অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞান অধ্যায় ১০ – মধ্যযুগৰ অসম – সকলো পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ | শংকৰদেৱ শিশু বিদ্যা নিকেতন (SVN)
অষ্টম শ্ৰেণী সমাজ বিজ্ঞান অধ্যায় ১০ – মধ্যযুগৰ অসম সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ আৰু সমাধান (Sankardev Sishu Vidya Niketan – SVN)
অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞান পাঠ্যক্ৰমৰ দশম অধ্যায় ‘মধ্যযুগৰ অসম’ ইতিহাস খণ্ডৰ এখন অতি গুৰুত্বপূৰ্ণ পাঠ। শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ (SVN) নতুন পাঠ্যক্ৰম আৰু শেহতীয়া নিৰ্দেশনাৰ আধাৰত এই অধ্যায়ৰ সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ (Class 8 Social Science Chapter 10 Textual Question Answer) প্ৰস্তুত কৰা হৈছে। এই বিশেষ সংকলনটিত পাঠভিত্তিক অতি চমু প্ৰশ্ন (VSA), চমু প্ৰশ্ন (Short Questions), দীঘলীয়া প্ৰশ্ন (Long Answers), বহু-বিকল্পী প্ৰশ্ন (MCQs) আৰু পৰীক্ষাত আহিব পৰা অতিৰিক্ত প্ৰশ্নসমূহ অন্তৰ্ভুক্ত কৰা হৈছে। অস্পীন একেডেমী (Ospin Academy) ত এই সমাধানসমূহ সহজ, নিৰ্ভুল আৰু সম্পূৰ্ণ পৰীক্ষামুখীভাৱে উপলব্ধ কৰোৱা হৈছে।
‘মধ্যযুগৰ অসম’ নামৰ এই পাঠটিত ত্ৰয়োদশ শতিকাৰ পৰা উনবিংশ শতিকাৰ আৰম্ভণিলৈকে অসমত ৰাজত্ব কৰা আহোম ৰাজবংশ, কোচ ৰাজ্য, কছাৰী, চুতীয়া, বাৰভূঞা আৰু অন্যান্য স্থানীয় ৰাজ্যসমূহৰ উত্থান-পতন, শাসন ব্যৱস্থা আৰু ৰাজনৈতিক ইতিহাসৰ ওপৰত বিস্তৃতভাৱে আলোচনা কৰা হৈছে। পৰীক্ষাৰ্থীসকলৰ বাবে এই পাঠৰ মূল ধাৰণা আৰু তাৎপৰ্য বুজি পোৱাটো অতি প্ৰয়োজনীয়। আমাৰ এই পাঠ্যভিত্তিক সমাধানত (Textual Solutions) কেৱল পাঠ্যপুথিৰ অনুশীলনীৰ প্ৰশ্নসমূহেই নহয়, বৰঞ্চ পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে সহায়ক হোৱাকৈ অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন-উত্তৰসমূহো সামৰি লোৱা হৈছে যাতে ছাত্ৰ-ছাত্ৰীসকলে সুন্দৰভাৱে প্ৰস্তুতি চলাব পাৰে।
এই পাঠ্যভিত্তিক সমাধানৰ পৰা আপুনি কি কি শিকিব আৰু পাব:
- আহোম ৰাজ্যৰ প্ৰতিষ্ঠা, চাওলুং চুকাফাৰ অৱদান, কোচ ৰাজবংশ আৰু অন্যান্য মধ্যযুগীয় ৰাজশক্তিৰ বিস্তৃত পৰিচয় আৰু বিশ্লেষণ।
- ১ নম্বৰৰ অতি চমু (VSA), বহু-বিকল্পী প্ৰশ্ন (MCQ) আৰু চমু প্ৰশ্নৰ পৰীক্ষাত লিখিব পৰা নিৰ্দোষ উত্তৰ।
- আহোম শাসন ব্যৱস্থা (পাইক প্ৰথা, খেল ব্যৱস্থা) আৰু ৪-৫ নম্বৰৰ দীঘলীয়া প্ৰশ্নৰ সহজ তথা মান্য সমাধান।
- নতুন পাঠ্যক্ৰমৰ আৰ্হি অনুসৰি গুৰুত্বপূৰ্ণ অতিৰিক্ত প্ৰশ্নসমূহৰ সমাধান।
অস্পীন একেডেমীৰ এই প্ৰশ্নোত্তৰসমূহৰ বিশেষ সুবিধা:
- শেহতীয়া শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ (SVN) নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা সম্পূৰ্ণ পাঠ্যভিত্তিক সমাধান।
- ১০০% নিৰ্ভুল আৰু ছাত্ৰ-ছাত্ৰীয়ে সহজে বুজিব পৰাকৈ সৰল অসমীয়া ভাষাত লিখা উন্নত মানৰ নোটছ (Class 8 Social Science Notes)।
- পৰীক্ষাৰ পূৰ্বে দ্ৰুত ৰিভিজনৰ (Quick Revision) বাবে বিশেষভাৱে যুগুতোৱা সহজ-সৰল উত্তৰ।
- ‘মধ্যযুগৰ অসম’ পাঠৰ পৰা পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু MCQs ৰ বিশেষ সংকলন।
ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি অস্পীন একেডেমীয়ে এই বিশেষ পাঠ্যভিত্তিক সমাধান আগবঢ়াইছে। আপোনাৰ পৰীক্ষাৰ প্ৰস্তুতি এতিয়াই আৰম্ভ কৰক আৰু সমাজ বিজ্ঞান বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰাৰ দিশত আগবাঢ়ক।
Class 8 Social Science (সমাজ বিজ্ঞান) Textbook Solutions & MCQs | Sankardev Sishu Vidya Niketan New Syllabus
New Updated Version!
According to Latest SVN New Syllabus & Updated Book
Get comprehensive preparation for Class 8 Social Science (সমাজ বিজ্ঞান) with this complete Textual Solution & MCQs package.
Includes Chapter-wise textbook solutions, additional Q&A, and MCQs precisely structured as per the latest Sankardev Sishu Vidya Niketan (SVN) syllabus and new book.
Perfect for building a strong foundation and mastering your school assessments! Download as an easy-to-use ZIP file.
শংকৰদেৱ বিদ্যা নিকেতন, অষ্টম শ্ৰেণী: সমাজ বিজ্ঞান
মধ্যযুগৰ অসম
পাঠভিত্তিক প্রশ্নোত্তৰ
১। (ক) কিমান শতিকাত আহোমসকল অসমলৈ আহিছিল?
উত্তৰঃ খ্ৰীষ্টীয় ত্ৰয়োদশ শতিকাত।
(খ) আহোম সকল কোন জাতিৰ লোক?
উত্তৰঃ মূলতঃ টাই জাতিৰ।
(গ) চৰাইদেউত কোনে আহোম ৰাজ্যৰ ৰাজধানী পাতিছিল?
উত্তৰঃ স্বৰ্গদেউ চ্যুকাফাই।
(ঘ) বামুণী কোৱৰৰ প্ৰকৃত নাম কি আছিল?
উত্তৰঃ স্বৰ্গদেউ চুদাংফা।
(ঙ) তুর্বকে কোন খ্রীষ্টাব্দত অসম আক্ৰমণ কৰিছিল?
উত্তৰঃ ১৫৩২ খ্ৰীষ্টাব্দত।
(চ) কোনখিনি সময়ক আহোম বুৰঞ্জীৰ সংকট কাল বুলি ধৰা হয়?
উত্তৰঃ খ্ৰীষ্টীয় ১৬০৩ চনৰ পৰা ১৬৭০ চনলৈকে।
(ছ) কোন চনত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল?
উত্তৰঃ ১৮২৬ খ্ৰীষ্টাব্দত।
(জ) কোচসকলৰ শ্ৰেষ্ঠা ৰজা কোন আছিল?
উত্তৰঃ মহাৰাজ নৰনাৰায়ণ।
(ঝ) ভূঞা শব্দৰ অৰ্থ কি?
উত্তৰঃ ভূমিৰ গৰাকী বা মাটিৰ মালিক।
(ঞ) কছাৰীসকলে নিজকে কি বুলি পৰিচয় দিছিল?
উত্তৰঃ ‘বড়োৰ সন্তান’ অথবা ‘বড়োফিছা’ হিচাপে।
২। ক্রম অনুযায়ী সজোবা
(ক) তুৰ্বকৰ অসম আক্রমণ —
(খ) শৰাইঘাটৰ ৰণ —-
(গ) ইয়াণ্ডাবু সন্ধি —-
(ঘ) চৰাইদেউত ৰাজধানী স্থাপন —
(ঙ) ইখতিয়াৰ উদ্দিন মালিক উজবেগ তুঘ্রিলখা —
উত্তৰঃ
(ক) চৰাইদেউত ৰাজধানী স্থাপন
(খ) ইখতিয়াৰ উদ্দিন মালিক উজবেগ তুঘ্রিল খাঁৰ আক্ৰমণ
(গ) তুৰ্বকৰ অসম আক্রমণ
(ঘ) শৰাইঘাটৰ ৰণ
(ঙ) ইয়াণ্ডাবু সন্ধি
৩ । খালী ঠাই পূৰণ কৰাঃ
(ক) আহোমসকলে অসমত ______ বছৰ সুখ্যাতিৰে ৰাজত্ব কৰিছিল।
উত্তৰঃ আহোমসকলে অসমত ছশ (৬০০) বছৰ সুখ্যাতিৰে ৰাজত্ব কৰিছিল।
(খ) ______ ৰজাৰ দিনত ______ নামৰ তৃতীয়জনা মন্ত্ৰী পদৰ সৃষ্টি হৈছিল।
উত্তৰঃ দিহিঙীয়া ৰজাৰ দিনত বৰপাত্ৰগোহাঁই নামৰ তৃতীয়জনা মন্ত্ৰী পদৰ সৃষ্টি হৈছিল।
(গ) বঙ্গৰ নবাব হুছেইন শ্বাহে ১৪৮৯ খ্ৰীষ্টাব্দত ______ দখল কৰিছিল।
উত্তৰঃ বঙ্গৰ নবাব হুছেইন শ্বাহে ১৪৮৯ খ্ৰীষ্টাব্দত কমতা ৰাজ্য দখল কৰিছিল।
(ঘ) চুতীয়াসকলৰ শক্তিশালী ৰজা আছিল ______।
উত্তৰঃ চুতীয়াসকলৰ শক্তিশালী ৰজা আছিল ৰজা ৰত্নধ্বজ পাল।
(ঙ) ______ কছাৰী সকলৰ ৰাজধানী আছিল।
উত্তৰঃ ডিমাপুৰেই কছাৰী সকলৰ ৰাজধানী আছিল।
৪। চমুটোকা লিখাঃ (৫০ টা মান শব্দৰ ভিতৰত লিখা)
স্বৰ্গদেউ ৰুদ্ৰসিংহ:
উত্তৰঃ গদাধৰ সিংহ ওৰফে গদাপাণিৰ পুত্ৰ আছিল স্বৰ্গদেউ ৰুদ্ৰসিংহ। তেখেতক অসম বুৰঞ্জীৰ সৰ্বশ্ৰেষ্ঠ আহোম ৰজা হিচাপে গণ্য কৰা হয়। সিংহাসনত বহিয়েই প্ৰশাসনীয় সুচলতাৰ বাবে তেওঁ ৰাজধানী ৰংপুৰলৈ স্থানান্তৰিত কৰে। অত্যন্ত দূৰদৰ্শী আৰু জ্ঞানী এইগৰাকী ৰজাই আভ্যন্তৰীণ বিদ্ৰোহ কঠোৰভাৱে দমন কৰাৰ লগতে বাহিৰা শত্ৰুৰ পৰা ৰাজ্যখন সুৰক্ষিত ৰাখিবলৈ চুবুৰীয়া ৰাজ্যসমূহৰ সৈতে সু-সম্পৰ্ক গঢ়ি তুলিছিল। মোগলক প্ৰতিহত কৰিবলৈ তেওঁ মিত্ৰ ৰাজ্যসমূহৰ সহযোগত এক সন্মিলিত বাহিনী গঠনৰো প্ৰয়াস কৰিছিল। প্ৰশাসন সুচাৰুৰূপে চলাবলৈ নতুন ‘খেল’ প্ৰথাৰ প্ৰৱৰ্তন কৰাৰ উপৰিও তেওঁ ৰাজ্যত ভালেমান দৌল-দেৱালয় নিৰ্মাণ কৰোৱাইছিল। ১৭১৪ খ্ৰীষ্টাব্দত এইজনা সুযোগ্য ৰজাৰ পৰলোকপ্ৰাপ্তি ঘটে।
আহোম ৰাজ্যৰ পতন:
উত্তৰঃ স্বৰ্গদেউ চ্যুকাফাই প্ৰতিষ্ঠা কৰা আহোম ৰাজ্যই প্ৰায় ছশ বছৰ ধৰি অসমত সগৌৰৱেৰে শাসন চলাইছিল। পিছে স্বৰ্গদেউ লক্ষ্মীসিংহৰ ৰাজত্বকালৰ পৰাই এই বিশাল সাম্ৰাজ্যৰ পতনৰ সূচনা হয়। পৰৱৰ্তী সময়ৰ স্বৰ্গদেউসকলৰ দুৰ্বল শাসনৰ সুযোগ লৈ সৃষ্টি হোৱা ঘৰুৱা কন্দল আৰু আভ্যন্তৰীণ বিদ্ৰোহে ৰাজ্যখনক জুৰুলা কৰে। শেষত মানৰ আক্ৰমণ আৰু তাৰ পৰিণতিত ব্ৰিটিছৰ আগমনে অৱস্থা অধিক শোচনীয় কৰি তোলে। অৱশেষত ১৮২৬ চনত স্বাক্ষৰিত হোৱা ইয়াণ্ডাবু সন্ধিৰ জৰিয়তে গৌৰৱোজ্জ্বল আহোম ৰাজত্বৰ অন্ত পৰে আৰু অসম ব্ৰিটিছৰ অধীনস্থ হয়।
চুতীয়া ৰাজ্যঃ
উত্তৰঃ চুতীয়াসকলৰ উৎপত্তিৰ বিষয়ে সঠিক তথ্য পোৱা নাযায় যদিও কিছুমান বুৰঞ্জীৰ মতে দ্বাদশ শতিকাৰ আৰম্ভণিৰ পৰা ষোড়শ শতিকাৰ আদিভাগলৈকে মুঠ দহগৰাকী চুতীয়া ৰজাই শাসন চলাইছিল। চ্যুকাফাই অসমত ৰাজত্ব আৰম্ভ কৰাৰ সময়ত ব্ৰহ্মপুত্ৰৰ উত্তৰে সোৱণশিৰি আৰু দক্ষিণে দিচাং নৈৰ পূব দিশত এই ৰাজ্যখন অৱস্থিত আছিল। বীৰপাল আছিল প্ৰথমগৰাকী চুতীয়া ৰজা আৰু ৰত্নধ্বজ পাল আছিল আটাইতকৈ পৰাক্ৰমী ৰজা। নিজস্ব ধৰ্ম আৰু ভাষা থকা চুতীয়াসকল প্ৰধানকৈ শদিয়াৰ কেঁচাইখাঁতী গোসাঁনীৰ ভক্ত আছিল। পৰৱৰ্তী সময়ত ১৫২৩ খ্ৰীষ্টাব্দত আহোমসকলে চুতীয়া ৰাজ্য দখল কৰি নিজৰ অধীনলৈ আনে।
অসমৰ কোচ সকলঃ
উত্তৰঃ ষোড়শ শতিকাৰ আৰম্ভণিতে প্ৰাচীন কামৰূপ ৰাজ্যৰ পশ্চিম অংশৰ কমতা ৰাজ্যত কোচসকলে এখন নতুন ৰাজ্যৰ পাতনি মেলিছিল। হাড়িয়া মণ্ডলৰ জেষ্ঠ পুত্ৰ বিশ্ব সিংহ আছিল এই কোচ ৰাজবংশৰ প্ৰতিষ্ঠাপক আৰু তেওঁ কোচবিহাৰত নিজৰ ৰাজধানী স্থাপন কৰিছিল। তেওঁৰ ৰাজত্বকালতে আহোমৰ সৈতে কোচৰ সংঘৰ্ষ আৰম্ভ হয়। কোচসকলৰ সৰ্বশ্ৰেষ্ঠ ৰজা আছিল নৰনাৰায়ণ। তেওঁ নিজৰ সুদক্ষ সেনাপতি তথা ভাতৃ চিলাৰায়ৰ সহায়ত বহুতো শত্ৰু ৰাজ্য পৰাস্ত কৰিছিল। ১৫৬২ চনত আহোম ৰাজ্য আক্ৰমণ কৰিও তেওঁলোকে নিজৰ কৰতলীয়া কৰিছিল। ৰাজ্য জয় কৰাৰ লগতে এই দুই ভাতৃয়ে মঠ-মন্দিৰ, ৰাস্তা-ঘাট আদি নিৰ্মাণেৰে বিভিন্ন জনকল্যাণমূলক কামো হাতত লৈছিল।
ভূঞাসকলঃ
উত্তৰঃ ‘ভূঞা’ শব্দটোৱে সাধাৰণতে মাটিৰ গৰাকী বা জমিদাৰক বুজায়। তেওঁলোকৰ হাতত একোখন নিৰ্দিষ্ট আৰু বৃহৎ এলেকাৰ শাসনভাৰ আছিল আৰু তাত তেওঁলোকে স্বাধীনভাৱে ক্ষমতা প্ৰয়োগ কৰিছিল। ছেগ বুজি তেওঁলোকে সমসাময়িক দুৰ্বল ৰজাসকলৰ লগত যুদ্ধ-বিগ্ৰহতো নামি পৰিছিল। আহোম বুৰঞ্জীত উল্লেখ থকা মতে, ত্ৰয়োদশ শতিকাৰ আৰম্ভণিতে চ্যুকাফাই যেতিয়া চৰাইদেউত ৰাজধানী পাতিছিল, তেতিয়া চুতীয়া আৰু কছাৰী ৰাজ্যৰ পশ্চিম অংশৰ ব্ৰহ্মপুত্ৰৰ দুয়োপাৰ জুৰি ভূঞাসকলৰ ক্ষুদ্ৰ ক্ষুদ্ৰ ৰাজ্য অৱস্থিত আছিল। অসমৰ বুৰঞ্জীত এই ভূঞাসকলক সঘনাই ‘বাৰভূঞা’ নামেৰে অভিহিত কৰা হৈছে।
৫ । শুদ্ধ/অশুদ্ধ লিখাঃ
(ক) আহোমসকল কেঁচাইখাতী গোসানীৰ ভক্ত আছিল।
উত্তৰঃ অশুদ্ধ।
(খ) ৰুদ্ৰসিংহই যোৰহাটত ৰাজধানী পাতিছিল।
উত্তৰঃ অশুদ্ধ।
(গ) দিহিঙ্গীয়া বজাই পোন প্রথমে মধ্য যুগত অসমত লোক পিয়লৰ ব্যৱস্থা কৰিছিল।
উত্তৰঃ শুদ্ধ।
(ঘ) বৰ ৰজা ফুলেশ্বৰী শাক্তধর্মী আছিল।
উত্তৰঃ শুদ্ধ।
(ঙ) চিহাবুদ্ধিন তালিচ বঙ্গৰ নবাব আছিল।
উত্তৰঃ অশুদ্ধ।




