Class 6 Samaj Bigyan Chapter 13 বৃত্তি আৰু প্ৰযুক্তি Solutions | AJB

class 6

ষষ্ঠ শ্ৰেণী সমাজ বিজ্ঞান অধ্যায় ১৩ – বৃত্তি আৰু প্ৰযুক্তি – সম্পূৰ্ণ পাঠ্যভিত্তিক সমাধান | AJB

ষষ্ঠ শ্ৰেণী সমাজ বিজ্ঞান অধ্যায় ১৩ – বৃত্তি আৰু প্ৰযুক্তি সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ আৰু সমাধান (AJB)

ষষ্ঠ শ্ৰেণীৰ সমাজ বিজ্ঞান (Social Science) পাঠ্যক্ৰমৰ ত্ৰয়োদশ অধ্যায় ‘বৃত্তি আৰু প্ৰযুক্তি’ এখন অতি গুৰুত্বপূৰ্ণ পাঠ। অসম জাতীয় বিদ্যালয় (AJB) ৰ নতুন পাঠ্যক্ৰমৰ আধাৰত এই অধ্যায়ৰ সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ (Class 6 Samaj Bigyan Chapter 13 Textual Question Answer) প্ৰস্তুত কৰা হৈছে। এই বিশেষ সংকলনটিত পাঠভিত্তিক অতি চমু প্ৰশ্ন, চমু প্ৰশ্ন, দীঘলীয়া প্ৰশ্ন, অতিৰিক্ত প্ৰশ্ন (Additional Questions), আৰু MCQ ৰ পুংখানুপুংখ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে। অস্পীন একেডেমী (Ospin Academy) ত এই সমাধানসমূহ সহজ, নিৰ্ভুল আৰু সম্পূৰ্ণ পৰীক্ষামুখীভাৱে উপলব্ধ কৰোৱা হৈছে।

‘বৃত্তি আৰু প্ৰযুক্তি’ নামৰ এই পাঠটিত মানুহৰ বিভিন্ন বৃত্তি, জীৱিকা নিৰ্বাহৰ উপায় আৰু আমাৰ দৈনন্দিন জীৱনৰ লগতে সমাজৰ উন্নয়নত প্ৰযুক্তিবিদ্যাৰ প্ৰভাৱ তথা ব্যৱহাৰৰ বিষয়ে বিস্তাৰিতভাৱে আলোচনা কৰা হৈছে। ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এই পাঠৰ মূল বিষয়বস্তু আৰু বিজ্ঞান-প্ৰযুক্তিৰ অৱদান বুজি পোৱাটো অতি প্ৰয়োজনীয়। আমাৰ এই পাঠ্যভিত্তিক সমাধানত (Textual Solutions) কেৱল পাঠ্যপুথিৰ অনুশীলনীৰ প্ৰশ্নসমূহেই নহয়, বৰঞ্চ পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন-উত্তৰসমূহো সামৰি লোৱা হৈছে যাতে ছাত্ৰ-ছাত্ৰীসকলে সুন্দৰভাৱে প্ৰস্তুতি চলাব পাৰে।

অধিক বিনামূলীয়া Notes আৰু PDFৰ বাবে আমাৰ App টো ডাউনলোড কৰক:
Download EduAssam Solution App Click Here to Get Free Notes & Previous Papers

এই পাঠ্যভিত্তিক সমাধানৰ পৰা আপুনি কি কি শিকিব আৰু পাব:

  • মানুহৰ বিভিন্ন বৃত্তি আৰু আধুনিক জীৱনত প্ৰযুক্তিৰ ভূমিকাৰ সহজ বিশ্লেষণ।
  • পাঠভিত্তিক অনুশীলনীৰ সকলো প্ৰশ্নৰ নিৰ্দোষ আৰু মান্য উত্তৰ।
  • কৃষি, যাতায়াত আৰু যোগাযোগ ব্যৱস্থাত প্ৰযুক্তিৰ প্ৰভাৱৰ সঠিক জ্ঞান।
  • নতুন পাঠ্যক্ৰমৰ আৰ্হি অনুসৰি গুৰুত্বপূৰ্ণ অতিৰিক্ত প্ৰশ্নসমূহৰ (Additional Questions) লগতে শেহতীয়া আৰ্হিৰ MCQ প্ৰশ্নৰ সমাধান।

অস্পীন একেডেমীৰ এই প্ৰশ্নোত্তৰসমূহৰ বিশেষ সুবিধা:

  • শেহতীয়া AJB নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা সম্পূৰ্ণ পাঠ্যভিত্তিক সমাধান।
  • ১০০% নিৰ্ভুল আৰু ছাত্ৰ-ছাত্ৰীয়ে মুখস্থ কৰিবলৈ সহজ হোৱাকৈ সৰল অসমীয়া ভাষাত লিখা উন্নত মানৰ নোটছ (Class 6 Samaj Bigyan Notes)।
  • পৰীক্ষাৰ পূৰ্বে দ্ৰুত ৰিভিজনৰ (Quick Revision) বাবে বিশেষভাৱে যুগুতোৱা সহজ-সৰল উত্তৰ।
  • ত্ৰয়োদশ অধ্যায়ৰ পৰা পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্নৰ বিশেষ সংকলন।

ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি অস্পীন একেডেমীয়ে এই বিশেষ পাঠ্যভিত্তিক সমাধান আগবঢ়াইছে। আপোনাৰ পৰীক্ষাৰ প্ৰস্তুতি এতিয়াই আৰম্ভ কৰক আৰু সমাজ বিজ্ঞান বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰাৰ দিশত আগবাঢ়ক।

Vibrant Note Box
Buy Printable PDF
Class 6 সমাজ বিজ্ঞান (Social Science) Textbook Solutions & MCQs | AJB New Syllabus
Original price was: ₹199.00.Current price is: ₹49.00.

New Updated Version!

According to Latest AJB New Syllabus & Updated Book

Get comprehensive preparation for Class 6 সমাজ বিজ্ঞান (Social Science) with this complete Textual Solution & MCQs package.
Includes Chapter-wise textbook solutions, additional Q&A, and MCQs precisely structured as per the latest Assam Jatiya Bidyalay (AJB) syllabus and new version of the book.
Perfect for building a strong foundation and mastering your school assessments! Download as an easy-to-use ZIP file.

Vibrant Note Box
Chapter 2 Environmental Geography
Vibrant Note Box
Chapter 13 বৃত্তি আৰু প্ৰযুক্তি

 অসম জাতীয় বিদ্যালয়, ষষ্ঠ শ্ৰেণী: সমাজ বিজ্ঞান

অধ্যায়-13                                                   অস্পিন একাডেমী

বৃত্তি আৰু প্ৰযুক্তি

পাঠভিত্তিক প্রশ্নোত্তৰ

১ । বৃত্তি বা জীৱিকা বুলিলে কি বুজা?

উত্তৰঃ জীৱন নিৰ্বাহৰ বাবে এজন ব্যক্তিয়ে যি কৰ্মৰ জৰিয়তে নিজৰ আৰু পৰিয়ালৰ প্ৰয়োজনীয়তা পূৰণ কৰে, তাকেই ব্যক্তিজনৰ বৃত্তি বা জীৱিকা বুলি কোৱা হয়।

২ । মানুহৰ বৃত্তিসমূহ কি কি অর্থনৈতিক ক্ষেত্রত অন্তর্ভুক্ত কৰিব পাৰি?

উত্তৰঃ মানুহৰ জীৱিকাসমূহ ঘাইকৈ তিনিখন অৰ্থনৈতিক ক্ষেত্ৰত সামৰি ল’ব পাৰি। সেইসমূহ হ’ল— কৃষি, উদ্যোগ আৰু সেৱা খণ্ড।

৩ । খেতিপথাৰৰ বন-বাত গুচাবলৈ ব্যৱহাৰ কৰা যন্ত্ৰবিধৰ নাম কি?

উত্তৰঃ উইদাৰ।

৪ । দুটা কুটিৰ উদ্যোগৰ নাম লিখা?

উত্তৰঃ কাঁহ-পিতলৰ শিল্প আৰু বাঁহ-বেতৰ উদ্যোগ।

৫। হৃৎপিণ্ড দুর্বল হোৱা লোকৰ বাবে কি যন্ত্ৰ ব্যৱহাৰ কৰা হয়।

উত্তৰঃ পেছমেকাৰ যন্ত্ৰ।

৬ । ইন্টাৰনেট টেলিভিচন আদিত খবৰবোৰ কিহৰ যোগেদি আহে?

উত্তৰঃ কৃত্ৰিম উপগ্ৰহ বা চেটেলাইটৰ জৰিয়তে।

৭ । কুটিৰ উদ্যোগ কাক বোলে?

উত্তৰঃ অতি সামান্য মূলধন খটুৱাই ঘৰুৱা পৰিৱেশত আৰম্ভ কৰিব পৰা আৰু বেছিভাগ কাম মানুহে হাতেৰেই কৰা উদ্যোগসমূহক কুটিৰ উদ্যোগ বুলি কোৱা হয়। উদাহৰণস্বৰূপে- হস্ত-তাঁত শিল্প।

৮ । তলত দিয়া বৃত্তিসমূহ কি কি অর্থনৈতিক ক্ষেত্রত অন্তর্ভুক্ত লিখা। 

খেতি-বাতি, চাহ উদ্যোগ, মৃৎশিল্প, বেংক সেৱা, দুগ্ধ উৎপাদন, হস্ততাঁত শিল্প, চিকিৎসা সেৱা, পশুপালন।

উত্তৰঃ

খেতি-বাতি — কৃষি খণ্ড।

চাহ উদ্যোগ — উদ্যোগ খণ্ড।

মৃৎশিল্প — কুটিৰ শিল্প (উদ্যোগ খণ্ড)।

বেংক সেৱা — সেৱা খণ্ড।

দুগ্ধ উৎপাদন — কৃষি খণ্ড।

হস্ততাঁত শিল্প — কুটিৰ শিল্প (উদ্যোগ খণ্ড)।

চিকিৎসা সেৱা — সেৱা খণ্ড।

পশুপালন — কৃষি খণ্ড।

৯ । কৃষিত প্ৰযুক্তিৰ ব্যৱহাৰ কেনেদৰে হৈছে আলোচনা কৰা।

উত্তৰঃ আজিকালি কৃষি কাৰ্যত প্ৰযুক্তিবিদ্যাৰ প্ৰয়োগ উল্লেখনীয়ভাৱে বৃদ্ধি পাইছে। মাটি চহাবৰ বাবে পৰম্পৰাগত নাঙলৰ পৰিৱৰ্তে পাৱাৰটিলাৰ আৰু ট্ৰেক্টৰ আদিৰ ব্যৱহাৰ আৰম্ভ হৈছে, যাৰ দ্বাৰা কম সময়ৰ ভিতৰতে সৰহ পৰিমাণৰ মাটি সুন্দৰকৈ চহাব পাৰি। পথাৰত পানীৰ সুবিধাৰ বাবে জলসিঞ্চনৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে, যাৰ ফলত কৃষকসকলে কেৱল বৰষুণৰ ভৰসাত বহি থাকিবলগীয়া নহয়।

বৰ্তমানৰ কৃষকসকলে খেতিত বিজ্ঞানসন্মতভাৱে প্ৰস্তুত কৰা উন্নত মানৰ বীজ প্ৰয়োগ কৰিবলৈ লৈছে। এনে ধৰণৰ বীজবোৰে ফচলৰ উৎপাদন বহু পৰিমাণে বৃদ্ধি কৰে।

শস্যক পোক-পৰুৱাৰ আক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ আধুনিক কীটনাশক দৰৱ ছটিওৱা হয়। এই দৰৱসমূহ ছটিয়াবৰ বাবে স্প্ৰেয়াৰ মেচিনৰ দৰে যন্ত্ৰ ব্যৱহাৰ কৰা হয়।

১০ । শিক্ষা সেৱাত প্রযুক্তিৰ ব্যৱহাৰ সম্পৰ্কে আলোচনা কৰা।

উত্তৰঃ সাম্প্ৰতিক সময়ৰ শিক্ষা ব্যৱস্থাত ন-ন প্ৰযুক্তিৰ ব্যৱহাৰ ব্যাপক হৈ পৰিছে। নানা ধৰণৰ দৃশ্য-শ্ৰাব্য সামগ্ৰীৰ সহায়ত ছাত্ৰ-ছাত্ৰীয়ে ঘৰত থাকিয়েই জ্ঞান আহৰণ কৰিবলৈ সক্ষম হৈছে। ভিডিঅ’ টেপ, অডিঅ’ টেপ, ৰেডিঅ’ আৰু টেলিভিছনৰ নানা শৈক্ষিক কাৰ্যসূচীৰ যোগেদি শ্ৰেণীকোঠাৰ লগতে ঘৰতো শিক্ষা লাভ কৰিব পাৰি। সাম্প্ৰতিক শিক্ষাৰ পাঠদানত কম্পিউটাৰ আৰু প্ৰজেক্টৰৰ ব্যৱহাৰ যথেষ্ট জনপ্ৰিয় হৈছে। ইণ্টাৰনেটৰ সহায় লৈ বিশ্বৰ ভিন ভিন গ্ৰন্থাগাৰৰ কিতাপ সহজে পঢ়াৰ সুবিধা হৈছে। তদুপৰি, লাগতিয়াল নানা তথ্য বা প্ৰয়োজনীয় সমলসমূহ বিভিন্ন ৱেবছাইটৰ জৰিয়তে নিজৰ ঘৰৰ পৰাই সংগ্ৰহ কৰিব পৰা গৈছে। বৰ্তমান বহুতো বাতৰিকাকত আৰু আলোচনীও ইণ্টাৰনেটৰ ৱেবছাইটত উপলব্ধ।

১১ । প্ৰযুক্তিৰ ব্যৱহাৰে চিকিৎসা ব্যৱস্থাৰ উন্নতিত কেনে ধৰণৰ অৰিহণা যোগাইছে আলোচনা কৰা।

উত্তৰঃ স্বাস্থ্য বা চিকিৎসা খণ্ডত প্ৰযুক্তিবিদ্যাৰ প্ৰয়োগ অবিশ্বাস্যভাৱে বাঢ়িছে। উন্নত প্ৰযুক্তিৰ সহায়তেই আজিকালি বহুতো দুৰাৰোগ্য বেমাৰৰ ঔষধ আৱিষ্কাৰ কৰা সম্ভৱ হৈছে। কলেৰা, প্লেগ, বসন্তৰ দৰে ভয়াৱহ মহামাৰীসমূহ বৰ্তমান সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণলৈ আহিছে। অস্ত্ৰোপচাৰ বা চাৰ্জাৰীৰ দিশটোতো অভূতপূৰ্ব বিকাশ ঘটিছে, যাৰ বাবে চকু, বৃক্ক আৰু হৃদপিণ্ডৰ দৰে স্পৰ্শকাতৰ অংগৰো সফল অস্ত্ৰোপচাৰ সম্ভৱ হৈছে। শাৰীৰিকভাৱে পংগু লোকসকলৰ বাবে কৃত্ৰিম অংগ নিৰ্মাণ কৰি তেওঁলোকৰ অক্ষমতা বহু পৰিমাণে দূৰ কৰা হৈছে। একেদৰে, শ্ৰৱণ শক্তি নথকা লোকৰ বাবে শ্ৰৱণ যন্ত্ৰ আৰু দুৰ্বল হৃদযন্ত্ৰৰ ৰোগীৰ বাবে পেছমেকাৰৰ ব্যৱহাৰ আৰম্ভ হৈছে। আধুনিক চিকিৎসা বিজ্ঞানত প্ৰয়োগ হোৱা ন-ন প্ৰযুক্তিৰ বাবেই এই সকলোবোৰ উন্নতি সম্ভৱপৰ হৈ উঠিছে।

১২ । বৃত্তিধাৰী লোকে প্রযুক্তি ব্যৱহাৰৰ কৌশল আয়ত্ত কৰাৰ প্ৰয়োজনীয়তা কিয়?

উত্তৰঃ সাম্প্ৰতিক কালত প্ৰায় প্ৰতিটো বৃত্তিতে প্ৰযুক্তিবিদ্যাৰ প্ৰয়োগ অপৰিহাৰ্য হৈ পৰিছে। সেয়েহে বৃত্তিধাৰী লোকসকলে প্ৰযুক্তিৰ প্ৰয়োজনীয় কৌশল আৰু সঠিক জ্ঞান আহৰণ কৰাটো অত্যন্ত জৰুৰী। আধুনিক যন্ত্ৰ-পাতিসমূহ কেনেকৈ চলাব লাগে, সেই বিষয়ে উপযুক্ত প্ৰশিক্ষণ লোৱাটো দৰকাৰ। এই যন্ত্ৰসমূহ যদি শুদ্ধভাৱে পৰিচালনা কৰিবলৈ জনা নাযায়, তেন্তে তাৰ পৰা সুফল পোৱাৰ সলনি দুৰ্ঘটনা বা বিপদৰ আশংকা বেছি থাকে। তদুপৰি, বৰ্তমান সময়ত বেছিভাগ কাম-কাজতেই কম্পিউটাৰৰ ব্যৱহাৰ হয় বাবে সকলো শ্ৰেণীৰ বৃত্তিধাৰী লোকৰ বাবে কম্পিউটাৰৰ জ্ঞান থকাটো অতি আৱশ্যক।

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
ষষ্ঠ শ্ৰেণী সমাজ বিজ্ঞান অধ্যায় ১৩ (বৃত্তি আৰু প্ৰযুক্তি) – সঘনাই সোধা প্ৰশ্ন (FAQs)
এই ত্ৰয়োদশ অধ্যায়টিৰ মূল বিষয়বস্তু কি?
ষষ্ঠ শ্ৰেণীৰ সমাজ বিজ্ঞানত অন্তৰ্ভুক্ত এই পাঠটিত মানুহৰ জীৱিকা নিৰ্বাহৰ বিভিন্ন বৃত্তি আৰু আমাৰ দৈনন্দিন জীৱনত প্ৰযুক্তিবিদ্যাৰ ব্যৱহাৰ আৰু প্ৰভাৱৰ বিষয়ে বৰ্ণনা কৰা হৈছে।
এই পাঠ্যভিত্তিক সমাধানত (Textual Solutions) কি কি অন্তৰ্ভুক্ত আছে?
ইয়াত মূল পাঠ্যপুথিৰ অনুশীলনীৰ সকলো প্ৰশ্নোত্তৰ, পৰীক্ষাৰ বাবে গুৰুত্বপূৰ্ণ অতিৰিক্ত প্ৰশ্ন (Additional Questions), আৰু MCQ ৰ সম্পূৰ্ণ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে।
এই সমাধানসমূহ AJB ৰ নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা হৈছেনে?
হয়, এই সকলোবোৰ সমল অসম জাতীয় বিদ্যালয় (AJB) ৰ শেহতীয়া নতুন পাঠ্যক্ৰম আৰু নিৰ্দেশনা অনুসৰি সম্পূৰ্ণৰূপে প্ৰস্তুত কৰা হৈছে।
এই পাঠৰ পৰা পৰীক্ষাত কেনেধৰণৰ প্ৰশ্ন আহিব পাৰে?
নতুন পাঠ্যক্ৰম অনুসৰি এই পাঠৰ পৰা অতি চমু প্ৰশ্ন, চমু আৰু দীঘলীয়া প্ৰশ্নৰ লগতে বহু-বিকল্পী প্ৰশ্ন (MCQ) আহিব পাৰে।
ষষ্ঠ শ্ৰেণী সমাজ বিজ্ঞান অধ্যায় ১৩ (বৃত্তি আৰু প্ৰযুক্তি) – সঘনাই সোধা প্ৰশ্ন (FAQs)
এই ত্ৰয়োদশ অধ্যায়টিৰ মূল বিষয়বস্তু কি?
ষষ্ঠ শ্ৰেণীৰ সমাজ বিজ্ঞানত অন্তৰ্ভুক্ত এই পাঠটিত মানুহৰ জীৱিকা নিৰ্বাহৰ বিভিন্ন বৃত্তি আৰু আমাৰ দৈনন্দিন জীৱনত প্ৰযুক্তিবিদ্যাৰ ব্যৱহাৰ আৰু প্ৰভাৱৰ বিষয়ে বৰ্ণনা কৰা হৈছে।
এই পাঠ্যভিত্তিক সমাধানত (Textual Solutions) কি কি অন্তৰ্ভুক্ত আছে?
ইয়াত মূল পাঠ্যপুথিৰ অনুশীলনীৰ সকলো প্ৰশ্নোত্তৰ, পৰীক্ষাৰ বাবে গুৰুত্বপূৰ্ণ অতিৰিক্ত প্ৰশ্ন (Additional Questions), আৰু MCQ ৰ সম্পূৰ্ণ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে।
এই সমাধানসমূহ AJB ৰ নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা হৈছেনে?
হয়, এই সকলোবোৰ সমল অসম জাতীয় বিদ্যালয় (AJB) ৰ শেহতীয়া নতুন পাঠ্যক্ৰম আৰু নিৰ্দেশনা অনুসৰি সম্পূৰ্ণৰূপে প্ৰস্তুত কৰা হৈছে।
এই পাঠৰ পৰা পৰীক্ষাত কেনেধৰণৰ প্ৰশ্ন আহিব পাৰে?
নতুন পাঠ্যক্ৰম অনুসৰি এই পাঠৰ পৰা অতি চমু প্ৰশ্ন, চমু আৰু দীঘলীয়া প্ৰশ্নৰ লগতে বহু-বিকল্পী প্ৰশ্ন (MCQ) আহিব পাৰে।

EduAssam Solution App

Your complete digital learning solution.

Free Notes Mock Tests Q-Bank
Download Now
10k+ Students

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top