Class 12 Logic and Philosophy Chapter 4 – মিলৰ পৰীক্ষণমূলক অনুসন্ধান পদ্ধতি – All Question Solutions | AHSEC (Assamese Medium)
দ্বাদশ শ্ৰেণীৰ তৰ্কবিজ্ঞানে অধ্যায় ৪ – মিলৰ পৰীক্ষণমূলক অনুসন্ধান পদ্ধতিৰ সকলো প্ৰশ্নৰ সমাধান (AHSEC – Assamese Medium)
এই অধ্যায়ত মিলৰ পৰীক্ষণমূলক পদ্ধতিৰ আটাইকেইটা প্ৰকাৰৰ বিস্তারিত আলোচনা কৰা হৈছে। মিলৰ মতে, পৰীক্ষণমূলক অনুসন্ধান পদ্ধতিৰ মুল উদ্দেশ্য হৈছে কাৰ্য-কাৰণৰ সন্দর্ভত সঠিক বুজ পোৱা। এই পদ্ধতিত অন্বয়ী পদ্ধতি, ব্যতিৰেকী পদ্ধতি, মিশ্ৰ পদ্ধতি, সহ-পৰিৱৰ্তন পদ্ধতি, আৰু পৰিশেষ পদ্ধতি অন্তৰ্ভুক্ত। প্ৰতিটো পদ্ধতিৰ ব্যৱহাৰ আৰু কাৰ্যপদ্ধতি স্পষ্টকৈ বুজোৱা হৈছে। অস্পীন একাডেমীৰ এই সমাধানসমূহ নতুন পাঠ্যক্ৰমৰ সৈতে সমন্বিত আৰু সহজ ভাষাত উপলব্ধ।
✅ কি শিকিব:
- মিলৰ পৰীক্ষণমূলক অনুসন্ধান পদ্ধতিৰ প্ৰকাৰসমূহ
- অন্বয়ী পদ্ধতিৰ ব্যাখ্যা আৰু প্ৰয়োগ
- ব্যতিৰেকী পদ্ধতি আৰু তাৰ বৈশিষ্ট্য
- মিশ্ৰ পদ্ধতি আৰু সহ-পৰিৱৰ্তন পদ্ধতিৰ ব্যাখ্যা
- পৰিশেষ পদ্ধতিৰ উদ্দেশ্য আৰু ব্যৱহাৰ
- কাৰ্য-কাৰণ নিৰ্ণয়লৈ মিলৰ পদ্ধতিসমূহৰ ভূমিকা
🎯 অস্পীন একেডেমীৰ সুবিধা:
- AHSEC Logic and Philosophy পাঠ্যক্ৰমৰ পূৰ্ণাঙ্গ আৰু সহজ বুজা সমাধান
- প্ৰশ্নাবলী আৰু অনুশীলনীসমূহৰ বিস্তৃত উত্তৰ
- অ্যাসামীয়া মাধ্যমৰ বাবে স্পষ্ট আৰু ব্যৱহাৰিক ভাষা
- মিলৰ পদ্ধতিসমূহৰ প্ৰায়োগিক আৰু তাত্ত্বিক দিশৰ সম্পূৰ্ণ ব্যাখ্যা
- পরীক্ষাৰ সফলতাৰ বাবে উপযোগী টিপছ আৰু পৰামৰ্শ
Chapter URL: https://ospinacademy.com/class-12-logic-philosophy-chapter-4-ahsec
Class 12 Logic And Philosophy (তৰ্কবিজ্ঞান আৰু দৰ্শন) | AHSEC | All Chapter Solutions PDF
Limited Time Offer!
(For AHSEC Class 12, Assamese Medium)
Get comprehensive preparation for Class 12 Logic And Philosophy (Assamese Medium) with chapter-wise solutions PDF.
Includes complete textual answers, terms, explanations, and examples for every chapter as per latest AHSEC syllabus.
Perfect for self-study, homework, and board exam revision!
মিলৰ পৰীক্ষণমূলক অনুসন্ধান পদ্ধতি
(Mill’s Methods of Experimental Enquiry)
পাঠভিত্তিক প্রশ্নোত্তৰ
(Textual Questions and Answers)
অনুশীলনী –
(পাঠ্যপুথিৰ পৃষ্ঠা নং 111)
১। তলৰ প্ৰশ্নবোৰৰ সংক্ষিপ্ত উত্তৰ দিয়া:
(ক) মিলে কেইটা পদ্ধতি স্বীকাৰ কৰিছে? সেইবোৰ কি কি?
উত্তৰঃ মিলে পাঁচ প্ৰকাৰৰ অন্বেষণমূলক পদ্ধতি বা পৰীক্ষণমূলক অনুসন্ধান পদ্ধতি স্বীকাৰ কৰিছে। সেইবোৰ হ’ল:
১. অন্বয়ী পদ্ধতি (Method of Agreement)
২. ব্যতিৰেকী পদ্ধতি (Method of Difference)
৩. মিশ্ৰ পদ্ধতি বা অন্বয়ী-ব্যতিৰেকী পদ্ধতি (Joint Method of Agreement and Difference)
৪. সহ-পৰিৱৰ্তন পদ্ধতি (Method of Concomitant Variations)
৫. পৰিশেষ পদ্ধতি (Method of Residues)
(খ) মিলৰ মতে মুখ্য পৰীক্ষণ দুটা কি কি?
উত্তৰঃ মিলৰ মতে মুখ্য পৰীক্ষণমূলক পদ্ধতি বা প্ৰণালী দুটা হ’ল অন্বয়ী পদ্ধতি আৰু ব্যতিৰেকী পদ্ধতি।
(গ) মিলৰ আগমন পদ্ধতি (পৰীক্ষণমূলক পদ্ধতি)ৰ লক্ষ্য কি?
উত্তৰঃ মিলৰ আগমন পদ্ধতি (পৰীক্ষণমূলক পদ্ধতি)ৰ প্ৰধান লক্ষ্য হ’ল প্ৰকৃতিৰ ঘটনাসমূহৰ মাজত কাৰ্য-কাৰণ সম্বন্ধ স্থাপন বা নিৰ্ণয় কৰা।
(ঘ) “অপসৰণ পদ্ধতি” বুলিলে কি বুজা?
উত্তৰঃ “অপসৰণৰ পদ্ধতি” শব্দটোৱে প্ৰাকৃতিক ঘটনা এটাৰ কাৰ্য-কাৰণ সম্বন্ধ নিৰ্ণয় বা অনুসন্ধানৰ সময়ত ঘটনাটোত বিচাৰি পোৱা আকস্মিক তথা অপ্ৰাসংগিক বিষয়সমূহ বা পৰিস্থিতিবোৰক বৰ্জন কৰাত সহায় কৰা নীতি বা পদ্ধতিক বুজায়।
(ঙ) ব্যতিৰেকী প্ৰণালীৰ বাবে কেইটা দৃষ্টান্তৰ প্ৰয়োজন হয়?
উত্তৰঃ দুটা দৃষ্টান্তৰ প্ৰয়োজন হয়; অৰ্থাৎ ব্যতিৰেকী প্ৰণালীৰ বাবে এটা সদৰ্থক আৰু এটা নঞৰ্থক দৃষ্টান্তৰ প্ৰয়োজন হয়।
(চ) কাকতালীয় দোষ কি?
উত্তৰঃ কোনো এটা পূৰ্বৱৰ্তী ঘটনাক পৰৱৰ্তী ঘটনা এটাৰ প্ৰকৃত বা মুখ্য কাৰণ বুলি ধৰি ল’লে যি দোষ ঘটে, তাকে “কাকতালীয় দোষ” (Fallacy of Post Hoc Ergo Propter Hoc) বুলি কোৱা হয়।
(ছ) অন্বয়ী প্ৰণালীৰ সিদ্ধান্ত নিশ্চিত নে?
উত্তৰঃ নহয়, অন্বয়ী প্ৰণালীৰ সিদ্ধান্ত নিশ্চিত নহয়, কিয়নো মুখ্যতঃ ই হৈছে এটা নিৰীক্ষণৰ প্ৰণালী আৰু ইয়াত নানাকাৰণবাদ দোষৰ সম্ভাৱনা থাকে।
(জ) মিলৰ ব্যতিৰেকী পদ্ধতি অপসৰণৰ কোনটো সূত্ৰৰ ওপৰত প্ৰতিষ্ঠিত?
উত্তৰঃ মিলৰ ব্যতিৰেকী প্ৰণালী নিম্নোল্লিখিত অপসৰণৰ সূত্ৰটোৰ ওপৰত প্ৰতিষ্ঠিত: “যেতিয়া কাৰ্যৰ কোনো ক্ষতি নকৰাকৈ পূৰ্বৱৰ্তী ঘটনাৰ কোনো অংশক বাদ দিব পৰা নাযায়, সেই অংশটো কাৰ্যটোৰ কাৰণ বা কাৰণৰ অংগ হ’বই লাগিব।” (দ্বিতীয় অপসৰণৰ সূত্ৰ)
(ঝ) একমুখী সহ-পৰিৱৰ্তন কাক বোলে?
উত্তৰঃ একমুখী বা প্ৰত্যক্ষ সহ-পৰিৱৰ্তন বুলিলে এনে এটা পৰিৱৰ্তনৰ অৱস্থাক বুজায়, য’ত পূৰ্বৱৰ্তী ঘটনাৰ পৰিমাণৰ বৃদ্ধি হ’লে অনুৱৰ্তী ঘটনাৰ পৰিমাণৰো বৃদ্ধি হয় আৰু পূৰ্বৱৰ্তী ঘটনাৰ পৰিমাণ হ্ৰাস হ’লে অনুৱৰ্তী ঘটনা বা পৰিণামৰ পৰিমাণৰো হ্ৰাস হয়।
২। উদাহৰণ দিয়া:
(ক) বিপৰীতমুখী সহ-পৰিৱৰ্তন।
উত্তৰঃ সাংকেতিক উদাহৰণঃ
দৃষ্টান্তৰ সংখ্যা | পূর্বৱর্তী ঘটনা | অনুৱর্তী ঘটনা |
|---|---|---|
১ ম | A + BC | a-bc |
২ য় | A ++ DC | a–dc |
৩ য় | A+++ FG | a—fg |
‘A’ হৈছে ‘a’ ৰ কাৰণ।
বাস্তৱ উদাহৰণঃ বজাৰত যেতিয়া বস্তু এটাৰ যোগান বৃদ্ধি হয় তেতিয়া তাৰ মূল্য হ্রাস হয়। একেদৰে যদি বজাৰত বস্তুটোৰ যোগান হ্রাস পায় তেতিয়া তাৰ মূল্য বৃদ্ধি হয়।
(খ) কাকতালীয় দোষ।
উত্তৰঃ চৰাই এটা গছ এডালৰ পৰা উৰি যোৱাৰ লগে লগে গছডালৰ পৰা এটা ফল সৰি মাটিত পৰিল। যদিহে আমি গছডালৰ পৰা চৰাইটো উৰি যোৱাটোকে গছডালৰ পৰা ফলটো সৰি পৰাৰ মুখ্য কাৰণ হিচাপে বিবেচনা কৰোঁ, তেন্তে আমি কাকতালীয় দোষ কৰিম’।
(গ) ব্যতিৰেকী প্রণালী।
উত্তৰঃ ব্যতিৰেকী প্ৰণালী হৈছে কাৰ্য-কাৰণৰ সম্পৰ্ক প্ৰতিষ্ঠা কৰাৰ এক প্ৰধান পদ্ধতি। এই প্ৰণালীয়ে দুটা দৃষ্টান্তৰ তুলনা কৰে, য’ত এটা দৃষ্টান্তত (সদৰ্থক দৃষ্টান্ত) অন্বেষণীয় কাৰণটো উপস্থিত থাকে আৰু কাৰ্যটোও সংঘটিত হয়; আনহাতে দ্বিতীয়টো দৃষ্টান্তত (নঞৰ্থক দৃষ্টান্ত) সেই কাৰণটো অনুপস্থিত থাকে আৰু কাৰ্যটোও সংঘটিত নহয়। কিন্তু আন সকলো পাৰিপাৰ্শ্বিক অৱস্থা দুয়োটা দৃষ্টান্ততে একে থাকে। এই পাৰ্থক্যটোৱেই কাৰ্যৰ কাৰণ বুলি ধৰা হয়।
উদাহৰণস্বৰূপে: যদিহে বায়ুৰে পৰিপূৰ্ণ পাত্ৰ এটাৰ ভিতৰত আমি এটা ঘণ্টা বজাওঁ, আমি শব্দটো শুনিব পাৰিম (সদৰ্থক দৃষ্টান্ত)। আনহাতে, আমি যদি বায়ুশূন্য পাত্ৰ এটাৰ ভিতৰত ঘণ্টা এটা বজাওঁ, তেতিয়া আমি শব্দ শুনিবলৈ নাপাওঁ (নঞৰ্থক দৃষ্টান্ত)। এইদৰে, দুয়োটা দৃষ্টান্তৰ মাজত থকা পাৰ্থক্যটোৱেই হৈছে বায়ুৰ উপস্থিতি বা অনুপস্থিতি। যিহেতু বায়ুৰ উপস্থিতিৰ ফলত শব্দ শুনা গৈছিল, সেয়েহে বায়ুৰ উপস্থিতি হৈছে শব্দ শুনাৰ কাৰণ।
(ঘ) পৰিশেষ প্ৰণালী (Method of Residues)।
উত্তৰঃ পৰিশেষ প্ৰণালী হৈছে এনে এক অনুসন্ধানমূলক পদ্ধতি, য’ত এটা জটিল বা মিশ্ৰ কাৰ্যৰ কিছুমান অংশৰ কাৰণ পূৰ্বৰে পৰা জনা যায়। যদি এটা জটিল পৰিঘটনাৰ কিছু অংশ পূৰ্বৰ সু-প্ৰতিষ্ঠিত কাৰণৰ ফল, তেন্তে সেই কাৰণসমূহৰ ফলাফল বাদ দি যি অৱশিষ্ট বা ‘পৰিশেষ’ বাকী থাকে, সেইটোৱেই হৈছে অৱশিষ্ট কাৰণসমূহৰ ফল।
উদাহৰণস্বৰূপে: এজন মানুহে এটা ছুটকেছ বিমান বন্দৰত ওজন কৰিবলৈ বস্তু জোখা কক্ষলৈ লৈ গ’ল; ছুটকেছটোৰ মুঠ ওজন হ’ল ৪০ কিঃগ্ৰা। মানুহজনে তেওঁৰ পূৰ্বৰ জ্ঞান মতে জানে যে সামগ্ৰী অবিহনে খালী ছুটকেছটোৰ ওজন হ’ল ১০ কিঃগ্ৰাম। গতিকে, পূৰ্বতে জনা কাৰণ (খালি ছুটকেছৰ ওজন) বাদ দি, অৱশিষ্ট সামগ্ৰীখিনিৰ ওজন নিশ্চয় ৩০ কিঃগ্ৰাম হ’ব। এইটোৱেই হৈছে পূৰ্বৰ জ্ঞান আৰু অপসাৰণৰ সূত্ৰ প্ৰয়োগ কৰি পোৱা পৰিশেষ প্ৰণালীৰ ফল।
(ঙ) প্ৰকৃতিগত দোষ (Plurality of Causes Fallacy)।
উত্তৰঃ প্ৰকৃতিগত দোষ বা নানাকাৰণবাদ দোষ হৈছে অন্বয়ী পদ্ধতিৰ এক গুৰুত্বপূৰ্ণ ত্ৰুটি। এই দোষ তেতিয়া সংঘটিত হয়, যেতিয়া অন্বয়ী প্ৰণালীয়ে কোনো এটা কাৰ্যৰ বাবে উমৈহতীয়া পূৰ্বৱৰ্তী কাৰণ এটাক চিনাক্ত কৰে, কিন্তু বাস্তৱত কাৰ্যটোৰ একাধিক বা ভিন্ন ভিন্ন কাৰণ থাকিব পাৰে।
উদাহৰণস্বৰূপে: মদ খোৱাৰ ফলত তিনিজন মানুহৰ নিচা হোৱা দেখা গ’ল। ইয়াৰে প্ৰথম মানুহজনে মদৰ সৈতে পানী মিহলাই খাইছিল, দ্বিতীয় মানুহজনে হুইস্কিৰ সৈতে পানী মিহলাই খাইছিল আৰু তৃতীয়জনে ব্ৰেণ্ডিৰ সৈতে পানী মিহলাই খাইছিল। যদিহে ইয়াত আমি অন্বয়ী পদ্ধতিক অনুসৰণ কৰোঁ, তেতিয়াহ’লে উমৈহতীয়া উপাদান হিচাপে পানীকেই নিচাৰ প্ৰধান কাৰণ হিচাপে ল’ব লাগিব, যিটো দৰাচলতে সত্য নহয়। এইটোৱেই হৈছে নানাকাৰণবাদৰ অন্তৰ্ভুক্ত এটা ঘটনা; অৰ্থাৎ নিচাৰ কাৰণ এটা নহয়, কেইবাটাও ভিন ভিন পানীয়। অন্বয়ী পদ্ধতিৰ এই অভাৱ বা ত্ৰুটিকেই প্ৰকৃতিগত দোষ বুলি জনা যায়, কিয়নো ই এটা কাৰ্যৰ বিভিন্ন কাৰণ থাকিব পাৰে—এই সত্যটোক উপেক্ষা কৰে।
৩। চমুটোকা লিখাঃ
(ক) সহ-পৰিৱৰ্তন প্রণালী।
উত্তৰঃ সহ-পৰিৱৰ্তন প্রণালীৰ ধাৰণাটোৰ উদ্ভাৱক আছিল জে. এছ, মিল। মিলে এই প্রণালীটোক নিম্নোল্লিখিত ধৰণে সংজ্ঞাবদ্ধ কৰিছেঃ
“কোনো এটা ঘটনাৰ কোনো ধৰণৰ পৰিৱৰ্তন হ’লে যদি অন্য এটা ঘটনাৰো কোনো বিশেষ ধৰণৰ পৰিৱৰ্তন হয়, তেনেহ’লে সেই ঘটনাটো আন ঘটনাটোৰ কাৰণ বা কাৰ্য অথবা কোনো ধৰণে কার্য-কাৰণ সম্বন্ধেৰে সম্বন্ধিত হ’ব।” এই সংজ্ঞাটোরে তলত উল্লেখ কৰা দিশসমূহত দৃষ্টিপাত কৰেঃ
(১) দুটা ঘটনা পর্যবেক্ষণ কৰিব লাগিব।
(২) দুটা ঘটনা বিশ্লেষণ কৰিব লাগিব।
(৩) বিশ্লেষণ কৰিলে যদি দেখা যায় যে দুটা ঘটনাৰে একেলগে পৰিমাণৰ পৰিবৰ্তন হৈছে, তেন্তে সিহঁতৰ সহ-পৰিৱৰ্তনৰ অভিজ্ঞতাৰ পৰা এইটো সিদ্ধান্তত উপনীত হ’ব পৰা যায় যে ঘটনা দুটা কাৰ্য-কাৰণ সম্বন্ধেৰে সম্বন্ধিত।
(খ) একমুখী সহ-পৰিবৰ্তন।
উত্তৰঃ একমুখী বা প্রত্যক্ষ সহ-পৰিৱর্তন হৈছে এনে এটা পৰিৱর্তনৰ অবস্থা য’ত পূর্ববর্তী ঘটনাৰ পৰিমাণৰ বৃদ্ধি হ’লে অনুবর্তী ঘটনাৰ পৰিমাণৰো বৃদ্ধি হয়, আৰু পূর্ববর্তী ঘটনাৰ পৰিমাণ হ্রাস হলে অনুবর্তী ঘটনাৰ পৰিমাণৰো হ্রাস হয়।
ইয়াক তলত দিয়া ধৰণে সাংকেতিকভাৱে বৰ্ণনা কৰিব পাৰিঃ
‘A’ হৈছে ‘a’ ৰ কাৰণ।
উদাহৰণস্বৰূপে বায়ুমণ্ডলত উত্তাপ বাঢ়িলে থার্মোমিটাৰৰ পাৰা ওপৰলৈ উঠে। আকৌ বায়ুমণ্ডলত উত্তাপ কমিলে থার্মোমিটাৰৰ পাৰা তললৈ নামি আহে। গতিকে বায়ুমণ্ডলত উত্তাপ বৃদ্ধি বা হ্রাস হোৱাটোৱে হৈছে থার্মোমিটাৰৰ পাৰা ওপৰলৈ উঠা বা তললৈ নমাৰ কাৰণ আৰু ই হৈছে এটা প্রত্যক্ষ প্রমাণ।
(গ) অপসৰণৰ সূত্র।
উত্তৰঃ আগমনৰ প্ৰধান উদ্দেশ্য হৈছে কাৰণ আৰু কাৰ্যৰ মাজত এটা সম্বন্ধ স্থাপন কৰা। গুণগতভাৱে কাৰণ হৈছে কাৰ্যৰ নিয়ত, চৰ্তহীন, অব্যবহিত পূর্ববর্তী ঘটনা আৰু পৰিমাণগতভাৱে কাৰণ কাৰ্যৰ সমান। কাৰ্য আৰু কাৰণৰ মাজৰ এই সম্পৰ্কৰ ওপৰতেই অপসৰণৰ সূত্ৰসমূহ প্রতিষ্ঠিত। এইবোৰ হৈছেঃ
(১) ‘যদিহে কাৰ্যৰ কোনো ক্ষতি নোহোৱাকৈ পূর্ববর্তী ঘটনাৰ কোনো অংশ বাদ দিব পাৰি, সেই অংশ কেতিয়াও কাৰ্যটোৰ কাৰণ বা কাৰণৰ অংগ হ’ব নোৱাৰে।” অন্বয়ী প্রণালী অপসৰণৰ এই সূত্ৰটোৰ ওপৰত প্ৰতিষ্ঠিত।
(২) “যেতিয়া কাৰ্যৰ কোনো ক্ষতি নোহোৱাকৈ পূর্ববর্তী ঘটনাৰ কোনো অংশ বাদ দিব নোৱাৰি তেতিয়া সেই অংশ কাৰ্যটোৰ কাৰণ বা কাৰণৰ অংগ হ’বই লাগিব।” ব্যতিৰেকী প্ৰণালী অপসৰণৰ এই সূত্ৰটোৰ ওপৰত প্ৰতিষ্ঠিত।
(৩) “পূর্ববর্তী ঘটনা এটাৰ পৰিমাণগত পৰিৱৰ্তনৰ লগত যদি অনুৱৰ্তী ঘটনাবো পৰিমাণগত পৰিৱৰ্তন হয়, তেনেহ’লে ঘটনা দুটা কাৰ্য-কাৰণ সম্বন্ধেৰে সম্বন্ধিত হ’ব।” মিলৰ সহ-পৰিৱৰ্তনৰ প্ৰণালীটো অপসৰণৰ এই সূত্ৰটোৰ ওপৰত প্ৰতিষ্ঠিত।
(৪) “কোনো এটা ঘটনাক যদি কোনো কাৰ্যৰ কাৰণ বুলি জনা যায়, তেন্তে ই অন্য এটা ঘটনাৰ
কাৰণ হ’ব নোৱাৰে।” মিলৰ পৰিশেষ প্ৰণালীটো অপসৰণৰ এই সূত্ৰটোৰ ওপৰত প্ৰতিষ্ঠিত।
(ঘ) ব্যৱহাৰিক অপূর্ণতা।
উত্তৰঃ ব্যৱহাৰিক অপূর্ণতা হৈছে অন্বয়ী পদ্ধতিৰ এটা অন্যতম অসুবিধা। “ব্যৱহাৰিক অপূর্ণতা”
শব্দটোবে ব্যবহাবিক জীবনত এই পদ্ধতিটো প্রয়োগ কৰাৰ ক্ষেত্ৰত হোৱা কিছুমান অসুবিধাক বুজায়। এইবোৰ হৈছে:
(১) প্রয়োজনীয় দৃষ্টান্ত সংগ্ৰহৰ অসুবিধাঃ অন্বয়ী পদ্ধতিত এটাতকৈ অধিক দৃষ্টাত্তর প্রয়োজন হয়। কেতিয়াবা প্রাকৃতিক ঘটনাসমূহ সংঘটিত হোৱাৰ বাবে আমি প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়, যাৰ বাবে বছৰ বছৰ সময় লাগিব পাৰে। উদাহৰণস্বৰূপে ভূমিকম্প এটা পুনঃসংঘটিত হোৱালৈ অপেক্ষা কৰা।
(২) দৃষ্টান্তবোৰৰ সঠিক বিশ্লেষণৰ অসুবিধাঃ অন্বয়ী পদ্ধতি হৈছে মূলতঃ নিৰীক্ষণৰ
পদ্ধতি আৰু নিৰীক্ষণৰ এটা সমস্যা হৈছে যে ই তথ্য বা দৃষ্টান্তবোৰৰ সঠিক বা
শুদ্ধ বিশ্লেষণৰ সুনিশ্চয়তা প্রদান কৰিব নোৱাৰে। ইয়াত কাৰ্য-কাৰণ সম্বন্ধ নির্ণয় কৰোঁতে প্রাসংগিক তথ্যসমূহক একাষৰীয়া কৰি থৈ গুৰুত্বহীন বা অপ্রাসংগিক তথ্যবোৰৰ ওপৰত গুৰুত্ব দিয়া বা দৃষ্টিপাত কৰাৰ সম্ভাৱনা থাকে।
ব্যৱহাৰিক অপূর্ণতাৰ সমস্যাটো আমি বহুকেইটা দৃষ্টান্ত সংগ্ৰহৰ দ্বাৰা আংশিকভারে আঁতৰ কৰিব পাৰোঁ।
(৫) কাকতালীয় দোষ।
উত্তৰঃ ৪। উত্তৰ দিয়া:
(ক) অপসৰণৰ সূত্ৰ কেইটা আৰু কি কি?
উত্তৰঃ অপসৰণৰ সূত্ৰ চাৰিটা। কার্য-কাৰণ সম্বন্ধ নির্ণয়ৰ ক্ষেত্ৰত জড়িত হৈ থকা অপ্রাসংগিক তথ্যবোৰ আঁতৰ কৰিবলৈ ইয়াক নঞর্থকভাবে আৰু প্ৰাসংগিক তথ্যসমূহত মনোযোগ বা গুৰুত্ব আৰোপ কৰিবলৈ এইবোৰক সদর্থকভাবে ব্যৱহাৰ কৰা হয়। অপসৰণৰ সূত্র চাৰিটা হৈছেঃ
(১) ‘যদিহে কাৰ্যৰ কোনো ক্ষতি নোহোৱাকৈ পূর্ববর্তী ঘটনাৰ কোনো অংশ বাদ দিব পাৰি, সেই অংশ কেতিয়াও কাৰ্যটোৰ কাৰণ বা কাৰণৰ অংগ হ’ব নোৱাৰে।” অন্বয়ী প্রণালী অপসৰণৰ এই সূত্ৰটোৰ ওপৰত প্ৰতিষ্ঠিত।
(২) “যেতিয়া কাৰ্যৰ কোনো ক্ষতি নোহোৱাকৈ পূর্ববর্তী ঘটনাৰ কোনো অংশ বাদ দিব নোৱাৰি তেতিয়া সেই অংশ কাৰ্যটোৰ কাৰণ বা কাৰণৰ অংগ হ’বই লাগিব।” ব্যতিৰেকী প্ৰণালী অপসৰণৰ এই সূত্ৰটোৰ ওপৰত প্ৰতিষ্ঠিত।
(৩) “পূর্ববর্তী ঘটনা এটাৰ পৰিমাণগত পৰিৱৰ্তনৰ লগত যদি অনুৱৰ্তী ঘটনাবো পৰিমাণগত পৰিৱৰ্তন হয়, তেনেহ’লে ঘটনা দুটা কাৰ্য-কাৰণ সম্বন্ধেৰে সম্বন্ধিত হ’ব।” মিলৰ সহ-পৰিৱৰ্তনৰ প্ৰণালীটো অপসৰণৰ এই সূত্ৰটোৰ ওপৰত প্ৰতিষ্ঠিত।
(৪) “কোনো এটা ঘটনাক যদি কোনো কাৰ্যৰ কাৰণ বুলি জনা যায়, তেন্তে ই অন্য এটা ঘটনাৰ
কাৰণ হ’ব নোৱাৰে।” মিলৰ পৰিশেষ প্ৰণালীটো অপসৰণৰ এই সূত্ৰটোৰ ওপৰত প্ৰতিষ্ঠিত।
(খ) উদাহৰণসহ অন্বয়ী প্রণালী ব্যাখ্যা কৰা।
উত্তৰঃ অন্বয়ী প্ৰণালীৰ ধাৰণাটোৰ প্ৰৱৰ্তক হৈছে তর্কবিদ জে. এছ, মিল। মিলৰ মতে, “অন্বেষণীয় ঘটনাটোত থকা দুটা বা ততোধিক দৃষ্টান্তৰ ভিতৰত যদি কোনো এটা মাত্র সামান্য সংস্থিতি থাকে, আৰু যদি আনকেইটা দৃষ্টান্তৰ এই সামান্য সংস্থিতিটোতেই মাত্র মিল থাকে, তেন্তে সেইটোৱেই অন্বেষণীয় ঘটনাটোৰ কাৰণ (নাই বা কাৰ্য) হ’ব।”
আমি যেতিয়া এই সংজ্ঞাটো বিশ্লেষণ কৰোঁ তলত উল্লেখ কৰা দিশবোৰ সন্মুখলৈ আহেঃ
(১) অনুসন্ধান কৰিবলগীয়া ঘটনাটোত এটাতকৈ অধিক দৃষ্টান্ত উপস্থিত থাকিব লাগিব। দৃষ্টান্তসমূহ নিৰীক্ষণৰ দ্বাৰা সংগ্ৰহ কৰিব পৰা যায়।
(২) সংগ্রহিত দৃষ্টান্তসমূহ নিৰীক্ষণৰ দ্বাৰা বেলেগ বেলেগ উপাদান বা কাৰকলৈ বা সংস্থিতিত বিশ্লেষণ কৰিব লাগিব।
(৩) মিল নথকা সংস্থিতিসমূহক অপসৰণ বা বৰ্জন কৰিব লাগিব। অর্থাৎ, সকলোবোৰ দৃষ্টান্তত এটা উমৈহতীয়া সংস্থিতি থাকিব লাগিব।
(৪) সকলোবোৰ দৃষ্টান্ততে উপস্থিত থকা উমৈহতীয়া সংস্থিতিটো অন্বেষণীয় ঘটনাটোৰ কাৰণ বা কাৰ্য হ’ব।
আমি এই পদ্ধতিটো তলত উল্লেখ কৰা ধৰেণ সাংকেতিকভাবে প্রকাশ কৰিব পাৰোঁ:
দৃষ্টান্তৰ সংখ্যা | পূর্বৱর্তী ঘটনা | অনুৱর্তী ঘটনা |
|---|---|---|
১ ম | ABCD | abcd |
২ য় | AMNO | amno |
৩ য় | APQR | apqr |
‘A’ হৈছে ‘a’ ৰ কাৰণ।
এই উদাহৰণটোত, আমি তিনিটা উদাহৰণ দেখিলোঁ আৰু এই তিনিওটা দৃষ্টান্ততে কেবল ‘a’ ৰ মিল আছে, বাকী এইবোৰ সকলো ক্ষেত্ৰত বেলেগ বেলেগ। সেয়েহে, আমি ক’ব পাৰোঁ যে ‘A’ হৈছে ‘a’ ৰ কাৰণ। ইয়াক তলত দিয়া বাস্তৱ উদাহৰণৰ দ্বাৰাও ব্যাখ্যা কৰিব পৰা যায়।
উদাহৰণস্বৰূপে, এজন মানুহক মেলেৰিয়াত ভুগি থকা দেখা গ’ল। ইয়াৰ বাবে আমি কেইজনমান মেলেৰিয়াত ভুগা মানুহৰ দৃষ্টান্ত সংগ্ৰহ কৰিব লাগিব। আমি তেওঁলোকৰ খাদ্য অভ্যাস, জীৱন ধাৰণ প্ৰণালী, জীয়াই থকাৰ পৰিৱেশ আদি নিৰীক্ষণ কৰিব লাগিব। যেতিয়া আমি এই দৃষ্টান্তসমূহ বিশ্লেষণ কৰিম দেখিম যে এই সকলোবোৰ ভিন ভিন হ’ব। আমি তেওঁলোকৰ দৃষ্টান্তবোৰৰ মাজত এটাহে কেৱল উমৈহতীয়া সংস্থিতি বা উপাদান দেখিবলৈ পাম আৰু এইটো হ’ল যে তেওঁলোক সকলোকে এন’ফিলিছ মহে কামুৰিছিল। সেয়েহে, এইটোৱে নিশ্চয় মেলেৰিয়াৰ কাৰণ হ’ব। ইয়াত আমি কার্য বা পৰিণাম (মেলেৰিয়া) ৰ পৰা কাৰণলৈ গৈছোঁ। আমি কাৰণৰ পৰাও কার্যলৈ যাব পাৰোঁ। উদাহৰণস্বৰূপে, আমি ধূমপানৰ পৰিণাম বিচাৰি উলিয়াবলৈ চাইছোঁ। আমি ধূমপান কৰা কেইবাজনো মানুহৰ দৃষ্টান্ত অধ্যয়ন কৰিলোঁ। আমি তেওঁলোকৰ ভিন ভিন স্বাস্থ্যৰ অৱস্থা অধ্যয়ন কৰিলোঁ যিবোৰ ধূমপান কৰাৰ ফলত উদ্ভৱ হৈছে। দৃষ্টান্তসমূহৰ বিশ্লেষণে এইটো উন্মুক্ত কৰিলে যে সকলোৱে এটা উমৈহতীয়া পৰিণামত ভূগিছে, অর্থাৎ তেওঁলোক সকলোৰে হৃদযন্ত্র দুর্বল। সেয়েহে, আমি সিদ্ধান্তত উপনীত হ’লোঁ যে ধূমপানে হৃদযন্ত্রক দুর্বল কৰে।
(গ) অন্বয়ী প্রণালী প্ৰয়োগৰ তিনিটা অসুবিধা লিখি তাক দূৰ কৰাৰ উপায় বর্ণনা কৰা।
উত্তৰঃ অন্বয়ী প্ৰণালী (Method of Agreement) প্ৰয়োগৰ তিনিটা প্ৰধান অসুবিধা বা সীমাবদ্ধতা হ’ল:
(১) ব্যৱহাৰিক অপূৰ্ণতা বা দোষ: এই দোষ তেতিয়া ঘটে যেতিয়া অন্বয়ী পদ্ধতিয়ে চিনাক্ত কৰা উমৈহতীয়া পূৰ্বৱৰ্তী ঘটনাটো কাৰ্যৰ প্ৰকৃত কাৰণ নহৈ কেৱল এটা অপ্ৰাসংগিক সহগামী ঘটনা হয়। বহু ক্ষেত্ৰত, এটা কাৰ্যৰ বহুতো পূৰ্বৱৰ্তী ঘটনা থাকে আৰু এই সকলোবোৰ ঘটনাৰ মাজৰপৰা কাৰণটোক পৃথক কৰাটো কঠিন হৈ পৰে। উদাহৰণস্বৰূপে, যদি বিভিন্ন বেমাৰত ভোগা ৰোগীসকলে সাধাৰণতে বগা চাউল খাইছে, তেন্তে অন্বয়ী পদ্ধতিয়ে বগা চাউলকেই বেমাৰৰ কাৰণ বুলি ধৰি ল’ব পাৰে, যিটো শুদ্ধ নহ’বও পাৰে।
দূৰ কৰাৰ উপায়: এই অসুবিধা দূৰ কৰিবলৈ অন্বয়ী প্ৰণালীৰ সৈতে ব্যতিৰেকী প্ৰণালী (অন্বয়ী-ব্যতিৰেকী পদ্ধতি) সংযোগ কৰি প্ৰয়োগ কৰা হয়।
(২) প্ৰকৃতিগত দোষ বা নানাকাৰণবাদৰ সম্ভাৱনীয়তা: বিজ্ঞানে নানাকাৰণবাদক গ্ৰহণ নকৰে, যিয়ে কয় যে একেটা কাৰ্য বেলেগ বেলেগ সময়ত বেলেগ বেলেগ কাৰণৰ দ্বাৰা উদ্ভৱ হ’ব পাৰে। কিন্তু এই নানাকাৰণবাদৰ সম্ভাৱনীয়তাই অন্বয়ী পদ্ধতিক ত্ৰুটিপূৰ্ণ কৰি তোলে। উদাহৰণস্বৰূপে, যদিহে তিনিজন মানুহে মদ (ব্ৰেণ্ডি বা হুইস্কিৰ সৈতে পানী মিহলি কৰি) খাই নিচাসক্ত হয়, তেন্তে অন্বয়ী পদ্ধতিৰ মতে তেওঁলোকৰ নিচাৰ কাৰণ হ’ব পানী, যিটো সত্য নহয়। গতিকে, নানাকাৰণবাদে পদ্ধতিটোক নিষ্ফল কৰি তোলে।
দূৰ কৰাৰ উপায়: এই সমস্যাটো অধিক সংখ্যক বিপৰীতধৰ্মী দৃষ্টান্ত (য’ত নিচা নোহোৱা লোকসকলেও পানী খাইছে) সংগ্ৰহ কৰি আৰু অন্বয়ী-ব্যতিৰেকী পদ্ধতি প্ৰয়োগৰ দ্বাৰা সমাধান কৰিব পৰা যায়।
(৩) কাৰ্য-কাৰণ সম্পৰ্কক সহ-অৱস্থান সম্পৰ্ক আৰু সহকাৰ্য সম্পৰ্কৰ পৰা পৃথক কৰাত হোৱা সমস্যা: অন্বয়ী পদ্ধতিয়ে কয় যে দুটা ঘটনা নিয়ন্ত্ৰিতভাৱে উপস্থিত থাকিলে বা দুটা ঘটনা নিয়ন্ত্ৰিতভাৱে অগা-পিছাকৈ ঘটিলে, ঘটনা দুটাৰ মাজত কাৰ্য-কাৰণ সম্পৰ্ক থাকে। কিন্তু এইটোৱে আমাক নিশ্চিতভাৱে ক’ব নোৱাৰে যে পূৰ্বৱৰ্তী ঘটনাটো অনুৱৰ্তী ঘটনাৰ প্ৰকৃত কাৰণ। উদাহৰণস্বৰূপে, ৰাতিৰ পিছত দিন হয়, কিন্তু ৰাতিক দিনৰ কাৰণ বুলি ক’ব নোৱাৰি; ই পৃথিৱীৰ ঘূৰ্ণনৰ ফলত হোৱা সহকাৰ্য সম্পৰ্কহে। গতিকে অন্বয়ী পদ্ধতিয়ে কাৰ্য-কাৰণ সম্পৰ্কক সহ-অৱস্থান সম্পৰ্ক (Co-existence) আৰু সহকাৰ্য সম্পৰ্কৰ (Co-effect) পৰা পৃথক কৰিব নোৱাৰে।
দূৰ কৰাৰ উপায়: এই অসুবিধা দূৰ কৰিবলৈ সহ-পৰিৱৰ্তন পদ্ধতি (Method of Concomitant Variations) প্ৰয়োগ কৰা হয়, য’ত দুটা ঘটনাৰ পৰিমাণ বা মাত্ৰাৰ ক্ৰমিক পৰিৱৰ্তন পৰ্যবেক্ষণ কৰি তেওঁলোকৰ মাজত কাৰ্য-কাৰণৰ সম্পৰ্ক আছে নে নাই, তাক পৰীক্ষা কৰা হয়।
(ঘ) ব্যতিৰেকী প্ৰণালী কাক বোলে? ইয়াক কিয় আবিষ্কাৰৰ প্ৰণালী বোলা হয়?
উত্তৰঃ ব্যতিৰেকী প্ৰণালীৰ সংজ্ঞা:
জে. এছ. মিলে ব্যতিৰেকী প্ৰণালীক (Method of Difference) এনেদৰে সংজ্ঞাবদ্ধ কৰিছে: “অন্বেষণীয় ঘটনাটো থকা এটা দৃষ্টান্ত আৰু অন্বেষণীয় ঘটনাটো নথকা অন্য কোনো এটা দৃষ্টান্তৰ মাজত যদি এটা মাত্ৰ সংস্থিতি বা বিষয়ৰ বাদে অন্য আটাইবোৰ বিষয়ত সম্পূৰ্ণ মিল থাকে আৰু অমিল থকা বিষয়টো যদি প্ৰথম দৃষ্টান্ততেই বিৰাজ কৰে, তেনেহ’লে দৃষ্টান্ত দুটাৰ মিল নথকা একমাত্ৰ বিষয়টোৱেই অন্বেষণীয় ঘটনাৰ কাৰ্য-কাৰণ বা কাৰণৰ অবিচ্ছেদ্য অংগ হ’ব।”
এই সংজ্ঞাটোৱে তিনিটা দিশত গুৰুত্ব আৰোপ কৰে:
১. দুটা দৃষ্টান্তৰ প্ৰয়োজন: এটা সদৰ্থক (কাৰ্য উপস্থিত) আৰু এটা নঞৰ্থক (কাৰ্য অনুপস্থিত)।
২. দুয়োটা দৃষ্টান্তৰ মাজত সকলো দিশতে মিল থাকিব লাগিব, কেৱল এটা মাত্ৰ পূৰ্বৱৰ্তী বিষয়ৰ বাদে।
৩. অমিল থকা একমাত্ৰ বিষয়টোৱেই কাৰ্যৰ প্ৰকৃত কাৰণ বুলি প্ৰতিষ্ঠা কৰা হয়।
ব্যতিৰেকী প্ৰণালীক আবিষ্কাৰৰ প্ৰণালী বুলি কোৱাৰ কাৰণ:
যদিও পাঠ্যপুথিত ব্যতিৰেকী প্ৰণালীক পৰীক্ষণৰ প্ৰণালী বুলিহে অভিহিত কৰা হৈছে, ইয়াক আবিষ্কাৰৰ প্ৰণালী বুলিও জনা যায়। ইয়াক আবিষ্কাৰৰ প্ৰণালী বোলাৰ কাৰণসমূহ হ’ল:
১. নিৰ্ভুলতা আৰু নিশ্চয়তা: এই পদ্ধতিয়ে কাৰ্য আৰু কাৰণৰ মাজত থকা সম্পৰ্কক অতি নিখুঁত আৰু নিশ্চিতভাৱে প্ৰতিষ্ঠা কৰিব পাৰে। অন্বয়ী পদ্ধতিৰ দৰে ইয়াত নানাকাৰণবাদ বা সহকাৰ্যৰ দোষৰ সম্ভাৱনীয়তা কম।
২. পৰীক্ষণৰ ওপৰত নিৰ্ভৰশীলতা: এই পদ্ধতিয়ে প্ৰধানকৈ পৰীক্ষণৰ ওপৰত নিৰ্ভৰ কৰে। পৰীক্ষণৰ যোগেদি গৱেষকে এটা কৃত্ৰিম আৰু নিয়ন্ত্ৰিত পৰিৱেশত মাত্ৰ এটা কাৰকৰ পৰিৱৰ্তন কৰি কাৰ্যৰ ওপৰত ইয়াৰ প্ৰভাৱ নিৰ্ণয় কৰিব পাৰে। এই নিয়ন্ত্ৰণ আৰু সঠিকতাৰ ফলত নতুন কাৰ্য-কাৰণ সম্পৰ্ক আবিষ্কাৰ কৰাটো সহজ হৈ পৰে।
৩. একমাত্ৰ পাৰ্থক্যৰ চিনাক্তকৰণ: ইয়াৰ জৰিয়তে গৱেষকে এটা জটিল ঘটনাৰ মাজৰ পৰা অপ্ৰাসংগিক বিষয়সমূহ বাদ দি একমাত্ৰ প্ৰভাৱশালী কাৰণটোক সহজে পৃথক কৰি আবিষ্কাৰ কৰিব পাৰে।
সেয়েহে, ইয়াৰ উচ্চ নিৰ্ভৰযোগ্যতা, নিশ্চিত সিদ্ধান্ত আৰু প্ৰধানকৈ পৰীক্ষণৰ ওপৰত আধাৰিত হোৱাৰ বাবেই ব্যতিৰেকী প্ৰণালীক বৈজ্ঞানিক অনুসন্ধানত নতুন কাৰ্য-কাৰণ সম্পৰ্ক আবিষ্কাৰ কৰাৰ এক শক্তিশালী প্ৰণালী হিচাপে গণ্য কৰা হয়।
(ঙ) উদাহৰণসহ সহ-পৰিবৰ্তন প্রণালীটো ব্যাখ্যা কৰা।
উত্তৰঃ সহ-পৰিৱৰ্তন প্ৰণালী (Method of Concomitant Variations) হৈছে জে. এছ. মিলৰ পঞ্চম আগমনাত্মক পদ্ধতিসমূহৰ ভিতৰত এটা, যি সেইবোৰ ক্ষেত্ৰত প্ৰয়োগ কৰা হয়, য’ত ব্যতিৰেকী পদ্ধতি প্ৰয়োগ কৰিব নোৱাৰি; কাৰণ তাত কাৰণটো সম্পূৰ্ণৰূপে আঁতৰাই দিয়াটো সম্ভৱ নহয়।
সহ-পৰিৱৰ্তন প্ৰণালীৰ সংজ্ঞা:
জে. এছ. মিলৰ মতে, “যেতিয়া কোনো পৰিঘটনাৰ পৰিমাণ বা মাত্ৰাৰ সৈতে অন্য কোনো পৰিঘটনাৰ পৰিমাণ বা মাত্ৰা কিছুমান পৰিস্থিতিত নিয়মীয়াকৈ পৰিৱৰ্তন হয়, তেতিয়া সেই পৰিঘটনাটো আনটো পৰিঘটনাৰ কাৰণ বা কাৰ্য হয় অথবা দুয়োটা কোনো এটা উমৈহতীয়া কাৰণৰ পৰা উদ্ভৱ হয়।”
সহ-পৰিৱৰ্তনৰ মূলনীতি:
এই পদ্ধতিয়ে দেখুৱায় যে যদি দুটা ঘটনাৰ পৰিমাণ বা মাত্ৰা একেলগে ক্ৰমান্বয়ে সলনি হয়, তেন্তে সেই দুটা ঘটনাৰ মাজত কাৰ্য-কাৰণৰ সম্পৰ্ক আছে। এই পৰিৱৰ্তন দুটা ধৰণৰ হ’ব পাৰে:
১. প্ৰত্যক্ষ বা একমুখী সহ-পৰিৱৰ্তন: পূৰ্বৱৰ্তী ঘটনাৰ পৰিমাণ বৃদ্ধি হ’লে অনুৱৰ্তী ঘটনাৰ পৰিমাণো বৃদ্ধি হয়, আৰু পূৰ্বৱৰ্তী ঘটনাৰ পৰিমাণ হ্ৰাস হ’লে অনুৱৰ্তী ঘটনাৰ পৰিমাণো হ্ৰাস হয়।
২. পৰোক্ষ বা বিপৰীতমুখী সহ-পৰিৱৰ্তন: পূৰ্বৱৰ্তী ঘটনাৰ পৰিমাণ বৃদ্ধি হ’লে অনুৱৰ্তী ঘটনাৰ পৰিমাণ হ্ৰাস হয়, আৰু পূৰ্বৱৰ্তী ঘটনাৰ পৰিমাণ হ্ৰাস হ’লে অনুৱৰ্তী ঘটনাৰ পৰিমাণ বৃদ্ধি হয়।
উদাহৰণ:
১. প্ৰত্যক্ষ সহ-পৰিৱৰ্তনৰ উদাহৰণ: যদি আমি এটা গেছত তাপৰ মাত্ৰা বৃদ্ধি কৰোঁ, তেন্তে গেছটোৰ আয়তনো বৃদ্ধি পায়; আৰু যদি তাপ হ্ৰাস কৰোঁ, তেন্তে আয়তনো হ্ৰাস পায়। ইয়াত তাপ আৰু আয়তনৰ মাজত কাৰ্য-কাৰণৰ সম্পৰ্ক আছে।
২. পৰোক্ষ সহ-পৰিৱৰ্তনৰ উদাহৰণ: যদি এখন বজাৰত কোনো সামগ্ৰীৰ যোগান বৃদ্ধি হয়, তেন্তে সেই সামগ্ৰীৰ দাম হ্ৰাস পায়; আৰু যোগান হ্ৰাস হ’লে দাম বৃদ্ধি পায়। ইয়াত যোগান আৰু দামৰ মাজত বিপৰীতমুখী সহ-পৰিৱৰ্তন দেখা যায়।
(চ) পৰিশেষ পদ্ধতি কাক বোলে? ই ব্যতিৰেকী প্ৰণালীৰ এক বিশেষ রূপ নেকি?
উত্তৰঃ পৰিশেষ পদ্ধতিক মিলে তলত উল্লেখ কৰা ধৰণেৰে সংজ্ঞাবদ্ধ কৰিছেঃ “যদিহে কোনো ঘটনাৰ কোনো অংশক পূর্বজ্ঞাত আগমনৰ জৰিয়তে কোনো বিশেষ পূৰ্বৱৰ্তী অংশৰ কাৰ্য বুলি জানিব পৰা যায়, তেন্তে সমগ্র ঘটনাৰ পৰা সেই অংশক বাদ দিলে যি অংশ অবশিষ্ট থাকে, সেই অংশটো পূর্বৱৰ্তী অৱশিষ্ট অংশৰ কাৰ্য হ’ব।” এই সংজ্ঞাটোৰ কেইটামান গুৰুত্বপূর্ণ দিশ হৈছেঃ
(১) এটা জটিল কাৰ্যৰ কাৰণ হৈছে একাধিক পূর্ববর্তী কাৰণৰ গোেট। অর্থাৎ, একাধিক পূৰ্বৱৰ্তী কাৰণ লগ হৈ এটা জটিল কাৰ্যৰ সৃষ্টি কৰে।
(২) আগমনৰ দ্বাৰা আমি জানো যে জটিল ঘটনাটোৰ এটা বিশেষ অংশ পূর্বজ্ঞাত অংশৰ কাৰ্য।
(৩) জটিল ঘটনাটোৰ জ্ঞাত অংশটো সমগ্র ঘটনাটোৰ পৰা বাদ দিলে কাৰ্যটোৰ যি অৱশিষ্ট অংশ থাকিব সি পূৰ্বৱৰ্তী ঘটনাৰ অৱশিষ্ট অংশৰ কাৰ্য হ’ব।
এই দিশকেইটাক তলত দিয়া ধৰণে সাংকেতিকভাৱেও প্রকাশ কৰিব পাৰিঃ
দৃষ্টান্তৰ সংখ্যা (কাৰণ) | অনুৱর্তী ঘটনা (কার্য) |
|---|---|
A B C | a b c |
B C | b c |
‘A’ হৈছে ‘a’ ৰ কাৰণ।
ওপৰত দেখুওৱা উদাহৰণৰ পৰা এইটো স্পষ্ট হয় যে পূৰ্বৰ আগমনৰ পৰা আমি জানোঁ
যে ‘B’ হৈছে ‘চ’ ৰ কাৰণ আৰু ‘C’হৈছে ‘C’ ৰ কাৰণ। গতিকে অবশিষ্ট অংশ ‘A’ই নিশ্চিতভাবে ‘a’ ব কাৰণ হ’ব।
ইয়াক বাস্তব উদাহৰণৰ দ্বাৰাও ব্যাখ্যা কৰিব পৰা যায়ঃ
এটা পেট্ৰ’লৰ গেলনৰ ওজন হৈছে ৩০ কিঃগ্রাম। পেট্ৰ’লখিনিৰ ওজন ২৫ কিঃগ্রাম বুলি সিদ্ধান্ত কৰা হ’ল। যিহেতু গেলনটোত ২৫ কিঃগ্রাম পেট্র’ল ধৰে বুলি আমাৰ আগৰে পৰা জনা আছে গতিকে পৰিশেষ পদ্ধতি ব্যৱহাৰৰ দ্বাৰা পেট্ৰ’লৰ গেলনটোৰ ওজন ৫ কিঃগ্রাম বুলি সিদ্ধান্তত উপনীত হোৱা গ’ল।
(ছ) উপযুক্ত উদাহৰণেৰে মিশ্র অন্বয়ী-ব্যতিৰেকী প্ৰণালীৰ ব্যাখ্যা কৰা।
উত্তৰঃ জে. এছ. মিলে মিশ্র অন্বয়ী-ব্যতিৰেকী প্রণালী উদ্ভাৱন কৰিছিল। তলত দিয়া ধৰণ তেওঁ এই পদ্ধতিটোক সংজ্ঞাবদ্ধ কৰিছেঃ
“যদি অন্বেষণীয় ঘটনাটো উপস্থিত থকা দুই বা ততোধিক দৃষ্টান্তত কোনো এটা সামান্য সংস্থিতি থাকে আৰু অন্বেষণীয় ঘটনাটো উপস্থিত নথকা দুটা বা ততোধিক দৃষ্টান্তৰ মাজত সেই বিশেষ সামান্য সংস্থিতিটোৰ অনুপস্থিতিৰ বাহিৰে অন্য কোনো বিষয়তে মিল নাথাকে তেনেহ’লে এই দুই শ্ৰেণীৰ দৃষ্টান্তৰ মাজত থকা পার্থক্যবোধক সেই সামান্য সংস্থিতিটোৱেই অন্বেষণীয় ঘটনাটোৰ কাৰ্য বা কাৰণ অথবা কাৰণৰ অবিচ্ছেদ্য অংগ হ’ব।” সংজ্ঞাটোৱে তলত উল্লেখ কৰা দিশসমূহত দৃষ্টিপাত কৰোৱায়:
(১) নিৰীক্ষণৰ দ্বাৰা দুই শ্ৰেণীৰ দৃষ্টান্ত সংগ্ৰহ কৰিব লাগিব। ইয়াৰ দুয়োটা শ্রেণীতে দুই বা দুটাতকৈ অধিক দৃষ্টান্ত থাকিব লাগিব।
(২) দৃষ্টান্তৰ শ্ৰেণী দুটাৰ এটা সদর্থক শ্ৰেণীৰ দৃষ্টান্ত আৰু আনটো নঞর্থক শ্ৰেণীৰ দৃষ্টান্ত থাকিব লাগিব। সদর্থক শ্ৰেণীৰ দৃষ্টান্তত কেৱল এটা সামান্য সংস্থিতি থকাৰ বিপৰীতে নঞর্থক দৃষ্টান্তত অন্বেষণীয় ঘটনাটো অনুপস্থিত থাকে।
(৩) শেষত দৃষ্টান্তৰ শ্ৰেণী দুটাক তুলনামূলকভাৱে বিশ্লেষণ কৰি চাব লাগিব। দুয়োটা শ্ৰেণীত সামান্য সংস্থিতিৰ উপস্থিতি আৰু অনুপস্থিতিৰ ক্ষেত্ৰত মিল থকাৰ ভিত্তিত আমি দুয়োটা শ্ৰেণীৰ দৃষ্টান্তৰ মাজত এটা কাৰ্য-কাৰণ সম্বন্ধ স্থাপন কৰিব পাৰোঁ।
এই পদ্ধতিটোক তলত দিয়া ধৰণে সাংকেতিকভাৱে প্ৰকাশ কৰিব পাৰিঃ
দৃষ্টান্তৰ সংখ্যা | সদর্থক দৃষ্টান্তৰ শ্ৰেণী | নঞর্থক দৃষ্টান্তৰ শ্ৰেণী |
|---|---|---|
১ ম ২ য় ৩ য় | ABC – abc ADE – ade AFC – afg | BCD – BCD DEF – def FGH – fgh |
‘A’ ই হৈছে ‘a’ ৰ কাৰণ।
উদাহৰণস্বৰূপে য’ত এন’ফেলিছ মহ আছে তেনে কেইবা ঠাইত মেলেৰিয়াৰ উপস্থিতি দেখা গ’ল। আনহাতে য’ত এন’ফেলিছ মহ নাই তাতে মেলেৰিয়া ৰোগৰো অনুপস্থিতি দেখা গ’ল। এই ক্ষেত্রত মেলেৰিয়াৰ ৰোগৰ সৈতে এন’ফেলিছ মহৰ উপস্থিতি হৈছে সদর্থক দৃষ্টান্ত। আনহাতে এন’ফেলিছ মহৰ অনুপস্থিতিৰ সৈতে মেলেৰিয়াৰ অনুপস্থিতি হৈছে নঞর্থক দৃষ্টান্ত। গতিকে ইয়াতে থকা উমৈহতীয়া বা সামান্য সংস্থিতিটো হৈছে এন ফিলিছ মহৰ উপস্থিতি আৰু অনুপস্থিতি। গতিকে, এন’ফেলিছ মহক মেলেৰিয়াৰ কাৰণ হিচাপে বিবেচনা কৰা হ’ল।
(জ) সহ-পৰিৱৰ্তন প্ৰণালীৰ দুটা সুবিধা আৰু দুটা অসুবিধা লিখা।
উত্তৰঃ সহ-পৰিৱৰ্তন পদ্ধতিৰ সুবিধা আৰু অসুবিধাসমূহ তলত উল্লেখ কৰা হ’ল:
সুবিধাঃ
(১) ই হৈছে উত্তাপ, মাধ্যাকর্ষণ শক্তি, বায়ুচাপ আদিৰ দৰে স্থায়ী কাৰণসমূহৰ ক্ষেত্ৰত কাৰ্য-কাৰণ সম্বন্ধ নিৰ্ণয় কৰাৰ শ্ৰেষ্ঠ পদ্ধতি।
(২) পৰীক্ষণমূলক বিভিন্ন পদ্ধতিসমূহৰ ভিতৰত কেৱল এই পদ্ধতিটোৱেই হৈছে পৰিমাণগত পদ্ধতি। বাকী সকলোবোৰ গুণগত পদ্ধতি। সেয়েহে কার্য-কাৰণৰ পৰিমাণগত সম্বন্ধ নির্ণয়ত ই হৈছে শ্রেষ্ঠ প্রয়োগশীল পদ্ধতি।
(৩) এই পদ্ধতিক অন্য পদ্ধতিবোৰৰ পৰিপূৰক হিচাপে ব্যৱহাৰ কৰিব পাৰি।
অসুবিধাঃ
(১) এই পদ্ধতিটো মূলতঃ এটা নিৰীক্ষণমূলক পদ্ধতি আৰু সেয়েহে ই ইয়াৰ প্ৰয়োগৰ ক্ষেত্ৰত সীমাবদ্ধ। ইয়াক নিৰীক্ষণ বা অভিজ্ঞতাৰ পৰিসৰৰ বাহিৰত ব্যৱহাৰ কৰিব নোৱাৰি।
(২) এই পদ্ধতিক কেৱল পৰিমাণগত পৰিৱৰ্তনৰ ক্ষেত্ৰতহে প্ৰয়োগ কৰিব পাৰি। ই গুণগত পৰিৱৰ্তনৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়।
(৩) এই পদ্ধতিটো অন্বয়ী তথা ব্যতিৰেকী পদ্ধতিৰ পৰা বিকশিত হোৱা পদ্ধতি হোৱা হেতুকে, ইয়াত দুয়োটা পদ্ধতিৰ দোষসমূহ ঘটে।
টোকা: ওপৰত প্ৰত্যেকৰে দুটাকৈ মূলকথা লিখিবা।
(ঝ) “ব্যতিৰেকী প্রণালী মূলতঃ পৰীক্ষণমূলক প্রণালী”- ব্যাখ্যা কৰা।
উত্তৰঃ ব্যতিৰেকী প্ৰণালীক (Method of Difference) মূলতঃ পৰীক্ষণমূলক প্ৰণালী বুলি কোৱা হয়, কাৰণ এই প্ৰণালীৰ জৰিয়তে কাৰ্য আৰু কাৰণৰ মাজৰ সম্পৰ্ক প্ৰতিষ্ঠা কৰিবলৈ পৰীক্ষণৰ মৌলিক কৌশলসমূহ ব্যৱহাৰ কৰা হয়।
এই কথাষাৰ ব্যাখ্যা কৰাৰ কাৰণসমূহ তলত দিয়া হ’ল:
১. পৰিৱৰ্তন আৰু নিয়ন্ত্ৰণৰ ওপৰত গুৰুত্ব: ব্যতিৰেকী প্ৰণালীয়ে দুটা দৃষ্টান্তৰ তুলনা কৰে—এটা দৃষ্টান্তত আলোচ্য কাৰণটো উপস্থিত থাকে (পৰীক্ষণমূলক দৃষ্টান্ত), আৰু আনটো দৃষ্টান্তত সেই কাৰণটো অনুপস্থিত থাকে (নিয়ন্ত্ৰণমূলক দৃষ্টান্ত)। বাকী সকলো পাৰিপাৰ্শ্বিক অৱস্থা দুয়োটা দৃষ্টান্ততে একে ৰখা হয়। এই ধৰণে কাৰণ এটাক ইচ্ছাকৃতভাৱে উপস্থিত বা অনুপস্থিত কৰি দিয়াৰ প্ৰক্ৰিয়াটো পৰীক্ষণৰ বাবে অতি মৌলিক। নিৰীক্ষণত এনে নিয়ন্ত্ৰণ সম্ভৱ নহয়।
২. কৃত্ৰিম পৰিৱেশৰ সৃষ্টি: ব্যতিৰেকী প্ৰণালী প্ৰয়োগ কৰিবলৈ প্ৰায়ে কৃত্ৰিম পৰিৱেশ সৃষ্টি কৰাৰ প্ৰয়োজন হয়, যিটো পৰীক্ষণৰ মূল বৈশিষ্ট্য। গৱেষকে নিজৰ ইচ্ছা আৰু নিয়ন্ত্ৰণৰ অধীনত পৰিৱৰ্তনসমূহ সৃষ্টি কৰে। উদাহৰণস্বৰূপে, এটা উদ্ভিদৰ ওপৰত পোহৰৰ প্ৰভাৱ নিৰ্ণয় কৰিবলৈ এটা গছক পোহৰৰ অধীনত আৰু আন এটাক অন্ধকাৰত ৰখা হয়—এইটোৱেই হ’ল পৰীক্ষণ।
৩. নিশ্চিত সিদ্ধান্ত: সৰল নিৰীক্ষণৰ দ্বাৰা পোৱা ফল সাধাৰণতে সম্ভাৱনামূলক হয়, কিন্তু ব্যতিৰেকী প্ৰণালীয়ে কাৰণটোক আঁতৰাই দিলে বা যোগ কৰিলে কাৰ্যটোৰো কি পৰিৱৰ্তন হয়, সেইটো প্ৰত্যক্ষভাৱে দেখুৱাই নিশ্চিত সিদ্ধান্তত উপনীত হোৱাত সহায় কৰে। পৰীক্ষণৰ চূড়ান্ত লক্ষ্যও এই নিশ্চিতি লাভ কৰাই।
৪. কাৰ্যৰ পৰা কাৰণলৈ যাব নোৱাৰা সীমাবদ্ধতা: ব্যতিৰেকী প্ৰণালীৰ জৰিয়তে অনুসন্ধানকাৰীয়ে সাধাৰণতে কাৰণৰ পৰা কাৰ্যলৈহে (পোহৰ দিলে বৃদ্ধি হয় নে নহয়) গতি কৰিব পাৰে, কাৰ্যৰ পৰা কাৰণলৈ নহয়। এইটোও পৰীক্ষণৰ এক গুৰুত্বপূৰ্ণ সীমাবদ্ধতা।
এই সকলোবোৰ কাৰণতে ক’ব পাৰি যে জে. এছ. মিলৰ ব্যতিৰেকী প্ৰণালী কাৰ্য-কাৰণৰ সম্পৰ্ক প্ৰতিষ্ঠা কৰাত এক শক্তিশালী পদ্ধতি আৰু ইয়াৰ প্ৰয়োগৰ কৌশলসমূহ পৰীক্ষণৰ নীতিৰ ওপৰত আধাৰিত, যাৰ বাবে ইয়াক “পৰীক্ষণমূলক প্ৰণালী” বুলি কোৱা হয়।
দ্বাদশ শ্ৰেণী তৰ্কবিজ্ঞান আৰু দৰ্শন অধ্যায় ৪ – সঘনাই সোধা প্ৰশ্ন
Get Free NCERT PDFs
If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group:



