Class 12 Economics Chapter 12 – বৈদেশিক লেন-দেনৰ বিবৃতি – All Question Solutions | AHSEC (ASSEB) Assamese Medium
দ্বাদশ শ্ৰেণী অৰ্থনীতি – বৈদেশিক লেন-দেনৰ বিবৃতি (চেপ্টাৰ ১২)ৰ সম্পূৰ্ণ সমাধান – AHSEC (ASSEB) – Assamese Medium
এই অধ্যায়ত বৈদেশিক লেন-দেনৰ বিবৃতিৰ অৰ্থ, ধাৰণা, আৰু ইয়াৰ বৈদেশিক বাণিজ্যত গুৰুত্বসম্পন্ন ভূমিকা আলোচনা কৰা হৈছে। বেলেগ দেশৰ মাজত হোৱা পণ্য, সেৱা, আৰু মূলধনৰ লেন-দেনৰ পঞ্জীয়ন কেনেকৈ কৰা হয়, আৰু ৰাজহুৱা খাত আৰু ব্যক্তিগত খাতৰ দ্বাৰা ইয়াৰ ব্যৱস্থাপনা কেনেকুৱা হয়, সেয়া সহজ ভাষাত ব্যাখ্যা কৰা হৈছে। AHSEC (ASSEB) দ্বাদশ শ্ৰেণীৰ পাঠ্যক্ৰমৰ অন্তৰ্গত এই অধ্যায়টিৰ সম্পূৰ্ণ অনুশীলনী আৰু প্ৰশ্নোত্তৰসহ ভালদৰে সাজি তোলা হৈছে। Chapter QR Code: E12M12
✅ কি শিকিব:
- বৈদেশিক লেন-দেনৰ বিবৃতিৰ সংজ্ঞা আৰু উদ্দেশ্য
- বৈদেশিক বাণিজ্য আৰু মূলধনৰ লেন-দেনৰ সুষমতা
- বৈদেশিক লেন-দেনৰ বিবৃতিত অন্তৰ্ভুক্ত খণ্ডসমূহ
- ৰাষ্ট্ৰীয় অৰ্থব্যৱস্থাত ইয়াৰ প্ৰভাৱ আৰু প্ৰয়োগ
- অনুশীলনী প্ৰশ্নোত্তৰ আৰু বিস্তৃত সমাধান
🎯 অস্পীন একাডেমীৰ সুবিধা:
- AHSEC (ASSEB) দ্বাদশ শ্ৰেণীৰ পাঠ্যক্ৰম অনুযায়ী পৌৰ্ণ সমাধান
- সহজ ভাষাত স্পষ্ট ব্যাখ্যা
- প্ৰশ্নোত্তৰ আৰু মডেল প্ৰশ্নৰ সৈতে পৰিপূৰ্ণ প্ৰস্তুতি
- অসমীয়া মাধ্যমৰ বাবে সম্মিলিত সহায়
- বৈদেশিক বাণিজ্যৰ বৈশিষ্ট্য আৰু জটিলতা বুজাবলৈ সহায়
Class 12 Economics (সমষ্টিবাদী অর্থবিজ্ঞান পৰিচয়) AHSEC | Assamese Medium Chapter-wise Solutions PDF
Special Offer!
Get thorough preparation for Class 12 Economics (Introductory Macroeconomics) Assamese Medium with the latest AHSEC syllabus chapter-wise solutions PDF.
Includes detailed textual answers, definitions, solved problems, and explanations in Assamese.
Ideal for self-study and exam revision.
অধ্যায়-12
বৈদেশিক লেন-দেনৰ বিবৃতি
(Balance of Payments)
1. বৈদেশিক লেন-দেনৰ বিবৃতি বা বহিঃবাণিজ্যৰ লেন-দেনৰ হিচাপ কি?
উত্তৰঃ বৈদেশিক লেন-দেনৰ বিবৃতি হৈছে এখন দেশৰ নিবাসীসকল আৰু পৃথিৱীৰ অন্যান্য দেশৰ নিবাসীসকলৰ মাজত এটা বিত্তীয় বৰ্ষত সম্পন্ন হোৱা সকলো অৰ্থনৈতিক কাৰ্যকলাপৰ এক পদ্ধতিগত তথ্য সংৰক্ষণৰ প্ৰণালী।
2. অর্থনৈতিক লেন-দেন কি?
উত্তৰঃ অৰ্থনৈতিক লেন-দেন বুলিলে সেইসমূহ কাৰ্যকলাপকে বুজোৱা হয় য’ত সামগ্ৰী, সেৱা, ধনৰাশি, বা সম্পত্তিৰ মালিকীস্বত্বৰ সালসলনি জড়িত হৈ থাকে।
3. এখন দেশৰ নিবাসী বা বাসিন্দাসকল কোন হয়?
উত্তৰঃ এখন দেশৰ নিবাসী বা বাসিন্দাসকলৰ ভিতৰত সেই দেশখনৰ সাধাৰণ ব্যক্তিসমূহ, ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ আৰু চৰকাৰী প্ৰতিনিধিসকল অন্তৰ্ভুক্ত হয়।
4. দৃশ্যমান দ্রব্য বা সামগ্রীসমূহ কি?
উত্তৰঃ সকলো ধৰণৰ ভৌতিক বা স্পৰ্শ কৰিব পৰা আমদানি আৰু ৰপ্তানি কৰা বস্তুকে দৃশ্যমান সামগ্ৰী বুলি কোৱা হয়।
5. অদৃশ্যমান সামগ্রীসমূহ কি?
উত্তৰঃ আমদানি আৰু ৰপ্তানি কৰা সকলো প্ৰকাৰৰ সেৱা হৈছে অদৃশ্যমান সামগ্ৰী। ইয়াৰ ভিতৰত বীমা সেৱা, বেংকিং সেৱা, জলপৰিবহন সেৱা আদিৰ দৰে কাৰ্যসমূহ অন্তৰ্ভুক্ত হৈ থাকে।
6. প্রতিদানবিহীন স্থানান্তৰকৰণ (Unilateral transfer) কি?
উত্তৰঃ উপহাৰ, অনুদান, বা বৰঙণি আদিৰ দৰে একপক্ষীয়ভাৱে সম্পন্ন হোৱা হস্তান্তৰসমূহেই হৈছে প্ৰতিদানবিহীন স্থানান্তৰকৰণ।
7. মূলধনী স্থানান্তৰকৰণ (Capital transfer) কি?
উত্তৰঃ মূলধনী স্থানান্তৰকৰণসমূহ হৈছে ঋণৰ জৰিয়তে বা সম্পত্তি বিক্ৰীৰ ফলত হোৱা মূলধনৰ আগমন আৰু সম্পত্তি ক্ৰয় বা ধাৰ পৰিশোধৰ ফলত হোৱা মূলধনৰ বহিৰ্গমন।
8. বহিঃবাণিজ্যৰ হিচাপ-নিকাচ কি?
উত্তৰঃ বহিঃবাণিজ্যৰ হিচাপ-নিকাচ হৈছে দৃশ্যমান সামগ্ৰীসমূহৰ (বস্তুৰ) আমদানিৰ মুঠ মূল্য আৰু ৰপ্তানিৰ মুঠ মূল্যৰ মাজত থকা পাৰ্থক্য।
9. বহিঃবাণিজ্য বা বৈদেশিক বাণিজ্য বিবৃতিৰ প্রধান লেন-দেনৰ হিচাপ দুটা কি কি?
উত্তৰঃ বহিঃবাণিজ্য বা বৈদেশিক বাণিজ্য বিবৃতিৰ প্ৰধান লেন-দেনৰ হিচাপ দুটা হল:
(i) চলিত হিচাপ (Current account)
(ii) মূলধনী হিচাপ (Capital account)
10. চলিত হিচাপ বহীয়ে কি তথ্য লিপিবদ্ধ কৰে?
উত্তৰঃ চলিত হিচাপ বহীয়ে পণ্য আৰু সেৱাসমূহৰ আমদানি-ৰপ্তানিৰ তথ্যৰ লগতে সকলোবোৰ একপক্ষীয় স্থানান্তৰযোগ্য পৰিশোধৰ তথ্যও লিপিবদ্ধ কৰে।
11. বাণিজ্যিক ৰাহি (Trade surplus) আৰু বাণিজ্যিক ঘাটি (Trade deficit) কি?
উত্তৰঃ যেতিয়া এখন দেশৰ মুঠ ৰপ্তানিৰ মূল্য মুঠ আমদানিৰ মূল্যতকৈ অধিক হয়, তেতিয়া তাক বাণিজ্যিক ৰাহি বুলি কোৱা হয়। ইয়াৰ বিপৰীতে, যেতিয়া আমদানিৰ পৰিমাণ ৰপ্তানিতকৈ অধিক হয়, তেতিয়া তাক বাণিজ্যিক ঘাটি হোৱা বুলি কোৱা হয়।
12. সেৱাসমূহৰ ক্ষেত্ৰত বাণিজ্যই কি সূচায়?
উত্তৰঃ সেৱাসমূহৰ ক্ষেত্ৰত বাণিজ্যই অদৃশ্যমান বাণিজ্যক বুজায়, যিয়ে উপাদান আয় আৰু শুদ্ধ অনা-উপাদান আয়— উভয়কে সামৰি লয়।
13. উপাদান আয়ে কিহক অন্তর্ভুক্ত কৰি লয়?
উত্তৰঃ উপাদান আয়ে কৰ্মচাৰীৰ পাৰিশ্ৰমিকৰ পৰা অহা নিগুট প্ৰাপ্তি আৰু নিগুট বিনিয়োগ আয়ক অন্তৰ্ভুক্ত কৰে। এই দুটাৰ সমতা ৰাখিবলৈ, বিদেশত থকা আমাৰ সম্পত্তিৰ পৰা অৰ্জন কৰা সুদ, লাভাংশ, আৰু মুনাফাৰ পৰা ভাৰতত থকা বিদেশীসকলৰ সম্পত্তিৰ পৰা তেওঁলোকে পোৱা আয় বিয়োগ কৰা হয়।
14. নিগুট অনা-উপাদান আয় কি?
উত্তৰঃ নিগুট অনা-উপাদান আয় হৈছে জল পৰিবহন, বেংকিং, বীমা, পৰ্যটন, চফ্টৱেৰ সেৱা আদিৰ দৰে বিভিন্ন সেৱাৰ পৰা হোৱা প্ৰাপ্তিসমূহ।
15. হস্তান্তৰযোগ্য প্রদান (Transfer payments) কি?
উত্তৰঃ হস্তান্তৰযোগ্য প্ৰদানসমূহ হৈছে এনেকুৱা প্ৰাপ্তি যিবোৰৰ বাবে এখন দেশৰ বাসিন্দাই ভৱিষ্যতে বা বৰ্তমানত কোনো প্ৰতিদান দিব নালাগে; এই প্ৰাপ্তিসমূহ সম্পূৰ্ণৰূপে বিনাপৰিশোধে লাভ কৰা হয়। এইসমূহ উপহাৰ, অনুদান আৰু প্ৰেৰণ কৰা ধনৰাশিৰ সমষ্টি, যিবোৰ চৰকাৰী বা ব্যক্তিগত— যিকোনো হ’ব পাৰে।
16. মূলধনী হিচাপ-নিকাচত কি লিপিবদ্ধ কৰা হয়?
উত্তৰঃ মূলধনী হিচাপ-নিকাচত নগদ ধন, বিত্তীয় সঞ্চিতি, ঋণপত্ৰ, শ্বেয়াৰ আদিৰ দৰে সম্পত্তিৰ সকলো আন্তঃৰাষ্ট্ৰীয় বিক্ৰী আৰু ক্ৰয়ৰ তথ্য লিপিবদ্ধ কৰা হয়।
17. বহিঃবাণিজ্যৰ লেন-দেনৰ হিচাপত ঋণাত্মক লেন-দেন (Debit) আৰু যোগাত্মক লেন-দেন (Credit) হিচাপে কিহক লিপিবদ্ধ কৰা হয়?
উত্তৰঃ বিদেশী পক্ষক পৰিশোধ কৰাৰ ফলত হোৱা যিকোনো লেন-দেনক ঋণাত্মক লেন-দেন (Debit) হিচাপে লিপিবদ্ধ কৰা হয় আৰু ই এক বিয়োগাত্মক সংকেতক সূচায়।
আনহাতে, বিদেশীসকলৰ পৰা ধন পোৱাৰ ফলত হোৱা যিকোনো লেন-দেনক যোগাত্মক লেন-দেন (Credit) হিচাপে লিপিবদ্ধ কৰা হয় আৰু ই এক যোগাত্মক সংকেতক সূচায়।
অৰ্থাৎ, দেশৰ পৰা সম্পদৰাজিৰ বহিৰ্গমন ঘটা লেন-দেন হৈছে ঋণাত্মক লেন-দেন (Debit) আৰু বিদেশৰ পৰা দেশৰ ভিতৰলৈ সম্পদৰ প্ৰবাহ সৃষ্টি কৰা লেন-দেন হৈছে যোগাত্মক লেন-দেন (Credit)।
18. মুক্ত অর্থনীতি কি?
উত্তৰঃ মুক্ত অৰ্থনীতি বা মুক্ত বিত্তীয় ব্যৱস্থা হল এনে এক বিত্তীয় ব্যৱস্থা, য’ত বিশ্বৰ আন দেশসমূহৰ লগত সামগ্ৰী, সেৱা, আৰু বিত্তীয় সম্পত্তিৰ লেন-দেনৰ অনুমতি থাকে।
19. চৰকাৰী লেন-দেন (Official transaction) কি?
উত্তৰঃ চৰকাৰী লেন-দেনে চৰকাৰৰ দ্বাৰা বহিঃবিশ্বৰ সৈতে কৰা সকলো বিত্তীয় লেন-দেনক অন্তৰ্ভুক্ত কৰি লয়।
20. চলিত হিচাপৰ ঘাটি বিপদ সংকেতৰ কাৰণ হ’ব পাৰেনে?
উত্তৰঃ তলত দিয়া কেইটামান প্ৰতিকূল প্ৰভাৱৰ বাবে চলিত হিচাপৰ ঘাটিয়ে বিপদ সংকেতৰ সৃষ্টি কৰিব পাৰে:
(i) ই অৰ্থনৈতিক বিকাশৰ বাবে ক্ষতিকাৰক।
(ii) ইয়াৰ ফলত মুদ্ৰাস্ফীতি আৰু ঋণৰ বোজা মূল সমস্যা হৈ পৰে।
(iii) ই বিদেশী ৰাষ্ট্ৰৰ ওপৰত নিৰ্ভৰশীলতা বৃদ্ধি কৰাৰ ফলত ঋণৰ ফান্দৰ সৃষ্টি কৰে।
21. বহিঃবাণিজ্যৰ লেন-দেনৰ হিচাপৰ স্বয়ংচালিত বা স্বতন্ত্র সামগ্রীসমূহৰ সংজ্ঞা লিখা।
উত্তৰঃ স্বয়মচালিত সামগ্ৰীসমূহ হৈছে লাভ অৰ্জনৰ উদ্দেশ্যৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সম্পন্ন কৰা অৰ্থনৈতিক লেন-দেনসমূহ। এইসমূহ দেশৰ বৈদেশিক লেন-দেনৰ বা আন্তঃৰাষ্ট্ৰীয় লেন-দেনৰ বিবৃতিৰ ভাৰসাম্যতাৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত নহয়।
22. বহিঃবাণিজ্যৰ লেন-দেনৰ হিচাপৰ সমতাকাৰক সামগ্ৰীসমূহৰ সংজ্ঞা লিখা।
উত্তৰঃ সমতাকাৰক সামগ্ৰী বুলি ক’লে সেইবোৰ লেন-দেনক বুজোৱা হয় যিবোৰ কোনো লাভৰ উদ্দেশ্যৰে সম্পন্ন কৰা নহয়। এইসমূহ বৈদেশিক লেন-দেনৰ হিচাপত ভাৰসাম্যতা বজাই ৰাখিবলৈহে কৰা হয়।
23. বর্গীকৃত কৰা হোৱা আর্থিক লেন-দেনসমূহ কি কি?
উত্তৰঃ বিত্তীয় লেন-দেন বুলিলে সেইসমূহ কাৰ্যকলাপকে সূচায় য’ত পণ্য বা সামগ্ৰী, সেৱা, মুদ্ৰা আৰু সম্পত্তিৰ মালিকীস্বত্ব বা স্বত্বাধিকাৰৰ পৰিৱৰ্তন জড়িত হৈ থাকে। এইবোৰক নিম্নলিখিত ধৰণে শ্ৰেণীবদ্ধ কৰা হয়:
(i) দৃশ্যমান সামগ্ৰী: এই শ্ৰেণীটোৰ ভিতৰত সকলো প্ৰকাৰৰ ভৌতিক পণ্য অন্তৰ্ভুক্ত হয়, যিবোৰ চকুৰে চাব বা হাতেৰে স্পৰ্শ কৰিব পৰা যায়।
(ii) অদৃশ্যমান সামগ্ৰী: এই শ্ৰেণীটোত সকলো ধৰণৰ সেৱা অন্তৰ্ভুক্ত হয়, যিবোৰ চকুৰে চাব বা হাতেৰে স্পৰ্শ কৰিব পৰা নাযায়।
(iii) প্ৰতিদানবিহীন স্থানান্তৰকৰণ: ইয়াত উপহাৰ আৰু অনুদানৰ দৰে একপক্ষীয় হস্তান্তৰসমূহক সামৰি লোৱা হয়।
(iv) মূলধনী স্থানান্তৰকৰণ: মূলধনী স্থানান্তৰকৰণে মূলধন প্ৰাপ্তি আৰু মূলধন পৰিশোধক নিৰ্দেশ কৰে। ই সুদ, ভাৰা, লাভ আদিৰ আকাৰত বৃদ্ধি হোৱা উপাদান আয়ৰ বৃদ্ধিকো সামৰি লয়।
24. চলিত হিচাপ-নিকাচৰ গঠন কেনে ধৰণৰ হয়?
উত্তৰঃ চলিত হিচাপ-নিকাচৰ গাঁথনি তলত উল্লেখ কৰা ধৰণৰ হয়:
(i) সকলোবোৰ সামগ্ৰী (দৃশ্যমান পণ্য) আৰু সেৱাৰ (অদৃশ্যমান সামগ্ৰী) ৰপ্তানিৰ তথ্য ইয়াত ধনাত্মক উপাদান হিচাপে গণ্য কৰি যোগাত্মক পক্ষত (Credit) লিপিবদ্ধ কৰা হয়।
(ii) সকলোবোৰ সামগ্ৰী (দৃশ্যমান পণ্য) আৰু সেৱাৰ (অদৃশ্যমান সামগ্ৰী) আমদানিৰ তথ্য ইয়াত বিয়োগাত্মক উপাদান হিচাপে গণ্য কৰি ঋণাত্মক পক্ষত (Debit) লিপিবদ্ধ কৰা হয়।
(iii) প্ৰতিদানবিহীন স্থানান্তৰ বা হস্তান্তৰণসমূহৰ প্ৰাপ্তিসমূহ ধনাত্মক সামগ্ৰী হিচাপে ধৰা হয় আৰু সেয়েহে এইবোৰক যোগাত্মক পক্ষত (Credit) অন্তৰ্ভুক্ত কৰা হয়।
(iv) প্ৰতিদানবিহীন স্থানান্তৰকৰণসমূহৰ বাবে কৰা পৰিশোধক বিয়োগাত্মক সামগ্ৰী হিচাপে ধৰি এইবোৰক ঋণাত্মক পক্ষত (Debit) লিপিবদ্ধ কৰা হয়।
25. মূলধনী হিচাপ-নিকাচৰ উপাংশ বা উপাদানসমূহ কি কি?
উত্তৰঃ মূলধনী হিচাপ-নিকাচত এখন দেশ আৰু বহিঃবিশ্বৰ মাজত ঋণ আৰু বিনিয়োগৰ জৰিয়তে সম্পন্ন হোৱা লেন-দেনৰ তথ্য লিপিবদ্ধ কৰা হয়। ই দেশখনৰ নিবাসী আৰু চৰকাৰৰ সম্পত্তি আৰু দায়বদ্ধতাৰ স্থিতিত পৰিৱৰ্তন ঘটায়।
মূলধনী হিচাপ-নিকাচৰ উপাদানসমূহ হৈছে:
(i) বৈদেশিক বিনিয়োগ: ইয়াত দেশৰ বাসিন্দাসকলে বিদেশত কৰা অথবা বহিঃবিশ্বই নিজৰ দেশত (আমাৰ দেশখনত) কৰা প্ৰত্যক্ষ বৈদেশিক বিনিয়োগ আৰু বিদেশী প্ৰতিষ্ঠানগত বিনিয়োগ বা শ্বেয়াৰৰ বিনিয়োগ অন্তৰ্ভুক্ত কৰা হয়।
(ii) ধাৰ বা ঋণ: বিদেশৰ পৰা চৰকাৰী বা ব্যক্তিগত খণ্ডৰ দ্বাৰা গ্ৰহণ কৰা সকলো বাণিজ্যিক ধাৰ বা ঋণৰ লগতে এখন দেশলৈ বা এখন দেশৰ পৰা স্থানান্তৰ হোৱা বহিঃসাহায্য।
(iii) চৰকাৰী আন্তঃৰাষ্ট্ৰীয় জমা ভঁৰাল: কেন্দ্ৰীয় বেংকৰ ওচৰত থকা সোণ আৰু বিদেশী বিনিময়যোগ্য মুদ্ৰাৰ জমা ভঁৰালত হোৱা সাল-সলনিক ইয়াত অন্তৰ্ভুক্ত কৰা হয়।
26. মূলধনী হিচাপ-নিকাচৰ গঠন কেনেকুৱা?
উত্তৰঃ মূলধনী হিচাপ-নিকাচৰ গঠন তলত দিয়া ধৰণৰ হয়:
(i) বৈদেশিক মুদ্ৰাৰ আগমন ঘটোৱা সকলো মূলধনভিত্তিক লেন-দেনক ইয়াত ধনাত্মক সামগ্রী হিচাপে গণ্য কৰা হয় আৰু ইয়াক যোগাত্মক অংশত (Credit) লিপিবদ্ধ কৰা হয়।
(ii) বৈদেশিক মুদ্ৰাৰ বহিৰ্গমন ঘটোৱা সকলো মূলধনভিত্তিক লেন-দেনক ইয়াত বিয়োগাত্মক সামগ্রী হিচাপে গণ্য কৰি ইয়াক ঋণাত্মক অংশত (Debit) লিপিবদ্ধ কৰা হয়।
27. বহিঃবাণিজ্যৰ বা আন্তর্জাতিক লেন-দেনৰ চলিত হিচাপ-নিকাচৰ উপাংশ বা উপাদানসমূহ কি কি?
উত্তৰঃ বহিঃবাণিজ্যৰ চলিত হিচাপ-নিকাচৰ উপাদানসমূহ হল:
(i) দৃশ্যমান সামগ্ৰীসমূহৰ আমদানি আৰু ৰপ্তানি: চলিত হিচাপ-নিকাচত ঘেঁহু, বহুমূলীয়া ৰত্ন, যন্ত্ৰ-পাতি, মচলা আদিৰ দৰে সকলোবোৰ পণ্য সামগ্ৰী অন্তৰ্ভুক্ত কৰা হয়।
(ii) অদৃশ্যমান সামগ্ৰীসমূহৰ ৰপ্তানি আৰু আমদানি: চলিত হিচাপ-নিকাচত জল পৰিবহন, বীমা, বিপিঅ’ আদিৰ দৰে সকলো সেৱাক অন্তৰ্ভুক্ত কৰা হয়।
(iii) প্ৰতিদানবিহীন স্থানান্তৰকৰণসমূহ: চলিত হিচাপ-নিকাচত এখন দেশৰ নিবাসী আৰু অনা-নিবাসীসকলৰ মাজত হোৱা সকলোবোৰ লেন-দেন অন্তৰ্ভুক্ত কৰা হয়। ইয়াত উপহাৰ, অনুদান, বৰঙণি আদিক সামৰি লোৱা হয়।
(iv) বিদেশৰ পৰা প্ৰাপ্ত তথা বিদেশক পৰিশোধ কৰা আয়ৰ প্ৰাপ্তি আৰু দেনা পৰিশোধসমূহ, যাৰ ভিতৰত সুদ, ভাৰা, মুনাফা আদিৰ মাধ্যমেৰে অহা উপাদান আয়ো অন্তৰ্ভুক্ত।
28. বহিঃবাণিজ্যৰ চলিত হিচাপ-নিকাচ আৰু মূলধনী হিচাপ-নিকাচৰ মাজত পাৰ্থক্য দর্শোৱা।
উত্তৰঃ বহিঃবাণিজ্যৰ চলিত হিচাপ-নিকাচ আৰু মূলধনী হিচাপ-নিকাচৰ মাজৰ পাৰ্থক্যসমূহ হৈছেঃ
|
ক্রমিক নং |
চলিত হিচাপ-নিকাচ |
মূলধনী হিচাপ-নিকাচ |
|---|---|---|
|
(i) |
চলিত হিচাপ-নিকাচৰ লেন-দেনসমূহ দেশৰ আয়ৰ চলিত স্তৰৰ সৈতে জড়িত হয়। |
মূলধন হিচাপ-নিকাচৰ লেন-দেনসমূহ দেশখনৰ পৰিসম্পদ আৰু আর্থিক দায়বদ্ধতাৰ সৈতে সম্পর্কযুক্ত হয়। |
|
(ii) |
ই হৈছে এক প্রবাহমূলক ধাৰণা। |
ই হৈছে এক মজুতমূলক ধাৰণা। |
|
(iii) |
চলিত হিচাপ-নিকাচ = দৃশ্যমান সামগ্রী + অদৃশ্যমান সামগ্রী + প্রতিদানবিহীন স্থানান্তৰকৰণ + আয় প্রাপ্তি আৰু পৰিশোধসমূহ। |
মূলধনী হিচাপ-নিকাচ = ধাৰ + ঋণ + বিদেশৰ পৰা অহা বিনিয়োগ তথা বিদেশত কৰা বিনিয়োগ + বৈদেশিক বিনিময়যোগ্য মুদ্রা ভাণ্ডাৰত হোৱা পৰিৱৰ্তন। |
29. বহিঃবাণিজ্য বা আন্তর্জাতিক লেন-দেনৰ বিবৃতিৰ স্বতন্ত্র লেন-দেনসমূহ কি?
উত্তৰঃ মুনাফা অৰ্জনৰ বাবে কৰা আন্তর্জাতিক আর্থিক লেন-দেনসমূহক স্বতন্ত্র লেন-দেন বুলি কোৱা হয়। এইবোৰৰ আন্তর্জাতিক লেন-দেনৰ হিচাপ-নিকাচৰ সৈতে সম্পর্ক নাথাকে, দেশৰ এই লেন-দেনসমূহ স্বতন্ত্রভাৱে সম্পন্ন কৰা হয়। এইবোৰ মুনাফা অৰ্জনৰ লক্ষ্যৰে কৰা হয়। বহিঃবাণিজ্যৰ লেন-দেনৰ হিচাপত যদি স্বতন্ত্র দেনাৰ তুলনাত স্বতন্ত্র পাওনাৰ পৰিমাণ বেছি হয় তেন্তে ইয়াক বৈদেশিক লেন-দেনৰ বিবৃতিৰ ৰাহি বুলি কোৱা হয়। আনহাতে, স্বতন্ত্র দেনাৰ তুলনাত স্বতন্ত্র পাওনা বা প্রাপ্তিৰ পৰিমাণ কম হ’লে ইয়াক বৈদেশিক লেন-দেনৰ বিবৃতিৰ ঘাটি বুলি কোৱা হয়। এইবোৰ লেন-দেনক ৰেখাৰ ওপৰৰ লেন-দেন বুলি কোৱা হয়।
প্রধান স্বতন্ত্র লেন-দেনসমূহ হৈছেঃ
(i) দ্রব্যসমূহৰ ৰপ্তানি আৰু আমদানি।
(ii) সেৱাসমূহৰ ৰপ্তানি আৰু আমদানি।
(iii) প্রতিদানবিহীন স্থানান্তৰকৰণসমূহ।
(iv) মূলধনজাত স্থানান্তৰকৰণসমূহ।
এই লেন-দেনসমূহক ইয়াৰ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰি কেৱল চলিত হিচাপ-নিকাচ বা মূলধনী হিচাপ-নিকাচত লিপিবদ্ধ কৰিব পাৰি।
30. সমতাকাৰক বা ব্যৱস্থাপক লেন-দেনসমূহ (Accommodating transactions) কি?
উত্তৰঃ সমতাকাৰক বা ব্যৱস্থাপক লেন-দেনসমূহক স্বতন্ত্র লেন-দেনসমূহৰ প্ৰকৃত ফলাফল সমূহৰ দ্বাৰা নিৰ্ধাৰণ কৰা হয়। অর্থাৎ, বৈদেশিক বাণিজ্যৰ লেন-দেনৰ বিবৃতি ৰাহি হৈছে নে ঘাটি হৈছে তাৰো ব্যৱস্থাপক লেন-দেনৰ দ্বাৰা নিৰ্ণয় কৰি ব্যৱস্থাপনা কৰিব পাৰি। চৰকাৰী জমা লেন-দেনবোৰক বৈদেশিক বাণিজ্যৰ লেন-দেনৰ বিবৃতিত সমতাকাৰক বা ব্যৱস্থাপক লেন-দেন বুলি গণ্য কৰা হয়। এই লেন-দেনবোৰ ৰেখাৰ তলৰ লেন-দেন বুলি কোৱা হয়। এইবোৰ মুনাফা অৰ্জনৰ উদ্দেশ্যৰে সম্পাদিত নহয়।
প্রধান ব্যৱস্থাপক লেন-দেনসমূহ হৈছেঃ
(i) আন্তঃৰাষ্ট্ৰীয় মুদ্রা নিধি বা অন্যান্য আন্তর্জাতিক বিত্তীয় প্রতিষ্ঠানসমূহৰ পৰা লোৱা ধাৰ বা ঋণ।
(ii) বৈদেশিক বিনিময়যোগ্য মুদ্রা ভাণ্ডাৰ
এই লেন-দেনবোৰক মূলধনী হিচাপ-নিকাচত লিপিবদ্ধ কৰা হয়।
31. বৈদেশিক বাণিজ্যৰ লেন-দেনৰ ভাৰসাম্যহীনতা কি? ইয়াৰ কাৰণসমূহ কি কি?
উত্তৰঃ বৈদেশিক বাণিজ্য বা আন্তঃৰাষ্ট্ৰীয় লেন-দেনৰ ভাৰসাম্যহীনতা মানে হৈছে আন্তঃৰাষ্ট্ৰীয় লেন-দেনৰ লেখাত ঘাটি বা ৰাহিৰ অৱস্থা।
বৈদেশিক লেন-দেনৰ ঘাটি তেতিয়া হয় যেতিয়া স্বয়ংচালিত দেনা (স্বতন্ত্ৰ পৰিশোধ) সমূহ স্বয়ংচালিত পাওনা (স্বতন্ত্ৰ প্ৰাপ্তি) তকৈ অধিক হয়।
আনহাতে, বৈদেশিক লেন-দেনত ৰাহি তেতিয়া হয় যেতিয়া স্বয়ংচালিত দেনাসমূহ স্বয়ংচালিত পাওনাতকৈ কম হয়।
বৈদেশিক লেন-দেনৰ ঘাটিৰ কাৰণসমূহ তলত উল্লেখ কৰা হ’ল:
(i) অৰ্থনৈতিক কাৰকসমূহ:
(a) উন্নয়নমূলক কাৰ্যকলাপ: ভাৰতৰ দৰে উন্নয়নশীল অৰ্থনীতিসমূহে যন্ত্ৰ-পাতি, প্ৰযুক্তিবিদ্যা আদিৰ যোগানৰ বাবে বহু ক্ষেত্ৰত উন্নত দেশৰ অৰ্থনীতিৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়। ইয়াৰ ফলত আমদানি বৃদ্ধি পায় আৰু ঘাটিৰ সৃষ্টি হয়।
(b) মুদ্ৰাস্ফীতিৰ উচ্চ গতি: দেশৰ ভিতৰত মুদ্ৰাস্ফীতি বৃদ্ধি পালে বিদেশী পণ্যসমূহ অধিক সস্তীয়া যেন লাগে, যিয়ে আমদানিৰ পৰিমাণ বঢ়ায়।
(c) চাহিদাৰ সালসলনি: দেশীয় সামগ্ৰীৰ প্ৰতি চাহিদা কমি গ’লে ৰপ্তানিৰ পৰিমাণ হ্ৰাস পায়।
(d) সেৱাৰ আমদানি: উন্নত দেশসমূহৰ পৰা সেৱাৰ আমদানি বৃদ্ধি পালে মুঠ দেনা বাঢ়ে।
(ii) ৰাজনৈতিক কাৰকসমূহ:
(a) ৰাজনৈতিক অস্থিৰতা: ইয়াৰ ফলত দেশৰ পৰা মূলধনৰ বহিৰ্গমন হয় আৰু বিদেশী বিনিয়োগৰ আগমন হ্ৰাস পায়।
(b) ৰাজনৈতিক বাধা-নিষেধ: চৰকাৰৰ পৰিৱৰ্তন বা চৰকাৰৰ স্থিতিশীলতাৰ অভাৱে মূলধনৰ আন্তঃপ্ৰবাহক নিৰুৎসাহিত কৰে।
(iii) সামাজিক কাৰকসমূহ:
(a) প্ৰদৰ্শনৰ প্ৰভাৱ: যেতিয়া উন্নয়নশীল অৰ্থনীতিৰ মানুহে উন্নত অৰ্থনীতিৰ মানুহৰ সংস্পৰ্শলৈ আহে, তেতিয়া তেওঁলোকে বিদেশী ভোগৰ শৈলী অনুকৰণ কৰিবলৈ আৰম্ভ কৰে, যিয়ে আমদানিৰ পৰিমাণত বৃদ্ধি ঘটায়।
(b) ৰুচি, সাজ-পোছাকৰ শৈলী আৰু প্ৰৱণতাৰ পৰিৱৰ্তন: ঘৰুৱা ভোগৰ ক্ষেত্ৰত হোৱা যিকোনো প্ৰতিকূল পৰিৱৰ্তনে আমদানিৰ পৰিমাণ বৃদ্ধি কৰে।
দ্বাদশ শ্ৰেণী অর্থনীতি অধ্যায় ১২ – সঘনাই সোধা প্ৰশ্ন
Get Free NCERT PDFs
If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group:

ক্রমিক নং | চলিত হিচাপ-নিকাচ | মূলধনী হিচাপ-নিকাচ |
|---|---|---|
(i) | চলিত হিচাপ-নিকাচৰ লেন-দেনসমূহ দেশৰ আয়ৰ চলিত স্তৰৰ সৈতে জড়িত হয়। | মূলধন হিচাপ-নিকাচৰ লেন-দেনসমূহ দেশখনৰ পৰিসম্পদ আৰু আর্থিক দায়বদ্ধতাৰ সৈতে সম্পর্কযুক্ত হয়। |
(ii) | ই হৈছে এক প্রবাহমূলক ধাৰণা। | ই হৈছে এক মজুতমূলক ধাৰণা। |
(iii) | চলিত হিচাপ-নিকাচ = দৃশ্যমান সামগ্রী + অদৃশ্যমান সামগ্রী + প্রতিদানবিহীন স্থানান্তৰকৰণ + আয় প্রাপ্তি আৰু পৰিশোধসমূহ। | মূলধনী হিচাপ-নিকাচ = ধাৰ + ঋণ + বিদেশৰ পৰা অহা বিনিয়োগ তথা বিদেশত কৰা বিনিয়োগ + বৈদেশিক বিনিময়যোগ্য মুদ্রা ভাণ্ডাৰত হোৱা পৰিৱৰ্তন। |