দশম শ্ৰেণী সমাজ বিজ্ঞান (ৰাজনীতি বিজ্ঞান) অধ্যায় 10 – ভাৰতীয় গণতন্ত্ৰ সম্পূৰ্ণ প্ৰশ্নোত্তৰ আৰু সমাধান | ASSEB / SEBA
দশম শ্ৰেণী সমাজ বিজ্ঞান (ৰাজনীতি বিজ্ঞান) অধ্যায় 10 – ভাৰতীয় গণতন্ত্ৰ সম্পূৰ্ণ প্ৰশ্নোত্তৰ আৰু পৰীক্ষামুখী সমাধান (ASSEB / SEBA Assam – Assamese Medium)
দশম শ্ৰেণীৰ সমাজ বিজ্ঞান (Social Science) পাঠ্যক্ৰমৰ ৰাজনীতি বিজ্ঞান খণ্ডৰ অধ্যায় 10 ‘ভাৰতীয় গণতন্ত্ৰ’ আমাৰ দেশৰ শাসন ব্যৱস্থা বুজিবলৈ এক অতি গুৰুত্বপূৰ্ণ পাঠ। এইটো সমাজ বিজ্ঞানৰ নতুন সংস্কৰণ (New Version of Social Science) যিটো আগন্তুক HSLC 2027 পৰীক্ষাৰ বাবে 2026-27 বৰ্ষৰ নতুন পাঠ্যক্ৰম (According to New Syllabus of 2026-27 By ASSEB/SEBA) আৰু নৱ্য শিক্ষা নীতিৰ (NEP) শেহতীয়া ব্লুপ্ৰিণ্টৰ আধাৰত প্ৰস্তুত কৰা হৈছে। এই বিশেষ সংকলনটিত পাঠভিত্তিক অতি চমু প্ৰশ্ন (VSA), চমু প্ৰশ্ন (Short Questions), দীঘলীয়া প্ৰশ্ন (Long Answers), আৰু পূৰ্বৰ বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ প্ৰশ্নসমূহৰ (Board Exam PYQ) পুংখানুপুংখ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে। অস্পীন একেডেমী (Ospin Academy) ত এই সমাধানসমূহ সহজ, নিৰ্ভুল আৰু সম্পূৰ্ণ পৰীক্ষামুখীভাৱে উপলব্ধ কৰোৱা হৈছে।
এই পাঠটিত ভাৰতীয় সংবিধানৰ আদৰ্শ, সংসদীয় গণতন্ত্ৰ, যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ বৈশিষ্ট্য, আৰু কেন্দ্ৰ তথা ৰাজ্য চৰকাৰৰ মাজৰ ক্ষমতাৰ বিভাজনৰ বিষয়ে বিতংভাৱে আলোচনা কৰা হৈছে। মেট্ৰিক পৰীক্ষাৰ্থীসকলৰ লগতে দেশৰ এজন সুনাগৰিক হিচাপে আমাৰ গণতান্ত্ৰিক ব্যৱস্থাৰ বিষয়ে জ্ঞান থকাটো অতি প্ৰয়োজনীয়। আমাৰ এই ‘OSPIN QUESTION BANK’ ত কেৱল পাঠ্যপুথিৰ অনুশীলনীৰ প্ৰশ্নসমূহেই নহয়, বৰঞ্চ পৰীক্ষাত আহিব পৰা অতিৰিক্ত প্ৰশ্ন-উত্তৰসমূহো (Extra Board Questions and Answers) সামৰি লোৱা হৈছে যাতে ছাত্ৰ-ছাত্ৰীসকলে 100% প্ৰস্তুতি চলাব পাৰে।
এই পাঠৰ পৰা আপুনি কি কি শিকিব আৰু পাব:
- ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনা, সংসদীয় গণতন্ত্ৰ আৰু যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ বিস্তৃত আলোচনা।
- 1 নম্বৰৰ অতি চমু (VSA objective type) আৰু 2-3 নম্বৰৰ চমু প্ৰশ্নৰ পৰীক্ষাত লিখিব পৰা নিৰ্দোষ উত্তৰ।
- 4-5 নম্বৰৰ দীঘলীয়া প্ৰশ্নৰ (যেনে- ভাৰতীয় যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ বৈশিষ্ট্যসমূহ) সহজ তথা মান্য সমাধান।
- মেট্ৰিক পৰীক্ষাত সঘনাই অহা গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহৰ আৰ্হি বিশ্লেষণ আৰু শেহতীয়া আৰ্হিৰ MCQ প্ৰশ্নৰ সমাধান।
HSLC 2027 পৰীক্ষাৰ বাবে অস্পীন একেডেমীৰ বিশেষ সুবিধা:
- HSLC 2027-ৰ শেহতীয়া ASSEB ব্লুপ্ৰিণ্ট (2026-27 New Syllabus) ৰ আধাৰত প্ৰস্তুত কৰা সম্পূৰ্ণ Question Bank.
- পূৰ্বৰ 10 বছৰৰ (Previous 10 Years’ Questions – PYQ) মেট্ৰিক পৰীক্ষাৰ লগতে অসমৰ 27 খন জিলাৰ Pre-Board পৰীক্ষাৰ (2026) প্ৰশ্নকাকতৰ সম্পূৰ্ণ সমাধান।
- 100% নিৰ্ভুল আৰু ছাত্ৰ-ছাত্ৰীয়ে মুখস্থ কৰিবলৈ সহজ হোৱাকৈ সৰল অসমীয়া ভাষাত লিখা উন্নত মানৰ নোটছ (Class 10 Social Science Notes)।
- পৰীক্ষাৰ পূৰ্বে দ্ৰুত ৰিভিজনৰ (Last-Minute Quick Revision) বাবে বিশেষভাৱে প্ৰস্তুত কৰা পিডিএফ (PDF Download) ফৰ্মেট।
- ভাৰতীয় গণতন্ত্ৰৰ পৰা পৰীক্ষাত নিশ্চিতভাৱে আহিব পৰা সম্ভাৱনীয় (100% Common Board Suggestion) প্ৰশ্নৰ বিশেষ সংকলন।
ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি অস্পীন একেডেমীয়ে এই বিশেষ পাঠ্যক্ৰম আগবঢ়াইছে। আপোনাৰ HSLC 2027 পৰীক্ষাৰ প্ৰস্তুতি এতিয়াই আৰম্ভ কৰক আৰু সমাজ বিজ্ঞান বিষয়ত সৰ্বোচ্চ নম্বৰ (Highest Marks) লাভ কৰাৰ দিশত আগবাঢ়ক।
Class 10 Social Science (সমাজ বিজ্ঞান) Question Bank ASSEB HSLC 2027 | New Syllabus Complete Solutions PDF
ভাৰতীয় গণতন্ত্র
HSLC PYQs (2024-2026): গুৰুত্বপূৰ্ণ বহুবিকল্পীয় প্ৰশ্নোত্তৰ (MCQs)
1. ভাৰতবৰ্ষ কিয় এখন সমাজবাদী ৰাষ্ট্ৰ ? {2026}
(i) উৎপাদনৰ আহিলাসমূহৰ জাতীয়কৰণ হ’ব।
(ii) জাতীয় আয়ৰ সমবিতৰণৰ ব্যৱস্থাৰে সমাজবাদ প্রতিষ্ঠা হ’ব।
(iii) দেশৰ অর্থনীতি জনসাধাৰণে নিজে নিৰ্ধাৰণ কৰিব।
(iv) দেশৰ অর্থনীতি কেৱল পুঁজিপতিসকলে নিৰ্ধাৰণ কৰিব।
(A) (i), (ii)
(B) (ii), (iii)
(C) (i), (ii), (iii)
(D) (i), (ii), (iv)
Answer: C
2. ভাৰতবৰ্ষৰ সংবিধানৰ বিষয়ে তলত দিয়া বিকল্পবোৰৰপৰা শুদ্ধ মিলটো বাছি উলিওৱা : {2026}
(i) কেবিনেট মিছন
(ii) খচৰা কমিটি
(iii) ভাৰতবৰ্ষৰ সংবিধান গ্রহণ
(iv) ভাৰতবৰ্ষৰ সংবিধান কার্যকৰী হয়
(A) ২৯ আগষ্ট, ১৯৪৭
(B) ২৬ জানুৱাৰী, ১৯৫০
(C) মার্চ ১৯৪৬
(D) ২৬ নৱেম্বৰ, ১৯৪৯
(A) (i) – (A), (ii) – (C), (iii) – (D), (iv) – (B)
(B) (i) – (C), (ii) – (A), (iii) – (B), (iv) – (D)
(C) (i) – (B), (ii) – (D), (iii) – (A), (iv) – (C)
(D) (i) – (C), (ii) – (A), (iii) – (D), (iv) – (B)
Answer: D
3. তলত দিয়া প্রশ্নটোত দাবী (A) আৰু কাৰণ (R) হিচাপে দুটা বিৱৰণ দিয়া হৈছে। বিৱৰণকেইটা পঢ়া আৰু শুদ্ধ বিকল্পটো বাছি উলিওৱা। {2025}
দাবী (A): প্রস্তাৱনাত সন্নিবিষ্ট কথাখিনি জানিলেহে সংবিধানখনক জানিব পৰা যাব।
কাৰণ (R) : প্ৰস্তাৱনাৰ প্ৰতিটো শব্দৰ মাজত লুকাই আছে সংবিধানখনৰ আদৰ্শ, দর্শন আৰু লক্ষ্য।
(A) (A) সত্য, কিন্তু (R) অসত্য।
(B) (A) অসত্য, কিন্তু (R) সত্য।
(C) (A) আৰু (R) দুয়োটাই সত্য; কিন্তু (R), (A)ৰ শুদ্ধ ব্যাখ্যা নহয়।
(D) (A) আৰু (R) দুয়োটাই সত্য; আৰু (R), (A)ৰ শুদ্ধ ব্যাখ্যা।
Answer: D
4. গণতান্ত্ৰিক চৰকাৰক কিয় অন্য প্ৰকাৰৰ চৰকাৰতকৈ অধিক ভাল বুলি গণ্য কৰা হয়? {2025}
(i) ই নাগৰিকসকলৰ মাজত সমতা বৃদ্ধি কৰে।
(ii) ই অর্থনৈতিক প্রগতি নিশ্চিত কৰে।
(iii) ই বাদ-বিবাদ মীমাংসাৰ এটা উপায় প্ৰদান কৰে।
(A) (i), (ii)
(B) (i), (iii)
(C) (ii), (iii)
(D) (i), (ii), (iii)
Answer: B
5. তলত দিয়া বিকল্পবোৰৰ পৰা ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ বৈশিষ্ট্য বাছি উলিওৱা: {2024}
(i) অংগৰাজ্যসমূহৰ বাবে সুকীয়া সংবিধানৰ ব্যৱস্থা
(ii) দ্বৈত নাগৰিকত্ব
(A) কেৱল (I) শুদ্ধ
(B) কেৱল (ii) শুদ্ধ
(C) (i) আৰু (ii) উভয়ে শুদ্ধ
(D) (i) আৰু (ii) উভয়ে অশুদ্ধ
Answer: D
6. তলত উল্লেখ কৰা কোনজন ব্যক্তি ভাৰতৰ সংবিধান খচৰা সমিতিৰ সদস্য আছিল? {2024}
(A) ড° ৰাজেন্দ্ৰ প্ৰসাদ
(B) ড° সচ্ছিদানন্দ সিনহা
(C) চৈয়দ মহম্মদ চাদুল্লা
(D) গোপীনাথ বৰদলৈ
Answer: C
বিভিন্ন জিলাৰ প্ৰি-ব’ৰ্ড (2025-26)ৰ গুৰুত্বপূৰ্ণ বহুবিকল্পীয়(MCQs) প্ৰশ্নোত্তৰ (MCQs)
1. ‘সমাজবাদী’ আৰু ‘ধৰ্মনিৰপেক্ষ’ শব্দ দুটা সংবিধানৰ কিমান সংশোধনীমতে প্ৰস্তাৱনাত সন্নিৱিষ্ট হৈছিল? {Bajali}
(A) ১৯৭৬ চনৰ ৪২ নং সংশোধনী
(B) ১৯৭৭ চনৰ ৪৩ নং সংশোধনী
(C) ১৯৮৩ চনৰ ৪৬ নং সংশোধনী
(D) ১৯৭৬ চনৰ ৪৯ নং সংশোধনী
Answer: A
2. ব্ৰিটিছ চৰকাৰে ‘কেবিনেট মিছন’ক ভাৰতলৈ পঠাইছিল {Bajali}
(A) ভাৰতত ব্ৰিটিছে স্থাপন কৰা ব্যৱসায়, উদ্যোগ, কাৰখানা ইংলেণ্ডলৈ নিয়াৰ বাবে
(B) ভাৰতবৰ্ষক কঠোৰভাৱে শাসন কৰি স্বাধীনতা আন্দোলন মষিমূৰ কৰাৰ বাবে।
(C) এখন সংবিধান ৰচনাৰ কাৰণে প্রয়োজনীয় পৰিৱেশ আৰু প্ৰস্তুতি চলোৱাৰ বাবে
(D) আন্তর্জাতিক সু-সম্পর্ক, বিশ্ব শান্তি ৰক্ষা আৰু জনগণৰ কল্যাণৰ বাবে
Answer: C
3. কোন চনৰ আইনে পৰাধীন ভাৰতত সংসদীয় পদ্ধতিৰ চৰকাৰ প্ৰৱৰ্তন কৰিছিল? {Bajali}
(A) ১৯০৫ চনৰ বংগ বিভাজন
(B) ১৮৫৮ চনৰ ভাৰত শাসন আইন
(C) ১৯৩৫ চনৰ ভাৰত চৰকাৰ আইন
(D) ১৯১৯ চনৰ ভাৰত পৰিষদ আইন
Answer: C
4. তলৰ কোনজন সদস্য সংবিধান খচৰা কমিটিৰ সদস্য নহয়- {Baksa}
(A) জৱাহৰলাল নেহৰু
(B) কে. এম. মুন্সি
(C) চৈয়দ মহম্মদ চাদুল্লা
(D) এন মাধব ৰাও
Answer: A
5. তলৰ প্রশ্নটোত দাবী (A) আৰু কাৰণ (R) হিচাপে দুটা উক্তি দিয়া হৈছে। উক্তিকেইটা পঢ়া আৰু শুদ্ধ বিকল্পটো বাছি উলিওবাঃ {Baksa}
দাবী (A): ভাৰতবৰ্ষ ব্যতিক্রমধর্মী যুক্তৰাষ্ট্ৰ।
কাৰণ (R): ভাৰতবৰ্ষত দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা আছে।
(A) যুক্তি (A) শুদ্ধ আৰু (R) অশুদ্ধ আৰু (R), (A) ৰ শুদ্ধ বাখ্যা নহয়।
(B) (A) অশুদ্ধ আৰু (R) শুদ্ধ আৰু (R), (A) ৰ শুদ্ধ বাখ্যা নহয়।
(C) (A) আৰু (R) দুয়োটাই শুদ্ধ।
(D) (A) আৰু (R) দুয়োটাই শুদ্ধ নহয়।
Answer: A
6. ভাৰতীয় সংবিধানৰ ৪২তম সংশোধনী কেতিয়া কৰা হৈছিল? {Barpeta}
(A) ১৯৭৬ চনৰ ২৬ জানুৱাৰীত
(B) ১৯৭৬ চনৰ ১৮ ডিচেম্বৰত
(C) ১৯৭২ চনৰ ১৮ ডিচেম্বৰত
(D) ১৯৭৬ চনৰ ২৬ জানুৱাৰীত
Answer: B
7. তলৰ প্ৰশ্নটোত দাবী (A) আৰু কাৰণ (R) হিচাপে দুটা উক্তি দিয়া হৈছে। উক্তিকেইটা পঢ়া আৰু শুদ্ধ বিকল্পটো বছি উলিওৱা। {Barpeta}
দাবী (A): ভাৰতবৰ্ষ এখন সমাজবাদী, ধৰ্মনিৰপেক্ষ আৰু গণতান্ত্রিক গণৰাজ্য।
কাৰণ (R): এই শব্দবোৰ সংবিধানৰ ৪২তম সংশোধনীৰ জৰিয়তে ভাৰতৰ সংবিধানত সংযোজন কৰা হৈছিল।
(A) (A) সত্য, (R) অসত্য
(B) (A) অসত্য, (R) সত্য
(C) (A) আৰু (R) উভয়ে সত্য, কিন্তু (R), (A) ৰ শুদ্ধ ব্যাখ্যা নহয়
(D) (A) আৰু (R) উভয়ে সত্য, কিন্তু (R), (A) ৰ শুদ্ধ ব্যাখ্যা
Answer: A
8. ভাৰতৰ সংবিধান সম্পৰ্কে তলত দিয়া উক্তিসমূহৰ কোনটো/কোনকেইটা উক্তি শুদ্ধ? {Barpeta}
(i) সংবিধানৰ ১নং অনুচ্ছেদত ভাৰতক এখন ‘ৰাজ্যসমূহৰ সংঘ’ বুলি ঘোষণা কৰা হৈছে
(ii) ভাৰতত দ্বৈত নাগৰিকত্ব ব্যৱস্থা আছে
(iii) কেন্দ্রতকৈ ভাৰতৰ ৰাজ্যসমূহ কম শক্তিশালী
(iv) আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধান অনুকৰণ কৰি ভাৰতত যুক্তৰাষ্ট্ৰীয় পদ্ধতি প্ৰৱৰ্তন কৰা হৈছে
(A) i, iii, iv
(B) i
(C) ii, iii, iv
(D) i, iii
Answer: D
9. যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলিলে কোনখন দেশৰ কথা কোৱা হয়? {Biswanath}
(A) ভাৰত
(B) চীন
(C) আমেৰিকা
(D) ইংলেণ্ড
Answer: C
10. তলৰ কোনজন ব্যক্তি ভাৰতৰ সংবিধানৰ খচৰা কমিটিৰ সদস্য নহয়- {Biswanath}
(A) এন. গোপালস্বামী আয়েংগাৰ
(B) ডি. পি. খৈতান
(C) কে. এম. মুন্সি
(D) জৱাহৰলাল নেহৰু
Answer: D
11. ১৯৭৬ চনত সংবিধানৰ ৪২ নং সংশোধনীৰ জৰিয়তে তিনিটা গুৰুত্বপূৰ্ণ শব্দ ভাৰতীয় সংবিধানখনৰ প্ৰস্তাৱনাত সন্নিবিষ্ট কৰা হৈছিল। এই শব্দকেইটা হ’ল- {Bongaigaon}
(A) সার্বভৌম, গণৰাজ্য, ঐক্য।
(B) সমাজবাদী, ধৰ্মনিৰপেক্ষ, ঐক্য।
(C) গণতান্ত্রিক, গণৰাজ্য, ঐক্য।
(D) ধৰ্মনিৰপেক্ষ, সার্বভৌম, ঐক্য।
Answer: B
12. ভাৰতবৰ্ষত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ সভাপতিজন – {Bongaigaon}
(A) উচ্চতম ন্যায়ালয়ৰ মূখ্য ন্যায়াধীশ হ’ব লাগিব।
(B) উচ্চ ন্যায়ালয়ৰ মূখ্য ন্যায়াধীশ হ’ব লাগিব।
(C) উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ হ’ব লাগিব।
(D) উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ হ’ব লাগিব।
Answer: C
13. তলত উল্লেখ কৰা কোনজন ব্যক্তি ভাৰতৰ সংবিধান খচৰা কমিটিৰ সদস্য আছিল? {Bongaigaon}
(A) ড° ৰাজেন্দ্র প্রসাদ।
(B) ড° সচ্ছিদানন্দ সিনহা।
(C) চৈয়দ মহম্মদ চাদুল্লা।
(D) গোপীনাথ বৰদলৈ।
Answer: C
14. ২৬ নভেম্বর, ১৯৪৯ ভারতের রাজনৈতিক ইতিহাসে এক গুরুত্বপূর্ণ তারিখ। কেন? {Cachar}
(A) ভারতের নতুন সংবিধানের খসড়া ডা০ রাজেন্দ্র প্রসাদের হস্তে অর্পন করা।
(B) ভারতের নতুন সংবিধান তৈরীর জন্য জরুরী খসরা সংবিধান তৈরীর স্বার্থে সংবিধান সভা গঠন করা হয়েছিল।
(C) একটি নতুন সংবিধান তৈরীর জন্য খসড়া কমিটির গঠন।
(D) ভারতের নতুন সংবিধান বলবৎ হয়েছিল।
Answer: A
15. ______ সালের ভারত সরকার আইন সীমিত রূপে পরাধীন ভারতবর্ষে সংসদীয় সরকার পদ্ধতীর সুচনা করেছিল। {Cachar}
(A) ১৯০৯
(B) ১৯১৯
(C) ১৯৩৫
(D) ১৯৪৬
Answer: C
16. নিম্নলিখিত বিকল্পসমূহৰ ভিতৰত কোনটোৱে প্ৰমাণ কৰে যেঃ “ভাৰতবৰ্ষ এখন অর্ধ-যুক্তৰাষ্ট্ৰীয় ৰাজ্য” – {Darrang}
(i) কেন্দ্ৰীয় চৰকাৰক সার্বভৌম ক্ষমতা অর্পণ
(ii) অংগৰাজ্যসমূহৰ আঁতৰি যোৱাৰ অধিকাৰ নাই
(iii) সুকীয়া সংবিধানৰ ব্যৱস্থা আছে
(iv) অংগৰাজ্যসমূহৰ দ্বৈত নাগৰিকত্ব ব্যৱস্থা নাই
(A) (i), (ii), (iii)
(B) (i), (ii), (iv)
(C) (i), (iii), (ii)
(D) (ii), (iii), (iv)
Answer: B
17. ভাৰতীয় সংসদীয় গণতন্ত্ৰৰ ক্ষেত্ৰত তলত দিয়া কোনকেইটা উক্তি শুদ্ধ- {Darrang}
(i) ভাৰতীয় সংসদ দুখন সদনৰ দ্বাৰা গঠিত
(ii) ভাৰতৰ সংসদ বিশ্বৰ ভিতৰত শক্তিশালী
(iii) ভাৰতীয় সংসদীয় গণতন্ত্ৰত ৰাষ্ট্ৰপতি পদটো বংশানুক্রমিক
(iv) ভাৰতৰ উচ্চ সদনক ৰাজ্য সভা বোলে
(A) (i), (ii)
(B) (ii), (iv)
(C) (i), (iv)
(D) (i), (ii), (iii), (iv)
Answer: C
18. তলৰ দিয়া দাবী (A) আৰু কাৰণ (R) ৰ ওপৰত ভিত্তি কৰি শুদ্ধ বিকল্পটো বাছি উলিওৱা: {Darrang}
দাবী (A): ভাৰতবর্ষ এখন সার্বভৌম ৰাষ্ট্র।
কাৰণ (R): এই দেশৰ কোনো চৰকাৰী বা ৰাষ্ট্ৰীয় ধর্ম নাই।
(A) A সত্য, কিন্তু R অসত্য
(B) R সত্য, কিন্তু A অসত্য
(C) A আৰু R উভয়ে সত্য আৰু R হৈছে A ৰ সঠিক ব্যাখ্যা
(D) A আৰু R উভয়ে সত্য কিন্তু R, A ৰ সঠিক ব্যাখ্যা নহয়
Answer: D
19. শুদ্ধ উত্তৰ বাছি উলিওৱাঃ {Darrang}
ভাৰতবৰ্ষ এখন গণৰাজ্য। কিয়নো –
(A) ভাৰতবৰ্ষ কোনো বিদেশী শক্তিৰ দ্বাৰা পৰিচালিত নহয়।
(B) সংবিধানৰ দৃষ্টিত সকলো ধর্ম সমান।
(C) জনসাধাৰণৰ প্ৰতিনিধিয়ে শাসন ব্যৱস্থাত ভাগ ল’ব পাৰে।
(D) দেশৰ প্ৰধানজনক জনসাধাৰণে নির্বাচন কৰে আৰু এই পদটো বংশানুক্রমিক নহয়।
Answer: D
20. কোনখন আইনে বংগৰ গৱৰ্ণৰ পদটো গৱৰ্ণৰ জেনেৰেল পদলৈ উন্নীত কৰিছিল? {Dhubri}
(A) নিয়ন্ত্ৰনকাৰী আইন, 1773
(B) চনদ আইন, 1833
(C) ভাৰত চৰকাৰ আইন, 1858
(D) ভাৰত চৰকাৰ আইন, 1935
Answer: A
21. ভাৰতবৰ্ষই তলৰ কোন প্ৰকাৰৰ চৰকাৰ ব্যৱস্থা গ্রহণ কৰিছে? {Dhubri}
(A) সংসদীয় চৰকাৰ
(B) ৰাষ্ট্ৰপতীয় চৰকাৰ
(C) এককেন্দ্ৰীয় চৰকাৰ
(D) একনায়কত্ববাদী চৰকাৰ
Answer: A
22. তলৰ উক্তিবোৰ বিবেচনা কৰা {Dhubri}
(P) ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ আগতেই দেশৰ সংবিধান প্রণয়নৰ প্ৰস্তুতি আৰম্ভ হৈছিল।
(Q) বি, আৰ, আম্বেদকাৰ সংবিধান সভাৰ সভাপতি আছিল।
(A) P শুদ্ধ Q অশুদ্ধ
(B) P অশুদ্ধ Q শুদ্ধ
(C) P আৰু Q উভয়ে শুদ্ধ
(D) P আৰু Q উভয়ে অশুদ্ধ
Answer: A
23. তলৰ কোনবোৰ কাৰণে ভাৰতবৰ্ষক এক গণতান্ত্রিক গণৰাজ্য বুলি কোৱা হয়? {Goalpara}
(i) দেশৰ ৰাষ্ট্ৰপতিক জনসাধাৰণে পৰোক্ষভাবে নির্বাচন কৰে।
(ii) ৰাষ্ট্রপতি পদ কোনো বংশানুক্রমিক নহয়।
(iii) প্রধানমন্ত্রী ৰাষ্ট্ৰপতিক নির্বাচন কৰে।
(A) (i), (ii) আৰু (iii)
(B) (i) আৰু (ii)
(C) (i) আৰু (iii)
(D) (ii) আৰু (iii)
Answer: B
24. ভাৰতীয় সংবিধান সম্পৰ্কীয় শুদ্ধ বিবৃতিসমূহ চিনাক্ত কৰা: {Hailakandi}
a) ইয়াক ১৯৪৯ চনৰ ২৬ নৱেম্বৰত গ্ৰহণ কৰা হৈছিল
b) ই ১৯৫০ চনৰ ২৬ জানুৱাৰীত কাৰ্যকৰী হৈছিল
c) ই বিশ্বৰ আটাইতকৈ চমু লিখিত সংবিধান
d) ই ইয়াৰ কৰ্তৃত্ব পোনে পোনে ভাৰতৰ জনসাধাৰণৰ পৰা লাভ কৰে
(A ) 1, 2, আৰু 3
(B) 1, 2, আৰু 4
(C) 2, 3, আৰু 4
(D) ওপৰৰ আটাইবোৰ
Answer: B
25. ভাৰতৰ সংসদীয় চৰকাৰৰ এক বৈশিষ্ট্যমূলক লক্ষণ তলৰ কোনটো? {Hailakandi}
(A) বিধানমণ্ডল আৰু কাৰ্যপালিকাৰ মাজত ক্ষমতাৰ কঠোৰ পৃথকীকৰণ
(B) ৰাষ্ট্ৰপ্ৰধান জনেই চৰকাৰৰো প্ৰধান
(C) দুজন মুৰব্বীৰ উপস্থিতি: এজন নামমাত্ৰ মুৰব্বী (ৰাষ্ট্ৰপতি) আৰু এজন প্ৰকৃত মুৰব্বী (প্ৰধানমন্ত্ৰী))
(D) বিচাৰপালিকা
Answer: C
26. ব্ৰহ্মপুত্ৰ নদীৰ জলসম্পদ পৰিচালনাক লৈ ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ মাজত বিবাদৰ সৃষ্টি হৈছে। ৰাজ্য চৰকাৰে দাবী কৰে যে ইয়াৰ একক অধিকাৰ তেওঁলোকৰ আছে, আনহাতে কেন্দ্ৰীয় চৰকাৰে যুক্তি দিয়ে যে ইয়াৰ সৈতে ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু আন্তঃৰাজ্যিক বাণিজ্য জড়িত আছে। {Hailakandi}
ভাৰতীয় সংবিধান অনুসৰি, এই বিবাদ নিষ্পত্তি কৰাৰ কৰ্তৃত্ব কোনটো প্ৰতিষ্ঠানৰ আছে?
(A) ভাৰতৰ ৰাষ্ট্ৰপতি
(B) প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
(C) ভাৰতৰ উচ্চতম ন্যায়ালয়
(D) নীতি আয়োগ
Answer: C
27. উক্তি (A) : গণতন্ত্ৰত আইনৰ শাসন বাধ্যতামূলক। {Jorhat}
যুক্তি (R) : কোনো নাগৰিক, নেতাক বাদ দি, আইনৰ উৰ্ধত নহয়।
A) (A) আৰু (R) উভয়ে সত্য, আৰু (R), (A) ব শুদ্ধ ব্যাখ্যা।
B) (A) আৰু (R) উভয়ে সত্য, আৰু (R), (A) ব শুদ্ধ ব্যাখ্যা নহয়।
C) (A) সত্য কিন্তু (R) অসত্য
D) (A) অসত্য কিন্তু (R) সত্য
Answer: A
28. প্ৰস্তাৱনাত ভাৰতক সাৰ্বভৌম জাতি হিচাপে ঘোষণা কৰা হৈছে। তলৰ কোনটো কাৰ্যই এই আদৰ্শ উলংঘা কৰিব? {Jorhat}
(A) ভাৰতে আন দেশৰ সৈতে পাৰস্পৰিক বাণিজ্যিক চুক্তি স্বাক্ষৰ কৰা।
(B) ভাৰতে বিদেশী দেশক নিজৰ প্ৰতিৰক্ষা সিদ্ধান্ত নিয়ন্ত্ৰণ কৰিবলৈ অনুমতি দিয়া।
(C) ভাৰতে আন্তঃৰাষ্ট্ৰীয় শান্তি অভিযানত অংশ গ্ৰহণ কৰা।
(D) ভাৰতে আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া অনুষ্ঠান আয়োজন কৰা।
Answer: B
29. বিবৃতি (A) : বৰ্তমান সময়ত ৰাজনীতি বিজ্ঞানৰ পণ্ডিসকলে ভাৰতীয় যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাক ‘সহযোগিতামূলক যুক্তৰাষ্ট্ৰ’ বুলি নামকৰণ কৰিছে। {Kamrup M}
কাৰণ (R): ক্ষমতা বিভাজন হোৱা সত্ত্বেও সকলো গুৰুত্বপূৰ্ণ ক্ষমতা কেন্দ্ৰৰ ওচৰত কেন্দ্ৰীভূত হৈ থাকে।
(A) A আৰু R দুয়োটাই শুদ্ধ আৰু R, A ৰ শুদ্ধ বৰ্ণনা।
(B) A আৰু R দুয়োটাই শুদ্ধ আৰু R, A ৰ শুদ্ধ বৰ্ণনা নহয়।
(C) A শুদ্ধ কিন্তু R নহয়।
(D) A শুদ্ধ নহয় কিন্তু R শুদ্ধ
Answer: B
30. সার্বভৌমত্ব মানে হৈছে- {Kamrup R}
(A) ৰাষ্ট্ৰৰ সৰ্বোচ্চ ক্ষমতা
(B) ব্যক্তিৰ সৰ্বোচ্চ ক্ষমতা
(C) এক প্ৰকাৰৰ ক্ষমতা
(D) ওপৰৰ এটাও নহয়
Answer: A
31. ছাৰকাৰীয়া আয়োগ গঠনৰ মূল কাৰণ কি ? {Kamrup R}
(A) অংগৰাজ্যসমূহক স্বতন্ত্ৰতা প্ৰদানৰ দাবী।
(B) সাৰ্বভৌমত্ব আৰু অখণ্ডতা ৰক্ষা কৰা।
(C) কেন্দ্ৰ আৰু ৰাজ্যৰ সহযোগিতাৰ বাবে
(D) কেন্দ্ৰ আৰু ৰাজ্যৰ সংঘাত নিৰাময়ৰ বাবে
Answer: C
32. ভাৰত ৰাষ্ট্ৰৰ মুৰব্বী জন হ’ল- {Kokrajhar}
(A) প্রধানমন্ত্রী।
(B) ৰাষ্ট্ৰপতি।
(C) উচ্চতম ন্যায়ালয়ৰ মূখ্য ন্যায়াধীশ।
(D) উপ ৰাষ্ট্ৰপতি।
Answer: b
33. ভাৰতক “ৰাজ্যসমূহৰ সংঘ” হিচাপে ঘোষণা কৰা হৈছে- {Kokrajhar}
(A) অনুচ্ছেদ 1
(B) অনুচ্ছেদ 2
(C) অনুচ্ছেদ 4
(D) অনুচ্ছেদ 21
Answer: A
34. তলত ঘটনাসমূহৰ কোনটো ক্রম শুদ্ধ- {Lakhimpur}
(A) কেবিনেট মিছনক ভাৰতলৈ প্রেৰণ-সংবিধান সভা গঠন-ভাৰতবৰ্ষ স্বাধীনতা লাভ-নতুন সংবিধান বলবৎ
(B) সংবিধান সভা গঠন-কেবিনেট মিছনক ভাৰতলৈ প্রেৰণ-ভাৰতবৰ্ষ স্বাধীনতা লাভ-নতুন সংবিধান বলবৎ
(C) ভাৰতবৰ্ষ স্বাধীনতা লাভ- সংবিধান সভা গঠন- কেবিনেট মিছনক ভাৰতলৈ প্রেৰণ-নতুন সংবিধান বলবৎ
(D) কেবিনেট মিছনক ভাৰতলৈ প্রেৰণ-ভাৰতবৰ্ষ স্বাধীনতা লাভ-সংবিধান সভা গঠন-নতুন সংবিধান বলবৎ
Answer: A
35. পৃথিৱীত যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ প্ৰথম প্ৰৱৰ্তন হৈছিল- {Lakhimpur}
(A) ভাৰত
(B) আমেৰিকা যুক্তৰাষ্ট্ৰ
(C) কানাডা
(D) গ্রেট ব্রিটেইন
Answer: B
36. ইংৰাজী ‘Federation’ শব্দটো প্রকৃততে কোনটো ভাষাৰ শব্দ আছিল- {Majuli}
(A) গ্রীক
(B) লেটিন
(C) ফৰাচী
(D) স্পেনিচ
Answer: B
37. 1950 চনৰ 26 জানুৱাৰীত সংবিধান কার্যকৰী কৰাৰ সময়ত প্রস্তাৱনাত তলৰ কোনকেইটা শব্দ নাছিল- {Majuli}
(A) সার্বভৌম, সমাজবাদী, ঐক্য
(B) গণতান্ত্রিক, ধৰ্মনিৰপেক্ষ, গণৰাজ্য
(C) সমাজবাদী, ঐক্য, গণৰাজ্য
(D) সমাজবাদী, ধর্মনিৰপেক্ষ আৰু ঐক্য
Answer: d
38. তলত দিয়া বিকল্পসমূহৰ পৰা ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব্যবস্থাৰ বৈশিষ্ট্য বাছি উলিওৱা। {Majuli}
i) অংগৰাজ্যসমূহৰ বাবে সুকীয়া সংবিধানৰ ব্যৱস্থা
ii) দ্বৈত নাগৰিকত্ব
(A) কেৱল (i) শুদ্ধ
(B) কেৱল (ii) শুদ্ধ
(C) (i) আৰু (ii) উভয়ে শুদ্ধ
(D) (i) আৰু (ii) উভয়ে অশুদ্ধ
Answer: d
39. তলৰ কোনজন ব্যক্তি ভাৰতৰ সংবিধানৰ খচৰা কমিটিৰ সদস্য নাছিল- {Majuli}
(A) এন মাধব ৰাও
(B) ড° সচ্ছিদানন্দ সিনহা
(C) কে এম মুন্সি
(D) ডিপি খৈটান
Answer: b
40. 1935 চনৰ ভাৰত চৰকাৰ আইনখনে- {Majuli}
i) ভাৰতবৰ্ষত যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ প্ৰবৰ্তন কৰিছিল।
ii) সীমিত ৰূপত পৰাধীন ভাৰতবৰ্ষত সংসদীয় চৰকাৰ পদ্ধতি আৰম্ভ কৰিছিল।
(A) (i) আৰু (ii) উভয়ে শুদ্ধ
(B) (i) আৰু (ii) উভয়ে অশুদ্ধ
(C) কেৱল (i) শুদ্ধ
(D) কেৱল (ii) শুদ্ধ
Answer: a
41. সংবিধান সভাৰ প্ৰথম সভাপতি কোন আছিল? {Morigaon}
(A) ৰাজেন্দ্ৰ প্রসাদ
(B) মহাত্মা গান্ধী
(C) বি. আৰ আম্বেদকাৰ
(D) সচ্ছিদানন্দ সিন্হা
Answer: D
42. উক্তি (A): প্ৰস্তাৱনাত সন্নিৱিষ্ট কথাখিনি জানিলেহে সংবিধানখনক জানিব পৰা যাব। {Morigaon}
যুক্তি (R): প্ৰস্তাৱনাৰ প্রতিটো শব্দৰ মাজত লুকাই আছে সংবিধানখনৰ আদর্শ, দর্শন আৰু লক্ষ্য।
(A) (A) সত্য, কিন্তু (R) অসত্য।
(B) (A) অসত্য কিন্তু (R) সত্য।
(C) (A) আৰু (R) দুয়োটাই সত্য, কিন্তু (R), (A) ৰ শুদ্ধ ব্যাখ্যা নহয়।
(D) (A) আৰু (R) দুয়োটাই সত্য আৰু (R), (A) ৰ শুদ্ধ ব্যাখ্যা।
Answer: D
43. ভাৰতীয় সংবিধানৰ কিমান নং অনুচ্ছেদত ভাৰতক এখন “ৰাজ্যসমূহৰ সংঘ” বুলি ঘোষণা কৰা হৈছে। {Morigaon}
(A) অনুচ্ছেদ ১০
(B) অনুচ্ছেদ ১৫
(C) অনুচ্ছেদ ২
(D) অনুচ্ছেদ ১
Answer: D
44. তলৰ কোনটো বিকল্পই ভাৰতক অৰ্ধ যুক্তৰাষ্ট্ৰ বুলি প্ৰমাণ কৰে? {Morigaon}
(A) কেন্দ্ৰৰ সৈতে অধিক ক্ষমতা।
(B) কেন্দ্ৰৰ সৈতে অৱশিষ্ট বিষয়
(C) কেন্দ্ৰ আৰু ৰাজ্যৰ সৈতে সমান বিষয়।
(D) কেন্দ্ৰৰ সৈতে মুদ্ৰা আৰু ৰেলপথ।
Answer: A
45. ভাৰতৰ যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্যৰ ক্ষেত্ৰত তলৰ উক্তিবোৰ বিবেচনা কৰা আৰু শুদ্ধ উত্তৰটো বাছি উলিওৱা- {Nalbari}
উক্তি-I : সংবিধানে তিনিখন সূচীৰ জৰিয়তে কেন্দ্র আৰু ৰাজ্য চৰকাৰৰ মাজত ক্ষমতাৰ বিভাজন কৰিছে।
উক্তি-II : ভাৰতবৰ্ষত দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা আছে।
(A) I শুদ্ধ, II অশুদ্ধ
(B) I অশুদ্ধ, II শুদ্ধ
(C) উভয়ে শুদ্ধ
(D) উভয়ে অশুদ্ধ
Answer: A
46. ভাৰতীয় সংসদ হৈছে ভাৰতৰ সৰ্ব্বোচ্চ আইন প্রণয়নকাৰী সংস্থা ই দ্বি-সদনীয় গাঁথনিৰ, যাৰ অৰ্থ হৈছে ইয়াত দুটা সদন আছে। ইয়াৰ মূল অংশবোৰ হৈছে- {Sibsagar}
(a) লোকসভা
(b) ৰাজ্যসভা
(c) ৰাষ্ট্ৰপতি
(d) প্রধানমন্ত্রী
(A) a, b, c
(B) a, c, d
(C) a, b, d
(D) b, c, d
Answer: A
47. তলৰ ঘটনা সমূহক শুদ্ধ কালানুক্রমিক ক্ৰমত সজোঁৱা- {Sibsagar}
(a) নেহেৰুৰ উদ্দেশ্য সম্পর্কিত প্রস্থাৱ
(b) ভাৰতত কেবিনেট মিছন
(c) ইংলেণ্ডত শ্রমিক দলৰ চৰকাৰ গঠন
(d) সংবিধান সভাৰ গঠন
(A) a – b – c – d
(B) b – c – d – a
(C) c – b – d – a
(D) c – a – d – b
Answer: C
48. ভাৰতীয় সংবিধানৰ 1976 চনত হোৱা 42 নং সংশোধনী আইনৰ জৰিয়তে কোনটো শব্দ প্রস্তাবনাত সংযোজন কৰা হৈছিল? {Sonitpur}
(A) সার্বভৌম
(B) গণতান্ত্রিক
(C) গণৰাজ্য
(D) সমাজবাদী
Answer: D
49. তলৰ প্ৰশ্নটোত দাবী (A) আৰু কাৰণ (R) হিচাপে দুটা উক্তি দিয়া হৈছে উক্তিকেইটা পঢ়া আৰু শুদ্ধ বিকল্পটো বাছি উলিওৱা- {Sonitpur}
দাবী (A): যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাটো সহযোগীতা মূলক যুক্তৰাষ্ট্রীয় ব্যৱস্থা হিচাপে জনা যায়।
কাৰণ (R) : ভাৰতীয় যুক্তৰাষ্ট্ৰীয় ব্যবস্থ্যটো প্রধানকৈ কেন্দ্র আৰু ৰাজ্যৰ সহযোগীতাৰ ওপৰত বর্তি আছে।
(A) A শুদ্ধ কিন্তু R অশুদ্ধ
(B) A অশুদ্ধ কিন্তু R শুদ্ধ।
(C) A আৰু R দুয়োটাই শুদ্ধ, কিন্তু R, Aব সঠিক ব্যাখ্যা নহয়।
(D) A আৰু R দুয়োটাই শুদ্ধ আৰু R, Aব সঠিক ব্যাখ্যা।
Answer: D
50. ভারতবর্ষকে “রাজ্যসমূহের অঙ্গ” বলে ঘোষণা করা হয়েছে {Sribhumi}
(A) ১নং অনুচ্ছেদে
(B) ২নং অনুচ্ছেদে
(C) ৪নং অনুচ্ছেদে
(D) ৫ নং অনুচ্ছেদে
Answer: A
51. বিবৃতি (A) : প্রস্তাবনাকে সংবিধানের আত্মা বলা হয়। {Sribhumi}
কারণ (R) : প্রস্তাবনায় সংবিধানের মৌলিক আদর্শ ও লক্ষ্য প্রতিফলিত হয় না।
(A) A এবং R উভয়েই সত্য এবং R হল A এর প্রকৃত ব্যাখ্যা।
(B) A এবং R উভয়েই সত্য কিন্তু R, A -এর প্রকৃত ব্যাখ্যা নয়।
(C) বিবৃতি শুদ্ধ, কিন্তু কারণ ভুল/অশুদ্ধ।
(D) বিবৃতি অশুদ্ধ, কিন্তু কারণ শুদ্ধ।
Answer: C
52. ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত ভাৰতক এখন ৰাজ্য সমূহৰ সংঘ বুলি উল্লেখ কৰা হৈছে? {Salmara}
(A) সংবিধানৰ ১ নং অনুচ্ছেদ
(B) সংবিধানৰ ২ নং অনুচ্ছেদ
(C) সংবিধানৰ ৩ নং অনুচ্ছেদ
(D) সংবিধানৰ ৪ নং অনুচ্ছেদ
Answer: A
53. যদি, আমেৰিকা: কংগ্রেছ, কানাডা: পার্লিয়ামেন্ট, ইংলেণ্ড: পলিয়ামেন্ট, তেন্তে ভাৰত:? {Salmara}
(A) লোকসভা
(B) সংসদ
(C) ৰাজ্য সভা
(D) বিধান সভা
Answer: B
54. তলৰ কোনবোৰ যোৰ শুদ্ধ ভাৱে মিলি আছে? {Salmara}
i. ভাৰতলৈ কেবিনেট মিছনৰ আগমন: মে, ১৯৪৬
ii. সংবিধান সভাৰ প্ৰথম বৈঠক ৯ ডিচেম্বৰ ১৯৪৬
iii. সংবিধান খচৰা কমিটি গঠন ২৯ জুলাই ১৯৪৭
iv. ভাৰতৰ সংবিধান বলবৎ কৰা হয়। ২৬ জানুৱাৰী ১৯৫০
(A) i, ii
(B) ii, iii
(C) i, iii
(D) ii, iv
Answer: D
55. ইষ্ট ইন্ডিয়া কোম্পানীৰ শাসন কালত ‘প্রেছিডিন্সি’ বিষয়বাব কাৰ তলতীয়া শাসনমন্ত্র আছিল- {Tamulpur}
(A) গৱর্ণক জেনেৰেলৰ:
(B) উপায়ুক্তৰ
(C) প্ৰেছিডেন্টৰ
(D) ইংলেণ্ডৰ ৰাণীৰ
Answer: A
56. কানাডাৰ সংবিধানত কেনেকুৱা যুক্তৰাষ্ট্ৰৰ কথা উল্লেখ আছে- {Tamulpur}
(A) ব্যক্তিক্রম ধর্মী যুক্তৰাষ্ট্ৰ
(B) ঢিলা যুক্তৰাষ্ট্ৰ
(C) অর্ধ যুক্তৰাষ্ট্ৰ
(D) কেন্দ্রীভূত যুক্তৰাষ্ট্ৰ
Answer: D
57. ভাৰতৰ এখন ৰাজ্যসমূহৰ অংগ বুলি সংবিধানৰ কোনটো অনুচ্ছেদত উল্লেখ আছে- {Tamulpur}
(A) 1 নং অনুচ্ছেদ
(B) 2 নং অনুচ্ছেদ
(C) 3 নং অনুচ্ছেদ
(D) 4 নং অনুচ্ছেদ
Answer: A
58. ভাৰতীয় প্রশাসন ব্যৱস্থাৰ তিনিটা স্তৰ হ’ল- {Tamulpur}
(A) ৰাষ্ট্ৰপতি, প্রধানমন্ত্রী, মুখ্যমন্ত্ৰী
(B) কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ, স্থানীয় নিকায়
(C) উচ্চতম ন্যায়ালয়, উচ্চ ন্যায়ালয়, জিলা ন্যায়ালয়
(D) দেশ, ৰাজ্য, জিলা
Answer: B
59. ’সহযোগিতামূলক যুক্তৰাষ্ট্ৰ’ হৈছে- {Udalguri}
(A) ৰাজ্য-জিলাৰ সহযোগিতাৰ ওপৰত নিৰ্ভৰশীল।
(B) কেন্দ্ৰ-ৰাজ্যৰ সহযোগিতাৰ ওপৰত নিৰ্ভৰশীল।
(C) অকল কেন্দ্ৰৰ ওপৰত নিৰ্ভৰশীল।
(D) কেন্দ্র-ৰাজ্য-জিলাৰ সহযোগিতাৰ ওপৰত নিৰ্ভৰশীল।
Answer: B
60. ভাৰতীয় যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত তলব কোনটো সত্য নহয়? {Udalguri}
(A) যুক্তৰাষ্ট্ৰৰ গৃহভূমি
(B) ৰাজ্যসমূহৰ সংঘ
(C) কেন্দ্রীভূত যুক্তৰাষ্ট্ৰ
(D) ব্যতিক্রমধর্মী যুক্তৰাষ্ট্ৰ
Answer: A
61. ভাৰতীয় সংবিধানখন বলবৎ কৰা হয়- {Udalguri}
(A) 1935 চনত
(B) 1947 চনত
(C) 1949 চনত
(D) 1950 চনত
Answer: D
HSLC 2027-ৰ বাবে অতি সম্ভাৱ্য বহুবিকল্পীয় প্ৰশ্নোত্তৰ (MCQs)
1. ভাৰতৰ সংবিধান সভাৰ প্ৰথমখন বৈঠক কেতিয়া অনুষ্ঠিত হৈছিল?
(A) ১৯৪৬ চনৰ ৯ ডিচেম্বৰত
(B) ১৯৪৭ চনৰ ১৫ আগষ্টত
(C) ১৯৪৯ চনৰ ২৬ নৱেম্বৰত
(D) ১৯৫০ চনৰ ২৬ জানুৱাৰীত
Answer: A
2. সংবিধান সভাত ‘উদ্দেশ্য সম্পৰ্কীয় প্ৰস্তাৱ’ কোনে উত্থাপন কৰিছিল?
(A) ড° বি. আৰ. আম্বেদকাৰ
(B) পণ্ডিত জৱাহৰলাল নেহৰু
(C) ড° ৰাজেন্দ্ৰ প্ৰসাদ
(D) মহাত্মা গান্ধী
Answer: B
3. ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত ‘সমাজবাদী’ আৰু ‘ধৰ্মনিৰপেক্ষ’ শব্দ দুটা কিমান চনত অন্তৰ্ভুক্ত কৰা হৈছিল?
(A) ১৯৫১ চনত
(B) ১৯৭৬ চনত
(C) ১৯৭৮ চনত
(D) ১৯৮৫ চনত
Answer: B
4. কোনটো সংবিধান সংশোধনীৰ জৰিয়তে প্ৰস্তাৱনাত সালসলনি ঘটোৱা হৈছিল?
(A) ৪২তম সংশোধনী
(B) ৪৪তম সংশোধনী
(C) ৭৩তম সংশোধনী
(D) ৮৬তম সংশোধনী
Answer: A
5. ভাৰতবৰ্ষক কিয় এখন ‘গণৰাজ্য’ বুলি কোৱা হয়?
(A) ইয়াত এখন লিখিত সংবিধান আছে
(B) ৰাষ্ট্ৰপ্ৰধানজনক জনসাধাৰণে নিৰ্বাচন কৰে
(C) ইয়াত হিন্দু আৰু মুছলমান উভয়ে বাস কৰে
(D) ৰাষ্ট্ৰপ্ৰধানজন বংশানুক্ৰমিকভাৱে আহে
Answer: B
6. পৃথিৱীৰ ভিতৰত সংসদীয় গণতন্ত্ৰৰ জন্মস্থান বুলি কোনখন দেশক জনা যায়?
(A) আমেৰিকা যুক্তৰাষ্ট্ৰ
(B) ফ্ৰান্স
(C) ইংলেণ্ড
(D) চুইজাৰলেণ্ড
Answer: C
7. ভাৰতীয় যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত কাৰ হাতত অধিক ক্ষমতা প্ৰদান কৰা হৈছে?
(A) ৰাজ্য চৰকাৰৰ হাতত
(B) কেন্দ্ৰীয় চৰকাৰৰ হাতত
(C) স্থানীয় পঞ্চায়তৰ হাতত
(D) উচ্চতম ন্যায়ালয়ৰ হাতত
Answer: B
8. ভাৰতবৰ্ষৰ সংসদীয় ব্যৱস্থাত নামমাত্ৰ কাৰ্যপালিকা বা ৰাষ্ট্ৰপ্ৰধান কোন?
(A) প্ৰধানমন্ত্ৰী
(B) লোকসভাৰ অধ্যক্ষ
(C) ৰাষ্ট্ৰপতি
(D) মুখ্য ন্যায়াধীশ
Answer: C
9. তলৰ কোনখন দেশত ‘দ্বৈত নাগৰিকত্ব’ ব্যৱস্থা প্ৰচলিত আছে?
(A) ভাৰতবৰ্ষ
(B) ইংলেণ্ড
(C) আমেৰিকা যুক্তৰাষ্ট্ৰ
(D) জাপান
Answer: C
10. ভাৰতীয় সংবিধানৰ ১নং অনুচ্ছেদত ভাৰতবৰ্ষক কি বুলি আখ্যা দিয়া হৈছে?
(A) ৰাজ্যসমূহৰ সংঘ
(B) পূৰ্ণ যুক্তৰাষ্ট্ৰ
(C) এককেন্দ্ৰিক ৰাষ্ট্ৰ
(D) অৰ্ধ-যুক্তৰাষ্ট্ৰ
Answer: A
11. প্ৰস্তাৱনাত উল্লেখ থকা ‘সাৰ্বভৌম’ শব্দটোৰ অৰ্থ কি?
(A) ভাৰত এখন ধৰ্মনিৰপেক্ষ দেশ
(B) ভাৰতৰ সকলো নাগৰিকৰ সমান অধিকাৰ আছে
(C) ভাৰত আভ্যন্তৰীণ আৰু বাহ্যিক সকলো ক্ষেত্ৰতে বিদেশী নিয়ন্ত্ৰণৰ পৰা মুক্ত
(D) ভাৰত এখন সমাজবাদী ৰাষ্ট্ৰ
Answer: C
12. তলৰ কোনগৰাকী ব্যক্তিয়ে ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাক ‘অৰ্ধ-যুক্তৰাষ্ট্ৰ’ (Quasi-Federal) বুলি আখ্যা দিছিল?
(A) ড° বি. আৰ. আম্বেদকাৰ
(B) কে. চি. হুইয়েৰ
(C) পণ্ডিত জৱাহৰলাল নেহৰু
(D) গ্ৰেনভিল অষ্টিন
Answer: B
13. ভাৰতীয় সংবিধান গ্ৰহণ কৰা তাৰিখটো কি আছিল?
(A) ৯ ডিচেম্বৰ, ১৯৪৬
(B) ১৫ আগষ্ট, ১৯৪৭
(C) ২৬ নৱেম্বৰ, ১৯৪৯
(D) ২৬ জানুৱাৰী, ১৯৫০
Answer: C
14. ইংলেণ্ডৰ সংসদীয় ব্যৱস্থা আৰু ভাৰতৰ সংসদীয় ব্যৱস্থাৰ মাজত থকা প্ৰধান পাৰ্থক্যটো কি?
(A) ইংলেণ্ডত প্ৰধানমন্ত্ৰী নাই
(B) ভাৰতত সংসদ সৰ্বোচ্চ, কিন্তু ইংলেণ্ডত সংবিধান সৰ্বোচ্চ
(C) ইংলেণ্ডত সংসদ সৰ্বোচ্চ, কিন্তু ভাৰতত সংবিধান সৰ্বোচ্চ
(D) ভাৰতত ৰাষ্ট্ৰপতি বংশানুক্ৰমিক
Answer: C
15. প্ৰস্তাৱনাত থকা ‘ভাতৃত্ববোধ’ শব্দটোৱে কি বুজায়?
(A) দেশৰ সকলো নাগৰিকৰ মাজত মিলাপ্ৰীতি আৰু একতাৰ মনোভাৱ
(B) চুবুৰীয়া ৰাষ্ট্ৰৰ সৈতে সু-সম্পৰ্ক
(C) চৰকাৰৰ প্ৰতি আনুগত্য
(D) বিদেশী নাগৰিকক আশ্ৰয় প্ৰদান
Answer: A
16. ভাৰতীয় সংবিধানৰ খচৰা সমিতিৰ অধ্যক্ষ কোন আছিল?
(A) ড° ৰাজেন্দ্ৰ প্ৰসাদ
(B) বি. এন. ৰাও
(C) ড° বি. আৰ. আম্বেদকাৰ
(D) কে. এম. মুন্সী
Answer: C
17. ভাৰতবৰ্ষৰ প্ৰকৃত কাৰ্যপালিকা কাৰ হাতত ন্যস্ত থাকে?
(A) ৰাষ্ট্ৰপতি
(B) প্ৰধানমন্ত্ৰী আৰু মন্ত্ৰীসভা
(C) সংসদ
(D) উচ্চতম ন্যায়ালয়
Answer: B
18. “আমি ভাৰতৰ জনসাধাৰণে…” (We the people of India) – সংবিধানৰ এই আৰম্ভণিৰ বাক্যশাৰীয়ে কি প্ৰমাণ কৰে?
(A) ভাৰতীয় সংবিধানখন ইংৰাজসকলে উপহাৰ দিছে
(B) সংবিধানৰ প্ৰকৃত উৎস আৰু অধিকাৰী হ’ল ভাৰতৰ সাধাৰণ জনতা
(C) সংবিধানখন কেৱল ৰাজনৈতিক নেতাসকলৰ বাবেহে
(D) ভাৰতৰ ৰাজ্যসমূহে সংবিধানখন ৰচনা কৰিছে
Answer: B
19. ভাৰতীয় গণতন্ত্ৰত ‘ধৰ্মনিৰপেক্ষতা’ৰ প্ৰকৃত অৰ্থ কি?
(A) ৰাষ্ট্ৰৰ নিজা এটা চৰকাৰী ধৰ্ম আছে
(B) ৰাষ্ট্ৰই সকলো ধৰ্মক সমমৰ্যাদা প্ৰদান কৰে আৰু ৰাষ্ট্ৰৰ কোনো চৰকাৰী ধৰ্ম নাই
(C) ৰাষ্ট্ৰই ধৰ্মীয় অনুষ্ঠানত বাধা প্ৰদান কৰে
(D) ৰাষ্ট্ৰই কেৱল সংখ্যালঘুৰ ধৰ্মক সুৰক্ষা দিয়ে
Answer: B
20. ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাৰ আদৰ্শসমূহৰ মাজত তলৰ কোনটো স্বাধীনতাৰ কথা উল্লেখ নাই?
(A) চিন্তা আৰু মত প্ৰকাশৰ স্বাধীনতা
(B) অৰ্থনৈতিক শোষণৰ পৰা স্বাধীনতা
(C) বিশ্বাস আৰু ধৰ্ম পালনৰ স্বাধীনতা
(D) অস্ত্ৰ-শস্ত্ৰ ৰখাৰ স্বাধীনতা
Answer: D
21. তলৰ উক্তিসমূহ বিবেচনা কৰা আৰু শুদ্ধ উত্তৰটো বাছনি কৰা:
(i) ভাৰতৰ সংবিধানখন এখন লিখিত সংবিধান।
(ii) ভাৰতত ৰাজ্যসমূহৰ সুকীয়া সংবিধান আছে।
(iii) ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত এক-নাগৰিকত্ব প্ৰৱৰ্তন কৰা হৈছে।
(A) কেৱল (i) আৰু (ii) শুদ্ধ
(B) কেৱল (ii) আৰু (iii) শুদ্ধ
(C) কেৱল (i) আৰু (iii) শুদ্ধ
(D) আটাইকেইটা শুদ্ধ
Answer: C
22. ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাই কোনখন দেশৰ যুক্তৰাষ্ট্ৰীয় আৰ্হিক অধিক অনুকৰণ কৰিছে?
(A) আমেৰিকা যুক্তৰাষ্ট্ৰ
(B) কানাডা
(C) ৰাছিয়া
(D) অষ্ট্ৰেলিয়া
Answer: B
23. ক অংশৰ লগত খ অংশ মিলোৱা আৰু শুদ্ধ বিকল্পটো বাছি উলিওৱা:
ক অংশ
(a) সাৰ্বভৌম
(b) সমাজবাদী
(c) গণৰাজ্য
খ অংশ
(i) নিৰ্বাচিত ৰাষ্ট্ৰপ্ৰধান
(ii) বাহ্যিক নিয়ন্ত্ৰণৰ পৰা মুক্ত
(iii) আয় আৰু মৰ্যাদাৰ বৈষম্য দূৰীকৰণ
(A) (a)-ii, (b)-iii, (c)-i
(B) (a)-i, (b)-ii, (c)-iii
(C) (a)-iii, (b)-i, (c)-ii
(D) (a)-ii, (b)-i, (c)-iii
Answer: A
24. তলৰ কোনটো ভাৰতীয় যুক্তৰাষ্ট্ৰৰ এটা বৈশিষ্ট্য নহয়?
(A) কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত ক্ষমতাৰ বিভাজন
(B) লিখিত আৰু দৃঢ় সংবিধান
(C) দ্বৈত নাগৰিকত্ব
(D) স্বাধীন ন্যায়পালিকে
Answer: C
25. ইংলেণ্ডৰ সংসদীয় ব্যৱস্থাৰ বিষয়ে তলৰ কোনটো উক্তি অশুদ্ধ?
(A) ইংলেণ্ডত সংসদ সৰ্বোচ্চ।
(B) ইংলেণ্ডৰ ৰাষ্ট্ৰপ্ৰধানজন নিৰ্বাচিত নহয়, বংশানুক্ৰমিক।
(C) ইংলেণ্ডৰ সংসদীয় ব্যৱস্থাত উচ্চতম ন্যায়ালয়ে সংসদৰ আইন বাতিল কৰিব পাৰে।
(D) ইংলেণ্ডৰ হাউচ অব লৰ্ডছ হৈছে উচ্চ সদন।
Answer: C
26. ভাৰতীয় যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাটোক কিয় ‘এককেন্দ্ৰিক প্ৰৱণতাযুক্ত’ বুলি কোৱা হয়?
(A) কাৰণ ৰাজ্যবোৰৰ ক্ষমতা কেন্দ্ৰতকৈ বেছি।
(B) কাৰণ জৰুৰীকালীন অৱস্থাত কেন্দ্ৰীয় চৰকাৰ সৰ্বোচ্চ ক্ষমতাশালী হৈ পৰে।
(C) কাৰণ ৰাজ্যপালে নিজ ইচ্ছামতে ৰাজ্য চলায়।
(D) কাৰণ ভাৰতত মাত্ৰ এটা ৰাজনৈতিক দল আছে।
Answer: B
27. তলত দিয়া ঘটনাসমূহ ক্ৰমানুসাৰে সজোৱা:
(i) প্ৰস্তাৱনাত ‘সমাজবাদী’ শব্দৰ সংযোজন
(ii) সংবিধান সভাৰ প্ৰথম বৈঠক
(iii) ভাৰতৰ সংবিধান কাৰ্যকৰী কৰা
(iv) নেহৰুৰ ‘উদ্দেশ্য সম্পৰ্কীয় প্ৰস্তাৱ’ উত্থাপন
(A) (ii) → (iv) → (iii) → (i)
(B) (ii) → (iv) → (i) → (iii)
(C) (iv) → (ii) → (iii) → (i)
(D) (ii) → (iii) → (iv) → (i)
Answer: A
28. যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত সাধাৰণতে কেনেধৰণৰ ন্যায়পালিকা থাকে?
(A) কাৰ্যপালিকাৰ অধীনস্থ ন্যায়পালিকা
(B) কেন্দ্ৰ আৰু ৰাজ্যৰ বাবে সম্পূৰ্ণ সুকীয়া ন্যায়পালিকা
(C) এখন স্বাধীন আৰু নিৰপেক্ষ উচ্চতম ন্যায়ালয়
(D) কেৱল ৰাজ্যিক পৰ্যায়ৰ ন্যায়পালিকা
Answer: C
29. ‘ন্যায়’ শব্দটোৱে প্ৰস্তাৱনাত কি কি দিশ সামৰি লৈছে?
(A) কেৱল সামাজিক ন্যায়
(B) কেৱল অৰ্থনৈতিক ন্যায়
(C) সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক ন্যায়
(D) ৰাজনৈতিক আৰু আইনী ন্যায়
Answer: C
30. ভাৰতীয় সংসদৰ উচ্চ সদনক কি বোলা হয়?
(A) লোকসভা
(B) ৰাজ্যসভা
(C) বিধান পৰিষদ
(D) হাউচ অব লৰ্ডছ
Answer: B
31. তলৰ কোনখন দেশত এখন প্ৰকৃত যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা দেখা যায় য’ত ৰাজ্যসমূহৰ সুকীয়া সংবিধান আছে?
(A) আমেৰিকা যুক্তৰাষ্ট্ৰ
(B) ভাৰত
(C) শ্ৰীলংকা
(D) ফ্ৰান্স
Answer: A
32. ক অংশৰ লগত খ অংশ মিলোৱা:
ক অংশ
(a) এক-নাগৰিকত্ব
(b) উদ্দেশ্য সম্পৰ্কীয় প্ৰস্তাৱ
(c) সংসদীয় গণতন্ত্ৰৰ মাতৃভূমি
খ অংশ
(i) জৱাহৰলাল নেহৰু
(ii) ইংলেণ্ড
(iii) ভাৰতীয় যুক্তৰাষ্ট্ৰৰ বৈশিষ্ট্য
(A) (a)-iii, (b)-ii, (c)-i
(B) (a)-i, (b)-iii, (c)-ii
(C) (a)-iii, (b)-i, (c)-ii
(D) (a)-ii, (b)-i, (c)-iii
Answer: C
33. ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাৰ আৰম্ভণিৰ ধাৰণাটো কোনখন দেশৰ সংবিধানৰ পৰা অনুপ্ৰাণিত?
(A) ছোভিয়েট ৰাছিয়া
(B) ফ্ৰান্স
(C) আমেৰিকা যুক্তৰাষ্ট্ৰ
(D) আয়াৰলেণ্ড
Answer: C
34. ভাৰতত ৰাজ্যৰ ৰাজ্যপালক কোনে নিযুক্তি দিয়ে? (যিটো এক এককেন্দ্ৰিক প্ৰৱণতাৰ লক্ষণ)
(A) ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে
(B) ৰাজ্যৰ জনসাধাৰণে নিৰ্বাচনৰ জৰিয়তে
(C) ভাৰতৰ ৰাষ্ট্ৰপতিয়ে
(D) উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে
Answer: C
35. ‘সংবিধান সভা’ৰ মুঠ সদস্য সংখ্যা বিভাজনৰ পিছত (১৯৪৭) কিমানলৈ হ্ৰাস পাইছিল?
(A) ৩৮৯ জন
(B) ২৯৯ জন
(C) ২৮৪ জন
(D) ২২৬ জন
Answer: B
36. ভাৰতীয় সংবিধানত কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত ক্ষমতা বিভাজনৰ বাবে কেইখন সূচী (List) ৰ ব্যৱস্থা কৰা হৈছে?
(A) দুখন
(B) তিনিখন
(C) চাৰিখন
(D) পাঁচখন
Answer: B
37. তলৰ কোনটো উক্তি ভাৰতীয় ধৰ্মনিৰপেক্ষতাৰ সৈতে খাপ নাখায়?
(A) ৰাষ্ট্ৰই কোনো ধৰ্মৰ প্ৰতি পক্ষপাতিত্ব নকৰে।
(B) শিক্ষানুষ্ঠানসমূহত ধৰ্মীয় শিক্ষা বাধ্যতামূলক কৰিব পাৰি।
(C) প্ৰতিজন ব্যক্তিয়ে নিজৰ পছন্দৰ ধৰ্ম গ্ৰহণ আৰু প্ৰচাৰ কৰিব পাৰে।
(D) ধৰ্মৰ ভিত্তিত ৰাষ্ট্ৰই কাকো বৈষম্যমূলক আচৰণ নকৰে।
Answer: B
38. ‘কেবিনেট মিছন’ ভাৰতলৈ কেতিয়া আহিছিল, যাৰ পৰামৰ্শ মৰ্মে সংবিধান সভা গঠন হৈছিল?
(A) ১৯৪২ চনত
(B) ১৯৪৫ চনত
(C) ১৯৪৬ চনত
(D) ১৯৪৭ চনত
Answer: C
39. ভাৰতত অৱশিষ্ট ক্ষমতা কাৰ হাতত ন্যস্ত থাকে?
(A) ৰাজ্য চৰকাৰৰ হাতত
(B) কেন্দ্ৰীয় চৰকাৰৰ (সংসদৰ) হাতত
(C) ৰাষ্ট্ৰপতিৰ হাতত
(D) স্থানীয় চৰকাৰৰ হাতত
Answer: B
40. সংবিধানৰ প্ৰস্তাৱনা হৈছে—
(A) সংবিধানৰ আত্মা আৰু দাপোন স্বৰূপ।
(B) সংবিধানৰ এটা আইনী ধাৰা।
(C) কেৱল জৰুৰীকালীন অৱস্থাত প্ৰযোজ্য।
(D) আদালতৰ দ্বাৰা বলৱৎযোগ্য।
Answer: A
41. দাবী (A): ভাৰতবৰ্ষ এখন সাৰ্বভৌম ৰাষ্ট্ৰ।
কাৰণ (R): ভাৰতবৰ্ষই ইয়াৰ আভ্যন্তৰীণ আৰু বৈদেশিক নীতি নিৰ্ধাৰণৰ ক্ষেত্ৰত কোনো বিদেশী শক্তিৰ অধীনস্থ নহয়।
(A) (A) আৰু (R) দুয়োটাই সত্য, আৰু (R) হৈছে (A) ৰ শুদ্ধ ব্যাখ্যা।
(B) (A) আৰু (R) দুয়োটাই সত্য, কিন্তু (R), (A) ৰ শুদ্ধ ব্যাখ্যা নহয়।
(C) (A) সত্য, কিন্তু (R) অসত্য।
(D) (A) অসত্য, কিন্তু (R) সত্য।
Answer: A
42. দাবী (A): ভাৰতত যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা থকা স্বত্বেও এক-নাগৰিকত্বৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
কাৰণ (R): ভাৰতৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত একতা আৰু অখণ্ডতা বজাই ৰখাটো সংবিধান প্ৰণেতাসকলৰ প্ৰধান লক্ষ্য আছিল।
(A) (A) আৰু (R) দুয়োটাই সত্য, আৰু (R) হৈছে (A) ৰ শুদ্ধ ব্যাখ্যা।
(B) (A) আৰু (R) দুয়োটাই সত্য, কিন্তু (R), (A) ৰ শুদ্ধ ব্যাখ্যা নহয়।
(C) (A) সত্য, কিন্তু (R) অসত্য।
(D) (A) অসত্য, কিন্তু (R) সত্য
Answer: A
43. দাবী (A): ইংলেণ্ডত সংসদ সৰ্বোচ্চ ক্ষমতাৰ অধিকাৰী।
কাৰণ (R): ইংলেণ্ডত এখন সুনিৰ্দিষ্ট লিখিত সংবিধান নাই যিয়ে সংসদৰ ক্ষমতাক সীমিত কৰিব পাৰে।
(A) (A) আৰু (R) দুয়োটাই সত্য, আৰু (R) হৈছে (A) ৰ শুদ্ধ ব্যাখ্যা।
(B) (A) আৰু (R) দুয়োটাই সত্য, কিন্তু (R), (A) ৰ শুদ্ধ ব্যাখ্যা নহয়।
(C) (A) সত্য, কিন্তু (R) অসত্য।
(D) (A) অসত্য, কিন্তু (R) সত্য。
Answer: A
44. দাবী (A): ভাৰতবৰ্ষক এখন অৰ্ধ-যুক্তৰাষ্ট্ৰ বুলি কোৱা হয়।
কাৰণ (R): ভাৰতবৰ্ষত কেৱল কেন্দ্ৰীয় চৰকাৰৰহে অস্তিত্ব আছে, ৰাজ্য চৰকাৰৰ কোনো অস্তিত্ব নাই।
(A) (A) আৰু (R) দুয়োটাই সত্য, আৰু (R) হৈছে (A) ৰ শুদ্ধ ব্যাখ্যা।
(B) (A) আৰু (R) দুয়োটাই সত্য, কিন্তু (R), (A) ৰ শুদ্ধ ব্যাখ্যা নহয়।
(C) (A) সত্য, কিন্তু (R) অসত্য।
(D) (A) আৰু (R) দুয়োটাই অসত্য।
Answer: C
45. দাবী (A): ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাক আদালতত বলৱৎ কৰিব নোৱাৰি।
কাৰণ (R): প্ৰস্তাৱনাখন সংবিধানৰ নিৰ্দেশক নীতিৰ দৰেই এক আদৰ্শগত দস্তাবেজ, ই কোনো আইনী ধাৰা নহয়।
(A) (A) আৰু (R) দুয়োটাই সত্য, আৰু (R) হৈছে (A) ৰ শুদ্ধ ব্যাখ্যা।
(B) (A) আৰু (R) দুয়োটাই সত্য, কিন্তু (R), (A) ৰ শুদ্ধ ব্যাখ্যা নহয়।
(C) (A) সত্য, কিন্তু (R) অসত্য।
(D) (A) অসত্য, কিন্তু (R) সত্য।
Answer: A
46. দাবী (A): জৱাহৰলাল নেহৰুৱে উত্থাপন কৰা ‘উদ্দেশ্য সম্পৰ্কীয় প্ৰস্তাৱ’টোৱেই পৰৱৰ্তী সময়ত সংবিধানৰ প্ৰস্তাৱনা হিচাপে গ্ৰহণ কৰা হৈছিল।
কাৰণ (R): এই প্ৰস্তাৱটোত স্বাধীন ভাৰতৰ সংবিধানৰ মূল আদৰ্শ, দৰ্শন আৰু লক্ষ্যসমূহ স্পষ্টকৈ বৰ্ণনা কৰা হৈছিল।
(A) (A) আৰু (R) দুয়োটাই সত্য, আৰু (R) হৈছে (A) ৰ শুদ্ধ ব্যাখ্যা।
(B) (A) আৰু (R) দুয়োটাই সত্য, কিন্তু (R), (A) ৰ শুদ্ধ ব্যাখ্যা নহয়।
(C) (A) সত্য, কিন্তু (R) অসত্য।
(D) (A) অসত্য, কিন্তু (R) সত্য।
Answer: A
47. দাবী (A): ভাৰতীয় যুক্তৰাষ্ট্ৰত কেন্দ্ৰ আৰু ৰাজ্যৰ বাবে দুখন সুকীয়া সংবিধান আছে।
কাৰণ (R): আমেৰিকা যুক্তৰাষ্ট্ৰৰ দৰে ভাৰততো ৰাজ্যসমূহ নিজা ইচ্ছা অনুসৰি যুক্তৰাষ্ট্ৰৰ পৰা ফাটি যাব পাৰে।
(A) (A) আৰু (R) দুয়োটাই সত্য, আৰু (R) হৈছে (A) ৰ শুদ্ধ ব্যাখ্যা।
(B) (A) আৰু (R) দুয়োটাই সত্য, কিন্তু (R), (A) ৰ শুদ্ধ ব্যাখ্যা নহয়।
(C) (A) সত্য, কিন্তু (R) অসত্য।
(D) (A) আৰু (R) দুয়োটাই অসত্য।
Answer: D
48. দাবী (A): ভাৰতত এক স্বাধীন ন্যায়পালিকাৰ ব্যৱস্থা কৰা হৈছে।
কাৰণ (R): যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত হ’ব পৰা ক্ষমতাৰ সংঘাত দূৰ কৰিবলৈ আৰু সংবিধানৰ ৰক্ষক হিচাপে কাম কৰিবলৈ এখন নিৰপেক্ষ ন্যায়ালয়ৰ প্ৰয়োজন।
(A) (A) আৰু (R) দুয়োটাই সত্য, আৰু (R) হৈছে (A) ৰ শুদ্ধ ব্যাখ্যা।
(B) (A) আৰু (R) দুয়োটাই সত্য, কিন্তু (R), (A) ৰ শুদ্ধ ব্যাখ্যা নহয়।
(C) (A) সত্য, কিন্তু (R) অসত্য।
(D) (A) অসত্য, কিন্তু (R) সত্য।
Answer: A
49. দাবী (A): ভাৰতীয় গণতন্ত্ৰত ৰাষ্ট্ৰপতিয়ে স্বেচ্ছাচাৰী শাসন চলাব পাৰে।
কাৰণ (R): সংসদীয় ব্যৱস্থাত ৰাষ্ট্ৰপতিয়ে প্ৰধানমন্ত্ৰী আৰু মন্ত্ৰীসভাৰ পৰামৰ্শ অবিহনে কাৰ্য সম্পাদন কৰিব নোৱাৰে।
(A) (A) আৰু (R) দুয়োটাই সত্য, আৰু (R) হৈছে (A) ৰ শুদ্ধ ব্যাখ্যা।
(B) (A) আৰু (R) দুয়োটাই সত্য, কিন্তু (R), (A) ৰ শুদ্ধ ব্যাখ্যা নহয়।
(C) (A) সত্য, কিন্তু (R) অসত্য।
(D) (A) অসত্য, কিন্তু (R) সত্য।
Answer: D
50. দাবী (A): প্ৰস্তাৱনাত উল্লেখ থকা ‘সমাজবাদী’ শব্দটোৱে ভাৰতত অৰ্থনৈতিক সমতা প্ৰতিষ্ঠাৰ লক্ষ্য স্থিৰ কৰিছে।
কাৰণ (R): ইয়াৰ জৰিয়তে ৰাষ্ট্ৰই সম্পদৰ সম-বিতৰণ আৰু ধনী-দুখীয়াৰ মাজৰ ব্যৱধান হ্ৰাস কৰাৰ বাবে প্ৰচেষ্টা চলাব বুলি প্ৰতিশ্ৰুতি দিছে।
(A) (A) আৰু (R) দুয়োটাই সত্য, আৰু (R) হৈছে (A) ৰ শুদ্ধ ব্যাখ্যা।
(B) (A) আৰু (R) দুয়োটাই সত্য, কিন্তু (R), (A) ৰ শুদ্ধ ব্যাখ্যা নহয়।
(C) (A) সত্য, কিন্তু (R) অসত্য।
(D) (A) অসত্য, কিন্তু (R) সত্য
Answer: A
HSLC PYQs (2016-2026): 2/3 নম্বৰৰ গুৰুত্বপূৰ্ণ চমু প্ৰশ্নসমূহ
1. ভাৰতবৰ্ষ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ মাজত থকা যিকোনো দুটা পাৰ্থক্য লিখা। {2026}
2. তলৰ বিৱৰণটো পঢ়া আৰু তাৰ পিছৰ প্ৰশ্নটোৰ উত্তৰ দিয়াঃ ধৰা হওক, চৰকাৰে ডাম্বুক নামৰ গাঁৱখনত এখন চিকিৎসালয় স্থাপন কৰিলে। চিকিৎসালয়খনত হিন্দুসকলক বিনামূলীয়া চিকিৎসা প্রদান কৰা হয়। অন্য ধৰ্মৰ লোকে চিকিৎসাৰ খৰচপাতি নিজে বহন কৰিব লাগে। ভাৰতৰ দৰে এখন দেশত চৰকাৰে তেনে ধৰণৰ ব্যৱস্থা ল’ব পাৰেনে? তোমাৰ মতামত দাঙি ধৰা। {2025}
3. যুক্তৰাষ্ট্ৰ বুলিলে কি বুজা? পৃথিৱীত যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ প্ৰৱৰ্তন কোনখন দেশত প্রথম হৈছিল? {2024}
4. ইংলেণ্ডৰ সংসদীয় গণতন্ত্ৰৰ লগত ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰৰ তিনিটা মূল পার্থক্য লিখা। {2024}
5. ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ বৈশিষ্ট্যসমূহ চমুকৈ লিখা। {2023}
6. ভাৰতবৰ্ষত সংবিধান প্ৰস্তুতকৰণৰ বাবে গঠন হোৱা সংবিধান সভাৰ প্ৰথমখন বৈঠকত কোনে সভাপতিত্ব কৰিছিল {2023}
7. ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰৰ ধাৰণাটো কোনখন দেশৰ সংবিধানৰ পৰা অনুকৰণ কৰা হৈছে। ভাৰতবৰ্ষৰ সংসদীয়া গণতন্ত্ৰৰ দুটা পাৰ্থক্য উল্লেখ কৰা, যিটো সেইখন দেশৰ পৰা বেলেগ। {2023}
8. ভাৰতবৰ্ষক কিয় সার্বভৌম সমাজবাদী ধৰ্মনিৰপেক্ষ গণতান্ত্রিক প্রণবান বোলা হয়? {2020}
9. প্রত্যক্ষ আৰু পৰোক্ষ নিৰ্বাচনৰ মাজৰ পাৰ্থক্য দেখুওৱা। {2016}
HSLC PYQs (2016-2025): 4/5 নম্বৰৰ গুৰুত্বপূৰ্ণ চমু প্ৰশ্নসমূহ
1. ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰস্তাৱনাত সংবিধানৰ আদৰ্শ কেনেদৰে প্রকাশ পাইছে, চমুকৈ ব্যাখ্যা কৰা। {2022}
2. ভাৰতবৰ্ষৰ সংসদীয়া গণতন্ত্ৰ কেনেদৰে পৰিচালিত হয়, চমুকৈ আলোচনা কৰা।{2021}
3. আমেৰিকা যুক্তৰাষ্ট্ৰৰ দৰে ভাৰতবৰ্ষ এখন যুক্তৰাষ্ট্ৰ নে কি? ব্যাখ্যা কৰা। {2020)
4. সংসদীয় গণতন্ত্র কি? ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰ আৰু ইংলেণ্ডৰ সংসদীয় গণতন্ত্ৰৰ মাজত থকা মূল পার্থক্যকেইটা লিখা। {2019}
5. ভাৰতবৰ্ষ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা। {2018}
বিভিন্ন জিলাৰ প্ৰি-ব’ৰ্ড (2025-26) পৰীক্ষাত অহা 2 নম্বৰৰ গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ
1. ভাৰতবৰ্ষ আৰু ইংলেণ্ডৰ সংসদীয় গণতন্ত্ৰৰ দুটা পার্থক্য উল্লেখ কৰা। {Bajali}
2. বাগোদী গাঁৱত পঞ্চায়তে এখন জিৰণি চৰা নিৰ্মাণ কৰিলে, য’ত কেৱল উচ্চ বৰ্ণৰ মানুহে জিৰাব পাৰে, কিন্তু নিম্ন বৰ্ণৰ মানুহে জিৰাব নোৱাৰে। ভাৰতৰ দৰে দেশ এখনত তেনে ধৰণৰ ব্যৱস্থা ল’ব পাৰে নে ? তোমাৰ মতামত দাঙি ধৰা। {Barpeta}
3. “ভাৰতবৰ্ষ এখন গণতান্ত্রিক ৰাষ্ট্ৰ”- ব্যাখ্যা কৰা। {Darrang}
4. প্ৰদত্ত ছবিত থকা খচৰা সমিতিৰ সদস্যসকলৰ নাম উল্লেখ কৰা আৰু লগতে ছবিখনৰ পৰা সভাপতিজনক চিনাক্ত কৰা। {Hailakandi}
5. 5.ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰস্তাৱনাত কেনেকৈ গণতান্ত্রিক আদর্শ প্রতিফলিত হৈছে। {Kamrup M}
6. ভাৰতৰ সংবিধান প্রণেতাসকলে যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা প্ৰৱৰ্তনৰ ক্ষেত্ৰত কিয় আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধানখন অনুকৰণ নকৰি কানাডাৰ সংবিধানখন অনুকৰণ কৰিছিল? {Kamrup M}
7. প্ৰস্তাৱনাত “আমি ভাৰতীয় জনসাধাৰণ” বুলি কিয় উল্লেখ কৰা হৈছে? {Kokrajhar}
8. ভাৰতৰ সংবিধানৰ প্রস্তাবনাত ‘আমি ভাৰতীয় জনসাধাৰণে’ বুলি সংবিধানৰ প্রণেতাসকলে কিয় উল্লেখ কৰিছে? {Majuli}
8. ভাৰতৰ কেন্দ্ৰৰ ক্ষমতা অতি বেছি। সেই বাবে সংবিধান প্রণেতা পণ্ডিতসকলে আমাৰ ব্যৱস্থাটোক ‘অর্ধ-যুক্তৰাষ্ট্ৰ,” “ব্যতিক্রম ধর্মী-যুক্তৰাষ্ট্ৰ,” কেন্দ্ৰীভূত যুক্তৰাষ্ট্ৰ, গঠনত যুক্তৰাষ্ট্ৰ কিন্তু আদৰ্শত এককেন্দ্রীক বুলি অভিহিত কৰিছে। এই বক্তব্যৰ লগত তুমি একমত নে? যুক্তি সহ তোমাৰ মন্তব্য দিয়া। {Salmara}
বিভিন্ন জিলাৰ প্ৰি-ব’ৰ্ড (2025-26) পৰীক্ষাত অহা 3 নম্বৰৰ গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ
1. ভাৰতবৰ্ষক কিয় সার্বভৌম, সমাজবাদী, ধৰ্মনিৰপেক্ষ, গণতান্ত্রিক আৰু গণৰাজ্য বুলি কোৱা হয়? {Baksa}
2. ভাৰতীয় গণতন্ত্ৰৰ স্বৰূপ বুজিবলৈ প্ৰস্তাৱনাৰ গুৰুত্বৰ বিষয়ে ব্যাখ্যা কৰা। {Biswanath}
3. যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি কাক কোৱা হয়? ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ দুটা বৈশিষ্ট উল্লেখ কৰা। {Bongaigaon}
4. তোমার গ্রামে সরকার একটি কারখানা খুলেছে। কিন্তু এইখানে শুধু ধনবান মানুষদের চাকরি দেওয়া হয় এবং গরীব প্রার্থী দেরকে চাকরি দেওয়া হয় না। ভারতে এই ধরনের বৈষম্যমূলক প্রক্রিয়া কী অনুমোদিত? আলোচনা করো। {Cachar}
5. সমাজবাদী, ধৰ্মনিৰপেক্ষ আৰু গণৰাজ্য বুলিলে কি বুজা? {Dhubri}
6. ভাৰতীয় সংবিধানৰ ক্ষেত্ৰত নেহৰুৱে আগবঢ়োৱা উদ্দেশ্য সম্পর্কিত প্রস্তাৱবোৰ লিখা। {Dhubri}
7. ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰস্তাৱনাত সংবিধানৰ আদৰ্শ কেনেদৰে প্ৰকাশ পাইছে আলোচনা কৰা। {Jorhat}
8. এজন ভাৰতীয় তেওঁ বাস কৰা অংগৰাজ্যখনৰ নাগৰিক হয় নে ? উত্তৰৰ সপক্ষে যুক্তি দিয়া। {Kamrup R}
9. ইংলেণ্ডৰ সংসদীয় গণতন্ত্র ভাৰতীয় গনতন্ত্রতকৈ কিয় পৃথক উল্লেখ কৰা। {Majuli}
10. ভাৰতবৰ্ষত প্ৰকৃত যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা আছেনে? তোমাৰ উত্তৰৰ সপক্ষে যুক্তি দিয়া। {Morigaon}
11. ইংলেণ্ড আৰু ভাৰতৰ সংসদীয় গণতন্ত্ৰৰ মাজত থকা তিনিটা পার্থক্য লিখা। {Nalbari}
12. ধৰ্মনিৰপেক্ষতা কি? ধৰ্মনিৰপেক্ষতাক কিয় ভাৰতীয় গণতন্ত্ৰৰ মৌলিক স্তম্ভ বুলি গণ্য কৰা হয়? {Sibsagar}
13. সার্বভৌম, সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ বুলিলে কি বুজা? আলোচনা কৰা। {Sonitpur}
14. ভাৰতীয় সংবিধানৰ প্ৰসংগত নেহৰুৰ উদ্দেশ্য সম্পর্কিত প্রস্তাৱকেইটা আলোচনা কৰা। {Sonitpur}
15. ইংলেণ্ডতকৈ ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্র পৃথক কিয়? আলোচনা কৰা। {Tamulpur}
16. “ধনী আৰু দুখীয়াৰ মাজত বৈষম্যতা” -ইয়াত প্ৰস্তাৱনাৰ কোনটো আদৰ্শৰ হানি হয়? এই আদৰ্শৰ দ্বাৰা জনসাধাৰণ কিদৰে উপকৃত হয়? তিনিটা দিশ আঙুলিয়াই দিয়া। {Udalguri}
17. গোলকীকৰণৰ ফলত দেশখনে বা সমূহ জনসাধাৰণে নিজৰ পৰিচয় হেৰুৱাৰ আশংকা থাকে নেকি? তোমাৰ মতামত আগবঢ়োৱা। {Udalguri}
বিভিন্ন জিলাৰ প্ৰি-ব’ৰ্ড (2025-26) পৰীক্ষাত অহা 4 নম্বৰৰ গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ
1. ভাৰতীয় সংবিধানে তিনিখন সূচীৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰসমূহৰ মাজত ক্ষমতাৰ স্পষ্ট ভাগ বিতৰণ কৰিছে। এই তিনিখন সূচীৰ কোনটো নিয়মে ভাৰতক এখন অৰ্ধযুক্তৰাষ্ট্ৰীয় হিচাপে প্ৰতিপন্ন কৰিছে? {Kamrup R}
2. ভারতবর্ষের সংবিধানের প্রস্তাবনায় সংবিধানের আদর্শ কীভাবে প্রতিফলিত হয়েছে আলোচনা করো। {Sribhumi}
3. রাষ্ট্র সংঘ গঠনের উদ্দেশ্য এবং নীতিগুলি আলোচনা করো। {Sribhumi}
HSLC 2027-ৰ বাবে অতি সম্ভাৱ্য 2 নম্বৰৰ কিছু গুৰুত্বপূৰ্ণ প্ৰশ্ন
1. ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত সন্নিৱিষ্ট মূল আদৰ্শ পাঁচটা কি কি?
2. সংবিধানৰ প্ৰস্তাৱনাৰ তাৎপৰ্য কি? দুটা বাক্যত লিখা।
3. ৪২তম সংবিধান সংশোধনীৰ জৰিয়তে প্ৰস্তাৱনাত কি কি নতুন শব্দ অন্তৰ্ভুক্ত কৰা হৈছিল?
4. ভাৰতবৰ্ষক কিয় এখন ‘সাৰ্বভৌম’ ৰাষ্ট্ৰ বুলি কোৱা হয়?
5. সংসদীয় গণতন্ত্ৰ বুলিলে কি বুজা? ইয়াৰ জন্মস্থান ক’ত?
6. ভাৰতীয় যুক্তৰাষ্ট্ৰত ‘এক-নাগৰিকত্ব’ ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ দুটা প্ৰধান কাৰণ উল্লেখ কৰা।
7. ‘অৰ্ধ-যুক্তৰাষ্ট্ৰ’ মানে কি? ভাৰতক কোনে এই আখ্যা দিছিল?
8. পণ্ডিত জৱাহৰলাল নেহৰুৱে উত্থাপন কৰা ‘উদ্দেশ্য সম্পৰ্কীয় প্ৰস্তাৱ’ৰ মূল লক্ষ্য কি আছিল?
9. আমেৰিকা যুক্তৰাষ্ট্ৰৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ দুটা প্ৰধান বৈশিষ্ট্য লিখা যিটো ভাৰতত নাই।
10. ভাৰতৰ সংসদীয় গণতন্ত্ৰত ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ মাজৰ পাৰ্থক্যটো চমুকৈ উল্লেখ কৰা।
HSLC 2027-ৰ বাবে অতি সম্ভাৱ্য 3 নম্বৰৰ কিছু গুৰুত্বপূৰ্ণ প্ৰশ্ন
11. “প্ৰস্তাৱনা হৈছে ভাৰতীয় সংবিধানৰ দাপোন স্বৰূপ।” — কথাষাৰৰ অৰ্থ চমুকৈ বুজাই লিখা।
12. ভাৰতবৰ্ষক কিয় এখন ‘গণতান্ত্ৰিক গণৰাজ্য’ বুলি কোৱা হয়?
13. ইংলেণ্ডৰ সংসদীয় গণতন্ত্ৰ আৰু ভাৰতৰ সংসদীয় গণতন্ত্ৰৰ মাজত থকা তিনিটা প্ৰধান পাৰ্থক্য উল্লেখ কৰা।
14. ভাৰতীয় গণতন্ত্ৰৰ মৌলিক স্তম্ভ হিচাপে ‘ধৰ্মনিৰপেক্ষতা’ৰ গুৰুত্ব আলোচনা কৰা।
15. ভাৰতীয় যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ যিকোনো তিনিটা প্ৰধান বৈশিষ্ট্য লিখা।
16. “ভাৰতীয় সংবিধানখন গঠনত যুক্তৰাষ্ট্ৰীয় কিন্তু কাৰ্যত এককেন্দ্ৰিক।” — এই উক্তিটোৰ সপক্ষে তিনিটা যুক্তি দৰ্শোৱা।
17. এখন সাৰ্বভৌম আৰু সমাজবাদী ৰাষ্ট্ৰ হিচাপে ভাৰতৰ চৰিত্ৰ বিশ্লেষণ কৰা।
18. সংবিধান সভাই কি পৰিস্থিতিত আৰু কাৰ পৰামৰ্শক্ৰমে ভাৰতৰ সংবিধান ৰচনাৰ কাম আৰম্ভ কৰিছিল? চমুকৈ লিখা।
19. প্ৰস্তাৱনাত উল্লেখ কৰা ‘ন্যায়’, ‘স্বাধীনতা’ আৰু ‘সমতা’ শব্দকেইটাই ভাৰতীয় নাগৰিকৰ বাবে কি সুৰক্ষা প্ৰদান কৰে?
20. যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত এখন স্বাধীন আৰু নিৰপেক্ষ ন্যায়পালিকাৰ কিয় প্ৰয়োজন? কাৰণ দৰ্শোৱা।
HSLC 2027-ৰ বাবে অতি সম্ভাৱ্য 4 নম্বৰৰ কিছু গুৰুত্বপূৰ্ণ প্ৰশ্ন
21. ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত উল্লেখ থকা আদৰ্শ আৰু লক্ষ্যসমূহৰ বিষয়ে বিশদভাৱে আলোচনা কৰা।
22. জৱাহৰলাল নেহৰুৱে সংবিধান সভাত উত্থাপন কৰা ‘উদ্দেশ্য সম্পৰ্কীয় প্ৰস্তাৱ’টোৰ মূল বিষয়বস্তুসমূহ কি কি আছিল বৰ্ণনা কৰা।
23. ইংলেণ্ডতকৈ ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰ কিয় আৰু কেনেদৰে পৃথক? বিস্তাৰিতভাৱে আলোচনা কৰা।
24. ভাৰতবৰ্ষত প্ৰকৃত যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা আছেনে? তোমাৰ উত্তৰৰ সপক্ষে ভাৰতীয় সংবিধানৰ এককেন্দ্ৰিক লক্ষণসমূহ আঙুলিয়াই দি যুক্তি দাঙি ধৰা।
25. “ধনী আৰু দুখীয়াৰ মাজত বৈষম্যতা” – ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত উল্লেখ থকা কোনটো আদৰ্শৰ জৰিয়তে এই বৈষম্যতা দূৰ কৰাৰ প্ৰয়াস কৰা হৈছে আৰু ই কিদৰে সম্ভৱ?
26. ভাৰতীয় যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত ক্ষমতাৰ বিভাজন কেনেদৰে কৰা হৈছে বৰ্ণনা কৰা (তিনিখন সূচীৰ প্ৰসংগ উল্লেখ কৰিবা)।
27. সংসদীয় গণতন্ত্ৰৰ প্ৰধান বৈশিষ্ট্যসমূহ কি কি? ভাৰতবৰ্ষই কিয় এই শাসন ব্যৱস্থা গ্ৰহণ কৰিছিল আলোচনা কৰা।
28. “ভাৰতৰ সংবিধানখন জনসাধাৰণৰ দ্বাৰা, জনসাধাৰণৰ বাবে ৰচিত।” – প্ৰস্তাৱনাৰ আৰম্ভণি বাক্যশাৰীৰ আধাৰত এই উক্তিটোৰ তাৎপৰ্য বিশ্লেষণ কৰা।
29. যুক্তৰাষ্ট্ৰৰ সাধাৰণ বৈশিষ্ট্যসমূহৰ সৈতে ভাৰতীয় শাসন ব্যৱস্থাৰ কিমানখিনি মিল আছে? এটা তুলনামূলক অধ্যয়ন আগবঢ়োৱা।
30. ভাৰতীয় সংবিধান প্ৰস্তুতকৰণ প্ৰক্ৰিয়াত ‘খচৰা সমিতি’ আৰু ড° বি. আৰ. আম্বেদকাৰৰ ভূমিকাৰ বিষয়ে এখন ৰচনা প্ৰস্তুত কৰা।






