সপ্তম শ্ৰেণী আপোন পাঠ (অসমীয়া) অধ্যায় ৬ – উইলিয়াম শ্যেইকছপীয়েৰ – সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ | অসম জাতীয় বিদ্যালয় (AJB)

CLASS 7

Class 7 Assamese Chapter 6 উইলিয়াম শ্যেইকছপীয়েৰ Solutions | AJB Assam

সপ্তম শ্ৰেণী আপোন পাঠ (অসমীয়া) অধ্যায় ৬ – উইলিয়াম শ্যেইকছপীয়েৰ সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ আৰু সমাধান (AJB Assam)

সপ্তম শ্ৰেণীৰ অসমীয়া পাঠ্যপুথি ‘আপোন পাঠ’ৰ ষষ্ঠ অধ্যায় ‘উইলিয়াম শ্যেইকছপীয়েৰ’ এখন অতি গুৰুত্বপূৰ্ণ জীৱনীভিত্তিক পাঠ। অসম জাতীয় বিদ্যালয়ৰ (AJB) শেহতীয়া নতুন পাঠ্যক্ৰমৰ আধাৰত এই অধ্যায়ৰ সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ (Class 7 Assamese Chapter 6 Textual Question Answer) প্ৰস্তুত কৰা হৈছে। এই বিশেষ সংকলনটিত পাঠভিত্তিক চমু প্ৰশ্ন, দীঘলীয়া প্ৰশ্ন, ব্যাকৰণ, অতিৰিক্ত প্ৰশ্ন (Additional Questions) আৰু বহু-বিকল্পী প্ৰশ্ন (MCQs) অন্তৰ্ভুক্ত কৰা হৈছে। অস্পীন একেডেমী (Ospin Academy) ত এই সমাধানসমূহ অতি সহজ, নিৰ্ভুল আৰু সম্পূৰ্ণ পৰীক্ষামুখীভাৱে উপলব্ধ কৰোৱা হৈছে।

‘উইলিয়াম শ্যেইকছপীয়েৰ’ নামৰ এই পাঠটিত বিশ্ববিশ্ৰুত ইংৰাজ নাট্যকাৰ আৰু কবি উইলিয়াম শ্যেইকছপীয়েৰৰ জীৱন, শৈশৱ, সাহিত্য কৰ্ম আৰু বিশ্ব সাহিত্যলৈ তেখেতৰ অৱদানৰ বিষয়ে বিতংভাৱে আলোচনা কৰা হৈছে। ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এনে মহান ব্যক্তিসকলৰ জীৱনীৰ পৰা অনুপ্ৰেৰণা লাভ কৰিবলৈ এই পাঠৰ মূল ভাৱ বুজি পোৱাটো অতি প্ৰয়োজনীয়। আমাৰ এই পাঠ্যভিত্তিক সমাধানত (Textual Solutions) কেৱল পাঠ্যপুথিৰ অনুশীলনীৰ প্ৰশ্নসমূহেই নহয়, বৰঞ্চ পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন-উত্তৰসমূহো সামৰি লোৱা হৈছে যাতে ছাত্ৰ-ছাত্ৰীসকলে সুন্দৰভাৱে প্ৰস্তুতি চলাব পাৰে।

অধিক বিনামূলীয়া Notes আৰু PDFৰ বাবে আমাৰ App টো ডাউনলোড কৰক:
Download EduAssam Solution App Click Here to Get Free Notes & Previous Papers

এই পাঠ্যভিত্তিক সমাধানৰ পৰা আপুনি কি কি শিকিব আৰু পাব:

  • উইলিয়াম শ্যেইকছপীয়েৰৰ জীৱন কাহিনী, নাট্যকৰ্ম আৰু বিশ্ব সাহিত্যলৈ তেখেতৰ অৱদানৰ বিস্তৃত বিশ্লেষণ।
  • শব্দাৰ্থ, চমু প্ৰশ্ন আৰু দীঘলীয়া প্ৰশ্নৰ পৰীক্ষাত লিখিব পৰা নিৰ্দোষ উত্তৰ।
  • পাঠভিত্তিক ব্যাকৰণ, সমাৰ্থক শব্দ, বিপৰীত শব্দ আৰু বাক্য ৰচনাৰ সঠিক জ্ঞান।
  • নতুন পাঠ্যক্ৰমৰ আৰ্হি অনুসৰি গুৰুত্বপূৰ্ণ অতিৰিক্ত প্ৰশ্নসমূহৰ লগতে বহু-বিকল্পী প্ৰশ্নৰ (MCQs) সমাধান।

অস্পীন একেডেমীৰ এই প্ৰশ্নোত্তৰসমূহৰ বিশেষ সুবিধা:

  • শেহতীয়া AJB নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা সম্পূৰ্ণ পাঠ্যভিত্তিক সমাধান।
  • ১০০% নিৰ্ভুল আৰু ছাত্ৰ-ছাত্ৰীয়ে মুখস্থ কৰিবলৈ সহজ হোৱাকৈ সৰল অসমীয়া ভাষাত লিখা উন্নত মানৰ নোটছ (Class 7 Apun Path Notes)।
  • পৰীক্ষাৰ পূৰ্বে দ্ৰুত ৰিভিজনৰ (Quick Revision) বাবে বিশেষভাৱে যুগুতোৱা সহজ-সৰল উত্তৰ।
  • উইলিয়াম শ্যেইকছপীয়েৰ পাঠৰ পৰা পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্নৰ বিশেষ সংকলন।

ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি অস্পীন একেডেমীয়ে এই বিশেষ পাঠ্যভিত্তিক সমাধান আগবঢ়াইছে। আপোনাৰ পৰীক্ষাৰ প্ৰস্তুতি এতিয়াই আৰম্ভ কৰক আৰু অসমীয়া বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰাৰ দিশত আগবাঢ়ক।

Vibrant Note Box
Buy Printable PDF
Class 7 Assamese (আপোন পাঠ) Textbook Solutions & MCQs | AJB New Syllabus
Original price was: ₹199.00.Current price is: ₹49.00.

New Updated Version!

According to Latest AJB New Syllabus & Updated Book

Get comprehensive preparation for Class 7 Assamese (আপোন পাঠ) with this complete Textual Solution & MCQs package.
Includes Chapter-wise textbook solutions, additional Q&A, and MCQs precisely structured as per the latest Assam Jatiya Bidyalay (AJB) syllabus and new book.
Perfect for building a strong foundation and mastering your school assessments! Download as an easy-to-use ZIP file.

Vibrant Note Box
Chapter 6 উইলিয়াম শ্যেইক্‌পীয়েৰ

 অসম জাতীয় বিদ্যালয়, সপ্তম শ্ৰেণী: আপোন পাঠ

অধ্যায়-6                                                                  অস্পিন একাডেমী

উইলিয়াম শ্যেইক্‌পীয়েৰ

পাঠভিত্তিক প্রশ্নোত্তৰ

১। উত্তৰ লিখাঁঃ

​ক) ইংলেণ্ডৰ জাতীয় কবি আখ্যা পোৱা কবিজন কোন?

উত্তৰঃ ইংলেণ্ডৰ ‘ৰাষ্ট্ৰীয় কবি’ বা ‘জাতীয় কবি’ হিচাপে সুপৰিচিত ব্যক্তিজন হ’ল উইলিয়াম শ্বেইকছপীয়েৰ।

​খ) তেওঁ “ছনেট” শ্ৰেণীৰ কিমানটা কবিতা ৰচনা কৰিছিল? “ছনেট”ৰ বিষয়ে এটি টোকা লিখাঁ।

উত্তৰঃ তেওঁ সৰ্বমুঠ ১৫৪ টা ছনেট শ্ৰেণীৰ কবিতা ৰচনা কৰিছিল।

​’ছনেট’ৰ বিষয়ে চমু টোকা: ইউৰোপীয় কাব্য সাহিত্যৰ পৰা আমদানিকৃত এক বিশেষ কাব্যৰীতি হ’ল ছনেট। আমাৰ পুৰণি কবিতাত নথকা দুবিধ নতুন ছন্দৰ শৈলী কবিসকলে গ্ৰহণ কৰিছিল, য’ত এটা অন্ত্য-মিলযুক্ত আৰু আনটো অন্ত্য-মিলবিহীন। ইয়াৰে অন্ত্য-মিল থকা বিধেই হ’ল ছনেট বা চতুৰ্দশপদী কবিতা। ভাৰতবৰ্ষত পোনপ্ৰথমে মাইকেল মধুসূদন দত্তই বংগদেশত এই কাব্যৰীতিৰ প্ৰয়োগ কৰিছিল। ছনেটত ভাবৰ প্ৰকাশৰ বাবে নিৰ্দিষ্ট ক্ৰম অনুসৰি সজোৱা মুঠ চৈধ্যটা চৰণ বা শাৰী থাকে, সেয়ে ইয়াক চতুৰ্দশপদী বুলিও জনা যায়। অসমীয়া সাহিত্যত হেমচন্দ্ৰ গোস্বামীয়ে প্ৰথমে ইটালীয় আৰ্হিত ছনেট সৃষ্টি কৰিছিল আৰু পৰৱৰ্তী সময়ত বহু কবিয়ে ইংৰাজী আৰ্হিৰ ছনেট ৰচনা কৰে। ইংৰাজী সাহিত্য জগতত উইলিয়াম শ্বেইকছপীয়েৰে ছনেট ৰচনাৰ জৰিয়তে এক অনন্য খ্যাতি অৰ্জন কৰিছিল।

​গ) নাট্যকাৰ হিচাপে আত্মপ্রকাশ কৰোঁতে শ্যেইক্‌পীয়েৰে কি অসুবিধা পাইছিল আৰু কিয়?

উত্তৰঃ নাট্যকাৰ হিচাপে আত্মপ্ৰকাশ কৰাৰ সময়ত শ্বেইকছপীয়েৰে কিছু বিৰূপ পৰিস্থিতিৰ সন্মুখীন হৈছিল। ইয়াৰ মূল কাৰণ আছিল তেওঁৰ দ্ৰুত সফলতা। শ্বেইকছপীয়েৰে নাটক ৰচনা কৰি জনপ্ৰিয়তা অৰ্জন কৰাত সেই সময়ৰ লণ্ডনৰ প্ৰতিষ্ঠিত নাট্যকাৰ ৰবাৰ্ট গ্ৰীণ ঈৰ্ষান্বিত হৈ পৰিছিল। গ্ৰীণে শ্বেইকছপীয়েৰক উপহাস কৰি “আমাৰ পাখিৰে নিজকে সুন্দৰকৈ সজোৱা মাটি ফুটি ওলোৱা কাউৰী” বুলি সমালোচনা কৰিছিল।

​ঘ) তেওঁ কিমানখন নাটক লিখিছিল আৰু সেইবোৰ কেনেধৰণৰ নাটক আছিল? তেওঁ লিখা নাটক কেইখনমানৰ নাম লিখাঁ।

উত্তৰঃ তেওঁ জীৱনকালত সৰ্বমুঠ ৩৭ খন নাটক ৰচনা কৰি থৈ গৈছে। তেওঁৰ এই নাটকসমূহৰ ভিতৰত কমেডী (মিলনান্তক), ট্ৰেজেডী (বিয়োগান্তক) আৰু বুৰঞ্জীমূলক নাটক আদি প্ৰধান। তেওঁৰ কেইখনমান উল্লেখযোগ্য নাটক হ’ল— ‘জুলিয়াছ চিজাৰ’, ‘দ্য টেম্পেষ্ট’ আৰু ‘ষষ্ঠ হেনৰী’।

​২। কোনে, কাক, কেতিয়া কৈছিল লিখাঃ

​”আমাৰ পাখিৰে নিজকে সুন্দৰকৈ সজোৱা মাটি ফুটি ওলোৱা কাউৰী”

​উত্তৰঃ লণ্ডনৰ সেই সময়ৰ নাট্যকাৰ ৰবাৰ্ট গ্ৰীণে উইলিয়াম শ্বেইকছপীয়েৰৰ নাটকৰ সফলতাত ঈৰ্ষান্বিত হৈ তেওঁক উপলুঙা কৰি এই কথাষাৰ কৈছিল।

৩। চমুটোকা লিখাঁ:

ক) নাটক

খ) কমেডী

গ) ট্রেজেডী

উত্তৰঃ 

ক) নাটক: নাটকক প্ৰধানকৈ ‘দৃশ্য কাব্য’ বুলি অভিহিত কৰা হয়। প্ৰাচীন ভাৰতীয় সাহিত্যৰ ইতিহাসত মহাকবি কালিদাসেই পোনপ্ৰথমে ‘নাটক’ শব্দটোৰ ব্যৱহাৰ কৰিছিল। মন কৰিবলগীয়া যে “নৃত্য” আৰু “নাট্য” শব্দ দুটা একেটা “নৃৎ” ধাতুৰ পৰা উদ্ভৱ হোৱা নাই। “নাট্য” বা “নাটক” শব্দৰ মূল হ’ল “নট্” ধাতু, যাৰ আভিধানিক অৰ্থ হৈছে লৰচৰ কৰা বা স্পষ্টভাৱে অংগ-ভংগী প্ৰদৰ্শন কৰা। এই অৰ্থৰ পৰাই বুজা যায় যে অভিনয়ৰ জৰিয়তে মঞ্চত প্ৰদৰ্শন কৰিব পৰা যিকোনো ৰচনাই হৈছে নাটক।

​খ) কমেডী: ট্ৰেজেডীৰ তুলনাত এৰিষ্টটলে আগবঢ়োৱা কমেডীৰ সংজ্ঞাটো সিমান ত্ৰুটিহীন নহ’লেও ই বিশেষ তাৎপৰ্যপূৰ্ণ। তেওঁৰ মতে, “কমেডী হ’ল সাধাৰণতকৈ নিম্ন পৰ্যায়ৰ অৰ্থাৎ দোষযুক্ত বা ক্ৰুটিপূৰ্ণ বিষয়ৰ অৱতাৰণা, যিটো আমোদজনক বা হাস্যৰসৰ এক প্ৰকাৰভেদ।” বৰ্তমান সময়ত কমেডী বুলি ক’লে তেনেবোৰ নাটককে বুজায়, যিবোৰত হাঁহিৰ সমল থাকক বা নাথাকক, নাটকখনৰ শেষ পৰিণতি সদায় আনন্দদায়ক বা মিলনান্তক হয়।

​গ) ট্ৰেজেডী: ট্ৰেজেডী হ’ল এক গুৰুগম্ভীৰ, সম্পূৰ্ণ আৰু নিৰ্দিষ্ট আয়তনযুক্ত কাৰ্য বা ক্ৰিয়াৰ অনুকৰণ। ইয়াৰ প্ৰকাশৰীতি বৰ্ণনাত্মক হোৱাৰ পৰিৱৰ্তে নাটকীয় গুণসম্পন্ন হয় আৰু ইয়াৰ প্ৰতিটো অংশ শিল্পকলাৰ সৌন্দৰ্যৰে মহিমামণ্ডিত। ট্ৰেজেডীৰ মূল বৈশিষ্ট্য হ’ল ই দৰ্শকৰ মনত ভয় আৰু কৰুণ ৰসৰ সঞ্চাৰ কৰি মানুহৰ অন্তৰৰ আৱেগসমূহক পৰিশুদ্ধ কৰে।

৪। বাক্য ৰচনা কৰা:

তোলপাৰ, সফলকাম, মূৰ দোঁওৱা।

উত্তৰঃ 

তোলপাৰঃ ইংৰাজী ভাষা-সাহিত্যৰ জগতখনত শ্যেইপীয়েবে সাহিত্য ৰচনা কৰি  তোলপাৰ লগাইছিল।

সফল কামঃ নাটক ৰচনাৰ ক্ষেত্ৰত শ্যেইপীয়েবে সফল কাম কৰিছিল।

মূৰ দৌওৱাঃ শ্যেইক্‌পীয়েৰ সৰ্বকালৰ এগৰাকী প্রতিভাশালী শ্রেষ্ঠ নাট্যকাৰ হিচাপে তেওঁৰ ওচৰত মুৰ দোঁওৱাব পাৰি।

৫। খালী ঠাই পূৰ কৰাঁ:

ক) কবিতা ৰচনা কৰা লোক______ 

খ) নাটক ৰচনা কৰা লোক____ 

গ) অভিনয় কৰা লোক_____

ঘ) ব্যৱসায় কৰা লোক ______ 

ঙ) খেতি কৰি জীৱিকা নিৰ্বাহ কৰা লোক____.।

উত্তৰঃ 

ক) কবিতা ৰচনা কৰা লোক কবি।

খ) নাটক ৰচনা কৰা লোক নাট্যকাৰ।

গ) অভিনয় কৰা লোক অভিনেতা।

ঘ) ব্যৱসায় কৰা লোক ব্যবসায়ী।

ঙ) খেতি কৰি জীৱিকা নিৰ্বাহ কৰা লোক খেতিয়ক।

৬।শ্যেইকচ্‌পীয়েৰৰ পাৰিবাৰিক জীৱনৰ বিষয়ে এটি টোকা যুগুত কৰা।

উত্তৰঃ ১৫৬৪ চনত লণ্ডনৰ পৰা প্ৰায় ১১০ মাইল আঁতৰৰ ষ্ট্ৰেটফ’ৰ্ড আপন-এভন নামৰ এখন অতি মনোৰম আৰু ৰোমান্টিক ঠাইত উইলিয়াম শ্বেইকছপীয়েৰৰ জন্ম হয়। তেওঁৰ পিতৃ আছিল এজন ঐশ্বৰ্যশালী ব্যৱসায়ী জন শ্বেইকছপীয়েৰ আৰু মাতৃ মেৰী আৰ্ডেন। মাক-দেউতাকৰ জ্যেষ্ঠ সন্তান উইলিয়ামে স্থানীয় ষ্ট্ৰেটফ’ৰ্ড গ্ৰামাৰ স্কুলতে প্ৰাৰম্ভিক শিক্ষা গ্ৰহণ কৰিছিল। তেওঁ এজন অত্যন্ত মেধাবী আৰু জ্ঞানপিপাসু ছাত্ৰ আছিল। প্ৰায় ১৪ বছৰ বয়সত তেওঁৰ পিতৃৰ ব্যৱসায়ত লোকচান হোৱাত উইলিয়ামে পঢ়া-শুনা এৰি পিতৃৰ কামত সহায় কৰিবলগীয়া হয়। পৰৱৰ্তী সময়ত তেওঁ শিক্ষকতাৰ বৃত্তিও গ্ৰহণ কৰিছিল। ১৫৮২ চনত তেওঁ এনি হেথাৱেৰ সৈতে বিবাহপাশত আৱদ্ধ হয়। ছুছানা, জুডিথ আৰু হেমনেট— এই তিনিটি সন্তানৰ জন্মৰ পাছতেই তেওঁ ষ্ট্ৰেটফ’ৰ্ড এৰি লণ্ডনলৈ যাত্ৰা কৰে। লণ্ডনলৈ অহাৰ পাছৰ পৰাই তেওঁৰ বহুমুখী সাহিত্যিক জীৱনৰ আৰম্ভণি ঘটে। শেষত ১৬১৬ চনৰ ২৩ এপ্ৰিলত এই মহান সাহিত্যিকগৰাকীৰ নিজ জন্মস্থান ষ্ট্ৰেটফ’ৰ্ডতে দেহাৱসান ঘটে।

​৭। চমুটোকা লিখা:

​গ্ল’ব থিয়েটাৰঃ গ্ল’ব থিয়েটাৰ হ’ল লণ্ডন চহৰত অৱস্থিত এখন অতিশয় জনাজাত নাট্যশালা। এই থিয়েটাৰখন উইলিয়াম শ্বেইকছপীয়েৰৰে এক অতুলনীয় অৱদান। ১৫৯৯ চনত শ্বেইকছপীয়েৰৰ অমৰ সৃষ্টি ‘জুলিয়াছ চিজাৰ’ নামৰ নাটকখন এই গ্ল’ব থিয়েটাৰতে সৰ্বপ্ৰথমবাৰৰ বাবে মঞ্চস্থ কৰা হৈছিল।

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
সপ্তম শ্ৰেণী আপোন পাঠ অধ্যায় ৬ (উইলিয়াম শ্যেইকছপীয়েৰ) – সঘনাই সোধা প্ৰশ্ন (FAQs)
সপ্তম শ্ৰেণীৰ অসমীয়া (আপোন পাঠ) ৰ ষষ্ঠ অধ্যায়টোৰ নাম কি?
সপ্তম শ্ৰেণীৰ আপোন পাঠৰ ষষ্ঠ অধ্যায়টোৰ নাম হ’ল ‘উইলিয়াম শ্যেইকছপীয়েৰ’। ইয়াত বিশ্ববিশ্ৰুত নাট্যকাৰগৰাকীৰ জীৱন আৰু সাহিত্য কৰ্মৰ বিষয়ে আলোচনা কৰা হৈছে।
এই পাঠ্যভিত্তিক সমাধানত (Textual Solutions) কি কি অন্তৰ্ভুক্ত আছে?
ইয়াত মূল পাঠ্যপুথিৰ অনুশীলনীৰ সকলো প্ৰশ্নোত্তৰ, পাঠভিত্তিক ব্যাকৰণ, পৰীক্ষাৰ বাবে প্ৰয়োজনীয় অতিৰিক্ত প্ৰশ্ন আৰু বহু-বিকল্পী প্ৰশ্ন (MCQs) অন্তৰ্ভুক্ত কৰা হৈছে।
এই সমাধানসমূহ AJB ৰ নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা হৈছেনে?
হয়, এই সকলোবোৰ সমল অসম জাতীয় বিদ্যালয়ৰ (AJB) শেহতীয়া নতুন পাঠ্যক্ৰম আৰু নিৰ্দেশনা অনুসৰি প্ৰস্তুত কৰা হৈছে।
পৰীক্ষাৰ বাবে অতিৰিক্ত প্ৰশ্ন আৰু MCQs পঢ়াটো প্ৰয়োজনীয়নে?
হয়, পাঠটিৰ ওপৰত স্পষ্ট ধাৰণা ল’বলৈ আৰু পৰীক্ষাত সৰ্বোচ্চ নম্বৰ লাভ কৰিবলৈ অনুশীলনীৰ লগতে অতিৰিক্ত প্ৰশ্ন আৰু MCQ সমাধান কৰাটো অতি প্ৰয়োজনীয়।

EduAssam Solution App

Your complete digital learning solution.

Free Notes Mock Tests Q-Bank
Download Now
10k+ Students

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top