Class 10 Social Science Chapter 4 – ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ Question Bank | HSLC 2027 | ASSEB

দশম শ্ৰেণী সমাজ বিজ্ঞান (ইতিহাস) অধ্যায় 4 – ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ সম্পূৰ্ণ প্ৰশ্নোত্তৰ আৰু পৰীক্ষামুখী সমাধান (ASSEB / SEBA Assam – Assamese Medium)

দশম শ্ৰেণীৰ সমাজ বিজ্ঞান (Social Science) পাঠ্যক্ৰমৰ ইতিহাস খণ্ডৰ চতুৰ্থ অধ্যায় ‘ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ’ অসমৰ ৰাজনৈতিক ইতিহাসৰ এক অতি গুৰুত্বপূৰ্ণ পাঠ। এইটো সমাজ বিজ্ঞানৰ নতুন সংস্কৰণ (New Version of Social Science) যিটো আগন্তুক HSLC 2027 পৰীক্ষাৰ বাবে 2026-27 বৰ্ষৰ নতুন পাঠ্যক্ৰম (According to New Syllabus of 2026-27 By ASSEB/SEBA) আৰু নৱ্য শিক্ষা নীতিৰ (NEP) শেহতীয়া ব্লুপ্ৰিণ্টৰ আধাৰত প্ৰস্তুত কৰা হৈছে। এই বিশেষ সংকলনটিত পাঠভিত্তিক অতি চমু প্ৰশ্ন (VSA), চমু প্ৰশ্ন (Short Questions), দীঘলীয়া প্ৰশ্ন (Long Answers), আৰু পূৰ্বৰ বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ প্ৰশ্নসমূহৰ (Board Exam PYQ) পুংখানুপুংখ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে। অস্পীন একেডেমী (Ospin Academy) ত এই সমাধানসমূহ সহজ, নিৰ্ভুল আৰু সম্পূৰ্ণ পৰীক্ষামুখীভাৱে উপলব্ধ কৰোৱা হৈছে।

এই পাঠটিত জোনাকী যুগ, অসম ছাত্ৰ সন্মিলন, অসম এছ’চিয়েশ্যনৰ ভূমিকা, অসম প্ৰাদেশিক কংগ্ৰেছ কমিটি গঠন, আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰামত (অসহযোগ, আইন অমান্য আৰু ভাৰত ত্যাগ আন্দোলন) অসমৰ জনসাধাৰণৰ অমূল্য অৱদানৰ বিষয়ে বিতংভাৱে আলোচনা কৰা হৈছে। মেট্ৰিক পৰীক্ষাৰ্থীসকলৰ বাবে অসমত গঢ়ি উঠা এই জাতীয় জাগৰণৰ ইতিহাস বুজি পোৱাটো অতি প্ৰয়োজনীয়। আমাৰ এই ‘OSPIN QUESTION BANK’ ত কেৱল পাঠ্যপুথিৰ অনুশীলনীৰ প্ৰশ্নসমূহেই নহয়, বৰঞ্চ পৰীক্ষাত আহিব পৰা অতিৰিক্ত প্ৰশ্ন-উত্তৰসমূহো (Extra Board Questions and Answers) সামৰি লোৱা হৈছে যাতে ছাত্ৰ-ছাত্ৰীসকলে 100% প্ৰস্তুতি চলাব পাৰে।

অধিক বিনামূলীয়া Notes আৰু PDFৰ বাবে আমাৰ App টো ডাউনলোড কৰক:
Download EduAssam Solution App Click Here to Get Free Notes & Previous Papers

এই পাঠৰ পৰা আপুনি কি কি শিকিব আৰু পাব:

  • অসমত জাতীয়তাবাদৰ বিকাশ, অসমীয়া ভাষা উন্নতি সাধিনী সভা আৰু অসম এছ’চিয়েশ্যনৰ কাৰ্যাৱলীৰ বিস্তৃত পৰিচয়।
  • 1 নম্বৰৰ অতি চমু (VSA objective type) আৰু 2-3 নম্বৰৰ চমু প্ৰশ্নৰ পৰীক্ষাত লিখিব পৰা নিৰ্দোষ উত্তৰ।
  • 4-5 নম্বৰৰ দীঘলীয়া প্ৰশ্নৰ (যেনে- ভাৰত ত্যাগ আন্দোলনত অসমৰ ভূমিকা, তৰুণৰাম ফুকন, নবীন চন্দ্ৰ বৰদলৈ আদিৰ অৱদান) সহজ তথা মান্য সমাধান।
  • মেট্ৰিক পৰীক্ষাত সঘনাই অহা গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহৰ আৰ্হি বিশ্লেষণ আৰু শেহতীয়া আৰ্হিৰ MCQ প্ৰশ্নৰ সমাধান।

HSLC 2027 পৰীক্ষাৰ বাবে অস্পীন একেডেমীৰ বিশেষ সুবিধা:

  • HSLC 2027-ৰ শেহতীয়া ASSEB ব্লুপ্ৰিণ্ট (2026-27 New Syllabus) ৰ আধাৰত প্ৰস্তুত কৰা সম্পূৰ্ণ Question Bank.
  • পূৰ্বৰ 10 বছৰৰ (Previous 10 Years’ Questions – PYQ) মেট্ৰিক পৰীক্ষাৰ লগতে অসমৰ 27 খন জিলাৰ Pre-Board পৰীক্ষাৰ (2026) প্ৰশ্নকাকতৰ সম্পূৰ্ণ সমাধান।
  • 100% নিৰ্ভুল আৰু ছাত্ৰ-ছাত্ৰীয়ে মুখস্থ কৰিবলৈ সহজ হোৱাকৈ সৰল অসমীয়া ভাষাত লিখা উন্নত মানৰ নোটছ (Class 10 Social Science Notes)।
  • পৰীক্ষাৰ পূৰ্বে দ্ৰুত ৰিভিজনৰ (Last-Minute Quick Revision) বাবে বিশেষভাৱে প্ৰস্তুত কৰা পিডিএফ (PDF Download) ফৰ্মেট।
  • ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণৰ পৰা পৰীক্ষাত নিশ্চিতভাৱে আহিব পৰা সম্ভাৱনীয় (100% Common Board Suggestion) প্ৰশ্নৰ বিশেষ সংকলন।

ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি অস্পীন একেডেমীয়ে এই বিশেষ পাঠ্যক্ৰম আগবঢ়াইছে। আপোনাৰ HSLC 2027 পৰীক্ষাৰ প্ৰস্তুতি এতিয়াই আৰম্ভ কৰক আৰু সমাজ বিজ্ঞান বিষয়ত সৰ্বোচ্চ নম্বৰ (Highest Marks) লাভ কৰাৰ দিশত আগবাঢ়ক।

Vibrant Note Box
Buy Printable PDF
Class 10 Social Science (সমাজ বিজ্ঞান) Question Bank ASSEB HSLC 2027 | New Syllabus Complete Solutions PDF
Original price was: ₹199.00.Current price is: ₹99.00.
Vibrant Note Box
Chapter 4 স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ

https://youtube.com/@ospinacademyদশম শ্ৰেণী: সমাজ বিজ্ঞান

অধ্যায়-4                             অস্পিন একাডেমী

স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ

HSLC PYQs (2024-2026): গুৰুত্বপূৰ্ণ বহুবিকল্পীয় প্ৰশ্নোত্তৰ (MCQs)

1. আনন্দৰাম ঢেকিয়াল ফুকনৰ বিষয়ে শুদ্ধ উক্তিটো (উক্তিকিইটা) বাছি উলিওৱা – {2026}

(i) আনন্দৰাম ঢেকিয়াল ফুকন আৰু গুণাভিৰাম বৰুৱাৰ উদ্যোগত ১৮৫৭ চনত জ্ঞান প্ৰদায়িনী সভাৰ প্ৰতিষ্ঠা হৈছিল ।

(ii) অসমৰ বিদ্যালয়, কাৰ্যালয় আৰু আদালতত বাংলা ভাষাৰ প্ৰচলন কৰাৰ তেওঁ বিৰোধিতা কৰিছিল ।

(iii) আনন্দৰাম ঢেকিয়াল ফুকনৰ নেতৃত্বত অসমীয়া লিটাৰেৰী ছ’চাইটী গঠন হৈছিল ।

(iv) আনন্দৰাম ঢেকিয়াল ফুকনৰ নেতৃত্বত আহোম সভাৰ প্ৰতিষ্ঠা হৈছিল ।

(A) কেৱল (i) শুদ্ধ

(B) (i) আৰু (ii) শুদ্ধ

(C) (iii) আৰু (iv) শুদ্ধ

(D) কেৱল (ii) শুদ্ধ

Answer: A

2. ১৯২১ চনৰ ফেব্ৰুৱাৰী মাহত গুৱাহাটীত প্ৰথম জাতীয় শিক্ষানুষ্ঠানখন প্ৰতিষ্ঠা কৰা হৈছিল – {2026}

(A) অম্বিকাগিৰী ৰায়চৌধুৰীৰ স্মৃতিত

(B) বাল গংগাধৰ তিলকৰ স্মৃতিত

(C) লালা লাজপত ৰয়ৰ স্মৃতিত

(D) বিপিন চন্দ্ৰ পালৰ স্মৃতিত

Answer: B

3. অসমীয়া ভাষাৰ আধুনিক ৰূপটো বিকশিত হৈছে – {2026}

(A) ‘মিলন’ৰ জৰিয়তে

(B) ‘অৰুণোদই’ৰ জৰিয়তে

(C) আছাম এছ’চিয়েছনৰ জৰিয়তে

(D) যোৰহাট সাৰ্বজনিক সভাৰ জৰিয়তে

Answer: B

4. তলৰ কোনটো যোৰা সঠিকভাৱে মিলি আছে ? {2026}

(A) যোৰহাট সাৰ্বজনিক সভা; ১৮৯৫ চনত

(B) আছাম এছ’চিয়েছন; ১৯০৩ চনত

(C) অসম প্ৰদেশ কংগ্ৰেছ কমিটি; ১৯২৫ চনত

(D) আহোম সভা; ১৮৮৫ চনত

Answer: B

5. অসমত আবকাৰী কানিৰ সেৱন ১৯২০-২১ বর্ষত ১৬১৫ মোনৰ পৰা হ্রাস হৈ ১৯২২-২৩ বর্ষত ১৯৩ মোন হৈছিলগৈ। তলৰ কোনটো বিৱৰণে কানিৰ সেৱন হ্রাস হোৱাৰ কথা শুদ্ধভাবে ব্যাখ্যা কৰিছে? {2025}

(A) কানি সেৱনৰ কুপ্ৰভাৱৰ কথা স্বীকাৰ কৰি ব্ৰিটিছ চৰকাৰে ইয়াৰ বিক্ৰী সীমিত কৰিছিল।

(B) ৰাইজে কানি সেৱনৰ কুপ্ৰভাৱৰ কথা বুজি পাইছিল।

(C) ৰাইজৰ মাজত কানিৰ চাহিদা হ্রাস পাইছিল।

(D) কংগ্ৰেছ কৰ্মীসকলৰ নেতৃত্বত গ্রহণ কৰা সবল কানি-বিৰোধী কাৰ্যপন্থা।

Answer: D

6. তলৰ বিকল্পবোৰৰ পৰা, মহাত্মা গান্ধীয়ে নেতৃত্ব দিয়া কাৰ্যসূচীটো আৰু স্বাধীনতা আন্দোলনটো বাছি উলিওৱা য’ত অসমৰ পৰা লীলাধৰ বৰুৱাই যোগ দিছিল। {2025}

(A) ডান্ডি যাত্রা, অসহযোগ আন্দোলন

(B) ডাণ্ডি যাত্রা, আইন অমান্য আন্দোলন

(C) তিলক স্বৰাজ্য পুঁজিৰ মাধ্যমেৰে পুঁজি সংগ্রহ, অসহযোগ আন্দোলন

(D) বোম্বাইৰ ঐতিহাসিক আগষ্ট সভা, ভাৰত ত্যাগ আন্দোলন

Answer: B

7. তলত দিয়াবোৰ মিলোৱা আৰু শুদ্ধ উত্তৰটো বাছি উলিওৱা : {2025}

(i) অম্বিকাগিৰী ৰায়চৌধুৰী

(ii) পদ্মনাথ গোহাঁইবৰুৱা

(iii) লক্ষ্মীনাথ বেজবৰুৱা

(iv) আনন্দৰাম ঢেকিয়াল ফুকন

(a) জ্ঞান প্রদায়িনী সভা

(b) বন্দিনী ভাৰত

(c) আহোম সভা

(d) বীণ ব’ৰাগী

(A) (i)→(b), (ii)→(c), (iii)→(d), (iv)→(a)

(B) (i)→(d), (ii)→(a), (iii)→(c), (iv)→(b)

(C) (i)→(b), (ii)→(c), (iii)→(a), (iv)→(d)

(D) (i)→(d), (ii)→(a), (iii)→(b), (iv)→(c)

Answer: A

8. জোনাকী যুগৰ ‘ত্রিমূর্তি’ বুলিলে নিম্নোল্লিখিত কোনকেইজন সাহিত্যিকক জনা যায়? {2024}

(i) গুণাভিৰাম বৰুৱা

(ii) হেমচন্দ্র গোস্বামী

(iii) লক্ষ্মীনাথ বেজবৰুৱা

(iv) চন্দ্ৰকুমাৰ আগৰৱালা

(A) (i), (ii), (iii)

(B) (ii), (iii), (iv)

(C) (i), (iii), (iv)

(D) (i), (ii), (iv)

Answer: B

9. অসম ছাত্র সম্মিলন গঠিত হৈছিল: {2024}

(A) ১৯১৬ চনত

(B) ১৯১৭ চনত

(C) ১৯১৮ চনত

(D) ১৯২০ চনত

Answer: A

10. উত্তৰ-পূৱ ভাৰতৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় ক’ত স্থাপন কৰা হৈছিল? {2024}

(A) গুৱাহাটীত

(B) শিলচৰত

(C) যোৰহাটত

(D) ডিব্ৰুগড়ত

Answer: D

বিভিন্ন জিলাৰ প্ৰি-ব’ৰ্ড (2025-26)ৰ গুৰুত্বপূৰ্ণ বহুবিকল্পীয়(MCQs) প্ৰশ্নোত্তৰ (MCQs)

1. হেমচন্দ্ৰ বৰুৱাৰ ‘হেমকোষ’ প্ৰকাশৰ ক্ষেত্ৰত অগ্রণী ভূমিকা লোৱা অনুষ্ঠানটো আছিল {Bajali}

(A) জ্ঞান প্রদায়িনী সভা

(B) অসমীয়া লিটাৰেৰী ছছাইটি

(C) অসমীয়া ভাষা উন্নতি সাধিনী সভা

(D) আছাম এছ’চিয়েছন

Answer: C

2. দাবী (A) : ১৯২০ চনৰ অসহযোগ আন্দোলনত বহুতো অসমীয়া ডেকা আৰু প্ৰবীণে অংশগ্ৰহণ কৰিছিল। তেওঁলোকৰ এই অংশগ্ৰহণে আন্দোলনৰ জনপ্রিয়তা বৃদ্ধি কৰে। এই সময়তে অসমৰ জাতীয়তাবাদী শক্তিসমূহৰ মাজত একত্ৰীকৰণৰ এক নতুন ধাৰা দেখা গৈছিল। {Bajali}

কাৰণ (R) : অসমৰ জাতীয়তাবাদী শক্তিৰ একত্ৰীকৰণৰ বাবে এই আন্দোলনে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

(A) (A) আৰু (R) শুদ্ধ আৰু (R) (A) ৰ শুদ্ধ ব্যাখ্যা

(B) (A) আৰু (R) শুদ্ধ কিন্তু (R) (A) ৰ শুদ্ধ ব্যাখ্যা নহয়

(C) (A) শুদ্ধ কিন্তু (R) অশুদ্ধ

(D) (A) অশুদ্ধ কিন্তু (R) শুদ্ধ

Answer: A

3. অসমত বাংলা ভাষাৰ প্ৰচলন হৈছিল- {Baksa}

(A) 1836 চনত

(B) 1873 চনত

(C) 1872 চনত

(D) 1857 চনত

Answer: A

4. গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আনুষ্ঠানিকভাবে আৰম্ভ হৈছিল– {Baksa}

(A) 1959 চনৰ 7 নবেম্বৰত

(B) 1968 চনৰ 20 ছেপ্তেম্বৰত

(C) 1960 চনৰ 20 ছেপ্তেম্বৰত

(D) 1960 চনৰ 26 জুনত

Answer: C

5. তলৰ কোনটো ৰায়ত সভাৰ উদ্দেশ্য নহয়- {Baksa}

(A) গ্রেজিং কৰ বন্ধ কৰা

(B) মাটিৰ খাজনা হ্রাস কৰা

(C) পূর্ববংগৰপৰা হোৱা প্ৰব্ৰজন ৰোধ কৰা

(D) জনসাধাৰণৰ অৱস্থাৰ উন্নতি সাধন কৰা।

Answer: D

6. অসম ছাত্ৰ সন্মিলনৰ ক্ষেত্ৰত তলৰ কোনকেইটা বিকল্প শুদ্ধ – {Barpeta}

(i) ১৯১৬ চনত অসম ছাত্র সম্মিল গঠন কৰা হৈছিল

(ii) এই সন্মিলনৰ মূখ্য উদ্দেশ্য আছিল অসমীয়া ভাষাৰ উন্নতি সাধন কৰা

(iii) ইয়াৰ প্ৰথম অধিৱেশন লক্ষ্মীনাথ বেজবৰুৱাৰ সভাপতিত্বত যোৰহাটত অনুষ্ঠিত হৈছিল

(iv) ছাত্র সম্মিলনৰ মুখপত্র আছিল মিলন

(A) (i), (ii) আৰু (iii) শুদ্ধ

(B) (ii), (iii) আৰু (iv) শুদ্ধ

(C)  (i), (ii) আৰু (iv) শুদ্ধ

(D) (i), (iii) আৰু (iv) শুদ্ধ

Answer: C

7. ব্ৰিটিছ চৰকাৰে ব্ৰহ্মপুত্ৰ উপত্যকাবাসীক স্বদেশী আন্দোলনৰ প্ৰভাৱৰ পৰা আঁতৰাই ৰাখিবলৈ কোনকেইটা জনহিতকৰ কাম হাতত লৈছিল? {Biswanath}

(a) ব্ৰহ্মপুত্ৰ উপত্যকাত মৌজাদাৰী ব্যৱস্থাৰ পুনৰ প্ৰয়োগ কৰা।

(b) বৰ্ধিত কৰৰ পৰিমাণ হ্ৰাস কৰা আৰু চৰকাৰী শুল্ক ব্যৱস্থাৰ পৰিৱৰ্তন কৰা।

(c) অসমীয়া ভাষা সাহিত্য কলিকতা বিশ্ববিদ্যালয়ৰ এণ্ট্ৰেন্স পৰীক্ষাৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা।

(d) মাটিৰ কুৰিবছৰীয়া বন্দোৱস্তিৰ প্ৰৱৰ্তন কৰা।

(A) a, c, d

(B) a, b, c

(C) b, c, d

(D) a, b, c, d

Answer: A

8. “অসমীয়া ভাষাৰ বিজ্ঞানসন্মত উন্নয়ন আৰু অসমৰ সকলো পাঠশালাতে পাঠ্যপুথি আৰু উচ্চমানৰ ব্যাকৰণ প্ৰয়োগৰ পদক্ষেপ লৈছিল।” কোনে এই পদক্ষেপ গ্ৰহণ কৰিছিল? {Biswanath}

(A) জ্ঞান প্ৰদায়িনী সভা

(B) অসমীয়া লিটাৰেৰী ছ’চাইটি

(C) অসমীয়া ভাষাৰ উন্নতি সাধিনী সভা

(D) অসম সাহিত্য সভা

Answer: C

9. বিবৃতি (A) : ১৮৯৩, ১৮৯৪ চনত চৰকাৰে অসমত ভূমিৰাজহ বৃদ্ধি কৰাৰ প্ৰতিবাদত উত্তৰ কামৰূপৰ ৰঙিয়া, লাচিমা সৰ্থেবাৰী আৰু দৰং জিলাৰ পথৰুঘাটত কৃষকসকলে গঢ়ি তোলা বিদ্ৰোহৰ ৰায়ত সভাই উদ্যোগ লোৱা নাছিল। {Biswanath}

কাৰণ (R) : এই সভাই গ্ৰেজিং কৰ বন্ধ কৰা, মাটিৰ খাজানা হ্ৰাস কৰা আৰু পূৰ্ব বংগৰ পৰা হোৱা প্ৰব্ৰজন ৰোধ কৰাৰ দাবি জনাইছিল।

(A) (A) শুদ্ধ (R) অশুদ্ধ

(B) (A) অশুদ্ধ (R) শুদ্ধ

(C) (A) আৰু (R) উভয়ে সত্য আৰু (R), (A) ৰ শুদ্ধ ব্যাখ্যা কৰা

(D) (A) আৰু (R) উভয়ে সত্য আৰু (R), (A) ৰ শুদ্ধ ব্যাখ্যা নহয়।

Answer: B

10. (A) যোৰহাট সার্বজনিক সভা আছিল অসমৰ প্ৰথম ৰাজহুৱা ৰাজনৈতিক অনুষ্ঠান। {Bongaigaon}

(B) যোৰহাট সার্বজনিক সভাই প্রথমে বংগ বিভাজনৰ বিৰোধিতা কৰিছিল যদিও পৰৱৰ্তী সময়ত বংগ বিভাজন বিৰোধী মনোভাৱ ত্যাগ কৰিছিল।

(A) (A) আৰু (B) উভয়ে শুদ্ধ

(B) (A) আৰু (B) উভয়ে অশুদ্ধ

(C) (A) শুদ্ধ (B) অশুদ্ধ

(D) (A) অশুদ্ধ (B) শুদ্ধ

Answer: A

11. তলত দিয়াবোৰ মিলোৱা আৰু শুদ্ধ উত্তৰটো বাছি উলিওৱা – {Bongaigaon}

A অংশ

(i) যোৰহাট সাৰ্বজনিক সভা,

(ii) আহোম সভা

(iii) অসমীয়া ভাষা উন্নতি সাধিনী সভা

(iv) আছাম এছ’চিয়েচন,

B অংশ

(a) 1903

(b) 1884

(c) 1893

(d) 1888

(A) (i) a, (ii) b, (iii) c, (iv) d

(B) (ii) a, (iii) b, (iv) c, (i) d

(C) (iv) a, (iii) b, (ii) c, (i) d

(D) (iii) b, (ii) c, (i) d, (iv) a

Answer: D

12. তলত দিয়া ঘটনা প্ৰৱাহ সমূহ শুদ্ধ ক্রমত সজোৱা – {Bongaigaon}

(i) আসাম এছ’চিয়েছন

(ii) অসম ছাত্র সম্মিলন

(iii) অসমীয়া লিটেৰাৰি ছ’ছাইটী

(iv) আহোম সভা

(A) (i)→(ii)→(iii)→(iv)

(B) (iii)→(iv)→(i)→(ii)

(C) (ii)→(iii)→(iv)→(i)

(D) (iv)→(i)→(iii)→(ii)

Answer: B

13. নীচে দেওয়া কোন ঘটনাটি অসমে ভাষাভিত্তিক জাতীয় চেতনা গঠনে ইন্ধন যুগিয়েছিল? {Cachar}

(A) অরুণোদই এর সুত্রে সাহিত্যিক নবজাগরণের সূত্রপাত।

(B) ১৮৭৩ সালে অসমিয়া ভাষা পুণর্বার অসমের সরকারি ভাষার মর্যাদা পেয়েছিল।

(C) হেমকোষের প্রকাশন।

(D) অসমিয়া ভাষা উন্নতি সাধিনী সভার স্থাপনা।

Answer: B

14. ১৮৪৬ খ্রিষ্টাব্দে এটি প্রথমবার আমেরিকান ব্যাপটিস্ট মিশনারিরা প্রকাশ করেছিলেন। এটি অসমিয়া ভাষার আধুনিক রূপ প্রদান করেছিল। এটি কিসের বিবরণ? {Cachar}

(A) অরুণোদই

(B) চর্যাপদ

(C) নামঘোষা

(D) পদ্যগীতা

Answer: A

15. ‘ক’ অংশের সাথে ‘খ’ অংশ মিলাও {Cachar}

(‘ক’ অংশ)

a) আসাম এসোসিয়েশন

b) আহোম সভা

c) যোরহাট সর্বজনিন সভা

d) জ্ঞান প্রদায়িনী সভা

(‘খ’ অংশ)

(i) মাণিকচন্দ্র বরুয়া

(ii) আনন্দরাম ঢেকিয়াল ফুকন

(iii) জগন্নাথ বরুয়া

(iv) পদ্মনাথ গোঁহাই বরুয়া

(A) a-(i), b-(iii), c-(ii), d-(iv)

(B) a-(i), b-(iv), c-(iii), d-(ii)

(C) a-(ii), b-(i), c-(iv), d-(iii)

(D) a-(ii), b-(iii), c-(i), d-(iv)

Answer: B

16. অসমে অসহযোগ আন্দোলনের সাথে সম্পর্কিত ঘটনাগুলো শুদ্ধ ক্রমে সাজাও। {Cachar}

(i) অসমে গান্ধীজির আগমন।

(ii) গুয়াহাটিতে জাতীয় শিক্ষানুষ্ঠানের প্রতিষ্ঠা।

(iii) তেজপুরে আসাম এসোসিয়েশনের ১৭ সংখ্যক অধিবেশন পালন।

(iv) আসাম প্রদেশ কংগ্রেস কমিটির গঠন।

(v) চারগোলা ও লংগাই এর চা শ্রমিকদের তাদের ঔপনিবেশিক শাসকদের বিরুদ্ধে প্রতিবাদ।

(A) i, ii, iii, iv, v

(B) ii, iii, iv, v, i

(C) iii, ii, v, iv, i

(D) iv, iii, ii, i, v

Answer: C

17. তলত নাম উল্লেখ কৰা ব্যক্তিসকলৰ কোনে ‘অসম সংগীত’ ৰচনা কৰিছিল {Darrang}

(A) চন্দ্ৰ কুমাৰ আগৰৱালা

(B) হেমচন্দ্র গোস্বামী

(C) লক্ষ্মীনাথ বেজবৰুৱা

(D) অম্বিকাগিৰি ৰায়চৌধুৰী

Answer: C

18. ৰায়ত সভাৰ বিষয়ে তলত দিয়া উক্তিকেইটা বিচাৰ কৰা। বিকল্পবোৰৰ কোনটো বিকল্প শুদ্ধ বাছি উলিওৱা – {Darrang}

i. ৰায়ত সভাই ব্ৰিটিছ চৰকাৰৰ দ্বাৰা প্ৰৱৰ্তিত নতুন ভূমি নীতি আৰু ৰাজহ ব্যৱস্থাৰ বিৰোধিতা কৰিছিল।

ii. কানি বিৰোধী আন্দোলন এই সভাৰ অন্যতম কার্যসূচী আছিল।

iii. পথৰুঘাটৰ কৃষক বিদ্রোহত ৰায়ত সভাই অংশ লোৱা নাছিল।

iv. সদৌ অসম ৰায়ত সভা 1933 চনত গঠন কৰা হৈছিল।

(A) (i) আৰু (iii)

(B) (ii) আৰু (iv)

(C) (i) আৰু (iv)

(D) (iii), (iv) আৰু (ii)

Answer: C

19. তলৰ দিয়া দাবী (A) আৰু কাৰণ (R) ৰ ওপৰত ভিত্তি কৰি শুদ্ধ বিকল্প বাছি উলিওৱাঃ {Darrang}

দাবী (A): পশ্চিমীয়া শিক্ষাৰ বিস্তাৰে অসমত এক মধ্যবিত্ত শিক্ষিত শ্ৰেণীৰ জন্ম দিছিল।

কাৰণ (R): স্বদেশ প্রীতি আৰু জাতীয়তাবাদী ভাৱধাৰাৰে অনুপ্রাণিত শিক্ষিত শ্ৰেণীৰ প্ৰচেষ্টাত অসমত ভাষা, সাহিত্য চর্চাৰ জাতীয় চেতনা গঢ়ি উঠিছিল।

(A) A সত্য কিন্তু R অসত্য

(B) A অসত্য কিন্তু R সত্য

(C) A আৰু R উভয়ে সত্য; কিন্তু R, A ৰ শুদ্ধ ব্যাখ্যা নহয়

(D) A আৰু R উভয়ে সত্য; R, A ৰ শুদ্ধ ব্যাখ্যা

Answer: C

20. “আসাম এছ’চিয়েছন” সম্পর্কত তলত দিয়া (i) আৰু (ii) উক্তি বিচাৰ কৰি শুদ্ধ উত্তৰ বাছি উলিওৱাঃ {Darrang}

i. আসাম এছ’চিয়েচনে 1886 চনৰ ভূমি ৰাজহ ব্যৱস্থাৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰিছিল।

ii. এছ’চিয়েচনে শিক্ষাৰ দিশত অসমক আগবঢ়াই নিবলৈ চেষ্টা কৰিছিল।

(A) (i) আৰু (ii) দুয়োটা সত্য

(B) (i) আৰু (ii) দুয়োটা অসত্য

(C) (i) সত্য (ii) অসত্য

(D) (i) অসত্য (ii) সত্য

Answer: D

21. 1903 চনত কোনে আছাম এছ’ছিয়েছন গঠন কৰিছিল? {Dhubri}

(A) মানিক চন্দ্ৰ বৰুৱা

(B) পদ্মনাথ গোহাঁই বৰুৱা

(C) নবীন চন্দ্ৰ বৰদলৈ

(D) হেমচন্দ্র গোস্বামী

Answer: A

22. গুৱাহাটী বিশ্ববিদ্যালয় স্থাপন হৈছে- {Dhubri}

(A) 1946

(B) 1947

(C) 1948

(D) 1949

Answer: C

23. প্ৰতিষ্ঠাৰ সময়ৰ সৈতে কিছুমান সংগঠনৰ নাম দিয়া হৈছে – {Dhubri}

(a) যোৰহাট সৰ্বজনীক সভা

(b) আহোম সভা

(c) আসাম এছ’ছিয়েছন

(d) অসম ছাত্র সন্মিলন

(i) 1916

(ii) 1903

(iii)1893

(iv) 1884

(A) (a-i) (b-ii) (c-iii) (d-iv)

(B) (a-iv) (b-iii) (c-ii) (d-i)

(C) (a-iv) (b-iii) (c-i) (d-ii)

(D) (a-i) (b-ii) (c-iv) (d-iii)

Answer: B

24. পূর্ববংগ আৰু অসম প্ৰদেশৰ অন্তৰ্গত অঞ্চলসমূহ আছিল- {Goalpara}

(A) ৰাজশাহী, ঢাকা, বংগ প্রদেশ

(B) ৰাজশাহী, ঢাকা, অসম

(C) চট্টগ্রাম, ঢাকা, ৰাজশাহী

(D) চট্টগ্রাম, ঢাকা, ৰাজশাহী, অসম

Answer: D

25. অসম প্রদেশ কংগ্রেছ কমিটিৰ আনুষ্ঠানিক নির্বাচিত প্রথম সভাপতি কোন আছিল? {Goalpara}

(A) অমিয় কুমাৰ দাস

(B) বিষ্ণুৰাম মেধি

(C) গোপীনাথ বৰদলৈ

(D) নবীন চন্দ্ৰ বৰদলৈ

Answer: B

26. তলত দিয়াবোৰ মিলোৱা আৰু শুদ্ধ বিকল্পটো বাছনি কৰাঃ- {Goalpara}

অনুষ্ঠানৰ নাম

প্রতিষ্ঠা হোবা চন

(a) গুৱাহাটী বিশ্ববিদ্যালয়

(b) অসম কৃষি বিশ্ববিদ্যালয়

(c) অসম চিকিৎসা মহাবিদ্যালয়

(d) গুৱাহাটী চিকিৎসা মহাবিদ্যালয়

(e) শিলচৰ চিকিৎসা মহাবিদ্যালয়

(i) 1960

(ii) 1947

(iii) 1968

(iv) 1969

(v) 1948

(A) (a) – (i), (b) – (ii), (c) – (iii), (d)-(iv), (e) – (v)

(B) (a) – (v), (b) – (iv), (c) – (ii), (d) – (i), (e) (iii)

(C) (a) – (v), (b) – (iv), (c) – (i), (d) – (ii), (e) – (iii)

(D) (a) – (ii), (b) – (iv), (c) – (v), (d) – (i), (e) – (iii)

Answer: B

27. নিম্নলিখিত কোন ব্যক্তি আহোম সভাৰ সম্পাদক আছিল? {Hailakandi}

(A) a

(B) b

(C) c

(D) d

Answer: B

28. তলৰ বৰ্ণনাটো পঢ়া আৰু তলৰ প্ৰশ্নটোৰ উত্তৰ দিয়া: {Hailakandi}

১৮৮৮ চনত কলিকতাত অসমীয়া ছাত্ৰসকলৰ দ্বাৰা অসমীয়া ভাষা উন্নতি সাধিনী সভা (ABUSS) প্ৰতিষ্ঠা কৰাটো অসমৰ ইতিহাসৰ এক যুগান্তকাৰী ঘটনা। ১৮৮৯ চনত সভাই চন্দ্ৰ কুমাৰ আগৰৱালাক প্ৰথম সম্পাদক হিচাপে লৈ ইয়াৰ মুখপাত্ৰ ‘জোনাকী’ প্ৰকাশ কৰে। ‘জোনাকী যুগ’ নামেৰে জনাজাত এই সময়ছোৱাই অসমীয়া সাহিত্যত ৰোমান্টিকতাৰ প্ৰৱৰ্তন কৰে আৰু এই অঞ্চলৰ ভাষিক পৰিচয় একত্ৰিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। “ত্ৰিমূৰ্তি” – লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰ কুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামীৰ নেতৃত্বত আলোচনীখনে কেৱল কবিতা প্ৰকাশ কৰাই নাছিল; ই আৰ্থ-সামাজিক-ৰাজনৈতিক আলোচনাৰ এক মঞ্চ হৈ পৰিছিল যিয়ে ভৱিষ্যতৰ জাতীয়তাবাদী আন্দোলনৰ ভেটি স্থাপন কৰিছিল।

কেছ ষ্টাডিৰ ওপৰত ভিত্তি কৰি, ‘জোনাকী’ আলোচনীখনে অসমত “জাতীয় জাগৰণ”ত প্ৰাথমিকভাৱে কেনেদৰে অৱদান আগবঢ়াইছিল?

(A) স্থানীয় যুৱক-যুৱতীসকলক সামৰিক প্ৰশিক্ষণ প্ৰদান কৰি

(B) ভাষিক পৰিচয় একত্ৰিত কৰি আৰু সাংস্কৃতিক গৌৰৱ গঢ়ি তুলি

(C) ততাতৈয়াকৈ ‘পূৰ্ণ স্বৰাজ’ দাবী কৰি

(D) ব্ৰিটিছ শাসনৰ অধীনত প্ৰত্যক্ষ ৰাজনৈতিক দল হিচাপে কাম কৰি

Answer: B

29. নিম্নলিখিত কোনটোৱে জোনাকী যুগৰ “ত্ৰিমূৰ্তি”ক আটাইতকৈ ভালদৰে বৰ্ণনা কৰে? {Hailakandi}

(A) সশস্ত্ৰ বিদ্ৰোহৰ নেতৃত্ব দিয়া তিনিজন বিপ্লৱী নেতা

(B) কেৱল ভাৰতীয় জাতীয় কংগ্ৰেছৰ বিষয়ে লিখা তিনিজন কবি

(C) আধুনিক অসমীয়া সাহিত্যৰ পথ প্ৰদৰ্শক তিনিগৰাকী প্ৰখ্যাত সাহিত্যিক

(D) অসমীয়া ভাষাক স্বীকৃতি দিয়া প্ৰথম তিনিজন ব্ৰিটিছ বিষয়া

Answer: C

30. ১৯৪৬ চনৰ পিছত গোপীনাথ বৰদলৈ মন্ত্ৰীসভাৰ প্ৰচেষ্টাত নিম্নলিখিত কোনবোৰ প্ৰতিষ্ঠান স্থাপন কৰা হৈছিল? {Hailakandi}

(A) কটন কলেজ আৰু গুৱাহাটী উচ্চ ন্যায়ালয়

(B) গুৱাহাটী বিশ্ববিদ্যালয়, অসম চিকিৎসা মহাবিদ্যালয় আৰু অসম কৃষি বিশ্ববিদ্যালয়

(C) যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয় আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়

(D) অসম কৃষি বিশ্ববিদ্যালয় আৰু শিলচৰ চিকিৎসা মহাবিদ্যালয়

Answer: B

31. নিম্নলিখিত অনুষ্ঠানসমূহ বিবেচনা কৰা আৰু নিম্নলিখিত বিকল্পসমূহৰ পৰা শুদ্ধ কালানুক্ৰমিক ক্ৰমটো বাছনি কৰা। {Hailakandi}

i) মুছলিম লীগ

ii) আহোম সভা

iii)ভাৰতীয় জাতীয় কংগ্ৰেছ

iv) যোৰহাট সাৰ্বজনিক সভা

(A)  i,ii,iii,iv

(B) ii, iv,ii, i

(C) iv, iii,ii,i

(D) iii,ii, iv,i

Answer: C

32. নিম্নলিখিত উক্তিসমূহ বিবেচনা কৰা: {Jorhat}

i) ভাৰত ত্যাগ আন্দোনলৰ সময়ত অসমত ছাত্র-ছাত্রীয়ে বিদ্যালয়-মহাবিদ্যালয় বর্জন কৰিছিল।

ii) জনসাধাৰণে চৰকাৰী কাৰ্যালয়ত আক্ৰমণ কৰি যোগাযোগত ব্যাঘাত জন্মাইছিল।

iii) চাহ বাগিচাৰ শ্ৰমিকসকলে আন্দোলনত অংশগ্রহণ কৰিবলৈ অস্বীকাৰ কৰিছিল।

(A) ১ আৰু ২ মাত্র

(B) ২ আৰু ৩ মাত্র

(C) ১ আৰু ৩ মাত্ৰ

(D) ১, ২ আৰু ৩

Answer: A

33. নিম্নলিখিত সমূহ মিলোৱা: {Jorhat}

(ক অংশ):

(A) আছাম এছ’চিয়েছন

(B) অসম ছাত্র সম্মিলন

(C) অসম কংগ্রেছ পাৰ্টি

(D) ৰায়ত সভা

(খ অংশ):

i) ছাত্ৰ সক্ৰিয়তাৰ বাবে মঞ্চ

ii) ব্ৰিটিছ প্ৰশাসনৰ আগত অসমীয়া স্বাৰ্থক প্রতিনিধিত্ব কৰিছিল

iii) কৃষকসকলৰ সমস্যা সংগঠিত কৰিছিল

iv)অসমৰ স্বাধীনতা সংগ্রামত মুখ্য ভূমিকা পালন কৰিছিল

বিকল্প:

(A) a-ii, b-i, c-iv, d-iii

(B) a-ii, b-iv, c-iii, d-i

(C) a-iii, b-iv, c-i, d-ii

(D) a-iv, b-ii, c-iii, d-i

Answer: A

34. ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱা : {Jorhat}

(ক অংশ):

(A) অসম পশু মহাবিদ্যালয়

(B) অসম কৃষি বিশ্ববিদ্যালয়

(C) অসম চিকিৎসা মহাবিদ্যালয় আনুষ্ঠানিক নামাকৰণ

(D) শিলচৰ মেডিকেল কলেজ

(খ অংশ):

i) (১৯৬৮ চন)

ii) (১৯৪৭ চন)

iii) (১৯৪৮ চন)

iv) (১৯৬৯ চন)

বিকল্প:

(A) a-iii, b-iv, c-ii, d-i

(B) a-iii, b-ii, c-iv, d-i

(C) a-i, b-ii, c-iii, d-iv

(D) a-iv, b-iii, c-i, d-ii

Answer: A

35. তলত দিয়াবোৰৰ মিল থকাটো বাছি উলিওৱা : {Kamrup M}

1. অসম চিকিৎসা মহাবিদ্যালয়

2. অসম কৃষি বিশ্ববিদ্যালয়

3. গুৱাহাটী বিশ্ববিদ্যালয়

4. শিলচৰ মেডিকেল কলেজ

a) ১৯৬৯

b) ১৯৬৮

c) ১৯৪৭

d) ১৯৪৮

(A) 1 – (c), 2 – (a), 3 – (d), 4 – (b)

(B) 1 – (a), 2 – (b), 3 – (c), 4 – (d)

(C) 1 – (d), 2 – (c), 3 – (a), 4 – (b)

(D) 1 – (c), 2 – (d), 3 – (b), 4 – (a)

Answer: A

36. তলত দিয়াবোৰৰ মিল থকাটো বাছি উলিওৱা- {Kamrup M}

1.হৰিবিলাস আগৰৱালা

2.চন্দ্ৰ কুমাৰ আগৰৱালা

3.পদ্মনাথ গোহাঁই বৰুৱা

4.নৰনাৰায়ণ সিংহ

i) আহোম সভা

ii)যোৰহাট সার্বজনিক সভা

iii) তেজপুৰ ৰায়ত সভা

iv) জোনাকী

(A) 1 – (iv), 2 – (iii), 3 – (i), 4 – (ii)

(B) 1 – (ii), 2 – (iv), 3 – (iii), 4 – (i)

(C) 1 – (i), 2 – (ii), 3 – (iii), 4 – (iv)

(D) 1 – (iii), 2 – (iv), 3 – (i), 4 – (ii)

Answer: D

37. উক্তি (A): ইংৰাজসকলৰ আগমনে অসমত এক নতুন ৰাজনৈতিক অর্থনৈতিক পৰিৱৰ্তনৰ সূচনা কৰিছিল। {Kamrup M}

যুক্তি (R): ইংৰাজসকলে প্ৰৱৰ্তন কৰা আধুনিক শিক্ষাই অসমত স্বদেশ প্রীতি আৰু জাতীয়তাবাদী ভাৱধাৰাৰে অনুপ্ৰাণিত এক মধ্যবিত্ত শিক্ষিত শ্ৰেণীৰ জন্ম দিছিল।

(A) A,B দুয়োটাই শুদ্ধ, আৰু, R,A ৰ শুদ্ধ বৰ্ণনা

(B) A,B দুয়োটাই শুদ্ধ, কিন্তু R,A ৰ শুদ্ধ বৰ্ণনা নহয়

(C) A শুদ্ধ, R অশুদ্ধ

(D) A অশুদ্ধ, R শুদ্ধ

Answer: A

38. কোনটো আন্দোলনৰ সময়ত ওপৰত দিয়া অনুষ্ঠানৰ গঢ়ি উঠিছিল। {Kamrup M}

class 10 social science

(A) ভাৰত ত্যাগ আন্দোলন

(B) অসহযোগ আন্দোলন

(C) অহিংসা আন্দোলন

(D) আইন অমান্য আন্দোলন

Answer: B

39. অসমৰ কোনজন নেতাই ওকালতি ত্যাগ কৰি অসহযোগ আন্দোলনৰ সময়ত স্বাধীনতা সংগ্রামত যোগদান কৰিছিল? {Kamrup R}

(A) ছবিলাল উপাধ্যায়

(B) নবীনচন্দ্ৰ বৰদলৈ

(C) টিৰৎ সিংহ

(D) অম্বিকাগিৰী ৰায়চৌধুৰী

Answer: B

40. গুৱাহাটী বা অসমত অতি সহজে এখন বিশ্ববিদ্যালয় হ’ব পাৰে বুলি পোনপ্রথমে কোনে মত প্রকাশ কৰিছিল? {Kamrup R}

(A) জন বেৰী হোৱাইট

(B) মাইকেল ছেডলাৰ

(C) সূর্যকুমাৰ ভূঞা

(D) ফকৰুদ্দিন আলি আহমেদ

Answer: B

41. দাবী (A): অসম এছ’চিয়েছন স্বাধীন হৈ থাকিল আৰু কেতিয়াও কোনো ৰাজনৈতিক দলৰ লগত একত্রিত নহ’ল। {Kamrup R}

যুক্তি (R): ই ৰাজনৈতিক স্বাধীনতাৰ ওপৰত নহয়, কেৱল সাংস্কৃতিক আৰু সামাজিক সংস্কাৰৰ ওপৰতহে গুৰুত্ব দিছিল।

(A) A আৰু R দুয়োটাই শুদ্ধ, R, A শুদ্ধ ব্যাখ্যা

(B) A আৰু R দুয়োটাই শুদ্ধ, কিন্তু R, A শুদ্ধ ব্যাখ্যা নহয়

(C) A শুদ্ধ, R. অশুদ্ধ

(D) Aঅশুদ্ধ, R শুদ্ধ

Answer: D

42. দাণ্ডি যাত্রাত মহাত্মা গান্ধীৰ সহযোগী অসমৰ ছাত্ৰগৰাকী আছিল- {Kamrup R}

(A) হেমচন্দ্র বৰুৱা

(B) লীলাধৰ বৰুৱা

(C) মহম্মদ তৈয়বুল্লা

(D) লক্ষীধৰ শৰ্মা

Answer: B

43. অসমৰ প্ৰথম মুখ্য আয়ুক্ত আছিল- {Kokrajhar}

(A) আৰ. এইচ. কিটিংছ

(B) এন্ড্রু ফ্ৰেজাৰ

(C) জে. বামফিল্ড ফুলাৰ

(D) উইলিয়াম ই. বার্ড

Answer: A

44. জ্ঞান প্রদায়িনী সভা নামৰ সংগঠনটো আৰম্ভ কৰিছিল- {Kokrajhar}

(A) আনন্দৰাম ঢেকিয়াল ফুকন আৰু গুনাভিৰাম বৰুৱা।।

(B) আনন্দৰাম ঢেকিয়াল ফুকন আৰু দেবীচৰণ বৰুৱা।

(C) জগন্নাথ বৰুৱা আৰু শুনাভিৰাম বৰুৱা।

(D) জগন্নাথ বৰুৱা আৰু মানিক চন্দ্ৰ বৰা।

Answer: A

45. গুৱাহাটী বিশ্ব-বিদ্যালয় স্থাপন কৰা হৈছিল- {Kokrajhar}

(A) 26 January 1948 চনত

(B) 26 January 1948 চনত

(C) 26 December 1948 চনত

(D) 26 December 1949 চনত

Answer: A

46. অসম এছোচিয়েছনৰ প্ৰথম অধিৱেশনৰ সভাপতি আছিল- {Kokrajhar}

(A) জগন্নাথ বৰুৱা।

(B) মানিক চন্দ্ৰ বৰুৱা।

(C) ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা।

(D) চন্দ্রনাথ শর্মা।

Answer: C

47. অসমীয়া লিটাৰেৰী ছ’ছাইটি কাৰ নেতৃত্বত গঠন হৈছিল {Lakhimpur}

(i) দেৱীচৰণ বৰুৱা

(ii) জগন্নাথ বৰুৱা

(iii) গুণ গোবিন্দ ফুকন

(iv) মানিকচন্দ্ৰ বৰুৱা

(A) কেৱল (iii)

(B) (ii) আৰু (iii)

(C) (i) আৰু (iii)

(D) (i) আৰু (iv)

Answer: C

48. মহাত্মা গান্ধীৰ দাণ্ডি যাত্রাত অসমৰ পৰা অংশ লৈছিল- {Majuli}

(A) তৰুণৰাম ফুকন

(B) নীলমণি ফুকন

(C) চন্দ্রনাথ শর্মা

(D) লীলাধৰ বৰুৱা

Answer: D

49. হেমকোষ ৰচনা কৰিছিল- {Majuli}

(A) হেমচন্দ্র বৰুৱা

(B) হেমচন্দ্র গোস্বামী

(C) হেমেন্দ্র প্রসাদ বৰুৱা

(D) হোমেন বৰগোঁহাই

Answer: A

50. ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱা: {Majuli}

‘ক’ অংশ

(A) অসমত বাংলা ভাষাৰ প্রচলন

(B) অসম ছাত্র সম্মিলনৰ জন্ম

(C) সদৌ অসম ৰায়ত সভা

(D) যোৰহাট সার্বজনিক সভা

‘খ’ অংশ

i) 1933 চনত

ii) 1884 চনত

iii) 1836 চনত

iv) 1916 চনত

(A) A(iv), B(ii), C(iii), D(i)

(B) A(i) B(iii), C(ii) D(iv)

(C) A(iii), B(iv), C(i), D(ii)

(D) A(ii), B(i), C(iv),D(iii)

Answer: C

51. যোৰহাট সার্বজনিক সভাৰ প্ৰতিষ্ঠাপক সভাপতি আছিল- {Majuli}

(A) জগন্নাথ বৰুৱা

(B) মাণিকচন্দ্র বৰুৱা

(C) প্রভাতচন্দ্ৰ বৰুৱা

(D) ৰজা নৰণাৰায়ণ সিংহ

Answer: D

52. তলৰ কোনখন বিশ্ববিদ্যালয়ৰ চৌহদক ‘গোপীনাথ বৰদলৈ নগৰ’ নামে জনাজাত- {Majuli}

(A) গুৱাহাটী বিশ্ববিদ্যালয়

(B) অসম কৃষি বিশ্ববিদ্যালয়

(C) কটন বিশ্ববিদ্যালয়

(D) ভট্টদেৱ বিশ্ববিদ্যালয়

Answer: a

53. নিম্নলিখিত কোনকেইটা উদ্দেশ্যক “ৰায়ত সভা” ৰ উদ্দেশ্য হিচাপে চিহ্নিত কৰা হৈছে? {Morigaon}

(i) গ্রেজি কৰ বন্ধ কৰা।

(ii) মাটিৰ খাজনা হ্রাস কৰা।

(iii) ৰাজহ বৃদ্ধিৰ প্ৰতিবাদ কৰা।

(iv) পূর্ব বংগৰ পৰা হোৱা প্ৰব্ৰজন ৰোধ কৰা।

(A) (i), (iii) আৰু (iv)

(B) (i), (ii) আৰু (iv)

(C) (i), (ii) আৰু (iii)

(D) (ii), (iii) আৰু (iv)

Answer: C

54. তলত দিয়াবোৰ মিলোৱা আৰু শুদ্ধ উত্তৰটো বাছি উলিওৱা – {Morigaon}

(a) অম্বিকাগিৰি ৰায় চৌধুৰী।

(b) পদ্মনাভ গোহাঁই বৰুৱা

(c) লক্ষ্মীনাথ বেজবৰুৱা

(d) আনন্দৰাম ঢেকিয়াল ফুকন

(i) জ্ঞান প্রদায়িনী সভা

(ii) বন্দিনী ভাৰত

(iii) আহোম সভা

(iv) বীণ বৰাগী

(A) (a) = ii, (b) = iii, (c) = iv, (d) = i

(B) (a) = iv, (b) = i, (c) = iii, (d) = ii

(C) (a) = ii, (b) = iii, (c) = i, (d) = iv

(D) (a) = iv, (b) = i, (c) = ii, (d) = iii

Answer: A

55. তলৰ কোনজন জোনাকী যুগৰ ত্রিমূৰ্ত্তিৰ অন্তর্গত নহয়? {Nagaon}

(A) লক্ষ্মীনাথ বেজবৰুৱা

(B) চন্দ্ৰকুমাৰ আগৰৱালা

(C) জ্যোতিপ্ৰসাদ আগৰৱালা

(D) হেমচন্দ্র গোস্বামী

Answer: C

56. ১৯ শতিকাৰ শেষৰফালে অসমত জাতীয়তাবাদ গঢ়ি উঠাৰ কাৰণবোৰ হ’ল – {Nalbari}

(i) শিক্ষাৰ প্ৰসাৰ

(ii) ঔপনিবেশিক শোষণ

(iii) জাতীয় অনুষ্ঠানৰ প্রতিষ্ঠা

(iv) অর্থনৈতিক উন্নয়ন

(A) i, ii

(B) i, iii, iv

(C) i, ii, iii

(D) ii, iii, iv

Answer: C

57. (A) আৰু (R) ৰ ৰূপত দিয়া তথ্যখিনিৰ ভিত্তিত, শুদ্ধ উত্তৰটো বাছি উলিওৱা- {Nalbari}

উক্তি (A) : ‘জোনাকী’য়ে অসমত এক নতুন যুগৰ সূচনা কৰিছিল।

যুক্তি (R) : এই কাকতত প্রকাশিত কবিতা, প্রবন্ধ-নিবন্ধ সমূহত লেখকৰ জাতীয়তাবাদী চিন্তাৰ প্ৰতিফলন ঘটিছিল।

(A) (A) টো শুদ্ধ, (R) টো অশুদ্ধ।

(B) (A) টো অশুদ্ধ, (R) টো শুদ্ধ।

(C) (A) আৰু (R) উভয়ে শুদ্ধ আৰু (R) টো (A) ৰ শুদ্ধ বর্ণনা হয়।

(D) (A) আৰু (R) উভয়ে শুদ্ধ, কিন্তু (R) টো (A) ৰ শুদ্ধ বর্ণনা নহয়।

Answer: C

58. প্রতিষ্ঠা বর্ষ অনুসৰি তলত দিয়া প্রতিষ্ঠানসমূহৰ শুদ্ধক্রমটো হ’ল- {Nalbari}

(A) অসম চিকিৎসা মহাবিদ্যালয়→ গুৱাহাটা চিকিৎসা মহাবিদ্যালয়→ গুৱাহাটী বিশ্ববিদ্যালয়→ অসম কৃষি বিশ্ববিদ্যালয়

(B) অসম চিকিৎসা মহাবিদ্যালয়→ গুৱাহাটী বিশ্ববিদ্যালয় →গুৱাহাটী চিকিৎসা মহাবিদ্যালয় → অসম কৃষি বিশ্ববিদ্যালয়

(C) অসম কৃষি বিশ্ববিদ্যালয়→ অসম চিকিৎসা মহাবিদ্যালয় →গুৱাহাটী বিশ্ববিদ্যালয় →গুৱাহাটী চিকিৎসা মহাবিদ্যালয়

(D) গুৱাহাটী চিকিৎসা মহাবিদ্যালয় →গুৱাহাটী বিশ্ববিদ্যালয়→ অসম চিকিৎসা মহাবিদ্যালয়→ অসম কৃষি বিশ্ববিদ্যালয়

Answer: B

59. তলৰ ঘটনা সমূহৰ পুৰণিৰ পৰা নতুনলৈ একাদিকক্রমে সজোৱা :{Sibsagar}

(i) আহোম সভাৰ প্ৰথম অধিৱেশন

(ii) কংগ্ৰেছৰ ৪১ তম অধিৱেশন

(iii) সদৌ অসম ৰায়ত সভা

(iv) তিলক সোঁৱৰণী স্কুল

(A) i – iii – ii – iv

(B) i – iv – ii – iii.

(C) iv – ii – iii – i

(D) iii – i – iv – ii

Answer: B

60. উক্তি (A): কেবিনেট মিছনে অসম আৰু উত্তৰ পূৱক পৰ্ববংগৰ লগত সাঙুৰি গ্ৰুপ ‘গ’ত সন্নিবিষ্ট কৰিবলৈ চেষ্টা কৰিছিল। {Sibsagar}

যুক্তি (R): একমাত্র মহাত্মা গান্ধীৰ বিৰোধীতাৰ বাবেই অসম গ্রুপ ‘গ’ত অন্তর্ভূক্ত হোৱা নাছিল।

(A) উক্তিটো শুদ্ধ, যুক্তি অশুদ্ধ

(B) যুক্তি শুদ্ধ, উক্তি অশুদ্ধ

(C) যুক্তি আৰু উক্তি দুয়োটাই শুদ্ধ, কিন্তু R, A ৰ সঠিক ব্যাখ্যা নহয়।

(D) যুক্তি আৰু উক্তি দুয়োটাই শুদ্ধ, আৰু R, A ৰ সঠিক ব্যাখ্যা।

Answer: A.

61. 14 বছৰীয়া কনকলতা বৰুৱা কোনটো আন্দোলনত শ্বহীদ হৈছিল? {Sonitpur}

(A) ভাৰত ত্যাগ

(B) অসহযোগ

(C) স্বদেশী

(D) সত্যাগ্রহ

Answer: A

62. ‘হেমকোষ’ৰ ৰচক কোন? {Sonitpur}

(A) বাণীকান্ত কাকতি

(B) হেমচন্দ্ৰ বৰুৱা

(C) হেমচন্দ্র গোস্বামী

(D) বাণীকান্ত বৰুৱা

Answer: B

63. ‘জোনাকী’ৰ প্ৰথম সম্পাদক কোন আছিল? {Sonitpur}

(A) হেমচন্দ্ৰ বৰুৱা

(B) হেমচন্দ্র গোস্বামী

(C) জগন্নাথ বৰুৱা

(D) চন্দ্ৰকুমাৰ আগৰৱালা

Answer: D

64. তলত দিয়াবোৰ মিলোেৱা আৰু শুদ্ধ উত্তৰটো বাছি উলিওৱা – {Sonitpur}

ⅰ) অম্বিকাগিৰি ৰায় চৌধুৰী

ii) পদ্মনাথ গোঁহাই বৰুৱা

iii) লক্ষ্মীনাথ বেজবৰুৱা

iv) আনন্দৰাম ঢেকিয়াল ফুকন

a) জ্ঞান প্রদায়িনী সভা

b) বন্দিনী ভাৰত

c) আহোম সভা

d) বীণ ব’ৰাগী

(A) (i) (b), (ii) (c), (iii) (d), (iv) (a)

(B) (i) (d), (ii) (a), (iii) (c), (iv) (b)

(C) (i) (b), (ii) (c), (iii) (a), (iv) (d)

(D) (i) (d), (ii) (a), (iii) (c), (iv) (b)

Answer: ক

65. ১৮৯৩ সালে প্রতিষ্ঠিত আহোম সভার প্রধান কার্য – {Sribhumi}

(A) অসমিয়াদের মধ্যে একতা গড়ে তোলা।

(B) মাতৃভাষার উন্নতি সাধন করা।

(C) কানির প্রচলন বন্ধ করা।

(D) জমির খাজনা হ্রাস করা।

Answer: A

66. উত্তর-পূর্ব ভারতের প্রথম চিকিৎসা মহাবিদ্যালয় স্থাপিত হয়েছিল {Sribhumi}

(A) গুয়াহাটি

(B) ডিব্ৰুগড়

(C) তিতাবর

(D) যোরহাট

Answer: B

67. বেরি হোয়াইট মেডিকেল স্কুল প্রতিষ্ঠিত হয়েছিল – {Sribhumi}

(A) কামরূপ

(B) শিলচর

(C) ডিব্ৰগড়

(D) তেজপুর

Answer: C

68. “জোনাকী” পত্রিকার প্রথম সম্পাদক কে ছিলেন? {Sribhumi}

(A) জগন্নাথ বরুয়া

(B) রমাকান্ত বরকাকতি

(C) লক্ষ্মীনাথ বেজবরুয়া

(D) চন্দ্রকুমার আগরওয়ালা

Answer: D

69. তলত দিয়াবোৰ মিলোৱা আৰু শুদ্ধ উত্তৰটো বাছি উলিওৱা) {Salmara}

i) ইয়াণ্ডাবু সন্ধি

ii) অসমীয়া ভাষা উন্নতি সাধিনী সভা

iii) অসম ছাত্র সম্মিলন

iv) সদৌ অসম ৰায়ত সভা

a) ১৮৮৮

b) ১৯৩৩

c) ১৮২৬

d) ১৯১৬

(A) i-c, ii-a, iii-d, iv-b

(B) i-c, ii-d, iii-a, iv-b

(C) i-c, ii-b, iii-a, iv-d

(D) i-c, ii-a, iii-d, iv-b

Answer: A

70. তলত দিয়াবোৰ মিলোৱা আৰু শুদ্ধ উত্তৰটো বাছি উলিওৱাঃ {Salmara}

i. গুৱাহাটী বিশ্ববিদ্যালয়

ii. অসম কৃষি বিশ্ববিদ্যালয়

iii. শিলচৰ চিকিৎসা মহাবিদ্যালয়

iv. অসম চিকিৎসা মহাবিদ্যালয়

(A) ১৯৬৯

(B) ১৯৬৮

(C) ১৯৪৭)

(D) ১৯৪৮

(A) i-c, ii-, iii-d, iv-b

(B) i-d, ii-b, iii-a, iv-c

(C) i-d, ii-c, iii-a, iv-b

(D) i-d, ii-a, iii-b, iv-c

Answer: D

71. তলৰ কোন তিনিজন জোনাকী যুগৰ ত্রিমূর্তি{Salmara}

i. লক্ষ্মীনাথ বেজবৰুৱা

ii. হেমচন্দ্ৰ গোস্বামী

iii. চন্দ্ৰকুমাৰ আগৰৱালা

iv. পদ্মনাথ গোহাঁই বৰুৱা

A i, ii, iii,

(B) ii, iii, iv,

(C) i, iii, iv,

(D) i, ii, iv,

Answer: A

72. তলৰ প্ৰশ্নটোত দাবী (A) আৰু কাৰণ (R) হিচাপে দুটা উক্তি দিয়া হৈছে। উক্তিকেইটা পঢ়া আৰু শুদ্ধ বিকল্পটো বাছি উলিওৱাঃ।{Salmara}

দাবী (A) ১৯ শতিকাৰ শেষৰ ফালে তেজপুৰ আৰু নগাঁওত ৰায়ত সভাৰ জন্ম হৈছিল।

কাৰণ (R) ৰায়ত সভাই অসমত ব্ৰিটিছ চৰকাৰৰ দ্বাৰা প্ৰস্তাৱিত ভূমি ৰাজহ নীতিৰ বিৰোধিতা কৰিছিল।

(A) (A) সত্য, (R) অসত্য

(B) (A) অসত্য, (R) সত্য

(C) (A) আৰু (R) উভযে সত্য

(D) (A) আৰু (R) উভয়ে অসত্য

Answer: C

73. তলৰ ধাৰণা বোৰৰ কোন কেইটা অসত্য- {Tamulpur}

(i) 1857 চনত জ্ঞান প্রদায়িনী সভা প্রতিষ্ঠা হৈছিল।

(ii) 1886 চনত অসম ভূমি আৰু ৰাজহ নিয়ন্ত্রণ নীতি গ্রহণ কৰা হৈছিল।

(iii) সদৌ অসম ৰায়ত সভাই কৃষক বিদ্রোহ কৰাত উদ্যোগ লৈছিল।

(v) ‘বীণ বৰাগী’ চন্দ্ৰ কুমাৰ আগৰৱালাই ৰচনা কৰিছিল।

(A) i, ii

(B) i, ii, iii

(C) iii, iv

(D) iii,iii, ii

Answer: C

74. তলৰ ঘটনা বোৰ ক্ৰম অনুসাৰে লিখা- গঠন হোৱা চনৰ ওপৰত ভিত্তি কৰি {Tamulpur}

(i) অসম ছাত্র সম্মিলন

(ii) অঃ ভাঃ উঃ সাঃ সভা

(iii) আহোম সভা

(iv) যোৰহাট সাৰ্বজনিক সভা

(A) i, iii, iv, ii

(B) iv, ii, iii, i

(C) iv, iii, ii, i

(D) iv, i, ii, iii

Answer: B

75. 1946 চনত গঠন হোৱা কোনজন ব্যক্তি বৰদলৈ মন্ত্ৰী সভাৰ সদস্য নাছিল- {Tamulpur}

(A) জে নিকলছৰয়

(B) তৰুণ ৰাম ফুকন

(C) আব্দুল মতলিব মজুমদাৰ

(D) বৈদ্যনাথ মুখার্জী

Answer: B

76. তলৰ কোনটো যোৰ শুদ্ধভাৱে মিলি আছে? {Udalguri}

(A) অম্বিকাগিৰি ৰায়চৌধুৰী – বন্দিনী ভাৰত

(B) পদ্মনাথ গোহাঁই বৰুৱা – যোৰহাট সার্বজনীক সভা

(C) জগন্নাথ বৰুৱা – আহোম সভা

(D) ৰায়ত সভা – হেমচন্দ্র গোস্বামী

Answer: A

77. অসমত অসহযোগ আন্দোলনৰ সময়ছোৱাত বাগিচাৰ বনুৱাসকলে “গান্ধী মহাৰাজৰ জয়” ধ্বনি দি বিভিন্ন দাবীৰে প্রতিবাদ সাব্যস্ত কৰিছিল। নিম্নোক্ত উক্তি সমূহৰ ভিতৰত কোনটো শুদ্ধ নহয়? {Udalguri}

(A) ঔপনিৱেশিক শাসনৰ প্রতিবাদ।

(B) মজুৰি বৃদ্ধিৰ দাবী।

(C) হৰতাল কাৰ্য্যসূচীৰে প্ৰতিবাদ।

(D) বাগিচাৰ বনুৱাসকলে এই আন্দোলনক এক সফল ৰূপ দিছিল।

Answer: D

78. কাৰ নেতৃত্বত 1872 চনত ‘অসমীয়া লিটাৰেৰী ছচাইটী’ নামৰ প্ৰথমটো সংগঠন কলিকাতাত গঠন হৈছিল? {Udalguri}

(A) দেৱীচৰণ বৰুৱা আৰু গুণগোবিন্দ ফুকন

(B) জগন্নাথ বৰুৱা আৰু মাণিক চন্দ্ৰ বৰুৱা

(C) আনন্দৰাম ঢেকিয়াল ফুকন আৰু গুণাভিৰাম বৰুৱা

(D) অম্বিকাগিৰি ৰায়চৌধুৰী আৰু গোবিন্দ লাহিড়ী

Answer: A

HSLC 2027-ৰ বাবে অতি সম্ভাৱ্য বহুবিকল্পীয় প্ৰশ্নোত্তৰ (MCQs)

1. অসমৰ বিদ্যালয় আৰু আদালতত অসমীয়া ভাষাৰ সলনি বঙালী ভাষাক কেতিয়া চৰকাৰী ভাষা হিচাপে প্ৰৱৰ্তন কৰা হৈছিল?

(A) ১৮২৬ চনত

(B) ১৮৩৬ চনত

(C) ১৮৭৩ চনত

(D) ১৮৮৮ চনত

Answer: B

2. অসমীয়া ভাষাৰ পুনৰ প্ৰতিষ্ঠাৰ বাবে এ. জে. মফট মিলছৰ ওচৰত কোনে স্মাৰকপত্ৰ দাখিল কৰিছিল?

(A) হেমচন্দ্ৰ বৰুৱা

(B) লক্ষ্মীনাথ বেজবৰুৱা

(C) আনন্দৰাম ঢেকিয়াল ফুকন

(D) গুণাভিৰাম বৰুৱা

Answer: C

3. ১৮৭২ চনত কলিকতাত অসমীয়া ছাত্ৰসকলে গঠন কৰা প্ৰথমটো সামাজিক-সাংস্কৃতিক অনুষ্ঠানৰ নাম কি আছিল?

(A) অসমীয়া ভাষা উন্নতি সাধিনী সভা

(B) অসমীয়া লিটাৰেৰী ছ’চাইটি

(C) অসম ছাত্ৰ সন্মিলন

(D) আছাম এছ’চিয়েশ্যন

Answer: B

4. ‘অসমীয়া ভাষা উন্নতি সাধিনী সভা’ (অ. ভা. উ. সা. সভা) কেতিয়া গঠন কৰা হৈছিল?

(A) ১৮৭২ চনত

(B) ১৮৮৪ চনত

(C) ১৮৮৮ চনত

(D) ১৯০৩ চনত

Answer: C

5. বিখ্যাত অসমীয়া আলোচনী ‘জোনাকী’ৰ প্ৰথমগৰাকী সম্পাদক কোন আছিল?

(A) লক্ষ্মীনাথ বেজবৰুৱা

(B) হেমচন্দ্ৰ গোস্বামী

(C) চন্দ্ৰকুমাৰ আগৰৱালা

(D) পদ্মনাথ গোহাঞিবৰুৱা

Answer: C

6. ১৯১৭ চনত অসম সাহিত্য সভাৰ প্ৰথমখন অধিৱেশন ক’ত অনুষ্ঠিত হৈছিল?

(A) গুৱাহাটী

(B) যোৰহাট

(C) শিৱসাগৰ

(D) তেজপুৰ

Answer: C

7. ১৮৮৪ চনত ‘যোৰহাট সাৰ্বজনিক সভা’ কোনে প্ৰতিষ্ঠা কৰিছিল?

(A) মাণিক চন্দ্ৰ বৰুৱা

(B) জগন্নাথ বৰুৱা

(C) প্ৰভাত চন্দ্ৰ বৰুৱা

(D) নবীন চন্দ্ৰ বৰদলৈ

Answer: B

8. ১৯০৩ চনত গঠিত ‘আছাম এছ’চিয়েশ্যন’ৰ প্ৰথমগৰাকী সাধাৰণ সম্পাদক কোন আছিল?

(A) ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা

(B) মাণিক চন্দ্ৰ বৰুৱা

(C) তৰুণ ৰাম ফুকন

(D) জগন্নাথ বৰুৱা

Answer: B

9. অসম ছাত্ৰ সন্মিলনৰ মুখপত্ৰ (আলোচনী) খনৰ নাম কি আছিল?

(A) বাঁহী

(B) মিলন

(C) অৰুণোদই

(D) জোনাকী

Answer: B

10. অসম প্ৰদেশ কংগ্ৰেছ কমিটি (APCC) কেতিয়া গঠন কৰা হৈছিল?

(A) ১৯০৫ চনত

(B) ১৯১৬ চনত

(C) ১৯২১ চনত

(D) ১৯২৬ চনত

Answer: C

11. ১৯২১ চনৰ জুন মাহত গঠিত অসম প্ৰদেশ কংগ্ৰেছৰ অস্থায়ী কমিটিৰ সভাপতি কোন আছিল?

(A) কুলধৰ চলিহা

(B) বিষ্ণুৰাম মেধি

(C) তৰুণ ৰাম ফুকন

(D) গোপীনাথ বৰদলৈ

Answer: A

12. ১৯২৬ চনত অসমত অনুষ্ঠিত হোৱা ভাৰতীয় জাতীয় কংগ্ৰেছৰ কোনখন অধিৱেশনত মহাত্মা গান্ধীয়ে অংশগ্ৰহণ কৰিছিল?

(A) গুৱাহাটী (পাণ্ডু) অধিৱেশন

(B) যোৰহাট অধিৱেশন

(C) তেজপুৰ অধিৱেশন

(D) শিলচৰ অধিৱেশন

Answer: A

13. ছাত্ৰ-ছাত্ৰীসকলক কোনটো জাতীয় আন্দোলনত অংশগ্ৰহণ কৰাৰ পৰা বিৰত ৰাখিবলৈ কুখ্যাত ‘কানিংহাম চাৰ্কুলাৰ’ জাৰি কৰা হৈছিল?

(A) স্বদেশী আন্দোলন

(B) অসহযোগ আন্দোলন

(C) আইন অমান্য আন্দোলন

(D) ভাৰত ত্যাগ আন্দোলন

Answer: C

14. “গান্ধী মহাৰাজৰ জয়” এই ধ্বনিটো কোনটো আন্দোলনৰ সময়ত দিয়া হৈছিল? 

(A) ভাৰত ত্যাগ আন্দোলন।

(B) আইন অমান্য আন্দোলন।

(C) অসহযোগ আন্দোলন।

(D) ব্যক্তিগত সত্যাগ্রহ।

Answer: C

15. 1921 চনৰ জুন মাহত গঠন কৰা অসম প্রদেশ কংগ্ৰেছৰ অস্থায়ী কমিটিৰ সভাপতি কোন আছিল? 

(A) গোপীনাথ বৰদলৈ

(B) কুলধৰ চলিহা

(C) নবীন চন্দ্ৰ বৰদলৈ

(D) বিষ্ণুৰাম মেধি

Answer: B

16. কাৰ তত্বাৱধানত অসমীয়া পত্রিকা ‘জোনাকী’ প্রকাশ পাইছিল? 

(A) আছাম এছ’চিয়েছন

(B) আহোম সভা

(C) অসম ছাত্র সম্মিলন

(D) অসমীয়া ভাষা উন্নতি সাধিনী সভা

Answer:  D

17. A-যোৰহাট সার্বজনিন সভা আছিল অসমৰ প্ৰথম ৰাজহুৱা ৰাজনৈতিক অনুষ্ঠান। 

B-যোৰহাট সার্বজনিক সভাই প্রথমে বংগ বিভাজনৰ বিৰোধিতা কৰিছিল যদিও পৰৱৰ্তী সময়ত বংগ বিভাজন বিৰোধী মনোভাৱ ত্যাগ কৰিছিল। 

(A) A আৰু B শুদ্ধ

(B) A আৰু B অশুদ্ধ

(C) A শুদ্ধ B অশুদ্ধ

(D) A অশুদ্ধ B শুদ্ধ

Answer: A

18. ৰায়ত সভাৰ মূখ্য উদ্দেশ্যসমূহ আছিল-  

(i) গ্রেজিং বন্ধ কৰা

(ii) মাটিৰ খাজনা হ্রাস কৰা

(iii) স্থানীয় নিকায়সমূহৰ গণতান্ত্ৰিকীকৰণ কৰা

(iv) পূর্ববংগৰ পৰা হোৱা প্ৰব্ৰজন বন্ধ কৰা

(A) (i), (ii)

(B) (i), (iii), (iv)

(C) (i), (ii), (iii)

(D) (i), (ii), (iv)

Answer: D

19. তলত দিয়া সংগঠনসমূহ লক্ষ্য কৰা : 

1. আহোম সভা

3. এসম এছ’ছিয়েচন

2. যোৰহাট সার্বজনিক সভা

20. অসম ছাত্র সম্মিলন

তলৰ কোনবোৰ ক্ৰমানুসাৰে সত্য?

(A) 2, 3, 4, 1

(B) 1, 2, 3, 4

(C) 2, 1, 3, 4

(D) 4, 3, 1, 2

Answer: C

21. প্ৰতিষ্ঠাপকসকলৰ সৈতে সংগঠনসমূহৰ নামবোৰ মিলবো আৰু শুদ্ধ উত্তৰটো বাছনি কৰা। 

(A) আহোম সভা

(B) যোৰহাট সার্বজনীন সভা

(C) অসম এছ’চিয়েছন

(i) পদ্মনাথ গোহাঁই বৰুৱা

(ii) মানিক চন্দ্ৰ বৰুৱা

(iii) জগন্নাথ বৰুৱা

(A) A-i, B-ii, C-iii

(B) A-i, B-iii, C-ii

(C)A-ii, B-i, C-iii

(D) A-ii, B-iii, C-i

Answer: B

22. উক্তি (A): দেৱীচৰণ বৰুৱা আৰু গুণগোবিন্দ ফুকনৰ নেতৃত্বত ১৮৭২ চনত অসমীয়া লিটাৰেৰী ছ’চাইটি নামৰ প্ৰথমটি সংগঠন কলিকতাত গঠন হৈছিল।

যুক্তি (R): ১৮৭৩ চনত অসমীয়া ভাষাক স্কুল, অফিচ, কাছাৰীত মাধ্যম হিচাপে পুনৰ প্ৰতিষ্ঠা কৰা হৈছিল। কোনটো শুদ্ধ বিকল্প? 

(A) A শুদ্ধ, R অশুদ্ধ

(B) A অশুদ্ধ, R শুদ্ধ

(C) A আৰু, R দুয়োটাই শুদ্ধ আৰু R, Aৰ শুদ্ধ ব্যাখ্যা।

(D) A আৰু, R দুয়োটাই শুদ্ধ কিন্তু R, Aৰ শুদ্ধ ব্যাখ্যা নহয়।

Answer: C

23. ১৯ শতিকাৰ শেষার্ধত অসমীয়া জাতীয়তবাদ গঢ়ি উঠাৰ কাৰণ হ’ল- 

(i) শিক্ষাৰ প্ৰসাৰ

(ii) ঔপনিৱেশিক শোষণ

(iii) জাতীয়তাবাদী ভাৱধাৰাৰ অনুষ্ঠান প্রতিষ্ঠা

(iv) অসমৰ অৰ্থনৈতিক অনগ্ৰসৰতা

(A) কেৱল (i) আৰু (ii) শুদ্ধ

(B) (i), (ii), (iii) আৰু (iv) শুদ্ধ

(C) কেৱল (i), (ii) আৰু (iii) শুদ্ধ

(D) কেবল (ii), (iii) আৰু (iv) শুদ্ধ

Answer: C

24. তলত দিয়াবোৰ মিলোৱা 

(a) হৰিবিলাস আগৰৱালা         

(b) চন্দ্ৰ কুমাৰ আগৰৱালা        

(c) পদ্মনাথ গোহাঁই বৰুৱা       

(d) নৰনাৰায়ণ সিংহ

i. আহোম সভা

ii. যোৰহাট সাৰ্বজনিক সভা

iii. তেজপুৰ ৰায়ত সভা

iv. জোনাকী

(A) A-iii, B-iv, C-i, D-ii

(B) A-ii, B-i, C-iii, D-iv

(C) A-iv, B-ii, C-iii, D-i

(D) A-i, B-iii, C-iv, D-ii

Answer: A

25. মহাত্মা গান্ধী অসমলৈ আহিছিলঃ 

(A) 1920 চনত

(B) 1921 চনত

(C) 1922 চনত

(D) 1923 চনত

Answer: B

16. জোনাকীৰ প্ৰথম সম্পাদক আছিল- 

(A) লক্ষ্মীনাথ বেজবৰুৱা

(B) আনন্দৰাম ঢেকিয়াল ফুকন

(C) আনন্দ চন্দ্র আগৰৱালা

(D) চন্দ্ৰকুমাৰ আগৰৱালা

Answer: D

26. লর্ড নর্থব্রুকলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰা ‘অসমীয়া লিটাৰেৰী ছ’চাইটী’ৰ সদস্য দুজন কোন আছিল? 

(A) আনন্দৰাম ঢেকিয়াল ফুকন আৰু গুণাভিৰাম বৰুৱা

(B) দেৱীচৰণ বৰুৱা আৰু গংগাগোবিন্দ ফুকন

(C) জগন্নাথ বৰুৱা আৰু মাণিক চন্দ্ৰ বৰুৱা

(D) হেমচন্দ্র গোস্বামী আৰু লক্ষ্মীনাথ বেজবৰুৱা

Answer: C

27. প্রতিষ্ঠাতাসকলৰ নামৰ লগত মিলোৱা: 

(i) জ্ঞান প্রদায়িনী সভা

(ii) যোৰহাট সার্বজনীন সভা

(iii) আহোম সভা

(a) অম্বিকাগিৰী ৰায় চৌধুৰী

(b) জগন্নাথ বৰুৱা

(c) আনন্দৰাম ঢেকিয়াল ফুকন

(iv) সেৱা সংঘ

(d) পদ্মনাথ গোঁহাই বৰুৱা

(A) (i-c), (ii-b), (iii-d), (iv-a)

(B) (i-b), (ii-a), (iii-d), (iv-c)

(C) (i-c), (ii-d), (iii-b), (iv-a)

(D) (i-d), (ii-b), (iii-c), (iv-a)

Answer: A

28. ‘গান্ধী মহাৰাজৰ জয়’- এই ধ্বনিটো অসমৰ কোনটো আন্দোলনৰ সময়ত দিছিল? 

(A) ভাৰত ত্যাগ আন্দোলন

(B) ব্যক্তিগত সত্যাগ্রহ

(C) অসহযোগ আন্দোলন

(D) আইন অমান্য আন্দোলন

Answer: C

29. দাণ্ডি যাত্রাত মহাত্মা গান্ধীক সহায় কৰা অসমৰ ছাত্ৰগৰাকী আছিল-

(A) লক্ষীধৰ শৰ্মা

(B) হেমচন্দ্ৰ বৰুৱা

(C) হেমচন্দ্র গোস্বামী

(D) লীলাধৰ বৰুৱা

Answer: d

30. পথৰুঘাট কোন জিলাত অৱস্থিত? 

(A) কামৰূপ

(B) দৰং

(C) নলবাৰী

(D) বৰপেটা

Answer: B

31. ৰায়ত সভাসমূহৰ সন্দৰ্ভত তলৰ উক্তিসমূহ পঢ়া আৰু শুদ্ধ বিকল্পটো বাছি উলিওৱা:

(i) তেওঁলোকে ভূমি ৰাজহ হ্ৰাস কৰাৰ দাবী জনাইছিল।

(ii) তেওঁলোকে ব্ৰিটিছৰ গ্ৰেজিং কৰক সক্ৰিয়ভাৱে সমৰ্থন কৰিছিল।

(iii) অসমৰ কৃষকসকলৰ মাজত ৰাজনৈতিক সজাগতা সৃষ্টি কৰাত তেওঁলোকে গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল।

(A) কেৱল (i) আৰু (ii) শুদ্ধ

(B) কেৱল (ii) আৰু (iii) শুদ্ধ

(C) কেৱল (i) আৰু (iii) শুদ্ধ

(D) আটাইকেইটা শুদ্ধ

Answer: C

32. অসমত কানিংহাম চাৰ্কুলাৰ জাৰি কৰাৰ প্ৰধান উদ্দেশ্য কি আছিল?

(A) যুৱ সমাজৰ মাজত পাশ্চাত্য শিক্ষাৰ প্ৰসাৰ ঘটোৱা।

(B) ছাত্ৰ-ছাত্ৰী আৰু তেওঁলোকৰ অভিভাৱকক কোনো ৰাজনৈতিক কাৰ্যকলাপত অংশগ্ৰহণ নকৰাৰ লিখিত প্ৰতিশ্ৰুতি (Bond) দিবলৈ বাধ্য কৰোৱা।

(C) বিদ্যালয়সমূহত অসমীয়াক বাধ্যতামূলক বিষয় হিচাপে প্ৰৱৰ্তন কৰা।

(D) ব্ৰিটিছ সেনাবাহিনীত যুৱ ছাত্ৰসকলক নিযুক্তি দিয়া।

Answer: B

33. অসহযোগ আন্দোলনৰ সময়ত অসমৰ জনসাধাৰণে হাতত লোৱা আটাইতকৈ সফল ব্ৰিটিছ বিৰোধী কাৰ্যসূচী কোনটো আছিল?

(A) পথৰুঘাটত হোৱা সশস্ত্ৰ বিদ্ৰোহ।

(B) কানি নিবাৰণ বা কানি বৰ্জনৰ ব্যাপক কাৰ্যসূচী।

(C) সমান্তৰাল প্ৰাদেশিক চৰকাৰ গঠন।

(D) ৰাজ্যজুৰি সামৰিক ৰেল বগৰোৱা কাৰ্যসূচী।

Answer: B

34. তলৰ কোনগৰাকী সাহিত্যিকক জোনাকী যুগৰ ‘ত্ৰিমূৰ্তি’ৰ ভিতৰত ধৰা নহয়?

(A) লক্ষ্মীনাথ বেজবৰুৱা

(B) হেমচন্দ্ৰ গোস্বামী

(C) পদ্মনাথ গোহাঞিবৰুৱা

(D) চন্দ্ৰকুমাৰ আগৰৱালা

Answer: C

35. অসমত সংঘটিত হোৱা জাতীয় আন্দোলনৰ সৈতে তাৰ প্ৰধান বৈশিষ্ট্যসমূহ মিলোৱা:

(a) অসহযোগ আন্দোলন

(b) আইন অমান্য আন্দোলন

(c) ভাৰত ত্যাগ আন্দোলন

(i) কানিংহাম চাৰ্কুলাৰ

(ii) মৃত্যু বাহিনী

(iii) কানি নিবাৰণ অভিযান

(A) (a)-iii, (b)-i, (c)-ii

(B) (a)-i, (b)-ii, (c)-iii

(C) (a)-iii, (b)-ii, (c)-i

(D) (a)-ii, (b)-i, (c)-iii

Answer: A

36. যোৰহাট সাৰ্বজনিক সভাৰ সম্পৰ্কে তলৰ উক্তিসমূহ বিবেচনা কৰা:

উক্তি ১: ই অসমৰ প্ৰথমটো ৰাজহুৱা ৰাজনৈতিক-সামাজিক অনুষ্ঠান আছিল।

উক্তি ২: ই ১৮৮৪ চনতে ব্ৰিটিছ শাসনৰ পৰা সম্পূৰ্ণ স্বাধীনতাৰ (পূৰ্ণ স্বৰাজ) দাবী উত্থাপন কৰিছিল।

(A) উক্তি ১ শুদ্ধ, উক্তি ২ অশুদ্ধ

(B) উক্তি ১ অশুদ্ধ, উক্তি ২ শুদ্ধ

(C) দুয়োটা উক্তি শুদ্ধ

(D) দুয়োটা উক্তি অশুদ্ধ

Answer: A

37. ঊনবিংশ শতিকাৰ শেষৰ ফালে অসমত ৰাজনৈতিক জাগৰণৰ ভেটি স্থাপন কৰাত আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা কিহে লৈছিল?

(A) উত্তৰ ভাৰতত হোৱা ১৮৫৭ চনৰ বিদ্ৰোহে।

(B) পাশ্চাত্য শিক্ষাৰে শিক্ষিত অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ নেতৃত্বত গঢ়ি উঠা ভাষা আৰু সাহিত্যৰ আন্দোলনে।

(C) শিৱসাগৰত খ্ৰীষ্টান মিছনেৰীসকলৰ আগমনে।

(D) ব্ৰিটিছৰ দ্বাৰা অসমৰ দ্ৰুত ঔদ্যোগিকীকৰণে।

Answer: B

38. ভাৰত ত্যাগ আন্দোলনৰ সময়ত অসমত মহিলাৰ ভূমিকা সম্পৰ্কে শুদ্ধ উক্তিটো বাছি উলিওৱা:

(A) কংগ্ৰেছ নেতাসকলে তেওঁলোকক ঘৰৰ ভিতৰতে আবদ্ধ কৰি ৰাখিছিল।

(B) তেওঁলোকে কেৱল শান্তিপূৰ্ণভাৱে যঁতৰত সূতা কটা কামতহে লাগি আছিল।

(C) তেওঁলোকে সক্ৰিয়ভাৱে সমদলৰ নেতৃত্ব দিছিল, আৰক্ষীৰ গুলীৰ সন্মুখীন হৈছিল আৰু ‘মৃত্যু বাহিনী’ গঠন কৰিছিল।

(D) তেওঁলোকে কেৱল কানি নিবাৰণ অভিযানতহে অংশ লৈছিল।

Answer: C

39. ১৯২৬ চনত পাণ্ডুত (গুৱাহাটী) অনুষ্ঠিত ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিৱেশনখনৰ ঐতিহাসিক গুৰুত্ব কি আছিল?

(A) এই অধিৱেশনতে কংগ্ৰেছে প্ৰথমবাৰৰ বাবে ভাৰত বিভাজনৰ দাবী জনাইছিল।

(B) ই অসমৰ স্থানীয় নেতাসকলক সৰ্বভাৰতীয় ৰাজনীতিৰ সৈতে সফলতাৰে চামিল কৰিছিল।

(C) ইয়াৰ পৰাই অসমত স্বদেশী আন্দোলন আৰম্ভ হৈছিল।

(D) এই অধিৱেশনতে সুভাষ চন্দ্ৰ বসুৱে ফৰৱাৰ্ড ব্লক গঠন কৰিছিল।

Answer: B

40. ঊনবিংশ শতিকাত বঙালী ভাষাৰ আধিপত্যৰ বিৰোধিতা কৰি অসমীয়া ভাষা আৰু পৰিচয়ৰ হৈ সাহসেৰে মাত মতা অসমীয়া নেতাজন কোন আছিল?

(A) মণিৰাম দেৱান

(B) কুশল কোঁৱৰ

(C) আনন্দৰাম ঢেকিয়াল ফুকন

(D) তৰুণ ৰাম ফুকন

Answer: C

41. দাবী (A): ১৮৭৩ চনত অসমৰ বিদ্যালয় আৰু আদালতত অসমীয়া ভাষাক পুনৰ চৰকাৰী ভাষা হিচাপে প্ৰতিষ্ঠা কৰা হৈছিল।

কাৰণ (R): আমেৰিকান বেপ্টিষ্ট মিছনেৰীসকল আৰু আনন্দৰাম ঢেকিয়াল ফুকনৰ দৰে বিশিষ্ট বুদ্ধিজীৱীসকলে যুক্তি আৰু স্মাৰকপত্ৰৰে ব্ৰিটিছ চৰকাৰক অহৰহ হেঁচা প্ৰয়োগ কৰিছিল।

(A) (A) আৰু (R) দুয়োটাই সত্য, আৰু (R) হৈছে (A) ৰ শুদ্ধ ব্যাখ্যা।

(B) (A) আৰু (R) দুয়োটাই সত্য, কিন্তু (R), (A) ৰ শুদ্ধ ব্যাখ্যা নহয়।

(C) (A) সত্য, কিন্তু (R) অসত্য।

(D) (A) অসত্য, কিন্তু (R) সত্য।

Answer: A

42. দাবী (A): অসমীয়া সাহিত্য আৰু সংস্কৃতিৰ নৱজাগৰণত ‘জোনাকী’ আলোচনীয়ে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

কাৰণ (R): আলোচনীখনে ব্ৰিটিছৰ বিৰুদ্ধে অস্ত্ৰ ধৰিবলৈ সাধাৰণ ৰাইজক আহ্বান জনাই সক্ৰিয় ৰাজনৈতিক ইস্তাহাৰ প্ৰকাশ কৰাত সৰ্বাধিক গুৰুত্ব দিছিল।

43. দাবী (A): ১৯৩০ চনত অসমৰ ছাত্ৰ সমাজে কানিংহাম চাৰ্কুলাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল।

কাৰণ (R): এই চাৰ্কুলাৰখনে ছাত্ৰ-ছাত্ৰী আৰু তেওঁলোকৰ অভিভাৱকক কোনো ৰাজনৈতিক কাৰ্যকলাপত অংশগ্ৰহণ নকৰাৰ লিখিত প্ৰতিশ্ৰুতি (Bond) দিবলৈ বাধ্য কৰিছিল।

44. দাবী (A): ১৯২১ চনত আছাম এছ’চিয়েশ্যন নৱগঠিত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ (APCC) সৈতে চামিল হৈ পৰে।

কাৰণ (R): আছাম এছ’চিয়েশ্যনৰ নেতাসকলে উপলব্ধি কৰিছিল যে মহাত্মা গান্ধীৰ নেতৃত্বত চলা সৰ্বভাৰতীয় আন্দোলনৰ সৈতে একত্ৰিত নহ’লে স্থানীয় ৰাজনৈতিক অধিকাৰ লাভ কৰাটো অসম্ভৱ।

45. দাবী (A): ভাৰত ত্যাগ আন্দোলনৰ সময়ত কুশল কোঁৱৰক ফাঁচী দিয়া হৈছিল।

কাৰণ (R): ব্ৰিটিছ চৰকাৰে কুশল কোঁৱৰৰ বিৰুদ্ধে অসমৰ চীফ কমিছনাৰক হত্যা কৰাৰ ষড়যন্ত্ৰৰ প্ৰত্যক্ষ আৰু নিৰ্ভৰযোগ্য প্ৰমাণ লাভ কৰিছিল।

46. দাবী (A): ১৯২১ চনত মহাত্মা গান্ধীৰ প্ৰথমটো অসম ভ্ৰমণে ৰাজ্যখনত দেশপ্ৰেমৰ এক অভূতপূৰ্ব ঢৌৰ সৃষ্টি কৰিছিল।

কাৰণ (R): তেওঁৰ ভ্ৰমণৰ পাছতে হাজাৰ হাজাৰ অসমীয়া পুৰুষ-মহিলাই বিদেশী কাপোৰ জ্বলাইছিল, চৰকাৰী শিক্ষানুষ্ঠান বৰ্জন কৰিছিল আৰু যঁতৰত সূতা কটা কামত সক্ৰিয়ভাৱে লাগি গৈছিল।

47. দাবী (A): ১৯৪৮ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা আছিল অসমবাসীৰ বাবে এক বিৰাট সাফল্য।

কাৰণ (R): ইয়াৰ পূৰ্বে, অসমৰ ছাত্ৰ-ছাত্ৰীসকলে উচ্চ শিক্ষা গ্ৰহণৰ বাবে সম্পূৰ্ণৰূপে কলিকতা বিশ্ববিদ্যালয়ৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছিল।

48. দাবী (A): যোৰহাট সাৰ্বজনিক সভা আছিল স্বাধীনতাৰ বাবে যুঁজ দিয়া অসমৰ প্ৰথমটো সম্পূৰ্ণ ৰাজনৈতিক অনুষ্ঠান।

কাৰণ (R): ব্ৰিটিছ প্ৰশাসনৰ আগত অসমীয়া ৰাইজৰ আশা-আকাংক্ষা দাঙি ধৰাৰ উদ্দেশ্যে ১৮৮৪ চনত জগন্নাথ বৰুৱাই এই সভাখন প্ৰতিষ্ঠা কৰিছিল।

49. দাবী (A): অসহযোগ আন্দোলনৰ সময়ত অসমত কানি নিবাৰণ অভিযানটোৱে আশাতীত সফলতা লাভ কৰিছিল।

কাৰণ (R): কানিৰ স্বাস্থ্যজনিত কুপ্ৰভাৱৰ কথা অনুধাৱন কৰি ব্ৰিটিছ চৰকাৰে নিজে ইয়াৰ বিক্ৰী নিষিদ্ধ কৰিছিল।

50. দাবী (A): ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনত কনকলতা বৰুৱা এগৰাকী কিংবদন্তি শ্বহীদ হিচাপে পৰিগণিত হৈছিল।

কাৰণ (R): গহপুৰ থানাত জাতীয় পতাকা উত্তোলন কৰিবলৈ যোৱা এটা সমদলৰ নেতৃত্ব দি তেওঁ নিৰ্ভীকভাৱে আৰক্ষীৰ গুলী বুকুত পাতি লৈছিল।

(D) (A) অসত্য, কিন্তু (R) সত্য。

Answer: A

HSLC PYQs (2016-2026): 2/3/4 নম্বৰৰ গুৰুত্বপূৰ্ণ চমু প্ৰশ্নসমূহ

1. আইন অমান্য কাৰ্যসূচী পালন কৰাৰ ক্ষেত্ৰত অসমত মতভেদ দেখা দিয়ে। {2026}

(i) সেই সময়ত অসমৰ কংগ্ৰেছ নেতৃত্বই কৰা ঘোষণাটো কি আছিল ? 1

(ii) তেনে পৰিস্থিতিত নিষ্ঠাবান কৰ্মীসকলে কেনেদৰে সাংগঠনিক কাম-কাজ অব্যাহত ৰাখিছিল ? 1

(iii) আন্দোলনৰ বিভিন্ন দিশ চাবলৈ গঠন কৰা নতুন সমিতিসমূহৰ উদ্দেশ্য কি আছিল ?3

2. অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ ভূমিকা আৰু কাৰ্যাৱলীৰ বিষয়ে আলোচনা কৰা। {2026}

3. ‘জোনাকী’ কাকতৰ প্ৰথম সংখ্যাত চন্দ্ৰকুমাৰ আগৰৱালাই এইটো স্পষ্ট কৰি দিছিল যে শাসকসকলৰ ৰাজনীতি ‘জোনাকী’ৰ আওতাৰ বাহিৰত থাকিব। {2025}

(a) বিৱৰণটোত ‘শাসকসকল’ বুলি কাক কোৱা হৈছে?1

(b) ‘জোনাকী’ কাকত কোনটো সংস্থাই প্রকাশ কৰিছিল?1

(c) যদি ৰাজনীতি জোনাকীৰ আওতাৰ বাহিৰত আছিল, তেন্তে ই কেনেকৈ জাতীয়তাবাদী চেতনাৰ বিকাশত অৰিহণা যোগাইছিল? অতি কমেও তিনিটা উদাহৰণ দিয়া। 

4. অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ ভূমিকা আৰু কাৰ্যাৱলীৰ বিষয়ে আলোচনা কৰা। {2024}

5. ‘আইন অমান্য আন্দোলন’ত অসমৰ ভূমিকা সম্পর্কে এটি খতিয়ান দাঙি ধৰা। {2024}

6. জোনাকী কাকতৰ প্ৰথম সম্পাদক কোন আছিল? {2023}

7. জোনাকীৰ প্ৰথম সম্পাদককোন আছিল? {2023}

8. ভাৰত ত্যাগ আন্দোলনত অসমৰ ভূমিকা সম্পর্কে এটি খতিয়ান দাঙি ধৰা। {2023}

9. যোৰহাট সার্বজনিক সভাৰ উদ্দেশ্য আৰু কাৰ্যাৱলী সম্পর্কে লিখা। {2023}

10. অসমত অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ অৱদান সম্পৰ্কে আলোচনা কৰা। {2022}

11. আহোম সভা কোনে গঠন কৰিছিল? ইয়াৰ এটা অতি গুৰুত্বপূর্ণ কাৰ্যসূচী কি আছিল? {2020}

12. অসমত অসহযোগ আন্দোলনে কেনেকৈ প্ৰসাৰ লাভকৰিছিল? {2020}

13. স্বাধীনতা আন্দোলনৰ সময়ত অসমত কেনেকৈ অসমীয়া জাতীয়তাবাদী চেতনা উত্থান হৈছিল? {2020}

14. অসম এছ’চিয়েছনৰ প্ৰথমখন অধিৱেশনত নির্বাচিত হোৱা সভাপতি আৰু সাধাৰণ সম্পাদকৰ নাম লিখা। {2019}

15. ‘ভাৰত ত্যাগ আন্দোলন’ত অসমৰ মানুহৰ ভূমিকা সম্বন্ধে সংক্ষেপে আলোচনা কৰা। {2019}

16. ইংৰাজসকলৰ বিৰুদ্ধে অসমৰ বিভিন্ন ঠাইত কিদৰে বায়ত সভাসমূহ গঢ়ি উঠিছিল? {2019}

17. যোৰহাট সার্বজনিক সভাৰ বিষয়ে এটি খতিয়ান দাঙি ধৰা। {2018}

18. অসমত ভাৰত ত্যাগ আন্দোলনৰ কাৰ্যাৱলী আৰু প্ৰভাৱ সম্পর্কে এটি খতিয়ান দাঙি ধৰা। {2018}

19. বৰদলৈ মন্ত্ৰীসভাৰ নেতৃত্বত অসমত স্থাপিত হোৱা শিক্ষানুষ্ঠানসমূহৰ বিষয়ে এটি সংক্ষিপ্ত বিৱৰণ দিয়া। {2018}

20. ব্রিটিছ শাসনাধীন অসমত আসাম এছ’ছিয়েচনৰ সমাজ সংস্কাৰৰ বাবে আগবঢ়োৱা অৱদান সম্পর্কে লিখা। {2017}

21. ইংৰাজসকলৰ বিৰুদ্ধে অসমৰ বিভিন্ন ঠাইত কেনেকৈ ৰায়ত সভাসমূহ গঢ়ি উঠিছিল? {2017}

22. অসমৰ জনসাধাৰণে কেনেকৈ আইন অমান্য আন্দোলনত অংশগ্ৰহণ কৰিছিল? {2017}

23. অসমত অসহযোগ আন্দোলনৰ কাৰ্যসূচী কিদৰে ৰূপায়িত কৰা হৈছিল? {2016}

24. মহাত্মা গান্ধীয়ে সূচনা কৰা আইন অমান্য আন্দোলনত অসমৰ মানুহে কেনেদৰে অংশগ্ৰহণ কৰিছিল লিখা। {2016}

বিভিন্ন জিলাৰ প্ৰি-ব’ৰ্ড (2025-26) পৰীক্ষাত অহা 2 নম্বৰৰ গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ

1. কানিংহাম চাৰ্কুলাৰৰ প্ৰধান বিষয়বস্তু কি ? {Kamrup R} 

2. সদৌ অসম আহোম এছ’ছিয়েচন গঠন কৰাৰ মুখ্য উদ্দেশ্যে কি আছিল ? {Kamrup R} 

3. অসমীয়া ভাষাৰ স্বকীয়তা ৰক্ষা আৰু অসমীয়া ভাষা মাধ্যম হিচাপে পুনৰ প্ৰতিষ্ঠা কৰা, অসমীয়া  ভাষা-সাহিত্য উন্নয়নৰ সৈতে জৰিত দুটি অনুষ্ঠানৰ নাম লিখা। {Udalguri} 

বিভিন্ন জিলাৰ প্ৰি-ব’ৰ্ড (2025-26) পৰীক্ষাত অহা 3 নম্বৰৰ গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ

1. সৰ্বভাৰতীয় তুলনাত অসমত ভাৰত ত্যাগ আন্দোলন কিদৰে পৰিচালিত হৈছিল তাৰ এটি খতিয়ান দাঙি ধৰা। {Barpeta} 

2. ‘অসহযোগ আন্দোলনৰ সময়ত কানি বর্জন কার্যসূচীয়ে অসমত সর্বাধিক সফলতা লাভ কৰিছিল।’ ব্ৰিটিছ প্ৰশাসনত ইয়াৰ প্ৰভাৱ কিদৰে পৰিছিল? {Darrang} 

3. “ভাৰত ত্যাগ আন্দোলন আৰু অসমৰ প্ৰেক্ষাপটত কুশল কোঁৱৰ আৰু কনকলতা বৰুৱাৰ শ্বহীদ হোৱাৰ পৰিস্থিতিৰ বিষয়ে আলোচনা কৰা।” {Hailakandi} 

4. বংগ বিভাজনৰ ক্ষেত্ৰত যোৰহাট সাৰ্বজনিক সভা আৰু আছাম এছচিয়েছন কিবা পদক্ষেপ হাতত লৈছিল বুলি তুমি ভাবা নে? {Kamrup M} 

5. অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ লগত জড়িত ব্যক্তি কেইজনৰ নাম লিখা। {Kokrajhar} 

6. অসমীয়া জাতীয়তাবাদৰ বিকাশত জোনাকী আলোচনীৰ অৱদান আলোচনা কৰা। {Nalbari} 

বিভিন্ন জিলাৰ প্ৰি-ব’ৰ্ড (2025-26) পৰীক্ষাত অহা 4/5/7 নম্বৰৰ গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ

1. অসহযোগ আন্দোলনত অসমৰ ভূমিকা সম্পৰ্কে এটি খতিয়ান দাঙি ধৰা। {Jorhat} 

2. ব্রিটিছ শাসনাধীন অসমত ‘যোৰহাট সার্বজনিক সভায়ে’ অসমীয়া সমাজৰ উন্নতিৰ হকে আগবঢ়োৱা অবদান সম্পর্কে চমুকৈ লিখা। {Majuli} 

3. অসমিয়া ভাষা উন্নতি সাধিনী সভার ভূমিকা এবং কার্যাবলি আলোচনা করো। {Sribhumi} 

4. অসহযোগ আন্দোলনে অসমের ভূমিকা সম্পর্কে আলোচনা করো। {Sribhumi} 

5. অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ ভূমিকা আৰু কাৰ্যাৱলীৰ বিষয়ে আলোচনা কৰা । {Salmara} 

বিভিন্ন জিলাৰ প্ৰি-ব’ৰ্ড (2025-26) পৰীক্ষাত অহা 5 নম্বৰৰ গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ

1. যোৰহাট সাৰ্বজনিক সভাৰ উদ্দেশ্য আৰু কাৰ্য্যৱলী সম্পর্কে লিখা। {Bajali} 

2. অসহযোগ আন্দোলনত অসমৰ ভূমিকা সম্পর্কে আলোচনা কৰা। {Bajali} 

3. 1920-22 চনৰ অসহযোগ আন্দোলনত অসমৰ ভূমিকা সম্পর্কে বর্ণনা কৰা। {Baksa} 

4. অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ ভূমিকা আৰু কার্যাবলীৰ বিষয়ে আলোচনা কৰা। {Baksa} 

5. “আছাম এছোছিয়েছনে অসমৰ ৰাইজৰ মুখপাত্ৰ হিচাপে সেৱা আগবঢ়াইছিল?” {Biswanath} 

(a) আছাম এছোছিয়েছনৰ জন্ম কেতিয়া হৈছিল আৰু কাৰ নেতৃত্বত হৈছিল?

(b) অসমৰ ৰাইজৰ মুখপাত্ৰ হিচাপে আছাম এছোছিয়েছনে কি কৰিছিল?

6. অসমে চিকিৎসা মহাবিদ্যালয়গুলোর স্থাপনার ইতিহাস আলোচনা করো। {Cachar} 

7. অসমে কৃষি অধ্যয়নের জন্য উচ্চ শিক্ষার প্রতিষ্ঠানের বিস্তারের বিষয়ে লিখো। {Cachar} 

8. আইন অমান্য আন্দোলনত অসমৰ ভূমিকা সম্পর্কে এটি খতিয়ান দাঙি ধৰা। {Dhubri} 

9. অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ ভূমিকা আৰু কাৰ্যাৱলী সম্পর্কে আলোচনা কৰা। {Dhubri} 

10. ‘জোনাকীৰ পাততে অসমীয়া সাহিত্যলৈ নৱজাগৰণ আহিছিল’- যুক্তিৰ আধাৰত আলোচনা কৰা। {Sibsagar} 

11. আছাম এছ’চিয়েছনৰ ব্ৰিটিছ শাসনাধীন অসমত সমাজ সংস্কাৰৰ বাবে  আগবঢ়োৱা অৱদান সম্পর্কে লিখা। {Sonitpur} 

12. অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ অৱদান আৰু কাৰ্য্যাৱলীৰ বিষয়ে আলোচনা কৰা। {Sonitpur} 

13. কানিংহাম চাকুলাক কিমান চনত প্রকাশ হৈছিল? এই চাকুলাৰে কি কি বিষয় সানবি লৈছিল। আইন অমান্য আন্দোলনত এই চার্কুলাবে কি ভূমিকা পালন কৰিছিল? বিশ্লেষণ কৰা {Tamulpur} 

HSLC 2027-ৰ বাবে অতি সম্ভাৱ্য 2 নম্বৰৰ কিছু গুৰুত্বপূৰ্ণ প্ৰশ্ন

1. অসমীয়া ভাষা উন্নতি সাধিনী সভা (অ. ভা. উ. সা. সভা)ৰ যিকোনো দুটা প্ৰধান উদ্দেশ্য উল্লেখ কৰা।

2. জোনাকী যুগৰ ‘ত্ৰিমূৰ্তি’ বুলি কাক কাক কোৱা হয়?

3. যোৰহাট সাৰ্বজনিক সভা কোনে আৰু কিমান চনত প্ৰতিষ্ঠা কৰিছিল?

4. ‘কানিংহাম চাৰ্কুলাৰ’ কি আছিল? ইয়াৰ প্ৰধান উদ্দেশ্য কি আছিল?

5. অসমত অসহযোগ আন্দোলনৰ নেতৃত্ব বহন কৰা দুজন বিশিষ্ট নেতাৰ নাম লিখা।

6. ব্ৰিটিছ শাসনকালত অসমৰ ৰায়ত সভাসমূহে উত্থাপন কৰা দুটা প্ৰধান দাবী উল্লেখ কৰা।

7. অসম প্ৰদেশ কংগ্ৰেছ কমিটি (APCC) কিমান চনত গঠন কৰা হৈছিল আৰু ইয়াৰ অস্থায়ী কমিটিৰ সভাপতি কোন আছিল?

8. অসমৰ আৰ্থ-সাংস্কৃতিক জীৱনলৈ ‘অসম ছাত্ৰ সন্মিলন’ৰ দুটা উল্লেখযোগ্য অৱদান উল্লেখ কৰা।

9. উত্তৰ-পূব ভাৰতত স্থাপিত প্ৰথমখন চিকিৎসা মহাবিদ্যালয়ৰ নাম আৰু প্ৰতিষ্ঠা বৰ্ষ লিখা।

10. কুশল কোঁৱৰ কোন আছিল? তেওঁক কি নিৰ্দিষ্ট অপৰাধৰ বাবে ব্ৰিটিছে ফাঁচী দিছিল?

HSLC 2027-ৰ বাবে অতি সম্ভাৱ্য 3 নম্বৰৰ কিছু গুৰুত্বপূৰ্ণ প্ৰশ্ন

11. অসমীয়া ভাষাৰ পুনৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত আনন্দৰাম ঢেকিয়াল ফুকন আৰু আমেৰিকান বেপ্টিষ্ট মিছনেৰীসকলৰ গুৰুত্বপূৰ্ণ ভূমিকা চমুকৈ বাখ্যা কৰা।

12. ‘জোনাকী’ আলোচনীৰ প্ৰকাশে অসমত জাতীয় জাগৰণৰ এক নতুন যুগৰ সূচনা কেনেদৰে কৰিছিল? চমুকৈ আলোচনা কৰা।

13. আছাম এছ’চিয়েশ্যন গঠন আৰু অসমৰ ৰাজনৈতিক ইতিহাসত ইয়াৰ গুৰুত্বৰ বিষয়ে এটি চমুটোকা লিখা।

14. ১৯২১ চনত মহাত্মা গান্ধীৰ অসম ভ্ৰমণৰ ফলত স্থানীয় জনসাধাৰণৰ মাজত পৰা অপৰিসীম প্ৰভাৱৰ বিষয়ে চমুকৈ আলোচনা কৰা।

15. আইন অমান্য আন্দোলনৰ সময়ত কানিংহাম চাৰ্কুলাৰ জাৰি কৰাৰ পাছত অসমৰ ছাত্ৰ সমাজৰ প্ৰতিক্ৰিয়া কেনে আছিল?

16. অসমীয়া ৰাইজৰ অভাৱ-অভিযোগ ব্ৰিটিছ প্ৰশাসনৰ আগত দাঙি ধৰাৰ ক্ষেত্ৰত যোৰহাট সাৰ্বজনিক সভাই আগবঢ়োৱা তিনিটা অৱদান উল্লেখ কৰা।

17. অসহযোগ আন্দোলনৰ সময়ত অসমত কানি নিবাৰণ বা কানি বৰ্জন কাৰ্যসূচীৰ সফলতাৰ ওপৰত এটি চমু বিশ্লেষণাত্মক টোকা লিখা।

18. ভাৰত ত্যাগ আন্দোলনৰ সময়ত কনকলতা বৰুৱাৰ বীৰত্বপূৰ্ণ আত্মত্যাগৰ এটি চমু বিৱৰণ দিয়া।

19. ১৯৪৮ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাক অসমৰ শৈক্ষিক ইতিহাসত কিয় এক বৃহৎ মাইলৰ খুঁটি বুলি গণ্য কৰা হয়? বাখ্যা কৰা।

20. আহোম সভা গঠন আৰু ইয়াৰ প্ৰধান উদ্দেশ্যসমূহৰ বিষয়ে এটি চমুটোকা লিখা।

HSLC 2027-ৰ বাবে অতি সম্ভাৱ্য 4 নম্বৰৰ কিছু গুৰুত্বপূৰ্ণ প্ৰশ্ন

21. অসমীয়া ভাষা উন্নতি সাধিনী সভা (অ. ভা. উ. সা. সভা)ৰ গঠন, উদ্দেশ্য আৰু প্ৰধান আৰ্থ-সাংস্কৃতিক অৱদানসমূহৰ বিষয়ে বিশদভাৱে আলোচনা কৰা।

22. ভাৰতীয় জাতীয় কংগ্ৰেছৰ আগমনৰ পূৰ্বে অসমৰ জনসাধাৰণৰ প্ৰধান ৰাজনৈতিক মুখপাত্ৰ হিচাপে আছাম এছ’চিয়েশ্যনৰ ভূমিকা আৰু কাৰ্যাৱলীৰ এক সমালোচনাত্মক বিশ্লেষণ আগবঢ়োৱা।

23. “১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনত অসমত অভূতপূৰ্ব গণ-অংশগ্ৰহণ আৰু নিৰ্মম দমন নীতি দেখা গৈছিল।” – প্ৰধান ঘটনাসমূহ, গণ-অভ্যুত্থান আৰু শ্বহীদসকলৰ ভূমিকা আঙুলিয়াই এই উক্তিটোৰ যুক্তিসংগত বিচাৰ কৰা।

24. ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ বিভিন্ন পৰ্যায়ত অসমৰ মহিলাসকলে পালন কৰা অসাধাৰণ ভূমিকাৰ বিষয়ে উপযুক্ত উদাহৰণসহ মূল্যায়ন কৰা।

25. স্বাধীনতাৰ পাছত অসমত উচ্চ শিক্ষাৰ প্ৰসাৰৰ বিষয়ে বৰ্ণনা কৰা। এই ক্ষেত্ৰত গোপীনাথ বৰদলৈ মন্ত্ৰীসভাৰ নিৰ্দিষ্ট প্ৰচেষ্টা আৰু অৱদানসমূহ আলোকপাত কৰা।

26. অসমত আইন অমান্য আন্দোলন কেনেদৰে পৰিচালিত হৈছিল তাৰ এক বিতং বিৱৰণ দিয়া। ইয়াৰ প্ৰধান কাৰ্যসূচী আৰু ফলাফলসমূহ কি আছিল?

27. অসমত অসহযোগ আন্দোলনে কেনেদৰে ৰূপ লৈছিল? জনসাধাৰণে হাতত লোৱা প্ৰধান গঠনমূলক আৰু বৰ্জনমূলক (নেতিবাচক) কাৰ্যসূচীসমূহৰ বিষয়ে আলোচনা কৰা।

28. ঊনবিংশ শতিকাৰ শেষৰ ফালে অসমত ৰাজনৈতিক সজাগতাৰ বিকাশ সম্পৰ্কে আলোচনা কৰা। বিশেষকৈ ৰায়ত সভাসমূহ আৰু যোৰহাট সাৰ্বজনিক সভাৰ কাৰ্যাৱলীৰ ওপৰত গুৰুত্ব দিবা।

29. “ঊনবিংশ শতিকাৰ অসমীয়া সাহিত্যৰ নৱজাগৰণেই আছিল ৰাজ্যখনৰ ৰাজনৈতিক জাগৰণৰ প্ৰত্যক্ষ পূৰ্বসূৰী।” ভাষা আন্দোলন আৰু বিভিন্ন সামাজিক-সাহিত্যিক অনুষ্ঠানৰ জন্মৰ প্ৰেক্ষাপটত এই উক্তিটো বিশ্লেষণ কৰা।

30. ধৰাহ’ল তুমি ১৯৩০ চনৰ অসমৰ এজন উৎসাহী ছাত্ৰ নেতা। কুখ্যাত কানিংহাম চাৰ্কুলাৰ অমান্য কৰি জাতীয় স্বাধীনতা সংগ্ৰামত সক্ৰিয়ভাৱে যোগদান কৰিবলৈ তোমাৰ সহপাঠীসকলক আহ্বান জনাই এটা আৱেগিক আৰু প্ৰেৰণাদায়ক ভাষণ প্ৰস্তুত কৰা।

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
দশম শ্ৰেণী সমাজ বিজ্ঞান অধ্যায় 4 (ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ) – সঘনাই সোধা প্ৰশ্ন (FAQs)
দশম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ইতিহাস খণ্ডৰ চতুৰ্থ অধ্যায়টোত কি আলোচনা কৰা হৈছে?
এই অধ্যায়টোত অসমত জাতীয়তাবাদৰ উত্থান, অসম এছ’চিয়েশ্যন আৰু অন্যান্য অনুষ্ঠান-প্ৰতিষ্ঠানৰ ভূমিকা, আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰামত অসমৰ সক্ৰিয় অংশগ্ৰহণৰ বিষয়ে আলোচনা কৰা হৈছে।
এই প্ৰশ্ন বেংকত (Question Bank) কি কি অন্তৰ্ভুক্ত আছে?
ইয়াত পাঠভিত্তিক সকলো প্ৰশ্নোত্তৰ, অতিৰিক্ত প্ৰশ্ন, আৰু পূৰ্বৰ বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ (PYQ) সম্পূৰ্ণ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে।
এই নোটছসমূহ ASSEB ৰ নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা হৈছেনে?
হয়, এই সকলোবোৰ সমল আগন্তুক HSLC 2027 পৰীক্ষাৰ বাবে ASSEB (পূৰ্বৰ SEBA) ৰ 2026-27 বৰ্ষৰ নতুন পাঠ্যক্ৰম (New Syllabus) আৰু শেহতীয়া ব্লুপ্ৰিণ্ট অনুসৰি প্ৰস্তুত কৰা হৈছে।
এই পাঠৰ পৰা মেট্ৰিক পৰীক্ষাত কিমান নম্বৰৰ প্ৰশ্ন আহে?
পৰীক্ষাৰ ব্লুপ্ৰিণ্ট অনুসৰি এই পাঠৰ পৰা 1 নম্বৰৰ অতি চমু প্ৰশ্নৰ (VSA/MCQ) পৰা আৰম্ভ কৰি 4-5 নম্বৰৰ দীঘলীয়া ৰচনাধৰ্মী প্ৰশ্নলৈকে (যেনে- স্বাধীনতা আন্দোলনত অসমৰ ভূমিকা) আহিব পাৰে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top