Class 8 Science Chapter 2 Solutions – অনুজীৱ : বন্ধু আৰু শত্রু | SCERT Assam | Assamese Medium

Class 8 বিজ্ঞান অধ্যায় ২ – অনুজীৱ : বন্ধু আৰু শত্রু | SCERT Assam (Assamese Medium)

Class 8 বিজ্ঞান অধ্যায় ২ – অনুজীৱ : বন্ধু আৰু শত্রু (SCERT Assam – Assamese Medium)

এই অধ্যায়ত অনুজীৱ (বেক্টেৰিয়া, ভাইৰাছ, ফাংগাই আদি)ৰ উপকাৰী আৰু অপকাৰী ভূমিকা সম্পৰ্কে আলোচনা কৰা হৈছে। মানুহৰ বাবে ইহঁত কিদৰে বন্ধু আৰু শত্রু হ’ব পাৰে তাক জানক।

✅ কি শিকিব:

  • অনুজীৱৰ প্ৰকাৰ (বেক্টেৰিয়া, ভাইৰাছ, প্ৰ’ট’জ’ৱা)
  • উপকাৰী অনুজীৱৰ ভূমিকা (খাদ্য উৎপাদন, ঔষধ)
  • অনুজীৱৰ দ্বাৰা সৃষ্ট ৰোগ (যেনে টিটেনাছ, মেলেৰিয়া)
  • প্ৰতিৰোধক আৰু প্ৰতিষেধকৰ পাৰ্থক্য
  • খাদ্য সংৰক্ষণৰ পদ্ধতি

🎯 Ospin Academy-ৰ সুবিধা:

  • SCERT Assam-ৰ পাঠ্যক্ৰমৰ সম্পূৰ্ণ সমাধান
  • MCQ প্ৰশ্নাৱলী আৰু পৰীক্ষাৰ নমুনা কাকত
  • অনুজীৱৰ চিত্ৰৰ সৈতে সহজ ব্যাখ্যা
  • অসমীয়া মাধ্যমৰ বাবে YouTube ভিডিঅ’
Vibrant Note Box
Buy Printable PDF
Class 8 Science (বিজ্ঞান) PDF Solutions 2025-26 | SCERT Assam
Original price was: ₹199.00.Current price is: ₹29.00.

Download Class 8 Science (বিজ্ঞান) PDF with MCQs, textbook solutions, and extra questions for SCERT Assam 2025-26.

Vibrant Note Box
অধ্যায় ২ – অনুজীৱ : বন্ধু আৰু শত্রু

Class 8 Science

পাঠ – ২                                    Ospin Academy

অনুজীৱ: মিত্ৰ আৰু শত্ৰু

১) খালী ঠাই পূৰ কৰা ।

ক) অনুজীৱ বোৰ ……………………….. সহায়ত দেখা পোৱা যায় ।

উত্তৰ:- অণুবীক্ষণ যন্ত্ৰৰ ।

খ) নীল সেউজ শেলাইয়ে বায়ুৰ পৰা পোনপটীয়াকৈ ……………………. গ্ৰহণ কৰি মাটিৰ উৰ্বৰা শক্তি বৃদ্ধি কৰে ।

উত্তৰ:- নাইট্ৰ’জেন ।

গ) ……………………. ৰ সহায়ত সুৰা প্ৰস্তুত কৰা হয় ।

উত্তৰ:- ইষ্ট ।

ঘ) ……………………… ৰ দ্বাৰা কলেৰা হয় ।

উত্তৰ:- বেক্টেৰিয়া ।

২) শুদ্ধ উত্তৰত (✓) চিন দিয়া ।

ক) চেনি/ সুৰা/ হাইড্ৰ‘ক্লৰিক এচিড/ অক্সিজেন প্ৰস্তুত কৰিবলৈ ইষ্ট ব্যৱহাৰ কৰা হয় ।

উত্তৰ:- সুৰা প্ৰস্তুত কৰিবলৈ ইষ্ট ব্যৱহাৰ কৰা হয় ।

খ) ছডিয়াম বাই কাৰ্বনেট/ ষ্ট্ৰেপ‘মাইছিন/ সুৰা/ ইষ্ট এবিধ এণ্টিবায়‘টিক ।

উত্তৰ:- ষ্ট্ৰেপ’মাইছিন এবিধ এণ্টিবায়’টিক ।

গ) মাইকী এন‘ফিলিছ মহ/ পইতাচোৰা/ মাখি/ পখিলা মেলেৰিয়া ৰোগ সৃষ্টি কৰা প্ৰট‘জ‘ৱাৰ বাহক ।

উত্তৰ:- মাইকী এন’ফিলিছ মহ মেলেৰিয়া ৰোগ সৃষ্টি কৰা প্ৰট’জ’ৱাৰ বাহক ।

ঘ) পৰুৱা/ মাখি/ মকৰা/ সংক্ৰামক ৰোগৰ বাহক ।

উত্তৰ:- মাখি ৰোগৰ বাহক ।

ঙ) তাপ/ গুড়ি কৰা/ ইষ্ট কোষৰ বৃদ্ধি/ ময়দা মৰাৰ বাবে পাউৰুটি বা ইডলিৰ লডা ওফন্দি উঠে ।

উত্তৰ: ইষ্ট কোষৰ বৃদ্ধিৰ বাবে পাউৰুটি বা ইডলিৰ লডা ওফন্দি উঠে ।

চ) শৰ্কৰাৰ পৰা সুৰা প্ৰস্তুত হোৱা প্ৰক্ৰিয়াক নাইট্ৰজেন যৌগীকৰণ/ সাঁচ/ কিন্বন/ সংক্ৰামক বোলা হয় ।

উত্তৰ:- শৰ্কৰাৰ পৰা সুৰা প্ৰস্তুত হোৱা প্ৰক্ৰিয়াক কিন্বন বোলা হয় ।

৩) ‘ A ‘ অংশত থকা অনুজীৱ বোৰক ‘B’ অংশৰ ক্ৰিয়াৰ লগত মিলোৱা।

‘A’ অংশ

‘B’ অংশ

i) বেক্টেৰিয়া

i) নাইট্ৰজেন যৌগিকৰণ ।

ii) ৰাইজ’বিয়াম

ii) দৈ প্ৰস্তুত কৰাত ।

iii) লেক্টবেছিলাছ

iii) পাউৰুটিৰ প্ৰস্তুত কৰণত ।

iv) ইষ্ট

iv) মেলেৰিয়া ৰোগ সৃষ্টিত ।

v) প্ৰট’জ’ৱা

v) কলেৰা ৰোগ সৃষ্টিত ।

vi) ভাইৰাছ

vi) এণ্টিবডি প্ৰস্তুত কৰাত ।

উত্তৰ:-

‘A’ অংশ

‘B’ অংশ

i) বেক্টেৰিয়া

কলেৰা ৰোগ সৃষ্টিত ।

ii) ৰাইজ’বিয়াম

নাইট্ৰজেন যৌগিকৰণ ।

iii) লেক্টবেছিলাছ

দৈ প্ৰস্তুত কৰাত ।

iv) ইষ্ট

পাউৰুটিৰ প্ৰস্তুত কৰণত ।

v) প্ৰট’জ’ৱা

মেলেৰিয়া ৰোগ সৃষ্টিত ।

vi) ভাইৰাছ

এইডছ ৰোগ সৃষ্টিত ।

৪) অনুজীৱ বোৰ খালী চকুৰে দেখা পোৱা যায়নে ? সিহঁতক কেনেকৈ দেখা পাব পাৰি ?

উত্তৰ:- অনুজীৱ বোৰ খালী চকুৰে দেখা পোৱা নাযায় ।

সিহঁতক অণুবীক্ষণ যন্ত্ৰৰ সহায়ত দেখা পাব পাৰি । ভেঁকুৰ জাতীয় কিছুমান অনুজীৱক আতচী কাঁচেৰে দেখা পোৱা যায়।

৫) অণুজীৱৰ ডাঙৰ ভাগবোৰ কি কি ?

উত্তৰ:- অণুজীৱৰ ডাঙৰ ভাগবোৰ হল –

ক) বেক্টেৰিয়া ।

খ) ভেঁকুৰ।

গ) প্ৰট’জ’ৱা ।

ঘ) শেলাই আদি ।

৬) মাটিত বায়ুমণ্ডলীয় নাইট্ৰ‘জেন যৌগীকৰন কৰিব পৰা অনুজীৱ সমূহৰ নাম কোৱা ।

উত্তৰ:- মাটিত বায়ুমণ্ডলীয় নাইট্ৰ’জেন যৌগীকৰন কৰিব পৰা অনুজীৱ সমূহৰ নাম হল –

ক) বেক্টেৰিয়া ( ৰাইজ’বিয়াম ) ।

খ) নীল হৰিৎ বা নীল সেউজ শেলাই আদি ।

৭) আমাৰ জীৱনত অণুজীৱৰ উপকাৰিতাৰ বিষয়ে ১০ শাৰী লিখা ।

উত্তৰ:- আমাৰ জীৱনত অণুজীৱৰ উপকাৰিতা বোৰ হল –

ক) দৈ, পাউৰুটি, কেক আদি প্ৰস্তুত কৰণত অণুজীৱৰ ব্যৱহাৰ কৰা হয় ।

খ) কিছুমান বেক্টেৰিয়া আৰু নীল সেউজীয়া শেলাইয়ে বায়ুমণ্ডলৰ নাইট্ৰ’জেন স্থিৰ কৰণ কৰি মাটিত নাইট্ৰ’জেনৰ পৰিমাণ বঢ়াই উৰ্বৰতা বৃদ্ধি কৰে ।

গ) সুৰা আৰু ভিনেগাৰ আদি ব্যৱসায়িক ভিত্তিক প্ৰস্তুত কৰাৰ বাবে অনুজীৱ ব্যৱহাৰ কৰা হয়।

ঘ) বিভিন্ন ৰোগ নিবাৰণৰ কাৰণে ব্যৱহাৰ হোৱা এণ্টিবায়’টিক বেক্টেৰিয়া, ভেঁকুৰ আদি কিছুমান নিৰ্দিষ্ট অনুজীৱ বিকশিত কৰি প্ৰস্তুত কৰা হয় ।

ঙ) কলেৰা, যক্ষ্মা, বসন্ত, হেপাটাইটিছ আদি বহুতো ৰোগ প্ৰতিৰোধ কৰিব পৰা প্ৰতিষেধক ছিটা অণুজীৱৰ বিকশিত কৰি প্ৰস্তুত কৰা হয় ।

চ) অনুজীৱ বোৰে মৃত উদ্ভিদ আৰু প্ৰাণীৰ দেহত থকা জৈৱিক পদাৰ্থ বোৰ পচন ঘটাই সৰল পদাৰ্থলৈ ৰূপান্তৰ কৰে। এই সৰল পদাৰ্থবোৰ উদ্ভিদ বা প্ৰাণীয়ে পুনঃ ব্যৱহাৰ কৰিব পাৰে ।

ছ) অনুজীৱ বোৰে অনিষ্টকাৰী আৰু দুৰ্গন্ধ যুক্ত পদাৰ্থবোৰ পচাবলৈ পৰিবেশ নিৰ্মল কৰে ।

৮) অণুজীৱৰ অপকাৰিতাৰ বিষয়ে চমুকৈ লিখা ।

উত্তৰ:- বিভিন্ন ধৰনে কিছুমান অনুজীৱই আমাৰ অপকাৰ কৰে । মানুহৰ মাৰাত্মক কিছুমান ৰোগ যেনে – যক্ষ্মা, কলেৰা, টায়ফয়েড, নিউম’নিয়া আদি ৰোগ বেক্টেৰিয়াই সৃষ্টি কৰে । পলিঅ’ , বসন্ত, এনকেফেলাইটিছ আদি ভয়ানক ৰোগ ভাইৰাছৰ দ্বাৰা সৃষ্টি হয় । প্ৰাণী আৰু উদ্ভিদৰো নানা ধৰণৰ ৰোগ সৃষ্টি কৰি অণুজীৱ বোৰে আমাৰ অশেষ ক্ষতি কৰে ।

আমাৰ ব্যৱহাৰৰ বস্তু যেনে – কাপোৰ, চামৰা, প্লাষ্টিক আদি প্ৰায় সকলো ধৰণৰ বস্তুৰ ওপৰত অণুজীৱই ক্ৰিয়া কৰি সেইবোৰ নষ্ট কৰে । ইয়াৰ উপৰি অনুজীৱ বোৰে খাদ্যৰ পচন ঘটাই আৰু খাদ্যৰ ওপৰত বিষক্ৰিয়া সৃষ্টি কৰে ।

৯) এণ্টিবায়‘টিক কি ? এণ্টিবায়‘টিক গ্ৰহণ কৰোঁতে কি কি সাৱধানতা অৱলম্বন কৰিব লাগে ?

উত্তৰ:- ৰোগ সৃষ্টিকাৰী অনুজীৱক ধ্বংস কৰিবলৈ কিছুমান নিৰ্দিষ্ট অনুজীৱ বিকশিত কৰি প্ৰস্তুত কৰা ঔষধ বোৰক এণ্টিবায়’টিক বোলে ।

ডাক্তৰৰ পৰামৰ্শমতে এণ্টিবায়’টিক গ্ৰহণ কৰিব লাগে । ডক্তৰে দিয়া নিদান অনুসৰি দৰৱৰ ক’ৰ্ছ শেষ কৰিব লাগে । অপ্ৰয়োজনীয় ভাৱে এণ্টিবায়’টিক গ্ৰহণ কৰা উচিত নহয় কাৰণ শৰীৰত থকা উপকাৰী অণুজীৱৰ মৃত্যু হব পাৰে ।

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
Class 8 বিজ্ঞান অধ্যায় ২ – সঘনাই সোধা প্ৰশ্ন
অনুজীৱ কিয় আমাৰ বন্ধু হ’ব পাৰে?
ইহঁতে খাদ্য (দৈ, পনীৰ), ঔষধ (পেনিচিলিন), আৰু জৈৱিক সাৰ তৈয়াৰ কৰাত সহায় কৰে।
বেক্টেৰিয়া আৰু ভাইৰাছৰ পাৰ্থক্য কি?
বেক্টেৰিয়াই স্বাধীনভাৱে জীয়াই থাকিব পাৰে, কিন্তু ভাইৰাছৰ পোষক কোষৰ প্ৰয়োজন।
প্ৰতিৰোধক আৰু প্ৰতিষেধকৰ পাৰ্থক্য কি?
প্ৰতিৰোধকে ৰোগ সৃষ্টি কৰা অনুজীৱ নাশ কৰে, প্ৰতিষেধকে ৰোগ প্ৰতিৰোধ কৰে।
NCERT Solutions – Ospin Academy

Get Free NCERT PDFs

If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group:

Thank You!

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top