Class 7 Assamese Chapter 12 জোনবিল-মেলা Solutions | AJB Assam
সপ্তম শ্ৰেণী আপোন পাঠ (অসমীয়া) অধ্যায় ১২ – জোনবিল-মেলা সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ আৰু সমাধান (AJB Assam)
সপ্তম শ্ৰেণীৰ অসমীয়া পাঠ্যপুথি ‘আপোন পাঠ’ৰ দ্বাদশ অধ্যায় ‘জোনবিল-মেলা’ এখন অতি গুৰুত্বপূৰ্ণ আৰু ঐতিহাসিক পাঠ। অসম জাতীয় বিদ্যালয়ৰ (AJB) শেহতীয়া নতুন পাঠ্যক্ৰমৰ আধাৰত এই অধ্যায়ৰ সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ (Class 7 Assamese Chapter 12 Textual Question Answer) প্ৰস্তুত কৰা হৈছে। এই বিশেষ সংকলনটিত পাঠভিত্তিক চমু প্ৰশ্ন, দীঘলীয়া প্ৰশ্ন, ব্যাকৰণ, অতিৰিক্ত প্ৰশ্ন (Additional Questions) আৰু বহু-বিকল্পী প্ৰশ্ন (MCQs) অন্তৰ্ভুক্ত কৰা হৈছে। অস্পীন একেডেমী (Ospin Academy) ত এই সমাধানসমূহ অতি সহজ, নিৰ্ভুল আৰু সম্পূৰ্ণ পৰীক্ষামুখীভাৱে উপলব্ধ কৰোৱা হৈছে।
‘জোনবিল-মেলা’ নামৰ এই পাঠটিত অসমৰ ঐতিহ্যমণ্ডিত জোনবিল মেলাৰ বিনিময় প্ৰথা, পাহাৰ আৰু ভৈয়ামৰ লোকসকলৰ মাজত থকা সম্প্ৰীতি আৰু ইয়াৰ ঐতিহাসিক গুৰুত্বৰ বিষয়ে বিতংভাৱে আলোচনা কৰা হৈছে। ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আমাৰ ৰাজ্যৰ এই অনন্য পৰম্পৰা আৰু বাপতিসাহোন উৎসৱৰ বিষয়ে জানিবলৈ এই পাঠৰ মূল ভাৱ বুজি পোৱাটো অতি প্ৰয়োজনীয়। আমাৰ এই পাঠ্যভিত্তিক সমাধানত (Textual Solutions) কেৱল পাঠ্যপুথিৰ অনুশীলনীৰ প্ৰশ্নসমূহেই নহয়, বৰঞ্চ পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন-উত্তৰসমূহো সামৰি লোৱা হৈছে যাতে ছাত্ৰ-ছাত্ৰীসকলে সুন্দৰভাৱে প্ৰস্তুতি চলাব পাৰে।
এই পাঠ্যভিত্তিক সমাধানৰ পৰা আপুনি কি কি শিকিব আৰু পাব:
- জোনবিল মেলাৰ ইতিহাস, বিনিময় প্ৰথা আৰু পাহাৰ-ভৈয়ামৰ সম্প্ৰীতিৰ বিস্তৃত বিশ্লেষণ।
- শব্দাৰ্থ, চমু প্ৰশ্ন আৰু দীঘলীয়া প্ৰশ্নৰ পৰীক্ষাত লিখিব পৰা নিৰ্দোষ উত্তৰ।
- পাঠভিত্তিক ব্যাকৰণ, সমাৰ্থক শব্দ, বিপৰীত শব্দ আৰু বাক্য ৰচনাৰ সঠিক জ্ঞান।
- নতুন পাঠ্যক্ৰমৰ আৰ্হি অনুসৰি গুৰুত্বপূৰ্ণ অতিৰিক্ত প্ৰশ্নসমূহৰ লগতে বহু-বিকল্পী প্ৰশ্নৰ (MCQs) সমাধান।
অস্পীন একেডেমীৰ এই প্ৰশ্নোত্তৰসমূহৰ বিশেষ সুবিধা:
- শেহতীয়া AJB নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা সম্পূৰ্ণ পাঠ্যভিত্তিক সমাধান।
- ১০০% নিৰ্ভুল আৰু ছাত্ৰ-ছাত্ৰীয়ে মুখস্থ কৰিবলৈ সহজ হোৱাকৈ সৰল অসমীয়া ভাষাত লিখা উন্নত মানৰ নোটছ (Class 7 Apun Path Notes)।
- পৰীক্ষাৰ পূৰ্বে দ্ৰুত ৰিভিজনৰ (Quick Revision) বাবে বিশেষভাৱে যুগুতোৱা সহজ-সৰল উত্তৰ।
- জোনবিল-মেলা পাঠৰ পৰা পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্নৰ বিশেষ সংকলন।
ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি অস্পীন একেডেমীয়ে এই বিশেষ পাঠ্যভিত্তিক সমাধান আগবঢ়াইছে। আপোনাৰ পৰীক্ষাৰ প্ৰস্তুতি এতিয়াই আৰম্ভ কৰক আৰু অসমীয়া বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰাৰ দিশত আগবাঢ়ক।
Class 7 Assamese (আপোন পাঠ) Textbook Solutions & MCQs | AJB New Syllabus
New Updated Version!
According to Latest AJB New Syllabus & Updated Book
Get comprehensive preparation for Class 7 Assamese (আপোন পাঠ) with this complete Textual Solution & MCQs package.
Includes Chapter-wise textbook solutions, additional Q&A, and MCQs precisely structured as per the latest Assam Jatiya Bidyalay (AJB) syllabus and new book.
Perfect for building a strong foundation and mastering your school assessments! Download as an easy-to-use ZIP file.
অসম জাতীয় বিদ্যালয়, সপ্তম শ্ৰেণী: আপোন পাঠ
জোনবিল মেলা
পাঠভিত্তিক প্রশ্নোত্তৰ
ক) পাহাৰ ভৈয়ামৰ সম্প্ৰীতিৰ উৎসৱ কি?
উত্তৰঃ পাহাৰ-ভৈয়ামৰ সম্প্ৰীতিৰ উৎসৱ হ’ল “জোনবিল মেলা”।
খ) “জোনবিল” নামে ডাঙৰ বিলখন ক’ত অৱস্থিত?
উত্তৰঃ “জোনবিল” নামে ডাঙৰ বিলখন জাগীৰোড আৰু জাগীভকত গাঁৱৰ মধ্যমত জোনবিল নামে এখন ডাঙৰ বিল আছে।
গ) “মনেপতা বিহু” কি?
উত্তৰঃ “মনেপতা বিহু” হ’ল- গোভা ৰাইজৰ বিশেষ উল্লেখযোগ্য দিশ এটি আছে, তেওঁলোকে আনৰ নিচিনাকৈ মাহৰ সংক্ৰান্তিৰ তিথিত বিহু নাপাতে। তাৰ পিছৰ সপ্তাহৰ শনিবাৰটোতহে পাতে। সেয়ে ইয়াক মনেপতা বিহু বোলে।
ঘ) বর্তমান সময়ত জোনবিল মেলা কেতিয়া অনুষ্ঠিত হয়?
উত্তৰঃ বৰ্তমান মাঘ বিহুৰ দ্বিতীয় বা তৃতীয় সপ্তাহৰ শনিবাৰ বা দেওবাৰে এই জোনবিল মেলা অনুষ্ঠিত হয়।
ঙ) পাহাৰৰ পৰা অহা লোকসকলে মেলালৈ আহোঁতে বিনিময়ৰ বাবে লগত কি কি বস্তু লৈ আহে?
উত্তৰঃ আলু, কচু, আদা, হালধি, তিল, ফুলবাঢ়নী, ‘লা, ধূনা, জলকীয়া, বাঁহৰ গাজ, কপাহ আৰু বাঁহ-বেতেৰে তৈয়াৰী শিল্পজাত বস্তু আনে।
২। চমু উত্তৰ লিখা:
ক) বিলখনৰ নাম “জোনবিল” কেনেদৰে হ’ল?
উত্তৰঃ জনশ্রুতি মতে, এজন তিৱা ৰজাই এদিন ফুৰি আহোঁতে এই বিলখনৰ পানীত জোনৰ পোহৰ পৰি তিৰবিৰাই থকা দৃশ্য দেখি আপ্লুত হৈ পৰিছিল। জোনৰ সেই মনোৰম প্ৰতিচ্ছবি বিলৰ পানীত দেখা পাই তেওঁ বিলখনৰ নাম ‘জোনবিল’ ৰাখিছিল। এনেদৰেই বিলখনৰ নাম জোনবিল হোৱা বুলি কোৱা হয়।
খ) গোভা ৰজাৰ আদেশ মর্মে অতীতত জোনবিল মেলা কেনেকৈ অনুষ্ঠিত কৰা হৈছিল?
উত্তৰঃ গোভা ৰজাৰ আদেশ অনুযায়ী অতীতত জোনবিল মেলা মাঘ বিহুৰ প্ৰায় ১২ দিনৰ পাছত উদযাপন কৰা হৈছিল। মাঘ বিহুৰ আগে আগে এই বিলত দলবদ্ধভাৱে মাছ ধৰি সেই শ’ল মাছেৰে বিলৰ পাৰতে ন-ভাত খোৱাৰ এক পৰম্পৰাগত নিয়ম আছিল।
গ) জোনবিল মেলা চাবলৈ ক’ৰ ক’ৰপৰা মানুহ আহি বিলৰ পাৰত ভিৰ কৰে?
উত্তৰঃ জোনবিল মেলা চাবলৈ কাষৰীয়া পাহাৰীয়া অঞ্চলসমূহৰ লগতে ভৈয়ামৰ বিভিন্ন ঠাইৰ পৰা অগণন মানুহ আহি বিলৰ পাৰত ভিৰ কৰে। বিশেষকৈ তিৱা, কাৰবি, খাচী আৰু জয়ন্তীয়া আদি জনগোষ্ঠীৰ লোকসকলে ইয়াত সমবেত হয়।
৩। “এই মেলা পর্বত-ভৈয়ামবাসীৰ মহামিলনৰ তীৰ্থক্ষেত্ৰ” — কথাষাৰৰ তাৎপর্য ব্যাখ্যা কৰাঁ।
উত্তৰঃ জোনবিল মেলা কেৱল এখন মেলা নহয়, ই হ’ল পাহাৰ আৰু ভৈয়ামৰ মাজৰ এক ঐতিহাসিক সম্প্ৰীতিৰ মিলনভূমি। অতীজৰে পৰা পাহাৰীয়া জনজাতিসকলে পাহাৰৰ পৰা নামি আহোঁতে গোভা ৰজালৈ নিজৰ সাধ্যানুসৰি বিভিন্ন বস্তুৰ টোপোলা, কৰ-ভাৰ আৰু মাননি দিয়াৰ এক পৰম্পৰা আছিল, যিটো বৰ্তমানো প্ৰচলিত। এই মেলাত আদান-প্ৰদানৰ প্ৰাচীন ‘বিনিময় প্ৰথা’ আজিও দেখিবলৈ পোৱা যায়। পাহাৰীয়া লোকসকলে অনা আদা, হালধি, কচু আদিৰ বিনিময়ত ভৈয়ামৰ লোকৰ পৰা পিঠা-পনা, শুকান মাছ আদি লয়। এনেদৰে জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে পাহাৰ-ভৈয়ামৰ মানুহ একত্ৰিত হৈ আনন্দ কৰে বাবে এই মেলাক মহামিলনৰ তীৰ্থক্ষেত্ৰ বুলি কোৱা হয়। ই সামাজিক সম্প্ৰীতিৰ এক শক্তিশালী সাঁকো স্বৰূপ।
৪। তলৰ উৎসৱসমূহৰ বিষয়ে চমুকৈ লিখাঁ:
ক) আলি-আয়ে-লৃগাং
খ) টুচু পূজা
উত্তৰঃ
ক) আলি-আয়ে-লৃগাং:আলি-আয়ে-লৃগাং হ’ল মিচিং জনগোষ্ঠীৰ অন্যতম প্ৰধান কৃষিভিত্তিক বসন্তোৎসৱ। ফাগুণ মাহৰ প্ৰথম বুধবাৰে এই উৎসৱ পালন কৰা হয়। মিচিং ভাষাত ‘আলি’ মানে গুটি বা বীজ, ‘আয়ে’ মানে ফল আৰু ‘লৃগাং’ মানে সিঁচা বুজায়। অৰ্থাৎ আহু খেতিৰ বীজ সিঁচাৰ শুভ আৰম্ভণি হিচাপেই এই উৎসৱ পালন কৰা হয়। এই দিনা মিচিং ডেকাসকলে পৰম্পৰাগত ‘গুমৰাগ’ নৃত্য প্ৰদৰ্শন কৰে আৰু নিজৰ উপৰি-পুৰুষক স্মৰণ কৰি নৈবেদ্য আগবঢ়ায়।
খ) টুচু পূজা: টুচু পূজা হ’ল চাহ জনগোষ্ঠীৰ লোকসকলৰ এক প্ৰধান লোক-উৎসৱ। টুচু দেৱী সম্পূৰ্ণৰূপে এগৰাকী লোক-দেৱী। কোনো কোনোৱে তেওঁক হিন্দু দেৱী দুৰ্গা বা সীতাৰ সৈতে তুলনা কৰিলেও, এই পূজাৰ ৰীতি-নীতিবোৰ অত্যন্ত প্ৰাচীন আৰু লৌকিক। লোককথা অনুসৰি, টুচু আছিল গুজৰাটৰ কুৰ্মী ৰজাৰ এগৰাকী অতি ধুনীয়া আৰু গুণী কন্যা। এই পূজাৰ লগত জড়িত ‘টুচু গীত’বোৰ চাহ জনজাতিৰ সামাজিক জীৱনৰ দাপোণ স্বৰূপ। পুহ মাহৰ সংক্রান্তিত এই উৎসৱ বিশেষভাৱে পালন কৰা হয়।
৫।সমার্থক শব্দ লিখাঁঃ
উত্তৰঃ
|
শব্দ |
সমাৰ্থক শব্দ |
|
চহকী |
ধনী |
|
পাহাৰ |
টিলা |
|
ভৈয়াম |
ব্যায়াম |
|
পঁজা |
পূজা |
|
প্রথা |
নিয়ম |
|
পানী |
জল |
|
বিল |
জিল |
|
ৰজা |
ভূপতি |
|
পথাৰ |
শস্যডৰা |
|
সন্ধ্যা |
গধূলি |
৬।চমুটোকা লিখাঁ
(ক) ফাৰকান্তি
(খ) ওৱাংগালা
উত্তৰঃ
(ক) ফাৰকান্তিঃ ফাৰকান্তি হ’ল ৰাভা জনজাতিৰ লোকসকলৰ মৃতকৰ শ্ৰাদ্ধ অনুষ্ঠান। এই পৰম্পৰা বিশেষকৈ ৰংদানী আৰু মায়তৰী ৰাভাসকলৰ মাজত প্ৰচলিত। এই অনুষ্ঠানত পৰিৱেশন কৰা শোকগাথা বা বিলাপক ‘ফাৰকান্তি গীত’ বোলা হয়। শ্ৰাদ্ধৰ দিনা গীতত নিপুণ এজন সূত্ৰধাৰে তাল বজাই বিলাপ কৰে আৰু তাৰ লগে লগে কাঁহ, শিঙা আদিৰ কৰুণ সুৰে এক শোকাকুল পৰিৱেশৰ সৃষ্টি কৰে। এই গীতসমূহত জীৱন আৰু মৃত্যুৰ দৰ্শন তথা বিভিন্ন প্ৰশ্ন উত্থাপন কৰা হয়। ফাৰকান্তি গীতত কেৱল কৰুণ ৰসেই নহয়, স্থানবিশেষে শৃংগাৰ আৰু হাস্যৰসৰো সমল পোৱা যায়। ৰাভাসকলৰ মতে, ফাৰকান্তি মৃতকৰ সোঁৱৰণী উৎসৱ হ’লেও, ইয়াত ৰং-ৰহইচৰো এক বিশেষ স্থান আছে।
(খ) ওৱাংগালা: গাৰো জনগোষ্ঠীৰ লোকসকলৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু উল্লেখনীয় উৎসৱ হ’ল ওৱাংগালা। ইয়াক শস্য চপোৱাৰ উৎসৱ বুলিও জনা যায়। গাৰোসকলৰ বিশ্বাস মতে, শস্যৰ দেৱতা ‘মিছিং চালজং’ (সূৰ্য দেৱতা)-এ মানুহক খেতি-বাতিৰ জ্ঞান দিছিল। সেয়েহে, আহিন-কাতি মাহত শস্য চপোৱাৰ সময়ত ভগৱানৰ প্ৰতি কৃতজ্ঞতা জনাবলৈ মদ-মঙহেৰে উপচাৰ আগবঢ়োৱা হয়। গাঁৱৰ পুৰোহিত বা ‘খামাল’ৰ জৰিয়তে এই পূজা সম্পন্ন হয়। ওৱাংগালাৰ বাবে কোনো নিৰ্দিষ্ট দিন-বাৰ নাথাকিলেও ইয়াৰ প্ৰস্তুতি খেতিৰ আৰম্ভণিৰ পৰাই চলে। এই উৎসৱৰ মূল আকৰ্ষণ হ’ল ঢোল আৰু নৃত্যৰ প্ৰতিযোগিতা। মুকলি পথাৰত পুৰুষ-মহিলা, ডেকা-গাভৰু সকলোৱে মিলি ঢোলৰ তালে তালে ওৱাংগালা নৃত্যত মগ্ন হয়।




