দশম শ্ৰেণী সমাজ বিজ্ঞান (ভূগোল) অধ্যায় 6 – অৰ্থনৈতিক ভূগোল: বিষয়বস্তু আৰু সম্পদ সম্পূৰ্ণ প্ৰশ্নোত্তৰ আৰু সমাধান | ASSEB / SEBA
দশম শ্ৰেণী সমাজ বিজ্ঞান (ভূগোল) অধ্যায় 6 – অৰ্থনৈতিক ভূগোল: বিষয়বস্তু আৰু সম্পদ সম্পূৰ্ণ প্ৰশ্নোত্তৰ আৰু পৰীক্ষামুখী সমাধান (ASSEB / SEBA Assam – Assamese Medium)
দশম শ্ৰেণীৰ সমাজ বিজ্ঞান (Social Science) পাঠ্যক্ৰমৰ ভূগোল খণ্ডৰ অধ্যায় 6 ‘অৰ্থনৈতিক ভূগোল: বিষয়বস্তু আৰু সম্পদ’ ভূগোলৰ এক অতি গুৰুত্বপূৰ্ণ পাঠ। এইটো সমাজ বিজ্ঞানৰ নতুন সংস্কৰণ (New Version of Social Science) যিটো আগন্তুক HSLC 2027 পৰীক্ষাৰ বাবে 2026-27 বৰ্ষৰ নতুন পাঠ্যক্ৰম (According to New Syllabus of 2026-27 By ASSEB/SEBA) আৰু নৱ্য শিক্ষা নীতিৰ (NEP) শেহতীয়া ব্লুপ্ৰিণ্টৰ আধাৰত প্ৰস্তুত কৰা হৈছে। এই বিশেষ সংকলনটিত পাঠভিত্তিক অতি চমু প্ৰশ্ন (VSA), চমু প্ৰশ্ন (Short Questions), দীঘলীয়া প্ৰশ্ন (Long Answers), আৰু পূৰ্বৰ বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ প্ৰশ্নসমূহৰ (Board Exam PYQ) পুংখানুপুংখ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে। অস্পীন একেডেমী (Ospin Academy) ত এই সমাধানসমূহ সহজ, নিৰ্ভুল আৰু সম্পূৰ্ণ পৰীক্ষামুখীভাৱে উপলব্ধ কৰোৱা হৈছে।
এই পাঠটিত অৰ্থনৈতিক ভূগোলৰ সংজ্ঞা, বিষয়বস্তু, সম্পদৰ ধাৰণা, শ্ৰেণীবিভাজন, সম্পদৰ সংৰক্ষণ আৰু বহনক্ষম উন্নয়নৰ দৰে গুৰুত্বপূৰ্ণ ধাৰণাসমূহৰ বিষয়ে বিতংভাৱে আলোচনা কৰা হৈছে। মেট্ৰিক পৰীক্ষাৰ্থীসকলৰ বাবে আমাৰ প্ৰাকৃতিক আৰু মানৱ-সৃষ্ট সম্পদসমূহৰ গুৰুত্ব বুজি পোৱাটো অতি প্ৰয়োজনীয়। আমাৰ এই ‘OSPIN QUESTION BANK’ ত কেৱল পাঠ্যপুথিৰ অনুশীলনীৰ প্ৰশ্নসমূহেই নহয়, বৰঞ্চ পৰীক্ষাত আহিব পৰা অতিৰিক্ত প্ৰশ্ন-উত্তৰসমূহো (Extra Board Questions and Answers) সামৰি লোৱা হৈছে যাতে ছাত্ৰ-ছাত্ৰীসকলে 100% প্ৰস্তুতি চলাব পাৰে।
এই পাঠৰ পৰা আপুনি কি কি শিকিব আৰু পাব:
- অৰ্থনৈতিক ভূগোলৰ প্ৰধান শাখাসমূহ আৰু সম্পদৰ প্ৰকাৰ (নৱীকৰণযোগ্য, অনৱীকৰণযোগ্য আদি) ৰ বিস্তৃত আলোচনা।
- 1 নম্বৰৰ অতি চমু (VSA objective type) আৰু 2-3 নম্বৰৰ চমু প্ৰশ্নৰ পৰীক্ষাত লিখিব পৰা নিৰ্দোষ উত্তৰ।
- 4-5 নম্বৰৰ দীঘলীয়া প্ৰশ্নৰ (যেনে- সম্পদ সংৰক্ষণৰ প্ৰয়োজনীয়তা, বহনক্ষম উন্নয়ন) সহজ তথা মান্য সমাধান।
- মেট্ৰিক পৰীক্ষাত সঘনাই অহা গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহৰ আৰ্হি বিশ্লেষণ আৰু শেহতীয়া আৰ্হিৰ MCQ প্ৰশ্নৰ সমাধান।
HSLC 2027 পৰীক্ষাৰ বাবে অস্পীন একেডেমীৰ বিশেষ সুবিধা:
- HSLC 2027-ৰ শেহতীয়া ASSEB ব্লুপ্ৰিণ্ট (2026-27 New Syllabus) ৰ আধাৰত প্ৰস্তুত কৰা সম্পূৰ্ণ Question Bank.
- পূৰ্বৰ 10 বছৰৰ (Previous 10 Years’ Questions – PYQ) মেট্ৰিক পৰীক্ষাৰ লগতে অসমৰ 27 খন জিলাৰ Pre-Board পৰীক্ষাৰ (2026) প্ৰশ্নকাকতৰ সম্পূৰ্ণ সমাধান।
- 100% নিৰ্ভুল আৰু ছাত্ৰ-ছাত্ৰীয়ে মুখস্থ কৰিবলৈ সহজ হোৱাকৈ সৰল অসমীয়া ভাষাত লিখা উন্নত মানৰ নোটছ (Class 10 Social Science Notes)।
- পৰীক্ষাৰ পূৰ্বে দ্ৰুত ৰিভিজনৰ (Last-Minute Quick Revision) বাবে বিশেষভাৱে প্ৰস্তুত কৰা পিডিএফ (PDF Download) ফৰ্মেট।
- অৰ্থনৈতিক ভূগোল আৰু সম্পদৰ পৰা পৰীক্ষাত নিশ্চিতভাৱে আহিব পৰা সম্ভাৱনীয় (100% Common Board Suggestion) প্ৰশ্নৰ বিশেষ সংকলন।
ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি অস্পীন একেডেমীয়ে এই বিশেষ পাঠ্যক্ৰম আগবঢ়াইছে। আপোনাৰ HSLC 2027 পৰীক্ষাৰ প্ৰস্তুতি এতিয়াই আৰম্ভ কৰক আৰু সমাজ বিজ্ঞান বিষয়ত সৰ্বোচ্চ নম্বৰ (Highest Marks) লাভ কৰাৰ দিশত আগবাঢ়ক।
Class 10 Social Science (সমাজ বিজ্ঞান) Question Bank ASSEB HSLC 2027 | New Syllabus Complete Solutions PDF
অৰ্থনৈতিক ভূগোল: বস্তু আৰু সম্পদ
HSLC PYQs (2024-2026): গুৰুত্বপূৰ্ণ বহুবিকল্পীয় প্ৰশ্নোত্তৰ (MCQs)
1. তোমাৰ মতে তলৰ কোনটো ‘বিকল্প সম্পদৰ সন্ধান’ৰ এটা জনপ্ৰিয় আৰু শেহতীয়া উদাহৰণ ? {2026}
(A) পানী সংৰক্ষণৰ ওপৰত বাটৰ নাট
(B) পুৰণি প্লাষ্টিক বটলৰ পুনৰ ব্যৱহাৰ
(C) ব্যৱহৃত পেলনীয়া চাহপাত ফুল পুলিৰ গুৰিত দিয়া
(D) প্রধানমন্ত্রী সূর্য ঘৰ আঁচনি
Answer: D
2. টাইৱান আৰু দক্ষিণ কোৰিয়াৰ বিষয়ে তলৰ কোনটো/কোনকেইটা উক্তি শুদ্ধ ? {2026}
(i) মানৱ সম্পদৰ দ্ৰুত বিকাশ
(ii) বহু প্রাকৃতিক সম্পদৰ অভাৱ
(iii) উদ্যোগৰ বাবে কেঁচা সামগ্ৰীৰ অভাৱ
(iv) পৃথিৱীৰ অগ্ৰণী আৰু সমৃদ্ধিশালী দেশ হিচাপে পৰিগণিত হ’বলৈ সক্ষম হ’ব পৰা নাই
(A) কেৱল (i)
(B) (ii), (iii) আৰু (iv)
(C) (i), (ii) আৰু (iii)
(D) কেৱল (iv)
Answer: C
3. তলত দিয়া উক্তি (i), (ii) আৰু (iii) বিচাৰ কৰা আৰু শুদ্ধ উত্তৰটো বাছি উলিওৱা : {2026}
(i) প্ৰকৃতিত থকা সামগ্ৰীবোৰৰ কাৰ্যকাৰিতা আৰু উপকাৰিতা সম্পৰ্কীয় গুণবোৰে মানৱ সম্পদৰ সৃষ্টি কৰে ।
(ii) প্ৰকৃতিত থকা সামগ্ৰীবোৰৰ কাৰ্যকাৰিতা আৰু উপকাৰিতা সম্পৰ্কীয় গুণবোৰ মানুহৰ জ্ঞানৰ জৰিয়তেহে উদ্ঘাটন কৰা হয় ।
(iii) মানুহৰ জ্ঞানৰ পৰিসৰ বৃদ্ধিৰ লগে লগে নতুন নতুন সম্পদৰো সৃষ্টি হৈছে আৰু ব্যৱহাৰ হৈছে ।
(A) কেৱল (i)
(B) (ii) আৰু (iii)
(C) কেৱল (ii)
(D) কেৱল (iii)
Answer: B
4. তলৰ কোনটো যোৰা শুদ্ধভাৱে মিলি আছে ? {2026}
সম্পদৰ প্ৰকাৰ – উদাহৰণ
(i) অজীৱীয় সম্পদ – গছ-গছনি
(ii) ব্যক্তিগত সম্পদ – ভাল চৰিত্ৰ
(iii) ক্ষয়শীল সম্পদ – প্ৰাকৃতিক গেছ
(iv) চিৰ বিৰাজমান সম্পদ – কয়লা
(A) (i), (iv)
(B) (i), (ii)
(C) (ii), (iii)
(D) (iii), (iv)
Answer: C
কাৰণ (R) : অৰ্থনৈতিক ভূগোল এইবোৰ মানৱ কাৰ্যকলাপৰ স্থান আৰু কাল সাপেক্ষ পৰিসৰৰ সৈতে জড়িত।
(A) (A) আৰু (R) উভয়ে সত্য, আৰু (R), (A) ৰ শুদ্ধ ব্যাখ্যা।
(B) (A) আৰু (R) উভয়ে সত্য, কিন্তু (R), (A) ৰ শুদ্ধ ব্যাখ্যা নহয়।
(C) (A) সত্য, কিন্তু (R) অসত্য।
(D) (A) অসত্য, কিন্তু (R) সত্য।
6. IUCN সম্পর্কে শুদ্ধ বাক্যবোৰ তলত দিয়া বিকল্পবোৰৰ পৰা বাছি উলিওৱা। {2025}
(i) IUCN ১৯৪৮ চনত গঠন কৰা হৈছিল।
(ii) IUCN1 সম্পূর্ণ ৰূপটো হৈছে Indian Union for Conservation of Nature.
(iv) জর্জ ছিজহ’ম IUCNৰ প্ৰতিষ্ঠাপক সঞ্চালক প্রধান আছিল।
7. চতুর্থক খণ্ড অর্থনীতিৰ বাবে তলৰ কোনটো বিকল্প শুদ্ধ? {2025}
(B) আধুনিক পৰিবেশ-অনুকূল প্রযুক্তিৰ বিষয়ে উদ্ভাবনীমূলক গবেষণা
(C) এখন অপিং মলৰ বিক্ৰী কাৰ্যবাহী বিষয়া
(D) ৰাজহুৱা পৰিবহণৰ বাবে সেউজ বাহু সেৱা
Answer: B
8. সম্পদৰ সংৰক্ষণ সম্পৰ্কত তলত দিয়া কোনকেইটা শুদ্ধ? {2025}
(i) দীর্ঘম্যাদী উন্নয়ন প্রক্রিয়া বিবেচনা কৰি সম্পদৰ মিতব্যয়ী ব্যৱহাৰ
(ii) নৱীকৰণযোগ্য সম্পদৰ সলনি আৰু অধিক পৰিমাণে অনৱীকৰণযোগ্য সম্পদৰ ব্যৱহাৰ
(iii) কোনো ধৰণৰ বিনাশ আৰু অপব্যৱহাৰ নোহোৱাকৈ সম্পদৰ সম্ভাৱৰ্যপূৰ্ণ ব্যৱহাৰ
(iv) ব্যৱহাৰ নকৰি কেৱল ভৱিষ্যতৰ বাবে সম্পদসমূহ সাঁচি ৰখা
(A) (i), (iv)
(B) (i), (ii)
(C) (ii), (iv)
(D) (i), (iii)
Answer: D
9. তলত দুটা উক্তি দিয়া হৈছে, এটাক দাবী (A) হিচাপে আৰু আনটোক কাৰণ (R) হিচাপে চিহ্নিত কৰি। উক্তিকেইটাৰ ভিত্তিত সকলোতকৈ সঠিক উত্তৰটো বাছি উলিওৱা। {2025}
দাবী (A): অর্থনৈতিক ভূগোলত সম্পদৰ উৎপাদন, বিতৰণ, উপভোগ আৰু বিনিময়, আৰু ইয়াৰ লগত জড়িত মানুহৰ কার্যকলাপ স্থান আৰু কাল সাপেক্ষে অধ্যয়ন কৰা হয়।
কাৰণ (R): মানুহৰ জীৱনধাৰণ প্ৰণালী আৰু অর্থনৈতিক কার্যকলাপ স্থান-কাল ভেদে বেলেগ বেলেগ হয়।
(A) (A) আৰু (R) উভয়ে সত্য; আৰু (R), (A)ৰ শুদ্ধ ব্যাখ্যা।
(B) (A) আৰু (R) উভয়ে সত্য; কিন্তু (R), (A)ৰ শুদ্ধ ব্যাখ্যা নহয়।
(C) (A) সত্য, (R) অসত্য।
(D) (A) অসত্য, (R) সত্য।
Answer: A
10. তলৰ কোনটো অনৱীকৰণযোগ্য সম্পদ: {2024}
(A) শস্য
(B) খনিজ তেল
(C) পানী
(D) অৰণ্য
Answer: B
11. তলৰ কোনটো তৃতীয়ক বৃত্তিৰ অন্তৰ্ভুক্ত নহয়? {2024}
(A) পৰিবহণ
(B) যোগাযোগ
(C) খনিজ সম্পদ আহৰণ
(D) পৰ্যটন
Answer: C
বিভিন্ন জিলাৰ প্ৰি-ব’ৰ্ড (2025-26)ৰ গুৰুত্বপূৰ্ণ বহুবিকল্পীয়(MCQs) প্ৰশ্নোত্তৰ (MCQs)
1. “সম্পদ হ’বলৈ বস্তুটোৰ কাৰ্যকাৰিতা আৰু উপকাৰিতা গুণ দুটা থাকিব লাগিব।” এই উক্তিটো কাৰ? {Bajali}
(A) জিম্মাৰমেন
(B) জর্জ ছিজহ’ম
(C) চি.এফ.জন্স
(D) ডার্কেৰ্ণৱাল্ড
Answer: A
2. মিলাই লিখা: {Bajali}
(A) প্রাথমিক বৃত্তি
(B) দ্বিতীয়ক বৃত্তি
(C) তৃতীয়ক বৃত্তি
(D) চতুর্থক বৃত্তি
(i) পৰিবহন
(ii) খনিজ পদাৰ্থ আহৰণ
(iii) নির্মাণকার্য
(iv) শিক্ষা আৰু গৱেষণা
(A) A – ii, B – i, C -iv, D – iii
(B) A – ii, B – iii, C – i, D – iv
(C) A- iv, B – ii, C-i, D – iii
(D) A – i, B – iv, C -iii, D – ii
Answer: B
3. তলৰ কোনটো শাখা অর্থনৈতিক ভূগোলৰ মুখ্য শাখাবোৰৰ ভিতৰত নপৰে? {Bajali}
(A) কৃষি ভূগোল
(B) প্রাকৃতিক ভূগোল
(C) সম্পদ ভূগোল
(D) পৰিবহন ভূগোল
Answer: B
4. তলৰ উক্তি দুটাৰ পৰা শুদ্ধ বিকল্পটো বাছি উলিওবা- {Baksa}
(i) সম্পদ সংৰক্ষণ বুলিলে আমি ইয়াকে বুজো যে আমি প্ৰকৃতিৰপৰা আমাৰ প্রয়োজনীয় সম্পদবোৰ এনেদৰে আহৰণ কৰিব লাগে যাতে ইয়াৰদ্বাৰা আমি সকলোৱে বহু সময় ধৰি উপকৃত হওঁ।
(ii) সম্পদ সংৰক্ষণ বুলিলে সম্পদৰ ব্যৱহাৰ নকৰি কেবল ভবিষ্যতৰ বাবে সাচি ৰখা কার্যক বুজায়।
(A) (i) আৰু (ii) দুয়োটাই শুদ্ধ
(B) (i) আৰু (ii) দুয়োটাই অশুদ্ধ
(C) (i) শুদ্ধ আৰু (ii) অশুদ্ধ
(D) (i) অশুদ্ধ আৰু (ii) শুদ্ধ
Answer: C
5. তলৰ প্রশ্নটোত দাবী (A) আৰু কাৰণ (R) ৰ ওপৰত ভিক্তি কৰি শুদ্ধ বিকল্পটো বাছি উলিওঁৱা {Baksa}
দাবি (A): অর্থনৈতিক ভূগোল আৰু ইয়াৰ শাখা-উপশাখাৰ অধ্যয়ন সম্পদ ভূগোলৰ লগত ওতঃপ্রোতভাবে জড়িত।
কাৰণ (R): কোনো এখন দেশৰ অর্থনৈতিক উন্নয়ন দেশখনৰ সম্পদৰ মান আৰু প্ৰাচুৰ্য্যৰ ওপৰত বাৰুকৈয়ে নিৰ্ভৰ কৰে।
(A) দাবি (A) শুদ্ধ আৰু কাৰণ (R) অশুদ্ধ
(B) (A) আৰু (R) দুয়োটাই অশুদ্ধ
(C) (A) আৰু (R) দুয়োটাই শুদ্ধ, আৰু (R), (A) ৰ শুদ্ধ বাখ্যা।
(D) (A) আৰু (R) দুয়োটাই শুদ্ধ, কিন্তু (R), (A) ৰ বো বাখ্যা নহয়।
Answer: C
6. সম্পদ সংৰক্ষণৰ সম্পৰ্কত তলত দিয়া কোনকেইটা উক্তি শুদ্ধ – {Barpeta}
(i) দীর্ঘম্যাদী উন্নয়ন প্রক্রিয়া বিবেচনা কৰি সম্পদৰ মিতব্যয়ী ব্যৱহাৰ
(ii) নৱীকৰণযোগ্য সম্পদৰ সলনি অধিক পৰিমাণে অনৱীকৰণযোগ্য সম্পদৰ ব্যৱহাৰ
(iii) কোনো ধৰণৰ বিনাশ আৰু অপব্যৱহাৰ নোহোৱাকৈ সম্পদৰ সাম্ভাৱৰ্যপূৰ্ণ ব্যৱহাৰ
(iv) ব্যৱহাৰ নকৰি কেৱল ভৱিষ্যতৰ বাবে সম্পদসমূহ সাঁচি ৰখা
(A) i, iv
(B) i, ii
(C) ii, iv
(D) i, iii
Answer: D
7. মানুহৰ চাৰিপ্ৰকাৰৰ অৰ্থনৈতিক বৃত্তিৰ উদাহৰণৰ শুদ্ধ ক্ৰমটো বাছি উলিওৱা – {Barpeta}
(A) মাছধৰা কাৰ্য্য – শিল্পোৎপাদন – পৰিবহন – বেংক
(B) মাছধৰা কাৰ্য্য – শিল্পোৎপাদন – বেংক – পৰিবহন
(C) শিল্পোৎপাদন – মাছধৰা কাৰ্য্য – পৰিবহন – বেংক
(D) পৰিবহন – বেংক – মাছধৰা কাৰ্য্য- শিল্পোৎপাদন
Answer: A
8. তলৰ কোনটো সম্পদৰ ক্ষেত্ৰত প্রযোজ্য নহয় ? {Barpeta}
(A) হস্তান্তৰ কৰিব নোৱাৰি
(B) বজাৰ মূল্য নাই
(C) মানৱ জাতিৰ কল্যাণ হয়
(D) উপকাৰ, অপকাৰ দুয়োটা হ’ব পাৰে
Answer: D
9. ভূগোলৰ যিটো শাখাই উৎপাদন বিতৰণ, ভোগ আৰু বিনিময় সম্পৰ্কে অধ্যয়ন কৰা সেইটো শাখা হ’ল – {Biswanath}
(A) প্ৰাকৃতিক ভূগোল
(B) মানৱ ভূগোল
(C) অৰ্থনৈতিক ভূগোল
(D) আঞ্চলিক ভূগোল
Answer: C
10. পপী আৰু তাইৰ ভায়েকে পেলনীয়া প্লাষ্টিকৰ বটল আৰু ব্যৱহাৰৰ অনুপযোগী কাপোৰৰ পৰা গৃহসজ্জাৰ সুন্দৰ সামগ্ৰী নিৰ্মাণ কৰি প্ৰচুৰ উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। তেওঁলোকৰ উপাৰ্জনৰ পথটো কোনটো অৰ্থনৈতিক বৃত্তিৰ অন্তৰ্গত? {Biswanath}
(A) প্ৰাথমিক বৃত্তি
(B) দ্বিতীয়ক বৃত্তি
(C) তৃতীয়ক বৃত্তি
(D) চতুৰ্থক বৃত্তি
Answer: B
11. তলত বিভিন্ন প্ৰকাৰৰ সম্পদ আৰু সম্পদৰ উদাহৰণ দুটা অংশত দিয়া আছে। অংশ দুটা মিলাই শুদ্ধ ক্ৰমটো বাছি উলিওৱা – {Biswanath}
বিভিন্ন প্ৰকাৰৰ সম্পদ
(a) অনবীকৰণযোগ্য সম্পদ
(b) জাতীয় সম্পদ
(c) ব্যক্তিগত সম্পদ
(d) স্থানীয় সম্পদ
সম্পদৰ উদাহৰণ
(i) শিক্ষা
(ii) লো
(iii) কয়লা
(iv) ৰাস্তা ঘাট
(A) a (ii) b (iv) c (i) d (iii)
(B) a (iii) b (i) c (iv) d (ii)
(C) a (ii), b (iv) c (i) d (iii)
(D) a (ii) b (iii) c (iv) d (i)
Answer: C
12. সম্পদৰ শ্ৰেণী বিভাজন অনুসৰি তলৰ চিত্ৰৰ খালী বাকচ পূৰণ কৰিবলৈ শুদ্ধ বিকল্প উত্তৰ বিচাৰি উলিওৱা – {Bongaigaon}
(A) নৱীকৰণযোগ্য সম্পদ, অনৱীকৰণযোগ্য সম্পদ, বিকল্প সম্পদ
(B) জীৱীয় সম্পদ, অজীৱীয় সম্পদ, মানৱ সম্পদ।
(C) ব্যক্তিগত সম্পদ, জাতীয় সম্পদ, আন্তর্জাতিক সম্পদ।
(D) প্রাকৃতিক সম্পদ, মানৱ সৃষ্ট সম্পদ, মানৱ সম্পদ।
Answer: D
13. তলৰ কোনটো মানৱ-সৃষ্ট সম্পদ? {Bongaigaon}
(A) কয়লা
(B) নদ-নদী
(C) পলস
(D) ৰাসায়নিক সাৰ
Answer: D
14. তলত দিয়াবোৰ মিলোৱা আৰু শুদ্ধ উত্তৰটো বাছি উলিওৱা – {Bongaigaon}
(i) শিক্ষা
(ii) প্রাকৃতিক গেছ
(iii) এখন দেশৰ অধীনত থকা জীৱ-জন্তু।
(iv) সাগৰ মহাসাগৰ
(a) আন্তর্জাতিক সম্পদ
(b) জাতীয় সম্পদ
(c) ব্যক্তিগত সম্পদ
(d) অনৱীকৰণযোগ্য সম্পদ
(A) (i) d, (ii) c, (iii) a, (iv) b
(B) (i) b, (ii) d, (iii) c, (iv) a
(C) (i) a, (ii) c, (iii) d, (iv) b
(D) (i) c, (ii) d, (iii) b, (iv) a
Answer: D
15. অর্থনৈতিক ভূগোলের ব্যবহারিক অধ্যয়নে ভৌগোলিক তথ্য বিশ্লেষণ পদ্ধতির সাথে ______ ব্যবহার হয়। {Cachar}
(A) ভৌগোলিক নির্দেশ
(B) সূত্র নির্দেশ
(C) প্রতীকী নির্দেশ
(D) গণিতিক নির্দেশ
Answer: B
16. কোন গুণগুলো ‘জনসংখ্যা’ কে মানবসম্পদ বানায়? {Cachar}
(a) সম্পত্তি
(b) দক্ষতা
(c) প্রযুক্তি
(d) রাজনৈতিক সম্পর্ক
(A) ‘a’ এবং ‘b’
(B) ‘a’ এবং ‘d’
(C) ‘b’ এবং ‘c’
(D) ‘b’ এবং ‘d’
Answer: C
17. রিতার মা কখনো সবজির খোসা ফেলে দেন না। তিনি এগুলো দিয়ে নিজের বাগানের জন্য সার তৈরি করেন। তিনি আসলে কী করছেন? {Cachar}
(A) বিকল্প সম্পদের সন্ধান
(B) বর্জিত দ্রব্যের পরিমান নিয়ন্ত্রন
(C) সম্পদের ভাঁড়ারের সঠিক মূল্যায়ন
(D) সম্পদের ভবিষ্যৎ প্রয়োজন নির্ধারণ
Answer: B
18. এজন চিকিৎসক, অভিযন্তা বা বিজ্ঞানীক কেনে ধৰণৰ সম্পদৰ অন্তৰ্গত বুলি ধৰা হয় {Darrang}
(A) প্রাকৃতিক সম্পদ
(B) মানৱ সৃষ্ট সম্পদ
(C) মানৱ সম্পদ
(D) পুনৰ নবীকৰ্ণযোগ্য সম্পদ
Answer: C
19. তলৰ কোনটো উক্তি নবীকৰণযোগ্য সম্পদৰ বৈশিষ্ট্য {Darrang}
(A) ইয়াক এবাৰ ব্যৱহাৰ কৰিলে চিৰদিনৰ বাবে লোপ হৈ যায়
(B) ইয়াক অনবৰতে ব্যৱহাৰ কৰিলেও নিঃশেষ নোহোৱাকৈ ৰাখিব পাৰি
(C) ইয়াৰ যোগান সীমিত
(D) এই সম্পদসমূহ কেৱল উদ্যোগ ক্ষেত্ৰতহে ব্যৱহাৰ হয়
Answer: B
20. তলৰ কোনটো বৃত্তি চতুৰ্থ বৃত্তিৰ অন্তৰ্ভুক্ত নহয় – {Darrang}
(A) যাতায়াত
(B) প্ৰচাৰ মাধ্যম
(C) প্রশাসন
(D) গৱেষণা
Answer: A
21. মানুহৰ চাৰিপ্ৰকাৰৰ অৰ্থনৈতিক বৃত্তিৰ উদাহৰণৰ শুদ্ধ ক্ৰমটো হ’ল – {Dhubri}
(A) পৰিবহন/ বেংক/ মাছধৰা/ শিল্পোৎপাদন
(B) মাছধৰা/ পৰিবহন/ শিল্পোৎপাদন/ বেংক
(C) মাছধৰা/ শিল্পোৎপাদন/ পৰিবহন/ বেংক
(D) শিল্পোৎপাদন/ মাছধৰা/ পৰিবহন/ বেংক
Answer: C
22. সম্পদৰ শ্ৰেণীবিভাজন অনুসৰি তলৰ চিত্ৰৰ খালী বাকচ পূৰণ কৰিবলৈ শুদ্ধ বিকল্প বাচি উলিওবা – {Dhubri}
(A) নবীকৰনযোগ্য সম্পদ, অনবীকৰণযোগ্য সম্পদ, বিকল্প সম্পদ
(B) প্রাকৃতিক সম্পদ, মানৱসৃষ্ট সম্পদ, মানৱ সম্পদ
(C) ব্যক্তিগত সম্পদ, জাতীয় সম্পদ, আন্তর্জাতিক সম্পদ
(D) জীৱীয় সম্পদ, অজীৱীয় সম্পদ, মানৱ সম্পদ
Answer: B
23. তলৰ কোনটো জাতীয় সম্পদৰ উদাহৰণ? {Goalpara}
(A) সাগৰ-মহাসাগৰ
(B) বায়ুমণ্ডল
(C) অৰণ্য অঞ্চল
(D) চৰকাৰ
Answer: C
24. তলৰ কোনটো এটা বিকল্প সম্পদৰ উদাহৰণ? {Goalpara}
(A) প্রাকৃতিক ৰবৰৰ সলনি কৃত্ৰিম ৰবৰ
(B) জলবিদ্যুত শক্তিৰ সলনি কয়লা
(C) জৈৱ ইন্ধনৰ সলনি খনিজ তেল
(D) কৃত্ৰিম আঁহৰ সলনি কপাহী সূতা
Answer: A
25. তলৰ কোনটোৱে উন্নয়নশীল দেশসমূহত তৃতীয়ক বৃত্তিসমূহ দ্রুতগতিত বৃদ্ধি পাই সেই বিষয়ে ব্যাখ্যা কৰে? {Jorhat}
(A) কাৰণ কৃষিভূমি বৃদ্ধি।
(B) কাৰণ আয় আৰু নগৰীকৰণ বৃদ্ধিৰ লগে লগে মানুহে অধিক সেৱাৰ দাবী কৰে।
(C) কাৰণ কাৰখানাসমূহে অধিক সামগ্রী উৎপাদন আৰম্ভ কৰে।
(D) কাৰণ প্ৰাকৃতিক সম্পদ সীমাহীন হৈ পৰে।
Answer: B
26. একে ধৰণৰ মাটি আৰু জলবায়ু পৰিস্থিতি থকা স্বত্তেও ওচৰত দুখন গাঁৱৰ কৃষকে বিভিন্ন ধৰণৰ শস্য উৎপাদন কৰে। কোনটো সম্পদৰ বাবে সম্ভৱতঃ এই পাৰ্থক্যৰ সৃষ্টি হৈছে? {Jorhat}
(A) মানৱ সম্পদ উন্নয়নৰ স্তৰ
(B) নদীৰ সংখ্যা
(C) সম্পদৰ সৰ্বব্যাপী প্রকৃতি
(D) ভূমিৰ নবীকৰণযোগ্য মানদণ্ড
Answer: A
27. তলৰ কোনটো পদ্ধতিয়ে সম্পদ সংৰক্ষণত সহায় কৰে? {Jorhat}
a) পুনঃ ব্যৱহাৰ
b) অতিমাত্রা জলসিঞ্চন
c) বনানীকৰণ
d) বহণক্ষম উন্নয়ন
(A) a, b, d
(B) a, c, d
(C) b,c,d
(D) a,d
Answer: B
28. উক্তি (A): বহনক্ষম উন্নয়নব বাবে সম্পদ সংৰক্ষণ অতি প্রয়োজনীয়। {Jorhat}
যুক্তি (R): সম্পদৰ যোগান সীমিত আৰু পুনৰ পূৰ কৰিবলৈ বহু সময় লাগে।
(A) (A) আৰু (R) উভয়ে সত্য, আৰু (R), (A) ৰ শুদ্ধ ব্যাখ্যা।
(B) (A) আৰু (R) উভয়ে সত্য, আৰু (R), (A) ৰ শুদ্ধ ব্যাখ্যা নহয়।
(C) (A) সত্য, (R) অসত্য
(D) (A) অসত্য, (R) সত্য
Answer: A
29. সম্পদ সংৰক্ষণ সম্পর্কত তলত দিয়া কোনকেইটা শুদ্ধ? {Jorhat}
i) দীর্ঘম্যাদী উন্নয়ন প্রক্রিয়া বিবেচনা কৰি সম্পদৰ মিতব্যয়ী ব্যৱহাৰ।
ii) নৱীকৰণযোগ্য সম্পদৰ সলনি আৰু অধিক পৰিমাণে অনৱীকৰণযোগ্য সম্পদৰ ব্যৱহাৰ।
iii) কোনো ধৰণৰ বিনাশ আৰু অপব্যৱহাৰ নোহোৱাকৈ সম্পদৰ সম্ভাব্য পূর্ণ ব্যৱহাৰ।
iv) ব্যৱহাৰ নকৰি কেৱল সম্পদসমূহ ভৱিষ্যতৰ বাবে সাঁচি ৰখা।
(A) i, iv
(B) i, ii
(C) ii, iv
(D) i, iii
Answer: D
30. উক্তি (A): অর্থনৈতিক ভূগোলত সম্পদৰ উৎপাদন, বিতৰণ, উপভোেগ আৰু বিনিময় আৰু ইয়াৰ লগত জড়িত মানুহৰ কাৰ্যকলাপ স্থান আৰু কাল সাপেক্ষে অধ্যয়ন কৰা হয়। {Jorhat}
যুক্তি (R): মানুহৰ জীৱনধাৰণ প্ৰণালী আৰু অৰ্থনৈতিক কার্যকলাপ স্থান- কাল ভেদে বেলেগ বেলেগ হয়।
(A) (A) আৰু (R) উভয়ে সত্য, আৰু (R), (A) ৰ শুদ্ধ ব্যাখ্যা।
(B) (A) আৰু (R) উভয়ে সত্য, আৰু (R), (A) ৰ শুদ্ধ ব্যাখ্যা নহয়।
(C) (A) সত্য, (R) অসত্য
(D) (A) অসত্য, (R) সত্য
Answer: A
31. তলত কোনটো বিকল্প সম্পদৰ উদাহৰণ? {Kamrup M}
(A) প্ৰাকৃতিক ৰবৰৰ সলনি কৃত্ৰিম ৰবৰ
(B) জলবিদ্যুৎ শক্তিৰ সলনি কয়লা
(C) জৈৱ ইন্ধনৰ সলনি খনিজতেল
(D) কৃত্ৰিম আঁহৰ সলনি কঁপাহী সূতা
Answer: A
32. IUCN ৰ বিষয়ে তলৰ বাক্যবোৰৰ পৰা শুদ্ধ বিকল্পটো উলিওৱা। {Kamrup M}
(i) IUCN জুলিয়ান হাক্সলেৰ নেতৃত্বত স্থাপন হৈছিল।
(ii) এই সংস্থাটোৰ মূল উদ্দেশ্য হৈছে সমগ্ৰ বিশ্বৰ প্ৰাকৃতিক পৰিৱেশ আৰু প্রাকৃতিক সম্পদ সংৰক্ষণ তথা জৈৱ বৈচিত্র্য সম্পর্কে অধ্যয়ন, গৱেষণা আৰু প্রয়োজনীয় ব্যৱস্থা গ্রহণ কৰা।
(iii) IUCN ৰ নেতৃত্বতে WWF for Nature স্থাপিত হৈছে।
(iv) IUCN ৰ নেতৃত্বতে পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন নামে ভাৰত চৰকাৰৰ এটি মন্ত্রণালয় গঠন হয়।
(A) (i), (ii), (iv) শুদ্ধ
(B) (i), (ii), (iii) শুদ্ধ
(C) (ii), (iii), (iv) শুদ্ধ
(D) (iii), (iv) শুদ্ধ
Answer: B
33. সেউজ গৃহ গেছৰ বিষয়ে তলৰ কোনবোৰ উক্তি শুদ্ধ। {Kamrup M}
(i) এই গেছবোৰে পৃথিৱীৰ পৰা প্ৰতিফলিত শক্তি শোষণ কৰি বায়ুমণ্ডলৰ উত্তাপ নিয়ন্ত্রিত কৰে।
(ii) এই গেছবোৰৰ পৰিমাণ বায়ুমণ্ডলত থকা সকলো গেছৰ মুঠ পৰিমাণৰ 0.1%
(iii) গোলকীয় উত্তাপ বৃদ্ধিৰ সমস্যাটোৰ মূল কাৰণ সেউজ গৃহ গেছৰ বৃদ্ধি।
(iv) বায়ুমণ্ডলত এই গেছসমূহৰ তাৰতম্যই উত্তাপৰ কোনো তাৰতম্য নঘটাই
Answer: A
34. তলৰ কোনকেইটা মাটি প্ৰদূষণৰ প্ৰধান কাৰণ? {Kamrup M}
(i) আধুনিক কৃষিকার্য
(ii) অত্যাধিক পশুচাৰণ
(iii) উদ্যোগৰ প্ৰসাৰ
(iv) মৰুকৰণ
(A) কেৱল (i) & (iii)
(B) কেৱল (i) & (iv)
(C) কেৱল (i), (ii) & (iii)
(D) কেৱল (i), (iii) & (iv)
Answer: A
35. তলৰ কোনবিধ প্রাথমিক বৃত্তি নহয়? {Kamrup R}
(A) মাছ ধৰা
(B) বনজ সম্পদ আহৰণ
(C) শিল্পোৎপাদন প্রক্রিয়া
(D) কৃষিকর্ম
Answer: C
36. তলৰ কোনবিধ চিৰবিৰাজমান সম্পদ- {Kamrup R}
(A) পানী
(B) লো
(C) কয়লা
(D) বায়ু
Answer: D
37. সম্পদ সংৰক্ষণৰ লগত কোনটো সংস্থা জড়িত নহয়? {Kamrup R}
(A) IUCN
(B) WWF
(C) WTI
(D) UNDP
Answer: D
38. জাপান, ছুইজাৰলেণ্ড, টাইবান আদিৰ দৰে দেশত প্রাকৃতিক সম্পদ তথা কেঁচা সামগ্ৰীৰ অভাৱ থকা স্বত্বেও এইবোৰ দেশ বিশ্বৰ অগ্ৰণী আৰু সমৃদ্ধিশালী দেশ কাৰণ- {Kamrup R}
ⅰ) মানৱ সম্পদৰ দ্রুত বিকাশ হৈছে
ii) মানবসৃষ্ট সম্পদ যথেষ্ট আছে
iii) নবীকৰণযোগ্য সম্পদ যথেষ্ট আছে
iv) শিক্ষা, প্রযুক্তি আৰু কর্মদক্ষতাত আগবঢ়া
(A) i আৰু ii শুদ্ধ
(B) i আৰু iii শুদ্ধ
(C) i আৰু iv শুদ্ধ
(D) i, ii, iii, iv সকলো শুদ্ধ
Answer: C
39. সোন হৈছে এটা……। {Kokrajhar}
(A) কৃত্রিম সম্পদ।
(B) প্রাকৃতিক সম্পদ।
(C) জৈৱ সম্পদ।
(D) মানৱ সম্পদ।
Answer: B
40. মানৱ সম্পদৰ উদাহৰণ হ’ল- {Kokrajhar}
(A) ড. ভূপেন হাজৰিকা।
(B) বিমানবন্দৰ।
(C) কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান।
(D) কয়লা।
Answer: A
41. উৎপাদন প্রক্রিয়া, বিভিন্ন ধৰণৰ নিৰ্মান আৰু মেৰামতিৰ কাম, ইত্যাদি। ইয়াৰ উদাহৰণ হৈছে- {Kokrajhar}
(A) দ্বিতীয়ক বৃত্তি।
(B) তৃতীয়ক বৃত্তি।
(C) প্রাথমিক বৃত্তি।
(D) চতুর্থক বৃত্তি।
Answer: A
42. তলৰ কোনটো বৈশিষ্ট্যৰ বাবে ভূমিক সম্পদ আৰু সম্পত্তি বুলি গণ্য কৰা হয়? {Kokrajhar}
(A) প্রাকৃতিক সম্পদ।
(B) মুক্ত আৰু ইয়াৰ মূল্য আছে।
(C) অনবীকৰণযোগ্য সম্পদ হোৱা বাবে।
(D) মাটিৰ ভিন্নতাৰ বাবে।
Answer: B
43. তলৰ কোনটো অনবীকৰণযোগ্য সম্পদ। {Lakhimpur}
(A) বায়ু
(B) পানী
(C) শস্য
(D) কয়লা
Answer: D
44. দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে সম্পদ সংৰক্ষণ প্ৰক্ৰিয়া ফলপ্রসূ কৰি তুলিবলৈ বিদ্যালয়ৰ দুৱাৰ আৰু ওচৰ পাজৰৰ জনসাধাৰণৰ মাজত সচেতনমূলক নাটক কৰাৰ আঁচনি লৈছিল। তেওঁলোকৰ এই আঁচনি সম্পদ সংৰক্ষণৰ কোনটো পদ্ধতিৰ লগত যুক্তিত- {Lakhimpur}
(A) সম্পদ সংৰক্ষণ আইনৰ কাৰ্যকৰীকৰণ
(B) সম্পদৰ বৰ্তমানৰ সঠিক মূল্যায়ন
(C) জ্ঞান আৰু শিক্ষাৰ সঠিক মূল্যায়ন
(D) সম্পদসমুহৰ ভৱিষ্যৎ প্রয়োজন নির্ধাৰণ
Answer: C
45. তলৰ কোনটো মানৱসৃষ্ট সম্পদ? {Lakhimpur}
(A) অৰণ্য
(B) জলসিঞ্চন
(C) নদ-নদী
(D) খনিজ তেল
Answer: B
46. অর্থনৈতিক ভূগোলৰ পিতৃ স্বৰূপ হ’ল – {Majuli}
(A) চি. এফ জোন্স
(B) ডার্কেন ৱাল্ড
(C) পিটাৰ হেগেট
(D) জর্জ ছিজ’হম
Answer: D
47. ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱা: {Majuli}
(A) A(i), B(ii), C(iv), D(iii)
(D) A(iii), B(iv), C(i), D(ii)
48. তলত দিয়া বিবৃতি (A) আৰু কাৰণ (R) দুটা পঢ়ি শুদ্ধ বিকল্পটো বাছি উলিওৱা: {Majuli}
বিবৃতি (A): মানুহক মানৱ সম্পদ হিচাপে অভিহিত কৰা হয়।
(B) A আৰু R দুয়োটাই শুদ্ধ কিন্তু R. A শুদ্ধ বিৱৰণী নহয়।
(C) A আৰু R দুয়োটাই শুদ্ধ কিন্তু R. A ৰ শুদ্ধ বিৱৰণী হয়।
Answer: C
49. গঠন অনুসৰি সম্পদৰ ভাগ দুটা হ’ল- {Majuli}
(A) প্রাকৃতিক সম্পদ আৰু মানবসৃষ্ট সম্পদ
(B) ব্যক্তিগত সম্পদ আৰু জাতীয় সম্পদ
(C) জীবীয় আৰু অজীবীয় সম্পদ
(D) নবীকৰণযোগ্য সম্পদ আৰু অনবীকৰণযোগ্য সম্পদ
Answer: C
50. তলৰ কোনটো তৃতীয়ক বৃত্তিৰ অন্তর্ভুক্ত নহয়: {Majuli}
(A) পৰিবহণ
(B) যোগাযোগ
(C) খনিজ সম্পদ আহৰণ
(D) পর্যটন
Answer: C
51. তলৰ কোনটো জীৱীয় সম্পদ নহয়? {Morigaon}
(A) উদ্ভিদ
(B) প্রাণী
(C) মাছ
(D) পানী
Answer: D
52. তৃতীয়ক বৃত্তিৰ উদাহৰণ হল – {Morigaon}
(A) মাছ ধৰা কাৰ্য
(B) শিল্পোৎপাদন
(C) পৰ্যটন
(D) ওপৰৰ আটাইকেইটা
Answer: C
53. উদ্ভিদ সম্পৰ্কে তলৰ কোনটো বাক্য শুদ্ধ – {Morigaon}
(A) উদ্ভিদ এটা প্রাকৃতিক আৰু অজৈৱিক সম্পদ।
(B) উদ্ভিদ এটা প্রাকৃতিক, অজৈৱিক আৰু অনৱীকৰণযোগ্য সম্পদ।
(C) উদ্ভিদ এটা প্রাকৃতিক, জৈৱিক আৰু নৱীকৰণযোগ্য সম্পদ।
(D) উদ্ভিদ এটা প্রাকৃতিক, জৈৱিক আৰু অনৱীকৰণযোগ্য সম্পদ।
Answer: C
54. তলৰ চিত্ৰৰ খালী বাকচ পূৰাবলৈ শুদ্ধ বিকল্পটো বাছি উলিওৱা – {Nagaon}
(A) নবীকৰণযোগ্য সম্পদ, অনবীকৰণযোগ্য সম্পদ, বিকল্প সম্পদ
(B) ব্যক্তিগত সম্পদ, জাতীয় সম্পদ, আন্তর্জাতিক সম্পদ।
(C) জীৱীয় সম্পদ, অজীৱীয় সম্পদ, মানৱ সম্পদ।
(D) প্রাকৃতিক সম্পদ, মানৱসৃষ্ট সম্পদ, মানৱ সম্পদ।
Answer: D
55. তলৰ কোনটো প্ৰতিৰোধক- {Nagaon}
(A) মাটিৰ তলৰ কয়লা
(B) বানপীড়িত অঞ্চল
(C) সঞ্চয় কৰা সম্পদ
(D) মাটিৰ তলৰ পানী
Answer: B
56. ৰশ্মিয়ে নিজে ডিজাইন কৰা কাপোৰসমূহ ফেচবুকৰ জৰিয়তে বিক্ৰী কৰি জীৱিকা নিৰ্বাহ কৰে এতিয়া কোৱা ৰশ্মি কোনটো বৃত্তিৰ লগত জড়িত? {Nagaon}
(A) প্রাথমিক
(B) দ্বিতীয়ক
(C) তৃতীয়ক
(D) চতুর্থক
Answer: C
57. তলৰ কোনবোৰ গেছে পৃথিবীপৃষ্ঠৰ পৰা প্রতিফলিত হোৱা তাপ শোষণ কৰে। {Nalbari}
(i) কার্বন-ডাই-অক্সাইড
(ii) নাইট্র’জেন
(iii) নাইট্রাছ অক্সাইড
(iv) হাইড্র’জেন
(A) I, II
(B) I, III
(C) II, III
(D) II, IV
Answer: B
58. মাটি প্রদূষণ সন্দৰ্ভত তলৰ উক্তিবোৰ বিবেচনা কৰা আৰু শুদ্ধ বিকল্পটো বাছি উলিওৱা- {Nalbari}
উক্তি-I : আধুনিক কৃষিকার্য্য মাটি প্রদূষণৰ এটা প্রধান কাৰণ।
উক্তি-II : ৰাসায়নিক সাৰ আৰু কীটনাশক দৰৱৰ প্রয়োগে মাটিৰ প্রাকৃতিক গুণাগুণ বৃদ্ধি কৰে।
(A) I শুদ্ধ, II অশুদ্ধ
(B) I অশুদ্ধ, II শুদ্ধ
(C) উভয়ে শুদ্ধ
(D) উভয়ে অশুদ্ধ
Answer: (A)
59. বায়ুমণ্ডলত কার্বন-ডাই-অক্সাইডৰ পৰিমাণ বৃদ্ধিৰ মুখ্য কাৰণ হ’ল – {Nalbari}
(i) নগৰীকৰণ
(ii) কৃষিৰ প্ৰসাৰ
(iii) জীবাশ্ম ইন্ধনৰ ব্যৱহাৰ
(iv) আগ্নেয়গিৰি উদগীৰণ
(A) i, ii
(B) ii, iii
(C) iii, iv
(D) i, ii, iii
Answer: D
60. (A) আৰু (R) ৰ ৰূপত দিয়া তথ্যখিনিৰ ভিত্তিত, শুদ্ধ বিকল্পটো বাছি উলিওৱা – {Nalbari}
উক্তি (A) : পৃথিৱীৰ স্থলভাগৰ প্রায় ৩৫ শতাংশ ভূমি মৰকৰণ প্ৰক্ৰিয়াৰ কবলত পৰিছে।
যুক্তি (R) : দ্রুত জনসংখ্যা বৃদ্ধিয়ে মৰু আৰু মৰুপ্রায় অঞ্চলবোৰত মানুহৰ হেঁচা বঢ়াই মৰুভূমিৰ সম্প্রসাৰণত সহায় কৰিছে।
(A) (A) টো শুদ্ধ, (R) টো অশুদ্ধ।
(B) (A) টো অশুদ্ধ, (R) টো শুদ্ধ।
(C) (A) আৰু (R) উভয়ে শুদ্ধ আৰু (R) টো (A) ৰ শুদ্ধ বর্ণনা হয়।
(D) (A) আৰু (R) উভয়ে শুদ্ধ, কিন্তু (R) টো (A) ৰ শুদ্ধ বর্ণনা নহয়।
Answer: C
61. উক্তি (A): সম্পদ পৰিৱৰ্তনশীল। {Sibsagar}
যুক্তি (R): সামাজিক পৰিৱৰ্তনৰ লগে লগে সম্পদৰ ধাৰণা আৰু ইয়াৰ আহৰণ আৰু ব্যৱহাৰৰো পৰিৱৰ্তন ঘটে।
(A) (A শুদ্ধ, R অশুদ্ধ)
(B) (A অশুদ্ধ, R শুদ্ধ)
(C) (A আৰু R দুয়োটাই শুদ্ধ, কিন্তু R, A ৰ সঠিক যুক্তি নহয়।)
(D) (A আৰু R দুয়োটাই শুদ্ধ, আৰু R, A ৰ সঠিক যুক্তি।)
Answer: D
62. তলৰ কোনবিধ সম্পদ প্রাকৃতিক সম্পদৰ লগতে জৈৱিক আৰু নবীকৰণযোগ্য সম্পদ? সম্পদবিধ ব্যক্তিগত বা জাতীয় সম্পদ হোৱাৰ উপৰি এবিধ স্থানিক সম্পদ। {Sibsagar}
(A) কয়লা
(B) পানী
(C) উদ্ভিদ
(D) সূৰ্যৰ ৰশ্মি
Answer: C
63. ধৰা হ’ল তুমি তোমাৰ বিদ্যালয়ৰ সন্মুখৰ কিতাপৰ দোকানখনৰ পৰা প্ৰয়োজনীয় কিতাপ ক্ৰয় কৰা। দোকানীগৰাকীৰ বৃত্তিটো অৰ্থনীতিৰ কোনটো বৃত্তিৰ অন্তৰ্গত? {Sibsagar}
(A) প্রাথমিক বৃত্তি
(B) দ্বিতীয় বৃত্তি
(C) তৃতীয়ক বৃত্তি
(D) চতুর্থক বৃত্তি
Answer: C
64. “এখন ঠাইৰ অৰ্থনৈতিক উন্নয়নৰ গতি আৰু দিশ নিৰ্ণয় কৰাটোৱেই অর্থনৈতিক ভূগোলৰ মূল উদ্দেশ্য।”- উক্তিটো কোনে আগবঢ়াইছিল? {Sibsagar}
(A) চি.এফ. জন্স
(B) জর্জ ছিজহ’ম
(C) জি.জি. ডার্কেনৱাল্ড
(D) জিম্মাৰমান
Answer: B
65. তলৰ কোনবোৰ বিষয় অর্থনৈতিক ভূগোলৰ অধ্যয়ন ক্ষেত্র? {Sonitpur}
i) উৎপাদন বিতৰণ আৰু ব্যৱসায়
ii) স্থান-ভিত্তিক উৎপাদনৰ বৈচিত্ৰ
ii) ৰাজনৈতিক সীমাৰ অধ্যয়ন
iv) জনসংখ্যাৰ ভূগোলীয় প্রভাৱ
(A) (i), (iii) আৰু (iv)
(B) (i) (ii) আৰু (iv)
(C) (ii), (iii) আৰু (iv)
(D) (i), (iii) আৰু (iv)
Answer: B
66. অর্থনৈতিক ভূগোল মূলত কিহৰ অধ্যয়নৰ সৈতে সম্পর্কিত? {Sonitpur}
(A) ভূ-অৱয়ব আৰু জলবায়ু
(B) প্রাকৃতিক সম্পদ আৰু মানৱ কাৰ্যকালাপৰ বিতৰণ আৰু ব্যৱহাৰ।
(C) দেশসমূহৰ ৰাজনৈতিক সীমা।
(D) কেৱল জনসংখ্যা বৃদ্ধিৰ অধ্যয়ণ।
Answer: B
67. অৰ্থনৈতিক ভূগোলৰ পিতৃ কোন? {Sonitpur}
(A) কার্ল ৰিখটাৰ
(B) আদাম স্মিথ
(C) জর্জ ছিজহম
(D) অমর্ত্য সেন
Answer: C
68. অধ্যয়ন এবং গবেষণার সাহায্যে প্রকৃতি থেকে আহৃত সম্পদ ব্যবহারের উপযোগী অবস্থায় রূপান্তরিত করাকে বলা হয় । {Sribhumi}
(A) অভিযোজন
(B) পুনরাবর্তন
(C) সম্পদ সংরক্ষণ
(D) বিকল্প সম্পদের সন্ধান
Answer: A
69. “বাঁশ থেকে কাগজ” – এটি কোন্ সম্পদের উদাহরণ? {Sribhumi}
(A) প্রাকৃতিক সম্পদ।
(B) মানবসৃষ্ট সম্পদ।
(C) জৈব সম্পদ।
(D) নবীকরণযোগ্য সম্পদ।
Answer: B
70. উক্তি (A): সম্পদ মানুষের বেঁচে থাকার পাশাপাশি জীবন ধারণের মান বজায় রাখে। {Sribhumi}
যুক্তি (R) : এটি বিশ্বাস করা হয় যে সম্পদ প্রকৃতির মুক্ত উপহার।
(A) A সত্য, R অসত্য।
(B) A অসত্য, R সত্য।
(C) A এবং R উভয়েই সত্য এবং R হল A এর সঠিক ব্যাখ্যা।
(D) A এবং R উভয়েই সত্য কিন্তু R হল A এর ভুল ব্যাখ্যা।
Answer: D
71. চতুর্থ স্তরের কার্যটির উদাহরণ কোন্ন্টি? {Sribhumi}
(A) ফসল চাষ
(B) ব্যাংকিং
(C) রাস্তা নির্মাণ
(D) কারখানা স্থাপন
Answer: B
72. A -এর B সাথে মিলাও ও সঠিক উত্তরটি নির্বাচন করো :- {Sribhumi}
A-অংশ
i) (প্রাকৃতিক সম্পদ
ii) মানৱ-সৃষ্ট সম্পদ
iii) নবীকৰণযোগ্য সম্পদ
iv) জৈৱ সম্পদ
B-অংশ
a) ৰাস্তা, ঘৰ
b) সূৰ্যৰ পোহৰ, বতাহ
c) উদ্ভিদ, জীৱ-জন্তু
d) মাটি, পানী
Options:
(A) i-a, ii-b, iii-d, iv-c
(B) i-d, ii-a, iii-b, iv-c
(C) i-d, ii-c, iii-b, iv-a
(D) i-b, ii-c, iii-d, iv-a
Answer: B
73. তলত দুটা উক্তি দিয়া হৈছে, এটাক দাবী (A) হিচাপে আৰু আনটোক কাৰণ (R) হিচাপে চিহ্নিত কৰি। এই উক্তিকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো বাছি উলিওৱা : {Salmara}
দাবী (A) (সকলোবোৰ সম্পত্তিয়েই সম্পদ, কিন্তু সকলো সম্পদ সম্পত্তি নহবও পাৰে।
কাৰণ (R) (যিবোৰ সামগ্ৰীৰ বিনিময় মূল্য আছে সেই বোৰক সম্পত্তি বোলা হয়।
(A) (A) সত্য, (R) অসত্য
(B) (A) অসত্য, (R) সত্য
(C) (A) আৰু (R) উভয়ে সত্য, কিন্তু (R), (A) ব শুদ্ধ ব্যাখ্যা নহয়।
(D). (A) আৰু (R) উভয়ে সত্য, আৰু (R), (A) শুদ্ধ ব্যাখ্যা।
Answer: D
74. তলৰ সম্পদৰ ভাগবোৰ ইয়াৰ ভিত্তিৰ লগত মিলোৱা আৰু শুদ্ধ উত্তৰটো বাছি উলিওৱাঃ {Salmara}
i. গঠন অনুসৰি
(A) নবীকৰণ যোগ্য সম্পদ
ii. মালিকীস্বত্ব অনুসৰি
(B) অ-জীৱীয় সম্পদ
iii. সৃষ্টি প্রক্রিয়া অনুসৰি
(C) ব্যক্তিগত সম্পদ
iv. স্থায়ীত্ব অনুসৰি
(D) প্রাকৃতিক সম্পদ
(A) i-b, ii-c, iii-a, iv-d
(B) i-b, ii-d, iii-a, iv-c
(C) i-b, ii-c, iii-d, iv-a
(D) i-b, ii-a, iii-c, iv-d
Answer: C
75. ‘শিক্ষাক’ কোনটো শ্ৰেণীৰ সম্পদ হিচাপে গণ্য কৰা হয়- {Tamulpur}
(A) প্রাকৃতিক সম্পদ
(B) ব্যক্তিগত সম্পদ
(C) ৰাষ্ট্রীয় সম্পদ
(D) আন্তঃৰাষ্ট্ৰীয় সম্পদ
Answer: B
76. বিকল্প সম্পদৰ উদাহৰণ কোনটো- {Tamulpur}
(A) প্রাকৃতিক ববৰৰ ঠাইত কৃত্ৰিম ৰবৰ
(B) জলবিদুখ ঠাইত কয়লা
(C) জৈৱ ইন্ধনৰ ঠাইত খনিজ তেল
(D) কৃত্রিম আহৰ ঠাইত কপাহী আঁহ।
Answer: A
77. সম্পদ সমূহ কেতিয়াবা বৃদ্ধি হয় আৰু কেতিয়াবা হ্রাস হয়। এই বাক্যশাৰী সম্পদৰ কোনটো বৈশিষ্ট্যৰ অন্তৰ্গত- {Tamulpur}
(A) কাৰ্য্যকাৰিতা
(B) উপযোগিতা
(C) সহযোগিতা
(D) গতিশীলতা
Answer: D
78. তলত দিয়া ‘ক’ অংশৰ সৈতে ‘খ’ অংশ মিলোৱাঃ- {Udalguri}
‘ক’ অংশ:
(a) জাতীয় সম্পদ
(b) ব্যক্তিগত সম্পদ
(c) আন্তর্জাতিক সম্পদ
(d) মানৱ সম্পদ
‘খ’ অংশ:
(i) ড° এ.পি.জে. আব্দুল কালাম
(ii) সাগৰ-মহাসাগৰ
(iii) অসমৰ এশিঙীয়া গঁড়
(iv) শিক্ষা
(A) a-ii, b-iii, c-iv, d-i
(B) a-iv, b-iii, c-ii, d-i
(C) a-iii, b-iv, c-i, d-ii
(D) a-iii, b-iv, c-ii, d-i
Answer: D
79. তলৰ কোনটো সম্পদ নবীকৰণযোগ্য সম্পদৰ অন্তর্গত নহয়? {Udalguri}
(A) নদী
(B) সূৰ্যৰ ৰশ্মি
(C) সোণ
(D) শস্য
Answer: C
80. সম্পদৰ ক্ষেত্ৰত তলৰ কোনটো উক্তি সত্য? {Udalguri}
(A) বিনিময়ৰ মূল্য আছে
(B) যোগান সীমিত
(C) মানৱ জাতিৰ কল্যান হয়।
(D) মূল্যৰ জৰিয়তে হস্তান্তৰ হয়।
Answer: C
81. চাহপাতৰ ঘৰুৱা উৎপাদন আৰু বিক্ৰী, ৰপ্তানি বৃদ্ধি আৰু বিতৰণ ব্যৱস্থা সহজ কৰিবলৈ চৰকাৰে লোৱা আচনি সমূহ অৰ্থনৈতিক ভূগোলৰ কোনটো শাখাৰ বিষয়বস্তু? {Udalguri}
(A) সম্পদ ভূগোল
(B) পর্যটন ভূগোল
(C) ঔদ্যোগিক ভূগোল
(D) বজাৰ ভূগোল
Answer: D
HSLC 2027-ৰ বাবে অতি সম্ভাৱ্য বহুবিকল্পীয় প্ৰশ্নোত্তৰ (MCQs)
1. অৰ্থনৈতিক ভূগোলৰ মূল অধ্যয়নৰ বিষয়বস্তু কি?
(A) মানুহৰ সামাজিক আচাৰ-ব্যৱহাৰ
(B) পৃথিৱীৰ ভূ-তাত্ত্বিক গঠন
(C) সম্পদৰ উৎপাদন, বিতৰণ, উপযোগ আৰু বিনিময়
(D) ৰাজনৈতিক ক্ষমতা আৰু প্ৰশাসন
Answer: C
2. “সম্পদ কোনো বস্তু বা পদাৰ্থ নহয়, ইয়াৰ কাৰ্যকাৰিতাহে সম্পদ।” – এই বিখ্যাত উক্তিটো কাৰ?
(A) কাৰ্ল মার্ক্স
(B) ই. ডব্লিউ. জিম্মাৰমেন
(C) আডাম স্মিথ
(D) মেকিয়াভেলি
Answer: B
3. তলৰ কোনটো প্ৰাথমিক বৃত্তিৰ অন্তৰ্গত নহয়?
(A) কৃষি কাৰ্য
(B) মাছ ধৰা
(C) খনিজ পদাৰ্থ আহৰণ
(D) বেপাৰ-বাণিজ্য
Answer: D
4. প্ৰকৃতিৰ পৰা পোৱা দ্ৰব্যসমূহৰ আকৃতি আৰু অৱস্থাৰ পৰিৱৰ্তন ঘটাই মানুহৰ ব্যৱহাৰোপযোগী কৰা কাৰ্যটো কোনটো খণ্ডৰ অন্তৰ্ভুক্ত?
(A) প্ৰাথমিক খণ্ড
(B) দ্বিতীয়ক খণ্ড
(C) তৃতীয়ক খণ্ড
(D) চতুৰ্থক খণ্ড
Answer: B
5. তলৰ কোনটো সেৱামূলক অৰ্থনৈতিক বৃত্তিৰ উদাহৰণ?
(A) কাঠ ফলা
(B) যাতায়াত আৰু যোগাযোগ
(C) কপাহৰ পৰা কাপোৰ প্ৰস্তুত কৰা
(D) খনিৰ পৰা কয়লা উলিওৱা
Answer: B
6. প্ৰকৃতিৰ বুকুত পোৱা যিবোৰ সম্পদ ব্যৱহাৰ কৰাৰ পিছতো নিঃশেষ হৈ নাযায়, তাক কি বোলে?
(A) নৱীকৰণযোগ্য সম্পদ
(B) অনবীকৰণযোগ্য সম্পদ
(C) মানৱ-সৃষ্ট সম্পদ
(D) স্থানীয় সম্পদ
Answer: A
7. তলৰ কোনটো অনবীকৰণযোগ্য সম্পদৰ এক উপযুক্ত উদাহৰণ?
(A) সূৰ্যৰ ৰশ্মি
(B) বনাঞ্চল
(C) খনিজ তেল
(D) মাটি
Answer: C
8. বিশ্ব প্ৰকৃতি সংৰক্ষণ সংস্থা (IUCN) কেতিয়া গঠন কৰা হৈছিল?
(A) ১৯৪৫ চনত
(B) ১৯৪৮ চনত
(C) ১৯৬১ চনত
(D) ১৯৯২ চনত
Answer: B
9. প্ৰাকৃতিক সম্পদৰ সংৰক্ষণৰ বাবে গঠিত ‘বিশ্ব বন্যপ্ৰাণী পুঁজি’ (WWF) ৰ মুখ্য কাৰ্যালয় ক’ত অৱস্থিত?
(A) নিউয়ৰ্ক (আমেৰিকা যুক্তৰাষ্ট্ৰ)
(B) পেৰিছ (ফ্ৰান্স)
(C) গ্লেণ্ড ( ছুইজাৰলেণ্ড)
(D) লণ্ডন (ব্ৰিটেইন)
Answer: C
10. তলৰ কোনটো ‘জৈৱ সম্পদ’ ?
(A) পানী
(B) খনিজ পদাৰ্থ
(C) শস্য
(D) বতাহ
Answer: C
11. পৃথিৱীৰ সকলো ঠাইতে সমানে পোৱা সম্পদক কি বোলা হয়?
(A) সৰ্ববিয়াপী সম্পদ
(B) স্থানীয় সম্পদ
(C) ৰাষ্ট্ৰীয় সম্পদ
(D) আন্তৰ্জাতিক সম্পদ
Answer: A
12. তলৰ কোনটো ‘ৰাষ্ট্ৰীয় সম্পদ’ৰ উদাহৰণ নহয়?
(A) কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
(B) ব্ৰহ্মপুত্ৰ নদী
(C) প্ৰশান্ত মহাসাগৰ
(D) ডিগবৈৰ তেল শোধনাগাৰ
Answer: C
13. ‘বহনক্ষম উন্নয়ন’ ধাৰণাটোৱে তলৰ কোনটোক আটাইতকৈ বেছি গুৰুত্ব দিয়ে?
(A) সম্পদৰ যধেমধে ব্যৱহাৰ
(B) ভৱিষ্যত প্ৰজন্মৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি বৰ্তমানৰ সম্পদৰ মিতব্যয়ী ব্যৱহাৰ
(C) কেৱল উদ্যোগীকৰণ আৰু অৰ্থনৈতিক বৃদ্ধি
(D) প্ৰাকৃতিক সম্পদ সম্পূৰ্ণৰূপে অব্যৱহৃত কৰি ৰখা
Answer: B
14. শিক্ষা, স্বাস্থ্য, প্ৰযুক্তি আদিৰ সহায়ত মানুহে নিজৰ কৰ্মশক্তিৰে সৃষ্টি কৰা সম্পদক কি বোলা হয়?
(A) প্ৰাকৃতিক সম্পদ
(B) মানৱ-সৃষ্ট সম্পদ
(C) মানৱ সম্পদ
(D) ৰাষ্ট্ৰীয় সম্পদ
Answer: C
15. তলৰ কোনটো ‘মানৱ-সৃষ্ট সম্পদ’ৰ উদাহৰণ?
(A) কয়লা
(B) অৰণ্য
(C) জলবিদ্যুৎ
(D) সূৰ্যৰ পোহৰ
Answer: C
16. ১৯৯২ চনত ৰিঅ’ ডি জেনেইৰ’ত অনুষ্ঠিত হোৱা ‘ধৰিত্ৰী শীৰ্ষ সন্মিলন’ৰ প্ৰধান উদ্দেশ্য কি আছিল?
(A) বিশ্ব যুদ্ধ ৰোধ কৰা
(B) পৰিৱেশ সংৰক্ষণ আৰু বহনক্ষম উন্নয়ন
(C) বিশ্ব বেপাৰ-বাণিজ্য বৃদ্ধি কৰা
(D) মহাকাশ গৱেষণা
Answer: B
17. ভাৰত চৰকাৰৰ ‘পৰিৱেশ আৰু বন মন্ত্ৰ্যালয়’ কেতিয়া গঠন কৰা হৈছিল?
(A) ১৯৮০ চনত
(B) ১৯৮৫ চনত
(C) ১৯৯০ চনত
(D) ১৯৯৫ চনত
Answer: B
18. সম্পদ ব্যৱহাৰৰ ফলত সৃষ্টি হোৱা আৱৰ্জনা বা পেলনীয়া সামগ্ৰী পুনৰ ব্যৱহাৰোপযোগী কৰি তোলা কাৰ্যটোক কি বোলা হয়?
(A) সম্পদৰ বিকল্প ব্যৱহাৰ
(B) সম্পদৰ আৱিষ্কাৰ
(C) সম্পদৰ পুনৰাৱৰ্তন
(D) সম্পদৰ ধ্বংস
Answer: C
19. তলৰ কোনবিধ বৃত্তিক ‘চতুৰ্থক বৃত্তি’ বুলি কোৱা হয়?
(A) গৱেষণা আৰু তথ্য প্ৰযুক্তি বিদ্যা
(B) প্ৰশাসনিক আৰু আইনী সেৱা
(C) বেংক আৰু বিত্তীয় সেৱা
(D) শিক্ষকতা আৰু চিকিৎসা
Answer: A
20. যিবোৰ সম্পদ এতিয়াও ব্যৱহাৰ কৰা হোৱা নাই, কিন্তু ভৱিষ্যতে ব্যৱহাৰ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে, তাক কি বোলে?
(A) বিকশিত সম্পদ
(B) সম্ভাৱ্য সম্পদ
(C) সঞ্চিত সম্পদ
(D) ব্যক্তিগত সম্পদ
Answer: B
21. ক অংশৰ লগত খ অংশ মিলোৱা আৰু শুদ্ধ বিকল্পটো বাছি উলিওৱা:
22. তলৰ কোনটো কাৰকে এটা বস্তুক সম্পদলৈ ৰূপান্তৰিত কৰাত আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে?
(C) প্ৰযুক্তিবিদ্যা আৰু মানুহৰ জ্ঞান
Answer: C
23. ক অংশৰ লগত খ অংশ মিলোৱা:
ক অংশ (সম্পদ)
(a) সৰ্ববিয়াপী সম্পদ
(b) স্থানীয় সম্পদ
(c) মানৱ-সৃষ্ট সম্পদ
খ অংশ (উদাহৰণ)
(i) কয়লা
(ii) ৰাস্তা-ঘাট
(iii) বতাহ
(A) (a)-ii, (b)-i, (c)-iii
(B) (a)-iii, (b)-i, (c)-ii
(C) (a)-i, (b)-ii, (c)-iii
(D) (a)-iii, (b)-ii, (c)-i
Answer: B
24. তলত দিয়া উক্তিসমূহ বিবেচনা কৰা আৰু শুদ্ধ উত্তৰটো বাছনি কৰা:
(i) সময়ৰ লগে লগে সম্পদৰ অৰ্থ আৰু পৰিসৰ সলনি হয়।
(ii) যিবিলাক সম্পদৰ ব্যৱহাৰৰ ফলত পৰিৱেশ বিনষ্ট হয়, সেইবোৰক ঋণাত্মক সম্পদ বোলে।
(iii) মানুহ নিজে এক সম্পদ নহয়।
(A) কেৱল (i) আৰু (ii) শুদ্ধ
(B) কেৱল (ii) আৰু (iii) শুদ্ধ
(C) কেৱল (i) আৰু (iii) শুদ্ধ
(D) (i), (ii) আৰু (iii) আটাইকেইটা শুদ্ধ
Answer: A
25. তলৰ কোনটো সম্পদ সংৰক্ষণৰ এক উপযুক্ত পদ্ধতি নহয়?
(A) পেলনীয়া সামগ্ৰীৰ পুনৰাৱৰ্তন
(B) বিকল্প সম্পদৰ সন্ধান
(C) প্ৰাকৃতিক সম্পদৰ বাধাহীন নিষ্কাষণ
(D) জনসজাগতা বৃদ্ধি
Answer: C
26. তলৰ ঐতিহাসিক ঘটনাসমূহ ক্ৰমানুসাৰে সজোৱা:
(i) বিশ্ব বন্যপ্ৰাণী পুঁজি (WWF) ৰ গঠন
(ii) ৰিঅ’ ডি জেনেইৰ’ত ধৰিত্ৰী শীৰ্ষ সন্মিলন
(iii) IUCN ৰ গঠন
(A) (iii) → (ii) → (i)
(B) (iii) → (i) → (ii)
(C) (i) → (iii) → (ii)
(D) (i) → (ii) → (iii)
Answer: B
27. তলত দিয়া সম্পদ আৰু ইয়াৰ শ্ৰেণীবিভাজনৰ যোৰাসমূহৰ ভিতৰত কোনটো অশুদ্ধ?
(A) সূৰ্যৰ পোহৰ – অনবীকৰণযোগ্য সম্পদ
(B) খনিজ তেল – স্থানীয় সম্পদ
(C) মানুহৰ দক্ষতা – মানৱ সম্পদ
(D) ৰাষ্ট্ৰীয় উদ্যান – ৰাষ্ট্ৰীয় সম্পদ
Answer: A
28. ‘পঞ্চমক বৃত্তি’ বুলি তলৰ কোনটোক বুজোৱা হয়?
(A) কেৱল কৃষিকাৰ্য কৰা
(B) ফেক্টৰীত শ্ৰমিক হিচাপে কাম কৰা
(C) উচ্চ পৰ্যায়ৰ সিদ্ধান্ত গ্ৰহণকাৰী আৰু নীতি নিৰ্ধাৰক
(D) দোকান চলোৱা
Answer: C
29. তলৰ উক্তিসমূহ পঢ়া আৰু শুদ্ধ বিকল্পটো বাছি উলিওৱা:
(i) শিল, বালি আৰু মাটি হৈছে অজীৱিক সম্পদ।
(ii) সকলো প্ৰাকৃতিক বস্তুৱেই সম্পদ নহয়, যিবোৰে মানুহৰ প্ৰয়োজন পূৰণ কৰে সেয়াহে সম্পদ।
(iii) অৰ্থনৈতিক ভূগোলৰ পিতৃস্বৰূপ হ’ল জৰ্জ ছিজহ’ম ।
(A) কেৱল (i) আৰু (ii) শুদ্ধ
(B) কেৱল (ii) আৰু (iii) শুদ্ধ
(C) কেৱল (i) আৰু (iii) শুদ্ধ
(D) (i), (ii) আৰু (iii) আটাইকেইটা শুদ্ধ
Answer: D
30. সম্পদৰ ধাৰণাৰ সন্দৰ্ভত তলৰ কোনটো উক্তি শুদ্ধ?
(A) সম্পদ স্থিৰ, ই কেতিয়াও সলনি নহয়।
(B) সম্পদৰ সৃষ্টিৰ সৈতে মানুহৰ জ্ঞানৰ কোনো সম্পৰ্ক নাই।
(C) আদিম যুগত যিবোৰ বস্তুৰ মূল্য নাছিল, আজি প্ৰযুক্তিৰ সহায়ত সেইবোৰ সম্পদত পৰিণত হৈছে।
(D) সম্পদ হ’বলৈ বস্তু এটা দৃশ্যমান হোৱাটো বাধ্যতামূলক।
Answer: C
31. তলৰ কোনটো কাৰ্যই ‘প্ৰতিৰোধক’ বা ‘বাধা’ হিচাপে কাম কৰে?
(A) সূৰ্যৰ পোহৰ
(B) বানপানী আৰু ভূমিকম্প
(C) অৰণ্যৰ গছ-গছনি
(D) খনিজ সম্পদ
Answer: B
32. ‘অৰ্থনৈতিক ভূগোল’ মূলতঃ ভূগোলৰ কোনটো প্ৰধান ভাগৰ অন্তৰ্গত?
(A) প্ৰাকৃতিক ভূগোল
(B) মানৱ ভূগোল
(C) আঞ্চলিক ভূগোল
(D) জীৱ ভূগোল
Answer: B
33. তলৰ কোনটো বিকল্পই সম্পদ সংৰক্ষণৰ পৰিৱেশ-অনুকূল প্ৰযুক্তিক সুচায়?
(A) কয়লা জ্বলাই বিদ্যুৎ উৎপাদন কৰা
(B) প্লাষ্টিকৰ বেগ ব্যৱহাৰ কৰা
(C) সৌৰশক্তি আৰু বতাহ শক্তিৰ ব্যৱহাৰ
(D) ৰাসায়নিক সাৰৰ প্ৰয়োগ বৃদ্ধি কৰা
Answer: C
34. এটা সময়ত ৰবৰ কেৱল অৰণ্যৰ গছ আছিল, কিন্তু পিছলৈ মানুহে ইয়াৰ পৰা টায়াৰ প্ৰস্তুত কৰিবলৈ শিকিলে। এই উদাহৰণটোৱে সম্পদৰ কোনটো বৈশিষ্ট্য প্ৰতিফলিত কৰে?
(A) সম্পদৰ সৰ্ববিয়াপী অৱস্থান
(B) সম্পদৰ সীমিত পৰিমাণ
(C) সম্পদৰ কাৰ্যকাৰিতা আৰু পৰিৱৰ্তনশীলতা
(D) সম্পদৰ অনবীকৰণযোগ্যতা
Answer: C
35. আন্তৰ্জাতিক সম্পদৰ ওপৰত কাৰ কৰ্তৃত্ব থাকে?
(A) এখন নিৰ্দিষ্ট দেশৰ চৰকাৰৰ
(B) স্থানীয় পঞ্চায়তৰ
(C) ৰাষ্ট্ৰসংঘৰ দৰে আন্তৰ্জাতিক সংস্থাৰ
(D) ব্যক্তিগত মালিকৰ
Answer: C
36. তলৰ কোনটো ‘মানৱ সম্পদ’ বিকাশৰ মূল সূচক নহয়?
(A) শিক্ষাৰ প্ৰসাৰ
(B) জনসংখ্যাৰ দ্ৰুত বৃদ্ধি
(C) স্বাস্থ্যৰ অৱস্থাৰ উন্নতি
(D) কাৰিকৰী দক্ষতাৰ বৃদ্ধি
Answer: B
37. অৰ্থনৈতিক কাৰ্যকলাপৰ বিতৰণ আৰু পৰিৱেশৰ লগত ইয়াৰ সম্পৰ্ক অধ্যয়ন কৰা শাখাটোক কি বোলা হয়?
(A) ৰাজনৈতিক ভূগোল
(B) জনসংখ্যা ভূগোল
(C) অৰ্থনৈতিক ভূগোল
(D) জলবায়ু বিজ্ঞান
Answer: C
38. তলৰ কোনটো সম্পদ ‘ব্যক্তিগত সম্পদ’ ৰ অন্তৰ্ভুক্ত?
(A) ৰাজহুৱা পুথিভঁৰাল
(B) নিজৰ বাসগৃহ আৰু মাটি
(C) দেশৰ খনিজ সম্পদ
(D) চৰকাৰী চিকিৎসালয়
Answer: B
39. ‘World Conservation Monitoring Centre’ (WCMC) কোনে স্থাপন কৰিছিল?
(A) ৰাষ্ট্ৰসংঘই
(B) বিশ্ব বেংকে
(C) IUCN এ
(D) বিশ্ব স্বাস্থ্য সংস্থাই
Answer: C
40. যদি কয়লা আৰু পেট্ৰ’লিয়ামৰ ব্যৱহাৰ বৰ্তমানৰ দৰে চলি থাকে, তেন্তে ভৱিষ্যতে কি সমস্যা হ’ব পাৰে?
(A) এই সম্পদসমূহ বৃদ্ধি পাব
(B) এই সম্পদসমূহ নিশেষ হৈ যাব আৰু শক্তিৰ চৰম সংকট হ’ব
(C) পৰিৱেশ অধিক পৰিষ্কাৰ হ’ব
(D) কোনো ধৰণৰ প্ৰভাৱ নপৰে
Answer: B
41. দাবী (A): মানুহক সকলো সম্পদৰ সৃষ্টিকৰ্তা বুলি কোৱা হয়।
কাৰণ (R): মানুহে প্ৰকৃতিৰ পৰা পোৱা সামগ্ৰীসমূহ নিজৰ জ্ঞান, বুদ্ধি আৰু প্ৰযুক্তিৰ সহায়ত ব্যৱহাৰোপযোগী সম্পদলৈ ৰূপান্তৰ কৰে।
(A) (A) আৰু (R) দুয়োটাই সত্য, আৰু (R) হৈছে (A) ৰ শুদ্ধ ব্যাখ্যা।
(B) (A) আৰু (R) দুয়োটাই সত্য, কিন্তু (R), (A) ৰ শুদ্ধ ব্যাখ্যা নহয়।
(C) (A) সত্য, কিন্তু (R) অসত্য।
(D) (A) অসত্য, কিন্তু (R) সত্য।
Answer: A
42. দাবী (A): সম্পদ চিৰকাল স্থিৰ হৈ নাথাকে, ই পৰিৱৰ্তনশীল।
কাৰণ (R): সময়ৰ লগে লগে মানুহৰ জ্ঞানৰ বিকাশ আৰু প্ৰযুক্তিৰ উন্নতিৰ ফলত নতুন নতুন বস্তু সম্পদলৈ ৰূপান্তৰিত হয়।
(A) (A) আৰু (R) দুয়োটাই সত্য, আৰু (R) হৈছে (A) ৰ শুদ্ধ ব্যাখ্যা।
(B) (A) আৰু (R) দুয়োটাই সত্য, কিন্তু (R), (A) ৰ শুদ্ধ ব্যাখ্যা নহয়।
(C) (A) সত্য, কিন্তু (R) অসত্য।
(D) (A) অসত্য, কিন্তু (R) সত্য।
Answer: A
43. দাবী (A): খনিজ তেল আৰু কয়লা হৈছে নৱীকৰণযোগ্য সম্পদ।
কাৰণ (R): এই সম্পদসমূহ এবাৰ ব্যৱহাৰ কৰাৰ পিছত অতি সোনকালেই প্ৰকৃতিয়ে পুনৰ সৃষ্টি কৰিব পাৰে।
(A) (A) আৰু (R) দুয়োটাই সত্য, আৰু (R) হৈছে (A) ৰ শুদ্ধ ব্যাখ্যা।
(B) (A) আৰু (R) দুয়োটাই সত্য, কিন্তু (R), (A) ৰ শুদ্ধ ব্যাখ্যা নহয়।
(C) (A) সত্য, কিন্তু (R) অসত্য।
(D) (A) আৰু (R) দুয়োটাই অসত্য।
Answer: D
44. দাবী (A): বহনক্ষম উন্নয়ন বৰ্তমান সময়ত অতি প্ৰয়োজনীয় হৈ পৰিছে।
কাৰণ (R): ই ভৱিষ্যত প্ৰজন্মৰ বাবে প্ৰাকৃতিক সম্পদসমূহ সুৰক্ষিত কৰি ৰখাৰ লগতে বৰ্তমানৰ অৰ্থনৈতিক বিকাশকো গুৰুত্ব দিয়ে।
(A) (A) আৰু (R) দুয়োটাই সত্য, আৰু (R) হৈছে (A) ৰ শুদ্ধ ব্যাখ্যা।
(B) (A) আৰু (R) দুয়োটাই সত্য, কিন্তু (R), (A) ৰ শুদ্ধ ব্যাখ্যা নহয়।
(C) (A) সত্য, কিন্তু (R) অসত্য।
(D) (A) অসত্য, কিন্তু (R) সত্য।
Answer: A
45. দাবী (A): তৃতীয়ক বৃত্তিৰ লগত প্ৰত্যক্ষভাৱে কোনো বস্তুৰ উৎপাদন জড়িত নাথাকে।
কাৰণ (R): তৃতীয়ক বৃত্তিয়ে প্ৰধানকৈ প্ৰাথমিক আৰু দ্বিতীয়ক বৃত্তিক সহায় কৰিবলৈ যাতায়াত, যোগাযোগ আৰু বজাৰৰ দৰে সেৱা প্ৰদান কৰে।
(A) (A) আৰু (R) দুয়োটাই সত্য, আৰু (R) হৈছে (A) ৰ শুদ্ধ ব্যাখ্যা।
(B) (A) আৰু (R) দুয়োটাই সত্য, কিন্তু (R), (A) ৰ শুদ্ধ ব্যাখ্যা নহয়।
(C) (A) সত্য, কিন্তু (R) অসত্য।
(D) (A) অসত্য, কিন্তু (R) সত্য。
Answer: A
46. দাবী (A): সূৰ্যৰ ৰশ্মিক এটা সৰ্ববিয়াপী সম্পদ বুলি কোৱা হয়।
কাৰণ (R): ই পৃথিৱীৰ কেৱল মাত্ৰ মেৰু অঞ্চলতহে পোৱা যায়।
(A) (A) আৰু (R) দুয়োটাই সত্য, আৰু (R) হৈছে (A) ৰ শুদ্ধ ব্যাখ্যা।
(B) (A) আৰু (R) দুয়োটাই সত্য, কিন্তু (R), (A) ৰ শুদ্ধ ব্যাখ্যা নহয়।
(C) (A) সত্য, কিন্তু (R) অসত্য।
(D) (A) অসত্য, কিন্তু (R) সত্য।
Answer: C
47. দাবী (A): বৰ্তমান কালত প্লাষ্টিকৰ দৰে পেলনীয়া সামগ্ৰীৰ পুনৰাৱৰ্তন (Recycling) কৰাটো অতি গুৰুত্বপূৰ্ণ।
কাৰণ (R): পুনৰাৱৰ্তনে পৰিৱেশ প্ৰদূষণ হ্ৰাস কৰাৰ লগতে কেঁচা সামগ্ৰীৰ ব্যৱহাৰ কমোৱাত সহায় কৰে।
(A) (A) আৰু (R) দুয়োটাই সত্য, আৰু (R) হৈছে (A) ৰ শুদ্ধ ব্যাখ্যা।
(B) (A) আৰু (R) দুয়োটাই সত্য, কিন্তু (R), (A) ৰ শুদ্ধ ব্যাখ্যা নহয়।
(C) (A) সত্য, কিন্তু (R) অসত্য।
(D) (A) অসত্য, কিন্তু (R) সত্য।
Answer: A
48. দাবী (A): চতুৰ্থক বৃত্তিত নিয়োজিত লোকৰ সংখ্যা তুলনামূলকভাৱে কম।
কাৰণ (R): এই বৃত্তিত উচ্চ পৰ্যায়ৰ শিক্ষা, গৱেষণা, বিশেষ কাৰিকৰী জ্ঞান আৰু বৌদ্ধিক দক্ষতাৰ প্ৰয়োজন হয়।
(A) (A) আৰু (R) দুয়োটাই সত্য, আৰু (R) হৈছে (A) ৰ শুদ্ধ ব্যাখ্যা।
(B) (A) আৰু (R) দুয়োটাই সত্য, কিন্তু (R), (A) ৰ শুদ্ধ ব্যাখ্যা নহয়।
(C) (A) সত্য, কিন্তু (R) অসত্য।
(D) (A) অসত্য, কিন্তু (R) সত্য।
Answer: A
49. দাবী (A): সম্পদ সংৰক্ষণ মানে সম্পদৰ ব্যৱহাৰ সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া।
কাৰণ (R): প্ৰাকৃতিক সম্পদসমূহ অতি সোনকালে শেষ হৈ যোৱাৰ ভয় থাকে বাবে তাক স্পৰ্শ কৰিব নালাগে।
(A) (A) আৰু (R) দুয়োটাই সত্য, আৰু (R) হৈছে (A) ৰ শুদ্ধ ব্যাখ্যা।
(B) (A) আৰু (R) দুয়োটাই সত্য, কিন্তু (R), (A) ৰ শুদ্ধ ব্যাখ্যা নহয়।
(C) (A) সত্য, কিন্তু (R) অসত্য।
(D) (A) আৰু (R) দুয়োটাই অসত্য।
Answer: D
50. দাবী (A): IUCN আৰু WWF য়ে বিশ্বৰ জৈৱ বৈচিত্ৰ্য আৰু প্ৰাকৃতিক সম্পদ ৰক্ষাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে।
কাৰণ (R): এই সংস্থাসমূহে বিলুপ্তপ্ৰায় প্ৰাণীৰ সংৰক্ষণ, পৰিৱেশ সচেতনতা আৰু প্ৰকৃতি সুৰক্ষাৰ বাবে বিভিন্ন আন্তৰ্জাতিক নীতি প্ৰস্তুত কৰে।
(A) (A) আৰু (R) দুয়োটাই সত্য, আৰু (R) হৈছে (A) ৰ শুদ্ধ ব্যাখ্যা।
(B) (A) আৰু (R) দুয়োটাই সত্য, কিন্তু (R), (A) ৰ শুদ্ধ ব্যাখ্যা নহয়।
(C) (A) সত্য, কিন্তু (R) অসত্য।
(D) (A) অসত্য, কিন্তু (R) সত্য।
Answer: A
HSLC PYQs (2016-2026): 2/3/4 নম্বৰৰ গুৰুত্বপূৰ্ণ চমু প্ৰশ্নসমূহ
1. সোণ এবিধ প্ৰাকৃতিক সম্পদ আৰু লগতে ই এটা অজীৱীয় সম্পদ। তদুপৰি সোণক অনবীকৰণযোগ্য সম্পদ আৰু ব্যক্তিগত বা জাতীয় সম্পদ বুলিও ক’ব পাৰি। সোণক কিয় ব্যক্তিগত বা জাতীয় সম্পদ বুলি ক’ব পাৰি ? তোমাৰ মতামত আগবঢ়োৱা। {2026}
2. চিৰ প্ৰবাহমান সম্পদ আৰু স্থানিক সম্পদ কাক বোলে? প্ৰত্যেকৰে উদাহৰণ দিয়া। {2025}
3. ‘সম্পদ’ বুলিলে কি বুজায়? ইয়াৰ প্ৰধান বৈশিষ্ট্যসমূহ উল্লেখ কৰা। {2024}
4. অর্থনৈতিক ভূগোল কাক বোলে? অর্থনৈতিক ভূগোলৰ তিনিটা প্রধান শাখা উল্লেখ কৰা। {2023}
5. ‘সম্পদ সংৰক্ষণ’ বুলিলে কি বুজা? সম্পদ সংৰক্ষণৰ দুটা পদ্ধতি উল্লেখ কৰা। {2022}
6. সম্পদৰ শ্ৰেণীবিভাজনৰ ওপৰত এটা টোকা লিখা। {2022}
7. ‘অর্থনৈতিক ভূগোল’ৰ সংজ্ঞা লিখা। ইয়াৰ বিষয়বস্তু কি? {2020}
8. ‘সম্পদ’ বুলিলে কি বুজায়? উদাহৰণসহ ইয়াৰ প্ৰধান বৈশিষ্ট্যসমূহ উল্লেখ কৰা। {2020}
9. সম্পদ আৰু বিজ্ঞান প্রযুক্তিৰ মাজত থকা সম্পর্ক চমুকৈ লিখা। {2019}
10. সম্পদ সংৰক্ষণ বুলিলে কি বুজা? ইয়াৰ প্রয়োজনীয়তা আলোচনা কৰা। {2019}
11. সম্পদ বুলিলে কি বুজা? ইয়াৰ প্ৰধান বৈশিষ্ট্যসমূহৰ যিকোনো এটা উল্লেখ কৰা। {2018}
12. নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য সম্পদৰ মাজৰ পাৰ্থক্য কি? {2018}
13. প্রাকৃতিক আৰু মানৱ সম্পদৰ উদাহৰণসহ সংজ্ঞা লিখা। {2017}
14. অর্থনৈতিক ভূগোল কাক বোলে? অর্থনৈতিক ভূগোলৰ তিনিটা প্রধান শাখাৰ নাম লিখা। {2017}
15. সম্পদ আৰু প্রাকৃতিক সামগ্ৰীৰ মাজৰ পার্থক্য লিখা। {2016}
16. সম্পদ সংৰক্ষণৰ প্ৰয়োজনীয়তা কিয় সমগ্র বিশ্বতে আৱশ্যক হৈ পৰিছে? {2016
বিভিন্ন জিলাৰ প্ৰি-ব’ৰ্ড (2025-26) পৰীক্ষাত অহা 2 নম্বৰৰ গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ
1. মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপ বা বৃত্তিৰ উদাহৰণ তলত দিয়া হৈছে। অৰ্থনৈতিক কাৰ্যকলাপৰ ৪টা প্ৰধান শ্ৰেণীত ইহঁতক শ্ৰেণীভুক্ত কৰা, যেনে- প্ৰাথমিক, দ্বিতীয়ক, তৃতীয়ক আৰু চতুৰ্থক বৃত্তি:
বেংক, নিৰ্মাণ কাৰ্য, বজাৰ ব্যৱস্থা, খনিজ সম্পদ সংগ্ৰহ, খুচুৰা বিক্ৰী, শিক্ষা, মেৰামতিৰ কাম। {Hailakandi}
2. ‘সম্পদ পৰিৱৰ্তনশীল’- ব্যাখ্যা কৰা। {Jorhat}
3. অর্থনৈতিক ভূগোল অধ্যয়ন কৰোঁতে বহনক্ষম উন্নয়নৰ ওপৰত কিয় যথেষ্ট গুৰুত্ব আৰোপ কৰা হয়? {Kamrup M}
4. প্ৰতিৰোধক কিদৰে সম্পদলে পৰিবৰ্তন হ’ব পাৰে উদাহৰণ দি বুজাই লিখা। {Kamrup R}
5. পুনৰাবর্তন কি? সম্পদ সংৰক্ষণত ই কেনেদৰে সহায় কৰে? {Nalbari}
6. নবীকৰণযোগ্য সম্পদ আৰু অনবীকৰণযোগ্য সম্পদৰ পাৰ্থক্য উদাহৰণৰ সৈতে লিখা। {Lakhimpur}
7. মানুহক কিয় মানৱ সম্পদ বোলা হয়? {Majuli}
8. “সকলোবোৰ সম্পত্তিয়েই সম্পদ, কিন্তু সকলো সম্পদ সম্পত্তি নহ’বও পাৰে।” উদাহৰণসহ দুয়োটাৰ মাজত পাৰ্থক্য বিশ্লেষণ কৰা। {Morigaon}
9. পুনৰাৱৰ্তন পদ্ধতিৰে কি দৰে সম্পদ সংৰক্ষণ কৰিব পাৰি লিখা। {Sibsagar}
10. প্রাকৃতিক সম্পদৰাজিৰ জধে-মধে ব্যৱহাৰৰ ফলত উদ্ভৱ হোৱা দুটা সমস্যাৰ বিষয়ে লিখা। {Sibsagar}
11. সম্পদ এবং সম্পত্তির মধ্যে দুটি পার্থক্য লেখো। {Sribhumi}
12. অর্থনৈতিক ভূগোল কাক বোলে? ইয়াৰ মূল বিষয় বস্তু কি? {Salmara}
বিভিন্ন জিলাৰ প্ৰি-ব’ৰ্ড (2025-26) পৰীক্ষাত অহা 3 নম্বৰৰ গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ
1. সংক্ষিপ্ত ব্যাখ্যাৰে সম্পদ সংৰক্ষণৰ 3 টা ব্যৱস্থা উল্লেখ কৰা। {Darrang}
2. “সম্পদৰ জৰিয়তে মানৱজাতিৰ কল্যাণ হয়, কিন্তু সম্পত্তিৰ দ্বাৰা মানুহৰ উপকাৰ আৰু অপকাৰ দুয়োটাই হ’ব পাৰে”- উদাহৰণসহ বুজাই লিখা। {Kamrup M}
3. অর্থনৈতিক ভূগোল অধ্যয়ন কৰোঁতে বহনক্ষম উন্নয়নৰ ওপৰত কিয় যথেষ্ট গুৰুত্ব আৰোপ কৰা হয়? {Kamrup M}
7. পুনৰাবর্তন কি? সম্পদ সংৰক্ষণত ই কেনেদৰে সহায় কৰে? {Nalbari}
বিভিন্ন জিলাৰ প্ৰি-ব’ৰ্ড (2025-26) পৰীক্ষাত অহা 4/5 নম্বৰৰ গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ
1. সম্পদৰ পুনৰাৱৰ্তন মানে কি ? তোমাৰ দৃষ্টিত প্লাষ্টিকৰ পুনৰাৱৰ্তনে নগৰ আৰু চহৰ অঞ্চলত কেনেদৰে কৃত্ৰিম বানপানী ৰোধ কৰাত সহায়ক হ’ব ? {Barpeta}
2. সম্পদ সংৰক্ষণৰ মুখ্য উদ্দেশ্য কি? ইয়াৰ উদ্দেশ্য সফল ৰূপায়ণৰ ক্ষেত্ৰত সহায় কৰা দুটা পদ্ধতিৰ বিষয়ে আলোচনা কৰা। {Bajali}
3. উদাহৰণসহ সম্পদৰ শ্রেণীবিভাজন সম্পর্কে লিখা। {Baksa}
4. প্ৰাকৃতিক সম্পদ সংৰক্ষণৰ বাবে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা উচিত বুলি তুমি ভাবা? {Biswanath}
5. ‘সম্পদ’ বুলিলে কি বুজায়? উদাহৰণসহ ইয়াৰ প্ৰধান বৈশিষ্ট সমূহ উল্লেখ কৰা। {Bongaigaon}
6. “সম্পদ পৰিবৰ্তনশীল” – ব্যাখ্যা কৰা। {Dhubri}
7. সম্পদ সংৰক্ষণ বুলিলে কি বুজা? সম্পদ সংৰক্ষণৰ পদ্ধতিসমূহ লিখা। {Dhubri}
8. নবীকৰণযোগ্য আৰু অনবীকৰণযোগ্য সম্পদৰ মাজত পার্থক্য লিখা। {Goalpara}
9. চমু ব্যাখ্যাৰ সৈতে সম্পদ সংৰক্ষণৰ চাৰিটা পদক্ষেপ উল্লেখ কৰা. {Goalpara}
10. অর্থনৈতিক ভূগোল কাক বোলে? অর্থনৈতিক ভূগোলৰ পৰিসৰ সম্পৰ্কে আলোচনা কৰা। {Sonitpur}
11. তলত পৃথিবীৰ বিভিন্ন অঞ্চলত বিকশিত হোৱা কেইটামান প্রধান উৎপাদনশীল কাৰ্য্যকলাপৰ নাম দিয়া হ’ল। {Tamulpur}
এই বৃত্তি সমূহক প্রদত্ত তালিকাৰ খালী ঠাইত ইয়াৰ উপযুক্ত অঞ্চলৰ সৈতে সজোৱা-
|
কৃষি, খনি কার্য্য, পশুপালন, মাছধৰা, চাহ/কফি বাগিচা, বনদ সম্পদ |
||
|
ক্রমিক নং |
অঞ্চল |
মুখ্য কাৰ্যকলাপ |
|
১ |
ঘাহৰ মাটি |
|
|
২ |
মালভূমি |
|
|
৩ |
নদীৰ সমভূমি |
|
|
৪ |
পাহাৰৰ ঢাল |
|
|
৫ |
উপকূলীয় অঞ্চল |
|
|
৬ |
পৰ্বত, পাহাৰ |
|
12. সম্পদ এবং বিজ্ঞান ও প্রযুক্তির মধ্যে সম্পর্ক লেখো। {Sribhumi}
HSLC 2027-ৰ বাবে অতি সম্ভাৱ্য 2 নম্বৰৰ কিছু গুৰুত্বপূৰ্ণ প্ৰশ্ন
1. অৰ্থনৈতিক ভূগোল কাক বোলে?
2. ই. ডব্লিউ. জিম্মাৰমেনৰ মতে সম্পদৰ প্ৰধান বৈশিষ্ট্য দুটা কি কি?
3. প্ৰাকৃতিক সম্পদ আৰু মানৱ-সৃষ্ট সম্পদৰ মাজত থকা দুটা মূল পাৰ্থক্য লিখা।
4. নৱীকৰণযোগ্য সম্পদ কাক বোলে? দুটা উদাহৰণ দিয়া।
5. সম্পদৰ সংৰক্ষণ বুলিলে কি বুজা?
6. অৰ্থনৈতিক বৃত্তিত ‘তৃতীয়ক খণ্ড’ ৰ দুটা উদাহৰণ দিয়া আৰু ইয়াৰ প্ৰধান কাম কি উল্লেখ কৰা।
7. ‘সৰ্ববিয়াপী সম্পদ’ আৰু ‘স্থানীয় সম্পদ’ৰ মাজত পাৰ্থক্য কি?
8. সম্পদৰ পুনৰাৱৰ্তন কৰিলে পৰিৱেশৰ কেনেদৰে উপকাৰ হয় দুটা কাৰণ লিখা।
9. IUCN ৰ সম্পূৰ্ণ ৰূপটো কি আৰু ইয়াৰ মুখ্য কাৰ্যালয় ক’ত অৱস্থিত?
10. বহনক্ষম উন্নয়নৰ মূল লক্ষ্য কি?
HSLC 2027-ৰ বাবে অতি সম্ভাৱ্য 3 নম্বৰৰ কিছু গুৰুত্বপূৰ্ণ প্ৰশ্ন
11. “মানুহ নিজেই এক গুৰুত্বপূৰ্ণ সম্পদ” – কথাষাৰ চমুকৈ বাখ্যা কৰা।
12. অৰ্থনৈতিক ভূগোলৰ যিকোনো তিনিটা প্ৰধান শাখা বা উপ-ক্ষেত্ৰৰ বিষয়ে চমুকৈ লিখা।
13. সম্পদ সংৰক্ষণৰ বাবে বিকল্প সামগ্ৰীৰ ব্যৱহাৰ কিয় গুৰুত্বপূৰ্ণ? উদাহৰণসহ বুজাই লিখা।
14. প্ৰাথমিক বৃত্তি আৰু দ্বিতীয়ক বৃত্তিৰ মাজত থকা তিনিটা প্ৰধান পাৰ্থক্য লিখা।
15. অনবীকৰণযোগ্য সম্পদৰ সংৰক্ষণ কিয় আটাইতকৈ বেছি জৰুৰী বুলি তুমি ভাবা? কাৰণ দৰ্শোৱা।
16. “সম্পদ পৰিৱৰ্তনশীল” – জিম্মাৰমেনৰ এই ধাৰণাটো উদাহৰণৰ সৈতে বাখ্যা কৰা।
17. প্ৰাকৃতিক পৰিৱেশৰ ওপৰত ভিত্তি কৰি সম্পদক কি কি ভাগত ভগাব পাৰি? প্ৰতিটোৰে একোটাকৈ উদাহৰণ দিয়া।
18. বিশ্ব বন্যপ্ৰাণী পুঁজি (WWF) ৰ প্ৰধান উদ্দেশ্য আৰু কাৰ্যাৱলীৰ বিষয়ে এটি চমুটোকা লিখা।
19. প্ৰযুক্তিবিদ্যাই প্ৰাকৃতিক সামগ্ৰী এটাক কেনেকৈ সম্পদলৈ ৰূপান্তৰিত কৰে? এটি উপযুক্ত উদাহৰণ দি বুজোৱা।
20. অৰ্থনৈতিক ভূগোলে সম্পদৰ বিতৰণ আৰু উপযোগিতাৰ বিষয়ে কেনেদৰে অধ্যয়ন কৰে বৰ্ণনা কৰা।
HSLC 2027-ৰ বাবে অতি সম্ভাৱ্য 4 নম্বৰৰ কিছু গুৰুত্বপূৰ্ণ প্ৰশ্ন
21. অৰ্থনৈতিক ভূগোলৰ পৰিসৰ আৰু বিষয়বস্তুৰ বিষয়ে বিশদভাৱে আলোচনা কৰা।
22. সম্পদৰ শ্ৰেণীবিভাজন কিদৰে কৰা হয়? উৎপত্তি আৰু উপলব্ধতাৰ ভিত্তিত সম্পদৰ প্ৰকাৰসমূহ উদাহৰণসহ বাখ্যা কৰা।
23. সম্পদ সংৰক্ষণৰ বিভিন্ন পদ্ধতিসমূহৰ বিষয়ে বহলাই আলোচনা কৰা।
24. পৃথিৱীৰ অৰ্থনৈতিক বৃত্তিসমূহক প্ৰধানকৈ কেইটা ভাগত ভগাব পাৰি? প্ৰতিটো ভাগৰ বিষয়ে উদাহৰণসহ আলোচনা কৰা।
25. “সম্পদৰ যধেমধে ব্যৱহাৰে গোলকীয় পৰিৱেশৰ গুৰুতৰ সংকট মাতি আনিছে” – এই উক্তিটোৰ সমৰ্থনত তোমাৰ মতামত আগবঢ়োৱা আৰু ইয়াৰ প্ৰতিকাৰৰ উপায় লিখা।







