Class 6 Samaj Bigyan Chapter 9 আমাৰ ৰাষ্ট্ৰীয় সংহতি Solutions | AJB

class 6

ষষ্ঠ শ্ৰেণী সমাজ বিজ্ঞান অধ্যায় ৯ – আমাৰ ৰাষ্ট্ৰীয় সংহতি – সম্পূৰ্ণ পাঠ্যভিত্তিক সমাধান | AJB

ষষ্ঠ শ্ৰেণী সমাজ বিজ্ঞান অধ্যায় ৯ – আমাৰ ৰাষ্ট্ৰীয় সংহতি সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ আৰু সমাধান (AJB)

ষষ্ঠ শ্ৰেণীৰ সমাজ বিজ্ঞান (Social Science) পাঠ্যক্ৰমৰ নৱম অধ্যায় ‘আমাৰ ৰাষ্ট্ৰীয় সংহতি’ এখন অতি গুৰুত্বপূৰ্ণ পাঠ। অসম জাতীয় বিদ্যালয় (AJB) ৰ নতুন পাঠ্যক্ৰমৰ আধাৰত এই অধ্যায়ৰ সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ (Class 6 Samaj Bigyan Chapter 9 Textual Question Answer) প্ৰস্তুত কৰা হৈছে। এই বিশেষ সংকলনটিত পাঠভিত্তিক অতি চমু প্ৰশ্ন, চমু প্ৰশ্ন, দীঘলীয়া প্ৰশ্ন, অতিৰিক্ত প্ৰশ্ন (Additional Questions), আৰু MCQ ৰ পুংখানুপুংখ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে। অস্পীন একেডেমী (Ospin Academy) ত এই সমাধানসমূহ সহজ, নিৰ্ভুল আৰু সম্পূৰ্ণ পৰীক্ষামুখীভাৱে উপলব্ধ কৰোৱা হৈছে।

‘আমাৰ ৰাষ্ট্ৰীয় সংহতি’ নামৰ এই পাঠটিত ভাৰতবৰ্ষৰ দৰে এখন বিশাল আৰু বৈচিত্ৰ্যপূৰ্ণ দেশত বিভিন্ন জাতি, ধৰ্ম, আৰু ভাষাৰ মানুহৰ মাজত থকা একতা, ৰাষ্ট্ৰীয় সংহতিৰ গুৰুত্ব আৰু ইয়াৰ প্ৰতি থকা ভাবুকিসমূহৰ বিষয়ে বিস্তাৰিতভাৱে আলোচনা কৰা হৈছে। ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এই পাঠৰ মূল বিষয়বস্তু আৰু দেশপ্ৰেমৰ ভাৱধাৰা বুজি পোৱাটো অতি প্ৰয়োজনীয়। আমাৰ এই পাঠ্যভিত্তিক সমাধানত (Textual Solutions) কেৱল পাঠ্যপুথিৰ অনুশীলনীৰ প্ৰশ্নসমূহেই নহয়, বৰঞ্চ পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন-উত্তৰসমূহো সামৰি লোৱা হৈছে যাতে ছাত্ৰ-ছাত্ৰীসকলে সুন্দৰভাৱে প্ৰস্তুতি চলাব পাৰে।

অধিক বিনামূলীয়া Notes আৰু PDFৰ বাবে আমাৰ App টো ডাউনলোড কৰক:
Download EduAssam Solution App Click Here to Get Free Notes & Previous Papers

এই পাঠ্যভিত্তিক সমাধানৰ পৰা আপুনি কি কি শিকিব আৰু পাব:

  • ৰাষ্ট্ৰীয় সংহতিৰ অৰ্থ, বৈচিত্ৰ্যৰ মাজত একতা আৰু ইয়াৰ গুৰুত্বৰ সহজ বিশ্লেষণ।
  • পাঠভিত্তিক অনুশীলনীৰ সকলো প্ৰশ্নৰ নিৰ্দোষ আৰু মান্য উত্তৰ।
  • ৰাষ্ট্ৰীয় প্ৰতীকসমূহ আৰু সু-নাগৰিকৰ দায়িত্বৰ সঠিক জ্ঞান।
  • নতুন পাঠ্যক্ৰমৰ আৰ্হি অনুসৰি গুৰুত্বপূৰ্ণ অতিৰিক্ত প্ৰশ্নসমূহৰ (Additional Questions) লগতে শেহতীয়া আৰ্হিৰ MCQ প্ৰশ্নৰ সমাধান।

অস্পীন একেডেমীৰ এই প্ৰশ্নোত্তৰসমূহৰ বিশেষ সুবিধা:

  • শেহতীয়া AJB নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা সম্পূৰ্ণ পাঠ্যভিত্তিক সমাধান।
  • ১০০% নিৰ্ভুল আৰু ছাত্ৰ-ছাত্ৰীয়ে মুখস্থ কৰিবলৈ সহজ হোৱাকৈ সৰল অসমীয়া ভাষাত লিখা উন্নত মানৰ নোটছ (Class 6 Samaj Bigyan Notes)।
  • পৰীক্ষাৰ পূৰ্বে দ্ৰুত ৰিভিজনৰ (Quick Revision) বাবে বিশেষভাৱে যুগুতোৱা সহজ-সৰল উত্তৰ।
  • নৱম অধ্যায়ৰ পৰা পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্নৰ বিশেষ সংকলন।

ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি অস্পীন একেডেমীয়ে এই বিশেষ পাঠ্যভিত্তিক সমাধান আগবঢ়াইছে। আপোনাৰ পৰীক্ষাৰ প্ৰস্তুতি এতিয়াই আৰম্ভ কৰক আৰু সমাজ বিজ্ঞান বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰাৰ দিশত আগবাঢ়ক।

Vibrant Note Box
Buy Printable PDF
Class 6 সমাজ বিজ্ঞান (Social Science) Textbook Solutions & MCQs | AJB New Syllabus
Original price was: ₹199.00.Current price is: ₹49.00.

New Updated Version!

According to Latest AJB New Syllabus & Updated Book

Get comprehensive preparation for Class 6 সমাজ বিজ্ঞান (Social Science) with this complete Textual Solution & MCQs package.
Includes Chapter-wise textbook solutions, additional Q&A, and MCQs precisely structured as per the latest Assam Jatiya Bidyalay (AJB) syllabus and new version of the book.
Perfect for building a strong foundation and mastering your school assessments! Download as an easy-to-use ZIP file.

Vibrant Note Box
Chapter 9 আমাৰ ৰাষ্ট্ৰীয় সংহতি

 অসম জাতীয় বিদ্যালয়, ষষ্ঠ শ্ৰেণী: সমাজ বিজ্ঞান

অধ্যায়-9                                       অস্পিন একাডেমী

আমাৰ ৰাষ্ট্ৰীয় সংহতি

পাঠভিত্তিক প্রশ্নোত্তৰ

১ । আমাৰ ভাৰতীয় সংস্কৃতিৰ প্ৰধান বৈশিষ্টটো কি?

উত্তৰঃ আমাৰ ভাৰতীয় সংস্কৃতিৰ ঘাই বৈশিষ্ট্যটো হৈছে বিভিন্নতাৰ মাজত ঐক্য।

২ । ভাৰতবৰ্ষত কিমানটা ভাষাক সাংবিধানিক স্বীকৃতি প্রদান কৰা হৈছে?

উত্তৰঃ ভাৰতবৰ্ষত মুঠতে বাইছটা ভাষাক সাংবিধানিক স্বীকৃতি প্ৰদান কৰা হৈছে।

৩ । ভাৰতবৰ্ষত কিমানটা কথিত ভাষা আছে?

উত্তৰঃ সমগ্ৰ ভাৰতবৰ্ষত প্ৰায় ১৬৫২টা কথিত ভাষাৰ প্ৰচলন আছে।

৪ । ভাৰতৰ ৰাষ্ট্ৰীয় ভাষা কি?

উত্তৰঃ আমাৰ ভাৰতৰ ৰাষ্ট্ৰীয় ভাষাটো হৈছে হিন্দী।

৫ । দক্ষিণ ভাৰতত কিহৰ তেল বেছিকৈ ব্যৱহাৰ কৰে?

উত্তৰঃ দক্ষিণ ভাৰতৰ লোকসকলে প্ৰধানকৈ নাৰিকলৰ তেল বেছিকৈ ব্যৱহাৰ কৰে।

৬ । ভাৰতবৰ্ষৰ কোন ৰাজ্যত মৰুভূমি আছে।

উত্তৰঃ ভাৰতৰ ৰাজস্থান ৰাজ্যত মৰুভূমি অৱস্থিত।

প্রশ্নঃ ৰাজস্থানত থকা মৰুভূমিখনৰ নাম কি?

উত্তৰঃ থৰ মৰুভূমি।

৭ । ভাৰতৰ ৰাষ্ট্ৰীয় পাতাকাত থকা গেৰুৱা ৰঙটোৱে কি অর্থ প্রকাশ কৰে?

উত্তৰঃ আমাৰ ৰাষ্ট্ৰীয় পতাকাত থকা গেৰুৱা ৰংটোৱে প্ৰধানকৈ সাহস আৰু ত্যাগৰ অৰ্থ প্ৰকাশ কৰে।

৮ । ভাৰতৰ ৰাষ্ট্ৰীয় পাতাকাখনৰ দীঘ-প্ৰস্থৰ অনুপাত কিমান?

উত্তৰঃ ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাখনৰ দীঘ আৰু প্ৰস্থৰ অনুপাত দেৰগুণ হোৱাটো নিয়ম।

৯ । ভাৰতৰ ৰাষ্ট্ৰীয় প্রতীকৰ তলত লিপিবদ্ধ কথাষাৰ লিখা।

উত্তৰঃ আমাৰ ৰাষ্ট্ৰীয় প্ৰতীকটোৰ তলৰ ভাগত ‘সত্যমেৱ জয়তে’ বুলি লিপিবদ্ধ কৰা থাকে।

১০ । অসমৰ পৰা আন ৰাজ্যসমূহলৈ ৰপ্তানি হোৱা এবিধ সামগ্ৰীৰ নাম লিখা।

উত্তৰঃ চাহপাত।

১১। ৰাষ্ট্ৰীয় সংহতি মানে কি বুজা?

উত্তৰঃ যিকোনো এখন দেশৰ সকলো জনসাধাৰণে জাতি, ধৰ্ম, বৰ্ণ আৰু ভাষাৰ ভেদাভেদ পাহৰি একতাৰ ডোলেৰে বান্ধ খাই থকা অৱস্থাটোকেই ৰাষ্ট্ৰীয় সংহতি বুলি কোৱা হয়।

১২ । একক নাগৰিকত্ব মানে কি?

উত্তৰঃ ভাৰতবৰ্ষত নানা জাতি-জনগোষ্ঠীৰ লোকে বসবাস কৰিলেও, প্ৰতিটো জাতিৰ বাবে বেলেগ বেলেগ নাগৰিকত্বৰ ব্যৱস্থা নাই। ইয়াত সকলো লোকেই কেৱল ভাৰতীয় নাগৰিক। ‘আমি সকলো ভাৰতীয়’— এইটোৱেই আমাৰ একমাত্ৰ পৰিচয়। ইয়াকেই একক নাগৰিকত্ব বোলা হয়।

১৩ । পাৰস্পৰিক নিৰ্ভৰশীলতাই কি বুজায়? উদাহৰণ সহ লিখা।

উত্তৰঃ পাৰস্পৰিক নিৰ্ভৰশীলতা বুলিলে এখন ৰাজ্যই নিজৰ প্ৰয়োজনৰ বাবে আন এখন ৰাজ্যৰ ওপৰত নিৰ্ভৰ কৰা কাৰ্যকে বুজোৱা হয়। উদাহৰণস্বৰূপে, আমাৰ অসমৰ পৰা কয়লা, খনিজ তেল, চাহপাত আদি ভাৰতৰ বিভিন্ন ৰাজ্যলৈ পঠিওৱা হয়। একেদৰে, অসমৰ প্ৰয়োজন পূৰাবলৈ বাহিৰৰ পৰা ঘেঁহু, ফলমূল আদি সামগ্ৰী অনা হয়। এইদৰেই প্ৰতিখন ৰাজ্যই ইখনে সিখনৰ ওপৰত নিৰ্ভৰশীল হৈ চলিবলগীয়া হয়।

১৪ । চমুটোকা লিখা

(ক) ভাৰতৰ ৰাষ্ট্ৰীয় পাতাকা ।

উত্তৰঃ আমাৰ ৰাষ্ট্ৰীয় পতাকাখন প্ৰধানকৈ তিনিটা ৰঙেৰে গঠিত। সেই ৰংকেইটা হৈছে- গেৰুৱা, বগা আৰু সেউজীয়া। ইয়াৰ প্ৰতিটো ৰঙৰে নিজস্ব একোটা অৰ্থ নিহিত হৈ আছে। একেবাৰে ওপৰত থকা গেৰুৱা ৰংটোৱে ত্যাগ আৰু সাহসক প্ৰতিনিধিত্ব কৰে। মাজভাগৰ বগা ৰংটো পৱিত্ৰতা, সত্য আৰু শান্তিৰ প্ৰতীক। আনহাতে, একেবাৰে তলত থকা সেউজীয়া ৰংটোৱে আমাৰ দেশৰ শস্য-শ্যামলা প্ৰকৃতিক বুজায়। বগা ৰংটোৰ ঠিক মাজতেই চৌব্বিশডাল দণ্ডৰে যুক্ত এটা চক্ৰ অৱস্থিত। সাৰনাথৰ অশোক স্তম্ভৰ পৰা গ্ৰহণ কৰা এই চক্ৰটোক ন্যায়ৰ প্ৰতীক হিচাপে গণ্য কৰা হয়। নিয়ম অনুসৰি পতাকাখনৰ দীঘ আৰু প্ৰস্থৰ অনুপাত দেৰগুণ হ’ব লাগে। আমাৰ এই ৰাষ্ট্ৰীয় পতাকাখনে দেশৰ জনসাধাৰণৰ মাজত সংহতি গঢ়ি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা লৈছে।

(খ) ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক ।

উত্তৰঃ সমগ্ৰ ভাৰতবৰ্ষৰ বাবে ৰাষ্ট্ৰীয় প্ৰতীক হিচাপে সাৰনাথৰ অশোক স্তম্ভটোক মান্যতা প্ৰদান কৰা হৈছে। এই ৰাষ্ট্ৰীয় প্ৰতীকটোৰ এটা ঘূৰণীয়া বেদী বা পীৰাৰ ওপৰত চাৰিটা সিংহৰ মূৰ্তি থিয় হৈ আছে। অৱশ্যে, সন্মুখৰ পৰা লক্ষ্য কৰিলে কেৱল তিনিটা সিংহৰ মূৰ্তিহে দেখা যায়। এই বেদীটোৰ সন্মুখৰ সোঁমাজত এটা ধৰ্ম চক্ৰ অৱস্থিত। চক্ৰটোৰ সোঁকাষে এটা ষাঁড়গৰু আৰু বাওঁকাষে এটা ঘোঁৰাৰ চিত্ৰ আছে। এই একেই চক্ৰটো আমাৰ ৰাষ্ট্ৰীয় পতাকাতো ব্যৱহাৰ কৰা হৈছে। প্ৰতীকটোৰ একেবাৰে তলত দেৱনাগৰী লিপিত ‘সত্যমেৱ জয়তে’ বুলি লিখা থাকে, যাৰ অৰ্থ হৈছে ‘সত্যৰ সদায় জয়’।

(গ) ভাৰতৰ মুদ্ৰা ব্যৱস্থা ।

উত্তৰঃ আমাৰ সমগ্ৰ ভাৰতবৰ্ষত এক উমৈহতীয়া মুদ্ৰা ব্যৱস্থাৰ প্ৰচলন আছে। ইয়াৰ অৰ্থ হ’ল, অসমত আমি যিবোৰ ধাতুৰ মুদ্ৰা বা কাগজী নোট ব্যৱহাৰ কৰোঁ, ভাৰতৰ আন ৰাজ্যসমূহতো সেই একেই মুদ্ৰা চলে। অৱশ্যে, ভাৰতৰ বাহিৰলৈ গ’লে আমাৰ দেশৰ মুদ্ৰাৰে কোনো বস্তু ক্ৰয় বা বিক্ৰয় কৰিব নোৱাৰি। বিদেশত বস্তু কিনিবলৈ হ’লে সোণ-ৰূপৰ মুদ্ৰা বা আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা ‘ডলাৰ’ ব্যৱহাৰ কৰিবলগীয়া হয়। সমগ্ৰ দেশজুৰি চলি থকা এই একে মুদ্ৰা ব্যৱস্থাই আমাৰ ৰাষ্ট্ৰীয় সংহতিৰেই এক সুন্দৰ নিদৰ্শন দাঙি ধৰে।

১৫ । ভাৰতবৰ্ষত কেনেদৰে অনৈক্যৰ মাজত ঐক্য গঢ়ি উঠিছে লিখা।

উত্তৰঃ আমাৰ ভাৰতবৰ্ষত অনৈক্যৰ মাজতো এক সুন্দৰ ঐক্য দেখিবলৈ পোৱা যায়। দেশখনত মুঠতে ২৮ খন ৰাজ্য আছে আৰু প্ৰতিখন ৰাজ্যৰে নিজস্ব সুকীয়া ভাষা, ঐতিহ্য আৰু সংস্কৃতি আছে। আনকি একেখন ৰাজ্যৰ ভিতৰতো নানা ভাষা-ভাষী আৰু সংস্কৃতিৰ মানুহে বসবাস কৰে। ইমান বৈচিত্ৰ্য থকাৰ পাছতো সমগ্ৰ ভাৰতবাসী এক দেশ আৰু এক জাতিৰ ভাৱনাৰে একত্ৰিত হৈ আছে। ভাৰতীয় সংস্কৃতিৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্যটোৱেই হ’ল বিভিন্নতাৰ মাজত একতা। যদিও আমাৰ সমাজৰ প্ৰতিটো দিশতে অনেক ভিন্নতা বিদ্যমান, তথাপিও এই সকলো পাৰ্থক্য পাহৰি আমি গৌৰৱেৰে কওঁ যে আমাৰ একমাত্ৰ পৰিচয়— ‘আমি সকলো ভাৰতীয়’।

১৬। ৰাষ্ট্ৰীয় সংহতিত ব্যাঘাত জন্মাৱ পৰা যিকোনো পাঁচোটা দিশৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ ৰাষ্ট্ৰীয় সংহতিত আউল লগাব পৰা প্ৰধান পাঁচটা কাৰক হৈছে— 

(ক) ব্যক্তিগত স্বাৰ্থপৰতা

(খ) হিংসা আৰু বিদ্বেষৰ মনোভাৱ

(গ) উদাসীনতা

(ঘ) সাম্প্ৰদায়িকতা

(ঙ) অৰ্থনৈতিক অনগ্ৰসৰতা বা পিছপৰা অৱস্থা।

নিজৰ ব্যক্তিগত স্বাৰ্থ পূৰণ কৰিবলৈ গৈ একাংশ লোকে নীতিবৰ্হিভূত কাৰ্যত লিপ্ত হয়, যিয়ে পৰৱৰ্তী সময়ত ৰাষ্ট্ৰীয় সংহতিৰ প্ৰতি ভাবুকি নমাই আনে। আমাৰ মাজত থকা হিংসা আৰু বিদ্বেষৰ মনোভাৱেও ৰাষ্ট্ৰীয় সংহতি বিনষ্ট কৰে। এনে পাৰস্পৰিক সংঘাতে মানুহৰ মাজত ভ্ৰাতৃত্ববোধ জাগ্ৰত হোৱাত হেঙাৰ হৈ থিয় দিয়ে। জনসাধাৰণৰ মাজত থকা উদাসীনতা বা অনীহায়ো ৰাষ্ট্ৰীয় একতা গঢ়ি উঠাত ব্যাঘাত জন্মায়। কাৰণ এজন উদাসীন ব্যক্তিয়ে দেশৰ কোনো গঠনমূলক কামতেই ভাগ ল’বলৈ আগ্ৰহ নকৰে।

ৰাষ্ট্ৰীয় সংহতিৰ পথত আটাইতকৈ ডাঙৰ বাধাটো হৈছে সাম্প্ৰদায়িকতা। নিজৰ ধৰ্মৰ প্ৰতি থকা অন্ধ গোড়ামী আৰু আন ধৰ্মক কৰা তুচ্ছ-তাচ্ছিল্যই দেশৰ অখণ্ডতাত ডাঙৰ ফাট মেলাব পাৰে। তদুপৰি, দেশৰ আটাইবোৰ ৰাজ্যতে অৰ্থনৈতিক প্ৰগতি সমান হাৰত নহ’লেও সমাজত এক বৈষম্যৰ সৃষ্টি হয়, যিয়ে ৰাষ্ট্ৰীয় সংহতিত প্ৰত্যক্ষভাৱে বাধাৰ সৃষ্টি কৰে।

১৭। ৰাষ্ট্ৰীয় সংহতি ৰক্ষাৰ বাবে ভাৰতবৰ্ষৰ সংবিধানত থকা ব্যৱস্থাসমূহ আলোচনা কৰা।

উত্তৰঃ দেশৰ ৰাষ্ট্ৰীয় সংহতি অটুট ৰাখিবৰ বাবে ভাৰতীয় সংবিধানত তলত উল্লেখ কৰা ব্যৱস্থাসমূহ সন্নিৱিষ্ট কৰা হৈছে—

(ক) একক সংবিধান, (খ) ৰাষ্ট্ৰীয় পতাকা, (গ) ৰাষ্ট্ৰীয় সংগীত, (ঘ) ৰাষ্ট্ৰীয় প্ৰতীক, (ঙ) ৰাষ্ট্ৰীয় দিৱস, (চ) একক নাগৰিকত্ব, (ছ) একে মুদ্ৰা ব্যৱস্থা, আৰু (জ) একে ন্যায় ব্যৱস্থা তথা সম-অধিকাৰ ব্যৱস্থা।

(ক) একক সংবিধান: সমগ্ৰ ভাৰতবৰ্ষৰ আটাইবোৰ ৰাজ্যৰ বাবে মাত্ৰ এখনেই সংবিধান প্ৰযোজ্য। প্ৰতিগৰাকী ভাৰতীয় নাগৰিকৰে এই সংবিধানখন মানি চলাটো কৰ্তব্য। এনে একক সংবিধানৰ ব্যৱস্থাই দেশৰ ৰাষ্ট্ৰীয় সংহতি সুদৃঢ় কৰাত যথেষ্ট সহায় কৰিছে।

(খ) ৰাষ্ট্ৰীয় পতাকা: সমগ্ৰ ভাৰতবৰ্ষৰ বাবে উমৈহতীয়া এখন ৰাষ্ট্ৰীয় পতাকা আছে। ভাৰতভূমিত বসবাস কৰা প্ৰতিগৰাকী নাগৰিকৰে এই পতাকাখনৰ প্ৰতি গভীৰ শ্ৰদ্ধা আৰু সন্মান আছে।

(গ) ৰাষ্ট্ৰীয় সংগীত: গোটেই দেশখনৰ বাবে কেৱল এটি বিশেষ গীতক ৰাষ্ট্ৰীয় সংগীত হিচাপে মৰ্যাদা দিয়া হৈছে। এই গীতটিয়ে আমাৰ মনত ঐক্য আৰু জাতীয়তাবাদৰ মনোভাৱ জগাই তুলিছে।

(ঘ) ৰাষ্ট্ৰীয় প্ৰতীক: সাৰনাথৰ বিখ্যাত অশোক স্তম্ভটোক আমাৰ দেশৰ ৰাষ্ট্ৰীয় প্ৰতীক হিচাপে মান্যতা দিয়া হৈছে। সমগ্ৰ ভাৰতবাসীয়ে এই প্ৰতীকটোক আন্তৰিকতাৰে সন্মান কৰে। দৰাচলতে এই ৰাষ্ট্ৰীয় প্ৰতীকটো আমাৰ অটুট ৰাষ্ট্ৰীয় সংহতিৰেই এক সুন্দৰ নিদৰ্শন।

(ঙ) ৰাষ্ট্ৰীয় দিৱস: আমাৰ দেশত গণৰাজ্য দিৱস, স্বাধীনতা দিৱস আৰু গান্ধী জয়ন্তীক বিশেষ ৰাষ্ট্ৰীয় দিৱস হিচাপে উদ্‌যাপন কৰা হয়। জাতি-ধৰ্ম-বৰ্ণ পাহৰি সকলো দেশবাসীয়ে এই দিৱসসমূহত একত্ৰিত হৈ অংশগ্ৰহণ কৰে, যিয়ে আমাৰ ৰাষ্ট্ৰীয় সংহতি বৃদ্ধিত অৰিহণা যোগায়।

(চ) একক নাগৰিকত্ব: ভাৰতবৰ্ষ নানা জাতি আৰু উপজাতিৰ মিলনভূমি হ’লেও, ইয়াত সকলোৰে পৰিচয় কেৱল এটায়েই— ‘আমি ভাৰতীয় নাগৰিক’। এই একক নাগৰিকত্বৰ ধাৰণাই আমাৰ মাজত ৰাষ্ট্ৰীয় সংহতি গঢ়ি তুলিছে।

(ছ) একে মুদ্ৰা ব্যৱস্থা: গোটেই দেশখনৰ সকলো জনসাধাৰণৰ লেনদেনৰ সুবিধাৰ্থে মাত্ৰ একেবিধ মুদ্ৰা ব্যৱস্থাৰ প্ৰচলন কৰা হৈছে। এই ব্যৱস্থাটোৱেও পৰোক্ষভাৱে ৰাষ্ট্ৰীয় সংহতিত যথেষ্ট অৰিহণা যোগাইছে।

(জ) একে ন্যায় ব্যৱস্থা আৰু সম-অধিকাৰ ব্যৱস্থা: ভাৰতবৰ্ষৰ প্ৰতিগৰাকী ব্যক্তিৰ বাবে এখন উমৈহতীয়া আৰু একে ন্যায় ব্যৱস্থা বৰ্তি আছে। ইয়াৰ লগতে সংবিধানে সকলো নাগৰিকক সমান অধিকাৰ প্ৰদান কৰিছে, যিয়ে দেশৰ অখণ্ডতা আৰু ৰাষ্ট্ৰীয় সংহতি ৰক্ষা কৰাত গুৰুত্বপূৰ্ণ ভূমিকা লৈছে।

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
ষষ্ঠ শ্ৰেণী সমাজ বিজ্ঞান অধ্যায় ৯ (আমাৰ ৰাষ্ট্ৰীয় সংহতি) – সঘনাই সোধা প্ৰশ্ন (FAQs)
এই নৱম অধ্যায়টিৰ মূল বিষয়বস্তু কি?
ষষ্ঠ শ্ৰেণীৰ সমাজ বিজ্ঞানত অন্তৰ্ভুক্ত এই পাঠটিত ভাৰতবৰ্ষৰ দৰে বৈচিত্ৰ্যপূৰ্ণ দেশত সকলো জাতি-জনগোষ্ঠীৰ মাজত থকা একতা আৰু ৰাষ্ট্ৰীয় সংহতিৰ গুৰুত্বৰ বিষয়ে বৰ্ণনা কৰা হৈছে।
এই পাঠ্যভিত্তিক সমাধানত (Textual Solutions) কি কি অন্তৰ্ভুক্ত আছে?
ইয়াত মূল পাঠ্যপুথিৰ অনুশীলনীৰ সকলো প্ৰশ্নোত্তৰ, পৰীক্ষাৰ বাবে গুৰুত্বপূৰ্ণ অতিৰিক্ত প্ৰশ্ন (Additional Questions), আৰু MCQ ৰ সম্পূৰ্ণ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে।
এই সমাধানসমূহ AJB ৰ নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা হৈছেনে?
হয়, এই সকলোবোৰ সমল অসম জাতীয় বিদ্যালয় (AJB) ৰ শেহতীয়া নতুন পাঠ্যক্ৰম আৰু নিৰ্দেশনা অনুসৰি সম্পূৰ্ণৰূপে প্ৰস্তুত কৰা হৈছে।
এই পাঠৰ পৰা পৰীক্ষাত কেনেধৰণৰ প্ৰশ্ন আহিব পাৰে?
নতুন পাঠ্যক্ৰম অনুসৰি এই পাঠৰ পৰা অতি চমু প্ৰশ্ন, চমু আৰু দীঘলীয়া প্ৰশ্নৰ লগতে বহু-বিকল্পী প্ৰশ্ন (MCQ) আহিব পাৰে।

EduAssam Solution App

Your complete digital learning solution.

Free Notes Mock Tests Q-Bank
Download Now
10k+ Students

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top