Class 8 Assamese Chapter 12 – সুখ (Sukh) – All Textual Solutions | ASSEB Assam (English Medium)
Class 8 Assamese Chapter 12 – সুখ (Sukh) Complete Textual Question Answers and Solutions (ASSEB / SEBA Assam – English Medium)
The twelfth chapter of the Class 8 Assamese curriculum, ‘সুখ’ (Sukh), is a deeply philosophical and reflective poem that explores the true meaning of happiness, contentment, and peace in human life. These complete textual question answers (Class 8 Assamese Chapter 12 Textual Question Answer) have been meticulously prepared based on the new ASSEB (Assam State School Education Board) syllabus and the latest guidelines of the National Education Policy (NEP). This comprehensive collection includes very short answer questions (VSA), short questions, long answers, and detailed grammar solutions. At Ospin Academy, these solutions are provided in an easy, accurate, and completely exam-oriented manner.
In the poem ‘সুখ’ (Sukh), students learn that real happiness does not reside merely in external wealth or materialistic possessions, but is found within a pure heart, unselfish deeds, and inner contentment. For students, comprehending the central philosophical theme, emotional depth, and specific vocabulary of this chapter is highly essential. Our textual solutions cover not only the textbook exercise questions but also additional important question-answers likely to appear in examinations, helping students prepare thoroughly.
What you will learn and get from these textual solutions:
- Detailed summary and analysis exploring the inner essence of true joy and contentment as conveyed in the poem.
- Word meanings, flawless answers for 1-mark very short questions (VSA objective type), and 2-3 mark short questions.
- Reference to Context explanations and standard, easy-to-understand solutions for 4-5 mark long questions.
- Textual grammar, sentence construction, opposite words, synonyms, and proper linguistic comprehension.
- Important questions based on the new syllabus pattern along with solutions for the latest model MCQ questions.
Special advantages of these Ospin Academy Question Answers:
- Complete textual solutions prepared strictly on the basis of the latest ASSEB new syllabus.
- 100% accurate and high-quality notes written in clear, simple language, making it easy for English Medium students to understand and memorize (Class 8 Assamese Notes).
- Specially compiled simple answers for quick revision before school and board examinations.
- A special collection of additional important text-based questions from ‘Sukh’ that may appear in exams.
Keeping in mind the academic upliftment of students, Ospin Academy has brought forward these special textual solutions. Start your exam preparation today and move towards scoring maximum marks in the Assamese subject.
Class 8 Assamese (অংকুৰণ) PDF Solutions 2026-27 | SCERT Assam
Download Class 8 Assamese (অংকুৰণ) PDF with textbook solutions, MCQs, and additional practice questions for SCERT Assam 2025-26.
Class 8 Assamese
Chapter – 12. (Ospin Academy)
সুখ
|
পাঠভিত্তিক ক্ৰিয়াঃ |
|---|
১। কবিতাটো শুদ্ধ উচ্চাৰণেৰে পঢ়া।
২। কবিতাটো ছন্দ, লয় ৰক্ষা কৰি আবৃত্তি কৰা।
৩। উত্তৰ দিয়া।
(ক) সুখ-সুখ বুলি সংসাৰত সুখ বিচাৰোঁতে মানুহে কি পায়?
উত্তৰঃ সুখ-সুখ বুলি সংসাৰত সুখ বিচাৰোঁতে মানুহে দুখৰ উপৰিও দুখ।
(খ) কবিয়ে মানুহক ‘দিন কণা’ বুলি কিয় কৈছে?
উত্তৰঃ কবিয়ে মানুহক ‘দিন কণা’ বুলি এইকাৰণেই কৈছে কাৰণ মানুহে সংসাৰত সুখৰ সন্ধানত ঘূৰি ফুৰে আৰু সুখ বিচাৰোঁতে দুখৰ উপৰি দুখ পাবলগীয়া হয়।
(গ) সুখ পাবলৈ হ’লে আমি কি বলিদান দিব লাগিব?
উত্তৰঃ সুখ পাবলৈ হ’লে আমি নিজৰ স্বাৰ্থৰ বলিদান দিব লাগিব।
(ঘ) পৰমপিতাৰ সন্তান বুলি কাক কোৱা হৈছে?
উত্তৰঃ পৰমপিতাৰ সন্তান বুলি এই পৃথিৱীত বাস কৰা সকলো প্ৰাণীকে কোৱা হৈছে।
(ঙ) স্বাৰ্থৰ বাটত কিহে বিন্ধে বুলি কবিয়ে কৈছে?
উত্তৰঃ স্বাৰ্থৰ বাটত দুখৰ কাঁইট আৰু খোজে প্ৰতি হূলে বিন্ধে বুলি কবিয়ে কৈছে।
(চ) সুগন্ধি কুসুম ক’ত ফুলে?
উত্তৰঃ সুগন্ধি কুসুম নিঃস্বাৰ্থৰ বাটত ফুলে।
(ছ) জীৱনটো অকল নিজৰ নিমিত্তে নহয়, তেনেহ’লে কাৰ বাবে?
উত্তৰঃ জীৱনটো অকল নিজৰ নিমিত্তে নহয়, এই পৃথিৱীত বাস কৰা আন মানুহ তথা জীৱকূলৰ বাবেও এই জীৱন।
(জ) কি কৰিব পাৰিলে সংসাৰৰ পৰা দুখ নোহোৱা হ’ব?
উত্তৰঃ কেৱল নিজৰ কথা নাভাবি আনৰহকে ত্যাগ কৰিব পাৰিলে আৰু আনৰ হিতৰ হৈ কাম কাজ কৰিব পাৰিলে সন্তোষ লাভ কৰিব পৰা যাব।
৪। কবিতাটোৰ মূলভাব নিজৰ কথাৰে লিখা।
উত্তৰঃ পৃথিৱীৰ প্ৰতিগৰাকী মানুহেই ওৰেটো জীৱন সুখৰ সন্ধান কৰে। সুখৰ অনুভূতিয়ে সকলোকে ৰোমাঞ্চিত কৰি তোলে। কিন্তু এই সুখৰ সূত্র প্রত্যেকৰ বাবে বেলেগ বেলেগ হ’ব পাৰে। সুখ বিচাৰি আকৌ বহুতে দুখৰ সাগৰতহে ককবকাই থাকিব লাগে। জীৱনৰ তাৎপর্য অনুধাৱন কৰা মানুহে জানে যে আনৰ সুখত সুখী আৰু আনৰ দুখত দুখী অনুভৱ কৰিব পাৰিলেহে প্রকৃত সুখৰ মুখ দেখাটো সম্ভৱ। কবিয়েও কৈছে –’পৰৰ কাৰণে কান্দিব জানিলে কান্দোনতো সুখ পায়।’ সেয়েহে, আনৰ মাজত নিজক বিলাই দিব পাৰিলে, নিজক আৱিষ্কাৰ কৰিব পাৰিলে আৰু নিঃস্বার্থভাৱে আনক আপোন কৰিব পাৰিলে জীৱন সুখময় হৈ পৰে। ‘পৃথিৱীখনেই আমাৰ ঘৰ, আমি সকলোৱেই ভাই-ভনী’- এইবুলি ল’ব পাৰিলে আমাৰ জীৱন সুখৰ আকৰ হৈ পৰিব। জীৱন হৈ পৰিব অর্থপূর্ণ।
৫। সংসাৰত সুখ পাবলৈ হ’লে কি কি কৰিব লাগিব? কবিতাটোৰ আলমত লিখা।
উত্তৰঃ সংসাৰত সুখ পাবলৈ হ’লে মানুহে নিজৰ ন্যস্ত স্বাৰ্থক বিসৰ্জন দি আনৰ হকে চিন্তা কৰিব লাগিব। আনৰ সুখত সুখী হ’ব পাৰিব লাগিব আৰু আনৰ দুখত কান্দিব জানিলে কান্দোনতো সুখ পায় বুলি কবিয়ে উল্লেখ কৰিছে। এই পৃথিৱীত বসবাস কৰা সকলো নৰ -নাৰীয়েই এক পৰম পিতাৰ সন্তান গতিকে বিশ্বৰ সকলো নৰ-নাৰীকেই নিঃস্বাৰ্থ প্ৰেম কৰিলে এই সংসাৰ সুখেৰে পৰিপূৰ্ণ হৈ পৰিব। সেইবাবে আমি বিশ্ব প্ৰেমৰ বান্ধোনেৰে বান্ধ খাই সকলোকে ভাই- ভনী বুলি গণ্য কৰা উচিত।
৬। তলৰ শব্দবোৰৰ অৰ্থ শব্দ সম্ভাৰ আৰু অভিধান চাই লিখা।
উত্তৰঃ দিন কণা — দিনতে নেদেখা, মতা কুলি চৰাই।
স্বাৰ্থ — নিজৰ লাভ বা মংগল।
বলিদান — বলি, উচৰ্গা।
থিত — ধীৰ, স্থিৰ।
হিত — মংগল, উপকাৰী।
সন্তোষ — আনন্দ, তৃপ্তি।
গাই-গোটা-পেটে ভঁৰাল – স্বাৰ্থপৰ।
পৱিত্ৰ — গুচি, শুদ্ধ।
তৰী – নাও, নৌকা।
যথাৰ্থ – সঁচা, সত্য।
বৰত — উপবাস, ব্ৰত।
পৰমপিতা – ঈশ্বৰ।
নিঃস্বাৰ্থ – স্বাৰ্থ নথকা, আপোনাৰ হিত নিবিচৰা, উপকাৰৰ আশা নথকা।
ওৰ – অন্ত, শেষ।
অভাৱ — লাগতিয়াল বস্তু নথকা বা নোপোৱা অৱস্থা, কষ্ট, দুখ।
পমি – লীণ।
সামৰথ — শক্তি, ক্ষমতা।
হুল — সৰু কাঁইট।
৭। দেখিও নেদেখা কিয় দিন-কণা
(a) সুখ হে হাতত আছে;
যিয়ে দিব পাৰে স্বাৰ্থ বলিদান
সুখ ফুৰে পাছে পাছে।
— কবিয়ে দিন কণা বুলি কাক আৰু কিয় কৈছে?
উত্তৰঃ কবিয়ে দিন-কণা বুলি এই পৃথিৱীৰ নৰ-মনীচক কৈছে। এই পৃথিৱীত মানুহে সুখ সুখ বুলি হাবাথুৰি খাই ফুৰে অথচ সুখৰ মুখ নেদেখে বৰঞ্চ সুখ বিচাৰোঁতে দুখৰ উপৰি দুখ হে পাবলগীয়া হয়। কিন্তু নিজৰ হাততেই যে সুখ নিহিত হৈ থাকে সেই সুখক মানুহে বিচাৰি লব নাজানে। সেয়েহে কবিয়ে মানুহক দিন-কণা বুলি কৈছে।
(b) মানুহৰ পাছে পাছে সুখ ফুৰিবলৈ হ’লে মানুহে কি কৰিব লাগিব?
উত্তৰঃ মানুহৰ পাছে পাছে সুখ ফুৰিবলৈ হ’লে মানুহে স্বাৰ্থ বলিদান দিব লাগিব আৰু আনৰ হকে চিন্তা কৰিবলৈ শিকিব লাগিব।
৮। প্ৰসংগ সংগতি লগাই ব্যাখ্যা কৰা।
যথাৰ্থ নিস্বাৰ্থ মৰমী জীৱন
বিশ্ব-প্ৰেমে ভৰ-পূৰ,
বিশ্বৰ সকলো ভাই-ভনী তাৰ,
সুখৰ নপৰে ওৰ।
উত্তৰঃ উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথি ‘অংকুৰণৰ’ অন্তৰ্গত ‘সুখ’ নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে।
সংগতিঃ মানুহে সুখ কিদৰে আহৰণ কৰিব পাৰে সেই প্ৰসংগতে উক্ত কবিতাফাঁকিৰ অৱতাৰণা কৰা হৈছে।
বাখ্যাঃ মানুহে যদি নিঃস্বাৰ্থ ভাবে সকলোকে মৰম চেনেহ দিব পাৰে তেনেহলে জীৱনটো সুখেৰে উপচি পৰে। বিশ্বৰ সকলো মানুহকে নিজৰ ভাই-ভনী ৰূপে গ্ৰহণ কৰিব পাৰিলে বিশ্বত প্ৰেম ভাৱ উপচি পৰিব আৰু সংসাৰখনো এখন সুখৰ ঠাই হৈ পৰিব বুলি কবিয়ে কৈছে। আৰু যিসকল লোকে বিশ্ব প্ৰেমৰ ভাৱেৰে উদ্বুদ্ধ হৈ নিজৰ ব্যক্তিগত স্বাৰ্থক জলাঞ্জলি দি প্ৰেম, ভাতৃত্ববোধৰ মনোভাৱেৰে আগবাঢ়ে তেনে মানুহৰ জীৱনটো সুখৰ ওৰ নপৰে বুলি কবিয়ে কবিতাটোত উল্লেখ কৰিছে।
৯। বাক্য ৰচনা কৰা।
উত্তৰঃ স্বাৰ্থ-বলিদান = দেশৰ হকে নিজৰ স্বাৰ্থ-বলিদান দিয়া লোকসকল আজিও অমৰ হৈ আছে।
সুগন্ধি = ধূপকাঠিৰ সুগন্ধিয়ে কোঠাটো আমোলমলাই তুলিছে।
সেন্দুৰীয়া = বেলিটোৰ সেন্দুৰীয়া জীৱনত সুখী হ’ব পাৰি।
ভৰ-পূৰ = ফুলনি বাগিছাখন ফুলেৰে ভৰ-পূৰ হৈ আছে।
দিন-কণা = দিন-কণা মানুহজনে উজুটি খাই ৰাস্তাৰ কাষত বাগৰি পৰিছিল।
ব্যৱহাৰিক ব্যাকৰণঃ
১০। কবিতাটোত থকা যুৰীয়া শব্দকেইটা বিচাৰি উলিয়াই বাক্য সাজা।
উত্তৰঃ দিন-কণা = দিন-কণা মানুহে দিনৰ পোহৰত দেখা নাপায়।
নৰ-নাৰী = এই পৃথিৱীখন নৰ-নাৰীৰ সমষ্টি।
শক্তি-সামৰথ = শক্তি-সামৰথ অনুযায়ী মানুহে দান-দক্ষিণা কৰা উচিত।
ভাই-ভনী = যদু আৰু হিয়া দুয়ো ভাই-ভনীয়ে একেলগে স্কুললৈ অহা যোৱা কৰে।
গাই-গোটা = মানুহ গাই-গোটা পেটে ভঁৰাল স্বৰূপ হ’ব নালাগে।
১১। কবিতাটোত থকা ‘সন্তান’ শব্দটোৱে উভয়লিংগ বুজাইছে।
এনে শব্দৰ পুংলিঙ্গ আৰু স্ত্ৰীলিং বুজাবলৈ ক্ৰমে কন্যা আৰু পুত্ৰ শব্দ ব্যৱহাৰ কৰা হয়। যেনে– কন্যা সন্তান — পুত্ৰ সন্তান।
একেদৰে কিছুমান শব্দৰ লিংগ পৰিৱৰ্তন কৰিবলৈ হ’লে মতা, মাইকী শব্দ ব্যৱহাৰ কৰা হয়। যেনে — মতা মানুহ — মাইকী মানুহ
তলৰ শব্দবোৰৰ লিঙ্গ পৰিৱৰ্তন কৰা।
হাতী, মানুহ, ম’হ, ছাগলী, কুকুৰা।
উত্তৰঃ
|
পুংলিঙ্গঃ |
স্ত্ৰীলিঙ্গঃ |
|---|---|
|
দঁতাল |
মাখুন্দী |
|
মতা মানুহ |
মাইকী মানুহ |
|
মতা ম’হ |
মাইকী ম’হ |
|
পঠা |
পাঠী |
|
মতা কুকুৰা |
মাইকী কুকুৰা |
১২। “নিস্বাৰ্থৰ বাট, সেন্দুৰীয়া আলি,
সুগন্ধি কুসুম ফুলে।”
সেন্দুৰ শব্দটোত ‘-ঈয়া’ প্ৰত্যয় যোগ হৈ সেন্দুৰীয়া হৈছে।
যেনে — সেন্দুৰ + ঈয়া = সেন্দুৰীয়া।
তেনেদৰে তলৰ শব্দকেইটাৰ প্ৰত্যয় ভাঙি দেখুওৱা।
উত্তৰঃ ঢুলীয়া – ঢোল + ঈয়া।
তেলীয়া — তেল + ঈয়া।
কপটীয়া — কপট + ঈয়া।
পাহাৰীয়া — পাহাৰ + ঈয়া।
সেউজীয়া — সেউজ + ঈয়া।
নগৰীয়া — নগৰ + ঈয়া।
১৩। তলৰ সৰল বাক্যবোৰ যৌগিক বাক্যলৈ পৰিৱৰ্তন কৰা।
উদাহৰণ — সৰল বাক্য – মণিয়ে ভাত খাই স্কুললৈ গ’ল।
যৌগিক বাক্য — মণিয়ে ভাত খালে আৰু স্কুললৈ গ’ল।
(১) সঁচা কথা ক’লে সকলোৱে মৰম কৰিব।
উত্তৰঃ যৌগিক বাক্যঃ যদি সঁচা কথা কোৱা তেতিয়া সকলোৱে মৰম কৰিব।
(২) ব্যায়াম নকৰিলে স্বাস্থ্য ভালে নাথাকিব।
উত্তৰঃ যৌগিক বাক্যঃ যদি ব্যায়াম নকৰা তেতিয়াহলে স্বাস্থ্য ভালে নাথাকিব।
(৩) পৰীক্ষাত প্ৰথম হোৱা বাবে প্ৰমোদক সকলোৱে ভাল পাইছিল।
উত্তৰঃ যৌগিক বাক্যঃ প্ৰমোদ পৰীক্ষাত প্ৰথম হৈছিল আৰু সেইবাবে তাক সকলোৱে ভাল পাইছিল।
(৪) ৰবীন আহিল, শ্যামল নাহিল।
উত্তৰঃ যৌগিক বাক্যঃ ৰবীন আহিল কিন্তু শ্যামল নাহিল।
(৫) খেলুৱৈৰ দলটোৱে জিৰণি লৈ উঠি খেলপথাৰত নামিল।
উত্তৰঃ যৌগিক বাক্যঃ খেলুৱৈৰ দলটোৱে জিৰণি ল’লে আৰু তাৰপিছত খেলপথাৰত নামিল।
১৪। স্বাৰ্থপৰ মানুহ আৰু স্বাৰ্থ বলিদান দিয়া মানুহৰ দোষ, গুণবোৰ কেনেধৰণৰ কামত ফুটি উঠে লিখা।
উত্তৰঃ স্বাৰ্থপৰ মানুহবোৰে সকলো কাম নিজৰ সুবিধা অনুসৰিয়েই কৰে। তেওঁলোকে আনৰ বাবে চিন্তা নকৰে। যিকোনো বস্তু সকলোতকৈ আগত আৰু সম্পূৰ্ণৰূপে নিজৰ কৰি কেনেদৰে পাব পাৰি তাৰে চিন্তাত তেওঁলোক ব্যস্ত । আনৰ বাবে ৰাখি চলা অথবা খোৱাৰ অভ্যাস নাথাকে। আনৰ বিপদৰ সময়ত তেওঁলোকে পিঠি দি হাত সাৰিব বিচাৰে। আনহাতে স্বাৰ্থ বলিদান দিয়া মানুহবোৰে আনৰ কথা সকলোতকৈ আগত ভাবে। তেওঁলোকে যিকোনো কথা বা কামতেই নিজতকৈ আগত আনৰ বিষয়ে চিন্তা কৰে। তেওঁলোকৰ কথা বা কামে যাতে আনৰ ক্ষতি নকৰে সেই ক্ষেত্ৰত তেওঁলোক সদা সতৰ্ক। যিকোনো বস্তু নিজে গ্ৰহণ কৰা আগত তেওঁলোকে আনৰ বাবে সাঁচে। আনৰ বিপদৰ সময়ত নিজে মৰি হলেও তেওঁলোকে সহায় কৰিবলৈ আগবাঢ়ি আহে।
