সপ্তম শ্ৰেণী আপোন পাঠ (অসমীয়া) অধ্যায় ৭ – ভদৰী – সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ | অসম জাতীয় বিদ্যালয় (AJB)

CLASS 7

Class 7 Assamese Chapter 7 ভদৰী Solutions | AJB Assam

সপ্তম শ্ৰেণী আপোন পাঠ (অসমীয়া) অধ্যায় ৭ – ভদৰী সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ আৰু সমাধান (AJB Assam)

সপ্তম শ্ৰেণীৰ অসমীয়া পাঠ্যপুথি ‘আপোন পাঠ’ৰ সপ্তম অধ্যায় ‘ভদৰী’ এখন অতি গুৰুত্বপূৰ্ণ আৰু আকৰ্ষণীয় পাঠ। অসম জাতীয় বিদ্যালয়ৰ (AJB) শেহতীয়া নতুন পাঠ্যক্ৰমৰ আধাৰত এই অধ্যায়ৰ সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ (Class 7 Assamese Chapter 7 Textual Question Answer) প্ৰস্তুত কৰা হৈছে। এই বিশেষ সংকলনটিত পাঠভিত্তিক চমু প্ৰশ্ন, দীঘলীয়া প্ৰশ্ন, ব্যাকৰণ, অতিৰিক্ত প্ৰশ্ন (Additional Questions) আৰু বহু-বিকল্পী প্ৰশ্ন (MCQs) অন্তৰ্ভুক্ত কৰা হৈছে। অস্পীন একেডেমী (Ospin Academy) ত এই সমাধানসমূহ অতি সহজ, নিৰ্ভুল আৰু সম্পূৰ্ণ পৰীক্ষামুখীভাৱে উপলব্ধ কৰোৱা হৈছে।

‘ভদৰী’ নামৰ এই বিখ্যাত চুটিগল্পটোৰ জৰিয়তে গ্ৰাম্য সমাজৰ এক নিভাঁজ চিত্ৰ আৰু সহজ-সৰল জীৱন-ধাৰণৰ সুন্দৰ বৰ্ণনা দাঙি ধৰা হৈছে। ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এই পাঠৰ কাহিনীভাগ, মূল ভাৱ আৰু তাৎপৰ্য বুজি পোৱাটো অতি প্ৰয়োজনীয়। আমাৰ এই পাঠ্যভিত্তিক সমাধানত (Textual Solutions) কেৱল পাঠ্যপুথিৰ অনুশীলনীৰ প্ৰশ্নসমূহেই নহয়, বৰঞ্চ পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন-উত্তৰসমূহো সামৰি লোৱা হৈছে যাতে ছাত্ৰ-ছাত্ৰীসকলে সুন্দৰভাৱে প্ৰস্তুতি চলাব পাৰে।

অধিক বিনামূলীয়া Notes আৰু PDFৰ বাবে আমাৰ App টো ডাউনলোড কৰক:
Download EduAssam Solution App Click Here to Get Free Notes & Previous Papers

এই পাঠ্যভিত্তিক সমাধানৰ পৰা আপুনি কি কি শিকিব আৰু পাব:

  • ভদৰী পাঠটিৰ কাহিনীভাগৰ সাৰাংশ, চৰিত্ৰসমূহৰ বিশ্লেষণ আৰু ইয়াৰ সাহিত্যিক গুৰুত্ব।
  • শব্দাৰ্থ, চমু প্ৰশ্ন আৰু দীঘলীয়া প্ৰশ্নৰ পৰীক্ষাত লিখিব পৰা নিৰ্দোষ উত্তৰ।
  • পাঠভিত্তিক ব্যাকৰণ, সমাৰ্থক শব্দ, বিপৰীত শব্দ আৰু খণ্ডবাক্য/জতুৱা ঠাঁচৰ সঠিক জ্ঞান।
  • নতুন পাঠ্যক্ৰমৰ আৰ্হি অনুসৰি গুৰুত্বপূৰ্ণ অতিৰিক্ত প্ৰশ্নসমূহৰ লগতে বহু-বিকল্পী প্ৰশ্নৰ (MCQs) সমাধান।

অস্পীন একেডেমীৰ এই প্ৰশ্নোত্তৰসমূহৰ বিশেষ সুবিধা:

  • শেহতীয়া AJB নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা সম্পূৰ্ণ পাঠ্যভিত্তিক সমাধান।
  • ১০০% নিৰ্ভুল আৰু ছাত্ৰ-ছাত্ৰীয়ে মুখস্থ কৰিবলৈ সহজ হোৱাকৈ সৰল অসমীয়া ভাষাত লিখা উন্নত মানৰ নোটছ (Class 7 Apun Path Notes)।
  • পৰীক্ষাৰ পূৰ্বে দ্ৰুত ৰিভিজনৰ (Quick Revision) বাবে বিশেষভাৱে যুগুতোৱা সহজ-সৰল উত্তৰ।
  • ভদৰী পাঠৰ পৰা পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্নৰ বিশেষ সংকলন।

ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি অস্পীন একেডেমীয়ে এই বিশেষ পাঠ্যভিত্তিক সমাধান আগবঢ়াইছে। আপোনাৰ পৰীক্ষাৰ প্ৰস্তুতি এতিয়াই আৰম্ভ কৰক আৰু অসমীয়া বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰাৰ দিশত আগবাঢ়ক।

Vibrant Note Box
Buy Printable PDF
Class 7 Assamese (আপোন পাঠ) Textbook Solutions & MCQs | AJB New Syllabus
Original price was: ₹199.00.Current price is: ₹49.00.

New Updated Version!

According to Latest AJB New Syllabus & Updated Book

Get comprehensive preparation for Class 7 Assamese (আপোন পাঠ) with this complete Textual Solution & MCQs package.
Includes Chapter-wise textbook solutions, additional Q&A, and MCQs precisely structured as per the latest Assam Jatiya Bidyalay (AJB) syllabus and new book.
Perfect for building a strong foundation and mastering your school assessments! Download as an easy-to-use ZIP file.

Vibrant Note Box
Chapter 7 ভদৰী

 অসম জাতীয় বিদ্যালয়, সপ্তম শ্ৰেণী: আপোন পাঠ

অধ্যায়-7                                                         অস্পিন একাডেমী

ভদৰী

পাঠভিত্তিক প্রশ্নোত্তৰ

১। উত্তৰ লিখাঁ:

ক) “ঐ অ! ভাত লৈ আহ। শুনিছনে?” – কথাষাৰ কোনে কাক কৈছিল?

উত্তৰঃ “ঐ অ! ভাত লৈ আহ! শুনিছনে” কথাষাৰ শিশুৰামে ঘৈণীয়েক  ভদৰীক কৈছিল।

খ) বেথাই বহুবাৰে সৈতে শিশুৰামৰ কিয় থকা খুন্দা লাগিছিল?

উত্তৰঃ মাটিৰ সীমা ঠেলা বাবে বেথাই বহুবাৰে সৈতে শিশুৰামৰ থকা-খুন্দা লাগিছিল।

গ) ভদৰীয়ে বিবাহিতা জীৱনৰ অপৰিহাৰ্য্য, অংগবোৰ কি কি বুলি ভাবিছিল?

উত্তৰঃ ভদৰীয়ে বিবাহিত জীৱনত ভুকুটো, ঢকাটো, চৰটো, গোৰটো আৰু কাঠখৰি আৰু ঢেকিঠোৰাৰ মাৰটো আদিবোৰক অপৰিহাৰ্য্য অংগ বুলি ভাবিছিল।

ঘ) ভদৰীক শিশুৰামৰ আক্ৰমণৰ পৰা কোনে ৰক্ষা কৰিবলৈ আহিছিল?

উত্তৰঃ শিশুৰামৰ বেলেগতীয়া ভায়েক কিনাৰামে ভদৰীক শিশুৰামৰ আক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ আহিছিল।

ঙ) শিশুৰামক হাজোতৰ পাৰ ডাক্তৰে কিয় ভদৰীৰ ওচৰলৈ লৈ আনিছিল?

উত্তৰঃ শিশুৰামক ভদৰীৰ আগত হাজত দিয়া বুলি কোৱাই তাই আকৌ অজ্ঞান হৈ পৰিছিল সেয়ে ডাক্তৰে ভাবিছিল যে শিশুৰামক তাইৰ আগত আনি নিদিলে তাই সোনকালে আৰোগ্য নহব। সেইবাবে শিশুৰামক হাজোতৰ পৰা ডাক্তৰে ভদৰীৰ ওচৰলৈ লৈ আহিছিল।

চ) ভদৰীয়ে ডাক্তৰৰ ওচৰত কেনেকৈ গা কাটিছিল বুলি বুজাইছিল?

উত্তৰঃ মাছ বাছিবলৈ যাওঁতে উজুটি খাই পাতি থোৱা মৈদাত পৰি গা কাটিছে বুলি ভদৰীয়ে ডাক্তৰৰ ওচৰত বুজাইছিল।

ছ) শিশুৰামে কিমানদিন ফাটেক খাটিছিল?

উত্তৰঃ শিশুৰামে তিনি মাহ ফাটেক খাটিছিল।

২। বুজা আৰু লিখা।

উত্তৰঃ

একবচন 

বহুবচন 

গৰুটো

গৰুজাক

শিক্ষকগৰাকী

শিক্ষকমণ্ডলী

মাছটো

মাছজাক

পৰ্বতটো

পৰ্বতমালা

মাক

মাকজনী / মাতৃসকল

৩।বিপৰীত শব্দ লিখা:

উত্তৰঃ

শব্দ (Word)

বিপৰীত অৰ্থ

সঁচা

মিছা

অসীম

সসীম

জ্ঞানী

মূৰ্খ

সপোন

দিঠক

সহ্য

অসহ্য

৪। বুজা আৰু লিখা।

উত্তৰঃ

অসমীয়া ৰূপ 

শুদ্ধ/সংস্কৃতমূল ৰূপ 

বাইক

বাক্য

কৰম

কর্ম

বিৰিখ

বৃক্ষ

জনম

জন্ম

লগন

লগ্ন

ধৰম

ধৰ্ম

ভকতি

ভক্তি

৫। লক্ষ্মীনাথ বেজবৰুৱাক কিয় ‘ৰসৰাজ’ আৰু ‘সাহিত্যৰথী’ বুলি কোৱা হয়?

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাই অসমীয়া সাহিত্যত প্ৰচুৰ পৰিমাণে হাস্যৰসাত্মক আৰু ব্যংগধৰ্মী ৰচনা সৃষ্টি কৰিছে। নিজৰ লিখনীৰ জৰিয়তে তেওঁ পাঠকৰ মনত অনাবিল আনন্দ আৰু হাঁহিৰ খোৰাক দিব পৰা ক্ষমতা ৰাখিছিল। সমাজৰ ত্ৰুটি-বিচ্যুতিসমূহ হাস্যৰসৰ মাধ্যমেৰে উপস্থাপন কৰি ৰাইজৰ মাজত আনন্দৰ ৰস বিতৰণ কৰাৰ বাবেই তেওঁক ‘ৰসৰাজ’ উপাধিৰে বিভূষিত কৰা হয়।  ​আনহাতে, বেজবৰুৱাই অসমীয়া সাহিত্যৰ প্ৰায় প্ৰতিটো ক্ষেত্ৰলৈকে অগ্ৰণী অৱদান আগবঢ়াই থৈ গৈছে। কবিতা, নাটক, উপন্যাস, চুটিগল্প আৰু প্ৰবন্ধ আদি সকলো দিশতে তেওঁ পথপ্ৰদৰ্শকৰ ভূমিকা পালন কৰিছিল। সাহিত্যৰ এই সকলোবোৰ শাখাতে নিপুণতাৰে হাত দি অসমীয়া ভাষা-সাহিত্যক এক শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰাৰ বাবে তেওঁক ‘সাহিত্যৰথী’ বুলি অভিহিত কৰা হয়।

৬। ভদৰী গল্পটিৰ ৰচক কোন?

উত্তৰঃ ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা।

৭। শব্দ অর্থ লিখা: 

উত্তৰঃ 

শব্দ 

অৰ্থ 

ভাতী

কটি, ইটা আদি তৈয়াৰ কৰা চৌকা 

টুটকীয়া

যি এজনৰ বিষয়ে আন এজনক বেয়াকৈ কয়; লগনীয়া 

খকা-খুন্দা

উত্তৰা-উত্তৰি, এজনে আনজক খঙেৰে কোৱা কথা

খোচ

জোঙা বস্তুৰ আগেৰে আঘাত কৰা

মুঙ্কচ

অচেতন হৈ পৰি বোৱা 

৮। খেতিয়কক খেতি কৰিবলৈ কি কি সজুলি লাগে?

উত্তৰঃ কোৰ, নাঙল, যুৱলী, বলধ গৰু, ট্রেক্টৰ, কাচি, জবকা ইত্যাদি।

৯। ভাব বহলাই লিখাঁ:

আঁঠুৱা চাই ঠেং মেলা।

উত্তৰঃ এই ফকৰা যোজনাটোৰ জৰিয়তে মানুহে নিজৰ শক্তি বা সামৰ্থ্যৰ সীমাৰ ভিতৰত থাকি কাম কৰা উচিত— এই নীতি-শিক্ষাকেই বুজোৱা হৈছে।

      ​মশকনৰ পৰা হাত সাৰিবলৈ আমি আঁঠুৱা ব্যৱহাৰ কৰোঁ। শোৱাৰ সময়ত আঁঠুৱাৰ যিমানখিনি পৰিসৰ, তাৰ ভিতৰতে আমি হাত-ভৰি মেলি শুব লাগে। যদি আঁঠুৱাৰ জোখতকৈ বেছি ঠেং মেলা হয়, তেন্তে আঁঠুৱা ফাটি যোৱাৰ অথবা মহে কামুৰাৰ সম্ভাৱনা থাকে। ঠিক একেদৰে, মানুহে জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে নিজৰ আৰ্থিক অৱস্থা আৰু যোগ্যতাৰ প্ৰতি লক্ষ্য ৰাখিহে ব্যয় বা কাম কৰা উচিত। নিজৰ ক্ষমতাৰ বাহিৰলৈ গৈ কাম কৰিলে মানুহ বিপদত পৰাৰ সম্ভাৱনা থাকে।

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
সপ্তম শ্ৰেণী আপোন পাঠ অধ্যায় ৭ (ভদৰী) – সঘনাই সোধা প্ৰশ্ন (FAQs)
সপ্তম শ্ৰেণীৰ অসমীয়া (আপোন পাঠ) ৰ সপ্তম অধ্যায়টোৰ নাম কি?
সপ্তম শ্ৰেণীৰ আপোন পাঠৰ সপ্তম অধ্যায়টোৰ নাম হ’ল ‘ভদৰী’। ইয়াত এখন গ্ৰাম্য সমাজৰ সুন্দৰ চিত্ৰ আৰু মানৱীয় আৱেগ-অনুভূতিৰ কথা বৰ্ণনা কৰা হৈছে।
এই পাঠ্যভিত্তিক সমাধানত (Textual Solutions) কি কি অন্তৰ্ভুক্ত আছে?
ইয়াত মূল পাঠ্যপুথিৰ অনুশীলনীৰ সকলো প্ৰশ্নোত্তৰ, পাঠভিত্তিক ব্যাকৰণ, পৰীক্ষাৰ বাবে প্ৰয়োজনীয় অতিৰিক্ত প্ৰশ্ন আৰু বহু-বিকল্পী প্ৰশ্ন (MCQs) অন্তৰ্ভুক্ত কৰা হৈছে।
এই সমাধানসমূহ AJB ৰ নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা হৈছেনে?
হয়, এই সকলোবোৰ সমল অসম জাতীয় বিদ্যালয়ৰ (AJB) শেহতীয়া নতুন পাঠ্যক্ৰম আৰু নিৰ্দেশনা অনুসৰি প্ৰস্তুত কৰা হৈছে।
পৰীক্ষাৰ বাবে অতিৰিক্ত প্ৰশ্ন আৰু MCQs পঢ়াটো প্ৰয়োজনীয়নে?
হয়, পাঠটিৰ ওপৰত স্পষ্ট ধাৰণা ল’বলৈ আৰু পৰীক্ষাত সৰ্বোচ্চ নম্বৰ লাভ কৰিবলৈ অনুশীলনীৰ লগতে অতিৰিক্ত প্ৰশ্ন আৰু MCQ সমাধান কৰাটো অতি প্ৰয়োজনীয়।
V

EduAssam Solution App

Your complete digital learning solution.

Free Notes Mock Tests Q-Bank
Download Now
10k+ Students

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top