সপ্তম শ্ৰেণী সমাজ বিজ্ঞান অধ্যায় ২১ – শ্ৰমৰ সমমর্যাদা আৰু সমমূল্য – সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ আৰু অতিৰিক্ত সমাধান | শংকৰদেৱ শিশু বিদ্যা নিকেতন (Sankardev Sishu Vidya Niketan)
সপ্তম শ্ৰেণী সমাজ বিজ্ঞান অধ্যায় ২১ – শ্ৰমৰ সমমর্যাদা আৰু সমমূল্য সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ আৰু সমাধান (Sankardev Sishu Vidya Niketan – SVN)
শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ (SVN) সপ্তম শ্ৰেণীৰ সমাজ বিজ্ঞান পাঠ্যক্ৰমৰ একবিংশ অধ্যায় হ’ল ‘শ্ৰমৰ সমমর্যাদা আৰু সমমূল্য’। নতুন পাঠ্যক্ৰমৰ আধাৰত ছাত্ৰ-ছাত্ৰীসকলৰ সুবিধাৰ বাবে এই অধ্যায়ৰ সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ, অতিৰিক্ত প্ৰশ্ন আৰু MCQ সমাধান (Class 7 Social Science Chapter 21 Question Answers) প্ৰস্তুত কৰা হৈছে। এই বিশেষ সংকলনটিত পাঠভিত্তিক অতি চমু প্ৰশ্ন (VSA), চমু প্ৰশ্ন (Short Questions), দীঘলীয়া প্ৰশ্ন (Long Answers), আৰু খালী ঠাই পূৰণ আদিৰ পুংখানুপুংখ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে। অস্পীন একেডেমী (Ospin Academy) ত এই সমাধানসমূহ সহজ, নিৰ্ভুল আৰু সম্পূৰ্ণ পৰীক্ষামুখীভাৱে উপলব্ধ কৰোৱা হৈছে।
‘শ্ৰমৰ সমমর্যাদা আৰু সমমূল্য’ নামৰ এই গুৰুত্বপূৰ্ণ পাঠটিত শ্ৰমৰ গুৰুত্ব, শাৰীৰিক আৰু মানসিক শ্ৰমৰ পাৰ্থক্য, শ্ৰমিকৰ প্ৰতি সন্মান প্ৰদৰ্শন, লিংগভিত্তিক শ্ৰম বৈষম্য দূৰীকৰণ আৰু সমাজত প্ৰতিটো কামৰ সমমুল্যায়নৰ জৰুৰী প্ৰয়োজনীয়তা সম্পৰ্কে বিশদভাৱে আলোচনা কৰা হৈছে। নিকেতনৰ পৰীক্ষাৰ্থীসকলৰ বাবে এই পাঠৰ ধাৰণাসমূহ স্পষ্টভাৱে বুজি পোৱাটো অতি প্ৰয়োজনীয়। আমাৰ এই সমাধানত কেৱল পাঠ্যপুথিৰ অনুশীলনীৰ প্ৰশ্নসমূহেই নহয়, বৰঞ্চ পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন-উত্তৰসমূহো সামৰি লোৱা হৈছে যাতে ছাত্ৰ-ছাত্ৰীসকলে সুন্দৰভাৱে প্ৰস্তুতি চলাব পাৰে।
এই পাঠ্যভিত্তিক সমাধানৰ পৰা আপুনি কি কি শিকিব আৰু পাব:
- শ্ৰমৰ সমমর্যাদা আৰু সকলো ধৰণৰ কামৰ প্ৰতি সন্মান জনোৱাৰ মানসিকতাৰ ধাৰণা।
- শাৰীৰিক শ্ৰম আৰু মানসিক শ্ৰমৰ মাজৰ পাৰ্থক্য তথা সিহঁতৰ পাৰস্পৰিক গুৰুত্ব।
- সমাজত পুৰুষ আৰু মহিলাৰ শ্ৰমৰ মূল্যায়ন আৰু বৈষম্য দূৰীকৰণৰ उपायসমূহ।
- ১ নম্বৰৰ অতি চমু প্ৰশ্ন (VSA objective type) আৰু ২-৩ নম্বৰৰ চমু প্ৰশ্নৰ পৰীক্ষাত লিখিব পৰা নিৰ্দোষ উত্তৰ।
- নতুন পাঠ্যক্ৰমৰ আৰ্হি অনুসৰি গুৰুত্বপূৰ্ণ অতিৰিক্ত প্ৰশ্নসমূহৰ লগতে শেহতীয়া আৰ্হিৰ MCQ প্ৰশ্নৰ সমাধান।
অস্পীন একেডেমীৰ এই প্ৰশ্নোত্তৰসমূহৰ বিশেষ সুবিধা:
- শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা সম্পূৰ্ণ পাঠ্যভিত্তিক সমাধান।
- ১০০% নিৰ্ভুল আৰু ছাত্ৰ-ছাত্ৰীয়ে বুজি পাবলৈ সহজ হোৱাকৈ সৰল অসমীয়া ভাষাত লিখা উন্নত মানৰ নোটছ (Class 7 Social Science Notes).
- পৰীক্ষাৰ পূৰ্বে দ্ৰুত ৰিভিজনৰ (Quick Revision) বাবে বিশেষভাৱে যুগুতোৱা সহজ-সৰল উত্তৰ।
- সামাজিক মূল্যবোধ আৰু শ্ৰমৰ মৰ্যাদা সম্পৰ্কীয় ধাৰণাসমূহৰ স্পষ্ট প্ৰতিৰূপ।
ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি অস্পীন একেডেমীয়ে এই বিশেষ পাঠ্যভিত্তিক সমাধান আগবঢ়াইছে। আপোনাৰ বিদ্যালয় পৰীক্ষাৰ প্ৰস্তুতি এতিয়াই আৰম্ভ কৰক আৰু সমাজ বিজ্ঞান বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰাৰ দিশত আগবাঢ়ক।
Class 7 Social Science (সমাজ বিজ্ঞান) Textbook Solutions & MCQs | SVN New Syllabus
New Updated Version!
According to Latest Sankardev Sishu Vidya Niketan (SVN) New Syllabus & Updated Book
Get comprehensive preparation for Class 7 Social Science (সমাজ বিজ্ঞান) with this complete Textual Solution & MCQs package.
Includes Chapter-wise textbook solutions, additional Q&A, and MCQs precisely structured as per the latest SVN syllabus and new book.
Perfect for building a strong foundation and mastering your school assessments! Download as an easy-to-use ZIP file.
শংকৰদেৱ বিদ্যা নিকেতন, সপ্তম শ্ৰেণী: সমাজ বিজ্ঞান
শ্ৰমৰ সমমৰ্যাদা আৰু সমমূল্য
পাঠভিত্তিক প্রশ্নোত্তৰ
১। চমু উত্তৰ লিখাঃ
(ক) বিশ্বৰ প্ৰথম মহিলা মহাকাশচাৰী গৰাকীৰ নাম কি?
উত্তৰঃ ভেলেন্টিনা টেৰেস্ক’ভা।
(খ) ভাৰতৰ দুগৰাকী মহিলা মহাকাশচাৰীৰ নাম লিখা।
উত্তৰঃ কল্পনা চাওলা আৰু সুনীতা উইলিয়ামছ।
(গ) মেগছেছে বঁটা বিজয়ী মহিলা আৰক্ষী বিষয়াগৰাকীৰ নাম কি?
উত্তৰঃ কিৰণ বেদী।
(ঘ) অসমৰ এগৰাকী মহিলা আৰক্ষী অধীক্ষকৰ নাম লিখা।
উত্তৰঃ সংযুক্তা পৰাশৰ।
(ঙ) অসমীয়া মহিলা কমাণ্ডো বাহিনীটোক কি নামেৰে জনা যায়?
উত্তৰঃ ‘বীৰাংগনা’ নামেৰে জনা যায়।
(চ) লিংগ বৈষম্য মানে কি?
উত্তৰঃ সমাজত পুৰুষৰ তুলনাত নাৰীৰ প্ৰতি যি বৈষম্যমূলক আচৰণ প্ৰদৰ্শন কৰা হয়, তাকে লিংগ বৈষম্য বুলি কোৱা হয়।
(ছ) শ্ৰমৰ সমমৰ্যাদা মানে কি?
উত্তৰঃ পুৰুষ-মহিলা উভয়ৰে শ্ৰমক সমান চকুৰে চোৱা বা সমানে শ্ৰদ্ধা জনোৱাটোৱে হৈছে শ্ৰমৰ সমমৰ্যাদা।
(জ) শ্ৰমৰ সমমূল্যই কি সূচায়?
উত্তৰঃ পুৰুষ-মহিলা উভয়ৰে শ্ৰমৰ বিনিময়ত সমহাৰত বেতন বা মজুৰি প্ৰদান কৰাটোক সূচায়।
(ঝ) অসমৰ জ্ঞানপীঠ বঁটা বিজয়ী লেখিকাগৰাকীৰ নাম কি?
উত্তৰঃ মামণি ৰয়চম গোস্বামী।
(ঞ) অসমৰ প্ৰথমগৰাকী মহিলা চিকিৎসকৰ নাম লিখা。
উত্তৰঃ ৰজনীপ্ৰভা শইকীয়া।
২। টোকা লিখা:
(ক) নাৰী শিক্ষাৰ গুৰুত্ব:
উত্তৰঃ পৰিয়াল তথা সমাজত নাৰীৰ ভূমিকা অতিশয় গুৰুত্বপূৰ্ণ। নাৰীয়ে জীয়ৰী, বোৱাৰী, পৰিবাৰ, মাতৃ, ধাত্রী ইত্যাদি বিভিন্ন ৰূপত অৱতীৰ্ণ হ’বলগীয়া হয়। সেয়েহে নাৰী শিক্ষাৰ অতি গুৰুত্ব আছে। শিক্ষাই নাৰীক নিজৰ অধিকাৰ, কৰ্তব্য আৰু দায়িত্বৰ প্ৰতি সজাগ কৰি তোলাৰ লগতে সমাজলৈ বৰঙণি যোগাব পৰা একোজনী মহীয়সী নাৰীলৈ ৰূপ দিব পাৰে। সাধাৰণতে পৰিয়াল একোটিত পুৰুষতকৈ নাৰীয়ে খোৱা-লোৱা, চাফ-চিকুণ আদি ক্ষেত্ৰত বেছি ভূমিকা গ্ৰহণ কৰিবলগীয়া হয়। বহু নাৰীয়ে আকৌ পৰিয়াল পৰিচালনাৰ দায়িত্ব মূৰ পাতি ল’বলগীয়া হয়। সৰু সৰু ল’ৰা-ছোৱালীৰ পঢ়া-শুনাৰ ক্ষেত্ৰতো নাৰীৰ অপৰিসীম গুৰুত্ব আছে। নাৰী নিজে শিক্ষিতা হ’লেহে সময়ৰ লগত খাপ খুৱাই এইবোৰ চম্ভালাটো সহজ হয়।
লিংগ বৈষম্য এতিয়াও বৰ্তি থকাৰ ফলত নাৰীক প্ৰায়ে অৱহেলা কৰা দেখা যায়, তেওঁলোকক পুৰুষৰ সৈতে সমমৰ্যাদা দিবলৈ টান পায়। আনকি শ্ৰমৰ বিনিময়ত পাবলগীয়া মজুৰিৰ ক্ষেত্ৰতো পুৰুষ-নাৰীৰ মাজত বৈষম্য দেখা যায়। শিক্ষাৰ অভাৱৰ বাবে বহু নাৰীয়ে নাৰীৰ সুৰক্ষা তথা মৰ্যাদা ৰক্ষাৰ হকে থকা সাংবিধানিক নীতি-নিয়মৰ বিষয়ে একো নজনা বাবে সকলো অন্যায়-অবিচাৰ নীৰৱে সহি যায়। নাৰীয়ে শিক্ষালাভ কৰিলেহে এই সমস্যাবোৰ দূৰ কৰাটো সম্ভৱ হৈ উঠিব।
পুৰুষ-নাৰীৰ সমন্বিত প্ৰচেষ্টাতহে সমাজ বা দেশৰ সৰ্বদিশৰ উন্নয়ন সম্ভৱ। শিক্ষিতা নাৰীয়ে মানৱ সমাজলৈ কেনেকুৱা অৰিহণা যোগাব পাৰে তাক মেৰী ক্যুৰী, ভেলেন্টিনা টেৰেস্ক’ভা, কল্পনা চাওলা, সৰোজিনী নাইডু, চন্দ্ৰপ্ৰভা শইকীয়ানী, মামণি ৰয়চম গোস্বামী আদিৰ জীৱনলৈ চালেই বুজিব পৰা যায়।
(খ) নাৰী সবলীকৰণ:
উত্তৰঃ নাৰীৰ শাৰীৰিক, মানসিক, বৌদ্ধিক আদি সকলো দিশৰ উত্তৰণ ঘটাই যিকোনো পৰিৱেশ-পৰিস্থিতিৰ সৈতে মোকাবিলা কৰি সময়ৰ লগত খোজ কাঢ়িব পৰাকৈ গঢ়ি তোলাটোৱে হৈছে নাৰী সবলীকৰণ।
সমাজ তথা দেশৰ উন্নয়নত পুৰুষৰ লগত নাৰীয়েও সমানে অৰিহণা যোগাব পাৰে। মেৰী ক্যুৰী, ভেলেন্টিনা টেৰেস্ক’ভা, কল্পনা চাওলা, ইন্দিৰা গান্ধী আদিৰ জীৱনলৈ চালেই আমি ইয়াৰ সত্যতা দেখিবলৈ পাওঁ। কিন্তু দুৰ্ভাগ্যবশতঃ লিংগ বৈষম্যৰ বলি হৈ আজিও বহু নাৰীয়ে উপযুক্ত মৰ্যাদাৰ পৰা বঞ্চিত হৈ থাকিবলগীয়া হৈছে। বহুক্ষেত্ৰত তেওঁলোকে শাৰীৰিক তথা মানসিকভাৱেও লাঞ্ছিত হ’বলগীয়া হৈছে। নাৰীৰ শাৰীৰিক, মানসিক বা বৌদ্ধিক দিশৰ উত্তৰণ নহ’লে এনেবোৰ সমস্যা সদায় থাকিব, যি সমগ্ৰ মানৱ জাতিৰে ক্ষতি সাধন কৰিব। সেয়ে এনেবোৰ দিশত নাৰী নিজে সচেতন হোৱাৰ উপৰি সমাজেও উপযুক্ত কাৰ্যব্যৱস্থা গ্ৰহণ কৰা প্ৰয়োজন।
সুখৰ কথা যে বৰ্তমান চৰকাৰৰ লগতে বিভিন্ন অনা-চৰকাৰী স্বেচ্ছাসেৱী সংগঠনে নাৰী সবলীকৰণৰ ক্ষেত্ৰত যথেষ্ট বাস্তৱ কাৰ্যব্যৱস্থা হাতত লৈছে। বিশ্ব স্বাস্থ্য সংস্থা, ৰাষ্ট্ৰসংঘ আদি আন্তৰ্জাতিক সংগঠনবোৰৰ ভূমিকাও এই ক্ষেত্ৰত শলাগিবলগীয়া। নাৰী সবলীকৰণৰ যোগেদি লিংগ বৈষম্যহীন এখন সুন্দৰ মানৱ সমাজ অদূৰ ভৱিষ্যতে আমি নিশ্চয় কল্পনা কৰিব পাৰোঁ।
(গ) সমাজৰ উন্নয়নত মহিলাসকলৰ বৰঙণি:
উত্তৰঃ সমাজৰ উন্নয়নত মহিলাসকলে সদায়ে উল্লেখযোগ্য বৰঙণি যোগাই আহিছে। সমাজৰ উন্নয়ন বুলি ক’লে সাহিত্য-সংস্কৃতি, ৰাজনীতি, অৰ্থনীতি, বিজ্ঞান, প্ৰযুক্তিবিদ্যা, ক্ৰীড়াক্ষেত্ৰ আদি বিভিন্ন দিশৰ উন্নয়ন সূচায়। এইবোৰ ক্ষেত্ৰত বৰঙণি আগবঢ়োৱা মহীয়সী মহিলাৰ নাম কৈ শেষ কৰিব নোৱাৰি। ৰাজনীতিৰ ক্ষেত্ৰত ছিৰিমাভো বন্দৰনায়ক, ইন্দিৰা গান্ধী, মাৰ্গাৰেট থেচ্চাৰ আদিৰ বৰঙণিৰ কথা সমগ্ৰ বিশ্ববাসীয়ে জানে। সেইদৰে বিজ্ঞানৰ ক্ষেত্ৰত মেৰী ক্যুৰী, মহাকাশ অভিযানৰ ক্ষেত্ৰত ভেলেন্টিনা টেৰেস্ক’ভা, কল্পনা চাওলা, সুনীতা উইলিয়ামছৰ অৱদানৰ কথা আমি সকলোৱে জানো।
সমাজ সেৱাৰ লগতে ৰাজনীতিৰ পথাৰখনতো চন্দ্ৰপ্ৰভা শইকীয়ানী, ইন্দিৰা মিৰি, সৰোজিনী নাইডু, বিজয়া লক্ষ্মী পণ্ডিতৰ বৰঙণিৰ কথা ভাৰতৰ ইতিহাসৰ পাতে পাতে লিখা আছে। শান্তিৰ নোবেল বঁটা পোৱাৰ লগতে সৌ সিদিনা ‘সন্ত’ৰ আখ্যা পোৱা মহীয়সী নাৰী মাদাৰ টেৰেছাই সাধাৰণ মানুহৰ হকে জীৱন উচৰ্গা কৰি গৈছে। সেইদৰে আগাথা ক্ৰিষ্টি, মৈত্রেয়ী দেৱী, আশাপূৰ্ণা দেৱী, মামণি ৰয়চম গোস্বামী আদিৰ দৰে কীৰ্তিময়ী লেখিকাসকলে সাহিত্য জগতলৈ যোগাইছে অতুলনীয় বৰঙণি।
ওপৰত উল্লেখ কৰা ক্ষেত্ৰবোৰতে অকল নহয়— অৰ্থনীতি, ক্ৰীড়া, সংগীত, নাটক, চিনেমা, পৰ্বতাৰোহণ, সাধাৰণ প্ৰশাসন, আৰক্ষী প্ৰশাসন আদি বিভিন্ন দিশতো মহিলাসকলে গুৰুত্বপূৰ্ণ ভূমিকা লৈ সমাজৰ উন্নয়নত উল্লেখযোগ্য বৰঙণি আগবঢ়াই আহিছে।
৩। তলত উল্লেখ কৰা মহিলাসকল কি কি ক্ষেত্ৰৰ লগত জড়িত?
উত্তৰঃ (ক) প্ৰতিভা দেৱী সিং পাটিল — ৰাজনীতি
(খ) ইন্দিৰা গান্ধী — ৰাজনীতি
(গ) কিৰণ বেদী — আৰক্ষী প্ৰশাসন
(ঘ) চৈয়দা আনোৱাৰা টাইমূৰ — ৰাজনীতি
(ঙ) মামণি ৰয়চম গোস্বামী — সাহিত্য
(চ) কল্পনা চাওলা — মহাকাশ অভিযান
(ছ) বাচেন্দ্ৰী পাল — পৰ্বতাৰোহণ
৪। উত্তৰ দিয়া-
(ক) সুমিত্ৰাৰ পেহীয়েকহঁত থকা জিলাখনৰ নাম কি?
উত্তৰঃ নলবাৰী জিলা।
(খ) ৰবীনৰ দৈনন্দিন ৰুটিন আৰু বায়েক-ভনীয়েকহঁতৰ দৈনন্দিন ৰুটিনৰ মাজৰ পাৰ্থক্য লিখা।
উত্তৰঃ ৰবীনৰ দৈনন্দিন ৰুটিন হৈছে ৰাতিপুৱা শুই উঠি আধাঘণ্টা ব্যায়াম কৰাৰ পাছত প্ৰাতঃভোজন কৰি স্কুটাৰত উঠি স্কুললৈ যোৱা। দুপৰীয়া স্কুলৰ পৰা আহি ভাত-পানী খাই অলপ জিৰণি লৈ আবেলি চাৰি বজাত ফুটবল খেলিবলৈ যোৱা। সন্ধিয়া ছয় বজাৰ পৰা ঘৰুৱা শিক্ষকৰ সহায়ত পঢ়া-শুনা কৰাৰ পাছত আঠ বজাৰ পৰা ন বজালৈ নিজে প্ৰয়োজনীয় লিখা-পঢ়াখিনি কৰি উঠি ৰাতিৰ আহাৰ খাই চাৰে দহ বজাত বিছনাত শুই পৰা। দেওবাৰৰ কাম হৈছে কম্পিউটাৰত কাৰ্টুন চাই আৰু গেম খেলি কটোৱা। মুঠতে এটা সুকীয়া আলসুৱা জীৱন।
আনহাতে, বায়েক-ভনীয়েকহঁতৰ দৈনন্দিন ৰুটিন হৈছে— পুৱাৰে পৰা ঘৰ-চোতাল সৰা, মচা, কানি-কাপোৰ ধোৱা, বাগানত পানী দিয়া, গৰু-ছাগলী, হাঁহ-পাৰ আদিৰ আপডাল কৰাৰ উপৰি মাকক ৰন্ধা-বঢ়া, সাজ-বাচন ধোৱা, তাঁতশালৰ কাম আদিত সহায় কৰি দিয়া। এইবোৰ কৰি থাকোঁতে সিহঁতে পঢ়া-শুনা কৰিবলৈ সময়কে নাপায়। ইয়াৰ উপৰি বায়েক-ভনীয়েকহঁতে ৰবীনৰ সা-সুবিধাৰ প্ৰতি চকু দিব লাগে। মুঠতে ৰবীনৰ দৈনন্দিন ৰুটিনখন সুখ, সুবিধা, আৰাম আৰু মৰম-স্নেহেৰে ভৰা। আনহাতে বায়েক-ভনীয়েকহঁতৰ দৈনন্দিন ৰুটিনখন দুখ, কষ্ট আৰু অৱহেলাৰে ভৰা।
(গ) সুমিত্ৰাৰ পেহীয়েকৰ জীয়েক তিনিজনীক কি কি কামত নিয়োগ কৰা হয়?
উত্তৰঃ সুমিত্ৰাৰ পেহীয়েকৰ জীয়েক তিনিজনীক পুৱাৰে পৰা ঘৰ-চোতাল সৰা-মচা, কানি-কাপোৰ ধোৱা, বাগানত পানী দিয়া, গৰু-ছাগলী, হাঁহ-পাৰ আদিৰ আপডাল কৰা কামত নিয়োগ কৰা হয়। ইয়াৰ উপৰি সিহঁতে মাকক ৰন্ধা-বঢ়া, সাজ-বাচন ধোৱা, তাঁতশালৰ কাম আদিত লাচনি-পাচনি কৰি দি সহায় কৰি দিব লাগে।
(ঘ) সন্তানৰ প্ৰতিপালনৰ মাজত বৈষম্য ৰখা উচিতনে? যুক্তি দেখুওৱা।
উত্তৰঃ বৈষম্য ৰখা উচিত নহয়। ল’ৰা হওক বা ছোৱালীয়েই হওক সকলো সন্তানৰ প্ৰতি মাক-দেউতাকে সমদৃষ্টিৰে চোৱা উচিত। প্ৰতিটো সন্তান সমভাৱে প্ৰতিপালন কৰাটো মাক-দেউতাকৰ এক এৰাব নোৱাৰা দায়িত্ব আৰু কৰ্তব্য। এই ক্ষেত্ৰত লিংগ বৈষম্য ৰখা উচিত নহয়। লিংগ বৈষম্যই সন্তানৰ মানসিকতাত প্ৰভাৱ পেলায় আৰু ইয়ে ভৱিষ্যতে অশান্তিৰ পৰিৱেশ সৃষ্টি কৰে। আনহাতে লিংগ বৈষম্য প্ৰদৰ্শন কৰাটো এক নৈতিক তথা সামাজিক অপৰাধ।




