Class 9 Geography Chapter 1 Solutions – বতৰ আৰু জলবায়ু | ASSEB (SEBA) | Assamese Medium

Class 9

নৱম শ্ৰেণী ভূগোল (ঐচ্ছিক) অধ্যায় ১ – বতৰ আৰু জলবায়ুৰ আটাইবোৰ অনুশীলনীৰ সমাধান | ASSEB (SEBA) | Assamese Medium

নৱম শ্ৰেণী ভূগোল (ঐচ্ছিক) অধ্যায় ১ – বতৰ আৰু জলবায়ুৰ আটাইবোৰ অনুশীলনীৰ সমাধান (ASSEB / SEBA – Assamese Medium)

নৱম শ্ৰেণীৰ ভূগোল (ঐচ্ছিক) বিষয়ৰ নতুন পাঠ্যক্ৰমৰ প্ৰথম অধ্যায়টো হ’ল ‘বতৰ আৰু জলবায়ু’। এই অধ্যায়ত বতৰ আৰু জলবায়ুৰ মাজৰ পাৰ্থক্য, ইয়াৰ উপাদানসমূহ, আৰু জলবায়ু নিয়ন্ত্ৰণ কৰা কাৰকবোৰৰ বিষয়ে আলোচনা কৰা হৈছে। অসমৰ জলবায়ুৰ বৈশিষ্ট্য আৰু ইয়াৰ প্ৰভাৱৰ বিষয়েও এক ধাৰণা দিয়া হৈছে। Ospin Academy (অস্পীন একেডেমী)ত এই অধ্যায়ৰ সকলো অনুশীলনীৰ সমাধান শেহতীয়া পাঠ্যক্ৰম অনুসৰি সহজ আৰু স্পষ্ট ভাষাত দিয়া হৈছে।

✅ কি শিকিব:

  • বতৰ আৰু জলবায়ুৰ মৌলিক ধাৰণা আৰু পাৰ্থক্য
  • বতৰ আৰু জলবায়ুৰ উপাদানসমূহ (উষ্ণতা, চাপ, বতাহ, আৰ্দ্ৰতা)
  • জলবায়ু নিয়ন্ত্ৰণকাৰী কাৰকসমূহৰ বিশ্লেষণ
  • অসমৰ জলবায়ুৰ প্ৰধান বৈশিষ্ট্যসমূহ
  • গোলকীয় জলবায়ু পৰিৱৰ্তনৰ প্ৰাথমিক ধাৰণা

🎯 অস্পীন একেডেমীৰ সুবিধা:

  • ASSEB (SEBA)-ৰ শেহতীয়া পাঠ্যক্ৰমৰ সম্পূৰ্ণ সমাধান
  • অনুশীলনীৰ প্ৰতিটো প্ৰশ্নৰ বিস্তাৰিত আৰু শুদ্ধ উত্তৰ
  • পৰীক্ষাত আহিব পৰা গুৰুত্বপূৰ্ণ প্ৰশ্নৰ বাবে প্ৰস্তুতি
  • অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰীৰ বাবে সহজ আৰু ব্যৱহাৰিক উদাহৰণ
  • Bhugol (ভূগোল)-ৰ জটিল ধাৰণাসমূহ স্পষ্ট আৰু সহজভাৱে উপস্থাপন
Vibrant Note Box
Buy Printable PDF
Class 9 Geography (ভূগোল) Latest Syllabus | Assamese Medium Chapter-wise Solutions PDF for ASSEB & SEBA
Original price was: ₹199.00.Current price is: ₹39.00.

Limited Time Offer!

(For Class 9 Geography, Assamese Medium)

Get comprehensive preparation for Class 9 Geography (Assamese Medium) with this chapter-wise solutions PDF.
Includes complete textual answers, key definitions, solved questions, diagrams, and stepwise explanations for every chapter as per latest syllabus.
Ideal for home study, homework help, and quick exam revision!

Vibrant Note Box
অধ্যায় ১ – বতৰ আৰু জলবায়ুৰ

অধ্যায়-১

বতৰ আৰু জলবায়ু

১। ‘বতৰ’ আৰু ‘জলবায়ু’ বুলিলে কি বুজা? বতৰ আৰু জলবায়ুৰ মাজৰ পাৰ্থক্য বর্ণনা কৰা।

উত্তৰঃ কোনো এখন স্থানত কম সময়ৰ বাবে যি বায়ুমণ্ডলীয় অৱস্থাৰ সৃষ্টি হয়, তাকে বতৰ বুলি কোৱা হয়। আনহাতে, বতৰৰ গড় অৱস্থা যদি এখন ঠাইত দীর্ঘ সময়ৰ (কম পক্ষেও ৩০ বছৰৰ) বাবে বিৰাজ কৰি থাকে, তাকে জলবায়ু বুলি কোৱা হয়।

জলবায়ু আৰু বতৰৰ মাজৰ পাৰ্থক্যসমূহঃ

ক্ৰমিক

নং

পাৰ্থক্যৰ

ভিত্তি

বতৰ

জলবায়ু

(i)

সময়

কম সময়, অর্থাৎ এদিন, এসপ্তাহ আদিৰ বাবে সৃষ্টি হোৱা অৱস্থাক বিবেচনা কৰা হয়।

দীর্ঘদিন অর্থাৎ কমেও ৩০ বছৰৰ বাবে চলি থকা অৱস্থা এই ক্ষেত্রত বিবেচিত হয়।

(ii)

এলেকা

এটা ক্ষুদ্র অঞ্চলৰ বায়ুমণ্ডলীয় অৱস্থাক সূচায়।

বৃহৎ অঞ্চলত ব্যাপ্ত হৈ পৰা বায়ুমণ্ডলীয় অবস্থাক বুজোৱা হয়।

২। বতৰ আৰু জলবায়ুৰ উপাদানসমূহ উল্লেখ কৰা।

উত্তৰঃ বতৰ আৰু জলবায়ুৰ প্রধান উপাদানসমূহ হ’লঃ

(i) উষ্ণতা

(ii) বায়ুৰ চাপ

(ii) আর্দ্রতা

(iii) বতাহ

(iv) অধঃক্ষেপন

৩। বতৰ আৰু জলবায়ুৰ উপাদানসমূহৰ বৰ্ণনা কৰা।

উত্তৰঃ বতৰ আৰু জলবায়ুৰ মূল উপাদানসমূহ হৈছে:

উষ্ণতা, বায়ুৰ চাপ, আৰ্দ্ৰতা, বতাহ আৰু অধঃক্ষেপণ।

​(ক) উষ্ণতা: বতৰ আৰু জলবায়ুৰ ওপৰত উষ্ণতাৰ প্ৰভাৱসমূহ তলত বৰ্ণনা কৰা হ’ল:

(i) পৃথিৱীক সূৰ্যৰ পোহৰ আৰু তাপ শক্তিৰে উত্তপ্ত কৰা হয়। যেতিয়া সৌৰ শক্তি ভূপৃষ্ঠত পৰে, ইয়াৰ প্ৰতিফলন ঘটে আৰু এই প্ৰতিফলিত তাপে বায়ুমণ্ডলৰ নিম্নস্তৰ ট্ৰপ’স্ফিয়েৰক গৰম কৰি তোলে। এই ট্ৰপ’স্ফিয়েৰৰ বায়ু যেতিয়া গৰম হ’বলৈ ধৰে, ই ওপৰলৈ উঠে আৰু চাৰিওফালৰ শীতল বায়ুৱে সেই স্থানলৈ গতি কৰে। এই প্ৰক্ৰিয়াৰ দ্বাৰা নিম্নচাপ আৰু উচ্চ চাপৰ কেন্দ্ৰৰ সৃষ্টি হয়।

(ii) বায়ুমণ্ডলত উচ্চতাৰ পৰিৱৰ্তন উলম্বভাৱে হয়। ট্ৰপ’স্ফিয়েৰত কোনো লোকে ওপৰলৈ গ’লে প্ৰতি কিলোমিটাৰত 6.5C° হাৰত উষ্ণতা হ্ৰাস পোৱা দেখা যায়।

(iii) সূৰ্যৰ ৰশ্মি ভূপৃষ্ঠত হেলনীয়াকৈ পৰিলে তাপমান অনুভূমিকভাৱেও সলনি হ’ব পাৰে। বিষুৱ অঞ্চলৰ পৰা মেৰুৰ দিশে আগবাঢ়িলে ক্ৰমশঃ উষ্ণতা কমি আহে।

​(খ) বায়ুৰ চাপ বা বায়ুমণ্ডলীয় চাপ: প্ৰতি একক ক্ষেত্ৰফলত বায়ুৱে প্ৰয়োগ কৰা বলে বতৰ আৰু জলবায়ুৰ ওপৰত নিম্নলিখিত ধৰণে প্ৰভাৱ বিস্তাৰ কৰে:

(i) বায়ুমণ্ডলৰ নিম্নস্তৰৰ বায়ু অধিক সংকুচিত হোৱাৰ ফলত ইয়াৰ ঘনত্ব বাঢ়ি যায়। ঘনত্ব বৃদ্ধি পালে, বায়ুমণ্ডলৰ চাপো বাঢ়ে। বায়ুৰ ঘনত্ব কমি যোৱাৰ লগে লগে বায়ুমণ্ডলৰ চাপো হ্ৰাস পাবলৈ ধৰে।

(ii) অনুভূমিকভাৱেও বায়ুমণ্ডলীয় চাপৰ তাৰতম্য দেখা যায়। বিষুৱীয় অঞ্চলত বায়ুৰ ঘনত্ব কম হোৱাৰ বিপৰীতে মেৰু অঞ্চলত বায়ুৰ ঘনত্ব বেছি হয়। গতিকে, মেৰু অঞ্চলত বায়ুমণ্ডলীয় চাপ অধিক হোৱাৰ বিপৰীতে বিষুৱীয় অঞ্চলত ই কম হয়।

​(গ) আৰ্দ্ৰতা: আৰ্দ্ৰতা অৰ্থাৎ বায়ুত থকা জলীয় বাষ্পই একোটা এলেকাৰ বতৰ আৰু জলবায়ুৰ ওপৰত প্ৰভাৱ পেলায়। উষ্ণতাই বায়ুৰ জলীয় বাষ্প ধাৰণ ক্ষমতা নিৰ্ধাৰণ কৰে, য’ত (বায়ুত) বেলেগ বেলেগ সময়ত ভিন্ন স্থানত ভিন্ন পৰিমাণৰ জলীয় বাষ্প থাকে। উষ্ণ বায়ুৱে অধিক জলীয় বাষ্প ধৰি ৰাখিব পৰাৰ বিপৰীতে শীতল বায়ুৱে কম পৰিমাণৰ জলীয় বাষ্প ধৰি ৰাখিবলৈ সক্ষম হয়।

​(ঘ) বতাহ: উচ্চ চাপযুক্ত অঞ্চলৰ পৰা নিম্ন চাপযুক্ত অঞ্চললৈ বায়ুৰ চলাচলকেই বতাহ বুলি কোৱা হয়। ঠাই আৰু সময় বিশেষে তাপমানৰ ভিন্নতাৰ ফলত চাপৰ সৃষ্টি হয় আৰু ইয়াৰ ফলতে বতাহৰ উৎপত্তি হয়। বতাহে কোনো এখন ঠাইৰ তাপমান বঢ়াব বা কমাব পাৰে আৰু এনেদৰে জলবায়ুৰ ওপৰত প্ৰভাৱ পেলায়।

​(ঙ) অধঃক্ষেপণ: বায়ুত থকা জলীয় বাষ্প উত্তপ্ত হৈ ওপৰলৈ যোৱাৰ পিছত ঘনীভূত হয় আৰু পৰৱৰ্তী স্তৰত পৃথিৱীলৈ বিভিন্ন ৰূপত নামি আহে। অধঃক্ষেপণসমূহৰ বিভিন্ন ৰূপ এনেধৰণৰ: নিয়ৰ, কুঁৱলী, ঘন কুঁৱলী, তুষাৰ বৃষ্টি, তুষাৰপাত, বৃষ্টিপাত, কিনকিনীয়া বৰষুণ ইত্যাদি। এইবিলাকৰ ভিতৰত বৃষ্টিপাত আৰু তুষাৰপাতে এখন ঠাইৰ বতৰ আৰু জলবায়ুৰ ওপৰত যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰিব পাৰে।

​৪। উষ্ণতা, চাপ আৰু আৰ্দ্ৰতাৰ মাজৰ সম্পৰ্ক বর্ণনা কৰা।

​উত্তৰঃ উষ্ণতা, চাপ আৰু আৰ্দ্ৰতাৰ মাজত এটা ওঁতপ্ৰোত সম্পৰ্ক আছে:

​(i) উষ্ণতা আৰু চাপৰ মাজৰ সম্পৰ্কটো হ’ল এয়ে যে উষ্ণতা বাঢ়িলে বায়ুমণ্ডলীয় চাপ কমি আহে আৰু বায়ুমণ্ডলীয় চাপ বাঢ়িলে উষ্ণতা হ্ৰাস পায়।

​(ii) সেইদৰে, আৰ্দ্ৰতা আৰু উষ্ণতাৰ মাজত এক ঘনিষ্ঠ সম্পৰ্ক আছে। গৰম বতাহে বেছি জলীয় বাষ্প ধৰি ৰাখিব পাৰে আৰু শীতল বায়ুৱে কম জলীয় বাষ্প ধৰি ৰাখিব পাৰে। উষ্ণতা বেছি হ’লে বায়ু পাতল হয় আৰু পাতল বায়ুৱে অধিক পৰিমাণৰ জলীয় বাষ্প ধৰি ৰাখে। আন শব্দত ক’বলৈ গ’লে, উষ্ণতা অধিক হ’লে আৰ্দ্ৰতাও অধিক হয় আৰু আৰ্দ্ৰতা বেছি হ’লে উষ্ণতাও বাঢ়ে।

​(iii) আৰ্দ্ৰতা আৰু চাপৰ মাজৰ সম্পৰ্কটো এয়ে যে আৰ্দ্ৰ বায়ুৰ চাপ কম হয়। আৰ্দ্ৰতা বৃদ্ধি পালে বায়ুৰ চাপ হ্ৰাস পায় আৰু আৰ্দ্ৰতা হ্ৰাস পালে বায়ুৰ চাপ বাঢ়ি যায়।

​৫। বায়ুমণ্ডলীয় চাপৰ পৰিবৰ্তন কেনেকৈ হয়?

​উত্তৰঃ প্ৰতি একক ক্ষেত্ৰফলত বায়ুৱে প্ৰয়োগ কৰা বলকেই বায়ুমণ্ডলীয় চাপ বোলা হয়। উষ্ণতা আৰু উচ্চতাৰ ভিত্তিত তলত দিয়া ধৰণে বায়ুমণ্ডলীয় চাপৰ তাৰতম্য ঘটে।

​(i) বায়ুৰ উষ্ণতা: সূৰ্যৰ ৰশ্মি ভূপৃষ্ঠত সমভাৱে নপৰাৰ ফলত উষ্ণতাৰ তাৰতম্য হয়। উষ্ণতাৰ এই ভিন্নতাৰ বাবে ভূপৃষ্ঠৰ কিছুমান অঞ্চল শীতল, কিছুমান অঞ্চল অতি উত্তপ্ত আৰু কিছুমান অঞ্চল মধ্যমীয়া উষ্ণতাযুক্ত হয়। উত্তপ্ত অঞ্চলসমূহত বায়ুৰ চাপ কম, আনহাতে কম তাপমানযুক্ত অঞ্চলত বায়ুৰ চাপ বেছি হয়। সেইবাবে অধিক উষ্ণতা বিৰাজ কৰা নিৰক্ষীয় অঞ্চলত বায়ুৰ চাপ কম হয়। ইয়াৰ বিপৰীতে নিম্ন উষ্ণতা বিশিষ্ট মেৰু অঞ্চলৰ বায়ুচাপ অধিক হয়।

​(ii) ভূপৃষ্ঠৰ উচ্চতা: ভূপৃষ্ঠৰ উচ্চতা বৃদ্ধি পালে বায়ুৰ চাপ হ্ৰাস পাব। বায়ুমণ্ডলৰ ট্ৰপ’স্ফিয়েৰত প্ৰতি ৯০০ ফুট উচ্চতাত 34 \text{ mb} (মিলিবাৰ) হাৰত বায়ুৰ চাপ নিম্নগামী হয়।

​৬। বতাহ কিয় বলে?

​উত্তৰঃ তাপমাত্ৰাৰ তাৰতম্যৰ বাবে বিভিন্ন স্থানত বেলেগ বেলেগ মাত্ৰাত চাপৰ সালসলনি হয়। উচ্চ তাপমান বিশিষ্ট অঞ্চলত বায়ু উত্তপ্ত হৈ ওপৰলৈ উঠে। এই প্ৰক্ৰিয়াত উক্ত অঞ্চলত নিম্নচাপৰ সৃষ্টি হয়। ইয়াৰ ফলত চাৰিওফালৰ উচ্চচাপ বিশিষ্ট অঞ্চলৰ পৰা নিম্ন চাপ থকা অঞ্চললৈ বায়ু প্ৰবাহিত হয়। ইয়াৰ দ্বাৰা বতাহৰ সঞ্চালন বা গতি আৰম্ভ হয়, অৰ্থাৎ বতাহ বলা আৰম্ভ কৰে।

​৭। অধঃক্ষেপন কি? বিভিন্ন প্ৰকাৰৰ অধঃক্ষেপনৰ নাম উল্লেখ কৰা।

​উত্তৰঃ বায়ুত থকা জলীয় বাষ্পৰ ঘনীভৱন হোৱাৰ পাছত মধ্যাকৰ্ষণৰ বলত বিভিন্ন ৰূপত প্ৰভাৱিত হৈ ভূপৃষ্ঠত পৰিবলৈ ধৰে। ইয়াক অধঃক্ষেপণ বুলি কোৱা হয়।

​বিভিন্ন প্ৰকাৰৰ অধঃক্ষেপণ হ’ল:

(i) নিয়ৰ

(ii) কুঁৱলী

(iii) ঘন কুঁৱলী

(iv) তুষাৰ বৃষ্টি

(v) তুষাৰপাত

(vi) বৃষ্টিপাত

(vii) পাতলীয়া বৰষুণ

​৮। বতৰ আৰু জলবায়ুক প্ৰভাৱিত কৰা কাৰকসমূহ উল্লেখ কৰা।

​উত্তৰঃ বতৰ আৰু জলবায়ুক প্ৰভাৱিত কৰা প্ৰধান কাৰককেইটা হৈছে:

​(i) অক্ষাংশ

(ii) ভূপৃষ্ঠৰ উচ্চতা

(iii) সমুদ্ৰৰ ওচৰা-ওচৰি অৱস্থান

(iv) মহাসাগৰীয় সোঁত

(v) পাহাৰ আৰু পৰ্বতমালাৰ অৱস্থিতি

(vi) বতাহ

(vii) মাটিৰ বৈশিষ্ট্যসমূহ

(viii) মাটিৰ ঢাল

(ix) অৰণ্যাঞ্চল বা বনাঞ্চল

​৯। বতৰ আৰু জলবায়ুৰ কাৰকসমূহ উদাহৰণসহ বর্ণনা কৰা।

​উত্তৰঃ বতৰ আৰু জলবায়ুক প্ৰভাৱিত কৰা প্ৰধান কাৰকসমূহ তলত উল্লেখ কৰা হ’ল:

​(i) অক্ষাংশ: অক্ষাংশই বিষুৱৰেখাৰ পৰা কোনো এখন ঠাইৰ অৱস্থানগত দূৰত্ব নিৰ্দেশ কৰে। উদাহৰণস্বৰূপে, বিষুৱীয় অঞ্চলত সূৰ্যৰ ৰশ্মি লম্বভাৱে পৰে, যাৰ ফলত এই অঞ্চল পৃথিৱীৰ আটাইতকৈ বেছি উষ্ণতাযুক্ত অঞ্চল হয়। মেৰুৰ দিশে ক্ৰমান্বয়ে আগবাঢ়িলে তাপমান কমি আহে, কাৰণ এই অঞ্চলত সূৰ্যৰ ৰশ্মি হেলনীয়াকৈ পৰে। বায়ুমণ্ডলৰ দীঘলীয়া স্তৰৰ মাজেৰে গতি কৰা সূৰ্যৰ ৰশ্মিয়ে তাপৰ মাত্ৰা বঢ়াব নোৱাৰে আৰু সেইবাবে মেৰু অঞ্চলৰ তাপমান সদায় নিম্ন হৈ থাকে।

​(ii) ভূপৃষ্ঠৰ উচ্চতা: উচ্চতাৰ তাৰতম্যৰ সৈতে তাপমাত্ৰাৰ ভিন্নতাৰ সম্পৰ্ক আছে। উচ্চতাৰ প্ৰতি কিলোমিটাৰত 6.5C° হাৰত তাপমান হ্ৰাস পায়। ফলস্বৰূপে, একে অক্ষাংশতে অৱস্থিত বেলেগ বেলেগ স্থানৰ তাপমানো পৃথক হ’ব পাৰে, যাৰ বাবে জলবায়ুৰ পাৰ্থক্য দেখা যায়। উদাহৰণ স্বৰূপে: শ্বিলং আৰু এলাহাবাদ একে অক্ষাংশতে অৱস্থিত যদিও উচ্চতাৰ ভিন্নতাৰ বাবে জলবায়ু বেলেগ হয়। এলাহাবাদৰ তুলনাত শ্বিলঙৰ জলবায়ু অধিক ঠাণ্ডা, কিয়নো শ্বিলং এলাহাবাদতকৈ ওপৰত অৱস্থিত।

​(iii) সমুদ্ৰৰ ওচৰা-ওচৰি অৱস্থান: সাগৰৰ কাষৰ স্থানসমূহত গ্ৰীষ্ম আৰু শীত কালৰ প্ৰকোপ কম হয়। কিন্তু সমুদ্ৰৰ পৰা যথেষ্ট দূৰত্বত অৱস্থিত অঞ্চলত গ্ৰীষ্মকাল অতিশয় উষ্ণ হয় আৰু শীতকালত ঠাণ্ডাৰ তীক্ষ্ণতা যথেষ্ট বাঢ়ি যায়। গ্ৰেট ব্ৰিটেইনত মৃদু জলবায়ু বিৰাজ কৰাৰ মূল কাৰণ হ’ল ই সমুদ্ৰৰ কাষত অৱস্থান কৰা।

​(iv) মহাসাগৰীয় সোঁত: মহাসাগৰীয় গৰম সোঁতে উপকূলৱৰ্তী অঞ্চলৰ উত্তাপ বৃদ্ধি কৰে, আনহাতে মহাসাগৰীয় চেঁচা সোঁতে ওচৰৰ স্থানৰ জলবায়ু শীতল কৰি ৰাখে। উদাহৰণস্বৰূপে: উষ্ণ উপসাগৰীয় সোঁতে উত্তৰ-পূব ইউৰোপীয় উপকূলীয় অঞ্চলক কম ঠাণ্ডা কৰি ৰখাত সহায় কৰে।

​(v) পাহাৰ আৰু পৰ্বতমালাৰ অৱস্থিতি: যদি এখন দেশত এটা ওখ পৰ্বত থাকে, ই অতি উষ্ণ বা অতি শীতল বতাহ দেশখনত প্ৰৱেশ কৰাত বাধাৰ সৃষ্টি কৰে। উদাহৰণস্বৰূপে: হিমালয় পৰ্বত মালাই দক্ষিণ এছিয়াৰ শীতল বতাহ ভাৰতত সোমোৱাত প্ৰতিবন্ধকতা দি আহিছে। ইয়াৰ উপৰি, হিমালয় পৰ্বত মালাই জলীয় বাষ্প কঢ়িয়াই অনা বতাহক বাধা দি পৰ্বতৰ প্ৰতিবাত দিশৰ স্থানলৈ বৰষুণ আনে। গংগা-ব্ৰহ্মপুত্ৰ উপত্যকা এই পাহাৰৰ তলৰ অংশত অৱস্থিত, ফলস্বৰূপে মৌচুমী ঋতুত ইয়াত বিপুল বৰষুণ হয়।

​(vi) বতাহ: কোনো এক অঞ্চললৈ বৃষ্টিপাত অনাৰ ক্ষেত্ৰত বতাহৰ গতিৰ দিশে বিশেষ ভূমিকা পালন কৰে। গৰম বতাহে মাটিক গৰম কৰে, ঠাণ্ডা বতাহে মাটিক শীতল কৰে। উদাহৰণস্বৰূপে: গ্ৰীষ্ম কালত ভাৰতলৈ জলীয় বাষ্পযুক্ত বতাহ বংগোপ সাগৰ আৰু আৰব সাগৰৰ পৰা আহে আৰু ই গংগা-ব্ৰহ্মপুত্ৰ উপত্যকাৰ দক্ষিণ অঞ্চলত বৰষুণৰ সূচনা কৰে।

​(vii) মাটিৰ বৈশিষ্ট্যসমূহ: ঘন অৰণ্য থকা পলসুৱা ভূমিখণ্ডত গ্ৰীষ্মকালত বা দিনৰ ভাগত উষ্ণতা বেছি বৃদ্ধি নাপায়। শীতকালত বা নিশাৰ ভাগতো এনে অঞ্চলবোৰ অধিক ঠাণ্ডা নহয়। কিন্তু গছ-গছনি নোহোৱা বালিময় স্থানবোৰ অতি সহজে গৰম বা শীতল হৈ পৰে। ঘন বনাঞ্চল থকা অঞ্চলত বৃষ্টিপাতৰ মাত্ৰাও বাঢ়ি যায়। যেনে: ৰাজস্থানৰ মৰুভূমি অঞ্চল দিনত অতি বেছি গৰম হৈ পৰে আৰু ৰাতি একেবাৰে ঠাণ্ডা হৈ যায়।

​(viii) ভূমিৰ ঢাল (Slope of Land): যি ঢালত সূৰ্যৰ ৰশ্মি উলম্বভাৱে পৰে, তাত উত্তাপ বৃদ্ধি পায়, আৰু সূৰ্যৰ বিপৰীতে থকা ঢালত তাপ কমকৈ পায়। যেনে: হিমালয় আৰু আল্পছ পৰ্বতৰ দক্ষিণমুখী ঢালে উত্তৰ মুখী ঢালৰ তুলনাত অধিক সূৰ্যৰ উত্তাপ লাভ কৰে। পৰ্বতৰ প্ৰতিবাত দিশৰ অঞ্চলে আন ঠাইতকৈ বেছি বৃষ্টিপাত পায়।

​(ix) অৰণ্যাঞ্চল বা বনাঞ্চল: ঘন বনাঞ্চল থকা অঞ্চলে বেছি বৰষুণ লাভ কৰে। আনহাতে সেৰেঙা গছ-গছনি থকা অঞ্চলত বৰষুণৰ পৰিমাণ কম হয়। যেনে: উত্তৰ ভাৰতৰ বহুতো অঞ্চলত বৰ্তমান খৰাং পৰিস্থিতি সৃষ্টি হোৱাৰ মূল কাৰণ হ’ল অৰণ্য ধ্বংস।

​১০। জলবায়ুৰ প্ৰকাৰকেইটা কি কি?

​উত্তৰঃ জলবায়ুৰ প্ৰকাৰকেইটা হ’ল:

​(i) বিষুৱীয় জলবায়ু

(ii) মৌচুমী জলবায়ু

(iii) ছুডানৰ সদৃশ জলবায়ু

(iv) উষ্ণ মৰুভূমিৰ জলবায়ু

(v) নাতিশীতোষ্ণ মৰুভূমিৰ জলবায়ু

(vi) ভূমধ্যসাগৰীয় জলবায়ু

(vii) নাতিশীতোষ্ণ আৰ্দ্ৰ বা চীনা জলবায়ু

(viii) নাতিশীতোষ্ণ তৃণভূমিৰ জলবায়ু

(ix) নাতিশীতোষ্ণ সামুদ্ৰিক জলবায়ু

(x) আৰ্দ্ৰ পূব-উপকূলীয় জলবায়ু

(xi) উপ-মেৰু (টাইগা) জলবায়ু

(xii) টুন্দ্ৰা জলবায়ু

(xiii) পাৰ্বত্য জলবায়ু

১১। উপযুক্ত চিত্ৰৰ সৈতে বিভিন্ন প্ৰকাৰৰ জলবায়ু বর্ণনা কৰা।

উত্তৰঃ অক্ষাংশৰ বিস্তৃতিৰ ভিত্তিত বিভিন্ন প্ৰকাৰৰ জলবায়ু তলত দেখুওৱা হ’লঃ

১২। তলত দিয়াবোৰৰ চমুটোকা লিখা:

(ক) আপেক্ষিক আর্দ্রতা

(খ) বায়ুমণ্ডলীয় চাপ

(গ) চাপ বলয়

(ঘ) বৃষ্টিপাতৰ প্ৰকাৰ

(ঙ) জলবায়ুৰ ওপৰত অক্ষাংশৰ প্রভাব

(চ) জলবায়ুৰ ওপৰত গছ-গছনিৰ প্রভার

(ছ) মৌচুমী জলবায়ু

(জ) টাইগাৰ দৰে জলবায়ু

(ঝ) ভূমধ্য সাগৰীয় জলবায়ু

(ঞ) চাভানা জলবায়ু

(ট) তুন্দ্রা জলবায়ু

(ঠ) পার্বত্য জলবায়ু

উত্তৰঃ (ক) আপেক্ষিক আর্দ্রতাঃ নির্দিষ্ট উষ্ণতাত নির্দিষ্ট পৰিমাণৰ বায়ুত থকা জলীয় বাষ্পৰ ওজন আৰু একে উষ্ণতাত একে আয়তনৰ বায়ুক সংপৃক্ত কৰিবলৈ আৱশ্যকীয় জলীয় বাষ্পৰ ওজনৰ অনুপাতকে আপেক্ষিক আর্দ্রতা বুলি কোৱা হয়। সাধাৰণতে ইয়াক শতাংশত প্রকাশ কৰা হয়ঃ

বায়ুৰ তাপমাত্ৰাৰ পৰিৱৰ্তনৰ লগে লগে আর্দ্রতা ধৰণৰ ক্ষমতাৰ তাৰতম্য হয় আৰু ইয়াৰ ফলত আপেক্ষিক আর্দ্রতাত প্রভাৱ পৰে। মহাসাগৰত ই সৰ্বাধিক হোৱাৰ বিপৰীতে মহাদেশত সর্বনিম্ন হয়। মৰু অঞ্চলত ই একেবাৰে কম হয়।

(খ) বায়ুমণ্ডলীয় চাপ: প্রতি একক ক্ষেত্রফলত বায়ুৱে প্ৰয়োগ কৰা বলকে বায়ুমণ্ডলীয় চাপ বুলি কোৱা হয়। ১৫° চেলছিয়াছত সমুদ্র পৃষ্ঠত বায়ুমণ্ডলৰ গড় চাপ ১০১৩.২ এম বি (মিলিবাৰ) বেৰ’মিটাৰ নামৰ যন্ত্ৰৰ সহায়ত ইয়াক জোখা হয়। উষ্ণতা আৰু ভূপৃষ্ঠৰ উচ্চতাৰ তাৰতম্যৰ বাবে চাপৰ পার্থক্য হয়। উষ্ণতা অধিক হ’লে বায়ুৰ চাপ কমে, উষ্ণতা হ্রাস পালে বায়ুত চাপ অধিক হয়। বায়ুমণ্ডলৰ প্ৰতি ৯০০ ফুট উচ্চতাত ৩৪ এম বি হাৰত চাপ হ্রাস পায়। (গ) চাপ বলয়: তাপমাত্ৰাৰ পৰিৱৰ্তনৰ বাবে বিভিন্ন স্থানত বায়ুমণ্ডলৰ চাপৰ তাৰতম্য ঘটে। ভূপৃষ্ঠত চাপৰ তাৰতম্যৰ ভিত্তিত উত্তৰ আৰু দক্ষিণ গোলার্ধত নিম্নোক্ত স্থায়ী চাপ বলয় কেইটা চিনাক্ত হৈছেঃ (i) বিষুবীয় নিম্ন চাপযুক্ত বলয় (ii) উপ-ক্রান্তীয় উচ্চ চাপযুক্ত বলয় (iii) উপমেৰুৰ নিম্ন চাপযুক্ত বলয় (iv) মেৰুঅঞ্চলৰ উচ্চ চাপবিশিষ্ট বলয়

(ঘ) বৃষ্টিপাতৰ প্ৰকাৰঃ অধঃক্ষেপনৰ প্ৰধান ৰূপ হৈছে বৃষ্টিপাত জলবায়ুত ইয়াৰ ব্যপক প্রভাৱ আছে। বৃষ্টিপাত পাঁচ ধৰণৰ আছেঃ

(i) পৰিচলন বৃষ্টিপাতঃ ভূপৃষ্ঠৰ ওপৰত থকা বায়ু সূৰ্যৰ ধাৰাবাহিক তাপ বিকিৰনৰ ফলত উত্তপ্ত হৈ পৰে আৰু এই উত্তপ্ত বায়ু বায়ুমণ্ডলত উর্ধগামী হয়। এনে বায়ুত থকা জলীয় বাষ্পৰ ঘনীভৱন হ’বলৈ আৰম্ভকৰে আৰু বৰষুণৰ ৰূপত পৃথিৱীত পৰে ইয়াক পৰিচলন বৃষ্টিপাত বুলি কোৱা হয়।

(ii ) বৃষ্টিপাত: কেতিয়াবা পাহাৰ আৰু পৰ্বতত বাধাপ্রাপ্ত হোৱা জলীয় বাষ্প পৰিবাহী বতাহৰ ফলতো বৰষুণ হয় আৰু পাহাৰ-পৰ্বতে এনে আর্দ্র বতাহক ঊর্ধ্বগামী হ’বলৈ বাধ্য কৰায়। ঊর্ধ্বগামী হৈ ঘনীভূত হোৱাৰ ফলত বৰষুণৰ ৰূপত পৃথিৱীত পৰে। এনে বৰষুণক পার্বত্য বা বন্ধুৰতা বৃষ্টিপাত বুলি কোৱা হয়।

(iii) বামাৰলি বৃষ্টিপাত: বামাৰলিৰ লগত অহা বৰষুণকে বামাৰলি বৃষ্টিপাত বুলি কোৱা হয়।

(iv) অক্ষাংশ বৰষুণ: অক্ষাংশৰ অৱস্থানৰ বাবে যিবোৰ স্থানত বৰষুণ হয় তেনে বৰষুণক অক্ষাংশ বৰষুণ বুলি জনা যায়। কিছুমান অক্ষাংশৰ ওপৰেৰে স্থায়ী ভাবে প্রবাহিত হোৱা বতাহৰ ফলতে এনে বৰষুণ হয়।

(v)অৰণ্য বৃষ্টি: উদ্ভিদৰ শ্বসনৰ বাবে অৰন্য অঞ্চলৰ চৌপাশে অধিক আর্দ্রতা বিৰাজ কৰে। এনে আর্দ্র বতাহ উর্ধ্বগামী হ’লে ঘনীভূত হৈ বৰষুণৰ ৰূপত তললৈ পৰে। ইয়াকে অৰণ্য বৃষ্টি বুলি কোৱা হয়।

(ঙ) জলবায়ুৰ ওপৰত অক্ষাংশৰ প্ৰভাৱ:

প্রশ্ন নং-৯ (i) ৰ উত্তৰ চোৱা (পাঠভিত্তিক প্রশ্নোত্তৰ)

(চ) জলবায়ুৰ ওপৰত বনাঞ্চলৰ প্ৰভাৱ:

প্রশ্ন নং-৯ (ix) ৰ উত্তৰ চোৱা (পাঠভিত্তিক প্রশ্নোত্তৰ)

(ছ) মৌচুমী জলবায়ুঃ ১০° উত্তৰ আৰু ৪০° উত্তৰ অক্ষাংশৰ মাজত থকা উত্তৰ গোলাৰ্ধৰ দেশবিলাকৰ পূব প্ৰান্তত মৌচুমী জলবায়ু বিৰাজ কৰে গ্ৰীষ্মকালত এই অঞ্চলৰ উষ্ণতা ২৭০ চেলছিয়াছৰ পৰা ৩২° চেলছিয়াছৰ মাজত থাকে। বার্ষিক গড় বৰষুণৰ পৰিমাণ ১০০ ৰ পৰা ২০০ ছেন্টিমিটাৰ হয়। ১০০ ৰ পৰা ২০০ ছেঃমিঃ ৰ মাজত বৰষুণ হোৱা অঞ্চলত পৰ্ণপাতী বৃক্ষৰ অৰণ্য থাকে। যিবোৰ স্থানত ২০০ ছেঃমিঃৰ অধিক বৰষুণ হয়। তেনে অঞ্চলত চিৰসেউজ বৃক্ষ থাকে। এনেধৰণৰ জলবায়ু বিৰাজ কৰা প্ৰধান অঞ্চলসমূহ হ’ল ভাৰত, বাংলাদেশ দক্ষিণ পূব এছিয়া, দক্ষিণ চীন, দক্ষিণ জাপান, উত্তৰ-পূব আফ্রিকা, মেক্সিকো, ফ্লৰিডা, অষ্ট্ৰেলিয়াৰ উত্তৰাঞ্চল আৰু মালাগাছি।

(জ) টাইগা জলবায়ুঃ ৫০° আৰু ৬৫° উত্তৰ আৰু দক্ষিণ অক্ষাংশৰ মাজত অবস্থিত উপমেৰু অঞ্চল উপমেৰু (টাইগা) জলবায়ু এই অঞ্চলত গ্রীষ্মকালত গড় তাপমাত্রা হ’ল ১০০ ছেঃ ৰ পৰা ৩০° ছেঃ ইয়াৰ বিপৰীতে শীতকালীন তাপমান ২.৫° ছেঃ লৈ নিম্নগামী হয়। এনে জলবায়ুৰ অঞ্চলত প্ৰচুৰ তুষাৰপাত হয় আৰু বৰষুণৰ মাত্ৰা তেনেই কম হয় এই অঞ্চলৰ মূল উদ্ভিদ হ’ল সৰল বর্গীয় উদ্ভিদ। ছাইবেৰিয়াত থকা এনে সৰলবর্গীয় বনাঞ্চলক টাইগা বুলি কোৱা হয়।

(বা) ভূমধ্যসাগৰীয় জলবায়ুঃ ভূমধ্যসাগৰীয় জলবায়ু অঞ্চলৰ অক্ষাংশৰ অৱস্থান হ’ল ৩০°আৰু ৪৫° উত্তৰ আৰু দক্ষিণ বিষুবৰেখাৰ মাজত অৱস্থিত। এই অঞ্চলৰ গ্রীষ্মকালীন তাপমান ২১°ৰ পৰা ২৭° চেলছিয়াছ হয় আৰু শীতত তাপমান ১০° চেলছিয়াছৰ পৰা ১৩০ চেলছিয়াছে হয়। ইয়াত শীতকালত বৰষুণ হয়। ভূমধ্যসাগৰৰ চৌপাশৰ অঞ্চল, চিলিৰ উপকূল আফ্ৰিকাৰ দক্ষিণ উপকূল, অষ্ট্ৰেলিয়াৰ দক্ষিণ-পশ্চিম উপকূলীয় অঞ্চল, আমেৰিকাৰ কেলিফোর্ণিয়া আদি অঞ্চলত এনে জলবায়ু বিৰাজ কৰে। এনে অঞ্চলৰ মূল উদ্ভিদ চিৰসেউজ আৰু পৰ্ণপাতী উদ্যান শস্যৰ খেতিৰ বাবে এই অঞ্চল অতি উপযোগী।

(ঞ) চাভানা জলবায়ু: চাভানা জলবায়ু ছুডান জলবায়ু রূপেও জনা যায়। ছুডান মধ্যভাৰত, উত্তৰ-মধ্য আফ্রিকা দক্ষিণ ব্রাজিল, আজেন্টিনা, ভেনিজুরেলা আৰু মধ্য অষ্ট্ৰেলিয়াৰ মধ্যখণ্ডত এই জলবায়ু বিৰাজ কৰে। গ্রীষ্ম কালত এই অঞ্চলসমূহৰ গড় তাপমান ২৭° চে. ৰ পৰা ২৮° চে. পর্যন্ত হয়। শীতকালৰ গড় উষ্ণতা ১০° চে. ৰ পৰা ১৫° চে. পর্যন্ত। বৰষুণৰ মাত্রা ২৫ ছেঃমিঃ ৰ পৰা ৪০ ছেঃমিঃ পর্যন্ত হোৱাৰ ফলত তৃণভূমি গঢ়ি উঠাত সহায়ক হৈছে। আফ্রিকাৰ এনে তৃণভূমিক ‘চাভানা’ আৰু ব্রাজিলত এনে তৃণভূমিক ‘কেম্পোছ’ বুলি জনা যায়।

(ট) তুন্দ্রা জলবায়ুঃ সুমেৰু আৰু কুমেৰুৰ অন্তৰ্ভুক্ত অঞ্চলত তুন্দ্রা জলবায়ু বিৰাজ কৰে। এছিয়াৰ একেবাৰে উত্তৰাঞ্চল, কানাডা আৰু কুমেৰুত এই জলবায়ু বিৰাজ কৰে। এই জলবায়ুৰ অঞ্চলসমূহত প্রায় ছমাহ কাল সূৰ্যৰ ৰশ্মিৰ প্রাবল্য কম হয় আৰু আন ছমাহ কেৱল নিশা হৈ থাকে। গ্রীষ্ম কালৰ তাপমান সর্বোচ্চ ১০° চেলছিয়াছ হোৱাৰ বিপৰীতে শীত কালত তাপমান ০° চেলছিয়াছৰ তললৈ নিম্নগামী হয়। বছৰৰ নমাহেই ভূপৃষ্ঠ বৰফাবৃত হৈ থাকে। সেয়ে ইয়াত ছত্রক-শৈৱাল (লাইকেন) আৰু কেইবিধমান মছৰ বাদে আন উদ্ভিদ নাথাকে। এনেধৰণৰ সাংঘাটিক ঠাণ্ডা অঞ্চলত এস্কিমো আৰু আন কিছুমান চিকাৰীৰ বাদে কোনো লোকে বসবাস নকৰে।

(ঠ) পার্বত্য জলবায়ুঃ পার্বত্য অঞ্চলত উচ্চতা সাপেক্ষে ভিন্ন জলবায়ু বিৰাজ কৰে। পার্বত্য অঞ্চলৰ পাদদেশত বিষুবীয় জলবায়ু বিৰাজ কৰে। আৰু উচ্চতা বৃদ্ধিৰ লগে লগে জলবায়ু পৰিৱৰ্তন হয়। আলপাইন জলবায়ু মধ্যাংশত পৰিলক্ষিত হয়। ইয়াৰ বতাহ সদায়-শীতল হৈ থাকে আৰু বৰষুণৰ পৰিমান মজলীয়া হয়। তৃণ গুল্ম সৰলবর্গীয় উদ্ভিদ এই অঞ্চলত পোৱা যায়। আলপাইন জলবায়ু ভেড়া ছাগলী গৰু আদি পোহ-পালৰ বাবে উপযোগী। ওখ ঠাইসমূহত তুদ্ৰাৰ দৰে জলবায়ু বিৰাজ কৰে। হিমালয় আলপছ ৰকি এন্ড্রিজ আদি সুউচ্চ পর্বতমালাত এনে জলবায়ু বিৰাজ কৰে।

১৩। তলৰ প্ৰশ্নসমূহৰ উত্তৰ লিখা:

(ক) পৃথিৱীৰ উপৰিভাগৰ পৰা কিমান দূৰত্বলৈ বায়ুমণ্ডল বিস্তৃত।

উত্তৰঃ পৃথিৱীৰ উপৰিভাগৰ পৰা প্ৰায় 10,000 \text{ কিলোমিটার} দূৰত্বলৈকে বায়ুমণ্ডল প্ৰসাৰিত হৈ আছে।

​(খ) নিম্নগামীতা (lapse) ৰ হাৰ মানে কি?

​উত্তৰঃ উচ্চতা বৃদ্ধিৰ লগে লগে বায়ুমণ্ডলৰ ট্ৰপ’স্ফিয়েৰ স্তৰত তাপমান হ্ৰাস পোৱা প্ৰক্ৰিয়াক নিম্নগামীতাৰ হাৰ বুলি কোৱা হয়। প্ৰতি কিলোমিটাৰ উচ্চতা বঢ়াৰ লগে লগে 6.5C° হাৰত তাপমান কমি আহে।

(গ) সমুদ্র পৃষ্ঠত বায়ুমণ্ডলৰ গড় চাপ কিমান?

উত্তৰঃ সমুদ্র পৃষ্ঠত ১৫° চেলছিয়াছত বায়ুমণ্ডলৰ গড় চাপ ১০১৩.২ এম বি (মিলিবাৰ) হয়।

(ঘ) বায়ুৰ আর্দ্রতা কি?

উত্তৰঃ বায়ুত থকা জলীয় বাষ্পৰ পৰিমাণক আর্দ্রতা বোল।

(ঙ) ‘সংপৃক্ত বায়ু’ ‘saturated air’ মানে কি বুজা?

উত্তৰঃ যদি নির্দিষ্ট উষ্ণতাত এক নির্দিষ্ট আয়তনৰ বায়ুত নিৰ্ধাৰিত উষ্ণতাত ধাৰণ কৰিব পৰা পৰিমাণৰ জলীয় বাষ্প থাকে তেন্তে সেই বায়ুক সংপৃক্ত বায়ু বোলা হয়।

(চ)বিষুবীয় জলবায়ুৰ অক্ষাংশৰ বিস্তৃতি মানে কি?

উত্তৰঃ বিষুৱ ৰেখা আৰু ১০° উত্তৰ আৰু দক্ষিণ অক্ষৰেখাৰ মাজৰ জলবায়ুক বিষুবীয় জলবায়ু বোলে।

(ছ) কি জলবায়ুত ‘কেম্পোছ’ তৃণভূমি পোৱা যায়?

উত্তৰঃ চাভানা জলবায়ু অধ্যুষিত ব্রাজিলৰ তৃণভূমিক ‘কেম্পোছ’ বুলি কোৱা হয়।

(জ) নাতিশীতোষ্ণ মৰু জলবায়ু অঞ্চলৰ অক্ষাংশৰ বিস্তৃতি উল্লেখ কৰা।

উত্তৰঃ বিষুব ৩০°আৰু ৪০° উত্তৰ আৰু দক্ষিণৰ মাজৰ অঞ্চলকে নাতিশীতোষ্ণ মৰু জলবায়ু অঞ্চল বুলি কোৱা হয়।

(ঝ) চীনা জলবায়ুৰ আন নাম কি?

উত্তৰঃ চীনা জলবায়ুৰ আন এটা নাম হ’ল নাতিশীতোষ্ণ আর্দ্র জলবায়ু।

(ঞ) অনিয়মীয়া বতাহৰ উদাহৰণ দিয়া?

উত্তৰঃ বামাৰলি বা ঘূর্ণি বতাহ অনিয়মীয়া বতাহৰ উদাহৰণ।

(ট) উষ্ণ বায়ুস্তম্ভই কিয় বেছি জলীয় ভাপ ধৰি ৰাখিব পাৰে?

উত্তৰঃ উষ্ণতাই বায়ুৰ প্ৰসাৰণ ঘটায় আৰু এনেদৰে বায়ুৰ ঘনত্ব হ্ৰাস পায়। ঘনত্ব হ্ৰাস পোৱাৰ ফলত লঘু হোৱা বায়ুৱে অধিক জলীয় বাষ্প গ্ৰহণ কৰিব পাৰে। এনে বায়ু ওপৰলৈ উঠে আৰু বায়ুমণ্ডলত থকা জলীয় বাষ্প সংগ্ৰহ কৰে। এইদৰে উষ্ণ বায়ুস্তম্ভই অধিক জলীয় বাষ্প ধৰি ৰাখিবলৈ সক্ষম হয়।

(ঠ) বায়ুমণ্ডলৰ নিম্নস্তৰত বায়ুমণ্ডলীয় চাপ কিয় বেছি হয়?

উত্তৰঃ বায়ু সংকোচনসাধ্য হোৱা বাবে বায়ুমণ্ডলৰ নিম্ন স্তৰত অধিক সংকুচিত হৈ পৰে আৰু ফলস্বৰূপে ইয়াৰ ঘনত্ব বৃদ্ধি পায়। বায়ুৰ ঘনত্ব বাঢ়িলে ইয়াৰ চাপো বৃদ্ধি হয়। সেয়ে বায়ুমণ্ডলৰ তলৰ স্তৰত বায়ুমণ্ডলীয় চাপৰ মাত্ৰা অধিক হয়।

১৪। তোমাৰ বিদ্যালয়ৰ বেৰ ‘মিটাৰৰ এখন ছবি আকাঁ আৰু ইয়াৰ বিভিন্ন অংশৰ নাম লিখা। তোমাৰ শিক্ষকৰ সহায়ত এক সপ্তাহৰ বায়ুমণ্ডলৰ চাপৰ পৰিসংখ্যা বেৰ ‘মিটাৰৰ পৰা টুকি লোৱা আৰু এই পৰিসংখ্যাৰ ভিত্তিত এখন লেখ অংকন কৰা।

উত্তৰঃ নিজে কৰা।

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
নৱম শ্ৰেণী ভূগোল অধ্যায় ১ – সঘনাই সোধা প্ৰশ্ন
বতৰ আৰু জলবায়ুৰ মাজত পাৰ্থক্য কি?
বতৰ হ’ল কোনো ঠাইৰ বায়ুমণ্ডলৰ ক্ষন্তেকীয়া অৱস্থা, আনহাতে জলবায়ু হ’ল সেই ঠাইৰ বহু বছৰৰ বতৰৰ গড় অৱস্থা।
জলবায়ুৰ মূল উপাদানসমূহ কি কি?
জলবায়ুৰ মূল উপাদানসমূহ হ’ল – উষ্ণতা, বায়ুমণ্ডলীয় চাপ, বতাহ, আৰ্দ্ৰতা আৰু অধঃক্ষেপন (বৰষুণ, বৰফ আদি)।
অসমৰ জলবায়ুক কি বুলি কোৱা হয়?
অসমৰ জলবায়ু ঘাইকৈ ক্ৰান্তীয় মৌচুমী জলবায়ুৰ অন্তৰ্গত, য’ত গ্ৰীষ্মকালত প্ৰচুৰ বৰষুণ হয় আৰু শীতকাল শুকান হয়।
এই অধ্যায়ৰ সমাধানবোৰ নতুন পাঠ্যক্ৰম অনুসৰি হয়নে?
হয়, Ospin Academy-ত দিয়া সকলো সমাধান ASSEB (SEBA) ৰ শেহতীয়া পাঠ্যক্ৰম অনুসৰি প্ৰস্তুত কৰা হৈছে।
NCERT Solutions – Ospin Academy

Get Free NCERT PDFs

If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group:

Thank You!

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top