দ্বাদশ শ্ৰেণী শিক্ষা – অধ্যায় ১: ভাৰতবৰ্ষৰ আৰু অসমৰ মাধ্যমিক শিক্ষা – আটাইবোৰ অনুশীলনীৰ সমাধান (AHSEC – Assamese Medium, Latest Syllabus)
এই অধ্যায়ত ভাৰত আৰু অসমৰ মাধ্যমিক শিক্ষাৰ ইতিহাস, পৰিৱর্তন, আৰু বৰ্তমান ধাৰণাসমূহ বিস্তাৰিতভাৱে আলোচনা কৰা হৈছে। মাধ্যমিক শিক্ষা ব্যৱস্থাৰ বিকাশ, গঠনতান্ত্ৰিক পৰিৱর্তন, NEP-2020 অনুসৰি নতুন নীতি, আৰু অসমৰ বিশেষত্ব অধ্যয়ন কৰা হৈছে। Chapter QR Code: EDU12C1ASSAM। অস্পীন একেডেমীত ইয়াৰ সম্পূৰ্ণ সমাধান সহজ ভাষাত উপলব্ধ—প্ৰতিটো অনুশীলনী, প্ৰশ্নোত্তৰ আৰু বিশ্লেষণ।
✅ কি শিকিব:
- ভাৰতবৰ্ষৰ মাধ্যমিক শিক্ষাৰ ধাৰণা, উদ্দেশ্য আৰু বিকাশ
- অসমৰ মাধ্যমিক শিক্ষাৰ গঠন আৰু উল্লেখযোগ্য বৈশিষ্ট্য
- জাতীয় শিক্ষানীতিৰ প্ৰভাৱ আৰু পৰিৱর্তিত ধাৰণা
- মূল্যায়ন প্ৰক্ৰিয়া, গ্ৰেডিং আৰু পৰীক্ষা
- কাৰ্যকৰী উদাহৰণ, ৰাৈনিক পৰিবেশ
🎯 অস্পীন একেডেমীৰ সুবিধা:
- AHSEC HS 2nd Year Education-ৰ নতুন পাঠ্যক্ৰমৰ সম্পূৰ্ণ সমাধান
- প্ৰতিটো অনুশীলনীৰ বাবে সহজ ভাষাত বিশ্লেষণ
- পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে গুৰুত্বপূৰ্ণ প্ৰশ্নৰ সামগ্ৰী
- অসমীয়া মাধ্যমৰ বাবে উপযোগী উদাহৰণ
- PDF ডাউনলোডৰ সুবিধা (শীঘ্ৰে উপলব্ধ)
Class 12 Education Chapter 1 – ভাৰতবৰ্ষৰ আৰু অসমৰ মাধ্যমিক শিক্ষা – All Exercise Solutions | AHSEC (Assamese Medium)
Class 12 Education (শিক্ষা) AHSEC Latest Syllabus | Assamese Medium Chapter-wise Solutions PDF
Special Offer!
Get thorough Class 12 Education (Assamese Medium) chapter-wise solutions PDF designed for AHSEC latest syllabus.
Includes clear answers, definitions, diagrams, and exam-focused explanations for strong preparation.
Ideal for self-study, homework, and quick revision.
গোট-১
স্বাধীনোত্তৰ কালৰ ভাৰতবৰ্ষ আৰু অসমৰ
মাধ্যমিক শিক্ষা
[Development of Secondary Education in India and Assam]
(Post Independence Period)]
পাঠভিত্তিক প্রশ্নোত্তৰ (TEXTUAL QUESTIONS AND ANSWERS)
১। মাধ্যমিক শিক্ষা কাক বোলে? এই শিক্ষা মানৱ জীৱনৰ কোনটো স্তৰৰ লগত জড়িত? চমু আভাস দিয়া।
উত্তৰঃ মাধ্যমিক শিক্ষা (Secondary Education):
প্ৰাথমিক শিক্ষাৰ পিছত আৰু উচ্চ শিক্ষাৰ আৰম্ভণিৰ আগতে শিক্ষাৰ্থীসকলক প্ৰদান কৰা শিক্ষাকে মাধ্যমিক শিক্ষা বুলি কোৱা হয়। ভাৰতৰ শিক্ষাৰ ১০+২+৩ গাঁঠনি অনুসৰি, এই শিক্ষাই সাধাৰণতে ৯ ম শ্ৰেণীৰ পৰা ১২ শ শ্ৰেণীলৈকে বিস্তৃত সময়ছোৱা সামৰি লয়।
মানৱ জীৱনৰ সৈতে জড়িত স্তৰ:
এই শিক্ষাপ্ৰক্ৰিয়া সাধাৰণতে মানৱ জীৱনৰ কৈশোৰ কাল বা বয়ঃসন্ধিকালৰ(Adolescence) সৈতে জড়িত।
চমু আভাস:
কৈশোৰ কালত, যি সময়ত শিক্ষাৰ্থীৰ শাৰীৰিক আৰু মানসিক বিকাশ ক্ষীপ্ৰগতিত হয়, সেই সময়ত মাধ্যমিক শিক্ষাই তেওঁলোকক জীৱনৰ এক গুৰুত্বপূৰ্ণ পৰ্যায়ৰ বাবে প্ৰস্তুত কৰে। এই স্তৰৰ শিক্ষাই শিক্ষাৰ্থীসকলক:
ভৱিষ্যতৰ বৃত্তি নিৰ্বাচনৰ বাবে ভেঁটি প্ৰদান কৰে।
গণতান্ত্ৰিক নাগৰিকত্বৰ বাবে প্ৰয়োজনীয় দক্ষতা আৰু মূল্যবোধ প্ৰদান কৰে।
উচ্চ শিক্ষাৰ বাবে বা পোনপটীয়াকৈ কৰ্মসংস্থাপনৰ বজাৰত প্ৰৱেশ কৰিবলৈ ব্যক্তিগত আৰু পেছাগতভাৱে সক্ষম কৰি তোলে।
২। মাধ্যমিক শিক্ষা আয়োগে (১৯৫২-৫৩) নিৰূপণ কৰি দিয়া শিক্ষাৰ লক্ষ্যবোৰৰ বিষয়ে চমুকৈ লিখা।
উত্তৰঃ
ভাৰত চৰকাৰে ড° লক্ষ্মণস্বামী মুডালিয়াৰৰ সভাপতিত্বত ১৯৫২-৫৩ চনত গঠন কৰা মাধ্যমিক শিক্ষা আয়োগে (মুডালিয়াৰ আয়োগ) নিৰ্ধাৰণ কৰি দিয়া শিক্ষাৰ লক্ষ্যসমূহ তলত উল্লেখ কৰা হ’ল:
(ক) গণতান্ত্ৰিক নাগৰিকত্বৰ বিকাশ: এই শিক্ষাৰ উদ্দেশ্য আছিল শিক্ষাৰ্থীসকলৰ মনত সহিষ্ণুতা, দেশপ্ৰেম, সহযোগিতা, সমতা, সুচিন্তা আৰু অনুশাসন আদিৰ দৰে গুণসমূহ জাগ্ৰত কৰা, যাতে তেওঁলোকে নিজকে গণতন্ত্ৰক সফল কৰি তুলিব পৰা সজ নাগৰিক হিচাপে গঢ়ি তুলিব পাৰে।
(খ) বৃত্তিগত ক্ষমতা আৰু যোগ্যতাৰ উন্নীতকৰণ: মাধ্যমিক শিক্ষাত কাৰিকৰী আৰু ব্যৱসায়ভিত্তিক পাঠ্যক্ৰমৰ সংযোগৰ দ্বাৰা পাঠ্যক্ৰমত বৈচিত্ৰ্য অনাৰ ওপৰত গুৰুত্ব দিয়া হৈছিল। এই লক্ষ্যৰ মুখ্য উদ্দেশ্য আছিল ৰাষ্ট্ৰৰ উৎপাদন ক্ষমতা বৃদ্ধি কৰা আৰু শিক্ষাৰ্থীক পেছাগতভাৱে দক্ষ কৰি তোলা।
(গ) ব্যক্তিত্বৰ বিকাশ: শিক্ষাৰ্থীসকলৰ সৃজনীমূলক ক্ষমতা বা প্ৰতিভা বাহিৰ উলিয়াবলৈ উপযুক্ত সুযোগ প্ৰদান কৰি তেওঁলোকৰ ব্যক্তিত্বৰ প্ৰভাৱশালীভাৱে বিকাশ সাধন কৰা। লগতে, দেশৰ সাংস্কৃতিক সা-সম্পদ সংৰক্ষণৰ মূল্যবোধ তেওঁলোকৰ মাজত প্ৰতিভাত কৰা।
(ঘ) নেতৃত্বৰ বিকাশ: মাধ্যমিক স্তৰত শিক্ষাৰ্থীসকলক দায়িত্ব গ্ৰহণ কৰিব পৰাকৈ প্ৰশিক্ষণ প্ৰদান কৰা, যাতে তেওঁলোকে সামাজিক, সাংস্কৃতিক, ৰাজনৈতিক বা ঔদ্যোগিক— জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে সফল নেতৃত্ব বহন কৰিব পাৰে।
৩। ১৯৫২-৫৩ চনৰ আয়োগখনৰ সভাপতি কোন আছিল? আয়োগখনে শিক্ষাৰ লক্ষ্য কি হোৱা উচিত বুলি কৈছে?
উত্তৰঃ ১৯৫২-৫৩ চনৰ আয়োগখনৰ সভাপতি আছিল মাদ্রাজ বিশ্ববিদ্যালয়ৰ তদানীন্তন উপচার্য ড° লক্ষ্মণস্বামী মুডালিয়াৰ।
১৯৫২-৫৩ চনৰ মাধ্যমিক শিক্ষা আয়োগ বা মুডালিয়াৰ আয়োগে নিৰূপণ কৰি দিয়া শিক্ষাৰ লক্ষ্যসমূহ হৈছেঃ—
(ক) গণতান্ত্রিক নাগৰিকত্বৰ বিকাশঃ শিক্ষার্থীসকলৰ মনত অনুশাসন, সহিষ্ণুতা, দেশপ্রেম, সহযোগিতা, সুচিন্তা, সমতা, বাক্-পটুতা আৰু লিখনিৰ স্পষ্টতা আদিৰ দৰে গুণসমূহ জাগ্রত কৰা তথা বিকশিত কৰা, যাতে তেওঁলোকে নিজকে গণতন্ত্রক সফল কৰি তুলিব পৰা বিশ্বৰ একো একোজন প্রকৃত নাগৰিক হিচাপে গঢ়ি তুলিব পাৰে।
(খ) বৃত্তিগত ক্ষমতা আৰু যোগ্যতাৰ উন্নীতকৰণঃ অধ্যয়ন ক্ষেত্ৰত কাৰিকৰী তথা ব্যৱসায়ভিত্তিক পাঠ্যক্ৰমৰ সংযোগৰ দ্বাৰা বিভিন্নতা আনি মাধ্যমিক শিক্ষাস্তৰত হস্ত শিল্প বা শিল্পকলা আৰু উৎপাদনমূলক কার্যৰ ওপৰত গুৰুত্ব আৰোপ কৰা। ইয়াৰ প্রধান লক্ষ্য হৈছে ৰাষ্ট্ৰৰ উৎপাদন ক্ষমতা বৃদ্ধি কৰা।
(গ) ব্যক্তিত্বৰ বিকাশঃ শিক্ষার্থীসকলৰ ব্যক্তিত্বৰ প্রভাৱশালীভাৱে বিকাশ সাধন কৰিবলৈ তেওঁলোকৰ সৃজনীমূলক ক্ষমতা বা প্রতিভাক বাহিৰ উলিয়াই অনাৰ উপযুক্ত সুযোগ তথা সুবিধা প্রদান কৰা। এইটো লক্ষ্য কৰিব লাগে যে তেওঁলোকৰ গঠনমূলক বা সৃজনীমূলক ৰুচিবোধ আছে নে নাই আৰু তেওঁলোকৰ মাজত দেশৰ সাংস্কৃতিক সা-সম্পদ সংৰক্ষণৰ মূল্যবোধ প্রতিভাত হ’ব লাগে।
(ঘ) নেতৃত্বৰ বিকাশঃ মাধ্যমিক স্তৰত শিক্ষার্থীসকলক দায়িত্ব গ্রহণ কৰিব পৰাকৈ প্ৰশিক্ষণ প্রদান কৰা যাতে তেওঁলোকে জীৱনৰ প্রতিটো ক্ষেত্রতে নেতৃত্ব বহন কৰিব পাৰে; লাগিলে ই সামাজিকেই হওক বা সাংস্কৃতিক অথবা ৰাজনৈতিকেই হওক বা ঔদ্যোগিক তথ্য অন্য ক্ষেত্রই হওক।
৪। ১৯৫২-৫৩ চনৰ মুডালিয়াৰ আয়োগে মাধ্যমিক পর্যায়ত শিক্ষাৰ কোনবোৰ লক্ষ্য-আদৰ্শৰ কথা উল্লেখ কৰিছে? লিখা।
উত্তৰঃ ১৯৫২-৫৩ চনৰ মাধ্যমিক শিক্ষা আয়োগ বা মুডালিয়াৰ আয়োগে নিৰূপণ কৰি দিয়া শিক্ষাৰ লক্ষ্যসমূহ হৈছেঃ—
(ক) গণতান্ত্রিক নাগৰিকত্বৰ বিকাশঃ শিক্ষার্থীসকলৰ মনত অনুশাসন, সহিষ্ণুতা, দেশপ্রেম, সহযোগিতা, সুচিন্তা, সমতা, বাক্-পটুতা আৰু লিখনিৰ স্পষ্টতা আদিৰ দৰে গুণসমূহ জাগ্রত কৰা তথা বিকশিত কৰা, যাতে তেওঁলোকে নিজকে গণতন্ত্রক সফল কৰি তুলিব পৰা বিশ্বৰ একো একোজন প্রকৃত নাগৰিক হিচাপে গঢ়ি তুলিব পাৰে।
(খ) বৃত্তিগত ক্ষমতা আৰু যোগ্যতাৰ উন্নীতকৰণঃ অধ্যয়ন ক্ষেত্ৰত কাৰিকৰী তথা ব্যৱসায়ভিত্তিক পাঠ্যক্ৰমৰ সংযোগৰ দ্বাৰা বিভিন্নতা আনি মাধ্যমিক শিক্ষাস্তৰত হস্ত শিল্প বা শিল্পকলা আৰু উৎপাদনমূলক কার্যৰ ওপৰত গুৰুত্ব আৰোপ কৰা। ইয়াৰ প্রধান লক্ষ্য হৈছে ৰাষ্ট্ৰৰ উৎপাদন ক্ষমতা বৃদ্ধি কৰা।
(গ) ব্যক্তিত্বৰ বিকাশঃ শিক্ষার্থীসকলৰ ব্যক্তিত্বৰ প্রভাৱশালীভাৱে বিকাশ সাধন কৰিবলৈ তেওঁলোকৰ সৃজনীমূলক ক্ষমতা বা প্রতিভাক বাহিৰ উলিয়াই অনাৰ উপযুক্ত সুযোগ তথা সুবিধা প্রদান কৰা। এইটো লক্ষ্য কৰিব লাগে যে তেওঁলোকৰ গঠনমূলক বা সৃজনীমূলক ৰুচিবোধ আছে নে নাই আৰু তেওঁলোকৰ মাজত দেশৰ সাংস্কৃতিক সা-সম্পদ সংৰক্ষণৰ মূল্যবোধ প্রতিভাত হ’ব লাগে।
(ঘ) নেতৃত্বৰ বিকাশঃ মাধ্যমিক স্তৰত শিক্ষার্থীসকলক দায়িত্ব গ্রহণ কৰিব পৰাকৈ প্ৰশিক্ষণ প্রদান কৰা যাতে তেওঁলোকে জীৱনৰ প্রতিটো ক্ষেত্রতে নেতৃত্ব বহন কৰিব পাৰে; লাগিলে ই সামাজিকেই হওক বা সাংস্কৃতিক অথবা ৰাজনৈতিকেই হওক বা ঔদ্যোগিক তথ্য অন্য ক্ষেত্রই হওক।
৫। মুডালিয়াৰ আয়োগে (১৯৫২-৫৩) নিৰূপণ কৰা মাধ্যমিক শিক্ষাৰ লক্ষ্যবোৰ ভাৰতবৰ্ষৰ শিক্ষাৰ ক্ষেত্ৰত কাৰ্যকৰী হৈছেনে? আলোচনা কৰা।
উত্তৰঃ ১৯৫২-৫৩ চনৰ মুডালিয়াৰ আয়োগে ভাৰতীয় শিক্ষা ব্যৱস্থাত কাৰ্যকৰী হোৱাকৈ বিভিন্ন পৰামৰ্শ আগবঢ়াইছিল। এই পৰামৰ্শসমূহৰ সঠিক ৰূপত কাৰ্যকৰীকৰণ হৈছে নে নাই এই বিষয়ে তলত পৃথকে আলোচনা কৰা হ’লঃ
(ক) গণতান্ত্রিক নাগৰিকত্বৰ বিকাশঃ মুডালিয়াৰ আয়োগে আগবঢ়োৱা পৰামৰ্শ অনুসৰি ভাৰতীয় শিক্ষা ব্যৱস্থাত শিক্ষার্থীসকল যাতে ভৱিষ্যতে বিশ্বৰ একো একোজন প্রকৃত নাগৰিক হিচাপে গঢ়ি উঠিব পাৰে তাৰ বাবে তেওঁলোকৰ মাজত অনুশাসন, সহিষ্ণুতা, দেশভক্তি, সহযোগিতা, সুচিন্তা, সমতা, বাক-পটুতা আৰু লিখনিৰ স্পষ্টতা, মূল্যবোধ আদিৰ দৰে গুণসমূহ বিকাশ কৰাৰ প্রয়াসেৰে শিক্ষকসকলক প্রশিক্ষণ প্ৰদান কৰাৰ তথা এনেধৰণৰ বিষয়সমূহক। পাঠ্যক্ৰমত অন্তর্ভুক্তকৰণৰ ব্যৱস্থা কৰা হয়।
(খ) বৃত্তিগত ক্ষমতা তথা যোগ্যতাৰ বিকাশঃ মাধ্যমিক স্তৰত পাঠ্যক্ৰমক কাৰিকৰী তথা বাণিজ্যিক বিষয়সমূহৰ অন্তর্ভুক্তকৰণৰ দ্বাৰা ভিন্নতা প্রদান কৰিবলৈ যি পৰামৰ্শ আগবঢ়োৱা হৈছিল সেয়া প্রথম অৱস্থাত ভালদৰে কাৰ্যকৰী হোৱা নাছিল। ইয়াৰ পৰৱৰ্তী আয়োগে (কোঠাৰী আয়োগ)ও এইক্ষেত্ৰত দেখা দিয়া অনগ্ৰসৰতা দূৰ কৰিবলৈ পুনঃ পৰামৰ্শ আগবঢ়াইছিল। অৱশ্যে পিছলৈ মাধ্যমিক শিক্ষাস্তৰত শিক্ষার্থীসকলৰ বাবে বৃত্তিমুখী শিক্ষাৰ নিৰ্দিষ্ট শাখা মুকলি কৰা হয়।
(গ) ব্যক্তিত্বৰ বিকাশঃ শিক্ষার্থীসকলক বিদ্যালয়সমূহত তেওঁলোকৰ সৃজনীমূলক প্রতিভা বিকশিত কৰিবলৈ পর্যাপ্ত সুযোগ প্রদান কৰা হোৱা বুলি বৰকৈ ক’ব পৰা নাযায় যদিও ইতিহাসৰ দৰে বিষয়সমূহেৰে শিক্ষাৰ্থীসকলক ৰাষ্ট্ৰৰ সাংস্কৃতিক সম্পদবোৰ সংৰক্ষণৰ প্রমূল্যবোধ প্রদান কৰা হৈছিল।
(ঘ) নেতৃত্বৰ শিক্ষাঃ এই আয়োগৰ পৰামৰ্শ অনুসৰি শিক্ষার্থীসকলক মাধ্যমিক স্তৰত বিদ্যালয়সমূহত দায়িত্ববোধৰ প্ৰশিক্ষণ প্ৰদান কৰা হয় যাতে তেওঁলোকে ভৱিষ্যতে একো একোজন নেতাৰ ভূমিকা পালন কৰিব পাৰে তথা জীৱনৰ বিভিন্ন ক্ষেত্ৰত নেতৃত্ব বহন কৰিব পাৰে।
৬। একেবাৰে চমুকৈ লিখা :
(ক) ভাৰতবৰ্ষই কোন চনত স্বাধীনতা লাভ কৰিছিল?
উত্তৰঃ ১৯৪৭ চনত।
(খ) ১৯৫২-৫৩ চনৰ মাধ্যমিক শিক্ষা আয়োগৰ সভাপতি কোন আছিল?
উত্তৰঃ ড° লক্ষ্মণস্বামী মুডালিয়াৰ।
(গ) মুডালিয়াৰ আয়োগ কোন চনত গঠন কৰা হৈছিল?
উত্তৰঃ ১৯৫২ চনত।
(ঘ) মুডালিয়াৰ আয়োগে আগবঢ়োৱা মাধ্যমিক শিক্ষাৰ দুটা লক্ষ্য উল্লেখ কৰা।
উত্তৰঃ মুডালিয়াৰ আয়োগে আগবঢ়োৱা মাধ্যমিক শিক্ষাৰ দুটা লক্ষ্য হৈছেঃ—
(ক) গণতান্ত্রিক নাগৰিকত্বৰ বিকাশঃ শিক্ষার্থীসকলৰ মনত অনুশাসন, সহিষ্ণুতা, দেশপ্রেম, সহযোগিতা, সুচিন্তা, সমতা, বাক্-পটুতা আৰু লিখনিৰ স্পষ্টতা আদিৰ দৰে গুণসমূহ জাগ্রত কৰা তথা বিকশিত কৰা, যাতে তেওঁলোকে নিজকে গণতন্ত্রক সফল কৰি তুলিব পৰা বিশ্বৰ একো একোজন প্রকৃত নাগৰিক হিচাপে গঢ়ি তুলিব পাৰে।
(খ) বৃত্তিগত ক্ষমতা আৰু যোগ্যতাৰ উন্নীতকৰণঃ অধ্যয়ন ক্ষেত্ৰত কাৰিকৰী তথা ব্যৱসায়ভিত্তিক পাঠ্যক্ৰমৰ সংযোগৰ দ্বাৰা বিভিন্নতা আনি মাধ্যমিক শিক্ষাস্তৰত হস্ত শিল্প বা শিল্পকলা আৰু উৎপাদনমূলক কার্যৰ ওপৰত গুৰুত্ব আৰোপ কৰা। ইয়াৰ প্রধান লক্ষ্য হৈছে ৰাষ্ট্ৰৰ উৎপাদন ক্ষমতা বৃদ্ধি কৰা।
৭। ১৯৫২-৫৩ চনৰ মুডালিয়াৰ আয়োগে নিৰূপণ কৰা মাধ্যমিক শিক্ষাৰ লক্ষ্যকেইটা উল্লেখ কৰা।
উত্তৰঃ ১৯৫২-৫৩ চনৰ মাধ্যমিক শিক্ষা আয়োগ বা মুডালিয়াৰ আয়োগে নিৰূপণ কৰি দিয়া শিক্ষাৰ লক্ষ্যসমূহ হৈছেঃ—
(ক) গণতান্ত্রিক নাগৰিকত্বৰ বিকাশঃ শিক্ষার্থীসকলৰ মনত অনুশাসন, সহিষ্ণুতা, দেশপ্রেম, সহযোগিতা, সুচিন্তা, সমতা, বাক্-পটুতা আৰু লিখনিৰ স্পষ্টতা আদিৰ দৰে গুণসমূহ জাগ্রত কৰা তথা বিকশিত কৰা, যাতে তেওঁলোকে নিজকে গণতন্ত্রক সফল কৰি তুলিব পৰা বিশ্বৰ একো একোজন প্রকৃত নাগৰিক হিচাপে গঢ়ি তুলিব পাৰে।
(খ) বৃত্তিগত ক্ষমতা আৰু যোগ্যতাৰ উন্নীতকৰণঃ অধ্যয়ন ক্ষেত্ৰত কাৰিকৰী তথা ব্যৱসায়ভিত্তিক পাঠ্যক্ৰমৰ সংযোগৰ দ্বাৰা বিভিন্নতা আনি মাধ্যমিক শিক্ষাস্তৰত হস্ত শিল্প বা শিল্পকলা আৰু উৎপাদনমূলক কার্যৰ ওপৰত গুৰুত্ব আৰোপ কৰা। ইয়াৰ প্রধান লক্ষ্য হৈছে ৰাষ্ট্ৰৰ উৎপাদন ক্ষমতা বৃদ্ধি কৰা।
(গ) ব্যক্তিত্বৰ বিকাশঃ শিক্ষার্থীসকলৰ ব্যক্তিত্বৰ প্রভাৱশালীভাৱে বিকাশ সাধন কৰিবলৈ তেওঁলোকৰ সৃজনীমূলক ক্ষমতা বা প্রতিভাক বাহিৰ উলিয়াই অনাৰ উপযুক্ত সুযোগ তথা সুবিধা প্রদান কৰা। এইটো লক্ষ্য কৰিব লাগে যে তেওঁলোকৰ গঠনমূলক বা সৃজনীমূলক ৰুচিবোধ আছে নে নাই আৰু তেওঁলোকৰ মাজত দেশৰ সাংস্কৃতিক সা-সম্পদ সংৰক্ষণৰ মূল্যবোধ প্রতিভাত হ’ব লাগে।
(ঘ) নেতৃত্বৰ বিকাশঃ মাধ্যমিক স্তৰত শিক্ষার্থীসকলক দায়িত্ব গ্রহণ কৰিব পৰাকৈ প্ৰশিক্ষণ প্রদান কৰা যাতে তেওঁলোকে জীৱনৰ প্রতিটো ক্ষেত্রতে নেতৃত্ব বহন কৰিব পাৰে; লাগিলে ই সামাজিকেই হওক বা সাংস্কৃতিক অথবা ৰাজনৈতিকেই হওক বা ঔদ্যোগিক তথ্য অন্য ক্ষেত্রই হওক।
৮। ভাৰতবৰ্ষৰ জাতীয় বিকাশৰ বাবে শিক্ষাৰ কোনবোৰ লক্ষ্য আদর্শ কোঠাৰী আয়োগে (১৯৬৪-৬৬) দাঙি ধৰিছে? উল্লেখ কৰা।
উত্তৰঃ শিক্ষাৰ যোগেদি ৰাষ্ট্রীয় সংহতি স্থাপন তথা দেশত আধুনিকীকৰণৰ প্ৰক্ৰিয়া খৰতকীয়া কৰাৰ লগতে আমাৰ ৰাষ্ট্ৰীয় উৎপাদন ক্ষমতা বৃদ্ধি কৰাৰ উদ্দেশ্য আগত ৰাখি ১৯৬৪-৬৬ চনৰ কোঠাৰী আয়োগে ভাৰতৰ জাতীয় উন্নয়নৰ বাবে শিক্ষাৰ নিম্নোল্লিখিত লক্ষ্যসমূহ দাঙি ধৰিছিলঃ
(ক) শিক্ষা আৰু উৎপাদনশীলতাঃ কোঠাৰী আয়োগে শিক্ষাক জাতীয় উৎপাদনৰ সৈতে সংযোজন কৰিলে ৰাষ্ট্ৰীয় আয়ৰ বৃদ্ধি হ’ব পাৰে বুলি উপলব্ধি কৰিছিল, সেয়েহে এই ক্ষেত্ৰত আয়োগে পৰামৰ্শ আগবঢ়াইছিল যে—
(১) বিজ্ঞান বিষয়টোক বিদ্যালয় তথা বিশ্ববিদ্যালয় পর্যায়ৰ উভয়ৰে অপৰিহাৰ্য অংগ হিচাপে অন্তর্ভুক্ত কৰা। অর্থাৎ দুয়োটা স্তৰতে বিজ্ঞানভিত্তিক শিক্ষা প্রদান কৰা।
(২) শিক্ষাত “কর্ম অভিজ্ঞতা”ৰ প্ৰৱৰ্তন কৰা আৰু ইয়াক বিজ্ঞানৰ প্ৰয়োগৰ সৈতে সংলগ্ন কৰি কৃষি, উদ্যোগ তথা প্রযুক্তিমুখী কৰি তোলা।
(৩) শিক্ষাৰ বৃত্তিমুখীকৰণ কৰা।
(খ) সামাজিক তথা জাতীয় সংহতিঃ কোঠাৰী আয়োগে কেৱল শিক্ষাৰ দ্বাৰাহে জাতীয় অসমন্বয়সমূহ মষিমূৰ কৰিব পৰা যায় বুলি বিশ্বাস কৰি নিম্নোক্ত পদক্ষেপৰ বাবে পৰামর্শ আগবঢ়াইছিল—
(১) সাধাৰণ বিদ্যালয়ৰ স্থাপন।
(২) বাধ্যতামূলক সামাজিক তথা জাতীয় সেৱাৰ প্ৰৱৰ্তন।
(৩) ভাষা-নীতিৰ প্ৰৱৰ্তন।
(৪) জাতীয় সচেতনতাৰ বিকাশ।
(৫) আন্তর্জাতিক বুজাপৰাৰ বাবে শিক্ষা।
(গ) শিক্ষা আৰু আধুনিকীকৰণঃ এই আয়োগে শিক্ষাই পৰিৱৰ্তনশীল সমাজখনৰ সৈতে গতি মিলাই চলিব লাগিব বুলি মন্তব্য আগবঢ়াইছিল। ইয়াৰ বাবে আয়োগে নিম্নোক্ত পৰামৰ্শসমূহ প্রদান কৰিছিলঃ
(১) শিক্ষাক ইয়াৰ উদ্দেশ্য তথা পদ্ধতিসমূহৰ ক্ষেত্ৰত পৃথক পৃথকভাৱে সম্বন্ধিত কৰিব লাগিব আৰু ইয়াৰ সৈতে সংগতি ৰাখি শিক্ষকসকলক শিক্ষিত কৰি তুলিব লাগিব।
(২) শিক্ষাক সামাজিক পৰিৱৰ্তনৰ আহিলা হিচাপে গণ্য কৰিব লাগিব।
(৩) শিক্ষা এনেকুৱা হ’ব লাগে যিয়ে মানুহক শিক্ষিত কৰি ৰাষ্ট্ৰৰ জাতীয় পুনঃগঠনত অৰিহণা যোগাব পৰাকৈ সক্ষম কৰি তুলিব পাৰে।
(৪) মাধ্যমিক আৰু উচ্চ শিক্ষা দ্রুতভাৱে বিস্তাৰিত হ’ব লাগে।
(ঘ) সামাজিক, নৈতিক আৰু আধ্যাত্মিক মূল্যবোধঃ কোঠাৰী আয়োগে শিক্ষা প্রত্যক্ষ তথা পৰোক্ষ দুয়োটা পদ্ধতিৰেই সামাজিক, নৈতিক আৰু আধ্যাত্মিক মূল্যবোধৰ মনোভাৱ গঢ়ি তুলিব পৰা ধৰণৰ হ’ব লাগে বুলি জোৰ দিছিল আৰু প্ৰাথমিক পৰ্যায়ৰ পৰা বিশ্ববিদ্যালয় পর্যায়লৈ সাপ্তাহিক বা দ্বি-সাপ্তাহিকভাৱে সকলো স্তৰতে নৈতিক মূল্যবোধৰ পাঠদানৰ ব্যৱস্থা কৰিব লাগে বুলি কৈছিল য’ত শিক্ষার্থীসকলে শৈক্ষিক প্রতিষ্ঠানৰ বাতাৱৰণৰ পৰাই এই প্রমূল্যসমূহ আহৰণ কৰিব পাৰিব।
৯। ১৯৬৪-৬৬ চনৰ কোঠাৰী আয়োগে ভাৰতৰ শিক্ষাৰ গাঠনিক প্রক্রিয়া সম্বন্ধে কি পৰামৰ্শ দিছে? বর্ণনা কৰা।
উত্তৰঃ ১৯৬৪-৬৬ চনৰ কোঠাৰী আয়োগে ভাৰতৰ শিক্ষাৰ গাঠনিক প্রক্রিয়া সম্বন্ধে নিম্নোল্লিখিত পৰামৰ্শবোৰ
আগবঢ়াইছিলঃ
কোঠাৰী আয়োগৰ মতে শিক্ষাৰ সময়সীমা বা কালছোৱা হ’ব লাগে—
(ক) প্রাক্-প্রাথমিক শিক্ষা — ১ ৰ পৰা ৩ বছৰলৈ
(খ) সাধাৰণ শিক্ষা — ১০ বছৰ
(১) প্রাথমিক স্তৰ — ৭ ৰ পৰা ৮ বছৰলৈ (ইয়াৰ নিম্ন প্রাথমিক স্তৰ ৪ ৰ পৰা ৫ বছৰ আৰু উচ্চ প্রাথমিক স্তৰ ২ ৰ পৰা ৩ বছৰ)
(২) নিম্ন মাধ্যমিক শিক্ষা — সাধাৰণ শিক্ষাৰ বাবে ৩ বা ২ বছৰ, অথবা বৃত্তিমুখী শিক্ষাৰ বাবে ১ ৰ পৰা ৩ বছৰ হ’ব লাগে।
(গ) উচ্চ মাধ্যমিক স্তৰ — সাধাৰণ শিক্ষাৰ বাবে ২ বছৰ অথবা বৃত্তিমুখী শিক্ষাৰ বাবে ১ ৰ পৰা ৩ বছৰ হ’ব লাগে।
(ঘ) উচ্চ শিক্ষা স্তৰ — প্রথম স্নাতক পাঠ্যক্ৰমৰ বাবে ৩ বছৰ বা ততোধিক সময়; ইয়াৰ পিছত স্নাতকোত্তৰ পাঠ্যক্ৰম আৰু গৱেষণামূলক ডিগ্রী যাৰ ক্ষেত্ৰত সময়ৰ তাৰতম্য ঘটিব পাৰে।
(ঙ) কোঠাৰী আয়োগে মাধ্যমিক বিদ্যালয় দুইধৰণৰ হ’ব লাগে বুলিও পৰামৰ্শ আগবঢ়াইছিলঃ
(১) উচ্চ মাধ্যমিক বিদ্যালয় — ১০ বছৰীয়া পাঠ্যক্রম।
(২) উচ্চতৰ মাধ্যমিক বিদ্যালয় — ১১ ৰ পৰা ১২ বছৰীয়া পাঠ্যক্রম।
তদুপৰি আয়োগখনে প্রথম শ্ৰেণীত নামভৰ্তি কৰাৰ বয়স ৬ বছৰ বা তাৰ অধিক হ’ব লাগিব বুলি পৰামৰ্শ আগবঢ়োৱাৰ লগতে ১০ ম শ্ৰেণীৰ শেষত শিক্ষার্থীসকলে প্রথমটো ৰাজহুৱা পৰীক্ষা বা বহিঃপৰীক্ষাত বহিব লাগিব আৰু একাদশ তথা দ্বাদশ শ্রেণীত অধ্যয়নৰ বিভিন্ন শাখাত বিভক্ত বিশেষ পাঠ্যক্রম সমগ্র দেশজুৰি সৰ্বভাৰতীয় পর্যায়ত প্ৰৱৰ্তন কৰিব লাগে বুলিও পৰামৰ্শ আগবঢ়াইছিল। ইয়াৰ উপৰি আয়োগে পূৰ্বৰ প্ৰাক্-বিশ্ববিদ্যালয় স্তৰটো মহাবিদ্যালয় তথা বিশ্ববিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ স্থানান্তৰ কৰাৰো পৰামৰ্শ আগবঢ়াইছিল।
১০। কোঠাৰী আয়োগ (১৯৬৪-৬৬) ৰ উদ্দেশ্যসমূহ কি কি? এই আয়োগৰ পৰামৰ্শ অনুসৰি শিক্ষাৰ গাঁথনি কেনেকুৱা?
উত্তৰঃ কোঠাৰী আয়োগ (১৯৬৪-৬৬) ৰ উদ্দেশ্যসমূহ:
ভাৰত চৰকাৰে ১৯৬৪ চনত অধ্যাপক ডি. এছ. কোঠাৰীৰ (D. S. Kothari) নেতৃত্বত এই আয়োগ গঠন কৰিছিল। ইয়াৰ আনুষ্ঠানিক নাম আছিল ৰাষ্ট্ৰীয় শিক্ষা আয়োগ (National Education Commission)। আয়োগৰ মূল উদ্দেশ্যসমূহ আছিল:
১। শিক্ষাৰ সকলো দিশৰ পৰীক্ষা: ভাৰতৰ শিক্ষাৰ সকলো স্তৰ (প্ৰাথমিক, মাধ্যমিক আৰু উচ্চ শিক্ষা) আৰু সকলো দিশৰ বিষয়ে অধ্যয়ন আৰু পৰীক্ষা কৰা।
২। শিক্ষাৰ ৰাষ্ট্ৰীয় আৰ্হি নিৰ্ধাৰণ: দেশৰ শিক্ষাৰ বিকাশৰ বাবে এক ৰাষ্ট্ৰীয় আৰ্হি বা নীতি নিৰ্ধাৰণ কৰা, যাতে ই দেশৰ প্ৰয়োজনীয়তা আৰু আশা-আকাংক্ষাসমূহ পূৰণ কৰিব পাৰে।
৩। ভাৰতৰ বিকাশৰ সৈতে শিক্ষাক সংযোগ: শিক্ষাক সমাজৰ সাংস্কৃতিক আৰু অৰ্থনৈতিক বিকাশৰ সৈতে সংযোগ কৰা, অৰ্থাৎ শিক্ষাৰ জৰিয়তে দেশৰ উৎপাদন বৃদ্ধি, সামাজিক আৰু ৰাষ্ট্ৰীয় ঐক্য, আৰু আধুনিকীকৰণত সহায় কৰা।
৪। শিক্ষা ব্যৱস্থাৰ পুনৰ্গঠন: ভাৰতৰ শিক্ষা ব্যৱস্থাত এক আমূল পৰিৱৰ্তন অনাৰ বাবে সুনিৰ্দিষ্ট পৰামৰ্শ আগবঢ়োৱা।
আয়োগৰ পৰামৰ্শ অনুসৰি শিক্ষাৰ গাঁথনি:
কোঠাৰী আয়োগে ভাৰতৰ শিক্ষা ব্যৱস্থাৰ বাবে এক নতুন আৰু সামগ্ৰিক গাঁথনিৰ পৰামৰ্শ দিছিল, যি আছিল:
১। শিক্ষাৰ সাধাৰণ গাঁথনি (Common Structure):
আয়োগে দেশজুৰি সকলো ঠাইতে ১০+২+৩ (দহ বছৰৰ সাধাৰণ শিক্ষা, দুবছৰৰ উচ্চতৰ মাধ্যমিক আৰু তিনি বছৰৰ স্নাতক ডিগ্ৰী) আৰ্হিৰ শিক্ষা গাঁথনি গ্ৰহণ কৰিবলৈ পৰামৰ্শ দিছিল। এই গাঁথনি পিছলৈ দেশৰ প্ৰায় সকলো ৰাজ্যতে গ্ৰহণ কৰা হৈছিল।
২। প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা:
চাৰিটা স্তৰ: শিক্ষাৰ স্তৰসমূহক চাৰিটা ভাগত বিভক্ত কৰা:
নিম্ন প্ৰাথমিক (Lower Primary): ৪ বা ৫ বছৰ
উচ্চ প্ৰাথমিক (Higher Primary): ২ বা ৩ বছৰ
নিম্ন মাধ্যমিক (Lower Secondary): ৩ বা ২ বছৰ
উচ্চতৰ মাধ্যমিক (Higher Secondary): ২ বছৰ (বৰ্তমানৰ উচ্চতৰ মাধ্যমিক)
১০ বছৰৰ সাধাৰণ বিদ্যালয়ীয়া শিক্ষা (General Schooling): প্ৰথম ১০ বছৰৰ বিদ্যালয়ীয়া শিক্ষাক বাধ্যতামূলকভাৱে অৰ্থনৈতিক বিকাশ আৰু উৎপাদনমুখীতাৰ ওপৰত গুৰুত্ব দিবলৈ পৰামৰ্শ দিয়া হৈছিল।
৩) উচ্চ শিক্ষা (Higher Education):
তিনি বছৰীয়া স্নাতক পাঠ্যক্ৰম: স্নাতক ডিগ্ৰীৰ (B.A., B.Sc., B.Com.) ম্যাদ ৩ বছৰ হ’ব লাগিব।
বিশেষজ্ঞ ডিগ্ৰী: স্নাতকোত্তৰ (Master’s Degree) ২ বা ৩ বছৰৰ হ’ব পাৰে।
৪) কৰ্ম অভিজ্ঞতা আৰু সামাজিক সেৱা:
আয়োগে শিক্ষাৰ সকলো স্তৰত কৰ্ম অভিজ্ঞতা (Work Experience) আৰু ৰাষ্ট্ৰীয় সেৱা (National Service) বাধ্যতামূলক কৰিবলৈ পৰামৰ্শ দিছিল, যাতে শিক্ষাৰ্থীসকল দেশৰ অৰ্থনৈতিক আৰু সামাজিক প্ৰয়োজনীয়তাৰ প্ৰতি সচেতন হ’ব পাৰে।
৫) ভাষা নীতি:
তিনি ভাষা সূত্ৰ (Three Language Formula): এই সূত্ৰৰ অধীনত শিক্ষাৰ্থীয়ে তিনিটা ভাষা শিকিব লাগিব:
মাতৃভাষা বা আঞ্চলিক ভাষা
হিন্দী (অহিন্দীভাষী ৰাজ্যত) বা ইংৰাজী (হিন্দীভাষী ৰাজ্যত)
আধুনিক ভাৰতীয় বা বিদেশী ভাষা
কোঠাৰী আয়োগৰ এই পৰামৰ্শসমূহে ১৯৬৮ চনৰ প্ৰথম ৰাষ্ট্ৰীয় শিক্ষানীতিৰ ভেঁটি স্থাপন কৰিছিল আৰু ভাৰতীয় শিক্ষা ব্যৱস্থাৰ আধুনিকীকৰণত এক গভীৰ প্ৰভাৱ পেলাইছিল।
১১। ভাৰতৰ স্কুলীয়া শিক্ষাৰ নতুন গাঁথনি প্রক্রিয়া সম্বন্ধে কোঠাৰী আয়োগৰ পৰামৰ্শাৱলী ব্যক্ত কৰা।
উত্তৰঃ ভাৰতৰ স্কুলীয়া শিক্ষাৰ গাঁথনি প্ৰক্ৰিয়াৰ আমূল পৰিৱৰ্তনৰ বাবে কোঠাৰী আয়োগে (National Education Commission, 1964-66) আগবঢ়োৱা পৰামৰ্শাৱলীসমূহ আছিল অতি গুৰুত্বপূৰ্ণ। এই পৰামৰ্শসমূহৰ ভিত্তিতেই ভাৰতত শিক্ষাব্যৱস্থাৰ এক সুসংগঠিত ৰাষ্ট্ৰীয় আৰ্হি স্থাপন কৰা হৈছিল।
কোঠাৰী আয়োগৰ পৰামৰ্শ অনুসৰি শিক্ষাৰ গাঁথনি তলত উল্লেখ কৰা ধৰণৰ আছিল:
১। শিক্ষাৰ সাধাৰণ গাঁথনি (Common Educational Structure):
আয়োগে দেশজুৰি সকলো ৰাজ্যতে এক সাধাৰণ আৰু অভিন্ন শিক্ষা গাঁথনি গ্ৰহণ কৰিবলৈ পৰামৰ্শ দিছিল, যিটো আছিল ১০+২+৩ আৰ্হি।
১০ বছৰ: সাধাৰণ বিদ্যালয়ীয়া শিক্ষা (General Education) – প্ৰাথমিক আৰু নিম্ন মাধ্যমিক পৰ্যায়।
২ বছৰ: উচ্চতৰ মাধ্যমিক বা প্ৰি-ইউনিভাৰ্ছিটি স্তৰ (Higher Secondary/Pre-University) ।
৩ বছৰ: স্নাতক ডিগ্ৰী (Bachelor’s Degree)।
২। দশম শ্ৰেণীলৈকে সাধাৰণ শিক্ষা:
প্ৰথম ১০ বছৰৰ বিদ্যালয়ীয়া শিক্ষাক সকলো শিক্ষাৰ্থীৰ বাবে সাধাৰণ শিক্ষা (Common Education) হিচাপে ৰখাৰ পৰামৰ্শ দিয়া হৈছিল। এই সময়ছোৱাত সকলো শিক্ষাৰ্থীয়ে একেধৰণৰ পাঠ্যক্ৰম অধ্যয়ন কৰি এক উমৈহতীয়া ভেঁটি লাভ কৰিব।
৩। শিক্ষাৰ স্তৰসমূহৰ পুনৰ্গঠন:
আয়োগে স্কুলীয়া শিক্ষাক নিম্নোক্ত স্তৰত বিভক্ত কৰিছিল:
নিম্ন প্ৰাথমিক (Lower Primary): ৪ বা ৫ বছৰ।
উচ্চ প্ৰাথমিক (Higher Primary): ২ বা ৩ বছৰ।
নিম্ন মাধ্যমিক (Lower Secondary): ৩ বা ২ বছৰ।
উচ্চতৰ মাধ্যমিক (Higher Secondary): ২ বছৰ।
৪। বৃত্তিমুখী শিক্ষাৰ সংযোগ:
উচ্চতৰ মাধ্যমিক স্তৰত (অর্থাৎ +২ স্তৰত) বৃত্তিমুখী শিক্ষা (Vocational Education) আৰম্ভ কৰাৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হৈছিল। আয়োগে পৰামৰ্শ দিছিল যে মাধ্যমিক শিক্ষাৰ বৃহৎ অংশই শিক্ষাৰ্থীক কোনো নিৰ্দিষ্ট বৃত্তিৰ বাবে প্ৰস্তুত কৰিব লাগে, যাতে তেওঁলোক পোনপটীয়াকৈ কৰ্মক্ষেত্ৰত প্ৰৱেশ কৰিব পাৰে।
৫। মাতৃভাষা আৰু আঞ্চলিক ভাষাৰ গুৰুত্ব:
স্কুলীয়া শিক্ষাৰ প্ৰাথমিক স্তৰত মাতৃভাষা বা আঞ্চলিক ভাষা মাধ্যম হিচাপে ব্যৱহাৰ কৰাৰ ওপৰত গুৰুত্ব দিয়া হৈছিল। উচ্চ স্তৰত তিনি ভাষা সূত্ৰ (মাতৃভাষা, হিন্দী আৰু ইংৰাজী) কাৰ্যকৰী কৰাৰ পৰামৰ্শ দিছিল।
৬। কৰ্ম অভিজ্ঞতাৰ অন্তৰ্ভুক্তি:
বিদ্যালয়ীয়া শিক্ষাৰ সকলো স্তৰত কৰ্ম অভিজ্ঞতা (Work Experience) আৰু সামাজিক সেৱা (Social Service) কাৰ্যসূচী অন্তৰ্ভুক্ত কৰাৰ পৰামৰ্শ দিয়া হৈছিল, যাতে শিক্ষাৰ্থীসকলে দেশৰ উৎপাদন আৰু বিকাশৰ প্ৰতি সচেতন হয়।
কোঠাৰী আয়োগৰ এই পৰামৰ্শাৱলীয়েই ১৯৬৮ চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতিৰ ভেঁটি স্থাপন কৰিছিল আৰু ভাৰতৰ আধুনিক শিক্ষা ব্যৱস্থাৰ গাঠনিৰ বাবে ই এক নিৰ্ণায়ক ভূমিকা পালন কৰিছিল।
১২। ১৯৬৪-৬৬ চনৰ ভাৰতীয় শিক্ষা আয়োগে বিদ্যালয় শিক্ষাৰ কেনেধৰণৰ গাঠনিক প্ৰক্ৰিয়াৰ পৰিৱৰ্তনৰ কথা কৈছে?
উত্তৰঃ ১৯৬৬ চনৰ কোঠাৰীৰ শিক্ষা আয়োগে শিক্ষাৰ সাংগঠনিক প্রতিষ্ঠাৰ ক্ষেত্ৰত আগবঢ়োৱা পৰামৰ্শসমূহ হ’লঃ
(ক) সমগ্র দেশতে ১০+২+৩ সূত্ৰৰ এক সাধাৰণ শৈক্ষিক গাঁথনিৰ সূচনা কৰা। এই গাঁথনিৰ বিভিন্ন স্তৰসমূহ তলত দিয়া ধৰণে গঠিত হ’ব—
শিক্ষাৰ সময়সীমা বা কালছোৱাঃ
|
(১) প্রাক্-প্রাথমিক বা প্রাক্-স্কুলীয়া শিক্ষা : ১ ৰ পৰা ৩ বছৰলৈ (২) প্রাথমিক শিক্ষা : ৭ ৰ পৰা ৮ বছৰলৈ (ক) নিম্ন প্রাথমিক : ৪ ৰ পৰা ৫ বছৰলৈ (খ) উচ্চ প্রাথমিক : ২ ৰ পৰা ৩ বছৰলৈ (৩) নিম্ন-মাধ্যমিক শিক্ষা : ২ ৰ পৰা ৩ বছৰলৈ (৪) উচ্চতৰ-মাধ্যমিক শিক্ষা : ২ ৰ পৰা ৩ বছৰলৈ (৫) স্নাতক পাঠ্যক্রম : ৩ বছৰ (৬) স্নাতকোত্তৰ পাঠ্যক্রম : ২ ৰ পৰা ৩ বছৰলৈ (৭) গৱেষণা ডিগ্রী : ২ ৰ পৰা ৩ বছৰলৈ |
|---|
(খ) এই নৱ-গঠিত সাংগঠনিক পৰিকল্পনা অনুসৰি গৱেষণা পাঠ্যক্ৰমৰ সময়সীমা পঞ্চম পঞ্চ-বার্ষিক পৰিকল্পনাৰ সময়ত আৰম্ভ হৈ ১৯৮৫ চনৰ ভিতৰত সমাপ্ত হোৱা উচিত।
(গ) স্কুলীয়া শিক্ষা আৰম্ভণিৰ বয়স বা শ্ৰেণীসমূহত নামভৰ্তি কৰাৰ বয়স অতি কমেও ৬ বছৰ হোৱা উচিত।
(ঘ) ১০ বছৰীয়া স্কুলীয়া শিক্ষা সমাপ্ত হোৱাৰ পিছতহে ছাত্র-ছাত্রীসকলে জীৱনৰ প্ৰথমটো বহিঃ বা ৰাজহুৱা পৰীক্ষাত অৱতীৰ্ণ হ’ব পাৰিব।
(ঙ) ১০ বছৰীয়া স্কুলীয়া শিক্ষাৰ সমাপ্তিৰ পিছত শিক্ষাৰ মানদণ্ড সৰ্বভাৰতীয় পৰ্যায়ৰ কৰি তোলা হ’ব।
(চ) মাধ্যমিক স্তৰৰ বিদ্যালয়সমূহ তলত উল্লেখ কৰা দুই ধৰণৰ হোৱা উচিতঃ
(১) ১০ বছৰীয়া সাধাৰণ শিক্ষা অন্তর্ভুক্ত মাধ্যমিক বিদ্যালয়সমূহ।ল
(২) ১২ বছৰীয়া সাধাৰণ শিক্ষা অন্তর্ভুক্ত উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহ।
(ছ) একমাত্র সুদক্ষ বা দক্ষতা সম্পন্ন হাইস্কুলকহে উচ্চতৰ মাধ্যমিক পর্যায়লৈ উন্নীতকৰণৰ অনুমতি প্রদান কৰা উচিত।
(জ) প্রতিখন প্রাক্-বিশ্ববিদ্যালয় নাইবা ইন্টাৰমেডিয়েট মহাবিদ্যালয় ১০ বছৰীয়া সময়সীমাৰ ভিতৰত উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ স্থানান্তৰিত কৰা উচিত।
(ঝ) পঞ্চম পাঁচ-বছৰীয়া পৰিকল্পনাৰ অন্তত নতুনকৈ অন্য কোনো প্রাক্-বিশ্ববিদ্যালয় নাইবা ইন্টাৰমেডিয়েট মহাবিদ্যালয় খোলাৰ বাবে অনুমতি প্রদান কৰা অনুচিত।
১৩। চমুকৈ লিখাঃ—
(ক) ১০+২+৩ সূত্র
উত্তৰঃ ১০+২+৩ সূত্রটো হৈছে ১৯৬৪-৬৬ চনৰ কোঠাৰী আয়োগৰ দ্বাৰা ভাৰতীয় শিক্ষাৰ সাংগঠনিক প্রক্রিয়াৰ ক্ষেত্রত আগবঢ়োৱা এটা অনবদ্য শৈক্ষিক গাঁথনি প্রৱর্তন কৰাৰ প্রস্তাৱ য’ত ১০ বছৰীয়া প্রাথমিক তথা হাইস্কুলীয়া শিক্ষা; ২ বছৰীয়া উচ্চতৰ মাধ্যমিক শিক্ষা আৰু ৩ বছৰীয়া স্নাতক শিক্ষাৰ পাঠ্যক্রমক অন্তর্ভুক্ত কৰি লোৱা হৈছে। এই সূত্ৰটোৰ দ্বাৰা প্ৰথম ১০ বছৰীয়া সাধাৰণ শিক্ষা আৰু পৰৱৰ্তী ২ বছৰীয়া বৃত্তিমুখী শিক্ষাক সামৰি লৈ সমগ্র দেশজুৰি শিক্ষাৰ গাঁথনিটোক একৰূপীকৰণ কৰাৰ লক্ষ্য নির্ধাৰিত কৰা হয়।
(খ) জাতীয় শিক্ষাৰ লক্ষ্য (১৯৬৪-৬৬ চনৰ আয়োগ)
উত্তৰঃ ১৯৬৪-৬৬ চনৰ কোঠাৰী আয়োগে নিম্নোল্লিখিত লক্ষ্যসমূহৰ সৈতে জাতীয় শিক্ষাৰ বাবে কেইবাটাও গুৰুত্বপূর্ণ পৰামৰ্শ আগবঢ়াইছিলঃ
(১) শিক্ষাক বিজ্ঞানভিত্তিক তথা প্রযুক্তিমুখী আৰু ঔদ্যোগিকীকৰণমুখী কৰি তোলাৰ দ্বাৰা দেশৰ জাতীয় উৎপাদন ক্ষমতা বৃদ্ধি কৰা। ইয়াৰ বাবে শিক্ষাক বৃত্তিমুখীকৰণ কৰা।
(২) শিক্ষাৰ সকলোস্তৰতে সামাজিক তথা জাতীয় সেৱা বাধ্যতামূলক কৰি সাধাৰণ বা উমৈহতীয়া বিদ্যালয়সমূহৰ সহায়ত শিক্ষিত লোকৰ সৃষ্টি কৰি সমাজক ঐক্যবদ্ধ কৰাৰ দ্বাৰা দেশৰ সামাজিক তথা জাতীয় অখণ্ডতাক উৎসাহিত কৰা।
(৩) শিক্ষাৰ আধুনিকীকৰণ কৰা যাতে ই শিক্ষাৰ নতুন পদ্ধতি তথা লক্ষ্য-উদ্দেশ্যসমূহৰ সৈতে পৰিৱৰ্তনশীল সমাজ ব্যৱস্থাৰ লগত সমান্তৰালভাৱে চলিব পাৰে।
(৪) শিক্ষার্থীসকলৰ মনৰ মাজত প্রত্যক্ষভাৱে শ্রেণীকোঠাত প্রদান কৰা শিক্ষাৰ দ্বাৰা অথবা বিভিন্ন উদাহৰণ দাঙি ধৰি, উৎসৱ-পার্বন পালনৰ দ্বাৰা বা বিদ্যালয়ৰ পৰিৱেশত বিভিন্ন সামাজিক সেৱাৰ কাৰ্যসূচী পালন আদিৰ দ্বাৰা পৰোক্ষভাৱে সামাজিক, নৈতিক তথা আধ্যাত্মিক মূল্যবোধৰ ভাৱ জাগ্ৰত কৰা।
(গ) কর্ম অভিজ্ঞতা
উত্তৰঃ শিক্ষার্থীসকলৰ মাজত বৃত্তিমুখী মনোভাৱ বা কর্ম-স্পৃহাৰ অনুভূতিৰ বিকাশ সাধনৰ লক্ষ্যৰে ১৯৬৪-৬৬ চনৰ কোঠাৰী আয়োগে বিদ্যালয়সমূহত “কর্ম অভিজ্ঞতা”ৰ প্ৰৱৰ্তন কৰিছিল। ই বিদ্যালয়তে হওক বা ঘৰত অথবা কাৰখানাতেই হওক বা কর্মশালাতে
হওক শিক্ষার্থীসকলে হাতে-কামে ব্যৱহাৰিক ৰূপত যিকোনো উৎপাদনমূলক কার্যকলাপত অংশগ্রহণ কৰাক বুজায়। এইটোৱে মানসিক কাৰ্য আৰু ব্যৱহাৰিক কাৰ্যৰ মাজত থকা পার্থক্য বা বিভাজন আঁতৰোৱাত সহায় কৰে। তদুপৰি কৰ্ম অভিজ্ঞতাই ব্যক্তি বা শিক্ষার্থী এজনৰ মাজলৈ সৃজনীমূলক অভিব্যক্তি কঢ়িয়াই আনে। ইয়াৰ ফলস্বৰূপে কম বুদ্ধিসম্পন্ন শিক্ষার্থীসকলেও আর্থিকভাৱে আত্ম-নিৰ্ভৰশীল হ’ব পাৰে তথা সামাজিক ব্যৱধান দূৰ কৰাৰ ক্ষেত্ৰত উন্নত ধৰণে অৱদান আগবঢ়াব পাৰে।
(ঘ) বিদ্যালয় প্রকল্প বা স্কুল কমপ্লেক্স
উত্তৰঃ ১৯৬৪-৬৬ চনৰ কোঠাৰী আয়োগে বিদ্যালয় প্রকল্প বা বিদ্যালয় পৰিসৰৰ ধাৰণাটো প্ৰৱৰ্তন কৰিছিল। আয়োগে উপলব্ধি কৰিছিল যে শিক্ষাই ব্যক্তি এজনৰ বিকাশ সাধনৰ লগতে সামাজিক উন্নতি সাধনৰ ক্ষেত্ৰতো বিশদভাৱে অৱদান যোগাব পাৰে। কিন্তু এইটো তেতিয়াহে সম্ভৱ হ’ব যেতিয়া সহজে ঢুকি পোৱা দূৰত্বৰ ভিতৰত থকা বিদ্যালয়সমূহৰ মাজত মুখামুখি বা নিকট সম্পর্ক স্থাপন হ’ব। ইয়াৰ বাবে সকলোস্তৰৰে বিদ্যালয়সমূহক এটা প্রকল্প হিচাপে গঢ়ি তুলিব লাগিব বা এটা চৌহদৰ ভিতৰতে ৰাখিব লাগিব। প্রাথমিক বিদ্যালয়, উচ্চ মাধ্যমিক বিদ্যালয়, প্রশিক্ষণ বিদ্যালয়, কাৰিকৰী বিদ্যালয় আদিক একগোট কৰি লৈ এটা বিদ্যালয় প্রকল্প হিচাপে গঢ়ি তুলিব লাগিব। এইবোৰে নিজৰ শৈক্ষিক মানদণ্ড উন্নত কৰিবলৈ পৰস্পৰে সহযোগিতা ৰক্ষা কৰি কাম কৰিব লাগিব। সকলোবোৰ বিদ্যালয়লৈ সমান শৈক্ষিক সুবিধা প্রদান কৰা হ’ব। বিদ্যালয় প্ৰকল্পৰ সুবিধাসমূহ হৈছেঃ
(ক) বিদ্যালয়সমূহে অপ্রগতিশীল পৃথকীকৰণৰ মাজত থাকি কাম কৰা আৱশ্যকতা নাথাকিব।
(খ) একেটা পৰিসৰত থকা বা ওচৰ-চুবুৰীয়া বিদ্যালয়সমূহৰ গোটটোৱে নিজৰ নিজৰ শৈক্ষিক মানদণ্ড উন্নত কৰিবলৈ সমূহীয়াভাৱে কাম কৰিব পাৰিব।
(গ) ৰাজ্যিক শিক্ষা বিভাগে কাৰ্যকৰী স্তৰত কর্তৃত্ব হস্তান্তৰিত কৰিবলৈ সক্ষম হ’ব।
(ঘ) পৰিসৰৰ ভিতৰত থকা বিদ্যালয়বোৰৰ মাজত সম্পদ তথা অভিজ্ঞতাসমূহ বিনিময় কৰাৰ সুবিধা কৰিব পৰা যাব।
১৪। কোঠাৰী আয়োগে উদ্ভাৱন কৰা ১০+২+৩ সূত্রটোৱে সূচোৱা কথাখিনি চমুকৈ বর্ণনা কৰা।
উত্তৰঃ কোঠাৰী আয়োগে সমগ্র দেশখনতে শিক্ষাৰ গাঁথনিটোক অধিক একৰূপী কৰি তোলাৰ লক্ষ্যৰে ১০+২+৩ সূত্ৰটো প্ৰৱৰ্তন কৰিছিল। ইয়াৰ দ্বাৰা আয়োগে শিক্ষার্থীসকলক প্রথম দহ বছৰত প্ৰাথমিক তথা হাইস্কুলীয়া শিক্ষা অন্তর্ভুক্ত হৈ থকা সাধাৰণ শিক্ষা প্রদান কৰাৰ মনোভাৱ ব্যক্ত কৰিছিল। ইয়াৰ পিছত আহিব উচ্চতৰ মাধ্যমিক শিক্ষাৰ স্তৰ, + ২ স্তৰটো য’ত বৃত্তিমুখী শিক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। এই + ২ স্তৰটো হ’ল সবাতোকৈ গুৰুত্বপূৰ্ণ স্তৰ। এই স্তৰটোত শিক্ষার্থীসকলক আত্ম-নিৰ্ভৰশীল কৰি গঢ়ি
তোলাৰ বাবে পাঠ্যক্রমৰ ওপৰত অধিক গুৰুত্ব প্রদান কৰা হয়। তদুপৰি এই স্তৰত শিক্ষার্থীসকল শৈক্ষিক কাৰ্যৰ উপৰি চিকিৎসা সেৱা, দুখীয়া লোকৰ সেৱা, গ্রাম্য অঞ্চলত প্রকল্পভিত্তিক কার্য কৰা, নিৰক্ষৰ লোকক শিক্ষা প্রদান কৰা আদিৰ দৰে সমাজ সেৱামুলক কার্যসূচীসমূহ হাতত ল’বলৈও শিক্ষা প্রদান কৰা ব্যৱস্থা কৰা হয়। গতিকে, দেখা গ’ল যে কোঠাৰী আয়োগৰ ১০+২+৩ সূত্রটোৰ পৰিকল্পনাৰ মূলতে থকা অভ্যন্তৰীণ দৃষ্টিভংগী বা মনোভাৱটো আছিল শিক্ষাৰ উচ্চতৰ মাধ্যমিক স্তৰছোৱাত শিক্ষার্থীসকলৰ মাজত বৃত্তিমুখী মনোভাৱৰ বিকাশ সাধনৰ ওপৰত গুৰুত্ব আৰোপ কৰি দেশৰ প্রগতি সাধন কৰা।
১৫। ১৯৬৪-৬৬ চনৰ কোঠাৰী আয়োগে বৃত্তিমুখী শিক্ষা সন্দৰ্ভত কেনেধৰণৰ মতামত আগবঢ়াইছিল? বর্ণনা কৰা।
উত্তৰঃ ১৯৬৪-৬৬ চনৰ কোঠাৰী আয়োগে মাধ্যমিক শিক্ষাক বৃত্তিমুখী কৰাৰ প্ৰয়োজনৰ ওপৰত বিশেষভাৱে জোৰ দিছিল। কোঠাৰী আয়োগে বৃত্তিমুখী শিক্ষা পাঠ্যক্রমৰ সংখ্যা বৃদ্ধি কৰাৰ লক্ষ্য স্থিৰ কৰিছিল যাতে এই শিক্ষাই মাধ্যমিক শিক্ষাত নামভৰ্তি কৰা অতি কমেও আধা সংখ্যক শিক্ষার্থীক সামৰি ল’ব পাৰে। আয়োগে পৰামৰ্শ আগবঢ়াইছিল। যে এবছৰ পৰা তিনিবছৰীয়া বিভিন্ন সময়সীমাৰ, সাময়িক কেইবাটাও পাঠ্যক্রমৰ প্রৱর্তন কৰিব লাগে। ইয়াৰ ভিতৰত প্রাক্-প্রাথমিক তথা প্রাথমিক শিক্ষক প্রশিক্ষণ, কৃষি তথা উদ্যোগ খণ্ডৰ মধ্যস্তৰৰ কৰ্মচাৰীবৰ্গৰ প্রশিক্ষণ, সহকাৰী চিকিৎসাকর্মী তথা স্বাস্থ্য কর্মীসকলৰ প্রশিক্ষণ, নিম্নতম অর্হতা দশম শ্রেণী হোৱা বিভিন্ন বাণিজ্যিক শিক্ষাৰ প্রশিক্ষণ, গৃহ বিজ্ঞান আদিৰ দৰে পাঠ্যক্রমসমূহক অন্তর্ভুক্ত কৰি লোৱাৰ বাবে আয়োগে মতামত আগবঢ়াইছিল আৰু এইধৰণৰ প্ৰশিক্ষণ পাঠ্যক্রমসমূহে মাধ্যমিক শিক্ষাক সাময়িক বা নির্দিষ্ট সময়সীমাৰ কৰি তুলিব বুলি মত প্রকাশ কৰিছিল। ইয়াৰোপৰি কোঠাৰী আয়োগে শিক্ষার্থীসকলৰ মাজত বৃত্তিমুখী মনোভাৱ বা কর্মস্পৃহাৰ চেতনাৰ বিকাশ সাধন কৰিবলৈ বিদ্যালয় শিক্ষাত “কর্ম-অভিজ্ঞতা” বিষয় প্রৱর্তন কৰাৰ প্রস্তাৱ আগবঢ়াইছিল। এই পাঠ্যক্ৰমৰ দ্বাৰা শিক্ষার্থীসকলে উৎপাদনমূলক ক্রিয়াকলাপৰ বিভিন্ন পৰিস্থিতিত অংশগ্রহণ কৰিব পাৰিব যিটোৱে শিক্ষার্থীসকলৰ সৃজনীমূলক দিশটোৰ বহিঃপ্রকাশ ঘটাব আৰু ইয়াৰ ফলস্বৰূপে শিক্ষামূলক প্রয়াসবোৰ অধিক উদ্দেশ্যমূলক হৈ উঠিব।
১৬। চমুটোকা লিখাঃ
(ক) বৃত্তিমুখী শিক্ষা।
উত্তৰঃ বৃত্তিমুখী শিক্ষা হৈছে এক বিশেষ ধৰণৰ শিক্ষা ব্যৱস্থা, যি শিক্ষাৰ্থীসকলক কোনো নিৰ্দিষ্ট পেছা বা বৃত্তিৰ বাবে প্ৰয়োজনীয় ব্যৱহাৰিক দক্ষতা (Practical Skills) আৰু জ্ঞান প্ৰদান কৰাৰ ওপৰত গুৰুত্ব দিয়ে। ইয়াৰ মুখ্য উদ্দেশ্য হৈছে শিক্ষা সাং কৰি উঠাৰ পিছত শিক্ষাৰ্থীসকলক প্ৰত্যক্ষভাৱে কৰ্মসংস্থাপনৰ বাবে উপযুক্ত কৰি তোলা।
বৃত্তিমুখী শিক্ষাৰ বৈশিষ্ট্য আৰু গুৰুত্ব:
১। কৰ্মসংস্থাপনমুখী: এই শিক্ষাই স্নাতক ডিগ্ৰীৰ সলনি কাৰিকৰী দক্ষতাৰ ওপৰত অধিক গুৰুত্ব দিয়ে, যাৰ ফলত শিক্ষাৰ্থীসকলে উদ্যোগ, কৃষি, স্বাস্থ্য, পৰ্যটন বা সেৱা খণ্ডত নিজৰ কেৰিয়াৰ গঢ়িব পাৰে।
২। ব্যৱহাৰিক প্ৰশিক্ষণ: ইয়াত কেৱল তত্ত্বগত জ্ঞান প্ৰদান কৰা নহয়, বৰঞ্চ প্ৰয়োগমূলক শিক্ষা (Hands-on Training), কাৰখানা ভ্ৰমণ (Field Visits) আৰু শিক্ষানবিছ (Apprenticeship) কাৰ্যসূচীৰ জৰিয়তে বাস্তৱ অভিজ্ঞতা প্ৰদান কৰা হয়।
৩। অৰ্থনৈতিক বিকাশ: বৃত্তিমুখী শিক্ষাই দেশৰ অৰ্থনৈতিক বিকাশৰ বাবে প্ৰয়োজনীয় দক্ষ জনশক্তি (Skilled Workforce) সৃষ্টি কৰাত সহায় কৰে। ইয়াৰ জৰিয়তে শিক্ষিত নিবনুৱা সমস্যাও বহু পৰিমাণে লাঘৱ কৰিব পাৰি।
৪। কোঠাৰী আয়োগৰ পৰামৰ্শ: ১৯৬৪-৬৬ চনৰ কোঠাৰী আয়োগে শিক্ষা ব্যৱস্থাৰ পুনৰ্গঠনৰ বাবে বৃত্তিমুখী শিক্ষাক মাধ্যমিক আৰু উচ্চ মাধ্যমিক স্তৰত গুৰুত্বপূৰ্ণ অংগ হিচাপে অন্তৰ্ভুক্ত কৰাৰ পৰামৰ্শ দিছিল, যাতে শিক্ষা জীৱনৰ সৈতে কৰ্মসংস্থাপনৰ সংযোগ সুদৃঢ় হয়।
৫। উদাহৰণ: আই.টি.আই (ITI) কাৰ্যসূচী, পলিটেকনিক ডিপ্লমা, বিভিন্ন কাৰিকৰী বা বৃত্তিমূলক পাঠ্যক্ৰম (যেনে- কম্পিউটাৰ এপ্লিকেচন, নাৰ্চিং, আতিথ্য ব্যৱস্থাপনা, ইলেক্ট্ৰনিক মেৰামতি আদি)।
সামগ্ৰিকভাৱে, বৃত্তিমুখী শিক্ষা আধুনিক সমাজৰ এক অপৰিহাৰ্য অংশ, কিয়নো ই শিক্ষাৰ্থীক কেৱল জ্ঞান দিয়েই ক্ষান্ত নাথাকি জীৱন নিৰ্বাহৰ বাবে প্ৰয়োজনীয় দক্ষতাও প্ৰদান কৰে।
(খ) শিক্ষাৰ গাঠনিক প্রক্রিয়া।
উত্তৰঃ শিক্ষাৰ গাঠনিক প্ৰক্ৰিয়া বা গাঁথনি হৈছে এখন দেশৰ বা এখন ৰাজ্যৰ শিক্ষা ব্যৱস্থাটো কিদৰে বিভিন্ন স্তৰত আৰু ধাৰাত বিভক্ত হৈ আছে, তাৰ এক সমগ্ৰ ৰূপৰেখা। এই গাঁথনিটোৱে শিক্ষাৰ্থীৰ শৈক্ষিক যাত্ৰাৰ ধাৰাবাহিকতা আৰু স্তৰসমূহ নিৰ্ধাৰণ কৰে।
ভাৰতীয় শিক্ষাৰ গাঠনিক প্ৰক্ৰিয়াৰ মূল স্তৰসমূহ:
ভাৰতত কোঠাৰী আয়োগে (১৯৬৪-৬৬) দিয়া পৰামৰ্শ অনুসৰি গ্ৰহণ কৰা আৰু পৰৱৰ্তী শিক্ষানীতিসমূহে নিৰ্ধাৰণ কৰা শিক্ষাগত গাঁথনিটোৰ মুখ্য অংশসমূহ তলত দিয়া ধৰণৰ:
১। প্ৰাথমিক শিক্ষা (Elementary/Primary Education):
স্তৰ: নিম্ন প্ৰাথমিক (প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ) আৰু উচ্চ প্ৰাথমিক (ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ)।
বৈশিষ্ট্য: এই স্তৰত শিক্ষাৰ্থীক মৌলিক সাক্ষৰতা, সংখ্যা জ্ঞান আৰু পাৰিপাৰ্শ্বিক জ্ঞানৰ ভেঁটি প্ৰদান কৰা হয়।
২। মাধ্যমিক শিক্ষা (Secondary Education):
স্তৰ: নৱম আৰু দশম শ্ৰেণী (সাধাৰণতে দহ বছৰীয়া বিদ্যালয়ীয়া শিক্ষাৰ অন্ত পৰে)।
বৈশিষ্ট্য: এই স্তৰত শিক্ষাৰ্থীক সাধাৰণ শিক্ষা আৰু কিছুমান নিৰ্বাচিত বিষয়ত গভীৰ জ্ঞান প্ৰদান কৰা হয়।
৩। উচ্চতৰ মাধ্যমিক শিক্ষা (Higher Secondary Education):
স্তৰ: একাদশ আৰু দ্বাদশ শ্ৰেণী (সাধাৰণতে +২ স্তৰ বুলি জনা যায়)।
বৈশিষ্ট্য: এই স্তৰত শিক্ষাৰ্থীয়ে নিজৰ আগ্ৰহ অনুসৰি কলা (Arts), বিজ্ঞান (Science) বা বাণিজ্য (Commerce) আদি ধাৰাসমূহ বাছি লয়। বৃত্তিমুখী শিক্ষাও এই স্তৰত আৰম্ভ কৰা হয়।
৪। উচ্চ শিক্ষা (Higher Education):
স্তৰ:
স্নাতক (Undergraduate): সাধাৰণতে তিনি বছৰীয়া পাঠ্যক্ৰম (B.A., B.Sc., B.Com. আদি)।
স্নাতকোত্তৰ (Postgraduate): সাধাৰণতে দুবছৰীয়া পাঠ্যক্ৰম (M.A., M.Sc., M.Com. আদি)।
গৱেষণা স্তৰ: এম.ফিল. আৰু পি.এইচ.ডি.।
বৈশিষ্ট্য: এই স্তৰে শিক্ষাৰ্থীক উচ্চস্তৰৰ জ্ঞান আৰু গৱেষণাৰ বাবে প্ৰস্তুত কৰে।
কোঠাৰী আয়োগৰ পৰামৰ্শৰ আধাৰত দেশজুৰি গ্ৰহণ কৰা ১০+২+৩ গাঁথনিটোৱেই হৈছে ভাৰতৰ শিক্ষাৰ গাঠনিক প্ৰক্ৰিয়াৰ মূল ভেঁটি, যি শিক্ষাৰ্থীৰ ধাৰাবাহিক বিকাশ নিশ্চিত কৰে।
১৭। স্বাধীনতাৰ পিছত অসমৰ মাধ্যমিক শিক্ষাৰ বিকাশ সম্বন্ধে বর্ণনা কৰা।
উত্তৰঃ স্বাধীনতাৰ পৰৱৰ্তী কালছোৱাত চৰকাৰে অসমৰ শিক্ষা ব্যৱস্থাৰ আধুনিকীকৰণৰ বাবে কেইবাটাও গুৰুত্বপূর্ণ পদক্ষেপ গ্রহণ কৰিছিল যাৰ ফলত অসমৰ শিক্ষাৰ মানদণ্ড তথা গুণাগুণৰ যথেষ্ট উন্নত হৈছিল। প্রয়োজনীয় আইন তথা বিধি-বিধান প্রণয়ন কৰি স্বায়ত্ত-শাসিত শিক্ষা কর্তৃপক্ষৰ ব্যৱস্থা কৰি তোলা হৈছিল। ৰাষ্ট্ৰীয় পৰ্যায়ৰ আয়োগৰ দ্বাৰা প্রস্তাৱিত শিক্ষা পৰামর্শসমূহ অসমতো গ্রহণ কৰা হৈছিল।
১৯৪৮ চনৰ আগলৈকে অসমৰ মাধ্যমিক শিক্ষা ব্যৱস্থাটো কলিকতা বিশ্ববিদ্যালয়ৰ অধীনস্থ হৈ থকাৰ বাবে অসমত মাধ্যমিক বিদ্যালয়ৰ সংখ্যা তেনেই কম আছিল আৰু ইয়াৰ সংখ্যা বৃদ্ধিৰ গতি তেনেই মন্থৰ আছিল। অৱশ্যে, ১৯৪৮ চনত অসমত গুৱাহাটী বিশ্ববিদ্যালয় স্থাপন হৈছিল আৰু ইয়াৰ লগে লগে অসমৰ মাধ্যমিক শিক্ষাৰ দায়িত্ব কলিকতা বিশ্ববিদ্যালয়ৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ হাতলৈ হস্তান্তৰিত হৈছিল। পিছলৈ ১৯৬২ চনত ১৯৫২-৫৩ চনৰ মুডালিয়াৰ আয়োগৰ অনুমোদনক্রমে অসম মাধ্যমিক শিক্ষা বোর্ড স্থাপন কৰা হৈছিল আৰু ৬৭ খন উচ্চ মাধ্যমিক বিদ্যালয় বা হাইস্কুলক উচ্চতৰ মাধ্যমিক তথা বহুমুখী বিদ্যালয়ৰ পৰ্যায়লৈ উন্নীত কৰা হৈছিল। তেতিয়াৰ পৰা বৰ্তমানলৈ দশম শ্ৰেণীৰ অন্তত অনুষ্ঠিত কৰা প্ৰৱেশিকা বা মেট্ৰিক পৰীক্ষাটো এই বোৰ্ডৰ দ্বাৰা পৰিচালিত হৈ আহিছে। আনহাতে দ্বাদশ শ্ৰেণীৰ অন্তত অনুষ্ঠিত কৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাটো অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে পৰিচালনা কৰি আহিছে। স্বাধীনতাৰ পিছৰ সময়ছোৱাত বিদ্যালয়বোৰত শিক্ষার্থীৰ সংখ্যা দ্রুত ৰূপত বৃদ্ধি হোৱা দেখা গৈছিল। নিম্নোল্লিখিত তালিকাৰ পৰা এইটো স্পষ্ট হৈ পৰেঃ
|
বর্ষ |
১১ ৰ পৰা ১৪ বছৰ বয়সৰ শিক্ষাৰ্থীৰ সংখ্যা |
১৪ ৰ পৰা ১৮ বছৰ বয়সৰ শিক্ষাৰ্থীৰ সংখ্যা |
|---|---|---|
|
১৯৪৭-৪৮ |
৬৫১১৩ |
৩১০০৩ |
|
১৯৬৪-৬৫ |
৩০১৩৫৭ |
১৯৮১১৯ |
১৮। ১৯৬১ চনৰ অসম মাধ্যমিক শিক্ষা আইনৰ মূল দফাখিনি লিখা।
উত্তৰঃ ১৯৬১ চনৰ অসম মাধ্যমিক শিক্ষা আইনৰ মূল দফাসমূহ আছিলঃ
(ক) এই আইন সমগ্র অসমত প্রযোজ্য হ’ব।
(খ) অসম চৰকাৰৰ দ্বাৰা স্বীকৃত কোনো মাধ্যমিক বিদ্যালয়ক বিশ্ববিদ্যালয় অথবা আন কোনো বোর্ডে নিয়ন্ত্রণ কৰিব নোৱাৰিব।
(গ) মাধ্যমিক শিক্ষাৰ নিয়ন্ত্রণ, পৰিচালনা আৰু বিকাশ সাধনৰ বাবে “মাধ্যমিক শিক্ষা বোর্ড” নামেৰে এখন বোর্ড গঠন কৰা হ’ব।
(ঘ) বোর্ডখনৰ বাবে চৰকাৰে এজন সচিব বা সভাপতি নিয়োগ কৰিব।
(ঙ) বোর্ডখন নিম্নোক্ত সদস্যৰ গঠিত হ’বঃ
(১) শিক্ষাধিকর্তা-সভাপতি।
(২) অতিৰিক্ত শিক্ষাধিকর্তা।
(৩) কৃষি বিভাগৰ সঞ্চালক
(৪) কাৰিকৰী বিভাগৰ সঞ্চালক
(৫) স্বাস্থ্য বিভাগৰ সঞ্চালক
(৬) উদ্যোগ বিভাগৰ সঞ্চালক
(৭) অসম কৃষি মহাবিদ্যালয়ৰ অধ্যক্ষ
(৮) অন্যান্য ৰাজ্য বা অঞ্চলৰ শিক্ষা বিভাগৰ সঞ্চালক
(৯) গুৱাহাটী বিশ্ববিদ্যালয় তথা ডিব্রুগড় বিশ্ববিদ্যালয়ৰ কলা তথা বিজ্ঞান বিভাগৰ কলাগুৰুসকল।
(১০) স্ত্রী-শিক্ষাৰ তত্ত্বাৱধানত থকা সহকাৰী সঞ্চালক।
(১১) এজন বিদ্যালয় পৰিদর্শক।
(১২) উচ্চ মাধ্যমিক বা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দুজন। প্রধান শিক্ষক বা অধ্যক্ষ।
(১৩) দুগৰাকী প্রধান শিক্ষয়িত্রী।
(১৪) হাই-মাদ্ৰাছাৰ অধীক্ষক এজন।
(১৫) গুৱাহাটী বিশ্ববিদ্যালয়ৰ দ্বাৰা মনোনীত দুজন সদস্য।
(১৬) শিক্ষক প্রশিক্ষণ মহাবিদ্যালয়ৰ এগৰাকী অধ্যক্ষ।
(১৭) প’লিটেকনিক মহাবিদ্যালয়ৰ এজন অধ্যক্ষ।
১৯। ‘অসম মাধ্যমিক শিক্ষা বোর্ড’ৰ কাৰ্যসমূহ উল্লেখ কৰা।
উত্তৰঃ ‘অসম মাধ্যমিক শিক্ষা পৰিষদ’ (SEBA)ৰ মুখ্য কাৰ্যসমূহ তলত উল্লেখ কৰা হ’ল:
১। পাঠ্যক্ৰম প্ৰস্তুতি আৰু নিৰ্ধাৰণ: মাধ্যমিক তথা উচ্চতৰ মাধ্যমিক শিক্ষাৰ বাবে পাঠ্যক্ৰম আৰু পাঠ্যসূচী প্ৰস্তুত আৰু নিৰ্ধাৰণ কৰা।
২। পৰীক্ষা পৰিচালনা: নিৰ্ধাৰিত পাঠ্যক্ৰমৰ আধাৰত দশম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাসমূহ (HSLC/AHM) পৰিচালনা কৰা।
৩। ফলাফল ঘোষণা আৰু প্ৰমাণপত্ৰ প্ৰদান: পৰীক্ষাৰ ফলাফল ঘোষণা কৰা আৰু কৃতকাৰ্য হোৱা শিক্ষাৰ্থীসকলক প্ৰমাণ-পত্ৰ (Certificate) প্ৰদান কৰা।
৪। বিদ্যালয়ৰ স্বীকৃতি: মাধ্যমিক বিদ্যালয়সমূহক স্বীকৃতি প্ৰদান কৰাৰ বাবে নীতি-নিয়ম প্ৰস্তুত কৰা আৰু প্ৰয়োজন সাপেক্ষে স্বীকৃতি উঠাই লোৱাৰ নিয়ম নিৰ্ধাৰণ কৰা।
৫। নীতি-নিয়ম আৰু মাচুল নিৰ্ধাৰণ: নামভৰ্তি, পৰীক্ষাৰ নীতি-নিয়ম আৰু মাচুলৰ পৰিমাণ নিৰ্ধাৰণ কৰা।
৬। শিক্ষকৰ অৰ্হতা নিৰ্ণয়: স্বীকৃতিপ্ৰাপ্ত বিদ্যালয়সমূহৰ শিক্ষকসকলৰ বাবে আৱশ্যকীয় অৰ্হতা (Minimum Qualification) নিৰ্ণয় কৰা।
৭। পাঠ্যপুথি আৰু সামগ্ৰী: মাধ্যমিক স্তৰৰ বাবে পাঠ্যপুথি আৰু আনুষংগিক পুথি নিৰ্বাচন, প্ৰস্তুত আৰু প্ৰকাশ কৰা।
৮। বৃত্তিমূলক আৰু পুৰস্কাৰ ব্যৱস্থা: জলপানি বা বৃত্তি তথা পুৰস্কাৰ ব্যৱস্থা কৰা আৰু ইয়াৰ বিতৰণ কৰা।
৯। বিদ্যালয়ৰ অনুশাসন: স্বীকৃতিপ্ৰাপ্ত বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ বাবে শাৰীৰিক, সামাজিক তথা অনুশাসন সম্বন্ধীয় নিয়মাৱলী প্ৰস্তুত কৰা।
১০। চৰকাৰক পৰামৰ্শ: মাধ্যমিক শিক্ষাৰ উন্নতিৰ হকে প্ৰয়োজনীয় দিশত ৰাজ্য চৰকাৰক পৰামৰ্শ প্ৰদান কৰা।
২০। অসমৰ মাধ্যমিক শিক্ষাৰ কেইটামান প্ৰধান সমস্যাৰ বিষয়ে লিখা।
উত্তৰঃ মাধ্যমিক শিক্ষা (Secondary Education) অতি গুৰুত্বপূৰ্ণ হ’লেও, অসমত ইয়াৰ গুণগত মান উন্নয়নত কেইবাটাও প্ৰধান সমস্যাই বাধাৰ সৃষ্টি কৰি আহিছে:
(ক) বিত্তীয় অনুদানৰ অভাৱ: অসমৰ মাধ্যমিক শিক্ষালৈ আৱণ্টিত বিত্তীয় অনুদান প্ৰয়োজন অনুসৰি পর্যাপ্ত নহয়। ফলস্বৰূপে, গুণগত শিক্ষা সেৱাসমূহ উন্নত কৰাৰ ক্ষেত্ৰত শিক্ষা পৰিকল্পনাকাৰীসকলে বাধাৰ সন্মুখীন হয়।
(খ) দক্ষ শিক্ষকৰ অভাৱ: বহুতো বিদ্যালয়ত শিক্ষকৰ শূন্য পদ পূৰণ নোহোৱাকৈ থাকে। তদুপৰি, আধুনিক শিক্ষণ পদ্ধতিৰ বিষয়ে জ্ঞান থকা দক্ষ আৰু প্ৰশিক্ষিত শিক্ষকৰ উপস্থিতি পুতৌজনক।
(গ) অনুপযুক্ত সা-সুবিধা: মাধ্যমিক বিদ্যালয়বোৰত উপযুক্ত বৈষয়িক সা-সুবিধাসমূহৰ (Infrastructure) অভাৱ দেখা যায়। ইয়াৰ ভিতৰত উন্নত শ্ৰেণী কোঠা, গৱেষণাগাৰ, পুথিভঁৰাল আৰু খেলপথাৰৰ অভাৱ অন্যতম।
(ঘ) বিসংগতিপূৰ্ণ পাঠ্যক্ৰম: মাধ্যমিক শিক্ষাৰ পাঠ্যক্ৰম বহু সময়ত ব্যৱহাৰিক জীৱনৰ সৈতে সম্পর্কহীন হোৱাৰ ফলত ই শিক্ষাৰ্থীসকলৰ বাবে নিৰস হৈ পৰে। ইয়াৰ ফলত শিক্ষাৰ্থীসকলে ইয়াক কেৱল যান্ত্ৰিকভাৱেহে অনুসৰণ কৰে।
(ঙ) ত্ৰুটিপূৰ্ণ শিক্ষণ আৰু মূল্যায়ন পদ্ধতি: বিদ্যালয়সমূহে শিক্ষণৰ গতিশীল পদ্ধতি অনুসৰণ নকৰে আৰু শিক্ষণ ব্যৱস্থাটো ইমানেই অনমনীয় যে ই শিক্ষাৰ্থীৰ পৰীক্ষণমূলক বা সৃজনীমূলক পদক্ষেপসমূহক উৎসাহিত নকৰে। তদুপৰি, কেৱল বাহিৰা পৰীক্ষাৰ প্ৰাধান্য থকাৰ বাবে মূল্যায়ন ব্যৱস্থাটোও ত্ৰুটিপূৰ্ণ।
(চ) গুণগত মানৰ হ্ৰাস: মাধ্যমিক শিক্ষাৰ চাহিদা হঠাতে বৃদ্ধি হোৱাত চৰকাৰ আৰু ব্যক্তিগত সংস্থাবোৰে বহুতো বিদ্যালয় স্থাপন কৰিছিল যদিও এইবোৰৰ বহুতো বিদ্যালয় সামগ্ৰিকভাৱে কাৰ্যকৰী স্তৰত নিম্ন মানদণ্ডৰ হৈ ৰয়।
২১। ১৯৮৬ চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতিৰ মূল দিশবোৰ চমুকৈ লিখা।
উত্তৰঃ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ নেতৃত্বত ১৯৮৬ চনত ঘোষণা কৰা ৰাষ্ট্ৰীয় শিক্ষানীতি (NPE 1986)ৰ মূল দিশ বা বৈশিষ্ট্যসমূহ তলত চমুকৈ উল্লেখ কৰা হ’ল:
(ক) সমতাৰ বাবে শিক্ষা: লিংগ বৈষম্য দূৰ কৰা, অনুসূচিত জাতি (SC) আৰু অনুসূচিত জনজাতি (ST)ৰ অংশগ্ৰহণ বৃদ্ধি কৰা, আৰু দিব্যাংগ ব্যক্তিসকলৰ বাবে সন্মিলিত শিক্ষাৰ (Inclusive Education) ব্যৱস্থা কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।
(খ) প্ৰাথমিক শিক্ষাৰ সৰ্বজনীনকৰণ: ১৪ বছৰ বয়সলৈকে সকলো ল’ৰা-ছোৱালীৰ বিদ্যালয়ত সৰ্বজনীন নামভৰ্তিকৰণ আৰু উপস্থিতি সুনিশ্চিত কৰাৰ ওপৰত জোৰ দিয়া।
(গ) অপাৰেচন ব্লেকবোর্ড (Operation Blackboard): প্রাথমিক বিদ্যালয়বোৰত নিম্নতম সা-সুবিধাসমূহ (দুটা ভাল কোঠা, ব্লেকবোর্ড, শিক্ষক, শিক্ষণ সামগ্ৰী) উপলব্ধ কৰাবলৈ এই আঁচনি ৰূপায়ণ কৰা হয়।
(ঘ) নৱোদয় বিদ্যালয়: গ্ৰাম্য অঞ্চলৰ বিশেষভাৱে প্ৰতিভাশালী ল’ৰা-ছোৱালীসকলক উন্নত শিক্ষা প্ৰদানৰ বাবে দেশৰ বিভিন্ন ঠাইত গতি নিৰ্ণায়ক আৱাসিক বিদ্যালয় স্থাপন কৰা।
(ঙ) শিক্ষাৰ বৃত্তিমুখীকৰণ: মাধ্যমিক আৰু উচ্চ শিক্ষাৰ পাঠ্যক্ৰমত বৃত্তিমুখী আৰু কাৰিকৰী বিষয়ক অন্তৰ্ভুক্ত কৰা, যাতে শিক্ষাৰ্থীয়ে জীৱিকাৰ বাবে দক্ষতা আহৰণ কৰিব পাৰে।
(চ) মুক্ত বিশ্ববিদ্যালয় আৰু দূৰত্ব শিক্ষা: শিক্ষাৰ্থীসকলক দ্ৰুত উচ্চ শিক্ষা উপলব্ধ কৰাবলৈ মুক্ত বিশ্ববিদ্যালয় (যেনে IGNOU) স্থাপন কৰা।
(ছ) চাকৰিৰ পৰা ডিগ্ৰীৰ পৃথকীকৰণ: যিবোৰ চাকৰিৰ বাবে স্নাতক ডিগ্ৰীৰ আৱশ্যকতা নাই, তেনেবোৰক ডিগ্ৰীৰ সৈতে বিচ্ছিন্ন কৰা, যাতে উচ্চ শিক্ষাৰ অনুষ্ঠানসমূহৰ ভিৰ-ভাৰ দূৰ হয়।
(জ) কাৰিকৰী আৰু ব্যৱস্থাপনা শিক্ষা: কাৰিকৰী আৰু ব্যৱস্থাপনা শিক্ষাৰ মাজৰ সম্পৰ্কক গুৰুত্ব দিয়া আৰু কম্পিউটাৰ কাৰ্যসূচীৰ দৰে উত্থানমূলক প্ৰযুক্তিক উৎসাহিত কৰা।
(ঝ) শিক্ষণৰ ওপৰত গুৰুত্ব: শিক্ষাৰ্থীসকলক কেৱল শিক্ষকৰ দ্বাৰা শিকোৱাৰ সলনি নিজৰ সৃজনশীলতাৰ জৰিয়তে শিকিবলৈ অনুপ্ৰাণিত কৰা।
(ঞ) মূল্যবোধৰ শিক্ষা: শিক্ষাৰ দ্বাৰা উত্তম নৈতিক মূল্যবোধ গঢ়ি তোলা আৰু সাংস্কৃতিক সংৰক্ষণ কৰা।
২২। চমুকৈ লিখা (১৯৮৬ চনৰ শিক্ষানীতিৰ ভিত্তিত) :
(ক) মহিলাৰ সমতাৰ বাবে শিক্ষা:
১৯৮৬ চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতিত মহিলাসকলৰ স্থিতি বা অৱস্থাৰ পৰিৱৰ্তন সাধন কৰিবলৈ শিক্ষাক এক সৱলীকৰণৰ আহিলাৰ ৰূপত পৰিকল্পনা কৰা হৈছিল। শিক্ষানীতিয়ে লিংগ বৈষম্য দূৰ কৰাৰ ওপৰত জোৰ দিছিল আৰু মহিলাসকলৰ পক্ষত অধিক উদাৰ দৃষ্টিভংগী লোৱা হ’ব বুলি উল্লেখ কৰিছিল। ই মহিলাৰ নিৰক্ষৰতা নিৰ্মূল কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল, যাৰ বাবে ছোৱালীসকলক বিদ্যালয়ত নামভৰ্তি কৰাৰ পৰা আঁতৰাই ৰখা বাধাসমূহ দূৰ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল। তদুপৰি, বৃত্তিমুখী, কাৰিকৰী আৰু পেছামুখী শিক্ষাৰ সকলো স্তৰতে মহিলাসকলৰ অংশগ্ৰহণৰ ওপৰত জোৰ দিয়া হৈছিল।
(খ) চাকৰিৰ পৰা ডিগ্ৰীৰ পৃথকীকৰণ:
নতুন শিক্ষানীতিয়ে কিছুমান নিৰ্দিষ্ট ক্ষেত্ৰৰ চাকৰিৰ বাবে থকা স্নাতক ডিগ্ৰীৰ বাধ্যতামূলক অৰ্হতা আঁতৰোৱাৰ প্ৰস্তাৱ আগবঢ়াইছিল। যুক্তি আছিল যে বহুতো চাকৰিৰ বাবে স্নাতক অৰ্হতাৰ প্ৰত্যক্ষভাৱে প্ৰয়োজন নহয়। এই বাধ্য-বাধকতা আঁতৰ কৰিলে উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানসমূহত অনাৱশ্যকভাৱে হোৱা ভিৰ-ভাৰ দূৰ কৰিব পৰা যাব। এই ব্যৱস্থা সেইবোৰ সেৱাৰ ক্ষেত্ৰতো প্ৰয়োগ কৰাৰ কথা কোৱা হৈছিল, যিবোৰত প্রয়োজনীয় অৰ্হতা হিচাপে বিশ্ববিদ্যালয়ৰ ডিগ্ৰী আৱশ্যক নহয়।
(গ) বয়স্ক শিক্ষা:
১৯৮৬ চনৰ শিক্ষানীতিত ১৫ ৰ পৰা ৩৫ বছৰ বয়সৰ ভিতৰৰ সকলো নিৰক্ষৰ লোকক সাক্ষৰ কৰি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল। এই নীতিয়ে ঘোষণা কৰিছিল যে কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰৰ লগতে ৰাজনৈতিক দল, গণসংযোগ মাধ্যম আৰু শিক্ষানুষ্ঠানসমূহৰ দ্বাৰা বৃহৎ পৰিসৰত গণ সাক্ষৰতা কাৰ্যসূচী অনুষ্ঠিত কৰা হ’ব। ইয়াৰ উদ্দেশ্য আছিল নিৰক্ষৰ প্ৰাপ্তবয়স্কসকলক কেৱল সাক্ষৰ কৰাই নহয়, বৰঞ্চ সামাজিক আৰু অৰ্থনৈতিক সত্যতাৰ বিষয়ে সজাগতা সৃষ্টি কৰি তেওঁলোকক সৱলীকৰণ কৰা।
(ঘ) মুক্ত শিক্ষা:
মুক্ত শিক্ষা হৈছে এক ধৰণৰ শিক্ষা ব্যৱস্থা য’ত শিক্ষাৰ্থীসকলে নিজৰ সুবিধা আৰু গতিৰে জ্ঞান আহৰণ কৰিব পাৰে। এই ব্যৱস্থা এনে লোকসকললৈ উচ্চ শিক্ষা লাভৰ সুবিধা প্ৰদান কৰিবলৈ আৰম্ভ কৰা হৈছিল যিসকলে বিভিন্ন বাধাৰ বাবে গতানুগতিক শিক্ষানুষ্ঠানত যোগ দিবলৈ সক্ষম নহয়। **ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় (IGNOU)**ক ১৯৮৫ চনত স্থাপন কৰা হৈছিল আৰু ১৯৮৬ চনৰ শিক্ষানীতিয়ে এই মুক্ত বিশ্ববিদ্যালয়সমূহক অধিক উন্নত কৰাৰ সিদ্ধান্ত লৈছিল।
(ঙ) নৱোদয় বিদ্যালয়:
গ্ৰামাঞ্চলৰ প্ৰতিভাশালী ল’ৰা-ছোৱালীসকলক উন্নত মানদণ্ডৰ শিক্ষা প্ৰদান কৰাৰ লক্ষ্যৰে ১৯৮৬ চনৰ শিক্ষানীতিয়ে নৱোদয় বিদ্যালয় (Jawahar Navodaya Vidyalaya) স্থাপনৰ ধাৰণাটো বিকশিত কৰিছিল। এইবোৰ আছিল গ্ৰাম্য প্ৰতিভাসকলক বিশেষ সুযোগ-সুবিধা প্ৰদান কৰাৰ বাবে স্থাপন কৰা গতি নিৰ্ণায়ক (Pace-setting) আৱাসিক বিদ্যালয়। এই বিদ্যালয়সমূহে ৰাষ্ট্ৰীয় একত্ৰীকৰণ, সামাজিক ন্যায় আৰু উৎকৃষ্টতাক উৎসাহিত কৰাৰ লক্ষ্য লৈছিল।
(চ) অপাৰেচন ব্লেকবোর্ড:
“অপাৰেচন ব্লেকবোর্ড” বা “কৃষ্ণফলক অভিযান” নামৰ আঁচনিখন ১৯৮৬ চনৰ শিক্ষানীতিৰ অধীনত প্ৰৱৰ্তন কৰা হৈছিল যাতে দেশৰ সকলোবোৰ প্ৰাথমিক বিদ্যালয়লৈ নিম্নতম সা-সুবিধাসমূহ (যেনে- বতৰভেদে ব্যৱহাৰ কৰিব পৰা দুটা কোঠা, ব্লেকবোর্ড, শিক্ষণ সামগ্ৰী আৰু দুজন শিক্ষক) উপলব্ধ কৰাব পাৰি। এই আঁচনিৰ লক্ষ্য আছিল প্রাথমিক বিদ্যালয়ৰ ভৌতিক আৰু শৈক্ষিক পৰিৱেশ উন্নত কৰা।
(ছ) আগতীয়া বাল্যকালৰ যতন আৰু শিক্ষা (ECCE):
এই বাক্যাংশটোৱে প্ৰাক্-প্ৰাথমিক শিক্ষাৰ স্তৰটোক বুজাইছিল। ১৯৮৬ চনৰ শিক্ষানীতিত এই স্তৰটোক সুষম খাদ্য, স্বাস্থ্য আৰু শিশুসকলৰ সামাজিক, মানসিক, দৈহিক, নৈতিক তথা আৱেগিক দিশত সামগ্ৰিকভাৱে বিকাশ সাধনত গুৰুত্ব দিবলৈ পৰামৰ্শ দিয়া হৈছিল। ইয়াৰ বাবে সংহত শিশু বিকাশ সেৱা কাৰ্যসূচীৰ (ICDS) সৈতে ইয়াক সু-সংগঠিত কৰিবলৈ কোৱা হৈছিল।
(জ) শিক্ষাৰ বৃত্তিমুখীকৰণ:
শিক্ষানীতিয়ে শিক্ষাৰ বৃত্তিমুখীকৰণৰ আৱশ্যকতাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। ইয়াৰ বাবে বিদ্যালয় পাঠ্যক্ৰমত বিজ্ঞানভিত্তিক আৰু কাৰিকৰী বিষয়সমূহ অন্তৰ্ভুক্ত কৰাৰ প্ৰস্তাৱ আগবঢ়োৱা হৈছিল। এই নীতিত দশম শ্ৰেণীৰ আধা সংখ্যকতকৈও অধিক শিক্ষাৰ্থীক বৃত্তিমুখী পাঠ্যক্ৰম গ্ৰহণ কৰিবলৈ উৎসাহিত কৰাৰ লক্ষ্য লোৱা হৈছিল যাতে দেশত নিবনুৱা সমস্যা হ্ৰাস পায়।
(ঝ) সংহত শিশু বিকাশ সেৱা আঁচনি (ICDS):
এই আঁচনি ১৯৭৫ চনত ৬ বছৰ বয়সৰ তলৰ শিশু আৰু মাতৃসকলৰ স্বাস্থ্য তথা সামগ্ৰিক উন্নতি সাধনৰ হকে ভাৰত চৰকাৰে প্ৰৱৰ্তন কৰিছিল। ইয়াৰ অধীনত প্ৰতিৰক্ষা, পুষ্টি, স্বাস্থ্য পৰীক্ষা, পৰামৰ্শ সেৱা আৰু প্ৰাক্-প্ৰাথমিক অনানুষ্ঠানিক শিক্ষাৰ দৰে সেৱাসমূহ অংগনৱাড়ী কেন্দ্ৰৰ জৰিয়তে প্ৰদান কৰা হয়।
(ঞ) উচ্চ শিক্ষাত স্বায়ত্তশাসন:
শিক্ষানীতিত বিশ্ববিদ্যালয় আৰু কলেজসমূহক শৈক্ষিক, প্ৰশাসনিক তথা বিত্তীয় দিশত স্বায়ত্তশাসন প্ৰদান কৰাৰ পোষকতা কৰা হৈছিল। এইটোৱে শিক্ষানুষ্ঠানসমূহক নৱপৰিৱৰ্তন, উৎকৃষ্টতা আৰু বিকাশমূলক কেন্দ্ৰত পৰিণত কৰাত সহায় কৰিব বুলি ভবা হৈছিল। অৱশ্যে, এই স্বায়ত্তশাসন দায়িত্বসহকাৰে আৰু নিয়ন্ত্ৰণৰ অধীনত আগবঢ়াব লাগিব।
২৩। সমতাৰ বাবে শিক্ষা বুলিলে কি বুজা? ৰাষ্ট্ৰীয় শিক্ষানীতি (১৯৮৬)য়ে ইয়াৰ বাবে কেনেবোৰ ব্যৱস্থা গ্ৰহণৰ কথা কৈছে?
উত্তৰঃ
সমতাৰ বাবে শিক্ষা (Education for Equality) মানে হৈছে লিংগ, জাতি, বয়স, অৱস্থান বা আৰ্থ-সামাজিক স্থিতি নিৰ্বিশেষে সকলো লোককে সমান শৈক্ষিক সুযোগ-সুবিধা প্ৰদান কৰা। ই এইটোও বুজায় যে সেইসকল লোকৰ বিশেষ প্ৰয়োজনক গুৰুত্ব দিয়া হ’ব, যিসকলক অতীতত শিক্ষাত আওকাণ কৰা হৈ আহিছে।
১৯৮৬ চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে গ্ৰহণ কৰা ব্যৱস্থাসমূহ:
১। মহিলা সবলীকৰণৰ জৰিয়তে সমতা:
সমাজত মহিলাসকলৰ স্থিতি সলনি কৰিবলৈ শিক্ষাক এক আহিলা হিচাপে ব্যৱহাৰ কৰাৰ প্ৰস্তাৱ দিয়া হৈছিল।
ছোৱালীসকলক বিদ্যালয়ত নামভৰ্তি কৰাত বাধাৰ সৃষ্টি কৰা প্ৰতিবন্ধকতাসমূহ নিৰ্মূল কৰি তেওঁলোকৰ প্ৰাথমিক শিক্ষা নিৰন্তৰভাৱে চলাই ৰাখিবলৈ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল।
বৃত্তিমুখী, কাৰিকৰী আৰু পেছামুখী শিক্ষাৰ সকলো স্তৰতে মহিলাসকলৰ অংশগ্ৰহণৰ ওপৰত জোৰ দিয়া হৈছিল।
২। অনুসূচিত জাতি (SC) ৰ বাবে সমতা:
দৰিদ্ৰ পৰিয়ালসমূহৰ ল’ৰা-ছোৱালীসকলে যাতে ১৪ বছৰ বয়সলৈ বিদ্যালয়লৈ গৈ থাকে, তাৰ বাবে উৎসাহমূলক ব্যৱস্থা (যেনে- প্ৰাক্-প্ৰৱেশিকা জলপানি) গ্ৰহণৰ পোষকতা কৰা হৈছিল।
অনুসূচিত জাতিৰ লোকসকলৰ মাজৰ পৰা শিক্ষক নিয়োগ কৰা আৰু তেওঁলোকে যাতে সকলো ধৰণৰ উন্নত শৈক্ষিক সা-সুবিধা লাভ কৰে, তাৰ ওপৰত গুৰুত্ব দিয়া হৈছিল।
৩। অনুসূচিত জনজাতি (ST) ৰ বাবে সমতা:
অনুসূচিত জনজাতি অধ্যুষিত অঞ্চলসমূহত প্ৰাথমিক বিদ্যালয় স্থাপন কৰা।
পাঠ্যক্ৰম আৰু শিক্ষাৰ সামগ্ৰীসমূহ জনজাতীয় ভাষাত উপলব্ধ কৰোৱাৰ পৰামৰ্শ দিয়া হৈছিল।
বহল পৰিসৰত আৱাসিক বিদ্যালয় আৰু আশ্ৰম বিদ্যালয় স্থাপন কৰি অনুসূচিত জনজাতিৰ শিক্ষাৰ্থীসকলক উৎসাহিত কৰাৰ প্ৰস্তাৱ আগবঢ়োৱা হৈছিল।
২৪। ১৯৮৬ চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতি কিয় প্ৰস্তুত কৰা হয়? বৰ্ণোৱা।
উত্তৰঃ
ভাৰত চৰকাৰে ১৯৮৬ চনত নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি (NPE 1986) ঘোষণা কৰাৰ প্ৰধান কাৰণসমূহ তলত দিয়া ধৰণৰ:
(ক) সামাজিক আৰু অৰ্থনৈতিক পৰিৱৰ্তনৰ প্ৰয়োজনীয়তা: ১৯৮০ চনৰ সময়ছোৱাত ভাৰতীয় অৰ্থনীতিয়ে তথ্য-প্ৰযুক্তি, কম্পিউটাৰভিত্তিক উদ্যোগ, পৰ্যটন আদিৰ দৰে বহুতো নতুন ক্ষেত্ৰত যথেষ্ট উন্নতি সাধন কৰিছিল। এই নতুন অৰ্থনৈতিক পৰিৱৰ্তনসমূহৰ বাবে আধুনিক আৰু কাৰিকৰী শিক্ষাৰ প্ৰশিক্ষণৰ আৱশ্যকতা আহি পৰিছিল। সেয়েহে, নতুন শিক্ষানীতিয়ে দেশৰ এই নতুন প্ৰয়োজনীয়তাসমূহ পূৰণৰ বাবে শিক্ষাক উপযুক্ত কৰিবলৈ লক্ষ্য লৈছিল।
(খ) পূৰ্বৰ নীতিৰ কাৰ্যকৰীকৰণৰ মূল্যায়ন: পূৰ্বৰ ১৯৬৮ চনৰ শিক্ষানীতি ১৯৬৪-৬৬ চনৰ কোঠাৰী আয়োগৰ পৰামৰ্শৰ ভিত্তিত প্ৰস্তুত কৰা হৈছিল। কিন্তু সময়ৰ লগে লগে এই নীতিৰ ব্যৱহাৰিক কাৰ্যকৰীকৰণৰ প্ৰগতি মূল্যায়ন কৰা আৰু আধুনিক ভাৰতৰ প্ৰয়োজনীয়তাসমূহ পূৰণ কৰিব পৰাকৈ নতুন নীতি-নিৰ্দেশনাৰ আৱশ্যকতা আহি পৰিছিল।
(গ) শিক্ষাত গুণগত মানৰ উন্নয়নৰ প্ৰয়োজনীয়তা: দেশৰ শিক্ষাৰ মান উন্নত কৰা, বিশেষকৈ প্ৰাথমিক শিক্ষাৰ সৰ্বজনীনকৰণ আৰু মাধ্যমিক শিক্ষাৰ বৃত্তিমুখীকৰণৰ ক্ষেত্ৰত নতুন আৰু কঠোৰ পদক্ষেপ লোৱাৰ প্ৰয়োজন আছিল।
(ঘ) জাতীয় একতা আৰু সামাজিক সমতা: নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে জাতীয় একত্ৰীকৰণ, সাংবিধানিক মূল্যবোধ আৰু সামাজিক সমতা (বিশেষকৈ মহিলা, অনুসূচিত জাতি আৰু জনজাতিৰ বাবে)ৰ ওপৰত অধিক জোৰ দি শিক্ষাক এক শক্তিশালী আহিলা হিচাপে ব্যৱহাৰ কৰিবলৈ প্ৰস্তুত কৰা হৈছিল।
এই কাৰণসমূহৰ বাবেই ১৯৮৬ চনত এক নতুন, সময়োপযোগী আৰু আধুনিকীকৃত শিক্ষানীতিৰ প্ৰয়োজনীয়তা অনুভৱ কৰা হৈছিল।
দ্বাদশ শ্ৰেণী শিক্ষা অধ্যায় ১ – সঘনাই সোধা প্ৰশ্ন
Get Free NCERT PDFs
If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group:



