ষষ্ঠ শ্ৰেণী আপোন পাঠ অধ্যায় ১৫ – পুতলা নাচ – সম্পূৰ্ণ পাঠ্যভিত্তিক সমাধান | AJB
ষষ্ঠ শ্ৰেণী আপোন পাঠ অধ্যায় ১৫ – পুতলা নাচ সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ আৰু সমাধান (AJB)
ষষ্ঠ শ্ৰেণীৰ ‘আপোন পাঠ’ (Apun Path) পাঠ্যক্ৰমৰ পঞ্চদশ অধ্যায় ‘পুতলা নাচ’ এখন অতি গুৰুত্বপূৰ্ণ পাঠ। অসম জাতীয় বিদ্যালয় (AJB) ৰ নতুন পাঠ্যক্ৰমৰ আধাৰত এই অধ্যায়ৰ সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ (Class 6 Apun Path Chapter 15 Textual Question Answer) প্ৰস্তুত কৰা হৈছে। এই বিশেষ সংকলনটিত পাঠভিত্তিক অতি চমু প্ৰশ্ন, চমু প্ৰশ্ন, দীঘলীয়া প্ৰশ্ন, অতিৰিক্ত প্ৰশ্ন (Additional Questions), MCQ আৰু ব্যাকৰণৰ পুংখানুপুংখ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে। অস্পীন একেডেমী (Ospin Academy) ত এই সমাধানসমূহ সহজ, নিৰ্ভুল আৰু সম্পূৰ্ণ পৰীক্ষামুখীভাৱে উপলব্ধ কৰোৱা হৈছে।
‘পুতলা নাচ’ নামৰ এই পাঠটিত অসমৰ এক প্ৰাচীন আৰু ঐতিহ্যমণ্ডিত লোককলা পুতলা নাচৰ উৎপত্তি, প্ৰকাৰ, প্ৰদৰ্শনৰ শৈলী আৰু ইয়াৰ সাংস্কৃতিক গুৰুত্বৰ বিষয়ে সুন্দৰকৈ বৰ্ণনা কৰা হৈছে। ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এই পাঠৰ মূল ভাৱ, শব্দাৰ্থ আৰু লোকসংস্কৃতিৰ দিশটো বুজি পোৱাটো অতি প্ৰয়োজনীয়। আমাৰ এই পাঠ্যভিত্তিক সমাধানত (Textual Solutions) কেৱল পাঠ্যপুথিৰ অনুশীলনীৰ প্ৰশ্নসমূহেই নহয়, বৰঞ্চ পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন-উত্তৰসমূহো সামৰি লোৱা হৈছে যাতে ছাত্ৰ-ছাত্ৰীসকলে সুন্দৰভাৱে প্ৰস্তুতি চলাব পাৰে।
এই পাঠ্যভিত্তিক সমাধানৰ পৰা আপুনি কি কি শিকিব আৰু পাব:
- পুতলা নাচ পাঠৰ মূল বিষয়বস্তুৰ সহজ বিশ্লেষণ আৰু শব্দাৰ্থ।
- পাঠভিত্তিক অনুশীলনীৰ সকলো প্ৰশ্নৰ নিৰ্দোষ আৰু মান্য উত্তৰ।
- পাঠভিত্তিক ব্যাকৰণ আৰু সমাৰ্থক, বিপৰীত শব্দৰ সঠিক জ্ঞান।
- নতুন পাঠ্যক্ৰমৰ আৰ্হি অনুসৰি গুৰুত্বপূৰ্ণ অতিৰিক্ত প্ৰশ্নসমূহৰ (Additional Questions) লগতে শেহতীয়া আৰ্হিৰ MCQ প্ৰশ্নৰ সমাধান।
অস্পীন একেডেমীৰ এই প্ৰশ্নোত্তৰসমূহৰ বিশেষ সুবিধা:
- শেহতীয়া AJB নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা সম্পূৰ্ণ পাঠ্যভিত্তিক সমাধান।
- ১০০% নিৰ্ভুল আৰু ছাত্ৰ-ছাত্ৰীয়ে মুখস্থ কৰিবলৈ সহজ হোৱাকৈ সৰল অসমীয়া ভাষাত লিখা উন্নত মানৰ নোটছ (Class 6 Apun Path Notes)।
- পৰীক্ষাৰ পূৰ্বে দ্ৰুত ৰিভিজনৰ (Quick Revision) বাবে বিশেষভাৱে যুগুতোৱা সহজ-সৰল উত্তৰ।
- পুতলা নাচ পাঠৰ পৰা পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্নৰ বিশেষ সংকলন।
ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি অস্পীন একেডেমীয়ে এই বিশেষ পাঠ্যভিত্তিক সমাধান আগবঢ়াইছে। আপোনাৰ পৰীক্ষাৰ প্ৰস্তুতি এতিয়াই আৰম্ভ কৰক আৰু আপোন পাঠ বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰাৰ দিশত আগবাঢ়ক।
Class 6 Assamese (আপোন পাঠ) Textbook Solutions & MCQs | AJB New Syllabus
New Updated Version!
According to Latest AJB New Syllabus & Updated Book
Get comprehensive preparation for Class 6 Assamese (আপোন পাঠ) with this complete Textual Solution & MCQs package.
Includes Chapter-wise textbook solutions, additional Q&A, and MCQs precisely structured as per the latest Assam Jatiya Bidyalay (AJB) syllabus and new book.
Perfect for building a strong foundation and mastering your school assessments! Download as an easy-to-use ZIP file.
অসম জাতীয় বিদ্যালয়, ষষ্ঠ শ্ৰেণী: আপোন পাঠ
পুতলা নাচ
পাঠভিত্তিক প্রশ্নোত্তৰ
১। শব্দার্থ লিখা-
উত্রাবল, আগ-ভাগ, একান্তমনে, মুখিয়াল, বিশাবদ, শলি, জুমুৰি, লৱৰি।
উত্তৰঃ
|
শব্দ |
অর্থ |
|
উত্রাবল |
কৰো-নকৰো অবস্থা, অস্থিৰতা। |
|
আগ-ভাগ |
প্রথম ভাগ, কোনো বিষয়ত আগবাঢ়ি যোৱা। |
|
একান্তমনে |
আন কোনো ফালে মন নকৰাকৈ, একমনে। |
|
মুখিয়াল |
প্রধান, মুৰব্বী। |
|
বিশাবদ |
পাৰ্গত, জনা-বুজা, সংস্কৃতৰ ডিগ্রী। |
|
শলি |
লো, বাঁহ, কাঠ আদিৰ সৰু গোটা দীঘল কাঠী। |
|
জুমুৰি |
অতিশয্যা, হেঁচা। |
|
লৱৰি |
লৰ মাৰি, দৌৰি। |
২। চমুকৈ উত্তৰ দিয়া-
(ক) কমলপুৰ গাঁৱত কিমান বছৰৰ মূৰত পুতলা নাচ অনুষ্ঠিত হৈছিল?
উত্তৰঃ কমলপুৰ গাঁৱত প্ৰায় দহটা বছৰৰ ব্যৱধানৰ পিছত পুতলা নাচ অনুষ্ঠিত কৰা হৈছিল।
(খ) গাওঁবুঢ়াৰ নাতিয়েকৰ নাম কি?
উত্তৰঃ গাওঁবুঢ়াৰ নাতিয়েকৰ নাম ৰতন আছিল।
(গ) প্রাচীন ভাৰতবৰ্ষত পুতনা-নাচ প্ৰচলনৰ কথা উল্লেখ থকা গ্রন্থ দুখনৰ নাম কি?
উত্তৰঃ প্ৰাচীন ভাৰতত পুতলা-নাচ চলি থকাৰ প্ৰমাণ পোৱা দুখন উল্লেখযোগ্য গ্ৰন্থ হৈছে— মহাভাৰত আৰু কথাসৰিৎ সাগৰ।
(ঘ) পুতলাক সংস্কৃত ভাষাত কি বোলা হয়?
উত্তৰঃ সংস্কৃত ভাষাত পুতলাক ‘পাঞ্চালিকা’ বুলি অভিহিত কৰা হয়।
(ঙ) অসমত প্রচলিত কাঠ-পুতলাবোৰ কিহৰ সহায়ত গঢ়া হয়?
উত্তৰঃ অসমত প্ৰচলন থকা কাঠ-পুতলাবোৰ প্ৰধানকৈ কুঁহিলাৰ সহায়ত নিৰ্মাণ কৰা হয়।
(চ) একোটা পুতলা নাচৰ দলত কিমানজনকৈ মানুহ থাকে?
উত্তৰঃ এটা পুতলা নাচৰ দলত সাধাৰণতে ছয়-সাতজনমান সদস্য থাকে।
৩। তিনি-চাৰিটামান বাক্যত হোৱাকৈ উত্তৰ লিখা-
(ক) পুতলা নাচৰ ইতিহাসৰ বিষয়ে চমুকৈ লিখা।
উত্তৰঃ পুতলা নাচৰ প্ৰকৃত উৎপত্তি কেতিয়া হৈছিল, সেয়া নিৰ্দিষ্টকৈ কোৱা কঠিন। গোটেই পৃথিৱীতে পুতলা নাচৰ প্ৰচলন দেখা যায়। ভাৰতবৰ্ষতো অতি পুৰণি কালৰে পৰা ইয়াৰ প্ৰচলন চলি আহিছে। মহাভাৰত, কথাসৰিৎ সাগৰৰ দৰে প্ৰাচীন গ্ৰন্থত ইয়াৰ উল্লেখ থকাৰ পৰাই পুতলা নাচৰ প্ৰাচীনতা প্ৰমাণিত হয়। বহুতৰ মতে, পুতলা নাচৰ পৰাই সংস্কৃত নাটকৰ সৃষ্টি হৈছে। ভাৰতীয়সকলৰ বিশ্বাস মতে, প্ৰাচীন ভাৰতৰ ‘পাঞ্চাল’ ৰাজ্যতেই পুতলাৰ উৎপত্তি হৈছিল। ভাৰতৰ আন আন প্ৰান্তৰ দৰে অসমতো পুতলা নাচৰ প্ৰচলন অতিকৈ প্ৰাচীন। বহু পণ্ডিতে মত পোষণ কৰে যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা সৃষ্ট অংকীয়া নাটৰ মূল ভেটিও আছিল পুতলা নাচ।
(খ) পুতলা নাচৰ পুতলাক মূলতঃ কেইটাভাগত ভাগ কৰা হৈছে আৰু ভাগকেইটা কি কি?
উত্তৰঃ পুতলা নাচত ব্যৱহাৰ হোৱা পুতলাবোৰক প্ৰধানকৈ চাৰিটা ভাগত ভগাব পাৰি। সেইকেইটা হ’ল— (ক) কাঠ পুতলা, (খ) হাত পুতলা, (গ) মাৰি পুতলা, আৰু (ঘ) ছাঁ পুতলা। এই চাৰিওটা ভাগৰ ভিতৰত বিশ্বৰ সকলো ঠাইতে কাঠ পুতলাৰ প্ৰচলনেই আটাইতকৈ বেছি। আমাৰ অসমতো বৰ্তমান কালত কাঠ পুতলাৰহে প্ৰচলন দেখা যায় যদিও, প্ৰাচীন অসমত ছাঁ পুতলাৰ নাচৰো ব্যৱস্থা আছিল।
(গ) পুতলা নাচৰ পুতলা কেনেকৈ নচুওৱা হয়?
উত্তৰঃ কাঠ পুতলাবোৰ ঘাইকৈ কুঁহিলাৰ জৰিয়তে সজা হয়। কুঁহিলাৰ ওপৰত কাপোৰ বা বাংপতা মেৰিয়াই তাৰ ওপৰত হেঙুল-হাইতাল লগাই সুন্দৰকৈ কাপোৰ-কানি আৰু আ-অলংকাৰ পিন্ধোৱা হয়। পুতলাবোৰৰ চকু, কাণ, নাক, হাত আৰু ভৰি আদি দেখিবলৈ ধুনীয়াকৈ সজাই তোলা হয়। প্ৰয়োজন অনুসৰি পুতলাৰ হাতত নানাধৰণৰ অস্ত্ৰ-শস্ত্ৰ আৰু বস্তু-বাহানিও দিয়া হয়। পুতলাবোৰক নচুৱাবৰ বাবে সিহঁতৰ বিভিন্ন অংগত ক’লা সূতাৰ ৰচী লগোৱা হয়, আৰু এই ৰচী টানি টানিয়েই পুতলাবোৰক নচুওৱা হয়।
আনহাতে, ছাঁ-পুতলা নচুৱাবৰ বাবে পুতলাবোৰ চেপেটাকৈ নিৰ্মাণ কৰা হয়। পিছফালৰ পৰা পোহৰৰ সহায়ত পৰ্দাত পুতলাৰ ছাঁ পেলাই দৰ্শকক দেখুওৱা হয়। এনেদৰে দৰ্শকে কেৱল পুতলাৰ ছাঁটোহে পৰ্দাত দেখিবলৈ পায়।
(ঘ) পুতলা নাচত দর্শক আৰু অভিনেতাৰূপী পুতলাৰ মাজত কোনে, কেনেকৈ সম্পৰ্ক স্থাপন কৰে লিখা।
উত্তৰঃ পুতলা নাচৰ অনুষ্ঠানত ছয়-সাতজনীয়া এটা গায়ন-বায়নৰ দল থাকে, যিসকলে খোল, তাল, জুনুকা, মৃদংগ আদি বাদ্যযন্ত্ৰ বজায়। এই দলটোৰ মাজত এজন নৃত্য-গীতত পাৰ্গত ব্যক্তি থাকে, যাক বায়ন বুলি কোৱা হয়। এই বায়নজনেই দৰ্শক আৰু পুতলাৰ মাজত যোগাযোগৰ মাধ্যম হিচাপে কাম কৰে। পুতলাই অভিনয় কৰিবলগীয়া কাহিনীভাগ বায়নজনেই গীতৰ জৰিয়তে গাই দৰ্শকক বুজাই দিয়ে।
৪। চমুটোকা লিখা।
উত্তৰঃ
মহাভাৰত: মহাভাৰত হৈছে ভাৰতবৰ্ষৰ এখন অতিকৈ প্ৰাচীন আৰু বিখ্যাত মহাকাব্য। মহৰ্ষি বেদব্যাসৰ ৰচিত এই গ্ৰন্থখনত কুৰুক্ষেত্ৰৰ মহাসমৰৰ বিভিন্ন কাহিনী অতি সুন্দৰ আৰু মনোগ্ৰাহীকৈ বৰ্ণনা কৰা হৈছে। এই ঐতিহাসিক যুদ্ধত ধৰ্ম বা ন্যায়ৰ বিজয় সাব্যস্ত হয় আৰু অধৰ্ম বা অন্যায়ৰ পতন ঘটে বুলি প্ৰদৰ্শন কৰা হৈছে।
কথাসৰিৎসাগৰ: একাদশ শতিকাত কাশ্মীৰৰ বিখ্যাত পণ্ডিত সোমদেৱে ‘কথাসৰিৎসাগৰ’ নামৰ গ্ৰন্থখন ৰচনা কৰিছিল। সোমদেৱ কাশ্মীৰৰ ৰজা অনন্তৰ ৰাজসভাৰ এগৰাকী কবি আছিল। ৰজা অনন্তৰ পত্নী ৰাণী সূৰ্যৱতী আছিল জলন্ধৰৰ ৰজাৰ কন্যা। মূলতঃ ৰাণী সূৰ্যৱতীৰ মানসিক অৱসাদ দূৰ কৰি তেওঁক মনোৰঞ্জন প্ৰদান কৰাৰ উদ্দেশ্যেই সোমদেৱে এই গ্ৰন্থখন লিখি উলিয়াইছিল।
পুতলা নাচৰ সূত্ৰধাৰ: অংকীয়া নাটৰ দৰেই পুতলা নাচতো এজন সূত্ৰধাৰ থাকে। তেওঁ আঁৰ কাপোৰৰ পিছফালে থকা বাবে দৰ্শকে তেওঁক দেখা নাপায়। সূত্ৰধাৰৰ মুখত এটা পেঁপা থাকে। এই পেঁপাৰ সহায়ত তেওঁ পুতলাবোৰৰ ভিন ভিন মাত উলিয়াই আৰু জৰী টানি পুতলাবোৰক নচুৱাই দৰ্শকক আমোদ দিয়ে। পুতলাৰ অংগী-ভংগীৰ লগত মিলাই সূত্ৰধাৰজনে আঁৰৰ পৰাই পেঁপাৰ মাতৰ জৰিয়তে গোটেই কাহিনীটো আৰম্ভণিৰ পৰা শেষলৈকে বৰ্ণনা কৰি যায়।
৫। বিপৰীত শব্দ লিখা-
ছাঁ, সৃষ্টি, জন্ম, ক’লা, জীব, অভিনেতা।
উত্তৰঃ
|
শব্দ |
অৰ্থ |
|
ছাঁ |
দীপ্ত, পোহৰ |
|
সৃষ্টি |
জন্ম |
|
ক’লা |
ধ্বংস, নাশ |
|
জীৱ |
মৃত্যু |
|
অভিনেত্ৰী |
অভিনেত্ৰী |
|
বগা |
জড় |
৬। উদাহৰণটো চাই বাকীবোৰ লিখা-
বস্ত্র – বসন (কাপোৰ)।
নাচ
পাত
নাট
পুতলা
উত্তৰঃ
|
শব্দ |
অৰ্থ |
|
বস্ত্র |
বসন (কাপোৰ) |
|
নাচ |
নৃত্য |
|
পাত |
পত্রম |
|
নাট |
নাটক, নাট্য |
|
পুতলা |
পাঞ্চালিকা |
৭। কি বুলি কোৱা হয়-
(ক) যিয়ে নাটক ৰচনা কৰে-
উত্তৰঃ যিয়ে নাটক ৰচনা কৰে — নাট্যকাৰ।
(খ) যিয়ে নৃত্য কৰে-
উত্তৰঃ যিয়ে নৃত্য কৰে — নৰ্তক, নৰ্তকী।
(গ) যিয়ে অভিনয় কৰে-
উত্তৰঃ যিয়ে অভিনয় কৰে — অভিনেতা, অভিনেত্ৰী।
(ঘ) যিয়ে গীতত সুৰ দিয়ে-
উত্তৰঃ যিয়ে গীতত সুৰ দিয়ে — সুৰকাৰ।
(ঙ) যিয়ে বাদ্য বজায়-
উত্তৰঃ যিয়ে বাদ্য বজায় — বাদক, বায়ন।
(চ) মঞ্চৰ পিছফাল-
উত্তৰঃ মঞ্চৰ পিছফাল — নেপথ্য।
৮। লোক-নাট্য অনুষ্ঠান বুলিলে কি বুজা? তুমি জনা কেইবিধমান লোকনাট্য অনুষ্ঠানৰ নাম লিখা।
উত্তৰঃ অতীজৰে পৰা সমাজত প্ৰচলিত বিশ্বাস, আচাৰ-ব্যৱহাৰ, ৰীতি-নীতি আৰু ধৰ্মক কেন্দ্ৰ কৰি যুগ যুগ ধৰি চলি অহা সামাজিক অনুষ্ঠানসমূহকেই লোক-নাট্য অনুষ্ঠান বুলি কোৱা হয়।
অসমত প্ৰচলিত কেইবিধমান উল্লেখযোগ্য লোক-নাট্য অনুষ্ঠান হৈছে— ওজাপালি, যাত্ৰাপাটী, ভাৰীগান, অংকীয়া নাট, ঢুলীয়া প্ৰদৰ্শন ইত্যাদি।
৯। বাক্য ৰচনা কৰা-
গাওঁবুঢ়া, গায়ন-বায়ন, সূত্ৰধাৰ, হেঙুল-হাইতাল।
উত্তৰঃ
গাওঁবুঢ়া: আমাৰ গাঁৱৰ গাওঁবুঢ়াজনৰ নাম ৰমেন দাস।
গায়ন-বায়ন: সুনিপুণ গায়ন-বায়নৰ অবিহনে নাটৰ অভিনয় সুন্দৰকৈ ফুটি নুঠে।
সূত্ৰধাৰ: এখন ভাওনাত সূত্ৰধাৰৰ দায়িত্ব অতিকৈ গুৰুত্বপূৰ্ণ।
হেঙুল-হাইতাল: পুৰণি কালত হেঙুল-হাইতালেৰেই কইনাৰ ৰূপ সজোৱা হৈছিল।




