Class 12 Logic and Philosophy Chapter 8 – ধৰ্ম – All Question Solutions | AHSEC (Assamese Medium)
দ্বাদশ শ্ৰেণীৰ তৰ্কবিজ্ঞানে অধ্যায় ৮ – ধৰ্মৰ সকলো প্ৰশ্নৰ সমাধান (AHSEC – Assamese Medium)
এই অধ্যায়ত ধৰ্মৰ অৰ্থ, প্ৰকৃতি, আৰু ধৰ্ম আৰু নৈতিকতাৰ সম্পর্কৰ বিৱৰণ দিয়া হৈছে। ধৰ্ম হৈছে সামাজিক জীৱনৰ ঐক্যতা বিধান কৰা এটি প্ৰক্ৰিয়া যি মানৱ মনৰ আধ্যাত্মিক আৰু নৈতিক ভাবনাক বাস্তৱৰ সৈতে জুৰি ধরে। অধ্যায়ত ধৰ্মৰ বহুবিধ দিশ, ধৰ্মীয় বিশ্বাস-অনুভূতি, আচাৰ অনুষ্ঠান আৰু ধৰ্মৰ সমাজত কৰা ভূমিকা আলোচনা কৰা হৈছে। ফ্লিন্ট, কাণ্ট আৰু হেগেলৰ মতবাদৰ পৰিসৰতো এই অধ্যায়ত স্থান দিয়া হৈছে। অস্পীন একাডেমীৰ সহজভাষী আৰু সম্পূর্ণ সমাধানসমূহ AHSEC পাঠ্যক্ৰমৰ সৈতে সুসঙ্গত।
✅ কি শিকিব:
- ধৰ্মৰ সংজ্ঞা আৰু মূল বৈশিষ্ট্য
- ধৰ্ম আৰু নৈতিকতাৰ মাজৰ সাদৃশ্য আৰু পাৰ্থক্য
- ধৰ্মীয় বিশ্বাস, অনুভূতি আৰু আচাৰ অনুষ্ঠানৰ ব্যাখ্যা
- কাণ্ট, ফ্লিন্ট আৰু হেগেলৰ ধৰ্মৰ ক্ষেত্ৰত মতবাদ
- ধৰ্মৰ সামাজিক আৰু আধ্যাত্মিক দিশ
🎯 অস্পীন একাডেমীৰ সুবিধা:
- AHSEC Logic and Philosophy পাঠ্যক্ৰমৰ পূর্ণাঙ্গ আৰু সহজ বুজা সমাধান
- ধৰ্ম বিষয়ৰ সবিশেষ আলোচনা সহ প্রশ্নোত্তৰ
- অসমীয়া মাধ্যমৰ বাবে স্পষ্ট আৰু সহজ ভাষা
- উদাহৰণ আৰু পৰীক্ষা প্ৰস্তুতিৰ বাবে সহায়ক টিপছ
- পাঠ্যক্ৰমৰ পূৰ্ণ সঙ্গতি নিশ্চিত
Chapter URL: https://ospinacademy.com/class-12-logic-philosophy-chapter-8-ahsec
Class 12 Logic And Philosophy (তৰ্কবিজ্ঞান আৰু দৰ্শন) | AHSEC | All Chapter Solutions PDF
Limited Time Offer!
(For AHSEC Class 12, Assamese Medium)
Get comprehensive preparation for Class 12 Logic And Philosophy (Assamese Medium) with chapter-wise solutions PDF.
Includes complete textual answers, terms, explanations, and examples for every chapter as per latest AHSEC syllabus.
Perfect for self-study, homework, and board exam revision!
খণ্ড-৮
ধৰ্মঃ ইয়াৰ অৰ্থ আৰু প্ৰকৃতি, ধর্ম আৰু নৈতিকতা
(Religion: Its meaning and nature, Religion and Morality)
পাঠভিত্তিক প্রশ্নোত্তৰ
(Textual Questions and Answers)
অনুশীলনী –
(পাঠ্যপুথিৰ পৃষ্ঠা নং 153-154)
১। অতি চমু উত্তৰ দিয়া:
(ক) Religion শব্দটো ক’ৰ পৰা উৎপত্তি হৈছে?
উত্তৰঃ Religion শব্দটো লেটিন ভাষাৰ শব্দ ‘religare’ বৰ পৰা উদ্ভৱ হৈছে।
(খ) ‘Religare’ শব্দৰ অৰ্থ কি?
উত্তৰঃ লেটিন ভাষাৰ শব্দ ‘Religare’ ৰ অৰ্থ হৈছে বন্ধন অর্থাৎ এনে এক ব্যবস্থা যিয়ে দৃঢ়ভাবে বান্ধি ৰাখে।
(গ) ‘ধৃ’ ধাতুৰ লগত কি প্রত্যয় সংযোগ কৰি সংস্কৃতত ধৰ্ম শব্দটোৰ উৎপত্তি হয়?
উত্তৰঃ ‘ধৃ’ ধাতুৰ লগত ‘মন’ প্রত্যয় সংযোগ কৰি সংস্কৃতত ধৰ্ম শব্দটোৰ উৎপত্তি হৈছে।
(ঘ) ধর্ম কি?
উত্তৰঃ ধৰ্ম হৈছে এনে এক বন্ধন যিয়ে মানৱ জীৱন আৰু সামাজিক জীৱনক ঐক্যবদ্ধ কৰে। ই বিভিন্ন ব্যক্তিক একত্ৰিত কৰে আৰু এজন ব্যক্তিৰ ব্যক্তিত্বক সুসংগত কৰে। ধৰ্মক সাধাৰণতে সৃষ্টিকৰ্তা, পালনকৰ্তা আৰু নৈতিক নিয়ন্ত্ৰক হিচাপে বিৰাজ কৰা এক অতীন্দ্ৰিয় শক্তিৰ ওপৰত কৰা বিশ্বাস হিচাপে সংজ্ঞাবদ্ধ কৰা হয়। অতীন্দ্ৰিয় শক্তি ঈশ্বৰৰ সৈতে সমীহ, ভক্তি, বিশ্বাস, প্ৰেম, ঐচ্ছিক অনুৰাগ, আত্মনিবেদন, উপাসনা আদি জড়িত হৈ আছে। ধৰ্মবোধ হৈছে আমাৰ ব্যক্তিত্বৰ এটা বৈশিষ্ট্য, যিটো জ্ঞান, অনুভূতি আৰু ইচ্ছা—এই তিনিটা উপাদানেৰে গঠিত।
(ঙ) ধৰ্মৰ স্বৰূপ বা প্ৰকৃতিক আমি কেইপ্ৰকাৰে বুজাৰ চেষ্টা কৰিব পাৰো আৰু কি কি?
উত্তৰঃ ধৰ্মৰ স্বৰূপ বা প্ৰকৃতিক আমি নিম্নোক্ত দুই প্ৰকাৰে বুজাৰ চেষ্টা কৰিব পাৰোঁ:
১. ধৰ্মৰ সংজ্ঞা নিৰূপণ কৰি।
২. ধৰ্মৰ বিশ্বজনীন আৰু অনুপম বৈশিষ্ট্যবিলাক আৱিষ্কাৰৰ চেষ্টা কৰি।
২। চমু উত্তৰ দিয়া:
(ক) ধৰ্মৰ বৈশিষ্ট্যবোৰ কি কি?
উত্তৰঃ ধৰ্মৰ বৈশিষ্ট্যবোৰ হৈছে:
১. ধৰ্মৰ অভিপ্ৰায় আৰু চালিকা শক্তি মানুহৰ প্ৰয়োজন আৰু আকাংক্ষাৰে গঠিত, যাৰ অন্তৰ্গত জীয়াই থকাৰ বাসনা, আত্মবিকাশ, কল্যাণ, আত্মোপলব্ধি আদি অন্তৰ্ভুক্ত।
২. ইয়াৰ অন্তৰ্গত উচ্চতৰ অতীন্দ্ৰিয় সত্তাৰ ওপৰত বিশ্বাস ৰখা হয়, যাৰ ওপৰত মানুহে সকলো ক্ষেত্ৰতে নিৰ্ভৰ কৰে।
৩. ইয়াৰ অন্তৰ্গত কিছুমান ধৰ্মীয় ক্ৰিয়া-কাণ্ডক সাঙুৰি লোৱা হয়, যিবিলাকক ঈশ্বৰ বা দেৱ-দেৱীৰ অনুগ্ৰহ লাভৰ উপায় হিচাপে বিশ্বাস কৰা হয়।
৪. ই সামাজিক অনুষ্ঠান হিচাপে ক্ৰিয়া কৰে, কিয়নো ই মানুহৰ কাৰ্য-কলাপ নিয়ন্ত্ৰণ আৰু ৰূপান্তৰ কৰে।
(খ) কাণ্টৰ ধৰ্মৰ সংজ্ঞাটো লিখা। এই সংজ্ঞাটোৰ ত্ৰুটি কি?
উত্তৰঃ বিশিষ্ট দাৰ্শনিক ইমানুৱেল কাণ্টৰ মতে, “আমাৰ সকলো কৰ্তব্যক ঐশ্বৰিক আদেশ হিচাপে স্বীকৃতিয়েই হৈছে ধৰ্ম।”
সংজ্ঞাটোৰ ত্ৰুটি: কাণ্টৰ সংজ্ঞাটোৰ প্ৰধান ত্ৰুটি এয়ে যে এই সংজ্ঞাত ধৰ্মীয় অভিজ্ঞতাৰ উল্লেখযোগ্য বৈশিষ্ট্যসমূহ যেনে—ঈশ্বৰৰ সৈতে সাহচৰ্য, প্ৰাৰ্থনা, ভক্তি, উপাসনা আদিৰ অস্তিত্ব নাই। ই ধৰ্মক কেৱল নৈতিক কৰ্তব্যৰ বন্ধনত আবদ্ধ কৰে।
(গ) হেগেলৰ ধৰ্মৰ সংজ্ঞাটো লিখা আৰু তেওঁৰ সংজ্ঞাটো কিহৰ ওপৰত নিৰ্ভৰশীল?
উত্তৰঃ হেগেলে ধৰ্মক এনেদৰে সংজ্ঞাবদ্ধ কৰিছে: ‘পৰম আত্মাৰ প্ৰকৃতি হিচাপে অসীম আত্মাই ধাৰণ কৰা জ্ঞান’। ঐশ্বৰিক দৃষ্টিকোণৰ পৰা তেওঁ ব্যক্ত কৰিছে যে, “ধৰ্ম হৈছে সসীম আত্মাৰ জৰিয়তে স্বকীয় ঐশ্বৰিক আত্মা সন্দৰ্ভৰ জ্ঞান”।
সংজ্ঞাটোৰ নিৰ্ভৰশীলতা: হেগেলৰ ধৰ্মৰ সংজ্ঞাটোত বুদ্ধিগত বৈশিষ্ট্যৰ ওপৰত অধিক মাত্ৰাত গুৰুত্ব আৰোপ কৰা হৈছে। তেওঁ ধৰ্মক পৰমব্ৰহ্মা (ঈশ্বৰ)ৰ জ্ঞানৰ ৰূপ হিচাপে ব্যাখ্যা কৰিছে। ইয়াত সসীম আৰু অসীমৰ ঐক্য সাধিত হৈছে। এইটো অতিশয় বৌদ্ধিক সংজ্ঞা, আৰু ই ধৰ্মৰ আৱেগিক বা ভক্তিমূলক দিশটোক উপেক্ষা কৰে।
(ঘ) ধৰ্ম আৰু নৈতিকতাৰ মাজত সাদৃশ্য কি?
উত্তৰঃ ধর্ম আৰু নৈতিকতাৰ মাজৰ সাদৃশ্য দুটা হৈছেঃ
(১) দুয়োটাই ভগৱানৰ অস্তিত্বৰ ওপৰত বিশ্বাস কৰে। ভগৱানক নৈতিক সম্পূৰ্ণতাৰ সাকাৰ ৰূপ হিচাপে কল্পনা কৰাটো উভয়ৰে মৌলিক পূর্বধাৰণা।
(২) উভয়ে বিশ্বাস কৰে যে আত্মা অমৰ আৰু দেহৰ মৃত্যুৰ লগে লগে ইয়াৰ বিনাশ নহয়।
(ঙ) ধর্ম আৰু নৈতিকতাৰ মাজত বৈসাদৃশ্য কি?
উত্তৰঃ ধৰ্ম আৰু নৈতিকতাৰ মাজৰ বৈসাদৃশ্যসমূহ হৈছেঃ
ক্রমিক নং | পার্থক্যৰ ভিত্তি | ধর্ম | নৈতিকতা |
|---|---|---|---|
১। | আলোকপাত | ঈশ্বৰকেন্দ্ৰিক | মানৱকেন্দ্রিক |
২। | অলৌকিকতাৰ ওপৰত গুৰুত্ব | অলৌকিকতাৰ প্রসংগ অবিহনে অস্তিত্ব থাকিব নোৱাৰে। | অলৌকিকতাৰ প্রসংগ অবিহনে অস্তিত্বশীল। |
৩। | পৰিসৰ | সৌন্দর্য, সত্য, কল্যাণ আদিৰ দৰে বহুতো প্ৰমূল্যৰে পৰিসৰ ব্যাপক। | পৰিসৰ অতিশয় কম কিয়নো ইয়াব অন্তর্গত কল্যাণ সাঙুৰি লোৱা হয়। |
৪। | অগ্রগতিব দিশ | অসীমৰ অন্তৰ্গত অগ্রগতি সূচায়। | অসীমৰ দিশলৈ অগ্রগতি সূচায়। |
৫। | অভিজ্ঞতাৰ প্ৰকাৰ | নৈতিকতাতকৈ আৱেগযুক্ত অভিজ্ঞতাৰ প্রাধান্য অধিক। | ধর্মতকৈ আবেগযুক্ত অভিজ্ঞতাৰ প্রাধান্য কম অর্থাৎ ই মুখ্যতঃ আৱেগমুক্ত। |
৬। | প্রকৃতি | আৱশ্যকতাৰ বিপৰীত মেৰুত অৱস্থান কৰে। | সামগ্রিকভাবে স্বাধীনতাৰ চেতনাৰ অন্তর্ভুক্ত। |
(চ) “ধৰ্মৰ পৰাই নীতিৰ উৎপত্তি”- এই মতবাদটো আলোচনা কৰা।
উত্তৰঃ ডেকার্ট, লক, পেলে আদি দার্শনিকসকলৰ মতে ধৰ্মৰ পৰাই নীতিৰ উৎপত্তি হৈছে। পৰমব্ৰহ্মা বা ঈশ্বৰৰ পৰাই নৈতিকতাৰ সৃষ্টি হৈছে বুলি তেওঁলোকে মত ব্যক্ত কৰিছে। ঈশ্বৰৰ বাবে যিটো গ্রহণযোগ্য সেইটো শুদ্ধ বুলি বিবেচনা কৰাৰ লগতে তেওঁ যিহৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰে সেইটো অশুদ্ধ বুলি বিবেচনা কৰা হয়। যিহেতু নৈতিকতাৰ অন্তৰ্গত ভাল-বেয়াৰ প্ৰসংগ আলোচনা কৰা হয়, সেয়ে ইয়াৰ উৎপত্তি ধৰ্মৰ পৰাই হৈছে।
ওপৰৰ দৃষ্টিভংগীটোৰ বিপক্ষে নিম্নোক্ত ধৰণে প্রতিবাদ সাব্যস্ত কৰিব পাৰিঃ
১। ইয়াৰ অন্তৰ্গত ব্যক্ত কৰা হৈছে যে ভগৱানে যিটো ভাল বুলি আখ্যা দিয়ে সেইটো শুদ্ধ আৰু যিটো তেওঁ ভুল বুলি আখ্যা দিয়ে সেইটো অশুদ্ধ। তেওঁৰ যাদৃচ্ছিক ইচ্ছাৰ ওপৰতে নীতিগত পার্থক্য নিৰ্ভৰ কৰা কথাটো গ্ৰহণ কৰিব পৰা নাযায়। ঈশ্বৰ হৈছে নৈতিক আদৰ্শৰ অধিকাৰী অতীন্দ্রিয় শক্তি। যিটো ভাল সেয়া তেওঁৰ স্বৰূপৰ অংশ আৰু যিটো বেয়া সেয়া তেওঁৰ স্বৰূপৰ পৰিপন্থী। তেওঁৰ স্বৰূপে ভাল আৰু বেয়া সংজ্ঞাবদ্ধ কৰিব পাৰে। এই দৃষ্টিভংগীয়ে ঈশ্বৰক নৈতিক চৰিত্ৰৰ বহির্ভূক্ত সত্তা হিচাপে অভিহিত কৰিছে, যিটো সত্য নহয়।
২। এই দৃষ্টিভংগী অনুসৰি মানুহে নৈতিকতাপূর্ণ পন্থা অনুসৰণ কৰে কাৰণ তেওঁৰ বিধি অনুসৰণ নকৰিলে ঈশ্বৰে শাস্তি প্রদান কৰির বুলি তেওঁলোকে ভয় কৰে। কিন্তু ইয়াক সঠিক পন্থা বুলি ব্যক্ত কৰিব নোৱাৰি কিয়নো শাস্তিৰ ভয়ত বা পুৰস্কাৰৰ আশাত কৰা কার্যৰ নৈতিক প্রমূল্য নাথাকে।
(ছ) “নৈতিকতাহে ধৰ্মৰ উৎস”-এই মতবাদটো আলোচনা কৰা।
উত্তৰঃ কান্ট, মাটিনিউ আদি দার্শনিকসকলে বিশ্বাস কৰে যে নৈতিকতাৰ পৰা ধৰ্মৰ উৎপত্তি হৈছে।
কান্টে মত পোষণ কৰে যে সজগুণ অনুসৰণ কৰিলে সুখ পোৱা যায় আৰু অসৎকাম কৰিলে দুখ পোৱা যায়। কিন্তু বাস্তব জীবনত পৰিলক্ষিত হয় যে ভাল কাম কৰা সকলেও যাতনাৰ সন্মুখীন হয় আনহাতে বেয়া কাম কৰাসকলেও সুখত থাকে। এনে প্রেক্ষাপটত কান্টে মত পোষণ কৰিছে যে এক নৈতিক শক্তিয়ে সৎ কর্মত লিপ্ত লোকসকলক সুখ প্ৰদান কৰে আৰু অসৎ কৰ্মত লিপ্ত লোকসকলক যাতনাৰ সন্মুখীন কবায়। এই নৈতিক শক্তিয়েই হৈছে ঈশ্বৰ। গতিকে, কাণ্টৰ মতে নৈতিকতা হৈছে ধৰ্মৰ ভিত্তি।
মার্টিনিউৱে মত পোষণ কৰিছে আমাৰ বিবেকে কোনটো ভাল আৰু কোনটো বেয়া সেই সন্দৰ্ভত আমাক অৱগত কৰে আৰু সজ আচৰণ কৰিবলৈ আমাক দায়বদ্ধ কৰে। সর্বোচ্চ কর্তৃত্বশীল শক্তিৰ প্রতি এই দায়বদ্ধতা থাকে। এই কর্তৃত্বশীল শক্তি সংশ্লিষ্ট ব্যক্তিগৰাকী নহয় নতুবা তেওঁ বাস কৰা সমাজ বা ৰাষ্ট্ৰখন নহয়। গতিকে, সর্বজ্ঞ আৰু সর্বশক্তিমান ঈশ্বৰেই হৈছে চূড়ান্ত নৈতিক কর্তৃত্বৰ উৎস যাৰ সাপেক্ষে আমি সজ কর্ম সম্পাদন কৰিবলৈ দায়বদ্ধ। গতিকে, নৈতিকতাৰ পৰা ধৰ্মৰ উৎপত্তি হয়। মার্টিনিউব মতে সঠিক নৈতিক সত্তাৰ অস্তিত্বৰ বিষয়ে আমাৰ বিবেকে কয় যিটো সত্তা ঈশ্বৰ হিচাপে আমাৰ অৱগত। গতিকে, নৈতিকতাই ঈশ্বৰৰ ওপৰত বিশ্বাসৰ উন্মেষ কবে।
(জ) “ধৰ্ম আৰু নীতি পৰস্পৰ পৃথক”- এই মতটো আলোচনা কৰা।
উত্তৰঃ “ধৰ্ম আৰু নীতি (নৈতিকতা) পৰস্পৰ পৃথক” বুলি পোষণ কৰা মতটোৱে এই আভাস দিয়ে যে মানৱ মনত দুয়োটাৰে সুস্পষ্ট আৰু স্বতন্ত্ৰ উৎস আছে।
এই মতবাদৰ মূল যুক্তি:
১. ধৰ্মৰ উৎস (নিৰ্ভৰশীলতাৰ অনুভূতি): ধৰ্মৰ অৱতাৰণা এই কথাটোৰ পৰা হয় যে মানুহে আত্মবিকাশ আৰু মংগলৰ বাবে নিজতকৈ অধিক শক্তিশালী একোটা শক্তিৰ ওপৰত নিৰ্ভৰশীলতাৰ অনুভূতি পোষণ কৰে। এই অনুভূতি মানুহৰ জন্মগত আধ্যাত্মিক প্ৰৱণতাৰ ফল। ই ঈশ্বৰ বা অতীন্দ্ৰিয় শক্তিৰ সৈতে সম্পৰ্ক স্থাপন কৰাৰ এক প্ৰয়াস।
২. নীতিৰ উৎস (আদৰ্শ আত্মসত্তা): এক আদৰ্শ আত্মসত্তা অৰ্জনৰ বাবে থকা মানুহৰ আগ্ৰহ আৰু বাসনাৰ পৰা নৈতিকতাৰ উন্মেষ হয়। বিকাশৰ এক উচ্চতৰ পৰ্যায়ত মানৱ মনলৈ নৈতিকতা আহে। নৈতিকতা মূলতঃ সামাজিক জীৱনত আচৰণৰ শুদ্ধ-অশুদ্ধতা বিচাৰ কৰাৰ এক বৌদ্ধিক প্ৰয়াস।
৩. স্বতন্ত্ৰ উত্থান আৰু সংশ্লেষণ: এই দৃষ্টিভংগী অনুসৰি, নৈতিকতা আৰু ধৰ্ম উভয়ৰে স্বতন্ত্ৰভাৱে উত্থান হয়। কিন্তু ব্যক্তিৰ বৌদ্ধিক আৰু নৈতিক বিকাশৰ উচ্চতম পৰ্যায়ত দুয়োটাৰ মাজত এক সংশ্লেষণ ঘটে বা মিল হয়। অৰ্থাৎ, আৰম্ভণিতে দুয়োটা পৃথক হলেও, পূর্ণতাত একত্ৰিত হয়।
সাৰাংশ: এই দৃষ্টিভংগীয়ে ক’ব বিচাৰে যে ধৰ্ম আৰম্ভণিতে এক আধ্যাত্মিক আবেগ, আনহাতে নৈতিকতা এক সামাজিক আৰু যুক্তিনিষ্ঠ কৰ্তব্য। সেয়েহে ইহঁতৰ উৎস পৃথক, যদিও পৰিণতিত এই দুটা মিলি যায়।
(ঝ) ধৰ্ম আৰু নীতি পৰস্পৰ নিৰ্ভৰশীল কেনেকৈ? আলোচনা কৰা।
উত্তৰঃ বিভিন্ন দাৰ্শনিকে আগবঢ়োৱা বিভিন্ন মতবাদৰ পাছত এই সিদ্ধান্ত লোৱা হয় যে ধৰ্ম আৰু নৈতিকতা উভয়ই আন্তঃনিৰ্ভৰশীল। ইহঁতৰ এটাৰ পৰা আনটোৰ উদ্ভৱ হোৱা নাই নতুবা ইহঁত সম্পূৰ্ণ স্বতন্ত্ৰ নহয়। মানুহৰ আধ্যাত্মিক বিকাশৰ স্তৰত ইহঁতক বিভিন্ন পৰ্যায় হিচাপে বিবেচনা কৰিব পাৰি, য’ত নৈতিকতা নিম্নতম স্তৰত আৰু ধৰ্ম উচ্চতৰ পৰ্যায়ত বিৰাজ কৰে। নিম্নতৰ স্তৰৰ পৰা উচ্চতৰ পৰ্যায়লৈ উত্তৰণ সম্পন্ন হয়।
ইহঁতৰ আন্তঃনিৰ্ভৰশীলতা নিম্নলিখিত ধৰণে উপস্থাপন কৰিব পাৰি:
১. পৰস্পৰৰ ওপৰত প্ৰতিক্ৰিয়া: ধৰ্ম আৰু নৈতিকতাই পৰস্পৰে পৰস্পৰৰ ওপৰত প্ৰতিক্ৰিয়া কৰে। ধৰ্মই নৈতিকতাৰ উত্তৰণ আৰু উৎকৰ্ষ সাধন কৰে (নৈতিকতাক এটা উচ্চতৰ আধ্যাত্মিক ভিত্তি প্ৰদান কৰে) আৰু নৈতিকতাই ধৰ্মৰ সংশোধন কৰে (কুসংস্কাৰসমূহ আঁতৰাই ধৰ্মক যুক্তিনিষ্ঠ কৰে)।
২. অন্তৰ্ভুক্তিকৰণ বা আন্তঃভেদ: ধৰ্ম আৰু নৈতিকতা উভয়ে উভয়ক অন্তৰ্ভুক্ত কৰে বা আন্তঃভেদ কৰে। প্ৰকৃত ধৰ্মই নৈতিকতাক নিজৰ ভেঁটি হিচাপে লয়, আৰু উচ্চ নৈতিকতাই ধৰ্মৰ ফালে আগবাঢ়ে।
৩. প্ৰমূল্যৰ সাদৃশ্য: নৈতিক প্ৰমূল্য আৰু ধৰ্মীয় প্ৰমূল্যৰ মাজত সাদৃশ্য আছে। এগৰাকী ধাৰ্মিক ব্যক্তি সাধাৰণতে নৈতিকভাৱেও সমৃদ্ধ হয় বা বিবেক-বুদ্ধিসম্পন্ন হয়।
৪. ধাৰ্মিক আচৰণৰ নীতিসম্মত বিচাৰ: যদি নৈতিকতা ধৰ্মৰ অংশ হয়, তেন্তে ধৰ্মকো নীতিসম্মতভাৱে বিচাৰ কৰাৰ প্ৰাসংগিকতা আছে। (যেনে- কোনো ধাৰ্মিক আচাৰ যদি অনৈতিক হয়, তেন্তে ইয়াক গ্ৰহণ কৰা নহয়)।
৫. সমস্যা সমাধানত সহায়: নৈতিকতাৰ সমস্যাসমূহৰ চূড়ান্ত সমাধান ধৰ্মত পোৱা যায়, কিয়নো ধৰ্মই নৈতিকতাৰ বাবে এক পৰম লক্ষ্য (ঈশ্বৰ বা শ্ৰেয়) নিৰ্ধাৰণ কৰে।
৬. প্ৰেম আৰু গুণৰ ওপৰত গুৰুত্ব: ধৰ্মই নৈতিক গুণসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ লগতে প্ৰেমক ঈশ্বৰ প্ৰদত্ত বিষয় হিচাপে আলোকপাত কৰে।
দ্বাদশ শ্ৰেণী তৰ্কবিজ্ঞানে অধ্যায় ৮ – সঘনাই সোধা প্ৰশ্ন
Get Free NCERT PDFs
If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group:



