Class 10 Social Science Chapter 5 – ভাৰত আৰু উত্তৰ – পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য Question Bank | HSLC 2027 | ASSEB

দশম শ্ৰেণী সমাজ বিজ্ঞান (ইতিহাস) অধ্যায় 5 – ভাৰত আৰু উত্তৰ – পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য সম্পূৰ্ণ প্ৰশ্নোত্তৰ আৰু সমাধান | ASSEB / SEBA

Class 10 Social Science (সমাজ বিজ্ঞান) Question Bank ASSEB HSLC 2027 | New Syllabus Complete Solutions PDF
Original price was: ₹199.00.Current price is: ₹99.00.

দশম শ্ৰেণী সমাজ বিজ্ঞান (ইতিহাস) অধ্যায় 5 – ভাৰত আৰু উত্তৰ – পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য সম্পূৰ্ণ প্ৰশ্নোত্তৰ আৰু পৰীক্ষামুখী সমাধান (ASSEB / SEBA Assam – Assamese Medium)

দশম শ্ৰেণীৰ সমাজ বিজ্ঞান (Social Science) পাঠ্যক্ৰমৰ ইতিহাস খণ্ডৰ পঞ্চম অধ্যায় ‘ভাৰত আৰু উত্তৰ – পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য’ আমাৰ সংস্কৃতি আৰু পৰম্পৰা জানিবলৈ এক অতি গুৰুত্বপূৰ্ণ পাঠ। এইটো সমাজ বিজ্ঞানৰ নতুন সংস্কৰণ (New Version of Social Science) যিটো আগন্তুক HSLC 2027 পৰীক্ষাৰ বাবে 2026-27 বৰ্ষৰ নতুন পাঠ্যক্ৰম (According to New Syllabus of 2026-27 By ASSEB/SEBA) আৰু নৱ্য শিক্ষা নীতিৰ (NEP) শেহতীয়া ব্লুপ্ৰিণ্টৰ আধাৰত প্ৰস্তুত কৰা হৈছে। এই বিশেষ সংকলনটিত পাঠভিত্তিক অতি চমু প্ৰশ্ন (VSA), চমু প্ৰশ্ন (Short Questions), দীঘলীয়া প্ৰশ্ন (Long Answers), আৰু পূৰ্বৰ বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ প্ৰশ্নসমূহৰ (Board Exam PYQ) পুংখানুপুংখ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে। অস্পীন একেডেমী (Ospin Academy) ত এই সমাধানসমূহ সহজ, নিৰ্ভুল আৰু সম্পূৰ্ণ পৰীক্ষামুখীভাৱে উপলব্ধ কৰোৱা হৈছে।

এই পাঠটিত ভাৰতৰ প্ৰাচীন স্থাপত্য, ভাস্কৰ্য, ধৰ্মীয় ঐতিহ্যৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু বিশেষকৈ অসমৰ চহকী সাংস্কৃতিক বৈচিত্ৰ্য, লোকনৃত্য, উৎসৱ আৰু জনজাতীয় পৰম্পৰাৰ বিষয়ে বিতংভাৱে আলোচনা কৰা হৈছে। মেট্ৰিক পৰীক্ষাৰ্থীসকলৰ বাবে আমাৰ এই বৈচিত্ৰ্যপূৰ্ণ সংস্কৃতিৰ বিষয়ে জ্ঞান থকাটো অতি প্ৰয়োজনীয়। আমাৰ এই ‘OSPIN QUESTION BANK’ ত কেৱল পাঠ্যপুথিৰ অনুশীলনীৰ প্ৰশ্নসমূহেই নহয়, বৰঞ্চ পৰীক্ষাত আহিব পৰা অতিৰিক্ত প্ৰশ্ন-উত্তৰসমূহো (Extra Board Questions and Answers) সামৰি লোৱা হৈছে যাতে ছাত্ৰ-ছাত্ৰীসকলে 100% প্ৰস্তুতি চলাব পাৰে।

অধিক বিনামূলীয়া Notes আৰু PDFৰ বাবে আমাৰ App টো ডাউনলোড কৰক:
Download EduAssam Solution App Click Here to Get Free Notes & Previous Papers

এই পাঠৰ পৰা আপুনি কি কি শিকিব আৰু পাব:

  • ভাৰতৰ স্থাপত্য-ভাস্কৰ্য্যৰ নিদৰ্শন, যোগ দৰ্শন, আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ সাংস্কৃতিক পৰিচয়ৰ বিস্তৃত আলোচনা।
  • 1 নম্বৰৰ অতি চমু (VSA objective type) আৰু 2-3 নম্বৰৰ চমু প্ৰশ্নৰ পৰীক্ষাত লিখিব পৰা নিৰ্দোষ উত্তৰ।
  • 4-5 নম্বৰৰ দীঘলীয়া প্ৰশ্নৰ (যেনে- অসমৰ বিহু উৎসৱ, সত্ৰীয়া নৃত্য, উত্তৰ-পূৰ্বাঞ্চলৰ জনজাতীয় সংস্কৃতি) সহজ তথা মান্য সমাধান।
  • মেট্ৰিক পৰীক্ষাত সঘনাই অহা গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহৰ আৰ্হি বিশ্লেষণ আৰু শেহতীয়া আৰ্হিৰ MCQ প্ৰশ্নৰ সমাধান।

HSLC 2027 পৰীক্ষাৰ বাবে অস্পীন একেডেমীৰ বিশেষ সুবিধা:

  • HSLC 2027-ৰ শেহতীয়া ASSEB ব্লুপ্ৰিণ্ট (2026-27 New Syllabus) ৰ আধাৰত প্ৰস্তুত কৰা সম্পূৰ্ণ Question Bank.
  • পূৰ্বৰ 10 বছৰৰ (Previous 10 Years’ Questions – PYQ) মেট্ৰিক পৰীক্ষাৰ লগতে অসমৰ 27 খন জিলাৰ Pre-Board পৰীক্ষাৰ (2026) প্ৰশ্নকাকতৰ সম্পূৰ্ণ সমাধান।
  • 100% নিৰ্ভুল আৰু ছাত্ৰ-ছাত্ৰীয়ে মুখস্থ কৰিবলৈ সহজ হোৱাকৈ সৰল অসমীয়া ভাষাত লিখা উন্নত মানৰ নোটছ (Class 10 Social Science Notes)।
  • পৰীক্ষাৰ পূৰ্বে দ্ৰুত ৰিভিজনৰ (Last-Minute Quick Revision) বাবে বিশেষভাৱে প্ৰস্তুত কৰা পিডিএফ (PDF Download) ফৰ্মেট।
  • ভাৰত আৰু উত্তৰ – পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্যৰ পৰা পৰীক্ষাত নিশ্চিতভাৱে আহিব পৰা সম্ভাৱনীয় (100% Common Board Suggestion) প্ৰশ্নৰ বিশেষ সংকলন।

ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি অস্পীন একেডেমীয়ে এই বিশেষ পাঠ্যক্ৰম আগবঢ়াইছে। আপোনাৰ HSLC 2027 পৰীক্ষাৰ প্ৰস্তুতি এতিয়াই আৰম্ভ কৰক আৰু সমাজ বিজ্ঞান বিষয়ত সৰ্বোচ্চ নম্বৰ (Highest Marks) লাভ কৰাৰ দিশত আগবাঢ়ক।

Vibrant Note Box
Buy Printable PDF
Vibrant Note Box
Chapter 5 ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য

https://youtube.com/@ospinacademyদশম শ্ৰেণী: সমাজ বিজ্ঞান

অধ্যায়-5                              অস্পিন একাডেমী

ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য

 

HSLC PYQs (2024-2026): গুৰুত্বপূৰ্ণ বহুবিকল্পীয় প্ৰশ্নোত্তৰ (MCQs)

1. তলত দিয়াবোৰ মিলোৱা আৰু শুদ্ধ উত্তৰটো বাছি উলিওৱা : {2026}

(i) আমৰামলাই         

(ii) চিত্তনৱাচল 

(iii) বাঘ 

(iv) অজন্তা 

(A) মহাৰাষ্ট্ৰ

(B) মধ্য প্রদেশ

(C) তামিলনাডু

(D) তামিলনাডু

(A) (i) – (C), (ii) – (D), (iii) – (A), (iv) – (B)

(B) (i) – (C), (ii) – (D), (iii) – (B), (iv) – (A)

(C) (i) – (B), (ii) – (D), (iii) – (A), (iv) – (C)

(D) (i) – (D), (ii) – (A), (iii) – (B), (iv) – (C)

Answer: B

2. তলৰ কোনকেইটা উক্তি শুদ্ধ ? {2026}

(i) গদাধৰ সিংহৰ দিনত অসমলৈ আজান পীৰ আহিছিল ।

(ii) মানৰ আক্ৰমণৰ সময়ত ৰজা চন্দ্ৰকান্ত সিংহক সহায় কৰিবলৈ পঞ্জাবৰ ৰঞ্জিত সিংহই অসমলৈ এটি শিখ সৈন্যদল পঠিয়াইছিল ।

(iii) মাধৱ কন্দলিক বৰাহী ৰজা মহামাণিক্যই পৃষ্ঠপোষকতা কৰিছিল ।

(iv) গোবিন্দ মিশ্ৰৰ পদ্য গীতাখন আজিও জনপ্ৰিয় ।

(A) (i), (ii)

(B) (ii), (iii)

(C) (iii), (iv)

(D) (i), (ii), (iii), (iv)

Answer: D

3. তলত দিয়া সামগ্ৰীসমূহৰ কোনবিধ মিজোৰামৰ চেৰাও লোক-নৃত্যত ব্যৱহাৰ কৰা হয়? {2026}

(A) বাঁহ

(B) মাটিৰ পাত্ৰ

(C) মুখা

(D) তৰোৱাল

Answer: A

4. গান্ধাৰ শৈলী সম্পর্কে তলৰ কোনটো শুদ্ধ? {2025}

(A) মুখ্য বিষয়বস্তু আছিল হিন্দু দেৱ-দেৱীসকল।

(B) ইয়াৰ বিকাশ প্রধানতঃ পশ্চিম উত্তৰ প্ৰদেশত হৈছিল।

(C) ই কেৱল মথুৰা শৈলীৰ দ্বাৰা প্ৰভাৱিত হৈছিল।

(D) ই গ্ৰীক্-ৰোমান শৈলীৰ সৈতে সম্পর্কিত।

Answer. D

5. ভাৰতবৰ্ষৰ সাংস্কৃতিক ঐতিহ্যই ইয়াৰ ঐতিহাসিক বিচিত্রতাক কেনেদৰে প্ৰতিফলিত কৰে? {2025}

(A) একেধৰণৰ ৰাজনৈতিক ইতিহাসৰ যোগেদি

(B) বেলেগ বেলেগ অঞ্চলক প্রতিনিধিত্ব কৰা বিভিন্ন ভাষা, উৎসৱ আৰু শিল্প-কলাৰ জৰিয়তে

(C) এটা একীভূত জাতীয় ভাষাৰ জৰিয়তে একটি একীভূত জাতীয় ভাষাৰ দ্বাৰা

(D) কেৱল এবিধ স্থাপত্য শৈলীৰ জৰিয়তে

Answer. B

6. তলৰ প্ৰশ্নটোত দাবী (A) আৰু কাৰণ (R) হিচাপে দুটা উক্তি দিয়া হৈছে। উক্তিকেইটা পঢ়া আৰু শুদ্ধ বিকল্পটো বাছি উলিওৱা: {2025}

দাবী (A): সিন্ধু উপত্যকাৰ ধৰ্ম ব্যৱস্থাত উপাসনাৰ ভিন্ন পন্থাৰ লগতে উপাস্য দেৱতাৰো বিবিধতা দেখা যায়। 

কাৰণ (R) : ভাৰতৰ প্ৰাচীনতম ধর্মীয় পৰম্পৰাই নতুন নতুন বিশ্বাস, ৰীতি-নীতিৰ ক্ষেত্ৰত সহনশীলতা, সহবর্তিতা আৰু সংমিশ্ৰণৰ এক উদাৰ নীতি গ্রহণ কৰিছিল।

(A) (A) আৰু (R) উভয়ে সত্য; কিন্তু (R), (A)ৰ শুদ্ধ ব্যাখ্যা নহয়।

(B) (A) আৰু (R) উভয়ে সত্য; আৰু (R), (A)ৰ শুদ্ধ ব্যাখ্যা।

(C) (A) সত্য, (R) অসত্য।

(D) (A) অসত্য, (R) সত্য।

Answer: B

7.’ৰাজতৰঙ্গিণী’ কোনে ৰচনা কৰিছিল? {2024}

(A) কৌটিল্যই

(B) আর্যভট্টই

(C) কলহনে

(D) পতঞ্জলিয়ে

Answer: C

8. তলত দিয়াবোৰ মিলোৱা আৰু শুদ্ধ উত্তৰটো বাছি উলিওৱাঃ {2025}

(i) কথাকলি

(ii) ভাৰতনাট্যম

(iii) কথক

(iv) কুচীপুড়ী

(a) অন্ধ্রপ্রদেশ 

(b) কেৰালা

(c) তামিল নাডু

(d) উত্তৰ ভাৰত

(A) (i)→(b), (ii)→(c), (iii)→(d), (iv)→(a)

(B) (i)→(b), (ii)→(d), (iii)→(a), (iv)→(c)

(C) (i)→(c), (ii)→(a), (iii)→(b), (iv)→(d)

(D) (i)→(a), (ii)→(c), (iii)→(d), (iv)→(b)

Answer: A

9.মেঘালয়ৰ খাছীয়া জনজাতি কোনটো নৃ-গোষ্ঠীৰ অন্তৰ্ভুক্ত? {2024}

(A) নিগ্রো গোষ্ঠীৰ

(B) অষ্ট্ৰিক গোষ্ঠীৰ

(C) দ্রাবিড় গোষ্ঠীৰ

(D) মঙ্গোলীয় গোষ্ঠীৰ

Answer: B

10. ‘চপছৰ কূট’ কোন ৰাজ্যৰ পৰম্পৰাগত উৎসৱ? {2024}

(A) মণিপুৰ

(B) ত্ৰিপুৰা

(C) মিজোৰাম

(D) মেঘালয়

Answer: C

11. অসমীয়া গদ্য-সাহিত্যৰ সূচনা কোনে কৰিছিল? {2024}

(A) ভট্টদেৱে

(B) শংকৰদেৱে

(C) মাধৱ কন্দলিয়ে

(D) অনন্ত কন্দলিয়ে

Answer: A

 

বিভিন্ন জিলাৰ প্ৰি-ব’ৰ্ড (2025-26)ৰ গুৰুত্বপূৰ্ণ বহুবিকল্পীয়(MCQs) প্ৰশ্নোত্তৰ (MCQs)

1. জোনাকী যুগৰ ‘ত্রিমূর্তি’ বুলিলে নিম্নলিখিত কোনকেইজন সাহিত্যিকক জনা যায়? {Bajali}

(i) গুণাভিৰাম বৰুৱা

(ii) হেমচন্দ্র গোস্বামী

(iii) লক্ষ্মীনাথ বেজবৰুৱা

(iv) চন্দ্ৰকুমাৰ আগৰৱালা

(A) i, ii, iii

(B) ii, iii, iv

(C) i, iii, iv

(D) i, ii, iv

Answer: B

2. হৰপ্পা সভ্যতাৰ বিস্তৃতি আছিল {Bajali}

(A) হৰপ্পা আৰু মহেঞ্জোদাৰো নগৰ দুখনক সামৰি সিন্ধু উপত্যকাৰ পৰা গংগা উপত্যকালৈ।

(B) হৰপ্পাকে ধৰি সিন্ধু উপত্যকাৰ পৰা গংগা উপত্যকালৈ।

(C)হৰপ্পা আৰু মহেঞ্জোদাৰো নগৰ দুখনক সামৰি সিন্ধু উপত্যকাৰ পৰাব্ৰহ্মপুত্র উপত্যকালৈ।

(D) (ওপৰৰ এটাও নহয়)

Answer: A

3. মিলোৱা {Bajali}

(A) ৰাজতৰংগিনী

(B) যোগ বিদ্যা

(C) অর্থশাস্ত্র

(D)ভাৰত সম্ভেদ

(i) কৌটিল্য

(ii) জৱাহৰলাল নেহৰু

(iii) পতঞ্জলি

(iv) কলহন 

(A) a – iii, b – i, c – iv, d – ii

(B) a – ii,  b – iii, c – iv, d – i

(C) a – iv, b – i, c – iii, d- ii

(D) a – iv, b – iii, c – i, d – ii

Answer: D

4. কপাহৰপৰা সুতা উলিয়াই কাপোৰ বোৱা কৌশল প্রথমে কোনে উদ্ভাবন কৰিছিল? {Baksa}

(A) অস্ট্রিকসকলে

(B) মংগোলীয় সকলে

(C) দ্রাবিড় সকলে

(D) ক’কেছীয় সকলে

Answer: A

5. “জননী জন্মভূমিশ্চ স্বর্গাদপি গৰিয়সী”- এই বিশ্বজনীন অমোঘ বাণীটো তলৰ কোনখন গ্ৰন্থৰ পৰা লোৱা হৈছে {Baksa}

(A) ৰামায়ণ

(B) মহাভাৰত

(C) মুশুক উপনিষদ

(D) মহোপনিষদ

Answer: A

6. দৰং জিলাত প্রচলিত থকা লোক নৃত্য তিনিটা হ’ল- {Baksa}

(i) ঢেপাটুলীয়া নৃত্য

(ii) বৰফুলীয়া নৃত্য

(iii) ভোৰতাল নৃতা

(iv) দেওধনী নৃত্য

(A) (i), (ii), (iii)

(B) (ii), (iii), (iv)

(C) (i), (ii), (iv)

(D) (i), (iii), (iv)

Answer: C

7. মেঘালয়ৰ সমাজ ব্যবস্থা হ’ল- {Baksa}

(A) সমাজ তান্ত্রিক

(B) গণতান্ত্রিক

(C) মাতৃতান্ত্রিক

(D) পিতৃতান্ত্রিক

Answer: C

8. তলৰ উক্তিকেইটা বিচাৰ কৰি শুদ্ধ বিকল্পটো বাছি উলিওৱা – {Barpeta}

(i) ধানখেতি, কুঁহিয়াৰৰ পৰা গুৰ তৈয়াৰ কৰা কৌশল অষ্ট্ৰিকসকলে সূচনা কৰিছিল

(ii) ধর্মীয় পৰম্পৰাত সেন্দুৰৰ ব্যৱহাৰ আৰু হালধিৰ ব্যৱহাৰ কাৰ্য্যৰ উদ্ভাৱন অষ্ট্ৰিকসকলেই কৰিছিল

(A) (i) সত্য (ii) অসত্য

(B) (i) অসত্য (ii) সত্য

(C)(i) আৰু (ii) দুয়োটাই সত্য

(D) (i) আৰু (ii) দুয়োটাই অসত্য

Answer: C

9. তলাতল ঘৰৰ নিৰ্মাণ কাৰ্য কোনে আৰম্ভ কৰিছিল? {Barpeta}

(A) ৰাজেশ্বৰ সিংহ

(B) গদাধৰ সিংহ

(C) প্রমত্ত সিংহ

(D) ৰুদ্ৰ সিংহ

Answer: D

10. তোমাক যদি সাংস্কৃতিক উৎসৱ এটাত প্ৰদৰ্শন কৰিবলৈ এটা ওজাপালিৰ অনুষ্ঠান আয়োজন কৰিবলৈ দিয়া হয়, তেন্তে তলত দিয়া কোনকেইটা দিশ ইয়াৰ বিশুদ্ধতা নিশ্চিত কৰিবলৈ অপৰিহাৰ্য হ’ব? {Barpeta}

(A) পৰম্পৰাগত সাজপাৰ, সংগীত আৰু সাধু কোৱা পদ্ধতি প্রয়োগ কৰি

(B) সমসাময়িক সংগীতৰ ধাৰাবোৰত দৃষ্টি নিক্ষেপ কৰি

(C) বিভিন্ন অঞ্চলৰ জনপ্রিয় নৃত্যশৈলীবোৰ সাঙুৰি

(D) মঞ্চায়ন আৰু আধুনিক প্রযুক্তিগত উদ্ভাৱনবিলাকত অগ্রাধিকাৰ প্ৰদান কৰি

Answer: A

11. কোনটো বংশই মূলতঃ অমৰাৱতী শৈলীৰ ভাস্কৰ্য্যক পৃষ্ঠপোষকতা কৰিছিল – {Barpeta}

(A) মৌর্য্য

(B) গুপ্ত

(C) সাতবাহন

(D) কুষাণ

Answer: C

12. অসমীয়া লোকসংগীতত তলৰ কোনটো গৰখীয়া গীত ? {Barpeta}

(A) চিয়াগীত

(B) নাঙেলী গীত

(C) টোকাৰী গীত

(D) ধাইনাম

Answer: B

13. মধ্যযুগৰ অসমীয়া সাহিত্য সম্পৰ্কে তলৰ কোনকেইটা উক্তি শুদ্ধ ? {Barpeta}

(i) অসমীয়া ভাষাত মাধৱ কন্দলীয়ে ‘সপ্তকাণ্ড ৰামায়ণ’ অনুবাদ কৰিছিল

(ii) শংকৰদেৱৰ প্ৰথম নাট ‘চিহ্নযাত্ৰা’ত বৃন্দাৱনী বস্ত্ৰ ব্যৱহাৰ কৰা হৈছিল

(iii) পিতাম্বৰ কবিৰ পদ্য গীতাখন আজিও এখন বহলভাৱে ব্যৱহৃত জনপ্রিয় ধর্মগ্রন্থ

(iv)মধ্যযুগৰ অসমৰ কেইখনমান সচিত্র পুথি হ’ল – আনন্দ লহৰী, গীত-গোবিন্দ, কথাগীতা, কুমাৰ হৰণ

(A) i, iii

(B) i, ii, iii

(C) i, ii

(D) i, ii, iii, iv

Answer: B

14. ভাৰতৰ UNESCO ৰ দ্বাৰা স্বীকৃত বিশ্ব ঐতিহ্য ক্ষেত্ৰসমূহ হ’ল – {Barpeta}

(i) সাঁচীৰ স্তূপ

(ii) কুতুব মিনাৰ

(iii) কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

(iv) অজন্তাৰ গুহাসমূহ

(v) ওৰাং ৰাষ্ট্ৰীয় উদ্যান

(A) i, ii, iv, v

(B) i, ii, iii, iv, v

(C) i, iii, iv, v

(D) i, ii, iii, iv

Answer: D

15. ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱা{Biswanath}

‘ক’ অংশ

(A) ভাৰত নাট্যম

(B) সত্ৰীয়া

(C) কথক

(D) মোহিনী অট্টম

‘খ’ অংশ

(i) উত্তৰ ভাৰত

(ii) তামিলনাডু

(iii) অসম

(iv) কেৰেলা

(A) a (i), b (ii), c (iii), d (iv)

(B) a (ii), b (i), c (iv), d (iii)

(C) a (ii), b (iii), c (i), d (iv)

(D) a (ii), b (i), c (iii), d (iv)

Answer: C

16. কুঁহিয়াৰ পৰা গুৰ তৈয়াৰ কৰা কৌশল কপাহৰ পৰা সূতা উলিয়াই কাপোৰ বোৱা কৌশল সূচনা কৰিছিল – {Biswanath}

(A) দ্ৰাবিড়সকলে

(B) অষ্ট্ৰিক সকলে

(C) মংগোলীয় সকলে

(D) আৰ্যসকলে

Answer: B

17. দৰং জিলাত প্ৰচলিত এবিধ লোকনৃত্য হ’ল – {Biswanath}

(A) থিয়ানাম

(B) ধুলীয়া ওজাপালি

(C) ভোৰতাল নৃত্য

(D) দেওধনী নৃত্য

Answer: D

18. ইউনেস্কৰ দ্বাৰা বিশ্ব ঐতিহ্য ক্ষেত্র হিচাপে তালিকাভুক্ত হোৱা ভাৰতৰ তিনিটা স্থাপত্য কলা হ’ল – {Bongaigaon}

(i) সাঁচীৰ স্তূপ।

(ii) অজন্তাৰ গুহা।

(iii) তাজমহল।

(iv) লালকিল্লা।

(A) (i), (ii), (iv)

(B) (i), (ii), (iii)

(C) (ii), (iii), (iv)

(D) (i), (iii), (iv)

Answer: B

19. লোক সংগীতত আগবঢ়োৱা অৱদানৰ বাবে অসমৰ কোন শিল্পীক পদ্মশ্রী সন্মান প্ৰদান কৰা হৈছিল? {Bongaigaon}

(A) জুবিন গাৰ্গ।

(B) ভূপেন হাজৰিকা।

(C) খগেন মহন্ত।

(D) প্রতিমা পাণ্ডে বৰুৱা।

Answer: D

20. জোনাকী যুগৰ ‘ত্ৰিমূৰ্তী’ বুলিলে নিম্নোলিখিত কোন কেইজন সাহিত্যিকক জনা যায়? {Bongaigaon}

(i) হেমচন্দ্ৰ বৰুৱা।

(ii) হেমচন্দ্র গোস্বামী।

(iii) লক্ষ্মীনাথ বেজবৰুৱা

(iv) চন্দ্র কুমাৰ আগৰৱালা।

(A) (i), (ii), (iii)

(B) (ii), (iii), (iv)

(C) (i), (iii), (iv)

(D) (i), (ii), (iv)

Answer: B

21. অষ্ট্ৰিকসকলে ভাৰতীয় সংস্কৃতিলৈ আগবঢ়োৱা অৱদান কেইটা হ’ল – {Bongaigaon}

(i) ধান খেতি কৰা।

(ii) কুঁহিয়াৰৰ পৰা গুৰ তৈয়াৰ কৰা কৌশল।

(iii) ধৰ্মীয় পৰম্পৰাগত সেন্দুৰৰ ব্যৱহাৰ।

(iv) দৰিদ্ৰতা নির্মূল কৰা।

(A) (i), (ii), (iv)

(B) (i), (ii), (iii)

(C) (ii), (iii), (iv)

(D) (i), (iii), (iv)

Answer: B

22. তলত দিয়াবোৰ মিলোৱা আৰু শুদ্ধ উত্তৰটো বাছি উলিওৱা – {Bongaigaon}

(i) কুচিপুড়ী

(ii) সত্রীয়া

(iii) কথক

(iv) কথাকলি

(a) অসম

(b) উত্তৰ ভাৰত

(c) মালায়ালম

(d) অন্ধ্র প্রদেশ

(A) (i) b, (ii) a, (iii) d, (iv) c

(B) (i) d, (ii) a, (iii) b, (iv) c

(C) (i) b, (ii) a, (iii) d, (iv) c

(D) (i) c, (ii) d, (iii) a, (iv) b

Answer: B

23. নীচে দেওয়া কোন বিকল্পটি সাঁচি পাতা এবং পাদশাহনামায় অঙ্কিত চিত্রের মধ্যে সম্পর্ক তৈরি করে। {Cachar}

(A) গ্রন্থে লিখিত বিষয়বস্তুর সচিত্র বর্ণনা দেয়।

(B) গ্রন্থের পঠন আকর্ষণীয় করে তুলে।

(C) চিত্র গ্রন্থের সৌন্দর্য বর্ধন করেছিল।

(D) গ্রন্থের পাঠক সমুদায়ের বৃদ্ধি পেতে সাহায্য করেছিল।

Answer: A

24. কোন আহোম রাজার রাজত্বকালে আজান পীর আসামে এসেছিলেন? {Cachar}

(A) শিব সিংহ

(B) প্রমত্ত সিংহ

(C) রাজেস্বর সিংহ

(D) গদাধর সিংহ

Answer: D

25. নীচে দেওয়া বিকল্প থেকে ইতিহাসবিদের নাম চয়ন করো। {Cachar}

(A) কৌটিল্য

(B) বরাহমিহির

(C) সুশ্রুত

(D) কলহন

Answer: D

26. নীচে দেওয়া কোন বাক্যটি যাদবপুর বিশ্ববিদ্যালয় (পূর্বে বেঙ্গল টেকনিক্যাল ইনস্টিটিউট নামে পরিচিত) এবং আনন্দরাম বরুয়া, অসমের প্রথম আই. সি. এস এর মধ্যে সম্পর্ক স্থাপন করো। {Cachar}

(A) আনন্দরাম বরুয়া যাদবপুর বিশ্ববিদ্যালয়ের একজন প্রতিষ্ঠাতা ছিলেন।

(B) তারকনাথ পালিত যিনি যাদবপুর বিশ্ববিদ্যালয়ের প্রতিষ্ঠাকালে অর্থের যোগান দিয়েছিলেন, আনন্দরাম বরুয়ার অন্তরঙ্গ মিত্র ছিলেন।

(C) আনন্দরাম বরুয়া যাদবপুর বিশ্ববিদ্যালয়ের প্রতিষ্ঠাতা অধ্যক্ষ ছিলেন।

(D) তারকনাথ পালিত আনন্দরাম বরুয়াকে এই প্রতিষ্ঠানে একজন অন্যতম শিক্ষক হিসাবে আমন্ত্রন জানিয়েছিলেন।

Answer: B

27. তলৰ দিয়া দাবী (A) আৰু কাৰণ (R) ৰ ওপৰত ভিত্তি কৰি শুদ্ধ বিকল্পটো বাছি উলিওৱা: {Darrang}

দাবী (A): “অসম বহুৰঙী কৃষি সাংস্কৃতিৰ মিলন ভূমি”

কাৰণ (R): বিভিন্ন সময়ত বিভিন্ন জনগোষ্ঠীৰ প্ৰব্ৰজন ঘটিছিল আৰু অসমত স্থায়ী বসতি স্থাপন হৈছিল

(A) A শুদ্ধ, R অশুদ্ধ

(B) A অশুদ্ধ R শুদ্ধ

(C) A আৰু R দুয়োটাই শুদ্ধ আৰু R হ’ল A ৰ শুদ্ধ ব্যাখ্যা

(D) A আৰু R দুয়োটাই শুদ্ধ আৰু R, A ৰ শুদ্ধ ব্যাখ্যা নহয়

Answer: C

28. তলত দিয়াবোৰ মিলোৱা আৰু শুদ্ধ উত্তৰ বাছি উলিওৱাঃ {Darrang}

(i) গোবিন্দ মিশ্র

(ii) মাধৱদেৱ

(iii) সুকুমাৰ বৰকাইঠ

(iv) ভট্টদেৱ

a) দধি মথন

b) হস্তীবিদ্যাৰ্ণৱ

c) কথা গীতা

d) পদ্য গীতা

(A) (i) – (d), (ii) – (a), (iii) – (b), (iv) – (c)

(B) (i) – (a), (ii) – (d), (iii) – (b), (iv) – (c)

(C) (i) – (b), (ii) – (a), (iii) – (c), (iv) – (d)

(D) (i) – (c), (ii) – (b), (iii) – (d), (iv) – (a)

Answer: D

29. চিত্রত দেখা নৃত্যবিধ চিনাক্ত কৰা- {Dhubri}

class 10 social sciences

(A) মণিপুৰী নৃত্য

(B) সত্রীয়া নৃত্য

(C) ভাৰত নাট্যম নৃত্য

(D) কথক নৃত্য

Answer: B

30. যাড়াংগ চর্চা জড়িত – {Dhubri}

(A) ভাস্কর্য

(B) চিত্রকলা

(C) যোগ

(D) স্থাপত্য

Answer: B

31. তলৰ উল্লেখিত কোনখন গ্ৰন্থ 1000 খ্ৰীষ্টপূৰ্বৰ পৰা 600 খৃষ্টপূর্ব সময়ছোৱাৰ ভিতৰত লিখিত হৈছিল বুলি অনুমান কৰা হয় – {Dhubri}

(A) ঋক বেদ

(B) সাম বেদ

(C) নাট্যশাস্ত্র

(D) অর্থশাস্ত্র

Answer: B

32. তলৰ বিকল্পবোৰ পঢ়ি শুদ্ধ উত্তৰ চিনাক্ত কৰা {Dhubri}

(A) অনন্ত কন্দলি — ৰামায়ন

(B) শংকৰদেৱ — নামঘোষা

(C) মাধৱদেৱ — কীর্তন

(D) ভট্টদেৱ — কথা গীতা

Answer: D

33. ছবিত দেখুওৱা নৃত্যৰ ৰূপটো তলৰ কোনটো জনগোষ্ঠীৰ? {Goalpara}

(A) বড়ো

(B) তিৱা

(C) ৰাভা

(D) কার্বি

Answer: A

34. লোক সংগীতলৈ আগবঢ়োৱা অৱদানৰ বাবে অসমৰ কোন শিল্পীক পদ্মশ্রী সম্মান প্রদান কৰা হৈছিল? {Goalpara}

(A) জুবিন গাৰ্গ

(B) খগেন মহন্ত

(C) ৰামেশ্বৰ পাঠক

(D) প্রতিমা পাণ্ডে বৰুৱা

Answer: D

35. ‘কথাগীতা’ অসমীয়া সাহিত্য ৰচনা কৰিছিল- {Goalpara}

(A) মাধৱদেৱ

(B) অনন্ত কন্দলি

(C) ভট্টদেব

(D) সুকুমাৰ বৰকাইথ

Answer: C

36. ‘ভাৰত সম্ভেদ’ কোনে লিখিছিল? {Goalpara}

(A) ৰবীন্দ্ৰনাথ ঠাকুৰ

(B) মহাত্মা গান্ধী

(C) জৱাহৰলাল নেহৰু

(D) অৰবিন্দ ঘোয

Answer: C

37. ভাৰতৰ ৰাষ্ট্ৰীয় প্রতীকত থকা ‘সত্যমেৱ জয়তে’ বাক্যশাৰী _____ গ্ৰন্থৰ পৰা লোৱা হৈছে। {Goalpara}

(A) ৰামায়ন

(B) মহাভাৰত

(C) কথা গীতা

(D) মুণ্ডক উপনিষদ

Answer: D

38. নিম্নলিখিত উৎসৱবোৰক সিহঁতৰ নিজৰ ৰাজ্যৰ সৈতে মিলোৱা: {Hailakandi}

উৎসৱ

1.হৰ্ণবিল

2.চাপচাৰ কুট

3.বাগুৰুম্বা

4.ফাৰকান্টি

ৰাজ্য

i) মিজোৰাম

ii) নাগালেণ্ড

iii) ৰাভা

iv) বড়ো

(A) 1-ii, 2-i, 3-iv, 4-iii

(B) 1-i, 2-ii, 3-iii, 4-iv

(C) 1-ii, 2-iv, 3-i , 4-iii

(D) 1-iii, 2-iv, 3-i, 4-ii

Answer: A

39. তলৰ বিবৃতিবোৰ পঢ়া আৰু শুদ্ধ উত্তৰটো বাছনি কৰা: {Hailakandi}

দাবী (A): ভাৰতৰ এক চহকী আৰু বৈচিত্ৰ্যময় সাংস্কৃতিক ঐতিহ্য আছে।

কাৰণ (R): প্ৰ’ট’-অষ্ট্ৰলয়ড, অষ্ট্ৰিক, মংগোলীয়, আৰ্য আদি বিভিন্ন জনগোষ্ঠীৰ লোকে প্ৰব্ৰজন কৰি ভাৰতত বসতি স্থাপন কৰিছিল।

(A) A সত্য, R মিছা

(B) A মিছা, R সত্য

(C) A আৰু R দুয়োটাই সত্য আৰু R হ’ল A-ৰ শুদ্ধ ব্যাখ্যা

(D) A আৰু R দুয়োটাই সত্য আৰু R, A-ৰ শুদ্ধ ব্যাখ্যা নহয়

Answer: C

40. তলৰ বিবৃতিবোৰ পঢ়া আৰু শুদ্ধ উত্তৰটো বাছনি কৰা। {Hailakandi}

(দাবী (A): সংস্কৃত সাহিত্যক ভাৰতীয় সংস্কৃতিৰ প্ৰাণ বুলি গণ্য কৰা হয়)

(কাৰণ (R): দৰ্শন, বিজ্ঞান আৰু ধৰ্ম সম্পৰ্কীয় প্ৰাচীন জ্ঞানৰ বেছিভাগেই সংস্কৃত ভাষাত লিপিৱদ্ধ কৰা হৈছিল)

(A) A আৰু R দুয়োটাই সত্য আৰু R হ’ল A-ৰ শুদ্ধ ব্যাখ্যা

(B) A আৰু R দুয়োটাই সত্য কিন্তু R, A-ৰ শুদ্ধ ব্যাখ্যা নহয়

(C) A সত্য, R মিছা

(D) A মিছা, R সত্য

Answer: A

41. যদি ছাত্ৰ-ছাত্ৰীক ভাৰতৰ সাংস্কৃতিক বৈচিত্ৰ্যৰ আঁৰৰ আটাইতকৈ শক্তিশালী কাৰকটো চিনাক্ত কৰিবলৈ কোৱা হয়, তেন্তে তলৰ কোনটো আটাইতকৈ যুক্তিসংগত হ’ব? {Jorhat}

(A) একাধিক জাতি-ধৰ্ম আৰু ভাষাৰ সৈতে পাৰস্পৰিক যোগাযোগ।

(B) প্ৰাচীন ৰীতি-নীতিৰ কঠোৰ সংৰক্ষণ।

(C) সকলো সময়তে ৰাজনৈতিক ঐক্য।

(D) বিদেশী আক্ৰমণৰ সম্পূৰ্ণ অনুপস্থিতি।

Answer: A

42. ক অংশৰ লগত খ অংশ মিলোৱা : {Jorhat}

ক অংশ:

i. সত্যমেৱ জয়তে

ii. অহিংসা পৰম ধৰ্ম

iii. জননী জন্মভূমিশ্চ স্বৰ্গাদপিগৰীয়সী

iv. বসুধৈৱ কুটুম্বকম

খ অংশ:

a) মহাভাৰত

b) মহোপনিষদ

c) মুণ্ডক উপনিষদ

d) ৰামায়ণ

Options:

(A) i-c ii-d iii-b iv-a

(B) i-d ii-b iii-c iv-a

(C) i-c ii-a iii-d iv-b

(D) i-b ii-d iii-a iv-c

Answer: C

43. তলৰ অনুচ্ছেদটো পঢ়া আৰু ৩৫ আৰু ৩৬ নং প্ৰশ্নৰ উত্তৰ দিয়া

‘যোগবিদ্যা বৈদিক যুগত বহুল চৰ্চা হৈছিল। আনুমানিক খ্ৰীষ্টীয় দ্বিতীয় শতিকাত মহৰ্ষি পতঞ্জলিয়ে যোগসূত্ৰ নামৰ গ্ৰন্থ সংকলন কৰি এই বিদ্যাক এক সু-সংহত ৰূপ দিয়ে। তেওঁ এই বিদ্যাৰ শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক উৎকৰ্ষ সাধনৰ এক সচেতন সক্ৰিয় পদ্ধতি হিচাপে আৰু জীৱন-যাপনৰ সম্পূৰ্ণ প্ৰণালী হিচাপে এক দৰ্শনৰ ৰূপত গঢ় দিছিল।’

পতঞ্জলিৰ যোগসূত্ৰক কিয় যোগৰ ইতিহাসত এক টাৰ্ণিং পইণ্ট বুলি গণ্য কৰা হয়? {Jorhat}

(A) ই যোগক ধৰ্মীয় অনুষ্ঠানলৈ ৰূপান্তৰিত কৰিছিল।

(B) ইয়াত যোগদৰ্শনক বৈজ্ঞানিকভাৱে পদ্ধতিগত ব্যাখ্যা কৰা হৈছিল।

(C) ই ধ্যান-ধাৰণাৰ অনুশীলনক নিৰুৎসাহিত কৰিছিল।

(D) ই কেৱল শাৰীৰিক ভংগীমাৰ ওপৰত গুৰুত্ব দিছিল।

Answer: B

44. হাজাৰ হাজাৰ বছৰ ধৰি যোগাসন ভাৰতীয় সংস্কৃতিৰ অবিচ্ছেদ্য অংগ হৈ থকাৰ কাৰণ তলৰ কোনটোৱে সৰ্বোত্তমভাৱে বুজাইছে? {Jorhat}

(A) ইয়াক কেৱল প্ৰাচীন সাধুসকলে প্ৰচাৰ কৰিছিল।

(B) ই কেৱল শাৰীৰিক ব্যায়ামৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

(C) ই শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক মঙ্গলৰ বাবে এক সামগ্ৰিক দৃষ্টিভংগী প্ৰদান কৰে।

(D) উৎসৱৰ সময়তহে মানুহে ইয়াৰ চৰ্চা কৰে।

Answer: C

45. তলৰ ছবিখন চাই এই নৃত্যৰ লগত জড়িত জনজাতিটোৰ আৰু নৃত্যটোৰ নাম কোৱা- {Jorhat}

(A) বড়ো-বাগৰুম্বা

(B) কাৰ্বি-বাঁহ নৃত্য

(C) চাহ জনজাতি- ঝুমুৰ

(D) অসমীয়া- বিহু

Answer: A

46. তেজপুৰৰ দ-পৰ্বতীয়া শিলৰ তোৰণৰ নিম্নাংশত কাৰ কাৰ মূৰ্তি দুটা আছে? {Kamrup M}

(A) গংগা-যমুনা

(B) ব্রহ্মা-বিষ্ণু

(C) চন্দ্র-সূর্য্য

(D) পুৰুষ-নাৰী

Answer: A

47. ‘অষ্টাংগ যোগ’ ৰ শেষৰ অংগটো কি? {Kamrup M}

(A) নিয়ম

(B) ধাৰণা

(C) সমাধি

(D) আসন

Answer: C

48. তলত দিয়া বিকল্পসমূহ মিলোৱা {Kamrup M}

(1) সত্যমেৱ জয়তে.

(2) বসুধৈৱ কুটুম্বকম

(3) অহিংসা পৰম ধৰ্ম

(4) জননী জন্মভূমি স্বৰ্গাদপি গৰিয়সী

(i) মহাভাৰত

(ii) মহোপনিষদ

(iii) ৰামায়ণ

(iv) মুণ্ডক উপনিষদ

(A) 1 – (iv), 2 – (ii), 3 – (i), 4 – (iii)

(B) 1 – (i), 2 – (ii), 3 – (iv), 4 – (iii)

(C) 1 – (iv), 2 – (ii), 3 – (i), 4 – (iii)

(D) 1 – (iii), 2 – (iv), 3 – (i), 4 – (ii)

Answer: A

49. উদ্গাতা নামৰ পুৰোহিতসকলে যজ্ঞত দেৱতাৰ সন্তুষ্টিৰ অর্থে কোনখন বেদৰ স্তোত্ৰসমূহ গীত আকাৰে পাঠ কৰিছিল? {Kamrup M}

(A) ঋকবেদ

(B) যজুৰবেদ

(C) সামবেদ

(D) অথৰ্ববেদ

Answer: C

50. কাষৰ নৃত্যবিধ কোনখন ৰাজ্যৰ ধ্ৰুপদী নৃত্য? {Kamrup M}

(A) কেৰেলা

(B) অসম

(C) তামিলনাডু

(D) অন্ধ্রপ্রদেশ

Answer: C

51. উক্তি (A): খ্রীষ্টিয়ান ধৰ্ম গ্ৰহণ কৰাৰ পিছত মিজোসকলৰ পৰম্পৰাগত উৎসৱ গীত-মাত হ্রাস পাবলৈ লৈছিল। {Kamrup M}

যুক্তি (B): মিজোসকলে পৰম্পৰাগত ধৰ্ম বিশ্বাস তথা সংস্কৃতি সংৰক্ষণ তথা পুনৰ প্ৰৱৰ্তন কৰাৰ উদ্দেশ্য ‘হেৰাকা’ নামৰ এক আন্দোলন গঢ়ি তুলিছিল।

(A) A, B দুয়োটাই শুদ্ধ, আৰু, R, A ৰ শুদ্ধ বৰ্ণনা।

(B) A, B দুয়োটাই শুদ্ধ, কিন্তু R, A ৰ শুদ্ধ বৰ্ণনা নহয়।

(C) A শুদ্ধ, R অশুদ্ধ।

(D) A অশুদ্ধ, R শুদ্ধ।

Answer: C

52. ‘সপ্তকাণ্ড ৰামায়ণ’ অসমীয়ালৈ কোনে অনুবাদ কৰিছিল? {Kamrup R}

(A) শ্রী শ্রী শংকৰদেৱ

(B) শ্রী শ্রী মাধৱদেৱ

(C) মাধৱ কন্দলী

(D) অনন্ত কন্দলী

Answer: C

53. সাঁচিপাতৰ চিত্ৰত কোনবোৰ ৰং সাধাৰণতে ব্যৱহাৰ কৰা হৈছিল? {Kamrup R}

(A) নীলা, বগা, সোণালী, ক’লা

(B) ৰঙা, সেউজীয়া, হালধীয়া

(C) কেৱল কলা আৰু বগা

(D) গোলাপী, বেঙুনীয়া, ৰূপালী, সেউজীয়া

Answer: B

54. ‘ভাৰত সম্ভেদ’ গ্রন্থখন কোনে ৰচনা কৰিছিল? {Kamrup R}

(A) জৱাহৰলাল নেহৰু

(B) মহাত্মা গান্ধী

(C) সুভাষ চন্দ্র বসু

(D) মণিৰাম দেৱান

Answer: A

55. ভাৰতলৈ প্ৰৱেশ কৰা বিভিন্ন জনগোষ্ঠীসমূহৰ তলত দিয়া কোনটো ক্রম শুদ্ধ- {Kamrup R}

(A) আর্যগোষ্ঠী- দ্রাবিড়সকল- নিগ্রোগোষ্ঠী- মংগোলীয়

(B) নিগ্রো- অস্ট্রিক- মংগোলীয়- আর্য

(C) অস্ট্রিক- মংগোলীয়- আর্য- নিগ্রো

(D) আর্য- নিগ্রো- অষ্ট্রিক- মংগোলীয়

Answer: B

56. তলত উল্লেখ কৰা কোনটো সিন্ধু সভ্যতাত নাছিল? {Kamrup R}

(A) ইউনিকম

(B) সেন্দুৰ

(C) হাতী

(D) লো

Answer: D

57. ৰামায়ণ অসমীয়ালৈ অনুবাদ কৰিছিল- {Kokrajhar}

(A) হেম সৰস্বতী।

(B) মাধৱ কন্দলী।

(C) ৰুদ্ৰ কন্দলী।

(D) হৰিবৰ বিপ্ৰ।

Answer: b

58. বিশ্বজনীন বাণী “সত্যমেৱ জয়তে” লোৱা হৈছিল- {Kokrajhar}

(A) মুণ্ডক উপনিষদ।

(B) মহাভাৰত।

(C) ৰামায়ণ।

(D) মহোপনিষদ।

Answer: a

59. বৰচুলীয়া, দেওধনী লোকগীত হয়- {Kokrajhar}

(A) দৰং

(B) বৰপেটা।

(C) নগাওঁ।

(D) ডিব্রুগড়।

Answer: a

60. শিৱসাগৰৰ ঐতিহ্যমণ্ডিত তলাতল ঘৰটো নিৰ্মাণ কাৰ্য শুভাৰম্ভ কৰিছিল স্বৰ্গদেউ ৰুদ্ৰসিংহই আৰু সমাপ্ত কৰিছিল – {Lakhimpur}

(A) ৰাজেশ্বৰ সিংহ আৰু তেওঁ উত্তৰাধিকাৰীসকলে

(B) শিৱ সিংহই

(C) গদাধৰ সিংহই

(D) কোঁচ ৰজাসকলে

Answer: A

61. দাবী (A): অসমত আৰ্য-অনাৰ্যসকলৰ সমন্ধিত অৱদানেৰে এক সংমিশ্রিত সংস্কৃতি উৎপত্তি হৈছিল। {Lakhimpur}

কাৰণ (R): ভাৰতবৰ্ষত গঠিত হোৱা নৃতাত্বিক তথা সাংস্কৃতিক সংমিশ্ৰণৰ প্ৰক্ৰিয়াটো অসমতো ঘটিছিল।

(A) A সত্য কিন্তু (R) অসত্য

(B) Aঅসত্য কিন্তু R সত্য

(C) Aআৰু R উভয়ে সত্য কিন্তু R, A ৰ উপযুক্ত ব্যাখ্যা নহয়

(D) A আৰু R উভয়ে সত্য কিন্তু R, A ৰ উপযুক্ত ব্যাখ্যা

Answer: D

62. ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলাই শুদ্ধ উত্তৰটো বাছি উলিওৱা- {Lakhimpur}

‘ক’ অংশ

(a) নামঘোষা

(b) পদ্যগীতা

(c) সপ্তকাণ্ড ৰামায়ণ

(d) চিহ্নযাত্রা

‘খ’ অংশ

(i) শংকৰদেৱ

(ii) মাধৱ কন্দলি

(iii) গোবিন্দ মিশ্র

(iv) মাধৱদেৱ

(A) a-ii, b-iv, c-i, d-iii.

(B) a-iv, b-iii, c-ii, d-i.

(C) a-iii, b-i, c-iv, d-ii.

(D) a-i, b-ii, c-iii, d-iv.

Answer: B

63. তলত দিয়া যোৰ বোৰৰ পৰা অশুদ্ধ বিকল্পটো বাচি উলিওৱা {Lakhimpur}

(A) কেচুৱা টোপনি যোৱা গীত- নাঙেলী গীত

(B) বিয়া উপলক্ষে গোৱা গীত- বিয়া গীত

(C) জীৱন সর্ম্পকে গোৱা গীত- টোকাৰী গীত

(D) বিহুক কেন্দ্ৰ কৰি গোৱা গীত – বিহুগীত

Answer: A

64. হর্ণবিল উৎসৱটো হচ্ছে- {Lakhimpur}

(A) মণিপুৰী

(B) নগা

(C) মিজু

(D) ত্ৰিপুৰা

Answer: B

65. হেৰাকা আন্দোলন সংঘটিত হোৱা ৰাজ্যখন হৈছে – {Majuli}

(A) মণিপুৰ

(B) নাগালেণ্ড

(C) মিজোৰাম

(D) মেঘালয়

Answer: B

66. ‘ৰাজতৰংগীনি’ ‘ৰ ৰচক হৈছে – {Majuli}

(A) কৌটিল্য

(B) আর্যভট্ট

(C) কলহন

(D) পতঞ্জলি

Answer: C

67. অন্ধ্রপ্রদেশৰ চৰকাৰী স্বীকৃতিপ্রাপ্ত ধ্রুপদী নৃত্যবিধ হ’ল- {Majuli}

(A) কথাকলি

(B) কথক

(C) কুচিপুড়ী

(D) অ’ডিছি

Answer: C

68. ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱা: {Majuli}

‘ক’ অংশ

(A) বসুধৈব কুটুম্বকম

(B) অহিংসা পৰম ধর্ম

(C) সত্যমেৱ জয়তে

(D) জননী জন্মভূমিশ্চ স্বর্গাদপি গৰিয়সী

‘খ’ অংশ

i) মহাভাৰত

ii) মুণ্ডক উপনিষদ

iii) মহোপনিষদ

iv) ৰামায়ণ

(A) A(iii),B(i),C(ii),D(iv)

(B) A(iv),B(ii),C(iii),D(i)

(C) A(ii),B(iv),C(i),D(ii)

(D) A(i),B(iii),C(iv),D(ii)

Answer: a

69. “অষ্টাংগ” যোগৰ বিধান কোনে দিছিল? {Morigaon}

(A) ৰামদেৱ

(B) ভৰতমুনি

(C) পতঞ্জলি

(D) কৌটিল্য

Answer: C

70. অষ্ট্ৰিক জনগোষ্ঠীৰ লোকসকল অসমলৈ ক’ৰ পৰা আহিছিল? {Morigaon}

(A) দক্ষিণ-পূব এছিয়া

(B) চীন

(C) মধ্য এছিয়া

(D) আফ্রিকা

Answer: A

71. তালিকাখন মিলোৱা আৰু সঠিক উত্তৰটো বাচি উলিওৱা – {Morigaon}

(a) কৌটিল্য

(b) ক’লহন

(c) মাধৱ কন্দলী

(d) সুকুমাৰ বৰকটকী

(i) ৰাজতৰংগিনী

(ii) সপ্তকান্দ ৰামায়ণ

(iii) হস্তিবিদ্যানৱ

(iv) অৰ্থশাস্ত্ৰ

(A) (a) = iv, (b) = ii, (c) = i, (d) = iii

(B) (a) = iv, (b) = iii, (c) = i, (d) = ii

(C) (a) = iv, (b) = i, (c) = ii, (d) = iii

(D) (a) = i, (b) = ii, (c) = iii, (d) = iv

Answer: C

72. উক্তি (A) : সমাজ এখনৰ লোক সংস্কৃতি সমাজখনৰ দাপোনস্বৰূপ। {Morigaon}

কাৰণ (R) : সমাজ এখনৰ ৰূপ ৰং, সুখ-দুখ, শ্রম বিনোদন আদি উপাদানসমূহ লোকসংস্কৃতিৰ জৰিয়তে প্ৰতিফলিত হয়।

(A) (A) আৰু (R) উভয়ে সত্য কিন্তু (R), (A) ৰ শুদ্ধ ব্যাখ্যা নহয়

(B) (A) আৰু (R) উভয়ে সত্য, আৰু (R), (A) ৰ শুদ্ধ ব্যাখ্যা।

(C) (A) সত্য, কিন্তু (R) অসত্য।

(D) (A) অসত্য, কিন্তু (R) সত্য

Answer: B

73. ভাৰতৰ কোনটো কাগজী নোটত স্থাপত্য সাঁচী ৰূপৰ ফটো দেখা পোৱা যায়? {Nagaon}

(A) 500 টকাত

(B) 200 টকাত

(C) 100 টকাত

(D) 50 টকাত

Answer: B

74. বিন্ধ্য পর্বত আৰু কৃষ্ণা নদীৰ মাজৰ শিলৰ মন্দিৰৰ স্থাপত্য শৈলীক কি বুলি কোৱা হয়? {Nagaon}

(A) নাগৰ

(B) দ্রাবিড়

(C) বেচৰ

(D) পাৰ্চী

Answer: C

75. নগাসকলৰ উৎসৱ হ’ল- {Nagaon}

(A) আলি আয়ে নৃগাং

(B) হর্ণবিল

(C) ষটপূজা

(D) ওজাপালি

Answer: B

76. তলত দিয়াবোৰ মিলোৱা – {Nagaon}

A. কৌটিল্য

B. মাধৱ কন্দলী

C. সুকুমাৰ বৰকাইঠ

D. জৱাহৰলাল নেহেৰু

i) ভাৰত সম্ভেদ

ii) অর্থশাস্ত্র

iii) সপ্তকাণ্ড ৰামায়ণ

iv) হস্তী বিদ্যার্ণৱ

Options:

(A) (a) – (ii), (b) – (iii), (c) – (iv), (d) – (i)

(B) (a) – (ii), (b) – (iii), (c) – (i), (d) – (iv)

(C) (a) – (i), (b) – (iii), (c) – (ii), (d) – (iv)

(D) (a) – (iv), (b) – (ii), (c) – (i), (d) – (iii)

Answer: A

77. তলৰ কোনদুখন সচিত্র পুথি? {Nagaon}

a) কুমাৰ হৰণ

b) দধি মথন

c) শংখচুড় বধ

d) ৰাম বিজয়

(A) (a) আৰু (b)

(B) (b) আৰু (c)

(C) (a) আৰু (c)

(D) (c) আৰু (d)

Answer: C

78. আহোম শাসন কালত মঠ-মন্দিৰ, ঘৰ-দুৱাৰ আদিৰ নিৰ্মাণ কাৰ্য চোৱা চিতা কৰা বিষয়াজনক কোৱা হয় – {Nagaon}

(A) চাংকং ফুকন

(B) চাওদাং বৰুৱা

(C) গোহাঁই বৰুৱা

(D) বৰপাত্ৰ গোহাঁই

Answer: A

79. তলত দিয়াবোৰ মিলোৱা- {Nagaon}

a) কথাকলি

b) ভাৰত নাট্যম

c) সত্রীয়া

d) কথক

i) উত্তৰ ভাৰত

ii) অসম

iii) কেৰালা

iv) তামিলনাডু

(A) (a)-(iv), (b)-(iii), (c)-(i), (d)-(ii)

(B) (a)-(iii), (b)-(iv), (c)-(i), (d)-(ii)

(C) (a)-(iii), (b)-(iv), (c)-(ii), (d)-(i)

(D) (a)-(iv), (b)-(iii), (c)-(ii), (d)-(i)

Answer: C

80. লোক সংগীতত আগবঢ়োৱা অৱদানৰ বাবে পদ্মশ্রী সম্মান লাভ কৰা শিল্পীগৰাকী হ’ল – {Nagaon}

(A) ড° ভূপেন হাজৰিকা

(B) খগেন মহন্ত

(C) ৰামেশ্বৰ পাঠক

(D) প্রতিমা পাণ্ডে বৰুৱা

Answer: D

81. 

ওপৰৰ ছবিখন তলৰ কোনটো নৃত্যৰ লগত জড়িত? {Nalbari}

(A) খাছী নৃত্য

(B) মণিপুৰী নৃত্য

(C) চেৰাও নৃত্য

(D) সত্রীয়া নৃত্য

Answer: C

82. তলৰ গ্ৰন্থসমূহ লিখকৰ নামৰ সৈতে মিলোৱা আৰু শুদ্ধ বিকল্পটো বাছি উলিওৱা- {Nalbari}

(a) সপ্তকাণ্ড ৰামায়ণ

(b) কথাগীতা

(c) গুণমালা

(d) জন্ম ৰহস্য

(ⅰ) মাধৱদেৱ

(ii) শংকৰদেৱ

(iii) মাধৱ কন্দলি

(iv) ভট্টদেৱ

(A) a → ii, b → iii, c → iv, d → i

(B) a → iii, b → iv, c → i, d → ii

(C) a → iii, b → iv, c → ii, d → i

(D) a → ii, b → iv, c → iii, d → i

Answer: C

83. তলত দিয়া ৰঙালী বিহুৰ প্ৰথম চাৰিদিনৰ শুদ্ধক্ৰমটো হ’ল – {Nalbari}

(A) মানুহ বিহু → গোসাই বিহু → চেনেহী বিহু → কুটুম বিহু

(B) মানুহ বিহু → কুটুম বিহু → গোসাই বিহু → চেনেহী বিহু

(C) মানুহ বিহু → গোসাই বিহু → কুটুম বিহু → চেনেহী বিহু

(D) গোসাই বিহু → মানুহ বিহু → কুটুম বিহু → চেনেহী বিহু

Answer: C

84. ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱা- {Sibsagar}

‘ক’ অংশ

(a) গান্ধাৰ শিল্প

(b) অমৰাৱতী শিল্প

(c) ফার্জী শৈলী

(d) কৰাল

‘খ’ অংশ

(i) আহোম

(ii) মোগল যুগ

(iii) গুপ্ত যুগ

(iv) সাতবাহন

(A) a – ii, b – i, c – iv, d – iii

(B) a – iv, b – ii, c – i, d – iii

(C) a – iii, b – iv, c – ii, d – i

(D) a – iii, b – ii, c – i, d – iv

Answer: C

85. উক্তি (A): মিজোসকলৰ মাজত খ্ৰীষ্টান ধৰ্মৰ প্ৰভাৱ বৃদ্ধি পাইছিল। {Sibsagar}

যুক্তি (R) : ‘চপচৰ কূট’ এই আগ্রাসনৰ বিৰুদ্ধে এক প্ৰতিৰোধ আছিল।

(A) A শুদ্ধ, R অশুদ্ধ

(B) A অশুদ্ধ, R শুদ্ধ)

(C) A আৰু R দুয়োটাই শুদ্ধ, আৰু R, A ৰ সঠিক যুক্তি।

(D) A আৰু R দুয়োটাই শুদ্ধ, কিন্তু R, A ৰ সঠিক যুক্তি নহয়।

Answer: A

86. তুৰুং আৰু নৰা কি? {Sibsagar}

(A) গুহা শিল্প

(B) বৌদ্ধ ধৰ্মৰ লোক

(C) আহোমৰ ভাস্কৰ্য কলা

(D) উত্তৰ পূৱৰ ধ্রুপদী নৃত্য

Answer: B

87. তলৰ লিখক-সাহিত্যিকসকলক পুৰণিৰ পৰা নতুনলৈ একাদিকক্রমে সজোৱা: {Sibsagar}

(i) আজান ফকীৰ

(ii) শংকৰদেৱ

(iii) হৰিহৰ বিপ্ল

(iv) অনন্ত কন্দলী

(A) i – iii – ii – iv

(B) iii – ii – iv – i

(C) iii – i – ii – iv

(D) i – ii – iii – iv

Answer: B

88. UNESCO ৰ দ্বাৰা বিশ্ব ঐতিহ্য ক্ষেত্র হিচাপে তালিকাভূক্ত হোৱা ভাৰতৰ তিনিটা স্থাপত্য উল্লেখ কৰা – {Sonitpur}

i) সাঁচীৰ স্তুপ

ii) অজন্তাৰ গুহা

iii) তাজমহল

iv) লালকিল্লা

(A) (i), (ii) আৰু (iv)

(B) (i) (ii) আৰু (iii)

(C) (ii), (iii) আৰু (iv)

(D) (i), (iii) আৰু (iv)

Answer: B

89. পৃথিৱীৰ আদিমতম লিখিত ধৰ্মগ্রন্থ খনৰ নাম কি? {Sonitpur}

(A) সামবেদ

(B) ঋকবেদ

(C) যজুবেদ

(D) অথর্ববেদ

Answer: B

90. তলৰ কোনবিধ ভাৰতীয় ধ্রুপদী নৃত্য অন্ধ্রপ্রদেশৰ? {Sonitpur}

(A) কথাকলি

(B) কুচিপুড়ী

(C) ভাৰতনাট্যম

(D) ওডিছি

Answer: B

91. উজান অসমের মহিলাদের দ্বারা আয়োজিত বিহু হল- {Sribhumi}

(A) জেং বিহু

(B) মানুষ বিহু

(C) চেরা বিহু

(D) মুকলি বিহু

Answer: A

92. নিম্নলিখিতগুলি মেলাও :- {Sribhumi}

‘ক’ অংশ

a) ৰত্নাৱলী কথাি

b) হস্তীবিদ্যাৰ্ণৱ

c) সপ্তকাণ্ড ৰামায়ণ

d) পদ্য গীতা

‘খ’ অংশ

i) গোবিন্দ মিশ্র

ii) ভট্টদেৱ

iii) সুকুমাৰ বৰকাইথ

iv) মাধৱ কন্দলি

(A) a-i, b-ii, c-iii, d-iv

(B) a-iv, b-iii, c-ii, d-i

(C) a-iii, b-ii, c-iv, d-i

(D) a-ii, b-iii, c-iv, d-i

Answer: D

93. লেখক এবং গ্রন্থগুলি মেলাও এবং সঠিক উত্তরটি নির্ণয় করো : {Sribhumi}

লেখক

i) কৌটিল্য

ii) কলহন

iii) শংকৰদেৱ

iv) মাধৱদেৱ

গ্রন্থ

a) কীৰ্তন

b) নামঘোষা

c) অর্থশাস্ত্র

d) ৰাজতৰঙ্গিনী

(A) i-c, ii-d, iii-a, iv-b

(B) i-d, ii-c, iii-a, iv-b

(C) i-c, ii-a, iii- d, iv-b

(D) i-c, ii-d, iii- b, iv-a

Answer: A

94. ধর্মীয় পৰম্পৰাত সেন্দুৰ আৰু হালধিৰ ব্যৱহাৰ সূচনা কৰা গোষ্ঠীটো হ’ল- {Salmara}

(A) আর্যসকল

(B) অস্ট্রিক সকল

(C)নেগ্রিট সকল

(D) দ্রাবিড় সকল

Answer: B

95. তলৰ প্ৰশ্নটোত দাবী (A) আৰু কাৰণ (R) হিচাপে দুটা উক্তি দিয়া হৈছে। উক্তিকেইটা পঢ়া আৰু শুদ্ধ বিকল্পটো বাছি উলিওৱাঃ {Salmara}

দাবী (A) (সাংস্কৃতিক বহুত্ববাদ ভাৰতীয় সংস্কৃিতিৰ এটা বৈশিষ্ট্য।

কাৰণ (R) (সাংস্কৃতিক বহুত্ববাদে কোনো এখন সমাজৰ সাংস্কৃতিক বিবিধতা আৰু ইয়াৰ প্ৰতি শ্ৰদ্ধাৰ মনোভাৱক বুজায়।

(A) (A) আৰু (R) উভয়ে সত্য, কিন্তু (R), (A) ব শুদ্ধ ব্যাখ্যা নহয়।

(B) (A) আৰু (R) উভয়ে সত্য, আৰু (R), (A) শুদ্ধ ব্যাখ্যা।

(C) (A) সত্য, (R) অসত্য।

(D) (A) অসত্য (R) সত্য।

Answer: B

96. প্রতি বছৰ কোন তাৰিখত ‘যোগ দিৱস’ পালন কৰা হয়? {Salmara}

(A) ২১ এপ্রিল

(B) ২১ মে’

(C) ২১ জুন

(D) ২১ জুলাই

Answer: C

97. তলত দিয়াবোৰ মিলোৱা আৰু শুদ্ধ উত্তৰটো বাছি উলিওৱা: {Salmara}

i. অহিংসা পৰম ধর্ম

ii. বসুধৈর কুটুম্বকম

iii. সত্যমেৱ জয়তে

iv. জননী জন্মভূমি স্বৰ্গদপি গৰিয়সী

(A) মুণ্ডক উপনিষদ

(B) ৰামায়ণ

(C) মহাভাৰত

(D) মহোপনিষদ

(A) i-c, ii-d, iii-a, iv-b

(B) i-c, ii-a, iii-d, iv-b

(C) i-b, ii-a, iii-d, iv-c

(D) i-c, ii-b, iii-d, iv-a

Answer: A

98. দ-পৰ্বতীয়া শিলৰ তোৰণত কাৰ মূৰ্ত্তি পোৱা যায়- {Tamulpur}

(A) নৃত্যৰতা নাৰী

(B) বিষ্ণুৰ মূৰ্ত্তি

(C) গংগা-যমুনাৰ মূৰ্ত্তি

(D) দেৱ-দেৱীৰ মূৰ্ত্তি

Answer: C

99. হৰিবৰ বিপ্ৰই কোন ৰাজ্যৰ ৰজাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল- {Tamulpur}

(A) বৰাহী ৰাজ্যৰ বজা

(B) কমতা ৰাজ্যৰ ৰজা

(C) আহোম ৰাজ্যৰ ৰজা

(D) চুতীয়া ৰাজ্যৰ ৰজা

Answer: B

100. পৰৱৰ্তী বৈদিক যুগৰ ভাৰতীয় সংস্কৃতিক মহৎ উপাদান কোনবোৰ- {Tamulpur}

(A) পূৰাণ, মদভাগৱত

(B) ৰামায়ণ, মহাভাৰত

(C) হস্তী বিদ্যাৰ্ণৱ, চিত্র ভাগৱত

(D) নামঘোষা, কীৰ্ত্তনঘোষা

Answer: B

101. বড়ো সকলে সিজু গছৰ তলত চাকি জ্বলোৱা উৎসৱ কোনটো মাহৰ সমসাময়িক- {Tamulpur}

(A) বহাগ মাহ

(B) কাতি মাহ

(C) মাঘ মাহ

(D) চ’ত মাহ

Answer: B

102. ‘মুণ্ডাৰী’ সকল ফোনটো জনগোষ্ঠীৰ লোক- {Tamulpur}

(A) অস্ট্রিক

(B) ককেছিয়

(C) মাংগোলীয়

(D) আদিবাসী

Answer: A

103. 2001 চনৰ পিয়ল অনুযায়ী ভাৰতত মাতৃভাষা বুলি প্রচলিত ভাষাৰ সংখ্যা কিমান? {Udalguri}

(A) 705

(B) 122

(C) 1013

(D) 22

Answer: B

104. “কোনেও একমাত্র নিজৰ ধৰ্মটোকে মাত্র প্রশংসা আৰু আনৰ ধৰ্মক হীন বুলিব নালাগে।” বুলি ক’ত উল্লেখ আছে? {Udalguri}

(A) ঋকবেদত

(B) মহোপনিষদত

(C) সম্রাট অশোকৰ শিলালেখত

(D) মহাভাৰতত

Answer: C

105. নিম্নোক্ত ‘ক’ অংশৰ লগত থকা গ্ৰন্থ সমূহ ‘খ’ অংশৰ বিশ্বজনীন আমোঘ বাণীসমূহ মিলোৱাঃ {Udalguri}

‘ক’ অংশ:

(a) মুণ্ডক উপনিষদ

(b) মহাভাৰত

(c) ৰামায়ণ

(d) মহোপনিষদ

‘খ’ অংশ:

(i) বসুধৈব কুটুম্বকম

(ii) জননী জন্মভূমি স্বর্গাদপি গৰিয়সী

(iii) অহিংসা পৰম ধৰ্ম

(iv) সত্যমেৱ জয়তে

(A) a-ii, b-iv, c-i, d-iii

(B) a-iv, b-iii, c-ii, d-i

(C) a-iii, b-ii, c-i, d-iv

(D) a-i, b-iii, c-iv, d-ii

Answer: B

HSLC 2027-ৰ বাবে অতি সম্ভাৱ্য বহুবিকল্পীয় প্ৰশ্নোত্তৰ (MCQs)

1. প্ৰাচীন ভাৰতত ‘যোগ’ দৰ্শনৰ প্ৰৱৰ্তন কোনে কৰিছিল?

(A) কপিল মুনি

(B) মহৰ্ষি পতঞ্জলি

(C) গৌতম মুনি

(D) শংকৰাচাৰ্য

Answer: B

2. ‘নাট্যশাস্ত্ৰ’ নামৰ প্ৰাচীন গ্ৰন্থখনৰ ৰচক কোন আছিল?

(A) ভৰত মুনি

(B) পাণিনি

(C) কৌটিল্য

(D) কালিদাস

Answer: A

3. মধ্যপ্ৰদেশত অৱস্থিত বিখ্যাত ‘সাঁচী স্তূপ’ কোনজন সম্ৰাটৰ দিনত নিৰ্মাণ কৰা হৈছিল?

(A) চন্দ্ৰগুপ্ত মৌৰ্য

(B) হৰ্ষবৰ্ধন

(C) সম্ৰাট অশোক

(D) কনিষ্ক

Answer: C

4. ভাৰতীয় সংগীতৰ উৎপত্তি তলৰ কোনখন বেদৰ পৰা হোৱা বুলি বিশ্বাস কৰা হয়?

(A) ঋকবেদ

(B) যজুৰ্বেদ

(C) সামবেদ

(D) অথৰ্ববেদ

Answer: C

5. মোগল যুগৰ চিত্ৰকলাই কোনজন সম্ৰাটৰ ৰাজত্বকালত সৰ্বোচ্চ শিখৰত উপনীত হৈছিল?

(A) আকবৰ

(B) বাবৰ

(C) শ্বাহজাহান

(D) জাহাঙ্গীৰ

Answer: D

6. অজন্তা গুহাৰ চিত্ৰসমূহ প্ৰধানকৈ কোনটো ধৰ্মৰ লগত জড়িত?

(A) হিন্দু ধৰ্ম

(B) জৈন ধৰ্ম

(C) বৌদ্ধ ধৰ্ম

(D) শিখ ধৰ্ম

Answer: C

7. বিখ্যাত ‘কীৰ্তন ঘোষা’ পুথিখন কোনে ৰচনা কৰিছিল?

(A) মাধৱদেৱ

(B) শ্ৰীমন্ত শংকৰদেৱ

(C) ভট্টদেৱ

(D) অনন্ত কন্দলি

Answer: B

8. ছপাশালত মুদ্ৰিত প্ৰথমখন অসমীয়া গ্ৰন্থ ‘ধৰ্মপুস্তক’ (Dharmapustak) কেতিয়া প্ৰকাশ পাইছিল?

(A) ১৮১৩ চনত

(B) ১৮৪৬ চনত

(C) ১৮৩৬ চনত

(D) ১৮৮৯ চনত

Answer: A

9. অসমত জিকিৰ আৰু জাৰী গীতসমূহৰ ৰচক কোন আছিল?

(A) মীৰন

(B) আজান ফকীৰ

(C) শ্বাহ মিলন

(D) ছেয়দ আব্দুল মালিক

Answer: B

10. হিন্দু আৰু ইছলামিক স্থাপত্যৰ সংমিশ্ৰণত গঢ়ি উঠা স্থাপত্য শৈলীটোক কি বোলা হয়?

(A) দ্ৰাবিড় শৈলী

(B) ইণ্ডো-ইছলামিক শৈলী

(C) বেচৰ শৈলী

(D) ইণ্ডো-গ্ৰীক শৈলী

Answer: B

11. অসমৰ কৃষিভিত্তিক উৎসৱ ‘কাতি বিহু’ক আন কি নামেৰে জনা যায়?

(A) ভোগালী বিহু

(B) ৰঙালী বিহু

(C) কঙালী বিহু

(D) দোমাহী

Answer: C

12. আহোম ৰজা প্ৰমত্ত সিংহই নিৰ্মাণ কৰা বিখ্যাত স্থাপত্য নিদৰ্শনটোৰ নাম কি?

(A) কাৰেং ঘৰ

(B) ৰংঘৰ

(C) তলাতল ঘৰ

(D) নামদাঙৰ শিলৰ সাকোঁ

Answer: B

13. ‘আলি-আয়ে-লৃগাং’ কোনটো জনগোষ্ঠীৰ প্ৰধান বসন্ত উৎসৱ?

(A) বড়ো

(B) কাৰ্বি

(C) মিচিং

(D) ৰাভা

Answer: C

14. বাথৌ পূজা প্ৰধানকৈ কোনটো জনগোষ্ঠীয়ে পালন কৰে?

(A) মিচিং

(B) তিৱা

(C) দেউৰী

(D) বড়ো

Answer: D

15. ‘কথা-গীতা’ আৰু ‘কথা-ভাগৱত’ৰ ৰচক কোন আছিল?

(A) শ্ৰীমন্ত শংকৰদেৱ

(B) ভট্টদেৱ

(C) মাধৱ কন্দলি

(D) মাধৱদেৱ

Answer: B

16. অসমৰ সত্ৰীয়া নৃত্যই ভাৰতৰ ধ্ৰুপদী নৃত্য হিচাপে কেতিয়া স্বীকৃতি লাভ কৰে?

(A) ১৯৯০ চনত

(B) ১৯৯৫ চনত

(C) ২০০০ চনত

(D) ২০০৫ চনত

Answer: C

17. প্ৰাচীন কালত অসমক ‘প্ৰাগজ্যোতিষপুৰ’ বুলি তলৰ কোনখন গ্ৰন্থত উল্লেখ কৰা হৈছে?

(A) ৰামায়ণ আৰু মহাভাৰতত

(B) অৰ্থশাস্ত্ৰত

(C) ইণ্ডিকাত

(D) হৰ্ষচৰিতত

Answer: A

18. নীলাচল পাহাৰত থকা কামাখ্যা মন্দিৰটো কোনজন কোচ ৰজাই পুনৰ নিৰ্মাণ কৰিছিল?

(A) বিশ্বসিংহ

(B) নৰনাৰায়ণ

(C) চিলনয়

(D) ৰঘুদেৱ

Answer: B

19. খোজোৰাহোৰ বিখ্যাত মন্দিৰসমূহ কোনটো ৰাজবংশৰ দিনত নিৰ্মাণ কৰা হৈছিল?

(A) গুপ্ত ৰাজবংশ

(B) চোল ৰাজবংশ

(C) চান্দেল ৰাজবংশ

(D) চালুক্য ৰাজবংশ

Answer: C

20. উত্তৰ ভাৰতৰ মন্দিৰ স্থাপত্যত দেখা পোৱা প্ৰধান শৈলীটো কি?

(A) দ্ৰাবিড় শৈলী

(B) নগৰা শৈলী

(C) বেচৰ শৈলী

(D) পাৰ্চিয়ান শৈলী

Answer: B

21. চতুৰ্দশ শতিকাত অসমীয়ালৈ ‘ৰামায়ণ’ কোনে অনুবাদ কৰিছিল?

(A) মাধৱ কন্দলি

(B) অনন্ত কন্দলি

(C) হেম সৰস্বতী

(D) ৰাম সৰস্বতী

Answer: A

22. ভাৰতৰ প্ৰাচীনতম চিকিৎসা বিজ্ঞানৰ গ্ৰন্থ ‘চৰক সংহিতা’ কোনটো বিষয়ৰ লগত জড়িত?

(A) শল্য চিকিৎসা

(B) আয়ুৰ্বেদ

(C) যোগ

(D) ৰসায়ন বিদ্যা

Answer: B

23. ‘কথাকলি’ ভাৰতৰ কোনখন ৰাজ্যৰ ধ্ৰুপদী নৃত্য?

(A) অন্ধ্ৰপ্ৰদেশ

(B) তামিলনাডু

(C) কেৰালা

(D) উত্তৰ প্ৰদেশ

Answer: C

24. অসমৰ বিখ্যাত ‘ওজাপালি’ নৃত্য-গীত প্ৰধানকৈ কোনগৰাকী দেৱীৰ উপাসনাৰ লগত জড়িত?

(A) দুৰ্গা

(B) কালী

(C) মনসা

(D) সৰস্বতী

Answer: C

25. টাই-আহোম সকলৰ পূৰ্বপুৰুষক উপাসনা কৰা উৎসৱটোৰ নাম কি?

(A) মে-ডাম-মে-ফী

(B) চমাংকান

(C) ফৰকান্তি

(D) বাইখো

Answer: A

26. ক অংশৰ লগত খ অংশ মিলোৱা আৰু শুদ্ধ বিকল্পটো বাছি উলিওৱা:

ক অংশ (ধ্ৰুপদী নৃত্য)

(a) ভাৰতনাট্যম

(b) কুচিপুড়ী

(c) ওডিছী

খ অংশ (ৰাজ্য)

(i) ওড়িশা

(ii) তামিলনাডু

(iii) অন্ধ্ৰপ্ৰদেশ

(A) (a)-ii, (b)-iii, (c)-i

(B) (a)-i, (b)-ii, (c)-iii

(C) (a)-iii, (b)-i, (c)-ii

(D) (a)-ii, (b)-i, (c)-iii

Answer: A

27. অসমীয়া সাহিত্যৰ বিকাশৰ সৈতে জড়িত তলৰ সাহিত্যিক কৰ্মসমূহ পুৰণিৰ পৰা নতুনলৈ ক্ৰমানুসাৰে সজোৱা:

(i) কীৰ্তন ঘোষা

(ii) চৰ্যাপদ

(iii) অৰুণোদই

(iv) মাধৱ কন্দলিৰ ৰামায়ণ

(A) (ii) → (iv) → (i) → (iii)

(B) (ii) → (i) → (iv) → (iii)

(C) (iv) → (ii) → (i) → (iii)

(D) (i) → (ii) → (iv) → (iii)

Answer: A

28. ‘বেচৰ’ (Vesara) স্থাপত্য শৈলী সম্পৰ্কে তলৰ কোনটো উক্তি শুদ্ধ?

(A) ই কেৱল ইছলামিক স্থাপত্যৰ এটা ভাগ।

(B) ই উত্তৰ ভাৰতৰ নগৰা আৰু দক্ষিণ ভাৰতৰ দ্ৰাবিড় শৈলীৰ এক সংমিশ্ৰণ।

(C) ই প্ৰধানকৈ অসম আৰু উত্তৰ-পূৰ্বাঞ্চলত পোৱা যায়।

(D) ই বৌদ্ধ বিহাৰসমূহ নিৰ্মাণ কৰিবলৈ ব্যৱহাৰ কৰা হৈছিল।

Answer: B

29. ক অংশৰ লগত খ অংশ মিলোৱা:

ক অংশ (গ্ৰন্থ/পুথি)

(a) হস্তীবিদ্যার্ণৱ

(b) নামঘোষা

(c) জিকিৰ

খ অংশ (ৰচক)

(i) আজান ফকীৰ

(ii) সুকুমাৰ বৰকাইথ

(iii) মাধৱদেৱ

(A) (a)-ii, (b)-i, (c)-iii

(B) (a)-ii, (b)-iii, (c)-i

(C) (a)-i, (b)-ii, (c)-iii

(D) (a)-iii, (b)-ii, (c)-i

Answer: B

30. ভক্তি আন্দোলনৰ বৈশিষ্ট্য সম্পৰ্কে তলৰ কোনটো উক্তি অশুদ্ধ?

(A) ই ঈশ্বৰৰ প্ৰতি একনিষ্ঠ প্ৰেম আৰু ভক্তিৰ ওপৰত গুৰুত্ব দিছিল।

(B) ই জাতিভেদ প্ৰথা আৰু ধৰ্মীয় গোড়ামীক কঠোৰভাৱে সমৰ্থন কৰিছিল।

(C) ই সমাজত মানৱীয় মূল্যবোধ আৰু ভাতৃত্ববোধ গঢ়ি তুলিছিল।

(D) ই স্থানীয় বা মাতৃভাষাত ধৰ্মপ্ৰচাৰ কৰাত গুৰুত্ব দিছিল।

Answer: B

31. তলত দিয়া অসমৰ জনজাতীয় উৎসৱ আৰু জনগোষ্ঠীৰ যোৰাসমূহৰ ভিতৰত কোনটো শুদ্ধ?

(A) চমাংকান – ৰাভা

(B) ফৰকান্তি – বড়ো

(C) বাইখো – ৰাভা

(D) আলি-আয়ে-লৃগাং – ডিমাচা

Answer: C

32. ‘জোনাকী যুগ’ৰ বিষয়ে তলৰ উক্তিসমূহ পঢ়া আৰু শুদ্ধ বিকল্পটো বাছি উলিওৱা:

(i) এই যুগতেই অসমীয়া সাহিত্যত ৰোমাণ্টিকতাবাদৰ সূচনা হৈছিল।

(ii) ‘জোনাকী’ আলোচনীৰ প্ৰথম সম্পাদক আছিল চন্দ্ৰকুমাৰ আগৰৱালা।

(iii) এই যুগে প্ৰাচীন সংস্কৃত সাহিত্যৰ পুনৰুত্থানত বেছি গুৰুত্ব দিছিল।

(A) কেৱল (i) আৰু (ii) শুদ্ধ

(B) কেৱল (ii) আৰু (iii) শুদ্ধ

(C) কেৱল (i) আৰু (iii) শুদ্ধ

(D) (i), (ii) আৰু (iii) আটাইকেইটা শুদ্ধ

Answer: A

33. প্ৰাচীন ভাৰতৰ স্থাপত্য আৰু ভাস্কৰ্যৰ নিদৰ্শনসমূহ সময়ৰ অনুক্ৰমত সজোৱা:

(i) সাঁচী স্তূপ

(ii) সিন্ধু উপত্যকাৰ নগৰ পৰিকল্পনা

(iii) তাজমহল

(iv) খোজোৰাহোৰ মন্দিৰ

(A) (ii) → (i) → (iv) → (iii)

(B) (i) → (ii) → (iv) → (iii)

(C) (ii) → (iv) → (i) → (iii)

(D) (ii) → (i) → (iii) → (iv)

Answer: A

34. তলৰ কোনটো কাৰকে ভাৰতীয় সংস্কৃতিত অনৈক্যৰ মাজত একতা সৃষ্টি কৰাত সহায় কৰা নাই?

(A) ভৌগোলিক অৱস্থান আৰু পৰিৱেশ

(B) ধৰ্মীয় সহনশীলতা আৰু সমন্বয়

(C) সাম্প্ৰদায়িকতাবাদ আৰু বিভাজনমুখী ৰাজনীতি

(D) ভক্তি আৰু সুফী আন্দোলনৰ প্ৰভাৱ

Answer: C

35. অসমীয়া লিপিৰ উৎপত্তি সম্পৰ্কে তলৰ কোনটো উক্তি আটাইতকৈ গ্ৰহণযোগ্য?

(A) ই প্ৰত্যক্ষভাৱে আৰৱী লিপিৰ পৰা আহিছে।

(B) ই ব্ৰাহ্মী লিপিৰ পৰা ক্ৰমবিকাশ ঘটি কুটিলা লিপিৰ মাজেৰে বৰ্তমানৰ ৰূপ পাইছে।

(C) ই টাই-আহোম লিপিৰ এটা বিকশিত ৰূপ।

(D) ই কেৱল ঊনবিংশ শতিকাত ব্ৰিটিছসকলৰ দ্বাৰা সৃষ্টি কৰা হৈছিল।

Answer: B

36. ক অংশৰ লগত খ অংশ মিলোৱা:

ক অংশ

(a) দ্ৰাবিড় শৈলী

(b) নগৰা শৈলী

(c) ইণ্ডো-ইছলামিক শৈলী

খ অংশ

(i) উত্তৰ ভাৰতৰ মন্দিৰ

(ii) মছজিদ আৰু মকবাৰা

(iii) দক্ষিণ ভাৰতৰ মন্দিৰ 

(A) (a)-iii, (b)-ii, (c)-i

(B) (a)-i, (b)-ii, (c)-iii

(C) (a)-iii, (b)-i, (c)-ii

(D) (a)-ii, (b)-i, (c)-iii

Answer: C

37. তলৰ কোনখন পুথি আহোম স্বৰ্গদেউ শিৱসিংহ আৰু বৰৰজা ফুলেশ্বৰীৰ পৃষ্ঠপোষকতাত ৰচনা কৰা হৈছিল?

(A) হস্তীবিদ্যার্ণৱ

(B) কথা-ভাগৱত

(C) কীৰ্তন ঘোষা

(D) কালিয়দমন নাট

Answer: A

38. অসমৰ লোক-সংগীতৰ ক্ষেত্ৰত তলৰ কোনটো যোৰা অশুদ্ধ?

(A) গোৱালপৰীয়া লোকগীত – প্ৰতিমা বৰুৱা পাণ্ডে

(B) বৰগীত – শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱ

(C) জিকিৰ – ৰাম সৰস্বতী

(D) টোকাৰী গীত – হিন্দু ধৰ্মীয় আখ্যানমূলক লোকগীত

Answer: C

39. তলৰ কোনটো স্থাপত্য নিদৰ্শন দ্ৰাবিড় শৈলীৰ এক উৎকৃষ্ট উদাহৰণ?

(A) উৰিষ্যাৰ লিংগৰাজ মন্দিৰ

(B) মাদুৰাইৰ মীনাক্ষী মন্দিৰ

(C) দিল্লীৰ কুত্ত্ব মিনাৰ

(D) আগ্ৰাৰ তাজমহল

Answer: B

40. মোগল যুগৰ স্থাপত্যত ব্যৱহাৰ হোৱা প্ৰধান নিৰ্মাণ সামগ্ৰী কি আছিল?

(A) কেৱল কাঠ আৰু বাঁহ

(B) ৰঙা বেলেপাথৰ আৰু বগা মাৰ্বল

(C) বোকা মাটি আৰু ইটা

(D) ক’লা গ্ৰেনাইট শিল

Answer: B

41. দাবী (A): ভাৰতবৰ্ষক ‘বৈচিত্ৰ্যৰ মাজত ঐক্য’ বা ‘অনৈক্যৰ মাজত একতা’ থকা দেশ বুলি কোৱা হয়।

কাৰণ (R): ঐতিহাসিক কালৰে পৰা ভাৰতত বিভিন্ন জাতি, ধৰ্ম, ভাষা আৰু সংস্কৃতিৰ লোক একেলগে সমন্বয় আৰু সম্প্ৰীতিৰে বসবাস কৰি আহিছে।

(A) (A) আৰু (R) দুয়োটাই সত্য, আৰু (R) হৈছে (A) ৰ শুদ্ধ ব্যাখ্যা।

(B) (A) আৰু (R) দুয়োটাই সত্য, কিন্তু (R), (A) ৰ শুদ্ধ ব্যাখ্যা নহয়।

(C) (A) সত্য, কিন্তু (R) অসত্য।

(D) (A) অসত্য, কিন্তু (R) সত্য।

Answer: A

42. দাবী (A): গান্ধাৰ শিল্পকলা সম্পূৰ্ণৰূপে থলুৱা ভাৰতীয় প্ৰযুক্তিৰে গঢ়ি উঠিছিল।

কাৰণ (R): এই শিল্পকলাৰ ওপৰত গ্ৰীক আৰু ৰোমান ভাস্কৰ্য শৈলীৰ গভীৰ প্ৰভাৱ পৰিছিল।

(A) (A) আৰু (R) দুয়োটাই সত্য, আৰু (R) হৈছে (A) ৰ শুদ্ধ ব্যাখ্যা।

(B) (A) আৰু (R) দুয়োটাই সত্য, কিন্তু (R), (A) ৰ শুদ্ধ ব্যাখ্যা নহয়।

(C) (A) সত্য, কিন্তু (R) অসত্য।

(D) (A) অসত্য, কিন্তু (R) সত্য।

Answer: D

43. দাবী (A): শ্ৰীমন্ত শংকৰদেৱে অসমত নৱ-বৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তন কৰিছিল।

কাৰণ (R): তেওঁৰ মূল উদ্দেশ্য আছিল সমাজৰ পৰা জাতিভেদ প্ৰথা, অস্পৃশ্যতা আৰু জটিল ৰীতি-নীতি দূৰ কৰি এখন সমতাভিত্তিক সমাজ গঢ়ি তোলা।

(A) (A) আৰু (R) দুয়োটাই সত্য, আৰু (R) হৈছে (A) ৰ শুদ্ধ ব্যাখ্যা।

(B) (A) আৰু (R) দুয়োটাই সত্য, কিন্তু (R), (A) ৰ শুদ্ধ ব্যাখ্যা নহয়।

(C) (A) সত্য, কিন্তু (R) অসত্য।

(D) (A) অসত্য, কিন্তু (R) সত্য।

Answer: A

44. দাবী (A): আহোম স্বৰ্গদেউসকলে ‘বুৰঞ্জী’ লিখাৰ প্ৰথা আৰম্ভ কৰিছিল আৰু ইয়াক ৰাজকীয় পৃষ্ঠপোষকতা প্ৰদান কৰিছিল।

কাৰণ (R): বুৰঞ্জীসমূহ প্ৰধানকৈ সত্ৰসমূহত ধৰ্মীয় কাম-কাজত ব্যৱহাৰ কৰা উপাসনামূলক গ্ৰন্থ আছিল।

(A) (A) আৰু (R) দুয়োটাই সত্য, আৰু (R) হৈছে (A) ৰ শুদ্ধ ব্যাখ্যা।

(B) (A) আৰু (R) দুয়োটাই সত্য, কিন্তু (R), (A) ৰ শুদ্ধ ব্যাখ্যা নহয়।

(C) (A) সত্য, কিন্তু (R) অসত্য।

(D) (A) অসত্য, কিন্তু (R) সত্য।

Answer: C

45. দাবী (A): ভাৰতীয় স্থাপত্যত ইণ্ডো-ইছলামিক শৈলীয়ে গম্বুজ (Dome) আৰু মিনাৰ (Minaret) ৰ দৰে নতুন বৈশিষ্ট্য সংযোজন কৰিছিল।

কাৰণ (R): মোগল আৰু চুলতানী শাসকসকলে পাৰস্য আৰু মধ্য এছিয়াৰ পৰা দক্ষ কাৰিকৰ আৰু খনিকৰ ভাৰতলৈ আনিছিল।

(A) (A) আৰু (R) দুয়োটাই সত্য, আৰু (R) হৈছে (A) ৰ শুদ্ধ ব্যাখ্যা।

(B) (A) আৰু (R) দুয়োটাই সত্য, কিন্তু (R), (A) ৰ শুদ্ধ ব্যাখ্যা নহয়।

(C) (A) সত্য, কিন্তু (R) অসত্য।

(D) (A) অসত্য, কিন্তু (R) সত্য。

Answer: A

46. দাবী (A): অসমৰ গ্ৰাম্য সমাজত ‘নামঘৰ’সমূহে কেৱল ধৰ্মীয় উপাসনাস্থলী হিচাপেই নহয়, বৰঞ্চ এক সামাজিক আৰু সাংস্কৃতিক কেন্দ্ৰ হিচাপেও কাম কৰে।

কাৰণ (R): নামঘৰসমূহ কেৱল মাত্ৰ ধ্ৰুপদী নৃত্য পৰিৱেশন কৰিবলৈহে ব্যৱহাৰ কৰা হয়।

(A) (A) আৰু (R) দুয়োটাই সত্য, আৰু (R) হৈছে (A) ৰ শুদ্ধ ব্যাখ্যা।

(B) (A) আৰু (R) দুয়োটাই সত্য, কিন্তু (R), (A) ৰ শুদ্ধ ব্যাখ্যা নহয়।

(C) (A) সত্য, কিন্তু (R) অসত্য।

(D) (A) অসত্য, কিন্তু (R) সত্য।

Answer: C

47. দাবী (A): আজান ফকীৰে অসমীয়া ভাষাত জিকিৰ আৰু জাৰী গীতসমূহ ৰচনা কৰিছিল।

কাৰণ (R): তেওঁ ইছলাম ধৰ্মৰ বাণীসমূহ সাধাৰণ ৰাইজৰ মাজত প্ৰচাৰ কৰাৰ লগতে হিন্দু আৰু মুছলমানৰ মাজত সম্প্ৰীতি আৰু ভাতৃত্ববোধ গঢ়ি তুলিব বিচাৰিছিল।

(A) (A) আৰু (R) দুয়োটাই সত্য, আৰু (R) হৈছে (A) ৰ শুদ্ধ ব্যাখ্যা।

(B) (A) আৰু (R) দুয়োটাই সত্য, কিন্তু (R), (A) ৰ শুদ্ধ ব্যাখ্যা নহয়।

(C) (A) সত্য, কিন্তু (R) অসত্য।

(D) (A) অসত্য, কিন্তু (R) সত্য。

Answer: A

48. দাবী (A): বেচৰ (Vesara) শৈলীৰ মন্দিৰসমূহ প্ৰধানকৈ দক্ষিণ ভাৰতৰ একেবাৰে তলৰ অংশত (যেনে তামিলনাডু) পোৱা যায়।

কাৰণ (R): এই শৈলীটো হৈছে উত্তৰৰ নগৰা আৰু দক্ষিণৰ দ্ৰাবিড় শৈলীৰ এক সংমিশ্ৰণ, যিটো প্ৰধানকৈ দাক্ষিণাত্য (Deccan) বা মধ্য ভাৰততহে বিকশিত হৈছিল।

(A) (A) আৰু (R) দুয়োটাই সত্য, আৰু (R) হৈছে (A) ৰ শুদ্ধ ব্যাখ্যা।

(B) (A) আৰু (R) দুয়োটাই সত্য, কিন্তু (R), (A) ৰ শুদ্ধ ব্যাখ্যা নহয়।

(C) (A) সত্য, কিন্তু (R) অসত্য।

(D) (A) অসত্য, কিন্তু (R) সত্য।

Answer: D

49. দাবী (A): ‘হস্তীবিদ্যার্ণৱ’ হৈছে হাতীৰ প্ৰশিক্ষণ আৰু চিকিৎসা সম্পৰ্কীয় এখন অমূল্য সচিত্ৰ গ্ৰন্থ।

কাৰণ (R): এই গ্ৰন্থখন ৰজা শিৱসিংহৰ নিৰ্দেশত সুকুমাৰ বৰকাইথে ৰচনা কৰিছিল আৰু ইয়াত দিলবৰ আৰু দোচাই নামৰ চিত্ৰকৰে চিত্ৰ আঁকিছিল।

(A) (A) আৰু (R) দুয়োটাই সত্য, আৰু (R) হৈছে (A) ৰ শুদ্ধ ব্যাখ্যা।

(B) (A) আৰু (R) দুয়োটাই সত্য, কিন্তু (R), (A) ৰ শুদ্ধ ব্যাখ্যা নহয়।

(C) (A) সত্য, কিন্তু (R) অসত্য।

(D) (A) অসত্য, কিন্তু (R) সত্য

Answer: A

50. দাবী (A): ‘চৰ্যাপদ’সমূহক অসমীয়া লিখিত সাহিত্যৰ আটাইতকৈ প্ৰাচীনতম নিদৰ্শন বুলি গণ্য কৰা হয়।

কাৰণ (R): চৰ্যাপদত ব্যৱহৃত হোৱা ভাষাৰ সৈতে প্ৰাচীন কামৰূপী বা আদি অসমীয়া ভাষাৰ যথেষ্ট ব্যাকৰণগত আৰু শব্দগত সাদৃশ্য দেখা যায়।

(A) (A) আৰু (R) দুয়োটাই সত্য, আৰু (R) হৈছে (A) ৰ শুদ্ধ ব্যাখ্যা।

(B) (A) আৰু (R) দুয়োটাই সত্য, কিন্তু (R), (A) ৰ শুদ্ধ ব্যাখ্যা নহয়।

(C) (A) সত্য, কিন্তু (R) অসত্য।

(D) (A) অসত্য, কিন্তু (R) সত্য

Answer: A

HSLC PYQs (2016-2026): 2/3/4 নম্বৰৰ গুৰুত্বপূৰ্ণ চমু প্ৰশ্নসমূহ

1. ‘লোক-সংস্কৃতি অধ্যয়নৰ বাবে সমগ্ৰ সমাজখনেই এখন কিতাপৰ দৰে’ — এই উক্তিৰ প্ৰসংগত তোমাৰ মতামত আগবঢ়োৱা। {2026}

2. অসমৰ বিভিন্ন সম্প্ৰদায়ৰ মাজত সামাজিক ঐক্য সাধনত বিহু উৎসৱৰ প্ৰভাৱ বিশ্লেষণ কৰা। {2025}

3. ভাৰতৰ যোগবিদ্যৰ বিষয়ে চমুকৈ লিখা। {2024}

4. অসমৰ চিত্ৰকলাৰ ঐতিহ্যৰ বিষয়ে চমুকৈ লিখা। {2024}

5. ভাৰতীয় সংস্কৃতিত অনৈক্যৰ মাজত একতা সৃষ্টিকাৰী তিনিটা কাৰক উল্লেখ কৰা। {2023}

6. অসমৰ বৈষ্ণৱী সাহিত্যৰ বিষয়ে এটি চমুটোকা লিখা। {2023}

7. ভট্টদেৱৰ দুখন জনপ্রিয় সাহিত্য ৰচনাৰ নাম উল্লেখ কৰা। {2022}

8. অসমৰ চিত্ৰকলা সম্পর্কে এটি টোকা লিখা। {2022}

9. দৰং জিলাৰ দুটা লোক-নৃত্য উল্লেখ কৰা। {2020}

10. অসমত উদ্যাপন কৰা বিহু উৎসৱৰ বিষয়ে চমুকৈ লিখা। {2020}

11. অসমৰ চিত্ৰকলাৰ ঐতিহ্যৰ বিষয়ে চমুকৈ লিখা। {2019}

12. ওজাপালিৰ দুটা ভাগৰ নাম লিখা আৰু উদাহৰণ দিয়া। {2019}

13. ক্ষুদ্ৰাকাৰ চিত্ৰযুক্ত অসমৰ দুখন ‘সাঁচিপতীয়া’ পুথিৰ নাম লিখা। {2018}

14. ৰাষ্ট্ৰসংঘৰ শিক্ষা, বিজ্ঞান আৰু সাংস্কৃতিক সংস্থাৰ দ্বাৰা বিশ্ব ঐতিহ্য ক্ষেত্র হিচাপে তালিকাভুক্ত হোৱা ভাৰতৰ দুটা স্থাপত্যৰ নাম লিখা। {2018}

15. ভাৰতীয় প্রাচীন যুগৰ দুগৰাকী বিজ্ঞানীৰ নাম লিখা। {2018}

16. ভাৰতৰ ভাস্কৰ্য শিল্পকলাৰ তিনিটা প্রধান শৈলী কি কি? {2018}

17. প্রাচীন ভাৰতৰ স্থাপত্য নিদর্শন সমূহক ঘাইকৈ কি কি ভাগত ভগোৱা হৈছে? {2018}

18. অষ্ট্ৰিকসকলে ভাৰতীয় সংস্কৃতিলৈ আগবঢ়োৱা দুটা অৱদান উল্লেখ কৰা। {2017}

19. প্রাচীন ভাৰতৰ দুজন দার্শনিকৰ নাম লিখা। {2017}

20. উত্তৰ পূৰ্বাঞ্চলৰ অন্য ৰাজ্যকেইখনৰ তুলনাত অসমৰ সাংস্কৃতিক বিবিধতা, সংমিশ্ৰণ আৰু বিৱৰ্তন কিয় অধিকতৰ হৈছে? {2017}

21. ভাৰতীয় চিত্রকলাৰ প্ৰধান ভাগসমূহ কি কি? উদাহৰণ দিয়া। {2017}

22. আহোমসকলৰ দিনত অসমীয়া সাহিত্যৰ উন্নয়নৰ এটি খতিয়ান দিয়া। {2016}

23. অসমৰ নৱ-বৈষ্ণৱ আন্দোলনৰ বিষয়ে লিখা। {2016}

বিভিন্ন জিলাৰ প্ৰি-ব’ৰ্ড (2025-26) পৰীক্ষাত অহা 2 নম্বৰৰ গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ

1. মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপ বা বৃত্তিৰ উদাহৰণ তলত দিয়া হৈছে। অৰ্থনৈতিক কাৰ্যকলাপৰ ৪টা প্ৰধান শ্ৰেণীত ইহঁতক শ্ৰেণীভুক্ত কৰা, যেনে- প্ৰাথমিক, দ্বিতীয়ক, তৃতীয়ক আৰু চতুৰ্থক বৃত্তি:

বেংক, নিৰ্মাণ কাৰ্য, বজাৰ ব্যৱস্থা, খনিজ সম্পদ সংগ্ৰহ, খুচুৰা বিক্ৰী, শিক্ষা, মেৰামতিৰ কাম। {Hailakandi} 

2. ভাৰতীয় সংস্কৃতিৰ ‘সাংস্কৃতিক বহুত্ববাদ’ বৈশিষ্ট্যটোৰে কি বুজায় ? {Kamrup R} 

4. ভাৰতীয় সংস্কৃতিলৈ অষ্ট্ৰিক সকলৰ দুটা অবদান উল্লেখ কৰা। {Kokrajhar} 

4. অশোকৰ দ্বাদশ মুখ্য শিলালিপিত ধর্মীয় সহনশীলতাৰ বিষয়ে কি লিখা আছে। {Kokrajhar} 

5. বেদোত্তৰ যুগত লিখা প্রধান কিতাপবোৰ কি কি? {Kokrajhar} 

6. হর্ণবিল উৎসৱ কেতিয়া আৰু কিয় পালন কৰা হয়। {Nalbari} 

7. আহোম রাজত্বকালে রচিত দুটি বুরঞ্জীর নাম লেখো। {Sribhumi} 

8. তলৰ ছবিখন চোঁৱা আৰু তাৰ পিছত দিয়া প্রশ্নটোৰ উত্তৰ লিখাঃ {Salmara} 

UNESCO ৰ দ্বাৰা বিশ্ব ঐতিহ্য ক্ষেত্র হিচাপে তালিকাভূক্ত হোৱা সাঁচীৰ স্তূপটোৰ স্থাপত্য শিল্প কলাৰ বৈশিষ্ট্য উল্লেখ কৰা।

বিভিন্ন জিলাৰ প্ৰি-ব’ৰ্ড (2025-26) পৰীক্ষাত অহা 3 নম্বৰৰ গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ

1. অসমৰ চিত্ৰকলাৰ ঐতিহ্যৰ বিষয়ে চমুকৈ লিখা। {Baksa} 

2. অসমৰ ধৰ্মীয় বিবিধতা আৰু সংহতিৰ বিষয়ে লিখা। {Baksa} 

3. মধ্যযুগৰ অসমীয়া সাহিত্যত শংকৰদেৱৰ আৰু মাধৱদেৱৰ ভূমিকা সম্পৰ্কে আলোচনা কৰা। {Barpeta} 

4. অসমৰ চিত্ৰকলাৰ ঐতিহ্যৰ বিষয়ে চমুকৈ লিখা। {Barpeta} 

5. অসমৰ স্থাপত্য শিল্প কলাৰ বিষয়ে লিখা। {Biswanath} 

6. তালিকাখন আঁকা আৰু তাত তোমাৰ উত্তৰসমূহ দিয়া {Barpeta} 

নির্মাণ শৈলী)

বৈশিষ্ট্য

উত্তৰ ভাৰতীয় নাগৰ

 

দক্ষিণ ভাৰতীয় দ্ৰাৱিড়

 

ৱেচৰ শৈলী

 

7. তলৰ তালিকাখন সম্পূৰ্ণ কৰা। {Biswanath} 

পুথি

ৰচয়িতা

অৰ্থশাস্ত্ৰ

…………….

…………….

জৱাহৰলাল নেহৰু

কীৰ্তন

…………….

নামঘোষা

…………….

…………….

ভট্টদেৱ

হস্তীবিদ্যার্ণৱ

…………….

8. “অসতো মা সদগময়, তমসো মা জ্যোতির্গময়, মৃত্যুর্মা অমৃতম গময়” -এই আমোঘ বাণী কেইষাৰ কি ভাষাত ৰচিত? ইয়াৰ সাৰমৰ্ম কি? {Udalguri}

9. অসমীয়া লোক সংস্কৃতিত বিহুৰ অৱদান আলোচনা কৰা। {Dhubri} 

10. ভাৰতৰ যোগ বিদ্যাৰ বিষয়ে চমুকৈ লিখা। {Dhubri} 

11. ভাৰতীয় স্থাপত্য কলাৰ তিনিটা প্রধান শৈলী কি কি? {Goalpara} 

12. ছবিত দিয়া চৰাইটো চিনাক্ত কৰা আৰু এই চৰাইটো কোনখন ৰাজ্যৰ বাবে গুৰুত্বপূৰ্ণ আৰু কিয়? {Kamrup M} 

13. ভাৰতৰ সাংস্কৃতিক বৈচিত্র্যৰ মাজত ঐক্য সৃষ্টি কৰা উপাদানবোৰ কি কি? {Kokrajhar} 

14. আহোম ৰাজত্ব কালত নির্মিত তিনিটা স্থাপত্য শিল্পকলাৰ নাম লিখা। {Lakhimpur} 

15. অসমৰ যিকোনো তিনিটা সাংস্কৃতিক ঐতিহ্যৰ নাম উল্লেখ কৰা আৰু প্ৰত্যেকটোৰ বিষয়ে চমুকৈ লিখা। {Lakhimpur} 

16. ভাৰতীয় সংস্কৃতিত অনৈক্যৰ মাজত ঐক্য সৃষ্টি কৰা তিনিটা কাৰক উল্লেখ কৰা। {Majuli} 

17. “লোক সংস্কৃতি অধ্যয়নৰ বাবে দৰাচলতে সমগ্র সমাজখনেই এখন কিতাপৰ দৰে” এই প্ৰসংগত তোমাৰ মন্তব্য আগবঢ়োৱা। {Morigaon} 

18. কামাখ্যা মন্দিৰেই কোৱা বা শিৱসাগৰৰ শিৱদৌল – অসমৰ এই মন্দিৰসমূহ নিৰ্মাণত তোমাৰ মতে কি শৈলীৰ প্ৰভাৱ পৰিছিল? শৈলীসমূহৰ দুটা বৈশিষ্ট্য লিখা। {Sibsagar} 

19. ভাৰতৰ সাংস্কৃতিক বহুত্ববাদৰ উৎপত্তি আৰু বিকাশৰ বিষয়ে চমুকৈ লিখা। {Sonitpur} 

20. অসমৰ চিত্রকলা সম্পর্কে এটি টোকা লিখা। {Sonitpur} 

21. ভারতের ভাস্কর্য শিল্পকলার তিনটি প্রধান শৈলীর নাম লেখো। {Sribhumi} 

22. শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক উৎকর্ষ সাধনৰ বাবে প্রয়োজনীয় জীৱনশৈলী গঢ়ি তুলিবলৈ তুমি কি বিদ্যা গ্রহণ কৰিলে সুফল পাৱা। তোমাৰ যুক্তিযুক্ততা দেখুওৱা। {Tamulpur} 

বিভিন্ন জিলাৰ প্ৰি-ব’ৰ্ড (2025-26) পৰীক্ষাত অহা 4/5 নম্বৰৰ গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ

1. ভাৰতীয় সংস্কৃতিত অনেক্যৰ মাজত একতা সৃষ্টিকাৰী চাৰিটা কাৰক উল্লেখ কৰা। {Bajali} 

2. অসমৰ চিত্রকালাৰ ঐতিহ্যৰ বিষয় চমুকৈ লিখা। {Bajali} 

3. ভাৰতীয় সংস্কৃতিত অনৈক্যৰ মাজত একতা সৃষ্টিকাৰী চাৰিটা কাৰক উল্লেখ কৰা। {Bongaigaon} 

4. “যোগ বিদ্যা ভাৰতৰ গৌৰৱময় সাংস্কৃতিক ঐতিহ্য আৰু সমগ্ৰ মানৱ সমাজলৈ ই এক অনবদ্য অৱদান” – এই ক্ষেত্ৰত তোমাৰ মতামত ব্যাখ্যা কৰা। {Darrang} 

5. তলত দিয়া চিত্রটো অধ্যয়ন কৰা আৰু তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়াঃ- {Goalpara} 

(i) ওপৰোক্ত চিত্ৰটোৱে অসমৰ কোনটো উৎসৱক বুজাইছে?

(ii) উৎসৱটো কেতিয়া আৰু কেনেদৰে পালন কৰা হয়?

6. অসমত সাংস্কৃতিক বিবিধতা, সংমিশ্রণ আৰু বিবর্তন কেনেদৰে প্রতিফলিত হৈছে উদাহৰণসহ আলোচনা কৰা। {Nalbari} 

7. ‘লোক সংস্কৃতি অধ্যয়নৰ বাবে দৰাচলতে সমগ্র সমাজখনেই এখন কিতাপৰ দৰে’- এই প্রসংগত তোমাৰ মন্তব্য আগবঢ়োৱা। {Goalpara} 

8. আগষ্ট বিপ্লব মানে কি? আগষ্ট বিপ্লৱত মহাত্মা গান্ধীৰ ভূমিকা বর্ণনা কৰা। {Nalbari} 

HSLC 2027-ৰ বাবে অতি সম্ভাৱ্য 2 নম্বৰৰ কিছু গুৰুত্বপূৰ্ণ প্ৰশ্ন

1. ভাৰতীয় সংস্কৃতিত ‘অনৈক্যৰ মাজত একতা’ সৃষ্টিকাৰী যিকোনো দুটা প্ৰধান কাৰক উল্লেখ কৰা।

2. গান্ধাৰ শিল্পকলা কি? ইয়াৰ ওপৰত কোন দুটা বিদেশী শৈলীৰ প্ৰভাৱ পৰিছিল?

3. উত্তৰ ভাৰতৰ ‘নগৰা’ আৰু দক্ষিণ ভাৰতৰ ‘দ্ৰাবিড়’ স্থাপত্য শৈলীৰ মাজত থকা দুটা মূল পাৰ্থক্য লিখা।

4. ‘চৰ্যাপদ’ কি? অসমীয়া সাহিত্যৰ ইতিহাসত ইয়াৰ গুৰুত্ব কি?

5. অসমৰ থলুৱা জনজাতিসকলৰ দুটা প্ৰধান কৃষিভিত্তিক উৎসৱ আৰু সেইবোৰ পালন কৰা জনগোষ্ঠীৰ নাম লিখা।

6. ভাৰতত ভক্তি আন্দোলনৰ নেতৃত্ব বহন কৰা দুগৰাকী প্ৰধান সন্তৰ নাম লিখা।

7. অসমৰ চিত্ৰকলাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰা দুখন প্ৰাচীন সাঁচিপতীয়া পুথিৰ নাম লিখা।

8. ‘হস্তীবিদ্যার্ণৱ’ পুথিখন কোনে ৰচনা কৰিছিল আৰু ইয়াত কোনে চিত্ৰ আঁকিছিল?

9. জিকিৰ আৰু জাৰী কি? এইবোৰে কি বাৰ্তা বহন কৰে?

10. প্ৰাচীন ভাৰতীয় দৰ্শনৰ ছটা প্ৰধান ভাগ (ষড়দৰ্শন) কি কি?

HSLC 2027-ৰ বাবে অতি সম্ভাৱ্য 3 নম্বৰৰ কিছু গুৰুত্বপূৰ্ণ প্ৰশ্ন

11. প্ৰাচীন ভাৰতৰ মন্দিৰ ভাস্কৰ্য আৰু স্থাপত্যৰ তিনিটা প্ৰধান শৈলীৰ নাম লিখি যিকোনো এটাৰ বিষয়ে চমুকৈ বৰ্ণনা কৰা।

12. শ্ৰীমন্ত শংকৰদেৱৰ নৱ-বৈষ্ণৱ আন্দোলনে অসমৰ সমাজ জীৱনলৈ কেনেধৰণৰ বৈপ্লৱিক পৰিৱৰ্তন আনিছিল? চমুকৈ আলোচনা কৰা।

13. ভাৰতীয় স্থাপত্যলৈ মোগল যুগৰ অৱদানসমূহৰ বিষয়ে চমুকৈ লিখা আৰু ইয়াৰ তিনিটা মূল বৈশিষ্ট্য উল্লেখ কৰা।

14. অসমৰ গাঁৱলীয়া সমাজত ‘নামঘৰ’সমূহে ধৰ্মীয়, সামাজিক আৰু সাংস্কৃতিক দিশত কেনেধৰণৰ বহুমুখী ভূমিকা পালন কৰে?

15. প্ৰাচীন ভাৰতৰ বিজ্ঞান, গণিত আৰু চিকিৎসা বিজ্ঞানলৈ আগবঢ়োৱা অৱদানৰ বিষয়ে চমুকৈ আলোচনা কৰা।

16. অসমৰ জাতীয় উৎসৱ বিহুৰ কৃষিভিত্তিক পটভূমি আৰু ইয়াৰ তিনিটা ভাগৰ বিষয়ে বাখ্যা কৰা।

17. আজান ফকীৰৰ জিকিৰসমূহে অসমত হিন্দু আৰু মুছলমান সম্প্ৰদায়ৰ মাজত সমন্বয় আৰু সম্প্ৰীতি গঢ়ি তোলাত কেনে অৱদান আগবঢ়াইছিল?

18. ‘বুৰঞ্জী’ সাহিত্য কি? আহোম শাসনকালত ৰচিত এই সাহিত্যই অসমীয়া সাহিত্যৰ ভঁৰাললৈ কেনেদৰে বৰঙণি যোগাইছিল লিখা।

19. ক্ৰমবিকাশৰ মাজেৰে বৰ্তমানৰ অসমীয়া লিপিটোৱে কেনেদৰে পূৰ্ণাংগ ৰূপ পাইছিল তাৰ এটি চমু বিৱৰণ দিয়া।

20. ইণ্ডো-ইছলামিক স্থাপত্যৰ উদ্ভাৱন কেনেকৈ হৈছিল? এই শৈলীত নিৰ্মাণ কৰা দুটা বিখ্যাত কীৰ্তিচিহ্নৰ নাম লিখা।

HSLC 2027-ৰ বাবে অতি সম্ভাৱ্য 4 নম্বৰৰ কিছু গুৰুত্বপূৰ্ণ প্ৰশ্ন

৪ নম্বৰৰ প্ৰশ্ন 

21. “ভাৰতবৰ্ষ এখন বৈচিত্ৰ্যৰ মাজত ঐক্য থকা দেশ।” – ঐতিহাসিক আৰু সাংস্কৃতিক প্ৰেক্ষাপটত এই উক্তিটোৰ গভীৰ বিশ্লেষণ কৰা।

22. প্ৰাচীন ভাৰতৰ স্থাপত্য আৰু ভাস্কৰ্য শিল্পৰ বিকাশত বৌদ্ধ ধৰ্মৰ অৱদানৰ বিষয়ে বিশদভাৱে আলোচনা কৰা। সাঁচী স্তূপ আৰু অজন্তা গুহাৰ প্ৰসংগ উল্লেখ কৰিবা।

23. অসমৰ সাংস্কৃতিক জীৱনলৈ আহোম আৰু কোচ ৰাজবংশই আগবঢ়োৱা অৱদানৰ এটি বিতং খতিয়ান দাঙি ধৰা।

24. প্ৰাচীন কালৰ ‘চৰ্যাপদ’ৰ পৰা আৰম্ভ কৰি ঊনবিংশ শতিকাৰ ‘জোনাকী যুগ’লৈকে অসমীয়া সাহিত্যৰ ক্ৰমবিকাশৰ ধাৰাটো চমুকৈ আলোচনা কৰা।

25. অসমৰ লোক-কলা, গীত, বাদ্য আৰু নৃত্যলৈ সত্ৰীয়া সংস্কৃতিয়ে আগবঢ়োৱা অনবদ্য অৱদানসমূহৰ বিষয়ে বহলাই বাখ্যা কৰা।

26. মধ্যযুগীয় ভাৰতীয় ধৰ্মীয় পৰম্পৰাত ‘সুফী’ আৰু ‘ভক্তি’ আন্দোলনৰ প্ৰভাৱ আৰু ইয়াৰ মূল নীতিসমূহ আলোচনা কৰা। ই সমাজত কেনে প্ৰভাৱ পেলাইছিল?

27. অসমৰ থলুৱা জনজাতীয় সংস্কৃতিত দেখা পোৱা উৎসৱ আৰু লোকনৃত্যসমূহৰ বৈচিত্ৰ্যৰ এটি বিৱৰণ দিয়া। ই অসমৰ জাতীয় সংস্কৃতিক কেনেদৰে চহকী কৰিছে?

28. উত্তৰ ভাৰতৰ ‘নগৰা’ শৈলী আৰু দক্ষিণ ভাৰতৰ ‘দ্ৰাবিড়’ শৈলীৰ মন্দিৰ স্থাপত্যৰ মাজত এটি তুলনামূলক আলোচনা আগবঢ়োৱা।

29. শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ সাহিত্যিক আৰু ধৰ্মীয় অৱদানৰ বিষয়ে উল্লেখ কৰি অসমীয়া বৈষ্ণৱ সাহিত্যৰ ওপৰত এটি প্ৰবন্ধ লিখা।

30. বৰ্তমানৰ সমসাময়িক অসমীয়া সমাজত বিভিন্ন জাতি, জনগোষ্ঠী আৰু ধৰ্মীয় সম্প্ৰদায়ৰ মাজত চলি অহা সমন্বয় আৰু সম্প্ৰীতিৰ ওপৰত এটি পৰ্যালোচনামূলক টোকা প্ৰস্তুত কৰা।

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
দশম শ্ৰেণী সমাজ বিজ্ঞান অধ্যায় 5 (ভাৰত আৰু উত্তৰ – পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য) – সঘনাই সোধা প্ৰশ্ন (FAQs)
দশম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ইতিহাস খণ্ডৰ পঞ্চম অধ্যায়টোত কিহৰ বিষয়ে আলোচনা কৰা হৈছে?
এই অধ্যায়টোত ভাৰতৰ প্ৰাচীন স্থাপত্য, ভাস্কৰ্য, ধৰ্মীয় ঐতিহ্য আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ লগতে অসমৰ চহকী সাংস্কৃতিক বৈচিত্ৰ্য, লোকনৃত্য আৰু উৎসৱসমূহৰ বিষয়ে আলোচনা কৰা হৈছে।
এই প্ৰশ্ন বেংকত (Question Bank) কি কি অন্তৰ্ভুক্ত আছে?
ইয়াত পাঠভিত্তিক সকলো প্ৰশ্নোত্তৰ, অতিৰিক্ত প্ৰশ্ন, আৰু পূৰ্বৰ বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ (PYQ) সম্পূৰ্ণ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে।
এই নোটছসমূহ ASSEB ৰ নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা হৈছেনে?
হয়, এই সকলোবোৰ সমল আগন্তুক HSLC 2027 পৰীক্ষাৰ বাবে ASSEB (পূৰ্বৰ SEBA) ৰ 2026-27 বৰ্ষৰ নতুন পাঠ্যক্ৰম (New Syllabus) আৰু শেহতীয়া ব্লুপ্ৰিণ্ট অনুসৰি প্ৰস্তুত কৰা হৈছে।
এই পাঠৰ পৰা মেট্ৰিক পৰীক্ষাত কিমান নম্বৰৰ প্ৰশ্ন আহে?
পৰীক্ষাৰ ব্লুপ্ৰিণ্ট অনুসৰি এই পাঠৰ পৰা 1 নম্বৰৰ অতি চমু প্ৰশ্নৰ (VSA/MCQ) পৰা আৰম্ভ কৰি 4-5 নম্বৰৰ দীঘলীয়া ৰচনাধৰ্মী প্ৰশ্নলৈকে (যেনে- অসমৰ বিহু, ভাৰতৰ ভাস্কৰ্য) আহিব পাৰে।
Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top