Class 8 Assamese Chapter 7 – বস্তু বিজ্ঞান অধ্যয়ন (Bastu Bigyan Adhyayan) – All Textual Solutions | ASSEB Assam (English Medium)
Class 8 Assamese Chapter 7 – বস্তু বিজ্ঞান অধ্যয়ন (Bastu Bigyan Adhyayan) Complete Textual Question Answers and Solutions (ASSEB / SEBA Assam – English Medium)
The seventh chapter of the Class 8 Assamese curriculum, ‘বস্তু বিজ্ঞান অধ্যয়ন’ (Bastu Bigyan Adhyayan), is a highly informative lesson aimed at developing a scientific temper and encouraging the analytical study of everyday objects and materials. These complete textual question answers (Class 8 Assamese Chapter 7 Textual Question Answer) have been meticulously prepared based on the new ASSEB (Assam State School Education Board) syllabus and the latest guidelines of the National Education Policy (NEP). This comprehensive collection includes very short answer questions (VSA), short questions, long answers, and detailed grammar solutions. At Ospin Academy, these solutions are provided in an easy, accurate, and completely exam-oriented manner.
In the lesson ‘বস্তু বিজ্ঞান অধ্যয়ন’ (Bastu Bigyan Adhyayan), students are introduced to the concepts of keen observation, logical reasoning, and the scientific methods used to understand the physical properties of things around us. For students, mastering the core scientific concepts, analytical explanations, and specific vocabulary of this chapter is highly essential. Our textual solutions cover not only the textbook exercise questions but also additional important question-answers likely to appear in examinations, helping students prepare thoroughly.
What you will learn and get from these textual solutions:
- Detailed explanations regarding the scientific study of materials, logical observation, and practical reasoning.
- Word meanings, flawless answers for 1-mark very short questions (VSA objective type), and 2-3 mark short questions.
- Comprehensive conceptual answers and standard, easy-to-understand solutions for 4-5 mark long questions.
- Textual grammar, sentence construction, opposite words, synonyms, and proper linguistic comprehension.
- Important questions based on the new syllabus pattern along with solutions for the latest model MCQ questions.
Special advantages of these Ospin Academy Question Answers:
- Complete textual solutions prepared strictly on the basis of the latest ASSEB new syllabus.
- 100% accurate and high-quality notes written in clear, simple language, making it easy for English Medium students to understand and memorize (Class 8 Assamese Notes).
- Specially compiled simple answers for quick revision before school and board examinations.
- A special collection of additional important text-based questions from ‘Bastu Bigyan Adhyayan’ that may appear in exams.
Keeping in mind the academic upliftment of students, Ospin Academy has brought forward these special textual solutions. Start your exam preparation today and move towards scoring maximum marks in the Assamese subject.
Class 8 Assamese (অংকুৰণ) PDF Solutions 2026-27 | SCERT Assam
Download Class 8 Assamese (অংকুৰণ) PDF with textbook solutions, MCQs, and additional practice questions for SCERT Assam 2025-26.
Class 8 Assamese
Chapter – 7 (Ospin Academy)
বস্তু বিজ্ঞান অধ্যয়ন
|
পাঠভিত্তিক ক্ৰিয়াঃ |
|---|
১। উত্তৰ দিয়া।
(ক) বিজ্ঞান শাস্ত্ৰ কিহৰ ভঁৰাল?
উত্তৰঃ বিজ্ঞান শাস্ত্ৰ জ্ঞানৰ ভঁৰাল।
(খ) বিজ্ঞানৰ বলত মানুহে কেনে ধৰণৰ কাম কৰিবলৈ ধৰিছে?
উত্তৰঃ বিজ্ঞানৰ বলত মানুহে ৰেল, জাহাজ, টেলিগ্ৰাফ, ফটোগ্ৰাফ, টেলিফোন, গ্ৰামোফোন, অণুবীক্ষণ, দূৰবীক্ষণ ৰকমৰ চিকিৎসা প্ৰণালী আদি উলিয়াব পাৰিছে।
(গ) বিজ্ঞান-চৰ্চা কৰিলে মানুহে কি ভেদ কৰিব পাৰে?
উত্তৰঃ বিজ্ঞান-চৰ্চা কৰিলে মানুহে প্ৰকৃতিৰ গুপ্ত তত্ত্ব ভেদ কৰিব পাৰে অৰ্থাৎ প্ৰাকৃতিক ঘটনাবোৰৰ মূল কাৰণ জানিব পাৰে।
(ঘ) উদ্গতি পথত কিহে বাধা দিয়ে?
উত্তৰঃ উদ্গতি পথত কু-সংস্কাৰে বাধা দিয়ে।
(ঙ) ধনগুলৈক কিহৰ মায়া বুলি মানুহে বিশ্বাস কৰে?
উত্তৰঃ ধনগুলৈক মানুহে প্ৰেতৰ মায়া বুলি মানুহে বিশ্বাস কৰে।
(চ) হাতীয়ে গা লৰালে কি হয় বুলি ভাবে?
উত্তৰঃ হাতীয়ে গা লৰালে ভূমিকম্প হয় বুলি ভাবে।
(ছ) বিজ্ঞান শিক্ষাৰ পৰা কি জনা যায়?
উত্তৰঃ বিজ্ঞান শিক্ষাৰ পৰা বস্তুৰ মূল তত্ত্ব জনা যায়।
২। ‘ধনগুলৈ’ৰ কেনেকৈ উৎপত্তি হয় চমুকৈ লিখা।
উত্তৰঃ সাধাৰণতে জাৱৰ-জোথৰ, জীৱ-জন্তুৰ মল-মূত্ৰ আদি পচা বস্তু থকা জিকা ঠাইৰ পৰা এবিধ বাষ্প নিৰ্গত হয়। জৈৱিক পদাৰ্থৰ বিশেষকৈ প্ৰাণীদেহৰ পচনৰ ফলত ফচফিন বা মিথেন গেছ উৎপন্ন হয়। দুয়োবিধ গেছ অক্সিজেনৰ সংস্পৰ্শলৈ আহি বিস্ফোৰক মিশ্ৰণৰ সৃষ্টি হয়। আৰু এই বিস্ফোৰক মিশ্ৰণ উৎপন্ন হোৱা ঠাইত যদি ফচফৰাচ-ডাই-অক্সাইড উৎপন্ন হৈ বায়ুৰ সংস্পৰ্শলৈ আহে তেতিয়া তৎক্ষণাত আপোনা আপুনি জুই জ্বলি উঠে। এই জুই চাকি এটাৰ নিচিনা হৈ বতাহত কিছু সময়ৰ বাবে লৰচৰ কৰি ফুৰে। কোনো কোনো মানুহে বিশ্বাস কৰে যে এইবোৰ পুতি থোৱা ধন-সোণৰ পৰা ওলোৱা জুই। ধনগুলৈক কোনো কোনো ঠাইত আধামূৰীয়া, আধামুণ্ডী বুলিও কোৱা হয়।
৩। ‘প্ৰতিধ্বনি’ কেনেকৈ হয় চমুকৈ লিখা।
উত্তৰঃ আমাৰ সন্মুখত নানা ৰকম ঘটনা ঘটে। যেনে– ঢোলত কোব মাৰিলে শব্দ উঠে, হাবিয়নিত চিঞৰিলে প্ৰতিধ্বনি হয়। আমি কৰা শব্দটো বন্ধ কোঠাৰ বেৰৰ কঠিন অংশত খুন্দা খাই প্ৰতিফলিত হৈ আমাৰ ওচৰলৈ পুনৰ ঘূৰি আহে। তেনেদৰেই প্ৰতিধ্বনিৰ সৃষ্টি হয়।
৪। কি কাৰণত বিজ্ঞান শাস্ত্ৰক জ্ঞানৰ ভঁৰাল বুলি কোৱা হয়?
উত্তৰঃ বিজ্ঞান শাস্ত্র জ্ঞানৰ ভঁৰাল ইয়াৰ বলত মানুহে অদ্ভুত অদ্ভুত কাম কৰিব লাগিছে। ৰে’ল, জাহাজ, টেলিগ্রাফ, ফটোগ্রাফ, ফনোগ্রাফ, টেলিফোন, গ্রামোফোন, অনুবীক্ষণ, দূৰবীক্ষণ, সম্প্রতি ওলোৱা বিমান, নানাবিধ ঔষধ আৰু নানা ৰকম চিকিৎসাৰ প্ৰণালী- এই আটাইবিলাক বিজ্ঞান-চৰ্চাৰ ফল। বিজ্ঞান-চর্চা কৰিলে প্রকৃতিৰ গুপ্ত তত্ত্ব ভেদ কৰিব পাৰি, অৰ্থাৎ প্রাকৃতিক ঘটনাবোৰৰ মূল কাৰণ জানিব পাৰি। আমাৰ সন্মুখত নানা ৰকম ঘটনা ঘটে। যেনে- ঢোলত কোব মাবিলে শব্দ উঠে, হাবিয়নিত চিঞৰিলে প্রতিধ্বনি হয়। এইবিলাক ঘটনা আমি দিনে নিশাই দেখি আছোঁ কিন্তু কাৰণ সুধিলে ক’ব নোৱাৰোঁ। বিজ্ঞান শাস্ত্র শিক্ষা কৰিলে এনেবিলাক ঘটনাৰ কাৰণ জনা যায়। বিজ্ঞানবিদ্ পণ্ডিতসকলে বিজ্ঞানৰ ফলত এই কাৰণ নিৰূপণ কৰি মনুষ্য জাতিৰ অশেষ উপকাৰ সাধিছে; শব্দৰ তত্ত্ব নিৰূপণ কৰি টেলিফোনেৰে এঠাইৰ শব্দ আনঠাইলৈ চলাব পাৰিছে, আৰু শব্দ ধৰি ফনোগ্রাফ, গ্রামোফোন আদি যন্ত্র নির্মাণ কৰিছে, ৰশ্মিৰ তত্ত্ব নিৰূপণ কৰি ফটোগ্রাফ কৰিছে, দর্শন ক্ৰিয়াৰ তত্ত্ব নিৰূপণ কৰি দূৰবীক্ষণ, অনুবীক্ষণ আদি যন্ত্র সাজিছে, বায়ুৰ তত্ত্ব নিৰূপণ কৰি তাক জুলীয়া অৱস্থালৈ আনিছে আৰু আকাশত উৰি যোৱা বিমান প্রস্তুত কৰিছে। বিজ্ঞান-চৰ্চাৰ পৰা আজি পৰিমিত প্রকৃতিৰ ইমানখিনি তত্ত্ব পোৱা গৈছে আৰু চৰ্চা কৰি থাকিলে আগলৈ যে কিমান নতুন ৰহস্য বিদিত হ’ব, তাক কোনে ক’ব পাৰে? আচল মতে মনুষ্য জাতিৰ বর্তমান সভ্যতা কেৱল বিজ্ঞান-চর্চাৰ ফল। সেয়েহে বিজ্ঞান শাস্ত্ৰক জ্ঞানৰ ভঁৰাল বুলি কোৱা হয়।
৫। বিজ্ঞানবিদ্ সকলে শব্দ-তত্ত্ব নিৰূপণ কৰি কি কি আৱিষ্কাৰ কৰিছে?
উত্তৰঃ বিজ্ঞানবিদ্ সকলে শব্দ-তত্ত্ব নিৰূপণ কৰি টেলিফোনেৰে এঠাইৰ শব্দ আনঠাইলৈ চলাব পাৰিছে, আৰু শব্দ ধৰি ফনোগ্রাফ, গ্রামোফোন আদি যন্ত্র নির্মাণ কৰিছে, ৰশ্মিৰ তত্ত্ব নিৰূপণ কৰি ফটোগ্রাফ কৰিছে, দর্শন ক্ৰিয়াৰ তত্ত্ব নিৰূপণ কৰি দূৰবীক্ষণ, অনুবীক্ষণ আদি যন্ত্র সাজিছে, বায়ুৰ তত্ত্ব নিৰূপণ কৰি তাক জুলীয়া অৱস্থালৈ আনিছে আৰু আকাশত উৰি যোৱা বিমান প্রস্তুত কৰিছে।
৬। প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা।
(ক) কু-সংস্কাৰ উদ্গতি পথৰ এটা বাধা।
উত্তৰঃ এই কথাফাকি বস্তু ‘বিজ্ঞান অধ্যয়ন’ নামৰ পাঠটোৰ পৰা তুলি লোৱা হৈছে।
মানুহৰ মাজত চলি অহা সকলোবোৰ কথাই যে সঁচা নহয়, বিজ্ঞানে তাৰ সঁচা মিছা প্ৰমাণ কৰিব পাৰে এই কথা ক’বলৈ যাওঁতে এই কথা ফাকিঁ উল্লেখ কৰা হৈছে। প্ৰাচীন কালৰ পৰা মানুহেই মিছা কথা কিছুমান সঁচা বুলি বিশ্বাস কৰি আহিছে। এইবোৰকে কু-সংস্কাৰ বোলে। এনেধৰণৰ কু-সংস্কাৰে জাতিৰ উদ্গতি পথ আৰু ব্যক্তিৰ কু-সংস্কাৰে ব্যক্তিগত উদ্গতি পথত বাধা দি আহিছে। এই কু-সংস্কাৰবোৰ আতঁৰাবলৈ বিজ্ঞানে অহৰহ চেষ্টা কৰি আহিছে। কাৰণ বিজ্ঞানে কু-সংস্কাৰ নিৰূপন কৰি মানুহৰ ডাঙৰ উপকাৰ সাধন কৰে।
(খ) বিজ্ঞান শাস্ত্ৰ জ্ঞানৰ ভঁৰাল।
উত্তৰঃ এই কথাফাকি বস্তু ‘বিজ্ঞান অধ্যয়ন’ নামৰ পাঠটোৰ পৰা তুলি লোৱা হৈছে।
বিজ্ঞান শাস্ত্ৰ অধ্যয়ন কৰিলেহে আমি প্ৰকৃত জ্ঞান লাভ কৰিব পাৰোঁ। বিজ্ঞানৰ অধ্যয়নৰ দ্বাৰাই মানুহে নিতে নতুন নতুন বস্তুসমূহ উদ্ভাৱন কৰিব পাৰিছে। বিজ্ঞানৰ দ্বাৰাই যিহেতু প্ৰকৃতিত ঘটি থকা ঘটনাবোৰৰ প্ৰকৃত কাৰণবোৰ জানিব পাৰি সেয়েহে তাৰে আঁত ধৰি বিজ্ঞানীসকলে নতুন নতুন বস্তুৰ উদ্ভাৱন তথা আৱিষ্কাৰ কৰিব পাৰিছে। এই বিশাল বিশ্বজগতৰ যিকোনো কথা বা যিকোনো ঘটনাৰ বিষয়ে জানিবলৈ হ’লে আমি বিজ্ঞানৰ চৰ্চা কৰিবই লাগিব। যেনেকৈ মানুহে পথাৰৰ শস্য আনি ভঁৰালত সঞ্চিত কৰি থয়, তেনেকৈ বিজ্ঞান শাস্ত্ৰতো সকলোবোৰ জ্ঞান সাঁচি থোৱা হয়। মাত্ৰ আমি তাক অধ্যয়ন কৰিলেই সেই জ্ঞান লাভ কৰিব পাৰোঁ।
(গ) মনুষ্য জাতিৰ বৰ্তমান সভ্যতা কেৱল বিজ্ঞান চৰ্চাৰ ফল।
উত্তৰঃ এই কথাফাকি বস্তু ‘বিজ্ঞান অধ্যয়ন’ নামৰ পাঠটোৰ পৰা তুলি লোৱা হৈছে।
কেৱল বিজ্ঞান চৰ্চাৰ ফলতহে যে আজিৰ সভ্যতাৰ সৃষ্টি হৈছে সেই কথা বুজাবলৈকে লেখকে কথাষাৰ কৈছে গুহাত বাস কৰা আদিম মানুহে ক্ৰমবিৱৰ্তনৰ বহুতো স্তৰ পাৰ হৈ আজিৰ অৱস্থাত উপনীত হৈছেহি। যেতিয়াই তেওঁলোকে বিজ্ঞানৰ প্ৰথমটো ঢাপত ভৰি দিলে তেতিয়াৰ পৰাই মানুহে উত্তৰণৰ পথত ভৰি দিলে। যেতিয়াৰ পৰা মানুহে বিজ্ঞানৰ জৰিয়তে বিভিন্ন প্ৰাকৃতিক ঘটনাবোৰৰ আঁৰত থকা তত্ত্ববোৰৰ কাৰণবোৰ জানিব পাৰিলে তেতিয়াৰ পৰাই বিজ্ঞানীসকলে নতুন নতুন বস্তুৰ আৱিষ্কাৰ তথা উদ্ভাৱন কৰিলে। আজিৰ মানুহৰ জীৱনৰ প্ৰতিটো খোজতে বিজ্ঞানৰ এই অৱদান সমূহৰ প্ৰয়োগ অপৰিহাৰ্য। সেয়া– চিকিৎসা বিভাগ, প্ৰতিৰক্ষা বিভাগ, শিক্ষা-সংস্কৃতি বিভাগ, যাতায়ত-পৰিবহন ব্যৱস্থা, কৃষি-শিল্প দৈনন্দিন ব্যৱহাৰ কৰা সামগ্ৰীকে ধৰি সকলো বোৰতেই বিজ্ঞানে আগবঢ়োৱা আৱিষ্কাৰ
সমূহৰ প্ৰয়োগ হয়। গতিকে লেখকে কোৱাৰ দৰে সমগ্ৰ মনুষ্য জাতিৰ বৰ্তমানৰ সভ্যতাটোৱেই বিজ্ঞান চৰ্চাৰ ফল।
(ঘ) সকলোৰে কিঞ্চিৎ কিঞ্চিৎ তেহে এটাৰ সমুচিত।
উত্তৰঃ উক্ত বাক্যফাঁকি আমাৰ পাঠ্যপুথি সত্যনাথ বৰাদেৱৰ দ্বাৰা বিৰচিত ‘বস্তু বিজ্ঞান অধ্যয়ন’ নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে।
বিজ্ঞানৰ অনেক বিভাগ আছে, আৰু আমাৰ তাৰে সকলোবোৰৰে সামান্য হ’লেও জ্ঞান থকা উচিত- এই কথাষাৰ বুজাবলৈ উক্ত বাক্যফাঁকি উল্লেখ কৰা হৈছে। বিজ্ঞান শাস্ত্ৰ নানা বিধ আছে, সকলো বিধৰ জ্ঞান লাভ কৰা বৰ দুষ্কৰ কথা, সেই দেখি মানুহে এবিধ বিজ্ঞানৰ মাথো চৰ্চা কৰে । আগৰ বিজ্ঞানবিদ্ পণ্ডিতসকলৰ একোজনে একোটা বিষয়ৰ বিজ্ঞান হে চৰ্চা কৰিছিল। কিন্ত এটা বিষয়ৰ সম্পূৰ্ণ জ্ঞান লাভ কৰিবলৈ সকলো বিষয়ৰ অলপ অলপ জানিব লাগে, সকলোৰে কিঞ্চিৎ কিঞ্চিৎ তেহে এটাৰ সমুচিত। এতেকে আগেয়ে সকলো বিষয়ৰ অলপ অলপ জ্ঞান গোটাই লৈ, পাছত এক বিষয়ত ভালকৈ লাগিব লাগে।
৭। বহলাই লিখা।
(ক) পাঠৰ আলমত কু-সংস্কাৰৰ দৃষ্টান্ত কেইটামান উল্লেখ কৰা আৰু কি কৰিলে সমাজৰ পৰা কু-সংস্কাৰবোৰ দূৰ কৰিব পাৰি লিখা।
উত্তৰঃ পাঠত উল্লেখ কৰিছে যে বহুতো চহা মানুহে ধনগুলৈক প্ৰেতৰ মায়া বুলি বিশ্বাস কৰে।আৰু কিছুমান মানুহে পৃথিৱীখন হাতীৰ পিঠিত থকা বুলি বিশ্বাস কৰে আৰু ভাৱে সেই হাতীয়ে গা লৰালে ভূমিকম্প হয়। ইয়াতকৈও গুৰুত্ব বিষয়ত মানুহৰ কু-সংস্কাৰ আছে।
ইয়াৰে এটা দৃষ্টান্ত হ’ল আগৰদিনৰ কিছুমানৰ মাজত থকা সতীদাহ প্ৰথা কু-প্ৰথা। বিজ্ঞান শিক্ষা লাভ কৰিলে সমাজৰ পৰা এই কু-সংস্কাৰবোৰ দূৰ কৰিব পাৰি। বিজ্ঞানে মানুহৰ মনত জ্ঞান জন্মায় আৰু ইয়াৰ দ্বাৰা সঁচা-মিছা ভাল-বেয়া ন্যায়-অন্যায় বুজিব পাৰি।
(খ) ‘বিজ্ঞান শাস্ত্ৰ অধ্যয়নৰ এটা ঘাই বিষয়’ — যুক্তিৰে তোমাৰ মতামত দাঙি ধৰা।
উত্তৰঃ বিজ্ঞান শাস্ত্ৰ অধ্যয়নৰ এটা ঘাই বিষয় এই কাৰণেই যে ইয়াক অধ্যয়ন কৰিলে প্ৰকৃতিৰ গুপ্ত তত্বভেগ কৰিব পাৰি, অথাৎ প্ৰাকৃতিক ঘটনাবোৰৰ মূল কাৰণবোৰ জানিব পাৰি।
৮। তলৰ শব্দকেইটাৰ প্ৰত্যয় ভাঙি দেখুওৱা।
উত্তৰঃ ৰোৱনী = ৰো + অনী।
