অষ্টম শ্ৰেণী নতুন বিজ্ঞান অধ্যায় ৪ – চৌপাশৰ বস্তুবোৰ- ধাতু আৰু অধাতু (Materials: Metals and Non-Metals) – সকলো পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ আৰু MCQ | অসম জাতীয় বিদ্যালয়

CLASS 8

Class 8 Science Chapter 4 চৌপাশৰ বস্তুবোৰ- ধাতু আৰু অধাতু Solutions | Assam Jatiya Bidyalaya

অষ্টম শ্ৰেণী নতুন বিজ্ঞান অধ্যায় ৪ – চৌপাশৰ বস্তুবোৰ- ধাতু আৰু অধাতু সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ আৰু সমাধান (Assam Jatiya Bidyalaya)

অষ্টম শ্ৰেণীৰ নতুন বিজ্ঞান পাঠ্যক্ৰমৰ চতুৰ্থ অধ্যায় ‘চৌপাশৰ বস্তুবোৰ- ধাতু আৰু অধাতু’ (Materials: Metals and Non-Metals) শ্ৰেণীটোৰ বাবে অতি গুৰুত্বপূৰ্ণ এটি অধ্যায়। আগন্তুক পৰীক্ষাসমূহৰ বাবে নতুন পাঠ্যক্ৰমৰ শেহতীয়া নিৰ্দেশনাৰ আধাৰত এই অধ্যায়ৰ সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ (Class 8 Science Chapter 4 Textual Question Answer) প্ৰস্তুত কৰা হৈছে। এই বিশেষ সংকলনটিত পাঠভিত্তিক অতি চমু প্ৰশ্ন (VSA), বহু-বিকল্পী প্ৰশ্ন (MCQ), অতিৰিক্ত প্ৰশ্ন (Additional Questions) আৰু দীঘলীয়া প্ৰশ্নৰ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে। অসম জাতীয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এই সমাধানসমূহ সহজ, নিৰ্ভুল আৰু সম্পূৰ্ণ পৰীক্ষামুখীভাৱে উপলব্ধ কৰোৱা হৈছে।

‘চৌপাশৰ বস্তুবোৰ- ধাতু আৰু অধাতু’ নামৰ এই পাঠটিত ধাতু আৰু অধাতুৰ ভৌতিক ধৰ্ম (যেনে- ঘাতসহনীয়তা, নমনীয়তা, তাপ আৰু বিদ্যুতৰ সুপৰিবাহীতা, দ্যুতি), ৰাসায়নিক ধৰ্ম (অক্সিজেন, পানী, এচিড আৰু ক্ষাৰকৰ সৈতে বিক্ৰিয়া), অপসাৰণ বিক্ৰিয়া (Displacement Reaction) আৰু দৈনন্দিন জীৱনত ধাতু তথা অধাতুৰ ব্যৱহাৰ সম্পৰ্কে বিশদভাৱে আলোচনা কৰা হৈছে। পৰীক্ষাৰ্থীসকলৰ বাবে এই পাঠৰ মৌলিক ধাৰণাসমূহ বুজি পোৱাটো অতি প্ৰয়োজনীয়। আমাৰ এই সমাধানত কেৱল পাঠ্যপুথিৰ অনুশীলনীৰ প্ৰশ্নসমূহেই নহয়, বৰঞ্চ পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু MCQ সমূহো সামৰি লোৱা হৈছে যাতে ছাত্ৰ-ছাত্ৰীসকলে সুন্দৰভাৱে প্ৰস্তুতি চলাব পাৰে।

অধিক বিনামূলীয়া Notes আৰু PDFৰ বাবে আমাৰ App টো ডাউনলোড কৰক:
Download EduAssam Solution App Click Here to Get Free Notes & Previous Papers

এই পাঠ্যভিত্তিক সমাধানৰ পৰা আপুনি কি কি শিকিব আৰু পাব:

  • ধাতু আৰু অধাতুৰ ভৌতিক তথা ৰাসায়নিক ধৰ্মসমূহৰ স্পষ্ট পাৰ্থক্য আৰু উদাহৰণসহ ব্যাখ্যা।
  • শব্দাৰ্থ, ১ নম্বৰৰ অতি চমু প্ৰশ্ন আৰু পৰীক্ষাত সঘনাই অহা গুৰুত্বপূৰ্ণ MCQ প্ৰশ্নৰ সঠিক উত্তৰ।
  • অপসাৰণ বিক্ৰিয়াৰ ধাৰণা, ধাতুৰ সক্ৰিয়তা আৰু বিভিন্ন ৰাসায়নিক বিক্ৰিয়াৰ সহজ সমাধান।
  • আমাৰ দৈনন্দিন জীৱনত ধাতু আৰু অধাতুৰ ব্যৱহাৰ সম্পৰ্কীয় অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন-উত্তৰৰ সংকলন।
  • নতুন পাঠ্যক্ৰমৰ আৰ্হি অনুসৰি প্ৰস্তুত কৰা সৰল আৰু মান্য উত্তৰসমূহ।

আমাৰ এই প্ৰশ্নোত্তৰসমূহৰ বিশেষ সুবিধা:

  • নতুন পাঠ্যক্ৰমৰ আধাৰত অসম জাতীয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে প্ৰস্তুত কৰা সম্পূৰ্ণ সমাধান।
  • ১০০% নিৰ্ভুল আৰু মুখস্থ কৰিবলৈ সহজ হোৱাকৈ সৰল অসমীয়া ভাষাত লিখা উন্নত মানৰ বিজ্ঞান নোটছ (Class 8 Science Notes)।
  • পৰীক্ষাৰ পূৰ্বে দ্ৰুত ৰিভিজনৰ (Quick Revision) বাবে বিশেষভাৱে যুগুতোৱা সহজ-সৰল উত্তৰ।
  • অধ্যায়টোৰ পৰা পৰীক্ষাত অহা সম্ভাব্য সকলো MCQ আৰু অতিৰিক্ত প্ৰশ্নৰ বিশেষ সংকলন।

ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি এই বিশেষ পাঠ্যভিত্তিক সমাধান আগবঢ়োৱা হৈছে। আপোনাৰ পৰীক্ষাৰ প্ৰস্তুতি এতিয়াই আৰম্ভ কৰক আৰু বিজ্ঞান বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰাৰ দিশত আগবাঢ়ক।

Vibrant Note Box
Buy Printable PDF
Class 8 Science (নতুন বিজ্ঞান) Textbook Solutions & MCQs | Assam Jatiya Bidyalaya New Syllabus
Original price was: ₹199.00.Current price is: ₹49.00.

New Updated Version!

According to Latest AJB New Syllabus & Updated Book

Get comprehensive preparation for Class 8 নতুন বিজ্ঞান (Science) with this complete Textual Solution & MCQs package.
Includes Chapter-wise textbook solutions, additional Q&A, and MCQs precisely structured as per the latest Assam Jatiya Bidyalaya syllabus and new book.
Perfect for building a strong foundation and mastering your school assessments! Download as an easy-to-use ZIP file.

Vibrant Note Box
Chapter 4 ধাতু আৰু অধাতু

 অসম জাতীয় বিদ্যালয়, অষ্টম শ্ৰেণী: বিজ্ঞান

অধ্যায়-4                                                        অস্পিন একাডেমী

ধাতু আৰু অধাতু

পাঠভিত্তিক প্রশ্নোত্তৰ

1. শুদ্ধ উত্তৰটো বাছি উলিওৱা:

i) জুলীয়া অধাতুবিধ হ’ল

(a) আয়’ডিন

(b) মার্কিউৰি

(c) ব্র’মিন

(d) ক্ল’ৰিন

উত্তৰ: (c) ব্র’মিন

ii) নিম্নোক্তবোৰৰ ভিতৰত আটাইতকৈ কম গলনাংকৰ ধাতুবিধ হ’ল

(a) ছ’ডিয়াম

(b) গেলিয়াম

(c) এলুমিনিয়াম

(d) টাংস্টেন

উত্তৰ: (b) গেলিয়াম

iii) হীৰা-

(a) নমনীয়

(b) ঘাতসহনীয়

(c) অতি কোমল

(d) উজ্জ্বল

উত্তৰ: (d) উজ্জ্বল

iv) মেগনেছিয়াম ফিটা জ্বলালে উৎপন্ন হোৱা বগা গুড়ি হ’ল

(a) মেগনেছিয়াম

(b) মেগনেছিয়াম অক্সাইড

(c) মেগনেছিয়াম ছালফেট

(d) মেগনেছিয়াম হাইড্র’ক্সাইড

উত্তৰ: (b) মেগনেছিয়াম অক্সাইড

v) পানীত বুৰাই ৰখা মৌলবিধ হ’ল-

(a) ছ’ডিয়াম

(b) আইৰন

(c) ফছফ’ৰাছ

(d) মার্কিউৰি

উত্তৰ: (d) মার্কিউৰি

2. খালী ঠাই পূৰ কৰা:

i) ধাতু + এছিড → ______ + হাইড্র’জেন

উত্তৰ: ধাতু + এছিড → লৱণ + হাইড্র’জেন

ii) ধাতুৰ অক্সাইড______ আৰু অধাতুৰ অক্সাইড______ধর্মবিশিষ্ট।

উত্তৰ: ধাতুৰ অক্সাইড ক্ষাৰকীয় আৰু অধাতুৰ অক্সাইড আম্লিক ধর্মবিশিষ্ট।

iii) একে ধৰণৰ কণাৰে গঠিত পদার্থক ________বোলে।

উত্তৰ: একে ধৰণৰ কণাৰে গঠিত পদাৰ্থক মৌল বোলে।

iv) বৈদ্যুতিক বাল্বত ফিলামেন্ট হিচাপে ব্যৱহৃত ধাতুবিধৰ নাম হ’ল_____ ।

উত্তৰ: বৈদ্যুতিক বাল্বত ফিলামেন্ট হিচাপে ব্যৱহৃত ধাতুবিধৰ নাম হ’ল টাংষ্টেন।

v) কাঠপেঞ্চিলত থকা ক’লা অধাতুবিধ হ’ল_____ ।

উত্তৰ: কাঠপেঞ্চিলত থকা ক’লা অধাতুবিধ হ’ল গ্ৰেফাইট।

vi) Zn + CuSO₄ → _______ + Cu

উত্তৰ: Zn + CuSO₄ → ZnSO₄ (বৰণহীন) + Cu

3. নমনীয়তা আৰু ঘাতসহনীয়তা বুলিলে কি বুজা?

উত্তৰ: কিছুমান ধাতুক হাতুৰীৰে পিটি পিটি পাতল কৰিব পৰা যায় নাইবা সৰু তাঁৰলৈ পৰিৱৰ্তন কৰিব পাৰি। পদাৰ্থৰ এনে গুণ বা ধৰ্মটোক নমনীয়তা বুলি কোৱা হয়। কপাৰ, আইৰণ আদি ধাতুৰ এই নমনীয়তা গুণ বিদ্যমান।

আনহাতে, ধাতুক হাতুৰীৰে কোবাই পাতল পাতলৈ ৰূপান্তৰ কৰিব পৰা বিশেষ গুণটোক ঘাতসহনীয়তা আখ্যা দিয়া হয়। প্ৰায় সৰহভাগ ধাতুৱেই ঘাতসহনীয় হয়। পিছে, কয়লা এবিধ অধাতু হোৱাৰ বাবে ইয়াৰ ঘাতসহনীয়তা গুণ নাথাকে।

4. ধাতু আৰু অধাতুৰ মাজৰ ভৌতিক ধৰ্মৰ মাজৰ পাৰ্থক্য তিনিটা লিখা।

উত্তৰ: ধাতু আৰু অধাতুৰ ভৌতিক ধৰ্মৰ মূল পাৰ্থক্য তিনিটা তলত উল্লেখ কৰা হ’ল—

(ক) ধাতুৰ কঠিনতা গুণ বিদ্যমান, কিন্তু অধাতুৰ ক্ষেত্ৰত কঠিনতা গুণ সাধাৰণতে দেখা নাযায়।

(খ) ধাতুৰ নমনীয়তা গুণ আছে, পিছে অধাতুৰ নমনীয়তা গুণ নাথাকে।

(গ) ধাতুৰ ঘাতসহনীয়তা গুণ আছে, আনহাতে অধাতুৰ ঘাতসহনীয়তা গুণ নাই।

5. ভৌতিক আৰু ৰাসায়নিক ধৰ্মৰ মাজৰ পার্থক্য লিখা।

উত্তৰ: ভৌতিক আৰু ৰাসায়নিক ধৰ্মৰ মাজত থকা প্ৰধান পাৰ্থক্যসমূহ হ’ল—

(ক) পদাৰ্থৰ ভৌতিক ধৰ্মৰ পৰিৱৰ্তন ঘটিলে কোনো নতুন পদাৰ্থৰ সৃষ্টি নহয়, আনহাতে ৰাসায়নিক ধৰ্মৰ পৰিৱৰ্তন ঘটিলে নতুন পদাৰ্থৰ উদ্ভৱ হয়।

(খ) পদাৰ্থৰ ভৌতিক ধৰ্মৰ ক্ষেত্ৰত পদাৰ্থটোৰ ৰাসায়নিক গঠনৰ কোনো সলনি নহয়, কিন্তু ৰাসায়নিক ধৰ্মৰ ক্ষেত্ৰত পদাৰ্থৰ ৰাসায়নিক গঠন সম্পূৰ্ণৰূপে সলনি হয়।

6. অপসাৰণ বিক্ৰিয়াৰ বিষয়ে উদাহৰণসহ লিখা।

উত্তৰ: যি ৰাসায়নিক বিক্ৰিয়াত বেছি সক্ৰিয় ধাতু এটাই তাতকৈ কম সক্ৰিয় ধাতু এটাক তাৰ যৌগৰ পৰা আঁতৰাই দিয়ে বা অপসাৰণ কৰে, তেনে বিক্ৰিয়াক অপসাৰণ বিক্ৰিয়া বুলি কোৱা হয়।

উদাহৰণস্বৰূপে— আইৰণ + কপাৰ ছালফেট → আইৰণ ছালফেট + কপাৰ

   Fe + Cuso4→ FeSo4 + Cu

7. ছ’ডিয়াম ধাতুক কিয় কেৰাচিনত ডুবাই ৰখা হয় লিখা।

উত্তৰ: অনেক ধাতুৱে পানীৰ লগত বিক্ৰিয়া কৰে। ইয়াৰে কিছুমানে অতি প্ৰবলভাৱে বিক্ৰিয়া কৰে আৰু আন কিছুমানে ধীৰ গতিত বিক্ৰিয়া কৰে। ছ’ডিয়াম হৈছে এবিধ অতি সক্ৰিয় ধাতু। ই বতাহৰ অক্সিজেন আৰু পানীৰ সংস্পৰ্শলৈ আহিলে সহজে বিক্ৰিয়া কৰি জ্বলি উঠে। সেইবাবে ইয়াক মুকলি অৱস্থাত ৰাখিব নোৱাৰি। সেয়েহে, ছ’ডিয়াম ধাতুক কেৰাচিন তেলৰ ভিতৰত ডুবাই ৰখা হয়, যাতে ই বায়ু আৰু পানীৰ সংস্পৰ্শৰ পৰা আঁতৰত থাকিব পাৰে।

8. ফছফ’ৰাছক কিয় পানীত ডুবাই ৰখা হয় লিখা।

উত্তৰ: ফছফ’ৰাছ হৈছে এবিধ বিশেষ ধৰণৰ অধাতু। সাধাৰণ উষ্ণতাত ই বতাহৰ অক্সিজেনৰ সৈতে প্ৰবলভাৱে বিক্ৰিয়া কৰে আৰু জ্বলি উঠে। সেইকাৰণে ইয়াক বায়ুৰ সংস্পৰ্শত মুকলিকৈ ৰাখিব নোৱাৰি। বায়ুৰ পৰা সুৰক্ষিত কৰি ৰাখিবলৈকে ফছফ’ৰাছক সদায় পানীত ডুবাই ৰখা হয়।

9. ধাতুৱে ক্ষাৰকৰ সৈতে কেনেদৰে বিক্রিয়া কৰে লিখা। উদাহৰণ দিয়া।

উত্তৰ: ধাতুৱে ক্ষাৰকৰ লগত বেলেগ বেলেগ ধৰণে বিক্ৰিয়া কৰা দেখা যায়। একাংশ ধাতুৱে ক্ষাৰকৰ সৈতে বিক্ৰিয়া কৰি লৱণ আৰু হাইড্ৰ’জেন গেছৰ সৃষ্টি কৰে। অৰ্থাৎ, ধাতু + ক্ষাৰক→ লৱণ + হাইড্ৰ’জেন গেছ।

উদাহৰণ হিচাপে এলুমিনিয়াম (Al) আৰু ছ’ডিয়াম হাইড্ৰ’ক্সাইড (NaOH) ৰ মাজত হোৱা বিক্ৰিয়াটো তলত দিয়া হ’ল—

এলুমিনিয়াম + ছ’ডিয়াম হাইড্ৰ’ক্সাইড -> ছ’ডিয়াম এলুমিনেট + হাইড্ৰ’জেন

   2Al + 2NaOH + 2H2O→ 2NaAlO2 + 3H2

10. এবিধ ধাতুরে এছিডৰ সৈতে বিক্ৰিয়া কৰি এবিধ গেছ উৎপন্ন কৰিছে। গেছবিধ হাইড্র’জেন বুলি কেনেকৈ গম পাবা?

উত্তৰ: ধৰা হ’ল, এবিধ ধাতুৱে এছিডৰ লগত বিক্ৰিয়া কৰি এবিধ গেছৰ সৃষ্টি কৰিছে। উৎপন্ন হোৱা এই গেছবিধ যে প্ৰকৃততে হাইড্ৰ’জেন, তাক তলত বৰ্ণনা কৰা পৰীক্ষাটোৰ জৰিয়তে প্ৰমাণ কৰিব পাৰি।

প্ৰথমে এটা কাঁচৰ বটল লোৱা হ’ল। বটলটোৰ সাঁফৰখনত ফুটা এটা কৰি তাৰ মাজেৰে এডাল ষ্ট্ৰ সুমুৱাই দিয়া হ’ল। ষ্ট্ৰডালৰ কাষেৰে বটলৰ সাঁফৰখনত ভালকৈ আঠা লগাই দিয়া হ’ল, যাতে ভিতৰৰ বতাহ বাহিৰলৈ ওলাব নোৱাৰে। ইয়াৰ পাছত বটলটোত কেইটুকুৰামান জিংক ধাতু (Zn) লৈ তাৰ ওপৰত অলপমান লঘু ছালফিউৰিক এছিড (H_{2}SO_{4}) ঢালি লগে লগে সাঁফৰখন মাৰি দিয়া হ’ল।

এতিয়া ষ্ট্ৰডালৰ বাহিৰলৈ ওলাই থকা মূৰটো এটা পানীৰে পূৰ্ণ পাত্ৰত সুমুৱাই দিয়া হ’ল, য’ত পানীখিনিৰ লগত চাবোন বা অপমাৰ্জক মিহলি কৰা হৈছিল। কিছু সময়ৰ পাছত দেখা গ’ল যে বটলৰ ভিতৰত বুৰবুৰণিৰ সৃষ্টি হৈ গেছ উৎপন্ন হৈছে আৰু সেই গেছ ষ্ট্ৰডালেৰে আহি চাবোন পানীৰ মাজেৰে বুৰবুৰণি হৈ বাহিৰলৈ ওলাইছে।

এতিয়া এডাল জ্বলি থকা মমবাতি বা জুইৰ শিখা সেই বুৰবুৰণিবোৰৰ ওচৰলৈ নিয়া হ’ল। লগে লগে ধুপকৈ এটা শব্দ শুনা গ’ল। এই শব্দটোৱেই প্ৰমাণ কৰে যে উৎপন্ন হোৱা গেছবিধ হাইড্ৰ’জেন।

বটলটোৰ ভিতৰত জিংক আৰু ছালফিউৰিক এছিডৰ মাজত ৰাসায়নিক বিক্ৰিয়া ঘটি হাইড্ৰ’জেন গেছ আৰু জিংক ছালফেট (ZnSO_{4}) উৎপন্ন হয়।

জিংক + ছালফিউৰিক এছিড -> জিংক ছালফেট + হাইড্ৰ’জেন

Zn + H2SO4 → ZnSo4 + H2

11. মেগনেছিয়ামে অক্সিজেনৰ লগত বিক্রিয়া কৰি উৎপন্ন কৰা পদার্থবিধ ক্ষাৰকীয় বুলি কেনেদৰে প্ৰমাণ কৰিবা লিখা।

উত্তৰ: এডাল মেগনেছিয়ামৰ ফিটা জ্বলালে ই অতি উজ্জ্বল বগা পোহৰ বিকিৰণ কৰি জ্বলি উঠে আৰু লগে লগে ফিটাডাল বগা গুড়িলৈ পৰিণত হয়। এই বগা গুড়িখিনিয়েই হৈছে মেগনেছিয়াম অক্সাইড (MgO)। জ্বলোৱাৰ সময়ত মেগনেছিয়াম (Mg) অক্সিজেনৰ (O2 )সৈতে বিক্ৰিয়া কৰাৰ ফলতেই মেগনেছিয়াম অক্সাইড উৎপন্ন হয়। 

মেগনেছিয়াম + অক্সিজেন → মেগনেছিয়াম অক্সাইড

   2Mg + O2 → 2MgO

   এতিয়া মেগনেছিয়াম জ্বলাই পোৱা এই বগা গুড়িখিনি (MgO) এখন প্লেটত লৈ তাত দুটোপালমান পানী মিহলাই এটা দ্ৰৱ প্ৰস্তুত কৰা হ’ল। প্ৰথমে এই দ্ৰৱটোত এখন নীলা লিটমাছ কাগজ সুমুৱাই দিয়াত কাগজখনৰ ৰঙৰ কোনো পৰিৱৰ্তন নহ’ল। কিন্তু তাৰ পিছত এখন ৰঙা লিটমাছ কাগজ দ্ৰৱটোত সুমুৱাই দিয়াত কাগজখনৰ ৰং সলনি হৈ নীলা হৈ পৰিল। ইয়াৰ পৰাই প্ৰমাণিত হয় যে মেগনেছিয়ামে অক্সিজেনৰ লগত বিক্ৰিয়া কৰি উৎপন্ন কৰা পদাৰ্থবিধ ক্ষাৰকীয় ধৰ্মৰ। কাৰণ ক্ষাৰকে ৰঙা লিটমাছৰ ৰং নীলালৈ ৰূপান্তৰিত কৰে।

12. ছালফাবে অক্সিজেনৰ লগত বিক্রিয়া কৰি এবিধ গেছ উৎপন্ন কৰে। গেছবিধ আম্লিক নে ক্ষাৰকীয় কেনেদৰে প্ৰমাণ কৰিবা।

উত্তৰ: ছালফাৰ হৈছে এবিধ অধাতু। ইয়াক জ্বলালে ই বায়ুৰ অক্সিজেনৰ লগত বিক্ৰিয়া কৰি ছালফাৰ ডাইঅক্সাইড নামৰ এবিধ গেছৰ সৃষ্টি কৰে।

ছালফাৰ + অক্সিজেন → ছালফাৰ ডাইঅক্সাইড

S + O2→ SO2

পৰীক্ষা: প্ৰথমে এখন দহন চামুচত সামান্য পৰিমাণৰ ছালফাৰৰ গুড়ি লৈ উত্তপ্ত কৰা হ’ল। অলপ সময় উত্তপ্ত কৰাৰ পিছত ছালফাৰখিনি জ্বলি উঠিল। লগে লগে চামুচখন এটা গেছ জাৰৰ ভিতৰত সুমুৱাই সাঁফৰখন বন্ধ কৰি দিয়া হ’ল, যাতে উৎপন্ন হোৱা গেছখিনি বাহিৰলৈ ওলাই যাব নোৱাৰে। তাৰ পাছত চামুচখন উলিয়াই আনি জাৰটোত সামান্য পানী ঢালি পুনৰ সাঁফৰখন মাৰি দিয়া হ’ল। জাৰটো ভালদৰে লৰাই দিয়াত ভিতৰৰ গেছখিনি পানীৰ লগত দ্ৰৱীভূত হ’ল। এতিয়া এই প্ৰস্তুত হোৱা দ্ৰৱটোত এখন নীলা লিটমাছ কাগজ সুমুৱাই দিয়া হ’ল। লগে লগে নীলা লিটমাছ কাগজখনৰ ৰং সলনি হৈ ৰঙা হৈ পৰিল।

ইয়াৰ পৰাই এই কথা স্পষ্ট হয় যে ছালফাৰে অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰি উৎপন্ন কৰা গেছবিধ আম্লিক ধৰ্মবিশিষ্ট।

13. বাঁওফালৰ প্রতিটোৰ সৈতে সোঁফালৰটো মিলোৱা-

a. ধাতু

a. পানী বীজাণুমুক্ত কৰিবলৈ ব্যৱহৃত হয়।

b. কপাৰ

b. অধাতু

C. গেলিয়াম

C. বিদ্যুতৰ সুপৰিবাহী

d. ক্ল’ৰিন

d. নিনাদী গুণসম্পন্ন

e. ছালফাৰ

e. হাতত ল’লে গলে

উত্তৰ:

a. ধাতু

d. নিনাদী গুণসম্পন্ন

b. কপাৰ

C. বিদ্যুতৰ সুপৰিবাহী

c. গেলিয়াম

e. হাতত ল’লে গলে

d. ক্ল’ৰিন

a. পানী বীজাণুমুক্ত কৰিবলৈ ব্যৱহৃত হয়।

e. ছালফাৰ

b. অধাতু

অতিৰিক্ত দৰকাৰী প্রশ্নোত্তৰ।

1. সকলো বস্তু কিহৰ সমষ্টি?

উত্তৰ: এই বিশ্বব্ৰহ্মাণ্ডৰ সকলোবোৰ বস্তুৱেই প্ৰকৃততে পদাৰ্থৰ সমষ্টি।

2. টেঙা সোৱাদৰ পদার্থবিলাক কি?

উত্তৰ: যিবোৰ পদাৰ্থৰ সোৱাদ খাবলৈ টেঙা হয়, সেইবোৰক এছিড বা অম্ল বুলি কোৱা হয়।

3. এছিড আৰু ক্ষাৰকে লিটমাছত কেনেকুৱা ক্রিয়া কৰে?

উত্তৰ: লিটমাছ কাগজৰ ওপৰত এছিড পৰিলে ই নীলা লিটমাছক ৰঙালৈ সলনি কৰে, আনহাতে ক্ষাৰকৰ সংস্পৰ্শলৈ আহিলে ৰঙা লিটমাছ কাগজ নীলা বৰণৰ হৈ পৰে। 

4. সূচক কাক বোলে?

উত্তৰ: যিসমূহ পদাৰ্থই মাধ্যম সলনি হোৱাৰ লগে লগে নিজৰ বৰণো বেলেগ বেলেগকৈ পৰিৱৰ্তন কৰি এছিড নে ক্ষাৰক তাক নিৰ্ধাৰণ কৰে, তেনেবোৰ পদাৰ্থকে সূচক বুলি জনা যায়।

5. প্রশমন বিক্রিয়া কাক বোলে?

উত্তৰ: এছিড আৰু ক্ষাৰকৰ মাজত সংঘটিত হৈ ইটোৱে সিটোৰ ধৰ্ম নাশ কৰা ৰাসায়নিক বিক্ৰিয়াটোক প্ৰশমন বিক্ৰিয়া বুলি আখ্যা দিয়া হয়।

6. মৌলিক পদার্থ বা মৌল কাক বোলে?

উত্তৰ: কেৱল একেবিধ কণা বা পৰমাণুৰে গঠিত হৈ থকা পদাৰ্থসমূহক মৌলিক পদাৰ্থ বা চমুকৈ মৌল বোলে। উদাহৰণস্বৰূপে— আইৰণ, কপাৰ, হাইড্ৰ’জেন, অক্সিজেন, কাৰ্বন, ছালফাৰ, গ’ল্ড আৰু ছিলভাৰ আদি হৈছে মৌলৰ নিদৰ্শন।

7. যৌগিক পদার্থ বা যৌগ কাক বোলে?

উত্তৰ: এক বা ততোধিক ভিন্ন প্ৰকাৰৰ কণা বা মৌল লগ লাগি সৃষ্টি হোৱা নতুন পদাৰ্থক যৌগিক পদাৰ্থ বা যৌগ বুলি কোৱা হয়। উদাহৰণস্বৰূপে পানী এবিধ যৌগ, কিয়নো ইয়াত হাইড্ৰ’জেন আৰু অক্সিজেন নামৰ দুবিধ বেলেগ বেলেগ মৌল নিহিত হৈ থাকে।

8. পৃথিৱীত কিমান মৌল আৰু যৌগ আছে।

উত্তৰ: বৰ্তমানলৈকে আৱিষ্কৃত মৌলৰ সংখ্যা হৈছে ১১৮ বিধ, আনহাতে পৃথিৱীত থকা যৌগিক পদাৰ্থ বা যৌগৰ সংখ্যা অসংখ্য।

 9. ধাতুকল্প বা অর্ধধাতু কি?

উত্তৰ: যিবোৰ পদাৰ্থই ধাতু আৰু অধাতু উভয়ৰে কিছুমান উমৈহতীয়া ধৰ্ম বা গুণ প্ৰদৰ্শন কৰে, তেনে পদাৰ্থবোৰক ধাতুকল্প বা অৰ্ধধাতু বুলি আখ্যা দিয়া হয়। উদাহৰণ হিচাপে, ছিলিকন হৈছে এবিধ অৰ্ধধাতু।

10. পদাৰ্থৰ ভৌতিক ধর্ম কাক বোলে?

উত্তৰ: পদাৰ্থৰ যিবোৰ ধৰ্ম পৰিৱৰ্তন হ’লে তাৰ পৰা নতুন কোনো পদাৰ্থৰ সৃষ্টি নহয় বা ৰাসায়নিক গঠন একে থাকে, তেনেবোৰ ধৰ্মক পদাৰ্থটোৰ ভৌতিক ধৰ্ম বোলে। উদাহৰণস্বৰূপে, কপাৰৰ মাজেৰে বিদ্যুৎ পাৰ হৈ যোৱাটো ইয়াৰ এটা ভৌতিক ধৰ্ম। ঠিক তেনেদৰে পদাৰ্থৰ দ্যুতি, কঠিনতা, তাপ পৰিবাহিতা, নমনীয়তা, ঘাতসহনীয়তা আৰু নিনাদী গুণ আদিও ভৌতিক ধৰ্মৰ অন্তৰ্গত।

11. ধাতু আৰু অধাতুৰ দ্যুতি আছেনে?

উত্তৰ: ধাতুবোৰৰ স্বাভাৱিকতে দ্যুতি বা চিকমিকনি থাকে, অৱশ্যে লোৰ নিচিনা ধাতুত মামৰ ধৰিলে এই দ্যুতি দেখা নাযায়। ইয়াৰ বিপৰীতে অধাতুসমূহৰ সাধাৰণতে দ্যুতি নাথাকে। ব্যতিক্ৰম হিচাপে, আয়’ডিন আৰু হীৰা অধাতু হোৱা সত্ত্বেও ইহঁত অতিশয় দ্যুতিসম্পন্ন হয়।

12. ধাতুৰ বিষয়ে চমুকৈ লিখা?

উত্তৰ: সচৰাচৰ ধাতুসমূহ কঠিন অৱস্থাত থাকে। পৃথিৱীৰ বুকুত অনেক প্ৰকাৰৰ ধাতু পোৱা যায় আৰু এইবোৰ আমাৰ দৈনন্দিন জীৱনৰ নানা কামত ব্যৱহাৰ হয়। আমি সততে ব্যৱহাৰ কৰা কেইবিধমান ধাতু হৈছে— লো, এলুমিনিয়াম আৰু তাম। কিন্তু সকলো ধাতু কঠিন নহয়, উদাহৰণস্বৰূপে মাৰ্কিউৰি (পাৰা) হৈছে এবিধ জুলীয়া ধাতু। তদুপৰি, ছ’ডিয়াম আৰু পটাছিয়ামৰ দৰে ধাতু ইমানেই কোমল যে ইহঁতক সহজেই কাটিব পাৰি।

13. অধাতুৰ বিষয়ে চমুকৈ লিখা।

উত্তৰ: অধাতুসমূহ ঘাইকৈ কঠিন বা গেছীয় ৰূপত বিৰাজ কৰে। ব্যতিক্ৰম হিচাপে, ব্ৰ’মিন এবিধ অধাতু হোৱা সত্ত্বেও ই জুলীয়া অৱস্থাত থাকে। সাধাৰণতে ধাতুৰ তুলনাত অধাতুৰ কঠিনতা কম হয় যদিও, কয়লা এবিধ কঠিন অধাতু আৰু হীৰা হৈছে আটাইতকৈ কঠিন অধাতুৰ উৎকৃষ্ট নিদৰ্শন।

14. কাঠ পেঞ্চিলৰ ভিতৰৰ ক’লা অংশটো কি?

উত্তৰ: আমি লিখিবলৈ ব্যৱহাৰ কৰা কাঠ পেঞ্চিলৰ ভিতৰত থকা ক’লা ৰঙৰ পদাৰ্থবিধেই হৈছে গ্ৰেফাইট।

15. গলনাংক কি?

উত্তৰ: যি নিৰ্দিষ্ট উষ্ণতাত কোনো কঠিন ধাতু গলি জুলীয়া অৱস্থালৈ ৰূপান্তৰিত হয়, সেই উষ্ণতাকে ধাতুবিধৰ গলনাংক বোলে। সাধাৰণতে ধাতুসমূহৰ গলনাংক অতি উচ্চ হয়। (অৱশ্যে মূল পাঠত দিয়া মতে লোৰ গলনাংক 100°C যদিও প্ৰকৃততে ইয়াৰ গলনাংক প্ৰায় 1538°C)। ইয়াৰ বিপৰীতে গেলিয়ামৰ দৰে ধাতুৰ গলনাংক নিচেই কম।

16. পদার্থ এবিধৰ নিনাদী গুণটো কি?

উত্তৰ: কোনো বস্তুৰে আঘাত কৰিলে ধাতুৰ পৰা ৰিণি-ৰিণি বা এটা স্পষ্ট শব্দৰ সৃষ্টি হয়, যিটো অধাতুৰ ক্ষেত্ৰত দেখা নাযায়। শব্দ সৃষ্টি কৰিব পৰা ধাতুৰ এই বিশেষ ধৰ্মটোকে নিনাদী গুণ বা ধ্বন্যাত্মক গুণ বুলি কোৱা হয়।

17. ৰাসায়নিক ধর্ম কাক বোলে?

উত্তৰ: যিবোৰ ধৰ্মৰ পৰিৱৰ্তন ঘটিলে মূল পদাৰ্থৰ পৰা সম্পূৰ্ণ নতুন ধৰ্মবিশিষ্ট বেলেগ পদাৰ্থৰ উৎপত্তি হয়, তাক ৰাসায়নিক ধৰ্ম আখ্যা দিয়া হয়। সৰহভাগ ধাতু আৰু অধাতুৱে পানী, অক্সিজেন, এছিড বা ক্ষাৰকৰ লগত ৰাসায়নিক বিক্ৰিয়াত লিপ্ত হৈ নতুন নতুন পদাৰ্থৰ সৃষ্টি কৰে।

18. মামৰ কেনেকৈ সৃষ্টি হয়।

উত্তৰ: বায়ুমণ্ডলৰ জলীয় বাষ্প আৰু পানীৰ সংস্পৰ্শলৈ আহিলে আইৰণ বা লোৱে অক্সিজেনৰ সৈতে ৰাসায়নিক বিক্ৰিয়া কৰে। এই বিক্ৰিয়াৰ ফলশ্ৰুতিতেই লোত মামৰৰ উৎপত্তি হয়। 

19. মামৰৰ ৰাসায়নিক গঠন প্রণালীটো লিখা। মামৰ ধৰাৰ ফলত কি হয়?

উত্তৰ: মামৰ সৃষ্টিৰ ৰাসায়নিক বিক্ৰিয়াটো তলত দিয়া ধৰণৰ:

আইৰণ + অক্সিজেন + পানী→ মামৰ

4Fe + 3O2 + 2H2O → 2Fe2O3+H2O

লোত মামৰ ধৰাৰ কিছু সময়ৰ পাছত সেই মামৰৰ তৰপটো এৰাই পৰে, যাৰ ফলত আইৰণ বা লোৰ টুকুৰাটো লাহে লাহে ক্ষয় যাবলৈ ধৰে।

20. কপাৰৰ ক্ষয়ীভবন কেনেকৈ হয়?

উত্তৰ: সাধাৰণতে মানুহে পৰিধান কৰা তাম বা কপাৰৰ আঙঠি, খাৰু আদি অলংকাৰত প্ৰায়েই নীলা-সেউজীয়া ৰঙৰ তৰপ এটা পৰা দেখা যায়। কপাৰে বায়ুমণ্ডলত থকা অক্সিজেন, কাৰ্বন ডাই-অক্সাইড আৰু জলীয় বাষ্পৰ (পানী) লগত বিক্ৰিয়া কৰাৰ ফলতেই এই নতুন পদাৰ্থবিধৰ সৃষ্টি হয়। এই তৰপটো প্ৰকৃততে দুবিধ বেলেগ বেলেগ পদাৰ্থৰ মিশ্ৰণ— এবিধ হৈছে কপাৰ হাইড্ৰ’ক্সাইড [Cu(OH)2] আৰু আনবিধ হৈছে কপাৰ কাৰ্বনেট [Cuco3]। এই বিক্ৰিয়াৰ ফলশ্ৰুতিতেই কপাৰৰ ক্ষয়ীভৱন ঘটে।

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
অষ্টম শ্ৰেণী বিজ্ঞান অধ্যায় ৪ (চৌপাশৰ বস্তুবোৰ- ধাতু আৰু অধাতু) – সঘনাই সোধা প্ৰশ্ন (FAQs)
চৌপাশৰ বস্তুবোৰ- ধাতু আৰু অধাতু পাঠটিত মূলতঃ কি বিষয় আলোচনা কৰা হৈছে?
এই পাঠটিত ধাতু আৰু অধাতুৰ ভৌতিক ধৰ্ম (ঘাতসহনীয়তা, নমনীয়তা, বিদ্যুতৰ সুপৰিবাহীতা আদি), ৰাসায়নিক ধৰ্ম, অপসাৰণ বিক্ৰিয়া আৰু আমাৰ দৈনন্দিন জীৱনত ধাতু তথা অধাতুৰ ব্যৱহাৰ সম্পৰ্কে আলোচনা কৰা হৈছে।
এই সমাধানত কি কি প্ৰকাৰৰ প্ৰশ্ন অন্তৰ্ভুক্ত কৰা হৈছে?
ইয়াত মূল পাঠ্যপুথিৰ অনুশীলনীৰ প্ৰশ্নৰ লগতে পৰীক্ষাৰ বাবে অতিৰয়োজনীয় বহু-বিকল্পী প্ৰশ্ন (MCQ) আৰু অতিৰিক্ত প্ৰশ্নৰ সম্পূৰ্ণ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে।
এইটো কোন বিদ্যালয় বা বৰ্ডৰ পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা হৈছে?
এইটো অসম জাতীয় বিদ্যালয়ৰ (Assam Jatiya Bidyalaya) নতুন পাঠ্যক্ৰমৰ নিৰ্দেশনা অনুসৰি প্ৰস্তুত কৰা হৈছে।
ছাত্ৰ-ছাত্ৰীয়ে এই সমাধানসমূহৰ পৰা কেনেকৈ লাভান্বিত হ’ব?
ছাত্ৰ-ছাত্ৰীয়ে সহজ-সৰল অসমীয়া ভাষাত নিৰ্ভুল উত্তৰ, MCQ, দ্ৰুত ৰিভিজনৰ বাবে উন্নত মানৰ নোটছ আৰু পৰীক্ষামুখী প্ৰস্তুতিৰ সুবিধা লাভ কৰিব।

EduAssam Solution App

Your complete digital learning solution.

Free Notes Mock Tests Q-Bank
Download Now
10k+ Students

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top