Class 7 Science Chapter 5 Solution (Assamese Medium) – অম্ল, ক্ষাৰক আৰু লৱণ | SEBA Assam | প্ৰথম খণ্ড (Part I)

SEBA Class 7 Science (Assamese Medium) Lesson 5 – অম্ল, ক্ষাৰক আৰু লৱণ Solutions & Summary

Get the complete SEBA Class 7 Science Lesson 5 – “অম্ল, ক্ষাৰক আৰু লৱণ” solutions for Assamese medium students. This chapter, part of প্ৰথম খণ্ড (Part I), explains acids, bases, salts, their properties, uses, and neutralization reactions. Our solutions include textbook answers, MCQs, and a detailed chapter summary to help students understand key concepts and perform well in exams.

Class 7 Science

পাঠ – ৫          Ospin Academy

অম্ল , ক্ষাৰ আৰু লৱণ

অনুশীলনী

প্রশ্ন ১: এছিড ( অম্ল ) আৰু ক্ষাৰৰ মাজত পার্থক্য লিখা।

উত্তৰঃ.      এছিড                                                      ক্ষাৰ

( ১ ) এছিডৰ সােৱাদ টেঙা –                      ( ১ ) ক্ষাৰৰ সােৱাদ তিতা বা কেঁহা।

( ২ ) এছিডে নীল লিটমাছ ৰঙা কৰে –           ( ২ ) ক্ষাৰে ৰঙা লিটমাছ নীলা কৰে ।

( ৩ ) এছিড চুলে হাত খহটা যেন হয় –            ( ৩ ) ক্ষাৰ চুলে হাত পিছল লাগে ।

( ৪ ) এছিডে হাই’ড্রজেন আয়ন মুক্ত কৰে –       ( ৪ ) ক্ষাৰে হাইড্র’ক্সিল আয়ন মুক্ত কৰে ।

প্রশ্ন ২: এম’ নিয়া খিৰিকী চাফা কৰাৰ দ্ৰবৰ দৰে বহুতাে ঘৰুৱা কামত ব্যৱহাৰ কৰা হয় । ই ৰঙা লিটমাছ নীলা কৰে । ইয়াৰ প্রকৃতি কি?

উত্তৰঃ এম’নিয়াৰ প্রকৃতি ক্ষাৰকীয় ।

প্রশ্ন ৩: লিটমাছ দ্ৰৱ উৎপন্ন কৰা উৎস কি ? এই দ্ৰৱৰ ব্যৱহাৰ কি?

উত্তৰঃ লিটমাছ দ্ৰৱ উৎপন্ন কৰা উৎস হ’ল লাইকেন । এই দ্ৰৱৰ দ্বাৰা কোনাে প্রদত্ত দ্ৰৱ আম্লিক নে ক্ষাৰকীয় প্রমাণ কৰিব পাৰি ।

প্রশ্ন ৪: পাতিত পানী ( distilled water ) আম্লিক / ক্ষাৰকীয় / প্রশম কোনটো শুদ্ধ? তুমি কি দৰে প্ৰমাণ কৰিবা?

উত্তৰঃ পাতিত পানী প্রশম । পাতিত পানীত লিটমাছ পেপাৰ ডুবাই দিলে লিটমাছৰ বেঙুনীয়া বৰণৰ পৰিবর্তন নহয় । গতিকে ই প্রশম ।

প্রশ্ন ৫: প্রশমণ প্রক্রিয়াৰ উদাহৰণসহ ব্যাখ্যা কৰা ৷

উত্তৰঃ প্রশমণ বিক্রিয়া :- যেতিয়া এছিডৰ লগত উপযুক্ত অনুপাতত ক্ষাৰ মিহলােৱা হয় , তেতিয়া এছিড আৰু ক্ষাৰৰ মাজত বিক্রিয়া ঘটি লৱণ আৰু পানী উৎপন্ন হয় । অর্থাৎ এছিড় আৰু ক্ষাৰ উভয়ৰে নিজৰ গুণ লােপ পায় । বিক্রিয়াত তাপাে উদ্ভৱ হয় ।

উদাহৰণস্বৰূপে ছ’ডিয়াম হাইড্র’ক্সাইড ( NaOH ) ৰ লগত হাইড্র’ক্লৰিক ( HCI ) এছিডৰ বিক্রিয়া ঘটি ছ’ডিয়াম ক্ল’ৰাইড ( NaCl : খােৱা নিমখ ) আৰু পানী উৎপন্ন হয় । বিক্রিয়াটোৰ ৰাসায়নিক সমীকৰণটো তলত দিয়া ধৰণে লিখিব পাৰি ।

NaOH + HCI –> NaCl + H₂O + Heat

ক্ষাৰ এছিড নিমখ পানী তাপ

প্রশ্ন ৬: সঁচা হলে ‘ T ‘ আৰু মিছা হলে ‘ F ‘ লিখা ।

( i ) নাইট্রিক এছিডে ৰঙা লিটমাছ নীলা কৰে ।

উত্তৰঃ F

( ii ) ছ’ডিয়াম হাইড্রক্সাইডে নীল লিটমাছৰঙা কৰে ।

উত্তৰঃ T

( iii ) ছডিয়াম হাইড্র’ক্সাইড আৰু হাইড্র’ক্লৰিক এছিড পৰস্পৰে প্রশমিত হয় আৰু লৱণ আৰু পানী উৎপন্ন হয়।

উত্তৰঃ T

( iv ) সূচক হ’ল এবিধ পদার্থ যিয়ে ক্ষাৰ আৰু অম্লৰ দ্ৰৱত বেলেগ বেলেগ ৰং প্রদর্শন কৰে ।

উত্তৰঃ T

( v ) দন্ত্যক্ষয় বেমাৰ দাঁতত লাগি থকা ক্ষাৰৰ পৰা হয় ।

উত্তৰঃ F

প্রশ্ন ৭: দর্জিয়ে তেওঁৰ চাহ দোকানত কেইটামান দুর্ভাগ্যক্রমে লেবেল নমৰা কোমল পানীয়ৰ বটল বিক্ৰীৰ বাবে ৰাখিলে । গ্রাহকৰ দাবীৰ বাবে তাকে বিক্ৰী কৰিব লগাত পৰিল । কিছুমানে আম্লিক , কিছুমানে ক্ষাৰকীয় আৰু আন কিছুমানে প্রশমণ পানীয় বিচাৰিলে । দর্জিয়ে কি পদ্ধতি অবলম্বণ কৰি এইবােৰ গ্ৰাহকৰ পছন্দমতে বিক্ৰী কৰিব?

উত্তৰঃ দর্জিয়ে লিটমাছ পেপাৰ ব্যৱহাৰৰ দ্বাৰা বটলবােৰ চিনাক্ত কৰিব পাৰিব । যিটো বটলৰ পানীয়ই লিটমাছৰ বৰণ নীলা কৰে , সেই বটলবােৰ ক্ষাৰকীয় । যিটো বটলৰ পানীয়ই লিটমাছৰ বৰণ ৰঙা কৰে ( বা নীলা লিটমাছ ৰঙা কৰে ) সেইবােৰ আম্লিক পানীয় । লিটমাছৰ বৰণৰ কোনাে সলনি নহ’লে সেইবােৰ বটলৰ পানীয় প্রশমণ পানীয় ।

প্রশ্ন ৮: ব্যাখ্যা কৰা :

( a ) এছিডিটি বাঢ়িলে আমি এন্টাছিড টেবলেট কিয় খাওঁ?

উত্তৰঃ ( a ) এন্টাছিড টেবলেট হ’ল ক্ষাৰৰ দ্বাৰা তৈয়াৰী । যেতিয়া এছিডিটি বৃদ্ধি হয় , ক্ষাৰ খালে এই ক্ষাৰে অতিৰিক্ত এছিড ক্ষাৰে প্রশমিত কৰে । ফলত এছিডিটি উপশম হয় ।

( b ) পৰুৱাই কামুৰিলে কেলামাইন দ্রব ছালত ঘঁহি দিয়া হয় কিয়?

উত্তৰঃ ( b ) পৰুৱাই কামুৰিলে পৰুৱাই ছালত ফর্মিক এছিড সুমুৱাই দিয়ে । ফলত ছালখনত বিষ হয় । কেলেমাইনত জিংক কার্ব’নেট নামৰ এবিধ ক্ষাৰকীয় পদার্থ থাকে । এই পদার্থ ছালত ঘঁহি দিলে ফর্মিক এছিডৰ লগত বিক্রিয়া ঘটে আৰু তাক প্রশমিত কৰে । ফলত বিষ উপশম হয় ।

( c ) কাৰখানাৰ পৰা ওলােৱা বর্জিত পদার্থ কোনাে পানীত পেলােৱাৰ আগতে প্রশমিত কৰা হয় কিয়?

উত্তৰঃ ( c ) কাৰখানাৰ পৰা ওলােৱা বর্জিত পদার্থবােৰ হয় আম্লিক নহয় ক্ষাৰকীয় । যদি ইয়াক পােনে পােনে পানীত পেলাই দিয়া হয় , তেতিয়া পানীত থকা মাছ বা অন্য জলজ জীৱবােৰ মৰি যাব । গতিকে ক্ষাৰকীয় আৰু আম্লিক গুণ পৰীক্ষা কৰি তাক এছিড বা ক্ষাৰ ব্যৱহাৰ কৰি প্রশমণ কৰি লােৱা হয় । তাৰ পাছত পানীত পেলাই দিয়া হয় ।

প্রশ্ন ৯: তােমাক হাইড্র’ক্লৰিক এছিড , ছ’ডিয়াম হাইড্র’ক্সাইড আৰু চেনি পানীৰ তিনিটা বিকাৰ দিয়া হ’ল । তােমাক যদি হালধিৰ দ্বাৰা তৈয়াৰী সূচক দিয়া হয় , কি দৰে এই তিনিবিধ দ্ৰৱক চিনাক্ত কৰিব পাৰিবা?

উত্তৰঃ হালধিৰ সূচকেৰে তলত দিয়া বৰণবােৰৰ পৰা দ্রব তিনিবিধ চিনাক্ত কৰিব পৰা যাব ।

        দ্ৰব্যৰ নাম                               হালধিৰ সংস্পৰ্শত বৰণ

( ১ ) হাইড্র’ক্লৰিক এছিড –               ১. হালধিৰ ৰং নীলা হ’ব ।

( ২ ) ছ’ডিয়াম হাইড্র’ক্সাইড –            ২. হালধিৰ ৰং ৰঙা হ’ব ।

( ৩ ) চেনিৰ দ্ৰব –                         ৩. হালধিৰ ৰং একে থাকিব ।

প্রশ্ন ১০: নীল লিটমাছ পেপাৰ কোনাে এটা দ্ৰৱত ডুবাই দিয়াত ই নীলা হৈয়ে থাকিল । দ্ৰৱটোৰ প্রকৃতি কেনেকুৱা ব্যাখ্যা কৰা ।

উত্তৰঃ এছিডে নীল লিটমাছ ৰঙা কৰে আৰু ক্ষাৰে ৰঙা লিটমাছ নীলা কৰে । যিহেতু দ্ৰৱটোৱে নীল লিটমাছৰ ৰং সলনি কৰিব নােৱাৰিলে গতিকে ই এছিড হ’ব নােৱাৰে । দ্ৰৱটো ক্ষাৰকীয় দ্ৰৱ হ’ব ।

প্রশ্ন ১১: তলত দিয়া উক্তিবােৰৰ পৰা শুদ্ধ বিকল্পটো বাছি উলিওৱা ।

( a ) এছিড আৰু ক্ষাৰক উভয়েই সকলাে ধৰণৰ সূচকৰ ৰং সলনি কৰে ।

( b ) যদি এবিধ এছিড়ে কোনাে এবিধ সূচকৰ বৰণ সলনি কৰে , এই সূচকে ক্ষাৰ মাধ্যমত বৰণ সলনি নকৰে ।

( c ) যদি এবিধ ক্ষাৰকে কোনাে এবিধ সূচকৰ বৰণ সলনি কৰে , এই সূচকে এছিডৰ মাধ্যমত বৰণ সলনি নকৰে ।

( d ) এছিড আৰু ক্ষাৰত কোনাে সূচকৰ বৰণ সলনি হােৱাটো সূচকৰ প্ৰকাৰৰ ওপৰত নিৰ্ভৰশীল ।

( i ) ওপৰৰ গােটেই চাৰিটাই শুদ্ধ ।

( ii ) ( a ) আৰু ( d ) শুদ্ধ।

( iii ) ( b ) আৰু ( c ) শুদ্ধ।

( iv ) মাত্র ( b ) শুদ্ধ।

উত্তৰঃ ( ii ) ( a ) আৰু ( d ) শুদ্ধ ।

FAQs

Q1: What topics are covered in Class 7 Science Chapter 5 “অম্ল, ক্ষাৰক আৰু লৱণ”?

This chapter covers acids, bases, salts, their properties, pH scale, neutralization, and real-life applications.

Q2: Where can I find SEBA Class 7 Science Chapter 5 solutions in Assamese Medium?

You can find detailed textbook answers, MCQs, and explanations for Chapter 5 “অম্ল, ক্ষাৰক আৰু লৱণ” on this page.

Q3: How do these solutions help in exam preparation?

These solutions provide step-by-step explanations, important MCQs, and key points to improve understanding and boost exam scores.

Q4: Is the Class 7 Science Chapter 5 solution PDF free?

No, this is a premium resource with high-quality solutions, available for purchase.

Q5: Where can I find solutions for all chapters of Class 7 Science?

To get solutions for all chapters, Click Here

NCERT Solutions – Classes 6 to 10

NCERT Solutions

Get Free NCERT PDFs

If you want to download free PDFs of any chapter from any subject, click the link below and join our WhatsApp group (যদি তুমি যিকোনো বিষয়ৰ বিনামূলীয়া PDF ডাউনলোড কৰিব বিচৰা তেন্তে তলৰ লিংকটোত ক্লিক কৰা আৰু আমাৰ WhatsApp গ্ৰুপটো Join কৰা):

Thanks for your time

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top