঃ ‘অসমীয়া শিপিনীয়ে কাপোৰত সপোন ৰচিব পাৰে’ এই কথাষাৰ মহাত্মা গান্ধীয়ে এবাৰ অসমলৈ আহোঁতে অসমীয়া শিপিনীয়ে বোৱা কাপোৰ দেখি স্তম্ভিত হৈ মন্তব্য কৰিছিল।
৭। বুজাই কোৱা আৰু লিখা।
(ক) আত্মসহায়ক গোট আৰু ইয়াৰ কাম-কাজ।
উত্তৰঃ দুখীয়া শ্ৰেণীৰ ৰাইজৰ দ্বাৰা স্বেচ্ছামূলক ভাৱে গঠিত এটি গোট। এই গোটৰ সদস্য সকলৰ আৰ্থিক অৱস্থা একে পৰ্যায়ৰ হয়। তেওঁলোকৰ মাজত মিলা-প্ৰীতি, হদ্ভাৱ থাকিব লাগে। গোটবোৰ প্ৰতিজন সদস্যই উপাৰ্জনৰ ৰাহি ধন সাপ্তাহিক বা পষেকীয়া বা মাহেকীয়া কিষ্টিত জমা কৰি এটা সমূহীয়া পূঁজি গঠন কৰে। প্ৰয়োজন অনুসৰি অভাবি সদস্য লৈ এই সমূহীয়া পুঁজিৰ পৰা ঋণ দিয়ে। এই ঋণৰ বাবে গোটটোৱে এটা নিৰ্দিষ্ট হাৰত সূত হয়। এই আত্ম সহায়ক গোটৰ মূল উদ্দেশ্য হল নিয়মীয়াকৈ সঞ্চয় কৰা, সঞ্চয় পুঁজিৰ পৰা ঋণ দিয়া, গোটটো পৈণত হৈ উঠিলে বেংকৰ লগত সংযোগ স্থাপন কৰি ঋণ লোৱাৰ ব্যৱস্থা কৰা।
(খ) নাৰী সবলীকৰণৰ বিভিন্ন আচঁনিসমূহ আৰু ইয়াৰ কাম।
উত্তৰঃ নাৰী সবলীকৰণৰ বিভিন্ন আচঁনিসমূহ হ’ল-
‘উত্তৰ-পূৱ উন্নয়ন আৰু বিত্তীয় নিগম,’কেন্দ্ৰীয় সমাজ কল্যাণ পৰিষদ ‘ৰাষ্ট্ৰীয় মহিলা আয়োগ’ আদিয়ে প্ৰধান। এই সংস্থাসমূহে নাৰীৰ শিক্ষা, বৃত্তিমূলক প্ৰশিক্ষণ, আৰ্থ-সামাজিক উন্নয়নৰ আঁচনি আৰু নাৰীৰ অধিকাৰৰ প্ৰতি চকু ৰাখে। ‘ইন্দিৰা মহিলা যোজনা’ই জিলা আৰু নিম্ন পৰ্যায়ৰ গোটসমূহক শক্তিপ্ৰদান কৰি জীৱন্ত কৰি তুলিছে। এই যোজনাই মহিলাসকলক চৰকাৰে আগবঢ়োৱা ঋণ আৰু অন্যান্য সা-সুবিধাসমূহ গ্ৰহণ কৰি সেইবোৰৰ উপযুক্ত ব্যৱহাৰৰ বাবে পৰামৰ্শ আগবঢ়ায়।
(গ) কি কি কাম কৰি মহিলাসকল স্বাৱলম্বী হ’ব পাৰে।
উত্তৰঃ মহিলা সকলে বিভিন্ন ধৰণৰ কুটিৰ শিল্পৰ জৰিয়তে স্বাৱলম্বী হ’ব পাৰে। নিজ হাতেৰে বনুৱা বস্তু, নিজ ঘৰতে উদ্যোগ প্ৰতিষ্ঠা কৰিও স্বাৱলম্বন হ’ব পাৰে।
ব্যৱহাৰিক ব্যাকৰণঃ
৮। অৰ্থৰ পাৰ্থক্য দেখুৱাই বাক্য ৰচনা কৰা।
উত্তৰঃ নাৰীঃ (মহিলা)- আজিৰ নাৰীসকল সকলো দিশতে আগবঢ়া।
নাড়ীঃ (নাড়ী ডুৰি)- নাটকখন চাই হাঁহিত পেটৰ নাড়ী ডাল হ’ল।
আচলঃ (প্ৰকৃত)- আচল কথাটো এতিয়াহে পোহৰলৈ আহিল।
আঁচলঃ (চাদৰৰ আগ) – তাইৰ চাদৰখনৰ আঁচলটো বৰ ধুনীয়া।
লক্ষঃ (লাখ) – মিটিংখনত লক্ষ লক্ষ মানুহ উপস্থিত আছিল।
লক্ষ্যঃ (উদ্দেশ্য) – জীৱনত প্ৰত্যেকৰে এটা লক্ষ্য থকা উচিত।
আচাৰঃ (সামূহিক আচৰণ) – সমাজৰ প্ৰচলিত আচাৰ ৰীতি সমূহ সকলোৰে মানি চলে।
আছাৰঃ (বস্তুৰ আঘাতত উফৰি দূৰত পৰা) – মানুহটো আছাৰ খাই পৰিল।
তাতঃ (সৌ খিনিত) – বস্তুটো তাতে আছে।
তাঁতঃ (তাঁত শাল) – অসমীয়া শিপিনীয়ে তাঁত শালত সপোন ৰচে।
ফাঁকিঃ (মিছা) – ইমান দিনে সি আমাক ফাঁকি দি আছিল।
ফাকিঃ (পদ্যৰ এক চৰণ) – এই কবিতা ফাকি গুনিবলৈ বৰ গুৱলা।
৯। তলৰ বিপৰীত অৰ্থ বুজোৱা শব্দবোৰ পাঠটোৰ পৰা বিচাৰি উলিয়াই লিখা।
উত্তৰঃ কঠিন – কোমল।
নবীন – প্ৰবীণ।
পৰনিৰ্ভৰশীল – আত্মনিৰ্ভৰশীল।
দুৰ্লভ – সুলভ।
খৰগতি – লেহেমীয়া।
পূৰ্ণিমা – অমাৱশ্য।
অনধিকাৰ – অধিকাৰ।
নিন্দা – প্ৰশংসা।
অনাৱশ্যক – আৱশ্যক।
জাগ্ৰত – সুপ্ত।
ধ্বংস – সৃষ্টি।
অসম্ভৱ – সম্ভৱ।
১০। এটা শব্দত প্ৰকাশ কৰা।
(ক) যি আনৰ ওপৰত নিৰ্ভৰ কৰে।
উত্তৰঃ পৰ-নিৰ্ভৰশীল।
(খ) যি নিজৰ ওপৰত নিৰ্ভৰ কৰি চলে।
উত্তৰঃ আত্মনিৰ্ভৰশীল।
(গ) স্থানীয়ভাৱে পোৱা সম্পদ আৰু সাধাৰণ আহিলাৰ সহায়ত ঘৰে ঘৰে গঢ়ি উঠা শিল্প।
উত্তৰঃ কুটিৰ।
(ঘ) যি আনক হিংসা নকৰে।
উত্তৰঃ অহিংসুক।
(ঙ) যি নিজৰ স্বাৰ্থৰ কথা চিন্তা কৰে।
উত্তৰঃ স্বাৰ্থপৰ।
(চ) যিজনে নিজৰ ওপৰত বিশ্বাস ৰাখে।
উত্তৰঃ আত্মবিশ্বাসী।
১১। সন্ধি ভাঙা আৰু গঠন কৰা।
উত্তৰঃ (ক) স্ব + অধীন = স্বাধীন।
উৎ + নতি = উন্নতি।
উৎ + মত্ত = উন্মত্ত।
সম্ + কৃত = সংস্কৃত।
জীৱ + অন্ত = জীৱন্ত।
স্ব + অৱলম্বন = স্বাৱলম্বন।
উৎ + ঘাটন = উৎঘাটন।
উৎ + চাৰণ = উচ্চাৰণ।
(খ) পৰাধীন = পৰ + অধীন।
উন্নয়ন = উৎ + নয়ন।
সংগীত = সম্ + গীত।
মহাত্মা = মহা + আত্মা।
যথেষ্ট = যথা + ইষ্ট।
অতীত = অতি + ইত।
যথোচিত = যথা + উচিত।
বিদ্যোৎসাহী = বিদ্যা + উৎসাহী।
১২। তলৰ শব্দবিলাক বহুবচনলৈ পৰিৱৰ্তন কৰা।
উত্তৰঃ শিক্ষক – শিক্ষকসকল।
ছাত্ৰ – ছাত্ৰসকল।
মানুহ – মানুহসকল।
গৰু – গৰুবোৰ।
গ্ৰন্থ – গ্ৰন্থসকল।
গুৰু – গুৰুবৃন্দ।
পৰ্বত – পৰ্বতবিলাক।
মহিলা – মহিলাসকল।
১৩। তলত দিয়া যুক্তাক্ষৰকেইটাৰে অৰ্থ প্ৰকাশক শব্দ লিখা।
উত্তৰঃ চ্ছ – বিচ্ছেদ।
স্তু – বস্তু।
গ্ৰ – উগ্ৰ।
ণ্ঠ – কণ্ঠ।
ন্থ – গ্ৰন্থ।
দ্ধ – উদ্ধাৰ।
ণ্ট – কন্ঠক।
ঞ্চ – বেঞ্চ।
১৪। বাক্য ৰচনা কৰা।
উত্তৰঃ দূৰ-দূৰণি = দূৰ-দূৰণি লৈকে কোনো গাঁওৰ চিন দেখা নাই চোন।
সা-সুবিধা = বৰ্তমান অসম চৰকাৰে দুখীয়া লোকসকলক বিভিন্ন ধৰণৰ সা-সুবিধা কৰিছে।
বিধে বিধে = আমাৰ মায়ে বিহুত বিধে বিধে লাৰু পিঠা বনাই।
চুকে-কোণে = আজি কালি অসম চৰকাৰে চুকে-কোণে থকা বাট পথবোৰ যাতায়তৰ সুব্যৱস্থা গঢ়ি তুলিছে।
শিপিনী = অসমীয়া শিপিনীয়ে তাঁতশালত সপোন ৰচিব পাৰে।
আত্মবিশ্বাস = পঢ়া শুনাৰ ক্ষেত্ৰত মই নিজকে যে আগুৱাই নিব পাৰিম তাৰ পতি মোৰ আত্মবিশ্বাস আছে।
দল্ দোপ্-হেন্দোল্ দোপ্ = বিয়াঘৰৰ মানুহে গোটেইখন দল্ দোপ্-হেন্দোল্ দোপ্ লগাইছে।
১৫। লিংগ নিৰ্ণয় কৰা।
উত্তৰঃ নাৰী – স্ত্ৰীলিংগ।
বুঢ়ী – স্ত্ৰীলিংগ।
দাদা – পুলিংগ।
যুৱক – পুলিংগ।
ছোৱালী – স্ত্ৰীলিংগ।
দেউতা – পুলিংগ।
পুৰুষ – পুলিংগ।
ডেকা – পুলিংগ।
আমৈ – স্ত্ৰীলিংগ।
১৬। তলৰ উপসর্গকেইটা লগ লগাই একোটাকৈ শব্দ গঠন কৰা।
উত্তৰঃ প্ৰ – প্ৰণাম।
পৰা – পৰামৰ্শ।
অপ – অপমান।
উপ – উপকাৰ।
অতি – অতিশয়।
প্ৰতি – প্ৰতিবাদ।
১৭। মহিলাসকলে কম খৰচতে কি ধৰণৰ কাম কৰি নিজকে স্বাৱলম্বী কৰি তুলিব পাৰে? তেনেধৰণৰ কাম কেইপদমানৰ নাম লিখা।
উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজে কৰা।
১৮। ভাব বহলাই লিখা।
(ক) ৰাইজে নখ জোকাৰিলে নৈ বয়।
উত্তৰঃ অকলে কৰিব নোৱাৰা কাম সকলোৱে লগ লাগি কৰিলে সেয়াও সম্ভৱ হৈ উঠে। ৰাইজৰ নখৰ পানী অলপকৈ অলপকৈ পৰি নৈ বয় যোৱাৰ দৰে অসম্ভৱ কামো সম্ভৱ হৈ উঠে। গতিকে আমি অকলে কৰিব নোৱাৰা কাম সকলোৱে সন্মিলিত প্ৰচেষ্টাৰে কৰা উচিত।
(খ) মন কৰিলে চন, বাকৰি মাটিতে ধন।
উত্তৰঃ মানুহে মন কৰিলে বাকৰি মাটিতো উৎপাদন কৰি ধন উপাৰ্জন কৰিব পাৰে। ইয়াৰ বাবে প্ৰয়োজন হয় কঠোৰ পৰিশ্ৰম, সাধনা, একাগ্ৰতা। কষ্ট কৰিলে বাকৰুৱা মাটিতো শয় উৎপাদন হব আৰু তাৰ পৰা লাভৱানো হব পৰা যায়। ঠিক তেনেকৈ কষ্ট কৰি কোনো কাম কৰিলে আমি সমস্ৰ মাজতো সফল হৱ পাৰিম। পৰ অদম্ হেপাহ থাকিলে সকলোৱে পৰীক্ষাত ভাল ফলাফল কৰিব পাৰে। গতিকে আমি বাধা আত্তকান কৰি নিজৰ কৰ্ম কৰি যোৱা উচিত।
১৯। কুটীৰ শিল্পত উৎপাদিত দৈনন্দিন জীৱনত ব্যৱহাৰ হোৱা কেইপদমান সামগ্ৰীৰ নাম লিখা। লগতে প্ৰতিবিধি সামগ্ৰী উৎপাদিত হোৱা শিল্পটোৰ নাম লিখা।
উত্তৰঃ ছাত্র-ছাত্ৰীয়ে নিজে কৰা।
২০। সাঁথৰ ভাঙা।
(ক) ওপৰে জাপি তলে জাপি মাজত শলা কাঠী এশ পুত্ৰক কোলাত লৈ ৰৈ আছে মাকজনী।
উত্তৰঃ তামোল গছ।
(খ) বিধাতাৰ নিৰ্মিত ঘৰ নাহিকে দুৱাৰ, যোগেন্দ্ৰ পুৰুষে তাতে থাকে অনাহাৰ যেতিয়া পুৰুষ হয় অতি বলৱান, বিধাতাৰ ঘৰ ভাঙি কৰে থানবান।।
উত্তৰঃ কণী।
(গ) পক্ষী নহয় সিটো ডালত কৰে বাস, চন্দ্ৰ নহয় সূৰ্য নহয় কৰন্ত প্ৰকাশ ভ্ৰমৰ নহয় সিটো বহু ৰস পিয়ে, দিনত নহয় কিন্তু ৰাতি হ’লে জীয়ে।।
উত্তৰঃ মমবাতি।
