অষ্টম শ্ৰেণী নতুন বিজ্ঞান অধ্যায় ১ – শস্য উপাৎদন আৰু ব্যৱস্থাপণা (Crop Production and Management) – সকলো পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ আৰু MCQ | অসম জাতীয় বিদ্যালয়

CLASS 8

Class 8 Science Chapter 1 শস্য উপাৎদন আৰু ব্যৱস্থাপণা Solutions | Assam Jatiya Bidyalaya

অষ্টম শ্ৰেণী নতুন বিজ্ঞান অধ্যায় ১ – শস্য উপাৎদন আৰু ব্যৱস্থাপণা সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ আৰু সমাধান (Assam Jatiya Bidyalaya)

অষ্টম শ্ৰেণীৰ নতুন বিজ্ঞান পাঠ্যক্ৰমৰ প্ৰথম অধ্যায় ‘শস্য উপাৎদন আৰু ব্যৱস্থাপণা’ শ্ৰেণীটোৰ বাবে অতি গুৰুত্বপূৰ্ণ এটি অধ্যায়। আগন্তুক পৰীক্ষাসমূহৰ বাবে নতুন পাঠ্যক্ৰমৰ শেহতীয়া নিৰ্দেশনাৰ আধাৰত এই অধ্যায়ৰ সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ (Class 8 Science Chapter 1 Textual Question Answer) প্ৰস্তুত কৰা হৈছে। এই বিশেষ সংকলনটিত পাঠভিত্তিক অতি চমু প্ৰশ্ন (VSA), বহু-বিকল্পী প্ৰশ্ন (MCQ), অতিৰিক্ত প্ৰশ্ন (Additional Questions) আৰু দীঘলীয়া প্ৰশ্নৰ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে। অসম জাতীয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এই সমাধানসমূহ সহজ, নিৰ্ভুল আৰু সম্পূৰ্ণ পৰীক্ষামুখীভাৱে উপলব্ধ কৰোৱা হৈছে।

‘শস্য উপাৎদন আৰু ব্যৱস্থাপণা’ নামৰ এই পাঠটিত কৃষি পদ্ধতি, শস্যৰ প্ৰকাৰ (খৰিফ আৰু ৰবি শস্য), মাটি প্ৰস্তুতি, বীজ সিঁচা, সাৰ প্ৰয়োগ, জলসিঞ্চন, অপতৃণ নিয়ন্ত্ৰণ, শস্য চপাই লোৱা আৰু ভঁৰালত সংৰক্ষণ সম্পৰ্কে বিশদভাৱে আলোচনা কৰা হৈছে। পৰীক্ষাৰ্থীসকলৰ বাবে এই পাঠৰ মৌলিক ধাৰণা আৰু বৈজ্ঞানিক কাৰণসমূহ বুজি পোৱাটো অতি প্ৰয়োজনীয়। আমাৰ এই সমাধানত কেৱল পাঠ্যপুথিৰ অনুশীলনীৰ প্ৰশ্নসমূহেই নহয়, বৰঞ্চ পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু MCQ সমূহো সামৰি লোৱা হৈছে যাতে ছাত্ৰ-ছাত্ৰীসকলে সুন্দৰভাৱে প্ৰস্তুতি চলাব পাৰে।

অধিক বিনামূলীয়া Notes আৰু PDFৰ বাবে আমাৰ App টো ডাউনলোড কৰক:
Download EduAssam Solution App Click Here to Get Free Notes & Previous Papers

এই পাঠ্যভিত্তিক সমাধানৰ পৰা আপুনি কি কি শিকিব আৰু পাব:

  • শস্য উৎপাদনৰ বিভিন্ন পৰ্যায়, আধুনিক কৃষি পদ্ধতি আৰু কৃষিকৰ্মৰ মূল কাৰ্যসমূহৰ বিস্তৃত পৰিচয়।
  • শব্দাৰ্থ, ১ নম্বৰৰ অতি চমু প্ৰশ্ন আৰু পৰীক্ষাত সঘনাই অহা গুৰুত্বপূৰ্ণ MCQ প্ৰশ্নৰ সঠিক উত্তৰ।
  • মাটি প্ৰস্তুতি, জলসিঞ্চন আৰু অপতৃণ নিবাৰণ সম্পৰ্কীয় কাৰিকৰী প্ৰশ্নৰ সহজ তথা মান্য সমাধান।
  • পৰীক্ষাৰ বাবে অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন-উত্তৰ আৰু কাৰণ দৰ্শাওক (Give reasons) প্ৰকাৰৰ প্ৰশ্নৰ সমাধান।
  • নতুন পাঠ্যক্ৰমৰ আৰ্হি অনুসৰি প্ৰস্তুত কৰা সৰল আৰু স্পষ্ট উত্তৰসমূহ।

আমাৰ এই প্ৰশ্নোত্তৰসমূহৰ বিশেষ সুবিধা:

  • নতুন পাঠ্যক্ৰমৰ আধাৰত অসম জাতীয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে প্ৰস্তুত কৰা সম্পূৰ্ণ সমাধান।
  • ১০০% নিৰ্ভুল আৰু মুখস্থ কৰিবলৈ সহজ হোৱাকৈ সৰল অসমীয়া ভাষাত লিখা উন্নত মানৰ বিজ্ঞান নোটছ (Class 8 Science Notes)।
  • পৰীক্ষাৰ পূৰ্বে দ্ৰুত ৰিভিজনৰ (Quick Revision) বাবে বিশেষভাৱে যুগুতোৱা সহজ-সৰল উত্তৰ।
  • অধ্যায়টোৰ পৰା পৰীক্ষাত অহা সম্ভাব্য সকলো MCQ আৰু অতিৰিক্ত প্ৰশ্নৰ সংকলন।

ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি এই বিশেষ পাঠ্যভিত্তিক সমাধান আগবঢ়ाइছে। আপোনাৰ পৰীক্ষাৰ প্ৰস্তুতি এতিয়াই আৰম্ভ কৰক আৰু বিজ্ঞান বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰাৰ দিশত আগবাঢ়ক।

Vibrant Note Box
Buy Printable PDF
Class 8 Science (নতুন বিজ্ঞান) Textbook Solutions & MCQs | Assam Jatiya Bidyalaya New Syllabus
Original price was: ₹199.00.Current price is: ₹49.00.

New Updated Version!

According to Latest AJB New Syllabus & Updated Book

Get comprehensive preparation for Class 8 নতুন বিজ্ঞান (Science) with this complete Textual Solution & MCQs package.
Includes Chapter-wise textbook solutions, additional Q&A, and MCQs precisely structured as per the latest Assam Jatiya Bidyalaya syllabus and new book.
Perfect for building a strong foundation and mastering your school assessments! Download as an easy-to-use ZIP file.

Vibrant Note Box
Chapter 1 শস্য উৎপাদন আৰু ব্যৱস্থাপনা

 অসম জাতীয় বিদ্যালয়, অষ্টম শ্ৰেণী: বিজ্ঞান

অধ্যায়-1                                                          অস্পিন একাডেমী

শস্য উৎপাদন আৰু ব্যৱস্থাপনা

পাঠভিত্তিক প্রশ্নোত্তৰ

1. শুদ্ধ উত্তৰটো বাছি উলিওৱা:

(i)কোনবিধ খাদ্যশস্য?

(a) ওলকবি

(b) ধান

(c) সৰিয়হ

(b) মচুৰ

উত্তৰঃ (b) ধান

(ii) কোনবিধ শীতকালীন (kharif crop) শস্য নহয়?

(a) চয়াবিন

(b) আলু

(c) সৰিয়হ

(d) মচুৰ

উত্তৰঃ (a) চয়াবিন

(iii) কোনবিধ শস্যই নাইট্র’জেন যোগান ধৰি মাটি সাকরা কৰে?

(a) ফুলকবি

(b) শালি ধান

(c). ঘেঁহু

(d) মচুৰ মাহ

উত্তৰঃ (a) ফুলকবি

(iv) কোনবিধক বাসায়নিক সাৰৰ জৰিয়তে মাটিত দিয়া নহয়?

(a) নাইট্র’জেন

(b) ফছফ’ৰাছ

(c) হিউমাছ

(d) পটাছিয়াম

উত্তৰঃ (c) হিউমাছ

2. মাটি প্রস্তুত কৰিবলৈ ব্যৱহাৰ কৰা কেইবিধমান সঁজুলিৰ নাম লিখা।

উত্তৰঃ কৃষিকাৰ্যত মাটি চহাবলৈ প্ৰয়োগ কৰা কেইবিধমান সঁজুলি হৈছে— নাঙল, মৈ, হেৰ’ আৰু খুৰপি আদি।

3. শস্য বুলিলে কি বুজা? ৰোপণৰ সময়ৰ ওপৰত ভিত্তি কৰি শস্যসমূহক কি কি ভাগত ভাগ কৰা হৈছে?

উত্তৰঃ কোনো এখন নির্দিষ্ট কৃষিভূমিত একেবিধ উদ্ভিদকে বৃহৎ পৰিমাণত উৎপাদন কৰিলে তাক শস্য আখ্যা দিয়া হয়।

   খেতি কৰা সময়ৰ ওপৰত নিৰ্ভৰ কৰি শস্যবোৰক প্ৰধানকৈ দুটা শ্ৰেণীত বিভাজন কৰা হয়। সেইকেইটা হৈছে— বৰ্ষাকালীন শস্য আৰু শীতকালীন শস্য।

4. দুটা জৈৱিক সাৰ আৰু দুটা ৰাসায়নিক সাৰৰ নাম লিখা।

উত্তৰঃ দুবিধ জৈৱিক সাৰৰ উদাহৰণ হৈছে— প্ৰাণীৰ মল-মূত্ৰ (যেনে- গৰুৰ গোবৰ, প্ৰস্ৰাৱ, মানুহৰ মল আদি) আৰু গছ-গছনিৰ পেলনীয়া অংশ গেলি-পচি তৈয়াৰ হোৱা পচন সাৰ।

5. দুবিধ মাহজাতীয় শস্যৰ নাম লিখা।

উত্তৰঃ দুবিধ মাহজাতীয় শস্যৰ নাম হ’ল ক্ৰমে— মাটিমাহ আৰু মণ্ডমাহ।

6. শস্যাবর্তন বুলিলে কি বুজা?

উত্তৰঃ একেডৰা মাটিতেই বছৰটোৰ ভিন ভিন সময়ত বেলেগ বেলেগ খাদ্যশস্য আৰু মাহজাতীয় শস্য পালপাতি খেতি কৰা পদ্ধতিটোক শস্যাৱৰ্তন বুলি কোৱা হয়।

7.জৈৱিক সাৰ আৰু ৰাসায়নিক সাৰৰ পাৰ্থক্য লিখা।

উত্তৰঃ জৈৱিক সাৰ আৰু ৰাসায়নিক সাৰৰ মূল প্ৰভেদসমূহ তলত দিয়া ধৰণৰ—

(ক) জৈৱিক সাৰ হৈছে প্ৰাকৃতিক প্ৰক্ৰিয়াৰে সৃষ্টি হোৱা সাৰ, আনহাতে ৰাসায়নিক সাৰ উদ্যোগসমূহত কৃত্ৰিমভাৱে প্ৰস্তুত কৰা হয়।

(খ) জৈৱিক সাৰ কৃষকসকলে নিজৰ ঘৰতে তৈয়াৰ কৰিবলৈ সক্ষম, পিছে ৰাসায়নিক সাৰ ঘৰুৱাভাৱে প্ৰস্তুত কৰিব পৰা নাযায়।

(গ) জৈৱিক সাৰ বেছিকৈ প্ৰয়োগ কৰিলেও মাটিৰ স্বাভাৱিক গুণাগুণ অটুট থাকে, কিন্তু ৰাসায়নিক সাৰৰ অতিৰিক্ত ব্যৱহাৰে মাটিৰ উৰ্বৰতা হ্ৰাস কৰে।

8.অপতৃণ কাক বোলে? অপতৃণ নিয়ন্ত্ৰণ কৰাৰ দুবিধ সঁজুলিআৰু এটা অপতৃণনাশক দৰৱৰ নাম লিখা।

উত্তৰঃ কৃষিভূমিত মূল শস্যৰ সৈতে নিজে নিজে গজি উঠা অলাগতিয়াল বন-বাতবোৰক অপতৃণ বুলি আখ্যা দিয়া হয়।

এই অপতৃণ নিৰাময়ৰ বাবে ব্যৱহাৰ কৰা দুবিধ সঁজুলি হৈছে— খুৰপি আৰু চক্ৰাকাৰ কোৰ।

লগতে, এবিধ ৰাসায়নিক অপতৃণনাশকৰ নাম হৈছে— 2-4 D (টু-ফ’ৰ ডি)।

9. বীজ ছটিওৱা সঁজুলিসমূহৰ নাম লিখা।

উত্তৰঃ বীজ সিঁচিবলৈ ব্যৱহাৰ কৰা পদ্ধতি বা সঁজুলিবোৰ হৈছে— বলধ গৰুৰ সহায়ত টনা বীজ সিঁচা যন্ত্ৰ, আৰু লগতে খেতিয়কে পাত্ৰত গুটি লৈ নিজ হাতেৰে ছটিওৱা ব্যৱস্থা।

10. তলৰ ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱা-

ক’-অংশ

‘খ’-অংশ

a. ৰাইজ ‘বিয়াম

a. বন নিৰণি দিয়া সঁজুলি

b. শীতকালীন শস্য

b. বননাশক দৰৱ

C. চক্রাকাৰ কোৰ

c. ধান কটা সঁজুলি

d. বুটাক্ল’ৰ

d. এবিধ বেক্টেৰিয়া

e. কাঁচি

e. সৰিয়হ

উত্তৰঃ

ক’-অংশ

‘খ’-অংশ

a. ৰাইজ ‘বিয়াম

d. এবিধ বেক্টেৰিয়া

b. শীতকালীন শস্য

e. সৰিয়হ

C. চক্রাকাৰ কোৰ

a. বন নিৰণি দিয়া সঁজুলি

d. বুটাক্ল’ৰ

b. বননাশক দৰৱ

e. কাঁচি

c. ধান কটা সঁজুলি

অতিৰিক্ত দৰকাৰী প্রশ্নোত্তৰ:

1. খাদ্যই জীৱসমূহক কিদৰে উপকৃত কৰে?

উত্তৰঃ জগতৰ ক্ষুদ্র-বৃহৎ আটাইবোৰ প্রাণীয়েই আহাৰ ভক্ষণ কৰে। আহাৰ গ্ৰহণ নকৰাকৈ কোনো এটা জীৱৰে বৰ্তি থকাটো অকল্পনীয়। জীৱ-জন্তুবোৰ জীয়াই থাকিবলৈ লগতে দেহত বল বা শক্তি পাবলৈ খাদ্যৰ নিতান্তই আৱশ্যক। কেৱল খাদ্যৰ জড়িয়তেই জীৱদেহত শক্তি উৎপন্ন হয়। এনে শক্তি নহ’লে জীৱন ধাৰণ কৰাটো অসম্ভৱ। শক্তিৰ অভাৱত জীৱই ক্ৰমান্বয়ে কাম কৰাৰ শক্তি নাইকিয়া হৈ যোৱাৰ লগতে ৰোগত আক্ৰান্ত হ’ব আৰু শেষত মৃত্যু সাৱটিব। সেয়েহে আহাৰেই হৈছে জীৱৰ জীৱন-ধাৰণ প্ৰণালীৰ মূল আধাৰ।

2. আমাৰ প্ৰধান খাদ্য কি? পৃথিৱীৰ সকলো মানুহৰ প্ৰধান খাদ্য একেনে?

উত্তৰঃ আমাৰ ঘাই আহাৰবিধ হৈছে ভাত। বিশ্বৰ বেলেগ বেলেগ স্থানৰ বতৰ আৰু পাৰিপাৰ্শ্বিক অৱস্থা একে ধৰণৰ নহয়। তদুপৰি, গোটেই পৃথিৱীতে একে প্ৰকাৰৰ শস্যৰ খেতি কৰা নহয়। সেইবাবে বিশ্বৰ বিভিন্ন অঞ্চলৰ জনসাধাৰণৰ প্ৰধান আহাৰো ভিন্ন ভিন্ন হোৱাটো পৰিলক্ষিত হয়।

3. আমি খোৱা খাদ্য কেইবিধমানৰ নাম লিখা।

উত্তৰঃ আমি দৈনন্দিন গ্ৰহণ কৰা কেইবিধমান আহাৰ হৈছে— ভাত, দাইল, তৰকাৰী (শাক-পাচলি), মাছ, মাংস, কণী আৰু গাখীৰ আদি।

4. শস্যৰ পৰা পোৱা কেইবিধমান খাদ্য সামগ্ৰীৰ নাম লিখা।

উত্তৰঃ খেতিৰ জৰিয়তে উৎপাদিত কেইবিধমান খাদ্য সামগ্ৰী হৈছে— আলু, পিয়াজ, মচুৰ মাহ, মগুমাহ আৰু ৰহৰ মাহ আদি।

5.প্রাণীদেহৰ পৰা পোৱা কেইবিধমান খাদ্য সামগ্ৰীৰ নাম লিখা।

উত্তৰঃ জীৱ-জন্তুৰ পৰা আহৰণ কৰা কেইবিধমান খাদ্যবস্তু হ’ল— মাছ, ছাগলীৰ মাংস, কুকুৰাৰ মাংস আৰু কণী আদি।

6.আমাৰ ৰাজ্যত হোৱা কেইবিধমান প্রধান খেতিৰ নাম লিখা।

উত্তৰঃ অসমত কৰা কেইবিধমান ঘাই কৃষিকাৰ্য হৈছে— ধান, বন্ধাকবি/ফুলকবি, বেঙেনা, ৰঙালাও, জিকা, তিয়হ, লেচেৰা মাহ আৰু চাহ খেতি আদি।

7.পৃথিৱীৰ মুঠ জনসংখ্যা কিমান?

উত্তৰঃ বৰ্তমান বিশ্বৰ সৰ্বমুঠ জনসংখ্যা আনুমানিক ৭৮০ কোটি।

8. শস্য কি কি ধৰণৰ হ’ব পাৰে?

উত্তৰঃ কৃষি শস্যসমূহ বিভিন্ন শ্ৰেণীৰ হ’ব পাৰে। সেইসমূহ তলত উল্লেখ কৰা হ’ল—

(ক) খাদ্যশস্য: উদাহৰণস্বৰূপে— ধান, ঘেঁহু আৰু মাকৈ আদি।

(খ) শাক-পাচলি: উদাহৰণস্বৰূপে— কবি, বিলাহী, বেঙেনা, পালেং, মূলা, গাজৰ, ৰঙালাও আৰু পানীলাও আদি।

(গ) ফল-মূল: উদাহৰণস্বৰূপে— আম, কঁঠাল, ক’লাজামু, লিচু, কল, আপেল, আঙুৰ, ডালিম আৰু কমলা আদি।

(ঘ) তেলজাতীয় শস্য: উদাহৰণস্বৰূপে— সৰিয়হ, তিচি, তিল আৰু বাদাম আদি।

(ঙ) মাহজাতীয় শস্য: উদাহৰণস্বৰূপে— মাটিমাহ, মগুমাহ, ৰহৰ মাহ আৰু মচুৰ মাহ আদি।

9.বর্ষাকালীন শস্যৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ যিসমূহ কৃষি ফচল বাৰিষা ঋতুত (যি সময়ত প্ৰচুৰ পৰিমাণে বৰষুণ হয়) উৎপাদন কৰা হয়, সেইবোৰক বৰ্ষাকালীন বা খাৰিফ শস্য বুলি জনা যায়। শালি ধান, চয়াবীন, চীনাবাদাম আৰু কপাহ আদি হৈছে এই শ্ৰেণীৰ শস্যৰ অন্তৰ্গত। সচৰাচৰ বৰ্ষাকালীন শস্যৰ খেতিৰ বাবে জুন মাহৰ পৰা আৰম্ভ কৰি ছেপ্টেম্বৰ মাহলৈকে সময়ছোৱা উত্তম।

10.শীতকালীন শস্যৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ খৰালি বা শীত ঋতুত (অৰ্থাৎ অক্টোবৰৰ পৰা মাৰ্চ মাহৰ ভিতৰত) যিবোৰ ফচলৰ খেতি কৰা হয়, সেইবোৰক শীতকালীন বা ৰবি শস্য বুলি কোৱা হয়। ঘেঁহু, সৰিয়হ, আলু, মটৰ, বুট আৰু মচুৰ মাহ আদি হৈছে শীতকালীন শস্যৰ উৎকৃষ্ট উদাহৰণ।

11. শস্য উৎপাদনৰ বাবে প্রয়োজনীয় মুখ্য কার্যসমূহ কি কি?

উত্তৰঃ কৃষিকাৰ্যত ফচল উৎপাদন কৰিবলৈ কৰিবলগীয়া প্ৰধান পৰ্যায়সমূহ হৈছে— মাটি চহোৱা বা প্ৰস্তুতকৰণ, উপযুক্ত কৃষি সঁজুলি বাছনি কৰা, উন্নত মানৰ বীজ নিৰ্বাচন, বীজ ৰোপণ বা সিঁচা, সাৰ প্ৰয়োগ কৰা, পানী যোগান বা জলসিঞ্চন, অপতৃণ নিৰাময়, শস্য চপোৱা আৰু অৱশেষত শস্য সংৰক্ষণ বা মজুতকৰণ।

12. মাটি প্রস্তুতি বা মাটিৰ প্ৰস্তুতকৰণ বুলিলে কি বুজা?

উত্তৰঃ ভূমি বা মাটি প্ৰস্তুতকৰণ হৈছে খেতিৰ আটাইতকৈ প্ৰাথমিক আৰু দৰকাৰী পদক্ষেপ। বহুদিন ধৰি খেতি নকৰাকৈ পেলাই থ’লে কৃষিভূমি সাধাৰণতে টান হৈ পৰে। সেইবাবে খেতি আৰম্ভ কৰাৰ পূৰ্বে মাটিডৰা হাল বাই ঢিলা কৰি লোৱাটো বাঞ্ছনীয়। বৰ্তমান সময়ত হাল বোৱাৰ কাৰণে পৰম্পৰাগত নাঙলৰ লগতে আধুনিক ট্ৰেক্টৰ আদিৰো ব্যৱহাৰ কৰা হয়। মাটি চহোৱাৰ সময়তে তাত প্ৰয়োজন অনুসৰি গোবৰ সাৰ, ৰাসায়নিক সাৰ আৰু পটাছ আদি মিহলাই দিব লাগে। সাৰ প্ৰয়োগৰ পিছত পুনৰ এবাৰ মাটিখিনি হাল বা ট্ৰেক্টৰেৰে চহ কৰি লোৱা প্ৰয়োজন। ইয়াৰ পাছতহে মাটিডৰা খেতিৰ বাবে সম্পূৰ্ণ সাজু হোৱা বুলি ধৰা হয়।

13. হালবোৱা মানে কি?

উত্তৰঃ যি প্ৰক্ৰিয়াৰ জৰিয়তে খেতিৰ মাটিখিনি তল-ওপৰ কৰি চহ বা কোমল কৰা হয়, সেই কাৰ্যকে হালবোৱা বুলি আখ্যা দিয়া হয়।

14. তিনিবিধ মুখ্য কৃষি সঁজুলিৰ নাম লিখা।

উত্তৰঃ কৃষিকাৰ্যত ব্যৱহৃত প্ৰধান তিনিবিধ সঁজুলি হৈছে— নাঙল, হেৰ’ আৰু কাল্টিভেটৰ।

15. অতীত কালত মানুহে কিহেৰে মাটি চহ কৰিছিল?

উত্তৰঃ আগৰ দিনত খেতিয়কসকলে গৰু আৰু নাঙলৰ সহায়ত হাল বাই কৃষিভূমি চহ কৰিছিল।

16. অতি প্রাচীন কালত মানুহে কিহেৰে মাটি চহ কৰিছিল?

উত্তৰঃ একেবাৰে পুৰণি যুগত মানুহে জীৱ-জন্তুৰ হাড়, বিভিন্ন আকৃতিৰ শিলৰ সঁজুলি আদি ব্যৱহাৰ কৰি মাটি কোমল কৰিছিল।

17. নাঙল কিহেৰে তৈয়াৰী?

উত্তৰঃ নাঙল ঘাইকৈ কাঠৰ পৰা নিৰ্মাণ কৰা হয়। ইয়াৰ একেবাৰে তলৰ বা আগৰ অংশত লোৰে সজা এখন জোঙা ফাল লগোৱা থাকে।

18.এখন থলুৱা নাঙলৰ মুখ্য অংশ আৰু আন আন অংশসমূহ কি কি?

উত্তৰঃ পৰম্পৰাগত থলুৱা নাঙল এখনৰ ঘাই অংশটো হৈছে ফাল আৰু ইয়াৰ লগত থকা আন আন অংশসমূহ হৈছে— দিলা, শৰীৰ (মূল গা-টো) আৰু মুঠি।

19. যুঁৱলি কি?

উত্তৰঃ যুঁৱলি হৈছে হাল বাওঁতে নাঙলৰ লগত ব্যৱহাৰ কৰা কাঠৰ এবিধ বিশেষ সঁজুলি। হাল বোৱাৰ সময়ত কৃষকসকলে নাঙলৰ আগভাগ এই যুঁৱলিখনৰ সৈতে সংযোগ কৰৰে আৰু যুঁৱলিখন হাল টনা গৰুহালৰ কান্ধত বা ডিঙিত জাপি দিয়ে।

20. হেৰ’ কি? ই কেই প্ৰকাৰৰ আৰু কি কি?

উত্তৰঃ কৃষিভূমি চহ কৰাৰ উদ্দেশ্যে ট্ৰেক্টৰৰ পিছফালে লগোৱা ধাতুৰে নিৰ্মিত কাঁহীসদৃশ যন্ত্ৰাংশবোৰকে হেৰ’ বুলি কোৱা হয়। সাধাৰণতে উপৰে উপৰে মাটি ঢিলা কৰিবলৈ ইয়াক প্ৰয়োগ কৰা হয়।

হেৰ’ প্ৰধানকৈ দুবিধ আছে। সেইকেইবিধ হৈছে— ডিস্ক হেৰ’ আৰু ব্লেড হেৰ’।

   ডিস্ক হেৰ’বোৰ হৈছে ৪৫-৫৫ ছেণ্টিমিটাৰ ব্যাসৰ অবতল আকৃতিত সজা ঘূৰণীয়া কাঁহী। এডাল লোহাৰ দণ্ডৰ গাত এই কাঁহীবোৰ ১৫ ছেণ্টিমিটাৰ ব্যৱধানত সংযুক্ত হৈ থাকে। আনহাতে, বন-বাত নিৰাময় কৰা, মাটিৰ ঢিপলা ভঙা আৰু গুটি সিঁচাৰ পাছত মাটিৰে ঢাকি দিয়া ইত্যাদি কাৰ্যত ব্লেড হেৰ’ প্ৰয়োগ কৰা হয়।

21. কাল্টিভেটৰ কি? ইয়াৰ সহায়ত কি কৰা হয়?

উত্তৰঃ কাল্টিভেটৰ হৈছে কৃষিকাৰ্যৰ কিছুমান নিৰ্দিষ্ট কামৰ সুবিধার্থে ট্ৰেক্টৰৰ পিছৰ ফালে সংযোগ কৰা এবিধ লোৰ সঁজুলি। 

    ইয়াৰ প্ৰধান কাম হৈছে হাল বোৱাৰ পিছত সৃষ্টি হোৱা মাটিৰ বৃহৎ চপৰাসমূহ গুড়ি কৰা। সাম্প্ৰতিক সময়ত ইয়াক পোনপটীয়াকৈ মাটি চহাবলৈকো ব্যৱহাৰ কৰা দেখা যায়।

22. বীজ সিঁচা মানে কি?

উত্তৰঃ কৃষিকৰ্মৰ বাবে প্ৰস্তুত কৰি লোৱা ভূমিত গুটি বা বীজসমূহ সমানে বিস্তাৰিত কৰি দিয়া প্ৰক্ৰিয়াটোকে বীজ সিঁচা বুলি জনা যায়। উদাহৰণস্বৰূপে— সৰিয়হ, মাটিমাহ, মচুৰ, তিল, মগুমাহ আৰু বুট আদি শস্যৰ উৎপাদনৰ বাবে বীজ সিঁচিবলগীয়া হয়।

23. বীজ ছটিওৱাৰ পদ্ধতি দুটা কি কি?

উত্তৰঃ বীজ সিঁচাৰ প্ৰধান পদ্ধতি দুটা হৈছে— নিজ হাতেৰে বীজ ছটিওৱা আৰু যন্ত্ৰৰ জৰিয়তে বীজ সিঁচা।

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
অষ্টম শ্ৰেণী বিজ্ঞান অধ্যায় ১ (শস্য উপাৎদন আৰু ব্যৱস্থাপণা) – সঘনাই সোধা প্ৰশ্ন (FAQs)
শস্য উপাৎদন আৰু ব্যৱস্থাপণা পাঠটিত মূলতঃ কি বিষয় আলোচনা কৰা হৈছে?
এই পাঠটিত কৃষি পদ্ধতি, শস্যৰ প্ৰকাৰ (খৰিফ আৰু ৰবি শস্য), মাটি প্ৰস্তুতি, বীজ সিঁচা, সাৰ প্ৰয়োগ, জলসিঞ্চন, অপতৃণ নিয়ন্ত্ৰণ আৰু শস্য সংৰক্ষণ আদি বিভিন্ন গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰা হৈছে।
এই সমাধানত কি কি প্ৰকাৰৰ প্ৰশ্ন অন্তৰ্ভুক্ত কৰা হৈছে?
ইয়াত মূল পাঠ্যপুথিৰ অনুশীলনীৰ প্ৰশ্নৰ লগতে পৰীক্ষাৰ বাবে অতিৰয়োজনীয় বহু-বিকল্পী প্ৰশ্ন (MCQ) আৰু অতিৰিক্ত প্ৰশ্নৰ সম্পূৰ্ণ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে।
এইটো কোন বিদ্যালয় বা বৰ্ডৰ পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা হৈছে?
এইটো অসম জাতীয় বিদ্যালয়ৰ (Assam Jatiya Bidyalaya) নতুন পাঠ্যক্ৰমৰ নিৰ্দেশনা অনুসৰি প্ৰস্তুত কৰা হৈছে।
ছাত্ৰ-ছাত্ৰীয়ে এই সমাধানসমূহৰ পৰা কেনেকৈ লাভান্বিত হ’ব?
ছাত্ৰ-ছাত্ৰীয়ে সহজ-সৰল অসমীয়া ভাষাত নিৰ্ভুল উত্তৰ, MCQ, দ্ৰুত ৰিভিজনৰ বাবে উন্নত মানৰ নোটছ আৰু পৰীক্ষামুখী প্ৰস্তুতিৰ সুবিধা লাভ কৰিব।

EduAssam Solution App

Your complete digital learning solution.

Free Notes Mock Tests Q-Bank
Download Now
10k+ Students

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top