class-6-apun-path-chapter-9-question-answers-ajb
ষষ্ঠ শ্ৰেণী আপোন পাঠ অধ্যায় ৯ – অসমৰ সত্ৰ অনুষ্ঠান সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ আৰু সমাধান (AJB)
ষষ্ঠ শ্ৰেণীৰ ‘আপোন পাঠ’ (Apun Path) পাঠ্যক্ৰমৰ নৱম অধ্যায় ‘অসমৰ সত্ৰ অনুষ্ঠান’ এখন অতি গুৰুত্বপূৰ্ণ প্ৰবন্ধমূলক পাঠ। অসম জাতীয় বিদ্যালয় (AJB) ৰ নতুন পাঠ্যক্ৰমৰ আধাৰত এই অধ্যায়ৰ সম্পূৰ্ণ পাঠ্যভিত্তিক সমাধান (Class 6 Apun Path Chapter 9 Textual Question Answer) প্ৰস্তুত কৰা হৈছে। এই বিশেষ সংকলনটিত পাঠভিত্তিক অতি চমু প্ৰশ্ন, চমু প্ৰশ্ন, দীঘলীয়া প্ৰশ্ন, অতিৰিক্ত প্ৰশ্ন (Additional Questions), MCQ আৰু ব্যাকৰণৰ পুংখানুপুংখ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে। অস্পীন একেডেমী (Ospin Academy) ত এই সমাধানসমূহ সহজ, নিৰ্ভুল আৰু সম্পূৰ্ণ পৰীক্ষামুখীভাৱে উপলব্ধ কৰোৱা হৈছে।
‘অসমৰ সত্ৰ অনুষ্ঠান’ নামৰ এই পাঠটিত অসমৰ জাতীয় জীৱন, সমাজ আৰু সংস্কৃতিলৈ সত্ৰসমূহৰ অতুলনীয় অৱদানৰ বিষয়ে সুন্দৰকৈ দাঙি ধৰা হৈছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা প্ৰতিষ্ঠিত এই সত্ৰসমূহৰ গুৰুত্ব বুজি পোৱাটো ছাত্ৰ-ছাত্ৰীসকলৰ বাবে অতি প্ৰয়োজনীয়। আমাৰ এই পাঠ্যভিত্তিক সমাধানত (Textual Solutions) কেৱল পাঠ্যপুথিৰ অনুশীলনীৰ প্ৰশ্নসমূহেই নহয়, বৰঞ্চ পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন-উত্তৰসমূহো সামৰি লোৱা হৈছে যাতে ছাত্ৰ-ছাত্ৰীসকলে সুন্দৰভাৱে প্ৰস্তুতি চলাব পাৰে।
এই পাঠ্যভিত্তিক সমাধানৰ পৰা আপুনি কি কি শিকিব আৰু পাব:
- অসমৰ সত্ৰ অনুষ্ঠান পাঠৰ মূল বিষয়বস্তুৰ সহজ বিশ্লেষণ আৰু শব্দাৰ্থ।
- পাঠভিত্তিক অনুশীলনীৰ সকলো প্ৰশ্নৰ নিৰ্দোষ আৰু মান্য উত্তৰ।
- পাঠভিত্তিক ব্যাকৰণ আৰু সমাৰ্থক, বিপৰীত শব্দৰ সঠিক জ্ঞান।
- নতুন পাঠ্যক্ৰমৰ আৰ্হি অনুসৰি গুৰুত্বপূৰ্ণ অতিৰিক্ত প্ৰশ্নসমূহৰ (Additional Questions) লগতে শেহতীয়া আৰ্হিৰ MCQ প্ৰশ্নৰ সমাধান।
অস্পীন একেডেমীৰ এই প্ৰশ্নোত্তৰসমূহৰ বিশেষ সুবিধা:
- শেহতীয়া AJB নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা সম্পূৰ্ণ পাঠ্যভিত্তিক সমাধান।
- ১০০% নিৰ্ভুল আৰু ছাত্ৰ-ছাত্ৰীয়ে মুখস্থ কৰিবলৈ সহজ হোৱাকৈ সৰল অসমীয়া ভাষাত লিখা উন্নত মানৰ নোটছ (Class 6 Apun Path Notes)।
- পৰীক্ষাৰ পূৰ্বে দ্ৰুত ৰিভিজনৰ (Quick Revision) বাবে বিশেষভাৱে যুগুতোৱা সহজ-সৰল উত্তৰ।
- পাঠৰ পৰা পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্নৰ বিশেষ সংকলন।
ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি অস্পীন একেডেমীয়ে এই বিশেষ পাঠ্যভিত্তিক সমাধান আগবঢ়াইছে। আপোনাৰ পৰীক্ষাৰ প্ৰস্তুতি এতিয়াই আৰম্ভ কৰক আৰু আপোন পাঠ বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰাৰ দিশত আগবাঢ়ক।
Class 6 Assamese (আপোন পাঠ) Textbook Solutions & MCQs | AJB New Syllabus
New Updated Version!
According to Latest AJB New Syllabus & Updated Book
Get comprehensive preparation for Class 6 Assamese (আপোন পাঠ) with this complete Textual Solution & MCQs package.
Includes Chapter-wise textbook solutions, additional Q&A, and MCQs precisely structured as per the latest Assam Jatiya Bidyalay (AJB) syllabus and new book.
Perfect for building a strong foundation and mastering your school assessments! Download as an easy-to-use ZIP file.
অসম জাতীয় বিদ্যালয়, ষষ্ঠ শ্ৰেণী: আপোন পাঠ
অসমৰ সত্ৰ অনুষ্ঠান
পাঠভিত্তিক প্রশ্নোত্তৰ
১। শব্দার্থ লিখা-
সূত্রপাত, জঞ্জাল, হাটী, প্রায়চিত্ত, অনাখৰী, চর্চা, অব্যাহত।
উত্তৰঃ
|
শব্দ |
অর্থ |
|
সূত্রপাত |
কোনো কাৰ্যৰ আৰম্ভ বা আয়োজন |
|
জঞ্জাল |
আহুকাল, হুলস্থুল |
|
হাটী |
সত্ৰৰ ভকত আদি থকা ঘৰৰ সমষ্টি |
|
প্রায়চিত্ত |
পৰাচিত |
|
অনাখৰী |
লিখা-পঢ়া নজনা |
|
চর্চা |
অনুশীলন, আলোচনা |
|
অব্যাহত |
অবাধ, বাধা নথকা |
২। চমুকৈ উত্তৰ দিয়া-
(ক) মহাপুৰুষজনাই কি উদ্দেশ্যৰে সত্ৰ অনুষ্ঠানৰ সৃষ্টি কৰিছিল?
উত্তৰঃ একশৰণ নৱবৈষ্ণৱ ধৰ্মৰ বাণীসমূহ সৰ্বসাধাৰণৰ মাজত প্ৰচাৰ কৰিবৰ উদ্দেশ্যেই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে সত্ৰ অনুষ্ঠান গঢ়ি তুলিছিল।
(খ) শংকৰদেৱে ক’ত প্ৰথমতে সত্ৰৰ সূত্রপাত কৰিছিল?
উত্তৰঃ মহাপুৰুষ শংকৰদেৱে সৰ্বপ্ৰথম বৰদোৱাতহে সত্ৰ অনুষ্ঠানৰ আৰম্ভণি কৰিছিল।
(গ) মাধৱদেৱ, দামোদৰদেৱ আদি গুৰুসকলে ক’ত ক’ত সত্র স্থাপন কৰিছিল?
উত্তৰঃ এই গুৰু দুগৰাকীয়ে প্ৰধানকৈ বৰপেটা, পাটবাউসী, আৰু বহৰি আদি অঞ্চলসমূহত সত্ৰ প্ৰতিষ্ঠা কৰিছিল।
(ঘ) সত্ৰৰ মূখ্য অনুষ্ঠান কি?
উত্তৰঃ এখন সত্ৰৰ আটাইতকৈ প্ৰধান অংশটোৱেই হৈছে— নামঘৰ বা কীৰ্ত্তন ঘৰ।
(ঙ) বাটচ’ৰা কি?
উত্তৰঃ সত্ৰলৈ প্ৰৱেশ কৰা ঘাই বাটটোৰ মুখত নিৰ্মাণ কৰি থোৱা এক বিশেষ ধৰণৰ সৰু ঘৰটোক বাটচ’ৰা বোলা হয়।
(চ) ভকতসকল থাকিবৰ কাৰণে সত্ৰৰ চাৰিওফালে কি কি থাকে?
উত্তৰঃ সত্ৰৰ চৌহদৰ চাৰিওকাষে ভকতসকলৰ বাসস্থানৰ বাবে হাটী, পদশিলা আৰু ভঁৰাল আদিৰ ব্যৱস্থা কৰা থাকে।
(ছ) সত্ৰৰ মুখ্য কাৰ্যনিৰ্বাহকজনক কি বুলি কোৱা হয়? তেওঁক কোন কোন বিষয়ববীয়াই সহায় কৰে?
উত্তৰঃ এখন সত্ৰৰ ঘাই পৰিচালকজনক ‘সত্ৰাধিকাৰ’ বুলি জনা যায়। এই সত্ৰাধিকাৰগৰাকীক সত্ৰৰ কাম-কাজ চলাবলৈ ডেকা-সত্ৰাধিকাৰ, পাচনি, মেধি, খাটনিয়াৰ, আলধৰা, পালধৰীয়া, গায়ন-বায়ন, পাঠক, সূত্ৰধাৰ আদি ভিন ভিন পদবীত থকা ব্যক্তিসকলে সহায় আগবঢ়ায়।
(জ) ভাৰতবৰ্ষত গণতান্ত্রিক পদ্ধতিৰ প্ৰথম প্ৰচলন সত্রসমূহত ঘটে বুলি কি কাৰণে ক’ব পৰা যায়, বুজাই লিখা ।
উত্তৰঃ গণতন্ত্ৰ শব্দৰ অৰ্থ হ’ল— জনসাধাৰণৰ দ্বাৰা আৰু জনসাধাৰণৰ মংগলৰ অৰ্থে পৰিচালিত হোৱা শাসন ব্যৱস্থা। অৰ্থাৎ, এই ব্যৱস্থাত ৰাইজেই আটাইতকৈ ওপৰত।
আমাৰ দেশ ভাৰতবৰ্ষত ১৯৫০ চনতহে এই গণতান্ত্ৰিক ব্যৱস্থাৰ প্ৰৱৰ্তন হৈছিল। পিছে তাৰ প্ৰায় পাঁচশ বছৰৰ পূৰ্বেই মহাপুৰুষ শংকৰদেৱে স্থাপন কৰা সত্ৰসমূহত গণতান্ত্ৰিক ৰীতি-নীতিৰ প্ৰয়োগ ঘটিছিল। এখন সত্ৰৰ দৈনন্দিন কাম-কাজসমূহ গণতান্ত্ৰিক উপায়েৰেই পৰিচালনা কৰা হৈছিল। সত্ৰলৈ অহা বিভিন্ন অঞ্চলৰ লোকসকলক সত্ৰাধিকাৰে নামঘৰত শৰণ দিয়াৰ সমান্তৰালভাৱে, সত্ৰৰ বৰমেধিজনক প্ৰতিনিধি হিচাপে নিৰ্বাচিত কৰি অন্য ঠাইত শৰণ দিবৰ বাবে পঠোৱাৰো এক সুন্দৰ নিয়ম আছিল। তাৰোপৰি, সমাজত কোনোবা ব্যক্তিয়ে কিবা বেয়া বা অসামাজিক কাম কৰিলে, সত্ৰৰ নামঘৰতেই ৰাইজৰ উপস্থিতিত তাৰ উচিত বিচাৰ সম্পন্ন কৰা হৈছিল। সেইবাবেই ক’ব পাৰি যে, আধুনিক গণতন্ত্ৰৰ বহুতো নীতি-নিয়ম অতীজৰে পৰা আমাৰ সত্ৰসমূহত চলি আহিছে।
(ঝ) অসমখনক সাংস্কৃতিক দিশত আগুৱাই নিয়াত সত্রই কেনেধৰণৰ ভূমিকা গ্ৰহণ কৰে?
উত্তৰঃ অসমৰ সমাজখনক সাংস্কৃতিক দিশত চহকী কৰাত সত্ৰসমূহৰ বৰঙণি অতুলনীয়। এই সত্ৰবোৰৰ মজিয়াতেই ভিন ভিন গীত-মাত, নৃত্য আৰু ভাওনাৰ আদিৰ আখৰা চলিছিল, লগতে থলুৱা কুটীৰ শিল্পয়ো প্ৰসাৰ লাভ কৰিছিল। সত্ৰৰ নামঘৰত ভকতসকলে নাম-প্ৰসংগ কৰাৰ বাহিৰেও বিভিন্ন ধৰ্মীয় গ্ৰন্থৰ পাঠ আৰু বিশ্লেষণ আগবঢ়াইছিল। যাৰ ফলত গাঁৱৰ নিৰক্ষৰ লোকসকলেও নামঘৰত বহি শাস্ত্ৰৰ জ্ঞান লাভ কৰি নৈতিক চৰিত্ৰ গঠন কৰিব পাৰিছিল, আৰু সমাজখন সুস্থিৰভাৱে চলিছিল। আনহাতে, নামঘৰত ধৰ্মীয় পাঠ শুনি থকাৰ লগতে ভকতসকলে পাচি, খৰাহী, ঢাৰি, বিচনী আৰু ভাওনাৰ মুখা আদি লাগতিয়াল সামগ্ৰীসমূহ বাঁহ-বেতেৰে তৈয়াৰ কৰিছিল। ইয়াৰ দ্বাৰা থলুৱা শিল্পৰো বহু পৰিমাণে বিকাশ ঘটিছিল। মুঠৰ ওপৰত ক’বলৈ গ’লে, অসমৰ সমাজ, সংস্কৃতি আৰু অৰ্থনীতিক এক নতুন গতি প্ৰদান কৰাত সত্ৰ অনুষ্ঠানে এক অতি উল্লেখনীয় ভূমিকা পালন কৰি আহিছে।
(ঞ) কিহৰ জৰিয়তে শংকৰদেৱে ভাওনা অনুষ্ঠানৰ পাতনি মেলিছিল?
উত্তৰঃ মহাপুৰুষ শংকৰদেৱে ‘চিহ্নযাত্ৰা’ নামৰ নাটখনি সফলতাৰে প্ৰদৰ্শন কৰাৰ জৰিয়তেই অসমত ভাওনা সংস্কৃতিৰ ভেটি স্থাপন কৰিছিল।
(ট) অসমীয়া সাহিত্য জগতলৈ সত্ৰসমূহৰ অৱদান কেনেকুৱা?
উত্তৰঃ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ লগতে পৰৱৰ্তী কালৰ বৈষ্ণৱ পণ্ডিতসকলে ভাওনাত অভিনয় কৰিবলৈ বহুতো নাট আৰু ধৰ্মীয় পুথি ৰচনা কৰি গৈছে। সত্ৰসমূহত এনেকুৱা এটা নিয়ম প্ৰচলিত আছিল যে, যিকোনো ভকত এজন সত্ৰাধিকাৰ পদত বহাৰ লগে লগে তেওঁ এখন নতুন নাট লিখিবলগীয়া হৈছিল। এই নতুনকৈ ৰচনা কৰা নাটবোৰত যদিও গুৰুদুজনাৰ নাটৰ সকলোখিনি বৈশিষ্ট্য ফুটি নুঠিছিল, তথাপিও এইবোৰে অসমীয়া নাট্য সাহিত্যৰ ভঁৰাল চহকী কৰাত যথেষ্ট বৰঙণি যোগাইছিল। সেয়েহে, অসমীয়া সাহিত্যৰ জগতখনলৈ সত্ৰসমূহৰ অৱদান সঁচাকৈয়ে অতিকৈ মূল্যৱান।
(ঠ) শংকৰ-মাধৱ আৰু তেওঁলোকৰ অনুগামী শিষ্যসকলে অসমৰ কোন কোন ঠাইত সত্র স্থাপন কৰিছিল?
উত্তৰঃ মহাপুৰুষ শংকৰদেৱ, মাধৱদেৱ আৰু তেওঁলোকৰ আদৰ্শৰ দ্বাৰা প্ৰভাৱিত হোৱা শিষ্যসকলে গোটেই অসমৰ ভিন ভিন প্ৰান্তত অসংখ্য সত্ৰ গঢ়ি তুলিছিল। ইয়াৰে ভিতৰত নামনি অসমৰ বৰপেটা, পাটবাউসী আৰু সুন্দৰীদিয়াত স্থাপন কৰা সত্ৰসমূহ উল্লেখযোগ্য। ঠিক একেদৰে, উজনি অসমত প্ৰতিষ্ঠা কৰা সত্ৰসমূহৰ ভিতৰত আউনীআটী, দক্ষিণপাট, কুৰুৱাবাহী, গড়মূৰ আৰু কমলাবাৰী সত্ৰৰ নাম বিশেষভাৱে ল’ব পাৰি।
৩। চমুটোকা লিখা ।
সূত্ৰধাৰ, নামঘৰ, ভাওনা
উত্তৰঃ
সূত্ৰধাৰ: মহাপুৰুষ শংকৰদেৱৰ দ্বাৰা সৃষ্ট অংকীয়া ভাওনাৰ এক অন্যতম প্ৰধান চৰিত্ৰ হৈছে সূত্ৰধাৰ। ভাওনাৰ মাজত সূত্ৰধাৰজনে নাটখনৰ পৰিচালনা কৰাৰ উপৰিও কাহিনীভাগ দৰ্শকক সুন্দৰকৈ বুজাই দিয়ে আৰু নিজেও নাচ-গানত অংশগ্ৰহণ কৰে। আৰম্ভণিৰ পৰা একেবাৰে শেষলৈকে নাট এখন সুচাৰুৰূপে আৰু শৃংখলাবদ্ধভাৱে আগুৱাই নিয়াৰ ক্ষেত্ৰত সূত্ৰধাৰজনৰ ভূমিকা অতিশয় গুৰুত্বপূৰ্ণ।
নামঘৰ: সত্ৰসমূহৰ আটাইতকৈ প্ৰধান আৰু ঘাই কেন্দ্ৰটোৱেই হৈছে নামঘৰ। ভগৱানৰ নাম-কীৰ্তন কৰাৰ পৰা ধৰি বিভিন্ন ধৰণৰ উৎসৱ-পাৰ্বনসমূহ এই নামঘৰতেই অনুষ্ঠিত হয়। গাঁৱৰ ৰাইজৰ প্ৰয়োজনীয় সামাজিক মেল-মিটিং আৰু দোষীৰ বিচাৰ আদিও ইয়াত সম্পন্ন কৰা হয়। ইয়াৰ উপৰিও ভাওনাত ব্যৱহাৰ হোৱা মুখা, অস্ত্ৰ-শস্ত্ৰ আৰু সাজ-পাৰ আদিৰ নিৰ্মাণ কাৰ্যও নামঘৰতেই কৰা হয়। আচলতে, নামঘৰক সত্ৰ পৰিচালনাৰ মূল কেন্দ্ৰবিন্দু বুলি ক’লেও ভুল কোৱা নহ’ব।
ভাওনা: নৱবৈষ্ণৱ বা একশৰণ নামধৰ্ম জনসাধাৰণৰ মাজত সহজে বুজাব পৰাকৈ প্ৰচাৰ কৰাৰ উদ্দেশ্যেই মহাপুৰুষ শংকৰদেৱে ভাওনা অনুষ্ঠানৰ সৃষ্টি কৰিছিল। ‘চিহ্নযাত্ৰা’ নামৰ নাটখনিৰ জৰিয়তেই তেওঁ অসমত ভাওনাৰ সূচনা কৰিছিল। সংস্কৃত নাটকৰ আৰ্হিৰে ভাওনাত গায়ন-বায়ন আৰু সূত্ৰধাৰ আদি চৰিত্ৰসমূহ যোগ দিয়া হৈছিল আৰু খোল-তাল আদি বাদ্যৰ পয়োভৰ ঘটিছিল। ভিন ভিন চৰিত্ৰসমূহক আকৰ্ষণীয়কৈ সজাবলৈ ভাওনাত বিভিন্ন ধৰণৰ মুখা, সাজ-পোছাক আৰু অস্ত্ৰ-শস্ত্ৰৰ ব্যৱহাৰ হৈছিল। ভাওনাৰ কাহিনীসমূহ মূলতঃ পুৰাণ বা ভাগৱতৰ দৰে পৌৰাণিক শাস্ত্ৰৰ পৰা লোৱা হৈছিল। এই ভাওনাৰ যোগেদিয়েই গুৰুজনাই অসমত সৰ্বপ্ৰথম নাট্যাভিনয়ৰ ঢল বোৱাইছিল।
৪। পঢ়া আৰু বুজা ।
পাচ + অনি = পাচনি
উত্তৰঃ
পাচ + অনি = পাচনি।
খাট + অনিয়াৰ = খাটনিয়াৰ।
পালধৰ + ঈয়া = পালধৰীয়া।
আল-ধৰ + আ = আলধৰা।
বিষয়-বাব + ঈয়া = বিষয়ববীয়া।
গণতন্ত্র + ইক = গণতান্ত্রিক।
ব্যাকৰণৰ চমু আলোচনা
১। ক্রিয়া বিভক্তি বুলিলে কি বুজা? পঢ় ধাতুটো ভিন্ন কাল আৰু পুৰুষত বিভক্তি যোগ কৰি দেখুওৱা।
উত্তৰঃ সাধাৰণতে বাক্যত কৰ্তা আৰু কৰ্ম একেই থাকিলেও সময় বা কাল অনুসৰি ক্ৰিয়াপদৰ ৰূপ সলনি হয়। মূল ধাতুৰ সৈতে যিবোৰ অতিৰিক্ত চিন যোগ হৈ কাল আৰু পুৰুষ অনুসৰি ক্ৰিয়াপদৰ ভিন ভিন ৰূপ গঠন কৰে, তেনে চিনবোৰকে ক্ৰিয়াবিভক্তি বুলি কোৱা হয়।
বিভিন্ন কাল আৰু পুৰুষত ‘পঢ়্’ ধাতুৰ লগত ক্ৰিয়াবিভক্তি যোগ হৈ গঠন হোৱা ৰূপসমূহ তলত তালিকাভুক্ত কৰা হ’ল—
নিত্য বর্তমান কালএনেধৰণৰ-
|
পুৰুষ |
একবচন |
বহুবচন |
ক্রিয়াবিভক্তি |
|
১ পুৰুষ |
মই |
আমি |
পঢ় + ও = পঢ়ো |
|
২য় পুৰুষ |
তই |
তহঁতে |
পঢ় + অ = পঢ় |
|
তুমি |
তোমালোক |
পঢ় + আ = পঢ়া |
|
|
৩য় পুৰুষ |
আপুনি |
আপোনালোকে |
পঢ় + এ = পঢ়ে |
|
সি, তেওঁ |
তেওঁলোক |
পঢ় + এ = পঢ়ে |
|
|
তেখেতে |
তেখেতসকলে |
পঢ় + এ = পঢ়ে |
স্বৰূপ বর্তমান কাল এনেধৰণৰ-
|
পুৰুষ |
একবচন |
বহুবচন |
ক্রিয়াবিভক্তি |
|
১ পুৰুষ |
মই |
আমি |
পঢ় + ইছোঁ = পঢ়িছোঁ |
|
২য় পুৰুষ |
তই |
তহঁতে |
পঢ় + ইছ = পঢ়িছ |
|
তুমি |
তোমালোক |
পঢ় + ইছা = পঢ়িছা |
|
|
৩য় পুৰুষ |
আপুনি |
আপোনালোকে |
পঢ় + ইছে = পঢ়িছে |
|
সি, তেওঁ |
সিহঁতে |
পঢ় + ইছে = পঢ়িছে |
|
|
তেখেতে |
তেওঁলোকে |
পঢ় + ইছে = পঢ়িছে |
|
|
তেখেতসকলে |
পঢ় + ইছে = পঢ়িছে |
স্বৰূপ ভূত কাল এনেধৰণৰ-
|
পুৰুষ |
একবচন |
বহুবচন |
ক্রিয়াবিভক্তি |
|
১ পুৰুষ |
মই |
আমি |
পঢ় + ইলোঁ = পঢ়িলোঁ |
|
২য় পুৰুষ |
তই |
তহঁতে |
পঢ় + ইলি = পঢ়িলি |
|
তুমি |
তোমালোক |
পঢ় + ইলা = পঢ়িলা |
|
|
৩য় পুৰুষ |
আপুনি |
আপোনালোকে |
পঢ় + ইলে = পঢ়িলে |
|
সি, তেওঁ |
সিহঁতে |
পঢ় + ইলে = পঢ়িলে |
|
|
তেখেতে |
তেওঁলোকে |
পঢ় + ইলে = পঢ়িলে |
|
|
তেখেতসকলে |
পঢ় + ইলে = পঢ়িলে |
অপূর্ণ ভূত কাল এনেধৰণৰ –
|
পুৰুষ |
একবচন |
বহুবচন |
ক্রিয়াবিভক্তি |
|
১ পুৰুষ |
মই |
আমি |
পঢ় + ইছিলোঁ = পঢ়িছিলোঁ |
|
২য় পুৰুষ |
তই |
তহঁতে |
পঢ় + ইছিলি = পঢ়িছিলি |
|
তুমি |
তোমালোক |
পঢ় + ইছিলা = পঢ়িছিলা |
|
|
৩য় পুৰুষ |
আপুনি |
আপোনালোকে |
পঢ় + ইছিল = পঢ়িছিল |
|
সি, তেওঁ |
সিহঁতে |
পঢ় + ইছিল = পঢ়িছিল |
|
|
তেখেতে |
তেওঁলোকে |
পঢ় + ইছিল = পঢ়িছিল |
|
|
তেখেতসকলে |
পঢ় + ইছিল = পঢ়িছিল |
সম্ভাব্য ভূত কাল এনেধৰণৰ –
|
পুৰুষ |
একবচন |
বহুবচন |
ক্রিয়াবিভক্তি |
|
১ পুৰুষ |
মই |
আমি |
পঢ় + ইলোঁহেঁতেন = পঢ়িলোঁহেঁতেন |
|
২য় পুৰুষ |
তই |
তহঁতে |
পঢ় + ইলিহেঁতেন = পঢ়িলিহেঁতেন |
|
তুমি |
তোমালোক |
পঢ় + ইলিহেঁতেন = পঢ়িলিহেঁতেন |
|
|
৩য় পুৰুষ |
আপুনি |
আপোনালোকে |
পঢ় + ইলিহেঁতেন = পঢ়িলিহেঁতেন |
|
সি, তেওঁ |
সিহঁতে |
পঢ় + ইলিহেঁতেন = পঢ়িলিহেঁতেন |
|
|
তেখেতে |
তেওঁলোকে |
পঢ় + ইলিহেঁতেন = পঢ়িলিহেঁতেন |
|
|
তেখেতসকলে |
পঢ় + ইলিহেঁতেন = পঢ়িলিহেঁতেন |
ভবিষ্যত কাল এনেধৰণৰ –
|
পুৰুষ |
একবচন |
বহুবচন |
ক্রিয়াবিভক্তি |
|
১ পুৰুষ |
মই |
আমি |
পঢ় + ইম = পঢ়িম |
|
২য় পুৰুষ |
তই |
তহঁতে |
পঢ় + ইবি = পঢ়িবি |
|
তুমি |
তোমালোক |
পঢ় + ইবা = পঢ়িবা |
|
|
৩য় পুৰুষ |
আপুনি |
আপোনালোকে |
পঢ় + ইব = পঢ়িব |
|
সি, তেওঁ |
সিহঁতে |
পঢ় + ইব = পঢ়িব |
|
|
তেখেতে |
তেওঁলোকে |
পঢ় + ইব = পঢ়িব |
|
|
তেখেতসকলে |
পঢ় + ইব = পঢ়িব |




