Class 12 Economics Chapter 8 – মুদ্ৰা – All Question Solutions | AHSEC (ASSEB) Assamese Medium
দ্বাদশ শ্ৰেণী অৰ্থনীতি – মুদ্ৰা (চেপ্টাৰ ৮)ৰ সম্পূৰ্ণ সমাধান – AHSEC (ASSEB) – Assamese Medium
মুদ্ৰা অৰ্থনীতিত এটা গুৰুত্বপূর্ণ বিষয়, যি অর্থনৈতিক লেনদেন আৰু বাণিজ্য সহজ কৰে। এই অধ্যায়ত মুদ্ৰা কী, ইয়াৰ ধৰণ, মুদ্ৰাৰ গুণাৱলী, আৰু মুদ্ৰাৰ ভূমিকাৰ ওপৰত স্পষ্ট আৰু বুজাব পৰা ভাষাত আলোচনা কৰা হৈছে। মুদ্ৰাৰ উৎপত্তি কেনেকৈ হ’ল, ইয়াৰ অৰ্থনৈতিক প্ৰভাব কেনেকুৱা, আৰু মুদ্ৰাৰ মূল্যমান স্থিৰ ৰাখিবলৈ কোন কৌশল গ্ৰহণ কৰা হয়, তেনেকুৱা বিষয়বোৰ AHSEC (ASSEB) পাঠ্যক্ৰমৰে শিকোৱা হৈছে। Chapter QR Code: E12M8
✅ কি শিকিব:
- মুদ্ৰাৰ সংজ্ঞা আৰু অৰ্থ
- মুদ্ৰাৰ ধৰণসমূহ
- মুদ্ৰাৰ গুণাৱলী আৰু ভূমিকা
- মুদ্ৰাৰ উৎপত্তি আৰু ইতিহাস
- অর্থনৈতিক প্ৰতিৰোধ আৰু মুদ্ৰাৰ মূল্যমান স্থিৰতা
🎯 অস্পীন একাডেমীৰ সুবিধা:
- AHSEC (ASSEB) দ্বাদশ শ্ৰেণীৰ সম্পূৰ্ণ পাঠ্যক্ৰম অনুসৰি সমাধান
- সহজ আৰু স্পষ্ট ভাষাত ব্যাখ্যা
- প্ৰশ্নোত্তৰ আৰু মডেল প্ৰশ্নৰ সৈতে পূৰ্ণ প্ৰস্তুতি
- অসমীয়া মাধ্যমৰ শিক্ষাৰ্থীৰ বাবে বোধগম্য বিৱৰণ
- পৰীক্ষাৰ বাবে বিশেষ সহায়ত
Class 12 Economics (সমষ্টিবাদী অর্থবিজ্ঞান পৰিচয়) AHSEC | Assamese Medium Chapter-wise Solutions PDF
Special Offer!
Get thorough preparation for Class 12 Economics (Introductory Macroeconomics) Assamese Medium with the latest AHSEC syllabus chapter-wise solutions PDF.
Includes detailed textual answers, definitions, solved problems, and explanations in Assamese.
Ideal for self-study and exam revision.
গোট-৷৷৷
মুদ্ৰা আৰু বেংক ব্যৱস্থা
(Money and Banking)
অধ্যায়-৪
মুদ্রা (Money)
1. মুদ্রা কি?
উত্তৰঃ মুদ্ৰা হৈছে সেই সকলোবোৰ বস্তু বা দ্ৰব্য যি বিনিময়ৰ মাধ্যম হিচাপে সাধাৰণভাৱে গ্ৰহণযোগ্য হোৱাৰ লগতে একে সময়তে মূল্যৰ মাপকাঠি, মূল্যৰ ভাণ্ডাৰ আৰু স্থগিত দেনা-পাওনাৰ মানদণ্ড হিচাপে কাৰ্য সম্পাদন কৰে।
2. পণ্যৰ বিনিময় বা বিনিময় প্ৰথা কি?
উত্তৰঃ বিনিময় প্ৰথা হৈছে মুদ্ৰাৰ ব্যৱহাৰ নকৰাকৈ সামগ্ৰীৰ বিপৰীতে কৰা সামগ্ৰীৰ প্ৰত্যক্ষ বিনিময়।
3. মুদ্ৰাৰ কাৰ্যসমূহ কি কি?
উত্তৰঃ মুদ্ৰাৰ কাৰ্যসমূহক দুটা প্ৰধান শ্ৰেণীত ভাগ কৰা হৈছেঃ
(i) মৌলিক বা প্ৰাথমিক কাৰ্য:
(a) বিনিময়ৰ মাধ্যম
(b) মূল্যৰ মাপকাঠি
(ii) গৌণ বা দ্বিতীয়ক কাৰ্য:
(a) স্থগিত দেনা-পাওনাৰ মানদণ্ড
(b) মূল্যৰ ভাণ্ডাৰ
(c) মূল্যৰ হস্তান্তৰ
4. মুদ্ৰাৰ লেনদেনৰ চাহিদা কি?
উত্তৰঃ মুদ্ৰাৰ লেনদেনৰ চাহিদা বুলিলে দৈনন্দিন লেনদেনসমূহ পৰিচালনা কৰাৰ বাবে হোৱা প্ৰয়োজনীয়তাক সূচায়। ই ব্যক্তি বা কোনো ব্যৱসায়িক গোটৰ বৰ্তমানৰ লেনদেনসমূহ সম্পাদন কৰিবলৈ আৱশ্যক হোৱা মুদ্ৰাৰ চাহিদাৰ সৈতে জড়িত।
5. বিহিত মুদ্রা (legal tender money) কি?
উত্তৰঃ বিহিত মুদ্ৰাৰ অৰ্থ হৈছে দেশৰ আইনী বা বিধিসন্মত মুদ্ৰা। ইয়াক চৰকাৰ বা দেশৰ মৌদ্ৰিক প্ৰাধিকৰণৰ দ্বাৰা জাৰি কৰা হয়, আৰু কোনো ব্যক্তিয়ে লেনদেনৰ পৰিশোধৰ ক্ষেত্ৰত বা বিনিময়ৰ মাধ্যম হিচাপে ইয়াক প্ৰত্যাখ্যান কৰিব নোৱাৰে।
6. উচ্চ ক্ষমতাসম্পন্ন মুদ্রা কি?
উত্তৰঃ উচ্চ ক্ষমতাসম্পন্ন মুদ্ৰা বা মৌদ্ৰিক ভিত্তি বুলিলে ভাৰতীয় ৰিজাৰ্ভ বেংক আৰু ভাৰত চৰকাৰৰ দ্বাৰা প্ৰচলন কৰা মুদ্ৰাক সূচোৱা হয়। দেশৰ মৌদ্ৰিক প্ৰাধিকৰণ আৰু ৰিজাৰ্ভ বেংকৰ মুঠ দেনাকে মৌদ্ৰিক ভিত্তি বা উচ্চ ক্ষমতাসম্পন্ন মুদ্ৰা বুলি কোৱা হয়। ই নিম্নলিখিত উপাদানসমূহৰে গঠিতঃ
(i) জনসাধাৰণৰ হাতত থকা মুদ্ৰা (Cash held by the public)
(ii) বাণিজ্যিক বেংকসমূহৰ সংৰক্ষিত মুদ্ৰা (Reserves of commercial banks)
(iii) ভাৰতীয় ৰিজাৰ্ভ বেংকৰ সৈতে থকা অন্যান্য আমানতসমূহ (Other deposits with the RBI)
7. “মুদ্ৰাৰ যোগান” শব্দটোৰ দ্বাৰা কি বুজোৱা হয়?
উত্তৰঃ এটা অর্থনৈতিক ব্যৱস্থাত এটা নির্দিষ্ট সময় বিন্দুত জনসাধাৰণৰ হাতত থকা মুদ্রাৰ মুঠ মজুতকে মুদ্রাৰ যোগান বুলি কোৱা হয়।
8. বিনিময় প্রথাৰ অসুবিধাসমূহ কি কি?
উত্তৰঃ বিনিময় প্রথা বা পণ্য বিনিময়ত থকা অসুবিধাসমূহ হৈছেঃ
(i) মূল্যৰ উমৈহতীয়া জোখ বা মূল্যৰ মাপকাঠীৰ অভাৱ।
(ii) প্রয়োজনসমূহৰ দ্বৈত সংগতিৰ অভাৱ।
(iii) স্থগিত দেনা-পাওনাৰ মানদণ্ডৰ অভাৱ।
(iv) মূল্যৰ ভাণ্ডাৰৰ অভাৱ।
(v) বিভাজ্যতাৰ অভাৱ।
(vi) সেৱাসমূহৰ বিনিময়ত দেখা দিয়া কঠিনতা।
9. বিনিময় প্রথাত সন্মুখীন হোৱা অভাৱ বা প্রয়োজনসমূহৰ দ্বৈত সংগতিৰ সমস্যাটো ব্যাখ্যা কৰা। মুদ্রাই ইয়াক কেনেদৰে সমাধান কৰে?
উত্তৰঃ বিনিময় প্রথাৰ অভাৱৰ দ্বৈত-সংগতিয়ে কেৱল তেতিয়াহে কাম কৰে যেতিয়া দুজন ব্যক্তিৰ উভয়ে পৰস্পৰৰ সামগ্ৰীৰ বিনিময় কৰিবলৈ প্রস্তুত হয়। কিন্তু সাধাৰণতে এনেধৰণৰ দ্বৈত-সংগতি বিচাৰি পোৱাটো দুর্লভ।
মুদ্রাই অভাৱসমূহৰ এই দ্বৈত-সংগতিৰ সমস্যাটো দূৰ কৰে যিহেতু ক্রেতা আৰু বিক্রেতা উভয়ে মুদ্ৰাৰ বাবে নিজৰ নিজৰ সামগ্ৰী তথা সেৱাসমূহ বিনিময় কৰিবলৈ প্রস্তুত হয়।
ই সামগ্ৰী তথা সেৱাসমূহৰ বিনিময়ৰ সুবিধা প্রদান কৰাৰ লগতে বেপাৰ-বাণিজ্য সুচাৰুৰূপে পৰিচালনা হোৱাত সহায় কৰে।
10. ভাৰতত কোনে প্রচলিত মুদ্রা মুদ্রণ বা ছপা কৰি উলিয়ায় আৰু ইয়াৰ প্ৰচলন কৰে?
উত্তৰঃ ভাৰতত ভাৰতীয় ৰিজার্ভ বেংকৰ জাৰিকৰণ বিভাগৰ দ্বাৰা নিযুক্ত বিশেষ সহায়ক কোম্পানীসমূহৰ দ্বাৰা মুদ্রিত কৰা হয়। ধাতুৰ মুদ্রাসমূহ আৰু ১ টকীয়া নোটসমূহ ভাৰত চৰকাৰৰ দ্বাৰা প্ৰস্তুত কৰা হয়। ভাৰতীয় ৰিজার্ভ বেংকে এনেদৰে মুদ্রিত মুদ্রাসমূহৰ প্ৰচলন তথা নিয়ন্ত্ৰণৰ কাৰ্য সম্পাদন কৰে।
11. মুদ্রা গতিশীল প্রকৃতিৰ হয়। কেনেদৰে?
উত্তৰঃ তলত উল্লেখ কৰা কাৰকসমূহৰ বাবেই মুদ্রা গতিশীল প্রকৃতিৰ হয়ঃ
(i) ই সীমাৰ বাহিৰত বিনিময়ৰ সুবিধা প্রদান কৰে।
(ii) ই বিনিয়োগৰ উদ্দেশ্যৰে ধন-সম্পদ গোটোৱাৰ সুবিধা প্ৰদান কৰে।
(iii) ই বিশ্বৰ উন্নত দেশসমূহৰ পৰা কম উন্নত দেশসমূহলৈ তথা এখন ঠাইৰ পৰা অন্য এখন ঠাইলৈ মূলধনৰ প্ৰবাহত সহায় কৰে।
(iv) ই অর্থনৈতিক স্থিৰতাত সহায় কৰাৰ লগতে অর্থনৈতিক বৃদ্ধি আৰু বিকাশ প্রক্রিয়াক উৎসাহিত কৰে।
12. “ভাৰতীয় কাগজী মুদ্রা অপৰিৱৰ্তনীয়”। ব্যাখ্যা কৰা।
উত্তৰঃ ভাৰতীয় মৌদ্রিক ব্যৱস্থাৰ বিশেষ বৈশিষ্ট্য এয়ে যে ই অপৰিৱৰ্তনীয় কাগজী মুদ্রা ব্যৱস্থা গ্রহণ কৰিছে। কাগজী মুদ্রাক মূল্যৱান ধাতু (সোণ) লৈ ৰূপান্তৰ কৰিব পৰা নাযায়। সেয়েহে, এই প্রচলিত কাগজী মুদ্ৰাক অপৰিৱৰ্তনীয় বুলি কোৱা হয়।
13. চাহিদা আমানত (Demand deposits) কি?
উত্তৰঃ চাহিদা আমানতসমূহ হৈছে বেংক বা অন্যান বিত্তীয় প্রতিষ্ঠানসমূহৰ লগত থকা চলিত হিচাপ আমানত যিবোৰ চেকৰ দ্বাৰা দাবী কৰিলে প্রতিদেয় হয়। এই আমানতৰ ওপৰত কোনো ধৰণৰ সুদ প্ৰদান কৰা নহয়।
14. কাল আমানতসমূহ (Time deposits) কি?
উত্তৰঃ কাল আমানতসমূহ হৈছে পৰিপক্কতাৰ বাবে এটা নির্দিষ্ট সময়সীমা থকা স্থিৰ আমানত, যিবোৰৰ জমা ৰখাৰ সময়সীমা ৬ মাহৰ পৰা ৫ বছৰলৈ তাৰতম্যযুক্ত হ’ব পাৰে। এইবোৰৰ ওপৰত চেক জাৰি কৰিব নোৱাৰে আৰু দাবী কৰিলে প্রতিদেয় নহয়, কিন্তু ই জমাকৰ্তাৰ বাবে সুদ উৎপন্ন কৰে।
15. প্রত্যয়ী মুদ্রা (Fiduciary money) ৰ সংজ্ঞা লিখা।
উত্তৰঃ ইয়াক বিকল্প মুদ্রা বা স্বেচ্ছিক মুদ্রা বুলিও জনা যায়। ইয়াৰ গ্ৰহণীয়তা বাধ্যতামূলক নহয়, কিন্তু ই পাৰস্পৰিক বিশ্বাসৰ ওপৰত প্রতিষ্ঠিত। ড্রাফ্ট, চেক, বিনিময়-পত্র আদি হৈছে প্রত্যয়ী মুদ্রাৰ উদাহৰণ।
16. বিনিময় প্রথা বা পণ্য বিনিময়ৰ সীমাৱদ্ধতাসমূহ কি কি?
উত্তৰঃ মুদ্রাৰ ক্ৰমবিকাশৰ পূৰ্বে পণ্য বা সামগ্ৰীৰ বিপৰীতে সামগ্ৰীৰ বিনিময় কৰা হৈছিল, অর্থাৎ বিনিময় প্রথাৰ প্ৰচলন আছিল। কিন্তু বিনিময় প্রথাৰ কিছুমান বৃহৎ ত্রুটি আছিল। এইবোৰ হ’লঃ
(i) অভাৱ বা প্রয়োজনৰ দ্বৈত-সংগতিৰ অভাৱ (Lack of double coincidence of wants): এইটো আছিল বিনিময় প্রথাৰ এটা প্রধান ত্রুটি। কিছুমান সামগ্রী বা সেৱাৰ গৰাকীয়ে নিজৰ অভাৱ পূৰাবলৈ প্ৰয়োজন হোৱা সামগ্রী বা সেৱাৰ বিপৰীতে তেওঁৰ নিজৰ তাত থকা সামগ্রী বা সেৱা বিচৰা লোক বিচাৰি পোৱাটো অতি দুর্লভ আছিল। যদিহে তাত অভাৱৰ দ্বৈত-সংগতি নাথাকিছিল তেনেহ’লে কোনো বিনিময় সংঘটিত নহৈছিল।
(ii) মূল্যৰ উমৈহতীয়া মাপকাঠীৰ অভাৱ (Lack of common measure of value): বিনিময় প্রথাত সামগ্ৰী তথা সেৱাসমূহৰ জোখ-মাখ বা হিচাপ-নিকাচ কৰিবলৈ কোনোধৰণৰ উমৈহতীয়া একক নাছিল। জোখ-মাখৰ উমৈহতীয়া এককৰ অনুপস্থিতিৰ বাবে সামগ্ৰী আৰু সেৱাসমূহৰ সঠিক মূল্য নিৰূপণ কৰাটো সম্ভৱ হোৱা নাছিল।
(iii) স্থগিত দেনা-পাওনাৰ মানদণ্ডৰ অভাৱ (Lack of standard for deferred payments): স্থগিত দেনা-পাওনা মানে হৈছে ভৱিষ্যতৰ দেনা। বিনিময় প্রথাত, ভৱিষ্যতে সামগ্রী এটাৰ একে পৰিমাণ তথা গুণাগুণৰ ক্ষেত্ৰত সমমূল্য ঘুৰাই দিয়াটো অতি কঠিন আছিল। সেয়েহে ঋণ আৰু সুদৰ ক্ষেত্ৰত ভৱিষ্যৎ দেনা পৰিশোধ কৰাটো অতি কঠিন হৈ পৰে।
(iv) মূল্যৰ ভাণ্ডাৰৰ অভাৱ (Lack of store of value): বিনিময় প্রথাত মুদ্রাৰ অনুপস্থিতিৰ ফলত সা-সম্পদৰ সঞ্চয় ভাণ্ডাৰ হিচাপে সামগ্রীসমূহকে সঞ্চয় বা সংৰক্ষণ কৰা হৈছিল। সামগ্ৰীসমূহ সঞ্চয় কৰাৰ ক্ষেত্ৰত সঞ্চয় ব্যয়, মূল্যৰ লোকচান, এখন ঠাইৰ পৰা অন্য এখন ঠাইলৈ পৰিবহণৰ খৰছ আদিৰ দৰে সমস্যাই দেখা দিছিল। সেয়েহে, জনসাধাৰণৰ বাবে তেওঁলোকৰ ক্ৰয় ক্ষমতা সঞ্চয় কৰাটো কঠিন হৈছিল। অর্থাৎ, যিহেতু সামগ্রীসমূহ বেছিদিন নিটিকে, সেয়েহে সামগ্ৰীৰ মাধ্যমত বেছিদিন সঞ্চয় কৰাটো সম্ভৱপৰ নহয়।
(v) বিভাজ্যতাৰ অভাৱ (Lack of divisibility): পণ্য বিনিময়ৰ ক্ষেত্ৰত
সামগ্রীসমূহ বিভক্ত কৰাত কঠিনতাই দেখা দিয়ে। উদাহৰণস্বৰূপে যদি এখন স্কুটাৰৰ বাবদ এখন মটৰগাড়ী বিনিময় কৰা হয়, তেন্তে মটৰ গাড়ীখন বিভক্ত কৰিব পৰা নাযাব। ঠিক একেধৰণে জীৱ-জন্তুসমূহক সৰু সৰু গোটত বিভক্ত কৰিব পৰা নাযায়।
17. মুদ্ৰাৰ কাৰ্যসমূহ কি কি?
উত্তৰঃ মুদ্ৰাৰ কাৰ্যসমূহক তলত দিয়া ধৰণে বহলভাৱে শ্ৰেণীবিভক্ত কৰিব পৰা যায়ঃ
(i) প্ৰাথমিক বা মৌলিক কাৰ্যসমূহ:
(a) বিনিময়ৰ মাধ্যম: মুদ্ৰা হৈছে বিনিময়ৰ মাধ্যম। ইয়াৰ অৰ্থ হৈছে যে ইয়াক সামগ্ৰী তথা সেৱাসমূহৰ সকলো লেন-দেনৰ মূল্য পৰিশোধ কৰিবলৈ ব্যৱহাৰ কৰিব পাৰি। মুদ্ৰাৰ সাধাৰণ গ্ৰহণযোগ্যতাৰ গুণ আছে।
(b) মূল্যৰ মাপকাঠী (মূল্যৰ একক): মুদ্ৰা হৈছে মূল্যৰ মাপকাঠী। ইয়াৰ অৰ্থ হৈছে যে মুদ্ৰাই এটা সাধাৰণ পৰিমাপণৰ একক হিচাপে কাৰ্য সম্পাদন কৰে। ইয়াৰ দ্বাৰা সকলো সামগ্ৰী তথা সেৱাসমূহৰ মূল্য প্ৰকাশ কৰিব পৰা যায়। সকলো সামগ্ৰী তথা সেৱাসমূহৰ মূল্যক এটা এককত (অৰ্থাৎ দৰত) প্ৰকাশ কৰিলে সিহঁতৰ মাজৰ বিনিময়ৰ অনুপাত নিৰ্ণয় কৰা আৰু সিহঁতৰ দৰৰ তুলনা কৰাটো সহজ হৈ পৰে।
(ii) গৌণ বা দ্বিতীয়ক কাৰ্যসমূহ: গৌণ কাৰ্যই মুদ্ৰাৰ সেইবোৰ কাৰ্যক সূচায় যিবোৰ প্ৰাথমিক কাৰ্যসমূহৰ পৰিপূৰক। এই কাৰ্যবোৰ প্ৰাথমিক কাৰ্যসমূহৰ পৰাই উৎপত্তি হৈছে, আৰু সেয়েহে এইবোৰক “ব্যুৎপত্তি কাৰ্য” বুলিও জনা যায়। প্ৰধান গৌণ কাৰ্যসমূহ হৈছেঃ
(a) স্থগিত দেনা-পাওনাৰ মানদণ্ড: মুদ্ৰা স্থগিত দেনা-পাওনাৰ মানদণ্ড মানে হৈছে যে মুদ্ৰাই সেই দেনা-পাওনাসমূহৰ মানদণ্ড হিচাপে কাম কৰে যিবোৰ ভৱিষ্যতে পৰিশোধ কৰা হ’ব। মুদ্ৰাই এনেধৰণৰ লেন-দেনসমূহক উদগনি যোগাই অৰ্থনৈতিক ব্যৱস্থা এটাৰ মূলধন গঠন তথা আৰ্থিক বিকাশত সহায় কৰে। ই ধন ধাৰলৈ অনা বা ঋণ লোৱা কাৰ্যবোৰক সৰল কৰি তোলে আৰু বিত্তীয় প্ৰতিষ্ঠানসমূহৰ সৃষ্টিৰ পথ সুচল কৰে।
(b) মূল্যৰ ভাণ্ডাৰ (মুদ্ৰাৰ পৰিসম্পদ কাৰ্য): মুদ্ৰা মূল্যৰ ভাণ্ডাৰ মানে হৈছে যে মুদ্ৰাক বৰ্তমানৰ ক্ৰয় ক্ষমতাক ভৱিষ্যতলৈ স্থানান্তৰ কৰিবলৈ ব্যৱহাৰ কৰিব পাৰি। মুদ্ৰা হৈছে সা-সম্পদ সঞ্চয় কৰাৰ মাধ্যম। মুদ্ৰাই ব্যক্তি এজনক অপ্রত্যাশিত সংকট তথা ভৱিষ্যৎ ঋণৰ পৰা সুৰক্ষা প্ৰদান কৰাৰ লগতে আকস্মিক প্ৰয়োজনসমূহ পূৰণ কৰাত সহায় কৰে।
(c) মূল্যৰ স্থানান্তৰণ: মূল্যৰ স্থানান্তৰণৰ দ্বাৰা আমি দীৰ্ঘস্থায়ী আৰু স্থাৱৰ সামগ্ৰীসমূহৰ মূল্যক এঠাইৰ পৰা আন ঠাইলৈ স্থানান্তৰ কৰাকে বুজো। যিকোনো লোকেই মুদ্ৰাৰ মাধ্যমেৰে নিজৰ এখন নিৰ্দিষ্ট ঠাইত থকা স্থাৱৰ সম্পত্তি বিক্ৰী কৰিব পাৰে আৰু আন এখন ঠাইত থকা স্থাৱৰ সম্পত্তিক ক্ৰয় কৰিব পাৰে। মুদ্ৰাৰ এই কাৰ্যই যন্ত্ৰ-পাতি, ভূমি আৰু সামগ্ৰীসমূহক গতিশীলতা প্ৰদান কৰে।
18. মুদ্ৰাৰ যোগানৰ সংজ্ঞা লিখা আৰু ইয়াৰ উপাদানসমূহ ব্যাখ্যা কৰা।
উত্তৰঃ এটা নির্দিষ্ট সময়ত জনসাধাৰণৰ মাজত প্রচলন হৈ থকা মুদ্রাৰ মুঠ মজুতকে মুদ্ৰাৰ যোগান বুলি কোৱা হয়। মুদ্রাৰ যোগান হৈছে এক মজুত চলক।
মুদ্রা যোগানৰ উপায়সমূহঃ
১৯৬৭ চনৰ পৰা ১৯৬৮ চনলৈ ভাৰতীয় ৰিজার্ভ বেংকে মুদ্রা যোগানৰ কেৱল সংকীর্ণ উপায় ব্যৱহাৰ কৰিছিল। কিন্তু ১৯৭৭ চনৰ পৰা মুদ্রা যোগানৰ চাৰিটা বিকল্প উপায় M1, M2, M3 আৰু M₄ – ৰ ক্ৰমবিকাশ হৈছিলঃ
(i) M₁ = জনসাধাৰণৰ হাতত থকা কাগজী মুদ্রা আৰু ধাতু মুদ্রা + বাণিজ্যিক বেংকসমূহৰ চাহিদা আমানত + ভাৰতীয় ৰিজার্ভ বেংকৰ হাতত থকা অন্যান্য আমানতসমূহ।
(ii) M₂ = M₁ + ডাকঘৰ সঞ্চয় বেংকৰ হাতত থকা মুঠ সঞ্চয় আমানত।
(iii) M₃ = M₁ + বেংকসমূহৰ হাতত থকা শুদ্ধ কাল বা সময় আমানতসমূহ।
(iv) M₄ = M₃ + ডাকঘৰ সঞ্চয় বেংকৰ সৰ্বমুঠ আমানত (NSC ক বাদ দি), NSC = জাতীয় সঞ্চয় প্রমাণ-পত্র।
দ্বাদশ শ্ৰেণী অর্থনীতি অধ্যায় ৮ – সঘনাই সোধা প্ৰশ্ন
Get Free NCERT PDFs
If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group:



