Class 12 Economics Chapter 11 – বৈদেশিক মুদ্রা – All Question Solutions | AHSEC (ASSEB) Assamese Medium
দ্বাদশ শ্ৰেণী অৰ্থনীতি – বৈদেশিক মুদ্রা (চেপ্টাৰ ১১)ৰ সম্পূৰ্ণ সমাধান – AHSEC (ASSEB) – Assamese Medium
এই অধ্যায়ত বৈদেশিক মুদ্রাৰ পৰিভাষা, প্ৰতীক আৰু বিশ্ব অৰ্থনীতিত ইয়াৰ ভূমিকা বুজাব পৰা সহজ ভাষাত আলোচনা কৰা হৈছে। বৈদেশিক মুদ্রাৰ ধাৰণা, মুদ্রাৰ বিনিময় মান আৰু মুদ্ৰা বিনিময়ৰ বাবে ব্যৱহৃত প্ৰধান মুদ্ৰাসমূহৰ বিষয়ে বিস্তৃত ব্যাখ্যা দিয়া হৈছে। AHSEC (ASSEB) দ্বাদশ শ্ৰেণীৰ পাঠ্যক্ৰমৰ সৈতে সংগতি ৰাখি সম্পূৰ্ণ অনুশীলনী প্ৰশ্নোত্তৰসহ এই অধ্যায়ৰ সমাধান প্রস্তুত কৰা হৈছে। Chapter QR Code: E12M11
✅ কি শিকিব:
- বৈদেশিক মুদ্রাৰ সংজ্ঞা আৰু গুণাৱলী
- মুদ্ৰা বিনিময়ৰ প্ৰক্ৰিয়া
- বৈদেশিক মুদ্রাৰ মান স্থিৰতা আৰু তাৰ প্ৰভাৱ
- বিশ্ব মুদ্ৰা বাজারৰ ভূমিকা
- অনুশীলনী প্ৰশ্নোত্তৰ আৰু ব্যাখ্যা সহ সমাধান
🎯 অস্পীন একাডেমীৰ সুবিধা:
- AHSEC (ASSEB) দ্বাদশ শ্ৰেণীৰ পাঠ্যক্ৰম অনুসৰি সমাধান
- সহজ ভাষাত বুজাব পাৰি এমন সমগ্ৰ ব্যাখ্যা
- প্ৰশ্নোত্তৰ আৰু মডেল প্ৰশ্ন সম্পূৰ্ণ প্ৰস্তুতি
- অসমীয়া মাধ্যমৰ শিক্ষাৰ্থীৰ বাবে বোধগম্য সমাধান
- বিশ্ব মুদ্ৰা নিৰ্দেশনা আৰু মূলধাৰাকৈ বুজাবলৈ সহায়
Class 12 Economics (সমষ্টিবাদী অর্থবিজ্ঞান পৰিচয়) AHSEC | Assamese Medium Chapter-wise Solutions PDF
Special Offer!
Get thorough preparation for Class 12 Economics (Introductory Macroeconomics) Assamese Medium with the latest AHSEC syllabus chapter-wise solutions PDF.
Includes detailed textual answers, definitions, solved problems, and explanations in Assamese.
Ideal for self-study and exam revision.
গোট-V
বৈদেশিক লেন-দেনৰ বিবৃতি আৰু বৈদেশিক মুদ্রা
Balance of Payments and Foreign Exchange
অধ্যায়-11
বৈদেশিক মুদ্রা
(Foreign Exchange)
1. বৈদেশিক মুদ্রা কি?
উত্তৰঃ বৈদেশিক মুদ্রা বুলিলে এখন দেশৰ নিজা ঘৰুৱা মুদ্ৰাৰ বাহিৰে আন সকলো দেশৰ মুদ্ৰা বা বিত্তীয় এককতকৈ সূচোৱা হয়।
2. বৈদেশিক বিনিময় হাৰ কি?
উত্তৰঃ বৈদেশিক বিনিময় হাৰে সেই নিৰিখক সূচায়, যাৰ যোগেদি কোনো এখন অৰ্থনীতিৰ মুদ্ৰাক আন এখন দেশৰ মুদ্ৰাৰ সৈতে বিনিময় কৰা হয়। উদাহৰণস্বৰূপে, ১ ডলাৰ = ৮৬ টকা।
3. বৈদেশিক বিনিময় জমাৰ সংজ্ঞা লিখা।
উত্তৰঃ বৈদেশিক বিনিময় জমাৰ সংজ্ঞা এনেদৰে দিব পাৰি যে, ই দেশৰ কেন্দ্ৰীয় বেংকৰ অধীনত সঞ্চিত হৈ থকা সকলো বৈদেশিক পৰিসম্পত্তিকে সামৰি লয়।
4. মুদ্ৰাৰ বহিঃমূল্যৰ অৱনতি কি?
উত্তৰঃ পৰিৱৰ্তনশীল বা ভাসমান বিনিময় হাৰ ব্যৱস্থাৰ অধীনত বৈদেশিক মুদ্ৰাৰ তুলনাত ঘৰুৱা মুদ্ৰাৰ মূল্য হ্ৰাস পোৱা অৱস্থাকে মুদ্ৰাৰ বহিঃমূল্যৰ অৱনতি বুলি কোৱা হয়।
5. অৱমূল্যায়ন কি?
উত্তৰঃ অৱমূল্যায়ন হৈছে স্থিৰ বিনিময় হাৰৰ ব্যৱস্থাত চৰকাৰী হস্তক্ষেপৰ জৰিয়তে ঘৰুৱা মুদ্ৰাৰ মূল্য হ্ৰাস কৰা কাৰ্য।
6. পৰিৱৰ্তনশীল বা ভাসমান বিনিময় হাৰৰ সংজ্ঞা লিখা।
উত্তৰঃ পৰিৱৰ্তনশীল বা ভাসমান বিনিময় হাৰ হৈছে তেনে এক হাৰ, যি কেন্দ্ৰীয় বেংকৰ কোনো প্ৰত্যক্ষ হস্তক্ষেপ নোহোৱাকৈ বৈদেশিক মুদ্ৰাৰ বজাৰত চাহিদা আৰু যোগানৰ শক্তিসমূহৰ দ্বাৰা নিৰ্ধাৰণ কৰা হয়।
7. স্থিৰ বিনিময় হাৰৰ সংজ্ঞা লিখা।
উত্তৰঃ স্থিৰ বিনিময় হাৰ হৈছে দুই বা ততোধিক ৰাষ্ট্ৰৰ মুদ্ৰাৰ মাজত থকা বিনিময়ৰ নিৰিখ, যিটো কোনো নিৰ্দিষ্ট স্তৰত নিৰ্ধাৰণ কৰা হয় আৰু ইয়াক সঘনে পৰিৱৰ্তন বা পুনৰ্ৱিন্যস্ত কৰা নহয়।
8. পৰিচালিত ভাসমান ব্যৱস্থা কি?
উত্তৰঃ পৰিচালিত ভাসমান ব্যৱস্থা হৈছে এক এনেধৰণৰ পদ্ধতি, য’ত বজাৰৰ শক্তিসমূহে বিনিময় হাৰ নিৰ্ধাৰণ কৰাৰ অধিকাৰ পায় যদিও কেন্দ্ৰীয় বেংকে সেই হাৰৰ ওপৰত প্ৰভাৱ পেলাবলৈ মাজে-সময়ে হস্তক্ষেপ কৰে।
9. মৌদ্রিক বিনিময় হাৰ কি?
উত্তৰঃ মৌদ্ৰিক বিনিময় হাৰে বৈদেশিক মুদ্ৰাৰ এক একক অৰ্জন কৰাৰ বাবে প্ৰদান কৰিব লগা ঘৰুৱা মুদ্ৰাৰ এককৰ সংখ্যাকে সূচায়, অৰ্থাৎ ঘৰুৱা মুদ্ৰাৰ সাপেক্ষে বৈদেশিক মুদ্ৰাৰ মূল্য।
10. ক্রয় ক্ষমতাৰ সমতা কি?
উত্তৰঃ ক্ৰয় ক্ষমতাৰ সমতা হৈছে এক আন্তৰ্জাতিক বিনিময় নীতি, যিয়ে এই কথা প্ৰকাশ কৰে যে বিভিন্ন দেশত একে ধৰণৰ সামগ্ৰীৰ মূল্য একে হ’ব লাগে।
11. প্রকৃত বিনিময় হাৰ কি?
উত্তৰঃ প্ৰকৃত বিনিময় হাৰ হৈছে ঘৰুৱাভাৱে উৎপাদিত সামগ্ৰীৰ তুলনাত বৈদেশিক সামগ্ৰীৰ আপেক্ষিক মূল্য।
12. পুনৰ মূল্যায়ন কি?
উত্তৰঃ পুনৰ মূল্যায়ন হৈছে স্থিৰ বিনিময় হাৰৰ ব্যৱস্থাত বিনিময় হাৰ হ্ৰাস কৰা এক প্ৰক্ৰিয়া, যাৰ ফলত ঘৰুৱা মুদ্ৰাৰ তুলনাত বৈদেশিক মুদ্ৰা সস্তা হৈ পৰে।
13. ভাৰসাম্য বৈদেশিক বিনিময় হাৰৰ অৰ্থ কি?
উত্তৰঃ যেতিয়া আন মুদ্ৰাৰ তুলনাত কোনো মুদ্ৰাৰ চাহিদা ইয়াৰ যোগানৰ সৈতে সমান হয়, তেতিয়া বৈদেশিক বিনিময় ভাৰসাম্য অৱস্থাত থকা বুলি কোৱা হয় আৰু সেই নিৰিখক ভাৰসাম্য বৈদেশিক বিনিময় হাৰ বুলি জনা যায়।
14. ৰপ্তানিৰ ক্ষেত্ৰত ঘৰুৱা মুদ্ৰাৰ বহিঃমূল্য হ্ৰাসৰ প্ৰভাৱ সম্পর্কে ব্যাখ্যা কৰা।
উত্তৰঃ বৈদেশিক বিনিময় হাৰ বৃদ্ধি হ’লে ঘৰুৱা মুদ্ৰাৰ বহিঃমূল্য হ্ৰাস পায়। ইয়াৰ ফলত, একে পৰিমাণৰ বৈদেশিক মুদ্ৰা ব্যৱহাৰ কৰি বিদেশী ৰাষ্ট্ৰসমূহে অধিক সংখ্যক সামগ্ৰী ক্ৰয় কৰিব পাৰে। উদাহৰণস্বৰূপে, যদি ১ ডলাৰ = ৭০ টকা হয় আৰু বিদেশী ৰাষ্ট্ৰই ১ ডলাৰৰ সামগ্ৰী ক্ৰয় কৰে, তেন্তে ভাৰতে ৭০ টকাৰ সামগ্ৰী বিক্ৰী কৰে। যদি মুদ্ৰাৰ বহিঃমূল্য ৭৫ টকালৈ হ্ৰাস পায় (অৰ্থাৎ ১ ডলাৰ = ৭৫ টকা হয়), তেন্তে ভাৰতে ৭৫ টকাৰ সামগ্ৰী বিক্ৰী কৰিব। গতিকে, বিদেশী ৰাষ্ট্ৰই ১ ডলাৰৰ বিনিময়ত অধিক মূল্যৰ সামগ্ৰী লাভ কৰিব। ইয়াৰ পৰিণতিত ভাৰতৰ ৰপ্তানি বৃদ্ধি পাব আৰু আমদানি হ্ৰাস পাব।
15. আমদানিৰ ক্ষেত্ৰত ঘৰুৱা মুদ্রাৰ বহিঃমূল্য বৃদ্ধিৰ প্রভাৱ ব্যাখ্যা কৰা।
উত্তৰঃ বৈদেশিক বিনিময় হাৰ হ্ৰাস হ’লে ঘৰুৱা মুদ্ৰাৰ বহিঃমূল্য বৃদ্ধি পায়। এনে পৰিস্থিতিত, ঘৰুৱা দেশে (ধৰা হ’ল ভাৰতে) একে পৰিমাণৰ ঘৰুৱা মুদ্ৰা ব্যৱহাৰ কৰি বিদেশৰ পৰা অধিক পৰিমাণৰ সামগ্ৰী আৰু সেৱা ক্ৰয় কৰিবলৈ সক্ষম হয়। ফলস্বৰূপে, আমদানি বৃদ্ধি পোৱাৰ বিপৰীতে ৰপ্তানি হ্ৰাস পাব।
16. স্থিৰ বিনিময় হাৰ ব্যৱস্থা কি? ইয়াৰ চাৰিটা গুণ আৰু চাৰিটা দোষ উল্লেখ কৰা।
উত্তৰঃ স্থিৰ বিনিময় হাৰ ব্যৱস্থা হৈছে এনে এক বিনিময় হাৰ য’ত এক নির্দিষ্ট স্তৰত বিনিময় হাৰ নিৰ্ধাৰণ কৰা হয়। এই ব্যৱস্থাৰ অধীনত দেশৰ কেন্দ্ৰীয় বেংকে বিনিময় হাৰ নির্ধাৰণ কৰে। চৰকাৰে অৱমূল্যায়ন বা পুনৰ মূল্যায়নৰ দ্বাৰা বিনিময় হাৰ পৰিৱৰ্তন কৰিব পাৰে।
গুণঃ
(i) ই বিনিময় হাৰত সুস্থিৰতা নিশ্চিত কৰে।
(ii) ই আন্তঃৰাষ্ট্ৰীয় বিনিয়োগ আৰু আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ উৎকৰ্ষ সাধন কৰে।
(iii) ই লাভৰ চিন্তন প্ৰতিৰোধ কৰে।
(iv) ইমুদ্রাস্ফীতি ৰোধ কৰাত চৰকাৰক সহায় কৰে।
দোষঃ
(i) বিনিময় হাৰ নিৰ্ধাৰণৰ কঠিনতাৰ ফলত অৱমূল্যায়ন বা অতিমূল্যায়নৰ সূত্রপাত হ’ব পাৰে।
(ii) মুক্ত বজাৰৰ উদ্দেশ্য নিৰুৎসাহিত কৰে।
(iii) এখন অর্থনীতিৰ বাবে অৱদমনৰ লগত মোকাবিলা কৰাত কঠিনতা।
(iv) প্ৰচুৰ পৰিমাণৰ বৈদেশিক বিনিময় জমাৰ আৱশ্যক হয়।
17. পৰিৱৰ্তনশীল বিনিময় হাৰ কি? ইয়াৰ দোষ আৰু গুণসমূহ উল্লেখ কৰা।
উত্তৰঃ পৰিৱৰ্তনশীল বিনিময় হাৰক ভাসমান বিনিময় হাৰ বুলিও জনা যায়। চাহিদা আৰু
যোগানৰ বজাৰ বাহিনীয়ে এই হাৰ নিৰ্ধাৰণ কৰে। এই ব্যৱস্থাত কেন্দ্রীয় বেংকে সৰল নিয়মাৱলী অনুসৰণ কৰে। বিনিময় হাৰৰ স্তৰক প্রত্যক্ষভাৱে প্রভাৱিত কৰিবলৈ তেওঁলোকে একো নকৰে অৰ্থাৎ তেওঁলোকে বৈদেশিক মুদ্রা বজাৰত হস্তক্ষেপ নকৰে।
গুণঃ
(i) এই ব্যৱস্থাই ভাৰসাম্য স্তৰ অক্ষুণ্ণ ৰখাত সহায় কৰে।
(ii) মুদ্রাৰ অৱমূল্যায়ন বা অতিমূল্যায়নৰ সমস্যা ই সমাধান কৰে।
(iii) ই সম্পদ অৱণ্টনত নিপুণতা আনে।
দোষঃ
(i) ই বজাৰত অস্থিৰতাৰ সৃষ্টি কৰে।
(ii) অনিশ্চয়তাই আন্তঃৰাষ্ট্ৰীয় বাণিজ্য আৰু বিনিয়োগক নিৰুৎসাহিত কৰে।
(iii) অত্যধিক লাভৰ চিন্তনক ই অনুপ্রাণিত কৰে।
18. লাভৰ চিন্তন কি?
উত্তৰঃ যিকোনো দেশৰ মুদ্ৰা এক প্ৰকাৰৰ বিত্তীয় সম্পদ। যদি ভাৰতীয় নাগৰিকসকলে এইটো অনুমান কৰে যে ভৱিষ্যতে টকাৰ তুলনাত ডলাৰৰ বহিঃমূল্য বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে, তেন্তে তেওঁলোকে ডলাৰ ক্ৰয় কৰি জমা কৰি ৰাখিবলৈ চেষ্টা কৰিব। ডলাৰৰ বহিঃমূল্য বৃদ্ধিৰ জৰিয়তে সম্ভাৱ্য অৰ্থনৈতিক লাভ আহৰণৰ এই প্ৰৱণতাকেই লাভৰ চিন্তন (Speculation) বুলি কোৱা হয়।
19. পৰিচালিত ভাসমান ব্যৱস্থা সম্পর্কে বর্ণনা কৰা।
উত্তৰঃ পৰিচালিত ভাসমান ব্যৱস্থা হৈছে স্থিৰ বিনিময় হাৰ ব্যৱস্থা আৰু পৰিৱৰ্তনশীল বিনিময় হাৰ ব্যৱস্থাৰ এক সংমিশ্ৰণ। এই পদ্ধতিত বৈদেশিক বিনিময় হাৰ বজাৰৰ শক্তিসমূহ, অৰ্থাৎ চাহিদা আৰু যোগানৰ লগতে কেন্দ্ৰীয় বেংকৰ দ্বাৰা নিৰ্ধাৰিত হয়। কেন্দ্ৰীয় বেংকে বৈদেশিক মুদ্ৰাৰ বজাৰত সময়োপযোগী হস্তক্ষেপ কৰি বিনিময় হাৰৰ ওপৰত প্ৰভাৱ পেলায়। বৈদেশিক বিনিময় জমাৰ ব্যৱস্থাপনাৰ জৰিয়তে এই কাৰ্য সম্পন্ন কৰা হয়। পৰিচালিত ভাসমান ব্যৱস্থাক সাধাৰণতে ‘লেতেৰা ভাসমান’ (Dirty Floating) বুলিও অভিহিত কৰা হয়।
20. মৌদ্রিক সক্রিয় বিনিময় হাৰ (NEER) আৰু প্ৰকৃত সক্রিয় বিনিময় হাৰ (REER) কেনেদৰে গণনা কৰা হয়?
উত্তৰঃ মৌদ্ৰিক সক্ৰিয় বিনিময় হাৰ (Nominal Effective Exchange Rate – NEER) মূল্যৰ কোনো ধৰণৰ পৰিৱৰ্তনৰ প্ৰভাৱ অপসাৰণ নকৰাকৈ এটা মুদ্ৰাৰ আপেক্ষিক গড় শক্তিক হিচাপে গণনা কৰা হয়।
আনহাতে, প্ৰকৃত সক্ৰিয় বিনিময় হাৰ (Real Effective Exchange Rate – REER) প্ৰকৃত বিনিময় হাৰৰ ভাৰযুক্ত গড় হিচাপে গণনা কৰা হয়। ইয়াক সহজে এনেদৰে ব্যাখ্যা কৰিব পাৰি যে, নিৰ্দিষ্ট এক বিদেশী সামগ্ৰীৰ একক ক্ৰয় কৰিবলৈ আৱশ্যক হোৱা ঘৰুৱা সামগ্ৰীৰ পৰিমাণ কিমান। ই বিশ্বৰ বিভিন্ন দেশৰ মূল্যস্তৰৰ মাজত হোৱা পৰিৱৰ্তনসমূহৰ বিষয়ে ব্যাখ্যা আগবঢ়ায়।
21. বৈদেশিক মুদ্রাৰ চাহিদা কিয় বিদ্যমান?
উত্তৰঃ নিম্নোক্ত কাৰণত বৈদেশিক মুদ্রাৰ চাহিদা বিদ্যমানঃ
(a) ঘৰুৱা বাসিন্দাসকলে বিদেশৰ পৰা সামগ্রী ক্ৰয় কৰিবৰ বাবে অৰ্থাৎ আমদানিৰ বাবে।
(b) আন্তঃৰাষ্ট্ৰীয় ঋণ পৰিশোধৰ বাবে।
(c) একপক্ষীয় হস্তান্তৰণৰ বাবে অৰ্থাৎ বিশ্বৰ অৱশিষ্ট প্রান্তক উপহাৰ আৰু অনুদান প্রদান কৰিবৰ বাবে।
(d) বৈদেশিক বিনিয়োগৰ বাবে।
(e) পৰ্যটনৰ বাবে।
22. বৈদেশিক মুদ্রা কিয় যোগান ধৰা হয়?
উত্তৰঃ নিম্নোক্ত কাৰণত বৈদেশিক মুদ্রাৰ যোগান ধৰা হয়ঃ
(a) বিদেশী লোকে ঘৰুৱা সমগ্ৰী ক্ৰয় কৰিবৰ বাবে অর্থাৎ ৰপ্তানিৰ বাবে।
(b) বিদেশৰ পৰা বৈদেশিক প্রত্যক্ষ বিনিয়োগ আৰু দপ্তৰগত বিনিয়োগৰ বাবে।
(c) লাভৰ চিন্তন সম্পৰ্কীয় উদ্দেশ্যৰ বাবে।
(d) পৰ্যটনৰ বাবে আৰু বিদেশৰ পৰা ধন প্ৰেৰণৰ বাবে।
23. বৈদেশিক মুদ্ৰাৰ বজাৰত কেনেদৰে ভাৰসাম্য বিনিময় হাৰ নিৰ্ধাৰণ কৰা হয়?
উত্তৰঃ বজাৰত বৈদেশিক মুদ্ৰাৰ যোগান আৰু চাহিদাৰ দ্বাৰা অৰ্থাৎ বজাৰ বাহিনীৰ দ্বাৰা বৈদেশিক বিনিময় হাৰ নিৰ্ধাৰণ কৰা হয়। ভাৰসাম্য বিনিময় হাৰ এনে এক স্তৰত নির্ধাৰণ কৰা হয় যিটো স্তৰত বৈদেশিক মুদ্রাৰ চাহিদা আৰু বৈদেশিক মুদ্রাৰ যোগান সমান হয়।
চিত্ৰত দেখুৱাৰ দৰে বৈদেশিক মুদ্রাৰ চাহিদা ৰেখা নিম্নমুখী ঢালযুক্ত আৰু বৈদেশিক মুদ্রাৰ যোগান ৰেখা ঊর্ধ্বমুখী ঢালযুক্ত। DD হৈছে চাহিদা ৰেখা আৰু SS হৈছে যোগান ৰেখা। যোগান ৰেখা আৰু চাহিদা ৰেখা উভয়ে E বিন্দুত পাৰস্পৰিকভাৱে ছেদ কৰিছে। OB ত ভাৰসাম্য বিনিময় হাৰ নিৰ্ধাৰণ কৰা হয় আৰু OQত ভাৰসাম্য পৰিমাণ নির্ধাৰণ কৰা হয়।
যদি বিনিময় হাৰ OB লৈ ঊর্ধ্বগামী হয়, তেন্তে বৈদেশিক মুদ্রাৰ চাহিদা OQ₂ লৈ সংকুচিত হ’ব আৰু যোগান OQ লৈ বৃদ্ধি হ’ব। এইটো হৈছে অতিৰিক্ত যোগানৰ পৰিস্থিতি। ফলস্বৰূপে বিনিময় হাৰ নিম্নগামী হ’ব। OB ৰ ভাৰসাম্য স্তৰত উপনীত হোৱালৈ এই পতন অব্যাহত থাকিব।
আকৌ, যদি বিনিময় হাৰ OB লৈ হ্রাস পায়, তেন্তে বৈদেশিক মুদ্রাৰ চাহিদা OQ₁ লৈ বৃদ্ধি হ’ব আৰু যোগান OQ₂ লৈ হ্রাস পাব। এয়া হৈছে অতিৰিক্ত চাহিদাৰ পৰিস্থিতি। ইয়াৰ ফলস্বৰূপে বিনিময় হাৰ বৃদ্ধি পাব। OB ভাৰসাম্য স্তৰত উপনীত হোৱালৈ এই বৃদ্ধি অব্যাহত থাকিব।
এনেদৰে, অতিৰিক্ত যোগানে বিনিময় হাৰ নিম্নগামী কৰে আৰু অতিৰিক্ত চাহিদাই বিনিময় হাৰ ঊর্ধ্বগামী কৰে। গতিকে, OB হৈছে ভাৰসাম্য বিনিময় হাৰ।
24. বিনিময় হাৰৰ ওপৰত চাহিদাৰ পৰিৱৰ্তনৰ প্ৰভাৱ কি হ’ব?
উত্তৰঃ চাহিদাৰ পৰিৱৰ্তনঃ চাহিদাৰ পৰিৱৰ্তনে চাহিদাৰ বৃদ্ধি (সোঁফলীয়া স্থানান্তৰ) বা চাহিদা হ্রাস (বাঁওফলীয়া স্থানান্তৰ) কৰে। চাহিদাৰ পৰিৱৰ্তন সাপেক্ষে ভাৰসাম্য বিনিময় হাৰৰ পৰিৱৰ্তন সাধন হয়। এইয়া চিত্ৰৰ সহায়ত ব্যাখ্যা কৰা হ’ল।
(i) চাহিদাৰ বৃদ্ধি (সোঁফলীয়া স্থানান্তৰ): চাহিদা বৃদ্ধি হ’লে মূল চাহিদা ৰেখা DD সোঁফালে D₁D₂ লৈ-স্থানান্তৰিত হয়। এই স্থানান্তৰে অতিৰিক্ত চাহিদাৰ সৃষ্টি কৰে। অতিৰিক্ত চাহিদাই বিনিময় হাৰ OBৰ পৰা OB₁ লৈ বৃদ্ধি কৰে। বিনিময় হাৰৰ বৃদ্ধিয়ে ঘৰুৱা মুদ্রাৰ বহিঃমূল্য হ্রাস কৰে।
(ii) চাহিদাৰ হ্ৰাস (বাঁওফলীয়া স্থানান্তৰ): চাহিদা হ্রাস পালে মূল চাহিদা ৰেখা DD বাঁওফালে D₂D₂ লৈ স্থানান্তৰিত হয়। এই স্থানান্তৰে অতিৰিক্ত যোগানৰ সৃষ্টি কৰে। অতিৰিক্ত যোগানে বিনিময় হাৰ OBৰ পৰা OB₂ লৈ অৱনমিত কৰে। বিনিময় হাৰ হ্রাস পোৱাৰ ফলত ঘৰুৱা মুদ্রাৰ বহিঃমূল্য বৃদ্ধি পায়।
25. যোগানৰ পৰিৱৰ্তনৰ ফলত বিনিময় হাৰৰ ওপৰত কি প্ৰভাৱ পৰিব?
উত্তৰঃ যোগানৰ পৰিৱৰ্তনঃ যোগানৰ পৰিৱৰ্তনে যোগানৰ বৃদ্ধি (সোঁফলীয়া স্থানান্তৰ) বা
যোগানৰ হ্রাস (বাঁওফলীয়া স্থানান্তৰ) কৰে। যোগানৰ পৰিৱৰ্তন সাপেক্ষে ভাৰসাম্য বিনিময় হাৰৰ পৰিৱৰ্তন সাধন হয়। এইটো চিত্ৰৰ সহায়ত ব্যাখ্যা কৰা হ’ল।
(i) যোগানৰ বৃদ্ধি (সোঁফলীয়া স্থানান্তৰ): যোগানৰ বৃদ্ধিৰ ফলত মূল যোগান ৰেখা SS সোঁফালে S₁S₁ লৈ স্থানান্তৰিত হয়। এই স্থানান্তৰে অতিৰিক্ত যোগানৰ সৃষ্টি কৰে। অতিৰিক্ত যোগান বিনিময় হাৰ OB ৰ পৰা OB₂ লৈ হ্রাস কৰে। বিনিময় হাৰ হ্রাস পোৱাৰ ফলত ঘৰুৱা মুদ্রাৰ বহিঃমূল্য বৃদ্ধি পায়।
(ii) যোগানৰ হ্ৰাস (বাঁওফলীয়া স্থানান্তৰ): যোগান হ্রাস পালে মূল যোগান ৰেখা SS বাঁওফালে S₂S₂ লৈ স্থানান্তৰিত হয়। এই স্থানান্তৰে অতিৰিক্ত চাহিদাৰ সৃষ্টি কৰে। অতিৰিক্ত চাহিদাই বিনিময় হাৰ OB ৰ পৰা OB₁ লৈ বৃদ্ধি কৰে। বিনিময় হাৰ বৃদ্ধি পোৱাৰ ফলত ঘৰুৱা মুদ্রাৰ বহিঃমূল্য হ্রাস পায়।
26. স্বর্ণবিনিময় মানৰ ওপতৰ এটা চমুটোকা লিখা।
উত্তৰঃ স্বৰ্ণ-বিনিময় মান (Gold Exchange Standard) প্ৰায় ১৮৭০ চনৰ পৰা ১৯১৪ চনলৈকে প্ৰচলিত আছিল। এই ব্যৱস্থাত সকলো মুদ্ৰাৰ মূল্য সোণৰ ভিত্তিত নিৰ্ধাৰণ কৰা হৈছিল। অংশগ্ৰহণকাৰী প্ৰতিখন দেশ এই ক্ষেত্ৰত দায়বদ্ধ আছিল যে তেওঁলোকে নিজৰ মুদ্ৰাক এক নিৰ্দিষ্ট আৰু স্থিৰ মূল্যত সোণলৈ মুক্তভাৱে পৰিৱৰ্তন কৰাৰ নিশ্চয়তা প্ৰদান কৰিব। ইয়াৰ অৰ্থ আছিল যে ঘৰুৱা মুদ্ৰা এটা নিৰ্দিষ্ট সম্পদ, সোণলৈ পৰিৱৰ্তনযোগ্য আছিল। এই ব্যৱস্থা আন্তঃৰাষ্ট্ৰীয় পৰিশোধৰ ক্ষেত্ৰত গ্ৰহণযোগ্য আছিল। উদাহৰণস্বৰূপে, যদি ১ পাউণ্ডৰ মূল্য ১ গ্ৰাম সোণ আৰু ১ ডলাৰৰ মূল্য ২ গ্ৰাম সোণৰ সমান হয়, তেন্তে ডলাৰৰ মূল্য পাউণ্ডৰ মূল্যৰ দুগুণ হ’ব। অৰ্থনৈতিক প্ৰতিনিধিসকলে প্ৰথমে সোণ ক্ৰয় আৰু পিছত বিক্ৰী নকৰাকৈও ১ ডলাৰক পোনে পোনে ২ পাউণ্ডলৈ পৰিৱৰ্তন কৰিব পাৰিছিল। চৰকাৰী সমতা নিয়ন্ত্ৰণ কৰিবলৈ প্ৰতিখন দেশে যথেষ্ট পৰিমাণৰ সোণ মজুত কৰি ৰখাৰ প্ৰয়োজন আছিল। স্বৰ্ণ-বিনিময় মান অনুসৰণ কৰা সকলো দেশতে সুস্থিৰ বিনিময় হাৰৰ প্ৰচলন আছিল।
27. ব্রিটোন উডছ পদ্ধতিৰ ওপৰত এটা চমুটোকা লিখা।
উত্তৰঃ ১৯৪৪ চনত অনুষ্ঠিত ব্ৰেটন উডছ অধিৱেশন (Bretton Woods Conference) আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি (IMF) আৰু বিশ্ব বেংক প্ৰতিষ্ঠা কৰিছিল, লগতে এক স্থিৰ বিনিময় হাৰৰ ব্যৱস্থা গঢ়ি তুলিছিল। এই পদ্ধতি আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ-বিনিময় মানতকৈ পৃথক আছিল। এই ব্যৱস্থাৰ কেন্দ্ৰবিন্দু আছিল আমেৰিকান ডলাৰ।
ইয়াত এক দ্বি-স্তৰীয় পৰিৱৰ্তনশীলতাৰ পদ্ধতি প্ৰৱৰ্তন কৰা হৈছিল। আমেৰিকা যুক্তৰাষ্ট্ৰই প্ৰতি আউন্স সোণৰ বিপৰীতে ৩৫ ডলাৰ মূল্য নিৰ্ধাৰণ কৰি ডলাৰক সোণলৈ পৰিৱৰ্তন কৰাৰ নিশ্চয়তা প্ৰদান কৰিছিল। এই পদ্ধতিটোৰ দ্বিতীয় স্তৰটো আছিল যে, এই ব্যৱস্থাত অংশগ্ৰহণ কৰা IMF-ৰ প্ৰতিখন সদস্য ৰাষ্ট্ৰৰ মুদ্ৰা কৰ্তৃপক্ষই নিজৰ মুদ্ৰাক এক স্থিৰ মূল্যত ডলাৰলৈ পৰিৱৰ্তন কৰাৰ বাবে দায়বদ্ধ আছিল। ইয়াক চৰকাৰী বিনিময় হাৰ (Official Exchange Rate) বুলি কোৱা হৈছিল। উদাহৰণস্বৰূপে, যদি প্ৰতি ডলাৰৰ বিপৰীতে ৫ পাউণ্ডত পাউণ্ডক ডলাৰলৈ পৰিৱৰ্তন কৰিব পৰা যায়, আৰু প্ৰতি আউন্স সোণৰ বিপৰীতে ৩৫ ডলাৰত ডলাৰক বিনিময় কৰিব পৰা যায়, তেন্তে ই প্ৰতি আউন্স সোণৰ বিপৰীতে ১৭৫ পাউণ্ড মূল্য স্থিৰ কৰিছিল।
বিভিন্ন কাৰণত ব্ৰেটন উডছ পদ্ধতিটো অকাৰ্যকৰী হৈছিল। ইয়াৰ কেইটামান প্ৰধান কাৰণ আছিল ১৯৬৭ চনত পাউণ্ডৰ অৱমূল্যায়ন আৰু ১৯৬৮ চনত ডলাৰৰ পৰা সোণলৈ মূলধনৰ প্ৰৱাহ (flight)। ফলস্বৰূপে দু-স্তৰীয় সোণৰ বজাৰৰ সৃষ্টি হৈছিল আৰু শেষত ১৯৭১ চনৰ আগষ্ট মাহত ব্ৰিটেইনে আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা ডলাৰ ভাণ্ডাৰৰ বিপৰীতে সোণৰ মূল্যৰ নিশ্চয়তা দাবী কৰিছিল। এই পৰিঘটনাৰ প্ৰতিক্ৰিয়াস্বৰূপে আমেৰিকা যুক্তৰাষ্ট্ৰই ডলাৰ আৰু সোণৰ মাজৰ সংযোগ আনুষ্ঠানিকভাৱে ত্যাগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।
দ্বাদশ শ্ৰেণী অর্থনীতি অধ্যায় ১১ – সঘনাই সোধা প্ৰশ্ন
Get Free NCERT PDFs
If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group:



