Class 8 Assamese Chapter 10 Solution (অংকুৰণ) – পৰীক্ষিতৰ ব্ৰহ্মশাপ | SCERT Assam

Class 8 Assamese Chapter 10 – পৰীক্ষিতৰ ব্ৰহ্মশাপ (Parikshitar Brahmashap) – All Textual Solutions | ASSEB Assam (English Medium)

Class 8 Assamese Chapter 10 – পৰীক্ষিতৰ ব্ৰহ্মশাপ (Parikshitar Brahmashap) Complete Textual Question Answers and Solutions (ASSEB / SEBA Assam – English Medium)

The tenth chapter of the Class 8 Assamese curriculum, ‘পৰীক্ষিতৰ ব্ৰহ্মশাপ’ (Parikshitar Brahmashap), is an important mythological piece adapted from the ancient Indian epics, highlighting the profound consequences of one’s actions, respect for sages, and the inevitability of destiny. These complete textual question answers (Class 8 Assamese Chapter 10 Textual Question Answer) have been meticulously prepared based on the new ASSEB (Assam State School Education Board) syllabus and the latest guidelines of the National Education Policy (NEP). This comprehensive collection includes very short answer questions (VSA), short questions, long answers, and detailed grammar solutions. At Ospin Academy, these solutions are provided in an easy, accurate, and completely exam-oriented manner.

In the lesson ‘পৰীক্ষিতৰ ব্ৰহ্মশাপ’ (Parikshitar Brahmashap), students are introduced to the famous narrative of King Parikshit, his momentary lapse of judgment while hunting, the insult to Sage Shamika, and the subsequent curse uttered by the sage’s son, Shringi. For students, comprehending the moral depth, narrative sequence, and classical vocabulary of this chapter is highly essential. Our textual solutions cover not only the textbook exercise questions but also additional important question-answers likely to appear in examinations, helping students prepare thoroughly.

What you will learn and get from these textual solutions:

  • Detailed narrative summary explaining the moral lesson behind King Parikshit’s mistake and the resulting Brahmashap (curse).
  • Word meanings, flawless answers for 1-mark very short questions (VSA objective type), and 2-3 mark short questions.
  • Comprehensive character explanations and standard, easy-to-understand solutions for 4-5 mark long questions.
  • Textual grammar, sentence construction, opposite words, synonyms, and proper linguistic comprehension.
  • Important questions based on the new syllabus pattern along with solutions for the latest model MCQ questions.

Special advantages of these Ospin Academy Question Answers:

  • Complete textual solutions prepared strictly on the basis of the latest ASSEB new syllabus.
  • 100% accurate and high-quality notes written in clear, simple language, making it easy for English Medium students to understand and memorize (Class 8 Assamese Notes).
  • Specially compiled simple answers for quick revision before school and board examinations.
  • A special collection of additional important mythological questions from ‘Parikshitar Brahmashap’ that may appear in exams.

Keeping in mind the academic upliftment of students, Ospin Academy has brought forward these special textual solutions. Start your exam preparation today and move towards scoring maximum marks in the Assamese subject.

Vibrant Note Box
Buy Printable PDF
c;lass 8 assamese
Class 8 Assamese (অংকুৰণ) PDF Solutions 2026-27 | SCERT Assam
Original price was: ₹199.00.Current price is: ₹29.00.

Download Class 8 Assamese (অংকুৰণ) PDF with textbook solutions, MCQs, and additional practice questions for SCERT Assam 2025-26.

Vibrant Note Box
Chapter 10: পৰীক্ষিতৰ ব্ৰহ্মশাপ

Class 8 Assamese

Chapter – 10 Ospin Academy

পৰীক্ষিতৰ ব্ৰহ্মশাপ

পাঠভিত্তিক ক্ৰিয়াঃ

১। তলৰ বাক্যকেইটা পঢ়া আৰু উত্তৰ দিয়া।

(ক) দেখন্তঃ মুনি চক্ষু মুদি সমাধি কৰি আচন্ত। এমন মুনিত তৃষ্ণায়ে আকুল হৈয়া জল খুজিলা।

১। মুনিয়ে চকু মুদি কি কৰি আছিল?

উত্তৰঃ মুনিয়ে চকু মুদি ধ্যান কৰি আছিল।

২। মুনিজনৰ নাম কি?

উত্তৰঃ মুনিজনৰ নাম শমীক।

৩। পিয়াহত আকুল হৈ কোনে মুনিক পানী খুজিছিল?

উত্তৰঃ পিয়াহত আকুল হৈ পৰীক্ষিত ৰজাই মুনিক পানী খুজিছিল।

(খ) পাচে তান পুত্ৰ শৃঙ্গী বার্তা পায়া ক্রোধে ছবালসৱৰ আগতে বোলন্তঃ অহো ৰাজাৰ অন্যায় দেখ।

১। কি খবৰ পাই মুনি পুত্ৰ শৃঙ্গীৰ খং উঠিছিল?

উত্তৰঃ ৰজা পৰীক্ষিতে ধ্যানত মগ্ন হৈ থকা শমীক মুনিক পানী বিচাৰোঁতে মুনিয়ে তেওঁক অৱজ্ঞা কৰিছে ভাবি ৰজাই মুনিৰ ডিঙিত মৃত সাপ এডাল তুলি আনি আঁৰি দিয়াৰ খবৰ পাই মুনি পুত্ৰ শৃঙ্গীৰ খং উঠিছিল।

২। ৰজাই কি অন্যায় কৰাৰ কথা কৈছে?

উত্তৰঃ ৰজাই ধ্যানত মগ্ন হৈ থকা মুনি এজনৰ গাত মৃত সাপ এডাল তুলি আনি আঁৰি দি অন্যায় কৰাৰ কথা কৈছে।

(গ) আজি মঞিঁ দণ্ডিবোঃ মোৰ বল দেখ। এহি বুলি কৌষিকী জলত আচান্ত কৰি ৰজাক সপ্ত দিনত তক্ষকে দংশোক বুলি শাপ দিলা।

১। উক্ত কথাফাকি কোনে কৈছিল আৰু কিয় কৈছিল?

উত্তৰঃ উক্ত কথাফাকি শমীক মুনিৰ পুত্ৰ শৃঙ্গীয়ে কৈছিল। যেতিয়া শৃঙ্গীয়ে এই কথা জানিব পাৰিছিল যে ৰজা পৰীক্ষিতে শমীক মুনিৰ ডিঙিত মৃত সাপ আঁৰি দিছিল তেতিয়া খঙত একো নাই হৈ শৃঙ্গীয়ে এইদৰে কৈছিল।

২। শৃঙ্গীয়ে কৌষিকী জলত গা ধুই ৰজাক কি বুলি অভিশাপ দিছিল?

উত্তৰঃ শৃঙ্গীয়ে কৌষিকী জলত গা ধুই ৰজাক সাতদিনৰ পাছত তক্ষক নামৰ সাপে দংশন কৰিব বুলি অভিশাপ দিছিল।

(ঘ) অহো দুষ্ট পুত্ৰ কি অন্যায় কৰিলি।

১। শমীক মুনিয়ে শৃঙ্গীক দুষ্ট পুত্ৰ বুলি কিয় কৈছিল আৰু কি অন্যায় কৰাৰ কথা কৈছিল?

উত্তৰঃ শমীক মুনিয়ে পুত্ৰৰ মুখে ৰজা পৰীক্ষিতক অভিশাপ দিয়াৰ কথা জানিব পাৰি শৃঙ্গীক দুষ্ট পুত্ৰ বুলি কৈছিল। আৰু পুত্ৰক বুজালে যে ৰজা অবিহনে ৰাজ্যৰ অৱস্থা বেয়ালৈ যাব আৰু চোৰ-ডকাইতৰ উৎপাত বাঢ়িব। তদুপৰি, পৰীক্ষিত হৈছে চক্ৰৱৰ্তী ৰজা।

(ঙ) মহাশ্ৰান্ত হৈয়া আমাক জল খুজিলন্ত। আঙ্ক কেনে শাপ দিলি। ই পাপৰ আন প্ৰায়শ্চিত্ত নেদেখি কৃষ্ণক প্ৰাৰ্থন্ত।

১। শৃঙ্গীয়ে ৰজাক অভিশাপ দি পাপ কৰাৰ বাবে শমীক মুনিয়ে ভগৱান কৃষ্ণৰ ওচৰত কি বুলি প্ৰাৰ্থনা কৰিছিল?

উত্তৰঃ শৃঙ্গীয়ে ৰজাক অভিশাপ দি পাপ কৰাৰ বাবে শমীক মুনিয়ে ভগৱান কৃষ্ণৰ ওচৰত পুত্ৰৰ পাপৰ প্ৰায়শ্চিত্ত বিচাৰি প্ৰাৰ্থনা কৰিছিল যাতে ৰজা পৰীক্ষিতক তেওঁৰ পুত্ৰ শৃঙ্গীয়ে দিয়া পাপৰ খণ্ডন নিয়াব পাৰে আৰু ৰাজ্যখনক এক ভয়ংকৰ বিপদৰ পৰা ৰক্ষা কৰিব পাৰে।

২। উত্তৰ দিয়া।

(ক) পৰীক্ষিত ৰজাৰ মৃত্যু হ’লে ৰাজ্যত কি কি সমস্যাৰ সৃষ্টি হ’ব পাৰে বুলি শমীক মুনিয়ে পুতেকক কৈছিল?

উত্তৰঃ পৰীক্ষিত ৰজাৰ মৃত্যু হ’লে ৰাজ্যত চোৰ ডকাইতৰ উৎপাত বাঢ়িব। ৰাজ্যখন বেয়াৰ ফাললৈ যাব আৰু চাৰিওফালে এক অজাৰক পৰিস্থিতিৰ সৃষ্টি হ’ব আৰু ৰাজ্যত অশান্তিৰ সৃষ্টি হব।

(খ) শমীক মুনিৰ মহত্ব কেনেকৈ প্ৰকাশ পাইছে লিখা।

উত্তৰঃ শমীক মুনিয়ে তেখেতৰ পুত্ৰ শৃঙ্গীয়ে খঙত একো নাই হৈ ৰজা পৰীক্ষিতক সাত দিনৰ ভিতৰত তক্ষক সাপে দংশন কৰিব বুলি অভিশাপ দিছিল। এই কথা গম পাই শমীক মুনিয়ে যথেষ্ট বেজাৰ পাইছিল আৰু নিজ পুত্ৰক কৈছিল যে হেৰৌ দুষ্ট পুত্ৰ কি অন্যায় কৰিলি লগতে ৰজা পৰীক্ষিত নহলে দেশ তথা দেশবাসী কেনেধৰণৰ সমস্যাৰ সন্মুখীন হব সেই কথা বুজাই কৈছিল আৰু নিজ পুত্ৰৰ ৰজা পৰীক্ষিতৰ প্ৰতি দিয়া সেই অভিশাপ খণ্ডন নিয়াবলৈ ঈশ্বৰ স্তুতিত ব্ৰতী হৈছিল। ইয়াৰ দ্বাৰাই শমীক মুনিৰ মহত্বৰ কথা প্ৰকাশ পাইছে যে তেওঁ নিজৰ অপমান অথবা অন্যায়ৰ কথা চিন্তা নকৰি দেশ তথা দেহৰ বাবেহে চিন্তা কৰিছিল।

৩। ‘পৰীক্ষিতৰ ব্ৰহ্মশাপ’ নামৰ পাঠটোৰ পৰা তুলি দিয়া বাক্যকেইটা আধুনিক অসমীয়া গদ্য ৰূপত লিখা।

উত্তৰঃ

পুৰণি অসমীয়া ৰূপ

আধুনিক অসমীয়া ৰূপ

উদাহৰণ — একদিনা পৰীক্ষিত ৰাজা ধনু-শৰ ধৰি মৃগয়া কৰিতে বনক গৈলা।

এদিন পৰীক্ষিত ৰজাই ধনু-শৰ লৈ পহু চিকাৰ কৰিবলৈ বনলৈ গৈছিল।

মৃগক খেদি ক্ষুধায়ে তৃষ্ণায়ে শ্ৰান্ত হৈলা।

হৰিণা খেদি খেদি ভোকে পিয়াহে ক্লান্ত হৈছিল।

এহি বুলি মৰা সৰ্প ধনুৰ আগে আনি মুনিৰ গলত দিয়া গৃহক গৈলা।

এইবুলি মৰা সাপ এডাল ধনুৰ আগেৰে তুলি আনি মুনিৰ ডিঙিত আঁৰি দি ঘৰলৈ গ’ল।

পাচে শৃঙ্গী ৰাজাক শাপিবাৰ কথা কহিলা।

পাছত শৃঙ্গীয়ে ৰজাক শাপ দিয়াৰ কথা ক’লে।

মহা ধৰ্ম্মপৰ, আৰো হৰিভক্ত। মহাশ্ৰান্ত হৈয়া আমাত জল খুজিলন্ত।

অতিকৈ ধৰ্মপৰায়ন আৰু হৰিভক্ত, ভাগৰত ক্লান্ত হৈ আমাক পানী খুজিছিল।

যাতো সাধুসৱে পৰৰ দুঃখেসে দুঃখী হৈয়া আপুনাৰ দুঃখ নুগুনে।

যিমানবোৰ সাধু আছে সেইসকলে পৰৰ দুখত দুখী হৈ নিজৰ দুখৰ কথা নাভাবে।

৪। ব্যাখ্যা কৰা।

(ক) দাস হৈয়া স্বামীক অপকাৰ কৰেঃ ব্ৰাহ্মণসৱে ক্ষত্ৰিয়ক ৰাজা পাতিছেঃ সি কোন আমাক দ্ৰোহ কৰেঃ দুষ্টৰ নিয়ন্তা কৃষ্ণ বৈকুণ্ঠক গৈলে, আৰা এতেক অন্যায় কৰে।

উত্তৰঃ উক্ত কথাঁফাকি আমাৰ অসমীয়া পাঠ্যপুথি ‘অংকুৰণ’ ‘পৰীক্ষিতৰ ব্ৰহ্মশাপ’ নামৰ পাঠটোৰ পৰা তুলি দিয়া হৈছে।

চক্ৰৱৰ্তী ৰজা পৰীক্ষিতে এদিন মৃগয়া চিকাৰলৈ গৈছিল আৰু চিকাৰ কৰি ঘূৰি ফুৰোতে তেওঁ ভোকে পিয়াহে ক্লান্ত হৈ শমীক মুনিৰ ওচৰত পানী বিচাৰিছিল। কিন্তু সেই সময়ত শমীক মুনিয়ে ধ্যানমগ্ন হৈ থকাৰ বাবে ৰজা পৰীক্ষিতৰ কথা শুনা নাছিল আৰু সেই কথাতেই খং উঠি পৰীক্ষিতে মুনিয়ে তেওঁক অৱজ্ঞা কৰিছে বুলি ভাবি মুনিৰ ডিঙিত মৰা সাপ এডাল আঁৰি দি আঁতৰি গৈছিল পাছত এই কথা মুনিৰ পুত্ৰ শৃঙ্গীয়ে গম পাই ওপৰোক্ত কথাফাঁকিৰ অৱতাৰণা কৰিছিল। শৃঙ্গীয়ে এই কথাত যথেষ্ট আঘাত পাইছিল আৰু দাস হৈ নিজৰ স্বামীকে ৰজাই অপমান কৰে , যি ৰজাক ব্ৰাহ্মণ সকলেই ৰজা পাতিলে সেই ৰজাই এতিয়া মুনিৰ ওপৰত অত্যাচাৰ চলাবলৈ আৰম্ভ কৰিছে। দুষ্টক দমন কৰি শ্ৰী কৃষ্ণই বৈকুণ্ঠলৈ কি গমন কৰিলে ৰজাৰ অন্যায় আৰম্ভ হৈ গ’ল।

(খ) যাতো সাধুসৱে পৰৰ দুঃখেসে দুঃখী হৈয়া আপুনাৰ দুঃখ নুগুনে।

উত্তৰঃ উক্ত কথাফাঁকি ‘পৰীক্ষিতৰ ব্ৰহ্মশাপ’ নামৰ পাঠটোৰ পৰা তুলি দিয়া হৈছে।

সাধুসকলে যে সদায় পৰৰ দুখতে দুখী হয় আৰু নিজৰ দুখৰ কথা অকণো চিন্তা নকৰে তাকে এই বাক্যফাঁকিৰ জৰিয়তে কোৱা হৈছে। ৰজা পৰীক্ষিতে চিকাৰলৈ যাওঁতে ধ্যানত বহি থকা শমীক মুনিক পানী বিচাৰিছিল। কিন্তু ধ্যানত থকা মুনিয়ে এই কথা গম পোৱা নাছিল আৰু ৰজাই এই কথাটোতে ক্ষুণ্ণ হৈ মুনিয়ে তেওঁক অৱজ্ঞা কৰিছে বুলি ভাবি ধনুৰ আগেৰে মৰা সাপ এডাল তুলি আনি মুনিৰ ডিঙিত আঁৰি দি আঁতৰি গৈছিল। এই কথা পিছত মুনিৰ পুত্ৰ শৃঙ্গীয়ে গম পাই ৰজাই দেউতাকৰ প্ৰতি অন্যায় কৰিছে বুলি খঙত একো নাই হৈ ৰজাক অভিশাপ দিছিল। এই কথাটো শমীক মুনিয়ে গম পাই যথেষ্ট আঘাত পাইছিল আৰু পুত্ৰক গালি শপনি পৰাৰ লগতে ৰজা অবিহনে ৰাজ্যত যে অশান্তিৰ সৃষ্টি হব সেই কথাটো বুজাইছিল। লগতে ৰজা পৰীক্ষিতৰ শাপ খণ্ডন নিয়াবলৈ অন্য উপায় নেদেখি কৃষ্ণৰ স্তুতিত ব্ৰতী হৈছিল। গতিকে ইয়াৰ দ্বাৰাই মুনিৰ মহত্ত্ব প্ৰকাশ পাইছে আৰু সেই প্ৰসংগতে কোৱা হৈছে যে সাধুসকলে পৰৰ দুখতেই দুখী হৈ জীৱন কটাই অথচ নিজৰ দুখৰ কথা একোকে চিন্তা নকৰে।

৫। তলত দিয়া শব্দবিলাকৰ অৰ্থ শব্দ সম্ভাৰ আৰু অভিধান চাই লিখা।

উত্তৰঃ সমাধি – ধ্যান, বাহ্য জ্ঞান এৰি গভীৰৰূপে ঈশ্বৰৰ চিন্তা।

তৃষ্ণা — পিয়াঁহ, হেঁপাহ।

আকুল — বিবশ, বিবুদ্ধি।

দণ্ডিবো – শাস্তি দিব।

কৌষিকী — কৌশিক বা কুশিক ঋষিৰ বংশত জাত।

আচান্ত — আচমন।

তক্ষক — নাগলোকৰ এক প্ৰধান সৰ্প।

শাপ — শাও, লোকৰ অশুভ হবৰ বাঞ্ছা।

ব্যৱহাৰিক ব্যাকৰণঃ

৬। তলত দিয়া শব্দবোৰৰ বিপৰীত অৰ্থ প্ৰকাশ কৰা শব্দবোৰ পাঠত আছে। বিচাৰি উলিয়াই লিখা।

উত্তৰঃ প্ৰজা — ৰজা।

নিম্ন — উচ্চ।

শান্তি — অশান্ত, অস্থিৰ।

সুখ — দুখ।

প্ৰশংসা – নিন্দা।

উপকাৰ – অপকাৰ।

ন্যায় – অন্যায়।

অসমৰ্থ – সমৰ্থ।

৭। তলত দিয়া শব্দবোৰৰ অৰ্থ লিখি পাৰ্থক্য প্ৰকাশ হোৱাকৈ বাক্য ৰচনা কৰা।

উত্তৰঃ শাপ – প্ৰাচীন কালৰ ঋষি মুনি সকলৰ শাপ অতি ভয়ংকৰ আছিল।

সাপ – সাপে দংশন কৰাৰ ফলত ল’ৰাজনৰ মৃত্যু হৈছিল।

তান – একমাত্ৰ পুতেকৰ প্ৰতি মাকৰ অতিশয় তান

টান – প্ৰশ্নকাকত টান হোৱা বাবে এইবাৰৰ পৰীক্ষাত বেছিসংখ্যক ল’ৰা ছোৱালী অনুত্তীৰ্ন হৈছিল।

শৰ – শৰ মাৰি মৃগ চিকাৰ কৰাত ৰজাজন পাকৈত আছিল।

সৰ – গাখীৰৰ সৰ খাবলৈ ভাল।

সুত – সুতে কৈছিল হৰিভক্তসবে কোনোবাই অপকাৰ কৰিলেও তাৰ ওলোটাই প্ৰতিশোধ নলয়।

সূত – ৰথৰ সাৰথি শ্ৰী কৃষ্ণ অৰ্জুনৰ সূত আছিল।

৮। শুদ্ধ উত্তৰটোত (✓) চিন দিয়া।

কৃষ্ণ শব্দটোৰ ‘ষ্ণ’ যুক্তাক্ষৰটো ভাঙিলে হ’ব

(ক) ষ + ঞ

(খ) ষ + ছ

(গ) ষ + ণ

(ঘ) ষ + ন।

উত্তৰঃ (গ) ষ + ণ।

৯। শ্ৰান্ত শব্দৰ ‘শ্ৰ’ যুক্তাক্ষৰ ভাঙিলে হ’ব।

(ক) ড় + শ

(খ) ষ + ড়।

(গ) শ + ঝ

(ঘ) শ + ৰ।

উত্তৰঃ (ঘ) শ + ৰ।

১০। অৱজ্ঞা শব্দৰ ‘জ্ঞ’ যুক্তাক্ষৰ ভাঙিলে হ’ব।

(ক) জ + ণ

(খ) জ + ন।

(গ) জ + ঞ

(ঘ) জ + ছ।

উত্তৰঃ (গ) জ + ঞ।

১১। পাঠত তোমালোকে ৰাজা, পিতৃ, ব্ৰাহ্মণ, পুত্ৰ — এই শব্দকেইটা পাইছা; শব্দকেইটাৰ বিপৰীত লিংগ বুজোৱা শব্দ লিখা।

উত্তৰঃ

পুংলিংগ

স্ত্ৰীলিংগ

১। ৰাজা

ৰাণী।

২। পিতৃ

মাতৃ।

৩। ব্ৰাহ্মণ

ব্ৰাহ্মণী।

৪। পুত্ৰ

কন্যা, পুত্ৰী।

১২। পাঠটো পঢ়ি পুৰণি অসমীয়া ভাষাত ব্যৱহাৰ হোৱা বৰ্তমান, অতীত আৰু ভৱিষ্যত কালৰ ক্ৰিয়া পদকেইটা বাছি উলিয়াই লিখা।

উদাহৰণ – বোলন্ত

উত্তৰঃ ১। হৈলা।

২। গৈলা।

৩। কৰিলা।

৪। খুজিলা

৫। নমাতিলা।

১৩। পৰীক্ষিত ৰজাই শমীক মুনিৰ গলত মৰা সাপ আঁৰি দি ভুল কৰা নাছিলনে? তোমাৰ মতামত ব্যক্ত কৰা।

উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজে কৰা।

১৪। তোমাৰ জীৱনত কেতিয়াবা তুমি কৰিবনলগীয়া কাম কৰিছিলা নেকি লিখা।

উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজে কৰা।

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
Class 8 Assamese Chapter 10 (পৰীক্ষিতৰ ব্ৰহ্মশাপ) – Frequently Asked Questions (FAQs)
What is the mythological story behind ‘Parikshitar Brahmashap’?
The lesson narrates the story of King Parikshit, who, while thirsty and fatigued from a hunt, placed a dead snake around the neck of the meditating Sage Shamika. Displeased by this disrespect, the sage’s son cursed the king to die of a snakebite from Takshaka within seven days.
What moral lesson does this chapter teach?
It teaches the significance of self-control, showing respect to saints and elders, and highlights how even a momentary reckless action can lead to inescapable, severe consequences.
Are these solutions prepared according to the new ASSEB syllabus?
Yes, all these study materials are prepared strictly according to the latest new syllabus and guidelines of ASSEB (formerly SEBA) for school examinations.
What type of questions appear in exams from this chapter?
According to the new syllabus pattern, 1-mark very short answer questions (VSA), multiple-choice questions (MCQ), classical vocabulary exercises, and descriptive long questions explaining the characters and the event of the curse can appear from this lesson.

EduAssam Solution App

Your complete digital learning solution.

Free Notes Mock Tests Q-Bank
Download Now
10k+ Students

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top