ষষ্ঠ শ্ৰেণী সমাজ বিজ্ঞান অধ্যায় ৪ – গুপ্ত সাম্রাজ্য – সম্পূৰ্ণ পাঠ্যভিত্তিক সমাধান | AJB
ষষ্ঠ শ্ৰেণী সমাজ বিজ্ঞান অধ্যায় ৪ – গুপ্ত সাম্রাজ্য সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ আৰু সমাধান (AJB)
ষষ্ঠ শ্ৰেণীৰ সমাজ বিজ্ঞান (Social Science) পাঠ্যক্ৰমৰ চতুৰ্থ অধ্যায় ‘গুপ্ত সাম্রাজ্য’ এখন অতি গুৰুত্বপূৰ্ণ পাঠ। অসম জাতীয় বিদ্যালয় (AJB) ৰ নতুন পাঠ্যক্ৰমৰ আধাৰত এই অধ্যায়ৰ সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ (Class 6 Samaj Bigyan Chapter 4 Textual Question Answer) প্ৰস্তুত কৰা হৈছে। এই বিশেষ সংকলনটিত পাঠভিত্তিক অতি চমু প্ৰশ্ন, চমু প্ৰশ্ন, দীঘলীয়া প্ৰশ্ন, অতিৰিক্ত প্ৰশ্ন (Additional Questions), আৰু MCQ ৰ পুংখানুপুংখ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে। অস্পীন একেডেমী (Ospin Academy) ত এই সমাধানসমূহ সহজ, নিৰ্ভুল আৰু সম্পূৰ্ণ পৰীক্ষামুখীভাৱে উপলব্ধ কৰোৱা হৈছে।
‘গুপ্ত সাম্রাজ্য’ নামৰ এই পাঠটিত প্ৰাচীন ভাৰতৰ গুপ্ত সাম্ৰাজ্যৰ উত্থান, বিকাশ আৰু এই যুগৰ সামাজিক, অৰ্থনৈতিক তথা সাংস্কৃতিক অৱদানৰ বিষয়ে বিস্তাৰিতভাৱে বৰ্ণনা কৰা হৈছে। ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এই পাঠৰ মূল বিষয়বস্তু আৰু ভাৰতৰ ইতিহাসৰ এই সুৱৰ্ণ যুগৰ বিষয়ে বুজি পোৱাটো অতি প্ৰয়োজনীয়। আমাৰ এই পাঠ্যভিত্তিক সমাধানত (Textual Solutions) কেৱল পাঠ্যপুথিৰ অনুশীলনীৰ প্ৰশ্নসমূহেই নহয়, বৰঞ্চ পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন-উত্তৰসমূহো সামৰি লোৱা হৈছে যাতে ছাত্ৰ-ছাত্ৰীসকলে সুন্দৰভাৱে প্ৰস্তুতি চলাব পাৰে।
এই পাঠ্যভিত্তিক সমাধানৰ পৰা আপুনি কি কি শিকিব আৰু পাব:
- গুপ্ত সাম্ৰাজ্যৰ ইতিহাস আৰু এই যুগৰ প্ৰধান ৰজাসকলৰ বিষয়ে সহজ বিশ্লেষণ।
- পাঠভিত্তিক অনুশীলনীৰ সকলো প্ৰশ্নৰ নিৰ্দোষ আৰু মান্য উত্তৰ।
- প্ৰাচীন ভাৰতৰ সুৱৰ্ণ যুগ হিচাপে গুপ্ত যুগৰ অৱদানৰ সঠিক জ্ঞান।
- নতুন পাঠ্যক্ৰমৰ আৰ্হি অনুসৰি গুৰুত্বপূৰ্ণ অতিৰিক্ত প্ৰশ্নসমূহৰ (Additional Questions) লগতে শেহতীয়া আৰ্হিৰ MCQ প্ৰশ্নৰ সমাধান।
অস্পীন একেডেমীৰ এই প্ৰশ্নোত্তৰসমূহৰ বিশেষ সুবিধা:
- শেহতীয়া AJB নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা সম্পূৰ্ণ পাঠ্যভিত্তিক সমাধান।
- ১০০% নিৰ্ভুল আৰু ছাত্ৰ-ছাত্ৰীয়ে মুখস্থ কৰিবলৈ সহজ হোৱাকৈ সৰল অসমীয়া ভাষাত লিখা উন্নত মানৰ নোটছ (Class 6 Samaj Bigyan Notes)।
- পৰীক্ষাৰ পূৰ্বে দ্ৰুত ৰিভিজনৰ (Quick Revision) বাবে বিশেষভাৱে যুগুতোৱা সহজ-সৰল উত্তৰ।
- চতুৰ্থ অধ্যায়ৰ পৰা পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্নৰ বিশেষ সংকলন।
ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি অস্পীন একেডেমীয়ে এই বিশেষ পাঠ্যভিত্তিক সমাধান আগবঢ়াইছে। আপোনাৰ পৰীক্ষাৰ প্ৰস্তুতি এতিয়াই আৰম্ভ কৰক আৰু সমাজ বিজ্ঞান বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰাৰ দিশত আগবাঢ়ক।
Class 6 সমাজ বিজ্ঞান (Social Science) Textbook Solutions & MCQs | AJB New Syllabus
New Updated Version!
According to Latest AJB New Syllabus & Updated Book
Get comprehensive preparation for Class 6 সমাজ বিজ্ঞান (Social Science) with this complete Textual Solution & MCQs package.
Includes Chapter-wise textbook solutions, additional Q&A, and MCQs precisely structured as per the latest Assam Jatiya Bidyalay (AJB) syllabus and new version of the book.
Perfect for building a strong foundation and mastering your school assessments! Download as an easy-to-use ZIP file.
অসম জাতীয় বিদ্যালয়, ষষ্ঠ শ্ৰেণী: সমাজ বিজ্ঞান
গুপ্ত সাম্ৰাজ্য
পাঠভিত্তিক প্রশ্নোত্তৰ
১ । একোটাকৈ বাক্যত উত্তৰ দিয়া।
(ক) গুপ্ত ৰাজবংশৰ প্ৰতিস্থাপক ৰজাজনৰ নাম কি?
উত্তৰঃ গুপ্ত ৰাজবংশৰ ভেটি স্থাপন কৰা আদি ৰজাজনৰ নাম হ’ল শ্রীগুপ্ত।
(খ) প্রথম চন্দ্রগুপ্তই কি উপাধি গ্রহণ কৰিছিল?
উত্তৰঃ প্রথম চন্দ্ৰগুপ্তই ‘মহাৰাজাধিৰাজ’ নামৰ উপাধিটো লৈছিল।
(গ) গুপ্ত বংশৰ সৰ্বশ্রেষ্ঠ ৰজাজনৰ নাম কি?
উত্তৰঃ গুপ্ত বংশৰ আটাইতকৈ মহান আৰু শ্ৰেষ্ঠ ৰজাজন আছিল প্রথম সমুদ্রগুপ্ত।
(ঘ) ‘শকাৰি’ উপাধি কোনে গ্রহণ কৰিছিল?
উত্তৰঃ দ্বিতীয় চন্দ্রগুপ্তই নিজকে ‘শকাৰি’ উপাধিৰে বিভূষিত কৰিছিল।
(ঙ) গুপ্ত শাসন ব্যৱস্থাত প্ৰদেশৰ সৰ্বোচ্চ বিষয়াজনক কি বোলা হৈছিল?
উত্তৰঃ গুপ্ত প্ৰশাসনত এখন প্ৰদেশৰ একেবাৰে উচ্চ পদস্থ বিষয়াজনক ‘মহামাত্র’ বুলি আখ্যা দিয়া হৈছিল।
(চ) অজন্তা আৰু ইলোৰা ক’ত অৱস্থিত?
উত্তৰঃ মহাৰাষ্ট্ৰ ৰাজ্যৰ আউৰাংগাবাদ জিলাত অজন্তা আৰু ইলোৰা গুহা অৱস্থিত।
(ছ) ভাৰতৰ নিউটন বুলি কাক কোৱা হয়?
উত্তৰঃ মহান পণ্ডিত আৰ্যভট্টক ভাৰতবৰ্ষৰ নিউটন বুলি জনা যায়।
(জ) মৃচ্ছকটিকম নাটকখনৰ লিখক কোন?
উত্তৰঃ ‘মৃচ্ছকটিকম’ নামৰ বিখ্যাত নাটকখন ৰচনা কৰিছিল শূদ্রকে।
(ঝ) গুপ্তশাসন কালত দক্ষিণ ভাৰতৰ বিখ্যাত বন্দৰটোৰ নাম কি?
উত্তৰঃ কালিকট।
(ঞ) কামৰূপ নামটোৰ উল্লেখ প্ৰথমবাৰৰ বাবে কোনখন শিলালিপিত পোৱা গৈছিল?
উত্তৰঃ সমুদ্ৰগুপ্তৰ এলাহাবাদ প্রশস্তিতেই পোনপ্ৰথমবাৰৰ বাবে ‘কামৰূপ’ শব্দটোৰ উল্লেখ পাবলৈ পোৱা যায়।
২ । প্রথম চন্দ্রগুপ্তই কেনেকৈ গুপ্ত সাম্রাজ্য গঢ় দিছিল লিখা।
উত্তৰঃ ৰাজপাটত বহিয়েই প্রথম চন্দ্ৰগুপ্তই ‘মহাৰাজাধিৰাজ’ উপাধি লৈছিল। তেওঁ শাসনভাৰ গ্ৰহণ কৰা সময়ৰ পৰাই ‘গুপ্তাব্দ’ নামৰ এক নতুন বৰ্ষপঞ্জীৰ গণনা আৰম্ভ হয়। সিংহাসনত বহিয়েই তেওঁ নিজৰ সাম্ৰাজ্য সম্প্ৰসাৰণৰ বাবে নানা কৌশল অৱলম্বন কৰিছিল। উত্তৰ দিশত ৰাজ্য বিস্তাৰৰ উদ্দেশ্যে তেওঁ প্ৰতাপী লিচ্ছবী বংশৰ লগত বৈবাহিক মিত্ৰতা স্থাপন কৰিছিল। লিচ্ছবী ৰাজকন্যা কুমাৰী দেৱীক বিয়া কৰোৱাৰ ফলস্বৰূপে চন্দ্ৰগুপ্তই যৌতুক হিচাপে পাটলিপুত্ৰ আৰু বৈশালী অঞ্চল লাভ কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ উপৰি নিজৰ সামৰিক বিক্ৰমেৰে তেওঁ প্রয়াগ, শাকেত, দক্ষিণ বিহাৰ আৰু বংগৰ একাংশ অধিকাৰ কৰিছিল। এনেদৰেই প্রথম চন্দ্ৰগুপ্তই এখন অতি বিশাল গুপ্ত সাম্ৰাজ্যৰ ভেটি গঢ়ি তুলিছিল।
৩ । গ্রহণ পৰিমোক্ষ নীতি মানে কি? সমুদ্রগুপ্তই এই নীতি ক’ত আৰু কিয় প্রয়োগ কৰিছিল?
উত্তৰঃ গ্ৰহণ পৰিমোক্ষ নীতিৰ অৰ্থ হৈছে পৰাজিত ৰজাসকলক নিজৰ অধীনলৈ আনি তেওঁলোকৰ পৰা কেৱল কৰ-কাটল আদি গ্ৰহণ কৰা।
সমুদ্রগুপ্তই দক্ষিণ ভাৰতৰ ৰাজ্যসমূহ যুদ্ধত জয় কৰিছিল যদিও তাত তেওঁ পোনপটীয়াভাৱে শাসন চলোৱা নাছিল। ইয়াৰ পৰিৱৰ্তে সেই ৰজাসকলক নিজৰ বশৱৰ্তী কৰি ৰাখি তেওঁলোকৰ পৰা নিয়মীয়াকৈ কৰ আদায় কৰিছিল। ইমান এখন বিশাল সাম্ৰাজ্য দূৰৈৰ পৰা সুচাৰুৰূপে পৰিচালনা কৰাটো বৰ টান হ’ব বুলি অনুভৱ কৰিয়েই সমুদ্রগুপ্তই দক্ষিণৰ ৰাজ্যসমূহৰ ক্ষেত্ৰত এই গ্ৰহণ পৰিমোক্ষ নীতি অৱলম্বন কৰিছিল।
৪ । নৱৰত্ন বুলি ক’লে কি বুজা?
উত্তৰঃ দ্বিতীয় চন্দ্ৰগুপ্তৰ ৰাজদৰবাৰ শুৱনি কৰি থকা কালিদাস, অমৰ সিংহ, বৰাহমিহিৰ, শংকু, বৰৰুচি, ক্ষপণক, বেতালভট্ট, ঘটকপৰ্ব আৰু ধনন্তৰী— এই ন-গৰাকী মহান পণ্ডিতক একেলগে ‘নৱৰত্ন’ বুলি জনা গৈছিল।
৫ । দ্বিতীয় চন্দ্ৰগুপ্তৰ ৰাজত্বকালৰ বিষয়ে এটা টোকা লিখা।
উত্তৰঃ সমুদ্রগুপ্তৰ দেহাৱসানৰ অন্তত তেওঁৰ পুত্ৰ চন্দ্ৰগুপ্তই সিংহাসন আৰোহণ কৰে, যাক বুৰঞ্জীবিদসকলে দ্বিতীয় চন্দ্রগুপ্ত হিচাপে আখ্যা দিছে। তেওঁ ‘বিক্রমাদিত্য’ উপাধিৰে নিজকে বিভূষিত কৰিছিল। বিভিন্ন ৰাজবংশৰ সৈতে বৈৱাহিক মিত্ৰতা স্থাপন কৰি তেওঁ সাম্ৰাজ্যৰ পৰিসৰ বৃদ্ধি কৰিছিল। দ্বিতীয় চন্দ্ৰগুপ্তই মালৱা আৰু গুজৰাটৰ শঁক ৰজাক পৰাজয় কৰি অতি চহকী উজ্জয়িনী নগৰ অধিকাৰ কৰিছিল আৰু ইয়াক সাম্ৰাজ্যৰ দ্বিতীয়খন ৰাজধানী পাতিছিল। শঁকসকলক হৰুৱাৰ বাবেই তেওঁক ‘শকাৰি’ উপাধি দিয়া হৈছিল। তেওঁৰ শাসনকালতেই চীনা পৰিব্ৰাজক ফাহিয়ানে ভাৰত দৰ্শন কৰিছিল আৰু সমসাময়িক ভাৰতৰ বিষয়ে এক বহুমূলীয়া বিৱৰণী লিখি থৈ গৈছে।
বিজ্ঞান, সাহিত্য আৰু সংস্কৃতিৰ দিশৰ পৰা চাবলৈ গ’লে দ্বিতীয় চন্দ্রগুপ্তৰ সময়ছোৱা আছিল অতি গৌৰৱোজ্জ্বল। তেওঁৰ ৰাজসভা কালিদাস, অমৰসিংহ, বৰাহমিহিৰ, শংকু, বৰৰুচি, বেতালভট্ট, ক্ষপণক, ঘটকপৰ্ব আৰু ধনন্তৰী— এই ন-গৰাকী সুপণ্ডিতৰ দ্বাৰা অলংকৃত হৈ আছিল, যাক ‘নৱৰত্ন’ বোলা হৈছিল। এই নৱৰত্নৰ মাজত মহাকবি কালিদাসৰ সুনাম চাৰিওফালে বিস্তাৰিত আছিল। অৱশেষত ৪১৪ খ্রীষ্টাব্দত দ্বিতীয় চন্দ্রগুপ্তৰ পৰলোকপ্ৰাপ্তি ঘটে।
৬ । গুপ্ত সাম্রাজ্যৰ শাসন ব্যৱস্থা সম্পর্কে বর্ণনা কৰা।
উত্তৰঃ গুপ্ত সাম্ৰাজ্যত প্ৰধানকৈ ৰাজতন্ত্ৰ ব্যৱস্থাৰে শাসন চলোৱা হৈছিল। তেওঁলোকৰ প্ৰশাসন ব্যৱস্থাক দুটা ঘাই ভাগত ভগাব পাৰি— কেন্দ্ৰীয় শাসন আৰু প্ৰাদেশিক শাসন।
কেন্দ্ৰীয় প্ৰশাসনৰ সৰ্বোচ্চ ক্ষমতা ৰজাৰ হাততেই ন্যস্ত আছিল। ৰজাক প্ৰশাসনীয় কাম-কাজত দিহা-পৰামৰ্শ দিবলৈ এখন মন্ত্ৰী পৰিষদ আছিল আৰু এই মন্ত্ৰীসকলক ‘অমাত্য’ বোলা হৈছিল। সুচাৰুৰূপে শাসন চলাবৰ বাবে গুপ্ত সম্ৰাটসকলে বিশাল সাম্ৰাজ্যখনক কেইবাখনো ‘ভুক্তি’ বা প্ৰদেশত বিভক্ত কৰি লৈছিল। এই প্ৰদেশসমূহক পুনৰ ‘বিষয়’ বা জিলাত ভগোৱা হৈছিল। প্ৰশাসনৰ একেবাৰে নিম্ন স্তৰৰ গোটটো আছিল গাঁও। এখন প্ৰদেশৰ একেবাৰে উচ্চ পদস্থ বিষয়াজনক ‘মহামাত্র’ আৰু গাঁৱৰ শাসন পৰিচালনা কৰা মুৰব্বীজনক ‘গ্ৰামিক’ বা গাঁওবুঢ়া বোলা হৈছিল।
সেই সময়ত বিভিন্ন বৃত্তিধাৰী লোকসকলৰ নিজা নিজা গোট বা সংঘ (গীল্ড) আছিল, যিবোৰে নগৰৰ প্ৰশাসনত গুৰুত্বপূৰ্ণ অৰিহণা যোগাইছিল। ন্যায় বিচাৰৰ ক্ষেত্ৰত দেৱানী আৰু ফৌজদাৰী— এই দুয়োবিধ আইনৰ প্ৰয়োগ গুপ্ত যুগত দেখা গৈছিল, য’ত সম্ৰাট জনেই আছিল সৰ্বোচ্চ বিচাৰপতি।
সামগ্ৰিকভাৱে প্ৰশাসনিক দিশত গুপ্ত সম্ৰাটসকলে এক শক্তিশালী এককেন্দ্ৰিক শাসন ব্যৱস্থাৰ পোষকতা কৰিছিল।
৭ । গুপ্তযুগত ভাৰতত সামাজিক অবস্থা কেনে ধৰণৰ আছিল বৰ্ণনা কৰা।
উত্তৰঃ গুপ্ত ৰজাসকলৰ শাসনকালত ভাৰতীয় সমাজৰ গাঁথনিলৈ যথেষ্ট পৰিৱৰ্তন আহিছিল। কৰ্মচাৰীক দৰমহাৰ পৰিৱৰ্তে ভূমিদান কৰাৰ ব্যৱস্থা আৰম্ভ হোৱাত সমাজত সামন্ত প্ৰথাৰ দ্ৰুত প্ৰসাৰ ঘটিবলৈ লৈছিল। ৰজাসকলৰ পৰা পোৱা দান-দক্ষিণাৰ বাবে সমাজত উচ্চ বৰ্ণৰ মাটিগিৰী বা জমিদাৰ শ্ৰেণী এটা গঢ় লৈ উঠিছিল। একে সময়তে সমাজত অস্পৃশ্যতা আৰু জাতিভেদ প্ৰথাই প্ৰবল ৰূপ ধাৰণ কৰিছিল। তদুপৰি, নানা বিদেশী লোক ভাৰতত প্ৰৱেশ কৰি থলুৱা সমাজৰ লগত মিলি যোৱাৰ ফলত বহু নতুন জাতিৰো সৃষ্টি হৈছিল।যিহেতু গুপ্ত সম্ৰাটসকল প্ৰধানকৈ হিন্দু ধৰ্মৰ পৃষ্ঠপোষক আছিল, সেয়েহে সমাজত পুৰোহিতসকলৰ প্ৰভাৱ-প্ৰতিপত্তি যথেষ্ট বৃদ্ধি পাইছিল। মাটিৰ মালিকীস্বত্ব লাভ কৰা এনে পুৰোহিত শ্ৰেণীৰ উদ্ভৱে সমাজত কিছু নতুন অৰ্থনৈতিক জটিলতাৰো সৃষ্টি কৰিছিল। ইয়াৰ ওপৰিও, কৃষিকৰৰ মাত্ৰা বঢ়াই দিয়াৰ ফলত সাধাৰণ খেতিয়ক শ্ৰেণীৰ আৰ্থিক অৱস্থা অতি শোচনীয় হৈ পৰিছিল।
অৱশ্যে, গুপ্ত যুগত মহিলা আৰু শূদ্ৰসকলৰ সামাজিক মৰ্যাদা পূৰ্বতকৈ কিছু উন্নত হৈছিল। তথাপিও নাৰীসকলক ৰাজ্যৰ প্ৰশাসনিক কাম-কাজৰ পৰা সম্পূৰ্ণ আঁতৰাই ৰখা হৈছিল।
৮। গুপ্ত শাসনকালত ভাৰতৰ শিল্পকলাৰ বিকাশৰ ধাৰা সম্পর্কে এটা টোকা প্রস্তুত কৰা।
উত্তৰঃ গুপ্ত সম্ৰাটসকলৰ ৰাজত্বকালত ভাৰতীয় শিল্পকলাই যথেষ্ট বিকাশ লাভ কৰিছিল। বিশেষকৈ জৈন আৰু বৌদ্ধ ধৰ্মীয় শিল্পকৰ্মই এই যুগত উন্নতিৰ শিখৰ চুইছিল। বৌদ্ধ মূৰ্তি নিৰ্মাণৰ ক্ষেত্ৰত সাৰনাথ আৰু মথুৰা অঞ্চল অতিশয় প্ৰসিদ্ধ হৈ পৰিছিল। মহাৰাষ্ট্ৰৰ ইলোৰা আৰু অজন্তা গুহাৰ মনোমোহা চিত্ৰসমূহ গুপ্ত যুগৰ উন্নত শিল্পকলাৰ এক উৎকৃষ্ট প্ৰমাণ। ভাস্কৰ্য কলাৰ দিশতো এই সময়ছোৱা যথেষ্ট আগবঢ়া আছিল। গুপ্ত যুগতেই হিন্দু ধৰ্মৰ আৰাধ্য দেৱতা শিৱ, বিষ্ণু আদিৰ সুন্দৰ মূৰ্তিসমূহ নিৰ্মাণ কৰা হৈছিল। ইয়াৰ লগতে ধাতু শিল্পৰো প্ৰচুৰ উন্নতি সাধন হৈছিল। বৰ্তমান দিল্লীৰ মেহৰুলীত সগৌৰৱে থিয় দি থকা মামৰ নধৰা লৌহ স্তম্ভটো গুপ্ত যুগৰ উন্নত ধাতু বিজ্ঞান আৰু ভাস্কৰ্যৰ এক জলন্ত নিদৰ্শন। উত্তৰ প্ৰদেশৰ কেইবাখনো ঠাইত আৱিষ্কাৰ হোৱা শিল আৰু ইটাৰ মন্দিৰসমূহ গুপ্ত স্থাপত্যকলাৰ জীৱন্ত চানেকি। এই যুগৰ স্থাপত্যৰ অন্যতম প্ৰধান বৈশিষ্ট্যই আছিল নিৰ্মাণ কাৰ্যত শিলৰ বহুল প্ৰয়োগ। পাটলিপুত্ৰত শিলেৰে নিৰ্মিত ৰাজপ্ৰসাদটোৰ অপৰূপ সৌন্দৰ্যই বিদেশৰ পৰা অহা পৰিব্ৰাজকসকলকো মন্ত্ৰমুগ্ধ কৰিছিল।
৯ । ‘গুপ্ত সাম্ৰাজ্যৰ দিনত ভাৰতীয় সাহিত্যই পূর্ণ বিকাশ লাভ কৰিছিল।’ ব্যাখ্যা কৰা।
উত্তৰঃ সাহিত্য চৰ্চাৰ দিশৰ পৰা ভাৰতৰ ইতিহাসত গুপ্ত যুগ অতি গৌৰৱময়। এই সময়ছোৱাত প্ৰধানকৈ দুটা সুকীয়া ধাৰাৰ সাহিত্যৰ পয়োভৰ ঘটিছিল— এটা হ’ল ধৰ্মনিৰপেক্ষ সাহিত্য আৰু আনটো হ’ল ধৰ্মীয় সাহিত্য। গুপ্ত ৰজাসকলে বিদ্বান পণ্ডিতসকলক ৰাজদৰবাৰত আদৰেৰে স্থান দিছিল। দ্বিতীয় চন্দ্ৰগুপ্তৰ ৰাজসভাৰ বিখ্যাত ‘নৱৰত্ন’ই ভাৰতীয় সাহিত্যৰ ভঁৰাল চহকী কৰি গৈছে। এই যুগৰ সাহিত্যিকসকলৰ ভিতৰত মহাকবি কালিদাসে আছিল আটাইতকৈ শ্ৰেষ্ঠ। তেওঁৰ অমৰ ৰচনাসমূহে কেৱল সংস্কৃত সাহিত্যক সমৃদ্ধ কৰাই নহয়, বৰঞ্চ ভাৰতীয় সাহিত্যক বিশ্ব দৰবাৰতো এক সন্মানজনক স্থান প্ৰদান কৰিছে। কালিদাসৰ সমান্তৰালকৈ ভাৰৱী, অশ্বঘোষ আৰু হৰিসেনৰ দৰে ব্যক্তিসকলো বিখ্যাত কবি আছিল। হৰিসেন আছিল সম্ৰাট সমুদ্ৰগুপ্তৰ ৰাজসভাৰ কবি। বিশাখাদত্তৰ ‘মুদ্ৰাৰাক্ষস’ আৰু শূদ্ৰকৰ ‘মৃচ্ছকটিকম’ নাটকখন গুপ্ত যুগৰ সাহিত্যৰ অমূল্য সম্পদ। ইয়াৰ উপৰি হিন্দু ধৰ্মৰ মৎস্য, শিৱ, বায়ু আদি পুৰাণসমূহ আৰু ভাগৱতৰ বিভিন্ন স্কন্ধ গুপ্ত শাসনকালতেই ৰচনা কৰা হৈছিল। দ্বিতীয় চন্দ্ৰগুপ্তৰ ৰাজদৰবাৰৰ পণ্ডিত অমৰসিংহই সংস্কৃত ভাষাৰ সৰ্বপ্ৰথম অভিধান ‘অমৰকোষ’ সংকলন কৰিছিল। সেই সময়ত উজ্জয়িনী, তক্ষশীলা, নালন্দা, বিক্ৰমশীলা আৰু সাৰনাথত গঢ়ি উঠা বিশ্ববিদ্যালয়সমূহে দেশৰ শৈক্ষিক জগতত এক বিৰাট বিপ্লৱৰ সূচনা কৰিছিল। গুপ্ত যুগত সাহিত্য ৰচনাৰ মূল মাধ্যম আছিল সংস্কৃত ভাষা, যদিওৱা সমাজৰ সাধাৰণ শ্ৰেণীৰ মানুহে প্ৰধানকৈ প্ৰাকৃত ভাষাহে ব্যৱহাৰ কৰিছিল।
১০ । গুপ্তযুগক কিয় ভাৰতৰ সোণালী যুগ বোলা হয় আলোচনা কৰা।
উত্তৰঃ ভাৰতীয় বুৰঞ্জীত গুপ্ত যুগক ‘সোণালী যুগ’ হিচাপে আখ্যা দিয়া হয়। গুপ্ত সম্ৰাটসকলে দেশৰ আভ্যন্তৰীণ শান্তি-শৃংখলা বৰ্তাই ৰখাৰ লগতে বিদেশী আক্ৰমণৰ পৰাও জনসাধাৰণক সুৰক্ষিত কৰি ৰাখিছিল। তেওঁলোকৰ পৃষ্ঠপোষকতাত বিজ্ঞান, দৰ্শন, শিল্প-কলা, স্থাপত্য, চিত্ৰকলা আৰু সাহিত্য— এই সকলোবোৰ ক্ষেত্ৰতেই চৰম উন্নতি সাধন হৈছিল। সমাজ ব্যৱস্থায়ো এক পৰিপূৰ্ণ ৰূপ পাইছিল আৰু ভাৰতীয় সংস্কৃতি তথা সভ্যতাৰ সুবাস চাৰিওফালে বিয়পি পৰিছিল। গণিতৰ ক্ষেত্ৰত শূন্যৰ ব্যৱহাৰ আৰু দশমিক প্ৰণালীৰ দৰে যুগান্তকাৰী ধাৰণাসমূহ পোনপ্ৰথমবাৰৰ বাবে এই গুপ্ত যুগতেই উদ্ভাৱন হৈছিল। তেওঁলোকে প্ৰৱৰ্তন কৰা প্ৰশাসনৰ কিছুমান সুন্দৰ নীতি-নিয়ম বৰ্তমানৰ সমাজ ব্যৱস্থাতো দেখিবলৈ পোৱা যায়। সামগ্ৰিকভাৱে, গুপ্ত ৰজাসকলৰ দিনত ভাৰতীয় সমাজ জীৱনৰ যি সৰ্বাংগীণ আৰু অভূতপূৰ্ব বিকাশ ঘটিছিল, তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই পণ্ডিতসকলে এই সময়ছোৱাক ভাৰতৰ সোণালী যুগ বুলি অভিহিত কৰৰে।
১১ । গুপ্তযুগৰ শ্ৰেষ্ঠ জ্যোতিবিজ্ঞানী কোন আৰু তেওঁ ৰচনা কৰা গ্ৰন্থখনৰ নাম লিখা।
উত্তৰঃ গুপ্ত যুগৰ আটাইতকৈ প্ৰখ্যাত জ্যোতিৰ্বিজ্ঞানীগৰাকী আছিল বৰাহমিহিৰ। তেওঁ লিখি থৈ যোৱা শ্ৰেষ্ঠ গ্ৰন্থখনৰ নাম হৈছে ‘জ্যোতিষ শাস্ত্ৰ পঞ্চ সিদ্ধান্ত’ (পঞ্চসিদ্ধান্তিকা)।
১২। গুপ্তযুগত গণিত শাস্ত্ৰত উদ্ভৱ হোৱা শ্রেষ্ঠ ধাৰণা তিনিটা কি কি আছিল?
উত্তৰঃ গুপ্ত শাসনকালত গণিতৰ জগতখনলৈ অহা তিনিটা যুগান্তকাৰী আৰু শ্ৰেষ্ঠ ধাৰণা হ’ল—
(ক) দশমিক প্ৰণালীৰ প্ৰচলন,
(খ) শূন্যৰ ব্যৱহাৰ, আৰু
(গ) সংখ্যাৰ স্থানীয় মানৰ ধাৰণা।
১৩ । কালিদাসে ৰচনা কৰা পাঁচখন সংস্কৃত সাহিত্যৰ নাম লিখা।
উত্তৰঃ মহাকবি কালিদাসে লিখি উলিওৱা পাঁচখন অমূল্য সংস্কৃত গ্ৰন্থৰ নাম হ’ল— (ক) ৰঘুবংশ, (খ) মালৱিকাগ্নিমিত্ৰম, (গ) অভিজ্ঞানম শকুন্তলম, (ঘ) কুমাৰসম্ভৱ, আৰু (ঙ) মেঘদূত।
১৪। চমুটোকা লিখা-
সোণালী যুগ, ফাহিয়ান, কালিদাস
উত্তৰঃ
সোণালী যুগ: ভাৰতীয় ইতিহাসৰ পাণডুলিপিত গুপ্ত যুগক ‘সোণালী যুগ’ নামেৰে অভিহিত কৰা হয়। এই সময়ছোৱাত গুপ্ত ৰজাসকলে সমগ্ৰ দেশজুৰি এক শান্তিপূৰ্ণ পৰিৱেশ বৰ্তাই ৰাখিছিল আৰু ৰাইজক বিদেশী শত্ৰুৰ পৰা নিৰাপত্তা প্ৰদান কৰিছিল। এই প্ৰজাদৰদী সম্ৰাটসকলৰ পৃষ্ঠপোষকতাতেই বিজ্ঞান, দৰ্শন, শিল্পকলা, সাহিত্য আৰু স্থাপত্য আদি সকলো দিশতে দেশে চৰম উৎকৰ্ষ সাধন কৰিছিল। ভাৰতীয় সভ্যতা আৰু সংস্কৃতিৰ সুবাস সমগ্ৰ বিশ্বলৈ এই গুপ্ত যুগতেই বিয়পি পৰিছিল।
ফাহিয়ান: দ্বিতীয় চন্দ্ৰগুপ্ত ওৰফে বিক্ৰমাদিত্যৰ ৰাজত্বকালত ফাহিয়ান নামৰ চীন দেশৰ পৰিব্ৰাজকগৰাকীয়ে ভাৰত ভ্ৰমণলৈ আহে। তেওঁ ৪০১ খ্ৰীষ্টাব্দৰ পৰা ৪১০ খ্ৰীষ্টাব্দলৈকে প্ৰায় দহ বছৰ কাল ভাৰতবৰ্ষত অতিবাহিত কৰিছিল। তেওঁ ভাৰতীয় সমাজ ব্যৱস্থাৰ ওপৰত এক মূল্যৱান বিৱৰণী এৰি থৈ গৈছে, য’ত মগধৰ ৰাজধানী পাটলিপুত্ৰৰ অপৰূপ বৰ্ণনাৰ লগতে প্ৰশাসন প্ৰণালী, থলুৱা বাসিন্দাৰ জীৱনশৈলী আৰু শিল্পকলাৰ বিষয়ে বিশদভাৱে উল্লেখ আছে। তেওঁ ভাৰতত থকা সময়ছোৱাত সংস্কৃত ভাষাও আয়ত্ত কৰিছিল।
কালিদাস: সম্ৰাট দ্বিতীয় চন্দ্ৰগুপ্তৰ ৰাজসভাত থকা ন-গৰাকী পণ্ডিত অৰ্থাৎ ‘নৱৰত্ন’ৰ ভিতৰত কালিদাস আছিল আটাইতকৈ প্ৰভাৱশালী আৰু উজ্জ্বল ৰত্ন। তেওঁ ৰচনা কৰা সাহিত্যৰাজিক সমগ্ৰ ভাৰতীয় সাহিত্য জগতৰ অন্যতম শ্ৰেষ্ঠ কৃতি হিচাপে মনা হয়। তেওঁৰ লেখনিয়ে ভাৰতীয় সাহিত্যক এক বিশ্বজনীন স্বীকৃতি আনি দিছিল। কালিদাসৰ কেইখনমান বিখ্যাত আৰু কালজয়ী ৰচনাৰ ভিতৰত ‘অভিজ্ঞানম শকুন্তলম’, ‘মেঘদূত’, ‘কুমাৰসম্ভৱ’, ‘ৰঘুবংশ’, ‘ঋতুসংহাৰ’ আৰু ‘মালৱিকাগ্নিমিত্ৰম’ বিশেষভাৱে উল্লেখযোগ্য।




