অষ্টম শ্ৰেণীৰ বিজ্ঞান অধ্যায় ১০ – কৈশোৰ প্ৰাপ্তি – সম্পূৰ্ণ প্ৰশ্নোত্তৰ | শংকৰদেৱ শিশু বিদ্যা নিকেতন (Sankardev Sishu Vidya Niketan)
অষ্টম শ্ৰেণী বিজ্ঞান অধ্যায় ১০ – কৈশোৰ প্ৰাপ্তি সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ আৰু সমাধান (Sankardev Sishu Vidya Niketan – SVN)
অষ্টম শ্ৰেণীৰ বিজ্ঞান পাঠ্যক্ৰমৰ দশম অধ্যায় ‘কৈশোৰ প্ৰাপ্তি’ অতি গুৰুত্বপূৰ্ণ এটি পাঠ। শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ (SVN) নতুন পাঠ্যক্ৰম আৰু শেহতীয়া নিৰ্দেশনাৰ আধাৰত এই অধ্যায়ৰ সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ (Class 8 Science Chapter 10 Textual Question Answer) প্ৰস্তুত কৰা হৈছে। এই বিশেষ সংকলনটিত পাঠভিত্তিক অতি চমু প্ৰশ্ন (VSA), চমু প্ৰশ্ন (Short Questions), দীঘলীয়া প্ৰশ্ন (Long Answers), অতিৰিক্ত প্ৰশ্ন আৰু MCQ (বহু-বিকল্পী প্ৰশ্ন) সমূহৰ পুংখানুপুংখ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে। অস্পীন একেডেমী (Ospin Academy) ত এই সমাধানসমূহ সহজ, নিৰ্ভুল আৰু সম্পূৰ্ণ পৰীক্ষামুখীভাৱে উপলব্ধ কৰোৱা হৈছে।
‘কৈশোৰ প্ৰাপ্তি’ নামৰ এই পাঠটিত কৈশোৰ অৱস্থা, যৌৱনপ্ৰাপ্তিৰ সময়ত হোৱা শাৰীৰিক আৰু মানসিক পৰিৱৰ্তন, গৌণ লিংগ বৈশিষ্ট, অন্তঃস্ৰাৱী গ্ৰন্থি আৰু হৰম’নৰ ভূমিকা, লগতে প্ৰজনন স্বাস্থ্যৰ বিষয়ে বিস্তাৰিতভাৱে আলোচনা কৰা হৈছে। ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এই পাঠৰ মূল বৈজ্ঞানিক ধাৰণাসমূহ বুজি পোৱাটো অতি প্ৰয়োজনীয়। আমাৰ এই পাঠ্যভিত্তিক সমাধানত (Textual Solutions) কেৱল পাঠ্যপুথিৰ অনুশীলনীৰ প্ৰশ্নসমূহেই নহয়, বৰঞ্চ পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন-উত্তৰসমূহো সামৰি লোৱা হৈছে যাতে ছাত্ৰ-ছাত্ৰীসকলে সুন্দৰভাৱে প্ৰস্তুতি চলাব পাৰে।
এই পাঠ্যভিত্তিক সমাধানৰ পৰা আপুনি কি কি শিকিব আৰু পাব:
- কৈশোৰ কালত হোৱা পৰিৱৰ্তন, হৰম’নৰ কাৰ্য আৰু প্ৰজনন স্বাস্থ্যৰ বিস্তাৰিত পৰিচয় আৰু বৈজ্ঞানিক বিশ্লেষণ।
- ১ নম্বৰৰ অতি চমু (VSA objective type) আৰু ২-৩ নম্বৰৰ চমু প্ৰশ্নৰ পৰীক্ষাত লিখিব পৰা নিৰ্দোষ উত্তৰ।
- গৌণ লিংগ বৈশিষ্ট, অন্তঃস্ৰাৱী গ্ৰন্থিসমূহৰ কাৰ্য আদিৰ দৰে ৪-৫ নম্বৰৰ দীঘলীয়া প্ৰশ্নৰ সহজ তথা মান্য সমাধান।
- নতুন পাঠ্যক্ৰমৰ আৰ্হি অনুসৰি গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহৰ লগতে শেহতীয়া আৰ্হিৰ MCQ প্ৰশ্ন আৰু অতিৰিক্ত প্ৰশ্নৰ সমাধান।
অস্পীন একেডেমীৰ এই প্ৰশ্নোত্তৰসমূহৰ বিশেষ সুবিধা:
- শেহতীয়া নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা সম্পূৰ্ণ পাঠ্যভিত্তিক সমাধান।
- ১০০% নিৰ্ভুল আৰু ছাত্ৰ-ছাত্ৰীয়ে মুখস্থ কৰিবলৈ সহজ হোৱাকৈ সৰল অসমীয়া ভাষাত লিখা উন্নত মানৰ নোটছ (Class 8 Science Notes)।
- পৰীক্ষাৰ পূৰ্বে দ্ৰুত ৰিভিজনৰ (Quick Revision) বাবে বিশেষভাৱে যুগুতোৱা সহজ-সৰল উত্তৰ।
- পাঠৰ পৰা পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্নৰ বিশেষ সংকলন।
ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি অস্পীন একেডেমীয়ে এই বিশেষ পাঠ্যভিত্তিক সমাধান আগবঢ়াইছে। আপোনাৰ পৰীক্ষাৰ প্ৰস্তুতি এতিয়াই আৰম্ভ কৰক আৰু বিজ্ঞান বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰাৰ দিশত আগবাঢ়ক।
Class 8 Science (বিজ্ঞান) Textbook Solutions & MCQs | Sankardev Sishu Vidya Niketan (SVN) New Syllabus
New Updated Version!
According to Latest Sankardev Sishu Vidya Niketan (SVN) New Syllabus & Updated Book
Get comprehensive preparation for Class 8 Science (বিজ্ঞান) with this complete Textual Solution & MCQs package.
Includes Chapter-wise textbook solutions, additional Q&A, and MCQs precisely structured as per the latest SVN syllabus and new book.
Perfect for building a strong foundation and mastering your school assessments! Download as an easy-to-use ZIP file.
শংকৰদেৱ বিদ্যা নিকেতন, অষ্টম শ্ৰেণী: বিজ্ঞান
কৈশোৰ প্ৰাপ্তি
পাঠভিত্তিক প্রশ্নোত্তৰ
১। দেহৰ পৰিবৰ্তনৰ সময়ত অন্তঃস্রাবী গ্রন্থিবোৰৰ নিঃসৰণক কি বোলে?
উত্তৰঃ দেহৰ পৰিবৰ্তনৰ সময়ত অন্তঃস্রাবী গ্রন্থিবোৰৰ নিঃসৰণক হ’ৰম’ন বোলে।
২। কৈশোৰ প্ৰাপ্তিৰ সংজ্ঞা লিখা।
উত্তৰঃ কৈশোৰ প্ৰাপ্তিঃ মানুহৰ জীৱনৰ যিটোত দেহটোৰ পৰিবৰ্তন হৈ প্রজননক্ষম অৱস্থা আহৰণ কৰে তাক কৈশোৰ প্ৰাপ্তি বোলে।
৩। ঋতুস্রাৱ কি? বহলাই লিখা।
উত্তৰঃ ঋতুস্ৰাৱ হৈছে কৈশোৰ প্ৰাপ্তিৰ সময়ৰ পৰা ছোৱালী মানুহৰ 28-30 দিনৰ মূৰে মূৰে হোৱা ৰক্তক্ষৰণ।
মাইকী মানুহৰ প্ৰজননক্ষম দশা যৌৱনাৰম্ভ আৰম্ভ হয় 10-12 বছৰ বয়সত আৰু সাধাৰণতে 45-50 বছৰ বয়সলৈকে থাকে। যৌৱনাৰম্ভত ডিম্বাণু পৰিপক্ক হয়। প্রায় 28-30 দিনৰ ভিতৰত এটা ডিম্বাণু পৰিপক্ক হৈ এটা ডিম্বাশয়ৰ পৰা ওলাই আহে। এই সময়ত যদি ডিম্বাণুটো নিষেচিত হয় তেতিয়া জৰায়ুৰ বেৰখন ডাঠ হয় যাতে ডিম্বটো জৰায়ুৰ অভ্যন্তৰত ৰাখিব পাৰে আৰু বিকাশ আৰম্ভ হ’ব পাৰে। ইয়াৰ ফলত গৰ্ভধাৰণ হয়। যদি ডিম্বাণুটো নিষেচিত নহয় তেতিয়া ডিম্বাণুটো ৰক্তনলীসমূহ আৰু জৰায়ুত গঠন হোৱা ডাঠ ত্বকখনৰ সৈতে বাহিৰ ওলাই আহে। ইয়াৰ বাবে মাইকী মানুহৰ ৰক্তক্ষৰণ হয়। আৰু যাক ঋতুস্রাৱ বোলে। ঋতুস্ৰাৱ প্ৰায় 28-30 দিনৰ মুৰে মূৰে হয়। 45-50 বছৰ বয়সত মাহেকীয়া ঋতুস্ৰাৱ চক্র বন্ধ হয়।
৪। যৌৱনাৰম্ভত হোৱা দেহৰ পৰিবৰ্তন সমূহৰ তালিকা প্রস্তুত কৰা।
উত্তৰঃ যৌৱনাৰম্ভত হোৱা পৰিৱৰ্তন সমূহৰ ভিতৰত উচ্চতা, দেহৰ আকৃতিৰ পৰিৱৰ্তন, যৌন লৈংগিক পৰিবৰ্তন আদিয়েই প্রধান। পৰিবৰ্তন সমূহৰ তালিকা তলত দিয়া হ’ল-
|
শৰীৰ পৰিৱর্তনসমূহ |
ল’ৰা |
ছোৱালী |
|
(ক) উচ্চতা |
প্ৰথম অৱস্থাত ল’ৰাবোৰৰ উচ্চতা বৃদ্ধি লাগে লাগে হয় আৰু পিছলৈ সোমকাল বৃদ্ধি হয়। |
প্ৰথম অৱস্থাত ল’ৰাবোৰতকৈ ছোৱালীবোৰৰ সোনকাল বাৰে আৰু পিছলৈ বৃদ্ধি লাগে লাগে হয়। |
|
(খ) দেহৰ আকাৰত পৰিৱৰ্তন |
কাঁধ আৰু বুকু ডাঙৰ আৰু বহল হয়। দেহৰ মাংস-পেশীবোৰ অধিক মিঠা আৰু প্রকট হৈ পৰে। |
ছোৱালীৰ কাঁকলৰ তলৰ অংশ বহল হৈ যাবলৈ ধৰে। |
|
(গ) গৌণ লিংগৰ বিকাশ |
ল’ৰাৰ ডাৰি-গোঁফ আদি গজিবলৈ লয়। বুকুৰ নম গজে, বাহু তলত আৰু গোপনীয় প্ৰদেশত নম গজে। |
ছোৱালীবোৰৰ স্তনৰ বিকাশ হয়। বাহু তলত আৰু গোপনীয় প্ৰদেশত নম গজে। |
৫। অন্তঃস্রাবী গ্রন্থি আৰু সিহঁতে নিঃসৰণ কৰা হ’ৰমনৰ দুটা স্তম্ভ থকাএখন তালিকা প্রস্তুত কৰা।
উত্তৰঃ
|
ক্রমিক নং |
অগ্ন্যাশয়ী গ্ৰন্থি |
নিৰ্বিত হৰম’ন |
|
১ |
পিটুইটাৰী গ্ৰন্থি |
টেষ্ট’ষ্টেৰন বা পুৰুষ হৰম’ন, ইষ্ট্ৰ’জেন বা স্ত্রী হৰম’ন আৰু বৃদ্ধি হ’ৰমন |
|
২ |
থাইৰাইড গ্ৰন্থি |
থাইৰক্সিন হৰম’ন |
|
৩ |
অগ্নাশয় গ্ৰন্থি |
ইনচুলিন হৰম’ন |
|
৪ |
এড্ৰিনেল গ্ৰন্থি |
এড্ৰিনেলিন হৰম’ন |
৬ । লৈংগিক হৰম’ন কি? সেইবোৰক কিয় এনেদৰে নামকৰণ কৰা হয়? সিহঁতৰ কাৰ্য লিখা।
উত্তৰঃ ল’ৰা আৰু ছোৱালীৰ ক্ষেত্ৰত পুৰুষ আৰু স্ত্ৰীসূলভ লৈংগিক বৈশিষ্ট্যসমূহৰ বিকাশ ঘটোৱা হৰম’নবোৰকেই লৈংগিক হৰম’ন (Sex Hormones) বুলি কোৱা হয়।
প্ৰধান লৈংগিক হৰম’ন দুবিধ হ’ল – ল’ৰাৰ ক্ষেত্ৰত টেষ্ট’ষ্টেৰণ (Testosterone) বা পুং হৰম’ন আৰু ছোৱালীৰ ক্ষেত্ৰত ইষ্ট্ৰ’জেন (Estrogen) বা স্ত্ৰী হৰম’ন।
ইহঁতক লৈংগিক হৰম’ন বুলি নামাকৰণ কৰাৰ কাৰণটো হ’ল এই হৰম’নসমূহ লৈংগিক অংগৰ পৰা নিঃসৰিত হয়। পুৰুষৰ লৈংগিক অংগ শুক্ৰাশয়ে পুং হৰম’ন নিঃসৰণ কৰে আৰু স্ত্ৰীৰ লৈংগিক অংগ ডিম্বাশয়ে স্ত্ৰী হৰম’ন নিঃসৰণ কৰে।
এই হৰম’নবোৰৰ প্ৰধান কাৰ্য হ’ল – স্ত্ৰীৰ ডিম্বাশয়ত ডিম্বাণু (Egg) আৰু পুৰুষৰ শুক্ৰাশয়ত শুক্ৰাণুক (Sperm) পূৰ্ণ প্ৰাপ্তবয়স্ক বা পৈণত কৰা।
৭ । শুদ্ধ উত্তৰ বাচি উলিওৱা।
(ক) কিশোৰ কিশোৰীসকল খাদ্যৰ প্ৰতি সাৱধান হ’ব লাগে, কাৰণ
(১) সঠিক আহাৰে মগজু বিকাশ ঘটায়।
(২) দেহৰ দ্রুত গতিত বৃদ্ধিৰ বাবে সঠিক আহাৰৰ প্ৰয়োজন।
(৩) কিশোৰ-কিশোৰীৰ সোনকালে ভোক লাগে।
(৪) কিশোৰ-কিশোৰীৰ স্বাদবাদুবোৰ বিকশিত।
উত্তৰঃ (২) দেহৰ দ্রুত গতিত বৃদ্ধিৰ বাবে সঠিক আহাৰৰ প্ৰয়োজন।
(খ) স্ত্রীত প্রজনন কাল আৰম্ভ হয় যেতিয়া তেওঁলোকৰ
(১) ঋতুচক্ৰ আৰম্ভ হয়।
(২) স্তনৰ বিকাশ হয়।
(৩) দেহৰ ওজন বাড়ে।
(৪) উচ্চতা বাঢ়ে।
উত্তৰঃ (১) ঋতুচক্ৰ আৰম্ভ হয়।
(গ) কিশোৰ-কিশোৰীৰ সঠিক আহাৰ হৈছে
(১) চিপ্স, চাওমিন, কোকোকোলা।
(২) ৰুটি, ডাইল, শাক-পাচলি।
(৩) ভাত, চাওমিন, বাৰ্গাৰ।
(৪) কাটে, চিহ্ন, আৰু নেমুৰ চৰবত।
উত্তৰঃ (২) ৰুটি, ডাইল, শাক-পাচলি।
৮ । টোকা লিখা-
(ক) ঘটিকা,
(খ) গৌণ লৈংগিক বৈশিষ্ট্যসমূহ
(গ) লিংগ নিৰ্দ্ধাৰণ।
উত্তৰঃ (ক) ঘটিকা: যৌৱনাৰম্ভৰ (Puberty) সময়ত ল’ৰাবিলাকৰ স্বৰযন্ত্ৰটোৰ (Voice box) আকাৰ অস্বাভাৱিকভাৱে বৃদ্ধি পাবলৈ ধৰে। কিন্তু ছোৱালীৰ ক্ষেত্ৰত ইয়াৰ আকাৰ সৰু হোৱা বাবে বাহিৰৰ পৰা সহজে ধৰিব নোৱাৰি। ল’ৰাৰ ডিঙিৰ সন্মুখৰ ফালে এই ডাঙৰ হৈ অহা স্বৰযন্ত্ৰটো এটা টেমুনাৰ দৰে ওলাই থকা দেখা যায়। এই অংশটোকেই ডিঙিৰ ঘটিকা বা কণ্ঠনলী (Adam’s Apple) বুলি কোৱা হয়। কেতিয়াবা বাঢ়ি থকা এই স্বৰযন্ত্ৰৰ পেশীসমূহ নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱাৰ ফলত কৈশোৰ প্ৰাপ্ত ল’ৰাৰ মাতটো যথেষ্ট কৰ্কশ বা ভঙা ভঙা হৈ পৰে।
(খ) গৌণ লৈংগিক বৈশিষ্ট্যসমূহঃ প্ৰজনন অংগ শুক্ৰাশয় আৰু ডিম্বাশয়ে ক্ৰমান্বয়ে শুক্ৰাণু আৰু ডিম্বাণু নামৰ জনন কোষৰ সৃষ্টি কৰে। যৌৱনাৰম্ভৰ সময়ত ল’ৰা আৰু ছোৱালীৰ দেহত কিছুমান বিশেষ বাহ্যিক পৰিৱৰ্তন দেখা যায়, যাৰ জৰিয়তে ল’ৰা আৰু ছোৱালীক সহজে পৃথক কৰিব পাৰি। যেনে – ছোৱালীৰ স্তনৰ বিকাশ ঘটে আৰু ল’ৰাৰ মুখত ডাঢ়ি-গোঁফ গজিবলৈ আৰম্ভ কৰে। এই বিশেষ পৰিৱৰ্তন বা লক্ষণসমূহকে গৌণ লৈংগিক বৈশিষ্ট্য (Secondary Sexual Characters) বোলা হয়। ইয়াৰ উপৰিও ল’ৰাৰ বুকুত নোম গজে আৰু ল’ৰা-ছোৱালী উভয়ৰে বগলীৰ তলত আৰু গুপ্তাংগৰ চাৰিওফালে নোম গজিবলৈ ধৰে।
(গ) লিংগ নিৰ্দ্ধাৰণঃ মাতৃৰ গৰ্ভত থকা কেঁচুৱাটো ল’ৰা হ’ব নে ছোৱালী হ’ব, সেই সংকেত নিষেচিত ডিম্বাণু অৰ্থাৎ যোজন কোষতেই (Zygote) নিহিত হৈ থাকে। এই নিৰ্দেশনাসমূহ প্ৰতিটো কোষৰ কোষকেন্দ্ৰত থকা ক্ৰম’জ’ম (Chromosome) নামৰ সূতাসদৃশ গঠনৰ ভিতৰত থাকে। এজন সাধাৰণ মানুহৰ কোষত ২৩ যোৰ ক্ৰম’জ’ম থাকে, যাৰে এযোৰক (অৰ্থাৎ দুডাল) লিংগ ক্ৰম’জ’ম (Sex Chromosome) বা X আৰু Y ক্ৰম’জ’ম বুলি কোৱা হয়।
এগৰাকী মহিলাৰ দেহত দুডাল X ক্ৰম’জ’ম (XX) থাকে, আনহাতে এজন পুৰুষৰ দেহত এডাল X আৰু এডাল Y ক্ৰম’জ’ম (XY) থাকে। কিন্তু জনন কোষসমূহৰ (শুক্ৰাণু আৰু ডিম্বাণু) ভিতৰত কেৱল এডালহে লিংগ ক্ৰম’জ’ম থাকে। যিহেতু মহিলাৰ দুডাল X ক্ৰম’জ’ম থাকে, গতিকে প্ৰতিটো ডিম্বাণুত সদায় এডাল X ক্ৰম’জ’মহে থাকিব। আনহাতে পুৰুষৰ শুক্ৰাণুবোৰ দুই ধৰণৰ হ’ব পাৰে— এটা প্ৰকাৰত X ক্ৰম’জ’ম আৰু আনটো প্ৰকাৰত Y ক্ৰম’জ’ম থাকে।
যেতিয়া X ক্ৰম’জ’ম বহন কৰা এটা শুক্ৰাণুৱে ডিম্বাণুক নিষেচিত কৰে, তেতিয়া যোজন কোষটোত দুডাল X ক্ৰম’জ’ম (XX) গোট খায়, যাৰ ফলত এটি ছোৱালী সন্তানৰ জন্ম হয়। ইয়াৰ বিপৰীতে, যদি Y ক্ৰম’জ’ম বহন কৰা শুক্ৰাণুৱে ডিম্বাণুক নিষেচিত কৰে, তেতিয়া যোজন কোষটোত X আৰু Y (XY) ক্ৰম’জ’ম গোট খায় আৰু ইয়াৰ পৰা এটি ল’ৰা সন্তানৰ সৃষ্টি হয়।
ইয়াৰ পৰা স্পষ্টকৈ বুজা যায় যে অনাগত সন্তানটোৰ লিংগ কি হ’ব, সেয়া সম্পূৰ্ণৰূপে দেউতাকৰ লিংগ ক্ৰম’জ’মৰ (X বা Y) ওপৰতহে নিৰ্ভৰ কৰে।
৯ । খালী ঠাই পূৰ্ণ কৰাঃ
(ক) মগজুৰ লগত সংলগ্ন অন্তস্রাবী গ্রন্থি ______।
উত্তৰঃ মগজুৰ লগত সংলগ্ন অন্তস্রাবী গ্রন্থি হ’ল পিটুইটাৰী গ্রন্থি।
(খ) অগ্নাশয়ে নিঃসৰণ কৰা হৰম’নক ______ বোলে।
উত্তৰঃ অগ্নাশয়ে নিঃসৰণ কৰা হৰম’নক ইনচুলিন বোলে।
(গ) এঘাৰ বছৰৰ পৰা উনৈশ বছৰৰ ল’ৰা ছোৱালীক ______ বোলে।
উত্তৰঃ এঘাৰ বছৰৰ পৰা উনৈশ বছৰৰ ল’ৰা ছোৱালীক কিশোৰ-কিশোৰী বোলে।
(ঘ) পলুৰ পৰা প্ৰাপ্তবয়স্কলৈ হোৱা পৰিৱৰ্তনক ______ বোলে।
উত্তৰঃ পলুৰ পৰা প্ৰাপ্তবয়স্কলৈ হোৱা পৰিৱৰ্তনক কায়ান্তৰণ বোলে।
(ঙ) থাইৰক্সিন হৰম’নৰ উৎপাদনৰ বাবে ______ প্রয়োজন।
উত্তৰঃ থাইৰক্সিন হৰম’নৰ উৎপাদনৰ বাবে আয়ডিনৰ প্রয়োজন।
১০ । চমুটোকা লিখা:
(ক) বজোদৰ্শন
(খ) ৰজোবন্ধ
(গ) যৌৱনাৰম্ভ
উত্তৰঃ (ক) ৰজোদৰ্শন (Menarche): যৌৱন প্ৰাপ্তিৰ প্ৰথম অৱস্থাত এগৰাকী ছোৱালীৰ জীৱনত প্ৰথমবাৰৰ বাবে হোৱা ঋতুস্ৰাৱ বা মাহেকীয়াক ৰজোদৰ্শন বোলে। সাধাৰণতে ১০-১২ বছৰ বয়সত এই ৰজোদৰ্শন ঘটে আৰু ইয়াৰ জৰিয়তে এগৰাকী নাৰীৰ জীৱনত প্ৰজননক্ষম দশাৰ পাতনি মেলে।
(খ) ৰজোবন্ধ (Menopause): এগৰাকী মহিলাৰ প্ৰজননক্ষম কাল যৌৱনাৰম্ভৰ পৰা আৰম্ভ হৈ প্ৰায় ৪৫ ৰ পৰা ৫০ বছৰ বয়সলৈকে চলি থাকে। এই বয়স পোৱাৰ পিছত তেওঁলোকৰ নিয়মীয়া ২৮-৩০ দিনীয়া ঋতুচক্ৰ বা মাহেকীয়া ঋতুস্ৰাৱ সম্পূৰ্ণৰূপে বন্ধ হৈ যায়। ঋতুস্ৰাৱ চিৰদিনৰ বাবে বন্ধ হৈ যোৱা এই বিশেষ অৱস্থাসূচক সময়ছোৱাকেই ৰজোবন্ধ বা মেন’পজ বোলা হয়।
(গ) যৌৱনাৰম্ভ (Puberty): জীৱনৰ যিটো নিৰ্দিষ্ট সময়ছোৱাত এজন মানুহৰ শৰীৰত প্ৰজনন ক্ষমতা আহৰণৰ বাবে বিভিন্ন শাৰীৰিক আৰু মানসিক পৰিৱৰ্তন ঘটিবলৈ আৰম্ভ কৰে, সেই সময়ছোৱাকেই যৌৱনাৰম্ভ বোলা হয়। এই অৱস্থাত গৌণ লৈংগিক বৈশিষ্ট্যসমূহ প্ৰকাশ পায় আৰু ব্যক্তিগৰাকী ক্ৰমান্বয়ে শিশু অৱস্থাৰ পৰা প্ৰাপ্তবয়স্ক অৱস্থালৈ গতি কৰে। ল’ৰা আৰু ছোৱালীৰ ক্ষেত্ৰত এই বয়সৰ কিছু তাৰতম্য হ’ব পাৰে।




