Class 9 Science Chapter 1 Solution – আমাৰ চাৰিওকাষৰ বস্তুবোৰ | SEBA Assam

    নৱম শ্ৰেণী বিজ্ঞান অধ্যায় ১ – আমাৰ চাৰিওকাষৰ বস্তুবোৰ – সম্পূৰ্ণ পাঠ্যভিত্তিক সমাধান | ASSEB Assam (Assamese Medium)

    নৱম শ্ৰেণী বিজ্ঞান অধ্যায় ১ – আমাৰ চাৰিওকাষৰ বস্তুবোৰ সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ আৰু সমাধান (ASSEB / SEBA Assam – Assamese Medium)

    নৱম শ্ৰেণীৰ বিজ্ঞান (Science) পাঠ্যক্ৰমৰ প্ৰথম অধ্যায় ‘আমাৰ চাৰিওকাষৰ বস্তুবোৰ’ (Matter in Our Surroundings) ৰসায়ন বিজ্ঞানৰ এক অতি গুৰুত্বপূৰ্ণ পাঠ। আগন্তুক পৰীক্ষাৰ বাবে নতুন ASSEB (Assam State School Education Board) পাঠ্যক্ৰম আৰু নৱ্য শিক্ষা নীতিৰ (NEP) শেহতীয়া নিৰ্দেশনাৰ আধাৰত এই অধ্যায়ৰ সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ (Class 9 Science Chapter 1 Textual Question Answer) প্ৰস্তুত কৰা হৈছে। এই বিশেষ সংকলনটিত পাঠভিত্তিক অতি চমু প্ৰশ্ন (VSA), চমু প্ৰশ্ন (Short Questions), দীঘলীয়া প্ৰশ্ন (Long Answers), আৰু গাণিতিক তথা ধাৰণাগত পুংখানুপুংখ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে। অস্পীন একেডেমী (Ospin Academy) ত এই সমাধানসমূহ সহজ, নিৰ্ভুল আৰু সম্পূৰ্ণ পৰীক্ষামুখীভাৱে উপলব্ধ কৰোৱা হৈছে।

    ‘আমাৰ চাৰিওকাষৰ বস্তুবোৰ’ নামৰ এই পাঠটিত পদাৰ্থৰ ভৌতিক স্বভাৱ, পদাৰ্থৰ কণিকাবোৰৰ বৈশিষ্ট্য, পদাৰ্থৰ অৱস্থাসমূহ (কঠিন, জুলীয়া আৰু গেছীয়) আৰু বাষ্পীভৱনৰ বিষয়ে সুন্দৰভাৱে আলোচনা কৰা হৈছে। ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এই পাঠৰ মূল ধাৰণাসমূহ বুজি পোৱাটো অতি প্ৰয়োজনীয়। আমাৰ এই পাঠ্যভিত্তিক সমাধানত (Textual Solutions) কেৱল পাঠ্যপুথিৰ অনুশীলনীৰ প্ৰশ্নসমূহেই নহয়, বৰঞ্চ পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন-উত্তৰসমূহো সামৰি লোৱা হৈছে যাতে ছাত্ৰ-ছাত্ৰীসকলে সুন্দৰভাৱে প্ৰস্তুতি চলাব পাৰে।

    অধিক বিনামূলীয়া Notes আৰু PDFৰ বাবে আমাৰ App টো ডাউনলোড কৰক:
    Download EduAssam Solution App Click Here to Get Free Notes & Previous Papers

    এই পাঠ্যভিত্তিক সমাধানৰ পৰা আপুনি কি কি শিকিব আৰু পাব:

    • পদাৰ্থৰ ভৌতিক স্বভাৱ আৰু ইয়াৰ কণিকাসমূহৰ বৈশিষ্ট্যৰ বিস্তৃত পৰিচয় আৰু বিশ্লেষণ।
    • কঠিন, জুলীয়া আৰু গেছীয় অৱস্থাৰ পাৰ্থক্য, ১ নম্বৰৰ অতি চমু (VSA objective type) আৰু ২-৩ নম্বৰৰ চমু প্ৰশ্নৰ নিৰ্দোষ উত্তৰ।
    • বাষ্পীভৱন আৰু ইয়াৰ প্ৰভাৱত হোৱা শীতলীকৰণৰ লগতে ৪-৫ নম্বৰৰ দীঘলীয়া প্ৰশ্নৰ সহজ তথা মান্য সমাধান।
    • তাপমাত্ৰাৰ এককৰ পৰিৱৰ্তন (যেনে কেলভিনৰ পৰা চেলছিয়াছলৈ) আৰু ঘনত্ব সম্পৰ্কীয় প্ৰশ্নৰ সঠিক জ্ঞান।
    • নতুন পাঠ্যক্ৰমৰ আৰ্হি অনুসৰি গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহৰ লগতে শেহতীয়া আৰ্হিৰ MCQ প্ৰশ্নৰ সমাধান।

    অস্পীন একেডেমীৰ এই প্ৰশ্নোত্তৰসমূহৰ বিশেষ সুবিধা:

    • শেহতীয়া ASSEB নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা সম্পূৰ্ণ পাঠ্যভিত্তিক সমাধান।
    • ১০০% নিৰ্ভুল আৰু ছাত্ৰ-ছাত্ৰীয়ে মুখস্থ কৰিবলৈ সহজ হোৱাকৈ সৰল অসমীয়া ভাষাত লিখা উন্নত মানৰ নোটছ (Class 9 Science Assamese Notes)।
    • পৰীক্ষাৰ পূৰ্বে দ্ৰুত ৰিভিজনৰ (Quick Revision) বাবে বিশেষভাৱে যুগুতোৱা সহজ-সৰল উত্তৰ।
    • আমাৰ চাৰিওকাষৰ বস্তুবোৰ পাঠৰ পৰা পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্নৰ বিশেষ সংকলন।

    ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি অস্পীন একেডেমীয়ে এই বিশেষ পাঠ্যভিত্তিক সমাধান আগবঢ়াইছে। আপোনাৰ পৰীক্ষাৰ প্ৰস্তুতি এতিয়াই আৰম্ভ কৰক আৰু বিজ্ঞান বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰাৰ দিশত আগবাঢ়ক।

    Vibrant Note Box
    Buy Printable PDF
    Class 9 Science (বিজ্ঞান) PDF Solutions 2026-27 | SEBA Assam
    Class 9 Science (বিজ্ঞান) PDF Solutions 2026-27 | SEBA Assam
    Original price was: ₹199.00.Current price is: ₹39.00.

    Download Class 9 Science (বিজ্ঞান) PDF with MCQs, textbook solutions, and additional practice questions for SEBA Assam 2025-26.

    Vibrant Note Box
    Chapter 1 – “আমাৰ চাৰিওকাষৰ বস্তুবোৰ”

    আমাৰ চাৰিওফালৰ বস্তুবোৰ

    অনুশীলনী

    1. তলৰ উষ্ণতাবিলাক ছেলছিয়াছত প্ৰকাশ কৰা

    (a) 293 K (bb) 470 K

    টোকাঃ ( আমি জানো যে, উষ্ণতাৰ SI একক হৈছে, কেলভিন (K)। 0° C = 273.16 K, সুবিধাৰ হেতু 0°C = 273 K বুলি ধৰা হয়। কেলভিন স্কেলৰ পৰা ছেলছিয়াছ স্কেললৈ নিবলৈ, কেলভিন স্কেলৰ উষ্ণতাৰ পৰা 273 বিয়োগ কৰিব লাগে । সেইদৰে , ছেলছিয়াছৰ পৰা কেলভিনলৈ নিবলৈ 273 যোগ দিব লাগে

    উত্তৰঃ
    (a) ( 293 – 273 ) K = 20°C
    (b) ( 470 – 273 ) K = 197°C

    2. তলৰ উষ্ণতাবিলাক কেলভিনত প্ৰকাশ কৰা-

    (a)25°C (ii) 373°C

    উত্তৰঃ

    (a) 25 + 273 = 298 K
    (b) 373 + 273 = 646 K

    3. কাৰণ দৰ্শোৱা-

    (a) খোলা ঠাইত নেফথেলিন বল কেইদিনমান থৈ দিলে নাইকিয়া হয় ।

    উত্তৰ: নেফথেলিন বল উৰ্ধপাতনৰ পৰিঘটনা দেখুৱাই । ইহঁতে গোটা অৱস্তাৰ পৰা তৰল অৱস্তাৰ মাজেৰে অতিক্ৰম নকৰাকৈ পোনপটীয়াভাৱে গেছিয় অৱস্তালৈ পৰিৱৰ্তিতহয় ।

    (b) দূৰৰ পৰাই আতৰৰ গোন্ধ পাওঁ ।

    উত্তৰ: বায়ুৰ কণিকাবোৰৰ সৈতে আতৰৰ কণিকাবোৰৰ ব্যপন হয় আৰু সকলো দিশে দ্ৰুতভাৱে গতি কৰে সেয়ে আমি দূৰৰ পৰাই আতৰৰ গোন্ধ পাওঁ ।

    4. কণিকাবোৰৰ মাজৰ আকৰ্ষণ বলৰ উৰ্দ্ধক্ৰমত সজোৱা- পানী, চেনি আৰু অক্সিজেন ।

    উত্তৰঃ অক্সিজেন < পানী < চেনি ।

    5. তলৰ উষ্ণতাত পানীৰ ভৌতিক অৱস্হা কি ?

    (a) 25°C

    (b) 0°C

    (c) 100°C

    উত্তৰঃ (a) জুলীয়া

    (b) গোটা

    (c) গেছীয়

    6. যুক্তি দৰ্শাই ব্যাখ্যা কৰা-

    (a) সাধাৰণ উষ্ণতাত পানী জুলীয়া ।

    উত্তৰঃ সাধাৰণ উষ্ণতাত পানী জুলীয়া কাৰণ

    (i) ইয়াৰ নিৰ্দিষ্ট আকৃতি নাথাকে কিন্ত নিৰ্দিষ্ট আয়তন থাকে । ইয়াক যি পাত্ৰত ৰখা হয়, সেই পাত্ৰৰে আকৃতি লয় ।

    (ii) ই প্ৰবাহিত হ’ব পাৰে । সেয়ে ইয়াক প্ৰবাহী বুলি কোৱা হয় ।

    (b) সাধাৰণ উষ্ণতাত লোৰ আলমাৰিটো কঠিন ।

    উত্তৰঃ সাধাৰণ উষ্ণতাত লোৰ আলমাৰিটো কঠিন কাৰণ

    (i) ইয়াৰ নিৰ্দিষ্ট আকৃতি আৰু নিৰ্দিষ্ট আয়তন আছে ।

    (ii) ই দৃঢ় আৰু ইয়াক সহজে সংকোচিত কৰিব নোৱাৰি ।

    7. 273 K উষ্ণতাত থকা বৰফে একে উষ্ণতাত থকা পানীতকৈ বেছি ঠাণ্ডা কৰে কিয় ?

    উত্তৰঃ গলনৰ লীন তাপৰ বাবে 273 K উষ্ণতাত থকা বৰফৰ একে উষ্ণতাত থকা পানীতকৈ কম পৰিমাণৰ তাপ থাকে । 273 K উষ্ণতাত থকা 1kg বৰফ গলিবলৈ 3.35 × 105 জুল তাপ শক্তি লাগে, যিখিনি তাপ পদাৰ্থৰ পৰা শোষণ কৰা হয় । ফলস্বৰূপে, পদাৰ্থটোৱে তাপ শক্তি হেৰুৱাই । গতিকে, 273 K উষ্ণতাত থকা বৰফে একে উষ্ণতাত থকা পানীতকৈ বেছি ঠাণ্ডা কৰে ।

    8. উতলা পানী আৰু পানীৰ ভাপৰ কোনটোৱে বেছিকৈ পুৰিব ?

    উত্তৰঃ লীন তাপৰ বাবে 100°C উষ্ণতাত থকা পানীৰ ভাপৰ 100°C উষ্ণতাত থকা উতলা পানীতকৈ অধিক পৰিমাণৰ তাপ থাকে আৰু ছালৰ সংস্পৰ্শত অধিক পৰিমাণৰ তাপ নিৰ্গত কৰে । গতিকে, 100°C উষ্ণতাত থকা পানীৰ ভাপে 100°C উষ্ণতাত থকা উতলা পানীতকৈ বেছিকৈ পুৰিব ।

    9. অৱস্তাৰ পৰিৱৰ্তন দেখুৱাই তলৰ চিত্ৰত A,B, C, D, E আৰু F ৰ নাম দিয়া ।

    উত্তৰঃ A – বিগলণ

    B – বাষ্পীভৱন

    C – ঘনীভৱন

    D – গোটাকৰণ

    E – উৰ্ধপাতন

    F – উৰ্ধপাতন

    অতিৰিক্ত প্ৰশ্নাৱলী

    1. আয়তনৰ এছ আই একক কি ?

    উত্তৰঃ আয়তনৰ এছ আই একক হ’ল- ঘন মিটাৰ (m3)।

    2. LPG ৰ সম্পূৰ্ণ নামটো কি ?

    উত্তৰঃ LPG ৰ সম্পূৰ্ণ ৰূপটো হ’ল- Liquefied Petroleum Gas । ইয়াৰ অৰ্থ হৈছে তৰলীকৃত পেট্ৰ’লিয়াম গেছ ।

    3. CNG ৰ নামটো কি ?

    উত্তৰঃ Compressed Natural Gas ।ইয়াৰ অৰ্থ হৈছে সংকোচিত প্ৰাকৃতিক গেছ।

    4. বৰফৰ গলানাংক কিমান ?

    উত্তৰঃ বৰফৰ গলানাংক হ’ল- 273.16 K ।

    5. উষ্ণতাৰ এছ আই একক কি ?

    উত্তৰঃ উষ্ণতাৰ এছ আই একক হ’ল- কেলভিন ।

    6. পৃষ্ঠীয় প্ৰক্ৰিয়াৰ এটা উদাহৰণ দিয়া ?

    উত্তৰঃ পৃষ্ঠীয় প্ৰক্ৰিয়াৰ এটা উদাহৰণ হ’ল- বাষ্পীভৱন ।

    7. সমুদায় পৰিঘটনাৰ এটা উদাহৰণ দিয়া ?

    উত্তৰঃ সমুদায় পৰিঘটনাৰ এটা উদাহৰণ হ’ল- উতলন ।

    8. ছাপৰ একক কি ?

    উত্তৰঃ ছাপৰ একক হ’ল- পাস্কেল (pa) ।

    9. গেছে প্ৰয়োগ কৰা চাপ জোখাৰ এককটাৰ নাম কি ?

    উত্তৰঃ গেছে প্ৰয়োগ কৰা চাপ জোখাৰ এককটাৰ নাম হ’ল- এটমছফিয়াৰ (atm) ।

    10. পদাৰ্থ কি ?

    উত্তৰঃ ভৰ আৰু আয়তন দুয়োটাই থকা কোনো বস্তুৰ উপাদানক পদাৰ্থ বোলা হয় ।

    11. ব্যাপন কি ?

    উত্তৰঃ দুটা ভিন্ন প্ৰকাৰৰ পদাৰ্থৰ কণিকাবোৰ পৰস্পৰ মিহলি হোৱা প্ৰক্ৰিয়াকে ব্যাপন বুলি কোৱা বয় ।

    12. আন্তঃআণৱিক বল বুলিলে কি বুজা ?

    উত্তৰঃ পদাৰ্থৰ কণিকাবোৰক বান্ধ খুৱাই ৰখা আকৰ্ষণ বলক আন্তঃআণৱিক বল বুলি কোৱা হয় ।

    13. আন্তঃআণৱিক ব্যৱধান বুলিলে কি বুজা ?

    উত্তৰঃ পদাৰ্থৰ কণিকাবোৰৰ মাজৰ ব্যৱধানক আন্তঃআণৱিক ব্যৱধান বুলি কোৱা হয় ।

    14. অৱস্তাৰ পৰিৱৰ্তন বুলিলে কি বুজা ?

    উত্তৰঃ পদাৰ্থ তিনিটা অৱস্তাত থাকিব পাৰে- কঠিন, জুলীয়া আৰু গেছীয় । পদাৰ্থৰ কোনো অৱস্তাক প্ৰমাণ বায়ুমণ্ডলীয় চাপত তাপ প্ৰয়োগ কৰি বা শীতলীকৰণ কৰি অন্য এক অৱস্তালৈ পৰিৱৰ্তন কৰিব পাৰি ।

    15. বিগলন বুলিলে কি বুজা ?

    উত্তৰঃ কিছুমাণ গোটা পদাৰ্থত তাপ প্ৰয়োগ কৰিলে তৰল অৱস্তালৈ ৰুপান্তৰিত হয় । এই প্ৰক্ৰিয়াকে বিগলন বুলি কোৱা হয় ।

    16. উতলাংক বুলিলে কি বুজা ?

    উত্তৰঃ এক বায়ুমণ্ডলীয় চাপত যি উষ্ণতাত কঠিন পদাৰ্থ গলি জুলীয়াপ্ৰাপ্ত হয় সেই উষ্ণতাকে শংশ্লিষ্ট পদাৰ্থটোৰ গলনাংক বুলি কোৱা হয় ।

    17. বিগলনৰ লীন তাপৰ সংজ্ঞা লিখা ।

    উত্তৰঃ এক বায়ুমণ্ডলীয় চাপ আৰু গলনাংক উষ্ণতাত 1kg কঠিন পদাৰ্থ জুলীয়া অৱস্তালৈ ৰুপান্তৰিত কৰিবৰ বাবে প্ৰয়াজন হোৱা তাপৰ পৰিমাণক বিগলনৰ লীন তাপ বোলা হয় ।

    18. বাষ্পায়ন বুলিলে কি বুজা ?

    উত্তৰঃ তৰল অৱস্তাৰ পৰা বাষ্প অৱস্তালৈ হোৱা পৰিৱৰ্তনক বাষ্পায়ন বুলি কোৱা হয় ।

    19. উতলাংকৰ সংজ্ঞা লিখা ।

    উত্তৰঃ বায়ুমণ্ডলীয় চাপৰ যি উষ্ণতাত জুলীয়া পদাৰ্থ উতলিবলৈ আৰম্ভ কৰে তাকে উতলাংক বোলে ।

    20. বাষ্পীভৱনৰ লীন তাপৰ সংজ্ঞা লিখা ।

    উত্তৰঃ এক বায়ুমণ্ডলীয় চাপ আৰু গলনাংক উষ্ণতাত একক ভৰৰ তৰল বাষ্পলৈ ৰুপান্তৰিত কৰিবলৈ প্ৰয়োজন হোৱা তাপৰ পৰিমাণক বাষ্পীভৱনৰ লীন তাপ বুলি কোৱা হয় ।

    21. উৰ্ধপাতনৰ সংজ্ঞা লিখা ।

    উত্তৰঃ জুলীয়া অৱস্তালৈ ৰুপান্তৰিত নোহোৱাকৈ কঠিনৰ পৰা পোনপটীয়াকৈ গেছীয় অৱস্তালৈ হোৱা পৰিৰ্ৱৰ্তন বা গেছীয়ৰ পৰা কঠিন হোৱা প্ৰক্ৰিয়াক উৰ্ধপাতন বুলি কোৱা হয় ।

    22. বায়ুমণ্ডলীয় চাপ কি ?

    উত্তৰঃ পৃথিৱীৰ বায়ুমণ্ডলত বায়ুৰ ওজনে প্ৰয়োগ কৰা চাপক বায়ুমণ্ডলীয় চাপ বুলি কোৱা হয় ।

    23. প্ৰমাণ বায়ুমণ্ডলীয় চাপৰ সংজ্ঞা লিখা ।

    উত্তৰঃ 0°C উষ্ণতাত আৰু 45° অক্ষাংশত সাগৰ পৃষ্ঠৰ 1 বৰ্গ ছেঃমিঃ ক্ষেত্ৰফলৰ

    ওপৰত প্ৰয়োগ কৰা বায়ুৰ চাপক 1বায়ুমণ্ডলীয় চাপ বুলি কোৱা হয় ।এই

    চাপত বেৰ’মিটাৰৰ পাৰাস্তম্ভ উচ্চতা হৈছে 76 ছেঃমিঃ বা 760 মিঃমিঃ ।এই

    চাপক প্ৰমাণ বায়ুমণ্ডলীয় চাপ বুলি কোৱা হয় ।

    1 atm = 1.01325 × 105 N/m2

    = 1.01325 × 105 Pa

    24. বাষ্পীভৱন কি ?

    উত্তৰঃ উতলাংক তলৰ কোনো উষ্ণতাত কোনো জুলীয়া পৰ্দাথ বাষ্পলৈ ৰুপান্তৰিত হোৱা পৰিঘটনাক বাষ্পীভৱন বুলি কোৱা হয় ।

    25. আৰ্দ্ৰতা কি ?

    উত্তৰঃ বায়ুত থকা জলীয় বাষ্পৰ পৰিমাণেই হৈছে আৰ্দ্ৰতা ।

    26. পদাৰ্থৰ ভৌতিক প্ৰকৃতি কেনেকুৱা ?

    উত্তৰঃ অতি ক্ষুদ্ৰ ক্ষুদ্ৰ কণিকাৰে পদাৰ্থ গঠিত । এই কণিকাবোৰে নিৰৱচ্ছিন্নভাৱে গতি কৰি থাকে ।

    27. সংকুচিত প্ৰাকৃতিক গেছ (CNG) কি উদ্দেশ্যে ব্যৱহাৰ কৰা হয় ?

    উত্তৰঃ যান – বাহন ইন্ধন হিচাপে সংকুচিত প্ৰাকৃতিক গেছ ব্যৱহাৰ কৰা হয় ।

    28. এছ আই এককত পানীৰ উতলাংক কিলান ?

    উত্তৰঃ বায়ুমণ্ডলীয় চাপৰ অধীনত পানীৰ উতলাংক 373 K ।

    29. খালী ঠাই পূৰ কৰা ।

    (i) ব্যাপনৰ হাৰ__________ত আতাইতকৈ খৰতকীয় ।

    উত্তৰঃ গেছ ।

    (ii) বায়ুৰ চাপ হ্ৰাস পালে জুলীয়া পদাৰ্থৰ উতলাংক___________ ।

    উত্তৰঃ হ্ৰাস পায় ।

    (iii) ছেলছিয়াছ স্কেলত 400 K উষ্ণতাক___________বুলি লিখা হয় ।

    উত্তৰঃ 127 °C ।

    (iv) বাষ্প পনীলৈ ঘনীভূত হ’লে___________ ।

    উত্তৰঃ তাপ নিৰ্গত হয় ।

    (v) গেছতকৈ তৰল পদাৰ্থৰ ঘনত্ব ___________।

    উত্তৰঃ অধিক ।

    Class 9 Science NCERT Textbook – Page 3

    1. তলৰ কোনবোৰ পদাৰ্থ ?

    চকী, বায়ু, প্ৰেম, গোন্ধ, ঘৃণা, বাদাম, চিন্তা, ঠাণ্ডা, ঠাণ্ডা-পানীয়, সুগন্ধি দ্ৰৱ্যৰ সুবাস ।

    উত্তৰঃ চকী, বায়ু, বাদাম, ঠাণ্ডা-পানীয় আদি পদাৰ্থ ।

    2. তলৰ পৰ্যবেক্ষণটোৰ কাৰণ দৰ্শোয়া ।

    উত্তপ্ত অৱস্তাত থকা বস্তুৰ গোন্ধ কেইবা মিটাৰ দূৰৰ পৰা পোয়া যায় ।কিন্ত ঠাণ্ডা বস্তুৰ গোন্ধ পাবলৈ ওচৰলৈ যাব লাগে ।

    উত্তৰঃ ব্যাপনশীল পদাৰ্থৰ উষ্ণতা বৃদ্ধিৰ লগে লগে ব্যাপনৰ হাৰ বৃদ্ধি পায় । গতিকে, উত্তপ্ত অৱস্তাত থকা বস্তুৰ পৰা নিৰ্গত উত্তপ্ত গেছৰ কণিকাবোৰৰ বায়ুৰ কণিকাবোৰৰ সৈতে অধিক দ্ৰুত হাৰত ব্যাপন ঘটে ।ফলত উত্তপ্ত অৱস্তাত থকা বস্তুৰ গোন্ধ কেইবা মিটাৰ দূৰৰ পৰা পোয়াযায় ।কিন্ত ঠাণ্ডা বস্তুৰ গোন্ধ পাবলৈ ওচৰলৈ যাব লাগে ।

    3. এজন ডুবাৰুৱে সাঁতোৰাৰ সময়ত পুখুৰীৰ পানী ফালি সোমাই যাব পাৰে । পদাৰ্থৰ কি ধৰ্মৰ ভিক্তিত এইটো সম্ভৱ ?

    উত্তৰঃ এটা পৰ্যবেক্ষণে উপস্তাপন কৰিছে যে পদাৰ্থৰ কণিকাবোৰে পৰস্পৰক আকৰ্ষণ কৰে ।অৱশ্যে এই ক্ষেত্ৰত পানীৰ কণিকাবোৰৰ আকৰ্ষণ বলৰ মান কম।গতিকে, এজন ডুবাৰুৱে সাঁতোৰাৰ সময়ত পুখুৰীৰ পানী ফালি সোমাই যাব পাৰে ।

    4. পদাৰ্থৰ কোনবোৰৰ বৈশিষ্ট্য বিলাক কি কি ?

    উত্তৰঃ পদাৰ্থৰ কোনবোৰৰ বৈশিষ্ট্য বিলাক হ’লঃ

    (i) পদাৰ্থৰ কণিকাবোৰৰ মাজত ব্যৱধান থাকে । এই ব্যৱধানক আন্তঃআণৱিক ব্যৱধান বুলি কোৱা হয় ।

    (ii) পদাৰ্থৰ কণিকাবোৰ অনবৰতে গতি কৰি থাকে । ফলস্বৰূপে, ইহতৰ গতি শক্তি থাকে ।

    (iii) আন্তঃআণৱিক বলৰ জৰিয়তে পদাৰ্থৰ কণিকাবোৰে পৰস্পৰক আকৰ্ষণ কৰে ।পদাৰ্থৰ প্ৰকাৰ সাপেক্ষে আকৰ্ষণ বল ভিন্ন হয় ।

    Class 9 Science NCERT Textbook – Page 6

    1. পদাৰ্থৰ প্ৰতি একক আয়তনৰ ভৰৰ পৰিমাণকে ঘনত্ব বোলে ।

     তলৰ পদাৰ্থবোৰ ঘনত্বৰ উৰ্দ্ধক্ৰমত সজোয়া –

    বায়ু, চিমনিৰ পৰা ওলোয়া ধোঁৱা, মৌ, পানী, চকমাটী, কপাহ, লো।

    উত্তৰঃ চিমনিৰ পৰা ওলোয়া ধোঁৱা, বায়ু, কপাহ, পানী, মৌ, চকমাটী,লো।

    2. (a) পদাৰ্থৰ বিভিন্ন অৱস্তাৰ বৈশিষ্ট্যবোৰৰ পাৰ্থক্য দেখুৱাই এখন তালিকা কৰা ।

    (b) তলৰ বিষয় বিলাকৰ ওপৰত মন্তব্য দিয়া –

    দৃঢ়তা (rigidity), সংকোচনশীলতা (compressibility), প্ৰবাহীতা (fluidity), আকাৰ (shape),গতিশক্তি (kinetic energy), ঘনত্ব (denssity) ।

    উত্তৰঃ (a) পদাৰ্থৰ বিভিন্ন অৱস্তাৰ বৈশিষ্ট্যবোৰৰ পাৰ্থক্যঃ

    ক্ৰমিক নং

    কঠিন

    তৰল

    গেছ

    (i)

    কঠিন পদাৰ্থৰ নিৰ্দিষ্ট আকৃতি আৰু আয়তন থাকে ।

    তৰল পদাৰ্থৰ নিৰ্দিষ্ট আয়তন থাকে, কিন্ত নিৰ্দিষ্ট আকৃতি নাথাকে ।

    গেছ বিলাকৰ নিৰ্দিষ্ট আয়তন নতুবা নিৰ্দিষ্ট আকৃতি নাথাকে ।

    (ii)

    কঠিন পদাৰ্থৰ সংকোচনশীলতাৰ মাত্ৰা নগণ্য ।

    তৰল পদাৰ্থক কিছু পৰিমাণে সংকোচিত কৰিব পাৰি । অৱশ্যে ইহঁত, কঠিন পদাৰ্থতকৈ অধিক সংকোচনশীল ।

    কঠিন আৰু তৰল পদাৰ্থৰ তুলনাত গেছবিলাক অতিশয় সংকোচনশীল।

    (iii)

    কঠিন পদাৰ্থবিলাক অতিশয় দৃঢ় কাৰণ কঠিন পদাৰ্থৰ কণিকাবোৰ নিকটভাৱে সংলগ্ন আৰু কণিকাবোৰৰ মাজত ব্যৱধান অতি কম ।

    তৰল পদাৰ্থক যি পাত্ৰত ৰখা হয় সেই পাত্ৰৰে আকৃতি লয় সেয়ে ইহঁতক প্ৰবাহী বুলি কোৱা হয় ।

    গেছসমূহ মুঠেই দৃঢ় নহয়।

    (iv)

    কঠিন পদাৰ্থৰ কণিকাবোৰৰ গতি শক্তি কম ।

    তৰল পদাৰ্থৰ কণিকাবোৰৰ গতি শক্তি কঠিন পদাৰ্থৰ কণিকাবোৰৰ গতি শক্তিতকৈ অধিক ।

    গেছীয় পদাৰ্থৰ কণিকাবোৰৰ গতি শক্তি সৰ্বাধিক ।

    (v)

    কঠিন পদাৰ্থৰ ঘনত্ব অধিক ।

    তৰল পদাৰ্থৰ ঘনত্ব কঠিন পদাৰ্থৰ ঘনত্বতকৈ কম ।

    গেছীয় পদাৰ্থৰ ঘনত্ব কঠিন আৰু তৰল পদাৰ্থৰ ঘনত্বতকৈ কম।

    (vi)

    কঠিন পদাৰ্থৰ কণিকাবোৰৰ মাজৰ আন্তঃআণৱিক ব্যৱধান কম।

    তৰল পদাৰ্থৰ কণিকাবোৰৰ মাজৰ আন্তঃআণৱিক ব্যৱধান কঠিন পদাৰ্থতকৈ অধিক ।

    গেছীয় পদাৰ্থৰ কণিকাবোৰৰ মাজৰ আন্তঃআণৱিক ব্যৱধান সৰ্বাধিক ।

    (vii)

    আন্তঃআণৱিক আকৰ্ষণ বল অতি শক্তিশালী ।

    আন্তঃআণৱিক আকৰ্ষণ বল কঠিন পদাৰ্থতকৈ নিশকতীয়া।

    আন্তঃআণৱিক আকৰ্ষণ বল ।

    (b)দৃঢ়তাঃ ব্যাহিক বল প্ৰয়োগ কৰাৰ ক্ষেত্ৰত পদাৰ্থৰ নিজস্ব আকৃতি অপৰিৱৰ্তিত ৰখাৰ প্ৰৱণতাকে দৃঢ়তা বোলা হয় । গোটা পদাৰ্থবিলাক অতিশয় দৃঢ় । তৰল পদাৰ্থ প্ৰবাহিত হয় আৰু আকৃতি পৰিৱৰ্তন কৰে । গেছ সমূহো অতি নিম্ন ঘনত্ববিশিষ্ট প্ৰবাহী ।

    সংকোচনশীলতাঃ ই হৈছে পদাৰ্থৰ এনে এক ধৰ্ম যাৰ জৰিয়তে ইয়াৰ ওপৰত চাপ হ্ৰাস বা বৃদ্ধি কৰি পদাৰ্থটোৰ আয়তন হ্ৰাস বা বৃদ্ধি কৰিব পাৰি । গোটা পদাৰ্থৰ সংকোচনশীলতা উপেক্ষণীয় । তৰল পদাৰ্থক সামাম্য পৰিমাণে সংকুচিত কৰিব পাৰি।আনহাতে গেছসমূহ অতিশয় সংকোচলশীল।

    প্ৰবাহীতাঃ ইয়াৰ অৰ্থ হৈচে প্ৰবাহৰ ধৰ্ম । কঠিন পদাৰ্থ প্ৰবাহী নহয়, কাৰণ ই প্ৰবাহীত হব নোৱাৰে । তৰল আৰু গেছসমূহ প্ৰবাহী ।

    আকাৰঃ আকৃতিয়ে সুনিৰ্দিষ্ট পৰিসীমা সূচায় । কঠিন পদাৰ্থৰ নিৰ্দিষ্ট আকৃতি থাকে কিন্ত তৰল আৰু গেছীয় পদাৰ্থৰ নিৰ্দিষ্ট আকৃতি নাথাকে ।

    গতিশক্তিঃ ই হৈছে পদাৰ্থৰ কণিকাবোৰে সিম্পন্ন কৰা গতিৰ বাবে কণিকাবোৰত নিহিত থকা শক্তি । কঠিন, তৰল আৰু গেছীয় পদাৰ্থবোৰৰ গতি শক্তিৰ মান ক্ৰমে কম, অধিক আৰু অত্যাধিক ।

    ঘনত্বঃ পদাৰ্থৰ প্ৰতি একক আয়তনৰ ভৰক ঘনত্ব বুলি কোৱা হয় । কঠিন, তৰল আৰু গেছীয় পদাৰ্থৰ ঘনত্ব ক্ৰমে অধিক, কম আৰু অতি কম ।

    3. কাৰণ দৰ্শোৱা-

    (a) কোনো এটা বন্ধ পাত্ৰত গেছ ৰাখিলে সেই গেছে পাত্ৰটোৰ সকলো অংশ অধিকাৰ কৰে ।

    (b) ধাৰক পাত্ৰৰ বেৰত গেছে চাপ দিয়ে ।

    (c) কাঠৰ টাবুল এখনত কঠিন পদাৰ্থ বুলিব পাৰি ।

    (d) বায়ুত আমাৰ হাতখন সহজে ঘূৰাব পাৰো কিন্ত কাঠ এডোখৰৰ মাজেৰে ঘূৰাবলৈ এজন কেৰাটে বিশেষজ্ঞৰ প্ৰয়োজন ।

    উত্তৰঃ (a) এটা গেছৰ কণিকাবোৰৰ মাজৰ আন্তঃআণৱিক ব্যৱধান অতি বৃহৎ আৰু কণিকাবোৰৰ মাজৰ আকৰ্ষণ বল উপেক্ষণীয় । গতিকে কণিকাবোৰে মুক্তভাৱে সকলো দিশতে উচ্চ বেগত যাদৃচ্ছিকভাৱে গতি সম্পন্ন কৰিব পাৰে। সেয়ে, গেছে পাত্ৰটোৰ সকলো অংশ অধিকাৰ কৰে ।

    (b) গেছীয় পদাৰ্থৰ কণিকাবোৰৰ গতি শক্তি অতি বেছি । গতিকে, কণিকাবোৰে সকলো দিশতে দ্ৰুত বেগেৰে যাদৃচ্ছিকভাৱে গতি সম্পন্ন কৰে । এনে কৰোঁতে পৰস্পৰৰ লগত আৰু পাত্ৰৰ বেৰৰ সৈতে সংঘৰ্ষত লিপ্ত হয় । যেনে, ধাৰক পাত্ৰৰ বেৰত সিহঁতে কিছু বল প্ৰয়োগ কৰে । ধাৰক পাত্ৰটোৰ প্ৰতি একক ক্ষেত্ৰফলত গেছৰ কণিকাবোৰে প্ৰয়োগ কৰা বলেই হৈছে গেছটোৱে প্ৰয়োগ কৰা চাপ ।

    (c) কাঠৰ টাবুলৰ নিৰ্দিষ্ট আকৃতি আৰু নিৰ্দিষ্ট আয়তন থাকে । ই বাহ্যিক বলৰ প্ৰভাৱৰ পৰা মুক্ত হৈ নিজস্ব আকৃতি অপৰিৱৰ্তিত ৰাখে । সেয়ে, কাঠৰ টাবুল এখনত কঠিন পদাৰ্থ বুলিব পাৰি ।

    (d) এটা গেছৰ কণিকাবোৰৰ মাজৰ আন্তঃআণৱিক ব্যৱধান অতি বৃহৎ আৰু কণিকাবোৰৰ মাজৰ আন্তঃআণৱিক আকৰ্ষণ বল উপেক্ষণীয় । সেয়ে আমি বায়ুত আমাৰ হাতখন সহজে ঘূৰাব পাৰোঁ । কিন্ত কাঠ এডোখৰৰ ক্ষেত্ৰত আন্তঃআণৱিক বল অতি বৃহৎ আৰু কাঠডোখৰৰ কণিকাবোৰ দৃঢ়ভাৱে বান্ধ খাই থাকে ।সিহঁতক আতঁৰ কৰিবলৈ বৃহৎ পৰিমাণৰ বলৰ প্ৰয়োজন হয় । সেয়ে একেটা কাম কাঠ ডোখৰৰ মাজেৰে কৰিবলৈ এজন কেৰাটে বিশেষজ্ঞৰ প্ৰয়োজন ।

    4. কঠিন পদাৰ্থন তুলনাত জুলীয়া পদাৰ্থৰ ঘনত্ব কম । কিন্ত দেখিছানে- বৰফ পানীত ওপঙে; কিয় বাৰু ?

    উত্তৰঃ পানী হিমীভূত হৈ বৰফ গঠন হওঁতে পানীৰ কণিকাবোৰৰ মাজত ব্যৱধান ৰৈ যায় । ইয়াৰ ফলত বৰফৰ ঘনত্ব (0-92 g cm-3) পানীৰ ঘনত্বতকৈ (1.0 g cm-3) কম হয় । যেনে, বৰফ পানীত ওপঙে ।

    Class 9 Science NCERT Textbook – Page 9

    1. তলত দিয়া উষ্ণতাবোৰ ছেলছিয়াছ স্কেলত প্ৰকাশ কৰা-

    (a) 300 K

    (b) 573 K

    উত্তৰঃ

    (a) 300 – 273 = 27°C

    (b) 573 – 273 = 300°C

    উত্তৰঃ

    2. তলৰ উষ্ণতাবিলাক পানীৰ ভৌতিক অৱস্তা কি হব ?

    (a) 250o C

    (b) 100o C

    উত্তৰঃ (a) গেছীয় অৱস্তা ।

    (b) বাষ্প অৱস্তা ।

    3. কোনো পদাৰ্থৰ ভৌতিক অৱস্তাৰ পৰিৱৰ্তনৰ সময়চোৱাত উষ্ণতা স্হিৰ হৈ থাকে কিয় ?

    উত্তৰঃ পদাৰ্থৰ অৱস্তাৰ পৰিৱৰ্তনকালত প্ৰয়োগ কৰা তাপ শক্তি, পদাৰ্থৰ কণিকাবোৰৰ মাজৰ আকৰ্ষণ বল অতিক্ৰম কৰাত ব্যৱহাৰ হয় । অৱস্তাৰ পৰিৱৰ্তনকালত কণিকাবোৰৰ গতি শক্তি বৃদ্ধি নাপায় । সেয়ে, পদাৰ্থৰ ভৌতিক অৱস্তাৰ পৰিৱৰ্তনৰ সময়চোৱাত উষ্ণতা স্হিৰ হৈ থাকে ।

    4. বায়ুমণ্ডলীয় গেছ জুলীয়া কৰিব পৰা পদ্ধতি এটা কোৱা ।

    উত্তৰঃ উচ্চ চাপ প্ৰয়োগ কৰি উষ্ণতা হ্ৰাস কৰি বায়ুমণ্ডলীয় গেছ জুলীয় কৰিব পাৰি ।

    Class 9 Science NCERT Textbook – Page 10

    1. Desert cooler এটা শুষ্ক গৰম দিনত ভালকৈ ঠাণ্ডা কৰে কিয়?

    উত্তৰঃ বাষ্পীভৱনে ঠাণ্ডা কৰে কাৰণ বাষ্পীভৱনৰ বাবে উচ্চ শক্তিসম্পন্ন কণিকাবোৰে তৰল পৃষ্ঠৰ পৰা গতি কৰে আৰু নিম্ন শক্তিসম্পন্ন কণিকাবোৰেহে ৰৈ যায় । যেনে – অৱশিষ্ট তৰলৰ উষ্ণতা হ্ৰাস পায় ।

    শুষ্ক গৰম দিনত পানীৰ বাষ্পীভৱনৰ হাৰ উষ্ণতাৰ বৃদ্ধিৰ লগে লগে বৃদ্ধি পায় । তদুপৰি, বায়ুৰ আদ্ৰতা কম হোৱা হেতুকে বাষ্পীভৱনৰ হাৰ বৃদ্ধি পায় । গতিকে, বাষ্পীভৱনৰ বৰ্দ্ধিত হাৰৰ বাবে Desert cooler এটা শুষ্ক গৰম দিনত ভালকৈ ঠাণ্ডা কৰে ।

    2. গ্ৰীষ্মকালত মাটিৰ কলহৰ পানী ঠাণ্ডা হৈ থাকে কিয় ?

    উত্তৰঃ মাটিৰ কলহৰ বৃহৎ সংখ্যক ক্ষুদ্ৰ ৰন্ধ্ৰ থাকে । এই ৰন্ধ্ৰবোৰৰ মাজেৰে পানীৰ কণিকাবোৰৰ বহিঃপৃষ্ঠলৈ ওলাই আহে । এই পানীখিনি বাষ্পীভৱন হৈ বায়ুৰ লগত মিলিত হয় । বাষ্পীভৱনৰ বাবে প্ৰয়োজন হোৱা তাপ মাটিৰ কলহ আৰু অৱশিষ্ট পানীখিনিৰ পৰা শোষিত হয় । যেনে – অৱশিষ্ট পানীখিনিৰ হ্ৰাস পায় আৰু এয়াই ঠাণ্ডা হৈ থাকে ।

    3. হাতৰ তলুৱাত এচিট’ন, পেট্ৰ’ল বা সুগন্ধি আতৰ ঢালি ল’লে ঠাণ্ডা অনুভৱ হয় কিয় ?

    উত্তৰঃ হাতৰ তলুৱাত এচিট’ন, পেট্ৰ’ল বা সুগন্ধি আতৰ ঢালি ল’লে বাষ্পীভৱনৰ বাবে প্ৰয়োজন হোৱা তাপ শক্তি আমাৰ হাতৰ তলুৱা বা চৌপাশৰ পৰা শোষণ কৰে। যেনে – আমাৰ হাতৰ তলুৱাত শীতলতা অনুভৱ কৰোঁ ।

    4. গৰম চাহ বা গাখীৰ কাপত লৈ খোৱাতকৈ প্লেটত লৈ খোৱা সহজ কিয় ?

    উত্তৰঃ পৃষ্ঠকালি বৃদ্ধি পালে বাষ্পীভৱনৰ হাৰ বৃদ্ধি পায় । প্লেটৰ পৃষ্ঠকালি কাপতকৈ বেছি । গতিকে বাষ্পীভৱনৰ বৰ্দ্ধিত হাৰৰ বাবে গৰম চাহ বা গাখীৰ প্লেটত সোনকালে ঠাণ্ডা হয় । যেনে – গৰম চাহ বা গাখীৰ কাপত লৈ খোৱাতকৈ প্লেটত লৈ খোৱা সহজ ।

    5. গ্ৰীষ্মকালত আমি কি ধৰণৰ কাপোৰ পিন্ধিব লাগে ?

    উত্তৰঃ গ্ৰীষ্মকালত আমি কপাহী কাপোৰ পিন্ধা উচিত । গ্ৰীষ্মকালত আমাৰ দেহৰ পৰা যথেষ্ট ঘাম উলাই । ঘামে আমাৰ দেহৰ পৰা তাপ শোষণ কৰে । কপাহী কাপোৰে ঘাম শোষণ কৰি বায়ুমণ্ডললৈ বাষ্পীভূত হোৱাত সহায় কৰে । ইয়াৰ ফলত আমাৰ দেহটো শুষ্ক আৰু শীতল হৈ পৰে ।

     

    Vibrant Note Box
    Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
    নৱম শ্ৰেণী বিজ্ঞান অধ্যায় ১ (আমাৰ চাৰিওকাষৰ বস্তুবোৰ) – সঘনাই সোধা প্ৰশ্ন (FAQs)
    আমাৰ চাৰিওকাষৰ বস্তুবোৰ পাঠটিত মূলতঃ কিহৰ বিষয়ে আলোচনা কৰা হৈছে?
    নৱম শ্ৰেণীৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত এই পাঠটিত মূলতঃ পদাৰ্থৰ ভৌতিক স্বভাৱ, কঠিন, জুলীয়া আৰু গেছীয় অৱস্থাৰ বৈশিষ্ট্য, লগতে বাষ্পীভৱন আৰু ইয়াৰ প্ৰভাৱসমূহৰ বিষয়ে আলোচনা কৰা হৈছে।
    এই পাঠ্যভিত্তিক সমাধানত (Textual Solutions) কি কি অন্তৰ্ভুক্ত আছে?
    ইয়াত মূল পাঠ্যপুথিৰ অনুশীলনীৰ সকলো প্ৰশ্নোত্তৰ, পৰীক্ষাৰ বাবে প্ৰয়োজনীয় অতিৰিক্ত প্ৰশ্ন আৰু পদাৰ্থ বিজ্ঞানৰ ধাৰণাগত সম্পূৰ্ণ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে।
    এই সমাধানসমূহ ASSEB ৰ নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা হৈছেনে?
    হয়, এই সকলোবোৰ সমল আগন্তুক পৰীক্ষাৰ বাবে ASSEB (পূৰ্বৰ SEBA) ৰ শেহতীয়া নতুন পাঠ্যক্ৰম আৰু নিৰ্দেশনা অনুসৰি প্ৰস্তুত কৰা হৈছে।
    পৰীক্ষাত এই পাঠৰ পৰা কেনেধৰণৰ প্ৰশ্ন আহে?
    নতুন পাঠ্যক্ৰম অনুসৰি এই পাঠৰ পৰা ১ নম্বৰৰ অতি চমু প্ৰশ্ন (VSA), বহু-বিকল্পী প্ৰশ্নৰ (MCQ), পদাৰ্থৰ অৱস্থাৰ পাৰ্থক্য, আৰু বাষ্পীভৱনৰ কাৰণ দৰ্শাই উত্তৰ লিখা প্ৰশ্ন আহিব পাৰে।

    EduAssam Solution App

    Your complete digital learning solution.

    Free Notes Mock Tests Q-Bank
    Download Now
    10k+ Students

    Leave a Comment

    Your email address will not be published. Required fields are marked *

    Shopping Cart
    Scroll to Top