সপ্তম শ্ৰেণী নতুন বিজ্ঞান অধ্যায় ৫ – উদ্ভিদৰ প্ৰজনন আৰু বংশবিস্তাৰ (Reproduction in Plants) – সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ | অসম জাতীয় বিদ্যালয় (AJB)

CLASS 7

Class 7 Science Chapter 5 উদ্ভিদৰ প্ৰজনন আৰু বংশবিস্তাৰ Solutions | AJB Assam

সপ্তম শ্ৰেণী নতুন বিজ্ঞান অধ্যায় ৫ – উদ্ভিদৰ প্ৰজনন আৰু বংশবিস্তাৰ সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ আৰু সমাধান (AJB Assam)

সপ্তম শ্ৰেণীৰ নতুন বিজ্ঞান (Science) পাঠ্যক্ৰমৰ পঞ্চম অধ্যায় ‘উদ্ভিদৰ প্ৰজনন আৰু বংশবিস্তাৰ’ শিক্ষাৰ্থীসকলৰ বাবে এখন অতি গুৰুত্বপূৰ্ণ পাঠ। অসম জাতীয় বিদ্যালয়ৰ (AJB) শেহতীয়া নতুন পাঠ্যক্ৰমৰ আধাৰত এই অধ্যায়ৰ সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ (Class 7 Science Chapter 5 Textual Question Answer) প্ৰস্তুত কৰা হৈছে। এই বিশেষ সংকলনটিত অনুশীলনীৰ সকলো প্ৰশ্নোত্তৰৰ লগতে অতিৰিক্ত প্ৰশ্ন (Additional Questions) আৰু বহু-বিকল্পী প্ৰশ্ন (MCQs) অন্তৰ্ভুক্ত কৰা হৈছে। অস্পীন একেডেমী (Ospin Academy) ত এই সমাধানসমূহ অতি সহজ আৰু নিৰ্ভুলভাৱে উপলব্ধ কৰোৱা হৈছে যাতে ছাত্ৰ-ছাত্ৰীসকলে ঘৰতে বহি সুন্দৰভাৱে বিজ্ঞানৰ অনুশীলন কৰিব পাৰে।

‘উদ্ভিদৰ প্ৰজনন আৰু বংশবিস্তাৰ’ নামৰ এই পাঠটিত উদ্ভিদৰ অযৌন আৰু যৌন প্ৰজনন, ফুলৰ গঠন, পৰাগযোগ, নিষেচন লগতে বীজ আৰু ফলৰ বিস্তাৰণ আদিৰ বিষয়ে বিতংভাৱে আলোচনা কৰা হৈছে। ছাত্ৰ-ছাত্ৰীসকলৰ বিজ্ঞানৰ ভেটি সৱল কৰিবলৈ এই পাঠৰ মূল ধাৰণাসমূহ বুজি পোৱাটো অতি প্ৰয়োজনীয়। আমাৰ এই পাঠ্যভিত্তিক সমাধানত কেৱল পাঠ্যপুথিৰ অনুশীলনীৰ প্ৰশ্নসমূহেই নহয়, বৰঞ্চ পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন-উত্তৰসমূহো সামৰি লোৱা হৈছে।

অধিক বিনামূলীয়া Notes আৰু PDFৰ বাবে আমাৰ App টো ডাউনলোড কৰক:
Download EduAssam Solution App Click Here to Get Free Notes & Previous Papers

এই পাঠ্যভিত্তিক সমাধানৰ পৰা আপুনি কি কি শিকিব আৰু পাব:

  • উদ্ভিদৰ প্ৰজনন প্ৰকাৰ, ফুলৰ গঠন, পৰাগযোগ আৰু নিষেচন প্ৰক্ৰিয়াৰ স্পষ্ট ধাৰণা আৰু বিশ্লেষণ।
  • পাঠ্যপুথিৰ অনুশীলনীৰ প্ৰতিটো চমু আৰু দীঘলীয়া প্ৰশ্নৰ পৰীক্ষামুখী নিৰ্দোষ সমাধান।
  • পৰীক্ষাৰ বাবে প্ৰয়োজনীয় অতিৰিক্ত প্ৰশ্ন (Additional Questions) আৰু তাৰ সহজ উত্তৰ।
  • নতুন আৰ্হি অনুসৰি গুৰুত্বপূৰ্ণ বহু-বিকল্পী প্ৰশ্নৰ (MCQs) সম্পূৰ্ণ সমাধান।

অস্পীন একেডেমীৰ এই প্ৰশ্নোত্তৰসমূহৰ বিশেষ সুবিধা:

  • শেহতীয়া AJB নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা সম্পূৰ্ণ পাঠ্যভিত্তিক সমাধান।
  • ১০০% নিৰ্ভুল আৰু ছাত্ৰ-ছাত্ৰীয়ে সহজে বুজিব পৰাকৈ সৰল ভাষাত যুগুতোৱা উন্নত মানৰ বিজ্ঞানৰ নোটছ (Class 7 Science Notes)।
  • পৰীক্ষাৰ পূৰ্বে দ্ৰুত ৰিভিজনৰ (Quick Revision) বাবে বিশেষভাৱে প্ৰস্তুত কৰা সহজ-সৰল উত্তৰ।
  • বিজ্ঞানৰ প্ৰতি আগ্ৰহ বঢ়াবলৈ ব্যৱহাৰিক উদাহৰণৰ সহায়ত বুজোৱা সমাধান।

ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি অস্পীন একেডেমীয়ে এই বিশেষ পাঠ্যভিত্তিক সমাধান আগবঢ়াইছে। আপোনাৰ পৰীক্ষাৰ প্ৰস্তুতি এতিয়াই আৰম্ভ কৰক আৰু বিজ্ঞান বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰাৰ দিশত আগবাঢ়ক।

Vibrant Note Box
Buy Printable PDF
Class 7 নতুন বিজ্ঞান (Science) Textbook Solutions & MCQs | AJB New Syllabus
Original price was: ₹199.00.Current price is: ₹49.00.

New Updated Version!

According to Latest AJB New Syllabus & Updated Book

Get comprehensive preparation for Class 7 নতুন বিজ্ঞান (Science) with this complete Textual Solution & MCQs package.
Includes Chapter-wise textbook solutions, step-by-step problem answers, additional Q&A, and MCQs precisely structured as per the latest Assam Jatiya Bidyalay (AJB) syllabus and new version of the book.
Perfect for building a strong foundation and mastering your school assessments! Download as an easy-to-use ZIP file.

Vibrant Note Box
Chapter 5 উদ্ভিদৰ প্ৰজনন আৰু বংশবিস্তাৰ

 অসম জাতীয় বিদ্যালয়, সপ্তম শ্ৰেণী: বিজ্ঞান

অধ্যায়-5                                                                         অস্পিন একাডেমী

উদ্ভিদৰ প্ৰজনন আৰু বংশবিস্তাৰ

পাঠভিত্তিক প্রশ্নোত্তৰ

1. শুদ্ধ উত্তৰটো বাছি উলিওৱাঁ:

i) এজোপা উদ্ভিদৰ মুখ্য প্রজনন অংগ হ’ল-

(a) ডাল

(b) পাত

(c) মুকুল

(d) ফুল

উত্তৰঃ (d) ফুল

ii) পুং আৰু স্ত্রী জননকোষৰ মিলনক কি বুলি জনা যায়?

(a) নিষেচন

(b) পৰাগযোগ

(c) বীজৰ গঠন

(d) মুকুলন

উত্তৰঃ (a) নিষেচন

iii) মৃগদত কাণ্ডৰ কি অংগৰ পৰা নতুন উদ্ভিদৰ সৃষ্টি হয়?

(a) শুক্ল পত্র

(b) গাঁঠি

(c) মুকুল

(d) শিপা

উত্তৰঃ (b) গাঁঠি

iv) পূৰঠ ডিম্বাশয়ে গঠন কৰে –

(a) বীজ

(b) জননকোষ

(c) ভ্রূণ

(d) ফল

উত্তৰঃ (d) ফল 

v) ফুলৰ কি অংশৰ পৰা ফলৰ সৃষ্টি হয়?

(a) বৃতি

(b) গর্ভমুণ্ড

(c) পৰাগধানী

(d) গর্ভাশয়

উত্তৰঃ (d) গর্ভাশয়

2. খালী ঠাই পূৰ কৰাঁ:

a) পুংকেশৰৰ পৰাগৰেণু গৰ্ভমুণ্ডত থিতাপি লোৱাকে_____.বোলে।

উত্তৰঃ পুংকেশৰৰ পৰা নিৰ্গত হোৱা পৰাগৰেণু গৈ গৰ্ভমুণ্ডত পৰা কাৰ্যটোক পৰাগযোগ বুলি জনা যায়।

b) পুং আৰু স্ত্রী জননকোষৰ মিলনক____বোলে।

উত্তৰঃ পুং জননকোষ আৰু স্ত্ৰী জননকোষৰ পাৰস্পৰিক মিলন প্ৰক্ৰিয়াটোক নিষেচন বোলা হয়।

c) উদ্ভিদদেহৰ অংশৰ পৰা নিষেচন নোহোৱাকৈ অন্য উদ্ভিদ সৃষ্টি হোৱা ক্রিয়াক____ বোলে।

উত্তৰঃ নিষেচন প্ৰক্ৰিয়া সংঘটিত নোহোৱাকৈ উদ্ভিদৰ নিজৰ দেহৰ কোনো অংশৰ পৰা নতুন উদ্ভিদৰ জন্ম হোৱা কাৰ্যকে অযৌন প্রজনন বুলি কোৱা হয়।

3. চমু উত্তৰ দিয়াঃ

i) যৌন প্রজনন বুলিলে কি বুজা?

উত্তৰঃ উদ্ভিদৰ প্ৰজনন অংগসমূহত পুং জননকোষ আৰু স্ত্ৰী জননকোষৰ সৃষ্টি হয়। এই দুয়োবিধ বিপৰীতধৰ্মী জননকোষৰ মিলন অথবা নিষেচন প্ৰক্ৰিয়াৰ জৰিয়তে যোজনকোষৰ জন্ম হয়। পৰৱৰ্তী সময়ত এই যোজনকোষটো ক্ৰমান্বয়ে ভ্ৰূণলৈ ৰূপান্তৰিত হয় আৰু শেষত ইয়াৰ পৰাই এজোপা পূৰ্ণাংগ উদ্ভিদৰ বিকাশ ঘটে। এই বিশেষ প্ৰক্ৰিয়াৰে জন্মলাভ কৰা উদ্ভিদজোপাই পিতৃ-মাতৃ দুয়োৰে গুণাগুণৰ লগতে কিছুমান নিজস্ব বৈশিষ্ট্যও লাভ কৰে। উদ্ভিদৰ বংশবিস্তাৰৰ এই প্ৰণালীটোকেই যৌন প্ৰজনন বুলি কোৱা হয়। 

ii) স্বপৰাগযোগ আৰু ইতৰ পৰাগযোগৰ পাৰ্থক্য লিখাঁ।

উত্তৰঃ  স্বপৰাগযোগ আৰু ইতৰ পৰাগযোগৰ মাজত থকা প্ৰধান পাৰ্থক্যসমূহ তলত উল্লেখ কৰা হ’ল—

(ক) এডাল গছৰ একেটা ফুলৰ ভিতৰত নাইবা একেডাল গছৰে দুটা বেলেগ বেলেগ ফুলৰ মাজত স্বপৰাগযোগ সংঘটিত হয়। আনহাতে, ইতৰ পৰাগযোগ প্ৰক্ৰিয়া দুজোপা সুকীয়া গছৰ ফুলৰ মাজত সম্পন্ন হয়।

(খ) স্বপৰাগযোগ ঘটিবলৈ সাধাৰণতে অন্য বাহক বা প্ৰাণীৰ আৱশ্যক নহয়। ইয়াৰ বিপৰীতে, ইতৰ পৰাগযোগৰ বাবে বাহক হিচাপে অন্য প্ৰাণী বা পতংগৰ সহায়ৰ প্ৰয়োজন হয়। 

iii) বীজৰ কি কি গুণৰ বাবে বতাহে এঠাইৰ পৰা আনঠাইলৈ বিস্তাৰণ কৰাব পাৰে?

উত্তৰঃ বতাহৰ জৰিয়তে বীজৰ বিস্তাৰণ ঘটিবলৈ বীজবোৰৰ মাজত তলত দিয়া গুণসমূহ থকাটো আৱশ্যক—

(ক) বীজসমূহ পূৰঠ হৈ শুকাই যোৱাৰ পিছত গছৰ ঠাৰিৰ পৰা স্বাভাৱিকভাৱে খহি পৰে, যাৰ ফলত বতাহে সহজে উৰুৱাই নি বেলেগ ঠাইত বিস্তাৰিত কৰিব পাৰে।

(খ) শুকাই যোৱাৰ ফলত গুটিবোৰৰ ওজন একেবাৰে পাতল হৈ পৰে, ফলস্বৰূপে বতাহত উৰি যোৱাত সুবিধা হয়।

iv) ফুলৰ নিষেচন বুলিলে কি বুজা?

উত্তৰঃ ফুলৰ গৰ্ভমুণ্ডত পৰা পৰাগৰেণুটো অংকুৰিত হৈ এডাল পৰাগনলীকাৰ গঠন কৰে। এই নলীডাল লাহে লাহে দীঘল হৈ গৰ্ভমুণ্ড ফালি গৰ্ভাশয়ৰ পিনে আগবাঢ়ে। পৰৱৰ্তী পৰ্যায়ত, পুংজননকোষ বা শুক্ৰাণু এই পৰাগনলীকাৰ মাজেদিয়ে গৈ ডিম্বকৰ ফালে গতি কৰে আৰু ভ্ৰূণস্থলীত সোমাই ডিম্বাণুৰ লগত মিলিত হয়। এইদৰে পুং আৰু স্ত্ৰী জননকোষ লগ লাগি যোজনকোষ (Zygote) সৃষ্টি হোৱা এই কাৰ্যটোকেই ফুলৰ নিষেচন বুলি জনা যায়। 

v) মানুহে কিদৰে বীজৰ বিস্তাৰণ ঘটাব পাৰে?

উত্তৰঃ মানুহে দৈনন্দিন জীৱনত নানা ধৰণৰ ফল-মূল ভক্ষণ কৰে। এই ফলবোৰ তেওঁলোকে নিজৰ বাৰীৰ গছৰ পৰা পাৰিব পাৰে অথবা বজাৰৰ পৰাও কিনি আনিব পাৰে। ফলৰ শাহবোৰ খোৱাৰ পিছত অৱশিষ্ট হিচাপে ৰোৱা বীজ বা গুটিবোৰ মানুহে ইঠাইত-সিঠাইত পেলাই দিয়ে। এনেদৰেই পৰোক্ষভাৱে মানুহৰ জৰিয়তেও বীজৰ বিস্তাৰণ প্ৰক্ৰিয়া সংঘটিত হয়।

4. বিৱৰণ দি উত্তৰ দিয়া:

i) উচ্চ পৰ্যায়ৰ উদ্ধিদৰ ক্ষেত্ৰত কি কি প্ৰকাৰে অংগজ প্রজনন সম্ভৱ হয় চিত্ৰ আৰু উদাহৰণ দি বৰ্ণনা কৰাঁ।

উত্তৰঃ উচ্চ শ্ৰেণীৰ উদ্ভিদৰ দেহত বিভিন্ন প্ৰকাৰে অংগজ প্ৰজনন ঘটিব পাৰে। ইয়াৰ কেইটামান প্ৰধান পদ্ধতি তলত উদাহৰণসহ আলোচনা কৰা হ’ল—

(ক) কৃত্ৰিম অংগজ প্ৰজনন (শাখাকলম): নেমুটেঙা, আম, লিচু, মধুৰিআম আদি ফলমূলৰ গছত সাধাৰণতে কলম দিয়া পদ্ধতি অৱলম্বন কৰা হয়। এই প্ৰণালীত গছৰ এটা নিৰোগী ডাল বাছি লৈ তাৰ ছালখন আঙঠিৰ আকৃতিত এৰুৱাই পেলোৱা হয়। তাৰ পাছত সেই মুকলি অংশটোত গোবৰ মিহলোৱা বোকামাটিৰ প্ৰলেপ দি কাপোৰ বা প্লাষ্টিকেৰে মেৰিয়াই বান্ধি দিয়া হয়। নিয়মিতভাৱে পানীৰ যোগান ধৰি থাকিলে প্ৰায় দুসপ্তাহ মানৰ পাছত সেই অংশৰ পৰা নতুন শিপা ওলাই আহে। শিপা ওলোৱাৰ পিছত ডালটো মূল গছৰ পৰা কাটি নি সুকীয়াকৈ ৰুব পাৰি। এনেদৰে জন্ম দিয়া পুলিবোৰে মাতৃ উদ্ভিদৰ সকলো গুণ অটুট ৰাখে।

(খ) প্ৰাকৃতিক অংগজ প্ৰজনন:একাংশ গুপ্তবীজী উদ্ভিদৰ ক্ষেত্ৰত স্বাভাৱিকভাৱেই অংগজ প্ৰজনন হোৱা দেখা যায়। এনে উদ্ভিদৰ কাণ্ড, শিপা বা পাতৰ অংশত মুকুল বা কলিয়ে জন্ম লয়, যিবোৰ সময়ত বাঢ়ি গৈ নতুন গছৰ ৰূপ লয়। উদাহৰণস্বৰূপে— মিঠা আলু আৰু ডালিয়াৰ নিচিনা উদ্ভিদৰ মঙহাল শিপাত থকা কলিৰ পৰাই নতুন পুলিৰ সৃষ্টি হয়। হালধি, আদা, কচু লগতে কলগছৰ ক্ষেত্ৰত মাটিৰ তলত থকা গা-গছৰ অংশৰ পৰা পুলি গজি উঠে। আনহাতে, টেঙেচি টেঙা, দুবৰি বন আদি উদ্ভিদৰ গা-গছৰ নিম্নাংশৰ পৰা নতুন শাখা ওলাই বংশবৃদ্ধি হয়। ইয়াৰ উপৰিও, পাতেগজা উদ্ভিদৰ পাতৰ দাঁতিত থকা খাঁজসমূহৰ পৰা সৰু সৰু নতুন পুলি জন্ম হয়, যিটো পাতৰ জৰিয়তে হোৱা অংগজ প্ৰজননৰ উৎকৃষ্ট উদাহৰণ। 

ii) ফুলৰ ইতৰ পৰাগযোগ সম্পন্ন কৰিবলৈ মাধ্যমবিলাকে কি কি সুবিধাৰে পৰাগযোগ সম্পন্ন কৰে উদাহৰণৰ সৈতে বর্ণনা কৰাঁ।

উত্তৰঃ দুজোপা সুকীয়া গছৰ ফুলৰ মাজত ঘটা পৰাগৰেণুৰ আদান-প্ৰদান প্ৰক্ৰিয়াটোক ইতৰ পৰাগযোগ বুলি জনা যায়। এই ইতৰ পৰাগযোগ কাৰ্য সম্পন্ন হ’বলৈ প্ৰকৃতিত বিভিন্ন মাধ্যম বা বাহকৰ দৰকাৰ হয়। এই মাধ্যমসমূহে পৰাগযোগত কেনেদৰে সুবিধা প্ৰদান কৰে, সেয়া তলত উদাহৰণসহ বৰ্ণনা কৰা হ’ল—

ইতৰ পৰাগযোগ ঘাইকৈ বতাহ, পানী, কীট-পতংগ, চৰাই-চিৰিকটি, বাদুলি আনকি মানুহৰ জৰিয়তেও সম্পন্ন হ’ব পাৰে। এই বাহকবোৰক আকৰ্ষণ কৰিবলৈ উদ্ভিদবোৰে কিছুমান বিশেষ সুবিধা বা কৌশল অৱলম্বন কৰে। উদাহৰণস্বৰূপে— পতংগ বা চৰাইক আকৰ্ষণ কৰিবলৈ বেছিভাগ ফুলেই উজ্জ্বল ৰঙৰ হোৱাৰ লগতে সুগন্ধি বিলায় আৰু ফুলৰ ভিতৰত মৌ-ৰসৰ ব্যৱস্থা ৰাখে। মৌ খাবলৈ আহোঁতে পতংগৰ গাত পৰাগৰেণু লাগি ধৰে আৰু সিহঁত আন এটা ফুলত পৰিলে গৈ পৰাগযোগ সম্পন্ন হয়। আনহাতে, বতাহৰ জৰিয়তে পৰাগযোগ হোৱা ফুলবোৰৰ পৰাগৰেণুবোৰ যথেষ্ট পাতল আৰু শুকান প্ৰকৃতিৰ হয়, যাতে বতাহে সহজে উৰুৱাই নিব পাৰে। জলজ উদ্ভিদৰ ক্ষেত্ৰত পানীৰ সোঁতে পৰাগৰেণু কঢ়িয়াই নি পৰাগযোগত সহায় কৰে। 

 

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
সপ্তম শ্ৰেণী নতুন বিজ্ঞান অধ্যায় ৫ (উদ্ভিদৰ প্ৰজনন আৰু বংশবিস্তাৰ) – সঘনাই সোধা প্ৰশ্ন (FAQs)
সপ্তম শ্ৰেণীৰ বিজ্ঞানৰ পঞ্চম অধ্যায়টোৰ নাম কি?
সপ্তম শ্ৰেণীৰ বিজ্ঞানৰ পঞ্চম অধ্যায়টোৰ নাম হ’ল ‘উদ্ভিদৰ প্ৰজনন আৰু বংশবিস্তাৰ’। ইয়াত উদ্ভিদৰ অযৌন আৰু যৌন প্ৰজনন প্ৰক্ৰিয়াৰ বিষয়ে আলোচনা কৰা হৈছে।
এই পাঠ্যভিত্তিক সমাধানত (Textual Solutions) কি কি অন্তৰ্ভুক্ত আছে?
ইয়াত মূল পাঠ্যপুথিৰ অনুশীলনীৰ সকলো প্ৰশ্নোত্তৰ, পৰীক্ষাৰ বাবে প্ৰয়োজনীয় অতিৰিক্ত প্ৰশ্ন আৰু বহু-বিকল্পী প্ৰশ্ন (MCQs) অন্তৰ্ভুক্ত কৰা হৈছে।
এই সমাধানসমূহ AJB ৰ নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা হৈছেনে?
হয়, এই সকলোবোৰ সমল অসম জাতীয় বিদ্যালয়ৰ (AJB) শেহতীয়া নতুন পাঠ্যক্ৰম আৰু নিৰ্দেশনা অনুসৰি প্ৰস্তুত কৰা হৈছে।
পৰীক্ষাৰ বাবে অতিৰিক্ত প্ৰশ্ন আৰু MCQs অনুশীলন কৰাটো প্ৰয়োজনীয়নে?
হয়, বিজ্ঞানৰ ধাৰণাসমূহ স্পষ্ট কৰিবলৈ আৰু পৰীক্ষাত সৰ্বোচ্চ নম্বৰ লাভ কৰিবলৈ অনুশীলনীৰ লগতে অতিৰিক্ত প্ৰশ্ন আৰু MCQ সমাধান কৰাটো অতি প্ৰয়োজনীয়।

EduAssam Solution App

Your complete digital learning solution.

Free Notes Mock Tests Q-Bank
Download Now
10k+ Students

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top