সপ্তম শ্ৰেণী বিজ্ঞান অধ্যায় ৫ – কৈশোৰ অৱস্থাৰ বৃদ্ধি আৰু পৰিৱৰ্তন – সম্পূৰ্ণ পাঠ্যভিত্তিক সমাধান | ASSEB Assam (Assamese Medium)

Class 7 Science Chapter 5 কৈশোৰ অৱস্থাৰ বৃদ্ধি আৰু পৰিৱৰ্তন Solutions | ASSEB Assam | Assamese Medium

সপ্তম শ্ৰেণী বিজ্ঞান অধ্যায় ৫ – কৈশোৰ অৱস্থাৰ বৃদ্ধি আৰু পৰিৱৰ্তন সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ আৰু সমাধান (ASSEB Assam – Assamese Medium)

সপ্তম শ্ৰেণীৰ বিজ্ঞান (Science) পাঠ্যক্ৰমৰ পঞ্চম অধ্যায় ‘কৈশোৰ অৱস্থাৰ বৃদ্ধি আৰু পৰিৱৰ্তন’ পৰীক্ষাৰ দৃষ্টিকোণৰ পৰা অতি গুৰুত্বপূৰ্ণ। নতুন ASSEB (Assam State School Education Board) পাঠ্যক্ৰম আৰু নৱ্য শিক্ষা নীতিৰ (NEP) শেহতীয়া নিৰ্দেশনাৰ আধাৰত এই অধ্যায়ৰ সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ (Class 7 Science Chapter 5 Textual Question Answer) প্ৰস্তুত কৰা হৈছে। এই বিশেষ সংকলনটিত পাঠভিত্তিক অতি চমু প্ৰশ্ন (VSA), চমু প্ৰশ্ন (Short Questions), দীঘলীয়া প্ৰশ্ন (Long Answers), অতিৰিক্ত প্ৰশ্ন (Additional Questions) আৰু বহুবিকল্পী প্ৰশ্নৰ (MCQs) পুংখানুপুংখ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে। অস্পীন একেডেমী (Ospin Academy) ত এই সমাধানসমূহ সহজ, নিৰ্ভুল আৰু সম্পূৰ্ণ পৰীক্ষামুখীভাৱে উপলব্ধ কৰোৱা হৈছে।

‘কৈশোৰ অৱস্থাৰ বৃদ্ধি আৰু পৰিৱৰ্তন’ নামৰ এই পাঠটিত কৈশোৰ কাল, যৌৱনাৰম্ভৰ সময়ত হোৱা শাৰীৰিক পৰিৱৰ্তন, হৰম’নৰ কাৰ্য আৰু প্ৰজনন স্বাস্থ্যৰ বিষয়ে সুন্দৰভাৱে দাঙি ধৰা হৈছে। পৰীক্ষাৰ্থীসকলৰ বাবে এই পাঠৰ প্ৰতিটো ধাৰণা স্পষ্ট হোৱাটো অতি প্ৰয়োজনীয়। আমাৰ এই পাঠ্যভিত্তিক সমাধানত (Textual Solutions) কেৱল পাঠ্যপুথিৰ অনুশীলনীৰ প্ৰশ্নসমূহেই নহয়, বৰঞ্চ পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন-উত্তৰসমূহো সামৰি লোৱা হৈছে যাতে ছাত্ৰ-ছাত্ৰীসকলে সুন্দৰভাৱে প্ৰস্তুতি চলাব পাৰে।

অধিক বিনামূলীয়া Notes আৰু PDFৰ বাবে আমাৰ App টো ডাউনলোড কৰক:
Download EduAssam Solution App Click Here to Get Free Notes & Previous Papers

এই পাঠ্যভিত্তিক সমাধানৰ পৰা আপুনি কি কি শিকিব আৰু পাব:

  • কৈশোৰ আৰু যৌৱনাৰম্ভৰ মূল ধাৰণা তথা শাৰীৰিক পৰিৱৰ্তনৰ বিস্তৃত পৰিচয়।
  • হৰম’নৰ ভূমিকা আৰু প্ৰজনন স্বাস্থ্যৰ গুৰুত্বৰ সহজ বিশ্লেষণ।
  • ল’ৰা আৰু ছোৱালীৰ ক্ষেত্ৰত হোৱা পৰিৱৰ্তনসমূহৰ নিৰ্দোষ আৰু পৰীক্ষামুখী উত্তৰ।
  • ১ নম্বৰৰ অতি চমু (VSA), বহু-বিকল্পী (MCQ) আৰু ২-৩ নম্বৰৰ চমু প্ৰশ্নৰ পৰীক্ষামুখী সমাধান।
  • নতুন পাঠ্যক্ৰমৰ আৰ্হি অনুসৰি গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহৰ লগতে শেহতীয়া আৰ্হিৰ অতিৰিক্ত প্ৰশ্নৰ (Additional Questions) সমাধান।

অস্পীন একেডেমীৰ এই প্ৰশ্নোত্তৰসমূহৰ বিশেষ সুবিধা:

  • শেহতীয়া ASSEB নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা সম্পূৰ্ণ পাঠ্যভিত্তিক সমাধান।
  • ১০০% নিৰ্ভুল আৰু ছাত্ৰ-ছাত্ৰীয়ে মুখস্থ কৰিবলৈ সহজ হোৱাকৈ সৰল অসমীয়া ভাষাত লিখা উন্নত মানৰ নোটছ (Class 7 Science Notes)।
  • পৰীক্ষাৰ পূৰ্বে দ্ৰুত ৰিভিজনৰ (Quick Revision) বাবে বিশেষভাৱে যুগুতোৱা সহজ-সৰল উত্তৰ।
  • পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ MCQ আৰু চমু প্ৰশ্নৰ বিশেষ সংকলন।

ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি অস্পীন একেডেমীয়ে এই বিশেষ পাঠ্যভিত্তিক সমাধান আগবঢ়াইছে। আপোনাৰ পৰীক্ষাৰ প্ৰস্তুতি এতিয়াই আৰম্ভ কৰক আৰু বিজ্ঞান বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰাৰ দিশত আগবাঢ়ক।

সপ্তম শ্ৰেণী বিজ্ঞান অধ্যায় ৫ – কৈশোৰ অৱস্থাৰ বৃদ্ধি আৰু পৰিৱৰ্তন সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ আৰু সমাধান (ASSEB Assam – Assamese Medium)

সপ্তম শ্ৰেণীৰ বিজ্ঞান (Science) পাঠ্যক্ৰমৰ পঞ্চম অধ্যায় ‘কৈশোৰ অৱস্থাৰ বৃদ্ধি আৰু পৰিৱৰ্তন’ পৰীক্ষাৰ দৃষ্টিকোণৰ পৰা অতি গুৰুত্বপূৰ্ণ। নতুন ASSEB (Assam State School Education Board) পাঠ্যক্ৰম আৰু নৱ্য শিক্ষা নীতিৰ (NEP) শেহতীয়া নিৰ্দেশনাৰ আধাৰত এই অধ্যায়ৰ সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ (Class 7 Science Chapter 5 Textual Question Answer) প্ৰস্তুত কৰা হৈছে। এই বিশেষ সংকলনটিত পাঠভিত্তিক অতি চমু প্ৰশ্ন (VSA), চমু প্ৰশ্ন (Short Questions), দীঘলীয়া প্ৰশ্ন (Long Answers), অতিৰিক্ত প্ৰশ্ন (Additional Questions) আৰু বহুবিকল্পী প্ৰশ্নৰ (MCQs) পুংখানুপুংখ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে। অস্পীন একেডেমী (Ospin Academy) ত এই সমাধানসমূহ সহজ, নিৰ্ভুল আৰু সম্পূৰ্ণ পৰীক্ষামুখীভাৱে উপলব্ধ কৰোৱা হৈছে।

‘কৈশোৰ অৱস্থাৰ বৃদ্ধি আৰু পৰিৱৰ্তন’ নামৰ এই পাঠটিত কৈশোৰ কাল, যৌৱনাৰম্ভৰ সময়ত হোৱা শাৰীৰিক পৰিৱৰ্তন, হৰম’নৰ কাৰ্য আৰু প্ৰজনন স্বাস্থ্যৰ বিষয়ে সুন্দৰভাৱে দাঙি ধৰা হৈছে। পৰীক্ষাৰ্থীসকলৰ বাবে এই পাঠৰ প্ৰতিটো ধাৰণা স্পষ্ট হোৱাটো অতি প্ৰয়োজনীয়। আমাৰ এই পাঠ্যভিত্তিক সমাধানত (Textual Solutions) কেৱল পাঠ্যপুথিৰ অনুশীলনীৰ প্ৰশ্নসমূহেই নহয়, বৰঞ্চ পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন-উত্তৰসমূহো সামৰি লোৱা হৈছে যাতে ছাত্ৰ-ছাত্ৰীসকলে সুন্দৰভাৱে প্ৰস্তুতি চলাব পাৰে।

অধিক বিনামূলীয়া Notes আৰু PDFৰ বাবে আমাৰ App টো ডাউনলোড কৰক:
Download EduAssam Solution App Click Here to Get Free Notes & Previous Papers

এই পাঠ্যভিত্তিক সমাধানৰ পৰা আপুনি কি কি শিকিব আৰু পাব:

  • কৈশোৰ আৰু যৌৱনাৰম্ভৰ মূল ধাৰণা তথা শাৰীৰিক পৰিৱৰ্তনৰ বিস্তৃত পৰিচয়।
  • হৰম’নৰ ভূমিকা আৰু প্ৰজনন স্বাস্থ্যৰ গুৰুত্বৰ সহজ বিশ্লেষণ।
  • ল’ৰা আৰু ছোৱালীৰ ক্ষেত্ৰত হোৱা পৰিৱৰ্তনসমূহৰ নিৰ্দোষ আৰু পৰীক্ষামুখী উত্তৰ।
  • ১ নম্বৰৰ অতি চমু (VSA), বহু-বিকল্পী (MCQ) আৰু ২-৩ নম্বৰৰ চমু প্ৰশ্নৰ পৰীক্ষামুখী সমাধান।
  • নতুন পাঠ্যক্ৰমৰ আৰ্হি অনুসৰি গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহৰ লগতে শেহতীয়া আৰ্হিৰ অতিৰিক্ত প্ৰশ্নৰ (Additional Questions) সমাধান।

অস্পীন একেডেমীৰ এই প্ৰশ্নোত্তৰসমূহৰ বিশেষ সুবিধা:

  • শেহতীয়া ASSEB নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা সম্পূৰ্ণ পাঠ্যভিত্তিক সমাধান।
  • ১০০% নিৰ্ভুল আৰু ছাত্ৰ-ছাত্ৰীয়ে মুখস্থ কৰিবলৈ সহজ হোৱাকৈ সৰল অসমীয়া ভাষাত লিখা উন্নত মানৰ নোটছ (Class 7 Science Notes)।
  • পৰীক্ষাৰ পূৰ্বে দ্ৰুত ৰিভিজনৰ (Quick Revision) বাবে বিশেষভাৱে যুগুতোৱা সহজ-সৰল উত্তৰ।
  • পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ MCQ আৰু চমু প্ৰশ্নৰ বিশেষ সংকলন।

ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি অস্পীন একেডেমীয়ে এই বিশেষ পাঠ্যভিত্তিক সমাধান আগবঢ়াইছে। আপোনাৰ পৰীক্ষাৰ প্ৰস্তুতি এতিয়াই আৰম্ভ কৰক আৰু বিজ্ঞান বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰাৰ দিশত আগবাঢ়ক।

Vibrant Note Box
Buy Printable PDF
Class 7 Science (বিজ্ঞান) PDF Solutions 2026-27 | SCERT Assam
Original price was: ₹199.00.Current price is: ₹29.00.

Get the SCERT Assam Class 7 Science Assamese Solutions PDF for  download. This comprehensive guide includes chapter-wise solutions, helping students understand concepts easily and score better in exams. Prepared by experts, these solutions follow the latest SCERT Assam syllabus. Download now for clear explanations

Out of stock

Vibrant Note Box
Chapter 5 কৈশোৰ অৱস্থাৰ বৃদ্ধি আৰু পৰিৱৰ্তন

 SCERT, অসম — সপ্তম শ্ৰেণী: বিজ্ঞান

অধ্যায়-5                                                                 অস্পিন একাডেমী

কৈশোৰ অৱস্থাৰ বৃদ্ধি আৰু পৰিৱৰ্তন

পাঠভিত্তিক প্রশ্নোত্তৰ

EXERCISE (অনুশীলনী)

1. শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণকৈ পূৰ কৰা।

(i) অনুপ আৰু ইকবাল দুয়োৰে বয়স প্ৰায় 12 বছৰ। অনুপৰ মাতটো গভীৰ আৰু ভঙা-ভঙা ধৰণৰ হ’বলৈ আৰম্ভ কৰিছে, আনহাতে ইকবালৰ মাতটো এতিয়াও সলনি হোৱা নাই। ইয়াৰ শুদ্ধ ব্যাখ্যা কি?

(a) অনুপ স্বাস্থ্যবান নহয়।

(b) ইকবালে কেতিয়াও এই পৰিৱৰ্তনৰ অভিজ্ঞতা লাভ নকৰে।

(c) কৈশোৰকালত পৰিৱৰ্তনৰ সময় আৰু গতি ব্যক্তিভেদে বেলেগ বেলেগ হয়।

(d) কৈশোৰত মাতৰ পৰিৱৰ্তন কেৱল কিছুমান ল’ৰাৰ ক্ষেত্ৰতহে ঘটে।

Answer: (c)

(ii) তলৰ কোনটো ল’ৰাৰ গৌণ যৌন চৰিত্ৰ?)

(a) বহল নিতম্ব।
(b) ঋতুস্ৰাৱৰ আৰম্ভণি।
(c) মুখমণ্ডলত নোমৰ বিকাশ।
(d) স্তনৰ বিকাশ।

Answer: (c)

(iii) ৰাণী এগৰাকী কিশোরী ছোৱালী। শেহতীয়াকৈ তেওঁ সঘনাই বিভ্রান্ত আৰু কেতিয়াবা অকাৰণতে উদাস হৈ পৰে। এই আৱেগিক পৰিৱৰ্তনবোৰ ইতিবাচকভাৱে পৰিচালনা কৰিবলৈ ৰাণীয়ে কি কৰা উচিত?

(a) অকলশৰে থকা উচিত।
(b) অনুভৱবোৰ নিজৰ মাজতে ৰখা উচিত।
(c) সংগীত বা ক্ৰীড়াত অংশগ্ৰহণ কৰা উচিত আৰু বিশ্বাসযোগ্য প্রাপ্তবয়স্ক ব্যক্তিৰ সৈতে সেই বিষয়ে কথা পতা উচিত।
(d) সামাজিক মাধ্যমত অধিক সময় কটোৱা উচিত।
Answer: (c)

(iv) কৈশোৰ কালত ডিজিটেল সঁজুলিৰ অত্যধিক ব্যৱহাৰৰ প্ৰভাৱত কি হ’ব পাৰে?
(a) টোপনি ভাল হ’ব পাৰে।
(b) স্বাস্থ্যৰ ক্ষতি হ’ব পাৰে।
(c) কিশোৰ-কিশোৰীসকলক অধিক সামাজিক কৰি তুলিব পাৰে।
(d) পঢ়া-শুনাত মনোযোগ বৃদ্ধি হ’ব পাৰে।
Answer: (b)

2. খালী ঠাই পূৰ কৰা :
(i) ________ হৈছে জীৱনৰ সেই পৰ্যায় য’ত এক প্ৰজননক্ষম প্রাপ্তবয়স্ক ব্যক্তিলৈ বিকশিত হ’বৰ বাবে এগৰাকী শিশুৰ শৰীৰৰ আভ্যন্তৰীণ আৰু বাহ্যিক পৰিৱৰ্তনবোৰ ঘটে।
Answer: যৌৱন

(ii) _________ হৈছে সেইবোৰ বৈশিষ্ট্য, যিবোৰে পুৰুষ আৰু মহিলাক পৃথক কৰাত সহায় কৰে কিন্তু এইবোৰ প্ৰজননৰ লগত প্ৰত্যক্ষভাৱে জড়িত নহয়।
Answer: গৌণ যৌন চৰিত্ৰ

3. নিম্নলিখিত বিবৃতিসমূহ সত্য (স) নে অসত্য (অ) উল্লেখ কৰি তাৰ কাৰণ ব্যাখ্যা কৰা-

(i) শৰীৰত কেশৰ বৃদ্ধিৰ সময় আৰু ধৰণ প্ৰতিগৰাকী কিশোৰ-কিশোৰীৰ বাবে বেলেগ বেলেগ হয়।

Answer: সত্য। কাৰণ প্ৰতিগৰাকী কিশোৰ-কিশোৰীৰ জিনীয় সংযুতি আৰু হৰম’নৰ ক্ৰিয়া বেলেগ বেলেগ হয়।

(ii) ছোৱালীয়ে মাহেকীয়াৰ সময়তো দৈনন্দিন কাম-কাজবোৰ কৰিব পাৰে।

Answer: সত্য। কাৰণ ঋতুস্ৰাৱ হৈছে ছোৱালী এজনীৰ শৰীৰত প্ৰজনন ক্ষমতা প্রাপ্তিৰ সময়ত ঘটা এক স্বাভাৱিক স্বাস্থ্যকৰ প্ৰক্ৰিয়া।

(iii) মহিলাৰ ঋতুস্রাব গোটেই জীৱনজুৰি চলি থাকে।

Answer: অসত্য। কাৰণ যেতিয়া মহিলা এগৰাকীৰ বয়স ৪৫-৫৫ বছৰ হয়, তেতিয়া তেওঁৰ ঋতুস্রাৱ স্বাভাৱিকভাৱে বন্ধ হৈ যায় আৰু তেওঁৰ প্ৰজনন ক্ষমতাৰ অন্ত পৰে।

4. তলৰ শব্দ শৃংখলটো সমাধান কৰা :

থিয়কৈ

পথালিকৈ

1. চিগাৰেট, বিড়ি বা গুটকাৰ ৰূপত পোৱা এবিধ নিচাযুক্ত আৰু ক্ষতিকাৰক পদার্থ।

4. খাদ্যত থকা এবিধ (খনিজ) পুষ্টিকৰ পদার্থ যিয়ে ৰক্তহীনতা প্রতিৰোধ কৰে।

3. ডিজিটেল সঁজুলি, সামাজিক মাধ্যম বা অনলাইন প্লেটফর্ম ব্যৱহাৰ কৰি আনক হাৰাশাস্তি কৰা কাৰ্য।

7. মহিলাৰ জীৱনৰ সেই পৰ্যায় য’ত ঋতুস্ৰাৱ স্বাভাৱিকতে বন্ধ হৈ পৰে।

4. কৈশোৰ কালত শৰীৰৰ ছালখনে অধিক তেলযুক্ত পদার্থ নিঃসৰণ কৰাৰ ফলত মুখমণ্ডলৰ ছালত হোৱা এক অৱস্থা।

9. বাল্যকাল আৰু প্রাপ্তবয়স্ককালৰ মাজৰ জীৱনৰ বিশেষ পর্যায় ___।

5. ঋতুস্ৰাৱক সাধাৰণ ভাষাত ___ বুলি জনা যায়।

10. শৰীৰৰ প্ৰজনন কৰিব পৰা প্রাপ্তবয়স্ক অৱস্থালৈ বিকশিত হোৱা পৰ্যায়।

6. ঋতুচক্ৰৰ দশা য’ত কিশোৰীৰ দেহৰপৰা তেজ নিৰ্গত হয়।

 

8. শৰীৰত উৎপন্ন হোৱা বিশেষ ৰাসায়নিক পদার্থ যিয়ে কৈশোৰ কালত হোৱা বৃদ্ধি আৰু পৰিৱৰ্তনবোৰ নিয়ন্ত্ৰণ কৰে।

 

Answer:
থিয়কৈ — 1. ধপাত, 2. চাইবাৰ বুলিং, 4. ব্ৰন, 5. মাহেকীয়া, 6. ঋতুস্ৰাৱ, 8. হৰম’ন
পথালিকৈ — 2. আইৰন, 7. ৰজানিবৃত্তি, 9. কৈশোৰ, 10. যৌৱন

5. স্তম্ভ A ৰ সৈতে স্তম্ভ B মিলোৱা :

স্তম্ভ A

স্তম্ভ B

(a) ডিঙিৰ ঘটিকা

(i) কোনো স্পষ্ট কাৰণ নোহোৱাকৈ হঠাৎ হোৱা আবেগৰ পৰিবৰ্তন।

(b) ঋতুচক্ৰ

(ii) ঋতুস্ৰাৱৰ সময়ত পৰিষ্কাৰ-পৰিচ্ছন্নতা বজায় ৰাখিবলৈ ব্যৱহাৰ কৰা সামগ্ৰী।

(c) মেজাজৰ পৰিবৰ্তন

(iii) ধঁপাত, মদ, ড্ৰাগছৰ দৰে হানিকাৰক বস্তুৰ প্ৰতি আসক্তি যিয়ে স্বাস্থ্যৰ ক্ষতি কৰে।

(d) ছেনিটেৰী পেড

(iv) ছোৱালীৰ দেহত প্ৰতি 28-30 দিনৰ মূৰে মূৰে হোৱা প্ৰক্ৰিয়া যিয়ে শৰীৰক প্ৰজননৰ বাবে প্ৰস্তুত কৰে।

(e) নিচাযুক্ত দ্ৰব্যৰ অপব্যৱহাৰ

(v) কিশোৰ ল’ৰাৰ স্বৰযন্ত্ৰ বৃদ্ধি।

Answer: 

স্তম্ভ A

স্তম্ভ B

(a) ডিঙিৰ ঘটিকা

(v) কিশোৰ ল’ৰাৰ স্বৰযন্ত্ৰ বৃদ্ধি।

(b) ঋতুচক্ৰ

(iv) ছোৱালীৰ দেহত প্ৰতি 28-30 দিনৰ মূৰে মূৰে হোৱা প্ৰক্ৰিয়া যিয়ে শৰীৰক প্ৰজননৰ বাবে প্ৰস্তুত কৰে।

(c) মেজাজৰ পৰিবৰ্তন

(i) কোনো স্পষ্ট কাৰণ নোহোৱাকৈ হঠাৎ হোৱা আবেগৰ পৰিবৰ্তন।

(d) ছেনিটেৰী পেড

(ii) ঋতুস্ৰাৱৰ সময়ত পৰিষ্কাৰ-পৰিচ্ছন্নতা বজায় ৰাখিবলৈ ব্যৱহাৰ কৰা সামগ্ৰী।

(e) নিচাযুক্ত দ্ৰব্যৰ অপব্যৱহাৰ

(iii) ধঁপাত, মদ, ড্ৰাগছৰ দৰে হানিকাৰক বস্তুৰ প্ৰতি আসক্তি যিয়ে স্বাস্থ্যৰ ক্ষতি কৰে।

6. কৈশোৰৰ লগত জড়িত আচৰণগত পৰিবৰ্তনবোৰ কি কি হ’ব পাৰে?
Answer: কৈশৰকালত সাধাৰণতে কিছুমান বিশেষ আচৰণগত পৰিৱৰ্তন দেখা যায়। কিশোৰ-কিশোৰীসকলে প্ৰায়ে অকলশৰীয়াকৈ থাকিবলৈ ভাল পোৱা হয়, কেতিয়াবা কোনো কাৰণ নোহোৱাকৈয়ে বিৰক্ত বা খঙাল হৈ পৰে, আৰু নিজৰ শাৰীৰিক অৱয়বক লৈ অধিক সচেতন হয়। ইয়াৰ লগতে, তেওঁলোকে সৃষ্টিশীল কাম-কাজ, ক্ৰীড়া আৰু সমনীয়াৰ লগত বন্ধুত্ব গঢ়ি তোলাত বেছি আগ্ৰহ প্ৰকাশ কৰিব পাৰে।

7. কৈশোৰ কালত সুষম আহাৰ গ্ৰহণ কৰাটো কিয় গুৰুত্বপূৰ্ণ?
Answer: কৈশোৰকালত ল’ৰা-ছোৱালীৰ শাৰীৰিক বৃদ্ধি আৰু বিকাশ অতি দ্ৰুতগতিত হয়। এই সময়ছোৱাত শৰীৰৰ বৰ্ধিত চাহিদা পূৰণ কৰিবলৈ, হাড়ৰ সঠিক গঠনৰ বাবে, ৰক্তহীনতা ৰোধ কৰিবলৈ আৰু সামগ্ৰিক স্বাস্থ্য অটুট ৰাখিবলৈ প্ৰ’টিন, ভিটামিন আৰু আইৰনৰ দৰে খনিজ পদাৰ্থৰে সমৃদ্ধ সুষম আৰু পুষ্টিকৰ আহাৰ গ্ৰহণ কৰাটো অতিশয় গুৰুত্বপূৰ্ণ।

8. কিশোৰ-কিশোৰীসকলে ব্যক্তিগত ৰুচি আৰু চখৰ প্ৰতি আগ্রহ কৰাটো কিয় গুৰুত্বপূৰ্ণ?
Answer: কৈশোৰকালত হোৱা দ্ৰুত শাৰীৰিক আৰু হৰম’নৰ পৰিৱৰ্তনে প্ৰায়ে মনত তীব্ৰ চাপ আৰু বিভ্ৰান্তিৰ সৃষ্টি কৰে। এনে অৱস্থাত নিজৰ পছন্দৰ ৰুচি আৰু চখৰ (যেনে- গান গোৱা, ছবি অঁকা, খেল-ধেমালি আদি) লগত জড়িত হৈ থাকিলে ই মানসিক চাপ কমোৱাত সহায় কৰে, মনলৈ আনন্দ কঢ়িয়াই আনে আৰু কিশোৰ-কিশোৰীসকলৰ আত্মবিশ্বাস বৃদ্ধি কৰে।

9. চাইবাৰ উৎপীড়নৰ বিভিন্ন ধৰণবোৰ কি কি?
Answer: চাইবাৰ উৎপীড়ন বা চাইবাৰ বুলিং কেইবাটাও ধৰণে সংঘটিত হ’ব পাৰে। ইয়াৰ ভিতৰত প্ৰধান হ’ল- কাৰোবাৰ সন্মতি নোহোৱাকৈ তেওঁৰ ব্যক্তিগত ফটো, ভিডিঅ’ বা তথ্য ছ’চিয়েল মিডিয়াত ফাদিল কৰা; ভাবুকিপূৰ্ণ বা অশ্লীল মেছেজ পঠিয়াই হাৰাশাস্তি কৰা; কাৰোবাৰ বিষয়ে মিছা আৰু অপমানজনক উৰাবাতৰি বিয়পোৱা; আৰু আনক মানসিকভাৱে আঘাত দিব পৰা বেয়া মন্তব্য প’ষ্ট কৰা।

10. 14 বছৰীয়া ছোৱালী জুগুনুৱে মুখত শালমন হোৱাৰ বাবে লাজ অনুভৱ কৰে। মাকে তেওঁক এই বিষয়ে চিন্তা নকৰিবলৈ কৈছিল, কিয়নো তেওঁৰ বয়সত এনে হোৱাটো স্বাভাৱিক। জুগুনুৰ মুখত শালমন হোৱাৰ সম্ভাব্য কাৰণ কি হ’ব পাৰে? এই শালমনৰ পৰা কিছু সকাহ পাবলৈ তেওঁ কি কৰিব পাৰে?
Answer: জুগুনুৰ মুখত শালমন বা ব্ৰন হোৱাৰ প্ৰধান কাৰণ হ’ল, কৈশোৰকালত হৰম’নৰ প্ৰভাৱত ছালৰ তলত থকা তেলগ্ৰন্থিবোৰ অতিমাত্ৰা সক্ৰিয় হৈ পৰে আৰু বেছিকৈ তেল নিৰ্গত কৰে। এই অতিৰিক্ত তেল আৰু ছালৰ মৃত কোষবোৰে মুখৰ সৰু সৰু ছিদ্ৰবোৰ বন্ধ কৰি দিয়ে, য’ত বেক্টেৰিয়াৰ সংক্ৰমণ ঘটি শালমনৰ সৃষ্টি হয়।
ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ জুগুনুৱে নিয়মীয়াকৈ চাবোন বা ফেচৱাছেৰে মুখখন পৰিষ্কাৰ কৰি ৰাখিব লাগে যাতে তেল আৰু মলি আঁতৰি থাকে। লগতে তাই প্ৰচুৰ পৰিমাণে পানী খাব লাগে, তেলজাতীয় আৰু বেছি মিঠা বস্তু খোৱা বাদ দি ফল-মূল আৰু সেউজীয়া শাক-পাচলি খাব লাগে, আৰু শালমনবোৰ কেতিয়াও নখেৰে খুঁচৰিব বা চেপিব নালাগে।

11. ৰীমাই প্ৰথমবাৰৰ বাবে ঋতুস্ৰাৱৰ অভিজ্ঞতা লাভ কৰিছে। আইতাকে ৰীমাক ক’লে যে, তেওঁ দৈনন্দিন কাম-কাজত অংশগ্ৰহণ বা পাকঘৰত প্ৰবেশ কৰিব নালাগে। আইতাকৰ এই বিশ্বাস প্ৰকৃততে অন্ধবিশ্বাসহে; কিয় বুজাই লিখা আৰু এই পৰিস্থিতিক চম্ভালিবলৈ ৰীমাই কি কৰা উচিত পৰামৰ্শ আগবঢ়োৱা।
Answer: আইতাকৰ এই ধাৰণাবোৰ সম্পূৰ্ণৰূপে পুৰণিকলীয়া অন্ধবিশ্বাসৰ ওপৰত প্ৰতিষ্ঠিত। বিজ্ঞানসন্মতভাৱে চাবলৈ গ’লে, ঋতুস্ৰাৱ কোনো বেমাৰ বা অশুচি অৱস্থা নহয়; ই ছোৱালীৰ প্ৰজনন তন্ত্ৰৰ পূৰ্ণতা প্ৰাপ্তিৰ এক অতি স্বাভাৱিক আৰু স্বাস্থ্যকৰ জৈৱিক প্ৰক্ৰিয়াহে। ইয়াৰ ফলত এজনী ছোৱালী কেতিয়াও অপবিত্ৰ নহয় বা তাইৰ দৈনন্দিন কাম-কাজ, পঢ়া-শুনা কৰা বা পাকঘৰত সোমোৱাত কোনো বৈজ্ঞানিক বাধা নাই।
এই পৰিস্থিতিটো চম্ভালিবলৈ ৰীমাই আইতাকৰ লগত মুকলিকৈ কথা পতা উচিত। তাই আইতাকক ঋতুস্ৰাৱৰ আঁৰৰ প্ৰকৃত বিজ্ঞানৰ কথাখিনি শান্তভাৱে বুজাবলৈ চেষ্টা কৰিব লাগে। প্ৰয়োজন হ’লে তাই এই পুৰণি অন্ধবিশ্বাসবোৰ দূৰ কৰিবলৈ মাক-দেউতাক, শিক্ষয়িত্ৰী বা ডাক্তৰৰ সহায়ো ল’ব পাৰে।

12. ৰীমাই মাহেকীয়াৰ সময়ত ছেনিটেৰি পেড ব্যৱহাৰ কৰে আৰু সময়মতে সেইবোৰ সলনি কৰে। তেওঁ ব্যৱহৃত ছেনিটেৰি পেডবোৰ কাগজেৰে মেৰিয়াই নোলোৱাকৈ ডাষ্টবিনত পেলাই দিয়ে।

(i) ৰীমাই পালন কৰা এটা স্বাস্থ্যকৰ আৰু এটা অস্বাস্থ্যকৰ অভ্যাস চিনাক্ত কৰা।
Answer: ৰীমাই পালন কৰা স্বাস্থ্যকৰ অভ্যাসটো হ’ল, তাই মাহেকীয়াৰ সময়ত ছেনিটেৰি পেড ব্যৱহাৰ কৰে আৰু তাক সময়মতে সলনি কৰে। আনহাতে, তাইৰ অস্বাস্থ্যকৰ অভ্যাসটো হ’ল, তাই ব্যৱহাৰ কৰা পেডবোৰ পুৰণি কাগজ বা বাতৰি কাকতেৰে নেমেৰিয়াকৈয়ে মুকলিকৈ ডাষ্টবিনত পেলাই দিয়ে।

(ii) ঋতুস্ৰাৱৰ সময়ত পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰখাটো কিশোৰী ছোৱালীৰ বাবে কিয় গুৰুত্বপূৰ্ণ বুজাই লিখা।
Answer: ঋতুস্ৰাৱৰ সময়ত পৰিষ্কাৰ-পৰিচ্ছন্নতা মানি চলাটো অতিশয় প্ৰয়োজনীয়, কাৰণ লেতেৰা অৱস্থাত থাকিলে প্ৰজনন তন্ত্ৰত বেক্টেৰিয়া বা ভেঁকুৰৰ ভয়ংকৰ সংক্ৰমণ হ’ব পাৰে। পৰিষ্কাৰ হৈ থাকিলে দুৰ্গন্ধৰ পৰা হাত সাৰিব পাৰি, বিভিন্ন ৰোগৰ পৰা ৰক্ষা পৰিৱ পাৰি, শাৰীৰিকভাৱে আৰাম পোৱা যায় আৰু আটাইতকৈ ডাঙৰ কথা, ই কিশোৰীগৰাকীৰ মনলৈ সতেজতা আৰু আত্মবিশ্বাস কঢ়িয়াই আনে।

(iii) ঋতুস্ৰাৱৰ সময়ত ৰীমাই পালন কৰিবলগীয়া নিৰাপদ আৰু স্বাস্থ্যসন্মত পদ্ধতিৰ বিষয়ে পৰামৰ্শ দিয়া।
Answer: ঋতুস্ৰাৱৰ সময়ত ৰীমাই তলত দিয়া স্বাস্থ্যসন্মত নিয়মবোৰ মানি চলা উচিত: প্ৰথমতে, তাই সদায় পৰিষ্কাৰ ছেনিটেৰি পেড বা ভালদৰে ধোৱা সুতী কাপোৰ ব্যৱহাৰ কৰিব লাগে। দ্বিতীয়তে, বেক্টেৰিয়াৰ সংক্ৰমণ ৰোধ কৰিবলৈ তেজৰ প্ৰৱাহ যিমানেই নহওক কিয়, তাই প্ৰতি ৪-৬ ঘণ্টাৰ মূৰে মূৰে পেড সলনি কৰিব লাগে। তৃতীয়তে, ব্যৱহাৰ কৰা পেডবোৰ পৰিৱেশ বিনষ্ট নকৰাকৈ পেলাবলৈ সদায় পুৰণি বাতৰি কাকত বা কাগজেৰে ভালদৰে মেৰিয়াইহে ঢাকনি থকা ডাষ্টবিনত পেলাব লাগে।

13. ধৰি লোৱা, তোমাৰ এজন বন্ধু চাইবাৰ উৎপীড়নৰ বলি হৈছে। এজন দায়িত্বশীল কিশোৰ হিচাপে তেওঁক সহায় কৰিবলৈ আৰু তেওঁৰ
সুৰক্ষা নিশ্চিত কৰিবলৈ তুমি তাৎক্ষণিকভাৱে কি পদক্ষেপ হাতত ল’বা?
Answer: মোৰ বন্ধু এজন যদি চাইবাৰ উৎপীড়নৰ বলি হয়, তেন্তে মই লগে লগে তেওঁক মানসিক সাহস দিম আৰু বুজাম যে ইয়াত তেওঁৰ কোনো দোষ নাই। মই তেওঁক উৎপীড়নকাৰী ব্যক্তিজনৰ লগত যিকোনো ধৰণৰ যোগাযোগ লগে লগে বন্ধ কৰিবলৈ কম। ইয়াৰ পিছত, প্ৰমাণ হিচাপে ৰাখিবলৈ মই তেওঁক সেই বেয়া মেছেজ বা প’ষ্টবোৰৰ স্ক্ৰীনশ্বট লৈ ৰাখিবলৈ ক’ম আৰু ব্যক্তিজনক ছ’চিয়েল মিডিয়াৰ পৰা ব্লক কৰি দিবলৈ পৰামৰ্শ দিম। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল, মই তেওঁক এই গোটেই বিষয়টো লুকুৱাই নাৰাখি তেওঁৰ মাক-দেউতাক, শিক্ষক বা আৰক্ষীক জনাবলৈ উৎসাহিত কৰিম।

14. কিৰি সপ্তম শ্ৰেণীত পঢ়ি থকা এজন বুধিয়ক ল’ৰা। তেওঁক প্রায়ে সমনীয়াই গুটকা ব্যৱহাৰ কৰিবলৈ হেঁচা প্ৰয়োগ কৰে। এই পৰিস্থিতিত সুস্থ আৰু সুৰক্ষিত হৈ থাকিবলৈ কিৰিয়ে কি কৰা উচিত?
Answer: কিৰিয়ে তেওঁৰ সমনীয়াৰ কথাত ভোল নাযাই নিজৰ মানসিক দৃঢ়তা প্ৰদৰ্শন কৰিব লাগিব আৰু তেওঁলোকক পোনপোটীয়াকৈ “না” বুলিব ক’ব পাৰিব লাগিব। তেওঁ বুজিব লাগিব যে গুটকা খোৱাটো স্বাস্থ্যৰ বাবে অতিশয় ক্ষতিকাৰক আৰু ইয়াৰ পৰা মুখৰ কৰ্কট ৰোগৰ দৰে ভয়ংকৰ বেমাৰ হ’ব পাৰে। সুস্থ হৈ থাকিবলৈ কিৰিয়ে এনে ধৰণৰ বেয়া কামলৈ উদগনি দিয়া বন্ধুবৰ্গৰ পৰা আঁতৰি থকাই শ্ৰেয়। যদি সমনীয়াবোৰে তেওঁক বেছিকৈ হেঁচা বা জোৰ-জুলুম কৰে, তেন্তে তেওঁ ভয় নাখাই গোটেই কথাটো মাক-দেউতাক বা বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীক জনোৱা উচিত।

 

Multiple Choice Questions (MCQs)

1. জীৱনৰ যি সময়ছোৱাত শৰীৰৰ পৰিৱৰ্তন ঘটি প্ৰজনন ক্ষমতা প্ৰাপ্ত হয়, তাক কি বোলে?
(A) শৈশৱ।
(B) বাল্যকাল।
(C) কৈশোৰ।
(D) প্ৰাপ্তবয়স্ক।
Answer: (C)

2. কৈশোৰকাল সাধাৰণতে কিমান বয়সৰ পৰা আৰম্ভ হয়?)
(A) 5 বছৰ।
(B) 11 বা 12 বছৰ।
(C) 18 বছৰ।
(D) 21 বছৰ।
Answer: (B)

3. যৌৱন প্ৰাপ্তিৰ সময়ত ল’ৰাৰ ডিঙিৰ আগবাঢ়ি অহা অংশটোক কি বোলা হয়?)
(A) থাইৰয়ড গ্ৰন্থি।
(B) ডিঙিৰ ঘটিকা।
(C) স্বৰযন্ত্ৰ।
(D) পিটুইটাৰী গ্ৰন্থি।
Answer: (B)

4. যৌৱন প্ৰাপ্তিৰ সময়ত হোৱা শাৰীৰিক পৰিৱৰ্তন তলৰ কোনটো?
(A) উচ্চতা বৃদ্ধি।
(B) শৰীৰৰ আকৃতিৰ পৰিৱৰ্তন।
(C) মাতৰ পৰিৱৰ্তন।
(D) ওপৰৰ আটাইকেইটা।
Answer: (D)

5. অন্তঃস্ৰাৱী গ্ৰন্থিৰ পৰা নিৰ্গত হোৱা ৰাসায়নিক পদাৰ্থবোৰক কি বোলে?
(A) এনজাইম।
(B) ঘাম।
(C) হৰম’ন।
(D) লালটি।
Answer: (C)

6. পুৰুষৰ হৰম’ন টেষ্টোষ্টেৰণ কিহে উৎপন্ন কৰে?
(A) পিটুইটাৰী গ্ৰন্থি।
(B) শুক্ৰাশয়।
(C) ডিম্বাশয়।
(D) থাইৰয়ড গ্ৰন্থি।
Answer: (B)

7. মহিলাৰ হৰম’ন ইষ্ট্ৰোজেন কিহে উৎপন্ন কৰে?
(A) শুক্ৰাশয়।
(B) পিটুইটাৰী গ্ৰন্থি।
(C) ডিম্বাশয়।
(D) অগ্ন্যাশয়।
Answer: (C)

8. কোনটো গ্ৰন্থিক প্ৰধান গ্ৰন্থি বা মাষ্টাৰ গ্লেণ্ড বুলি কোৱা হয়?
(A) থাইৰয়ড।
(B) এড্ৰিনেল।
(C) পিটুইটাৰী।
(D) অগ্ন্যাশয়।
Answer: (C)

9. ঋতুস্ৰাৱ সাধাৰণতে কিমান দিনৰ মূৰে মূৰে হয়?
(A) 10-15 দিন।
(B) 28-30 দিন।
(C) 40-45 দিন।
(D) 60 দিন।
Answer: (B)

10. যৌৱন প্ৰাপ্তিৰ লগে লগে আৰম্ভ হোৱা প্ৰথম ঋতুস্ৰাৱক কি বোলে?
(A) মেনোপজ।
(B) ঋতুস্ৰাৱ।
(C) মেনাৰ্ক।
(D) ডিম্বক্ষৰণ।
Answer: (C)

11. 45 ৰ পৰা 50 বছৰ বয়সত ঋতুস্ৰাৱ বন্ধ হৈ যোৱা অৱস্থাক কি বোলে?
(A) মেনোপজ।
(B) মেনাৰ্ক।
(C) গৰ্ভধাৰণ।
(D) যৌৱন।
Answer: (A)

12. জন্ম নোহোৱা শিশু এটাৰ লিংগ কিহে নিৰ্ধাৰণ কৰে?
(A) মাকৰ ক্ৰ’ম’জ’মে।
(B) দেউতাকৰ ক্ৰ’ম’জ’মে।
(C) মাক আৰু দেউতাক দুয়োৰে।
(D) পৰিৱেশে।
Answer: (B)

13. মানুহৰ কোষৰ কেন্দ্ৰত কেইযোৰ ক্ৰ’ম’জ’ম থাকে?)
(A) 21 যোৰ।
(B) 22 যোৰ।
(C) 23 যোৰ।
(D) 24 যোৰ।
Answer: (C)

14. মহিলাৰ দেহত থকা লিংগ ক্ৰ’ম’জ’মবোৰ হ’ল:
(A) XY
(B) XX
(C) YY
(D) XO
Answer: (B)

15. পুৰুষৰ দেহত থকা লিংগ ক্ৰ’ম’জ’মবোৰ হ’ল:
(A) XX
(B) YY
(C) XY
(D) XO
Answer: (C)

16. গলগণ্ড হৈছে থাইৰয়ড গ্ৰন্থিৰ এবিধ ৰোগ যিটো কিহৰ অভাৱত হয়?)
(A) আইৰন।
(B) কেলচিয়াম।
(C) আয়ডিন।
(D) পটেছিয়াম।
Answer: (C)

17. কোনটো গ্ৰন্থিয়ে পৰ্যাপ্ত পৰিমাণে ইনচুলিন উৎপন্ন নকৰিলে ডায়েবেটিছ ৰোগ হয়?
(A) থাইৰয়ড।
(B) পিটুইটাৰী।
(C) এড্ৰিনেল।
(D) অগ্ন্যাশয়।
Answer: (D)

18. এড্ৰিনেলিন হৰম’নে শৰীৰক কিহৰ সৈতে খাপ খোৱাত সহায় কৰে?
(A) ভোক।
(B) খং বা চিন্তাৰ ফলত হোৱা মানসিক চাপ।
(C) টোপনি।
(D) পিয়াহ।
Answer: (B)

19. কৈশোৰকালত লোহিত ৰক্ত কণিকাৰ সঠিক গঠনৰ বাবে খাদ্যত কি প্ৰচুৰ পৰিমাণে থাকিব লাগে?
(A) কেলচিয়াম।
(B) আইৰন।
(C) চৰ্বি।
(D) শৰ্কৰা।
Answer: (B)

20. ড্ৰাগছ, মদ আৰু ধঁপাত ক্ষতিকাৰক কাৰণ সিহঁতে:
(A) আপোনাক শক্তিশালী কৰে।
(B) আসক্তিৰ সৃষ্টি কৰে আৰু স্বাস্থ্য ধ্বংস কৰে।
(C) স্মৃতিশক্তি বঢ়ায়।
(D) ৰোগ নিৰাময় কৰে।
Answer: (B)

Long Questions with Answers

1. কৈশোৰ আৰু যৌৱনৰ সংজ্ঞা দিয়া। সিহঁতৰ মাজত সম্পৰ্ক কি?)
Answer: কৈশোৰ হৈছে সাধাৰণতে 11 বছৰৰ পৰা 19 বছৰ বয়সলৈকে চলা জীৱনৰ এক পৰিৱৰ্তনশীল সময়, যিয়ে বাল্যকাল আৰু প্ৰাপ্তবয়স্ক অৱস্থাৰ মাজত সাঁকোৰ দৰে কাম কৰে। আনহাতে, যৌৱন বুলিলে কৈশোৰকালত শৰীৰত ঘটা সেইবোৰ নিৰ্দিষ্ট জৈৱিক আৰু শাৰীৰিক পৰিৱৰ্তনক বুজায়, যাৰ জৰিয়তে এজন ব্যক্তি প্ৰজননৰ বাবে সক্ষম হৈ উঠে। গতিকে, যৌৱন হৈছে কৈশোৰ নামৰ বহল সময়ছোৱাৰ এক অতি গুৰুত্বপূৰ্ণ জৈৱিক অংশহে মাত্ৰ।)

2. যৌৱন প্ৰাপ্তিৰ সময়ত ল’ৰা আৰু ছোৱালীৰ দেহত হোৱা প্ৰধান শাৰীৰিক পৰিৱৰ্তনসমূহৰ তালিকা দিয়া।
Answer: যৌৱন প্ৰাপ্তিৰ সময়ত ল’ৰা আৰু ছোৱালী দুয়োৰে উচ্চতা হঠাতে দ্ৰুতগতিত বৃদ্ধি পায় আৰু বগলি তথা যৌনাংগৰ আশে-পাশে নোম গজে। ল’ৰাৰ ক্ষেত্ৰত বিশেষভাৱে মাত গভীৰ বা ভঙা হয়, কান্ধ বহল হয় আৰু মুখমণ্ডলত দাঢ়ি-গোঁফ গজিবলৈ লয়। আনহাতে, ছোৱালীৰ ক্ষেত্ৰত নিতম্ব অংশ বহল হয়, স্তনৰ বিকাশ ঘটে আৰু ঋতুচক্ৰ বা মাহেকীয়া আৰম্ভ হয়।

3. গৌণ যৌন চৰিত্ৰ কাক বোলে? ল’ৰা আৰু ছোৱালী দুয়োৰে বাবে উদাহৰণ দিয়া।
Answer: যৌৱন প্ৰাপ্তিৰ সময়ত শৰীৰত যিবোৰ শাৰীৰিক বৈশিষ্ট্য ফুটি উঠে আৰু যিবোৰৰ সহায়ত বাহ্যিকভাৱে পুৰুষ আৰু মহিলাক সহজে পৃথক কৰিব পাৰি, তাক গৌণ যৌন চৰিত্ৰ বোলে। অৱশ্যে এইবোৰ প্ৰত্যক্ষভাৱে প্ৰজনন কাৰ্যৰ লগত জড়িত নহয়। উদাহৰণস্বৰূপে, ল’ৰাৰ ক্ষেত্ৰত দাঢ়ি-গোঁফ গজা আৰু বুকু বহল হোৱা, আৰু ছোৱালীৰ ক্ষেত্ৰত স্তনৰ বিকাশ হোৱাটো প্ৰধান গৌণ চৰিত্ৰ।

4. কৈশোৰকালত হোৱা পৰিৱৰ্তনসমূহ আৰম্ভ কৰাত হৰম’নৰ ভূমিকা বুজাই লিখা।
Answer: হৰম’ন হৈছে অন্তঃস্ৰাৱী গ্ৰন্থিবোৰৰ পৰা পোনে পোনে তেজত মিহলি হোৱা কিছুমান শক্তিশালী ৰাসায়নিক বাৰ্তাবাহক। কৈশোৰকালত, মগজুত থকা পিটুইটাৰী গ্ৰন্থিয়ে বিশেষ হৰম’নৰ জৰিয়তে ল’ৰাৰ শুক্ৰাশয়ক টেষ্টোষ্টেৰণ আৰু ছোৱালীৰ ডিম্বাশয়ক ইষ্ট্ৰোজেন হৰম’ন নিৰ্গত কৰিবলৈ নিৰ্দেশ দিয়ে। এই নিৰ্দিষ্ট যৌন হৰম’নবোৰে সমগ্ৰ শৰীৰত বিয়পি পৰি যৌৱন প্ৰাপ্তিৰ সময়ত হোৱা ব্যাপক শাৰীৰিক আৰু বিকাশগত পৰিৱৰ্তনসমূহ আৰম্ভ কৰে।

5. মানুহৰ স্ত্ৰী দেহত হোৱা ঋতুচক্ৰৰ বৰ্ণনা কৰা।
Answer: ঋতুচক্ৰ হৈছে মহিলাৰ দেহত প্ৰতি 28 ৰ পৰা 30 দিনৰ মূৰে মূৰে ঘটা এক স্বাভাৱিক জৈৱিক প্ৰক্ৰিয়া। এই সময়ত যিকোনো এটা ডিম্বাশয়ৰ পৰা এটা পূৰঠ ডিম্বাণু নিৰ্গত হয়, আৰু একে সময়তে গৰ্ভধাৰণৰ বাবে প্ৰস্তুত হ’বলৈ জৰায়ুৰ ভিতৰৰ বেৰখন ডাঠ হৈ পৰে। যদি ডিম্বাণুটো শুক্ৰাণুৰ দ্বাৰা নিষেচিত নহয়, তেন্তে জৰায়ুৰ এই ডাঠ তৰপটো নিষেচিত নোহোৱা ডিম্বাণু আৰু ৰক্তবাহী নলীৰ সৈতে খহি পৰে আৰু যোনিপথেৰে বাহিৰলৈ ওলাই আহে। তেজ ওলোৱাৰ এই প্ৰক্ৰিয়াটোকেই ঋতুস্ৰাৱ বা মাহেকীয়া বোলে।

6. মানুহৰ সন্তানৰ লিংগ কেনেকৈ নিৰ্ধাৰণ কৰা হয়?
Answer: মানুহৰ সন্তানৰ লিংগ সম্পূৰ্ণৰূপে দেউতাকৰ লিংগ ক্ৰ’ম’জ’মৰ দ্বাৰাহে নিৰ্ধাৰিত হয়। মহিলাৰ প্ৰতিটো ডিম্বাণুত সদায় X ক্ৰ’ম’জ’ম থাকে। কিন্তু পুৰুষৰ শুক্ৰাণুবোৰত হয় X নতুবা Y ক্ৰ’ম’জ’ম থাকে। যদি X ক্ৰ’ম’জ’ম থকা শুক্ৰাণুৱে ডিম্বাণুক নিষেচিত কৰে, তেন্তে যোজনকোষটোত XX যোৰৰ সৃষ্টি হ’ব আৰু সন্তানটো ছোৱালী হ’ব। আনহাতে, যদি Y ক্ৰ’ম’জ’ম থকা শুক্ৰাণুৱে নিষেচন ঘটায়, তেন্তে XY যোৰৰ সৃষ্টি হ’ব আৰু সন্তানটো ল’ৰা হ’ব।

7. অন্তঃস্ৰাৱী তন্ত্ৰত পিটুইটাৰী গ্ৰন্থিৰ গুৰুত্ব কি?
Answer: মগজুৰ তলৰ অংশত অৱস্থিত পিটুইটাৰী গ্ৰন্থিটো অতি গুৰুত্বপূৰ্ণ, কাৰণ ই অন্তঃস্ৰাৱী তন্ত্ৰৰ ‘মাষ্টাৰ গ্লেণ্ড’ বা প্ৰধান গ্ৰন্থি হিচাপে কাম কৰে। ই বিভিন্ন ধৰণৰ নিয়ন্ত্ৰক হৰম’ন উৎপন্ন কৰে, যিবোৰে শৰীৰৰ থাইৰয়ড, এড্ৰিনেল, শুক্ৰাশয় আৰু ডিম্বাশয়কে ধৰি প্ৰায় সকলোবোৰ অন্তঃস্ৰাৱী গ্ৰন্থিৰ কাম-কাজ নিয়ন্ত্ৰণ আৰু উদ্দীপিত কৰে, আৰু এনেদৰে সমগ্ৰ শৰীৰৰ বৃদ্ধি আৰু বিকাশ পৰিচালনা কৰে।

8. কিশোৰ-কিশোৰীসকলৰ পুষ্টিৰ প্ৰয়োজনীয়তাৰ বিষয়ে আলোচনা কৰা।
Answer: কৈশোৰকালত দ্ৰুত শাৰীৰিক বৃদ্ধিৰ বাবে শৰীৰক যথেষ্ট পৰিমাণৰ পুষ্টিৰ প্ৰয়োজন হয়। শক্তিৰ বাবে শৰ্কৰা, পেশী গঠনৰ বাবে প্ৰ’টিন, আৰু অত্যাৱশ্যকীয় ভিটামিনেৰে সমৃদ্ধ সুষম আহাৰ গ্ৰহণ কৰাটো অতি জৰুৰী। ইয়াৰ উপৰিও, লোহিত ৰক্ত কণিকা গঠনৰ বাবে আইৰনযুক্ত খাদ্য (যেনে- সেউজীয়া শাক-পাচলি, গুড় আদি) বেছিকৈ খোৱাটো দৰকাৰ, যিটো বিশেষকৈ ঋতুস্ৰাৱ হোৱা ছোৱালীৰ বাবে অতি গুৰুত্বপূৰ্ণ।

9. কৈশোৰকালত ব্যক্তিগত পৰিষ্কাৰ-পৰিচ্ছন্নতা কিয় প্ৰয়োজনীয়?
Answer: কৈশোৰকালত শৰীৰৰ ঘৰ্মগ্ৰন্থি আৰু তেলগ্ৰন্থিবোৰ অতিমাত্ৰা সক্ৰিয় হৈ পৰে, যাৰ ফলত বেছিকৈ ঘাম ওলায় আৰু ছালখন তেলতীয়া হয়। পৰিষ্কাৰকৈ নাথাকিলে ইয়াৰ পৰা শৰীৰৰ দুৰ্গন্ধ আৰু ভয়ংকৰ শালমনৰ সৃষ্টি হ’ব পাৰে। সদায় গা ধুই ব্যক্তিগত পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰাখিলে এই সমস্যাবোৰৰ লগতে বেক্টেৰিয়া বা ভেঁকুৰৰ সংক্ৰমণৰ পৰা হাত সাৰিব পাৰি। ছোৱালীৰ ক্ষেত্ৰত, প্ৰজনন তন্ত্ৰৰ সংক্ৰমণ ৰোধ কৰিবলৈ ঋতুস্ৰাৱৰ সময়ত পৰিষ্কাৰ হৈ থকাটো অতিকৈ আৱশ্যক।

10. কৈশোৰকালত ড্ৰাগছ আৰু নিচাযুক্ত দ্ৰব্যৰ অপব্যৱহাৰৰ ক্ষতিকাৰক প্ৰভাৱৰ বিষয়ে এটি চমু টোকা লিখা।
Answer: কৈশোৰকাল হৈছে কৌতূহল আৰু সমনীয়াৰ প্ৰভাৱত পৰিব পৰা এক স্পৰ্শকাতৰ সময়, যিয়ে প্ৰায়ে ল’ৰা-ছোৱালীক ড্ৰাগছ, মদ বা ধঁপাতৰ দৰে নিচাযুক্ত দ্ৰব্যৰ প্ৰতি আকৰ্ষিত কৰে। এই পদাৰ্থবোৰে তীব্ৰ আসক্তিৰ সৃষ্টি কৰে; এবাৰ ব্যৱহাৰ কৰিলেই ইয়াৰ প্ৰতি ভয়ংকৰ নিচাৰ সৃষ্টি হ’ব পাৰে। নিচাযুক্ত দ্ৰব্যৰ অপব্যৱহাৰে শাৰীৰিক আৰু মানসিক স্বাস্থ্য সম্পূৰ্ণৰূপে ধ্বংস কৰে, মগজুৰ বিকাশ আৰু পঢ়া-শুনাত বেয়া প্ৰভাৱ পেলায়, পাৰিবাৰিক সম্পৰ্ক নষ্ট কৰে, আৰু কিশোৰ-কিশোৰীসকলৰ ভৱিষ্যত অন্ধকাৰময় কৰি তোলে।

11. থাইৰয়ড গ্ৰন্থিয়ে কেনেদৰে কাম কৰে আৰু ইয়াৰ বিজুতিৰ সৈতে কি ৰোগ জড়িত বুজাই লিখা।
Answer: ডিঙিত অৱস্থিত থাইৰয়ড গ্ৰন্থিয়ে থাইৰক্সিন নামৰ এবিধ হৰম’ন উৎপন্ন কৰে, যিটো শৰীৰৰ সামগ্ৰিক বিপাকীয় ক্ৰিয়া আৰু বৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ বাবে অতি প্ৰয়োজনীয়। এই থাইৰক্সিন উৎপন্ন কৰিবলৈ খাদ্যত আয়ডিন থকাটো অপৰিহাৰ্য। যদি কোনো ব্যক্তিৰ খাদ্যত আয়ডিনৰ অভাৱ হয়, তেন্তে থাইৰয়ড গ্ৰন্থিয়ে পৰ্যাপ্ত পৰিমাণৰ হৰম’ন উৎপন্ন কৰিব নোৱাৰে আৰু ইয়াৰ ক্ষতিপূৰণ কৰিবলৈ গৈ গ্ৰন্থিটো ফুলি উঠে। ডিঙিৰ এই অস্বাভাৱিক ফুলা ৰোগটোকেই গলগণ্ড বা গয়টাৰ বোলে।

12. যৌৱন প্ৰাপ্তিৰ সময়ত এজন কিশোৰে অনুভৱ কৰিব পৰা আৱেগিক পৰিৱৰ্তনসমূহৰ বিষয়ে আলোচনা কৰা।
Answer: শাৰীৰিক পৰিৱৰ্তনৰ লগতে, কৈশোৰকালত হৰম’নৰ তীব্ৰ প্ৰভাৱৰ বাবে ল’ৰা-ছোৱালীয়ে গভীৰ আৱেগিক পৰিৱৰ্তনৰ সন্মুখীন হয়। তেওঁলোকে প্ৰায়ে হঠাতে সলনি হোৱা মেজাজৰ সৈতে যুঁজিবলগীয়া হয়, য’ত কোনো কাৰণ নোহোৱাকৈয়ে ক্ষন্তেকতে আনন্দ আৰু পিছমুহূৰ্ততে গভীৰ দুখ বা বিৰক্তি অনুভৱ কৰিব পাৰে। কিশোৰ-কিশোৰীসকল নিজৰ চেহেৰাক লৈ অতিমাত্ৰা সচেতন হৈ পৰে, বন্ধু-বান্ধৱীৰ অনুমোদন বিচাৰে, আৰু মাক-দেউতাকৰ পৰা বেছি স্বাধীনতা দাবী কৰে, যাৰ ফলত তেওঁলোকৰ মনত নিৰাপত্তাহীনতা আৰু মানসিক অস্থিৰতাৰ সৃষ্টি হয়।

13. চাইবাৰ বুলিং কি, আৰু এজন কিশোৰে নিজকে ইয়াৰ পৰা কেনেকৈ ৰক্ষা কৰিব পাৰে?
Answer: চাইবাৰ বুলিং বা চাইবাৰ উৎপীড়ন মানে হ’ল ছ’চিয়েল মিডিয়া বা মেছেজিং এপৰ দৰে ডিজিটেল মাধ্যম ব্যৱহাৰ কৰি কোনো ব্যক্তিক উদ্দেশ্যপ্ৰণোদিতভাৱে হাৰাশাস্তি কৰা, ভাবুকি দিয়া, অপমান কৰা বা উৰাবাতৰি বিয়পোৱা কাৰ্য। নিজকে ইয়াৰ পৰা ৰক্ষা কৰিবলৈ, কিশোৰ-কিশোৰীসকলে ইণ্টাৰনেট ব্যৱহাৰত সাৱধান হ’ব লাগিব আৰু কেতিয়াও নিজৰ ব্যক্তিগত তথ্য বা ফটো অনলাইনত শ্বেয়াৰ কৰিব নালাগিব। যদি কোনোবা ইয়াৰ বলি হয়, তেন্তে তেওঁ লগে লগে উৎপীড়নকাৰীক ব্লক কৰিব লাগে, প্ৰমাণ হিচাপে স্ক্ৰীনশ্বট ল’ব লাগে, ওলোটাই বেয়া ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকিব লাগে, আৰু পলম নকৰাকৈ বিশ্বাসযোগ্য জ্যেষ্ঠজনক জনাব লাগে।

14. এড্ৰিনেল গ্ৰন্থি আৰু অগ্ন্যাশয়ৰ কাৰ্যপ্ৰণালী চমুকৈ বৰ্ণনা কৰা।
Answer: বৃক্কৰ ঠিক ওপৰত অৱস্থিত এড্ৰিনেল গ্ৰন্থিয়ে এড্ৰিনেলিন নামৰ এবিধ অতি গুৰুত্বপূৰ্ণ হৰম’ন নিৰ্গত কৰে, যিয়ে খং, ভয়, উত্তেজনা বা মানসিক চাপৰ সময়ত হৃদস্পন্দন আৰু শক্তি বৃদ্ধি কৰি শৰীৰক পৰিস্থিতিৰ সৈতে যুঁজিবলৈ প্ৰস্তুত কৰে। আনহাতে, অগ্ন্যাশয়ে ইনচুলিন নামৰ এবিধ হৰম’ন নিৰ্গত কৰে, যিয়ে তেজত শৰ্কৰা বা চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰি ৰাখে। যদি অগ্ন্যাশয়ে পৰ্যাপ্ত পৰিমাণে ইনচুলিন উৎপন্ন কৰিব নোৱাৰে, তেন্তে ডায়েবেটিছ বা বহুমূত্ৰ ৰোগৰ সৃষ্টি হয়।

15. “কৈশোৰকালত পৰিৱৰ্তনৰ সময় আৰু গতি ব্যক্তিভেদে বেলেগ বেলেগ হয়” বুলি কিয় কোৱা হয়?
Answer: এই কথাষাৰে বুজায় যে মানুহৰ জৈৱিক বিকাশ সকলোৰে বাবে একে নহয়। যৌৱন প্ৰাপ্তি ঠিক কোনটো বয়সত আৰম্ভ হ’ব, শাৰীৰিক পৰিৱৰ্তনবোৰ (যেনে হঠাতে ওখ হোৱা বা মাত ভঙা) কিমান দ্ৰুতগতিত হ’ব, আৰু হৰম’নৰ পৰিৱৰ্তন কিমান প্ৰবল হ’ব— এই সকলোবোৰ কথা নিৰ্ভৰ কৰে ব্যক্তিজনৰ জিনীয় গঠন, তেওঁ গ্ৰহণ কৰা পুষ্টি আৰু সামগ্ৰিক স্বাস্থ্যৰ ওপৰত। সেয়েহে, যদিও প্ৰতিজন ব্যক্তিয়েই কৈশোৰকালৰ মাজেৰে পাৰ হয়, তথাপিও কোনো দুজন ব্যক্তিৰ ক্ষেত্ৰত এই পৰিৱৰ্তনবোৰ একে সময়তে বা একে গতিত নঘটে।

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
সপ্তম শ্ৰেণী বিজ্ঞান অধ্যায় ৫ (কৈশোৰ অৱস্থাৰ বৃদ্ধি আৰু পৰিৱৰ্তন) – সঘনাই সোধা প্ৰশ্ন (FAQs)
এই অধ্যায়টোত মূলতঃ কিহৰ বিষয়ে আলোচনা কৰা হৈছে?
ইয়াত মূলতঃ কৈশোৰ কাল, যৌৱনাৰম্ভৰ সময়ত হোৱা শাৰীৰিক পৰিৱৰ্তন, হৰম’নৰ ভূমিকা আৰু প্ৰজনন স্বাস্থ্যৰ বিষয়ে আলোচনা কৰা হৈছে।
এই পাঠ্যভিত্তিক সমাধানত (Textual Solutions) কি কি অন্তৰ্ভুক্ত আছে?
ইয়াত মূল পাঠ্যপুথিৰ অনুশীলনীৰ সকলো প্ৰশ্নোত্তৰ, পৰীক্ষাৰ বাবে প্ৰয়োজনীয় অতিৰিক্ত প্ৰশ্ন (Additional Questions) আৰু MCQ প্ৰশ্নৰ সম্পূৰ্ণ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে।
এই সমাধানসমূহ ASSEB ৰ নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা হৈছেনে?
হয়, এই সকলোবোৰ সমল পৰীক্ষাৰ বাবে ASSEB ৰ শেহতীয়া নতুন পাঠ্যক্ৰম আৰু নিৰ্দেশনা অনুসৰি প্ৰস্তুত কৰা হৈছে।
সপ্তম শ্ৰেণীৰ বিজ্ঞানৰ পৰীক্ষাত কেনেধৰণৰ প্ৰশ্ন আহে?
নতুন পাঠ্যক্ৰম অনুসৰি বিজ্ঞান বিষয়ত চমু প্ৰশ্ন, বহু-বিকল্পী প্ৰশ্নৰ (MCQ) লগতে শাৰীৰিক পৰিৱৰ্তন আৰু হৰম’নৰ কাৰ্য সম্পৰ্কীয় প্ৰশ্ন সঘনাই আহে।

EduAssam Solution App

Your complete digital learning solution.

Free Notes Mock Tests Q-Bank
Download Now
10k+ Students

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top