Class 9 Geography Chapter 2 Solutions – এই বিশ্বৰ মানুহ | ASSEB (SEBA) | Assamese Medium

Class 9

নৱম শ্ৰেণী ভূগোল (ঐচ্ছিক) অধ্যায় ২ – এই বিশ্বৰ মানুহৰ আটাইবোৰ অনুশীলনীৰ সমাধান | ASSEB (SEBA) | Assamese Medium

নৱম শ্ৰেণী ভূগোল (ঐচ্ছিক) অধ্যায় ২ – এই বিশ্বৰ মানুহৰ আটাইবোৰ অনুশীলনীৰ সমাধান (ASSEB / SEBA – Assamese Medium)

নৱম শ্ৰেণীৰ ভূগোল (ঐচ্ছিক) বিষয়ৰ শেহতীয়া পাঠ্যক্ৰমৰ দ্বিতীয় অধ্যায় “এই বিশ্বৰ মানুহ” লৈ বিভিন্ন বিষয়ৰ আলোচনা কৰা হৈছে। এই অধ্যায়ত বিশ্বৰ জনসংখ্যা, তাৰ বিৱৰণ, বৃদ্ধি আৰু বিতৰণৰ মূল ধাৰণাসমূহ বুজাবলৈ চেষ্টা কৰা হৈছে। লগতে মানৱৰ বিৰাট বৈচিত্ৰ্য আৰু জনসংখ্যা বিষয়ক পৰিসংখ্যা আদি বিষয়ে তথ্য দিয়া হৈছে। Ospin Academy (অস্পীন একেডেমী)ত এই অধ্যায়ৰ সমাধানসমূহ সহজভাৱে উপলব্ধ।

✅ কি শিকিব:

  • বিশ্বৰ জনসংখ্যা আৰু তাৰ বিতৰণ
  • জনসংখ্যাৰ বৃদ্ধি আৰু তাৰ প্ৰধান কাৰকসমূহ
  • মানৱ বিৱিধতা আৰু জাতিগোষ্ঠী
  • আঞ্চলিক জনসংখ্যাৰ বৈশিষ্ট্য
  • জনসংখ্যাৰ ঘনত্ব আৰু তাৰ প্ৰভাৱ

🎯 অস্পীন একেডেমীৰ সুবিধা:

  • ASSEB (SEBA) ৰ শেহতীয়া পাঠ্যক্ৰমৰ সম্পূৰ্ণ সমাধান
  • অনুশীলনীৰ প্ৰতিটো প্ৰশ্নৰ বিস্তাৰিত আৰু সঠিক উত্তৰ
  • পৰীক্ষাৰ বাবে গুৰুত্বপূর্ণ প্ৰশ্নৰ সাজ-সজ্জা
  • অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্রীৰ বাবে সহজ আৰু ব্যৱহাৰিক বৰ্ণনা
Vibrant Note Box
Buy Printable PDF
Class 9 Geography (ভূগোল) Latest Syllabus | Assamese Medium Chapter-wise Solutions PDF for ASSEB & SEBA
Original price was: ₹199.00.Current price is: ₹39.00.

Limited Time Offer!

(For Class 9 Geography, Assamese Medium)

Get comprehensive preparation for Class 9 Geography (Assamese Medium) with this chapter-wise solutions PDF.
Includes complete textual answers, key definitions, solved questions, diagrams, and stepwise explanations for every chapter as per latest syllabus.
Ideal for home study, homework help, and quick exam revision!

Vibrant Note Box
অধ্যায় ২ – এই বিশ্বৰ মানুহৰ

অধ্যায়-২

এই বিশ্বৰ মানুহ

অনুশীলনী:

১। ‘মানৱ ভূগোল’ৰ সংজ্ঞা দিয়া আৰু ইয়াৰ প্ৰধান শাখাসমূহ উল্লেখ কৰা।

উত্তৰঃ ভূগোলৰ যি শাখাত স্থান আৰু কালৰ পৰিপ্ৰেক্ষাত প্ৰাকৃতিক পৰিৱেশ আৰু মানৱসৃষ্ট পৰিৱেশৰ সৈতে মানুহৰ সম্পৰ্কৰ অধ্যয়ন কৰা হয়, তাকে মানৱ ভূগোল বুলি কোৱা হয়। অধ্যয়নৰ এই শাখাটো বহুতো শাখা-উপশাখাৰে গঠিত। মানৱ ভূগোলৰ কেইটামান উল্লেখনীয় শাখা হৈছে:

​(ক) বসতি ভূগোল

(খ) সামাজিক ভূগোল

(গ) অৰ্থনৈতিক ভূগোল

(ঘ) সাংস্কৃতিক ভূগোল

(ঙ) ৰাজনৈতিক ভূগোল

(চ) নগৰীয়া ভূগোল

(চ) জনসংখ্যা ভূগোল

(ছ) চিকিৎসা ভূগোল

(জ) ঐতিহাসিক ভূগোল

(ঝ) আঞ্চলিক উন্নয়ন আৰু পৰিকল্পনা ভূগোল

​২। মানৱ ভূগোলৰ বিষয়বস্তুৰ বিষয়ে চমুকৈ লিখা।

​উত্তৰঃ মানৱ ভূগোলত প্ৰাকৃতিক আৰু মানৱসৃষ্ট পৰিৱেশত মানুহৰ ক্ৰিয়া-কলাপসমূহৰ অধ্যয়ন কৰাৰ লগতে এটাৰ ওপৰত আনটোৰ পাৰস্পৰিক প্ৰভাৱৰ বিষয়ে অধ্যয়ন কৰা হয়। ই এক ব্যাপক বিষয় আৰু ইয়াত বৃহৎ পৰিসৰৰ অধ্যয়ন সন্নিবিষ্ট, কিন্তু ইয়াৰ অধ্যয়ন মূলত: মানৱ কেন্দ্ৰিক। মানৱ ভূগোলৰ প্ৰধান বিষয়বস্তু হৈছে:

​(1) প্ৰাকৃতিক পৰিৱেশ আৰু মানুহৰ মাজৰ সম্বন্ধৰ বিষয়ে অধ্যয়ন: মানৱ ভূগোলত প্ৰাকৃতিক পৰিৱেশ আৰু মানুহৰ মাজৰ সম্পৰ্কৰ বিষয়ে অধ্যয়ন কৰা হয়। মানুহৰ কাম-কাজৰ ওপৰত প্ৰাকৃতিক পৰিৱেশে যথেষ্ট পৰিমাণে প্ৰভাৱ পেলায়। মানুহে জীৱন ধাৰণৰ বাবে প্ৰাকৃতিক পৰিৱেশৰ সৈতে নিজকে খাপ খুৱাই লয় (অভিযোজিত হয়)।

​(ii) মানৱসৃষ্ট পৰিৱেশৰ অধ্যয়নৰ লগতে মানুহে পৰিৱেশ কেনেদৰে সৃষ্টি কৰে সেই সম্পৰ্কে অধ্যয়ন: মানৱ ভূগোলত মানৱসৃষ্ট পৰিৱেশৰ বিষয়ে অধ্যয়ন কৰাৰ লগতে এইধৰণৰ পৰিৱেশ মানুহে কেনেকৈ সৃষ্টি কৰে সেই বিষয়ে অধ্যয়ন কৰা হয়। মানৱসৃষ্ট পৰিৱেশ ঠাই ভেদে ভিন্ন। উদাহৰণস্বৰূপে, মানৱ বসতি সমতলভূমিত অতি ঘন হোৱাৰ বিপৰীতে পাহাৰীয়া অঞ্চলসমূহত ই অতি পাতল। বিভিন্ন ধৰণৰ মানৱসৃষ্ট পৰিৱেশ আৰু ইয়াৰ আঁৰৰ কাৰণসমূহ অধ্যয়নৰ এক গুৰুত্বপূৰ্ণ ক্ষেত্ৰ হিচাপে পৰিগণিত হৈছে।

​(iii) বিভিন্ন ঠাইৰ বিভিন্ন মানৱীয় বৈশিষ্ট্যসমূহৰ অধ্যয়ন: মানৱ ভূগোলে ভূ-পৃষ্ঠৰ ভিন্ন প্ৰাকৃতিক অৱয়ৱৰ লগতে বিভিন্ন স্থানৰ মানুহৰ বিশেষ গুণাৱলীৰ ওপৰত গুৰুত্ব দিয়ে। পৃথিৱীত বাস কৰা প্ৰায় সাতশ কোটি মানুহৰ ভিন ভিন দৈহিক গঠন, ধৰ্মীয়-ভাষিক গাঁথনি, আচৰণ আৰু ৰীতি-নীতি, অৰ্থনৈতিক ক্ৰিয়াকলাপ, শৈক্ষিক মানৱ বৈশিষ্ট্য আদি মানৱ ভূগোলত অধ্যয়ন কৰা হয়।

​(iv) বিভিন্ন প্ৰকাৰৰ ভিন্নতা আৰু পদ্ধতিৰ অধ্যয়ন: পৰিৱেশ আৰু মানুহৰ সক্ৰিয় সম্পৰ্কত সংঘটিত হোৱা বিভিন্ন পৰিৱৰ্তন আৰু প্ৰক্ৰিয়াসমূহৰ বিষয়ে মানৱ ভূগোলত অধ্যয়ন কৰা হয়।

​৩। ‘মানৱ প্ৰজাতি’ মানে কি চমুকৈ লিখা।

উত্তৰঃ মানৱ প্ৰজাতি হৈছে একে ধৰণৰ শারীৰিক গুণ থকা নৃগোষ্ঠী, যাৰ চাৰিত্ৰিক বৈশিষ্ট্যসমূহ পৰৱৰ্তী প্ৰজন্মলৈ বংশসূত্ৰে সঞ্চালিত হয়। জীৱবিদ আৰু নৃতত্ত্ববিদসকলৰ মতে, প্ৰায় ৫-৬ লাখ বছৰ পূৰ্বে হোৱা বিৱৰ্তনৰ ফলত মধ্য আফ্ৰিকাত মানুহৰ জন্ম হয়। এই নতুনকৈ উৎপত্তি হোৱা মানৱ প্ৰজাতিক হম’ চেপিয়েনছ বুলি জনা যায়। অৱশ্যে, ভিন্ন জলবায়ু আৰু বিভিন্ন ভৌগোলিক পৰিস্থিতিৰ প্ৰভাৱত ভিন্ন শাৰীৰিক বৈশিষ্ট্যযুক্ত মানুহ আদিম কালৰ পৰাই বাস কৰা দেখা যায়। তাৰ ফলত, বিভিন্ন ঠাইৰ মানুহৰ মাজত শৰীৰৰ গঠন, ছালৰ বৰণ, নাকৰ আকৃতি আৰু মুখমণ্ডল, চুলিৰ ৰং আদিৰ ক্ষেত্ৰত লক্ষণীয় পাৰ্থক্য দেখিবলৈ পোৱা যায়। একেধৰণৰ শাৰীৰিক বৈশিষ্ট্য থকা মানুহৰে এটা মানৱ প্ৰজাতি গঠিত হয়। জীৱবিদসকলে মানুহক তিনিটা প্ৰধান মানৱ জাতিত বিভক্ত কৰিছে। উদাহৰণ: ককেছীয়, নিগ্ৰো আৰু মংগোলীয়।

​৪। মানৱ প্ৰজাতিৰ শ্ৰেণীবিভাজনৰ বিভিন্ন প্ৰকাৰৰ ভিত্তিৰ বিষয়ে চমুকৈ লিখা।

​উত্তৰঃ বিশ্বৰ বিভিন্ন প্ৰান্তত বাস কৰা লোকসকলৰ ছালৰ বৰণকে ধৰি দৈহিক গঠনৰ বিভিন্ন দিশত ভিন্নতা পৰিলক্ষিত হয়। তথাপিও, একেধৰণৰ শাৰীৰিক বৈশিষ্ট্যযুক্ত নৃগোষ্ঠীক মানৱ প্ৰজাতি বুলি কোৱা হয়। বংশগতিৰ সূত্ৰে এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ সাদৃশ্য থকা শাৰীৰিক বৈশিষ্ট্যসমূহ স্থানান্তৰিত হোৱা মানুহৰ গোটকে ‘মানৱ প্ৰজাতি’ হিচাপে অভিহিত কৰা হয়। সাদৃশ্য থকা শাৰীৰিক বৈশিষ্ট্যযুক্ত মানুহক নিম্নলিখিত তিনিটা প্ৰধান বহল গোটত বিভক্ত কৰা হৈছে। এই গোটসমূহ তলত উল্লেখ কৰা প্ৰধান কাৰণ বা ভিত্তিৰ ওপৰত নিৰ্ভৰ কৰি বিভক্ত:

​(i) ছালৰ বৰণ

(ii) চুলিৰ বৰণ

(iii) উচ্চতা

(iv) নাকৰ গঠন

(v) মুখমণ্ডলৰ গঠন

(vi) কপালৰ গঠন

​৫। মানুহ আৰু মানৱ প্ৰজাতিৰ উৎপত্তিৰ বিষয়ে চমুকৈ আলোচনা কৰা।

​উত্তৰঃ মানুহৰ উৎপত্তিৰ বিষয়ে সীমিত তথ্যহে উপলব্ধ। জীৱবিদ আৰু নৃতত্ত্ববিদসকলৰ দ্বাৰা আগবঢ়োৱা বিৱৰ্তনৰ সূত্ৰ অনুসৰি, মানুহ সম্ভৱতঃ কোনো এক নিৰ্দিষ্ট প্ৰকাৰৰ বান্দৰ, চিম্পাঞ্জী, গৰিলা আদিৰ পৰা উদ্ভৱ হৈছিল। এইটো সম্ভৱতঃ মধ্য প্লেইষ্টোচিন যুগত (প্ৰায় ৫-৬ লাখ বছৰ পূৰ্বে) সংঘটিত হৈছিল, যেতিয়া সামগ্ৰিক প্ৰাকৃতিক পৰিৱেশ আৰু বতৰ অনুকূল আছিল। এই নতুনকৈ উৎপত্তি হোৱা মানৱ প্ৰজাতিক হম’ চেপিয়েনছ বুলি কোৱা হয়। এইটো অনুমান কৰা হৈছে যে এই প্ৰক্ৰিয়া নিশ্চিতভাৱে মধ্য আফ্ৰিকাত আৰম্ভ হৈছিল আৰু পিছলৈ এই নতুনকৈ সৃষ্টি হোৱা মানৱ সদৃশ জীৱই বিশ্বৰ অন্যান্য অঞ্চললৈ প্ৰব্ৰজন কৰিছিল।

​বিভিন্ন ধৰণৰ প্ৰাকৃতিক পৰিৱেশত বসবাস কৰাৰ ফলত মানুহৰ মাজত বিভিন্ন ধৰণৰ জৈৱিক বিকাশ ঘটিব ধৰে। বিশ্বৰ বিভিন্ন প্ৰান্তত বাস কৰা হম’ চেপিয়েনসকলৰ ওপৰত বেলেগ বেলেগ প্ৰাকৃতিক পৰিৱেশৰ প্ৰভাৱ পৰে আৰু শাৰীৰিক বৈশিষ্ট্যৰ ভিন্নতাই দেখা দিয়ে। সেই অনুসৰি, আফ্ৰিকাৰ গ্ৰীষ্ম অঞ্চলসমূহত বসবাস কৰা নিগ্ৰোসকলৰ ছালৰ বৰণ ক’লা। শীতল অঞ্চলৰ লোকসকলক ককেছীয় (ছালৰ বৰণ বগা) আৰু শীতলতম মধ্য এছিয়া অঞ্চলৰ মানুহক মংগোলীয় (ছালৰ বৰণ হালধীয়া) বুলি জনা যায়। সেয়ে এই তিনিটা গোটক বিশ্বৰ প্ৰধান মানৱ জাতি বুলি কোৱা হয়। অৱশ্যে, সময়ৰ লগে লগে বিভিন্ন প্ৰকাৰৰ উপ-প্ৰজাতি এই প্ৰধান গোটসমূহৰ পৰা উৎপত্তি হোৱা দেখা যায়। বৰ্তমান জীয়াই থকা সকলো মানুহ এই প্ৰধান গোটসমূহৰ যিকোনো এটাৰ প্ৰাথমিক গোট বা সিহঁতৰ উপ-জাতিৰ সংমিশ্ৰণৰ অন্তৰ্ভুক্ত।

৬। পৃথিৱীত বসবাস কৰা মানুহক দৈহিক বৈশিষ্ট্য যেনে চুলি, নাক, মুখ, উচ্চতা, ছাল আদিৰ ভিত্তিত বিভাজন কৰা।

উত্তৰঃ চুলিৰ বৰণ, মুখৰ গঠন, উচ্চতা, ছালৰ বৰণ আদিৰ ওপৰত ভিত্তি কৰি মানৱ প্রজাতিক তিনিটা বহল বিভাগত বিভক্ত কৰিব পাৰিঃ

(i) ককেছীয় গোষ্ঠী

(ii) নিগ্রো গোষ্ঠী

(iii) মংগোলীয় গোষ্ঠী

তিনিটা প্রধান মানৱ প্ৰজাতিৰ প্ৰধান বৈশিষ্ট্যসমূহঃ

ক্রমিক নম্বৰ

মূল

কক্‌ছীয় গোষ্ঠী

নিয়া গোষ্ঠী

মহেগোলীয় গোষ্ঠী

(i)

ছালৰ বৰ্ণ

সেতা বগা চূৰা বগাৰ পৰা জলফাই মূগা।

ক’লা

গেড়োৱা বগাৰ পৰা হলধীয়া মূগা

(ii)

চকুৰ বৰ্ণ

পাতল নীলাৰ পৰা ডাঠ মূগা।

ক’লাৰ পৰা ডাঠ মূগা

মূগাৰ পৰা ডাঠ মূগা

(iii)

চুলিৰ বৰ্ণ

পাতল সোণালী চুলিৰ পৰা ডাঠ মূগা।

কেঁকোৰা

ক’লা, দীঘল আৰু পোন

(iv)

মুখ

ঠোঁটৰ পৰা মধ্যমীয়া।

বহলৰ পৰা ঠোঁট

বহল আৰু চেপেটা

(v)

ওঁঠ

পাতল

মটা

স্বাভাৱিক

(vi)

নাক

তীক্ষ্ণ আৰু ঠোঁট।

বহল আৰু ভোঁটা

চেপেটা বা চুটি

(vii)

উচ্চতা

মধ্যমীয়াৰ পৰা ওখ

চাপৰৰ পৰা ওখ

তুলনামূলকভাবে কম

(viii)

মূৰৰ আকাৰ

দীঘলৰ পৰা বহল আৰু চুটি

দীঘলীয়া

সাধাৰণতে চেপেটা

৭। পৃথিবীৰ তিনিটা প্রধান মানৱ প্ৰজাতিৰ গুণবৈশিষ্ট্যসমূহ উল্লেখ কৰা।

উত্তৰঃ পৃথিৱীৰ প্ৰধান মানৱ প্রজাতিসমূহঃ

(i) ককেছীয় প্রজাতি/গোষ্ঠী

(ii) নিগ্রো প্রজাতি/গোষ্ঠী

(iii) মংগোলীয় গোষ্ঠী

তিনিটা প্রধান মানৱ প্ৰজাতিৰ প্ৰধান বৈশিষ্ট্যসমূহঃ

ক্রমিক নম্বৰ

মূল

কক্‌ছীয় গোষ্ঠী

নিয়া গোষ্ঠী

মহেগোলীয় গোষ্ঠী

(i)

ছালৰ বৰ্ণ

সেতা বগা চূৰা বগাৰ পৰা জলফাই মূগা।

ক’লা

গেড়োৱা বগাৰ পৰা হলধীয়া মূগা

(ii)

চকুৰ বৰ্ণ

পাতল নীলাৰ পৰা ডাঠ মূগা।

ক’লাৰ পৰা ডাঠ মূগা

মূগাৰ পৰা ডাঠ মূগা

(iii)

চুলিৰ বৰ্ণ

পাতল সোণালী চুলিৰ পৰা ডাঠ মূগা।

কেঁকোৰা

ক’লা, দীঘল আৰু পোন

(iv)

মুখ

ঠোঁটৰ পৰা মধ্যমীয়া।

বহলৰ পৰা ঠোঁট

বহল আৰু চেপেটা

(v)

ওঁঠ

পাতল

মটা

স্বাভাৱিক

(vi)

নাক

তীক্ষ্ণ আৰু ঠোঁট।

বহল আৰু ভোঁটা

চেপেটা বা চুটি

(vii)

উচ্চতা

মধ্যমীয়াৰ পৰা ওখ

চাপৰৰ পৰা ওখ

তুলনামূলকভাবে কম

(viii)

মূৰৰ আকাৰ

দীঘলৰ পৰা বহল আৰু চুটি

দীঘলীয়া

সাধাৰণতে চেপেটা

৮। পৃথিৱীৰ কোন অঞ্চলক মানুহৰ প্ৰথম উৎপত্তিস্থল বুলি কোৱা হয়? পৃথিৱীৰ প্রধান মানৱ প্ৰজাতিসমূহৰ বিস্তাৰ আৰু বিভাজন চিত্রসহ চমুকৈ লিখা।

উত্তৰঃ পৃথিৱী ত মানুহ কেতিয়াৰ পৰা আৰু ক’ত প্রথমে বসবাস কৰিছিল তাৰ বিষয়ে কোনো গ্রহণযোগ্য প্রমাণ পাবলৈ নাই। কিন্তু আধুনিক প্রত্নতত্ত্বৰ পৰা লাভ কৰা তথ্য অনুযায়ী অনুমান কৰা হৈছে যে প্রায় এক লাখ বর্ষ পূর্বে প্রাচীন পৃথিৱীৰ আফ্ৰিকাৰ পূৱ প্ৰান্তত মানুহ দেখিবলৈ পোৱা গৈছিল। প্রায় ২৫-৩০ হাজাৰ বৰ্ষ পূর্বে, পৃথিৱীৰ অন্য প্রান্তলৈ মানুহে প্ৰব্ৰজন কৰিবলৈ আৰম্ভ কৰে। সুদীর্ঘ কালজোৰা প্ৰব্ৰজনৰ ফলত আৰু ভৌগোলিক পৰিৱেশ তথা জলবায়ু পৰিৱৰ্তনৰ ফলত সেই সময়ৰ মানুহৰ দৈহিক বৈশিষ্ট্যৰ দৃশ্যমান পৰিৱৰ্তন সাধন হয়। এয়া বিশ্বাস কৰা যায় যে সেই সময়ৰ মানুহৰ দৈহিক গঠন পৃথিৱীৰ প্ৰধান মানৱ গোষ্ঠীসমূহ যেনে ককেছীয়, নিগ্রো আৰু মংগোলীয় গোষ্ঠীৰ সংমিশ্রণত গঠিত আছিল। কিন্তু প্রব্রজন আৰু প্রাকৃতিক নির্বাচন প্রক্রিয়া অথবা বংশগতি সূত্রে বিশ্বৰ বিভিন্ন প্রান্তত বসবাস কৰা মানুহৰ মাজৰ পার্থক্যসমূহ প্রকট হ’বলৈ ধৰে।ইয়াকে ক’ৱ পাৰি যে প্ৰথম প্ৰব্ৰজন মানুহৰ উৎপত্তিৰ কেন্দ্ৰস্থল মধ্য আফ্ৰিকাৰ পৰাই‌‌ আৰম্ভ হয়। মানৱ প্রজাতিয়ে উত্তৰ আৰু উত্তৰ পূৱ দিশে গমন কৰিছিল। এই গোটসমূহে পোন প্রথমে নিশ্চিতভাৱে দ্বীপসমূহলৈ যাত্রা কৰিছিল কাৰণ বিশাল মহাসাগৰ পূৱ আৰু পশ্চিমৰ মাজত বাধাৰ প্ৰাচীৰ ৰূপে থিয় দিছিল। ইয়াৰ প্লিচটোচিন হিম যুগৰ বৰফাবৃত মহাসাগৰ সমূহে ভূখণ্ডসমূহৰ মাজেত যোগসূত্র স্থাপন কৰাত সহায় কৰে। ইচাইবেৰিয়া আৰু আলাস্কাৰ মাজেৰে বেৰিং প্ৰণালী পাৰ হোৱাত সহায়ক হয়। সেইদৰে, মংগোলীয় বংশোদ্ভৱ মধ্য এছিয়াৰ মানুহ উত্তৰ, মধ্য আৰু দক্ষিণ আমেৰিকালৈ প্ৰব্ৰজন কৰে। ঠিক সেইদৰে, ককেছীয় লোকসকলে দক্ষিণ- পশ্চিম এছিয়াৰ পৰা উত্তৰ আৰু পশ্চিম ইউৰোপ আৰু উত্তৰ আৰু পূৱ আফ্রিকা আৰু মধ্য আফ্রিকাৰ পৰা দক্ষিণ আৰু পূৱ আফ্রিকা আৰু দক্ষিণ এছিয়াৰ কিছুমান অঞ্চললৈ প্ৰব্ৰজন কৰে।ভাৰতবৰ্ষত বসবাস কৰা লোকসকল দক্ষিণ ইউৰোপৰ পৰা প্ৰব্ৰজন কৰা ককেছীয় গোষ্ঠীৰ উপ গোষ্ঠী ভূমধ্যসাগৰীয় শ্ৰেণীৰ অন্তৰ্ভুক্ত। দক্ষিণ আফ্রিকা, আস্ট্রেলিয়া আৰু নিউজিলেণ্ডত বসবাস কৰা লোকসকল পশ্চিম ইউৰোপৰ পৰা প্ৰব্ৰজন কৰা নর্দিক শ্ৰেণীৰ ককেছীয় গোষ্ঠীৰ লোক।সেয়েহে আমি ক’ৱ পাৰো যে বিশ্বৰ বিভিন্ন প্রান্তত বসবাস কৰা লোকসকল বিভিন্ন গোষ্ঠীৰ মিশ্রিত লোক।

৯। পৃথিবীৰ প্ৰধান ধৰ্মসমূহ কি? এই ধর্মীয় গোটসমূহৰ প্ৰধান বৈশিষ্ট্যসমূহ আৰু বিভাজন তেওঁলোকৰ জনসংখ্যাৰ আকাৰ অনুযায়ী আলোচনা কৰা।

উত্তৰঃ পৃথিৱীৰ প্ৰধান ধর্মসমূহ হৈছে খ্রীষ্টান, ইছলাম, হিন্দু আৰু বৌদ্ধ। এই চাৰিটা ধর্মই পৃথিৱীৰ ৭৫ শতাংশ মানুহৰ দ্বাৰা গঠিত। ২০০৬ চনৰ পৰিসংখ্যা অনুযায়ী এই ধৰ্মৰ লোকসকলৰ সংখ্যা তলত দিয়া ধৰণৰঃ

নাম

জনসংখ্যাৰ আকাৰ (কোটি)

শতাংশ

(i) খ্রীষ্টান ধর্ম

(ii) ইছলাম

(iii) হিন্দু

(iv) বৌদ্ধ

২১৩ কোটি

১৩৫ কোটি

৯০ কোটি

৩৮ কোটি

৩৩%

২১%

১.৪%

৬%

(i) খ্রীষ্টান ধর্মঃ প্রায় ২০০০ বৰ্ষৰ পূৰ্বে যীশু খ্ৰীষ্টৰ দ্বাৰা খ্ৰীষ্ট ধৰ্মৰ প্ৰতিষ্ঠা কৰা হৈছিল। যদিও এই ধৰ্ম পুৰণি ইজৰাইলত আৰম্ভ হয়, অতি শীঘ্ৰে ইয়াৰ বিস্তাৰ ধৰ্ম প্ৰচাৰকসকলৰ জৰিয়তে বিশ্বৰ অন্য প্রান্তলৈ বিস্তাৰিত হয়। বিশেষকৈ তেতিয়াৰ ৰোমান সাম্রাজ্যত। খ্ৰীষ্ট ধৰ্মৰ প্রধান বৈশিষ্ট্যসমূহঃ

(ক) খ্রীষ্ট ধর্মী সকল একেশ্বৰবাদী অর্থাৎ তেওঁলোকে এক ঈশ্বৰ বিশ্বাস কৰে।

(খ) ই পৃথিৱীৰ সৰ্ববৃহৎ ধর্ম, প্রায় ২১৩ কোটি মানুহ এই ধর্মত বিশ্বাসী (২০০৬ চনৰ তথ্য অনুসৰি)

(গ) খ্রীষ্ট ধৰ্মৰ দুটা প্রধান শাখা আছে যেনেঃ ৰোমান কেথলিক আৰু প্রটেষ্টান্ট।

(ঘ) তেওঁলোকৰ পৱিত্র গ্রন্থখন হৈছে ‘বাইবেল’।

(ii) ইছলামঃ প্রায় ১৪০০ বর্ষ পূর্বে হজৰত মহম্মদে মধ্য প্রাচ্যৰ মৰু অঞ্চলত ইছলাম ধর্ম প্রতিষ্ঠা কৰে আৰু অতি শীঘ্ৰে ই আফ্রিকা, দক্ষিণ এছিয়া আৰু দক্ষিণ পূৱ এছিয়ালৈ সম্প্ৰসাৰিত হয়। এই ধৰ্মৰ কিছু বৈশিষ্ট্য হৈছে:

(ক) মুছলমানসকল একেশ্বৰবাদী অর্থাৎ তেওঁলোকে এজন ঈশ্বৰক বিশ্বাস কৰে।

(খ) মুছলমানসকলৰ দুটা প্রধান গোট হৈছে চিয়া আৰু চুন্নী।

(গ) ই পৃথিৱীৰ দ্বিতীয় সর্ববৃহৎ ধর্মীয় গোট।

(ঘ) তেওঁলোকৰ পৱিত্ৰ গ্ৰন্থখন হৈছে কোৰাণ।

(iii) হিন্দু ধর্মঃ হিন্দু ধর্মক পৃথিৱীৰ প্ৰাচীনতম ধর্ম বুলি কোৱা হয়। প্রায় ৫০০০ বছৰ পূৰ্বে আৰ্যসকলে সিন্ধু গংগা উপত্যকাত বসতি কৰাৰ পিছত এই ধৰ্ম প্রতিষ্ঠা কৰে।এই ধৰ্মৰ প্ৰধান বৈশিষ্ট্যসমূহঃ

(ক) সিন্ধু নদীৰ পূবে অৱস্থিত ভাৰতবৰ্ষৰ নামানুসৰি হিন্দু ধৰ্মৰ নামাকৰণ কৰা হৈছে।

(খ) প্রায় ৫০০০ বছৰৰ আগতে এই ধৰ্ম প্ৰতিষ্ঠা কৰা হৈছিল।

(গ) ভাৰতবৰ্ষৰ বহুতো সামাজিক আৰু সাংস্কৃতিক পৰিশীলনৰ সৈতে এই ধর্ম নিবিড়ভাবে জড়িত।

(ঘ) বুজন সংখ্যক আর্য আৰু দ্রাবিড় লোকে এই ধৰ্ম অনুসৰণ কৰে।

(ঙ) তেওঁলোকৰ প্ৰধান ধর্ম গ্রন্থসমূহ হৈছে চাৰি বেদ, ৰামায়ণ আৰু মহাভাৰত।

(iv) বৌদ্ধ ধর্মঃ প্রায় ২৫০০ বর্ষ পূর্বে ভগৱান বুদ্ধই উত্তৰ ভাৰতৰ বুদ্ধ গয়া অঞ্চলত বৌদ্ধ ধর্ম প্রতিষ্ঠা কৰে। এই ধৰ্ম ভাৰতবৰ্ষৰ পৰা চুবুৰীয়া ভূটান, চীন, শ্রীলংকা, দক্ষিণ-পূৱ এছিয়ালৈ বিস্তৃত।

বৌদ্ধ ধৰ্মৰ কিছুমান প্রধান বৈশিষ্ট্য হৈছেঃ

(ক) ইয়াৰ দুটা প্রধান শাখা হৈছে হীনযান আৰু মহাযান।

(খ) বৌদ্ধ ধৰ্মৰ প্ৰধান ধর্ম গ্রন্থখন হৈছে ত্রিপিটক।

১০। ভাৰতবৰ্ষৰ জনসাধাৰণৰ ধৰ্মীয় গঠন আৰু বিতৰণৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ ভাৰতবৰ্ষ বহু ধৰ্মৰ দেশ। ভাৰতবৰ্ষ প্রধান ধর্মসমূহ যেনে- হিন্দু ধর্ম, বৌদ্ধ ধর্ম, জৈন ধৰ্ম আৰু শিখ ধৰ্মৰ জন্মস্থলী।

ধর্মীয় গঠন: ভাৰতবৰ্ষৰ ধৰ্মীয় গঠন:

ক্ৰমিক

নং

ধৰ্ম

শতাংশ

(i)

(ii)

(iii)

(iv)

(v)

হিন্দু ধৰ্ম

ইছলাম ধৰ্ম

খ্রীষ্ট ধর্ম

শিখ

বৌদ্ধ ধর্ম

৮১.৪%

১২.৪%

২.৩%

১.৯%

০.৪%

বিতৰণ: ভাৰতবৰ্ষৰ সৰ্ববৃহৎ ধর্মীয় গোট হিন্দু দেশৰ সকলো প্রান্ততে বসবাস কৰে। ভাৰতৰ মুখ্য ইছলাম-প্রধান ৰাজ্যখন হৈছে জম্মু আৰু কাশ্মীৰ। ইছলাম ধর্মাবলম্বী লোক উত্তৰ প্ৰদেশ, বিহাৰ পশ্চিমবংগ, অন্ধ্রপ্রদেশ, কেৰালা আদি বাজ্যত পোৱা যায়। শিখসকল প্রধানকৈ পঞ্জাব আৰু হাৰিয়ানা ৰাজ্যত বসবাস কৰে। উত্তৰ-পূবৰ ৰাজ্যসমূহত যেনে- নাগালেণ্ড, মিজোৰাম আৰু মেঘালয়ত খ্রীষ্টধৰ্মলোকৰ জনবসতি ঘন। তেওঁলোকে দেশৰ কিছুমান নির্দিষ্ট ঠাইত বসবাস কৰে। বৌদ্ধ ধৰ্মৰ লোকসকল প্রধানকৈ ছিকিম, অৰুণাচল প্রদেশৰ পশ্চিম অংশ পশ্চিমবংগৰ উত্তৰ অংশ আৰু বিহাৰৰ উত্তৰ অংশত পোৱা যায়। জৈনসকলে প্ৰধানকৈ ৰাজস্থানত বসবাস কৰে।

১১।‌‌ চ‌মুটোকা লিখা:

(ক) মানুহ আৰু মানব ভূগোল

(খ) মানৱ প্রজাতি

(গ) নিগ্রো জনসাধাৰণৰ গোট

(ঘ) ধর্মীয় গঠন

(ঙ) বৌদ্ধ ধর্ম

(চ) ভাৰতবৰ্ষৰ খ্ৰীষ্ট ধর্মাবলম্বীৰ লোক

উত্তৰঃ

(ক) মানুহ আৰু মানব ভূগোল: মানুহ আৰু মানৱ ভূগোলৰ মাজৰ সম্পৰ্ক অতি ঘনিষ্ঠ। মানৱ ভূগোল হৈছে ভূগোলৰ এনে এটা শাখা, য’ত প্ৰাকৃতিক পৰিৱেশ আৰু মানৱসৃষ্ট পৰিৱেশৰ সৈতে মানুহৰ পাৰস্পৰিক সম্পৰ্কৰ বিষয়ে অধ্যয়ন কৰা হয়। মানুহে নিজৰ জীৱন নিৰ্বাহৰ বাবে প্ৰাকৃতিক পৰিৱেশৰ উপাদানসমূহৰ লগত অভিযোজিত হয় আৰু বিভিন্ন ক্ৰিয়াকলাপৰ জৰিয়তে পৰিৱেশ সলনি কৰি মানৱসৃষ্ট পৰিৱেশ গঢ়ি তোলে। যেনে – বসতি স্থাপন, খেতি-বাতি কৰা, উদ্যোগ গঢ়ি তোলা আদি। মানৱ ভূগোলে এই পাৰস্পৰিক প্ৰভাৱ, মানুহৰ জনসংখ্যা, সাংস্কৃতিক বৈশিষ্ট্য, অৰ্থনৈতিক কাৰ্যকলাপ আৰু ভূপৃষ্ঠত ইয়াৰ আঞ্চলিক বিতৰণৰ বিষয়ে বিশদভাৱে আলোচনা কৰে। সেয়েহে, মানৱ ভূগোলৰ অধ্যয়ন মানৱ কেন্দ্ৰিক।

​(খ) মানৱ প্ৰজাতি: মানৱ প্ৰজাতি হৈছে একে ধৰণৰ শাৰীৰিক বৈশিষ্ট্য থকা এনে এক নৃগোষ্ঠী, যাৰ চাৰিত্ৰিক বৈশিষ্ট্যসমূহ বংশগতিৰ সূত্ৰে এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ সঞ্চালিত হয়। বিজ্ঞানীসকলৰ মতে, প্ৰায় ৫-৬ লাখ বছৰ পূৰ্বে মধ্য আফ্ৰিকাত হোৱা বিৱৰ্তনৰ ফলত ‘হম’ চেপিয়েনছ’ নামৰ মানৱ প্ৰজাতিৰ উৎপত্তি হৈছিল। জলবায়ু আৰু ভৌগোলিক পৰিস্থিতিৰ ভিন্নতাৰ বাবে বিভিন্ন ঠাইত বাস কৰা মানুহৰ মাজত শৰীৰৰ গঠন, ছালৰ বৰণ, চুলিৰ প্ৰকৃতি, নাকৰ আকৃতি আদিৰ ক্ষেত্ৰত পাৰ্থক্য দেখা যায়। এই শাৰীৰিক সাদৃশ্যৰ ভিত্তিত জীৱবিদসকলে মানুহক ককেছীয় (বগা), নিগ্ৰো (ক’লা) আৰু মংগোলীয় (হালধীয়া) – এই তিনিটা প্ৰধান জাতিত ভাগ কৰিছে।

​(গ) নিগ্ৰো জনসাধাৰণৰ গোট: নিগ্ৰো হৈছে পৃথিৱীৰ তিনিটা প্ৰধান মানৱ প্ৰজাতিৰ ভিতৰত অন্যতম এটা গোট। এই প্ৰজাতিৰ লোকসকলক সাধাৰণতে গাঢ় ক’লা ছাল, উচ্চতা বেছি, পেট্ৰাঙ্ক বগা ছালৰ (wide nose) আৰু কোঁকোৰা চুলিৰ দ্বাৰা চিনাক্ত কৰা হয়। তেওঁলোকৰ উৎপত্তি মধ্য আফ্ৰিকাৰ গ্ৰীষ্ম অঞ্চলত হৈছিল বুলি অনুমান কৰা হয়। বৰ্তমান এই গোটৰ লোকসকল প্ৰধানকৈ আফ্ৰিকা মহাদেশত বসবাস কৰে। ইয়াৰ উপৰিও, দাস ব্যৱসায়ৰ ফলস্বৰূপে তেওঁলোকৰ এটা বৃহৎ অংশ বৰ্তমান উত্তৰ আৰু দক্ষিণ আমেৰিকাৰ লগতে কেৰিবিয়ান দ্বীপপুঞ্জসমূহতো বিস্তৃত হৈ আছে। নিগ্ৰো জনগোষ্ঠীৰ মাজতো ভৌগোলিক বিস্তৃতি আৰু শাৰীৰিক ভিন্নতাৰ বাবে বিভিন্ন উপ-প্ৰজাতি দেখা যায়।

​(ঘ) ধৰ্মীয় গঠন: ধৰ্মীয় গঠন হৈছে এখন দেশ বা এখন অঞ্চলৰ জনসংখ্যাৰ ধৰ্মীয় বিন্যাস বা গাঁথনি। এইটো মানৱ ভূগোলৰ এক গুৰুত্বপূৰ্ণ বিষয়বস্তু। ধৰ্মই মানুহৰ সাংস্কৃতিক পৰিচয়, জীৱনশৈলী, মূল্যবোধ, ৰীতি-নীতি আৰু আচৰণক গভীৰভাৱে প্ৰভাৱিত কৰে। এখন ঠাইৰ জনসংখ্যাৰ ধৰ্মীয় গোটসমূহৰ সংখ্যা, আকাৰ আৰু আঞ্চলিক বিতৰণে সেই অঞ্চলৰ সমাজ, ৰাজনীতি আৰু অৰ্থনৈতিক দিশত প্ৰভাৱ পেলায়। উদাহৰণস্বৰূপে, ভাৰতবৰ্ষত হিন্দু ধৰ্মাৱলম্বী লোকৰ সংখ্যা সংখ্যাগৰিষ্ঠ যদিও ইছলাম, খ্ৰীষ্টান, শিখ, বৌদ্ধ আৰু জৈন আদি ধৰ্মৰ লোকো যথেষ্ট পৰিমাণে আছে। এই ধৰ্মীয় ভিন্নতাই দেশখনৰ সাংস্কৃতিক বৈচিত্ৰ্য প্ৰতিফলিত কৰে।

​(ঙ) বৌদ্ধ ধৰ্ম: বৌদ্ধ ধৰ্ম হৈছে বিশ্বৰ এটা প্ৰাচীন আৰু প্ৰভাৱশালী ধৰ্ম। খ্ৰীষ্টপূৰ্ব ষষ্ঠ শতিকাত ভাৰতবৰ্ষত গৌতম বুদ্ধই এই ধৰ্ম প্ৰতিষ্ঠা কৰিছিল। এই ধৰ্মৰ মূলনীতি হৈছে দুখৰ পৰা মুক্তি লাভ কৰা, যাৰ বাবে চাৰিটা আর্য সত্য আৰু অষ্টমাৰ্গৰ ওপৰত গুৰুত্ব দিয়া হয়। এই ধৰ্মৰ অনুগামীসকলে কৰ্মফলত বিশ্বাস কৰে। বৌদ্ধ ধৰ্মৰ বিস্তৃতি এসময়ত ভাৰতৰ পৰা দক্ষিণ-পূব এছিয়া, চীন, জাপান, কোৰিয়া আৰু তিব্বতলৈকে হৈছিল। বৰ্তমান ভাৰতবৰ্ষত বৌদ্ধ ধৰ্মাৱলম্বী লোকৰ সংখ্যা কম যদিও বিশ্বজুৰি ইয়াৰ অনুগামী আছে। ইয়াৰ শিক্ষা আৰু দৰ্শনে বিশ্বৰ মানৱ সমাজ আৰু সংস্কৃতিত গভীৰ প্ৰভাৱ পেলাইছে।

​(চ) ভাৰতবৰ্ষৰ খ্ৰীষ্ট ধৰ্মাৱলম্বীৰ লোক: ভাৰতবৰ্ষত খ্ৰীষ্ট ধৰ্মাৱলম্বী লোকসকল হৈছে দেশখনৰ জনসংখ্যাৰ দ্বিতীয় বৃহত্তম ধৰ্মীয় সংখ্যালঘু গোট। ভাৰতলৈ খ্ৰীষ্ট ধৰ্মৰ আগমন প্ৰথম শতিকাৰ আশে-পাশে হৈছিল বুলি বিশ্বাস কৰা হয়, যাৰ প্ৰচাৰৰ মূল ব্যক্তি আছিল ছেইণ্ট থমাছ। পিছলৈ ইউৰোপীয় শক্তিসমূহৰ আগমনে ধৰ্মটোৰ প্ৰচাৰত সহায় কৰে। ভাৰতৰ জনসংখ্যাৰ প্ৰায় 2.3% লোক খ্ৰীষ্ট ধৰ্মাৱলম্বী। এই লোকসকলৰ বসতি প্ৰধানকৈ দক্ষিণ ভাৰতৰ কেৰালা, গোৱা, আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ যেনে মিজোৰাম, নাগালেণ্ড আৰু মেঘালয়ত কেন্দ্ৰীভূত। ভাৰতীয় সমাজৰ সাংস্কৃতিক আৰু শৈক্ষিক ক্ষেত্ৰত খ্ৰীষ্টান সম্প্ৰদায়ৰ লোকসকলৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে।

১২। শুদ্ধ উত্তৰটো বাছি উলিওৱা:

(ক) কেতিয়া প্রথম মানুহে জন্ম লাভ কৰিছিল?

১। ৫-৬ লাখ বছৰৰ আগতে

২। ১-২ লাখ বছৰৰ আগতে

৩। ৫০-৬০ লাখ বছৰৰ আগতে

৪। ১০-১২ লাখ বছৰৰ আগতে

উত্তৰঃ ১। ৫-৬ লাখ বছৰৰ আগতে

(খ) জনসংখ্যাৰ হিচাপত কোনটো সর্ববৃহৎ ধর্মীয় গোট?

১। ইছলাম

২। হিন্দু

৩। খ্রীষ্ট ধর্ম

৪। চীনা লোক ধর্ম

উত্তৰঃ ৩। খ্রীষ্ট ধর্ম

(গ) কোনখন মহাদেশত মানুহৰ প্ৰথম আৱিৰ্ভাৱ হয়?

১। এছিয়া

২। আফ্রিকা

৩। ইউৰোপ

৪। ওচেনিয়া

উত্তৰঃ ২। আফ্রিকা

(ঘ) চীনৰ মানুহ কোনটো গোষ্ঠীৰ অন্তৰ্ভুক্ত?

১। ককেছীয় গোট

২। নিগ্রো গোট

৩। মংগোলীয় গোট

৪। অস্ট্রেলইড গোট

উত্তৰঃ ৩। মংগোলীয় গোট

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
নৱম শ্ৰেণী ভূগোল অধ্যায় ২ – সঘনাই সোধা প্ৰশ্ন
বিশ্বৰ জনসংখ্যাৰ প্ৰধান বিৱৰণ কেনেকুৱা?
বিশ্বৰ জনসংখ্যা বিভিন্ন অঞ্চলত বেয়া আৰু বেছি, আনকি শুকান আৰু ভিজা ঠাইত ভিন্ন। বিশেষকৈ এশিয়া ও আফ্রিকা মহাদেশত জনসংখ্যা বেছিকৈ কেন্দ্ৰীভূত।
জনসংখ্যাৰ বৃদ্ধি কিয় ঘটে?
জনসংখ্যাৰ বৃদ্ধি প্ৰধানকৈ জন্মদৰ অধিকতা, মৃত্যু দুৰ্নীতিৰ হ্ৰাস, আৰু স্বাস্থ্য সেৱাৰ উন্নতিৰ বাবে ঘটে।
মানব বিৱিধতা মানে কি?
মানৱ বিৱিধতা হৈছে মানুহৰ ৰাষ্ট্ৰ, জাতি, ভাষা, সংস্কৃতি আৰু ধৰ্মৰ বৈচিত্ৰ্য। এই ধৰণৰ বিৱিধতা সমাজৰ পাৰস্পৰিক সম্পৰ্কক গুৰুত্ব দিয়ে।
Ospin Academy’ৰ সমাধান সমূহ কেনেকৈ সহায়ক?
Ospin Academy’ৰ সমাধানসমূহ সহজ ভাষাতীয়াত, সম্পূৰ্ণ আৰু পাঠ্যক্ৰম অনুসৰি হওয়াৰে পৰীক্ষাৰ বাবে অতি সহায়ক।
NCERT Solutions – Ospin Academy

Get Free NCERT PDFs

If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group:

Thank You!

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top