Class 8 Assamese Chapter 8 – শ্ৰীশ্ৰী শংকৰদেৱ (Shri Shri Sankardev) – All Textual Solutions | ASSEB Assam (English Medium)
Class 8 Assamese Chapter 8 – শ্ৰীশ্ৰী শংকৰদেৱ (Shri Shri Sankardev) Complete Textual Question Answers and Solutions (ASSEB / SEBA Assam – English Medium)
The eighth chapter of the Class 8 Assamese curriculum, ‘শ্ৰীশ্ৰী শংকৰদেৱ’ (Shri Shri Sankardev), is a highly significant biographical lesson detailing the life, philosophy, and monumental contributions of Mahapurush Srimanta Sankardev to Assamese society, literature, and culture. These complete textual question answers (Class 8 Assamese Chapter 8 Textual Question Answer) have been meticulously prepared based on the new ASSEB (Assam State School Education Board) syllabus and the latest guidelines of the National Education Policy (NEP). This comprehensive collection includes very short answer questions (VSA), short questions, long answers, and detailed grammar solutions. At Ospin Academy, these solutions are provided in an easy, accurate, and completely exam-oriented manner.
In the lesson ‘শ্ৰীশ্ৰী শংকৰদেৱ’ (Shri Shri Sankardev), students learn about the Neo-Vaishnavite movement, the creation of Borgeet, Ankiya Naat, Sattriya dance, and how Sankardev united the diverse communities of Assam through his spiritual and cultural renaissance. For students, understanding the historical importance, cultural contributions, and specific vocabulary of this chapter is highly essential. Our textual solutions cover not only the textbook exercise questions but also additional important question-answers likely to appear in examinations, helping students prepare thoroughly.
What you will learn and get from these textual solutions:
- Detailed life history, spiritual philosophy, and literary creations of Mahapurush Srimanta Sankardev.
- Word meanings, flawless answers for 1-mark very short questions (VSA objective type), and 2-3 mark short questions.
- Comprehensive explanations of his cultural impact and standard, easy-to-understand solutions for 4-5 mark long questions.
- Textual grammar, sentence construction, opposite words, synonyms, and proper linguistic comprehension.
- Important questions based on the new syllabus pattern along with solutions for the latest model MCQ questions.
Special advantages of these Ospin Academy Question Answers:
- Complete textual solutions prepared strictly on the basis of the latest ASSEB new syllabus.
- 100% accurate and high-quality notes written in clear, simple language, making it easy for English Medium students to understand and memorize (Class 8 Assamese Notes).
- Specially compiled simple answers for quick revision before school and board examinations.
- A special collection of additional important biographical and literary questions from ‘Shri Shri Sankardev’ that may appear in exams.
Keeping in mind the academic upliftment of students, Ospin Academy has brought forward these special textual solutions. Start your exam preparation today and move towards scoring maximum marks in the Assamese subject.
Class 8 Assamese (অংকুৰণ) PDF Solutions 2026-27 | SCERT Assam
Download Class 8 Assamese (অংকুৰণ) PDF with textbook solutions, MCQs, and additional practice questions for SCERT Assam 2025-26.
Class 8 Assamese
Chapter – 8 (Ospin Academy)
শ্ৰী শ্ৰী শংকৰদেৱ
|
পাঠভিত্তিক ক্ৰিয়াঃ |
|---|
১। কবিতাটো শুদ্ধকৈ লয়, ছন্দ ৰক্ষা কৰি পঢ়া।
২। কবিতাটো একক আৰু দলীয়ভাৱে আবৃত্তি কৰা।
৩। উত্তৰ দিয়া।
(ক) কবিয়ে ‘ধ্যানমগ্ন যোগী’ বুলি কাক কৈছে?
উত্তৰঃ কবিয়ে ‘ধ্যানমগ্ন যোগী’ বুলি শ্ৰী শ্ৰী শংকৰদেৱক কৈছে।
(খ) কবিয়ে কিহেৰে ভূমি পবিত্ৰ কৰাৰ কথা কৈছে?
উত্তৰঃ কবিয়ে গুৰুজনাৰ আর্ৱিভাৱ আৰু জ্ঞানৰ পবিত্ৰ কিৰণেৰে অসম ভূমিক পবিত্ৰ কৰাৰ কথা কৈছে।
(গ) কবি কাননত কি বজোৱাৰ কথা কৈছে?
উত্তৰঃ কবি কাননত বীণা বজোৱাৰ কথা কৈছে।
(ঘ) মৰতত কোনে কিহৰ বাতৰি আনি দিলে?
উত্তৰঃ মৰতত গুৰু শ্ৰী শ্ৰী শংকৰদেৱে স্বৰ্গৰ বাতৰি আনি দিলে।
(ঙ) কবিতাটোত অসমৰ ঘৰে ঘৰে কি বাজি উঠাৰ কথা কোৱা হৈছে?
উত্তৰঃ মধুৰ ঝংকাৰ অসমৰ ঘৰে ঘৰে বাজি উঠাৰ কথা কোৱা হৈছে।
৪। কবিতাটোৰ মূল কথাখিনি গদ্যৰে লিখা।
উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজে কৰা।
৫। তলৰ আঁচ টনা শব্দবোৰৰ অৰ্থ সোঁফালৰ বন্ধনীৰ ভিতৰত দিয়া আছে। সেইবোৰৰ শুদ্ধ অৰ্থ বাছি উলিয়াই লিখা।
(ক) কোন দূৰ অতীতৰ ধ্যানমগ্ন যোগী তুমি (তন্ময় / বিস্ময়/ মহান)।
উত্তৰঃ তন্ময়।
(খ) গোটেই অসমভূমি বিস্তৃত জীৱনী যাৰ (শিপাই যোৱা/ নাইকিয়া হোৱা/ বিয়পি পৰা)
উত্তৰঃ বিয়পি পৰা।
(গ) তোমাৰ গৰিমা গীতি হৃদয়ে হৃদয়ে বাজে (যশস্যা/ গঞ্জনা/লাঞ্ছনা)
উত্তৰঃ যশস্যা।
(ঘ) স্বর্গৰ বাতৰি আনি দিলা দেৱ! মৰতত (পৃথিৱী/ পাতাল / আকাশ)।
উত্তৰঃ পৃথিৱী।
৬। বাক্য ৰচনা কৰা।
উত্তৰঃ পৱিত্ৰ — তেওঁ যেন সৰগৰ পৰা অমৃতৰ ধাৰা বােৱাই আনি অসমভূমি পৱিত্ৰ কৰি তুলিছিল।
৭। কবিতাটোৰ পৰা শব্দ আনি খালী ঠাই পূৰ কৰা।
উত্তৰঃ মধুৰ ঝঙ্কাৰ তাৰ গভীৰ উদাৰ সুৰে।
আজিও উঠিছে বাজি অসমৰ ঘৰে ঘৰে।
যি বীণৰ সুৰেৰেই প্রেম মন্দাকিনী ধাৰা।
অসীম সাধনা বলে নমালা স্বৰ্গৰ পৰা।
৮। প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা।
(ক) নিৰলে বজাই বীণা কোন কবি কাননত স্বৰ্গৰ বাতৰি আনি দিলা দেৱ মৰতত?
উত্তৰঃ উক্ত কবিতাৰ শাৰী দুটা আমাৰ পাঠ্যপুথি “অংকুৰণ”(অষ্টম ভাগ) ৰ বনফুলৰ কবি যতীন্দ্ৰনাথ দুৱৰাদেৱে লিখা “শ্ৰী শ্ৰী শংকৰদেৱ” নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে।
ইয়াত কবিয়ে শ্ৰী শ্ৰী শংকৰদেৱে কেনেদৰে একান্ত সাধনাৰে কাব্যসমূহ ৰচনা কৰি মানুহক ঈশ্বৰৰ জ্ঞান দিছিল সেই কথা বুজাব বিচাৰিছে।
শ্ৰী শ্ৰী শংকৰদেৱে নাম ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে বহুতো গ্ৰন্থ ৰচনা কৰিছিল। তেখেতে সাধাৰণ মানুহে বুজিব পৰাকৈ ঈশ্বৰৰ মহিমা প্ৰকাশক এই গ্ৰন্থসমূহ লিখিছিল। সেই সময়ত এনেদৰে সাহিত্য-সংস্কৃতিৰ চৰ্চা কৰা বৰ বেছি মানুহ নাছিল। তেখেতে প্ৰায় অকলেই সাহিত্যৰ জগতখনত অশেষ কষ্ট কৰি মানুহৰ মাজলৈ ঈশ্বৰৰ বাতৰি আনি দিছিল। মানুহে তেওঁৰ লেখনিৰ যোগেদি ঈশ্বৰৰ জ্ঞান লাভ কৰিব পাৰিছিল।
(খ) তোমাৰ জীৱনী দেৱ! লিখে এনে সাধ্য কাৰ গোটেই অসম ভূমি বিস্তৃত জীৱনী যাৰ।
উত্তৰঃ উক্ত বাক্যফাঁকি আমাৰ পাঠ্যপুথিৰ যতীন্দ্ৰ নাথ দুৱৰাৰ দ্বাৰা বিৰচিত ‘শ্ৰী শ্ৰী শংকৰদেৱ’নামৰ পাঠটোৰ পৰা তুলি দিয়া হৈছে।
ইয়াত কবিয়ে গুৰুজনৰ প্ৰতিভা তথা অসমৰ সাহিত্য সমাজ সংস্কৃতিত থকা তেখেতৰ অৱদানৰ কথা ক’বলৈ গৈ এনেদৰে উল্লেখ কৰিছে।
শ্ৰী শ্ৰী শংকৰদেৱ কেৱল ধৰ্ম গুৰুৱে নাছিল। তেখেতে অসমৰ সমাজ সংস্কৃতি সকলো দিশলৈকে নতুন চিন্তাৰ প্ৰবাহ বোৱাই আনি অসমখনক নতুন কৈ সজালে। অসমৰ প্ৰতিটো দিশতে তেখেতৰ প্ৰভাৱ অসীম। সেয়েহে কবিয়ে কৈছে যে এনে এজন বিশাল ব্যক্তিত্বৰ মহাপুৰুষৰ বিষয়ে আৰু তেখেতৰ অৱদানৰ বিষয়ে কেৱল মাত্ৰ এখন জীৱনীতে লিখি সীমাবদ্ধ কৰিব নোৱাৰি। কাৰণ অসমৰ প্ৰতিজন মানুহৰ অন্তৰতে, প্ৰতিজন মানুহৰ ঘৰতে,আৰু সমাজৰ প্ৰতিটো দিশতে তেখেতৰ জ্ঞান আৰু অৱদান বিস্তৃত হৈ আছে।
৯। শেষৰ ধ্বনি মিল থকা শব্দবোৰ কবিতাটোৰ পৰা বাছি উলিয়াই লিখা।
উদাহৰণ– তুমি- ভূমি।
উত্তৰঃ সুৰে – ঘৰে।
ধাৰা – পৰা।
জ্ঞান – দান।
সাজে – বাজে।
সদাচাৰ – ব্যৱহাৰ।
১০। চমুকৈ লিখা।
(ক) ‘স্বৰ্গৰ বাতৰি আনি দিলা দেৱ মৰতত?’ ………. ইয়াত উল্লেখ কৰা ‘স্বৰ্গৰ বাতৰি’ কি? বুজাই লিখা।
উত্তৰঃ ইয়াত দেৱ’ শব্দই মহাপুৰুষ শ্ৰীশ্ৰীশংকৰদেৱক বুজাইছে। মৰত’ শব্দৰ অৰ্থ যদিও পৃথিৱী ইয়াত অসমভূমিক বুজাইছে। স্বৰ্গৰ অমৰ কাহিনী মহাপুৰুষ জনাই ভক্তি-ধৰ্ম সাহিত্য সংস্কৃতিৰ অমৃত ধাৰা বুৱাই অসম ভূমিক প্ৰৱিত্ৰ কৰা কথা কোৱা হৈছে।
(খ) কবিয়ে উল্লেখ কৰা মতে শংকৰদেৱে অসমক কি দান দিলে আৰু কিহক নতুন সাজেলে সজালে?
উত্তৰঃ কবিয়ে উল্লেখ কৰা মতে মহাপুৰুষ শংকৰদেৱে অসমক ভক্তি, ধৰ্ম, ভাষা, সংস্কৃতি, সাহিত্য, ৰীতি-নীতি দান দি অসমৰ সকলোকে নতুন সাজেৰে সজালে।
(গ) ‘কত যতনেৰে দেৱ! গাঁথিলা এই মালাধাৰি।’ — ইয়াত কোনে কি মালা গাঁথাৰ কথা কৈছে বুজাই লিখা।
উত্তৰঃ ইয়াত শংকৰদেৱে মালা গাঁথৰ কথা কৈছে।
(ঘ) শংকৰদেৱে অসমীয়া সমাজৰ পৰা কি কি আতঁৰালে?
উত্তৰঃ শংকৰদেৱে অসমীয়া সমাজৰ পৰা ক্ষুদ্ৰস্বাৰ্থ, ভিনভাৱ, সৰু-বৰ এনেবোৰ ভাৱ আতঁৰালে।
ব্যৱহাৰিক ব্যাকৰণঃ
১১। তলত দিয়া শব্দসমূহৰ সমাৰ্থক শব্দ পাঠৰ পৰা বাছি উলিয়াই লিখা।
উত্তৰঃ পৃথিৱী – মৰত।
মৰম – আদৰ।
সন্ন্যাসী – যোগী।
অন্তৰ – হৃদয়।
বাগিচা – কানন।
গংগা – মন্দাকিনী।
গৌৰৱ – গৰিমা।
মিঠা – মধুৰ।
১২। তলত দিয়া শব্দসমূহৰ বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা।
উত্তৰঃ অতীত – বৰ্তমান।
পূণ্য – পাপ।
প্ৰেম – ঘৃণা।
পবিত্ৰ – অপবিত্ৰ।
জীৱন – মৰণ।
অশেষ – শেষ।
১৩। কবিতাটোৰ পৰা বিশেষ্য আৰু বিশেষণ পদবোৰ বাছি উলিয়াই দুখন তালিকা প্ৰস্তুত কৰা।
উত্তৰঃ বিশেষ্য: যােগী, বীণা, কানন, মৰত, মন্দাকিনী, স্বর্গ, অসম, ভাষা, দেৱ, বেদ, সাধনা ইত্যাদি।
বিশেষণ: পুণ্য, পৱিত্ৰ, মধুৰ, গভীৰ, অসীম, ক্ষুদ্র, সৰু, বৰ ইত্যাদি।
১৪। ‘যি বীণৰ সুৰেৰেই প্ৰেম মন্দাকিনী ধাৰা।’
এই ‘ধাৰা’ শব্দটোৰ লগত বেলেগ বেলেগ শব্দ যোগ কৰি বেলেগ বেলেগ অৰ্থ প্ৰকাশ কৰা হয়। তলত তাৰে কেইটামান শব্দ দিয়া হৈছে। এই শব্দকেইটাৰ অৰ্থ অভিধান চাই লিখা।
ফল্গু ধাৰা ——-
জীৱন ধাৰা ——-
ধাৰাসাৰ ——
ধাৰাৱাহিক ——
ধাৰাভাষ্য ——
ধাৰাপাত ——
উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজে কৰা।
১৫। এটা শব্দত প্ৰকাশ কৰা।
(ক) কেৱল এজন দেৱতাৰ ওচৰত শৰণ লোৱা —
উত্তৰঃ একশৰণ।
(খ) বিষ্ণুক ভক্তি কৰে যি —
উত্তৰঃ বৈষ্ণৱ।
(গ) একে গুৰুৰ শিষ্য —
উত্তৰঃ সতীৰ্থ।
(ঘ) সত্ৰ সম্বন্ধীয় –
উত্তৰঃ সত্ৰীয়া।
