Class 8 Assamese Chapter 11 Solution (অংকুৰণ) – অতীতক নাযাবা পাহৰি | SCERT Assam

Class 8 Assamese Chapter 11 – অতীতক নাযাবা পাহৰি (Otitok Najaba Pahori) – All Textual Solutions | ASSEB Assam (English Medium)

Class 8 Assamese Chapter 11 – অতীতক নাযাবা পাহৰি (Otitok Najaba Pahori) Complete Textual Question Answers and Solutions (ASSEB / SEBA Assam – English Medium)

The eleventh chapter of the Class 8 Assamese curriculum, ‘অতীতক নাযাবা পাহৰি’ (Otitok Najaba Pahori), is an inspiring lesson that emphasizes the profound value of remembering our roots, historical heritage, and past experiences. These complete textual question answers (Class 8 Assamese Chapter 11 Textual Question Answer) have been meticulously prepared based on the new ASSEB (Assam State School Education Board) syllabus and the latest guidelines of the National Education Policy (NEP). This comprehensive collection includes very short answer questions (VSA), short questions, long answers, and detailed grammar solutions. At Ospin Academy, these solutions are provided in an easy, accurate, and completely exam-oriented manner.

In the lesson ‘অতীতক নাযাবা পাহৰি’ (Otitok Najaba Pahori), students learn that a strong and glorious future can only be built upon the foundations of a respected past. Remembering the sacrifices of our ancestors, preserving our traditional values, and learning from past struggles are vital for personal and social progress. For students, comprehending the central theme, moral lessons, and specific vocabulary of this chapter is highly essential. Our textual solutions cover not only the textbook exercise questions but also additional important question-answers likely to appear in examinations, helping students prepare thoroughly.

What you will learn and get from these textual solutions:

  • Detailed summary and explanations regarding the importance of preserving cultural heritage and learning from history.
  • Word meanings, flawless answers for 1-mark very short questions (VSA objective type), and 2-3 mark short questions.
  • Comprehensive conceptual answers and standard, easy-to-understand solutions for 4-5 mark long questions.
  • Textual grammar, sentence construction, opposite words, synonyms, and proper linguistic comprehension.
  • Important questions based on the new syllabus pattern along with solutions for the latest model MCQ questions.

Special advantages of these Ospin Academy Question Answers:

  • Complete textual solutions prepared strictly on the basis of the latest ASSEB new syllabus.
  • 100% accurate and high-quality notes written in clear, simple language, making it easy for English Medium students to understand and memorize (Class 8 Assamese Notes).
  • Specially compiled simple answers for quick revision before school and board examinations.
  • A special collection of additional important text-based questions from ‘Otitok Najaba Pahori’ that may appear in exams.

Keeping in mind the academic upliftment of students, Ospin Academy has brought forward these special textual solutions. Start your exam preparation today and move towards scoring maximum marks in the Assamese subject.

Vibrant Note Box
Buy Printable PDF
c;lass 8 assamese
Class 8 Assamese (অংকুৰণ) PDF Solutions 2026-27 | SCERT Assam
Original price was: ₹199.00.Current price is: ₹29.00.

Download Class 8 Assamese (অংকুৰণ) PDF with textbook solutions, MCQs, and additional practice questions for SCERT Assam 2025-26.

Vibrant Note Box
Chapter 11: অতীতক নাযাবা পাহৰি

Class 8 Assamese

Chapter – 11.  (Ospin Academy)

অতীতক নাযাবা পাহৰি

পাঠভিত্তিক ক্ৰিয়াঃ

১। উত্তৰ দিয়া।

(ক) কোনবোৰ সম্পদক কলা সম্পদ বুলি কোৱা হয়?

উত্তৰঃ অতীতৰ শিল্পকলা, স্থাপত্য, ভাস্কৰ্য, লিপি, মুদ্ৰা, বুৰঞ্জী প্ৰসিদ্ধ স্থান, দলিল আদি যিবিলাক সম্পদে সেই যুগৰ ঐতিহ্য, বুৰঞ্জী, বিজ্ঞান, ধৰ্ম, দৰ্শন আদিৰ সম্ভেদ দিয়ে তেনে সম্পদবোৰকে কলাসম্পদ বুলি কোৱা হয়।

(খ) অতীতৰ কিহৰ বিষয়ে এই সম্পদবোৰে কয়?

উত্তৰঃ অতীতৰ সাংস্কৃতিক ঐতিহ্যৰ বিষয়ে এই সম্পদবোৰে কয়।

(গ) কোনবিলাক সম্পদক প্ৰত্নতাত্ত্বিক সম্পদ বোলে?

উত্তৰঃ প্ৰাক্-ঐতিহাসিক যুগৰে পৰা আৰম্ভ কৰি বৰ্তমান সময়ৰ পৰা এশ বছৰৰ পুৰণি সকলো সম্পদক প্ৰত্নতাত্ত্বিক সম্পদ বোলে।

(ঘ) প্ৰত্নতত্ত্ব বুলিলে কি বুজা? পুৰণি কালৰ কলাসম্পদসমূহৰ অধ্যয়নৰ জৰিয়তে আমি কিহৰ বিষয়ে জানিব পাৰোঁ?

উত্তৰঃ সময়ে সময়ে খনন কাৰ্যৰ জৰিয়তে বহুতো সম্পদ মাটিৰ তলৰ পৰা উদ্ধাৰ কৰা হৈছে। এই সম্পদসমূহৰ বিজ্ঞানসন্মত অধ্যয়নক প্ৰত্নতত্ত্ব বোলে। পুৰণি কালৰ কলাসম্পদসমূহ অধ্যয়নৰ জৰিয়তে আমি সেই সময়ৰ মানুহৰ জীৱন-ধাৰণৰ প্ৰণালী, বসতি স্থান, কলা-সংস্কৃতি, ধৰ্ম, দৰ্শন আদিৰ বিষয়ে জানিব পাৰোঁ।

(ঙ) পুৰণি দ্বাৰকা নগৰৰ অৱশেষ ক’ৰ পৰা উদ্ধাৰ কৰা হৈছিল?

উত্তৰঃ পুৰণি দ্বাৰকা নগৰৰ অৱশেষ মাটিৰ তলৰ পৰা উদ্ধাৰ কৰা হৈছিল।

(চ) সূৰ্য পাহাৰ কোন জিলাত অৱস্থিত?

উত্তৰঃ সূৰ্য পাহাৰ গোৱালপাৰা জিলাত অৱস্থিত।

(ছ) তেজপুৰৰ ওচৰৰ বৰাচুবুৰী গাঁৱত কি উদ্ধাৰ কৰা হৈছিল?

উত্তৰঃ তেজপুৰৰ ওচৰৰ বৰাচুবুৰী গাঁৱত পোৰা মাটিৰ কুঁৱাৰ অৱশেষ উদ্ধাৰ কৰা হৈছিল।

(জ) সূৰ্য পাহাৰৰ খনন কাৰ্যত কি কি উদ্ধাৰ হৈছিল?

উত্তৰঃ সূৰ্য পাহাৰৰ খনন কাৰ্যত শিলেৰে নিৰ্মিত বৌদ্ধ স্তূপ, জৈন ধৰ্মৰ আদিগুৰু নেমিনাথ আৰু ঋষভ নাথৰ ভাস্কৰ্য, শিৱ-লিংগ, গণেশ আদি মূৰ্তিৰ সমাৱেশ উদ্ধাৰ হৈছিল।

(ঝ) গোৱালপাৰা জিলাৰ ‘পাগলাটেক’ত কি উদ্ধাৰ হৈছিল?

উত্তৰঃ গোৱালপাৰা জিলাৰ ‘পাগলাটেক’ত জিলাৰ পাগলাটেকত পোৰা মাটিৰ বৌদ্ধ স্তূপৰ বিৰল ভাস্কর্য উদ্ধাৰ হৈছে।”

(ঞ) গোলাঘাট জিলাৰ বৰপথাৰ অঞ্চলৰ ‘ডুবৰনি’ক প্ৰাচীন অসমৰ বুৰঞ্জীৰ অন্যতম ক্ষেত্ৰ বুলি কিয় কোৱা হৈছে বুজাই লিখা।

উত্তৰঃ এই অঞ্চলৰ ওচৰে-পাঁজৰে উদ্ধাৰ হোৱা প্রাচীন লিপিসমূহৰ পৰা আমি সমাজ, ধর্ম, সাহিত্য, ৰাজনৈতিক দিশ আদিৰ অনেক তথ্য পাওঁ। কেৱল লিপিয়েই নহয়, ডুবৰনি অঞ্চলত প্রত্নতাত্ত্বিক খনন কাৰ্যৰ দ্বাৰা উদ্‌ঘাটন কৰা প্রাচীন ইটাৰে নির্মিত মন্দিৰৰ ভেটি, শিৱ-লিংগ আদিয়ে অতীতত ডুবৰনি অঞ্চলত বিকাশ লাভ কৰা ভাস্কর্য আৰু স্থাপত্য কলাৰ ইংগিত বহন কৰিছে।”

(ট) গুৱাহাটী মহানগৰৰ আমবাৰী অঞ্চলৰ খনন কাৰ্যৰ দ্বাৰা কিহৰ মূৰ্তি উদ্ধাৰ হৈছিল?

উত্তৰঃ গুৱাহাটী মহানগৰৰ আমবাৰী অঞ্চলৰ খনন কাৰ্যৰ দ্বাৰা নটৰাজৰ মূৰ্তি উদ্ধাৰ কৰা হৈছিল।

(ঠ) শিৱসাগৰ জিলাৰ চৰাইদেউত আহোম স্বৰ্গদেউৰ সমাধিক্ষেত্ৰ মৈদামসমূহ উদ্ধাৰ হৈছে। মৈদামসমূহত উদ্ধাৰ হোৱা সামগ্ৰীসমূহ কি কি আছিল? এই মৈদামসমূহৰ লগত কোন দেশৰ মৈদামৰ সাদৃশ্য আছে লিখা।

উত্তৰঃ মৈদামসমূহত উদ্ধাৰ হোৱা সামগ্ৰী সমূহ আছিল মৃতকৰ লগত সমৰ্পন কৰা শৰাই, সঁফুৰা, হাতী-দাঁতৰ সামগ্ৰী, সোণৰ অলংকাৰৰ অৱশেষ আদি। এই মৈদাম সমূহৰ লগত চীনদেশৰ ৰাজকীয় মৈদামৰ সাদৃশ্য আছে।

২। তলত দিয়া শব্দবোৰৰ অৰ্থ লিখা।

উত্তৰঃ

শব্দ

অৰ্থ

প্ৰত্নতত্ত্ব

পুৰণিকলীয়া বস্তু সম্বন্ধীয় জ্ঞান, পুৰাতত্ত্ব।

ভগ্নাৱশেষ

কোনো বস্তু ভাঙি নষ্ট হোৱাৰ পাছত নষ্ট নহৈ থকা ভাগ।

ভাস্কৰ্য

ধাতু আদিৰ পৰা মূৰ্তি সজা শিল্প।

স্তূপ

থূপ, দ’ম।

ঐতিহাসিক

ইতিহাস, সম্বন্ধীয়।

উদ্ ঘাটন

উদ্মোচন, মুকলি কৰা কাৰ্য।

ঐতিহ্য

গৌৰৱপূৰ্ণ পৰম্পৰাগত বিষয় বা প্ৰথা।

গৌৰৱ

সন্মান, মৰ্যাদা।

৩। চমুটোকা লিখা।

(ক) শ্ৰী শ্ৰী সূৰ্য পাহাৰ।

উত্তৰঃ শ্ৰী শ্ৰী সূৰ্য পাহাৰ অসমৰ গোৱালপাৰা জিলাত অৱস্থিত। এইখন এখন ইতিহাস প্ৰসিদ্ধ স্থান। প্ৰত্নতাত্বিক দিশৰ পৰাও এইখন এখন অতিকৈ প্ৰসিদ্ধ স্থান। ইয়াত কেইবাবাৰো খনন কাৰ্য চলাই বিভিন্ন ধৰণৰ সম্পদ উদ্ধাৰ কৰা হৈছে। খনন কাৰ্যৰ ফলত ইয়াত উদ্ধাৰ হোৱা শিলেৰে নিৰ্মিত বৌদ্ধ স্তূপ, জৈন ধর্মৰ আদিগুৰু নেমিনাথ আৰু ঋষভ নাথৰ ভাস্কৰ্য, শিৱ-লিঙ্গ, গণেশ আদি মূৰ্তিৰ সমাৱেশে শ্ৰী শ্ৰী সূৰ্য পাহাৰক বিভিন্ন ধৰ্মীয় সমাজৰ মিলনভূমি ৰূপে চিহ্নিত কৰিছে।

(খ) মৈদাম।

উত্তৰঃ মৈদাম বুলিলে সাধাৰণতে আহোম স্বৰ্গদেউ সকলৰ সমাধিক্ষেত্ৰক বুজা যায়। শিৱসাগৰ জিলাৰ চৰাইদেউত এনে ধৰণৰ কেইবাখনো ৰাজকীয় মৈদাম উদ্ধাৰ কৰা হৈছে। এই মৈদামসমূহৰ আকৃতি বৃহৎ অৰ্ধগোলাকাৰৰ। ইয়াৰ স্থাপত্য সমগ্ৰ ভাৰতবর্ষতে বিৰল। এই মৈদামসমূহৰ লগত চীনদেশৰ ৰাজকীয় মৈদাম সংস্কৃতিৰ সাদৃশ্য আছে। ভাৰতৰ প্ৰত্নতাত্ত্বিক বিভাগে এনে এটি মৈদামৰ খনন কাৰ্য চলাই মৃতকৰ লগত দিয়া শৰাই, সঁফুৰা, হাতী দাঁতৰ অলংকাৰ, সোণৰ অলংকাৰৰ অৱশেষ আদি বিভিন্ন সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।

(গ) ডুবৰনি।

উত্তৰঃ বৰপথাৰ অঞ্চলৰ ‘ডুবৰনি’ প্ৰাচীন অসমৰ বুৰঞ্জীৰ অন্যতম ক্ষেত্ৰ। এই অঞ্চলৰ ওচৰে-পাঁজৰে উদ্ধাৰ হোৱা প্রাচীন লিপিসমূহৰ পৰা আমি সমাজ, ধর্ম, সাহিত্য, ৰাজনৈতিক দিশ আদিৰ অনেক তথ্য পাওঁ। কেৱল লিপিয়েই নহয়, ডুবৰনি অঞ্চলত প্রত্নতাত্ত্বিক খনন কাৰ্যৰ দ্বাৰা উদ্‌ঘাটন কৰা প্রাচীন ইটাৰে নির্মিত মন্দিৰৰ ভেটি, শিৱ-লিংগ আদিয়ে অতীতত ডুবৰনি অঞ্চলত বিকাশ লাভ কৰা ভাস্কর্য আৰু স্থাপত্য কলাৰ ইংগিত বহন কৰিছে।”

(ঘ) নটৰাজ।

উত্তৰঃ নটৰাজক নৃত্য গুৰু অথবা নৃত্যৰ দেৱতা হিচাপে বিশ্বাস কৰা হয়। শিৱৰ বাহন নন্দীৰ পিঠিত উঠি নৃত্য কৰি থকা অৱস্থাত নটৰাজৰ মূৰ্তি গুৱাহাটীৰ আমবাৰী অঞ্চলৰ পৰা উদ্ধাৰ কৰা হৈছে। এই মূৰ্তি সমগ্ৰ ভাৰতবৰ্ষতে বিৰল।

৪। ব্যাখ্যা কৰা।

(ক) উত্তৰ ভাৰতৰ গংগা নদীৰ উপত্যকা আৰু অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাত একে সময়তে সভ্যতা সংস্কৃতিৰ বিকাশ সাধন হৈছিল?

উত্তৰঃ উক্ত কথাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ‘অতীতক নাযাবা পাহৰি’ নামৰ পাঠটোৰ পৰা তুলি দিয়া হৈছে।

সংগতিঃ গংগা নদীৰ পাৰত গঢ়ি উঠা সভ্যতা আৰু ব্ৰহ্মপুত্ৰ উপত্যকা সভ্যতাৰ মাজত সাদৃশ্য দাঙি ধৰাৰ প্ৰসংগতে উক্ত কথাফাঁকিৰ ব্যৱহাৰ কৰা হৈছে।

ব্যাখ্যাঃ অসমৰ বিভিন্ন স্থানত খনন কাৰ্যৰ দ্বাৰা উদ্ধাৰ হোৱা প্ৰত্নতাত্বিক সম্পদ সমূহৰ লগত গঙ্গা নদীৰ উপত্যকাত উদ্ধাৰ কৰা বিভিন্ন সামগ্ৰীৰ সামঞ্জস্য দেখিবলৈ পোৱা গৈছে। এই প্ৰত্নতাত্বিক সম্পদ সমূহৰ জৰিয়তে এখন ঠাইৰ মানুহৰ জীৱন ধাৰণৰ প্ৰণালী, কলা-সংস্কৃতি, ধৰ্ম-দৰ্শন ইত্যাদিৰ বিষয়ে জানিব পাৰি। অসমত উদ্ধাৰ হোৱা এনে প্ৰত্নতাত্বিক সম্পদ সমূহে অসমৰ সাংস্কৃতিক আৰু সামাজিক ঐতিহ্যৰ ভেটি সুদৃঢ় কৰি তুলিছে। তেজপুৰৰ ওচৰৰ বৰাচুবুৰী গাওঁত পোৰা মাটিৰ কুঁৱাৰ অৱশেষ উদ্ধাৰ হৈছে। তেনে একে ধৰণৰ পোৰা মাটিৰ কুঁৱাৰ অৱশেষ গঙ্গা নদীৰ প্ৰাচীন প্ৰত্নতাত্বিক স্থানতো পোৱা গৈছে। ইয়াৰ দ্বাৰাই প্ৰমাণ হয় যে দুয়োখন ঠাইতে একে সময়তে সভ্যতা-সংস্কৃতিৰ বিকাশ সাধন হৈছে।

৫। তলৰ শব্দবোৰৰ বিপৰীতাৰ্থক শব্দ পাঠৰ পৰা বিচাৰি লিখা।

উত্তৰঃ উপস্থিত — অনুপস্থিত।

চিনাকি — অচিনাকী।

প্ৰাচীন — নৱীন।

পৰিকল্পিত — অপৰিকল্পিত।

ধ্বংস — সৃষ্টি।

নৱীন — প্ৰাচীন।

দুৰ্বল — শক্তিশালী।

বৈসাদৃশ্য — সাদৃশ্য।

৬। বাক্য ৰচনা কৰা।

উত্তৰঃ ভগ্নাৱশেষ – সেই স্থানত এতিয়া সংগ্ৰহালয়টোৰ ভগ্নাৱশেষেহে আছে।

ইতিহাস – শিৱসাগৰ অসমৰ এখন ইতিহাস প্ৰসিদ্ধ ঠাই।

উৎঘাটন – দুৰ্ঘটনাটোৰ কাৰণ এতিয়াও উৎঘাটন কৰিব পৰা হোৱা নাই।

উদ্ধাৰ – সেই স্থানৰ পৰা কেইবাবিধো আপুৰুগীয়া সম্পদ উদ্ধাৰ কৰা হৈছে।

খনন – খাৰুৱা তেলৰ বাবে ইয়াত বৃহৎ হাৰত খনন কাৰ্য চলোৱা হৈছিল।

নিৰ্মাণ – অট্টালিকাটোৰ নিৰ্মাণ কাৰ্য চলি আছে।

ঐতিহ্য – তেজপুৰ এখন ঐতিহ্য চহৰ।

আপুৰুগীয়া – গড় এবিধ আপুৰুগীয়া জন্তু।

৭। তলৰ বাকীবিলাকৰ অৰ্থ এটা শব্দত প্ৰকাশ কৰা।

(ক) কোনো বস্তুৰ ভগা-ছিগা অংশবোৰ –

উত্তৰঃ ভগ্নাৱশেষ।

(খ) প্ৰাচীন যুগৰ সম্পদসমূহৰ বিষয়ে কৰা অধ্যয়ন –

উত্তৰঃ প্ৰত্নতত্ত্ব।

(গ) প্ৰাচীন যুগৰ সম্পদসমূহৰ সংৰক্ষণ কৰি ৰখা স্থান –

উত্তৰঃ সংগ্ৰহালয়।

(ঘ) শিলত কটা শিল্প –

উত্তৰঃ ভাস্কৰ্য।

৮। তলৰ প্ৰশ্নকেইটাৰ উত্তৰ দিয়া।

(ক) অ’ভাৰহেড প্ৰজেক্টৰ বুলিলে কি বুজা?

উত্তৰঃ অ’ভাৰহেড প্ৰজেক্টৰ বুলিলে এবিধ প্ৰক্ষেপন যন্ত্ৰক বুজা যায়।

(খ) অ’ভাৰহেড প্ৰজেক্টৰৰ সহায়ত কি কৰিব পাৰি?

উত্তৰঃ অ’ভাৰহেড প্ৰজেক্টৰৰ সহায়ত স্বচ্ছ কাগজত লিখি লোৱা কথা বা ছবি আদি প্ৰতিফলক পদাৰ্থ ডাঙৰকৈ দেখুৱাব পাৰি।

(গ) প্ৰত্নতাত্ত্বিক সম্পদৰ সময় নিৰূপণ কৰা ব্যৱস্থাটোক কি বুলি কোৱা হয়?

উত্তৰঃ প্ৰত্নতাত্ত্বিক সম্পদৰ সময় নিৰূপণ কৰা ব্যৱস্থাটোক কাৰ্বন ফৰটিন মেথদ বুলি কোৱা হয়।

(ঘ) প্ৰত্নতাত্ত্বিক খনন কাৰ্য সমাধা হোৱা ঠাই কেইখনমানৰ নাম লিখা।

উত্তৰঃ প্ৰত্নতাত্ত্বিক খনন কাৰ্য সমাধা হোৱা ঠাই কেইখনমানৰ নাম হ’ল – আমবাৰী, মদন কামদেৱ, দ-পবৰ্তীয়া, ডুবৰণি, শ্ৰী শ্ৰী সূৰ্য পাহাৰ, ন-নাথ আদি।

(ঙ) লিপিসমূহৰ অধ্যয়নে কি কি তথ্যৰ যোগান ধৰে?

উত্তৰঃ লিপিসমূহৰ অধ্যয়নে ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক আদি নানান তথ্যৰ যোগান ধৰে।

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
Class 8 Assamese Chapter 11 (অতীতক নাযাবা পাহৰি) – Frequently Asked Questions (FAQs)
What is the central message of the lesson ‘Otitok Najaba Pahori’?
The central message of ‘অতীতক নাযাবা পাহৰি’ (Otitok Najaba Pahori) is that we should never forget our past, our traditions, and the contributions of our ancestors, as learning from historical heritage provides the necessary wisdom to build a bright future.
What is included in these textual solutions?
It includes all textbook exercise question answers, explanations of the lesson’s themes, additional important questions required for examinations, and complete solutions for textual grammar and vocabulary.
Are these solutions prepared according to the new ASSEB syllabus?
Yes, all these study materials are prepared strictly according to the latest new syllabus and guidelines of ASSEB (formerly SEBA) for school examinations.
What type of questions appear in exams from this chapter?
According to the new syllabus pattern, 1-mark very short answer questions (VSA), multiple-choice questions (MCQ), vocabulary exercises, and descriptive long questions discussing the importance of our heritage can appear from this lesson.

EduAssam Solution App

Your complete digital learning solution.

Free Notes Mock Tests Q-Bank
Download Now
10k+ Students

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top