নৱম শ্ৰেণী ভূগোল (ঐচ্ছিক) অধ্যায় ৭ – কৃষিৰ আটাইবোৰ অনুশীলনীৰ সমাধান | ASSEB (SEBA) | Assamese Medium
নৱম শ্ৰেণী ভূগোল (ঐচ্ছিক) অধ্যায় ৭ – কৃষিৰ আটাইবোৰ অনুশীলনীৰ সমাধান (ASSEB / SEBA – Assamese Medium)
নৱম শ্ৰেণীৰ ভূগোল (ঐচ্ছিক) বিষয়ৰ নতুন পাঠ্যক্ৰমৰ সপ্তম অধ্যায় এটি কৃষি বিষয়ে হয়। ইয়াত কৃষিৰ সংজ্ঞা, কৃষি কাৰ্যকলাপক প্ৰভাৱিত কৰা প্ৰাকৃতিক আৰু আৰ্থ-সামাজিক কাৰকসমূহ, কৃষিৰ বিভিন্ন প্ৰকাৰ, বিশেষকৈ বিস্তৃত আৰু ক্ষুদ্ৰ কৃষিৰ কথা বিশ্লেষণ কৰা হৈছে। অসমৰ কৃষিক অঞ্চল আৰু ইয়াৰ কৃষি প্ৰক্ৰিয়াৰ বিৱৰণ আছেগৈ। Ospin Academy ত শিক্ষাৰ্থীৰ সুবিধাৰ বাবে সহজ ভাষাত এই অধ্যায়ৰ সম্পূৰ্ণ অনুশীলনী সমাধান উপলব্ধ।
✅ কি শিকিব:
- কৃষি বুলিলে কি বুজা হয়
- কৃষি কাৰ্য প্ৰভাৱিত কৰা প্ৰাকৃতিক কাৰক (মাটি, জলবায়ু, পানী আদিৰ ভূমিকা)
- আৰ্থ-সামাজিক কাৰকৰ ভূমিকা (মানুহৰ শিক্ষা, বজাৰ, যাতায়াত ইত্যাদি)
- বিস্তৃত (Commercial) আৰু ক্ষুদ্ৰ (Subsistence) কৃষি, লগতে বাণিজ্যিক আৰু আত্মনিৰ্ভৰশীল কৃষি
- অসমীয়াৰ কৃষি অঞ্চল আৰু কৃষি পদ্ধতি
🎯 অস্পীন একেডেমীৰ সুবিধা:
- ASSEB (SEBA) ৰ শেহতীয়া পাঠ্যক্ৰমৰ সম্পূৰ্ণ সমাধান
- প্ৰতিটো অনুশীলনী প্ৰশ্নৰ বিস্তৃত আৰু বুজিবলৈ সহজ উত্তৰ
- পৰীক্ষাৰ বাবে গুৰুত্বপূর্ণ বিষয় আৰু প্ৰস্তুতি
- অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰীৰ বাবে সুবিধাজনক আৰু স্পষ্ট ভাষা
Class 9 Geography (ভূগোল) Latest Syllabus | Assamese Medium Chapter-wise Solutions PDF for ASSEB & SEBA
Limited Time Offer!
(For Class 9 Geography, Assamese Medium)
Get comprehensive preparation for Class 9 Geography (Assamese Medium) with this chapter-wise solutions PDF.
Includes complete textual answers, key definitions, solved questions, diagrams, and stepwise explanations for every chapter as per latest syllabus.
Ideal for home study, homework help, and quick exam revision!
অধ্যায়-৭
এই অধ্যায়ৰ বিষয়বস্তু:
পাঠভিত্তিক প্রশ্নোত্তৰ
অনুশীলনী
১। কৃষি বুলিলে কি বুজা? কৃষিত প্রভাৱ পেলোৱা কাৰণসমূহৰ চমু আভাস দিয়া।
উত্তৰঃ মাটিৰ জৰিয়তে খাদ্যবস্তু উৎপাদন কৰা কাৰ্যকে কৃষি বুলি কোৱা হয়। আন অৰ্থত, ভূমিৰ লগত জড়িত অন্যান্য কাম-কাজসমূহ, যেনে: উদ্যান শস্য, মৎস্য পালন, দুগ্ধ উৎপাদন, পশুপালন আদিকো সামূহিকভাৱে কৃষি বুলি কোৱা হয়।
কৃষিক প্ৰভাৱিত কৰা কাৰকসমূহ:
(ক) প্রাকৃতিক বা ভৌতিক কাৰক:
(i) মাটি (মৃত্তিকা): মাটি হৈছে এক অতিকৈ গুৰুত্বপূৰ্ণ উপাদান যিয়ে কৃষিৰ প্ৰকাৰ নিৰ্ধাৰণ কৰে। সকলো ধৰণৰ শস্য যিকোনো মাটিত উৎপাদন নহয়। পলিমাটি ধান খেতিৰ বাবে উপযোগী, ঠিক তেনেদৰে দাক্ষিণাত্যৰ ক’লা মাটি কপাহ খেতিৰ বাবে অতি উত্তম।
(ii) জলবায়ু: জলবায়ুৰ উপাদানসমূহ, যেনে: উষ্ণতা, বৰষুণ, আৰ্দ্ৰতা (জলীয় বাষ্প) আদিয়ে উদ্ভিদৰ বৃদ্ধিত গভীৰ প্ৰভাৱ পেলায়। কিছুমান শস্যৰ বৃদ্ধিৰ বাবে অধিক উষ্ণতা আৰু অধিক বৰষুণৰ যিদৰে প্ৰয়োজন, আন কিছুমানৰ ক্ষেত্ৰত এনে উপাদানে উদ্ভিদৰ বৃদ্ধিত বাধা দিয়ে।
(iii) ভূ-প্ৰকৃতি (বন্ধুৰতা): ঠাইৰ হেলনীয় ঢাল, উচ্চতা আদি ভূ-প্ৰকৃতিৰ উপাদানে কৃষিৰ ধৰণ নিৰ্ধাৰণ কৰে। উচ্চতাৰ তাৰতম্য অনুসৰি বিভিন্ন শস্যৰ উৎপাদন হয়।
(খ) আৰ্থ-সামাজিক কাৰকসমূহ:
(i) ভূমিৰ মালিকীস্বত্ব (দখল): ভূমিৰ গৰাকীৰ প্ৰকাৰে খেতিৰ ওপৰত প্ৰভাৱ পেলায়। প্ৰকৃত ভূমিৰ গৰাকীয়ে ভূমিৰ অৱস্থা উন্নত কৰিব বিচাৰে, আনহাতে জমিদাৰ, জাগীৰদাৰ আৰু ৰায়তসকলে ভূমিৰ অৱস্থা উন্নত কৰিবলৈ বিশেষ পদক্ষেপ গ্ৰহণ নকৰে।
(ii) কৃষিভূমিৰ আকাৰ: কৃষিভূমিৰ আকাৰে উৎপাদনৰ পৰিমাণৰ ওপৰত প্ৰভাৱ পেলায়। ক্ষুদ্ৰ আকাৰৰ কৃষিভূমিয়ে খেতিত যান্ত্ৰিক ব্যৱহাৰ আৰু আধুনিক বৈজ্ঞানিক পদ্ধতিসমূহৰ প্ৰয়োগত বাধাৰ সৃষ্টি কৰে।
(iii) শ্ৰম: শ্ৰমৰ গুণগত মানে কৃষিৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। অশিক্ষিত শ্ৰমিকসকলে খেতি-বাতিৰ কামত পুৰণি পদ্ধতি প্ৰয়োগ কৰাৰ বিপৰীতে শিক্ষিত শ্ৰমিকসকলে আধুনিক যন্ত্রপাতি আৰু উন্নত কৃষি পদ্ধতি অৱলম্বন কৰে।
(iv) মূলধন: মূলধনৰ লভ্যতাই জীৱন ধাৰণৰ বাবে কৰা কৃষি (পোষণ কৃষি) আৰু বাণিজ্যিক কৃষিৰ মাজত প্ৰভেদ নিৰ্ণয় কৰে। বাণিজ্যিক আৰু ৰোপণ কৃষিত বিশাল মূলধনৰ প্ৰয়োজন হয়।
(v) বিপণন আৰু পৰিবহণ: উৎপাদিত সামগ্ৰীৰ বাবে ভাল বজাৰে কৃষি উৎপাদনত উৎসাহ যোগায়। চাহিদাৰ ওপৰত ভিত্তি কৰি কিছুমান শস্যৰ খেতি কৰা হয়। উন্নত পৰিবহণ ব্যৱস্থাই কোনো এক অঞ্চলৰ কৃষিকাৰ্যৰ উন্নতি সাধনত অৰিহণা যোগায়।
২। পৃথিৱীৰ সকলো ঠাইতে কৃষিকার্য কিয় একে নহয়?
উত্তৰঃ পৃথিৱীৰ সকলো ঠাইতে কৃষিকাৰ্য একে নহয়, ইয়াৰ মূল কাৰণসমূহ তলত দিয়া ধৰণৰ:
(i) প্ৰাকৃতিক বা ভৌতিক কাৰকসমূহ যেনে: ভূমিৰ প্ৰকৃতি, উপৰিভাগৰ গঠন, ঢাল, জলবায়ু, পানীৰ উপলব্ধতা ইত্যাদি স্থানভেদে বেলেগ বেলেগ হোৱা।
(ii) আৰ্থ-সামাজিক কাৰকসমূহ যেনে: কৃষকসকলৰ শিক্ষাৰ মানদণ্ড, ভূমিৰ মালিকীস্বত্ব, কৃষিভূমিৰ আকাৰ, মূলধনৰ সহজলভ্যতা ইত্যাদিৰ প্ৰভেদ থকা।
৩। কৃষিৰ শ্ৰেণীবিভক্ত কৰা আৰু ইয়াক কিহৰ ওপৰত ভিত্তি কৰি বিভক্ত কৰা হয় উল্লেখ কৰা।
উত্তৰঃ কৃষিক নিম্নলিখিত আধাৰত বিভিন্ন প্ৰকাৰে শ্ৰেণীবিভক্ত কৰা হয়:
(ক) স্থায়িত্বৰ ওপৰত ভিত্তি কৰি:
(i) স্থায়ী কৃষি: কোনো এক ঠাইত স্থায়ীভাৱে বসবাস কৰা লোকসকলৰ দ্বাৰা ঘৰুৱা চাহিদাৰ উপৰিও বাণিজ্যিক উদ্দেশ্যত কৰা খেতিক স্থায়ী কৃষি বোলা হয়। স্থায়ী কৃষিত মানুহে শস্যাৱৰ্তন, মিশ্ৰ কৃষি, পশুধন পাম, যান্ত্ৰিকীকৰণ, গভন কৃষি আদি পদ্ধতি ব্যৱহাৰ কৰে।
(ii) স্থানান্তৰিত কৃষি (ঠাই সলনি কৃষি): এয়া এনে এক কৃষি পদ্ধতি, য’ত হাবিত জুই লগাই পুৰি সেই ঠাইত কিছু বছৰৰ বাবে খেতি কৰা হয় আৰু পিছত সেই স্থান এৰি আন ঠাইলৈ গৈ খেতি কৰা হয়। এনে খেতিক ঠাই সলনি কৃষি বুলি কোৱা হয়। উত্তৰ-পূব ভাৰতৰ পাহাৰীয়া জনজাতিসকলে এনে ধৰণৰ কৃষি কৰে।
(খ) কৃষিভূমিৰ আকাৰৰ ওপৰত ভিত্তি কৰি:
(i) ব্যাপক/বৃহৎ পৰিসৰৰ কৃষি: যন্ত্রপাতিৰ ব্যৱহাৰেৰে অতি কম সংখ্যক মানুহৰ দ্বাৰা বিশাল এলেকাত এবিধ মাত্ৰ শস্যৰ খেতি কৰিলে তেনে কৃষিক ব্যাপক পৰিসৰৰ কৃষি বুলি কোৱা হয়। এই কৃষিৰ চাৰিটা বৈশিষ্ট্য হৈছে: ১। যন্ত্রপাতিৰ ব্যাপক ব্যৱহাৰ ২। এবিধ শস্যৰ খেতি ৩। শস্যৰ বিশেষীকৰণ ৪। বৃহৎ অঞ্চলত খেতি।
(ii) ক্ষুদ্ৰমাত্ৰিক/গহন কৃষি: এয়া এনে ধৰণৰ কৃষি, য’ত কৃষকে সীমিত পৰিমাণৰ কৃষিভূমিত কম সময়ৰ ভিতৰত অধিক উৎপাদনৰ বাবে বহু সংখ্যক শ্ৰমিক, মূলধন আদি বিনিয়োগৰ লগতে উন্নত মানৰ বীজ, উৎকৃষ্ট সাৰ, যথেষ্ট পৰিমাণৰ পানী আদি ব্যৱহাৰ কৰে।
(গ) অৰ্থনৈতিক কাৰণৰ ওপৰত ভিত্তি কৰি:
(i) বাণিজ্যিক কৃষি: যি কৃষিৰ অধীনত কৃষিজাত সামগ্ৰীসমূহ ঘৰুৱাভাৱে ব্যৱহাৰ নকৰি বিক্ৰীৰ বাবে উৎপাদন কৰা হয়, তেনে কৃষিক বাণিজ্যিক কৃষি বোলা হয়। উদাহৰণস্বৰূপে, ৰবৰ, চাহ, কফি, কপাহ, কুঁহিয়াৰ ইত্যাদি।
(ii) পোষণ কৃষি: বিক্ৰী কৰাৰ সলনি ঘৰুৱা প্ৰয়োজনীয়তা পূৰণৰ বাবে কৰা কৃষিক পোষণ কৃষি বুলি কোৱা হয়।
(ঘ) মাটিৰ গুণাগুণ, জলবায়ু আৰু কৃষি পদ্ধতিৰ ওপৰত ভিত্তি কৰি:
(i) শুষ্ক কৃষি পদ্ধতি: শুকান অঞ্চলত, য’ত বৰষুণ কম হয় আৰু বছৰৰ বেছিভাগ সময়ত মাটিভাগ শুকান হৈ থাকে, তেনে অঞ্চলত কৰা কৃষিকৰ্মক শুষ্ক কৃষিকৰ্ম বোলা হয়। এনে অঞ্চলসমূহত জলসিঞ্চনৰ ব্যৱস্থা নাথাকে আৰু শুষ্ক জলবায়ুত টিকি থাকিব পৰা শস্যসমূহৰ খেতি কৰা হয়।
(ii) আৰ্দ্ৰ কৃষিকৰ্ম: যথেষ্ট পৰিমাণে বৰষুণ হোৱা অঞ্চলত কৰা কৃষিকে আৰ্দ্ৰ কৃষি বুলি কোৱা হয়। মৌচুমী জলবায়ু অঞ্চলত এনে কৃষি কৰা হয়।
(ঙ) বিশেষ প্ৰকাৰৰ কৃষি:
(i) ৰোপণ কৃষি: এক বৃহৎ এলেকা সামৰি, আধুনিক যন্ত্রপাতি, বৃহৎ সংখ্যক লোক, আৰু বৈজ্ঞানিক পদ্ধতিৰ ব্যৱহাৰেৰে কেৱল এক বিশেষ শস্যৰ খেতি কৰাকে ৰোপণ কৃষি বুলি কোৱা হয়। ৰবৰ খেতি, চাহ, কফি, কপাহ, কুঁহিয়াৰ আদি এই কৃষিৰ অন্তৰ্গত।
(ii) সমূহীয়া কৃষি: যিবোৰ কৃষিকৰ্মত সামাজিক মালিকীস্বত্ব, সামূহিক শ্ৰম, আৰু কৃষি উৎপাদনসমূহৰ অংশীদাৰীত্ব আদি বৈশিষ্ট্য দেখা যায়, তেনে কৃষিক সমূহীয়া কৃষি বুলি কোৱা হয়। পূৰ্বৰ ছোভিয়েট ইউনিয়নে এনে ধৰণৰ কৃষি প্ৰৱৰ্তন কৰিছিল।
(iii) উদ্যান শস্যৰ কৃষি: ফলমূল, শাক-পাচলি, আৰু ফুলৰ খেতিক উদ্যান শস্যৰ কৃষি বুলি কোৱা হয়। উদ্যান শস্যৰ কৃষিকাৰ্য কৰা উল্লেখযোগ্য দেশসমূহ হৈছে: আমেৰিকা যুক্তৰাষ্ট্ৰ, ফ্ৰান্স, জাৰ্মানী, ডেনমাৰ্ক, নেদাৰলেণ্ড। কৃষিকৰ্মৰ অগ্ৰগতি আৰু গোলকীয়কৰণৰ ফলত ভাৰতবৰ্ষতো এনে উদ্যান শস্যৰ চৰ্চা অতি ক্ষিপ্ৰ গতিত আগবাঢ়িছে।
(iv) বজাৰমুখী কৃষি: ওচৰ-পাজৰৰ নগৰ আৰু চহৰসমূহৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি ফলমূল, শাক-পাচলি, আৰু ফুলৰ খেতি কৰাকে বজাৰমুখী কৃষি বুলি কোৱা হয়। গোলকীয়কৰণৰ ফলস্বৰূপে উৎপাদনকাৰী আৰু গ্ৰাহকৰ মাজত সোঁ-পোন যোগসূত্ৰ স্থাপন হৈছে আৰু ইয়াৰ ফলত গ্ৰাহকৰ চাহিদা অনুযায়ী উৎপদানকাৰীয়ে উৎপাদন কৰিবলৈ বাধ্য হৈছে।
(v) মিশ্ৰ কৃষি: একে ঠাইতে কৃষিৰ লগতে পশুপালন আৰু হাঁহ-কুকুৰা পালন কৰা কৃষিকৰ্মকে মিশ্ৰ কৃষি বুলি কোৱা হয়।
(vi) ট্ৰাক কৃষি: ফলমূল, শাক-পাচলি, ফুল আদি সতেজ অৱস্থাত ট্ৰাকেৰে অন্য অঞ্চললৈ ৰপ্তানি কৰাৰ উদ্দেশ্যে কৰা কৃষিকাৰ্যকে ট্ৰাক কৃষি বোলা হয়।
৪। স্থায়ী কৃষি মানে কি? ইয়াৰ বৈশিষ্ট্যসমূহ চমুকৈ আলোচনা কৰা।
উত্তৰঃ কোনো এক অঞ্চলৰ লোকৰ দ্বাৰা ঘৰুৱা প্ৰয়োজনীয়তা পূৰণৰ লগতে বাণিজ্যিক লক্ষ্যৰে কৰা কৃষিকৰ্মক স্থায়ী কৃষি বুলি কোৱা হয়। ইয়াৰ প্ৰধান বৈশিষ্ট্যসমূহ:
(i) গোটেই বছৰ জুৰি কৃষিকাৰ্য চলাই থকা হয়।
(ii) কৃষকে নাঙল, ট্ৰেক্টৰ, জলসিঞ্চন আৰু সাৰৰ প্ৰয়োগেৰে কৃষিকৰ্ম কৰে।
(iii) এই কৃষিপদ্ধতি সাধাৰণতে সমগ্ৰ বিশ্বতে বিস্তৃতভাৱে প্ৰচলিত।
(iv) এনে ধৰণৰ কৃষিৰ উৎপাদন তুলনামূলকভাৱে বেছি হয়।
(v) পশুপালন, মৎস্য পালন, উদ্যান শস্যৰ খেতি এই কৃষি পদ্ধতিৰ অংশ।
৫। ঠাঁই সলনি কৃষিৰ এক চমু আভাস দিয়া। এনে ধৰণৰ কৃষিয়ে কিদৰে পৰিবেশ বিনষ্ট কৰে তাৰ বিৱৰণ দিয়া।
উত্তৰঃ হাবি-জংঘল পুৰি সেই ঠাইসমূহত কেইবছৰমান খেতি কৰি আন অঞ্চললৈ খেতিৰ বাবে স্থান সলনি কৰা কৃষি পদ্ধতিকে ঠাই সলনি কৃষি বোলা হয়। কৃষকে এটুকুৰা ভূমি খালি কৰি তাত থকা গছ-গছনি, ডাল, আৰু ঘাঁহ-বন আদি গোটাই জুই লগাই পুৰি পেলায়। কেতিয়াবা, গছ-গছনি নকটাকৈয়ো পুৰি পেলোৱা হয়। তিনি-চাৰি বছৰৰ পিছত কৃষক আৰু তেওঁৰ পৰিয়াল সেই ঠাই এৰি আন এক স্থানলৈ যায় আৰু মাটি মুকলি কৰি একেধৰণৰ খেতি কৰে।
এইয়া মানুহে আৱিষ্কাৰ কৰা প্ৰথম কৃষি পদ্ধতি। ইয়াক ভাৰতবৰ্ষৰ উত্তৰ-পূব অঞ্চলত ঝুম খেতি বুলি জনা যায়। এই ধৰণৰ খেতিৰ কেইটামান প্ৰধান বৈশিষ্ট্য:
(i) জুইৰ দ্বাৰা ভূমি পৰিষ্কাৰ কৰা।
(ii) হাতৰ ব্যৱহাৰ আৰু মানৱ শ্ৰমৰ প্ৰাচুৰ্য।
(iii) এনে ভূমিত কোনো ব্যক্তিগত মালিকীস্বত্ব নাথাকে। এই ভূমি ৰাইজৰ বাবে উমৈহতীয়া।
(iv) প্ৰত্যেক ঘৰ মানুহে ইচ্ছানুসৰি যিমান ভূমি বিচাৰে, সিমানখিনি পৰিষ্কাৰ কৰি খেতি কৰিব পাৰে।
(v) উৎপাদিত সামগ্ৰীৰ পৰিমাণ কম হোৱা হেতুকে ৰাহি নহয়।
(vi) ঝুম খেতি বা ঠাই সলনি খেতি কৰা অঞ্চলত জনবসতি সেৰেঙা।
এই ধৰণৰ কৃষিৰ প্ৰধান সমস্যা তথা পৰিৱেশ বিনষ্ট কৰাৰ উপায়:
(vii) এই ধৰণৰ কৃষিকাৰ্যত বন-অঞ্চল পুৰি পেলোৱা হেতুকে পৰিৱেশ বিনষ্ট হয়।
(viii) এটা বৃহৎ অঞ্চলত থকা জৈৱিক আৰু অজৈৱিক পদাৰ্থসমূহ জুইত পুৰি ভস্মীভূত হয়।
(ix) ইয়াৰ জৰিয়তে পৰিৱেশৰ ভাৰসাম্যতা বিনষ্ট হয় আৰু ই কোনো এটা অঞ্চলৰ পৰিৱেশৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলায়।
(x) তৰু-তৃণ, ডাল-পাত আদি পুৰিলে যথেষ্ট পৰিমাণৰ ধোঁৱাৰ সৃষ্টি হয় আৰু ই বায়ুমণ্ডলত ঋণাত্মক প্ৰভাৱ পেলায়।
৬। বৃহৎমাত্রিক আৰু ক্ষুদ্রমাত্রিক কৃষিৰ তুলনামূলক এখন ছবি দাঙি ধৰা।
উত্তৰঃ বৃহৎ আৰু ক্ষুদ্র আকাৰৰ কৃষিৰ তুলনামূলক ছবি এখন দিয়া হ’লঃ
ক্রম নং | পার্থক্যৰ ভিত্তি | বৃহৎমাত্ৰিক কৃষি | ক্ষুদ্ৰমাত্ৰিক কৃষি |
|---|---|---|---|
(i) | অর্থ | এনে কৃষি য’ত যন্ত্ৰ-পাত্ৰিৰ ব্যৱহাৰেৰে এক বৃহৎ অৱশ্লিষ্ট ভূমি মাত্ৰ শস্য কম সংখ্যক লোকৰে কৰা হয়। | নিৰ্দিষ্ট সীমিত পৰিসৰত কম সময়ৰ ভিতৰত অধিক উৎপাদনৰ কাৰণে কৰা কৃষি। |
(ii) | প্ৰকৃতি | যান্ত্ৰিক ব্যৱহাৰৰ ব্যাপকতা। | শ্ৰমিক নিৰ্ভৰশীলতা। |
(iii) | পৰিচালনৰ স্থান | এনে কিছুমান দেশত কৰা হয় য’ত জনবসতিৰ ঘনত্ব কম। যেনে— কানাডা, আমেৰিকা যুক্তৰাষ্ট্ৰ, ইত্যাদি। | জনসংখ্যাবহুল দেশত এনে কৃষিকাৰ্য্য কৰা হয়। যেনে— ভাৰত, ইংলেণ্ড, ইত্যাদি। |
(iv) | শ্ৰম | মাত্ৰ অল্প সংখ্যক শ্ৰমৰ খেতি কৰা হয়। | বহুবিধ শ্ৰমৰ খেতি কৰা হয়। |
(v) | অন্যান্য নাম | ব্যাপক কৃষি | গহণ কৃষি |
৭। ৰোপণ কৃষি বুলিলে কি বুজা? ইয়াৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা।
উত্তৰঃ এক বৃহৎ পৰিসৰৰ ভূমিত, শতাধিক লোক নিয়োগ কৰি, ডাঙৰ যন্ত্রপাতি তথা বৈজ্ঞানিক পদ্ধতি প্ৰয়োগেৰে এক বিশেষ প্ৰকাৰৰ শস্যৰ খেতি কৰিলে তেনে কৃষিক ৰোপণ কৃষি বুলি কোৱা হয়। ক্ৰান্তীয় আৰু উপক্ৰান্তীয় অঞ্চলসমূহত এনে ধৰণৰ কৃষি দেখা যায়। অনুকূল জলবায়ু আৰু সস্তীয়া শ্ৰমিকৰ সহজলভ্যতাই চাহ, কফি, ৰবৰ, নাৰিকল আদিৰ দৰে বিভিন্ন প্ৰকাৰৰ ৰোপণ শস্যৰ খেতি সম্ভৱ কৰি তোলে।
ৰোপণ কৃষিৰ প্ৰধান বৈশিষ্ট্যসমূহ:
(i) ৰোপণ কৃষি মুখ্যতঃ বাণিজ্যিক উদ্দেশ্যত কৰা হয়।
(ii) বিশাল এলেকাত ইয়াৰ খেতি কৰা হয়।
(iii) বেছিভাগ কাম হাতেৰে সম্পন্ন কৰা হয়, অৱশ্যে উন্নত দেশসমূহ এই ক্ষেত্ৰত ব্যতিক্ৰম।
(iv) এই কৃষি শ্ৰমিক আৰু বৃহৎ মূলধনৰ ওপৰত নিৰ্ভৰশীল।
(v) চূড়ান্ত উৎপাদিত সামগ্ৰীসমূহ কাৰখানাত প্ৰস্তুত কৰা হয়।
(vi) ইয়াৰ লগত ৰোপণ উদ্যোগৰ এক ঘনিষ্ঠ সম্পৰ্ক আছে।
(vii) এই ধৰণৰ কৃষিত বজাৰৰ চাহিদাই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
৮। নগৰীকৰণ আৰু বজাৰমুখী কৃষিৰ মাজৰ সম্পৰ্ক সংক্ষেপে বর্ণনা কৰা।
উত্তৰঃ নগৰীকৰণৰ দ্ৰুত প্ৰসাৰে খাদ্য শস্য আৰু শাক-পাচলিৰ উৎপাদনৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলাইছে। এখন দেশৰ খাদ্যবস্তুৰ উৎপাদনৰ ধৰণ আৰু প্ৰকাৰ বৰ্তমান বজাৰৰ প্ৰয়োজনীয়তাৰ ওপৰত নিৰ্ভৰশীল। যিহেতু চহৰ আৰু নগৰ অঞ্চলৰ লোকৰ ক্ৰয় ক্ষমতা অধিক, সেয়েহে কৃষিকাৰ্য প্ৰধানকৈ তেওঁলোকৰ চাহিদা পূৰণ কৰিবলৈ কৰা হয়। চহৰাঞ্চলৰ লোকসকলক প্ৰচুৰ পৰিমাণৰ শাক-পাচলি আৰু খাদ্য শস্যৰ প্ৰয়োজন হোৱা হেতুকে, বহুতো কৃষি পাম এনে চহৰাঞ্চলৰ আশে-পাশে গঢ়ি উঠিছে। এই পামসমূহে বিশেষকৈ নিকটৱৰ্তী চহৰ আৰু নগৰসমূহৰ চাহিদা পূৰণ কৰে। যিহেতু চহৰবোৰক বৃহৎ মাত্ৰাত সতেজ শাক-পাচলিৰ প্ৰয়োজন, সেই অঞ্চলবোৰৰ কাষত উদ্যান শস্যৰ কৃষিকাৰ্য বিকশিত হয়। এই পামবিলাকে উৎপাদন কৰা বিভিন্ন কৃষিজাত সামগ্ৰীয়ে ভাল বজাৰ পায়, কিয়নো এইবোৰ যথেষ্ট সতেজ, তদুপৰি উন্নত পৰিবহণ আৰু যোগাযোগ ব্যৱস্থাৰ বাবে এইবোৰ ক্ষিপ্ৰতাৰে যোগান ধৰিব পৰা যায়। কৃষিৰ এই বিকাশকেই বজাৰমুখী কৃষি বুলি জনা যায়। আমাৰ দেশত নগৰীকৰণৰ সম্প্ৰসাৰণৰ লগতে গাঁও তথা চহৰ গোলকীকৰণৰ প্ৰভাৱত পৰস্পৰ আন্তঃসংলগ্ন হোৱা বাবে এই প্ৰৱণতা দ্রুতভাৱে বৃদ্ধি পাইছে।
৯। ধান খেতিৰ বাবে কেনে ধৰণৰ পৰিৱেশৰ প্ৰয়োজন? ধানৰ ভৌগোলিক বিতৰণৰ বিষয়ে চমুকৈ লিখা।
উত্তৰঃ সমগ্ৰ বিশ্বৰ আধাৰো অধিক জনসংখ্যাৰ মুখ্য আহাৰ হৈছে ভাত। ইয়াৰ খেতি মুখ্যতঃ পৃথিৱীৰ মৌচুমী জলবায়ু থকা অঞ্চলসমূহত কৰা হয়। সাধাৰণতে, ইয়াৰ খেতি প্লাৱনভূমি, উপকূলীয় সমভূমি, আৰু ব-দ্বীপ অঞ্চলত কৰা হয়। কিছুমান নিৰ্দিষ্ট পাহাৰীয়া এলেকাটো ইয়াৰ খেতি কৰা হয়।
ইয়াৰ খেতিৰ বাবে প্ৰয়োজনীয় ভৌগোলিক অৱস্থাসমূহ:
(i) ইয়াৰ বাবে উষ্ণ আৰু আৰ্দ্ৰ গ্ৰীষ্মকালীন জলবায়ুৰ প্ৰয়োজন।
(ii) উষ্ণতা 25C° ছেলছিয়াছৰ পৰা 35C°ছেলছিয়াছৰ ভিতৰত হোৱা উচিত।
(iii) বাৰ্ষিক বৰষুণৰ পৰিমাণ 100 ছে.মি.ৰ পৰা 200 ছে.মি.ৰ ভিতৰত হোৱা প্ৰয়োজন।
ভৌগোলিক বিতৰণ:
মৌচুমী জলবায়ু বিৰাজ কৰা চীনদেশ, ভাৰতবৰ্ষ, বাংলাদেশ, ম্যানমাৰ, থাইলেণ্ড, ভিয়েটনাম, জাপান, আৰু ফিলিপাইনছ হৈছে বিশ্বৰ প্ৰধান ধান উৎপাদনকাৰী ৰাষ্ট্ৰ। বিশ্বৰ সৰ্বাধিক ধান উৎপাদনকাৰী দেশ হৈছে চীনদেশ, আৰু ভাৰতবৰ্ষ দ্বিতীয় স্থানৰ উৎপদানকাৰী দেশ।
ভাৰতবৰ্ষৰ মুখ্য ধান উৎপাদনকাৰী অঞ্চলসমূহ:
(i) গংগা-ব্ৰহ্মপুত্ৰ উপত্যকা।
(ii) পূব উপকূলৰ দীঘল অঞ্চল, যিয়ে সমগ্ৰ ব-দ্বীপ অঞ্চল সামৰি লৈছে।
(iii) উত্তৰ-পূৰ্বাঞ্চলসমূহ।
১০। ঘেঁহু খেতিৰ বিষয়ে এটা বিৱৰণ দিয়া।
উত্তৰঃ ঘেঁহু হৈছে বিশ্বৰ বহু সংখ্যক লোকৰ মুখ্য আহাৰ আৰু ই ভাৰতৰো এক প্ৰধান খাদ্য শস্য।
ইয়াৰ বাবে প্ৰয়োজনীয় ভৌগোলিক অৱস্থাসমূহ:
(i) ইয়াৰ বাবে বোকা (পলিমাটি) আৰু বালিচহীয়া সমতলৰ মাটিৰ প্ৰয়োজন।
(ii) ইয়াৰ বৃদ্ধিৰ সময়ত এক শীতল আৰু আৰ্দ্ৰ জলবায়ুৰ আৰু পকিবৰ সময়ত এক শুকান আৰু উষ্ণ জলবায়ুৰ প্ৰয়োজন।
(iii) বাৰ্ষিক বৰষুণৰ পৰিমাণ ৫০ ছে.মি.ৰ পৰা ১০০ ছে.মি.ৰ ভিতৰত হোৱা উচিত।
(iv) বৰফ নপৰা নাতিশীতোষ্ণ তিনিমাহজোৰা জলবায়ু এই খেতিৰ বাবে উপযোগী।
(v) ইয়াক পৰ্যাপ্ত পৰিমাণৰ পানীৰ প্ৰয়োজন। জলসিঞ্চন ব্যৱস্থাৰ সহজলভ্যতাৰ বাবে বৰ্তমান কম বৰষুণ হোৱা অঞ্চলসমূহততো এই খেতি কৰা হয়।
ভৌগোলিক শ্ৰেণীবিভাজন:
বিশ্বৰ প্ৰধান ঘেঁহু উৎপাদনকাৰী দেশসমূহ হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ, চীন, ভাৰত, ৰাছিয়া, কানাডা, অষ্ট্ৰেলিয়া, ফ্ৰান্স, জাৰ্মানী আৰু পাকিস্তান। চীনদেশ ঘেঁহু উৎপাদনৰ ক্ষেত্ৰত বিশ্বৰ শীৰ্ষস্থানীয় দেশ, ইয়াৰ পিছতে আছে আমেৰিকা আৰু ভাৰতবৰ্ষ। ভাৰতবৰ্ষৰ গংগা উপত্যকাৰ অঞ্চল মুখ্য ঘেঁহু উৎপাদনকাৰী অঞ্চল।
১১। কপাহ খেতিৰ গুৰুত্ব আৰু ভৌগোলিক বিতৰণৰ বিষয়ে আলোচনা কৰা।
উত্তৰঃ কপাহ হৈছে ভাৰতবৰ্ষৰ অন্যতম গুৰুত্বপূৰ্ণ শস্য। ভাৰতবৰ্ষ কপাহৰ আদি জন্মভূমি। ইয়াৰ গুৰুত্ব এই কথাৰ পৰা বুজিব পাৰি যে ই হাজাৰ হাজাৰ লোকক নিয়োগৰ সুবিধা প্ৰদান কৰিছে। কপাহ খেতি আমাৰ দেশৰ অন্যতম মুখ্য কৃষিভিত্তিক উদ্যোগ। কপাহজাত সামগ্ৰীৰ ৰপ্তানি আৰু কেঁচা কপাহে আমাৰ দেশলৈ বিপুল পৰিমাণৰ বিদেশী মুদ্ৰা কঢ়িয়াই আনে।
ইয়াৰ বৃদ্ধিৰ বাবে প্ৰয়োজনীয় ভৌগোলিক অৱস্থাসমূহ:
(i) বাৰ্ষিক বৰষুণৰ পৰিমাণ ৬৫ ছে.মি.ৰ পৰা ১১৫ ছে.মি.ৰ ভিতৰত হোৱা উচিত।
(ii) বৰফহীন ১৯০–২১০ দিনজোৰা সময়।
(iii) সঠিকভাৱে সু-নলাৰে পৰিৱেষ্টিত বালিচহীয়া আৰু ক’লা মাটিৰে গঠিত উচ্চ ভূমি।
(iv) কপাহ খেতিৰ বাবে অধিক উষ্ণতা উপযোগী।
ভৌগোলিক বিতৰণ:
বিশ্বৰ প্ৰধান কপাহ উৎপাদনকাৰী দেশসমূহ হৈছে: আমেৰিকা যুক্তৰাষ্ট্ৰ, চীনদেশ, পাকিস্তান, ৰাছিয়া, ইজিপ্ত, ভাৰতবৰ্ষ, আৰু ব্ৰাজিল। আমেৰিকা যুক্তৰাষ্ট্ৰত মুখ্যতঃ মিচিচিপি আৰু টেনেচি উপত্যকাত কপাহ উৎপাদন হয়। ইজিপ্তৰ নীল উপত্যকা আৰু চীনৰ উত্তৰ অঞ্চলৰ হোৱাংহো আৰু ইয়াংচে উপত্যকা কপাহ উৎপাদনৰ বাবে জনাজাত। ভাৰতৰ দাক্ষিণাত্য মালভূমি আৰু মেঘালয় মালভূমি কপাহ উৎপাদনৰ বাবে উপযোগী। আমেৰিকা যুক্তৰাষ্ট্ৰ, চীনদেশ, আৰু ভাৰত বিশ্বৰ শীৰ্ষস্থানীয় কপাহ উৎপাদনকাৰী ৰাষ্ট্ৰ।
১২। চাহ খেতিৰ বাবে কেনেধৰণৰ পৰিৱেশৰ প্রয়োজন? এই খেতিৰ ভৌগোলিক বিতৰণৰ এটি আভাস দিয়া।
উত্তৰঃ চাহ হৈছে ভাৰতবৰ্ষৰ পানীয় শস্যসমূহৰ ভিতৰত শীৰ্ষস্থানত অৱস্থিত। আমাৰ দেশত ইয়াৰ প্ৰয়োজনীয়তা এই কথাৰ পৰা বুজা যায় যে, ই হাজাৰ হাজাৰ মানুহক নিয়োগৰ সুবিধা প্ৰদান কৰাৰ লগতে বিদেশী মুদ্ৰা আহৰণৰো এক সুন্দৰ উৎস।
ইয়াৰ বাবে প্ৰয়োজনীয় ভৌগোলিক অৱস্থাসমূহ:
(i) ভালদৰে জল-নিষ্কাশন ব্যৱস্থা থকা সাৰুৱা ৰঙা মাটি।
(ii) গোটেই বছৰ জুৰি উষ্ণ আৰু আৰ্দ্ৰ জলবায়ু।
(iii) ই মূলধন ব্যয়ী আৰু প্ৰযুক্তি-নিৰ্ভৰ ৰোপণ কৃষি।
ভৌগোলিক বিতৰণ:
এছিয়া মহাদেশৰ মৌচুমী জলবায়ু বিৰাজ কৰা অঞ্চলসমূহ, যেনে: চীন, ভাৰত, শ্ৰীলংকা, ইণ্ডোনেছিয়া, আৰু জাপানৰ প্ৰধান ৰোপণ কৃষি হৈছে চাহ খেতি। কিছুমান আফ্ৰিকীয় দেশ, যেনে: কেনিয়া, উগাণ্ডা, মোজাম্বিক আদিতো চাহ উৎপাদন আৰম্ভ কৰা হৈছে। ভাৰতবৰ্ষ চাহ উৎপাদনত বিশ্বৰ প্ৰথম স্থানৰ দেশ, আৰু ইয়াৰ পিছতে আছে চীন।
ভাৰতবৰ্ষত চাহ উৎপাদনৰ প্ৰধান অঞ্চলসমূহ:
(i) অসমৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকা।
(ii) দাৰ্জিলিঙৰ পাহাৰীয়া অঞ্চল আৰু পশ্চিমবংগৰ কিছু এলেকা।
(iii) কেৰালাৰ পাহাৰীয়া অঞ্চলসমূহ।
১৩। তলত দিয়াকেইটা শুদ্ধকৈ মিলোৱা:
ক অংশ | খ অংশ |
|---|---|
(i) চাহ | বিস্তৃত কৃষিৰ পৰিচালন কৰা হয় |
(ii) কম জনসংখ্যাৰ দেশসমূহ | অধিক ৰোপণ শস্য |
(iii) ঘন জনবসতিপূৰ্ণ দেশসমূহ | অধিক বাণিজ্যিক শস্য |
(iv) ঠাই সলনি খেতি | অতি বেছি উৎপাদনক্ষম |
(v) কুঁহিয়াৰ | মৌচুমী জলবায়ু অঞ্চলৰ অধিক প্ৰধান শস্য |
(vi) কপাহ খেতি | অধিক আঞ্চলিক শস্য |
(vii) কপাহ | গহন কৃষিৰ পৰিচালন কৰা হয় |
(viii) বাণিজ্যিক খেতি | নিম্ন উৎপাদনক্ষম |
উত্তৰঃ
ক অংশ | খ অংশ |
|---|---|
(i)চাহ | অধিক যোগপত শস্য |
(ii)কম জনসংখ্যাৰ দেশসমূহ | বিস্তৃত কৃষিভূমি পৰিচালন কৰা হয় |
(iii)ঘন জনবসতিপূৰ্ণ দেশসমূহ | গহন কৃষিৰ পৰিচালন কৰা হয় |
(iv)ঠাই সলনি খেতি | নিম্ন উৎপাদনক্ষম |
(v)কুইহিয়াৰ | অধিক বাণিজ্যিক শস্য |
(vi)কপাহ খেতি | মৰুচ্ছায়ী জলবায়ু অঞ্চলৰ অধিক প্ৰধান শস্য |
(vii)কপাহ | অধিক আৰ্হ্জাতিক শস্য |
(viii)বাণিজ্যিক কৃষি | অধিক উৎপাদনক্ষম |
১৪। বিভিন্ন প্ৰকাৰৰ কৃষি যেনে- স্থায়ী কৃষি, ৰোপণ কৃষি, উদ্যান শস্যৰ কৃষি আৰু বজাৰমুখী কৃষিৰ প্ৰধান শস্যসমূহৰ নাম উল্লেখ কৰা। কোনটো কালত এই শস্যসমূহৰ খেতি কৰা হয়? কেনে প্ৰকাৰৰ ভৌগোলিক অবস্থা এনে ধৰণৰ কৃষিৰ বাবে প্রয়োজনীয় এটা তুলনামূলক আলোচনা আগবঢ়োৱা।
উত্তৰঃ বিভিন্ন কৃষি পদ্ধতিৰ মুখ্য শস্যসমূহ হ’ল:
(i) স্থায়ী কৃষিঃ ধান (শালি/আহু), ঘেঁহু, মাকৈ (ভুট্টা), আলু (আলুগুটি), কুঁহিয়াৰ, তেল উৎপাদনকাৰী শস্য, সেউজীয়া শাক-পাচলি, আৰু ফল-মূল ইত্যাদি।
(ii) ৰোপণ কৃষিঃ কুঁহিয়াৰ, কপাহ, মৰাপাট, চাহ, কফি, ক’ক’ (চকলেট) ইত্যাদি।
(iii) উদ্যান শস্য: আলু, বিলাহী (টেমেটা), বন্ধাকবি, বীট, মাহজাতীয় শস্য (দাইল), ফুলকবি, গাজৰ, আপেল, কমলা, আঙুৰ, তৰমুজ, আৰু নাচপতি ইত্যাদি।
(iv) বজাৰমুখী কৃষিঃ ফল-মূল আৰু বিভিন্ন ধৰণৰ শাক-পাচলি।
শস্যৰ ঋতু: ভাৰতবৰ্ষত শস্য উৎপাদনৰ সময়সীমা প্ৰধানতঃ দুটা কালত বিভক্ত, যেনে- খাৰিফ আৰু ৰবি।
- খাৰিফ শস্যসমূহ: যেনে- ধান, বজৰা, মাকৈ, বাদাম, মৰাপাট, কপাহ, মাহজাতীয় শস্য আৰু বহুতো শাক-পাচলিৰ কৃষি কাৰ্য সাধাৰণতে জুন আৰু জুলাই মাহত আৰম্ভ হয় আৰু বৰ্ষাকালৰ সামৰণিৰ লগে লগে চপোৱা হয়।
- ৰবি শস্যসমূহ: মুখ্য ৰবি শস্য যেনে- ঘেঁহু, বুটমাহ, তৈলবীজ আদিৰ খেতি অক্টোবৰ-নৱেম্বৰ মাহত কৰা হয় আৰু বসন্তকালৰ শেষৰ ভাগত (এপ্ৰিল-মে’ মাহত) চপোৱা হয়।
- শাক-পাচলি আৰু ফল-মূলৰ খেতি এই দুয়োটা ঋতুতেই সুবিধা অনুযায়ী কৰা হয়।
নৱম শ্ৰেণী ভূগোল অধ্যায় ৭ – সঘনাই সোধা প্ৰশ্ন
Get Free NCERT PDFs
If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group:



