Class 7 Science Chapter 6 আমাৰ কাপোৰ Solutions | AJB Assam
সপ্তম শ্ৰেণী নতুন বিজ্ঞান অধ্যায় ৬ – আমাৰ কাপোৰ সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ আৰু সমাধান (AJB Assam)
সপ্তম শ্ৰেণীৰ নতুন বিজ্ঞান (Science) পাঠ্যক্ৰমৰ ষষ্ঠ অধ্যায় ‘আমাৰ কাপোৰ’ শিক্ষাৰ্থীসকলৰ বাবে এখন অতি গুৰুত্বপূৰ্ণ পাঠ। অসম জাতীয় বিদ্যালয়ৰ (AJB) শেহতীয়া নতুন পাঠ্যক্ৰমৰ আধাৰত এই অধ্যায়ৰ সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ (Class 7 Science Chapter 6 Textual Question Answer) প্ৰস্তুত কৰা হৈছে। এই বিশেষ সংকলনটিত অনুশীলনীৰ সকলো প্ৰশ্নোত্তৰৰ লগতে অতিৰিক্ত প্ৰশ্ন (Additional Questions) আৰু বহু-বিকল্পী প্ৰশ্ন (MCQs) অন্তৰ্ভুক্ত কৰা হৈছে। অস্পীন একেডেমী (Ospin Academy) ত এই সমাধানসমূহ অতি সহজ আৰু নিৰ্ভুলভাৱে উপলব্ধ কৰোৱা হৈছে যাতে ছাত্ৰ-ছাত্ৰীসকলে ঘৰতে বহি সুন্দৰভাৱে বিজ্ঞানৰ অনুশীলন কৰিব পাৰে।
‘আমাৰ কাপোৰ’ নামৰ এই পাঠটিত বিভিন্ন প্ৰকাৰৰ আঁহ (প্ৰাকৃতিক আৰু কৃত্ৰিম আঁহ), সূতাৰ পৰা কাপোৰ প্ৰস্তুতকৰণ, উল, ৰেচম (Silk) আৰু কপাহী কাপোৰৰ উৎপতি আদিৰ বিষয়ে বিতংভাৱে আলোচনা কৰা হৈছে। ছাত্ৰ-ছাত্ৰীসকলৰ বিজ্ঞানৰ ভেটি সৱল কৰিবলৈ এই পাঠৰ মূল ধাৰণাসমূহ বুজি পোৱাটো অতি প্ৰয়োজনীয়। আমাৰ এই পাঠ্যভিত্তিক সমাধানত কেৱল পাঠ্যপুথিৰ অনুশীলনীৰ প্ৰশ্নসমূহেই নহয়, বৰঞ্চ পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন-উত্তৰসমূহো সামৰি লোৱা হৈছে।
এই পাঠ্যভিত্তিক সমাধানৰ পৰা আপুনি কি কি শিকিব আৰু পাব:
- প্ৰাকৃতিক আৰু কৃত্ৰিম আঁহ, উল, ৰেচম আৰু কাপোৰ প্ৰস্তুতকৰণ প্ৰক্ৰিয়াৰ স্পষ্ট ধাৰণা আৰু বিশ্লেষণ।
- পাঠ্যপুথিৰ অনুশীলনীৰ প্ৰতিটো চমু আৰু দীঘলীয়া প্ৰশ্নৰ পৰীক্ষামুখী নিৰ্দোষ সমাধান।
- পৰীক্ষাৰ বাবে প্ৰয়োজনীয় অতিৰিক্ত প্ৰশ্ন (Additional Questions) আৰু তাৰ সহজ উত্তৰ।
- নতুন আৰ্হি অনুসৰি গুৰুত্বপূৰ্ণ বহু-বিকল্পী প্ৰশ্নৰ (MCQs) সম্পূৰ্ণ সমাধান।
অস্পীন একেডেমীৰ এই প্ৰশ্নোত্তৰসমূহৰ বিশেষ সুবিধা:
- শেহতীয়া AJB নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা সম্পূৰ্ণ পাঠ্যভিত্তিক সমাধান।
- ১০০% নিৰ্ভুল আৰু ছাত্ৰ-ছাত্ৰীয়ে সহজে বুজিব পৰাকৈ সৰল ভাষাত যুগুতোৱা উন্নত মানৰ বিজ্ঞানৰ নোটছ (Class 7 Science Notes)।
- পৰীক্ষাৰ পূৰ্বে দ্ৰুত ৰিভিজনৰ (Quick Revision) বাবে বিশেষভাৱে প্ৰস্তুত কৰা সহজ-সৰল উত্তৰ।
- বিজ্ঞানৰ প্ৰতি আগ্ৰহ বঢ়াবলৈ ব্যৱহাৰিক উদাহৰণৰ সহায়ত বুজোৱা সমাধান।
ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি অস্পীন একেডেমীয়ে এই বিশেষ পাঠ্যভিত্তিক সমাধান আগবঢ়াইছে। আপোনাৰ পৰীক্ষাৰ প্ৰস্তুতি এতিয়াই আৰম্ভ কৰক আৰু বিজ্ঞান বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰাৰ দিশত আগবাঢ়ক।
Class 7 নতুন বিজ্ঞান (Science) Textbook Solutions & MCQs | AJB New Syllabus
New Updated Version!
According to Latest AJB New Syllabus & Updated Book
Get comprehensive preparation for Class 7 নতুন বিজ্ঞান (Science) with this complete Textual Solution & MCQs package.
Includes Chapter-wise textbook solutions, step-by-step problem answers, additional Q&A, and MCQs precisely structured as per the latest Assam Jatiya Bidyalay (AJB) syllabus and new version of the book.
Perfect for building a strong foundation and mastering your school assessments! Download as an easy-to-use ZIP file.
অসম জাতীয় বিদ্যালয়, সপ্তম শ্ৰেণী: বিজ্ঞান
আমাৰ কাপোৰ
পাঠভিত্তিক প্রশ্নোত্তৰ
1. শুদ্ধ উত্তৰটো বাছি উলিওৱাঁ:
(i) উণ সূতা উৎপাদনৰ সৈতে জড়িত ৰোগবিধৰ নাম হ’ল-
(a) মেলেৰিয়া
(b) এনথ্রাক্স
(c) ডেংগি
(d) এইডছ
উত্তৰঃ (b) এনথ্রাক্স
(ii) আঁহ উলিয়াবলৈ লেটাবোৰ কেনেকুৱা পানীত উতলায়?
(a) এছিডযুক্ত পানী
(b) ক্ষাৰযুক্ত পানী
(c) কুঁৱাৰ পানী
(d) বিশুদ্ধ পানী
উত্তৰঃ (b) ক্ষাৰযুক্ত পানী
(iii) আজি-কালি লেটাৰ পৰা আঁহ উলিয়াবলৈ পানীত মিহলোৱা পদার্থবিধ হ’ল-
(a) কাপোৰ ধোৱা ছ’ডা
(b) নেমু টেঙাৰ ৰস
(c) ছাই
(d) বিশুদ্ধ পানী
উত্তৰঃ (a) কাপোৰ ধোৱা ছ’ডা
2. অশুদ্ধ উক্তিটো বিচাৰি উলিওৱা:
(a) মুগা পলুৱে চোম গছৰ পাত খায়।
(b) পৈণত পলুৱে মুখেৰে আঁহ উলিয়াই লেটাৰ সৃষ্টি কৰে।
(c) তেলজাতীয় পদার্থ আঁতৰাবলৈ উণ শিল্পত ৰাসায়নিক পদার্থ ব্যৱহাৰ কৰা হয়।
(d) মথৰপৰা হ’ব পৰা ৰোগবিধৰ নাম হ’ল এনথ্রাক্স।
উত্তৰঃ (d) মথৰপৰা হ’ব পৰা ৰোগবিধৰ নাম হ’ল এনথ্রাক্স।
3. পাট, মুগা আৰু এড়ী পলুৱে কি কি গছৰ পাত খায় নাম লিখা।
উত্তৰঃ পাট পলুৱে সাধাৰণতে নুনি গছৰ পাত খায়, মুগা পলুৱে চোম গছৰ পাত খায় আৰু এড়ী পলুৱে এৰাগছৰ পাত খাই জীৱন নিৰ্বাহ কৰে।
4. চাৰিবিধ এনে জন্তুৰ নাম লিখাঁ যাৰ পৰা উণ সূতা পাব পাৰি।
উত্তৰঃ উণ সূতা পাব পৰা চাৰিবিধ জন্তুৰ নাম হ’ল- ভেড়া, উট, য়াক আৰু শহাপহু।
5. উণ আঁহ পাব পৰা চাৰিবিধ জন্তুৰ নাম লিখাঁ।
উত্তৰঃ উণ আঁহ পাব পৰা চাৰিবিধ জন্তুৰ নাম হ’ল- ভেড়া, উট, য়াক আৰু শহাপহু।
6. মথৰ পৰা হ’ব পৰা ৰোগৰ বিষয়ে চমুকৈ লিখাঁ।
উত্তৰঃ মথ প্ৰতিপালন কৰাৰ ফলত কিছুমান স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হ’ব পাৰে। মথৰ পাখিত থকা নিচেই সৰু সৰু বাকলিসমূহৰ (scales) বাবে শ্বাস-প্ৰশ্বাসৰ ৰোগ আৰু চকুৰ ৰোগ হোৱাৰ সম্ভাৱনা থাকে। বহুতো প্ৰতিপালকৰ ক্ষেত্ৰত এনে ৰোগ দেখা যায়। ইয়াৰ উপৰিও, খালী হাতেৰে লেটাৰ পৰা আঁহ উলিয়াবলৈ গ’লে ছালৰ ৰোগ বা চৰ্মৰোগ হ’ব পাৰে। আজিকালি আঁহ উলিওৱা প্ৰক্ৰিয়াত ফৰ্মেল ডিহাইড, ব্লিচিং পাউদাৰ আদিৰ দৰে কিছুমান ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰা হয়। এইবোৰ সঠিকভাৱে আৰু সাৱধানতাৰে প্ৰয়োগ নকৰিলে স্বাস্থ্যৰ বিস্তৰ ক্ষতিসাধন হ’ব পাৰে।
7. এনথ্রাক্স বুলিলে কি বুজা? ইয়াৰ লগত জড়িত বীজাণুবিধৰ নাম কি? কি উদ্যোগৰ সৈতে জড়িত?
উত্তৰঃ এনথ্ৰাক্স হৈছে এবিধ মাৰাত্মক ৰোগ। এই ৰোগৰ লগত জড়িত বীজাণু বা বেক্টেৰিয়াবিধৰ নাম হ’ল ‘বেছিলাছ এনথ্ৰাচিছ’ । এই ৰোগবিধ ঘাইকৈ উণ সূতা উৎপাদন কৰা উদ্যোগৰ সৈতে জড়িত লোকসকলৰ মাজত হোৱা দেখা যায়।
8. উণ আঁহ আহৰণৰ চাৰিটা পৰ্যায় কি কি? পর্যায়কেইটাৰ বিষয়ে চমুকৈ লিখাঁ।
উত্তৰঃ জন্তুৰ পৰা উণ সূতা আহৰণ কৰা প্ৰক্ৰিয়াটো ঘাইকৈ চাৰিটা পৰ্যায়ত সম্পন্ন কৰা হয়- মুণ্ডন, পৰিষ্কৰণ, পৃথকীকৰণ আৰু ৰঙীকৰণ।
মুণ্ডন: সাধাৰণতে বসন্তকালত ভেড়াৰ গাৰ পৰা নোমবোৰ কাটি উলিওৱা হয়। এই কাৰ্যটোক মুণ্ডন বোলা হয়। মুণ্ডন কৰোঁতে জন্তুটোৱে যাতে কোনো ধৰণৰ কষ্ট নাপায়, তাৰ প্ৰতি বিশেষ চকু ৰখা হয়। এটা ভেড়াক বছৰত মাত্ৰ এবাৰহে মুণ্ডন কৰা হয়।
পৰিষ্কৰণ: মুণ্ডন কৰাৰ পিছত কাটি উলিওৱা নোমবোৰ ভালদৰে ঘঁহি ঘঁহি ধুব লাগে। পৰিষ্কাৰ কৰিবলৈ ডিটাৰজেন্ট বা অপমাৰ্জকো ব্যৱহাৰ কৰিব পাৰি। এই পদ্ধতিটোক পৰিষ্কৰণ বোলা হয়। ভালদৰে ধুলে নোমত লাগি থকা তেলজাতীয় পদাৰ্থ, ধূলি, মলি আদি আঁতৰি যায় আৰু নোমবোৰ পৰিষ্কাৰ হয়।
পৃথকীকৰণ: একেটা ভেড়াৰ শৰীৰৰ বিভিন্ন অংশৰ নোমবোৰৰ গুণাগুণ একে নাথাকে। উদাহৰণস্বৰূপে, কান্ধৰ নোমবোৰ মিহি আৰু সমান হয়, কিন্তু পিঠিৰ নোমবোৰ চুটি আৰু লেহুকা প্ৰকৃতিৰ হয়। সেয়েহে উন্নত মানৰ উণ পাবলৈ কোমল আৰু উৎকৃষ্ট নোমবোৰক আনবোৰৰ পৰা বেলেগ কৰাটো প্ৰয়োজনীয়। সেইকাৰণে পৰিষ্কৰণৰ পিছৰ পৰ্যায়টো হ’ল পৃথকীকৰণ। এই পৰ্যায়ত নোমবোৰক সিহঁতৰ কোমলতা আৰু গুণাগুণৰ ভিত্তিত পৃথক কৰা হয়। আটাইতকৈ কোমল আঁহবোৰক ‘বাব’ বোলা হয়।
ৰঙীকৰণ: বজাৰত আমি বিভিন্ন ৰঙৰ চুৱেটাৰ দেখিবলৈ পাওঁ। কিন্তু প্ৰাকৃতিকভাৱে প্ৰায়ভাগ আঁহৰ ৰঙেই বগা হয়। অৱশ্যে কিছুমান ক’লা, মুগা বা আন ৰঙৰ আঁহো পোৱা যায়। বিভিন্ন ৰঙৰ কাপোৰ তৈয়াৰ কৰিবলৈ এই আঁহবোৰত ৰং লগাব লগা হয়। সেয়ে পৃথকীকৰণৰ পিছৰ পৰ্যায়টো হ’ল ৰঙীকৰণ; অৰ্থাৎ আঁহত কৃত্ৰিমভাৱে ৰং লগোৱা প্ৰক্ৰিয়া।
9. লেটাৰপৰা আঁহ কেনেকৈ উলিয়ায় লিখাঁ।
উত্তৰঃ লেটাক আৱৰি ৰখা সৰু মোনাসদৃশ আৱৰণখনেই হ’ল লেটা গুটি। এই লেটাগুটিৰ পৰাই প্ৰকৃততে আঁহ উলিওৱা হয়। ইয়াৰ বাবে লেটাৰ গুটিবোৰ পানীত উতলাব লগা হয়। অৱশ্যে এই পানী সাধাৰণ পানী নহয়, ই হ’ব লাগে ক্ষাৰযুক্ত পানী। আমাৰ শিপিনীসকলে এনে ক্ষাৰযুক্ত পানী ঘৰতেই প্ৰস্তুত কৰি লয়। মুগা আঁহ উলিয়াবলৈ তেওঁলোকে প্ৰথমে ধানৰ খেৰ পুৰি ছাঁই উলিয়ায়। সেই ছাঁইখিনি এখন বগা কাপোৰেৰে বান্ধি নিৰ্দিষ্ট পৰিমাণৰ পানীত এৰাতি তিয়াই থয়। পিছদিনা পানীখিনি ভালদৰে চেকি লোৱাৰ পিছত সেই পানীত মুগাৰ লেটাবোৰ উতলায়। লেটাবোৰ ভালদৰে সিজাৰ পিছত তাৰ পৰা হাতেৰে সাৱধানে আঁহবোৰ উলিয়াই অনা হয়। এনেদৰে উলিওৱা আঁহবোৰ পিছত ভালদৰে ধুই শুকুৱাব লাগে। আনহাতে, এড়ী আঁহ উলিয়াবলৈ শিপিনীয়ে শুকান এৰা পাত পুৰি ছাঁই প্ৰস্তুত কৰি লয়।
অৱশ্যে আজিকালি ছাঁইৰ পৰিৱৰ্তে কাপোৰ ধোৱা ছ’ডা ব্যৱহাৰ কৰিবলৈ লৈছে। তিনিওবিধ আঁহৰ (পাট, মুগা আৰু এড়ী) ক্ষেত্ৰতেই আজিকালি ছ’ডাৰ প্ৰয়োগ কৰা হয়। একেদৰে, ডাঙৰ উদ্যোগসমূহত হাতেৰে কৰাৰ সলনি মেচিনৰ সহায়ত এই আঁহ উলিওৱা প্ৰক্ৰিয়াটো সম্পন্ন কৰা হয়।
10. বাওঁফালৰ স্তম্ভত থকাবোৰক সোঁফালৰ স্তম্ভবোৰৰ সৈতে মিলোৱা:
|
বাওঁফালৰ স্তম্ভ |
সোঁফালৰ স্তম্ভ |
|
a) এড়ী পলুৱে |
(i) নুনি গছৰ পাত খায় |
|
b) মুগা পলুবে |
(ii) এৰা গছৰ পাত খায় |
|
c) পাট পলুৱে |
iii) চোম গছৰ পাত খায় |
উত্তৰঃ
|
বাওঁফালৰ স্তম্ভ |
সোঁফালৰ স্তম্ভ |
|
a) এড়ী পলুৱে |
ii) এৰা গছৰ পাত খায় |
|
b) মুগা পলুৱে |
iii) চোম গছৰ পাত খায় |
|
c) পাট পলুৱে |
i) নুনি গছৰ পাত খায় |




