Class 12 Logic and Philosophy Chapter 1 আগমন আৰু ইয়াৰ প্ৰকাৰ Solutions | AHSEC | Assamese Medium

Clss 12

Class 12 Logic and Philosophy Chapter 1 – আগমন আৰু ইয়াৰ প্ৰকাৰ – All Question Solutions | AHSEC (Assamese Medium)

দ্বাদশ শ্ৰেণীৰ তৰ্কবিজ্ঞানে অধ্যায় ১ – আগমন আৰু ইয়াৰ প্ৰকাৰৰ সকলো প্ৰশ্নৰ সমাধান (AHSEC – Assamese Medium)

এই অধ্যায়ত আগমনৰ বিভিন্ন প্ৰকাৰ আৰু ইয়াৰ অৱধাৰণা, আগমনৰ ভিত্তি, কার্য-কাৰণ বিধি, আৰু গমনৰ বস্তুগত ভিত্তি সম্বন্ধে গভীৰ আলোচনা কৰা হৈছে। আগমনৰ প্ৰকল্প আৰু মিলৰ পৰীক্ষণমূলক অনুসন্ধান পদ্ধতিৰ জড়িয়তে তৰ্কবিজ্ঞান আৰু দৰ্শনৰ প্ৰস্তাৱিত মূল তত্ত্বসমূহ বুজা হয়। এই অধ্যায়ে বাস্তৱবাদ, ভাববাদ, নীতিবাদ্যা আৰু ধৰ্মৰ মুলনীতি আৰু বৈজ্ঞানিক দৃষ্টিভংগী প্ৰদান কৰে। অস্পীন একেডেমীৰ সংগ্ৰহীত সমাধানসমূহ সহজ, বুজিবলৈ সহজ আৰু আধুনিক পাঠ্যপুঠিৰ সৈতে সঙ্গতিপূর্ণ।

✅ কি শিকিব:

  • আগমন আৰু ইয়াৰ প্ৰকাৰৰ বুজ
  • আগমনৰ ভিত্তি আৰু কার্য-কাৰণ বিধি
  • গমনৰ বস্তুগত ভিত্তি
  • প্ৰকল্প আৰু মিলৰ পৰীক্ষণমূলক অনুসন্ধান পদ্ধতি
  • বাস্তৱবাদ- সৰল আৰু বৈজ্ঞানিক দৃষ্টিভংগী
  • ভাববাদ- আত্মগত আৰু বস্তুগত
  • নীতিবাদ্যা আৰু ধৰ্মৰ মূল তত্ত্বসমূহ

🎯 অস্পীন একেডেমীৰ সুবিধা:

  • AHSEC Logic and Philosophy নতুন পাঠ্যক্ৰমৰ সম্পূৰ্ণ সমাধান
  • প্ৰতিটো অধ্যায়ৰ বাবে বিস্তৃত আৰু সহজ সমাধান
  • অসমীয়া মাধ্যমৰ সান্দৰ্ভিক আৰু ব্যৱহাৰিক ভাষ্য
  • প্ৰশ্নাবলী সমূহৰ সুগঠিত উত্তৰ
  • পরীক্ষা প্ৰস্তুতিৰ বাবে যোগ্য নির্দেশনা

Chapter URL: https://ospinacademy.com/class-12-logic-philosophy-chapter-1-ahsec

Vibrant Note Box
Buy Printable PDF
Class 12 Logic And Philosophy (তৰ্কবিজ্ঞান আৰু দৰ্শন) | AHSEC | All Chapter Solutions PDF
Class 12 Logic And Philosophy (তৰ্কবিজ্ঞান আৰু দৰ্শন) | AHSEC | All Chapter Solutions PDF
Original price was: ₹199.00.Current price is: ₹49.00.

Limited Time Offer!

(For AHSEC Class 12, Assamese Medium)

Get comprehensive preparation for Class 12 Logic And Philosophy (Assamese Medium) with chapter-wise solutions PDF.
Includes complete textual answers, terms, explanations, and examples for every chapter as per latest AHSEC syllabus.
Perfect for self-study, homework, and board exam revision!

Vibrant Note Box
Chapter 1 – আগমন আৰু ইয়াৰ প্ৰকাৰ

খণ্ড – ১

আগমন আৰু ইয়াৰ প্ৰকাৰ

(Induction and its Kinds)

পাঠভিত্তিক প্রশ্নোত্তৰ

(Textual Questions and Answers)

অনুশীলনী –

(পাঠ্যপুথিৰ পৃষ্ঠা নং 28-29)

১। সংজ্ঞা দিয়া:

(ক) বৈজ্ঞানিক আগমন

(খ) অবৈজ্ঞানিক আগমন

(গ) সাদৃশ্যানুমান

(ঘ) আগমনাত্মক জাঁপ

(ঙ) প্রকৃত আগমন

(চ) তথাকথিত আগমন

(ছ) যথার্থ বচন

(জ) সু-সাদৃশ্যানুমান

(ঝ) দুঃসাদৃশ্যানুমান

(ক) বৈজ্ঞানিক আগমন

উত্তৰঃ যি আগমন পদ্ধতিৰে কোনো নিৰ্দিষ্ট ঘটনাৰ বিশেষ উদাহৰণসমূহ নিৰীক্ষণ কৰাৰ ভিত্তিত প্ৰকৃতিৰ একাত্মতাৰ নীতি (একৰূপতা বিধি) আৰু কাৰণ-কাৰ্যৰ নিয়মৰ (কাৰ্য-কাৰণ বিধি) ওপৰত আস্থা ৰাখি এটা সত্য বা যথার্থ সামান্য বচন প্ৰতিষ্ঠা কৰা হয়, তাকে বৈজ্ঞানিক আগমন বুলি অভিহিত কৰা হয়।

​(খ) অবৈজ্ঞানিক আগমন

উত্তৰঃ যি আগমনাত্মক প্ৰক্ৰিয়াত কোনো বিষয় বা ঘটনাৰ বিশেষ বিশেষ দৃষ্টান্ত পৰ্যবেক্ষণ কৰি, সেই পৰ্যবেক্ষণৰ দ্বাৰা লাভ কৰা কেৱল বাধাহীন অভিজ্ঞতা (অবাধিত অভিজ্ঞতা) বা একৰূপতাৰ ওপৰত ভেটি কৰি এটা যথার্থ সামান্য বচন স্থাপন কৰা হয়, কিন্তু ইয়াত কাৰ্য-কাৰণৰ সম্পৰ্ক নিৰ্ধাৰণ কৰিবলৈ কোনো চেষ্টা কৰা নহয়, তাকে অবৈজ্ঞানিক আগমন বুলি জনা যায়।

​(গ) সাদৃশ্যানুমান

উত্তৰঃ এইটো একপ্ৰকাৰৰ আগমন য’ত দুটা ভিন্ন বস্তুৰ মাজত থকা কেতবোৰ গুণ বা বৈশিষ্ট্যৰ মিল বা সাদৃশ্য প্ৰত্যক্ষ কৰাৰ আলমত সিহঁতৰ মাজত আন কিছুমান গুণৰো সাদৃশ্য থাকিব বুলি সিদ্ধান্ত গ্ৰহণ কৰা হয়। ইয়াক সাদৃশ্যানুমান হিচাপে জনা যায়।

​(ঘ) আগমনাত্মক জাঁপ

উত্তৰঃ পৰ্যবেক্ষণৰ পৰিসৰত অহা ঘটনাসমূহৰ পৰা যিবোৰ এতিয়াও পৰ্যবেক্ষিত হোৱা নাই সেইবোৰলৈ, জ্ঞাত সত্যৰ পৰা অজ্ঞাতলৈ, বিশেষৰ পৰা সামান্য বা সামান্য সিদ্ধান্তলৈ, আৰু কিছুমান দৃষ্টান্তৰ পৰা সকলো দৃষ্টান্তলৈ গতি কৰি এটা সিদ্ধান্তত উপনীত হোৱাৰ বাবে লোৱা উচ্চমুখী পদক্ষেপকে আগমনাত্মক জাঁপ বুলি কোৱা হয়।

(ঙ) প্ৰকৃত আগমন

উত্তৰঃ আগমনৰ যি ধৰণটো আগমনাত্মক জাঁপৰ আধাৰত বিকশিত হয়; অৰ্থাৎ, য’ত জ্ঞাত তথ্যৰ পৰা অজ্ঞাত সত্যলৈ, পৰ্যবেক্ষিতৰ পৰা অপৰ্যবেক্ষিতলৈ, বিশেষৰ পৰা সামান্যলৈ গতি কৰি, লগতে ঘটনা বা তথ্যৰ নিৰীক্ষণৰ ওপৰত ভিত্তি কৰি সিদ্ধান্তত উপনীত হোৱা হয়, তাকে প্ৰকৃত আগমন বুলি কোৱা হয়।

​(চ) তথাকথিত আগমন

উত্তৰঃ আগমনৰ মূল বৈশিষ্ট্য ‘আগমনাত্মক জাঁপ’ অনুপস্থিত থকা আগমনক তথাকথিত আগমন বা আগমনাভাস বুলি কোৱা হয়। ইয়াৰ অৰ্থ হ’ল এই প্ৰকাৰৰ আগমনত কিছুমান বিশেষ বস্তু বা ঘটনাৰ জ্ঞানৰ ভিত্তিত সেই শ্ৰেণীৰ সকলো বস্তু বা ঘটনা সম্পৰ্কে সামান্য বা সাধাৰণ জ্ঞানত উপনীত হোৱা বা জ্ঞাত সত্যৰ আধাৰত অজ্ঞাত সত্যলৈ যাত্ৰা কৰা সম্ভৱ নহয়।

​(ছ) যথার্থ বচন

উত্তৰঃ বচনৰ এটা বিশেষ ৰূপ য’ত বিধেয় পদটোৱে উদ্দেশ্য পদৰ বিষয়ে এটা নতুন তথ্য বা গুণৰ সূচনা কৰে, যিটো তথ্য বা গুণ উদ্দেশ্য পদে সাধাৰণতে নিজৰ ভিতৰতে প্ৰকাশ নকৰে, তাকেই যথার্থ বচন বুলি জনা যায়।

​(জ) সু-সাদৃশ্যানুমান

উত্তৰঃ যি সাদৃশ্যানুমানত দুটা বস্তুৰ মাজত থকা অতি গুৰুত্বপূৰ্ণ গুণসমূহৰ সাদৃশ্যৰ পৰ্যবেক্ষণ কৰি এটা সিদ্ধান্তত উপনীত হোৱা যায়, তাকে সু-সাদৃশ্যানুমান বুলি কোৱা হয়।

​(ঝ) দুঃসাদৃশ্যানুমান

উত্তৰঃ যি সাদৃশ্যানুমানত দুটা বস্তুৰ মাজত থকা অপেক্ষাকৃত গৌণ বা কম গুৰুত্বপূৰ্ণ গুণসমূহৰ সাদৃশ্য নিৰীক্ষণ কৰি সিদ্ধান্ত গ্ৰহণ কৰা হয়, তাকে দুঃসাদৃশ্যানুমান বুলি জনা যায়।

​২। উদাহৰণ দিয়া:

ক) বৈজ্ঞানিক আগমন।

খ) অবৈজ্ঞানিক আগমন।

গ) শাব্দিক বচন।

ঘ) সু-সাদৃশ্যানুমান।

​ক) বৈজ্ঞানিক আগমন।

উত্তৰঃ বৈজ্ঞানিক আগমনৰ জৰিয়তে কিছুমান নিৰ্দিষ্ট দৃষ্টান্ত নিৰীক্ষণ কৰা হয় আৰু তাৰ ভিত্তিত প্ৰকৃতিৰ একাত্মতাৰ নীতি আৰু কাৰ্য-কাৰণৰ বিধিৰ ওপৰত বিশ্বাস ৰাখি এটা সত্য সামান্য বচন প্ৰতিষ্ঠা কৰা হয়।

উদাহৰণস্বৰূপে: “সকলো মানুহ মৰণশীল।” এইটোৱেই হৈছে বৈজ্ঞানিক আগমনাত্মক সিদ্ধান্ত প্ৰতিষ্ঠাৰ প্ৰণালী। ইয়াক তলত দিয়া ধৰণে উদাহৰণসহ বুজাই দিব পাৰি:

​প্ৰথমতে, বৈজ্ঞানিক আগমনে সদায় এটা যথার্থ সামান্য বচন স্থাপন কৰে। “সকলো মানুহ মৰণশীল” এই বচনটোৱে ‘মানুহ’ আৰু ‘মৰণশীলতা’ৰ মাজত এটা সম্বন্ধ প্ৰকাশ কৰিছে।

​দ্বিতীয়তে, বৈজ্ঞানিক আগমনৰ দ্বাৰা স্থাপিত বচনটো এটা সামান্য বচন। এই বচনটোত “সকলো মানুহ মৰণশীল” বুলি কোৱা হৈছে, য’ত ‘মৰণশীল’ নামৰ বিধেয় পদটোৱে সমগ্ৰ উদ্দেশ্য পদটোৰ বিষয়ে নিশ্চিতভাৱে ঘোষণা কৰিছে; অৰ্থাৎ, মৰণশীলতা গুণটোক ‘সকলো মানুহৰ’ ক্ষেত্ৰত স্বীকাৰ কৰা হৈছে।

​তৃতীয়তে, বৈজ্ঞানিক আগমনে এটা যথার্থ বচনহে প্ৰতিষ্ঠা কৰে, শাব্দিক বচন নহয়। উদাহৰণটোত, “সকলো মানুহ মৰণশীল”ৰ ‘মৰণশীল’ বিধেয় পদটোৱে এটা এনে গুণ বুজাইছে যিটো ‘মানুহ’ নামৰ ধাৰণাটোৰ সংজ্ঞাৰ অন্তৰ্গত নহয়।

​চতুৰ্থতে, বৈজ্ঞানিক আগমন সৰল পৰ্যবেক্ষণ আৰু পৰীক্ষা-নিৰীক্ষা দুয়োটাৰ সহায়ত লাভ কৰা সত্যৰ ওপৰত প্ৰতিষ্ঠিত। “সকলো মানুহ মৰণশীল” উদাহৰণটো বহুতো ব্যক্তিৰ মৃত্যুৰ নিৰ্দিষ্ট দৃষ্টান্ত পৰ্যবেক্ষণ কৰাৰ পিছত প্ৰতিষ্ঠা কৰা হৈছে।

​পঞ্চমতে, বচনটোত “সকলো মানুহ মৰণশীল”ত এটা আগমনাত্মক জাঁপ বা অতিক্ৰমণ আছে: অৰ্থাৎ জ্ঞাত সত্যৰ পৰা অজ্ঞাত সত্যলৈ হোৱা উৰ্দ্ধমুখী গতি। আমি যদু, মধু, টম, জন আদিৰ দৰে কিছুমান ব্যক্তিৰ মৃত্যুৰ বিষয়ে জানো আৰু এই কেইটা নিৰীক্ষিত মৃত্যুৰ দৃষ্টান্তৰ পৰাই আমি ‘সকলো মানুহলৈ’ জাঁপ মাৰিছোঁ।

​ষষ্ঠতে, বৈজ্ঞানিক আগমনত এই আগমনাত্মক জাঁপৰ সমস্যাটো সমাধান কৰিবলৈ প্ৰকৃতিৰ একৰূপতাৰ নীতি আৰু কাৰ্য-কাৰণৰ সূত্ৰ প্ৰয়োগ কৰা হয় আৰু এইদৰে ‘মানুহ’ আৰু ‘মৰণশীলতা’ৰ মাজত এটা স্থায়ী বা নিয়ন্ত্ৰিত সম্বন্ধ স্থাপন কৰা হয়।

​খ) অবৈজ্ঞানিক আগমন।

উত্তৰঃ যি আগমন পদ্ধতিত কোনো বস্তু বা ঘটনাৰ ধাৰণা আৰু সিদ্ধান্তৰ মাজত থকা স্থায়ী সম্বন্ধটো ব্যাখ্যা কৰিবলৈ চেষ্টা নকৰাকৈ, কেৱল নিৰীক্ষণৰ ফলত পোৱা বাধাহীন অভিজ্ঞতা বা অভিজ্ঞতাৰ একৰূপতাৰ ওপৰত নিৰ্ভৰ কৰি এটা যথার্থ সামান্য বচন স্থাপন কৰা হয়, তাকে অবৈজ্ঞানিক আগমন বুলি কোৱা হয়।

উদাহৰণস্বৰূপে: “সকলো কাউৰী ক’লা হয়।” ইয়াক তলত দিয়া ধৰণে উদাহৰণসহ বুজাব পাৰি:

​প্ৰথমতে, অবৈজ্ঞানিক আগমনেও বৈজ্ঞানিক আগমনৰ দৰেই এটা সামান্য, লগতে প্ৰকৃত বা যথার্থ বচন সৃষ্টি কৰে। অৰ্থাৎ, আমি কেৱল কেইটামান কাউৰীৰ বিষয়ে নকৈ “সকলো কাউৰী”ৰ বিষয়ে এটা সাধাৰণ ধাৰণা প্ৰকাশ কৰিছোঁ।

​দ্বিতীয়তে, অবৈজ্ঞানিক আগমন নিৰ্দিষ্ট অভিজ্ঞতাৰ তথ্য বা দৃষ্টান্তৰ নিৰীক্ষণৰ ওপৰত আধাৰিত। কিছুমান কাউৰীৰ বৰণ পৰ্যবেক্ষণ কৰা হৈছে, আৰু এই সকলোবোৰ কাউৰী ক’লা পোৱা গৈছে।

​তৃতীয়তে, অবৈজ্ঞানিক আগমনত কিছুমানৰ পৰা সকলোলৈ, বিশেষৰ পৰা সামান্যলৈ, পৰ্যবেক্ষিতৰ পৰা অপৰ্যবেক্ষিত ঘটনালৈ আগমনাত্মক জাঁপ লোৱা হয়। ইয়াত কাউৰীৰ ক’লা বৰণৰ কেইটামান দৃষ্টান্ত লক্ষ্য কৰি তাৰ ভিত্তিত সকলো কাউৰী ক’লা বুলি যুক্তিসংগতভাৱে সিদ্ধান্তত উপনীত হোৱা হৈছে।

​চতুৰ্থতে, ইয়াত কেৱল অভিজ্ঞতাৰ একৰূপতা বা অবাধিত অভিজ্ঞতাৰ আলমত সামান্য বচনটো প্ৰতিষ্ঠা কৰা হয়। অসংখ্য ক’লা কাউৰীৰ নিৰ্দিষ্ট দৃষ্টান্ত পৰ্যবেক্ষণ কৰি আৰু এটা ব্যতিক্রমো বিচাৰি নাপাই “সকলো কাউৰী ক’লা হয়” বুলি এটা সামান্য বচন স্থাপন কৰা হৈছে।

​পঞ্চমতে, অবৈজ্ঞানিক আগমন কাৰ্য-কাৰণ বিধিৰ ওপৰত প্ৰতিষ্ঠিত নহয়। উদাহৰণটোত, ‘কাউৰী’ আৰু ‘ক’লা ৰং’ৰ মাজত এটা অপৰিহাৰ্য বা নিয়ন্ত্ৰিত সম্বন্ধ প্ৰতিষ্ঠা কৰিবলৈ কোনো চেষ্টা কৰা হোৱা নাই। গতিকে ইয়াত বৈজ্ঞানিক নীতিৰ আধাৰত দুটা বিষয় বা দৃষ্টান্তৰ মাজত সম্বন্ধ আৱিষ্কাৰ কৰা নহয়।

​শেষত, অবৈজ্ঞানিক আগমনৰ সিদ্ধান্তটো নিশ্চিত নহয়; অৰ্থাৎ সিদ্ধান্তটো সদায় অনিশ্চিত বা সম্ভাৱনামূলক হৈ থাকে, কিয়নো ই অবাধিত অভিজ্ঞতাৰ ওপৰতহে আধাৰিত, কোনো নিয়ন্ত্ৰিত সম্বন্ধৰ ওপৰত নহয়।

​গ) শাব্দিক বচন।

উত্তৰঃ শাব্দিক বচন হৈছে এক ধৰণৰ সাৰ্বজনীন বা সামান্য বচন য’ত বিধেয় পদটোৱে কেৱল উদ্দেশ্য পদটোৰ সংজ্ঞা বা অৰ্থসূচক চিহ্নটোহে প্ৰকাশ কৰে। উদাহৰণস্বৰূপে: “সকলো মানুহেই বুদ্ধিবৃত্তিসম্পন্ন।” এই উদাহৰণটোত, ‘বুদ্ধিবৃত্তিসম্পন্ন’ বিধেয় পদটো ‘মানুহ’ উদ্দেশ্য পদৰ সংজ্ঞামূলক অংশ। অৰ্থাৎ, এই ধাৰণাটো ‘মানুহ’ উদ্দেশ্য পদটোৰ নিজৰ ভিতৰতে লুকাই থাকে বা অন্তর্নিহিত হৈ থাকে। এই বিষয়টো বুজিবলৈ বা প্ৰমাণ কৰিবলৈ আমি অভিজ্ঞতামূলক পৰীক্ষা-নিৰীক্ষাৰ ওপৰত নিৰ্ভৰ কৰাৰ প্ৰয়োজন নাই। স্পষ্টতঃ, বুদ্ধিবৃত্তিসম্পন্ন গুণটো মানৱ প্ৰকৃতিৰ এক অবিচ্ছেদ্য অংশ।

​ঘ) সু-সাদৃশ্যানুমান।

উত্তৰঃ যি সাদৃশ্যানুমানত দুটা বস্তুৰ মাজত থকা অতি গুৰুত্বপূৰ্ণ গুণসমূহৰ সাদৃশ্যৰ ভিত্তিত এটা সিদ্ধান্তত উপনীত হোৱা হয়, তাকে সু-সাদৃশ্যানুমান বুলি কোৱা হয়। উদাহৰণস্বৰূপে: মংগল গ্ৰহৰ পৃথিৱীৰ সৈতে বহুতো গুৰুত্বপূৰ্ণ মিল আছে, যেনে- বায়ু, বায়ুমণ্ডল, ভূমি, সাগৰ, তাপমাত্ৰা, মেৰু অঞ্চল ইত্যাদি। পৃথিৱী জীৱৰ বাসস্থান। সেয়েহে, মংগল গ্ৰহতো জীৱই বাস কৰে।

ইয়াত দুটা বস্তু ‘পৃথিৱী’ আৰু ‘মংগল গ্ৰহ’ক তুলনা কৰা হৈছে। দুয়োটা বস্তুৰ মাজত থকা কেতবোৰ সদৃশ আৰু গুৰুত্বপূৰ্ণ গুণৰ তুলনা কৰি চোৱা হৈছে আৰু তাৰ ভিত্তিত এটা গুণ (জীৱৰ বাসস্থান) দুয়োটা গ্ৰহৰ মাজত থাকিব বুলি অনুমান কৰা হৈছে, যিটো এতিয়াও প্ৰমাণিত হোৱা নাই। প্ৰকৃতিৰ একৰূপতা বিধিৰ প্ৰয়োগৰ বাবে মংগল গ্ৰহতো জীৱৰ উপস্থিতিৰ এক বৃহৎ সম্ভাৱনা আছে। এই নীতিটোৱে কয় যে একে ধৰণৰ পৰিস্থিতিত একেধৰণৰ কাৰণসমূহে একেধৰণৰ ফলাফল বা প্ৰভাৱ সৃষ্টি কৰে। সেয়েহে, মংগল গ্ৰহতো জীৱ থাকিব পাৰে বুলি ধাৰণা কৰা হৈছে।

৩। পার্থক্য নির্ণয় কৰাঃ

(ক) নিগমন আৰু আগমন

উত্তৰঃ নিগমন আৰু আগমনৰ মাজৰ পাৰ্থক্যসমূহ হৈছে

ক্রমিক

নং

পাৰ্থক্যৰ ভিত্তি

নিগমন

আগমন

(১)

সিদ্ধান্ত

এই অনুমানৰ সিদ্ধান্ত আশ্রয় বাক্যতকৈ অধিক ব্যাপক হ’ব

নোৱাৰে।

এই অনুমানত সিদ্ধান্ত আশ্রয়

বাক্যতকৈ বেছি ব্যাপক হয়।

(২)

বচনৰ দিশ

সামান্যৰ পৰা বিশেষলৈ বা

অধিক সামান্যৰ পৰা কম

সামান্যলৈ গতি কৰে।

বিশেষৰ পৰা সামান্যলৈ যায়।

(৩)

অনুমানৰ সত্যতা

অনুমানৰ আশ্রয় বাক্যবোৰ

সত্য বুলি ধৰি লোৱা হয়।

এই অনুমানত নির্দিষ্ট বিধি তথা

সত্যৰ পৰীক্ষণৰ ভিত্তিত প্রতিষ্ঠিত

হোৱা বাবে আশ্রয় বাক্যবোৰৰ

বস্তুগতভাৱে সত্যতা থাকে।

(৪)

সত্যতাৰ প্ৰকাৰ

কেৱল আকাৰগত সত্যতাৰ

ওপৰত দৃষ্টিপাত কৰে।

আকাৰগত তথা বস্তুগত উভয়

প্ৰকাৰৰ সত্যতাৰ লগত জড়িত।

(৫)

সিদ্ধান্তৰ নিশ্চয়তা

সিদ্ধান্তটো সুনিশ্চিত হয়।

সিদ্ধান্তটো কেৱল সম্ভাৱনামূলক

হয়।

(৬)

অন্য নাম

নিগমনাত্মক অনুমান।

আগমনাত্মক অনুমান।

(খ) বৈজ্ঞানিক আৰু অবৈজ্ঞানিক আগমন।

উত্তৰঃ বৈজ্ঞানিক আৰু অবৈজ্ঞানিক আগমনৰ মাজৰ পাৰ্থক্যসমূহ হৈছেঃ

ক্রমিক নং

পার্থক্যৰ ভিত্তি

বৈজ্ঞানিক আগমন

অবৈজ্ঞানিক আগমন

(১)

প্রতিষ্ঠিত হোৱাৰ আধাৰ

সবল নিৰীক্ষণ তথা

পৰীক্ষণৰ ওপৰত প্ৰতিষ্ঠিত।

কেৱল সৰল নিৰীক্ষণৰ ওপৰত প্রতিষ্ঠিত।

(২)

ভিত্তি বা নিৰ্ভৰশীলতা

প্ৰকৃতিৰ একৰূপতা বিধি

তথা কাৰ্য-কাৰণ বিধিৰ ভিত্তিৰ ওপৰত নিৰ্ভৰ কৰে।

কেরল একৰূপতা বা অবাধিত অভিজ্ঞতাৰ ওপৰত নিৰ্ভৰ কবে।

৩)

প্ৰক্ৰিয়াৰ প্ৰকৃতি

জটিল প্রক্রিয়া।

সৰল প্রক্রিয়া।

(৪)

সত্যতাৰ প্ৰকাৰ

ইয়াৰ লক্ষ্য থাকে কেৱল

আকাৰগত সত্যত।

ইয়াৰ লক্ষ্য দুয়োটাতে থাকে আকাৰৰ্গত আৰু বস্তুগত I

(৫)

সিদ্ধান্তৰ নিশ্চয়তা

ইয়াত সিদ্ধান্তটো কার্য-কাৰণ

বিধিৰ ওপৰত প্রতিষ্ঠিত হোৱা বাবে ইয়াৰ সিদ্ধান্ত সুনিশ্চিত স্বভাৱৰ হয়।

সিদ্ধান্তটো কেৱল সম্ভাৱনামূলক হয় কিয়নো ইয়াত কাৰ্য কাৰণ সম্বন্ধ স্থাপন কৰা নহয়।

(গ) সাদৃশ্যানুমান আৰু বৈজ্ঞানিক আগমন।

উত্তৰঃ সাদৃশ্যানুমান আৰু বৈজ্ঞানিক আগমনৰ মাজৰ পাৰ্থক্যসমূহ হৈছেঃ

ক্রমিক নং

পার্থক্যৰ ভিত্তি

সাদৃশ্যানুমান

বৈজ্ঞানিক আগমন

(১)

বচনৰ বা দৃষ্টান্তৰ দিশ

এটা বিশেষ দৃষ্টান্তৰ পৰা

আন এটা বিশেষ দৃষ্টান্ত বা

বচনত উপনীত হোৱা যায়।

এটা বিশেষ দৃষ্টান্তৰ পৰা

এটা সামান্য দৃষ্টান্ত বা বচনত

উপনীত হোৱা যায়।

(২)

কাৰ্য-কাৰণ সম্বন্ধ

কার্য-কাৰণ সম্বন্ধ স্থাপন নহয়।

কার্য-কাৰণ সম্বন্ধ স্থাপন হয়।

(৩)

সিদ্ধান্তৰ নিশ্চয়তা

সিদ্ধান্ত কেৱল সম্ভাৱনামূলক

স্বভাৱৰ হয়।

সিদ্ধান্ত কেৱল সুনিশ্চিত

স্বভাৱৰ হয়।

(ঘ) সাদৃশ্যানুমান আৰু অবৈজ্ঞানিক আগমন।

উত্তৰঃ সাদৃশ্যানুমান আৰু অবৈজ্ঞানিক আগমনৰ মাজৰ পাৰ্থক্যসমূহ হৈছেঃ

ক্রমিক নং

পার্থক্যৰ ভিত্তি

সাদৃশ্যানুমান

অবৈজ্ঞানিক আগমন

(১)

বচন বা দৃষ্টান্তৰ দিশ

এটা বিশেষ দৃষ্টান্তৰ পৰা

অন্য এটা বিশেষ দৃষ্টান্ত বা

বচনত উপনীত হোৱা যায়।

বিশেষ দৃষ্টান্ত বা বচনৰ পৰা

এটা সামান্য বচনত উপনীত

হোৱা যায়।

(২)

ভিত্তি বা প্রতিষ্ঠিত

দুটা বস্তুৰ মাজত থকা

অসম্পূর্ণ সাদৃশ্যতা হৈছে

সাদৃশ্যানুমানৰ মূল ভিত্তি।

অবৈজ্ঞানিক আগমনৰ মূল ভিত্তি হৈছে অবাধিত অভিজ্ঞতা।

(৩)

সিদ্ধান্তৰ সম্ভাৱনীয়তা

সিদ্ধান্তৰ সম্ভাৱনীয়তা নিৰ্ভৰ

কৰে দুটা বস্তুৰ মাজত থকা

সাদৃশ্য থকা গুণৰ সংখ্যা

আৰু গুৰুত্বৰ ওপৰত।

সিদ্ধান্তৰ সম্ভাৱনীয়তা নিৰ্ভৰ

কৰে পৰ্যবেক্ষণৰ দ্বাৰা সংগ্ৰহ

কৰা বিশেষ দৃষ্টান্তৰ সংখ্যাৰ

ওপৰত।

(৪)

লক্ষণাৰ্থৰ/বাচ্যাৰ্থৰ জ্ঞান

ই আমাৰ লক্ষণাৰ্থৰ জ্ঞান

বৃদ্ধি কৰে।

ই আমাৰ বাচ্যাৰ্থৰ জ্ঞান বৃদ্ধি কৰে।

(ঙ) প্রকৃত আগমন আৰু তথাকথিত আগমন।

উত্তৰঃ প্রকৃত আগমন আৰু তথাকথিত আগমনৰ মাজৰ পাৰ্থক্যসমূহ হৈছেঃ

ক্রমিক নং

পার্থক্যৰ ভিত্তি

প্রকৃত আগমন

তথাকথিত আগমন

(১)

অর্থ

যি আগমনত আগমনৰ মূল

লক্ষণ আগমনাত্মক জাঁপ

থাকে সেয়াই প্রকৃত আগমন।

যি আগমনত আগমনাত্মক

জাঁপ জড়িত হৈ নাথাকে সেয়াই

তথাকথিত আগমন।

(২)

প্ৰকাৰ

(ক) বৈজ্ঞানিক আগমন।

(খ) অবৈজ্ঞানিক আগমন

বা অপূর্ণগণনাভিত্তিক

আগমন।

(গ) সাদৃশ্যানুমান।

(ক) পূর্ণ আগমন।

(খ) যুক্তিভিত্তিক অনুমান।

(গ) ঘটনাসংযোজন বা

সামান্যাভিকৰণ আগমন।

(চ) সু-সাদৃশ্যানুমান আৰু দুঃসাদৃশ্যানুমান।

উত্তৰঃ সু-সাদৃশ্যানুমান আৰু দুঃসাদৃশ্যানুমানৰ মাজৰ পাৰ্থক্যসমূহ হৈছেঃ

ক্রমিক নং

পার্থক্যৰ ভিত্তি

সু-সাদৃশ্যানুমান

দুঃসাদৃশ্যানুমান

(১)

অর্থ

যি সাদৃশ্যানুমানত দুটা বস্তুৰ

মাজত সাদৃশ্য থকা গুৰুত্বপূৰ্ণ

গুণসমূহৰ পৰা সিদ্ধান্তত

উপনীত হোৱা যায়।

যি সাদৃশ্যানুমানত গৌণ বা

আকস্মিক গুণসমূহৰ সাদৃশ্যৰ

পৰা সিদ্ধান্তত উপনীত হোৱা

যায়।

(২)

সিদ্ধান্ত

এটা সুনিশ্চিত সিদ্ধান্তত

উপনীত হোৱাৰ অধিক

সম্ভাৱনা থাকে।

সুনিশ্চিত সিদ্ধান্তত উপনীত

হোৱাৰ কোনো সম্ভাৱনা

নাথাকে।

৪। চমুটোকা লিখাঃ

(ক) প্রকৃত আগমন।

উত্তৰঃ যি আগমন পদ্ধতিত আগমনৰ মুখ্য লক্ষণ “আগমনাত্মক জাঁপ” বিদ্যমান থাকে; অৰ্থাৎ, য’ত পৰ্যবেক্ষিত সত্যৰ পৰা অপৰ্যবেক্ষিত বা নিৰীক্ষণ নকৰা সত্যলৈ, জ্ঞাত তথ্যৰ পৰা অজ্ঞাতলৈ, বিশেষ দৃষ্টান্তৰ পৰা সামান্য সিদ্ধান্তলৈ, আৰু সীমিত সংখ্যকৰ পৰা সৰ্বজনীন বা সকলোলৈ এক উৰ্দ্ধমুখী গতি কৰা হয়, তাকেই প্ৰকৃত আগমন বুলি কোৱা হয়। ইয়াত তথ্য আৰু দৃষ্টান্তসমূহৰ নিৰীক্ষণৰ ওপৰত ভেটি কৰি চূড়ান্ত সিদ্ধান্ত লোৱা হয়। প্ৰকৃত আগমনক তিনিটা শ্ৰেণীত বিভক্ত কৰা হৈছে:

(ক) বৈজ্ঞানিক আগমন

(খ) অবৈজ্ঞানিক আগমন

(গ) সাদৃশ্যানুমান।

(খ) আগমনাত্মক জাঁপ।

উত্তৰঃ আগমনাত্মক জাঁপ হৈছে বৈজ্ঞানিক আগমন আৰু অবৈজ্ঞানিক আগমন দুয়োটাৰে এক অত্যাৱশ্যকীয় গুণ। যদিও বৈজ্ঞানিক আগমনে ঘটনা বা দৃষ্টান্তৰ নিৰীক্ষণৰ ওপৰত বেছি নিৰ্ভৰ কৰে, তথাপি এটা যথার্থ সামান্য বচন প্ৰতিষ্ঠা কৰিবলৈ কেৱল পৰ্যবেক্ষণেই যথেষ্ট নহয়। আমি সংশ্লিষ্ট বিষয়টোৰ সৈতে জড়িত ‘সকলোবোৰ ঘটনা’ কেতিয়াও নিৰীক্ষণ কৰিব নোৱাৰোঁ। সেইবাবেই যুক্তিসংগত সিদ্ধান্তত উপনীত হ’বলৈ কেইটামান নিৰীক্ষণ কৰা বিশেষ দৃষ্টান্তৰ পৰা সামান্যলৈ যোৱাৰ প্ৰয়োজন হয়। এইদৰেই পৰ্যবেক্ষিতৰ পৰা অপৰ্যবেক্ষিত সত্যলৈ, জ্ঞাতৰ পৰা অজ্ঞাতলৈ আৰু বিশেষৰ পৰা সামান্যলৈ এই জাঁপটো মৰা হয়। এই উৰ্দ্ধমুখী অতিক্ৰমণকেই আগমনাত্মক জাঁপ নামেৰে জনা যায়। ই প্ৰকৃততে এক অন্ধকাৰৰ দিশে মৰা জাঁপ, কিয়নো সিদ্ধান্তটো শুদ্ধ হ’ব নে ভুল হ’ব সেই বিষয়ে আগতীয়াকৈ কোনো নিশ্চয়তা নাথাকে। এই প্ৰক্ৰিয়াটোত এটা বিপদ বা সংকটৰ সম্ভাৱনা জড়িত হৈ থাকে। সেইবাবেই এনে জাঁপক আগমনাত্মক সংকট বুলিও কোৱা হয়। জন ষ্টুৱাৰ্ট মিল (Mill) আৰু আলেকজেণ্ডাৰ বেইনৰ (Bain) দৰে যুক্তিবিজ্ঞানী আৰু দাৰ্শনিকসকলে আগমনাত্মক জাঁপ বা সংকটক আগমনৰ মুখ্য উপাদান বা আৱশ্যিক লক্ষণ বুলি গণ্য কৰে।

(গ) তথাকথিত আগমন।

উত্তৰঃ যি আগমনত আগমনৰ মূল বৈশিষ্ট্য আগমনাত্মক জাঁপ অনুপস্থিত থাকে, অৰ্থাৎ য’ত পৰ্যবেক্ষিত সত্যৰ পৰা অপৰ্যবেক্ষিতলৈ, জ্ঞাতৰ পৰা অজ্ঞাতলৈ, বিশেষৰ পৰা সামান্যলৈ আদি উৰ্দ্ধমুখী গতিৰ প্ৰয়োজন নহয়, তাকেই তথাকথিত আগমন বা আগমনাভাস বুলি কোৱা হয়। এই আগমনক তিনিটা ভাগত বিভক্ত কৰা হৈছে: (ক) পূৰ্ণ আগমন, (খ) যুক্তিভিত্তিক অনুমান (বা যুক্তিসাদৃশ্য), আৰু (গ) সামান্যাভিকৰণ (বা ঘটনাসংযোজন অনুমান)।

(ঘ) আগমনৰ প্ৰয়োজনীয়তা।

উত্তৰঃ যুক্তিবিজ্ঞানৰ অধ্যয়ণৰ ক্ষেত্ৰত আগমনৰ বিশেষ প্ৰয়োজনীয়তা আছে। যুক্তিবিজ্ঞানে আমাৰ বিচাৰ-বুদ্ধিৰ শুদ্ধতাৰ অৱস্থাটো জানিবলৈ বিচাৰে, যাতে আমি আকাৰগত সত্যতা আৰু বস্তুগত সত্যতা দুয়োটাৰ আদৰ্শত উপনীত হ’ব পাৰোঁ বা সঠিক জ্ঞান লাভ কৰিব পাৰোঁ। নিগমনাত্মক অনুমানৰ দ্বাৰা আকাৰগত সত্যতাত উপনীত হ’ব পৰা যায় যদিও, বস্তুগত সত্যতা প্ৰতিষ্ঠা কৰিবলৈ হ’লে নিশ্চিতভাৱে আগমনৰ প্ৰয়োজন। আগমনেই “সকলো কাউৰী ক’লা হয়” বা “সকলো মানুহ মৰণশীল”ৰ দৰে সামান্য বচনসমূহৰ বস্তুগত সত্যতা নিৰ্ধাৰণ কৰে।

৫। সংক্ষিপ্ত উত্তৰ দিয়াঃ

(ক) আগমন কেই প্ৰকাৰৰ আৰু কি কি?

উত্তৰঃ আগমন দুটা মূল প্ৰকাৰৰ। সেই দুটা হৈছে:

(১) প্ৰকৃত আগমন

(২) তথাকথিত আগমন

(খ) আগমনৰ মূল লক্ষণ কি?

উত্তৰঃ আগমনৰ মূল লক্ষণটো হ’ল আগমনাত্মক জাঁপ।

(গ) সাদৃশ্যানুমানৰ মূল্য কিদৰে নিৰূপণ কৰিব পাৰে?

উত্তৰঃ তলত দিয়া তথ্যকেইটাৰ সহায়ত সাদৃশ্যানুমানৰ মান বা মূল্য নিৰ্ধাৰণ কৰিব পৰা যায়:

(১) জ্ঞাত সাদৃশ্য থকা গুণসমূহৰ সংখ্যা আৰু গুৰুত্ব যিমানেই অধিক হ’ব, সাদৃশ্যানুমানৰ মূল্য বা সম্ভাৱনীয়তাও সিমানেই বাঢ়িব।

(২) জ্ঞাত বৈসাদৃশ্য থকা গুণসমূহৰ সংখ্যা আৰু গুৰুত্ব যিমানেই বেছি হ’ব, সাদৃশ্যানুমানৰ মূল্য বা সম্ভাৱনীয়তাও সিমানেই হ্ৰাস পাব।

(৩) জ্ঞাত গুণসমূহৰ তুলনাত অজ্ঞাত গুণাৱলীৰ সংখ্যা যিমানেই অধিক হ’ব, সাদৃশ্যানুমানৰ মূল্য বা সম্ভাৱনীয়তাও সিমানেই কমি যাব।

(ঘ) বৈজ্ঞানিক আগমনে কোন প্ৰকাৰৰ বচন প্রতিষ্ঠা কৰে?

উত্তৰঃ বৈজ্ঞানিক আগমনে যথার্থ সামান্য বচন প্ৰতিষ্ঠা কৰে।

(ঙ) সকলো প্ৰকাৰৰ অনুমান মূলতঃ সাদৃশ্যভিত্তিক নে?

উত্তৰঃ হয়, সকলো প্ৰকাৰৰ অনুমানেই আচলতে সাদৃশ্যৰ ভিত্তিত গঠিত হয়।

(চ) সাদৃশ্যানুমান কেইপ্ৰকাৰৰ আৰু কি কি?

উত্তৰঃ সাদৃশ্যানুমান দুই প্ৰকাৰৰ। এই দুটা হ’ল:

(১) সু-সাদৃশ্যানুমান

(২) দুঃসাদৃশ্যানুমান

(ছ) আগমন কেৱল আকাৰগত সত্যতাৰ লগত জড়িত নে?

উত্তৰঃ নহয়, আগমন বচনৰ আকাৰগত সত্যতাৰ লগতে বস্তুগত সত্যতাৰো সৈতে জড়িত।

(জ) “আগমনে নিগমনৰ বাবে সামান্য বচন প্রতিষ্ঠা কৰে।” কথাষাৰ সঁচানে?

উত্তৰঃ হয়, আগমনৰ দ্বাৰাই নিগমনৰ বাবে প্ৰয়োজনীয় সামান্য বা সাৰ্বজনীন বচন প্ৰতিষ্ঠা কৰা হয়।

(ঝ) আগমনত জ্ঞাত বিষয়ৰ পৰা অজ্ঞাত বিষয়লৈ যোৱা গতিটোক কি বোলে?

উত্তৰঃ আগমনত জ্ঞাত বিষয়ৰ পৰা অজ্ঞাত বিষয়লৈ যোৱা গতিটোক আগমনাত্মক জাঁপ বুলি কোৱা হয়।

(ঞ) সাদৃশ্যানুমানৰ সিদ্ধান্ত সম্ভাৱনামূলক নে?

উত্তৰঃ হয়, সাদৃশ্যানুমানৰ সিদ্ধান্ত সদায় কেৱল সম্ভাৱনামূলকহে হয়।

৬। উত্তৰ দিয়া:

(ক) বৈজ্ঞানিক আগমন কাক বোলে?

উত্তৰঃ যি আগমন পদ্ধতিত প্ৰকৃতিৰ একৰূপতা বিধি আৰু কাৰ্য-কাৰণ বিধিৰ ওপৰত নিৰ্ভৰ কৰি নিৰ্দিষ্ট কেইটামান দৃষ্টান্তৰ নিৰীক্ষণৰ ভিত্তিত এটা যথার্থ সামান্য বচন স্থাপন কৰা হয়, তাকেই বৈজ্ঞানিক আগমন বুলি জনা যায়।

(খ) বৈজ্ঞানিক আগমনৰ বৈশিষ্ট্যবোৰ কি কি?

উত্তৰঃ বৈজ্ঞানিক আগমনৰ মুখ্য বৈশিষ্ট্যসমূহ তলত উল্লেখ কৰা হ’ল:

(১) ই এটা যথার্থ সামান্য বচন প্ৰতিষ্ঠা কৰে।

(২) ই ঘটনা বা দৃষ্টান্তসমূহৰ পৰ্যবেক্ষণৰ ভিত্তিত বচন স্থাপন কৰে বা সিদ্ধান্তত উপনীত হয়।

(৩) ইয়াত আগমনাত্মক জাঁপ বা সংকট; অৰ্থাৎ জ্ঞাতৰ পৰা অজ্ঞাতলৈ যোৱা উৰ্দ্ধমুখী গতি জড়িত হৈ থাকে।

(৪) ই প্ৰকৃতিৰ একৰূপতা বিধি আৰু কাৰ্য-কাৰণ বিধিৰ ওপৰত নিৰ্ভৰশীল।

(৫) ইয়াৰ সিদ্ধান্তসমূহ নিশ্চিত স্বভাৱৰ হয়।

(গ) অবৈজ্ঞানিক আগমন কাক বোলে? অবৈজ্ঞানিক আগমনৰ বৈশিষ্ট্যবোৰ কি কি?

উত্তৰঃ অবৈজ্ঞানিক আগমন বা অপ্ৰকৃত গণনাভিত্তিক আগমন হৈছে এনে এক প্ৰক্ৰিয়া য’ত কোনো কাৰ্য-কাৰণৰ সম্পৰ্ক ব্যাখ্যা বা নিৰ্ধাৰণ কৰিবলৈ কোনো চেষ্টা নকৰাকৈ, কেৱল নিৰীক্ষণৰ দ্বাৰা লাভ কৰা অবাধিত অভিজ্ঞতা বা অভিজ্ঞতাৰ একৰূপতাৰ ওপৰত ভেটি কৰি এটা যথার্থ সামান্য বচন প্ৰতিষ্ঠা কৰা হয়।

অবৈজ্ঞানিক আগমনৰ প্ৰধান বৈশিষ্ট্যসমূহ হ’ল:

(১) ই এটা যথার্থ সামান্য বচন প্ৰতিষ্ঠা কৰে।

(২) ই বহুতো বিশেষ বিশেষ ঘটনা বা দৃষ্টান্ত তথা অভিজ্ঞতাৰ পৰ্যবেক্ষণৰ ভিত্তিত বচনটো স্থাপন কৰে।

(৩) ইয়াত আগমনাত্মক জাঁপ জড়িত হৈ থাকে।

(৪) অবৈজ্ঞানিক আগমনত কেৱল অভিজ্ঞতাৰ একৰূপতা বা অবাধিত অভিজ্ঞতাৰ ওপৰত নিৰ্ভৰ কৰি সামান্যীকৰণ কৰা হয়।

(৫) ই কাৰ্য-কাৰণ বিধিৰ সৈতে জড়িত নহয়।

(৬) ইয়াৰ সিদ্ধান্ত কেৱল সম্ভাৱনামূলক হয়।

(ঘ) বৈজ্ঞানিক আৰু অবৈজ্ঞানিক আগমনৰ সাদৃশ্য নিৰূপণ কৰা।

উত্তৰঃ বৈজ্ঞানিক আৰু অবৈজ্ঞানিক আগমনৰ মাজত থকা মুখ্য সাদৃশ্যসমূহ তলত দিয়া ধৰণৰ:

(১) বৈজ্ঞানিক আৰু অবৈজ্ঞানিক দুয়ো প্ৰকাৰৰ আগমনেই এটা যথার্থ সামান্য বচন প্ৰতিষ্ঠা কৰে।

(২) দুয়ো প্ৰকাৰৰ আগমনেই ঘটনা বা দৃষ্টান্তৰ পৰ্যবেক্ষণৰ ওপৰত নিৰ্ভৰ কৰি বচন স্থাপন কৰে।

(৩) দুয়োটাতে আগমনাত্মক জাঁপ বিদ্যমান।

(ঙ) সাদৃশ্যানুমানৰ প্ৰকৃতি সম্পর্কে আলোচনা কৰা।

উত্তৰঃ সাদৃশ্যানুমানৰ প্ৰকৃতি বা বৈশিষ্ট্যসমূহ হৈছে:

(১) সাদৃশ্যানুমানত বচন বা যুক্তিৰ গতি এটা বিশেষ দৃষ্টান্তৰ পৰা অন্য এটা বিশেষ দৃষ্টান্তলৈ সঞ্চালিত হয়। অৰ্থাৎ, এটা নিৰ্দিষ্ট দৃষ্টান্তৰ পৰা আন এটা নিৰ্দিষ্ট দৃষ্টান্তত উপনীত হোৱা যায়।

(২) ই দুটা বস্তু বা দৃষ্টান্তৰ মাজত থকা নিৰ্দিষ্ট কিছুমান সাদৃশ্যৰ ওপৰত ভিত্তি কৰি প্ৰতিষ্ঠিত হয়।

(৩) ই কাৰ্য-কাৰণ সম্পৰ্কৰ ওপৰত প্ৰতিষ্ঠিত নহয়, সেইবাবেই ইয়াৰ সিদ্ধান্তটো সম্ভাৱনামূলক হয়।

(৪) ইয়াত আগমনাত্মক জাঁপ বিদ্যমান।

(চ) সাদৃশ্যানুমান কাক বোলে? ই কেই প্ৰকাৰৰ আৰু কি কি? আলোচনা কৰা।

উত্তৰঃ আগমনৰ যিটো প্ৰকাৰত দুটা বস্তুৰ মাজত থকা নিৰ্দিষ্ট কিছুমান সদৃশ গুণ বা বৈশিষ্ট্য নিৰীক্ষণৰ ভিত্তিত আমি বস্তুদুটাৰ মাজত আন কিছুমান গুণৰো সাদৃশ্য থাকিব বুলি অনুমান কৰি লওঁ, তাকেই সাদৃশ্যানুমান বুলি কোৱা হয়।

সাদৃশ্যানুমান দুই প্ৰকাৰৰ:

(১) সু-সাদৃশ্যানুমান: যি সাদৃশ্যানুমানত দুটা বস্তুৰ মাজত থকা গুৰুত্বপূৰ্ণ গুণসমূহৰ সাদৃশ্য পৰ্যবেক্ষণ কৰি সিদ্ধান্তত উপনীত হোৱা যায়, তাকেই সু-সাদৃশ্যানুমান বুলি কোৱা হয়। উদাহৰণস্বৰূপে: মংগল গ্ৰহৰ পৃথিৱীৰ দৰে গ্ৰহীয় চৰিত্ৰ থকাৰ বাবে ইয়াৰ পৃথিৱীৰ সৈতে কেইবাটাও গুৰুত্বপূৰ্ণ সাদৃশ্য আছে, যেনে- একেধৰণৰ বায়ুমণ্ডল, সাগৰীয় উত্তাপ, মেৰু অঞ্চল আদি। পৃথিৱীত জীৱই বসবাস কৰে। সেয়েহে, মংগল গ্ৰহতো জীৱই বসবাস কৰিব পাৰে বুলি অনুমান কৰা হয়।

(২) দুঃসাদৃশ্যানুমান: যি সাদৃশ্যানুমানত দুটা বস্তুৰ মাজত থকা গৌণ বা কম গুৰুত্বপূৰ্ণ গুণসমূহৰ সাদৃশ্য পৰ্যবেক্ষণ কৰি সিদ্ধান্তত উপনীত হোৱা যায়, তাকেই দুঃসাদৃশ্যানুমান বুলি কোৱা হয়। উদাহৰণস্বৰূপে: মানুহৰ দৰেই উদ্ভিদবোৰো জন্ম, বৃদ্ধি, বিকাশ আৰু মৃত্যুৰ মাজেৰে পাৰ হয়। মানুহৰ বুদ্ধি আছে, গতিকে উদ্ভিদৰো বুদ্ধি আছে। এইটো এটা অসত্য বা দুৰ্বল সাদৃশ্যানুমানৰ উদাহৰণ, কিয়নো ই বস্তু দুটাৰ মাজৰ গৌণ বা আকস্মিক গুণৰ সাদৃশ্যৰ ওপৰত প্ৰতিষ্ঠিত।

(ছ) বৈজ্ঞানিক আগমনৰ মূল ভিত্তি কি কি?

উত্তৰঃ বৈজ্ঞানিক আগমনৰ মূল ভিত্তি হৈছে প্ৰকৃতিৰ একৰূপতা বিধি আৰু কাৰ্য-কাৰণ বিধি। এই বিধি দুটাৰ ওপৰত নিৰ্ভৰ কৰিয়েই বৈজ্ঞানিক আগমনে বিশেষ বিশেষ ঘটনা বা দৃষ্টান্তৰ ভিত্তিত এটা যথার্থ সামান্য বচন প্ৰতিষ্ঠা কৰে। এই বিধি দুটাক আগমনৰ পূৰ্বসিদ্ধ বা পূৰ্বস্বীকাৰ্য বিধি বুলিও কোৱা হয়।

কাৰ্য-কাৰণ বিধি হৈছে বৈজ্ঞানিক আগমনৰ এক মুখ্য ভেটি। এই নীতিটোৰ মতে, “প্ৰতিটো কাৰ্যৰে এটা কাৰণ থাকে”। অৰ্থাৎ, কোনো কাৰ্যই ভুলতে বা দৈৱক্ৰমে হঠাৎ সংঘটিত নহয়। এই বিধিয়ে উদ্দেশ্য আৰু বিধেয়ৰ মাজত এটা কাৰ্য-কাৰণ সম্পৰ্ক স্থাপন কৰে। আনহাতে, প্ৰকৃতিৰ একৰূপতা বিধিৰ মতে, “একেধৰণৰ পৰিস্থিতিত একেধৰণৰ প্ৰভাৱ বা ফলাফল উৎপন্ন হয়।” অৰ্থাৎ, একেধৰণৰ পৰিৱেশ বা অৱস্থাত প্ৰকৃতিয়ে সদায় একেদৰেই আচৰণ কৰে। উদাহৰণস্বৰূপে: কেইবাজনো মানুহৰ মৃত্যু লক্ষ্য কৰি আমি ‘মানুহ’ আৰু ‘মৰণশীলতা’ৰ মাজত এটা কাৰ্য-কাৰণ সম্পৰ্ক থকা বুলি উপলব্ধি কৰোঁ। ইয়াৰ পৰা আমি অনুমান কৰোঁ যে একেধৰণৰ পৰিস্থিতি বা পৰিৱেশত সকলো মানুহৰ মৃত্যুৰ ঘটনাটোত থকা স্থায়ী সম্বন্ধটো সত্য। এইটোৰ ওপৰত ভিত্তি কৰিয়েই আমি “সকলো মানুহ মৰণশীল” বুলি কওঁ।

(জ) তথাকথিত আগমন কেইপ্ৰকাৰৰ আৰু কি কি?

উত্তৰঃ তথাকথিত আগমন তিনি প্ৰকাৰৰ। এইকেইটা হ’ল:

(১) পূৰ্ণ আগমন।

(২) সদৃশ যুক্তিভিত্তিক আগমন।

(৩) সামান্যাভিকৰণ আগমন বা ঘটনাসংযোজন আগমন।

(ঝ) অবৈজ্ঞানিক আগমন কাক বোলে? অবৈজ্ঞানিক আগমনে কিভাবে বৈজ্ঞানিক আগমনৰ বাট মুকলি কৰি দিয়ে?

উত্তৰঃ

প্ৰথম অংশ: অবৈজ্ঞানিক আগমন বা অপ্ৰকৃত গণনাভিত্তিক আগমন হৈছে কোনো কাৰ্য-কাৰণ সম্পৰ্ক ব্যাখ্যা বা প্ৰতিষ্ঠা কৰিবলৈ কোনো প্ৰয়াস নকৰাকৈয়ে কেৱল নিৰীক্ষণৰ দ্বাৰা পোৱা অবাধিত অভিজ্ঞতা বা অভিজ্ঞতাৰ একৰূপতাৰ ওপৰত ভিত্তি কৰি এটা যথার্থ সামান্য বচন প্ৰতিষ্ঠা কৰা প্ৰক্ৰিয়া।

দ্বিতীয় অংশ: এই কথা সত্য যে অবৈজ্ঞানিক আগমনৰ সিদ্ধান্তটো সুনিশ্চিত নহয়, অৰ্থাৎ ই সম্ভাৱনামূলক হয়, কাৰণ ইয়াত সিদ্ধান্ত আৰু বচনৰ মাজত কোনো নিয়ন্ত্ৰিত বা নিশ্চিত সম্বন্ধ স্থাপন কৰা নহয়। তথাপিও, অবৈজ্ঞানিক আগমনক ব্যৱহাৰৰ অনুপযোগী বুলি গণ্য কৰিব নোৱাৰি, কিয়নো ইয়াৰ গুৰুত্ব এই যে ই হৈছে বৈজ্ঞানিক আগমনৰ আৰম্ভণি বিন্দু। দৃষ্টান্ত আৰু সিদ্ধান্তৰ মাজত ই এটা কাৰ্য-কাৰণ সম্পৰ্ক স্থাপন নকৰিলেও, ই সেই সম্পৰ্কটোৰ বিষয়ে এটা ইংগিত বা পৰামৰ্শ আগবঢ়ায়। উদাহৰণস্বৰূপে: “সকলো কাউৰী ক’লা হয়” হৈছে এটা অবৈজ্ঞানিক আগমনৰ উক্তি। এই উক্তিটোৱে এই আভাস দিয়ে যে ‘কাউৰী’ আৰু ‘ক’লা’ বৰণ কিবা প্ৰকাৰে সম্বন্ধযুক্ত আৰু ইয়াৰ দ্বাৰা সিহঁত নিয়ন্ত্ৰিতভাৱে সম্বন্ধযুক্ত হ’ব পাৰে বুলি পৰামৰ্শ দিয়ে। বৈজ্ঞানিক আগমনে এই পৰামৰ্শৰ পৰা ইংগিত লৈ এই দুয়োটা শব্দ বা বস্তুৰ মাজত এনেধৰণৰ সম্পৰ্ক আছেনে তাৰ অনুসন্ধান কৰে। যদিহে শব্দ দুটাৰ মাজত কাৰ্য-কাৰণ সম্পৰ্ক স্থাপন হয়, তেতিয়া অবৈজ্ঞানিক আগমন বৈজ্ঞানিক আগমনলৈ ৰূপান্তৰিত হয়। সেয়েহে, অবৈজ্ঞানিক আগমনক বৈজ্ঞানিক আগমনৰ প্ৰাৰম্ভিক প্ৰয়াস বুলি ক’ব পাৰি। এইদৰে বৈজ্ঞানিক আগমনৰ ক্ষেত্ৰত অবৈজ্ঞানিক আগমনৰ যথেষ্ট মূল্য আছে আৰু আগমনৰ প্ৰাথমিক স্তৰত ই অতি সহায়কাৰী হয়।

(ঞ) সাদৃশ্যানুমান কিয় সম্ভাৱনামূলক?

উত্তৰঃ সাদৃশ্যানুমানৰ এটা মুখ্য বৈশিষ্ট্য হ’ল যে ইয়াৰ সিদ্ধান্তটো কেৱল সম্ভাৱনামূলক হয়, ই সুনিশ্চিত নহয়। ইয়াৰ কাৰণ হ’ল যে সাদৃশ্যানুমানত যি দুটা বস্তুক তুলনা কৰা হয়, সেই বস্তুদুটাৰ মাজত কোনো কাৰ্য-কাৰণ সম্পৰ্ক স্থাপন কৰিবলৈ কোনো চেষ্টা কৰা নহয়। অৱশ্যে, সাদৃশ্য থকা গুণৰ সংখ্যা, বৈসাদৃশ্য থকা গুণৰ সংখ্যা আৰু অজ্ঞাত গুণাৱলীৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি এই সম্ভাৱনীয়তাৰ পৰিসৰ শূন্যৰ পৰা প্ৰায় নিশ্চিতলৈকে বিস্তৃত হ’ব পাৰে।

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
দ্বাদশ শ্ৰেণী তৰ্কবিজ্ঞান আৰু দৰ্শন অধ্যায় ১ – সঘনাই সোধা প্ৰশ্ন
আগমন কি?
আগমন হ’ল যুক্তি-চিন্তনৰ এক পদ্ধতি, য’ত কিছু সৰ্বজনীন বা নিৰ্দিষ্ট প্ৰকৃতিৰ বিষয় বুজা হয়।
আগমনৰ প্ৰকাৰসমূহ কি কি?
আগমন প্ৰধানকৈ বিভিন্ন ধৰণৰ হয় যেনে ইণ্ডাকটিভ আগমন, ডেডাকটিভ আগমন, আৰু অন্যান্য বিশ্লেষণাত্মক আগমন।
আগমনৰ ভিত্তি কি হ’ল?
আগমনৰ ভিত্তি তেওঁলোকৰ যুক্তি আৰু প্ৰমাণৰ ওপৰত নিৰ্ভৰ কৰে, য’ত কাৰ্য-কাৰণ বিধি আৰু বস্তুগত গমন প্ৰধান ভূমিকা ধৰে।
প্ৰকল্প কেনেকৈ ব্যৱহাৰ হয়?
প্ৰকল্প হৈছে যুক্তিগত বিশ্লেষণৰ এক উপায়, যি সমস্যাৰ সমাধানত সহায় কৰে আৰু সঠিক সিদ্ধান্ত ল’বলৈ দ্ৰুত কৰে।
NCERT Solutions – Ospin Academy

Get Free NCERT PDFs

If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group:

Thank You!

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top