Class 12 Geography Chapter 14 – জলসম্পদ – All Question Solutions | ASSEB (AHSEC) Assamese Medium
দ্বাদশ শ্ৰেণী ভূগোল অধ্যায় ১৪ – জলসম্পদৰ আটাইবোৰ অনুশীলনী সমাধান (ASSEB – AHSEC, Assamese Medium)
এই অধ্যায়ত জলসম্পদৰ সৰবৰাহ, প্ৰকাৰ আৰু ব্যৱহাৰৰ ওপৰত বিস্তৃত আলোচনা কৰা হৈছে। জলসম্পদ হৈছে এক মৌলিক প্ৰাকৃতিক সম্পদ, যাক শস্য উৎপাদন, পানীয় জলৰ বাবে, আৰু উদ্যোগৰ বাবে ব্যবহার কৰা হয়। এই অধ্যায়ত বিশেষকৈ ভাৰত আৰু অসমৰ জলসম্পদৰ বিৱৰণ আৰু ইয়াৰ সংৰক্ষণৰ প্ৰয়োজনীয়তাও বুজোৱা হৈছে।
✅ কি শিকিব:
- জলসম্পদৰ সংজ্ঞা আৰু প্ৰকাৰসমূহ
- জলসম্পদৰ সামাজিক আৰু অৰ্থনৈতিক গুৰুত্ব
- ভাৰত আৰু অসমৰ জলসম্পদৰ বিৱৰণ
- জলসম্পদ সংৰক্ষণ আৰু পৰিচালনা
- জলসঙ্কটৰ কাৰণ আৰু সমাধান
🎯 অস্পীন একেডেমীৰ সুবিধা:
- ASSEB (AHSEC) পাঠ্যক্ৰমৰ আয়ত্বসূত্ৰ আৰু সম্পূৰ্ণ সমাধান
- অধ্যায় ১৪ৰ প্ৰতিটো প্ৰশ্নৰ বিস্তৃত আৰু বুজাব পৰা উত্তৰ
- অসমীয়া মাধ্যমৰ শিক্ষাৰ্থীৰ বাবে সহজ ভাষা
- পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে প্ৰয়োজনীয় উদাহৰণ আৰু পৰামৰ্শ
Class 12 Geography (ভূগোল) | Assamese Medium | All Chapter Solutions PDF
Limited Time Offer!
(For AHSEC Class 12, Latest Syllabus)
Get comprehensive preparation for Class 12 Geography (Assamese Medium) with this chapter-wise solutions PDF.
Includes complete textual answers, definitions, solved problems, maps, and key explanations for every chapter as per latest AHSEC syllabus.
Ideal for home study, homework help, and quick exam revision!
অধ্যায়-৪
জলসম্পদ (Water Resources)
পাঠভিত্তিক প্রশ্নোত্তৰ
অনুশীলনী
১। নিম্নোল্লিখিত বিকল্পবোৰৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱাঃ—
(i) তলত দিয়া কোনটো শ্রেণীয়ে পানীক সম্পদ হিচাপে গণ্য কৰে?
(ক) অজৈৱিক সম্পদ
(খ) অনৱীকৰণযোগ্য সম্পদ
(গ) জৈৱিক সম্পদ
(ঘ) অ-চক্রীয় সম্পদ
উত্তৰঃ (ঘ) অ-চক্রীয় সম্পদ
(ii) তলত উল্লেখ কৰা কোনখন দক্ষিণ ভাৰতীয় ৰাজ্যৰ ভূ-গর্ভীয় জলসম্পদৰ ব্যৱহাৰ সৰ্বাধিক (শতকৰা হিচাপত)?
(ক) তামিলনাডু
(খ) কর্ণাটক
(গ) অন্ধ্রপ্রদেশ
(ঘ) কেৰালা
উত্তৰঃ (ক) তামিলনাডু
(iii) নিম্নোল্লিখিত কোনটো খণ্ডত দেশখনৰ মুঠ জলসম্পদৰ অধিকাংশ ব্যৱহাৰ কৰা হয়?
(ক) জলসিঞ্চন
(খ) উদ্যোগ
(গ) ঘৰুৱা ব্যৱহাৰ
(ঘ) ওপৰৰ এটাও নহয়
উত্তৰঃ (গ) ঘৰুৱা ব্যৱহাৰ
২। ৩০টা মান শব্দৰ ভিতৰত তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ লিখাঃ—
(i) ভাৰতত জলসম্পদ অতি দ্রুতগতিত হ্রাস পাইছে বুলি কোৱা হয়। জলসম্পদসমূহ হ্রাস হোৱাৰ বাবে দায়ী কাৰকসমূহ আলোচনা কৰা।
উত্তৰঃ অত্যধিক ব্যৱহাৰ আৰু প্ৰদূষণৰ ফলত বৃদ্ধি হোৱা পানী যোগান ব্যৱস্থাই সৃষ্টি কৰা পানীৰ অভাৱে এক বৃহৎ প্রত্যাহ্বানৰ সৃষ্টি কৰিছে। জনসংখ্যা বৃদ্ধিৰ ফলত জনমূৰি সম্পদৰ ভোগৰ পৰিমাণ দিনে দিনে কমি আহিছে। ঔদ্যোগিক, কৃষি আৰু ঘৰুৱা কাম-কাজৰ ফলত উপলব্ধ হৈ থকা জলসম্পদ প্ৰদূষিত হৈছে, আৰু তাৰ ফলত, অতি সীমিত পৰিমাণৰ ব্যৱহাৰযোগ্য জলসম্পদ উপলব্ধ হৈ আছে।
ভূ-গভীয় জলসম্পদৰ অত্যধিক ব্যৱহাৰে ভূ-গর্ভীয় পানীৰ স্তৰ হ্ৰাস কৰিছে। ৰাজস্থান আৰু মহাৰাষ্ট্ৰৰ দৰে ৰাজ্যসমূহত অত্যধিক নিষ্কাশনৰ ফলত ভূ-গর্ভীয় পানী ফ্ল’ৰাইডযুক্ত হৈ পৰিছে আৰু এই কাৰ্য বৃদ্ধি হোৱাৰ ফলত পশ্চিমবংগ আৰু বিহাৰৰ কিছু অংশত ভূ-গর্ভীয় পানী আছেনিকযুক্ত হৈ পৰিছে।
অণুজীৱ, ৰাসায়নিক দ্রব্য, ঘৰুৱা আৰু অন্যান্য বর্জনীয় পদাৰ্থৰ দ্বাৰা পানী প্ৰদূষিত হয়। যেতিয়া বিষাক্ত পদাৰ্থবোৰ হ্রদ, জুৰি, নদী, মহাসাগৰ আৰু অন্য জলাশয়ত প্ৰৱেশ কৰে, তেতিয়া এইবোৰ পানীৰ সৈতে দ্রবীভূত হৈ পৰে। ইয়াৰ ফলত পানী প্ৰদূষিত হয়, যিয়ে পানীৰ গুণাগুণ নষ্ট কৰি জলজ প্ৰক্ৰিয়াটোক প্রভাৱিত কৰে।
কেতিয়াবা, এই প্ৰদূষকবোৰ মাটিৰ তললৈ গৈ ভূ-গর্ভীয় পানী প্ৰদূষিত কৰে। গংগা আৰু যমুনা হ’ল দেশখনৰ ভিতৰতে সৰ্বাধিক প্ৰদূষিত দুখন নদী।
(ii) পঞ্জাৱ, হাৰিয়ানা আৰু তামিলনাডুত সর্বাধিক ভূ-গর্ভস্থ জলৰাশি উন্নয়নৰ ক্ষেত্ৰত প্ৰভাৱী কাৰকবোৰ কি কি?
উত্তৰঃ পঞ্জাৱ, হাৰিয়ানা আৰু তামিলনাডুত প্রধানকৈ জলসিঞ্চন ব্যৱস্থাৰ দ্বাৰা কৃষিকার্য কৰা হয় আৰু এই ব্যৱস্থাটোৰ প্ৰধান উৎস হৈছে ভূ-গর্ভস্থ জলৰাশি। এই অঞ্চলসমূহ সেউজ বিপ্লৱৰ বাবে কেন্দ্রস্থান আছিল। সেউজ বিপ্লৱৰ সকলোবোৰ শস্য জলকেন্দ্রিক আছিল। গতিকে এই ৰাজ্যসমূহত পানীৰ চাহিদা অধিক আছিল। এই অঞ্চলসমূহৰ মাটি কোমল পলসুৱা, যাৰ ফলত বৰষুণৰ পানী ভূ-গর্ভলৈ নিগৰি গৈ ভূ-গর্ভস্থ পানীৰ স্তৰ নিয়মীয়া কৰে। এই অঞ্চলসমূহৰ মাটি সহজে খান্দিব পাৰি আৰু সেয়েহে পানী আহৰণৰ উৎস-সমূহ সহজসাধ্য হৈ পৰে। লগতে পোৱা যায় যে জলসিঞ্চনৰ সুবিধা নথকা অঞ্চলৰ তুলনাত জলসিঞ্চনৰ সুবিধা থকা অঞ্চলত উৎপাদন অধিক হয়। পিছলৈ ভিন্ন প্রজাতিৰ শস্যৰ অধিক উৎপাদনৰ বাবে নিয়মিত আর্দ্রতাৰ প্ৰয়োজন, যিটো কেৱল উন্নত জলসিঞ্চন ব্যৱস্থাৰ দ্বাৰাহে সম্ভৱ। প্রকৃততে, এই কাৰণটোৰ বাবে পঞ্জাৱ, হাৰিয়ানা আৰু উত্তৰ-প্ৰদেশৰ পশ্চিমাংশত সেউজ বিপ্লৱৰ কৌশলসমূহে অধিকভাৱে সফলতা লাভ কৰিছিল।
পঞ্জাৱ, হাৰিয়ানা আৰু উত্তৰ-প্ৰদেশৰ পশ্চিম অঞ্চলৰ কৃষিভূমিসমূহত সৰ্বমুঠ ৮৫ শতাংশ কৃষিভূমিত জলসিঞ্চনৰ সুবিধা আছে। এই ৰাজ্যসমূহত জলসিঞ্চন ব্যৱস্থাৰ সহায়ত প্রধানকৈ ধান আৰু ঘেঁহুৰ খেতি কৰা হয়। মুঠ জলসিঞ্চন ব্যৱস্থাৰ পঞ্জাৱৰ
৭৬.১ শতাংশ আৰু হাৰিয়ানাৰ ৫১.৩ শতাংশ কৃষিক্ষেত্ৰত কুৱা আৰু নলীনাদৰ উৎসৰ পৰা পানীৰ যোগান ধৰা হয়।
ইয়াৰ দ্বাৰা এইটোৱে পৰিলক্ষিত হয় যে এই ৰাজ্যসমূহত অধিক পৰিমাণে ভূ-গর্ভস্থ পানী ব্যৱহাৰ কৰাৰ ফলত ভূ-গৰ্ভৰ জলস্তৰ হ্রাস পাই আহিছে।
(iii) আমাৰ দেশত কৃষিক্ষেত্ৰত ব্যবহৃত মুঠ পানীৰ পৰিমাণ কিয় হ্রাস পাব বুলি ধাৰণা কৰা হৈছে?
উত্তৰঃ ভাৰতবৰ্ষত সংগ্ৰহ কৰি অহা মুঠ ভূ-পৃষ্ঠীয় জলসম্পদৰ ৮৯ শতাংশ আৰু ভূ-গভীয় জলসম্পদৰ ৯২ শতাংশ জলসিঞ্চন কার্যত ব্যৱহাৰ কৰা হয়। আনহাতে দেশৰ উদ্যোগ খণ্ডত ভূ-পৃষ্ঠীয় পানীৰ ২ শতাংশ আৰু ভূ-গর্ভস্থ পানীৰ ৫ শতাংশ ব্যৱহাৰ হয়, ঘৰুৱা খণ্ডত ভূ-গর্ভস্থ পানীৰ তুলনাত ভূ-পৃষ্ঠীয় পানীৰ (৯ শতাংশ) ব্যৱহাৰ অধিক। কৃষিখণ্ডত ব্যৱহাৰ হোৱা পানীৰ পৰিমাণ আন খণ্ডসমূহৰ তুলনাত অধিক। গতিকে, ভবিষ্যতে, দেশৰ ঔদ্যোগিক আৰু ঘৰুৱা খণ্ডৰ বিনিয়োগ বৃদ্ধি পোৱাটো নিশ্চিত।
(iv) প্ৰদূষিত অপৰিষ্কাৰ পানী ব্যৱহাৰৰ ফলত জনজীবনত কি কি প্ৰভাৱ পৰিব পাৰে?
উত্তৰঃ মানৱ শৰীৰৰ অধিকাংশত পানী সঞ্চিত হৈ থাকে। পানী সেৱন কৰাটো মানৱ জীৱনৰ এটা প্রয়োজনীয় অংশ। প্ৰদূষিত পানী সেৱন হৈছে বহু জটিল ৰোগৰ প্ৰধান কাৰণ। প্ৰদূষিত পানী সেৱন কৰাৰ ফলত পানীৰ পৰা হ’ব পৰা ৰোগ সংঘটিত হয়। শিশু মৃত্যুৰ হাৰ বৃদ্ধিৰ ই হৈছে এটা প্ৰধান কাৰণ। ভাৰতবৰ্ষত প্ৰদূষিত পানীৰ ফলত সৃষ্টি হোৱা বিভিন্ন ৰোগ, যেনেঃ কলেৰা, টাইফয়ড মৃত্যুৰ কাৰক হৈ পৰিছে।
৩। তলত দিয়া প্রশ্নবোৰ ১৫০টা মান শব্দৰ ভিতৰত উত্তৰ লিখা।
(i) ভাৰতবৰ্ষত জলসম্পদৰ প্ৰাচুৰ্যতা আৰু ইয়াৰ স্থানিক বিতৰণ নিৰূপণ কৰা কাৰকসমূহ আলোচনা কৰা।
উত্তৰঃ ভাৰতবৰ্ষই পৃথিৱীৰ মুঠ মাটিকালিৰ প্ৰায় ২.৪৫ শতাংশ, মুঠ জলসম্পদৰ প্ৰায় ৪ শতাংশ আৰু মুঠ জনসংখ্যাৰ প্ৰায় ১৬ শতাংশ আগুৰি আছে। দেশখনত বছৰি হোৱা মুঠ বৃষ্টিপাতৰ পৰিমাণ প্রায় ৪,০০০ ঘন কিঃমিঃ। ভূ-পৃষ্ঠৰ জলাশয় আৰু পুনৰ্ভৰণক্ষম ভূ-গর্ভীয় পানীৰ পৰিমাণ হ’ল ১,৮৬৯ ঘন কিঃমিঃ। ইয়াৰ ভিতৰত কেৱল ৬০ শতাংশহে ব্যৱহাৰ কৰিব পৰা যায়। গতিকে, দেশখনৰ মুঠ ব্যৱহাৰযোগ্য পানীৰ পৰিমাণ হ’ল ১,১২২ ঘন কিঃমিঃ।
ভূ-পৃষ্ঠীয় জলসম্পদঃ ভৌগোলিক অৱয়ব, জলবৈজ্ঞানিক আৰু অন্যান্য সীমাবদ্ধতাৰ কাৰণে ভূ-পৃষ্ঠৰ কেৱল প্রায় ৬৯০ ঘন কিঃমিঃ (৩২ শতাংশ) পানী ব্যৱহাৰ কৰিব পাৰি। এখন নদীৰ পানীৰ প্রবাহ নিৰ্ভৰ কৰে অৱবাহিকা অঞ্চল নাইবা নদী অৱবাহিকা
আৰু অৱবাহিকা অঞ্চলটোৰ বৰষুণৰ পৰিমাণৰ ওপৰত। ভাৰতবৰ্ষত ভৌগোলিক পৰিৱেশৰ বৃষ্টিপাতৰ পৰিমাণ স্থানিকভাবে ভিন্ন হয়, আৰু ই কেৱল মৌচুমী ঋতুত কেন্দ্রীভূত হৈ থাকে। দেশখনৰ কিছুমান নদী যেনেঃ গংগা, ব্রহ্মপুত্র আৰু সিন্ধু নদীৰ বিস্তীর্ণ অৱবাহিকা আছে। গংগা, ব্রহ্মপুত্র আৰু সিন্ধু নদীৰ অৱবাহিকাত বৃষ্টিপাতৰ পৰিমাণ অধিক, এই নদীসমূহে মুঠ জলসম্পদৰ ৬০ শতাংশ আগুৰি থকাৰ লগতে দেশখনৰ মুঠ মাটিকালিৰ এক-তৃতীয়াংশ আগুৰি আছে।
গোদাৱৰী, কৃষ্ণা আৰু কাৱেৰীৰ দৰে দক্ষিণ ভাৰতৰ নদীসমূহত জলবিদ্যুৎ উৎপাদন আদি বহুমুখী কাৰ্যৰ ব্যৱস্থা কৰা হৈছে, কিন্তু ব্ৰহ্মপুত্ৰ আৰু গংগা অৱবাহিকাত এতিয়াও এই কার্য সম্পূৰ্ণ কৰিবলৈ বাকী আছে।
ভূ-গর্ভীয় জলসম্পদঃ ভাৰতবৰ্ষৰ পুনৰ্ভৰণক্ষম ভূ-গর্ভীয় জলসম্পদৰ মুঠ পৰিমাণ ৪৩২ ঘন কিঃমিঃ। ভূ-গর্ভস্থ পানীৰ ব্যৱহাৰৰ স্তৰ দক্ষিণ ভাৰতৰ তুলনাত উত্তৰ-পশ্চিম অঞ্চলত অৱস্থিত নদী অৱবাহিকাসমূহত সাধাৰণতে অধিক।
পঞ্জাৱ, হাৰিয়ানা, ৰাজস্থান আৰু তামিলনাডুত ভূ-গর্ভস্থ পানীৰ ব্যৱহাৰ অতি উচ্চ। আনহাতে, ছত্তীশগড়, উৰিষ্যা, কেৰালা, ইত্যাদি ৰাজ্যসমূহত ভূ-গর্ভস্থ পানীৰ ব্যৱহাৰৰ মাত্রা অতি কম। গুজৰাট, উত্তৰ-প্রদেশ, বিহাৰ, ত্ৰিপুৰা আৰু মহাৰাষ্ট্ৰত ভূ-গর্ভস্থ পানীৰ ব্যৱহাৰৰ মাত্রা মধ্যমীয়া। এনেকুৱা গতিত পানীৰ চাহিদা চলি থাকিলে পানী যোগান উন্নয়নৰ বাধা অৱশ্যম্ভাৱী আৰু ই বহুক্ষেত্রত সামাজিক অস্থিৰতাৰ সৃষ্টি কৰিব পাৰে।
উপহ্রদ আৰু পশ্চাদজলঃ ভাৰতবৰ্ষত এক বিশাল উপকূল ৰেখা আছে আৰু
কিছুমান ৰাজ্যত উপকূলসমূহ উদ্দিষ্ট। ইয়াৰ ফলত, অধিকসংখ্যক উপহ্রদৰ সৃষ্টি হৈছে। কেৰালা, উৰিষ্যা আৰু পশ্চিমবংগত থকা এইসমূহ উপহ্রদ আৰু পশ্চাদজলত বিস্তৃত ভূ-পৃষ্ঠীয় জলসম্পদ পোৱা যায়। যদিও এইসমূহ জলাশয়ৰ পানী অর্ধলুণীয়া, তথাপি এই পানী মাছ মৰা, কৃষিক্ষেত্ৰ আৰু নাৰিকলৰ খেতিৰ বাবে জলসিঞ্চনত ব্যৱহাৰ কৰা হয়।
(ii) জলসম্পদ হ্রাস পোৱাৰ ফলত সামাজিক সমস্যা আৰু বিবাদৰ সৃষ্টি হৈছে। উদাহৰণৰ সৈতে বহলাই লিখা।
উত্তৰঃ এইটো নিশ্চিতভাৱে ক’ব পাৰি যে এখন সমাজে জনগাঁথনিগত ৰূপান্তৰ, জনসংখ্যাৰ ভৌগোলিক স্থানান্তৰণ, উন্নত প্রযুক্তিবিদ্যা, পৰিৱেশ বিনষ্টকৰণ আৰু পানীৰ অভাৱ পৰিলক্ষিত কৰে। জনসংখ্যা বৃদ্ধিৰ ফলত হোৱা পানীৰ অধিক চাহিদাই পানীৰ অভাৱৰ সৃষ্টি কৰি বৃহৎ প্রত্যাহ্বানৰ সন্মুখীন হ’ব লাগিব। পানীয় হ’ল এক চক্রীয় সম্পদ, যি পৃথিবীত উভৈনদী হৈ আছে। পৃথিৱী পৃষ্ঠৰ প্রায় ৭১ শতাংশ পানীয়ে আগুৰি আছে, কিন্তু ব্যৱহাৰৰ বাবে উপযুক্ত পানীৰ পৰিমাণ মাত্র ৩ শতাংশ। প্রকৃততে,
মানুহৰ ব্যৱহাৰযোগ্য পানী অতি কম পৰিমাণে উপলব্ধ হৈ আছে। স্থান আব্ৰু সময়ভেদে নিৰ্মল পানীৰ উপলব্ধতা ভিন্ন হয়। নাটনি হোৱা এই সম্পদবিধৰ নিয়ন্ত্রণ আৰু অংশীদাৰক লৈ সম্প্রদায়, অঞ্চল আৰু ৰাজ্যসমূহৰ মাজত উত্তেজনা আৰু বিবাদৰ সৃষ্টি হয়।
ভাৰতবৰ্ষই পৃথিৱীৰ মুঠ মাটিকালিৰ প্ৰায় ২.৪৫ শতাংশ, মুঠ জলসম্পদৰ প্ৰায় ৪ শতাংশ আৰু মুঠ জনসংখ্যাৰ প্রায় ১৬ শতাংশ আগুৰি আছে। দেশখনত বছৰি হোৱা মুঠ বৃষ্টিপাতৰ পৰিমাণ প্রায় ৪,০০০ ঘন কিঃমিঃ। ভূ-পৃষ্ঠৰ জলাশয় আৰু পুনৰ্ভৰণক্ষম ভূ-গভীয় পানীৰ পৰিমাণ হ’ল ১,৮৬৯ ঘন কিঃমিঃ। ইয়াৰ ভিতৰত কেৱল ৬০ শতাংশহে ব্যৱহাৰ কৰিব পৰা যায়। গতিকে, দেশখনৰ মুঠ ব্যৱহাৰযোগ্য পানীৰ পৰিমাণ হ’ল ১,১২২ ঘন কিঃমিঃ। এই নির্মল ব্যৱহাৰযোগ্য জল সম্পদক লৈ ঠায়ে ঠায়ে স্থানীয়, ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত বিবাদৰ সূত্রপাত হোৱা দেখা যায়। দুর্ভাগ্যবশতঃ ভাৰতবৰ্ষত সামাজিক সংৰচনাৰ দৰে বিবাদসমূহ দেখা যায়। উত্তৰ ভাৰতৰ নদীসমূহত প্ৰচুৰ পৰিমাণে পানী পোৱা যায়, যিয়ে মাজে সময়ে বানপানীৰ সৃষ্টি কৰে, আনহাতে দক্ষিণ ভাৰতৰ নদীসমূহত বাৰিষা কালতহে পানী পোৱা যায় আৰু বছৰটোৰ আন সময়ত খৰাং পৰিস্থিতি দেখা যায়। এই সমস্যাটো সমাধান কৰাৰ বাবে বিভিন্ন প্ৰকাৰৰ নদী-সংযোগ আঁচনিৰ উত্থাপন কৰা হৈছিল যিয়ে পানী ভাগ-বতৰোৱাক লৈ বিবাদৰ সূত্রপাত কৰিছিল।
পানীৰ অভাৱৰ কাৰণে কাৱেৰী নদীৰ পানী ভাগ-বতৰোৱাক লৈ কৰ্ণাটক আৰু তামিলনাডুৰ মাজত এক দীঘলীয়া বিবাদৰ সূত্রপাত হোৱা দেখা যায়। চীনে ব্রহ্মপুত্র নদীৰ ওপৰত বান্ধ নিৰ্মাণৰ পৰিকল্পনা কৰা কথাটো ভাৰতৰ বাবে চিন্তনীয় বিষয় হৈ পৰিছে।
(iii) অৱবাহিকা ব্যৱস্থাপনা কি? ই বহনক্ষম উন্নয়নৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্রহণ কৰে বুলি ভাবানে?
উত্তৰঃ অৱবাহিকা ব্যৱস্থাপনাই সাধাৰণতে ভূ-পৃষ্ঠৰ আৰু ভূ-গৰ্ভৰ উপলব্ধ জলাশয়সমূহৰ পানীৰ উপযুক্ত ৰক্ষণাবেক্ষণ আৰু ব্যৱস্থাপনাক বুজায়। ই নিঃসৰণ সৰোবৰ, পুনঃপূর্তি কুঁৱা ইত্যাদিৰ দৰে বিভিন্ন পদ্ধতিসমূহৰ জৰিয়তে ভূ-গৰ্ভৰ পানী সংৰক্ষণ আৰু পুনঃপূর্তি ব্যৱস্থাক অন্তর্ভুক্ত কৰে। অৱশ্যে, বহল অৰ্থত, অৱবাহিকা ব্যৱস্থাপনাই প্রাকৃতিক (যেনেঃ ভূমি, পানী, উদ্ভিদ আৰু জন্তু) আৰু মানৱসৃষ্ট সকলো সম্পদৰ সংৰক্ষণ, পুনৰ সৃষ্টি আৰু বিবেচনাপূর্ণ ব্যৱহাৰক অন্তর্ভুক্ত কৰে। অৱবাহিকা ব্যৱস্থাপনাই এহাতে প্রাকৃতিক সম্পদ আৰু আনহাতে সমাজৰ মাজত ভাৰসাম্যতা প্রতিষ্ঠা কৰে। অৱবাহিকা উন্নয়ন ঘাইকৈ সমাজৰ অংশগ্ৰহণৰ ওপৰত নিৰ্ভৰ কৰে। অৱবাহিকা উন্নয়নৰ হকে কেন্দ্ৰীয় তথা ৰাজ্যিক চৰকাৰী পৰ্যায়ত আৰু আনকি বেচৰকাৰী খণ্ডতো কিছুমান আঁচনি প্রস্তুত কৰি কাৰ্যকৰী কৰা হৈছে। কেইটামান উদাহৰণ হ’ল – কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা পৃষ্ঠপোষকতা কৰা হাৰিয়ালি হ’ল এটা অববাহিকা উন্নয়ন প্রকল্প, যিয়ে গ্রাম্য লোকসকলক খোৱা, জলসিঞ্চন, মীনপালন আৰু বনানিকৰণৰ বাবে পানী সংৰক্ষণ কৰাৰ লক্ষ্য নির্ধাৰণ কৰে। এই প্রকল্পটো জনসাধাৰণৰ অংশগ্ৰহণৰ সৈতে গাঁও পঞ্চায়তৰ দ্বাৰা কাৰ্যকৰী কৰা হয়। অন্ধ্রপ্রদেশৰ নীৰু-মীৰু, ৰাজস্থানৰ আৰৱাৰী পানী সংসদৰ জৰিয়তে বিভিন্ন পানী সংৰক্ষণ গঠন, যেনেঃ নিঃসৰণ সৰোবৰ, পুখুৰী (জোহাড), পৰীক্ষণ বান্ধ ইত্যাদি জনসাধাৰণৰ সহযোগত নিৰ্মাণ কৰা হৈছে। তামিলনাডুত ঘৰে প্ৰতি পানী সংগ্ৰহণৰ ব্যৱস্থা বাধ্যতামূলক কৰা হৈছে। পানী ব্যবস্থাপনাৰ অবিহনে গৃহ নির্মাণ কার্যক বিধিবহির্ভূত হিচাপে গণ্য কৰা হয়।
দ্বাদশ শ্ৰেণী ভূগোল অধ্যায় ১৪ – সঘনাই সোধা প্ৰশ্ন
Get Free NCERT PDFs
If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group:



