Class 7 Social Science Chapter 22 আমাৰ চৌপাশৰ বজাৰ Solutions | Sankardev Sishu Vidya Niketan | New Syllabus

CLASS 7

সপ্তম শ্ৰেণী সমাজ বিজ্ঞান অধ্যায় ২২ – আমাৰ চৌপাশৰ বজাৰ – সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ আৰু অতিৰিক্ত সমাধান | শংকৰদেৱ শিশু বিদ্যা নিকেতন (Sankardev Sishu Vidya Niketan)

সপ্তম শ্ৰেণী সমাজ বিজ্ঞান অধ্যায় ২২ – আমাৰ চৌপাশৰ বজাৰ সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ আৰু সমাধান (Sankardev Sishu Vidya Niketan – SVN)

শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ (SVN) সপ্তম শ্ৰেণীৰ সমাজ বিজ্ঞান পাঠ্যক্ৰমৰ দ্বাবিংশ অধ্যায় হ’ল ‘আমাৰ চৌপাশৰ বজাৰ’। নতুন পাঠ্যক্ৰমৰ আধাৰত ছাত্ৰ-ছাত্ৰীসকলৰ সুবিধাৰ বাবে এই অধ্যায়ৰ সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ, অতিৰিক্ত প্ৰশ্ন আৰু MCQ সমাধান (Class 7 Social Science Chapter 22 Question Answers) প্ৰস্তুত কৰা হৈছে। এই বিশেষ সংকলনটিত পাঠভিত্তিক অতি চমু প্ৰশ্ন (VSA), চমু প্ৰশ্ন (Short Questions), দীঘলীয়া প্ৰশ্ন (Long Answers), আৰু খালী ঠাই পূৰণ আদিৰ পুংখানুপুংখ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে। অস্পীন একেডেমী (Ospin Academy) ত এই সমাধানসমূহ সহজ, নিৰ্ভুল আৰু সম্পূৰ্ণ পৰীক্ষামুখীভাৱে উপলব্ধ কৰোৱা হৈছে।

‘আমাৰ চৌপাশৰ বজাৰ’ নামৰ এই গুৰুত্বপূৰ্ণ পাঠটিত বজাৰ বুলিলে কি বুজায়, সাপ্তাহিক বজাৰ, চুবুৰীৰ দোকান, শপিং কমপ্লেক্স বা মল, পাইকাৰী বজাৰ (Wholesale market), খুচৰা বজাৰ (Retail market) তথা উৎপাদকৰ পৰা গ্ৰাহকলৈ সামগ্ৰী আহি পোৱাৰ শৃঙ্খল বা প্ৰক্ৰিয়াটো সম্পৰ্কে বিশদভাৱে আলোচনা কৰা হৈছে। নিকেতনৰ পৰীক্ষাৰ্থীসকলৰ বাবে এই পাঠৰ ধাৰণাসমূহ স্পষ্টভাৱে বুজি পোৱাটো অতি প্ৰয়োজনীয়। আমাৰ এই সমাধানত কেৱল পাঠ্যপুথিৰ অনুশীলনীৰ প্ৰশ্নসমূহেই নহয়, বৰঞ্চ পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন-উত্তৰসমূহো সামৰি লোৱা হৈছে যাতে ছাত্ৰ-ছাত্ৰীসকলে সুন্দৰভাৱে প্ৰস্তুতি চলাব পাৰে।

অধিক বিনামূলীয়া Notes আৰু PDFৰ বাবে আমাৰ App টো ডাউনলোড কৰক:
Download EduAssam Solution App Click Here to Get Free Notes & Previous Papers

এই পাঠ্যভিত্তিক সমাধানৰ পৰা আপুনি কি কি শিকিব আৰু পাব:

  • বজাৰৰ বিভিন্ন প্ৰকাৰ আৰু সিহঁতৰ কাৰ্যপ্ৰণালী সম্পৰ্কে স্পষ্ট ধাৰণা।
  • পাইকাৰী বিক্রেতা আৰু খুচৰা বিক্রেতাৰ মাজৰ পাৰ্থক্য।
  • সামগ্ৰী উৎপাদনৰ পৰা বজাৰলৈ অহাৰ শৃঙ্খল বা যোগান প্ৰক্ৰিয়া (Chain of Markets)।
  • ১ নম্বৰৰ অতি চমু প্ৰশ্ন (VSA objective type) আৰু ২-৩ নম্বৰৰ চমু প্ৰশ্নৰ পৰীক্ষাত লিখিব পৰা নিৰ্দোষ উত্তৰ।
  • নতুন পাঠ্যক্ৰমৰ আৰ্হি অনুসৰি গুৰুত্বপূৰ্ণ অতিৰিক্ত প্ৰশ্নসমূহৰ লগতে শেহতীয়া আৰ্হিৰ MCQ প্ৰশ্নৰ সমাধান।

অস্পীন একেডেমীৰ এই প্ৰশ্নোত্তৰসমূহৰ বিশেষ সুবিধা:

  • শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা সম্পূৰ্ণ পাঠ্যভিত্তিক সমাধান।
  • ১০০% নিৰ্ভুল আৰু ছাত্ৰ-ছাত্ৰীয়ে বুজি পাবলৈ সহজ হোৱাকৈ সৰল অসমীয়া ভাষাত লিখা উন্নত মানৰ নোটছ (Class 7 Social Science Notes).
  • পৰীক্ষাৰ পূৰ্বে দ্ৰুত ৰিভিজনৰ (Quick Revision) বাবে বিশেষভাৱে যুগুতোৱা সহজ-সৰল উত্তৰ।
  • অৰ্থনীতি আৰু বজাৰ ব্যৱস্থা সম্পৰ্কীয় ধাৰণাসমূহৰ সৰল প্ৰতিৰূপ।

ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি অস্পীন একেডেমীয়ে এই বিশেষ পাঠ্যভিত্তিক সমাধান আগবঢ়াইছে। আপোনাৰ বিদ্যালয় পৰীক্ষাৰ প্ৰস্তুতি এতিয়াই আৰম্ভ কৰক আৰু সমাজ বিজ্ঞান বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰাৰ দিশত আগবাঢ়ক।

Vibrant Note Box
Buy Printable PDF
Class 7 Social Science (সমাজ বিজ্ঞান) Textbook Solutions & MCQs | SVN New Syllabus
Original price was: ₹199.00.Current price is: ₹49.00.

New Updated Version!

According to Latest Sankardev Sishu Vidya Niketan (SVN) New Syllabus & Updated Book

Get comprehensive preparation for Class 7 Social Science (সমাজ বিজ্ঞান) with this complete Textual Solution & MCQs package.
Includes Chapter-wise textbook solutions, additional Q&A, and MCQs precisely structured as per the latest SVN syllabus and new book.
Perfect for building a strong foundation and mastering your school assessments! Download as an easy-to-use ZIP file.

Vibrant Note Box
Chapter 22 আমাৰ চৌপাশৰ বজাৰ

 শংকৰদেৱ বিদ্যা নিকেতন, সপ্তম শ্ৰেণী: সমাজ বিজ্ঞান

অধ্যায়-22                                                                      অস্পিন একাডেমী

আমাৰ চৌপাশৰ বজাৰ

পাঠভিত্তিক প্রশ্নোত্তৰ

১। চমু উত্তৰ লিখা:

(ক) বিনিময় প্ৰথা কাক বোলে?

উত্তৰঃ বস্তুৰ লগত বস্তুৰ প্ৰত্যক্ষ সাল-সলনি কৰা প্ৰথাটোক ‘বিনিময় প্ৰথা’ বুলি কোৱা হয়।

(খ) জোনবিল মেলা ক’ত বহে আৰু ই কিহৰ বাবে বিখ্যাত?

উত্তৰঃ মৰিগাঁও জিলাৰ জাগীৰোডৰ ওচৰৰ ‘জোনবিল’ নামৰ ঠাইত বহে। ই পৰম্পৰাগতভাৱে বস্তুৰ সাল-সলনি কৰা প্ৰথা অৰ্থাৎ বিনিময় প্ৰথাৰ বাবে বিখ্যাত।

(গ) বজাৰ কাক বোলে?

উত্তৰঃ মুদ্ৰাৰ মাধ্যমত সামগ্ৰী আৰু সেৱা বেচা-কিনা কৰা সমগ্ৰ ব্যৱস্থাটোক বজাৰ বোলে।

(ঘ) দৈনিক বজাৰ কি?

উত্তৰঃ যি বজাৰ স্থায়ী ঘৰত বহে আৰু এটা নিৰ্দিষ্ট বন্ধৰ দিন বাদ দি সপ্তাহটোৰ বাকীকেইটা দিনত খোলা থাকে, সেয়ে হৈছে দৈনিক বজাৰ।

(ঙ) দৈনিক বজাৰক স্থায়ী বজাৰ বুলি কিয় কোৱা হয়?

উত্তৰঃ দৈনিক বজাৰ সাধাৰণতে স্থায়ী ঘৰত বহে বাবে ইয়াক স্থায়ী বজাৰ বোলে।

(চ) বস্তুৰ দৰ বা দাম মানে কি?

উত্তৰঃ মুদ্ৰাৰ মাধ্যমত দিয়া মূল্যক দাম বা দৰ বুলি কোৱা হয়।

(ছ) হকাৰ বা ফেৰিৱালাই সাধাৰণতে কি কি সামগ্ৰী আনে?

উত্তৰঃ হকাৰ বা ফেৰিৱালাই সাধাৰণতে বাতৰি-কাকত, শাক-পাচলি, গাখীৰ, মাছ, কণী, সৰু-সুৰা বাচন-বৰ্তন, কাপোৰ, কেৰাচিন আদি সামগ্ৰী আনে।

(জ) শ্বপিং কমপ্লেক্স কি?

উত্তৰঃ শ্বপিং কমপ্লেক্স হৈছে এটা ডাঙৰ ঘৰত থকা কিছুমান দোকানৰ সমষ্টি, য’ত দোকান ভেদে বিভিন্ন সামগ্ৰী কিনা-বেচা কৰা হয়।

(ঝ) ই-বজাৰ মানে কি?

উত্তৰঃ ই-বজাৰ হ’ল ইণ্টাৰনেটৰ বিকাশৰ পাছত চাইবাৰ জগতত বিকশি উঠা এক ধৰণৰ বজাৰ ব্যৱস্থা। ই-বজাৰক অনলাইন বজাৰ বুলিও কোৱা হয়। বিভিন্ন কোম্পানীৰ পণ্যদ্ৰব্য ই-বজাৰৰ জৰিয়তে অনলাইনযোগে ক্ৰয় কৰিব পৰা যায়।

২। উত্তৰ লিখা:

(ক) বজাৰ শৃংখল মানে কি?

উত্তৰঃ উৎপাদনকাৰীৰ পৰা গ্ৰাহকলৈ থকা শৃংখল বা সম্পৰ্ককে বজাৰ শৃংখল বুলি কোৱা হয়। যেনে- সাধাৰণ গ্ৰাহকে বস্তু ক্ৰয় কৰে খুচুৰা বিক্ৰেতাৰ পৰা, খুচুৰা বিক্ৰেতাই বস্তু ক্ৰয় কৰে পাইকাৰী বিক্ৰেতাৰ পৰা আৰু পাইকাৰী বিক্ৰেতাই বস্তু ক্ৰয় কৰে উৎপাদনকাৰীৰ পৰা। উৎপাদনকাৰীৰ পৰা সাধাৰণ গ্ৰাহকলৈ থকা এই সম্পৰ্কটোৱেই হৈছে বজাৰ শৃংখল।

(খ) বিভিন্ন প্ৰকাৰৰ বজাৰে আমাৰ সামাজিক প্ৰয়োজনবোৰ কিদৰে পূৰণ কৰিছে?

উত্তৰঃ বজাৰ বিভিন্ন প্ৰকাৰৰ আছে— দৈনিক বজাৰ, সাপ্তাহিক বজাৰ, অৰ্দ্ধ-সাপ্তাহিক বজাৰ, খুচুৰা বজাৰ, পাইকাৰী বজাৰ, শ্বপিং মল, ই-বজাৰ ইত্যাদি। এইবোৰে তলত দিয়া ধৰণে আমাৰ প্ৰয়োজন পূৰণ কৰে:

 দৈনিক বজাৰ: এইসমূহ স্থায়ী বজাৰ হোৱা বাবে মানুহে দৈনন্দিন জীৱনত প্ৰয়োজন হোৱা সামগ্ৰীবোৰ সহজতে ক্ৰয় কৰিব পাৰে।

 সাপ্তাহিক বা অৰ্দ্ধ-সাপ্তাহিক বজাৰ: ইয়াত সাধাৰণতে কৃষিজাত সামগ্ৰী (ধান, চাউল, মাটিমাহ, সৰিয়হ, গুড়, তিল, মৰাপাট, শাক-পাচলি, ফল-মূল), গৰু-ম’হ-ছাগলী, হাঁহ-পাৰ-কুকুৰা, কণী আদি ওলায়। তদুপৰি হাতে বোৱা কাপোৰ, কাঠ-বাঁহ-বেতৰ সামগ্ৰী, ঘৰতে তৈয়াৰ কৰা খাদ্য সামগ্ৰী পোৱা যায়। এনে বজাৰত একেবিধ বস্তু কেইবাজনো বিক্ৰেতাই অনাৰ ফলত মানুহে পচন্দ অনুযায়ী আৰু আপেক্ষিকভাৱে কম দামত বস্তু কিনিব পাৰে।

 খুচুৰা আৰু পাইকাৰী বজাৰ: খুচুৰা বজাৰত মানুহে প্ৰয়োজনীয় সামগ্ৰী অতি কম পৰিমাণে হ’লেও সংগ্ৰহ কৰিব পাৰে। পাইকাৰী ব্যৱসায়ীয়ে খুচুৰা ব্যৱসায়ীক সামগ্ৰী যোগান ধৰে। এই ব্যৱসায়ীসকলে যোগান নধৰিলে গ্ৰাহকে নিজে দূৰৈৰ পৰা বস্তু সংগ্ৰহ কৰাটো কঠিন।

 শ্বপিং মল: ইয়াত একেটা বৃহৎ ঘৰতে মানুহে প্ৰয়োজনীয় প্ৰায় সকলো উন্নত গুণমানৰ সামগ্ৰী ক্ৰয় কৰাৰ সুবিধা পায়। ইয়াত গ্ৰাহকে বস্তুৰ নিৰ্দিষ্ট দাম চাই পচন্দ অনুযায়ী কিনিব পাৰে। কিছুমান শ্বপিং মলত ৰেষ্টোৰাঁ, চিনেমা হল আদিও থাকে।

 ই-বজাৰ: এই অত্যাধুনিক বজাৰ ব্যৱস্থাত ঘৰতে বহি গ্ৰাহকে অনলাইনযোগে বস্তু ক্ৰয় কৰিব পাৰে আৰু ই-বেংকিং বা কাৰ্ডৰ জৰিয়তে মূল্য আদায় কৰিব পাৰে।

এনেদৰে বিভিন্ন প্ৰকাৰৰ বজাৰে আমাৰ সামাজিক প্ৰয়োজনবোৰ বিভিন্ন ধৰণে পূৰণ কৰিছে।

(গ) পাইকাৰী বজাৰ আৰু খুচুৰা বজাৰৰ পাৰ্থক্য লিখা।

উত্তৰঃ পাইকাৰী বজাৰ আৰু খুচুৰা বজাৰৰ পাৰ্থক্যসমূহ হ’ল—

১. পাইকাৰী বজাৰত বস্তু ক্ৰয় কৰে খুচুৰা ব্যৱসায়ীয়ে, আনহাতে খুচুৰা বজাৰত বস্তু ক্ৰয় কৰে গ্ৰাহকে।

২. পাইকাৰী বজাৰৰ সম্পৰ্ক হৈছে উৎপাদনকাৰী আৰু খুচুৰা ব্যৱসায়ীৰ লগত। কিন্তু খুচুৰা বজাৰৰ সম্পৰ্ক পাইকাৰী ব্যৱসায়ী আৰু গ্ৰাহকৰ লগত।

৩. পাইকাৰী বজাৰত ব্যৱসায়ীয়ে বিক্ৰী কৰা একেবিধ বস্তুৰ দাম খুচুৰা বজাৰত অধিক হয়।

৪. পাইকাৰী বজাৰত একেবিধ সামগ্ৰী একেলগে বৃহৎ পৰিমাণে বিক্ৰী হয়; খুচুৰা বজাৰত সেই একেবিধ সামগ্ৰী বিভিন্ন গ্ৰাহকৰ প্ৰয়োজন অনুসৰি কম পৰিমাণে বিক্ৰী হয়।

৫. পাইকাৰী বজাৰত গ্ৰাহকৰ সংখ্যা কম, কিন্তু খুচুৰা বজাৰত গ্ৰাহকৰ সংখ্যা বেছি।

(ঘ) শ্বপিং মল আৰু শ্বপিং কমপ্লেক্সৰ মাজৰ পাৰ্থক্য লিখা।

উত্তৰঃ শ্বপিং মল আৰু শ্বপিং কমপ্লেক্সৰ পাৰ্থক্য হৈছে— শ্বপিং মলৰ মালিকীস্বত্ব এজন ব্যক্তি বা কেইবাজনো ব্যক্তিৰ এটা গোটৰ হাতত থাকে, আনহাতে, শ্বপিং কমপ্লেক্সৰ প্ৰতিখন দোকানৰ মালিকীস্বত্ব ভিন্ ভিন্ ব্যক্তিৰ হয়।

(ঙ) দৈনিক বজাৰ আৰু সাপ্তাহিক বজাৰৰ মাজত কি কি পাৰ্থক্য আছে?

উত্তৰঃ দৈনিক বজাৰ আৰু সাপ্তাহিক বজাৰৰ মাজৰ পাৰ্থক্যসমূহ হৈছে—

১. দৈনিক বজাৰ স্থায়ী, সাপ্তাহিক বজাৰ অস্থায়ী।

২. দৈনিক বজাৰ এটা নিৰ্দিষ্ট বন্ধৰ দিন বাদ দি সপ্তাহটোৰ বাকীকেইটা দিনত খোলা থাকে, আনহাতে সাপ্তাহিক বজাৰ এসপ্তাহৰ মূৰত এটা নিৰ্দিষ্ট দিনতহে বহে।

৩. একেবিধ বস্তুৰ দাম দৈনিক বজাৰতকৈ সাপ্তাহিক বজাৰত তুলনামূলকভাৱে কম হোৱা দেখা যায়।

৪. দৈনিক বজাৰৰ ক্ষেত্ৰত ঘৰভাড়া, বিজুলী শক্তি, কৰ্মচাৰী আদিৰ বাবদ বিক্ৰেতাই কিছু ব্যয় কৰিবলগীয়া হয়। সাপ্তাহিক বজাৰত এইবোৰ খৰচ প্ৰায় নাথাকেই, থাকিলেও দৈনিক বজাৰৰ তুলনাত অতি কম হয়।

(চ) মুদ্ৰা বুলিলে কি বুজা?

উত্তৰঃ বিনিময়ৰ মাধ্যম হিচাপে সকলোৱে গ্ৰহণ কৰা নিৰ্দিষ্ট বস্তু বা দ্ৰব্যক মুদ্ৰা বুলি কোৱা হয়।

(ছ) বিক্ৰেতাই লাভ কেনেকৈ অৰ্জন কৰে?

উত্তৰঃ বিক্ৰেতাই কোনো বস্তু বা সামগ্ৰী যিটো দামত ক্ৰয় বা সংগ্ৰহ কৰে তাতকৈ অধিক দামত গ্ৰাহকৰ ওচৰত বিক্ৰী কৰি লাভ অৰ্জন কৰে।

(জ) বজাৰলৈ নোযোৱাকৈ বস্তু বেচা-কিনা কেনেকৈ কৰিব পাৰি?

উত্তৰঃ ই-বজাৰ বা অনলাইন বজাৰযোগে বজাৰলৈ নোযোৱাকৈ বস্তু বেচা-কিনা কৰিব পাৰি।

(ঝ) পাইকাৰী বজাৰৰ দামক কি বুলি জনা যায়?

উত্তৰঃ ‘পাইকাৰী দাম’ বুলি জনা যায়।

(ঞ) ধনেশ্বৰে মনেশ্বৰ ৰাভাক বিক্ৰী কৰা চোলাটোৰ খুচুৰা দাম কিমান আছিল?

উত্তৰঃ ১০০ টকা।

(ট) চোলাটোৰ পাইকাৰী দাম কিমান আছিল?

উত্তৰঃ ৬৬.৬৬ টকা (ছয়ষষ্ঠী টকা ছয়ষষ্ঠী পইচা)।

(ঠ) দীপক ষ্ট’ৰৰ মালিকে একেটা চোলাত কিমান টকাকৈ লাভ কৰিছে?

উত্তৰঃ ১২.৫০ টকা (বাৰ টকা পঞ্চাশ পইচা)কৈ লাভ কৰিছে।

৩। শুদ্ধ উত্তৰটো বাছি উলিওৱা:

(ক) গ্ৰাহকে বস্তু ক্ৰয় কৰে সাধাৰণতে —

উত্তৰঃ (৩) খুচুৰা বিক্ৰেতাৰ পৰা।

(খ) ঘৰে ঘৰে গৈ বস্তু বিক্ৰী কৰা বিক্ৰেতাসকল

উত্তৰঃ (৩) হকাৰ বা ফেৰিৱালা।

(গ) বস্তু এটাৰ কিনা দামতকৈ বিক্ৰী দাম কম হ’লে ব্যৱসায়ীজনৰ —

উত্তৰঃ (২) লোকচান হয়।

(ঘ) সকলো ব্যৱসায়ীৰ বস্তু ক্ৰয়-বিক্ৰয় কৰাৰ মূল লক্ষ্য হৈছে —

উত্তৰঃ (১) লাভ অৰ্জন কৰি জীৱিকা নিৰ্বাহ কৰা।

(ঙ) উৎপাদনকাৰীয়ে বস্তু বিক্ৰী কৰে —

উত্তৰঃ (১) পাইকাৰী বিক্ৰেতাক।

৪। খালী ঠাই পূৰ কৰা:

উত্তৰঃ (ক) বিনিময় প্ৰথাত সামগ্ৰীৰ সলনি সামগ্ৰী বিনিময় কৰা হয়।

(খ) বজাৰৰ সামগ্ৰীৰ উপৰি সেৱাসমূহো মুদ্ৰাৰ মাধ্যমত কিনা-বেচা কৰা হয়।

(গ) শ্বপিং মল হৈছে এটা ডাঙৰ ঘৰত থকা বজাৰ।

(ঘ) শ্বপিং কমপ্লেক্সত প্ৰতিখন দোকানৰ মালিকীস্বত্ব বেলেগ বেলেগ হয়।

(ঙ) মুদ্ৰা হৈছে বস্তু বেচা-কিনাৰ মাধ্যম।

(চ) ই-বজাৰক অনলাইন বজাৰ বুলিও কোৱা হয়।

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
সপ্তম শ্ৰেণী সমাজ বিজ্ঞান অধ্যায় ২২ (আমাৰ চৌপাশৰ বজাৰ) – সঘনাই সোধা প্ৰশ্ন (FAQs)
বজাৰ বুলিলে কি বুজায়?
বজাৰ হৈছে এনে এক স্থান বা ব্যৱস্থা য’ত বিক্ৰেতাই সামগ্ৰী বিক্ৰী কৰে আৰু গ্ৰাহকে নিজৰ প্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰে।
এই সমাধানত অতিৰিক্ত প্ৰশ্ন আৰু MCQ আছে নেকি?
হয়, এই পাঠ্যভিত্তিক সমাধানত অনুশীলনীৰ সকলো প্ৰশ্নোত্তৰৰ লগতে পৰীক্ষাৰ বাবে উপযোগী অতিৰিক্ত প্ৰশ্ন আৰু বহু-বিকল্পী প্ৰশ্ন (MCQ) অন্তৰ্ভুক্ত কৰা হৈছে।
শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ নতুন পাঠ্যক্ৰম অনুসৰি এই নোটসমূহ প্ৰস্তুত কৰা হৈছেনে?
নিশ্চয়, শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ (SVN) নতুন পাঠ্যক্ৰম আৰু শেহতীয়া আৰ্হিৰ নিৰ্দেশনাসমূহৰ ওপৰত ভিত্তি কৰি এই সমলসমূহ সম্পূৰ্ণ নিৰ্ভুলভাৱে প্ৰস্তুত কৰা হৈছে।
পাইকাৰী বজাৰ আৰু খুচৰা বজাৰৰ মাজত কি পাৰ্থক্য আছে?
পাইকাৰী বজাৰত সামগ্ৰীসমূহ ডাঙৰ পৰিমাণত বা একেবাৰে কম দামত বিক্ৰী কৰা হয় (য’ৰ পৰা খুচৰা ব্যৱসায়ীয়ে মাল লয়), আনহাতে খুচৰা বজাৰত গ্ৰাহকৰ প্ৰয়োজনীয়তা অনুশৰি কম পৰিমাণত সামগ্ৰী বিক্ৰী কৰা হয়।

EduAssam Solution App

Your complete digital learning solution.

Free Notes Mock Tests Q-Bank
Download Now
10k+ Students

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top