সপ্তম শ্ৰেণী আপোন পাঠ (অসমীয়া) অধ্যায় ১১ – সুখ – সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ | অসম জাতীয় বিদ্যালয় (AJB)

CLASS 7

Class 7 Assamese Chapter 11 সুখ Solutions | AJB Assam

সপ্তম শ্ৰেণী আপোন পাঠ (অসমীয়া) অধ্যায় ১১ – সুখ সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ আৰু সমাধান (AJB Assam)

সপ্তম শ্ৰেণীৰ অসমীয়া পাঠ্যপুথি ‘আপোন পাঠ’ৰ একাদশ অধ্যায় ‘সুখ’ এখন অতি অৰ্থপূৰ্ণ আৰু শিক্ষামূলক পাঠ। অসম জাতীয় বিদ্যালয়ৰ (AJB) শেহতীয়া নতুন পাঠ্যক্ৰমৰ আধাৰত এই অধ্যায়ৰ সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ (Class 7 Assamese Chapter 11 Textual Question Answer) প্ৰস্তুত কৰা হৈছে। এই বিশেষ সংকলনটিত পাঠভিত্তিক চমু প্ৰশ্ন, দীঘলীয়া প্ৰশ্ন, ব্যাকৰণ, অতিৰিক্ত প্ৰশ্ন (Additional Questions) আৰু বহু-বিকল্পী প্ৰশ্ন (MCQs) অন্তৰ্ভুক্ত কৰা হৈছে। অস্পীন একেডেমী (Ospin Academy) ত এই সমাধানসমূহ অতি সহজ, নিৰ্ভুল আৰু সম্পূৰ্ণ পৰীক্ষামুখীভাৱে উপলব্ধ কৰোৱা হৈছে।

‘সুখ’ নামৰ এই পাঠটিত প্ৰকৃত সুখৰ সংজ্ঞা, মানৱ জীৱনৰ আশা-আকাংক্ষা আৰু মানসিক শান্তিৰ বিষয়ে গভীৰভাৱে আলোচনা কৰা হৈছে। ছাত্ৰ-ছাত্ৰীসকলৰ বাবে জীৱনৰ প্ৰকৃত মূল্যবোধ আৰু সুখৰ আঁৰৰ ৰহস্য বুজি পোৱাটো অতি প্ৰয়োজনীয়। আমাৰ এই পাঠ্যভিত্তিক সমাধানত (Textual Solutions) কেৱল পাঠ্যপুথিৰ অনুশীলনীৰ প্ৰশ্নসমূহেই নহয়, বৰঞ্চ পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন-উত্তৰসমূহো সামৰি লোৱা হৈছে যাতে ছাত্ৰ-ছাত্ৰীসকলে সুন্দৰভাৱে প্ৰস্তুতি চলাব পাৰে।

অধিক বিনামূলীয়া Notes আৰু PDFৰ বাবে আমাৰ App টো ডাউনলোড কৰক:
Download EduAssam Solution App Click Here to Get Free Notes & Previous Papers

এই পাঠ্যভিত্তিক সমাধানৰ পৰা আপুনি কি কি শিকিব আৰু পাব:

  • সুখ পাঠটিৰ মূল ভাৱ, বিষয়বস্তু আৰু প্ৰকৃত সুখৰ বিষয়ে বিস্তৃত বিশ্লেষণ।
  • শব্দাৰ্থ, চমু প্ৰশ্ন আৰু দীঘলীয়া প্ৰশ্নৰ পৰীক্ষাত লিখিব পৰা নিৰ্দোষ উত্তৰ।
  • পাঠভিত্তিক ব্যাকৰণ, সমাৰ্থক শব্দ, বিপৰীত শব্দ আৰু বাক্য ৰচনাৰ সঠিক জ্ঞান।
  • নতুন পাঠ্যক্ৰমৰ আৰ্হি অনুসৰি গুৰুত্বপূৰ্ণ অতিৰিক্ত প্ৰশ্নসমূহৰ লগতে বহু-বিকল্পী প্ৰশ্নৰ (MCQs) সমাধান।

অস্পীন একেডেমীৰ এই প্ৰশ্নোত্তৰসমূহৰ বিশেষ সুবিধা:

  • শেহতীয়া AJB নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা সম্পূৰ্ণ পাঠ্যভিত্তিক সমাধান।
  • ১০০% নিৰ্ভুল আৰু ছাত্ৰ-ছাত্ৰীয়ে মুখস্থ কৰিবলৈ সহজ হোৱাকৈ সৰল অসমীয়া ভাষাত লিখা উন্নত মানৰ নোটছ (Class 7 Apun Path Notes)।
  • পৰীক্ষাৰ পূৰ্বে দ্ৰুত ৰিভিজনৰ (Quick Revision) বাবে বিশেষভাৱে যুগুতোৱা সহজ-সৰল উত্তৰ।
  • সুখ পাঠৰ পৰা পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্নৰ বিশেষ সংকলন।

ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি অস্পীন একেডেমীয়ে এই বিশেষ পাঠ্যভিত্তিক সমাধান আগবঢ়াইছে। আপোনাৰ পৰীক্ষাৰ প্ৰস্তুতি এতিয়াই আৰম্ভ কৰক আৰু অসমীয়া বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰাৰ দিশত আগবাঢ়ক।

Vibrant Note Box
Buy Printable PDF
Class 7 Assamese (আপোন পাঠ) Textbook Solutions & MCQs | AJB New Syllabus
Original price was: ₹199.00.Current price is: ₹49.00.

New Updated Version!

According to Latest AJB New Syllabus & Updated Book

Get comprehensive preparation for Class 7 Assamese (আপোন পাঠ) with this complete Textual Solution & MCQs package.
Includes Chapter-wise textbook solutions, additional Q&A, and MCQs precisely structured as per the latest Assam Jatiya Bidyalay (AJB) syllabus and new book.
Perfect for building a strong foundation and mastering your school assessments! Download as an easy-to-use ZIP file.

Vibrant Note Box
Chapter 11 সুখ

 অসম জাতীয় বিদ্যালয়, সপ্তম শ্ৰেণী: আপোন পাঠ

অধ্যায়-11                                                                    অস্পিন একাডেমী

সুখ

পাঠভিত্তিক প্রশ্নোত্তৰ

১। উত্তৰ লিখাঁ:

ক) সুখ বিচাৰোঁতে মানুহে সংসাৰত কি পায়?

উত্তৰঃ সুখ বিচাৰোঁতে মানুহে সংসাৰত দুখ পায়।

খ) কাৰ পাছে পাছে সুখ ফুৰে?

উত্তৰঃ যিয়ে স্বার্থ-বলিদান দিব পাৰে তেওঁবোৰৰ পাছে পাছে সুখ ফুবে।

গ) সংসাৰখন কেনেকৈ সুখৰ ঠাই হৈ পৰে?

উত্তৰঃ জীৱনত কেৱল নিজৰ কাৰণে নাভাবি আনৰ জীৱনৰ বাবেও যদি আমি চিন্তা কৰো। লগতে আনৰ কাৰণে খাটিব পাৰো তেতিয়াহে সংসাৰ সুখৰ ঠাই হৈ পবে।

ঘ) সংসাৰত কেতিয়া দুখ নোহোৱা হয়?

উত্তৰঃ পৰৰ অভাৱ, পৰৰ দুখত হিয়া যদি পমি যায় আৰু পৰক আপোন কৰি লব পাৰিলে সংসাৰত দুখ নোহোৱা হয়।

ঙ) কবিয়ে মানুহৰ সেৱা, মানুহৰ পূজা কিয় কৰিবলৈ কৈছে?

উত্তৰঃ ৰক্ষাৰ তৰী পাৱৰ নিমিত্তে আৰু পবিত্ৰ বৰত লোৱাৰ কাৰণে কবিয়ে মানুহৰ সেৱা, মানুহৰ পূজা কৰিবলৈ কৈছে।

চ) কবিৰ মতে কিহত পৰম সন্তোষ লভিব পাৰি?

উত্তৰঃ কবিৰ মতে ত্যাগত পৰম সন্তোষ লভিব পাৰি বুলি কৈছে।

ছ) স্বাৰ্থৰ বাট আৰু নিঃস্বাৰ্থৰ বাট কবিয়ে কেনেকুৱা বুলি কৈছে?

উত্তৰঃ স্বাৰ্থৰ বাট দুখৰ কাঁইট আৰু খোজে পতি বিন্ধে বুলি কৈছে। আনহাতে নিঃস্বাৰ্থৰ বাট, সেন্দুৰীয়া আলি সুগন্ধি কুসুম ফুলে বুলি কৈছে।

২। ‘সুখ’ কবিতাটিব মূল কথাখিনি লিখা:

উত্তৰঃ ‘সুখ’ কবিতাটো ‘বকুলবনৰ কবি’ আনন্দ চন্দ্ৰ আগৰৱালাৰ এক তাৎপৰ্যপূৰ্ণ সৃষ্টি। এই কবিতাটোৰ জৰিয়তে কবিয়ে মানুহৰ জীৱনত সুখৰ প্ৰকৃত সংজ্ঞা আৰু ইয়াৰ প্ৰাপ্তিৰ উপায় অতি সুন্দৰকৈ বৰ্ণনা কৰিছে। মানুহে গোটেই জীৱন সুখৰ সন্ধানত হাহাকাৰ কৰি ফুৰে, কিন্তু বহু ক্ষেত্ৰত সুখৰ পৰিৱৰ্তে দুখৰ বোজাহে অধিক গধুৰ হৈ পৰে। আচলতে সুখ কোনো বিচাৰি ফুৰা বস্তু নহয়, ই এক অন্তৰৰ অনুভৱহে। কবিয়ে স্পষ্টকৈ কৈছে যে যিজন ব্যক্তিয়ে নিজৰ স্বাৰ্থ ত্যাগ কৰি আনৰ মংগলৰ বাবে কাম কৰিব পাৰে, সুখ তেওঁৰ পিছে পিছে ঘূৰি ফুৰে।

​আমি যদি কেৱল নিজৰ কথা নাভাবি আনৰ অভাৱ-অনাটন আৰু দুখ-বেদনা হৃদয়েৰে অনুভৱ কৰিব পাৰোঁ, তেতিয়াহে জীৱনত প্ৰকৃত সুখৰ মুখ দেখিবলৈ পাম। পৰক আপোন কৰি লোৱা আৰু লোকৰ হিতৰ বাবে নিঃস্বাৰ্থভাৱে নিজকে উৎসৰ্গা কৰাৰ মাজতেই স্বৰ্গীয় সুখ নিহিত হৈ থাকে। আনৰ দুখত সমভাগী হৈ চকুলো টুকিলে সেই চকুলোতো অপাৰ আনন্দ বিচাৰি পোৱা যায়। আমাৰ মনটোৱেই সুখ-দুখৰ মূল কেন্দ্ৰবিন্দু; সেয়ে মনক নিয়ন্ত্ৰণ কৰি স্থিৰ কৰিব পাৰিলে যিকোনো পৰিস্থিতিতে সুখী হোৱা সম্ভৱ। কবিৰ মতে, স্বাৰ্থপৰতাৰ পথ কণ্টকময় আৰু যন্ত্ৰণাৰে ভৰা; কিন্তু পৰোপকাৰ তথা নিঃস্বাৰ্থ সেৱাৰ পথ সেন্দুৰীয়া আলিৰ দৰে সুগন্ধি আৰু মংগলময়।

৩। তলৰ প্রত্যয়বোৰ সংযোগ কৰা :

সেন্দূৰ + ঈয়া = 

ধেমালি + ঈয়া =

তৰ + ঈ =

মানৱ + ঈ =

ধৰম + ঈ =

সুগন্ধ + ই = 

উত্তৰঃ

সেন্দূৰ + ঈয়া = সেন্দুৰীয়া

ধেমালি + ঈয়া ধেমেলীয়া 

তৰ + ঈ = তৰী 

মানৱ + ঈ = মানৱী 

ধৰম + ঈ = ধর্মী

সুগন্ধ + ই = সুগন্ধি

৪। প্রসংগ-সংগতি দর্শাই ব্যাখ্যা কৰাঁ :

ক)  পৰৰ অভাৱ       পৰৰ দুখত

            হিয়া যদি পমি যায়

 পবক আপোন          কৰিব পাৰিলে

             সংসাৰত দুখ নাই।

উত্তৰঃ উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথি ‘আপোন পাঠ’ৰ অন্তৰ্গত ‘বকুলবনৰ কবি’ আনন্দ চন্দ্ৰ আগৰৱালাদেৱৰ দ্বাৰা ৰচিত ‘সুখ’ নামৰ কবিতাটোৰ পৰা উদ্ধৃত কৰা হৈছে।

​         এই কবিতাফাঁকিৰ জৰিয়তে কবিয়ে মানুহৰ জীৱনত প্ৰকৃত সুখ লাভৰ উৎস আৰু পৰোপকাৰৰ মহত্ত্বৰ বিষয়ে আলোকপাত কৰিছে।

​          মানুহে নিজৰ পৃথিৱীখনত সুখৰ সন্ধানত আজীৱন কঠিন পৰিশ্ৰম কৰে, তথাপিও বহুতৰ বাবে সুখ যেন মৰীচিকা হৈয়েই ৰয়। জীৱনৰ কণ্টকময় যাত্ৰাত মানুহে সুখ বিচাৰি হাবাথুৰী খায় যদিও প্ৰকৃততে প্ৰাপ্য সুখৰ পৰা বঞ্চিত হয়। ইয়াৰ মূল কাৰণটো হ’ল— আমি সুখ বিচাৰিব জানিব লাগে। কবিৰ মতে, সুখ কোনো বাহিৰৰ বস্তু নহয়, ই আমাৰ অন্তৰৰ এক বিশাল গুণহে। আমি যদি কেৱল নিজৰ স্বাৰ্থতে আৱদ্ধ নাথাকি লোকৰ অভাৱ-অনাটন আৰু দুখ-যন্ত্ৰণাৰ প্ৰতি সমমর্মী হওঁ, তেন্তে আমাৰ মনত এক অপাৰ শান্তিৰ উদয় হয়। আনৰ দুখ দেখি যদি আমাৰ হৃদয় পমি যায় আৰু আমি পৰক আপোন কৰি লৈ তেওঁলোকৰ সেৱাত ব্ৰতী হ’ব পাৰোঁ, তেতিয়াহে এই সংসাৰত প্ৰকৃত সুখ বিচাৰি পোৱা যায়। যিজন ব্যক্তিয়ে নিঃস্বাৰ্থভাৱে পৰোপকাৰ কৰিব পাৰে, তেওঁৰ বাবে দুখৰ বোজা পাতল হৈ পৰে আৰু জগতখনেই সুখময় হৈ পৰে।

৫। তলত দিয়াবোৰ উদাহৰণটো চাই বাকীবোৰ লিখা:

উদাহৰণ: দিনত কণা= দিনকণা।

উত্তৰঃ   

পৰম যি পিতা= পৰমপিতা

ভাই আৰু ভনী= ভাই-ভনী

বিশ্বলৈ প্রেম= বিশ্বপ্রেম

যথা যি অর্থ = যথার্থ

নৰ আৰু নাৰী= নৰ-নাৰী

৬। ভাব বহলাই লিখাঁ:

 ক) আপোন ভালেই জগত ভাল।

​উত্তৰঃ এই পৃথিৱীত বিভিন্ন চৰিত্ৰৰ লোকৰ বাস। আমাৰ সমাজতে যিদৰে দধীচিৰ দৰে মহৎ ত্যাগী আৰু যুধিষ্ঠিৰৰ দৰে ধৰ্মপৰায়ণ ব্যক্তি থাকে, ঠিক তেনেদৰে শকুনিৰ দৰে কুটিল আৰু দুৰ্যোধনৰ দৰে অহংকাৰী লোকৰো অভাৱ নাই। এজন বিচক্ষণ ব্যক্তিয়ে সকলোৰে সৈতে সু-সম্পৰ্ক বজাই ৰাখি শান্তিৰে জীৱন অতিবাহিত কৰিব জানে। আনহাতে, কিছুমান লোকে কাৰো লগতে মিলি চলিব নোৱাৰে আৰু আনৰ কামত কেৱল দোষ বিচাৰি ফুৰে। এনে নেতিবাচক দৃষ্টিভংগীৰ লোকে সমাজৰ শান্তি বিঘ্নিত কৰে। প্ৰকৃততে এজন সৎ লোকে সদায় আনৰ বেয়াখিনি বৰ্জন কৰি ভালখিনিহে গ্ৰহণ কৰিবলৈ চেষ্টা কৰে। তেওঁ জগতৰ সকলোকে ভাল চকুৰে চায় বাবে আনৰ পৰাও ভাল ব্যৱহাৰেই লাভ কৰে। আচলতে পৃথিৱীখন আমাৰ বাবে তেনেকুৱাই, যেনেকুৱা আমাৰ নিজৰ চৰিত্ৰ বা দৃষ্টিভংগী। সেয়েহে কোৱা হয়— আপোন ভালেই জগত ভাল।

৭।প্রসংগ-সংগতি দর্শাই ব্যাখ্যা কৰা:

  যথার্থ নিঃস্বার্থ       ধৰণী জীৱন

          বিশ্বপ্রেমে ভৰপূৰ,

 বিশ্বৰ সকলো         ভাই-ভনী তাব,

             সুখৰ নপৰে ওৰ।

উত্তৰঃ  উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ‘বকুলবনৰ কবি’ আনন্দ চন্দ্ৰ আগৰৱালাদেৱৰ দ্বাৰা ৰচিত ‘সুখ’ নামৰ কবিতাটোৰ পৰা উদ্ধৃত কৰা হৈছে।

​       বিশ্ব-ভাতৃত্ববোধ আৰু নিঃস্বাৰ্থ প্ৰেমেৰে উদ্বুদ্ধ হ’লে যে জীৱনত প্ৰকৃত সুখ লাভ কৰিব পাৰি, কবিয়ে সেই কথাকে ইয়াত ব্যক্ত কৰিছে।

​        যিজন ব্যক্তিয়ে নিজৰ সংকীৰ্ণ স্বাৰ্থ ত্যাগ কৰি জগতৰ কল্যাণৰ বাবে নিজকে উৎসৰ্গা কৰিব পাৰে, তেওঁৰ জীৱন সাৰ্থক হয়। যাৰ হৃদয়ত সমগ্ৰ বিশ্বৰ প্ৰতি গভীৰ মৰম আৰু চেনেহ বিৰাজ কৰে, তেওঁৰ অন্তৰত সদায় সুখৰ নিজৰা বৈ থাকে। এই পৃথিৱীৰ প্ৰতিটো প্ৰাণীয়েই একেজন সৃষ্টিকৰ্তাৰ সন্তান। সেয়েহে আমি যদি বিশ্বৰ সকলোকে নিজৰ ভাই-ভনী বুলি জ্ঞান কৰি এটা বৃহৎ পৰিয়ালৰ দৰে বসবাস কৰিব পাৰোঁ, তেন্তে আমাৰ মনৰ পৰা হিংসা-দ্বেষ আঁতৰি যাব। বিপদৰ সময়ত পৰক সহায় কৰিলে যি অপাৰ আনন্দ পোৱা যায়, তাৰ কোনো সীমা নাই। এনে বিশ্ব-প্ৰেমৰ ভাৱ অন্তৰত থাকিলে মানুহে দুখৰ পৰা পৰিত্ৰাণ পায় আৰু সুখৰ কোনো অভাৱ নহয়।

​৮। ভাব বহলাই লিখাঁ:

​লোকলৈ বুলি হুল পুতি নিজে মৰে ফুটি।

​উত্তৰঃ এই ফকৰা যোজনাটোৰ জৰিয়তে আনৰ অহিত চিন্তা কৰা ব্যক্তিয়ে যে নিজে বিপদত পৰে, সেই সত্যটোকে প্ৰকাশ কৰা হৈছে।

​হুল এডাল জড় পদাৰ্থ হোৱা হেতুকে ইয়াৰ কোনো আপোন-পৰ জ্ঞান নাই। যি ব্যক্তিয়ে আনৰ ক্ষতি কৰিবলৈ বাটত হুল পুতি থয়, তেওঁ যিকোনো মুহূৰ্ততে নিজেই সেই হুলত ভৰি দি আঘাত পাব পাৰে। হয়তো অসাৱধানবশতঃ বা কোনো কাৰণত সেই বাটেৰে গ’লে তেওঁ নিজেই নিজৰ কৰ্মৰ ফল ভোগ কৰিবলগীয়া হয়। ঠিক তেনেদৰে, সমাজত যিবিলাক লোকে আনৰ অনিষ্ট সাধন কৰিবলৈ ষড়যন্ত্ৰ ৰচনা কৰে, প্ৰায়ে দেখা যায় যে তেওঁলোক নিজেই সেই ষড়যন্ত্ৰৰ বলি হ’বলগীয়া হয়। আচলতে লোকৰ কু-চিন্তা কৰিলে নিজৰেই মানসিক আৰু পাৰ্থিৱ ক্ষতি হোৱাটো খাটাং। চিন্তা কৰা অমূলক।

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
সপ্তম শ্ৰেণী আপোন পাঠ অধ্যায় ১১ (সুখ) – সঘনাই সোধা প্ৰশ্ন (FAQs)
সপ্তম শ্ৰেণীৰ অসমীয়া (আপোন পাঠ) ৰ একাদশ অধ্যায়টোৰ নাম কি?
সপ্তম শ্ৰেণীৰ আপোন পাঠৰ একাদশ অধ্যায়টোৰ নাম হ’ল ‘সুখ’। ইয়াত মানৱ জীৱনত প্ৰকৃত সুখৰ সংজ্ঞা আৰু ইয়াৰ উৎসৰ বিষয়ে আলোচনা কৰা হৈছে।
এই পাঠ্যভিত্তিক সমাধানত (Textual Solutions) কি কি অন্তৰ্ভুক্ত আছে?
ইয়াত মূল পাঠ্যপুথিৰ অনুশীলনীৰ সকলো প্ৰশ্নোত্তৰ, পাঠভিত্তিক ব্যাকৰণ, পৰীক্ষাৰ বাবে প্ৰয়োজনীয় অতিৰিক্ত প্ৰশ্ন আৰু বহু-বিকল্পী প্ৰশ্ন (MCQs) অন্তৰ্ভুক্ত কৰা হৈছে।
এই সমাধানসমূহ AJB ৰ নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা হৈছেনে?
হয়, এই সকলোবোৰ সমল অসম জাতীয় বিদ্যালয়ৰ (AJB) শেহতীয়া নতুন পাঠ্যক্ৰম আৰু নিৰ্দেশনা অনুসৰি প্ৰস্তুত কৰা হৈছে।
পৰীক্ষাৰ বাবে অতিৰিক্ত প্ৰশ্ন আৰু MCQs পঢ়াটো প্ৰয়োজনীয়নে?
হয়, পাঠটিৰ ওপৰত স্পষ্ট ধাৰণা ল’বলৈ আৰু পৰীক্ষাত সৰ্বোচ্চ নম্বৰ লাভ কৰিবলৈ অনুশীলনীৰ লগতে অতিৰিক্ত প্ৰশ্ন আৰু MCQ সমাধান কৰাটো অতি প্ৰয়োজনীয়।

EduAssam Solution App

Your complete digital learning solution.

Free Notes Mock Tests Q-Bank
Download Now
10k+ Students

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top