Class 6 Assamese Chapter 3 তৰা Solutions | Sankardev Sishu Vidya Niketan | New Syllabus

CLASS 6

Class 6 Assamese Chapter 3 – তৰা (Tara) – All Textual Solutions | Sankardev Sishu Vidya Niketan (শংকৰদেৱ শিশু বিদ্যা নিকেতন)

ষষ্ঠ শ্ৰেণী অসমীয়া অধ্যায় ৩ – তৰা সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ আৰু সমাধান (Sankardev Sishu Vidya Niketan – SVN)

ষষ্ঠ শ্ৰেণীৰ অসমীয়া পাঠ্যক্ৰমৰ তৃতীয় অধ্যায় ‘তৰা’ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ (SVN) নতুন পাঠ্যক্ৰমৰ আধাৰত এক আকৰ্ষণীয় তথা গুৰুত্বপূৰ্ণ পাঠ। নতুন শিক্ষা নীতি (NEP) আৰু বৰ্তমানৰ নৱ্য পাঠ্যক্ৰমৰ শেহতীয়া নিৰ্দেশনা অনুসৰি এই অধ্যায়ৰ সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ (Class 6 Assamese Chapter 3 Textual Question Answer) প্ৰস্তুত কৰা হৈছে। এই বিশেষ সংকলনটিত পাঠভিত্তিক অতি চমু প্ৰশ্ন (VSA), চমু প্ৰশ্ন (Short Questions), দীঘলীয়া প্ৰশ্ন (Long Answers), অতিৰিক্ত প্ৰশ্ন আৰু ব্যাকৰণৰ পুংখানুপুংখ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে। অস্পীন একেডেমী (Ospin Academy) ত এই সমাধানসমূহ সহজ, নিৰ্ভুল আৰু সম্পূৰ্ণ পৰীক্ষামুখীভাৱে উপলব্ধ কৰোৱা হৈছে।

‘তৰা’ নামৰ এই অনুপম পাঠটিত প্ৰকৃতিৰ বুকুত জিলিকি থকা তৰাৰ সৌন্দৰ্য আৰু আকাশৰ ৰূপৰ এক সুন্দৰ বৰ্ণনা দাঙি ধৰা হৈছে। বিদ্যা নিকেতনৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এই পাঠৰ মূল ভাৱ, শব্দাৰ্থ আৰু তাৎপৰ্য বুজি পোৱাটো অতি প্ৰয়োজনীয়। আমাৰ এই পাঠ্যভিত্তিক সমাধানত কেৱল পাঠ্যপুথিৰ অনুশীলনীৰ প্ৰশ্নসমূহেই নহয়, বৰঞ্চ পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন-উত্তৰ আৰু বহু-বিকল্পী প্ৰশ্নসমূহো (MCQs) সামৰি লোৱা হৈছে যাতে ছাত্ৰ-ছাত্ৰীসকলে সুন্দৰভাৱে প্ৰস্তুতি চলাব পাৰে।

অধিক বিনামূলীয়া Notes আৰু PDFৰ বাবে আমাৰ App টো ডাউনলোড কৰক:
Download EduAssam Solution App Click Here to Get Free Notes & Previous Papers

এই পাঠ্যভিত্তিক সমাধানৰ পৰা আপুনি কি কি শিকিব আৰু পাব:

  • তৰা পাঠৰ মূল ভাৱ, প্ৰাকৃতিক সৌন্দৰ্য আৰু কবিতাটিৰ সাৰমৰ্মৰ বিস্তৃত পৰিচয় তথা বিশ্লেষণ।
  • শব্দাৰ্থ, ১ নম্বৰৰ অতি চমু (VSA objective type) আৰু চমু প্ৰশ্নৰ পৰীক্ষাত লিখিব পৰা নিৰ্দোষ উত্তৰ।
  • দীঘলীয়া প্ৰশ্নৰ সহজ তথা মান্য সমাধান আৰু প্ৰসংগ সংগতি মূলক উত্তৰ।
  • পাঠভিত্তিক ব্যাকৰণ, বানানৰ শুদ্ধতা, বিপৰীত শব্দ, সমাৰ্থক শব্দ আৰু বাক্ সজ্জাৰ সঠিক জ্ঞান।
  • নতুন পাঠ্যক্ৰমৰ আৰ্হি অনুসৰি গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহৰ লগতে শেহতীয়া আৰ্হিৰ MCQ প্ৰশ্নৰ সমাধান।

অস্পীন একেডেমীৰ এই প্ৰশ্নোত্তৰসমূহৰ বিশেষ সুবিধা:

  • শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ (SVN) নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা সম্পূৰ্ণ পাঠ্যভিত্তিক সমাধান।
  • ১০০% নিৰ্ভুল আৰু ছাত্ৰ-ছাত্ৰীয়ে বুজি পাবলৈ সহজ হোৱাকৈ সৰল অসমীয়া ভাষাত লিখা উন্নত মানৰ নোটছ (Class 6 Assamese Notes)।
  • পৰীক্ষাৰ পূৰ্বে দ্ৰুত ৰিভিজনৰ (Quick Revision) বাবে বিশেষভাৱে যুগুতোৱা সহজ-সৰল উত্তৰ।
  • পাঠটিৰ পৰা পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু MCQ ৰ বিশেষ সংকলন।

ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি অস্পীন একেডেমীয়ে এই বিশেষ পাঠ্যভিত্তিক সমাধান আগবঢ়াইছে। আপোনাৰ বিদ্যালয়ৰ পৰীক্ষাৰ প্ৰস্তুতি এতিয়াই আৰম্ভ কৰক আৰু অসমীয়া বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰাৰ দিশত আগবাঢ়ক।

Vibrant Note Box
Buy Printable PDF
Class 6 Assamese New Version Textbook Solutions & MCQs | Sankardev Sishu Vidya Niketan (SVN) New Syllabus
Original price was: ₹199.00.Current price is: ₹49.00.

New Updated Version!

According to Latest Sankardev Sishu Vidya Niketan (SVN) New Syllabus

Get comprehensive preparation for Class 6 Assamese (অসমীয়া) with this complete New Version Textual Solution & MCQs package.
Includes Chapter-wise textbook solutions, additional Q&A, and MCQs precisely structured as per the latest SVN syllabus and new book.
Perfect for building a strong foundation and mastering your school assessments! Download as an easy-to-use ZIP file.

Vibrant Note Box
Chapter 3 তৰা

 শংকৰদেৱ বিদ্যা নিকেতন, ষষ্ঠ শ্ৰেণী: অসমীয়া

অধ্যায়-3                                                                  অস্পিন একাডেমী

তৰা

পাঠভিত্তিক প্রশ্নোত্তৰ

 

২। তলৰ কেইটাৰ উত্তৰ দিয়া

(ক) আকাশৰ তৰাবোৰ দেখি কবিৰ মনত কি কি ভাৱৰ উদয় হৈছে?  

উত্তৰঃ আকাশৰ তৰাবোৰ দেখি কবিৰ মনত বিভিন্ন ভাৱৰ উদয় হৈছে। তেওঁ ভাবিছে তৰাবোৰনো কোন; কি দুখতনো তেনেকৈ ধ্যানমগ্ন হৈ আছে, নে কিবা কামত একান্ত মনে লাগি আছে নেকি? কবিয়ে আৰু ভাবিছে যে তৰাবোৰে নিশ্চয় পৃথিৱীৰ মানুহবোৰৰ মাজত থকা হিংসা-দ্বেষ, পাপ আদি দেখি নিয়ৰৰ কণিকাৰূপে চকুলো টুকিছে। নতুবা এইবোৰ স্বৰ্গৰ উপবনত ফুলি থকা চিৰসুন্দৰ স্বৰ্গীয় ফুল যি কেতিয়াও নুশুকায়। নতুবা তৰাবোৰ বিশ্বপতিৰ বিশ্বৰূপী কাৰেঙত জিলিকি থকা অপূৰ্ব সুন্দৰ মণি-মুকুতা। নহ’লেবা এইবোৰ বিধাতাৰ অগণন চকু, যিয়ে পৃথিৱীত ঘটি থকা পাপ-পুণ্য, ভাল-বেয়া দূৰৰপৰা নিৰীক্ষণ কৰি থাকে। 

(খ) আকাশীফুল ক’ত থাকে, সেই ফুলৰ গুণ কি কি?  

উত্তৰঃ আকাশীফুল স্বৰ্গৰ উপবনত থাকে। এই ফুল চিৰসুন্দৰ। ই কেতিয়াও নুশুকায়। স্নিগ্ধ জোনাক ৰাতি চিৰ-প্ৰেম-আনন্দৰ ৰাজ্য স্বৰ্গত সৌৰভ বিলায়। 

(গ) অযুত কোটি বিধাতাৰ চকুৱে কি কৰে?  

উত্তৰঃ অযুত কোটি বিধাতাৰ চকুৱে দূৰৰপৰা পৃথিবীত ঘটি থকা পাপ-পুণ্য, সুকৃতি-দুষ্কৃতি আদি নিৰীক্ষণ কৰি থাকে আৰু যথাবিধি বঁটা বা দণ্ড দিয়ে।  

(ঘ) তৰাবোৰ দেখিলে তোমাৰ কেনে লাগে?  

উত্তৰঃ তৰাবোৰ দেখিলে ভাল লাগে। তৰাৰ চিকমিক জোনাকে পোহৰ কৰি থোৱা পৃথিৱীখন দেখি মনটো জুৰ পৰি যায়। তৰাভৰা আকাশৰ তলৰ চোতালত বহি আইতাৰ মুখৰ সাধুকথা শুনিবলৈ মন যায়।  

(ঙ) কি কাৰণে তৰাবোৰ ব্যথিত হৃদয় হোৱা বুলি কবিয়ে ভাবিছে?  

উত্তৰঃ পৃথিৱীৰ পাপ-তাপ, দুখ-ক্লেশ

দেখি তৰাবোৰ ব্যথিত হৃদয় হোৱা বুলি কবিয়ে কৈছে।   

৩ । তলত দিয়া শব্দবোৰলৈ মন কৰা আৰু সেই একে অৰ্থত সেইবোৰ কেনেকৈ ব্যৱহাৰ কৰা হয় লিখা।

 প্ৰদত্ত শব্দ  একে অৰ্থত ব্যৱহাৰ 

 আকাশে  আকাশত 

 কামে  কামত 

 স্বৰ্গ-উপবনে  স্বৰ্গ-উপবনত 

 বিশ্ব-গৃহে  বিশ্ব-গৃহত    

৪। একে অৰ্থবোধক শব্দ লিখা:

 শব্দ  একে অৰ্থবোধক শব্দ 

বঁটা  পুৰস্কাৰ 

দণ্ড  শাস্তি 

নিঃকিন  দৰিদ্ৰ 

সৌৰভ  সুৰভি 

আখি নীৰ  চকুলো 

৫ । বাক্য ৰচনা কৰা

উত্তৰঃ ওৰমহাভাৰতৰ কথা কৈ থাকিলে ওৰকে নপৰে।   হিংসাপৃথিৱীত দিনে দিনে হত্যা, হিংসা বাঢ়িহে গৈছে। বিদ্বেষআজিকালি মোৰ প্ৰতি তাৰ বিদ্বেষ বাঢ়িছেহে। চকুলোবানপীড়িত লোকসকলৰ দুৰৱস্থা দেখি চকুলো নিগৰে। জলমলবিলৰ পানীত জোনৰ পোহৰে জলমল কৰি আছে।   

৬। বিপৰীত অৰ্থযুক্ত শব্দ লিখা: 

শব্দ

বিপৰীত অৰ্থযুক্ত শব্দ

দুখ

সুখ

অধঃ

ঊৰ্ধ্ব

বঁটা

দণ্ড

মুকুতি

বন্ধন

অধম

উত্তম

অতিৰিক্ত প্ৰশ্নোত্তৰ 

১ । লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতা পুথিখনৰ নাম লিখা।

উত্তৰঃ কদমকলি।

২ । বেজবৰুৱাৰ একমাত্ৰ উপন্যাসখনৰ নাম কি ?

উত্তৰঃ পদুম কুঁৱৰী।

৩ । বেজবৰুৱাৰ চুটি গল্পপুথি দুখনমানৰ নাম লিখা।

উত্তৰঃ সুৰভি, জোনবিৰি, কেহোঁকলি।

৪ । বেজবৰুৱাৰ সাধুকথাৰ কিতাপ দুখনৰ নাম লিখা।

উত্তৰঃ বুঢ়ী আইৰ সাধু, ককাদেউতা আৰু নাতিল’ৰা। (টোকা’নোমল’ সাধুকথা নহয়, ই এখন ধেমেলীয়া নাটিকা/গ্ৰন্থ।)

৫। অসমৰ জাতীয় সংগীতটোৰ ৰচক কোন?

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱা।

৬। অসমৰ জাতীয় সংগীত কি?

উত্তৰঃ ‘অ মোৰ আপোনাৰ দেশ’।

৭। লক্ষ্মীনাথ বেজবৰুৱাক কিয় ৰসৰাজ উপাধিৰে বিভূষিত কৰা হয়?

উত্তৰঃ খুহুটীয়া ৰচনাত লক্ষ্মীনাথ বেজবৰুৱা আজিলৈকে অসমীয়া সমাজত অদ্বিতীয় হৈ আছে। সেইবাবে তেওঁক ৰসৰাজ উপাধিৰে বিভূষিত কৰা হয়।

৮। জনমানসত বেজবৰুৱা কি নামেৰে জনাজাত?

উত্তৰঃ সাহিত্যৰথী।

৯। তেওঁ হাস্যৰসাত্মক ৰচনাবোৰ কি ছদ্ম নামেৰে লিখিছিল?

উত্তৰঃকৃপাবৰ বৰবৰুৱা।

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
ষষ্ঠ শ্ৰেণী অসমীয়া অধ্যায় ৩ (তৰা) – সঘনাই সোধা প্ৰশ্ন (FAQs)
তৰা পাঠটি কোন শ্ৰেণীৰ পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত?
এই পাঠটি শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ (SVN) ষষ্ঠ শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিৰ তৃতীয় অধ্যায় হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে।
এই পাঠ্যভিত্তিক সমাধানত (Textual Solutions) কি কি সামৰি লোৱা হৈছে?
ইয়াত মূল পাঠ্যপুথিৰ অনুশীলনীৰ সকলো প্ৰশ্নোত্তৰ, শব্দাৰ্থ, অতিৰিক্ত প্ৰশ্ন, MCQ আৰু পাঠভিত্তিক ব্যাকৰণৰ সম্পূৰ্ণ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে।
এই সমাধানসমূহ SVN ৰ নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা হৈছেনে?
হয়, এই সকলোবোৰ সমল শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ শেহতীয়া নতুন পাঠ্যক্ৰম আৰু নিৰ্দেশনা অনুসৰি প্ৰস্তুত কৰা হৈছে।
এই পাঠটিৰ পৰা পৰীক্ষাত কেনেধৰণৰ প্ৰশ্ন আহিব পাৰে?
নতুন পাঠ্যক্ৰম অনুসৰি এই পাঠৰ পৰা ১ নম্বৰৰ অতি চমু প্ৰশ্ন (VSA), বহু-বিকল্পী প্ৰশ্ন (MCQ) আৰু চমু প্ৰশ্নসমূহ পৰীক্ষাত সোধা হয়।

EduAssam Solution App

Your complete digital learning solution.

Free Notes Mock Tests Q-Bank
Download Now
10k+ Students

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top