Class 8 Assamese Chapter 9 – ভয় (Bhoy) – All Textual Solutions | ASSEB Assam (English Medium)
Class 8 Assamese Chapter 9 – ভয় (Bhoy) Complete Textual Question Answers and Solutions (ASSEB / SEBA Assam – English Medium)
The ninth chapter of the Class 8 Assamese curriculum, ‘ভয়’ (Bhoy), is a highly thought-provoking lesson that explores the psychological nature of fear, its causes, and how to overcome it through courage and rational thinking. These complete textual question answers (Class 8 Assamese Chapter 9 Textual Question Answer) have been meticulously prepared based on the new ASSEB (Assam State School Education Board) syllabus and the latest guidelines of the National Education Policy (NEP). This comprehensive collection includes very short answer questions (VSA), short questions, long answers, and detailed grammar solutions. At Ospin Academy, these solutions are provided in an easy, accurate, and completely exam-oriented manner.
In the lesson ‘ভয়’ (Bhoy), students are introduced to the various aspects of fear—both real and imaginary—and how baseless superstitions or lack of understanding often amplify our anxieties. For students, comprehending the central theme, moral lessons, and specific vocabulary of this chapter is highly essential. Our textual solutions cover not only the textbook exercise questions but also additional important question-answers likely to appear in examinations, helping students prepare thoroughly and confidently.
What you will learn and get from these textual solutions:
- Detailed summary explanations regarding the nature of fear, superstition, and the importance of mental strength.
- Word meanings, flawless answers for 1-mark very short questions (VSA objective type), and 2-3 mark short questions.
- Comprehensive conceptual answers and standard, easy-to-understand solutions for 4-5 mark long questions.
- Textual grammar, sentence construction, opposite words, synonyms, and proper linguistic comprehension.
- Important questions based on the new syllabus pattern along with solutions for the latest model MCQ questions.
Special advantages of these Ospin Academy Question Answers:
- Complete textual solutions prepared strictly on the basis of the latest ASSEB new syllabus.
- 100% accurate and high-quality notes written in clear, simple language, making it easy for English Medium students to understand and memorize (Class 8 Assamese Notes).
- Specially compiled simple answers for quick revision before school and board examinations.
- A special collection of additional important text-based questions from ‘Bhoy’ that may appear in exams.
Keeping in mind the academic upliftment of students, Ospin Academy has brought forward these special textual solutions. Start your exam preparation today and move towards scoring maximum marks in the Assamese subject.
Class 8 Assamese (অংকুৰণ) PDF Solutions 2026-27 | SCERT Assam
Download Class 8 Assamese (অংকুৰণ) PDF with textbook solutions, MCQs, and additional practice questions for SCERT Assam 2025-26.
Class 8 Assamese
Chapter – 9 (Ospin Academy)
ভয়
|
পাঠভিত্তিক ক্ৰিয়াঃ |
|---|
১। ‘ভয়’ গল্পটোৰ মূল কথাখিনি নিজৰ কথাৰে কোৱা।
২। উত্তৰ দিয়া।
(ক) ৰবীনৰ চৌবিশ ঘণ্টাৰ লগৰীয়া কোন?
উত্তৰঃ ৰবীনৰ চৌবিশ ঘণ্টাৰ লগৰীয়া ভয়।
(খ) ৰবীনৰ পৰিবাৰৰ নাম কি?
উত্তৰঃ ৰবীনৰ পৰিবাৰৰ নাম
(গ) ফুটবল খেলি থাকোঁতে কোন ঢুকাল?
উত্তৰঃ ফুটবল খেলি থাকোঁতে সত্য খুৰাৰ লৰা’জন।
(ঘ) ৰবীন কেইটা সন্তানৰ পিতৃ?
উত্তৰঃ ৰবীন তিনিটা সন্তানৰ পিতৃ।
(ঙ) জহিৰুদ্দিনৰ পেচা কি?
উত্তৰঃ জহিৰুদ্দিনৰ পেচা ওকালতি।
(চ) ফুৰিবলৈ ওলালে ৰবীনৰ কাৰ লগত তর্কাতৰ্কি হয়?
উত্তৰঃ ফুৰিবলৈ ওলালে ৰবীনৰ পৰিবাৰৰ লগত তর্কাতৰ্কি হয়।
(ছ) পোনাহঁতে কি বলেৰে ক্ৰিকেট খেলিবলৈ বিচাৰে?
উত্তৰঃ পোনাহঁতে কাঠৰ বলেৰে ক্ৰিকেট খেলিবলৈ বিচাৰে।
(জ) অফিচৰ কাম-কাজত ৰবীনে কিয় মন দিব নোৱাৰে?
উত্তৰঃ অফিচৰ কাম-কাজত ৰবীনে এটা অনামি ভয়ৰ বাবে মন দিব নোৱাৰে।
৩। চমু উত্তৰ দিয়া।
(ক) কেনেকুৱা কথাই ৰবীনৰ মনত ভয়ৰ সৃষ্টি কৰে?
উত্তৰঃ ৰবীনৰ মৃত্যুৰ পিছত তেওঁৰ পত্নী আৰু ল’ৰা-ছোৱালী কেইটা কি হ’ব? তেওঁৰ পত্নীৰ স্বভাৱত গভীৰতা নাই। কোনো কথাই গধুৰভাৱে ল’ব নাজানে। সোঁতত গা এৰি দিয়া স্বভাৱ। সেইকাৰণে ৰবীনৰ মনত ভয়ৰ সৃষ্টি হয়।
(খ) এদিন আবেলি অফিচৰ পৰা আহি ৰবীনৰ কিয় খং উঠিছিল?
উত্তৰঃ এদিন আবেলি অফিচৰ পৰা আহি ৰবীনে দেখিলে যে ঘৰৰ সমুখৰ দুৱাৰখন খোলা। সৰু ছোৱালীজনী অকলে বাৰান্দাত আছে। ৰমলা বাথৰুমত গা ধুই আছিল। এনেদৰে দৰ্জা খুলি ছোৱালীজনী অকলে এৰি ৰমলা বাথৰুমত যোৱা বাবে ৰবীনক খং উঠিছিল।
(গ) মাজৰাতি ৰবীনে শোৱাৰ পৰা উঠি ক’লৈ যাবলৈ ওলাইছিল? তেওঁ ওলাই যোৱাৰ কাৰণ কি?
উত্তৰঃ মাজৰাতি ৰবীনে শোৱাৰ পৰা উঠি জহিৰুদ্দিনৰ ঘৰৰ ফালে যাবলৈ ওলাইছিল। তেওঁ ভাবিছিল যে আজি মই তাৰ ল’ৰা-ছোৱালীক ৰক্ষা কৰিবলৈ নগ’লে কালিলৈ মোৰ ল’ৰা-ছোৱালীক ৰক্ষা কৰিবলৈ কোন আহিব?’ এয়াই আছিল তেওঁ ওলাই যোৱাৰ কাৰণ।
(ঘ) গল্পটো পঢ়ি ৰবীন আৰু ৰমলাৰ চিন্তাৰ মাজত ক’ত পার্থক্য পাইছা?
উত্তৰঃ ৰবীন আৰু ৰমলা দুয়োটা পৃথক চৰিত্ৰ। ৰবীনৰ চৰিত্ৰত আমি এক অনামি ভয়ৰ আৱৰন অনপৰতে দেখোঁ যদিও এই ভয়ৰ আঁৰত এজন চিন্তাশীল নাগৰিকৰ দায়িত্ববোধ ও দেখিবলৈ পাঁও। তাৰ বিপৰীতে ৰমলাৰ চৰিত্ৰ সহজ সৰল। সমাজৰ পংকিলময়তাৰ পৰা আঁতৰত এক সৰল মনৰ অধিকাৰী ৰমলা।
৪। কোনে, কাক, কেতিয়া কৈছিল লিখা।
(ক) ‘ইমান ভয়াতুৰ মানুহ মই জনমত দেখা নাই’।
উত্তৰঃ উক্ত কথাষাৰ ৰমলাই ৰবীনক কৈছিল। যেতিয়া ৰবীনে অফিচৰ পৰা আহি দেখিছিল যে ঘৰৰ দৰ্জাখন খোলা আছিল আৰু ৰমলাই ছোৱালীজনীক বাহিৰত অকলে বহুৱাই থৈ বাথৰুমত সোমাইছিল।
(খ) ‘হেৰা গুনিছা? কোনোবাই চিঞৰা যেন লাগিছে।’
উত্তৰঃ উক্ত কথাষাৰ ৰবীনে ৰমলাক কৈছিল। মাজৰাতি ৰবীনে হঠাতে সাৰ পাই কোনোবাই চিঞৰ বাখৰ কৰা যেন পালে আৰু ৰমলাক জগাই এই কথাখিনি কৈছিল।
(গ) ‘আজি মই তাৰ ল’ৰা-ছোৱালীক ৰক্ষা কৰিবলৈ নগ’লে কালিলৈ মোৰ ল’ৰা-ছোৱালীক ৰক্ষা কৰিবলৈ কোন আহিব?’
উত্তৰঃ উক্ত কথাষাৰ ৰবীনে ৰমলাক কৈছিল। ৰবীনে জহীৰৰ ঘৰত যাবলৈ ওলোৱাত ৰমলাই কলৈ যোৱা বুলি কোৱাত ৰবীনে এই কথাষাৰ কৈছিল।
৫। দফাটো পঢ়া আৰু তাৰ লগত সংগতি ৰাখি প্ৰশ্ন যুণ্ডত কৰা।
‘কোলাহল জহীৰুদ্দিনৰ ঘৰৰ ফালৰ পৰা নহয় জানো? জহিৰুদ্দিনে এই চুবুৰীত ঘৰভাৰা লৈ থাকে, ওকালতি কৰে। ভদ্ৰ আৰু বিনয়ী ডেকা। চুবুৰীৰ সকলোৰে লগত ভাল। ভিন ঠাইৰ মানুহে জহীৰুদ্দিনৰ ঘৰ আক্ৰমণ কৰিবলৈ আহিছে নেকি?’
উত্তৰঃ ১। কোলাহটো কাৰ ঘৰৰ ফালৰ পৰা আহিছিল?
২। জহীৰুদ্দিনৰ জীৱিকা কি?
৩। কোন ঠাইৰ মানুহে জহীৰুদ্দিনৰ ঘৰ আক্ৰমণ কৰিবলৈ আহিছিল?
৬। তলৰ বাক্যকেইশাৰীৰ অৰ্থ বুজাই লিখা।
(ক) ‘উচ্ছংখল জনতা দাৱানলৰ দৰে।’
উত্তৰঃ উন্নত জনতা জুইৰ নিচিনা। জুইয়ে যেনেকৈ কোনো বাচ বিচাৰ নকৰাকৈ সন্মুখত পৰা সকলো বস্তুকে পুৰি চাৰ খাৰ কৰে থিক তেনেকৈ আৱেগত উন্মত হোৱা জনতাইও কোনো শুদ্ধ অশুদ্ধৰ বিচাৰ নকৰাকৈ সমাজৰ অনিষ্ট কৰে।
(খ) ‘দাৱানল সৃষ্টি কৰাৰ কাৰণে ফিৰিঙতি এটাই যথেষ্ট।’
উত্তৰঃ একুৰা জুই জলিবলৈ এটা ফিৰিঙতি যথেষ্ট হোৱাৰ লেখিয়াকৈ সমাজত সৰু কথা এটাৰ পৰাই বিভ্ৰান্তিৰ সৃষ্টি হয় আৰু তাৰ পৰাই গোটেই সমাজখনত অশান্তিৰ বীজ বিয়পি পৰে।
(গ) ‘বিভিন্ন ধৰ্ম, বিভিন্ন ভাষা, বিভিন্ন সম্প্ৰদায়, কিমান জাতি আৰু উপজাতি! অসংখ্য খণ্ডিত সত্তাৰ এয়েই অমোঘ পৰিণতি।’
উত্তৰঃ বিভিন্ন ধৰ্ম জাতি ভাষা, সম্প্ৰদায়েৰে ভৰপূৰ দেশখনত একতাৰ বৰ প্ৰয়োজন। একতা অবিহনে, ধৰ্মীয় সহিষ্ণুতাৰ অবিহনে সমাজ এখন বিশৃংখল পৰিস্থিতি হোৱাটো নিঘাট।
৭। ‘ভয়’ গল্পটোৰ পৰা তোমাৰ জীৱনৰ কাৰণে প্ৰয়োজনীয় কি কি কথা শিকিলা লিখা।
উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজে কৰা।
৮। তলৰ শব্দবোৰেৰে একোটাকৈ বাক্য গঠন কৰা।
উত্তৰঃ আওহতীয়াঃ আওহতীয়া বাটটোৰে ৰাতি বিয়লি অকলে অহা যোৱা কৰিবলৈ অসুবিধা।
সন্তৰ্পণেঃ পিছল বাটটোৰে ৰমেনৰ ককাকে খুব সন্তৰ্পণে খোজ কাঢ়ি অহা যোৱা কৰে।
লানি নিছিগাঃ জোনবিল মেলালৈ বিভিন্ন ঠাইৰ পৰা মানুহৰ লানি নিছিগা সোত ৰয়।
অন্যমনষ্কঃ আজি কেইদিনমানৰ পৰা ৰীনাই শ্ৰেণীকোঠাত অন্যমনষ্ক হৈ আছে।
অমোঘঃ লোক অহিত চিন্তা কৰাৰ অমোঘ পৰিনতি লাভ কৰিলে।
উচ্ছৃংখলঃ যুৱ উচ্ছৃংখল সমাজৰ এক জলন্ত সমস্য।
দাৱানলঃ দাৱানল সৃষ্টি কৰাৰ কাৰণে ফিৰিঙতি এটাই যথেষ্ট।
ছাৰখাৰঃ জুইয়ে বিজুলী হতৰ ঘৰখন পুৰি ছাৰখাৰ কৰিলে।
উৎকৰ্ণঃ গভীৰ ৰাতি হঠাতে উৎকৰ্ণ ৰবীনে কিবা গুনাৰ চেষ্টা কৰে।
কোলাহলঃ শ্ৰেণীকোঠাটো বৰ কোলাহল পূৰ্ণ হৈ আছে।
ব্যৱহাৰিক ব্যাকৰণঃ
৯। তলত দিয়া দফাটো যতি চিন ব্যৱহাৰ কৰি পুনৰ লিখা।
মানুহৰ সুখ-শান্তিৰ এক প্ৰকাৰ অন্তৰায় হৈছে ক্রোধ কলা কৃষ্টিৰ প্রতি আকর্ষণে সেই ক্রোধ নাশ কৰি মানুহৰ মনৰ কোমল প্রবৃত্তিসমূহ জগাই তােলে সেই কাৰণে এটা পৰিয়ালত খেল ধেমালি নাচ গান আদিৰ প্ৰতি থকা ৰাপ আদৰ আৰু পৰিৱেশৰ পৰা সেই পৰিয়ালত থকা সুখ শান্তিৰ উমান পাব পাৰি মাঘ বিহুত মেজি সজা ভােজ ভাত খােৱা হৈ গুদু ঢোপ খেল ঢােল পেঁপা গগনাৰ তালে তালে বিহু নচা আৰু দেৱালী আদি উৎসৱত মানুহে সমূহীয়াভাৱে মনৰ আনন্দকে প্রকাশ কৰে।
উত্তৰঃ মানুহৰ সুখ-শান্তিৰ এক প্রবল অন্তৰায় হৈছে ক্রোধ। কলা-কৃষ্টিৰ প্রতি আকর্ষণে সেই ক্রোধ নাশ কৰি মানুহৰ মনৰ কোমল প্রবৃত্তি সমূহ জগাই তােলে। সেই কাৰণে এটা পৰিয়ালত খেল-ধেমালি, নাচ-গান আদিৰ প্ৰতি থকা ৰাপ, আদৰ আৰু পৰিৱেশৰ পৰা সেই পৰিয়ালত থকা সুখ-শান্তিৰ উমান পাব পাৰি। মাঘৰ বিহুত মেজি সজা, ভােজ ভাত খােৱা, হৈ গুদু, ঢােপ খেল, ঢােল, পেঁপা গগনাৰ তালে তালে বিহু নচা আৰু দেৱালী আৰু উৎসৱত মানুহে সমূহীয়াভাৱে মনৰ আনন্দকে প্রকাশ কৰে।
১০। তলৰ আঁচ টনা শব্দবিলাকত কি কি বিভক্তি যুক্ত হৈছে লিখা।
(ক) নৰ্দমালৈ নামি গ’লেহে হ’ব।
উত্তৰঃ চতুৰ্থী বিভক্তি।
(খ) কিছুদিনৰ পৰা পোনাহঁতেও ক্রিকেট খেলাত ধৰিছে।
উত্তৰঃ পঞ্চমী বিভক্তি।
(গ) অফিচত কাম কৰি থাকিও হঠাতে ৰবীনৰ বুকুখন ধৰাই উঠে।
উত্তৰঃ সপ্তমী বিভক্তি।
(ঘ) মই তাৰ ল’ৰা-ছোৱালীক ৰক্ষা কৰিবলৈ নগ’লে কালিলৈ মোৰ ল’ৰা-ছোৱালীক ৰক্ষা কৰিবলৈ কোন আহিব?
উত্তৰঃ চতুৰ্থী বিভক্তি।
১১। ভাব বহলাই লিখা।
(ক) অতিমাত্ৰা সকলোৰে বেয়া।
উত্তৰঃ সকলো বস্তুৰে অতিমাত্ৰা আমাৰ কাৰণে বেয়া। যি ধন সম্পত্তি, মৰম আদৰ, খং আবেগ যিয়েই নহওঁক লাগে। অতি মাত্ৰা ধন- সম্প্ৰতিয়ে মানুহক অহংকাৰী কৰে। আনহাতে অতিমাত্ৰা মৰম চেনেহেও ল’ৰা-ছোৱালীক বিপথে পৰিচালিত কৰে। সেয়েহে সকলো বস্তুৱেই পৰিমিত হাৰত হ’ব লাগে।
(খ) ফিৰিঙতিৰ পৰা খাশুৱদাহ হয়।
উত্তৰঃ সৰু একোটা ভুল বুজা বুজিৰ পৰাই একো একোটা ডাঙৰ ঘটনা হব পাৰে। প্ৰায় দেখা যাই যে সৰু সৰু একোটা ঘটনাৰ পৰাই সমাজত ডাঙৰ বিশৃংখলতাৰ সৃষ্টি হয়।
১২। (ক) তলত দিয়া শব্দবোৰৰ সন্ধি ভাঙা আৰু পাতা।
ভাবাৱেগ, পৰীক্ষা, নিশব্দ, ভয়াতুৰ, যথেষ্ট।
উত্তৰঃ ভাবাৱেগ – ভাৱ + আবেগ।
পৰীক্ষা – পৰি + ইক্ষা।
নিশব্দ – নিঃ + শব্দ।
ভয়াতুৰ – ভয় + আতুৰ।
যথেষ্ট – যথ + অষ্ট।
(খ) উৎ + শৃংখল, উৎ + শ্বাস, সম্ + মুখ, নিঃ + চিন্ত, শিৰঃ + ছেদ।
উত্তৰঃ উৎ + শৃংখল – উচ্ছৃংখল।
উৎ + শ্বাস – উৎসাহ।
সম্ + মুখ – সন্মুখ।
নিঃ + চিন্ত – নিশ্চিন্ত।
শিৰঃ + ছেদ – শিৰচ্ছেদ।
১৩। (ক) সাধুকথা আৰু চুটিগল্পৰ মাজত থকা পাৰ্থক্য লিখা।
উত্তৰঃ সাধুকথা আৰু চুটিগল্পৰ মাজত থকা পাৰ্থক্য হ’ল – সাধুকথা কাল্পনিক আৰু অলৈকিক। আনহাতে, চুটিগল্পৰ বাস্তৱ জীৱনৰ প্ৰতিফলন।
(খ) সাধুকথাৰ বৈশিষ্ট্যবোৰ লিখা।
উত্তৰঃ সাধুকথাৰ বৈশিষ্ট বোৰ হ’ল –
১। সাধুকথা কাল্পনিক আৰু অলৌকিক।
২। সাধুৰ পৰিসৰ বৃস্তিত।
৩। ইয়াৰ ভাষা সহজ সৰল, মন পৰশা।
৪। সাধুৰ বাস্তব জীৱনৰ প্ৰতিফলন নঘটে।
(গ) চুটিগল্পৰ বৈশিষ্ট্যবোৰ লিখা।
উত্তৰঃ চুটিগল্পৰ বৈশিষ্ট সমূহ হ’ল–
১। চুটিগল্প বাস্তব জীৱনৰ প্ৰতিফলন।
২। হ্ৰস্বতা চুটিগল্পৰ প্ৰধান লক্ষণ।
৩। চুটিগল্পৰ উপস্থাপন বৈচিত্ৰময় আৰু সমাপ্তি ইংগিত পূৰ্ণ হয়।
৪। কম সময়তে আৰু আয়াখতে চিত্তাকৰ্ষক কৰিব পৰতো চুটিগল্পৰ আন এটা বৈশিষ্ট্য।
(ঘ) অসমীয়া চুটিগল্পৰ জনক কোন?
উত্তৰঃ অসমীয়া চুটিগল্পৰ জনক হ’ল- লক্ষ্মীনাথ বেজবৰুৱা।
(ঙ) শীলভদ্ৰৰ প্ৰকৃত নাম কি?
উত্তৰঃ শীলভদ্ৰৰ প্ৰকৃত নাম ৰেৱতীমোহন দত্ত চৌধুৰী।
(চ) তেখেতৰ জন্ম ক’ত হৈছিল?
উত্তৰঃ তেখেতৰ জন্ম গৌৰীপুৰত হৈছিল।
(ছ) শীলভদ্ৰই কোনখন গল্পসংকলনৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰে?
উত্তৰঃ মধুপুৰ বহুদুৰ গল্প সংকলনৰ বাবে শিলভদ্ৰই সাহিত্য অকাডেমি বঁটা লাভ কৰে।
(ঙ) শীলভদ্ৰৰ কোন চনত মৃত্যু হৈছিল?
উত্তৰঃ শীলভদ্ৰৰ ২০০৮ চনৰ ২৯ ফেব্ৰুৱাৰীত মৃত্যু হৈছিল।
