Class 8 Science Chapter 11 বল Solutions | Assam Jatiya Bidyalaya
অষ্টম শ্ৰেণী নতুন বিজ্ঞান অধ্যায় ১১ – বল সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ আৰু সমাধান (Assam Jatiya Bidyalaya)
অষ্টম শ্ৰেণীৰ নতুন বিজ্ঞান পাঠ্যক্ৰমৰ একাদশ অধ্যায় ‘বল’ (Force) শ্ৰেণীটোৰ বাবে অতি গুৰুত্বপূৰ্ণ এটি অধ্যায়। আগন্তুক পৰীক্ষাসমূহৰ বাবে নতুন পাঠ্যক্ৰমৰ শেহতীয়া নিৰ্দেশনাৰ আধাৰত এই অধ্যায়ৰ সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ (Class 8 Science Chapter 11 Textual Question Answer) প্ৰস্তুত কৰা হৈছে। এই বিশেষ সংকলনটিত পাঠভিত্তিক অতি চমু প্ৰশ্ন (VSA), বহু-বিকল্পী প্ৰশ্ন (MCQ), অতিৰিক্ত প্ৰশ্ন (Additional Questions) আৰু দীঘলীয়া প্ৰশ্নৰ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে। অসম জাতীয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এই সমাধানসমূহ সহজ, নিৰ্ভুল আৰু সম্পূৰ্ণ পৰীক্ষামুখীভাৱে উপলব্ধ কৰোৱা হৈছে।
‘বল’ নামৰ এই পাঠটিত বলৰ ধাৰণা (টনা বা ঠেলা), দুটা বস্তুৰ পাৰস্পৰিক ক্ৰিয়াৰ ফলত সৃষ্টি হোৱা বল, বলৰ দিশ আৰু মান, বস্তুৰ গতিৰ অৱস্থা আৰু আকৃতিৰ ওপৰত বলৰ প্ৰভাৱ, সংস্পৰ্শ বল (যেনে- পেশীয় বল আৰু ঘৰ্ষণ বল) আৰু অসংস্পৰ্শ বল (যেনে- চুম্বকীয় বল, স্থিতিবিদ্যুতীয় বল আৰু মাধ্যাকৰ্ষণিক বল) সম্পৰ্কে বিশদভাৱে আলোচনা কৰা হৈছে। পৰীক্ষাৰ্থীসকলৰ বাবে এই পাঠৰ মৌলিক ধাৰণাসমূহ বুজি পোৱাটো অতি প্ৰয়োজনীয়। আমাৰ এই সমাধানত কেৱল পাঠ্যপুথিৰ অনুশীলনীৰ প্ৰশ্নসমূহেই নহয়, বৰঞ্চ পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু MCQ সমূহো সামৰি লোৱা হৈছে যাতে ছাত্ৰ-ছাত্ৰীসকলে সুন্দৰভাৱে প্ৰস্তুতি চলাব পাৰে।
এই পাঠ্যভিত্তিক সমাধানৰ পৰা আপুনি কি কি শিকিব আৰু পাব:
- বলৰ ধাৰণা, বল প্ৰয়োগৰ ফলত বস্তুৰ গতি আৰু আকৃতিত ঘটা পৰিৱৰ্তনৰ বিজ্ঞানসন্মত ব্যাখ্যা।
- শব্দাৰ্থ, ১ নম্বৰৰ অতি চমু প্ৰশ্ন আৰু পৰীক্ষাত সঘনাই অহা গুৰুত্বপূৰ্ণ MCQ প্ৰশ্নৰ সঠিক উত্তৰ।
- সংস্পৰ্শ আৰু অসংস্পৰ্শ বলৰ মাজৰ পাৰ্থক্য আৰু উদাহৰণসহ সহজ সমাধান।
- পেশীয় বল, ঘৰ্ষণ বল, চুম্বকীয় বল আৰু মাধ্যাকৰ্ষণ বল সম্পৰ্কীয় অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন-উত্তৰৰ সংকলন।
- নতুন পাঠ্যক্ৰমৰ আৰ্হি অনুসৰি প্ৰস্তুত কৰা সৰল আৰু মান্য উত্তৰসমূহ।
আমাৰ এই প্ৰশ্নোত্তৰসমূহৰ বিশেষ সুবিধা:
- নতুন পাঠ্যক্ৰমৰ আধাৰত অসম জাতীয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে প্ৰস্তুত কৰা সম্পূৰ্ণ সমাধান।
- ১০০% নিৰ্ভুল আৰু মুখস্থ কৰিবলৈ সহজ হোৱাকৈ সৰল অসমীয়া ভাষাত লিখা উন্নত মানৰ বিজ্ঞান নোটছ (Class 8 Science Notes)।
- পৰীক্ষাৰ পূৰ্বে দ্ৰুত ৰিভিজনৰ (Quick Revision) বাবে বিশেষভাৱে যুগুতোৱা সহজ-সৰল উত্তৰ।
- অধ্যায়টোৰ পৰা পৰীক্ষাত অহা সম্ভাব্য সকলো MCQ আৰু অতিৰিক্ত প্ৰশ্নৰ বিশেষ সংকলন।
ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি এই বিশেষ পাঠ্যভিত্তিক সমাধান আগবঢ়োৱা হৈছে। আপোনাৰ পৰীক্ষাৰ প্ৰস্তুতি এতিয়াই আৰম্ভ কৰক আৰু বিজ্ঞান বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰাৰ দিশত আগবাঢ়ক।
Class 8 Science (নতুন বিজ্ঞান) Textbook Solutions & MCQs | Assam Jatiya Bidyalaya New Syllabus
New Updated Version!
According to Latest AJB New Syllabus & Updated Book
Get comprehensive preparation for Class 8 নতুন বিজ্ঞান (Science) with this complete Textual Solution & MCQs package.
Includes Chapter-wise textbook solutions, additional Q&A, and MCQs precisely structured as per the latest Assam Jatiya Bidyalaya syllabus and new book.
Perfect for building a strong foundation and mastering your school assessments! Download as an easy-to-use ZIP file.
অসম জাতীয় বিদ্যালয়, অষ্টম শ্ৰেণী: বিজ্ঞান
বল
পাঠভিত্তিক প্রশ্নোত্তৰ
1. শুদ্ধ উত্তৰটো বাছি উলিওৱাঃ
i) জোনবাই, কাগজ, শামুক, ঘড়ী এই কেইবিধ বস্তুৰ ভিতৰত কোনবিধ জড় নহয়?
(a) কাগজ
(b) ঘড়ী
(c) শামুক
(d) জোনবাই
উত্তৰঃ (c) শামুক
ii) গতিশীল বস্তুৱে আপোনা-আপুনি বৈ (ৰৈ) যাব পাৰেনে?
(a) পাৰে
(b) নোৱাৰে
(c) কেতিয়াবা পাবে কেতিয়াবা নোৱাৰে
(d) কোনোটো শুদ্ধ নহয়
উত্তৰঃ (b) নোৱাৰে
iii) বলৰ
(a) মান আৰু দিশ নাই.
(b) দিশ আছে মান নাই
(c) মান বা দিশ একো নাই
(d) মান আৰু দিশ দুয়োটাই আছে
উত্তৰঃ (d) মান আৰু দিশ দুয়োটাই আছে
iv) এছ আই পদ্ধতিত বলৰ একক
(a) নিউটন
(b) জুল
(c) মিটাৰ
(d) কোনোটো শুদ্ধ নহয়
উত্তৰঃ (a) নিউটন
v) কোনটো বলে দূৰৈৰ পৰা কাম নকৰে?
(a) মাধ্যাকর্ষণ বল
(b) চুম্বকীয় বল
(c) বৈদ্যুতিক বল
(d) পেশীৰ বল
উত্তৰঃ (d) পেশীৰ বল
vi) কোনো বস্তুৰ ওপৰত একাধিক বলে একে দিশত ক্রিয়া কৰিলে মুঠ বলৰ মান
(a) একে থাকে
(b) কমি যায়
(c) বাঢ়ি যায়
(d) কেতিয়াবা কমে, কেতিয়াবা বাঢ়ে
উত্তৰঃ (c) বাঢ়ি যায়
2. চমু উত্তৰ দিয়া:
i) বস্তুৰ গতিৰ দুটা ধৰ্ম লিখা।
উত্তৰঃ বস্তুৰ গতিৰ দুটা প্ৰধান ধৰ্ম হৈছে-
(a) বল প্ৰয়োগৰ ফলতেই বস্তুৱে গতি লাভ কৰে।
(b) বাহ্যিক কোনো বাধাৰ সৃষ্টি নোহোৱালৈকে গতিশীল বস্তু এটা অবিৰতভাৱে গৈ থাকে।
ii) বল মানে কি?
উত্তৰঃ কোনো এটা বস্তুক টনা বা ঠেলা কাৰ্যকে বল বোলা হয়। দৰাচলতে, এই বলেই যিকোনো বস্তুৰ গতিৰ মূল কাৰণ।
iii) ধুমুহাত বাগৰি পৰা ডাঙৰ গছ এডাল এজন মানুহে অকলে লবাব নোৱাৰে। কিন্তু কেইবাজনো মানুহ লগ লাগিলে লৰাব পাৰে। কাৰণ লিখা।
উত্তৰঃ বতাহ-ধুমুহাত উভালি পৰা প্রকাণ্ড গছ এডাল এজন মানুহে অকলে আঁতৰাব নোৱাৰে। ইয়াৰ কাৰণ হৈছে ডাঙৰ গছডালৰ ভৰ বহুত বেছি। অধিক ভৰ থকাৰ বাবে পৃথিৱীৰ মাধ্যাকৰ্ষণ বলে গছডালক অতি জোৰেৰে তললৈ টানি ধৰি থাকে। এজন মানুহে প্ৰয়োগ কৰা বলতকৈ এই মাধ্যাকৰ্ষণ বলৰ মান বহু পৰিমাণে অধিক। সেয়েহে, গছডাল লৰাবলৈ কেইবাজনো মানুহ একগোট হৈ অধিক বল প্ৰয়োগ কৰাৰ প্ৰয়োজন হয়।
iv) ৰছী টনা খেলত ৰছীডাল যেতিয়া একে ঠাইতে ৰৈ থাকে তেতিয়া ৰছীডালৰ ওপৰত প্ৰয়োগ হোৱা মুঠ বলৰ মান কি?
উত্তৰঃ ৰছী টনা খেলত দুয়োটা দলে সমান জোৰেৰে টানি থকাৰ ফলত ৰছীডাল যেতিয়া লৰচৰ নকৰাকৈ একে ঠাইতে ৰৈ থাকে, তেতিয়া তাৰ ওপৰত ক্ৰিয়া কৰা মুঠ বা লব্ধ বলৰ মান শূন্য হৈ পৰে।
v) কোনো বস্তুৰ ওপৰত দুটা বিপৰীতমুখী বলে একে সময়তে কাম কৰিলে বস্তুটো কি চৰ্তত আৰু কোন দিশত গতি কৰিব?
উত্তৰঃ এটা বস্তুৰ ওপৰত একে সময়তে দুটা বিপৰীতমুখী বলে ক্ৰিয়া কৰিলে, বস্তুটোৱে তেতিয়াহে গতি কৰিব যেতিয়া প্ৰয়োগ হোৱা বল দুটাৰ মান অসমান হ’ব। লগতে, যিটো দিশৰ পৰা প্ৰয়োগ কৰা বলৰ মান বেছি হ’ব, বস্তুটোৱে সেই দিশতেই গতি কৰিব।
vi) ক্রিকেট খেলত বলাৰ, বেটনে আৰু ফিল্ডাৰৰ ক্ৰিকেট বলটোৰ গতিৰ ক্ষেত্ৰত ভূমিকা কি কি?
উত্তৰঃ ক্ৰিকেট খেলত বলাৰ, বেটছমেন আৰু ফিল্ডাৰৰ কাৰ্যই ক্ৰিকেট বলটোৰ গতিক বিভিন্ন ধৰণে প্ৰভাৱিত কৰে। প্ৰথমতে, বলাৰে বলটো নিক্ষেপ কৰোঁতে প্ৰয়োগ কৰা বলৰ ওপৰত নিৰ্ভৰ কৰি বলটোৱে নিৰ্দিষ্ট দ্ৰুতি লাভ কৰে (যেনে স্পিনাৰৰ ক্ষেত্ৰত ৭০-৯০ কি.মি./ঘণ্টা আৰু ফাষ্ট বলাৰৰ ক্ষেত্ৰত ১৩৭-১৫৩ কি.মি./ঘণ্টা)। তাৰ পিছত, বেটছমেনে বলটো কোবাওঁতে প্ৰয়োগ কৰা বলৰ মাত্ৰা আৰু দিশ অনুসৰি বলটোৱে নতুন গতি আৰু দিশ লাভ কৰে। অৱশেষত, ফিল্ডাৰজনে বলটো ধৰিবলৈ যাওঁতে গতিশীল বলটোৱে হাতত যিমান হেঁচা দিয়ে, ফিল্ডাৰজনে তাৰ সমানুপাতিকভাৱে বিপৰীত বল প্ৰয়োগ কৰি বলটোক ৰখাই দিয়ে।
vii) বলৰ উপস্থিতি কেনেদৰে গম পোৱা যায়?
উত্তৰঃ যিকোনো এটা বস্তুৰ গতি বা অৱস্থাৰ পৰিৱৰ্তন পৰ্যবেক্ষণ কৰিয়েই তাত বল প্ৰয়োগ হোৱাৰ উপস্থিতি ধৰিব পাৰি।
viii) বলে যে গতিশীল বস্তুৰ গতিৰ দিশ সলাব পাৰে তাৰ দুটা উদাহৰণ দিয়া।
উত্তৰঃ বল প্ৰয়োগ কৰি গতিশীল বস্তু এটাৰ দিশ সলনি কৰিব পাৰি। ইয়াৰ দুটা উদাহৰণ হ’ল—
(a) ক্ৰিকেট খেলত বলাৰে নিক্ষেপ কৰা বলটোক বেটছমেনে বেটেৰে কোবালে বলটোৱে বেলেগ দিশলৈ গতি কৰে।
(b) ফুটবল খেলত এজন খেলুৱৈয়ে মৰা ফুটবলটো গ’লৰক্ষকজনে হাত বা ভৰিৰে ওভতাই পঠিয়ালে তাৰ গতিৰ দিশ সলনি হৈ পৰে।
ix) বলে যে গতিশীল বস্তুক স্থিৰ অৱস্থালৈ আনিব পাৰে তাৰ দুটা উদাহৰণ দিয়া।
উত্তৰঃ বলৰ সহায়ত চলি থকা বস্তুক ৰখাব পৰা যায়। ইয়াৰ দুটা নিদৰ্শন হ’ল—
(a) দ্ৰুতগতিত চলি থকা মটৰ গাড়ী এখন ব্ৰেক প্ৰয়োগ কৰি ৰখাই দিব পাৰি।
(b) একেদৰে, গতিশীল চাইকেল এখনতো ব্ৰেক মাৰি ঘৰ্ষণ বলৰ জৰিয়তে ৰখাব পাৰি।
x) বলে যে বস্তুৰ ৰূপ সলাব পাৰে তাৰে দুটা উদাহৰণ দিয়া।
উত্তৰঃ বল প্ৰয়োগৰ জৰিয়তে বস্তুৰ আকাৰ বা ৰূপ সলনি কৰিব পৰা দুটা উদাহৰণ হ’ল—
(a) যিকোনো ধাতুৰ পাত্ৰ এটাত হাতুৰীৰে কোবালে বা বাহিৰৰ পৰা হেঁচা দিলে ই চেপেটা হৈ পৰে।
(b) বতাহ ভৰাই থোৱা বেলুন এটাক দুয়োফালৰ পৰা হেঁচা মাৰি ধৰিলে তাৰ আকৃতিৰ পৰিৱৰ্তন ঘটে।
xi) বলৰ প্রতিক্রিয়া মানে কি?
উত্তৰঃ আমি যেতিয়া কোনো এটা বস্তুৰ ওপৰত বল প্ৰয়োগ কৰোঁ, তেতিয়া সেই বস্তুটোৱেও আমাৰ ওপৰত বিপৰীত দিশৰ পৰা সমপৰিমাণৰ এক বল প্ৰয়োগ কৰে। বস্তুটোৱে প্ৰদান কৰা এই ওলোটা বা বিপৰীত বলটোকেই বলৰ প্ৰতিক্ৰিয়া বুলি কোৱা হয়।
xii) দূৰৈৰ পৰা কাম কৰিব পৰা তিনিবিধ বলৰ নাম লিখা।
উত্তৰঃ দূৰত্বত থাকিও ক্ৰিয়া কৰিব পৰা তিনি প্ৰকাৰৰ বল হৈছে— মাধ্যাকৰ্ষণ বল, চুম্বকীয় বল আৰু বৈদ্যুতিক বল।
xiii) ওপৰলৈ মাৰি পঠিওৱা শিল এটা কি বলৰ প্ৰভাৱত মাটিলৈ নামি আহে?
উত্তৰঃ ওপৰলৈ দলিওৱা শিলগুটি এটা পৃথিৱীৰ মাধ্যাকৰ্ষণ বলৰ আকৰ্ষণৰ ফলতেই পুনৰ তললৈ নামি আহে।
xiv) গতিশীল বস্তুৱে সৃষ্টি কৰা বলৰ দুটা উদাহৰণ দিয়া।
উত্তৰঃ গতিশীল অৱস্থাত থকা বস্তুৱে বল প্ৰয়োগ কৰিব পৰা দুটা উদাহৰণ হ’ল—
(a) কেৰম খেলোঁতে দ্ৰুতবেগী ষ্ট্ৰাইকাৰটোৱে আন গুটিত খুন্দা মাৰিলে তাৰ বলৰ প্ৰভাৱত গুটিবোৰ গতিশীল হৈ পৰে।
(b) ক্ৰিকেট খেলত বলিং কৰোঁতে বেগী বলটো গৈ ষ্টাম্পত খুন্দা মাৰিলে ষ্টাম্পডাল উভালি পৰে, অৰ্থাৎ বলটোৱে ষ্টাম্পৰ ওপৰত বল প্ৰয়োগ কৰে।
3. i) ‘বলৰ মান আৰু দিশ আছে।’- উদাহৰণ দি ব্যাখ্যা কৰা।
উত্তৰঃ বলৰ ক্ষেত্ৰত মান (পৰিমাণ) আৰু দিশ দুয়োটাৰে অৱস্থিতি আছে।
প্ৰথমতে, বলৰ মানৰ বিষয়ে ক’বলৈ গ’লে, কম বল প্ৰয়োগ কৰিলে কম কাম হয় আৰু সৰহ বল প্ৰয়োগ কৰিলে অধিক কাম হয়। উদাহৰণস্বৰূপে, এজন মানুহে এডাল সৰু গছৰ ডাল সহজে দাঙিব পাৰে, কিন্তু এডাল প্ৰকাণ্ড গছ দাঙিবলৈ এজন মানুহৰ বল যথেষ্ট নহয়। তাৰ বাবে কেইবাজনো মানুহ গোট খাই অধিক মানৰ বল প্ৰয়োগ কৰিবলগীয়া হয়।
দ্বিতীয়তে, বল সদায় এটা নিৰ্দিষ্ট দিশতহে প্ৰয়োগ হয়। আমি যিটো দিশত ঠেলা বা টনা কাৰ্য সম্পন্ন কৰোঁ, বস্তুটোৱে সেই দিশতেই গতি কৰে বা গতি কৰিবলৈ চেষ্টা কৰে। উদাহৰণস্বৰূপে, ক্ৰিকেট খেলত এজন বলাৰে সদায় বেটছমেনজনৰ ষ্টাম্পৰ দিশলৈ লক্ষ্য কৰিহে বলটো নিক্ষেপ কৰে, আৰু প্ৰয়োগ কৰা বলৰ দিশ অনুসৰি বলটোৱে সেইফালেৰে গতি কৰে।
ii) বলৰ বিভিন্ন ধৰ্মবোৰৰ এখন তালিকা তৈয়াৰ কৰা।
উত্তৰঃ বলৰ বিভিন্ন ধৰ্মবোৰৰ এখন তালিকা প্ৰস্তুত কৰা হ’ল।
|
ক্রমিক নং |
ধর্মসমূহ |
|
1. |
বলৰ দিশ |
|
2. |
গতিশীল বস্তুৰ দ্রুতি প্রয়োগ কৰা |
|
3. |
বলৰ ওপৰত নিৰ্ভৰ কৰে |
|
4. |
বলে বস্তুৰ অৱস্থাৰ পৰিৱৰ্তন কৰিব পাৰে |
|
5. |
বলে বস্তুৰ ৰূপ সলনি কৰিব পাৰে |
|
6. |
বলৰ প্ৰতিক্রিয়া আছে |
iii)বলৰ প্ৰতিক্ৰিয়াৰ বিষয়ে এটা টোকা লিখা।
উত্তৰঃ বলৰ প্ৰতিক্রিয়া আছে। উদাহৰণস্বৰূপে আমি যদি ঘৰৰ পকী বেৰত ভুকু মাৰি দিও, তেতিয়া আমিয়েই দুখ পাও। ইয়াত আমি বেৰত বল প্রয়োগ কৰিছো। কিন্তু প্রয়োগ কৰা বলৰ প্ৰতিক্রিয়া হৈ অহা বলে আমাৰ হাতত আঘাত করে। আকৌ গৰু বা ঘোঁৰাই যেতিয়া গাড়ী টানে গাড়ীখনেও সমান বলেৰে বিপৰীত দিশত গৰু’বা ঘোঁৰাক টানে। এতেকে কোনো বস্তুৰ ওপৰত আমি যেতিয়া বল প্রয়োগ কৰো ইয়াৰ প্রতিক্রিয়া স্বৰূপে এক বিপৰীতমুখী আৰু সমান বলৰ সৃষ্টি হয়। এই বল বস্তুটোৱে আমাৰ ওপৰত প্রয়োগ কৰে।




