ষষ্ঠ শ্ৰেণী আপোন পাঠ অধ্যায় ১৬ – ভীমৰ কাণ্ড – সম্পূৰ্ণ পাঠ্যভিত্তিক সমাধান | AJB
ষষ্ঠ শ্ৰেণী আপোন পাঠ অধ্যায় ১৬ – ভীমৰ কাণ্ড সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ আৰু সমাধান (AJB)
ষষ্ঠ শ্ৰেণীৰ ‘আপোন পাঠ’ (Apun Path) পাঠ্যক্ৰমৰ ষোড়শ অধ্যায় ‘ভীমৰ কাণ্ড’ এখন অতি আকৰ্ষণীয় আৰু গুৰুত্বপূৰ্ণ পাঠ। অসম জাতীয় বিদ্যালয় (AJB) ৰ নতুন পাঠ্যক্ৰমৰ আধাৰত এই অধ্যায়ৰ সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ (Class 6 Apun Path Chapter 16 Textual Question Answer) প্ৰস্তুত কৰা হৈছে। এই বিশেষ সংকলনটিত পাঠভিত্তিক অতি চমু প্ৰশ্ন, চমু প্ৰশ্ন, দীঘলীয়া প্ৰশ্ন, অতিৰিক্ত প্ৰশ্ন (Additional Questions), MCQ আৰু ব্যাকৰণৰ পুংখানুপুংখ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে। অস্পীন একেডেমী (Ospin Academy) ত এই সমাধানসমূহ সহজ, নিৰ্ভুল আৰু সম্পূৰ্ণ পৰীক্ষামুখীভাৱে উপলব্ধ কৰোৱা হৈছে।
‘ভীমৰ কাণ্ড’ নামৰ এই পাঠটিত মহাভাৰতৰ অন্যতম চৰিত্ৰ মহাবীৰ ভীমৰ বীৰত্ব, সাহস আৰু তেওঁৰ লগত জড়িত পৌৰাণিক কাহিনীৰ এক সুন্দৰ বৰ্ণনা দাঙি ধৰা হৈছে। ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এই পাঠৰ মূল কাহিনীভাগ, শব্দাৰ্থ আৰু নৈতিক শিক্ষা বুজি পোৱাটো অতি প্ৰয়োজনীয়। আমাৰ এই পাঠ্যভিত্তিক সমাধানত (Textual Solutions) কেৱল পাঠ্যপুথিৰ অনুশীলনীৰ প্ৰশ্নসমূহেই নহয়, বৰঞ্চ পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন-উত্তৰসমূহো সামৰি লোৱা হৈছে যাতে ছাত্ৰ-ছাত্ৰীসকলে সুন্দৰভাৱে প্ৰস্তুতি চলাব পাৰে।
এই পাঠ্যভিত্তিক সমাধানৰ পৰা আপুনি কি কি শিকিব আৰু পাব:
- ভীমৰ কাণ্ড পাঠৰ মূল কাহিনীভাগৰ সহজ বিশ্লেষণ আৰু শব্দাৰ্থ।
- পাঠভিত্তিক অনুশীলনীৰ সকলো প্ৰশ্নৰ নিৰ্দোষ আৰু মান্য উত্তৰ।
- পাঠভিত্তিক ব্যাকৰণ আৰু সমাৰ্থক, বিপৰীত শব্দৰ সঠিক জ্ঞান।
- নতুন পাঠ্যক্ৰমৰ আৰ্হি অনুসৰি গুৰুত্বপূৰ্ণ অতিৰিক্ত প্ৰশ্নসমূহৰ (Additional Questions) লগতে শেহতীয়া আৰ্হিৰ MCQ প্ৰশ্নৰ সমাধান।
অস্পীন একেডেমীৰ এই প্ৰশ্নোত্তৰসমূহৰ বিশেষ সুবিধা:
- শেহতীয়া AJB নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা সম্পূৰ্ণ পাঠ্যভিত্তিক সমাধান।
- ১০০% নিৰ্ভুল আৰু ছাত্ৰ-ছাত্ৰীয়ে মুখস্থ কৰিবলৈ সহজ হোৱাকৈ সৰল অসমীয়া ভাষাত লিখা উন্নত মানৰ নোটছ (Class 6 Apun Path Notes)।
- পৰীক্ষাৰ পূৰ্বে দ্ৰুত ৰিভিজনৰ (Quick Revision) বাবে বিশেষভাৱে যুগুতোৱা সহজ-সৰল উত্তৰ।
- ভীমৰ কাণ্ড পাঠৰ পৰা পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্নৰ বিশেষ সংকলন।
ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি অস্পীন একেডেমীয়ে এই বিশেষ পাঠ্যভিত্তিক সমাধান আগবঢ়াইছে। আপোনাৰ পৰীক্ষাৰ প্ৰস্তুতি এতিয়াই আৰম্ভ কৰক আৰু আপোন পাঠ বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰাৰ দিশত আগবাঢ়ক।
Class 6 Assamese (আপোন পাঠ) Textbook Solutions & MCQs | AJB New Syllabus
New Updated Version!
According to Latest AJB New Syllabus & Updated Book
Get comprehensive preparation for Class 6 Assamese (আপোন পাঠ) with this complete Textual Solution & MCQs package.
Includes Chapter-wise textbook solutions, additional Q&A, and MCQs precisely structured as per the latest Assam Jatiya Bidyalay (AJB) syllabus and new book.
Perfect for building a strong foundation and mastering your school assessments! Download as an easy-to-use ZIP file.
অসম জাতীয় বিদ্যালয়, ষষ্ঠ শ্ৰেণী: আপোন পাঠ
ভীমৰ কাণ্ড
পাঠভিত্তিক প্রশ্নোত্তৰ
১। শব্দার্থ লিখা-
উদ্ধাৰ, জতুগৃহ, কৰ্ত্তব্য, এচাৰি, গুহা, আচল, পাল, ভক্ষণ, প্রকাণ্ড, চেঁচা, বধ, ক্ৰমাৎ, পাথৰ।
উত্তৰঃ
|
শব্দ |
অর্থ |
|
উদ্ধাৰ |
ৰক্ষা |
|
জতুগৃহ |
লা-ৰে সজাঘৰ |
|
কৰ্ত্তব্য |
কৰিবলগীয়া দায়িত্ব বা কর্ম |
|
এচাৰি |
চেকনি |
|
গুহা |
পৰ্বতৰ গহ্বৰ, ডাঙৰ দ গাঁত |
|
আচল |
প্রকৃত, সত্য, নির্ভেজাল |
|
পাল |
কাম কৰাৰ বাবে বান্ধি দিয়া নির্দিষ্ট সময় |
|
ভক্ষণ |
ভোজন, খোৱা কার্য |
|
প্রকাণ্ড |
বিশাল, বৃহৎ, বৰ ডাঙৰ |
|
চেঁচা |
মাৰিবলৈ খেদি যোৱা কার্য |
|
বধ |
বিনাশ, হত্যা, মাৰিপেলোৱা |
|
ক্ৰমাৎ |
অনুক্রমে, এটাৰ পিছত এটাকৈ |
|
পাথৰ |
শিল |
২। চমুকৈ উত্তৰ দিয়া-
(ক) পাণ্ডু আৰু ধৃতৰাষ্ট্ৰ কাৰ নাতিয়েক আছিল?
উত্তৰঃ পাণ্ডু আৰু ধৃতৰাষ্ট্ৰ দুয়োজন ৰজা শান্তনুৰ নাতিয়েক আছিল।
(খ) পাণ্ডৱসকলৰ পিতৃৰ নাম কি আছিল?
উত্তৰঃ পাণ্ডৱসকলৰ পিতৃৰ নাম আছিল ৰজা পাণ্ডু।
(গ) পাণ্ডবসকলে কি মেলা চাবলৈ গৈছিল?
উত্তৰঃ এখন ডাঙৰ শিৱ মেলা চাবলৈ বুলি পাণ্ডৱসকল গৈছিল।
(ঘ) বাৰণাৱণত গৈ পাণ্ডৱসকলে ক’ত থাকিবলৈ লৈছিল?
উত্তৰঃ বাৰণাৱত নগৰত উপস্থিত হৈ পাণ্ডৱসকলে জতুগৃহত আশ্ৰয় লৈছিল। উল্লেখযোগ্য যে, এই জতুগৃহটো কৌৰৱসকলে সাজি উলিয়াইছিল।
(ঙ) পাণ্ডৱসকলে কেনেদৰে জতুগৃহৰ পৰা বাহিৰলৈ ওলাই প্ৰাণৰক্ষা কৰিছিল?
উত্তৰঃ জতুগৃহৰ ভিতৰভাগৰ পৰা পূৰ্বতেই খান্দি ৰখা এটা সুৰংগৰ মাজেৰে পাৰ হৈ গৈ পাণ্ডৱসকলে নিজৰ প্ৰাণ বচাইছিল।
(চ) পলাই গৈ পাণ্ডৱসকলে ক’ত থাকিবলৈ লৈছিল?
উত্তৰঃ জতুগৃহৰ পৰা সৰকি গৈ পাণ্ডৱসকলে একচক্ৰা নগৰীৰ এটা ব্ৰাহ্মণ পৰিয়ালৰ ঘৰত আশ্ৰয় গ্ৰহণ কৰিছিল।
(ছ) একচক্রা নগৰত পাণ্ডৱসকলে কেনেদৰে জীৱন-যাপন কৰিছিল?
উত্তৰঃ একচক্ৰা নগৰত পঞ্চপাণ্ডৱে নিজৰ প্ৰকৃত পৰিচয় গোপন কৰি ৰাখি এঘৰ ব্ৰাহ্মণৰ ঘৰত দুখীয়া ব্ৰাহ্মণৰ ভেশত দিন কটাইছিল। ব্ৰাহ্মণৰ ৰূপত ভিক্ষা মাগি তেওঁলোকে যিবিলাক সামগ্ৰী গোটাইছিল, সেই সকলোবোৰ মাকক চমজাই দিছিল আৰু মাক কুন্তীয়েও সেইখিনিকে ৰান্ধি-বাঢ়ি আটাইকেইজনকে সমানে ভাগ কৰি দিছিল।
(জ) ব্রাহ্মণৰ ঘৰত কিহৰ বাবে কন্দা-কটা লাগিছিল?
উত্তৰঃ সেই ব্ৰাহ্মণৰ ঘৰৰ পৰা কিছু দূৰত অৱস্থিত পৰ্বতৰ গুহা এটাত বক নামৰ এটা ভয়ংকৰ ৰাক্ষস আছিল। এদিন সেই ৰাক্ষসটোৱে নগৰত সোমাই মানুহৰ লগতে জীৱ-জন্তুবোৰকো নিষ্ঠুৰভাৱে খাবলৈ ধৰিলে। কোনো উপায় নাপায় নগৰবাসীয়ে থিৰাং কৰিলে যে দিনৌ পাল পাতি এজন মানুহে গৰু-গাড়ী এখনত এসোপা খোৱাবস্তু লৈ ৰাক্ষসটোৰ তালৈ যাব। ৰাক্ষসটোৱে খাদ্যখিনিৰ সৈতে গৰুহাল আৰু মানুহজনক ভক্ষণ কৰিব। তেতিয়াৰে পৰা নগৰখনত এই নিয়মটো চলি আছিল। সেই নিৰ্দিষ্ট দিনটোত পাণ্ডৱসকলক আশ্ৰয় দিয়া ব্ৰাহ্মণ পৰিয়ালটোৰ পাল পৰিছিল। অৰ্থাৎ, পৰিয়ালটোৰ এজন সদস্য সেইদিনা ৰাক্ষসৰ আহাৰ হ’বলৈ যাব লাগিব। এতিয়া ৰাক্ষসৰ ওচৰলৈ ঘৰখনৰ কোনজন মানুহ যাব, সেই কথাটোক কেন্দ্ৰ কৰিয়েই ব্ৰাহ্মণৰ ঘৰত হাহাকাৰ আৰু কন্দা-কটা লাগিছিল।
(ঝ) বকাসুৰক কোনে, কেনেদৰে মাৰিছিল?
উত্তৰঃ একচক্ৰা নগৰৰ ব্ৰাহ্মণৰ ঘৰত আশ্ৰয় লৈ থকা পাণ্ডৱসকলৰ দ্বিতীয়জন ভাতৃ ভীমে বকাসুৰক বধ কৰিছিল। আগৰ দিনবোৰৰ নিচিনাকৈয়ে সেইদিনাও ভীমে খাদ্যৰে ভৰা গৰু-গাড়ীখন লৈ গৈ পৰ্বতৰ গুহাটোৰ ওচৰ পালেহি। গুহাটোৰ সমীপত গাড়ীখন ৰখাই ভীমে নিজেই আটাইখিনি আহাৰ খাই শেষ কৰিলে আৰু এটা প্ৰকাণ্ড উগাৰ মাৰিলে। উগাৰৰ শব্দত বকাসুৰ গুহাৰ পৰা ওলাই আহিল আৰু গাড়ীত খাবলৈ একো বস্তু নেদেখিলে। এই কাৰ্যত ভীমৰ ওপৰত ৰাক্ষসটোৰ প্ৰচণ্ড খং উঠিল আৰু তেওঁক মাৰিবলৈ খেদা মাৰি আহিল। ভীমেও তৎক্ষণাৎ বকাসুৰৰ দাঁত দুটাত ধৰি বহুদূৰলৈ আছাৰি পেলালে। লগে লগে ভীমে গৈ অসুৰটোৰ পিঠিত উঠি ল’লে আৰু প্ৰচণ্ড জোৰেৰে দুটামান জাঁপ মাৰিলে। ইয়াৰ ফলত ৰাক্ষসটোৰ পিঠিৰ হাড়বোৰ ভাঙি গ’ল আৰু মুখেৰে তেজ ব’বলৈ ধৰিলে। একেবাৰে অন্তত ভীমে এটা ডাঙৰ শিল ডাঙি লৈ বকাসুৰৰ মূৰত অতি জোৰেৰে কোব সোধোৱাত সি প্ৰাণ হেৰুৱালে। এনেদৰেই ভীমে বকাসুৰক নিধন কৰিছিল।
৩। বাক্য ৰচনা কৰা-
চল-চক্রান্ত, চলাহী কথা, ৰান্ধি-বাঢ়ি, কন্দা-কটা, পোহপাল।
উত্তৰঃ
চল-চক্ৰান্ত: শত্ৰুৱে চল-চক্ৰান্ত কৰি ৰজাক সিংহাসনৰ পৰা আঁতৰাবলৈ চেষ্টা কৰিছিল।
চলাহী কথা: চলাহী কথাৰে মানুহক বেছি দিনলৈ ঠগিব নোৱাৰি।
ৰান্ধি-বাঢ়ি: মাক ঘৰত নথকাৰ বাবে বায়েকেই ৰান্ধি-বাঢ়ি আটাইকে খাবলৈ দিলে।
কন্দা-কটা: সাধাৰণ কথা এটাত ল’ৰাটোৱে ঘৰত অনাহকত কন্দা-কটা কৰিছে।
পোহপাল: খেতি-বাতি কৰিয়েই খেতিয়কজনে নিজৰ পৰিয়ালটোক সুন্দৰকৈ পোহপাল দি ৰাখিছে।
৪। বুজা আৰু লিখা-
গুণ —- গুণী
দুখ
নির্মাণ
জ্ঞান
উপকাৰ
বল
ভিক্ষা
অসুৰ
শত্রু
উত্তৰঃ
|
মূল শব্দ |
উৎপন্ন শব্দ |
|
গুণ |
গুণী |
|
দুখ |
দুখী |
|
নিৰ্মাণ |
নিৰ্মিত |
|
জ্ঞান |
জ্ঞানী |
|
উপকাৰ |
উপকাৰী |
|
বল |
বলী |
|
ভিক্ষা |
ভিক্ষাৰী |
|
অসুৰ |
আসুৰিক |
|
শত্রু |
শত্রুতা |



