Class 6 Assamese Chapter 4 সময় Solutions | Sankardev Sishu Vidya Niketan | New Syllabus

CLASS 6

Class 6 Assamese Chapter 4 – সময় (Samay) – All Textual Solutions | Sankardev Sishu Vidya Niketan (শংকৰদেৱ শিশু বিদ্যা নিকেতন)

ষষ্ঠ শ্ৰেণী অসমীয়া অধ্যায় ৪ – সময় সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ আৰু সমাধান (Sankardev Sishu Vidya Niketan – SVN)

ষষ্ঠ শ্ৰেণীৰ অসমীয়া পাঠ্যক্ৰমৰ চতুৰ্থ অধ্যায় ‘সময়’ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ (SVN) নতুন পাঠ্যক্ৰমৰ আধাৰত এক অনুপম আৰু গুৰুত্বপূৰ্ণ পাঠ। নতুন শিক্ষা নীতি (NEP) আৰু বৰ্তমানৰ নৱ্য পাঠ্যক্ৰমৰ শেহতীয়া নিৰ্দেশনা অনুসৰি এই অধ্যায়ৰ সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ (Class 6 Assamese Chapter 4 Textual Question Answer) প্ৰস্তুত কৰা হৈছে। এই বিশেষ সংকলনটিত পাঠভিত্তিক অতি চমু প্ৰশ্ন (VSA), চমু প্ৰশ্ন (Short Questions), দীঘলীয়া প্ৰশ্ন (Long Answers), অতিৰিক্ত প্ৰশ্ন আৰু ব্যাকৰণৰ পুংখানুপুংখ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে। অস্পীন একেডেমী (Ospin Academy) ত এই সমাধানসমূহ সহজ, নিৰ্ভুল আৰু সম্পূৰ্ণ পৰীক্ষামুখীভাৱে উপলব্ধ কৰোৱা হৈছে।

‘সময়’ নামৰ এই আদৰ্শমূলক পাঠটিত জীৱনত সময়ৰ গুত্ব, অনুশাসন আৰু সময়ৰ সদ্ব্যৱহাৰৰ এক সুন্দৰ বাৰ্তা দাঙি ধৰা হৈছে। বিদ্যা নিকেতনৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এই পাঠৰ মূল ভাৱ, শব্দাৰ্থ আৰু তাৎপৰ্য বুজি পোৱাটো অতি প্ৰয়োজনীয়। আমাৰ এই পাঠ্যভিত্তিক সমাধানত কেৱল পাঠ্যপুথিৰ অনুশীলনীৰ প্ৰশ্নসমূহেই নহয়, বৰঞ্চ পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন-উত্তৰ আৰু বহু-বিকল্পী প্ৰশ্নসমূহো (MCQs) সামৰি লোৱা হৈছে যাতে ছাত্ৰ-ছাত্ৰীসকলে সুন্দৰভাৱে প্ৰস্তুতি চলাব পাৰে।

অধিক বিনামূলীয়া Notes আৰু PDFৰ বাবে আমাৰ App টো ডাউনলোড কৰক:
Download EduAssam Solution App Click Here to Get Free Notes & Previous Papers

এই পাঠ্যভিত্তিক সমাধানৰ পৰা আপুনি কি কি শিকিব আৰু পাব:

  • সময় পাঠৰ মূল ভাৱ, নৈতিক শিক্ষা আৰু পাঠটিৰ সাৰমৰ্মৰ বিস্তৃত পৰিচয় তথা বিশ্লেষণ।
  • শব্দাৰ্থ, ১ নম্বৰৰ অতি চমু (VSA objective type) আৰু চমু প্ৰশ্নৰ পৰীক্ষাত লিখিব পৰা নিৰ্দোষ উত্তৰ।
  • দীঘলীয়া প্ৰশ্নৰ সহজ তথা মান্য সমাধান আৰু প্ৰসংগ সংগতি মূলক উত্তৰ।
  • পাঠভিত্তিক ব্যাকৰণ, বানানৰ শুদ্ধতা, বিপৰীত শব্দ, সমাৰ্থক শব্দ আৰু বাক্ সজ্জাৰ সঠিক জ্ঞান।
  • নতুন পাঠ্যক্ৰমৰ আৰ্হি অনুসৰি গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহৰ লগতে শেহতীয়া আৰ্হিৰ MCQ প্ৰশ্নৰ সমাধান।

অস্পীন একেডেমীৰ এই প্ৰশ্নোত্তৰসমূহৰ বিশেষ সুবিধা:

  • শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ (SVN) নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা সম্পূৰ্ণ পাঠ্যভিত্তিক সমাধান।
  • ১০০% নিৰ্ভুল আৰু ছাত্ৰ-ছাত্ৰীয়ে বুজি পাবলৈ সহজ হোৱাকৈ সৰল অসমীয়া ভাষাত লিখা উন্নত মানৰ নোটছ (Class 6 Assamese Notes)।
  • পৰীক্ষাৰ পূৰ্বে দ্ৰুত ৰিভিজনৰ (Quick Revision) বাবে বিশেষভাৱে যুগুতোৱা সহজ-সৰল উত্তৰ।
  • পাঠটিৰ পৰা পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু MCQ ৰ বিশেষ সংকলন।

ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি অস্পীন একেডেমীয়ে এই বিশেষ পাঠ্যভিত্তিক সমাধান আগবঢ়াইছে। আপোনাৰ বিদ্যালয়ৰ পৰীক্ষাৰ প্ৰস্তুতি এতিয়াই আৰম্ভ কৰক আৰু অসমীয়া বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰাৰ দিশত আগবাঢ়ক।

Vibrant Note Box
Buy Printable PDF
Class 6 Assamese New Version Textbook Solutions & MCQs | Sankardev Sishu Vidya Niketan (SVN) New Syllabus
Original price was: ₹199.00.Current price is: ₹49.00.

New Updated Version!

According to Latest Sankardev Sishu Vidya Niketan (SVN) New Syllabus

Get comprehensive preparation for Class 6 Assamese (অসমীয়া) with this complete New Version Textual Solution & MCQs package.
Includes Chapter-wise textbook solutions, additional Q&A, and MCQs precisely structured as per the latest SVN syllabus and new book.
Perfect for building a strong foundation and mastering your school assessments! Download as an easy-to-use ZIP file.

Vibrant Note Box
Chapter 4 সময়

 শংকৰদেৱ বিদ্যা নিকেতন, ষষ্ঠ শ্ৰেণী: অসমীয়া

অধ্যায়-4                                                           অস্পিন একাডেমী

সময়

পাঠভিত্তিক প্রশ্নোত্তৰ

  ১ । শব্দ-অর্থ  

শব্দ

অৰ্থ

ধনৰ কাকত

ধন-সম্পত্তিৰ হিচাপ লিখি থোৱা কাগজ।

দৈনিক কাকত

দিনটোত কৰা কামবোৰ লিখি ৰখা কাগজ। দিন-লিপি।

সময়ৰ কাকত

সময়ৰ হিচাপ লিখি থোৱা কাগজ।

যাৱজ্জীবন

গোটে জীৱন জুৰি।

আত্ম-জীবন-চৰিত্ৰ

নিজৰ জীৱন কালৰ কথা।

দুর্ঘট

অসাধ্য, কৰিবলৈ উজু নোহোৱা।

বুদ্ধি-বেজী

বেজীৰ দৰে চোকা বুদ্ধি। বেজীৰ দৰে জোঙা/তীক্ষ্ণ/চোকা বুদ্ধি।

সংশোধন

বেয়া গুণ আঁতৰাই ভাল কৰা। শুদ্ধকৰণ।

ল’ৰা-কাল

বাল্যকাল, ল’ৰালি কাল, শৈশৱ।

মন্দ

বেয়া।

যুগুত

উচিত, প্রয়োজনীয়, দৰ্কাৰ।

নিমিত্তে

বাবে, কাৰণে।

ক্রোধ

খং, ৰাগ।

ৰিপু

শত্রু, অনিষ্টকাৰী ইচ্ছা।

দুর্দ্দান্ত

শান্ত কৰি ৰাখিব নোৱৰা, দমাব নোৱৰা, নিয়ন্ত্রণ/সংযত কৰিব    নোৱৰা।

২ । চমু উত্তৰ লিখা

(ক) যি ল’ৰাকালৰ সদব্যৱহাৰ নকৰে সি পাছত কিয় অনুতাপ কৰিবলগীয়া ?

উত্তৰঃ মানুহৰ জীৱনৰ আটাইতকৈ উত্তম কালটো হ’ল ল’ৰাকাল। বিদ্যা-শিক্ষা অৰ্জনৰ বাবেও এইখিনিয়েই যোগ্য সময়। যি ল’ৰাই এই সময়ছোৱাতে কষ্ট কৰি বিদ্যা-শিক্ষা আহৰণ কৰি নথয়, সি পিছত জীৱিকাৰ পথ বিচাৰি নাপায়। সংসাৰত কোনো উন্নতি কৰিব নোৱাৰে আৰু গোটেই জীৱন দুখ ভোগ কৰে। ল’ৰাকাল এবাৰ গ’লে আৰু উভতি নাহে। সেইবাবে যি এই ল’ৰাকালৰ সদ্ব্যৱহাৰ নকৰে সি পাছত অনুতাপ কৰিবলগীয়া হয়।

(খ) কৃপণ ধনীয়ে মৰাৰ সময়ত সন্তানক কি উপদেশ দিয়ে? এই উপদেশ কামত আহেনে?

উত্তৰঃ কৃপণ ধনীয়ে মবাৰ সময়ত সন্তানক ধনৰ কাকতখন ভালদৰে চাবলৈ উপদেশ দিয়ে।

এই উপদেশ কামত নাহে। ধনৰ কাকততকৈ সময়ৰ কাকতখনহে বেছি চাবলগীয়া। কিয়নো সময় ধনতকৈ বহু মূল্যৱান। সময়ে ধন দিব পাৰে কিন্তু ধনে সময় দিব নোৱাৰে। ধন গ’লে পুনৰাই পাব পাৰি, কিন্তু সময় গ’লে ঘূৰাই পাব নোৱাৰি।

(গ) সময় আৰু নদীৰ মাজত থকা তিনিটা সাদৃশ্য লিখা।

উত্তৰঃ সময় আৰু নদীৰ মাজত থকা সাদৃশ্যসমূহ হ’ল-

নদী সদায় বৈয়ে থাকে, এক মুহূর্তও নৰয়। সময়ো সদায় চলিয়েই থাকে, অলপো নৰয়।

নদীয়ে কালৈকে বাট নেচায়, সময়েও কালৈকো বাট নেচায়।

নদী এবাৰ গ’লে উভতি নাহে, সময়ো এবাৰ গ’লে উভতি নাহে।

(ঘ) সময়ৰ সদ্ব্যৱহাৰ কৰিবলৈ হ’লে কি কৰিব লাগে?

উত্তৰঃ সময়ৰ সদ্ব্যৱহাৰ কৰিবলৈ হ’লে সময়ক ভাগ কৰি ল’ব লাগে; আৰু যি ভাগত যি কাম কৰিবলৈ সুবিধা হয়, সেই ভাগত সেই কাম কৰিব লাগে। তেনে কৰিলে সময়ৰ অপব্যয় নহয়।

(ঙ) একেটা কামকে কৰি থাকিলে মনত বিৰক্তি লাগে। বিৰক্তি নালাগিবলৈ কি কৰা উচিত?

উত্তৰঃ একেটা কামকে কৰি থাকিলে মনত বিৰক্তি লাগে। কিন্তু উত্তম-রূপে সময়ক ভাগ কৰি সেইমতে নির্দিষ্ট কৰি লোৱা কামবোৰ কৰি গ’লে আমনি নালাগে। যেনে- শাৰীৰিক কামৰ পিছত মানসিক, মানসিকৰ পিছত শাৰীৰিক, পঢ়াৰ পিছত ধেমালি, ধেমালিৰ পিছত জিৰণি, বুৰঞ্জীৰ পিছত গণনা, গণনাৰ পিছত ৰচনা;-এইদৰে কাম কৰিলে আমনি নালাগে।

(চ) দৈনিক কাকতত কি কি লিখিব লাগে?

উত্তৰঃ দৈনিক কাকতত দিনটোত কি কি কাম কৰা হ’ল সেইবোৰ লিখি যাব লাগে। অর্থাৎ দিনটোত কোন সময়ত কি কাম কৰিলে, কি পঢ়িলে, ক’লৈ গ’ল, কেনেকৈ থাকিল- আদি সৰু-বৰ, ভাল-বেয়া সকলো কামৰ কথা লিখি যাব লাগে।

(ছ) মানুহৰ স্বভাৱতে কেইটা কাল আছে? কোনটো কালত কোনবোৰ কাম কৰা সহজ হয়?

উত্তৰঃ মানুহৰ স্বভাৱতে তিনিটা কাল থাকে— ল’ৰা কাল, ডেকা কাল আৰু বুঢ়া কাল। তিনিওটা কালৰ প্রতিটোতে কোনো কোনো কাম ভালদৰে কৰিব পাৰি। ল’ৰা কালটোত ভালদৰে বিদ্যা-শিক্ষা আহৰণ কৰিব পাৰি। ডেকা কালত বল-বুদ্ধি বেছিকৈ থাকে বাবে বেছিকৈ ধন উপাৰ্জন কৰিব পাৰি। ল’ৰা কাল আৰু ডেকা কালত ভালদৰে কামবোৰ কৰি গ’লে বুঢ়া কালটো সুখেৰে কটাব পাৰি।

৩ । এটা বা দুটা বাক্যত উত্তৰ লিখা

(ক) আমি শুবৰ বাবে কিমান সময় খৰচ কৰা উচিত?

উত্তৰঃ আমি শুবৰ বাবে সাত-আঠ ঘণ্টা সময় খৰচ কৰা উচিত।

(খ) আমি ব্যায়াম বা ধেমালি কৰি কিমান সময় কটোৱা উচিত?

উত্তৰঃ আমি ব্যায়াম বা ধেমালি কৰি দুই-তিনি ঘণ্টা সময় কটোৱা উচিত।

(গ) স্বাস্থ্যৰ বাবে উপকাৰী কথাবোৰ কি কি?

উত্তৰঃ স্বাস্থ্যৰ বাবে উপকাৰী কথাবোৰ হ’ল বিশ্রাম, ব্যায়াম, ধেমালি আদি।

(ঘ) শাৰীৰিক কামৰ পাচত কি কাম কৰিব লাগে?

উত্তৰঃ শাৰীৰিক কামৰ পাচত ধেমালি কৰিব লাগে।

(ঙ) পঢ়া-শুনাৰ পাচত কি কাম কৰিব লাগে?

উত্তৰঃ পঢ়া-শুনাৰ পাচত ধেমালি কৰিব লাগে।

(চ) গণনাৰ পাচত কি পঢ়িলে ভাল হয়?

উত্তৰঃ গণনাৰ পাচত ৰচনা পঢ়িলে ভাল হয়।

(ছ) কোন কালত ধন উপাৰ্জন কৰা সহজ হয়?

উত্তৰঃ ডেকা কালত ধন উপাৰ্জন কৰা সহজ হয়।

(জ) ল’ৰা কালত কি কাম কৰা উচিত?

উত্তৰঃ ল’ৰা কালত ভালদৰে পঢ়া-শুনা কৰা উচিত।

(ঝ) নিত্য কর্ম কি?

উত্তৰঃ নিত্য কর্ম হ’ল গা-ধোৱা, খোৱা, শোৱা আদি কর্মসমূহ।

৪ । বাক্য ৰচনা কৰা

উত্তৰঃ ভোঁতা ভোঁতা বুদ্ধিৰ ছাত্রই সহজ বিষয়টোও বুজিবলৈ টান পায়।

অপব্যয় সময় কেতিয়াও অপব্যয় কৰিব নালাগে।  সদব্যৱহাৰ প্রাকৃতিক সম্পদৰ সদব্যৱহাৰ সম্পৰ্কে মানুহ সজাগ হ’বৰ হ’ল।  সংশোধন আমাৰ ভুলবোৰ সংশোধন কৰি আমি সৎ পথেৰে আগুৱাই যোৱা উচিত।

৫ । খালী ঠাই পূৰ কৰা

(কৃপণ, বাধা, বুঢ়াকালত, সদ্ব্যবহাৰ, উভতি, উপযুক্ত)

(ক) সময়ৰ …………. কৰিলে সকলো উন্নতি হয়।

উত্তৰঃ সময়ৰ সদব্যৱহাৰ কৰিলে সকলো উন্নতি হয়।

(খ) সময়ৰ নিমিত্তে যিমান …………. হ’ব লাগে ধনৰ নিমিত্তে সিমান হ’ব নালাগে।

উত্তৰঃ সময়ৰ নিমিত্তে যিমান কৃপণ হ’ব লাগে ধনৰ নিমিত্তে সিমান হ’ব নালাগে।

(গ) ডেকা কালত যি ধন উপার্জন নকৰে, বা কৰিলেও সাঁচি নথয়, সি …………. বৰ দুখ পায়।

উত্তৰঃ ডেকা কালত যি ধন উপার্জন নকবে, বা কৰিলেও সাঁচি নথয়, সি বুঢ়াকালত বৰ দুখ পায়।

(ঘ) ৰিপুবিলাক দুৰ্দ্দান্ত হোৱাত শিক্ষাত বৰ …………. হয়।

উত্তৰঃ ৰিপুবিলাক দুৰ্দ্দান্ত হোৱাত শিক্ষাত বৰ বাধা হয়।

(ঙ) ল’ৰাকাল এবাৰ গ’লে …………. নাহে।

উত্তৰঃ ল’ৰাকাল এবাৰ গ’লে উভতি নাহে।

(চ) ল’ৰাকাল বিদ্যাশিক্ষাৰ …………. সময়।

উত্তৰঃ ল’ৰাকাল বিদ্যাশিক্ষাৰ উপযুক্ত সময়।

৬ ব্যাখ্যা কৰা

“ল’বা কালৰেপৰা …………. উভতি নাহে।”

উত্তৰঃ উক্ত বাক্যশাৰী পাঠ্যপুথিৰ অন্তৰ্গত লম্বোদৰ বৰাৰ দ্বাৰা ৰচিত ‘সময়’ নামৰ পাঠটিৰ পৰা ব্যাখ্যা কৰিবলৈ তুলি দিয়া হৈছে।

ওপৰোক্ত বাক্যশাৰীৰ জৰিয়তে লেখকে বুদ্ধিক কিদৰে কামত খটুৱাই চোকা কৰিব পাৰি আৰু কামত নখটুৱালে কিদৰে বুদ্ধি ভোঁতা হৈ যায় সেইকথাকে বুজাব খুজিছে। ল’বা কালৰেপৰা নঘঁহিলে বুদ্ধি বেছি ভোঁতা হয়; পাচত বৰ সহজ বিষয়ত লগালেও সি তাত সোমাব নোৱাৰি উভতি আহে। এই বাক্যশাৰীত বুদ্ধিক এটা বেজীৰ লগত তুলনা কৰা হৈছে। বেজিটো ভোঁটা হ’লে যিদৰে সহজ বস্তুকো বিন্ধিব নোৱাৰে, সেইদৰে বুদ্ধি ভোঁটা হ’লে সহজ কথাও বুজিব নোৱাৰে। সেয়েহে, বুদ্ধি চোকা কৰিবলৈ ল’ৰা কালতে নানান অভ্যাস কৰিব লাগে। অর্থাৎ সৰুৰেপৰা আমাৰ মগজুটোক ভালদৰে কামত লগালেহে সি তীক্ষ্ণ হ’ব আৰু পিছলৈ যিকোনো জটিল কামো সহজেই সমাধান কৰিব পৰা হ’ব।

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
ষষ্ঠ শ্ৰেণী অসমীয়া অধ্যায় ৪ (সময়) – সঘনাই সোধা প্ৰশ্ন (FAQs)
সময় পাঠটি কোন শ্ৰেণীৰ পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত?
এই পাঠটি শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ (SVN) ষষ্ঠ শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিৰ চতুৰ্থ অধ্যায় হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে।
এই পাঠ্যভিত্তিক সমাধানত (Textual Solutions) কি কি সামৰি লোৱা হৈছে?
ইয়াত মূল পাঠ্যপুথিৰ অনুশীলনীৰ সকলো প্ৰশ্নোত্তৰ, শব্দাৰ্থ, অতিৰিক্ত প্ৰশ্ন, MCQ আৰু পাঠভিত্তিক ব্যাকৰণৰ সম্পূৰ্ণ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে।
এই সমাধানসমূহ SVN ৰ নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা হৈছেনে?
হয়, এই সকলোবোৰ সমল শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ শেহতীয়া নতুন পাঠ্যক্ৰম আৰু নিৰ্দেশনা অনুসৰি প্ৰস্তুত কৰা হৈছে।
এই পাঠটিৰ পৰা পৰীক্ষাত কেনেধৰণৰ প্ৰশ্ন আহিব পাৰে?
নতুন পাঠ্যক্ৰম অনুসৰি এই পাঠৰ পৰা ১ নম্বৰৰ অতি চমু প্ৰশ্ন (VSA), বহু-বিকল্পী প্ৰশ্ন (MCQ) আৰু চমু প্ৰশ্নসমূহ পৰীক্ষাত সোধা হয়।

EduAssam Solution App

Your complete digital learning solution.

Free Notes Mock Tests Q-Bank
Download Now
10k+ Students

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top