Class 9 Science Chapter 6 Solution – কলা | SEBA Assam

    নৱম শ্ৰেণী বিজ্ঞান অধ্যায় ৬ – কলা – সম্পূৰ্ণ পাঠ্যভিত্তিক সমাধান | ASSEB Assam (Assamese Medium)

    নৱম শ্ৰেণী বিজ্ঞান অধ্যায় ৬ – কলা সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ আৰু সমাধান (ASSEB / SEBA Assam – Assamese Medium)

    নৱম শ্ৰেণীৰ বিজ্ঞান (Science) পাঠ্যক্ৰমৰ ষষ্ঠ অধ্যায় ‘কলা’ (Tissues) জীৱবিজ্ঞানৰ আন এক অতি গুৰুত্বপূৰ্ণ পাঠ যিয়ে বহুকোষী জীৱৰ শৰীৰত কোষবোৰে কেনেদৰে গোট খাই নিৰ্দিষ্ট কাৰ্য সম্পাদন কৰে তাৰ ধাৰণা দিয়ে। আগন্তুক পৰীক্ষাৰ বাবে নতুন ASSEB (Assam State School Education Board) পাঠ্যক্ৰম আৰু নৱ্য শিক্ষা নীতিৰ (NEP) শেহতীয়া নিৰ্দেশনাৰ আধাৰত এই অধ্যায়ৰ সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ (Class 9 Science Chapter 6 Textual Question Answer) প্ৰস্তুত কৰা হৈছে। এই বিশেষ সংকলনটিত পাঠভিত্তিক অতি চমু প্ৰশ্ন (VSA), চমু প্ৰশ্ন (Short Questions), দীঘলীয়া প্ৰশ্ন (Long Answers), আৰু ধাৰণাগত পুংখানুপুংখ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে। অস্পীন একেডেমী (Ospin Academy) ত এই সমাধানসমূহ সহজ, নিৰ্ভুল আৰু সম্পূৰ্ণ পৰীক্ষামুখীভাৱে উপলব্ধ কৰোৱা হৈছে।

    ‘কলা’ নামৰ এই পাঠটিত উদ্ভিদ কলা (ভাজক কলা আৰু স্থায়ী কলা) আৰু প্ৰাণী কলা (আচ্ছাদক কলা, সংযোজক কলা, পেশী কলা আৰু স্নায়ু কলা) ৰ গঠন আৰু কাৰ্যৰ বিষয়ে সুন্দৰভাৱে আলোচনা কৰা হৈছে। লগতে জাইলেম, ফ্ল’ৱেম, তেজ, অস্থি, আৰু স্নায়ুকোষৰ (Neuron) দৰে গুৰুত্বপূৰ্ণ অংশসমূহৰ বিষয়েও বহলাই বৰ্ণনা কৰা হৈছে। ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এই জীৱবৈজ্ঞানিক ধাৰণাসমূহ বুজি পোৱাটো অতি প্ৰয়োজনীয়। আমাৰ এই পাঠ্যভিত্তিক সমাধানত (Textual Solutions) কেৱল পাঠ্যপুথিৰ অনুশীলনীৰ প্ৰশ্নসমূহেই নহয়, বৰঞ্চ পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন-উত্তৰসমূহো সামৰি লোৱা হৈছে যাতে ছাত্ৰ-ছাত্ৰীসকলে সুন্দৰভাৱে প্ৰস্তুতি চলাব পাৰে।

    অধিক বিনামূলীয়া Notes আৰু PDFৰ বাবে আমাৰ App টো ডাউনলোড কৰক:
    Download EduAssam Solution App Click Here to Get Free Notes & Previous Papers

    এই পাঠ্যভিত্তিক সমাধানৰ পৰা আপুনি কি কি শিকিব আৰু পাব:

    • উদ্ভিদ কলা আৰু প্ৰাণী কলাৰ বিভিন্ন প্ৰকাৰ আৰু সিহঁতৰ কাৰ্যৰ বিস্তৃত বিশ্লেষণ।
    • সৰল আৰু জটিল স্থায়ী কলাৰ পাৰ্থক্য, ১ নম্বৰৰ অতি চমু (VSA objective type) আৰু ২-৩ নম্বৰৰ চমু প্ৰশ্নৰ নিৰ্দোষ উত্তৰ।
    • স্নায়ুকোষ (Neuron) আৰু পেশী কলাৰ গঠনৰ চিত্ৰসহ বৰ্ণনা আৰু ৪-৫ নম্বৰৰ দীঘলীয়া প্ৰশ্নৰ সহজ তথা মান্য সমাধান।
    • কাৰণ দৰ্শোৱা প্ৰশ্নসমূহ আৰু জাইলেম তথা ফ্ল’ৱেমৰ উপাদানসমূহৰ সম্পূৰ্ণ ধাৰণা।
    • নতুন পাঠ্যক্ৰমৰ আৰ্হি অনুসৰি গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহৰ লগতে শেহতীয়া আৰ্হিৰ MCQ প্ৰশ্নৰ সমাধান।

    অস্পীন একেডেমীৰ এই প্ৰশ্নোত্তৰসমূহৰ বিশেষ সুবিধা:

    • শেহতীয়া ASSEB নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা সম্পূৰ্ণ পাঠ্যভিত্তিক সমাধান।
    • ১০০% নিৰ্ভুল আৰু ছাত্ৰ-ছাত্ৰীয়ে বুজিবলৈ সহজ হোৱাকৈ সৰল অসমীয়া ভাষাত লিখা উন্নত মানৰ নোটছ (Class 9 Science Assamese Notes)।
    • পৰীক্ষাৰ পূৰ্বে দ্ৰুত ৰিভিজনৰ (Quick Revision) বাবে বিশেষভাৱে যুগুতোৱা সহজ-সৰল উত্তৰ।
    • কলা পাঠৰ পৰা পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্নৰ বিশেষ সংকলন।

    ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি অস্পীন একেডেমীয়ে এই বিশেষ পাঠ্যভিত্তিক সমাধান আগবঢ়াইছে। আপোনাৰ পৰীক্ষাৰ প্ৰস্তুতি এতিয়াই আৰম্ভ কৰক আৰু বিজ্ঞান বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰাৰ দিশত আগবাঢ়ক।

    Vibrant Note Box
    Buy Printable PDF
    Class 9 Science (বিজ্ঞান) PDF Solutions 2026-27 | SEBA Assam
    Class 9 Science (বিজ্ঞান) PDF Solutions 2026-27 | SEBA Assam
    Original price was: ₹199.00.Current price is: ₹39.00.

    Download Class 9 Science (বিজ্ঞান) PDF with MCQs, textbook solutions, and additional practice questions for SEBA Assam 2025-26.

    Vibrant Note Box
    Chapter 6 – “কলা”

    Class 9 Science Chapter 6 Question answer in Assamese medium

    NCERT Solutions For Class 9 Science Chapter 6 Tissue 
    কলা
    Class 9 Science NCERT Textbook – Page 47

    1. কলা কি ?

    উত্তৰঃ এটা নিৰ্দিষ্ট কাৰ্য সম্পাদন কৰিবলৈ সংঘবদ্ধ একেধৰণৰ কোষৰ সমষ্টিক কলা বুলি কোৱা হয় ।

    2. বহুকোষী জীৱৰ ক্ষেত্ৰত কলাবিলাকৰ কাম কি ?

    উত্তৰঃ বহুকোষী জীৱই শ্ৰমৰ বিভাজন দেখুৱাই । ফলস্বৰুপে, সঠিকভাৱে কাৰ্য সম্পাদনৰ বাবে কলাসমূহ সঠিভাৱে ৰুপাংকিত আৰু সজ্জিত হয় । প্ৰত্যেক কলাই নিৰ্দিষ্ট নিৰ্দিষ্ট কাৰ্য দক্ষভাৱে সম্পাদন কৰে যাৰ ফলত শক্তি আৰু নৈপুণ্য হ্ৰাসৰ সম্ভাৱনা হ্ৰাস পায় । বহুকোষী জীৱৰ বৃহৎ সংখ্যক কোষে কাৰ্যসমূহৰ বিভাজনৰ বাবে সংঘবদ্ধ হয় । আনহাতে এককোষী জীৱৰ কোষটোৱে সকলোবোৰ কাৰ্য সম্পাদন কৰে ।

    3. বিভিন্ন প্ৰকাৰৰ সৰল কলাসমূহৰ নাম লিখা ।

    উত্তৰঃ বিভিন্ন প্ৰকাৰৰ বিভিন্ন প্ৰকাৰৰ সৰল কলাসমূহ হৈছে-

    (i) পেৰেণকাইমা ।

    (ii) ক’লেণকাইমা ।

    (iii) স্ক্লেৰেণকাইমা ।

    4. অগ্ৰস্থ ভাজক কলা ক’ত পোৱা যায় ?

    উত্তৰঃ অগ্ৰস্থ ভাজক কলা মূল, কাণ্ড আৰু ডালৰ শীৰ্ষত থাকে আৰু এই কলাই ইহঁতৰ দৈৰ্ঘ্য বৃৰ্দ্ধি পায় ।

    5. কোনবিধ কলাই নাৰিকলৰ বাকলিখন গঠন কৰে?

    উত্তৰঃ স্ক্লেৰেণকাইমীয় কলাই নাৰিকলৰ বাকলিখন গঠন কৰে । এই কলা মৃত কোষেৰে গঠিত ।

    6. ফ্লোৱেম কলা কিহেৰে গঠিত ?

    উত্তৰঃ ফ্লোৱেমৰ উপাদানসমূহ যেনে চালনী নলিকা, সংগী কোষ, ফ্লোৱেম পেৰেণকাইমা আৰু ফ্লোৱেম তন্ত্ৰ আদিৰে ফ্লোৱেম কলা গঠিত ।

    7. প্ৰাণী দেহৰ চলনৰ লগত জড়িত কলাসমূহ কি কি?

    উত্তৰঃ প্ৰাণী দেহৰ চলনৰ লগত জড়িত কলাসমূহ হৈছে পেশীকলাসমূহ ।

    8. নিউৰন (Neuron) দেখাত কেনেকুৱা?

    উত্তৰঃ নিউৰন হৈছে প্ৰাণীদেহৰ আঠাইতকৈ দীঘল কোষ । ই স্নায়ুতন্ত্ৰৰ সাংগঠনিক আৰু কাৰ্যকৰী একক ।

    ইয়াক দেহকোষ আৰু স্নায়ুপ্ৰৰ্বধ – এই দুটা ভাগত ভাগ কৰা হৈছে .

    (i) দেহকোষঃ দেহকোষ গোলাকাৰ, ডিম্বাকাৰ, পিৰামিডাকাৰ বা তৰাকৃতিৰ হ’ব পাৰে । ইয়াত কোষকেন্দ্ৰ, কোষপ্ৰৰস আৰু নিছেলৰ কণিকা থাকে ।

    (ii) স্নায়ুপ্ৰৰ্বধঃ দেহকোষৰ পৰা ওলোৱা প্ৰট’প্লাজমীয় প্ৰৰ্বধবোৰক স্নায়ুপ্ৰৰ্বধ বুলি কোৱা হয় ।

    এইবোৰ দুই প্ৰকাৰৰ—

    (i) এক্সনঃ ই দীঘল, চুঙাকৃতিৰ, শাখাহীন ।

    (ii) ডেনড্ৰাইটঃ ইহঁতৰ সংখ্যা এক বা একাধিক । ইহঁত দেহকোষৰ চুটি আৰু অধিক শাখা প্ৰশাখাযুক্ত স্নায়ুপ্ৰৰ্বধ ।

    9. হৃদপেশীৰ তিনিটা বৈশিষ্ট্য উল্লেখ কৰা ।

    উত্তৰঃ হৃদপেশীৰ তিনিটা বৈশিষ্ট্য হ’ল –

    (i) ইহঁতৰ কোষবোৰ চুটি, চুঙাকৃতিৰ, এটা কোষকেন্দ্ৰ বিশিষ্ট আৰু শাখাযুক্ত ।

    (ii) ইহঁতে প্ৰাণীৰ জীৱনকালত নিৰৱচ্ছিন্নভাৱে ছন্দময় প্ৰসাৰণ আৰু সংকোচন কাৰ্য সম্পাদন কৰে ।

    (iii) ইহঁত অনৈচ্ছিক প্ৰকৃতিৰ পেশী ।

    10. এৰিওলাৰ (Areola) কলাৰ কাৰ্যসমূহ কি কি ?

    উত্তৰঃ এৰিওলাৰ কলা বা ভাজক কলাহৈছে ঢিলা কোষীয় সংকোচক কলা। ইয়াত বগা আৰু হালধীয়া কলাজেন তন্ত্ৰ থাকে ।

    এৰিওলাৰ (Areola) কলাৰ কাৰ্যসমূহ হৈছে –

    (i) দেহ গহ্বৰত অংগসমূহৰ মাজত ধাৰক আৰু সুৰক্ষা প্ৰদায়ক কলা হিচাপে ইহঁত কাৰ্য সম্পাদন কৰে ।

    (ii) ইহঁতে হাড়ক হাড়ৰ লগত, মাংসপেশীৰক হাড়ৰ লগত, ছালক মাংসপেসীৰ লগত সংযুক্ত কৰে ।

    (iii) আঘাত প্ৰাপ্তিৰ পিছত ইহঁতে কলাসমূহৰ মেৰামতি কৰে ।

    (iv) বাহিৰাগত বিষাক্ত পদাৰ্থৰ লগত মোকাবিলা কৰাৰ ক্ষেত্ৰত ইহঁতে সহায় কৰে ।

    (v) ইহঁতে ছালক পেশীৰ সৈতে সংযুক্ত কৰে ।

    (vi) ইহঁতে সৰু ৰক্ত নলিকাৰ পৰা অক্সিজেন আৰু পুষ্টিদ্ৰব্যৰ ব্যাপনত সহায় কৰে ।

    অণুশীলনীঃ

    1. “কলা’ৰ সংজ্ঞা দিয়া ।

    উত্তৰঃ আকাৰ, আকৃতি, গঠন আৰু উৎপত্তিৰ ফালৰ পৰা একে আৰু এক বা একাধিক কাৰ্য সম্পাদন কৰিবলৈ সংগঠিত কোষৰ সমষ্টিক কলা বোলা হয় । সম্ভৱপৰ সৰ্বাধিক মাত্ৰাৰ নৈপুণ্যৰ বাবে কোষবোৰ সংগঠিত হয় । উদাহৰণঃ পেশীকলা, স্নায়ুকলা, সংযোজক কলা আদি।

    2. কি কি উপাদানেৰে জাইলেম কলা গঠিত? সেইবোৰৰ নাম উল্লেখ কৰা।

    উত্তৰঃ জাইলেম কলা চাৰি প্ৰকাৰৰ কোষৰ দ্বাৰা গঠিত। সেইবোৰৰ নাম হৈছে-

    (i) ট্ৰেকাইড

    (ii) নলীকা বা ট্ৰেকীয়া

    (iii) জাইলেম পেৰেণকাইমা

    (iv) জাইলেম স্ক্লেৰেণকাইমা (বা তন্ত্ত)

    3. উদ্ভিদ সৰল স্থায়ী কলাবিলাক কি ক্ষেত্ৰত জটিল স্থায়ী কলাতকৈ পৃথক?

    উত্তৰঃ উদ্ভিদ সৰল স্থায়ী কলা আৰু জটিল স্থায়ী কলাৰ মাজৰ পাৰ্থক্যবোৰ হ’ল-

    ক্ৰমিক

    নং

    পাৰ্থক্যৰ

    ভিক্তি

    সৰল স্থায়ী কলা

    জটিল স্থায়ী কলা

    (i)

    গঠন

    ইহঁত কেৱল এক প্ৰকাৰ কোষৰ দ্বাৰা গঠিত।

    ইহঁতে একাধিক প্ৰকাৰৰ কোষৰ দ্বাৰা গঠিত।

    (ii)

    প্ৰকাৰ

    ইহঁত তিনি প্ৰকাৰৰঃ

    1. পেৰেণকাইমা
    2. ক’লেণকাইমা
    3. স্ক্লেৰেণকাইমা

    ইহঁত দুই প্ৰকাৰৰঃ

    1. জাইলেম
    2. ফ্লোৱেম

    (iii)

    কাৰ্য

    ইহঁত সুৰক্ষাদায়ক কলা। ইহঁতে দৈহিক শক্তি ।যোগাই আৰু খাদ্য তথা বৰ্জ্য পদাৰ্থ সংৰক্ষণ কৰে।

    উদ্ভিদ দেহৰ বিভিন্ন অংশলৈ ইহঁতে পানী, খনিজ পদাৰ্থ আৰু খাদ্য সামগ্ৰী পৰিবহণ কৰে।

    (iv)

    উৎপত্তি

    ইহঁতৰ উৎপত্তি আৰু গঠন একে।

    ইহঁতৰ উৎপত্তি আৰু গঠন ভিন ভিন।

    4. কোষ বেৰৰ ওপৰত ভিক্তি কৰি পেৰেণকাইমা, ক’লেনকাইমা, স্ক্লেৰেণকাইমাৰ মাজত থকা পাৰ্থক্য দাঙি ধৰা।

    উত্তৰঃ

    উপাদান

    বৈশিষ্ট্য

    কোষবেৰ

    পেৰেণকাইমা

    ক’লেণকাইমা

    স্ক্লেৰেণকাইমা

    ১। কোষবেৰ পাতল।

    ১। চুকৰ পিনে কোষবেৰ ডাঠ।

    ১। কোষবেৰ ডাঠ।

    ২।চেলুল’জৰ দ্বাৰা কোষবেৰ গঠিত।

    ২। পেক্টিনৰ পুঞ্জীভৱনৰ বাবে ডাঠ হয়।

    ২। লিগনিৰ অৱক্ষেপনৰ বাবে ডাঠ হয়।

    5. পত্ৰৰন্ধ্ৰৰ কাৰ্যবিলাক কি কি?

    উত্তৰঃ পাতল তলপিঠিৰ বহিস্ত্বকত পত্ৰৰন্ধ্ৰবোৰ থাকে । দুটা বহিস্তকীয় ৰক্ষী কোষে পত্ৰৰন্ধ্ৰক পৰিবেষ্টিত কৰি ৰাখে। ৰক্ষীকোষৰ অৱতল পৃষ্ঠই পৰস্পৰৰ মুখামুখিকৈ থাকে। ইহঁতে পত্ৰৰন্ধ্ৰৰ মেল আৰু জপোৱা কাৰ্য নিয়ন্ত্ৰণ কৰে।

    পত্ৰন্ধ্ৰৰ প্ৰধান কাৰ্যসমূহ হ’ল-

    (i) বায়ুমণ্ডল আৰু উদ্ভিদৰ আভ্যন্তৰীণ পৰিৱেশৰ মাজৰ গেছ বিনিময়ত অৰ্থাৎ O2 আৰু CO2ৰ বিনিময়ত ইহঁতে ভূমিকা পালন কৰে । গতিকে ইহঁতৰ অবিহনে সোলোক সংস্লেষণ সম্ভৱ নহয় ।

    (ii) ইহঁতে উদ্ভিদক বাষ্পমোচনত সহায় কৰে আৰু এনেদৰে উদ্বিদৰ পৰা অতিৰিক্ত পানীভাগ অপসাৰিত হয়। শিপাৰ কলাৰ দ্বাৰা খনিজ লৱণৰ শোষণত এই পত্ৰিয়াই সহায় কৰে।

    df.jpg

    6. প্ৰাণীদেহৰ চলনৰ লগত জড়িত কলাসমূহ কি কি?

    উত্তৰঃ প্ৰাণীদেহৰ চলনৰ লগত পেশাকলাসমূহ জড়িত।

    7. স্নায়ুকোষ (Neuron) দেখাত কেনেকুৱা হয়?

    উত্তৰঃ স্নায়ুকোষ বা নিউৰণ হৈছে প্ৰাণীদেহৰ আতাইতকৈ দীঘল কোষ । ই স্নায়ুতন্ত্ৰৰ সাংগঠনিক আৰু কাৰ্যকৰী ইকক। ইয়াক দেহকোষ আৰু স্নায়ু পৱৰ্ধ- এই দুটা ভাগত ভগাব পাৰি ।

    দেহকোষঃ দেহকোষ গোলাকাৰ, ডিম্বাকাৰ, পিৰামিডাকাৰ বা তৰা আকৃতিৰ হ’ব পাৰে । ইয়াত কোষকেন্দ্ৰ, কোষপ্ৰৰস আৰু নিছেলৰ কণিকা থাকে।

    স্নায়ুপ্ৰৱৰ্ধঃ দেহকোষৰ পৰা ওলোৱা প্ৰট’প্লাজমীয় প্ৰৱৰ্ধবোৰক স্নায়ুপ্ৰৱৰ্ধ বুলি কোৱা হয় । এইবোৰ দুই প্ৰকাৰৰ-

    এক্সনঃ ই দীঘল, চুঙাকৃতিৰ, শাখাহীন।

    ডেনড্ৰাইটঃ ইহঁতৰ সংখ্যা এক বা একাধিক । ইহঁত দেহকোষৰ চুটি আৰু অধিক শাখা-প্ৰশাখাযুক্ত স্নায়ুপ্ৰৱৰ্ধ।

    8. হূদপেশীৰ তিনিটা বৈশিষ্ট্য উল্লেখ কৰা।

    উত্তৰঃ হূদপেশী হূদযন্ত্ৰত থাকে। হূদপেশীৰ তিনিটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হৈছে-

    (i) ইহঁতৰ কোষবেৰ চুটি, চুঙাকৃতিৰ, এটা কোষকেন্দ্ৰ বিশিষ্ট আৰু শাখাযুক্ত ।

    (ii) ইহঁতে প্ৰাণীৰ জীৱনকালত নিৰৱচ্ছিন্নভাৱে ছন্দময় প্ৰসাৰণ আৰু সংকোচন কাৰ্ষ সম্পাদন কৰে।

    (iii) ইহঁত অনৈচ্ছিক প্ৰপকৃতিৰ পেশী।

    9. এৰিওলাৰ (Areolar) কলাৰ কাৰ্যসমূহ কি কি?

    উত্তৰঃ এৰিওলাৰ কলা হৈছে ঢিলা কোষীয় সংযোজক কলা। ইয়াত বেগ আৰু হালধীয়া কলাজেন তন্ত্ত থাকে ।

    কাৰ্যঃ

    (i) দেহ গহ্বৰত অংগসমূহৰ মাজত ধাৰণ আৰু সুৰক্ষা প্ৰদায়ক কলা হিচাপে কাৰ্য সম্পাদন কৰে।

    (ii) ইহঁতে হাড়ক হাড়ৰ লগত, মাংসপেশীক হাড়ৰ লগত, ছালক মাংসপেশীৰ লগত সংযুক্ত কৰে।

    (iii) আঘাত প্ৰাপ্তিৰ পিছত ইহঁতে কলাসমূহৰ মেৰেমতি কৰে।

    (iv) বহিৰাগত বিষাক্ত পদাৰ্থৰ লগত মোকাবিলা কৰাৰ ক্ষেত্ৰত ইহতে সহায় কৰে।

    (v) ইহঁতে ছালক পেশীৰ সৈতে সংযোগ কৰে।

    (vi) ইহঁতে সৰু ৰক্ত নলিকাৰ পৰা অক্সিজেন আৰু পুষ্টিদ্ৰব্যৰ ব্যাপনত সহায় কৰে।

    10. চিত্ৰৰ সহায়ত বিভিন্ন প্ৰকাৰৰ পেশীনন্ত্তসমূহৰ মাজৰ পাৰ্থক্য দেখুওৱা।

    উত্তৰঃ

    চিত্ৰঃ বিভিন্ন প্ৰকাৰৰ পেশীতন্তু

    (a) ৰেখিত পেশী বা ঐচ্ছিক পেশী

    (b) অৰেখিত বা অনৈচ্ছিক পেশী

    (c) হৃদপেশী বা হৃদকলা

    11. হূদপেশীসমূহৰ বিশেষ কাম কি?

    উত্তৰঃ হূদপেশীসমূহৰ বিশেষ কামটো হ’ল প্ৰাণীৰ জীৱনকালত নিৰৱচ্ছিন্নভাৱে ছন্কময় প্ৰসাৰণ আৰু সংকোচন কাৰ্য সম্পাদন কৰা। অবিকশিত অৱস্থাৰ পৰা মৃত্যু পৰ্যন্ত ইহঁতে অবিৰামভাৱে সংকোচন আৰু প্ৰসাৰণ কাৰ্য সম্পাদন কৰে । এনেধৰণৰ কাৰ্যৰ দ্বাৰা দেহৰ বিভিন্ন অংশলৈ তেজ পৰিবাহিত হয় ।

    12. গঠন আৰু অৱস্থানৰ ওপৰত ভিক্তি কৰি ৰেখিত পেশী, অৰেখিত পেশী আৰু হূদপেশীৰ মাজৰ পাৰ্থক্য নিৰ্ণয় কৰা।

    উত্তৰঃ

    ক্ৰমিক

    নং

    পাৰ্থক্যৰ

    ভিক্তি

    ৰেখিত পেশী

    (কংকাল)

    অৰেখিত

    (মৃসন পেশী)

    হূদপেশী

    (i)

    গঠন

    ১। কোষৰ আকৃতি

    ২। কোষৰ অৰ্ন্তভাগ

    ৩। তন্ত্তৰ বহিঃৰুপ

    কেষৰ আকৃতি দীঘল, চুঙাকৃতিৰ

    পেশীতন্ত্তৰ প্ৰান্তত বহুতো কোষকেন্দ্ৰ থাকে।

    পাতল আৰু গাঢ় পটি আছে।

    দীঘল, মাকো সদৃশ

    কেন্দ্ৰত এটা কোষকেন্দ্ৰ থাকে।

    পটি নাথাকে।

    চুটি, চুঙাকৃতিৰ

    এটা কেষকেন্দ্ৰ থাকে।

    অনুজ্জল পটি থাকে।

    (ii)

    অৱস্থান

    আমাৰ ইচ্ছা অণুসৰি সঞ্চালন কৰিব পৰা অংশসমূহ। যেনেঃ হাত, ভৰি, কংকাল, পেশী আদি।

    পাকস্থলীৰ অন্ত্ৰ, মূত্ৰনলী আৰু আমাৰ ইচ্ছা অনুসৰি সঞ্চালন কৰিব নোৱাৰে।

    হূদযন্ত্ৰত।

    13. এটা আদৰ্শ স্নায়ুকষৰ চিহ্নিত চিত্ৰ আঁকা।

    উত্তৰঃ

    14. তলত দিয়া কলাসমূহৰ লাম লিখাঃ

    (a) আমাৰ মুখৰ ভিতৰৰ বেৰখন কি কলাৰে গঠিত?

    (b) পেসী আৰু অস্থিক কি কলাই সংযোগ কৰে?

    (c) উদ্ভিদত কি কলাৰে খাদ্য পৰিবহণ কৰে?

    (d) আমাৰ দেহৰ চৰ্বী থকা সংযোজক কলাবিধৰ নাম কি?

    (e) জুলীয়া আধাৰ দ্ৰব্য থকা সংযোজক কলাবিধৰ নাম কি?

    (f) মস্তিষ্কত কি কলা থাকে?

    উত্তৰঃ

    (a) চটীয়া আচ্ছাদক কলা

    (b) টেণ্ডন বা কণ্ডৰা

    (c) ফ্লোৱেম

    (d) মেদ কলা

    (e) তেজ

    (f) স্নায়ুকলা

    15. আমাৰ মুখৰ ভিতৰৰ বেৰখন কি কলাৰে গঠিত?

    উত্তৰঃ আমাৰ মুখৰ ভিতৰৰ বেৰখন আচ্ছাদক কলাৰে গঠিত।

    16. তলত দিয়া প্ৰাণীৰ অংগসমূহত থকা কলাবোৰৰ নাম লিখাঃ

    ছাল, অস্থি, বৃক্কৰ আৱৰণ।

    উত্তৰঃ ছালঃ চটীয়া আচ্চাদক কলা

    অস্থিঃ সংযোজক কলা

    বৃক্কৰ আৱৰণঃ ঘলকাকাৰ অচ্ছাদক কলা

    17. তলত দিয়া তালিকাখন সম্পূৰ্ণ কৰাঃ

    123.png

    উত্তৰঃ

    123.png

    Vibrant Note Box
    Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
    নৱম শ্ৰেণী বিজ্ঞান অধ্যায় ৬ (কলা) – সঘনাই সোধা প্ৰশ্ন (FAQs)
    কলা পাঠটিত মূলতঃ কিহৰ বিষয়ে আলোচনা কৰা হৈছে?
    নৱম শ্ৰেণীৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত এই পাঠটিত মূলতঃ উদ্ভিদ কলা (যেনে- ভাজক আৰু স্থায়ী কলা) আৰু প্ৰাণী কলা (যেনে- আচ্ছাদক, সংযোজক, পেশী আৰু স্নায়ু কলা) ৰ গঠন আৰু কাৰ্যৰ বিষয়ে আলোচনা কৰা হৈছে।
    এই পাঠ্যভিত্তিক সমাধানত চিত্ৰভিত্তিক প্ৰশ্নসমূহ অন্তৰ্ভুক্ত আছেনে?
    হয়, ইয়াত স্নায়ুকোষ (Neuron) ৰ গঠন, পেশী কলাৰ প্ৰকাৰ আদিৰ দৰে গুৰুত্বপূৰ্ণ চিত্ৰভিত্তিক প্ৰশ্নৰ সহজ আৰু নিৰ্ভুল সমাধান অন্তৰ্ভুক্ত কৰা হৈছে।
    এই সমাধানসমূহ ASSEB ৰ নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা হৈছেনে?
    হয়, এই সকলোবোৰ সমল আগন্তুক পৰীক্ষাৰ বাবে ASSEB (পূৰ্বৰ SEBA) ৰ শেহতীয়া নতুন পাঠ্যক্ৰম আৰু নিৰ্দেশনা অনুসৰি প্ৰস্তুত কৰা হৈছে।
    পৰীক্ষাত এই পাঠৰ পৰা কেনেধৰণৰ প্ৰশ্ন আহে?
    নতুন পাঠ্যক্ৰম অনুসৰি এই পাঠৰ পৰা জাইলেম আৰু ফ্ল’ৱেমৰ পাৰ্থক্য, স্নায়ুকোষৰ চিহ্নিত চিত্ৰ অংকন কৰা, আৰু বিভিন্ন কলাৰ অৱস্থান তথা কাৰ্য সম্পৰ্কীয় প্ৰশ্ন আহিব পাৰে।

    EduAssam Solution App

    Your complete digital learning solution.

    Free Notes Mock Tests Q-Bank
    Download Now
    10k+ Students

    Leave a Comment

    Your email address will not be published. Required fields are marked *

    Shopping Cart
    Scroll to Top