নৱম শ্ৰেণী ভূগোল (ঐচ্ছিক) অধ্যায় ৪ – জনবসতিৰ আটাইবোৰ অনুশীলনীৰ সমাধান | ASSEB (SEBA) | Assamese Medium
নৱম শ্ৰেণী ভূগোল (ঐচ্ছিক) অধ্যায় ৪ – জনবসতিৰ আটাইবোৰ অনুশীলনীৰ সমাধান (ASSEB / SEBA – Assamese Medium)
নৱম শ্ৰেণীৰ ভূগোল (ঐচ্ছিক) বিষয়ৰ নতুন পাঠ্যক্ৰমৰ চতুৰ্থ অধ্যায় হৈছে ‘জনবসতি’। এই অধ্যায়ত মানুহে কেনেকৈ আৰু ক’ত বসবাস কৰে, সেই বিষয়ে আলোচনা কৰা হৈছে। গ্ৰাম্য আৰু নগৰীয়া জনবসতিৰ প্ৰকাৰ, বৈশিষ্ট্য আৰু ইহঁতৰ মাজৰ পাৰ্থক্যসমূহ ইয়াত বিতংভাৱে বুজোৱা হৈছে। Ospin Academy (অস্পীন একেডেমী)ত এই অধ্যায়ৰ সকলো অনুশীলনীৰ সমাধান শেহতীয়া পাঠ্যক্ৰম অনুসৰি সহজ আৰু স্পষ্ট ভাষাত দিয়া হৈছে।
✅ কি শিকিব:
- জনবসতিৰ সংজ্ঞা আৰু প্ৰকাৰ
- গ্ৰাম্য জনবসতিৰ বৈশিষ্ট্য আৰু আৰ্হি (যেনে– কেন্দ্ৰীভূত, বিক্ষিপ্ত)
- নগৰীয়া জনবসতিৰ শ্ৰেণীবিভাগ আৰু কাৰ্যাৱলী
- নগৰায়ন আৰু ইয়াৰ সমস্যাসমূহ
- গ্ৰাম্য আৰু নগৰীয়া জনবসতিৰ পাৰ্থক্য
🎯 অস্পীন একেডেমীৰ সুবিধা:
- ASSEB (SEBA)-ৰ শেহতীয়া পাঠ্যক্ৰমৰ সম্পূৰ্ণ সমাধান
- অনুশীলনীৰ প্ৰতিটো প্ৰশ্নৰ বিস্তাৰিত আৰু শুদ্ধ উত্তৰ
- পৰীক্ষাত আহিব পৰা গুৰুত্বপূৰ্ণ প্ৰশ্নৰ বাবে প্ৰস্তুতি
- অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰীৰ বাবে সহজ আৰু বোধগম্য ভাষা
- Bhugol (ভূগোল)-ৰ জটিল ধাৰণাসমূহৰ সৰল উপস্থাপন
Class 9 Geography (ভূগোল) Latest Syllabus | Assamese Medium Chapter-wise Solutions PDF for ASSEB & SEBA
Limited Time Offer!
(For Class 9 Geography, Assamese Medium)
Get comprehensive preparation for Class 9 Geography (Assamese Medium) with this chapter-wise solutions PDF.
Includes complete textual answers, key definitions, solved questions, diagrams, and stepwise explanations for every chapter as per latest syllabus.
Ideal for home study, homework help, and quick exam revision!
অধ্যায়-৪
এই অধ্যায়ৰ বিষয়বস্তু:
পাঠভিত্তিক প্রশ্নোত্তৰ
অনুশীলনী:
১। জনবসতি বুলিলে কি বুজা? ইয়াৰ সৃষ্টি আৰু বিকাশ সম্পর্কে চমুকৈ আলোচনা কৰা।
উত্তৰঃ জনবসতি বুলিলে মানুহৰ দ্বাৰা জীৱন নিৰ্বাহৰ বাবে সৃষ্টি কৰা স্থায়ী বা অস্থায়ী আশ্ৰয়স্থল বা বাসস্থানৰ ঠাইকেই বুজোৱা হয়।
সৃষ্টি আৰু বিকাশ:
বিশ্বাস কৰা হয় যে আজিৰ পৰা প্ৰায় 12,000 বছৰ আগতে স্থায়ী কৃষিকাৰ্যৰ আৰম্ভণি আৰু উদ্ভিদ-প্ৰাণীৰ ঘৰচীয়াকৰণৰ লগে লগে জনবসতি প্ৰক্ৰিয়াৰো আৰম্ভণি হৈছিল। ইয়াৰ পূৰ্বে মানুহে স্থায়ী আশ্ৰয়ৰ অভাৱত অঘৰী জীৱন কটাইছিল। কিন্তু জ্ঞানৰ ক্ৰমবিকাশৰ লগে লগে মানুহে প্ৰাকৃতিকভাৱে অনুকূল পৰিৱেশৰ ঠাইসমূহত স্থায়ীভাৱে বসবাস কৰিবলৈ আৰম্ভ কৰে।
ঠাই এখনত জনবসতিৰ সৃষ্টি আৰু বিকাশ তলত দিয়া কাৰকসমূহৰ দ্বাৰা বাৰুকৈ প্ৰভাৱান্বিত হয়:
পানীৰ উপলব্ধতা: জনবসতিৰ বৃদ্ধি আৰু বিকাশ পানীৰ উপলব্ধতাৰ সৈতে ওঁতপ্ৰোতভাৱে জড়িত। বেছিভাগ জনবসতিয়ে সহজে আৰু পৰ্যাপ্ত পৰিমাণে পানী উপলব্ধ হোৱা অঞ্চলসমূহত গঢ়ি উঠে। এই কাৰণতে পৃথিৱীৰ প্ৰায়ভাগ প্ৰাচীন সভ্যতাই নদীৰ পাৰত গঢ়ি উঠিছিল। উদাহৰণস্বৰূপে, ইউফ্ৰেটিছ আৰু টাইগ্ৰিছ নদীৰ পাৰৰ মেছোপটেমিয়া সভ্যতা, নীল নদীৰ পাৰৰ ইজিপ্তীয় সভ্যতা, হোৱাংহো নদীৰ পাৰৰ চীন দেশীয় সভ্যতা আৰু ভাৰতৰ সিন্ধু নদীৰ পাৰৰ সিন্ধু সভ্যতা আদি বিশেষভাৱে উল্লেখযোগ্য।
সম্পদৰ উপস্থিতি: আনহাতে, কিছুমান সময়ত বনজ তথা খনিজ সম্পদৰ দৰে প্ৰাকৃতিক সম্পদেৰে সমৃদ্ধ অঞ্চলসমূহত পানীৰ অবিহনেও জনবসতি গঢ়ি উঠা দেখা যায়। এনেবোৰ অঞ্চললৈ দূৰৈৰ পৰা বৃহৎ নলী বা নলাৰ জৰিয়তে পানী যোগানৰ ব্যৱস্থা কৰা হয়।
কৃষিভূমিৰ উপযোগিতা: কৃষিভূমিৰ উপলব্ধতাইও জনবসতিৰ সৃষ্টি আৰু বিকাশত বৰঙণি যোগায়। উদাহৰণস্বৰূপে, ইউৰোপৰ কৃষকসকলে কৃষিৰ বাবে উপযোগী সমান ঠাইহে বসবাসৰ বাবে নিৰ্বাচন কৰিছিল। আনহাতে দক্ষিণ-পূব এছিয়ালৈ প্ৰব্ৰজন কৰা মংগোলীয়সকলে ধান খেতিৰ বাবে অনুকূল হোৱাৰ বাবে নদীৰ উপত্যকা আৰু সাগৰীয় উপকূলীয় অঞ্চলসমূহকহে বসতিৰ বাবে আগ্ৰাধিকাৰ দিছিল।
এইদৰে পানী, কৃষিভূমি, বানপানীৰ সম্ভাৱনাবিহীন উচ্চভূমি, প্ৰয়োজনীয় গৃহ নিৰ্মাণৰ সামগ্ৰী, অনুকূল জলবায়ু, বেপাৰ-বাণিজ্যৰ সুবিধা আদিৰ দৰে কাৰকসমূহে জনবসতিৰ ক্ৰমগত সম্প্ৰসাৰণ কৰিছিল। সেয়েহে খনিজ, বনজ, শক্তি আৰু কৃষিভিত্তিক সম্পদসমূহৰ লগতে উন্নত যাতায়াত তথা যোগাযোগ ব্যৱস্থা আদিৰে চহকী অঞ্চলবোৰত জনবসতি দ্ৰুত গতিত সম্প্ৰসাৰিত হোৱা দেখা যায়। তদুপৰি, ঠাই এখনত বাস কৰা লোকসকলৰ প্ৰচলিত ধৰ্মীয় আৰু আৰ্থ-সামাজিক ৰীতি-নীতিয়েও মানুহক বসতিৰ বাবে ঠাই বাছনি কৰাত যথেষ্ট প্ৰভাৱান্বিত কৰে।
২। ‘বসতি ভূগোল’ কাক বোলে? ইয়াৰ মূল বিষয়বস্তু সম্পর্কে চমুকৈ লিখা।
উত্তৰঃ ভূগোলৰ যিটো শাখাত মানৱ বসতিৰ সৃষ্টি, বিতৰণ আৰু বিস্তাৰৰ লগতে ইয়াৰ সৈতে জড়িত প্ৰাকৃতিক, সাংস্কৃতিক আৰু আৰ্থ-সামাজিক কাৰকসমূহৰ অধ্যয়ন কৰা হয়, তাকে বসতি ভূগোল বুলি কোৱা হয়। ই হৈছে শেহতীয়াভাৱে উদ্ভৱ হোৱা তথা মানৱ বসতিৰ বিভিন্ন বিষয়বস্তুৰে পৰিৱেষ্টিত মানৱ ভূগোলৰ এটা প্ৰধান শাখা। পৃথিৱী বিখ্যাত জাৰ্মান ভূগোলবিদ কাৰ্ল ৰিটাৰক বসতি ভূগোলৰ জন্মদাতা বুলি কোৱা হয়। অৱশ্যে, জনবসতিৰ অধ্যয়ন পদ্ধতিটো ৰিচাৰ্ড হাৰ্ট’ৰ্ণ নামৰ এজন ভূগোলবিদে উদ্ভাৱন কৰিছিল।
ইয়াৰ মূল বিষয়বস্তু হ’ল:
(ক) উপাদানভিত্তিক অধ্যয়ন: ইয়াৰ ভিতৰত বসতিৰ অৱস্থান, আকাৰ-আকৃতি, ক্ৰিয়াকলাপ (যেনে – জীৱিকা) আদিক সামৰি লোৱা হয়।
(খ) অঞ্চলভিত্তিক অধ্যয়ন: ইয়াৰ ভিতৰত বসতিৰ জন্ম আৰু বিকাশ, আকৃতিৰ পৰিৱৰ্তন, বিস্তৃতি, বিতৰণ, প্ৰতিৰূপ আৰু প্ৰকাৰ, বৈশিষ্ট্যসমূহ আৰু স্থানিক পাৰ্থক্য আদিক সামৰি লোৱা হয়।
এই ক্ষেত্ৰত আমি ক’ব পাৰো যে বসতি ভূগোলৰ অধ্যয়নে প্ৰাকৃতিক পৰিৱেশৰ লগত থকা মানুহৰ সম্পৰ্ক প্ৰতিফলিত কৰাৰ উপৰিও ই মানুহৰ প্ৰচলিত ধৰ্মীয় আৰু সামাজিক ৰীতি-নীতিৰো আভাস দিয়ে। অৰ্থাৎ, বসতি ভূগোলৰ অধ্যয়নৰ পৰিসৰ এটা জুপুৰি ঘৰৰ পৰা আৰম্ভ কৰি আকাশলংঘী অট্টালিকা পৰ্যন্ত বিস্তৃত হৈ আছে।
৩। উদাহৰণসহ জনবসতিৰ শ্ৰেণী বিভাজন দাঙি ধৰা।
উত্তৰঃ আৰ্হি, গঠন আৰু জনবসতিৰ জীৱিকাৰ ধৰণৰ ওপৰত ভিত্তি কৰি জনবসতিক তলত উল্লেখ কৰা ধৰণে শ্ৰেণীবিভক্ত কৰিব পাৰি:
(i) জনবসতিৰ বৃত্তি বা জীৱিকাৰ ভিত্তিত:
(ক) গ্ৰাম্য বসতি: গাঁওসমূহ, য’ত লোকসকল প্ৰধানকৈ প্ৰাথমিক বৃত্তি (কৃষি, মাছমৰা, বনজ সম্পদ সংগ্ৰহ আদি)ৰ ওপৰত নিৰ্ভৰশীল।
(খ) নগৰীয়া বা পৌৰ বসতি: চহৰ-নগৰ, মহানগৰ, নগৰপুঞ্জ, য’ত লোকসকল প্ৰধানকৈ দ্বিতীয়ক আৰু তৃতীয়ক বৃত্তি (শিল্প, বাণিজ্য, সেৱা আদি)ৰ ওপৰত নিৰ্ভৰশীল।
(ii) আৰ্হি বা আকাৰৰ ভিত্তিত:
(ক) বিৰল বা সিঁচৰতি বসতি (Scattered Settlement): এনে বসতিত ঘৰবোৰ ইটোৰ পৰা সিটো দূৰত সিঁচৰতি হৈ থাকে। উদাহৰণ: আমেৰিকা যুক্তৰাষ্ট্ৰৰ কৃষি বলয়ৰ ফাৰ্মহাউচসমূহ।
(খ) কেন্দ্ৰীভূত বসতি (Nucleated Settlement): এনে বসতিত ঘৰবোৰ এটা নিৰ্দিষ্ট কেন্দ্ৰৰ চাৰিওফালে ঘনকৈ গোট খাই থাকে। উদাহৰণ: মুম্বাই, কলিকতা, আদিৰ দৰে মহানগৰসমূহ।
(iii) কেন্দ্ৰীভূত বসতিৰ আকৃতিৰ ভিত্তিত শ্ৰেণীবিভাজন:
কেন্দ্ৰীভূত বসতিক আকৌ বিভিন্ন কাৰকৰ ওপৰত ভিত্তি কৰি কেইবাটাও শাখাত বিভক্ত কৰিব পাৰি:
(ক) আয়তক্ষেত্ৰাকাৰ বসতি: সমতল ভূমি আৰু দুটা ৰাস্তাই লম্বভাৱে কটাকটি কৰা অঞ্চলত দেখা যায়। উদাহৰণ: গংগা-শতদ্ৰু সমভূমি অঞ্চল।
(খ) ৰৈখিক বসতি: নদী, ৰাস্তা বা ৰে’লপথৰ দৰে দীঘলীয়া অৱয়ৱৰ কাষত শাৰী পাতি গঢ়ি উঠে। উদাহৰণ: গংগা-যমুনা সমভূমিৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ বসতি।
(গ) বৃত্তাকাৰ বসতি: হ্ৰদ, পুখুৰী বা গাঁৱৰ কেন্দ্ৰীয় স্থানৰ চাৰিওফালে এটা বৃত্তাকাৰত গঢ়ি উঠে। উদাহৰণ: হ্ৰদ আৰু পুখুৰীৰ চৌকাষৰ বসতি।
(ঘ) তৰাৰূপী বসতি: কেইবাটাও বাট-পথৰ মুখ্য সংযোগস্থলত এই বসতিৰ সৃষ্টি হয়।
(ঙ) ত্ৰিভুজাকৃতিৰ বসতি: প্ৰধান নদীসমূহৰ সংগমস্থল বা নদীৰ দুটা ভাগৰ মাজৰ উচ্চভূমিত ত্ৰিভুজৰ আকৃতিৰে গঢ় লৈ উঠে।
৪। গ্রাম্য আৰু পৌৰ বসতি বুলিলে কি বুজা? এনে বসতিৰ মাজত থকা বৈশিষ্ট্যগত পার্থক্যসমূহ লিখা।
উত্তৰঃ কৃষি কার্যকে প্রধান জীৱিকা হিচাপে গ্রহণ কৰি গাঁও অঞ্চলত গঢ়ি উঠা জনবসতিকে গ্রাম্য বসতি বুলি কোৱা হয়। আনহাতে, প্রধানকৈ বেপাৰ-বাণিজ্য আৰু বিভিন্ন চাকৰিজীৱী লোকসমূহক লৈ নগৰ অঞ্চলত গঢ়ি উঠা বসতিকে পৌৰ বসতি বুলি কোৱা হয়। এই দুয়ো ধৰণৰ বসতিৰ মাজত থকা প্ৰধান বৈশিষ্ট্যগত পার্থক্যসমূহ হ’লঃ
|
ক্রমিক নং |
পার্থকৰ ভিত্তি |
গ্ৰাম্য বস্তি |
চহৰ বস্তি |
|---|---|---|---|
|
(i) |
জীৱিকা |
কৃষিকাৰ্য, গাহ ধৰা, কাঠ কটা, খনিত কাম কৰা, কুটিৰ উদ্যোগ ইত্যাদি। |
শিল্প, বেপাৰ-ব্যবসা আৰু চাকৰি। |
|
(ii) |
ঘৰ |
খলুৱা বা পৰম্পৰাগত আঁৰ সকলো আহিব হয়। |
আধুনিক, বহুত আৱ ক অট্টালিকা আহিব হয়। |
|
(iii) |
বসতি |
বিছিক্কিত বসতি। |
কেন্দ্ৰীভূত বসতি। |
|
(iv) |
সম্পৰ্ক |
বাসিন্দাসকলৰ মাজত ঘন সম্পৰ্ক থাকে। |
বাসিন্দাসকলৰ মাজত ঘন সম্পৰ্ক নাথাকে। |
|
(v) |
যাতায়াত |
যাতায়াত ব্যৱস্থা সাধাৰণতে সুচল নহয়। |
যাতায়াত ব্যৱস্থা সুচল হয়। |
|
(vi) |
ভূমিপৃষ্ঠ |
প্ৰাকৃতিক আৰু পৰিবেশ অনুকূলীয়। |
মানৱসৃষ্ট আৰু কৃত্ৰিম। |
|
(vii) |
অন্যান্য সুবিধা |
অনুষ্ঠান-প্ৰতিষ্ঠান, ব্যৱসায়-বাণিজ্যৰ সা-সুবিধা আদিৰ কম। |
অনুষ্ঠান-প্ৰতিষ্ঠান, ব্যৱসায়-বাণিজ্য সুবিধা আদি অধিক। |
৫। বিৰল বসতি আৰু কেন্দ্রীভূত বসতিৰ মাজত থকা মূল পার্থক্যসমূহ উল্লেখ কৰা।
উত্তৰঃ বিৰল বসতি আৰু কেন্দ্ৰীভূত বসতিৰ মাজত থকা মূল পার্থক্যসমূহ হ’লঃ
|
ক্রমিক নং |
পাথৰ্কৰ ভিত্তি |
বিৰল বসতি |
কেন্দ্ৰীভূত বসতি |
|---|---|---|---|
|
(i) |
অৰ্থ |
অঞ্চল এটাত একেৰাহে পাতলকে বা সিচাৰি হৈ বাস কৰা জনবসতি। |
অঞ্চল এটাত ওচৰ-চৰিকেই খোপ খাই বাস কৰা জনবসতি। |
|
(ii) |
পৰিলক্ষিত হ’ৱ পৰা স্থান |
কৃষিপ্ৰধান অঞ্চলসমূহত। |
পৌৰ অঞ্চলসমূহত। |
|
(iii) |
গঠন |
একপ্ৰকাৰৰ বসতিত গঠিত। |
বিভিন্ন প্ৰকাৰৰ বসতিত গঠিত। যেনেঃ আয়তক্ষেত্রকাৰ বসতি, ৰৈখিক বসতি, বৃত্তাকাৰ বসতি আদি। |
|
(iv) |
জনসংখ্যা |
জনসংখ্যাৰ আকাৰ সৰু। |
জনসংখ্যাৰ আকাৰ বৃহৎ। |
৬। উদাহৰণ আৰু চিত্রসহ কেন্দ্রীভূত বসতিৰ অন্তৰ্গত বসতিসমূহৰ বিষয়ে চমুকৈ লিখা।
উত্তৰঃ আৰ্হি বা আকাৰৰ ভিত্তিত কেন্দ্রীভূত বসতিক তলত উল্লেখ কৰা শ্রেণীসমূহত বিভক্ত কৰিব পাৰিঃ
(ক) আয়তক্ষেত্রাকাৰ বসতিঃ এই ধৰণৰ বসতিত পোন ৰাস্তা-ঘাটবোৰে ইটোৱে সিটোক সমকোণত কটাকটি কৰি এক আয়তক্ষেত্ৰৰ আকাৰত গঢ় লৈ উঠে। এনে বসতি প্ৰধানকৈ বিস্তৃত সাৰুৱা সমভূমি অঞ্চলসমূহত দেখা যায়।
উদাহৰণ: গংগা-শতদ্ৰু সমভূমি অঞ্চল। ভাৰতৰ চণ্ডীগড়, গান্ধীনগৰ আদিৰ দৰে সু-পৰিকল্পিত মহানগৰ সমূহত এই আৰ্হি অনুসৰণ কৰা হয়। 
(খ) ৰৈখিক বসতিঃ এই বসতি দীঘলীয়া আৰু সংকীৰ্ণভাৱে গঢ় লৈ উঠে। ইয়াৰ সৃষ্টি হয় ৰাস্তা-ঘাট আৰু ৰে’লপথৰ দুয়োকাষে, নদী বা জলসিঞ্চন নলাৰ পাৰত, পাহাৰীয়া অঞ্চলৰ ঠেক উপত্যকা বা সাগৰীয় উপকূলীয় অঞ্চলত।
উদাহৰণ: ভাৰতৰ মধ্য আৰু নিম্ন হিমালয় অঞ্চলৰ নদী উপত্যকা আৰু গংগা-যমুনা সমভূমিত থকা ৰাস্তা-ঘাটসমূহৰ কাষে কাষে এই বসতি দেখা যায়। 
(গ) বৃত্তাকাৰ বসতিঃ এই আৰ্হিৰ বসতিত হ্ৰদ, বিল, ডাঙৰ পুখুৰী বা আন কোনো কেন্দ্ৰীয় ঠাইৰ চৌকাষে ঘৰ-দুৱাৰ নিৰ্মাণ কৰি ঘূৰণীয়া আকৃতিৰ বসতি স্থাপন কৰা হয়।
উদাহৰণ: মাছমৰীয়া সম্প্ৰদায়সমূহে প্ৰায়ে হ্ৰদ বা বিলৰ ওচৰত এনে বসতি গঢ়ি তোলে। বৃহৎ উদ্যোগিক অঞ্চলৰ চাৰিওফালেও কেতিয়াবা এই আকৃতিৰ বসতি গঢ়ি উঠা দেখা যায়।

(ঘ) তৰাৰূপী বসতিঃ কিছুমান ঠাইত কেইবা দিশৰ পৰা আহি সংলগ্ন হোৱা ৰাস্তাৰ দুয়োকাষে ঘৰ-দুৱাৰ নিৰ্মাণ কৰি তৰাৰ পোহৰৰ বিচ্ছুৰণৰ দৰে জনবসতি গঢ়ি উঠে, তাকে তৰাৰূপী বসতি বুলি কোৱা হয়। এই ধৰণৰ বসতি সমভূমি অঞ্চলৰ ৰাস্তাসমূহৰ সংগমস্থলত দেখা যায়। এনে বসতিৰ প্রধান বৈশিষ্ট্য হ’ল যেই ৰাস্তাসমূহৰ এটা গুৰুত্বপূর্ণ সংযোগ কেন্দ্ৰৰ পৰা আৰম্ভ হৈ বাস্তাব কাষে কাষে কেইবাটাও দিশলৈ সম্প্ৰসাৰিত হয়।
(ঙ) ত্রিভুজাকাৰ বসতিঃ দুখন বৃহৎ নদীৰ সংগমস্থলত পানীৰ সুবিধা আৰু পলসুরা মাটিৰ উপলব্ধতাক কেন্দ্ৰ কৰি ত্রিভুজ আকৃতিৰ জনবসতি গঢ়ি উঠে, তাকে ত্রিভুজাকাৰ বসতি বুলি কোৱা হয়। উত্তৰ ভাৰতৰ নদী গঠিত সমভূমি অঞ্চল তথা পৰ্বত-পাহাৰৰ নামনি অঞ্চলৰ বোঁৱতী নদীৰ সংগমস্থলত এনে ধৰণৰ বসতি পৰিলক্ষিত হয়।

৭। নগৰীয়া বসতিৰ সৃষ্টি আৰু বিকাশ সম্পর্কে লিখা।
উত্তৰঃ প্ৰাৰম্ভিক পৰ্যায়ত বেছিভাগ মানৱ বসতিয়েই এখন গ্ৰাম্য জনপদ হিচাপে গঢ় লৈ উঠে। তথাপিও, কোনো এক স্থানত উৰ্বৰ মাটি, সমতল ভূ-খণ্ড, পানীৰ সুলভতা, ঘৰ-দুৱাৰ নিৰ্মাণৰ সামগ্ৰী, সুবিধাজনক পৰিবহণ ব্যৱস্থা, নিৰাপত্তা ব্যৱস্থা, আৰু কিছুমান অনুকূল আৰ্থ-সামাজিক তথা ধৰ্মীয় পৰিস্থিতিৰ উপলব্ধতাৰ ফলস্বৰূপে বিকশিত হোৱা গাঁওবোৰ ক্ৰমান্বয়ে সকলো দিশৰ পৰা উন্নতি লাভ কৰি নগৰীয়া বসতিলৈ উন্নীত হয়। কেতিয়াবা কিছুমান ৰাজনৈতিক পৰিঘটনাইও গাঁওসমূহক সৰু চহৰলৈ ৰূপান্তৰিত হোৱাত সহায় কৰে, যিবোৰ পিছলৈ মহানগৰ (Metropolis) আৰু অতি মহানগৰ বা নগৰপুঞ্জ (Conurbation) লৈ সম্প্ৰসাৰিত হয়।
যেতিয়া মানৱ সমাজৰ সভ্যতা বিস্তাৰিত হ’বলৈ ধৰে, ই কেৱল চহৰ অঞ্চলকেই প্ৰভাৱিত নকৰে, ইয়াৰ কাষৰীয়া গ্ৰাম্য এলেকাৰ লোকসকলৰ কাৰ্যকলাপকো সলনি কৰিবলৈ আৰম্ভ কৰে। কেতিয়াবা এখন গাঁৱৰ কোনো এক বিশেষ সুবিধা বা অৱস্থানৰ বাবে গাওঁখন কৃষিভিত্তিক বসতিৰ পৰা নতুন ব্যৱসায়-ভিত্তিক নগৰলৈ ৰূপান্তৰিত হয়। একেদৰে, যদি এখন গাঁৱৰ ওচৰত মূল্যবান খনিজ সম্পদৰ সন্ধান পোৱা যায়, তেন্তে গাওঁখন ক্ৰমে ঔদ্যোগিক নগৰীৰ ৰূপ ল’ব পাৰে।
পথ যোগাযোগ আৰু পৰিবহণ ব্যৱস্থাৰ দ্ৰুত উন্নয়নো এটা গ্ৰাম্য এলেকা সৰু নগৰলৈ পৰিৱৰ্তন হোৱাৰ কাৰণ হ’ব পাৰে। সাগৰৰ উপকূলত অৱস্থিত এখন মাছমৰীয়া বসতি সময়ৰ সোঁতত এটা সৰু মৎস্য উদ্যোগ কেন্দ্ৰলৈ ৰূপান্তৰিত হ’ব পাৰে। মন কৰিবলগীয়া যে কেৱল জনসংখ্যা বৃদ্ধি পালেই এখন বসতিয়ে নগৰ হিচাপে স্বীকৃতি লাভ নকৰে; ইয়াৰ পৰিৱৰ্তে, যেতিয়া সেই গ্ৰাম্য বসতিত ব্যৱসায়-বাণিজ্য, শিল্প-উদ্যোগ, আৰু চাকৰিৰ দৰে অ-কৃষিভিত্তিক কাৰ্যকলাপৰ বিকাশ ঘটে, তেতিয়াহে বসতিখনক নগৰৰ আখ্যা দিয়া হয়।
নগৰৰ উৎপত্তি আৰু বিস্তাৰৰ বাবে উপযোগী অৱস্থান, পানীৰ উপলব্ধতা, উন্নত পৰিবহণ জালিকা, ব্যৱসায়-বাণিজ্য সম্প্ৰসাৰণৰ সুযোগ, শিল্প-উদ্যোগৰ অগ্ৰগতি, বিত্তীয় প্ৰতিষ্ঠানৰ সুবিধা, আৰু লগতে নগৰৰ বিভিন্ন আৱশ্যকতাসমূহ পূৰণ কৰিব পৰাকৈ পৰ্যাপ্ত সংখ্যক জনসংখ্যাৰ প্ৰয়োজন। এই কথা সত্য যে এখন নগৰৰ সামগ্ৰিক বিকাশ আৰু সম্প্ৰসাৰণ ইয়াৰ চাৰিওফালে থকা জনবহুল অঞ্চলসমূহৰ সৈতে স্থাপিত আন্তঃসম্পৰ্কৰ ওপৰত নিৰ্ভৰ কৰে। বহুতো নগৰ কোনো এক নিৰ্দিষ্ট কাৰ্য সম্পাদনৰ বাবে সৃষ্টি হয়। ইয়াৰ ভিতৰত প্ৰশাসনিক, প্ৰতিৰক্ষামূলক, ঔদ্যোগিক, বাণিজ্যিক, আৰু সাংস্কৃতিক কাৰ্যসমূহ অন্তৰ্ভুক্ত হ’ব পাৰে। এই কাৰ্যসমূহৰ পৰিসৰ বৃদ্ধি পালে ইয়াৰ লগত নিবিড়ভাৱে জড়িত চহৰসমূহৰো বিস্তাৰ ঘটে।
৮। কাৰ্যানুসৰি উদাহৰণসহ নগৰসমূহক বিভক্ত কৰা।
উত্তৰঃ প্রাকার্য বা কাৰ্যকাৰিতাৰ ভিত্তিত নগৰসমূহক কিছুমান বিশেষ শ্ৰেণীত বিভক্ত কৰা হয় কাৰণ প্ৰায়বোৰ নগৰেই সাধাৰণতে একোটা বিশেষ কার্য সম্পাদন কৰাৰ বাবে গঢ়ি উঠে। তলত প্রাকার্য কাৰ্যকাৰিতাৰ ভিত্তিত নগৰসমূহৰ এনে শ্ৰেণীবিভাগ উদাহৰণসহ উল্লেখ কৰা হ’লঃ
|
ক্রমিক নম্বৰ |
কাৰ্যকাৰিতা |
শ্ৰেণী বা আখ্যা |
উদাহৰণ |
|---|---|---|---|
|
(i) |
বহুবিধ কাৰ্যকাৰিতা (প্ৰধানকৈ ব্যৱসায়, শিল্প উদ্যোগ) |
ব্যৱসায়িক মহানগৰ |
কলকাতা, মুম্বাই, গুৱাহাটী ইত্যাদি |
|
(ii) |
প্ৰশাসনিক কাৰ্যকাৰিতা |
প্ৰশাসনিক মহানগৰ |
গাঁধীনগৰ, চণ্ডীগড় ইত্যাদি |
|
(iii) |
প্ৰতিৰক্ষামূলক কাৰ্যকাৰিতা |
প্ৰতিৰক্ষা মহানগৰী |
কানপুৰ, পুনে, চেন্নাই ইত্যাদি |
|
(iv) |
পাৰ্বত্য-স্বাস্থ্য পৰ্যটন ভিত্তিক কাৰ্যকাৰিতা |
পৰ্যটন নগৰী |
মুছোৰী, দাৰ্জিলিং, শিলং ইত্যাদি |
|
(v) |
ধৰ্মীয় আৰু সাংস্কৃতিক কাৰ্যকাৰিতা |
ধৰ্মীয় বা সাংস্কৃতিক নগৰী |
বাৰাণসী, পুৰী, অমৃতসৰ ইত্যাদি |
|
(vi) |
সামুদ্রিক বন্দৰ ভিত্তিক কাৰ্যকাৰিতা |
বন্দৰ নগৰী |
হালদিয়া, পাৰাদ্বীপ |
|
(vii) |
উদ্যোগিক কাৰ্যকাৰিতা |
উদ্যোগিক নগৰী |
জামশেদপুৰ, ভিলাই, বোকাৰো ইত্যাদি |
|
(viii) |
শিক্ষামূলক কাৰ্যকাৰিতা |
শিক্ষা নগৰী |
অক্সফৰ্ড আৰু কেম্ব্ৰিজ মহানগৰ |
৯। ‘বসতি শ্রেণীক্রম’ বুলিলে কি বুজা? এই সম্পর্কে উদাহৰণ আৰু চিত্ৰসহ চমুকৈ লিখা।
উত্তৰঃ গ্ৰাম্য আৰু পৌৰ— উভয় ধৰণৰ বসতিসমূহক সিহঁতৰ আয়তনৰ ভিত্তিত সৰুৰ পৰা ক্ৰমান্বয়ে ডাঙৰলৈ এক নিৰ্দিষ্ট শৃংখলাত সজাই উলিওৱা প্ৰণালীকে বসতি শ্ৰেণীক্ৰম বুলি কোৱা হয়।
এই শ্ৰেণীক্ৰমৰ একেবাৰে তলৰ স্তৰত সাধাৰণতে বিচ্ছিন্ন বা সিঁচৰতি হৈ থকা দুই-এটা কৃষি-ক্ষেত্ৰিকা ভিত্তিক বাসগৃহ থাকে, আৰু ইয়াৰ শীৰ্ষত বৃহত্তম মহানগৰ বা নগৰ সংহতিয়ে স্থান লাভ কৰে। অৰ্থাৎ, এই ক্ৰমটোত সাধাৰণতে গ্ৰাম্য স্তৰত কৃষি-ক্ষেত্ৰিকা ভিত্তিক ঘৰৰ পৰা আৰম্ভ কৰি ক্ৰমে চুবুৰী আৰু গাঁৱলৈকে, আৰু পৌৰ স্তৰত নগৰৰ পৰা ক্ৰমে মহানগৰ, নগৰপুঞ্জ আৰু সৰ্বোচ্চ স্তৰত নগৰ সংহতিলৈকে বসতিসমূহৰ বিকাশ ঘটা দেখা যায়।
বসতি শ্ৰেণীক্ৰমত বসতিসমূহৰ স্তৰটো উন্নত হোৱাৰ লগে লগে সিহঁতৰ কাৰ্যকাৰিতা, সা-সুবিধা, স্থানিক পৰিসৰ আৰু জনসংখ্যাৰ আকাৰতো পৰিৱৰ্তন আহে। পুনৰ, নিম্নতম স্তৰৰ পৰা ক্ৰমান্বয়ে শীৰ্ষতম স্তৰলৈ বসতিৰ সংখ্যা কমি অহা পৰিলক্ষিত হয়।
অৰ্থাৎ, গাঁওসমূহৰ সংখ্যাৰ তুলনাত নগৰৰ সংখ্যা কম হয়, আৰু নগৰসমূহৰ তুলনাত মহানগৰৰ সংখ্যা আৰু কম হয়। আনহাতে, এখন মহানগৰ বা নগৰপুঞ্জৰ জনসংখ্যা নগৰ এখনৰ জনসংখ্যাতকৈ অনেক বেছি হয়।
উদাহৰণস্বৰূপে, ২০০১ চনৰ লোকপিয়লৰ তথ্য অনুসৰি, ভাৰতবৰ্ষৰ এখন নগৰৰ সৰ্বনিম্ন জনসংখ্যা ৫ হাজাৰ আছিল, ইয়াৰ বিপৰীতে দেশৰ বৃহত্তম মহানগৰী মুম্বাইৰ জনসংখ্যা ১৬ নিযুতলৈকে পাইছিল। অসমৰ ক্ষেত্ৰতো, ৰাজ্যখনৰ সৰ্ববৃহৎ মহানগৰী গুৱাহাটীৰ মুঠ জনসংখ্যা আছিল প্ৰায় ৯ লাখ, কিন্তু ৰাজ্যখনত থকা মুঠ ১২৫ খন নগৰৰ ভিতৰত মহানগৰ পৰ্যায়ৰ মাত্ৰ ৭ খন বসতিৰহে জনসংখ্যা ১ লাখতকৈ অধিক আছিল।

১০। গ্রাম্য আৰু পৌৰ বসতিৰ ভূমি ব্যৱহাৰৰ বিষয়ে চমুকৈ লিখা।
উত্তৰঃ গ্ৰাম্য আৰু পৌৰ বসতিৰ ক্ষেত্ৰত ভূমি ব্যৱহাৰৰ আৰ্হিসমূহৰ মাজত যথেষ্ট ভিন্নতা পৰিলক্ষিত হয়।
গ্ৰাম্য বসতিসমূহ মুখ্যতঃ কৃষিকৰ্ম, পশুপালন, কাঠ কটা, খনিজ সম্পদ আহৰণ আদিৰ দৰে জীৱিকাসমূহৰ সৈতে জড়িত হৈ থকাৰ বাবে গ্ৰাম্য অঞ্চলত ভূমিৰ ব্যৱহাৰ নগৰ অঞ্চলৰ তুলনাত কম গতিশীল হয়। আনহাতে, গাঁৱৰ তুলনাত নগৰসমূহত পৰিবহণ, বজাৰ, আমোদ-প্ৰমোদ আদিৰ সুবিধা বেছিকৈ উপলব্ধ হোৱাৰ ফলত নগৰ অঞ্চলত সাধাৰণতে জনসংখ্যাৰ বৃদ্ধিৰ হাৰ আৰু ঘনত্ব অধিক হয়। ইয়াৰ ফলস্বৰূপে, নগৰসমূহত ভূমি আৰু বাসগৃহৰ উলম্বীয় প্ৰসাৰণ, তথা ভূমিৰ ব্যৱহাৰ গ্ৰাম্য অঞ্চলতকৈ অধিক ত্বৰান্বিত হয়।
সাধাৰণতে, নগৰ অঞ্চলৰ পৰা যিমানেই দূৰত্ব বাঢ়ি যায়, সিমানেই জনসংখ্যাৰ ঘনত্ব, ভূমিৰ মূল্য, শৈক্ষিক মান, যাতায়াতৰ সুবিধা, বিভিন্ন অৰ্থ-সামাজিক কাৰ্যৰ বহুধাৰিতা আদি ক্ৰমান্বয়ে কমি আহে। সামগ্ৰিকভাৱে, গাঁও অঞ্চলৰ ভূমিদৃশ্য বেছিভাগেই প্ৰাকৃতিকভাৱে গঢ়ি উঠা আৰু ইয়াৰ বাসিন্দাসকলৰ কাৰ্যকলাপসমূহ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল। ইয়াৰ বিপৰীতে, নগৰ অঞ্চলৰ ভূমি দৃশ্য মানৱসৃষ্ট আৰু অত্যন্ত বৈচিত্ৰ্যপূৰ্ণ হয়।
ভূগোলবিদ চি. এ. ডক্সিয়াডিছে ব্যৱহাৰ কৰা তলত উল্লেখ কৰা পদ্ধতিৰ দ্বাৰা আমি গ্ৰাম্য আৰু পৌৰ অঞ্চলৰ ভূমি ব্যৱহাৰৰ আৰ্হিক ভালদৰে বুজি উঠিব পাৰোঁ। তেওঁৰ মতে, যিকোনো জন-বসতি চাৰিটা মূল উপাংশৰে গঠিত:
(ক) সমাংগ অংশ
(খ) কেন্দ্ৰীয় অংশ
(গ) পৰিসংচাৰী অংশ
(ঘ) বিশেষ অংশ
গ্ৰাম্য বসতিৰ ক্ষেত্ৰত, সাধাৰণতে সমাংগ অংশটো কৃষিভূমিৰে গঠিত হয়; ঘৰ-দুৱাৰ আদিৰে কেন্দ্ৰীয় অংশটো; পথ আৰু আলিবাট আদিৰে পৰিসংচাৰী অংশটো; আৰু মন্দিৰ, বিদ্যালয় বা আন কোনো সামাজিক বা অৰ্থনৈতিক অনুষ্ঠানৰ দ্বাৰা বিশেষ অংশটো গঠিত হয়। আনহাতে, পৌৰ বসতিৰ ক্ষেত্ৰত, সমাংগ অংশটো আৱাসিক অঞ্চলৰ দ্বাৰা গঢ়ি উঠে; কেন্দ্ৰীয় অংশটো বাণিজ্যিক আৰু বিত্তীয় প্ৰতিষ্ঠানসমূহৰে; পৰিসংচাৰী অংশটো পৰিবহণ আৰু যোগাযোগ ব্যৱস্থাৰে; আৰু বিশেষ অংশটো বিশিষ্ট অনুষ্ঠান আদিৰে সৃষ্টি হয়।
পৃথিৱীৰ বেছিভাগ নগৰৰে অন্তৰ্ভাগৰ ভূমিৰ ব্যৱহাৰ আৰু কাৰ্যকাৰিতা এক নিৰ্দিষ্ট আৰ্হিৰ হোৱা দেখা যায়:
নগৰ এখনৰ কেন্দ্ৰীয় এলেকাত ব্যৱসায়-বাণিজ্যৰ প্ৰাধান্য বেছি থাকে।
ইয়াত বিভিন্ন ধৰণৰ ব্যৱসায়িক প্ৰতিষ্ঠান, বেংক, কাৰ্যালয়, পাইকাৰী আৰু খুচুৰা বিক্ৰী কেন্দ্ৰ আদি পোৱা যায়।
এই অংশটো সুউচ্চ অট্টালিকা আৰু বিস্তৃত বজাৰসমূহেৰে ভৰপূৰ হয়। নগৰৰ এই অংশটোক কেন্দ্ৰীয় ব্যৱসায় এলেকা বুলি জনা যায়।
নগৰ কেন্দ্ৰৰ পৰা দূৰলৈ অহাৰ লগে লগে ভূমি ব্যৱহাৰৰ পৰিৱৰ্তন ঘটে আৰু পৰৱৰ্তী বৃত্তাকাৰ অঞ্চলসমূহত ক্ৰমে কাৰ্যালয়, শিক্ষানুষ্ঠান, উদ্যোগ-প্ৰতিষ্ঠান, আৱাসিক এলেকা, সৰু নগৰ আদি গঢ়ি উঠে। এই নগৰীয়া উপকণ্ঠ অঞ্চলসমূহৰ অলপ দূৰৈৰ পৰাই গ্ৰাম্য বসতিৰ বিস্তৃতি আৰম্ভ হয়, আৰু তাৰ লগে লগে ভূমি ব্যৱহাৰৰ আৰ্হিত পৰিৱৰ্তন আহি কৃষিভূমিৰ প্ৰাধান্য বাঢ়ি অহা দেখা যায়।
১১। ‘কেন্দ্রীয় ব্যবসায় এলেকা’ বুলিলে কি বুজা? ইয়াৰ মূল বৈশিষ্ট্যসমূহ উল্লেখ কৰা।
উত্তৰঃ নগৰ বা মহানগৰ এখনৰ যি কেন্দ্ৰীয় অংশত ব্যৱসায়-বাণিজ্য, বিত্তীয় অনুষ্ঠান-প্ৰতিষ্ঠান আদিৰ প্ৰাধান্য বেছি থাকে আৰু জনসংখ্যাৰ ঘনত্ব অধিক হয়, সেই অংশটোক কেন্দ্ৰীয় ব্যৱসায় এলেকা বুলি কোৱা হয়।
কেন্দ্ৰীয় ব্যৱসায় এলেকাৰ প্ৰধান বৈশিষ্ট্যসমূহ হ’ল:
(i) এই এলেকাৰ ভূমি মূলতঃ ব্যৱসায়িক উদ্দেশ্যত ব্যৱহাৰ কৰা হয়।
(ii) ইয়াত মাটিৰ মূল্য অত্যন্ত বেছি হয়।
(iii) ই ব্যৱসায়ৰ মূল কেন্দ্ৰ-বিন্দু হিচাপে গঢ় লৈ উঠে আৰু নগৰ বা মহানগৰখনৰ সকলো ধৰণৰ মুখ্য ব্যৱসায়িক তথা বিত্তীয় কাৰ্যসমূহ ইয়াতে সম্পাদিত হয়।
(iv) এই অংশটোত জনসংখ্যাৰ ঘনত্ব সৰ্বাধিক হয়।
(v) নগৰৰ কেন্দ্ৰৰ চাৰিওফালে থকা বৃত্তাকাৰ অঞ্চলসমূহত বিদ্যালয়, মন্দিৰ, গীৰ্জা, উদ্যোগ আৰু বিভিন্ন ধৰণৰ কাৰ্যালয় আদি গঢ়ি উঠে।
(vi) এই অঞ্চলটোৰ যাতায়াত আৰু যোগাযোগ ব্যৱস্থাও অতি উন্নত মানদণ্ডৰ হোৱা দেখা যায়।
১২। গ্রাম্য আৰু পৌৰ বসতিৰ মাজত থকা সম্পৰ্কৰ বিষয়ে চমুকৈ লিখা।
উত্তৰঃ গ্ৰাম্য আৰু পৌৰ বসতিৰ মাজত এক ঘনিষ্ঠ সম্বন্ধ বিদ্যমান। বসতিৰ এই দুয়োটা ৰূপেই দৰাচলতে পৰস্পৰ নিৰ্ভৰশীল। সাধাৰণতে বেপাৰ-বাণিজ্য আৰু সেৱা প্ৰদানৰ কাৰ্যসমূহে গ্ৰাম্য আৰু পৌৰ বসতিসমূহৰ মাজত এই সম্পৰ্ক অক্ষুণ্ণ ৰাখে।
গাঁওসমূহে শিক্ষা, স্বাস্থ্য সেৱা, বিত্তীয় সেৱা, ঘৰুৱা প্ৰয়োজনীয় তথা বিলাস সামগ্ৰীৰ যোগান, আমোদ-প্ৰমোদ আদিৰ বাবে নগৰসমূহৰ ওপৰত নিৰ্ভৰ কৰে। আকৌ, গ্ৰাম্য অঞ্চলত উৎপাদিত হোৱা কৃষিজাত সামগ্ৰীসমূহ বিক্ৰী কৰিবলৈ পৌৰ অঞ্চলতে এক উপযুক্ত বজাৰ লাভ কৰা যায়। গ্ৰাম্য অঞ্চলৰ দক্ষ আৰু অদক্ষ দুয়ো ধৰণৰ শ্ৰমিকে নগৰতহে কৰ্মসংস্থাপনৰ সুবিধা লাভ কৰে।
আনহাতে, নগৰসমূহেও কৃষিজাত খাদ্য সামগ্ৰী, শ্ৰমিক আদিৰ বাবে গাঁওসমূহৰ ওপৰত নিৰ্ভৰশীল হয়। শিল্পৰ দ্বাৰা উৎপাদিত বিভিন্ন সামগ্ৰীৰ বিক্ৰীৰ বাবে নগৰসমূহে গাঁওসমূহৰ পৰাই গ্ৰাহক লাভ কৰে। নগৰ অঞ্চলত থকা চিকিৎসালয়, বেংক, চিত্ৰগৃহ, বজাৰ আদিৰ দৰে প্ৰতিষ্ঠানসমূহে সফলভাৱে চলি থাকিবলৈ নিকটৱৰ্তী গাঁওসমূহৰ জন-বসতিৰ ওপৰত বিস্তৃতভাৱে নিৰ্ভৰ কৰিবলগীয়া হয়।
এই সকলোবোৰৰ পৰা দেখা যায় যে গ্ৰাম্য আৰু পৌৰ দুয়োটা খণ্ডৰ মাজত এক সুগভীৰ সম্পৰ্ক আছে। এই সন্দৰ্ভত এইটোও ক’ব পাৰি যে যোগাযোগ আৰু যাতায়াত ব্যৱস্থাৰ আধুনিক মাধ্যমেও গ্ৰাম্য আৰু পৌৰ বসতিৰ মাজত থকা এই বন্ধনটোক অধিক শক্তিশালী কৰি তোলাত যথেষ্ট সহায় কৰিছে।
১৩। চমুটোকা লিখা:
(ক) জনবসতি আৰু বসতি ভূগোল
(খ) ৰৈখিক বসতি।
(গ) বৃত্তাকাৰ বসতি।
(ঘ) তৰাৰূপী বসতি।
(ঙ) শিক্ষা তথা সাংস্কৃতিক নগৰী।
(চ) গ্রাম-নগৰ সান্তত্যক।
(ছ) বসতি শ্রেণীক্রম।
(জ) নগৰীয় উপকণ্ঠ।
(ঝ) উপ-নগৰ।
উত্তৰঃ
(ক) জনবসতি আৰু বসতি ভূগোল: জনবসতি বুলিলে মানুহে বাস কৰিবলৈ ঠাই বাছি লৈ বসবাস কৰা স্থানসমূহক বুজোৱা হয়। সাধাৰণতে কোনো এক ঠাইত বাসগৃহ, আলিবাট আৰু আন মানৱসৃষ্ট গঠনসমূহৰ সৈতে মানুহে স্থায়ীভাৱে বসবাস কৰা একোটা গোটকে জনবসতি বুলি ক’ব পাৰি। ইয়াৰ আকাৰ সৰু এটা পঁজা ঘৰৰ পৰা আৰম্ভ কৰি এখন বিশাল মহানগৰলৈকে হ’ব পাৰে।
বসতি ভূগোল হৈছে মানৱ ভূগোলৰ এক গুৰুত্বপূৰ্ণ শাখা, য’ত পৃথিৱীৰ বিভিন্ন অংশত মানুহৰ বসতিসমূহৰ বিতৰণ, আৰ্হি, গঠন আৰু ক্ৰমবিকাশৰ বিষয়ে অধ্যয়ন কৰা হয়। এই বিষয়টোৱে বসতি স্থাপনৰ বাবে প্ৰয়োজনীয় ভৌগোলিক কাৰকসমূহ, বসতিৰ গঠনৰ ভিন্নতা, আৰু গ্ৰাম্য তথা পৌৰ বসতিসমূহৰ কাৰ্যকলাপৰ মাজত থকা পাৰ্থক্যসমূহ বিশদভাৱে বিশ্লেষণ কৰে।
(খ) ৰৈখিক বসতি: যি ধৰণৰ বসতিসমূহত ঘৰ-দুৱাৰ বা আন গঠনসমূহ কোনো এক নিৰ্দিষ্ট ভৌগোলিক বৈশিষ্ট্যৰ কাষে কাষে শাৰী পাতি দীঘলীয়াকৈ গঢ় লৈ উঠে, তেনে বসতিক ৰৈখিক বসতি বুলি কোৱা হয়। এনে বসতিৰ আৰ্হিত প্ৰধানতঃ একডাল পথ বা আলিবাট, ৰেলপথ, নদী, খাল বা কোনো পাহাৰৰ পাদদেশক কেন্দ্ৰ কৰি দুয়োকাষে বসতি স্থাপন কৰা হয়। এই বসতিসমূহৰ বিস্তৃতি দীঘলীয়া আৰু সংকীৰ্ণ হয়। উদাহৰণস্বৰূপে, নদীৰ পাৰত বা ঘাইপথৰ দাঁতিত গঢ়ি উঠা গাঁওসমূহ ৰৈখিক বসতিৰ উৎকৃষ্ট উদাহৰণ।
(গ) বৃত্তাকাৰ বসতি: যেতিয়া কোনো এটা কেন্দ্ৰীয় স্থান বা বৈশিষ্ট্যক ঘেৰি ঘৰ-দুৱাৰ আৰু অন্যান্য গঠনসমূহ বৃত্তাকাৰ ৰূপত গঢ়ি উঠে, তেনে বসতি আৰ্হিক বৃত্তাকাৰ বসতি বা বৰ্তুলাকাৰ বসতি বুলি কোৱা হয়। এই বসতিসমূহ সাধাৰণতে হ্ৰদ, পুখুৰী, মঠ-মন্দিৰ, মছজিদ, বা কোনো নিৰাপদ দুৰ্গৰ চাৰিওফালে কেন্দ্ৰীভূত হয়। বৃত্তাকাৰ বসতিত, এই কেন্দ্ৰীয় স্থানটোৱে বসতিৰ মানুহৰ বাবে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে, যেনে— পানীৰ উৎস বা ধৰ্মীয় কেন্দ্ৰ।
(ঘ) তৰাৰূপী বসতি: যেতিয়া কোনো এটা স্থানৰ পৰা বিভিন্ন দিশে একাধিক পথ বা যাতায়াতৰ ৰেখা আগবাঢ়ি যায় আৰু সেই পথসমূহৰ দুয়োপাৰত ঘৰ-দুৱাৰ ক্ৰমান্বয়ে শাৰী পাতি গঢ়ি উঠে, তেতিয়া সেই বসতি আৰ্হিটোক তৰাৰূপী বসতি বুলি কোৱা হয়। এই বসতিৰ আকাৰ দূৰৰ পৰা চালে এটা তৰাৰ দৰে দেখায়, য’ত কেন্দ্ৰীয় ঠাইখনৰ পৰা বসতিৰ অংশসমূহ চাৰিওদিশে বিয়পি পৰে। এই আৰ্হিটো সাধাৰণতে গ্ৰাম্য অঞ্চলত পোৱা যায়, য’ত মূল গাঁওখনৰ পৰা চাৰি-পাঁচটা দিশলৈ যোৱা পথসমূহে বসতিৰ বিকাশক নিয়ন্ত্ৰণ কৰে।
(ঙ) সাংস্কৃতিক আৰু শিক্ষা নগৰী: যিবোৰ নগৰত শিক্ষা, সাহিত্য, কলা, ধৰ্ম, আৰু বুৰঞ্জীমূলক কাৰ্যৰ প্ৰাধান্য থাকে, সেইবোৰক শিক্ষা তথা সাংস্কৃতিক নগৰী বুলি জনা যায়। এই নগৰসমূহৰ মুখ্য কাৰ্য হ’ল উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান, গৱেষণা কেন্দ্ৰ, গ্ৰন্থাগাৰ, সংগ্ৰহালয়, ধৰ্মীয় অনুষ্ঠান আৰু কলা-সংস্কৃতিৰ কেন্দ্ৰসমূহক আশ্ৰয় দিয়া। এনে নগৰসমূহ কেৱল শিক্ষাৰ কেন্দ্ৰই নহয়, ই সাংস্কৃতিক আদান-প্ৰদানৰ স্থল আৰু ঐতিহ্য বহনকাৰী স্থান হিচাপেও গুৰুত্ব লাভ কৰে। উদাহৰণস্বৰূপে, বিশ্ববিখ্যাত বিশ্ববিদ্যালয় থকা নগৰ বা তীৰ্থস্থানসমূহ এই শ্ৰেণীৰ অন্তৰ্ভুক্ত।
(চ) গ্রাম্য-নগৰ সান্তত্যক: গ্ৰাম-নগৰ সান্তত্যক (Rural-Urban Continuum) হ’ল এনে এটা ধাৰণা, যিয়ে এইটো সূচায় যে গ্ৰাম্য আৰু পৌৰ বসতিসমূহক সম্পূৰ্ণৰূপে পৃথক কৰিব নোৱাৰি, বৰঞ্চ এই দুয়োটা বসতি আৰ্হিৰ মাজত ক্ৰমাগত আৰু অবিৰত সম্বন্ধ আছে। অৰ্থাৎ, এখন বিশুদ্ধ গাঁও আৰু এখন বৃহৎ নগৰৰ মাজত এনে কিছুমান বসতি পোৱা যায়, যিবোৰত গ্ৰাম্য আৰু পৌৰ দুয়োটা বৈশিষ্ট্যই কম-বেছি পৰিমাণে মিহলি হৈ থাকে। এই সান্তত্যকে দেখুৱায় যে বসতিৰ বৈশিষ্ট্যবোৰ ক্ৰমান্বয়ে পৰিৱৰ্তন হৈ যায়, যেনে— কৃষিৰ প্ৰাধান্যৰ পৰা ব্যৱসায়-বাণিজ্যৰ প্ৰাধান্যলৈ, কম ঘনত্বৰ পৰা অধিক ঘনত্বলৈ।
(ছ) বসতি শ্রেণীক্রমঃ গ্ৰাম্য আৰু পৌৰ— উভয় ধৰণৰ বসতিসমূহক সিহঁতৰ আয়তন, জনসংখ্যা, আৰু কাৰ্যকাৰিতাৰ ভিত্তিত সৰুৰ পৰা ক্ৰমান্বয়ে ডাঙৰলৈ এক নিৰ্দিষ্ট শৃংখলাত সজাই উলিওৱা প্ৰণালীকে বসতি শ্ৰেণীক্ৰম বুলি কোৱা হয়। এই শ্ৰেণীক্ৰমৰ একেবাৰে তলৰ স্তৰত বিচ্ছিন্ন বাসগৃহ আৰু শীৰ্ষত বিশাল মহানগৰ বা নগৰ সংহতি থাকে। এই ক্ৰমত বসতিৰ পৰ্যায় উন্নত হোৱাৰ লগে লগে কাৰ্যকাৰিতা, সা-সুবিধা আৰু জনসংখ্যাৰ আকাৰ বৃদ্ধি হয়, কিন্তু সেই স্তৰৰ বসতিৰ মুঠ সংখ্যা কমি আহে।
(জ) নগৰীয় উপকণ্ঠঃ কোনো এখন বৃহৎ নগৰৰ কেন্দ্ৰীয় অংশক ঘেৰি থকা আৰু নগৰখনৰ বাহিৰলৈ বিস্তৃত হোৱা অঞ্চলটোক নগৰীয় উপকণ্ঠ বা উপচহৰ অঞ্চল বুলি কোৱা হয়। এই অঞ্চলটো মূল নগৰখনৰ ওচৰতে থাকে আৰু ইয়াৰ বহুতো কাৰ্যকলাপ কেন্দ্ৰীয় নগৰখনৰ ওপৰত নিৰ্ভৰশীল হয়। উপকণ্ঠ অঞ্চলসমূহত সাধাৰণতে আৱাসিক এলেকাৰ প্ৰাধান্য বেছি থাকে, আৰু ইয়াৰ বাসিন্দাসকল দৈনিক কামৰ বাবে নগৰৰ কেন্দ্ৰলৈ অহা-যোৱা কৰে। এই অঞ্চলসমূহে গ্ৰাম্য আৰু পৌৰ জীৱনশৈলীৰ মিশ্ৰণ বহন কৰে।
(ঝ) উপ-নগৰ: উপ-নগৰ (Satellite Town) হ’ল এনে এখন নগৰ বা চহৰ যি এখন বৃহৎ বা মুখ্য নগৰৰ কাষত গঢ়ি উঠে, কিন্তু ইয়াৰ নিজা এক স্বকীয় চৰিত্ৰ আৰু কাৰ্যকাৰিতা থাকে। উপ-নগৰসমূহ যদিও মুখ্য নগৰখনৰ ওপৰত আংশিকভাৱে নিৰ্ভৰশীল, তথাপিও এইবোৰ নিজাববীয়াকৈ যথেষ্ট স্বাৱলম্বী আৰু ইয়াৰ নিজস্ব উদ্যোগ, ব্যৱসায়িক কেন্দ্ৰ আৰু প্ৰশাসনিক কাঠামো থাকে। এই নগৰসমূহৰ মূল উদ্দেশ্য হ’ল মুখ্য নগৰখনৰ জনসংখ্যা আৰু কাৰ্যকলাপৰ হেঁচা কমোৱাত সহায় কৰা আৰু ইয়াৰ পৰা দূৰত্বত এক স্বাধীন জীৱনশৈলী প্ৰদান কৰা।
১৪। তোমাৰ গাঁও বা নগৰত থকা স্কুল, নামঘৰ, দোকান, আদিকে ধৰি গাঁও বা নগৰখনত থকা জনবসতিৰ এখন চিত্ৰ প্ৰস্তুত কৰা আৰু বসতিৰ প্ৰকাৰ উল্লেখ কৰা।
উত্তৰঃ নিজে কৰা।
নৱম শ্ৰেণী ভূগোল অধ্যায় ৪ – সঘনাই সোধা প্ৰশ্ন
Get Free NCERT PDFs
If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group: