Class 7 Assamese Chapter 13 অৰ্জুন-ভঞ্জন Solutions | AJB Assam
সপ্তম শ্ৰেণী আপোন পাঠ (অসমীয়া) অধ্যায় ১৩ – অৰ্জুন-ভঞ্জন সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ আৰু সমাধান (AJB Assam)
সপ্তম শ্ৰেণীৰ অসমীয়া পাঠ্যপুথি ‘আপোন পাঠ’ৰ ত্ৰয়োদশ অধ্যায় ‘অৰ্জুন-ভঞ্জন’ এখন অতি গুৰুত্বপূৰ্ণ আৰু আধ্যাত্মিক মূল্যবোধ সম্পন্ন পাঠ। অসম জাতীয় বিদ্যালয়ৰ (AJB) শেহতীয়া নতুন পাঠ্যক্ৰমৰ আধাৰত এই অধ্যায়ৰ সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ (Class 7 Assamese Chapter 13 Textual Question Answer) প্ৰস্তুত কৰা হৈছে। এই বিশেষ সংকলনটিত পাঠভিত্তিক চমু প্ৰশ্ন, দীঘলীয়া প্ৰশ্ন, ব্যাকৰণ, অতিৰিক্ত প্ৰশ্ন (Additional Questions) আৰু বহু-বিকল্পী প্ৰশ্ন (MCQs) অন্তৰ্ভুক্ত কৰা হৈছে। অস্পীন একেডেমী (Ospin Academy) ত এই সমাধানসমূহ অতি সহজ, নিৰ্ভুল আৰু সম্পূৰ্ণ পৰীক্ষামুখীভাৱে উপলব্ধ কৰোৱা হৈছে।
‘অৰ্জুন-ভঞ্জন’ নামৰ এই পাঠটিত শিশু কৃষ্ণৰ অপৰূপ লীলা, দুষ্টামি আৰু যমলাৰ্জুন গছ ভঙাৰ অলৌকিক কাহিনীভাগৰ বিষয়ে সুন্দৰভাৱে বৰ্ণনা কৰা হৈছে। ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এই পাঠৰ কাহিনীভাগ, ইয়াৰ অন্তৰ্নিহিত ভক্তিৰস আৰু তাৎপৰ্য বুজি পোৱাটো অতি প্ৰয়োজনীয়। আমাৰ এই পাঠ্যভিত্তিক সমাধানত (Textual Solutions) কেৱল পাঠ্যপুথিৰ অনুশীলনীৰ প্ৰশ্নসমূহেই নহয়, বৰঞ্চ পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন-উত্তৰসমূহো সামৰি লোৱা হৈছে যাতে ছাত্ৰ-ছাত্ৰীসকলে সুন্দৰভাৱে প্ৰস্তুতি চলাব পাৰে।
এই পাঠ্যভিত্তিক সমাধানৰ পৰা আপুনি কি কি শিকিব আৰু পাব:
- অৰ্জুন-ভঞ্জন পাঠটিৰ মূল কাহিনীভাগ আৰু শ্ৰীকৃষ্ণৰ শিশু লীলাৰ বিস্তৃত বিশ্লেষণ।
- শব্দাৰ্থ, চমু প্ৰশ্ন আৰু দীঘলীয়া প্ৰশ্নৰ পৰীক্ষাত লিখিব পৰা নিৰ্দোষ উত্তৰ।
- পাঠভিত্তিক ব্যাকৰণ, সমাৰ্থক শব্দ, বিপৰীত শব্দ আৰু বাক্য ৰচনাৰ সঠিক জ্ঞান।
- নতুন পাঠ্যক্ৰমৰ আৰ্হি অনুসৰি গুৰুত্বপূৰ্ণ অতিৰিক্ত প্ৰশ্নসমূহৰ লগতে বহু-বিকল্পী প্ৰশ্নৰ (MCQs) সমাধান।
অস্পীন একেডেমীৰ এই প্ৰশ্নোত্তৰসমূহৰ বিশেষ সুবিধা:
- শেহতীয়া AJB নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা সম্পূৰ্ণ পাঠ্যভিত্তিক সমাধান।
- ১০০% নিৰ্ভুল আৰু ছাত্ৰ-ছাত্ৰীয়ে মুখস্থ কৰিবলৈ সহজ হোৱাকৈ সৰল অসমীয়া ভাষাত লিখা উন্নত মানৰ নোটছ (Class 7 Apun Path Notes)।
- পৰীক্ষাৰ পূৰ্বে দ্ৰুত ৰিভিজনৰ (Quick Revision) বাবে বিশেষভাৱে যুগুতোৱা সহজ-সৰল উত্তৰ।
- অৰ্জুন-ভঞ্জন পাঠৰ পৰা পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্নৰ বিশেষ সংকলন।
ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি অস্পীন একেডেমীয়ে এই বিশেষ পাঠ্যভিত্তিক সমাধান আগবঢ়াইছে। আপোনাৰ পৰীক্ষাৰ প্ৰস্তুতি এতিয়াই আৰম্ভ কৰক আৰু অসমীয়া বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰাৰ দিশত আগবাঢ়ক।
Class 7 Assamese (আপোন পাঠ) Textbook Solutions & MCQs | AJB New Syllabus
New Updated Version!
According to Latest AJB New Syllabus & Updated Book
Get comprehensive preparation for Class 7 Assamese (আপোন পাঠ) with this complete Textual Solution & MCQs package.
Includes Chapter-wise textbook solutions, additional Q&A, and MCQs precisely structured as per the latest Assam Jatiya Bidyalay (AJB) syllabus and new book.
Perfect for building a strong foundation and mastering your school assessments! Download as an easy-to-use ZIP file.
অসম জাতীয় বিদ্যালয়, সপ্তম শ্ৰেণী: আপোন পাঠ
অর্জুন-ভঞ্জন
পাঠভিত্তিক প্রশ্নোত্তৰ
১।উত্তৰ লিখাঁ:
ক) মাধৱদেৱৰ বিষয়ে লিখাঁ:
উত্তৰঃ মহাপুৰুষ মাধৱদেৱৰ জন্ম ১৪৮৯ খ্ৰীষ্টাব্দত উত্তৰ লক্ষীমপুৰৰ নাৰায়ণপুৰ অঞ্চলত হৈছিল। তেওঁৰ পিতৃৰ নাম আছিল গোবিন্দগিৰি ভূঞা আৰু মাতৃৰ নাম মনোৰমা। মাধৱদেৱ আছিল মহাপুৰুষ শংকৰদেৱৰ আটাইতকৈ প্ৰিয় শিষ্য, অনুগত সেৱক আৰু প্ৰধান সহচৰ। অসমত বৈষ্ণৱ ধৰ্মৰ আন্দোলনক শক্তিশালী আৰু সফল কৰি তোলাৰ ক্ষেত্ৰত শংকৰদেৱৰ দৰেই মাধৱদেৱৰো অৱদান অপৰিসীম। এই দুই মহাপুৰুষৰ মিলনক অসমীয়া সংস্কৃতিত ‘মণিকঞ্চন সংযোগ’ বুলি অভিহিত কৰা হয়। গুৰুজনাৰ সান্নিধ্য লাভ কৰাৰ পিছত মাধৱদেৱে সাংসাৰিক মোহ ত্যাগ কৰি ধৰ্ম চৰ্চা আৰু গুৰু সেৱাত নিজকে উৎসৰ্গা কৰিছিল। শংকৰদেৱৰ দৰেই মাধৱদেৱো আছিল এগৰাকী বহুমুখী প্ৰতিভাসম্পন্ন পুৰুষ। তেওঁ একেলগে এজন ধৰ্ম প্ৰচাৰক, গভীৰ শাস্ত্ৰজ্ঞান থকা পণ্ডিত, শ্ৰেষ্ঠ ভক্ত, কবি, নাট্যকাৰ আৰু এগৰাকী সুদক্ষ গায়ক আছিল। তেওঁৰ সাহিত্যিক কৃতিসমূহ তলত দিয়া ধৰণে ভাগ কৰিব পাৰি:
১। আখ্যানমূলক ৰচনা: আদিকাণ্ড ৰামায়ণ আৰু ‘ৰাজসূয় কাব্য’।
২। তত্ত্বমূলক ৰচনা: ‘জন্ম ৰহস্য’, ‘ভক্তি ৰত্নাৱলী’ আৰু ‘নামঘোষা’।
৩। অনুবাদমূলক ৰচনা: ‘নামমালিকা’।
৪। নাটক আৰু ঝুমুৰা: ‘অৰ্জুন ভঞ্জন’, ‘চোৰধৰা’, ‘পিম্পৰা গুচোৱা’, ‘দধিমথন’, ‘ভূমিলেটোৱা’ আৰু ‘ভোজন বিহাৰ’।
ইয়াৰ উপৰি তেওঁ ১৫৭ টা বৰগীত ৰচনা কৰিছিল। মাধৱদেৱৰ দ্বাৰা ৰচিত এই বৰগীত আৰু ভটিমাসমূহ অসমীয়া সাহিত্যৰ অমূল্য সম্পদ। তেওঁৰ বৰগীতসমূহৰ মাজেৰে ভক্তপ্ৰাণ হৃদয়ৰ গভীৰ আৱেগ আৰু ভক্তিভাব সুন্দৰকৈ প্ৰকাশ পাইছে।
২। তলৰ শব্দবোৰৰ অৰ্থ লিখা।
উত্তৰঃ
|
শব্দ |
অৰ্থ |
|
নিয়ৰি |
নিমজ, সুশৃংখল |
|
দধি |
দৈ / গাখীৰ |
|
আবদাৰ |
আদৰ বা মৰমৰ দাবী, অনুৰোধ |
|
ভাণ্ড |
মাটিৰ পাত্ৰ |
|
ফেৰেঙণি |
গছৰ দুটা ডালৰ জোৰা |
|
ককর্থনা |
ভৰ্ৎসনা, গালি বা তিৰস্কাৰ |
|
অৱজৰ |
অৱসৰ (বিৰাম বা বিশ্ৰাম) |
|
নিকাৰ |
যাতনা, বেদনা |
|
সুবেল |
ভাল সাজপাৰ, সুশোভন বেল |
৩। চমু উত্তৰ লিখাঁ:
ক) যশোদাক কিয় নন্দৰাণী বোলা হয়?
উত্তৰঃ যশোদা নন্দবজাৰ পত্নী আছিল। সেইবাবেই যশোদাক নন্দবাণী বুলি কোৱা হয়।
খ) মথনি দণ্ড মানে কি?
উত্তৰঃ দধি মথনৰ সময়ত ব্যৱহাৰ কৰা মাৰি।-
গ) কৃষ্ণই কি কাৰণে মথনি দণ্ডডাল ভাঙি পেলাইছিল?
উত্তৰঃ কৃষ্ণক যেতিয়া মাক যশোদাই স্তন পান কৰাব এৰি লৰালৰিকৈ কোলাব পৰা নমাই গাখীৰ নমাবলৈ গৈছিল। তেতিয়া কৃষ্ণই ভাবিছিল যে নিজৰ সন্তানতকৈও কামৰ প্ৰতিহে বেছি মন। সেইবাবে মাকৰ ওপৰত কৃষ্ণৰ খং উঠিছিল আৰু খঙতে মথনি দণ্ডডাল ভাঙি পেলাইছিল।
ঘ) কৃষ্ণই লৱণুবোৰ কাক খাবলৈ দিছিল?
উত্তৰঃ কৃষ্ণই লৱণুবোৰ বান্দৰবোৰক খাবলৈ দিছিল।
ঙ) কৃষ্ণক ধৰিবলৈ খেদি ফুৰোঁতে যশোদাৰ অৱস্থা কেনে হৈছিল?
উত্তৰঃ কৃষ্ণক ধৰিবলৈ খেদি ফুৰোঁতে যশোদাৰ অৱস্থা এনেকুৱা হৈছিল যে তেওঁ কৃষ্ণক খেদি খেদি ভাগৰি পৰিছিল। তেওঁৰ খোপাৰ মালতী ফুল সবি পৰিছিল। খোপাখুলি গৈ চুলি আউলি-বাউলী হৈ পৰিছিল। খঙত, দুখত মাক যশোদাৰ দুচকুৰে সৰসৰাই পানী পৰিবলৈ ধৰিছিল।
চ) যশোদাই কৃষ্ণক কেনেদৰে বান্ধি থৈছিল?
উত্তৰঃ যশোদাই কৃষ্ণক উৰলৰ সৈতে ৰছীৰে আটি আটি বান্ধি থৈছিল।
ছ) অর্জুন দুজোপাৰ মাজৰ পৰা ওলাই অহা দিব্য পুৰুষ দুজন কোন কোন? তেওঁলোক কিয় তেনেদৰে থাকিবলগীয়া হৈছিল?
উত্তৰঃ অর্জুন দুজোপাৰ মাজৰ পৰা ওলাই অহা দিব্য পুরুষ দুজন হ’ল নলকুৱেৰ আৰু মনিকুবেৰ। নাৰদ মুনিৰ অভিশাপত তেওঁলোক দুজন যমলার্জুন ‘হৈ তেনেদৰে ননদ-যশোদাৰ ঘৰৰ চৌহদত থাকিবলগীয়া হৈছিল।
জ) নন্দই যশোদাক কিয় ককর্থনা কৰিছিল?
উত্তৰঃ যশোদাই যেতিয়া কৃষ্ণক উৰালৰ সৈতে বান্ধি থৈছিল, তেতিয়া কৃষ্ণই সেই উৰালটো চোঁচৰাই নি যমলাৰ্জুন গছ দুজোপাৰ মাজেৰে পাৰ হ’বলৈ চেষ্টা কৰিছিল। উৰালটো গছৰ ফেৰেঙনিত লাগি ধৰাত কৃষ্ণই জোৰেৰে আজোৰ মৰাৰ ফলত গছ দুজোপা শিপাৰ সৈতে উভালি পৰিছিল। সেই গছৰ ভিতৰৰ পৰা নলকুবেৰ আৰু মণিকুবেৰ নামৰ দুজন দিব্য পুৰুষ ওলাই আহি কৃষ্ণক স্তুতি কৰি নিজ স্থানলৈ গমন কৰিছিল। ঠিক সেই সময়তে নন্দৰজা তাত উপস্থিত হৈ কৃষ্ণক তেনে অসহায় অৱস্থাত প্ৰত্যক্ষ কৰিলে। তেওঁ মৰমেৰে কৃষ্ণৰ গাৰ বান্ধোন খুলি দিলে আৰু গাত লাগি থকা ধূলি-বালি জোকাৰি কোলাত তুলি ল’লে। ইফালে চতুৰ কৃষ্ণই মাক যশোদাৰ কঠোৰ শাসনৰ কথা দেউতাকৰ আগত বঢ়াই-চৰাই ক’বলৈ ধৰিলে। পুত্ৰৰ মুখত যশোদাৰ এনে ব্যৱহাৰৰ কথা শুনি নন্দৰজাৰ বৰ খং উঠিল আৰু তেওঁ ঘৰলৈ গৈ যশোদাৰ ওপৰত খৰাগ্ৰহ হৈ ককৰ্থনা বা গালি-শপনি পাৰিবলৈ ধৰিলে।
৪। শব্দবোৰৰ বিপৰীত শব্দ লিখা।
উত্তৰ :
|
শব্দ |
বিপৰীত শব্দ |
|
কঠিন |
সহজ |
|
চঞ্চল |
গহীন |
|
বন্দী |
মুক্ত |
|
অভিশাপ |
আশীৰ্বাদ |
|
আবিৰ্ভাৱ |
তিৰোভাৱ |
|
পুৰস্কাৰ |
শাস্তি |
৫। তলৰ শব্দবোৰ মুক্ত কৰা –
উত্তৰঃ
যমল + অর্জুন = যমলার্জুন
‘নন্দ+ ঈশ্বৰ= নন্দেশ্বৰ
অতি + উৎসাহ = অতিৎসাহ
জন্ম + অন্ধ জন্মান্ধ
উমা + আনন্দ উমানন্দ
উত্তৰ+ উত্তৰ= উত্তৰোত্তৰ
৬। কাক কি বোলে লিখাঁ:
ক) যিয়ে গাখীৰ বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰে –
খ) মাছ মাৰি জীৱিকা নিৰ্বাহ কৰা লোক –
গ) বাঁহ-বেতৰ সামগ্ৰী তৈয়াৰ কৰে যিয়ে –
উত্তৰঃ
ক) যিয়ে গাখীৰ বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰে– গোৱাল।
খ) মাছ মাৰি জীৱিকা নিৰ্বাহ কৰা লোক– মাছমৰীয়া।
গ) বাঁহ-বেতৰ সামগ্ৰী তৈয়াৰ কৰে যিয়ে&- বাঁহ-বেতৰ শিল্পী।
ঘ) ঘৰে ঘৰে বাতৰি কাকত বিলাই ফুৰা লোক – হকাৰ।
ঙ) যিয়ে ডাঢ়ি-চুলি কাটে –নাপিত।
৭। তলত দিয়া প্রত্যয়বোৰ যোগ কৰা
গোৱাল + ঈ =
সম্ + তান=
ধান + অনি=
গৰুৰখ্ + ঈয়া=
উত্তৰঃ
গোৱাল + ঈ = গোৱালী
সম্ + তান = সন্তান
মথ্ + অনি = মথনি
ধান + অনি = ধাননি
গৰুৰখ্ + ঈয়া = গৰখীয়া
৮।চমুটোকা লিখাঁ :
ক) ঝুমুৰা
খ) অংকীয়া নাটক
উত্তৰঃ
ক) ঝুমুৰা: শ্ৰীশ্ৰীমাধৱদেৱৰ দ্বাৰা ৰচিত নাটসমূহক সাধাৰণতে ঝুমুৰা নামেৰে জনা যায়। ইয়াৰ প্ৰধান কাৰণ হৈছে, তেওঁৰ নাটসমূহত কোনো সম্পূৰ্ণ আখ্যান বা পূৰ্ণাংগ কাহিনী দেখিবলৈ পোৱা নাযায়। একমাত্ৰ ‘অৰ্জুনভঞ্জন’ নাটখন বাদ দি তেওঁৰ আন সকলোবোৰ নাটকেই ঝুমুৰা আখ্যা দিয়া হয়। মাধৱদেৱৰ এই নাটবোৰৰ আকাৰ যথেষ্ট সৰু আৰু কাহিনীভাগো চমু হয়। এই ঝুমুৰাসমূহত ব্যৱহাৰ হোৱা নান্দী শ্লোকসমূহ তেওঁ নিজে ৰচনা কৰা নহয়। ইয়াৰ উপৰিও, এই ঝুমুৰাবোৰত মুক্তিমংগল ভটিমাৰ কোনো প্ৰয়োগ দেখা নাযায়।
খ) অংকীয়া নাট: অংকীয়া নাটৰ স্ৰষ্টা হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। প্ৰাচীন সংস্কৃত নাট্যশাস্ত্ৰ অনুসৰি “অংক” শব্দটোৱে চিহ্নক বুজায়, যিয়ে নাটকৰ কাহিনীভাগৰ বিভিন্ন স্তৰক বিভক্ত বা চিহ্নিত কৰে। পিছে অসমীয়া অংকীয়া নাটসমূহত এই ‘অংক’ শব্দটোক কাহিনীৰ স্তৰ চিহ্নিত কৰাৰ অৰ্থত প্ৰয়োগ কৰা হোৱা নাই। প্ৰকৃততে অংকীয়া নাট নামটো পৰৱৰ্তী সময়তহে সৃষ্টি হৈছে (অৰ্বাচীন)। মহাপুৰুষ শংকৰদেৱে এক শৰণ নামধৰ্ম প্ৰসাৰৰ উদ্দেশ্যে শ্ৰীকৃষ্ণৰ মহিমা প্ৰকাশ কৰি যিবোৰ একাংকিকা (এটা অংকৰ) নাট ৰচনা কৰিছিল, সেইবোৰকেই অংকীয়া নাট হিচাপে জনা যায়।
৯। কৃষ্ণক আৰু অনেক নামেৰে জনা যায়। সেই নামবোৰ সংগ্ৰহ কৰিবলৈ যত্ন কৰা।
উত্তৰঃ কোনো কোনো ঠাইত ভগৱান শ্ৰীকৃষ্ণৰ ১০৮ টা নামৰ উল্লেখ আছে, আকৌ আন কিছুমানৰ মতে তেওঁৰ এহেজাৰ নামো (সহস্ৰ নাম) আছে। ইয়াৰে মাজৰ পৰা কেইটামান প্ৰসিদ্ধ নাম তলত আগবঢ়োৱা হ’ল। উদাহৰণস্বৰূপে— গোবিন্দ, বনমালী, মুকুন্দ মুৰাৰী, যদুমণি, গোপাল, ঠাকুৰ, পতিত পাৱন, ননীচোৰ, কালসোনা, শ্ৰীদাস, পুৰন্দৰ, দীনবন্ধু, মধুসূদন, নাৰায়ণ, চক্ৰপাণি, বনমালী, পশুপতি, জগন্নাথ, ৰামেশ্বৰ, শশধৰ, জ্যোতিৰ্ময়, সিদ্ধাৰ্থ, শ্ৰীমাধৱ আদি।




